Аль-Мухтасар · Тафсир · на ассамском
الإنفطار
Аль-Инфитар
Раскалывание · Мекканская · 19 аятов
যেতিয়া আকাশখন ফাঁটি যাব, যাতে তাৰ পৰা ফিৰিস্তাসকল নামি আহে।
আৰু যেতিয়া নক্ষত্ৰবোৰ বিক্ষিপ্তভাৱে খহি পৰিব।
আৰু যেতিয়া সাগৰসমূহক এটাক আন এটাৰ বাবে খুলি দিয়া হব। আৰু সেইবোৰ পৰস্পৰে মিলিত হব।
আৰু যেতিয়া কবৰবোৰৰ মাটি ওলোটাই দিয়া হব, তাৰ ভিতৰত থকা মৃত ব্যক্তিক পুনৰ্জীৱিত কৰাৰ বাবে।
82:5Страница 587
عَلِمَتۡ نَفۡسٞ مَّا قَدَّمَتۡ وَأَخَّرَتۡ ٥
тогда каждая душа узнает, что она совершила и что оставила после себя.
তেতিয়া প্ৰত্যেক ব্যক্তিয়ে জানিব পাৰিব যে, তেওঁ কোনটো কাম কৰিছে আৰু কোনটো পিছফালে এৰি আহিছে অৰ্থাৎ কৰা নাই।
82:6Страница 587
يَٰٓأَيُّهَا ٱلۡإِنسَٰنُ مَا غَرَّكَ بِرَبِّكَ ٱلۡكَرِيمِ ٦
О человек! Что ввело тебя в заблуждение относительно твоего Великодушного Господа,
হে নিজ প্ৰতিপালকক অস্বীকাৰকাৰী সকল! কিহে তোমালোকক তোমালোকৰ প্ৰতিপালকৰ আদেশৰ অমান্য কৰিবলৈ উদগনি দিছে। যিহেতু তেওঁ তোমালোকক সুযোগ দিছে আৰু নিজ অনুগ্ৰহৰে শাস্তি প্ৰদানত খৰখেদা কৰা নাই।
82:7Страница 587
ٱلَّذِي خَلَقَكَ فَسَوَّىٰكَ فَعَدَلَكَ ٧
Который сотворил тебя и сделал твой облик совершенным и соразмеренным?
যিয়ে তোমাক অনস্থিত্বৰ পৰা অস্থিত্বলৈ আনিছে আৰু সঠিক অংগযুক্ত সন্তুলিত শৰীৰ প্ৰদান কৰিছে।
82:8Страница 587
فِيٓ أَيِّ صُورَةٖ مَّا شَآءَ رَكَّبَكَ ٨
Он сложил тебя в том облике, в каком пожелал.
আৰু যি ৰূপত তোমাক সৃষ্টি কৰিবলৈ ইচ্ছা কৰিছে সেই ৰূপতে সৃষ্টি কৰিছে। আৰু তোমাৰ প্ৰতি অনুগ্ৰহ কৰিছে যে, তোমাক গাধা, বান্দৰ আৰু কুকুৰ আদিৰ ৰূপত সৃষ্টি কৰা নাই।
হে প্ৰৱঞ্চিত সকল! ঘটনা তেনেকুৱা নহয় যিদৰে তোমালোকে বুজিছা। সত্যতা হৈছে এই যে, তোমালোকে প্ৰতিদান দিৱসক অস্বীকাৰ কৰা আৰু তাৰ বাবে কোনো প্ৰস্তুতি নকৰা।
তোমালোকৰ প্ৰতি এনেকুৱা ফিৰিস্তা নিযুক্ত আছে যিসকলে তোমালোকৰ আমলসমূহ লিখি থাকে।
আল্লাহৰ ওচৰত তেওঁলোক সন্মানিত, তোমালোকৰ আমল লিখি থাকে।
তেওঁলোকে তোমালোকৰ প্ৰত্যেক কৰ্মৰ বিষয়ে অৱগত আৰু সেয়া লিখি লয়।
নিশ্চয় অধিক অধিক ভাল কৰ্মকাৰী আৰু আনুগত্যকাৰী সকলে ক্বিয়ামতৰ দিনা এনেকুৱা নিয়ামতৰ মাজত থাকিব যিটো হব চিৰস্থায়ী।
আৰু দূৰাচাৰী লোকসকল এনেকুৱা জুইৰ মাজত থাকিব যিটো হব অত্যন্ত উত্তপ্ত।
সিহঁতে প্ৰতিদান দিৱসত তাৰ ভিতৰত প্ৰৱেশ কৰিব আৰু তাৰ উত্তাপৰ সন্মুখীন হব।
আৰু তেওঁলোকে তাৰ পৰা কেতিয়াওঁ অদৃশ্য হব নোৱাৰে। বৰঞ্চ তাৰ ভিতৰতে থাকিব।
82:17Страница 587
وَمَآ أَدۡرَىٰكَ مَا يَوۡمُ ٱلدِّينِ ١٧
Откуда ты мог знать, что такое День воздаяния?
হে ৰাছুল ! আপোনাক কিহে জনাব যে প্ৰতিদান দিৱস কি?
82:18Страница 587
ثُمَّ مَآ أَدۡرَىٰكَ مَا يَوۡمُ ٱلدِّينِ ١٨
Да, откуда ты мог знать, что такое День воздаяния?
আকৌ কৈছো, কিহে তোমাক জনাব প্ৰতিদান দিৱস কি?
82:19Страница 587
يَوۡمَ لَا تَمۡلِكُ نَفۡسٞ لِّنَفۡسٖ شَيۡـٔٗاۖ وَٱلۡأَمۡرُ يَوۡمَئِذٖ لِّلَّهِ ١٩
В тот день ни одна душа не сможет ничем помочь другой, и власть в тот день будет принадлежать Аллаху.
সিদিনাখন কোনেও কাৰো উপকাৰ কৰিব নোৱাৰিব আৰু সেই দিনা সকলো ক্ষমতা কেৱল আল্লাহৰ হাতত থাকিব। তেওঁ যি ইচ্ছা কৰিব সেইটোৱে কৰিব। আন কাৰো হাতত এনেকুৱা কোনো ক্ষমতা নাথাকিব।
Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии