Аль-Мухтасар · Тафсир · на ассамском
الإسراء
Аль-Исра
Ночной перенос · Мекканская · 111 аятов
17:1Страница 282
سُبۡحَٰنَ ٱلَّذِيٓ أَسۡرَىٰ بِعَبۡدِهِۦ لَيۡلٗا مِّنَ ٱلۡمَسۡجِدِ ٱلۡحَرَامِ إِلَى ٱلۡمَسۡجِدِ ٱلۡأَقۡصَا ٱلَّذِي بَٰرَكۡنَا حَوۡلَهُۥ لِنُرِيَهُۥ مِنۡ ءَايَٰتِنَآۚ إِنَّهُۥ هُوَ ٱلسَّمِيعُ ٱلۡبَصِيرُ ١
Пречист Тот, Кто перенес ночью Своего раба, чтобы показать ему некоторые из Наших знамений, из Заповедной мечети в мечеть аль-Акса, окрестностям которой Мы даровали благословение. Воистину, Он - Слышащий, Видящий.
আল্লাহ পৱিত্ৰ আৰু মহান, কাৰণ তেওঁ সেই সকলো কাম কৰিবলৈ সক্ষম যিবোৰ আন কোনেও কৰিব নোৱাৰে। তেৱেঁই তেওঁৰ বান্দা মুহাম্মদক ৰাতিৰ এটা ভাগত ৰূহৰ লগতে সশৰীৰে জাগ্ৰত অৱস্থাত সন্মানিত মছজিদৰ পৰা বাইতুল মাকদিছলৈ লৈ গৈছিল, যাৰ চাৰিওফালে আমি ফল-মূল, খেতি-পথাৰ আৰু নবীসকলৰ গৃহৰ দ্বাৰা বৰকত প্ৰদান কৰিছিলো। যাতে তেওঁ আল্লাহৰ ক্ষমতা সাব্যস্ত কৰিব পৰা কিছুমান নিদৰ্শন চাব পাৰে। নিশ্চয় তেওঁ মহাশ্ৰৱণকাৰী, শুনিব পৰা কোনো বিষয়েই তেওঁৰ পৰা গোপন নহয়, আৰু অৱশ্যে তেওঁ সৰ্বদ্ৰষ্টা, দেখিব পৰা কোনো বস্তুৱেই তেওঁৰ পৰা গোপন নহয়।
17:2Страница 282
وَءَاتَيۡنَا مُوسَى ٱلۡكِتَٰبَ وَجَعَلۡنَٰهُ هُدٗى لِّبَنِيٓ إِسۡرَٰٓءِيلَ أَلَّا تَتَّخِذُواْ مِن دُونِي وَكِيلٗا ٢
Мы даровали Мусе (Моисею) Писание и сделали его верным руководством для сынов Исраила (Израиля): «Не берите в покровители никого, кроме Меня!
আমি মূছা আলাইহিচ্ছালামক তাওৰাত প্ৰদান কৰিছিলো আৰু বনী ইছৰাঈলৰ বাবে আমি সেইখনক পথপ্ৰদৰ্শক বনাইছিলো। আৰু আমি বনী ইছৰাঈলক কৈছিলোঃ তোমালোকে মোৰ বাহিৰে আন কাকো কৰ্মবিধায়ক কৰি নল'বা, যাৰ ওচৰত সকলো কৰ্ম সমৰ্পন কৰা হয়। বৰং তোমালোকে কেৱল মোৰ ওপৰতেই ভৰসা কৰা।
17:3Страница 282
ذُرِّيَّةَ مَنۡ حَمَلۡنَا مَعَ نُوحٍۚ إِنَّهُۥ كَانَ عَبۡدٗا شَكُورٗا ٣
О потомки тех, кого Мы перенесли вместе с Нухом (Ноем)! Воистину, он был благодарным рабом».
দৰাচলতে তোমালোক হৈছা সেইসকল লোকৰ সন্তান, যিসকলক আমি তুফানত ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিছিলো, লগত আছিল নূহ আলাইহিচ্ছালাম। এতেকে তোমালোকে সেই অনুগ্ৰহক স্মৰণ কৰা। আৰু এক আল্লাহৰ ইবাদত কৰি তথা তেওঁৰ আনুগত্যৰ জৰিয়তে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰা। এই বিষয়টোত তোমালোকে নূহ আলাইহিচ্ছালামৰ অনুসৰণ কৰা, কিয়নো তেওঁ অধিক কৃতজ্ঞতা জ্ঞাপনকাৰী ব্যক্তি আছিল।
17:4Страница 282
وَقَضَيۡنَآ إِلَىٰ بَنِيٓ إِسۡرَٰٓءِيلَ فِي ٱلۡكِتَٰبِ لَتُفۡسِدُنَّ فِي ٱلۡأَرۡضِ مَرَّتَيۡنِ وَلَتَعۡلُنَّ عُلُوّٗا كَبِيرٗا ٤
Мы предопределили сынам Исраила (Израиля) в Писании: «Вы дважды будете бесчинствовать на земле и будете чрезмерно высокомерными».
আমি বনী ইছৰাঈলক তাওৰাতত অৱগত কৰাইছিলো যে, সিহঁতে পাপকৰ্ম আৰু অহংকাৰৰ জৰিয়তে পৃথিৱীত দুবাৰকৈ বিপৰ্যয় সৃষ্টি কৰিব, তথা অন্যায়-অত্যাচাৰ আৰু সীমালঙ্ঘনৰ জৰিয়তে মানুহৰ সন্মুখত নিজকে ডাঙৰ বুলি সাব্যস্ত কৰা প্ৰয়াস কৰিব।
17:5Страница 282
فَإِذَا جَآءَ وَعۡدُ أُولَىٰهُمَا بَعَثۡنَا عَلَيۡكُمۡ عِبَادٗا لَّنَآ أُوْلِي بَأۡسٖ شَدِيدٖ فَجَاسُواْ خِلَٰلَ ٱلدِّيَارِۚ وَكَانَ وَعۡدٗا مَّفۡعُولٗا ٥
Когда настала пора первого из двух бесчинств, Мы наслали на вас Наших могущественных рабов, которые прошлись по землям. Так обещание было исполнено.
এতেকে সিহঁতৰ ফালৰ পৰা যেতিয়া প্ৰথম উপদ্ৰৱ প্ৰকাশ পাইছিল, তেতিয়া আমি সিহঁতৰ ওপৰত আমাৰ এনেকুৱা বান্দাক জাপি দিছিলো যিসকল আছিল অধিক শক্তিশালী আৰু অত্যন্ত জালিম। তেওঁলোকে সিহঁতক হত্যা কৰিছিল আৰু খেদি পঠিয়াইছিল। এতেকে তেওঁলোক সিহঁতৰ নগৰত প্ৰৱেশ কৰিছিল, আৰু যি পথেৰে অতিক্ৰম কৰিছিল বিনাশ কৰি গৈছিল। আল্লাহৰ এই প্ৰতিশ্ৰুতি অৱশ্যে প্ৰতিফলিত হ'বলগীয়া আছিল।
17:6Страница 282
ثُمَّ رَدَدۡنَا لَكُمُ ٱلۡكَرَّةَ عَلَيۡهِمۡ وَأَمۡدَدۡنَٰكُم بِأَمۡوَٰلٖ وَبَنِينَ وَجَعَلۡنَٰكُمۡ أَكۡثَرَ نَفِيرًا ٦
Затем Мы вновь даровали вам победу над ними. Мы поддержали вас богатством и сыновьями и сделали вас более многочисленными.
তাৰ পিছত যেতিয়া তোমালোকে তাওবা কৰিছিলা হে বনী ইছৰাঈল! আমি তোমালোকক পুনৰ ৰাজত্ব প্ৰদান কৰিছিলো আৰু সেইসকল লোকৰ বিৰুদ্ধে বিজয় প্ৰদান কৰিছিলো যিসকলে তোমালোকক পৰাস্ত কৰি তোমালোকৰ ওপৰত ৰাজত্ব কৰিছিল। তোমালোকৰ ধন কাঢ়ি লোৱাৰ পিছত আমিয়েই তোমালোকক ধন-সম্পদ দান কৰিছিলো, সন্তান-সন্ততি কয়েদী হোৱাৰ পিছত আমিয়েই সিহঁতক ওভোতাই দিছিলো। আৰু আমিয়েই তোমালোকক শত্ৰুৰ বিপক্ষে সংখ্যাগৰিষ্ঠতা প্ৰদান কৰিছিলো।
17:7Страница 282
إِنۡ أَحۡسَنتُمۡ أَحۡسَنتُمۡ لِأَنفُسِكُمۡۖ وَإِنۡ أَسَأۡتُمۡ فَلَهَاۚ فَإِذَا جَآءَ وَعۡدُ ٱلۡأٓخِرَةِ لِيَسُـُٔواْ وُجُوهَكُمۡ وَلِيَدۡخُلُواْ ٱلۡمَسۡجِدَ كَمَا دَخَلُوهُ أَوَّلَ مَرَّةٖ وَلِيُتَبِّرُواْ مَا عَلَوۡاْ تَتۡبِيرًا ٧
Мы сказали: «Если вы творите добро, то поступаете во благо себе. А если вы вершите зло, то поступаете во вред себе». Когда же наступил срок последнего обещания, Мы позволили вашим врагам опечалить ваши лица, войти в Иерусалимскую мечеть подобно тому, как они вошли туда в первый раз, и до основания разрушить все, что попадало им в руки.
হে নবী ইছৰাঈল! যদি তোমালোকে সৎকৰ্ম যিদৰে কৰা উচিত সেইদৰে কৰিছা তেন্তে তাৰ প্ৰতিফল নিশ্চয় তোমালোকে লাভ কৰিবা। কিয়নো নিশ্চয় আল্লাহ তোমালোকৰ কৰ্মৰ পৰা অমুখাপেক্ষী। আনহাতে যদি তোমালোকে বেয়া কৰ্ম কৰিছা তেন্তে তাৰ শাস্তিও তোমালোকেই ভোগ কৰিবা। কাৰণ তোমালোকৰ সৎকৰ্মও আল্লাহৰ কোনো উপকাৰ কৰিব নোৱাৰে আৰু তোমালোকৰ অসৎকৰ্মও তেওঁৰ কোনো হানি কৰিব নোৱাৰে। আকৌ যেতিয়া তোমালোকৰ দ্বিতীয় উপদ্ৰৱ প্ৰকাশ হ'ল, তেতিয়া আমি তোমালোকৰ শত্ৰুসকলক বিজয় প্ৰদান কৰিলো, যাতে সিহঁতে তোমালোকক এনেকৈ অপমানিত আৰু লাঞ্ছিত কৰে, যাৰ চিহ্ন তোমালোকৰ মুখমণ্ডলত প্ৰকাশ পায়। লগতে যাতে বাইতুল মাকদিছত প্ৰৱেশ কৰে আৰু তাত ধ্বংসলীলা কৰে, যিদৰে প্ৰথমবাৰ কৰিছিল। লগতে যিবোৰ চহৰত সিহঁতে আধিপত্য বিস্তাৰ কৰিব সেইবোৰক যাতে বিনষ্ট কৰি দিয়ে।
17:8Страница 283
عَسَىٰ رَبُّكُمۡ أَن يَرۡحَمَكُمۡۚ وَإِنۡ عُدتُّمۡ عُدۡنَاۚ وَجَعَلۡنَا جَهَنَّمَ لِلۡكَٰفِرِينَ حَصِيرًا ٨
Быть может, ваш Господь помилует вас. Но если вы вернетесь к бесчинству, то Мы также вернемся к наказанию. Мы сделали Геенну местом заточения для неверующих.
হে বনী ইছৰাঈল! যদি তোমালোকে তাওবা কৰা আৰু সৎকৰ্ম কৰা তেন্তে সম্ভৱতঃ তোমালোকৰ প্ৰতিপালকে এই কঠিন প্ৰতিশোধৰ পিছতো তোমালোকৰ প্ৰতি দয়া কৰিব পাৰে। ইয়াৰ পিছতো যদি তোমালোকে বিপৰ্যয় সৃষ্টি কৰিব বিচৰা তেন্তে আমিও প্ৰতিশোধ গ্ৰহণ কৰিম। আৰু জাহান্নামক আল্লাহৰ লগত কুফৰী কৰা ব্যক্তিসকলৰ বাবে বিছনা বনাই দিম, যি ঠাইৰ পৰা সিহঁতে কেতিয়াও মুক্তি নাপাব।
17:9Страница 283
إِنَّ هَٰذَا ٱلۡقُرۡءَانَ يَهۡدِي لِلَّتِي هِيَ أَقۡوَمُ وَيُبَشِّرُ ٱلۡمُؤۡمِنِينَ ٱلَّذِينَ يَعۡمَلُونَ ٱلصَّٰلِحَٰتِ أَنَّ لَهُمۡ أَجۡرٗا كَبِيرٗا ٩
Воистину, этот Коран указывает на самый правильный путь и возвещает верующим, которые совершают праведные деяния, благую весть о том, что им уготована великая награда.
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ এই কোৰআন নিশ্চয় উত্তম পথ অৰ্থাৎ ইছলামৰ পথ দেখুৱায়। সৎকৰ্মত নিয়োজিত আল্লাহৰ প্ৰতি বিশ্বাস স্থাপন কৰা ব্যক্তিসকলক সুসংবাদ দিয়ে যে, তেওঁলোকৰ বাবে আল্লাহৰ ওচৰত আছে মহাপ্ৰতিদান।
17:10Страница 283
وَأَنَّ ٱلَّذِينَ لَا يُؤۡمِنُونَ بِٱلۡأٓخِرَةِ أَعۡتَدۡنَا لَهُمۡ عَذَابًا أَلِيمٗا ١٠
А тем, которые не веруют в Последнюю жизнь, Мы приготовили мучительные страдания.
যিসকলে কিয়ামতৰ প্ৰতি বিশ্বাস পোষণ নকৰে, সিহঁতৰ বাবে এই দুঃসংবাদ যে, কিয়ামতৰ দিনা আমি সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰাখিছো কষ্টদায়ক শাস্তি।
17:11Страница 283
وَيَدۡعُ ٱلۡإِنسَٰنُ بِٱلشَّرِّ دُعَآءَهُۥ بِٱلۡخَيۡرِۖ وَكَانَ ٱلۡإِنسَٰنُ عَجُولٗا ١١
Человек молит о зле подобно тому, как он молит о добре. Воистину, человек тороплив.
মানুহে অজ্ঞানতাবশতঃ তথা ক্ৰোধান্বিত হৈ নিজৰ বিৰুদ্ধে তথা নিজৰ সন্তান-সন্ততি আৰু ধন-সম্পদৰ বিৰুদ্ধে ঠিক সেইদৰেই বদ্দুআ কৰে যিদৰে নিজৰ বাবে কল্যাণৰ দুআ কৰে। যদি আমি তাৰ বদ্দুআ কবূল কৰি লওঁ তেন্তে সি ধ্বংস হৈ যাব, তাৰ ধন-সম্পদ আৰু সন্তান-সন্ততি বিনষ্ট হৈ যাব। দৰাচলতে মানুহ জন্মগতভাৱে ক্ষিপ্ৰতাপ্ৰেমী। সেয়ে কেতিয়াবা কেতিয়াবা মানুহে সেই বিষয়টোকলৈ খৰখেদা কৰে যিটো তাৰ বাবে ক্ষতিকৰ।
17:12Страница 283
وَجَعَلۡنَا ٱلَّيۡلَ وَٱلنَّهَارَ ءَايَتَيۡنِۖ فَمَحَوۡنَآ ءَايَةَ ٱلَّيۡلِ وَجَعَلۡنَآ ءَايَةَ ٱلنَّهَارِ مُبۡصِرَةٗ لِّتَبۡتَغُواْ فَضۡلٗا مِّن رَّبِّكُمۡ وَلِتَعۡلَمُواْ عَدَدَ ٱلسِّنِينَ وَٱلۡحِسَابَۚ وَكُلَّ شَيۡءٖ فَصَّلۡنَٰهُ تَفۡصِيلٗا ١٢
Мы сделали ночь и день двумя знамениями. Мы погрузили во мрак знамение ночи, а знамение дня сделали светящимся, чтобы вы стремились к милости вашего Господа, могли вести летоисчисление и знали счет. Всякой вещи Мы дали исчерпывающее разъяснение.
আমি ৰাতি আৰু দিনক আল্লাহৰ ক্ষমতা আৰু একত্বৰ দুটা প্ৰতীক হিচাপে সৃষ্টি কৰিছোঁ। কেতিয়াবা ডাঙৰ হয় আৰু কেতিয়াবা সৰু, আকৌ কেতিয়াবা গৰম থাকে আকৌ কেতিয়াবা শীত। আমি ৰাতিক অন্ধকাৰ বনাইছোঁ বিশ্ৰাম আৰু টোপনিৰ বাবে। আৰু দিনক বনাইছোঁ আলোকময়, যাতে তোমালোকে আল্লাহে নিৰ্ধাৰণ কৰা জীৱিকা সন্ধান কৰিব পাৰা। লগতে এই দুটাৰ আৱৰ্তনৰ দ্বাৰা তোমালোকে যাতে বছৰ গণনা কৰিব পাৰা, লগতে তোমালোকৰ প্ৰয়োজনীয় হিচাপ যেনে- ঘন্টা, দিন আৰু মাহৰ হিচাপ আদিও ৰাখিব পাৰা। আমি প্ৰতিটো বিষয় স্পষ্টভাৱে বৰ্ণনা কৰিছোঁ, যাতে বস্তুবোৰ পাৰ্থক্য কৰিব পৰা যায় আৰু সত্য যাতে অসত্যৰ পৰা স্পষ্ট হয়।
17:13Страница 283
وَكُلَّ إِنسَٰنٍ أَلۡزَمۡنَٰهُ طَٰٓئِرَهُۥ فِي عُنُقِهِۦۖ وَنُخۡرِجُ لَهُۥ يَوۡمَ ٱلۡقِيَٰمَةِ كِتَٰبٗا يَلۡقَىٰهُ مَنشُورًا ١٣
Каждому человеку Мы повесили на шею его деяния (сделали их неразлучными с ним). А в День воскресения Мы представим ему книгу, которую он увидит развернутой.
আমি প্ৰত্যেক মানুহৰে কৰ্মক সিহঁতৰ সৈতে এনেকৈ সংযুক্ত কৰি দিছোঁ, যিদৰে হাৰ মানুহৰ ডিঙিত ওলমি থাকে। হিচাপ-নিকাচৰ পূৰ্বে মানুহৰ কৰ্ম সিহঁতৰ পৰা কেতিয়াও বিচ্ছিন্ন নহ'ব। কিয়ামতৰ দিনা আমি তাৰ বাবে এনেকুৱা এখন পুথি প্ৰকাশ কৰিম, যিখনত মানুহৰ সকলো ভাল আৰু বেয়া কৰ্ম লিপিবদ্ধ থাকিব। মানুহে সেইখনক নিজৰ সন্মুখত মেলি থোৱা অৱস্থাত পাব।
17:14Страница 283
ٱقۡرَأۡ كِتَٰبَكَ كَفَىٰ بِنَفۡسِكَ ٱلۡيَوۡمَ عَلَيۡكَ حَسِيبٗا ١٤
Читай свою книгу! Сегодня достаточно того, что ты сам сосчитаешь свои деяния против самого себя.
সেইদিনা আমি তাক ক'মঃ আজি তুমি নিজেই নিজৰ কিতাপ পঢ়া। তুমি তোমাৰ নিজৰ আমলৰ হিচাপ কৰি চোৱা। কিয়ামতৰ দিনা হিচাপ-নিকাচৰ বাবে তুমি নিজেই নিজৰ বাবে যথেষ্ট।
17:15Страница 283
مَّنِ ٱهۡتَدَىٰ فَإِنَّمَا يَهۡتَدِي لِنَفۡسِهِۦۖ وَمَن ضَلَّ فَإِنَّمَا يَضِلُّ عَلَيۡهَاۚ وَلَا تَزِرُ وَازِرَةٞ وِزۡرَ أُخۡرَىٰۗ وَمَا كُنَّا مُعَذِّبِينَ حَتَّىٰ نَبۡعَثَ رَسُولٗا ١٥
Кто следует прямым путем, тот поступает во благо себе. А кто впадает в заблуждение, тот поступает во вред себе. Ни одна душа не понесет чужого бремени. Мы никогда не наказывали людей, не отправив к ним посланника.
যিয়ে হিদায়তপ্ৰাপ্ত হৈ ঈমানৰ পথত পৰিচালিত হৈছে, হিদায়তৰ প্ৰতিদান সিয়েই লাভ কৰিব। আনহাতে যিয়ে পথভ্ৰষ্ট হৈছে, পথভ্ৰষ্টতাৰ শাস্তিও সিয়েই ভোগ কৰিব। কোনো প্ৰাণীয়েই আন প্ৰাণীৰ গুনাহৰ বোজা বহন নকৰিব। আমি কোনো সম্প্ৰদায়কেই সেই সময় পৰ্যন্ত শাস্তি নিদিওঁ যেতিয়ালৈকে সিহঁতৰ প্ৰতি ৰাছুল প্ৰেৰণ কৰি সিহঁতৰ বিপক্ষে প্ৰমাণ সাব্যস্ত নকৰোঁ।
17:16Страница 283
وَإِذَآ أَرَدۡنَآ أَن نُّهۡلِكَ قَرۡيَةً أَمَرۡنَا مُتۡرَفِيهَا فَفَسَقُواْ فِيهَا فَحَقَّ عَلَيۡهَا ٱلۡقَوۡلُ فَدَمَّرۡنَٰهَا تَدۡمِيرٗا ١٦
Когда Мы хотели погубить какое-либо селение, то повелевали его изнеженным роскошью жителям покориться Аллаху. Когда же они предавались нечестию, то относительно него сбывалось Слово, и Мы уничтожали его полностью.
যেতিয়া আমি কোনো জনবসতিক সিহঁতৰ অত্যাচাৰৰ কাৰণে বিনাশ কৰিব বিচাৰো, তেতিয়া আমি সিহঁতক ইবাদতৰ আদেশ দিওঁ, যিসকলক বিভিন্ন নিয়ামতে অংকাৰী কৰি তুলিছে। ফলত সিহঁতে আদেশ পালন কৰাৰ পৰিবৰ্তে অবাধ্যতা কৰি সীমালংঘন কৰিবলৈ ধৰে। যাৰ ফলত সিহঁত শাস্তিৰ সন্মুখীন হয়, আৰু আমিও সিহঁতক পৰিপূৰ্ণ ধ্বংস কৰি দিওঁ।
17:17Страница 283
وَكَمۡ أَهۡلَكۡنَا مِنَ ٱلۡقُرُونِ مِنۢ بَعۡدِ نُوحٖۗ وَكَفَىٰ بِرَبِّكَ بِذُنُوبِ عِبَادِهِۦ خَبِيرَۢا بَصِيرٗا ١٧
Сколько же поколений мы погубили после Нуха (Ноя)! Достаточно того, что Аллах знает и видит грехи Своих рабов.
নূহ আলাইহিচ্ছালামৰ পিছত আমি বহুতো জাতিক ধ্বংস কৰিছো, যেনেঃ আদ আৰু ছামূদ জাতি। হে ৰাছুল! বান্দাসকলৰ গুনাহৰ খবৰ ৰাখিবলৈ আৰু সিহঁতৰ চোৱাচিতা কৰিবলৈ আপোনাৰ প্ৰতিপালকেই যথেষ্ট। তেওঁৰ পৰা কোনো বস্তুৱেই গোপন নহয়। তেওঁ সিহঁতক ইয়াৰ প্ৰতিদান দিব।
17:18Страница 284
مَّن كَانَ يُرِيدُ ٱلۡعَاجِلَةَ عَجَّلۡنَا لَهُۥ فِيهَا مَا نَشَآءُ لِمَن نُّرِيدُ ثُمَّ جَعَلۡنَا لَهُۥ جَهَنَّمَ يَصۡلَىٰهَا مَذۡمُومٗا مَّدۡحُورٗا ١٨
Если кто возжелает преходящей жизни, то Мы тотчас одарим тем, что пожелаем, того, кого пожелаем. А потом Мы предоставим ему Геенну, где он будет гореть презренным и отверженным.
যিয়ে নেক কৰ্মৰ বিনিময়ত পাৰ্থিৱ জীৱন বিচাৰে, আৰু আখিৰাতৰ প্ৰতি বিশ্বাস পোষণ নকৰে তথা ইয়াৰ প্ৰতি ভ্ৰুক্ষেপো নকৰে, তাক আমি আমাৰ ইচ্ছামতে সুখ পৃথিৱীতেই প্ৰদান কৰোঁ, সি বিচৰাটো নহয়। আমি তাৰ বাবে জাহান্নাম প্ৰস্তুত কৰি ৰাখিছোঁ, কিয়ামতৰ দিনা সি তাত প্ৰৱেশ কৰিব আৰু প্ৰচণ্ড গৰম উপভোগ কৰিব। আখিৰাতক অস্বীকাৰ কৰি পাৰ্থিৱ জীৱনক অগ্ৰাধিকাৰ দিয়াৰ ফলত এই দণ্ড প্ৰদান কৰা হ'ব, লগতে আল্লাহৰ ৰহমতৰ পৰা বঞ্চিত হ'ব।
17:19Страница 284
وَمَنۡ أَرَادَ ٱلۡأٓخِرَةَ وَسَعَىٰ لَهَا سَعۡيَهَا وَهُوَ مُؤۡمِنٞ فَأُوْلَٰٓئِكَ كَانَ سَعۡيُهُم مَّشۡكُورٗا ١٩
А если кто возлюбит Последнюю жизнь и устремится к ней надлежащим образом, будучи верующим, то его старания будут отблагодарены.
আনহাতে যিয়ে নেক কৰ্মৰ বিনিময়ত আখিৰাত কামনা কৰে, তথা ইয়াৰ বাবে যথেষ্ট প্ৰচেষ্টা কৰে, কিন্তু লোক দেখুৱাবলৈ বা নাম যশস্যা অৰ্জনৰ বাবে নহয়। লগতে সেইবোৰ বিষয়ৰ প্ৰতি ঈমান পোষণ কৰে যিবোৰৰ প্ৰতি ঈমান পোষণ কৰা আল্লাহে অনিবাৰ্য কৰিছে। এনেকুৱা লোকৰ প্ৰচেষ্টাই আল্লাহৰ ওচৰত গৃহীত হব। আৰু তেওঁলোকক ইয়াৰ প্ৰতিদান দিব।
17:20Страница 284
كُلّٗا نُّمِدُّ هَٰٓؤُلَآءِ وَهَٰٓؤُلَآءِ مِنۡ عَطَآءِ رَبِّكَۚ وَمَا كَانَ عَطَآءُ رَبِّكَ مَحۡظُورًا ٢٠
Каждого из тех и других Мы наделяем дарами твоего Господа, и дары Его не являются запрещенными.
হে ৰাছুল, পাপিষ্ঠ আৰু পূণ্যৱান উভয় দলকে আমি আপোনাৰ প্ৰতিপালকৰ ভঁৰালৰ পৰা নিৰবিচ্ছিন্নভাৱে দান কৰি থাকোঁ। পাৰ্থিৱ জীৱনত আপোনাৰ প্ৰতিপালকৰ ভঁৰালৰ পৰা কোনেও বঞ্চিত নহয়, পূণ্যৱানেই হওঁক অথবা পাপিষ্ঠ।
17:21Страница 284
ٱنظُرۡ كَيۡفَ فَضَّلۡنَا بَعۡضَهُمۡ عَلَىٰ بَعۡضٖۚ وَلَلۡأٓخِرَةُ أَكۡبَرُ دَرَجَٰتٖ وَأَكۡبَرُ تَفۡضِيلٗا ٢١
Посмотри, как одним из них Мы отдали предпочтение перед другими. Но Последняя жизнь, несомненно, выше по достоинству и преимуществу.
হে ৰাছুল! আপুনি চিন্তা কৰি চাওঁক, কিদৰে আমি সিহঁতৰ মাজৰ কিছুমানক আন কিছুমানৰ ওপৰত ধন-সম্পদ আৰু পদমৰ্যাদাত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছো। পাৰ্থিৱ জীৱনৰ তুলনাত আখিৰাতৰ নিয়ামতৰ মৰ্যাদা তথা শ্ৰেষ্ঠত্বৰ মাজত থাকিব অধিক তফাৎ। গতিকে মুমিনসকলে সেইটো পোৱাৰ কামনা কৰা উচিত।
17:22Страница 284
لَّا تَجۡعَلۡ مَعَ ٱللَّهِ إِلَٰهًا ءَاخَرَ فَتَقۡعُدَ مَذۡمُومٗا مَّخۡذُولٗا ٢٢
Не поклоняйся наряду с Аллахом никакому другому богу, а не то сядешь униженным и покинутым.
হে মোৰ বান্দা! তুমি আল্লাহৰ লগত আনক অংশীদাৰ কৰি তাৰ উপাসনা নকৰিবা। এনে কৰিলে তুমি আল্লাহৰ ওচৰত লাঞ্ছিত হবা। আৰু তেওঁৰ নেক বান্দাসকলৰ ওচৰত অপ্ৰশংসনীয় হৈ পৰিবা, আৰু তোমাৰ কোনো সহায়ক নাথাকিব।
17:23Страница 284
۞ وَقَضَىٰ رَبُّكَ أَلَّا تَعۡبُدُوٓاْ إِلَّآ إِيَّاهُ وَبِٱلۡوَٰلِدَيۡنِ إِحۡسَٰنًاۚ إِمَّا يَبۡلُغَنَّ عِندَكَ ٱلۡكِبَرَ أَحَدُهُمَآ أَوۡ كِلَاهُمَا فَلَا تَقُل لَّهُمَآ أُفّٖ وَلَا تَنۡهَرۡهُمَا وَقُل لَّهُمَا قَوۡلٗا كَرِيمٗا ٢٣
Твой Господь предписал вам не поклоняться никому, кроме Него, и делать добро родителям. Если один из родителей или оба достигнут старости, то не говори им: «Тьфу!». - не кричи на них и обращайся к ним почтительно.
হে মোৰ বান্দাসকল! তোমালোকৰ প্ৰতিপালকে আদেশ দিছে তথা অনিবাৰ্য কৰিছে যে, তেওঁৰ বাহিৰে যাতে আন কাৰো ইবাদত কৰা নহয়। লগতে পিতৃ-মাতৃৰ লগত সদ্ব্যৱহাৰ কৰাৰ আদেশ দিছে, বিশেষকৈ বৃদ্ধ বয়সত। যদি পিতৃ-মাতৃৰ কোনোবা এজন অথবা দুয়োজনেই বৃদ্ধ বয়সত উপনীত হয় তেন্তে তেওঁলোকৰ লগত ধেৎ শব্দও ব্যৱহাৰ নকৰিবা। তেওঁলোকৰ ওপৰত খং নেদেখুৱাবা আৰু অন্তৰত আঘাত কৰা শব্দ ব্যৱহাৰ নকৰিবা। বৰং তেওঁলোকৰ সৈতে আদব সহকাৰে কোমল কথা ক'বা।
17:24Страница 284
وَٱخۡفِضۡ لَهُمَا جَنَاحَ ٱلذُّلِّ مِنَ ٱلرَّحۡمَةِ وَقُل رَّبِّ ٱرۡحَمۡهُمَا كَمَا رَبَّيَانِي صَغِيرٗا ٢٤
Склони пред ними крыло смирения по милосердию своему и говори: «Господи! Помилуй их, ведь они растили меня ребенком».
তেওঁলোকৰ লগত দয়া আৰু বিনম্ৰতাৰ সৈতে ব্যৱহাৰ কৰিবা, আৰু প্ৰাৰ্থনা কৰিবাঃ হে মোৰ প্ৰতিপালক! তুমি এওঁলোকৰ প্ৰতি দয়া কৰা, কিয়নো এওঁলোকে মোক শিশু অৱস্থাত লালন-পালন কৰিছে।
17:25Страница 284
رَّبُّكُمۡ أَعۡلَمُ بِمَا فِي نُفُوسِكُمۡۚ إِن تَكُونُواْ صَٰلِحِينَ فَإِنَّهُۥ كَانَ لِلۡأَوَّٰبِينَ غَفُورٗا ٢٥
Ваш Господь лучше всех знает то, что в ваших душах. И если вы будете праведниками, то ведь Он прощает тех, кто обращается к Нему с раскаянием.
হে মানৱজাতি! তোমালোকৰ প্ৰতিপালকে ভালদৰেই জানে তোমালোকৰ অন্তৰত থকা ইবাদতৰ প্ৰতি, নেক কৰ্ম আৰু পিতৃ-মাতৃৰ প্ৰতি যি নিষ্ঠা আছে। ইবাদত আৰু পিতৃ-মাতৃৰ সৈতে কৰা ব্যৱহাৰত যদি তোমালোকৰ নিয়্যত নেক থাকে তেন্তে আল্লাহে সেইসকল লোকক ক্ষমা কৰিব, যিসকলে তাওবা কৰে। এতেকে যিয়ে আল্লাহৰ ইবাদত আৰু পিতৃ-মাতৃৰ সেৱাৰ ক্ষেত্ৰত বিগত দোষ-ত্ৰুটিৰ পৰা তাওবা কৰিব, আল্লাহে তাক ক্ষমা কৰিব দিব।
17:26Страница 284
وَءَاتِ ذَا ٱلۡقُرۡبَىٰ حَقَّهُۥ وَٱلۡمِسۡكِينَ وَٱبۡنَ ٱلسَّبِيلِ وَلَا تُبَذِّرۡ تَبۡذِيرًا ٢٦
Отдавай должное родственнику, бедняку и путнику, но не расточай чрезмерно.
হে ঈমান্দাৰসকল! তোমালোকে আত্মীয়সকলৰ হক আদায় কৰিবা। লগতে দুখীয়া-দৰিদ্ৰ আৰু ভ্ৰমণ অৱস্থাত থকা বিপাঙত পৰা ব্যক্তিক সহায় কৰিবা। নিজৰ সম্পদক গুনাহৰ কৰ্মত ব্যয় নকৰিবা তথা অপব্যয় নকৰিবা।
17:27Страница 284
إِنَّ ٱلۡمُبَذِّرِينَ كَانُوٓاْ إِخۡوَٰنَ ٱلشَّيَٰطِينِۖ وَكَانَ ٱلشَّيۡطَٰنُ لِرَبِّهِۦ كَفُورٗا ٢٧
Воистину, расточители - братья дьяволов, а ведь дьявол неблагодарен своему Господу.
নিজৰ সম্পদ গুনাহৰ কামত ব্যয় কৰা ব্যক্তি তথা অপব্যয় কৰা ব্যক্তি প্ৰকৃততে চয়তানৰ ভাই। কিয়নো চয়তানে সিহঁতক যি আদেশ দিয়ে সেইটোৱে সিহঁতে অনুসৰণ কৰে। নিশ্চয় চয়তান নিজ প্ৰতিপালকৰ অকৃতজ্ঞ। সি কেৱল গুনাহৰেই কাম কৰে আৰু সেইটোৰেই আদেশ দিয়ে যিটোত তাৰ প্ৰতিপালক অসন্তুষ্ট হয়।
17:28Страница 285
وَإِمَّا تُعۡرِضَنَّ عَنۡهُمُ ٱبۡتِغَآءَ رَحۡمَةٖ مِّن رَّبِّكَ تَرۡجُوهَا فَقُل لَّهُمۡ قَوۡلٗا مَّيۡسُورٗا ٢٨
Если ты отворачиваешься от них (если у тебя нет средств на пожертвования, и ты отказываешь тем, кто имеет на них право), желая обрести милость Аллаха, на которую ты надеешься, то говори с ними любезно.
যদি তুমি তেওঁলোকক একো দিব নোৱাৰা, কাৰণ দিব পৰা তোমাৰ ওচৰত যদি একো নাথাকে, আৰু তুমি অপেক্ষাত আছা যে, আল্লাহে তোমাৰ বাবে জীৱিকাৰ কোনো পথ মুকলাই দিব, সেই পৰিস্থিতিতো তুমি তেওঁলোকৰ সৈতে বিনম্ৰভাৱে কথা ক'বা। উদাহৰণস্বৰূপে তেওঁলোকৰ বাবে জীৱিকাৰ প্ৰশস্ততাৰ দুআ কৰা অথবা আল্লাহৰ ফালৰ পৰা জীৱিকাৰ কোনো উপায় পোৱাৰ পিছত প্ৰদান কৰিবা বুলি প্ৰতিশ্ৰুতি দিয়া।
17:29Страница 285
وَلَا تَجۡعَلۡ يَدَكَ مَغۡلُولَةً إِلَىٰ عُنُقِكَ وَلَا تَبۡسُطۡهَا كُلَّ ٱلۡبَسۡطِ فَتَقۡعُدَ مَلُومٗا مَّحۡسُورًا ٢٩
Не позволяй своей руке быть прикованной к шее, и не раскрывай ее во всю длину (не будь скуп и расточителен), а не то сядешь порицаемым и опечаленным.
তোমালোকে ব্যয় কৰাত কৃপণালী নকৰিবা, আৰু অপব্যয়ও নকৰিবা। যদি তুমি কৃপণালী কৰা তেন্তে মানুহে তোমাক কৃপণ বুলি ভৰ্ৎসনা কৰিব, আৰু যদি অপব্যয় কৰা তেন্তে এটা সময়ত তোমাৰ ওচৰত একো নাথাকিব ব্যয় কৰিবলৈ।
17:30Страница 285
إِنَّ رَبَّكَ يَبۡسُطُ ٱلرِّزۡقَ لِمَن يَشَآءُ وَيَقۡدِرُۚ إِنَّهُۥ كَانَ بِعِبَادِهِۦ خَبِيرَۢا بَصِيرٗا ٣٠
Воистину, твой Господь увеличивает или ограничивает удел тому, кому пожелает. Он видит и знает Своих рабов.
নিশ্চয় আপোনাৰ প্ৰতিপালকে যাক ইচ্ছা কৰে জীৱিকাৰ ক্ষেত্ৰত প্ৰশস্ততা প্ৰদান কৰে। আনহাতে যাক ইচ্ছা কৰে তেওঁৰ সঠিক হিকমত অনুযায়ী সংকীৰ্ণতা প্ৰদান কৰে। নিশ্চয় তেওঁ নিজ বান্দাসকলৰ বিষয়ে সৰ্বজ্ঞ তথা সৰ্বদ্ৰষ্টা। সিহঁতৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। সেয়ে, সিহঁতৰ বিষয়ে যেনেকৈ ইচ্ছা কৰে সেইদৰে সিদ্ধান্ত লয়।
17:31Страница 285
وَلَا تَقۡتُلُوٓاْ أَوۡلَٰدَكُمۡ خَشۡيَةَ إِمۡلَٰقٖۖ نَّحۡنُ نَرۡزُقُهُمۡ وَإِيَّاكُمۡۚ إِنَّ قَتۡلَهُمۡ كَانَ خِطۡـٔٗا كَبِيرٗا ٣١
Не убивайте своих детей, опасаясь нищеты, ведь Мы обеспечиваем пропитанием их вместе с вами. Воистину, убивать детей - тяжкий грех.
তোমালোকে নিজৰ সন্তান-সন্ততিক এই ভয়ত হত্যা নকৰিবা যে, সিহঁতৰ প্ৰতি ব্যয় কৰিলে তোমালোকে দৰিদ্ৰ হৈ পৰিবা। এনেকুৱা ধাৰণা একেবাৰে ভুল। সিহঁতক জীৱিকা দিয়াৰ দায়িত্ব হৈছে আমাৰ আৰু তোমালোককো আমিয়েই জীৱিকা দিওঁ। নিশ্চয় সিহঁতক হত্যা কৰাটো হৈছে মহাপাপ। কিয়নো সিহঁত অপৰাধীও নহয় আৰু এনেকুৱা কোনো অপৰাধও কৰা নাই, যাৰ ফলত সিহঁতক হত্যা কৰা উচিত হ'ব।
17:32Страница 285
وَلَا تَقۡرَبُواْ ٱلزِّنَىٰٓۖ إِنَّهُۥ كَانَ فَٰحِشَةٗ وَسَآءَ سَبِيلٗا ٣٢
Не приближайтесь к прелюбодеянию, ибо оно является мерзостью и скверным путем.
আৰু ব্যভিচাৰৰ পৰা দূৰত থাকিবা, লগতে সেইবোৰ মাধ্যমৰ পৰাও আঁতৰি থাকিবা যিবোৰে ব্যভিচাৰৰ কাষ চপায়। নিশ্চয় এইটো চৰম পৰ্যায়ৰ অশ্লীলতা, তথা নিকৃষ্ট পথ, যিটোৱে মানুহৰ বংশ বিনষ্ট কৰে আৰু আল্লাহৰ শাস্তিৰ সন্মুখীন কৰে।
17:33Страница 285
وَلَا تَقۡتُلُواْ ٱلنَّفۡسَ ٱلَّتِي حَرَّمَ ٱللَّهُ إِلَّا بِٱلۡحَقِّۗ وَمَن قُتِلَ مَظۡلُومٗا فَقَدۡ جَعَلۡنَا لِوَلِيِّهِۦ سُلۡطَٰنٗا فَلَا يُسۡرِف فِّي ٱلۡقَتۡلِۖ إِنَّهُۥ كَانَ مَنصُورٗا ٣٣
Не убивайте душу, убивать которую Аллах запретил, если только у вас нет на это права. Если ктолибо убит несправедливо, то Мы уже предоставили его правопреемнику полную власть, но пусть он не излишествует в отмщении за убийство. Воистину, ему будет оказана помощь.
তোমালোকে সেই প্ৰাণীকো হত্যা নকৰিবা যাক আল্লাহে ঈমান অথবা নিৰাপত্তজনিত কাৰণত সুৰক্ষা প্ৰদান কৰিছে। আনহাতে মুৰতাদ, অথবা বিবাহিত ব্যভিচাৰ-ব্যভিচাৰিণী নাইবা কিচাচৰ ফলত হত্যাৰ বিষয়টো সুকীয়া। কিন্তু অন্যায়ভাৱে হত্যাকৃত ব্যক্তিৰ উত্তৰাধিকাৰীক আমি প্ৰতিশোধ গ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰিছো। তেওঁলোকে হত্যাকাৰীৰ মৃত্যদণ্ড দাবী কৰিব পাৰে, নাইবা ৰক্তপণ নোলোৱাকৈ ক্ষমা কৰি দিব পাৰে অথবা ৰক্তপণ গ্ৰহণ কৰিও ক্ষমা কৰিব পাৰে। কিন্তু প্ৰতিশোধৰ বাবে আল্লাহে যি নিয়ম বান্ধি দিছে সেই ক্ষেত্ৰত কোনেও যাতে সীমালঙ্ঘন নকৰে। উদাহৰণস্বৰূপে, হত্যাকাৰীৰ অংগ প্ৰত্যংগ কাটি পেলোৱা, অথবা হত্যাকাৰীয়ে যি অস্ত্ৰৰে হত্যা কৰিছে সেইটোৰ বাহিৰে বেলেগ অস্ত্ৰৰে হত্যা কৰা, নাইবা হত্যাকাৰীৰ বাহিৰে বেলেগক হত্যা কৰা ইত্যাদি। নিশ্চয় তেওঁ আল্লাহৰ সহায়-সহযোগিতা পোৱাৰ যোগ্য।
17:34Страница 285
وَلَا تَقۡرَبُواْ مَالَ ٱلۡيَتِيمِ إِلَّا بِٱلَّتِي هِيَ أَحۡسَنُ حَتَّىٰ يَبۡلُغَ أَشُدَّهُۥۚ وَأَوۡفُواْ بِٱلۡعَهۡدِۖ إِنَّ ٱلۡعَهۡدَ كَانَ مَسۡـُٔولٗا ٣٤
Не приближайтесь к имуществу сироты, кроме как во благо ему, пока он не достигнет совершеннолетия. И будьте верны своим обещаниям, ибо за обещания вас призовут к ответу.
এতীম বা মাউৰা ল’ৰা ছোৱালী প্ৰাপ্তবয়স্কত উপনীত নোহোৱালৈকে সিহঁতৰ ধন-সম্পদ সুৰক্ষিত ৰখাৰ উদ্দেশ্যে আৰু বৃদ্ধি কৰাৰ বাহিৰে বেলেগ কামত ব্যৱহাৰ নকৰিবা। আল্লাহ আৰু তোমালোকৰ মাজৰ অঙ্গীকাৰ তথা তোমালোকৰ আৰু বান্দাসকলৰ মাজৰ প্ৰতিশ্ৰুতি পৰিপূৰ্ণৰূপে পূৰণ কৰিবা। নিশ্চয় আল্লাহে কিয়ামতৰ দিনা প্ৰতিশ্ৰুতি দিয়া ব্যক্তিক প্ৰশ্ন কৰিব যে, সি প্ৰতিশ্ৰুতি পালন কৰিছেনে নাই। যদি প্ৰতিশ্ৰুতি পালন কৰি থাকে তেন্তে ছোৱাব পাব আৰু যদি পালন কৰা নাই তেন্তে শাস্তিৰ সন্মুখীন হ'ব।
17:35Страница 285
وَأَوۡفُواْ ٱلۡكَيۡلَ إِذَا كِلۡتُمۡ وَزِنُواْ بِٱلۡقِسۡطَاسِ ٱلۡمُسۡتَقِيمِۚ ذَٰلِكَ خَيۡرٞ وَأَحۡسَنُ تَأۡوِيلٗا ٣٥
Наполняйте меру сполна, когда вы отпускаете мерой, и взвешивайте на точных весах. Так будет лучше и прекраснее по исходу (или по вознаграждению).
আনক ওজন কৰি দিওঁতে পৰিপূৰ্ণৰূপে ওজন কৰি দিবা, অলপো কমাই নিদিবা। এনেকুৱা তুলাচনীৰে ওজন কৰিবা যিটোত হ্ৰাস হোৱাৰ সম্ভাৱনা নাথাকে। এনেকৈ পৰিপূৰ্ণ ওজন কৰাটো তোমালোকৰ বাবে পৃথিৱী আৰু আখিৰাতত কল্যাণকৰ, ইপিনে পৰিণামৰ দৃষ্টিতো ওজনত কম দিয়াতকৈ উত্তম।
17:36Страница 285
وَلَا تَقۡفُ مَا لَيۡسَ لَكَ بِهِۦ عِلۡمٌۚ إِنَّ ٱلسَّمۡعَ وَٱلۡبَصَرَ وَٱلۡفُؤَادَ كُلُّ أُوْلَٰٓئِكَ كَانَ عَنۡهُ مَسۡـُٔولٗا ٣٦
Не следуй тому, чего ты не знаешь. Воистину, слух, зрение и сердце - все они будут призваны к ответу.
হে আদম সন্তান! যি বিষয়ে তোমাৰ কোনো জ্ঞান নাই সেইটোৰ অনুসৰণ নকৰিবা। অন্যথা তোমালোক অনুমান তথা আন্দাজৰ অনুসাৰী হৈ যাবা। নিশ্চয় মানুহক সিহঁতৰ চকু, কাণ আৰু অন্তৰ সম্পৰ্কে প্ৰশ্ন কৰা হ'ব, সেইবোৰক ভাল কামত ব্যৱহাৰ কৰিছে নে বেয়া কামত। যদি ভাল কামত ব্যৱহাৰ কৰিছে তেন্তে ছোৱাব পাব, আনহাতে যদি বেয়া কামত ব্যৱহাৰ কৰিছে তেন্তে শাস্তি ভোগ কৰিব।
17:37Страница 285
وَلَا تَمۡشِ فِي ٱلۡأَرۡضِ مَرَحًاۖ إِنَّكَ لَن تَخۡرِقَ ٱلۡأَرۡضَ وَلَن تَبۡلُغَ ٱلۡجِبَالَ طُولٗا ٣٧
Не ступай по земле горделиво, ведь ты не пробуришь землю и не достигнешь гор высотой!
পৃথিৱীত অহংকাৰ আৰু স্বৈৰাচাৰী হৈ চলা ফুৰা নকৰিবা। নিশ্চয় এনেকুৱা গৌৰৱ অহংকাৰ কৰি তোমালোকে ভৰিৰে পৃথিৱীক বিদীৰ্ণ কৰিব নোৱাৰিবা, আৰু তোমালোকৰ উচ্চতাও পৰ্বত সমান হ'ব নোৱাৰে। তেন্তে অহংকাৰ কিহৰ?
17:38Страница 285
كُلُّ ذَٰلِكَ كَانَ سَيِّئُهُۥ عِندَ رَبِّكَ مَكۡرُوهٗا ٣٨
Все это зло ненавистно твоему Господу.
হে মানৱ! উপৰোক্ত বৰ্ণিত সকলো বেয়া কৰ্ম তোমাৰ প্ৰতিপালকৰ ওচৰত নিষিদ্ধ। এইবোৰ কৰ্ম কৰা ব্যক্তিৰ প্ৰতি আল্লাহ সন্তুষ্ট নহয়, বৰং ক্ৰোধান্বিত হয়।
17:39Страница 286
ذَٰلِكَ مِمَّآ أَوۡحَىٰٓ إِلَيۡكَ رَبُّكَ مِنَ ٱلۡحِكۡمَةِۗ وَلَا تَجۡعَلۡ مَعَ ٱللَّهِ إِلَٰهًا ءَاخَرَ فَتُلۡقَىٰ فِي جَهَنَّمَ مَلُومٗا مَّدۡحُورًا ٣٩
Такова часть мудрости, которая внушена тебе в откровении от твоего Господа. Не поклоняйся наряду с Аллахом никакому другому богу, а не то будешь брошен в Геенну порицаемым и отверженным.
যিবোৰ আদেশ-নিষেধ আৰু বিধি-বিধান আমি বৰ্ণনা কৰিলোঁ, এইবোৰ হৈছে সেইসমূহ হিকমত যিবোৰ আপোনাৰ প্ৰতিপালকে আপোনাৰ প্ৰতি অহী কৰিছে। হে মানৱ! তোমালোকে আল্লাহৰ লগত আন কোনো উপাস্যক অংশীদাৰ নকৰিবা। অন্যথা কিয়ামতৰ দিনা তোমাক প্ৰত্যেক কল্যাণৰ পৰা বঞ্চিত কৰি জাহান্নামত নিক্ষেপ কৰা হ'ব। তেতিয়া তুমিও নিজকে ভৰ্ৎসনা কৰিবা আৰু মানুহেও তোমাক ভৰ্ৎসনা কৰিব।
17:40Страница 286
أَفَأَصۡفَىٰكُمۡ رَبُّكُم بِٱلۡبَنِينَ وَٱتَّخَذَ مِنَ ٱلۡمَلَٰٓئِكَةِ إِنَٰثًاۚ إِنَّكُمۡ لَتَقُولُونَ قَوۡلًا عَظِيمٗا ٤٠
Неужели ваш Господь почтил вас сыновьями, а Себе взял дочерей из числа ангелов? Воистину, вы говорите ужасные слова.
হে সেইসকল ব্যক্তি! যিসকলে দাবী কৰে যে, ফিৰিস্তাসকল হৈছে আল্লাহৰ জীয়ৰি। কোৱাচোন তোমালোকে, আল্লাহে পুত্ৰ সন্তান কেৱল তোমালোকৰ বাবেই নিৰ্দিষ্ট কৰিছে নেকি? আৰু ফিৰিস্তাসকলক নিজৰ বাবে কন্যা সন্তান নিৰ্ধাৰণ কৰিছে নেকি? নিশ্চয় আল্লাহ তাআলা তোমালোকৰ এনেকুৱা উদ্ভট মন্তব্যৰ পৰা পৱিত্ৰ। তোমালোকে তেওঁৰ সৈতে সন্তানৰ বিষয়টো সম্পৃক্ত কৰি অত্যন্ত বেয়া কাম কৰিছা, তেওঁৰ কন্যা সন্তান থকা বুলি তোমালোকৰ ধাৰণাটো হৈছে গভীৰ কুফৰী।
17:41Страница 286
وَلَقَدۡ صَرَّفۡنَا فِي هَٰذَا ٱلۡقُرۡءَانِ لِيَذَّكَّرُواْ وَمَا يَزِيدُهُمۡ إِلَّا نُفُورٗا ٤١
Мы дали разъяснения в этом Коране, чтобы они помянули наставление, но это лишь увеличивает их отвращение.
নিশ্চয় আমি এই কোৰআনত আহকাম, উপদেশ আৰু বিভিন্ন উপমা-উদাহৰণ স্পষ্টৰূপে বৰ্ণনা কৰি দিছো। যাতে মানুহে ইয়াৰ পৰা উপদেশ গ্ৰহণ কৰিব পাৰে আৰু সেই পথত পৰিচালিত হ'ব পাৰে, যি পথ সিহঁতৰ বাবে উপকাৰী। লগতে সেইবোৰ যাতে পৰিত্যাগ কৰে যিবোৰ সিহঁতৰ বাবে ক্ষতিকাৰক। প্ৰকৃততে যিসকলৰ স্বভাৱত বক্ৰতা আছে সিহঁতে ইয়াৰ পৰা আৰু সত্যৰ পৰা আঁতৰি যায়, লগতে ঘৃণা কৰিবলৈ ধৰে।
17:42Страница 286
قُل لَّوۡ كَانَ مَعَهُۥٓ ءَالِهَةٞ كَمَا يَقُولُونَ إِذٗا لَّٱبۡتَغَوۡاْ إِلَىٰ ذِي ٱلۡعَرۡشِ سَبِيلٗا ٤٢
Скажи: «Если бы, как они говорят, наряду с Ним существовали другие боги, то они непременно попытались бы добраться до Господа Трона».
হে ৰাছুল! এই মুশ্বৰিকসকলক জনাই দিয়ক, আল্লাহৰ বাহিৰে যদি আন কোনো উপাস্যক থাকিলহেঁতেন, যিদৰে সিহঁতে মিছা আৰোপ কৰে, তেন্তে সেই তথাকথিত উপাস্যবোৰে মিলি মহা আৰশ্বৰ মালিক আল্লাহক বিচাৰিবলৈ পথ সন্ধান কৰিলেহেঁতেন, যাতে তেওঁক পৰাজিত কৰি ৰাজত্ব প্ৰতিষ্ঠা কৰিব পৰে।
Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии