Аль-Мухтасар · Тафсир · на ассамском
الواقعة
Аль-Вакиа
Событие · Мекканская · 96 аятов
যেতিয়া নিশ্চিতভাৱে কিয়ামত অনুষ্ঠিত হ’ব।
তেতিয়া কোনেও ইয়াক অস্বীকাৰ কৰিব নোৱাৰিব। যদিও সি পৃথিৱীত ইয়াক অস্বীকাৰ কৰিছিল।
ই পাপিষ্ঠ কাফিৰসকলক জাহান্নামত প্ৰৱেশ কৰোৱাৰ মাধ্যমত সিহঁতক অধঃপতন কৰিব, আনহাতে মুত্ত্বাক্বী মুমিনসকলক জান্নাতত প্ৰৱেশ কৰাই তেওঁলোকক সমুন্নত কৰিব।
যেতিয়া পৃথিৱী মহা প্ৰকম্পনেৰে প্ৰকম্পিত হ’ব।
আৰু পৰ্বতসমূহক চূৰ্ণ-বিচূৰ্ণ কৰা হ’ব।
ফলত সেইবোৰ উৰি ফুৰা ধূলিকণাত পৰিণত হ’ব। যাৰ কোনো স্থিতিশীলতা নাই।
আৰু সেইদিনা তোমালোকে তিনিটা শ্রেণীত বিভক্ত হ’বা।
56:8Страница 534
فَأَصۡحَٰبُ ٱلۡمَيۡمَنَةِ مَآ أَصۡحَٰبُ ٱلۡمَيۡمَنَةِ ٨
Одни будут по правую сторону. Кто же будет по правую сторону?
সোঁহাতত আমলনামা গ্রহণকাৰীসকলৰ মৰ্যাদা কিমান যে উৎকৃষ্ট তথা সুউচ্চ!
56:9Страница 534
وَأَصۡحَٰبُ ٱلۡمَشۡـَٔمَةِ مَآ أَصۡحَٰبُ ٱلۡمَشۡـَٔمَةِ ٩
Другие же будут по левую сторону. Кто же будет по левую сторону?
পক্ষান্তৰে বাওঁহাতত আমলনামা গ্রহণকাৰীসকলৰ স্তৰ কিমান যে নিম্নমানৰ!
56:10Страница 534
وَٱلسَّٰبِقُونَ ٱلسَّٰبِقُونَ ١٠
И будут опередившие их всех в добре, которые опередят их и в Раю.
পৃথিৱীৰ জীৱনত ভাল কামত আগভাগ লোৱাসকলে পৰকালতো সৱাতোকৈ আগত জান্নাতত যাব।
তেওঁলোকেই হৈছে আল্লাহৰ নৈকট্য প্ৰাপ্ত লোক।
তেওঁলোকে নিয়ামতেৰে ভৰা জান্নাতত অৱস্থান কৰিব। তেওঁলোকে তাত নানা ধৰণৰ ভোগসামগ্রী উপভোগ কৰিব।
এই উম্মতৰ এটা দল আৰু বহু সংখ্যক হ’ব পূৰ্বৱৰ্তী উম্মতৰ মাজৰ পৰা।
আৰু শেষ যুগৰ হ’ব কম সংখ্যক লোক, তেওঁলোক হ'ব অগ্রগামী তথা নৈকট্যপ্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত।
তেওঁলোকে থাকিব সোণেৰে খচিত আসনত।
তেওঁলোকে সেইবোৰ আসনত মুখামুখিকৈ আউজি বহিব। কোনেও কাৰো ঘাৰ দেখা নাপাব।
তেওঁলোকৰ সেৱা কৰিবলৈ তেওঁলোকৰ চাৰিওফালে ঘূৰি ফুৰিব কিশোৰসকল। যিসকলক বাৰ্ধক্যও স্পৰ্শ নকৰিব তথা ধ্বংসও নহ’ব।
56:18Страница 535
بِأَكۡوَابٖ وَأَبَارِيقَ وَكَأۡسٖ مِّن مَّعِينٖ ١٨
с чашами, кувшинами и кубками с родниковым напитком (вином),
সিহঁতে এওঁলোকৰ চাৰিওফালে জান্নাতৰ অবাৰিত ঝৰ্নাৰ পৰা সুৰাপূৰ্ণ কাপ, পিয়লা আৰু পানপাত্ৰলৈ প্ৰদক্ষিণ কৰিব।
56:19Страница 535
لَّا يُصَدَّعُونَ عَنۡهَا وَلَا يُنزِفُونَ ١٩
от которого не болит голова и не теряют рассудок,
এইটো পৃথিৱীৰ সুৰাৰ দৰে নহয়। ফলত ইয়াৰ দ্বাৰা মূৰৰ বিষো সৃষ্টি নহ’ব তথা ইয়াৰ ফলত জ্ঞানহাৰাও নহ’ব।
এই কিশোৰসকলে তেওঁলোকৰ সন্মুখত তেওঁলোকৰ পছন্দৰ ফল-মূল লৈ প্ৰদক্ষিণ কৰিব।
সিহঁতে তেওঁলোকৰ পছন্দৰ চৰাইৰ মাংস লৈ তেওঁলোকৰ সন্মুখত ঘূৰি ফুৰিব।
জান্নাতত তেওঁলোকৰ বাবে থাকিব পদ্মলোচন চকুবিশিষ্টা ৰমণী।
তেওঁলোক যেনিবা সাগৰীয় শামুকত সুৰক্ষিত থকা মুকুতাৰ দৰে।
এইটো হৈছে পৃথিৱীত কৰা তেওঁলোকৰ সৎকৰ্মৰ প্ৰতিদান।
56:25Страница 535
لَا يَسۡمَعُونَ فِيهَا لَغۡوٗا وَلَا تَأۡثِيمًا ٢٥
Они не услышат там ни празднословия, ни греховных речей,
তেওঁলোকে জান্নাতত কোনো ধৰণৰ অশ্লীল বাৰ্তালাপ শুনিবলৈ নাপাব, আৰু কোনো ধৰণৰ গুনাহৰ কথাও শ্রৱণ নকৰিব।
তেওঁলোকে তাত কেৱল তেওঁলোকক কৰা ফিৰিস্তাসকলৰ ছালাম শুনিবলৈ পাব, আৰু তেওঁলোকৰ পৰস্পৰৰ ছালামহে শুনা পাব।
56:27Страница 535
وَأَصۡحَٰبُ ٱلۡيَمِينِ مَآ أَصۡحَٰبُ ٱلۡيَمِينِ ٢٧
И будут те, кто по правую сторону. Кто же будет по правую сторону?
আৰু সোঁফালৰ দল, যিসকলক সোঁহাতত আমলনামা দিয়া হ'ব আল্লাহৰ ওচৰত তেওঁলোকৰ কিমান যে মৰ্যাদা আৰু সন্মান আছে!
তেওঁলোকে কাইটবিহীন বগৰী বাগানত অৱস্থান কৰিব, কাইট নথকাৰ ফলত তেওঁলোকৰ কোনো কষ্ট নহ’ব।
56:29Страница 535
وَطَلۡحٖ مَّنضُودٖ ٢٩
под бананами (или акациями камеденосными) с висящими рядами плодами,
লগতে তাত আছে ঘনীভূত কল গছ, যিবোৰ আছে শাৰীবদ্ধ কল।
লগতে আছে সুদীৰ্ঘ আৰু স্থায়ী ছাঁ, যিটো কেতিয়াও সমাপ্ত নহয়।
আৰু আছে প্ৰবাহমান পানী, যিটো কেতিয়াও স্তব্ধ নহয়।
লগতে তাত আছে পৰ্যাপ্ত ফল-মূল, যিবোৰ গণনা কৰি শেষ কৰিব নোৱাৰি।
তেওঁলোকৰ পৰা সেইবোৰ কেতিয়াও সমাপ্ত নহ’ব। কাৰণ সেইবোৰৰ কোনো ঋতু নাই। আনহাতে সেইবোৰ পোৱাৰ ক্ষেত্ৰতো তেওঁলোকে কোনো বাধাৰ সন্মুখীন নহ’ব, যেতিয়াই তেওঁলোকে বিচাৰিব তেতিয়াই পাব।
উন্নত মানৰ উৎকৃষ্ট বিছনাসমূহ পালেঙৰ ওপৰত সজোৱা থাকিব।
নিশ্চয় আমি উল্লিখিত হুৰসকলক অস্বাভাৱিক নিয়মত সৃষ্টি কৰিছোঁ।
আমি তেওঁলোকক কুমাৰী বনাইছোঁ। তেওঁলোকক ইয়াৰ পূৰ্বে কোনেও স্পৰ্শ কৰা নাই।
তেওঁলোক হৈছে স্বামীপ্ৰেমী, প্রিয়তমা তথা সমবয়সী।
সোঁপন্থীসকলৰ বাবে আমি তেওঁলোকক সৃষ্টি কৰিছোঁ। যিসকলক সৌভাগ্যৰ প্ৰতীক হিচাপে সোঁফালে অৱস্থান কৰোৱা হ’ব।
দৰাচলতে তেওঁলোক হৈছে পূর্বৱৰ্তী নবীসকলৰ উম্মতৰ এটা দল।
আৰু আনটো দল হৈছে উম্মতে মুহাম্মাদীৰ মাজৰ পৰা; অৰ্থাৎ শেষ উম্মতৰ মাজৰ পৰা।
56:41Страница 535
وَأَصۡحَٰبُ ٱلشِّمَالِ مَآ أَصۡحَٰبُ ٱلشِّمَالِ ٤١
И будут те, кто по левую сторону. Кто же будет по левую сторону?
আৰু বাওঁফালৰ দল, যিসকলক বাওঁ হাতত আমলনামা দিয়া হ'ব, সিহঁতৰ ঠিকনা আৰু অৱস্থা কিমান যে নিকৃষ্ট হ'ব।
সিহঁতে প্ৰচণ্ড গৰম বতাহ আৰু উতলা পানীৰ মাজত অৱস্থান কৰিব।
লগতে ক’লা ধোঁৱাবিশিষ্ট ছাঁত অৱস্থান কৰিব।
যাৰ গতিবেগো ভাল নহয়, আৰু দৃশ্যও সুন্দৰ নহয়।
সিহঁতে এই শাস্তিত নিক্ষিপ্ত হোৱাৰ পূর্বে পৃথিৱীত ভোগ-সামগ্ৰীৰ মাজত লিপ্ত আছিল। নিজৰ প্ৰবৃত্তিৰ চাহিদা পূৰণৰ বাহিৰে সিহঁতৰ আন কোনো চিন্তা নাছিল।
সিহঁতে আল্লাহৰ সৈতে কুফৰী কৰাৰ ক্ষেত্ৰত আৰু তেওঁক এৰি মূৰ্ত্তিবোৰৰ উপাসনাত বদ্ধপৰিকৰ আছিল।
56:47Страница 535
وَكَانُواْ يَقُولُونَ أَئِذَا مِتۡنَا وَكُنَّا تُرَابٗا وَعِظَٰمًا أَءِنَّا لَمَبۡعُوثُونَ ٤٧
и говорили: «Неужели мы будем воскрешены после того, как мы умрем и станем прахом и костями?
সিহঁতে পুনৰুত্থানক অস্বীকাৰ কৰিছিল। সেয়ে সিহঁতে ইয়াক ঠাট্টা কৰি আৰু দুস্কৰ বুলি ভাৱি কৈছিলঃ “আমি যেতিয়া মৃত্যুবৰণ কৰিম তথা মাটিত পৰিণত হ'ম আৰু যেতিয়া আমাৰ হাড়বোৰ বিগলিত হৈ যাব, তেতিয়া আকৌ আমাক পুনৰুত্থিত কৰা হ’ব নেকি”?!
অথবা আমাৰ পূৰ্বে মৃত্যুবৰণ কৰা আমাৰ পূর্বপুৰুষসকলক পুনৰ জীৱিত কৰা হ’ব নেকি?!
56:49Страница 535
قُلۡ إِنَّ ٱلۡأَوَّلِينَ وَٱلۡأٓخِرِينَ ٤٩
Скажи: «Воистину, как первые, так и последние поколения
হে ৰাছুল! আখিৰাতৰ জীৱনক অবিশ্বাস কৰা এই লোকসকলক আপুনি কৈ দিয়কঃ নিশ্চয় পূর্বৰ আৰু পিছৰ সকলোকে একত্ৰিত কৰা হ’ব।
56:50Страница 535
لَمَجۡمُوعُونَ إِلَىٰ مِيقَٰتِ يَوۡمٖ مَّعۡلُومٖ ٥٠
будут собраны в определенном месте в известный день.
অচিৰেই হিচাপ আৰু প্ৰতিদানৰ উদ্দেশ্যে সমৱেত কৰা হ’ব।
56:51–52Страница 536
ثُمَّ إِنَّكُمۡ أَيُّهَا ٱلضَّآلُّونَ ٱلۡمُكَذِّبُونَ ٥١
Тогда вы, о заблудшие, считающие лжецами посланников,
لَأٓكِلُونَ مِن شَجَرٖ مِّن زَقُّومٖ ٥٢
непременно вкусите от дерева заккум.
ইয়াৰ পিছত, হে আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা আৰু সৰল পথৰ পৰা বিচ্যুত হোৱা লোকসকল! নিশ্চয় তোমালোকক কিয়ামতৰ দিনা যাক্কুম নামক বেয়া তথা নিকৃষ্ট বৃক্ষৰ ফল ভক্ষণ কৰোৱা হ’ব।
ফলত তোমালোকে এই গছৰ তিতা ফলেৰে নিজৰ খালী উদৰ পূৰণ কৰিবা।
লগতে পান কৰিব লাগিব প্ৰচণ্ড উত্তপ্ত গৰম পানী।
56:55Страница 536
فَشَٰرِبُونَ شُرۡبَ ٱلۡهِيمِ ٥٥
как пьют больные верблюды, которые не могут спастись от жажды».
এতেকে সিহঁতে প্ৰচুৰ পৰিমাণে সেই পানী পান কৰিব। যিদৰে উটে তীব্র পিয়াহত অধিক পৰিমাণে পানী পান কৰে।
উপৰোল্লেখিত তিতা খাদ্য আৰু গৰম পানীৰেই সিহঁতক প্ৰতিদান দিৱসত অভ্যর্থনা জনোৱা হ’ব।
56:57Страница 536
نَحۡنُ خَلَقۡنَٰكُمۡ فَلَوۡلَا تُصَدِّقُونَ ٥٧
Мы сотворили вас. Почему же вы не признаете воскрешения?
হে অস্বীকাৰকাৰীসকল! আমিয়েই তোমালোকক সৃষ্টি কৰিছোঁ, ইয়াৰ পূৰ্বে তোমালোকৰ কোনো অস্তিত্বই নাছিল। এতেকে তোমালোকে এই কথা বিশ্বাস নকৰা নেকি যে, নিশ্চয় আমিয়েই তোমালোকক মৃত্যুৰ পিছত পুনৰ জীৱিত কৰিম?!
হে মানৱজাতি! তোমালোকে সেই বীৰ্য সম্পৰ্কে ভাৱিছানে, যিটো তোমালোকে নিজৰস্ত্রীসকলৰ গর্ভাশয়ত নিক্ষেপ কৰা?!
56:59Страница 536
ءَأَنتُمۡ تَخۡلُقُونَهُۥٓ أَمۡ نَحۡنُ ٱلۡخَٰلِقُونَ ٥٩
Вы создаете его или Мы создаем?
সেই বীর্য তোমালোকে সৃষ্টি কৰা নে আমি সৃষ্টি কৰোঁ?!
56:60Страница 536
نَحۡنُ قَدَّرۡنَا بَيۡنَكُمُ ٱلۡمَوۡتَ وَمَا نَحۡنُ بِمَسۡبُوقِينَ ٦٠
Мы распределили между вами смерть, и ничто не может помешать Нам
আমি তোমালোকৰ মাজত মৃত্যুৰ ফয়চালা কৰিছোঁ। ফলত তোমালোকৰ প্ৰত্যেকৰে বাবে আছে এটা নির্ধাৰিত সময়, যি সময় আগুৱাইও নাহিব আৰু পিছুৱাইও নাযাব। তথা আমি অপাৰগও নহয়,
56:61Страница 536
عَلَىٰٓ أَن نُّبَدِّلَ أَمۡثَٰلَكُمۡ وَنُنشِئَكُمۡ فِي مَا لَا تَعۡلَمُونَ ٦١
заменить вас подобными вам (или изменить ваше обличие) и создать вас такими, какими вы себе и не представляете.
তোমালোকৰ বর্তমান সৃষ্টি আৰু আকৃতিক পৰিবর্তন কৰি তোমালোকক এনেকুৱা সৃষ্টিত পৰিণত কৰিবলৈও সক্ষম, যি সৃষ্টি আৰু আকৃতি সম্পৰ্কে তোমালোকে নাজানা।
56:62Страница 536
وَلَقَدۡ عَلِمۡتُمُ ٱلنَّشۡأَةَ ٱلۡأُولَىٰ فَلَوۡلَا تَذَكَّرُونَ ٦٢
Вы уже знаете о первом сотворении. Почему же вы не помяните назидание?
নিশ্চয় তোমালোক অৱগত হৈছা, কেনেকৈ আমি তোমালোকৰ প্ৰথম সৃষ্টি সম্পন্ন কৰিছোঁ। এতেকে তোমালোকে উপদেশ গ্রহণ নকৰা কিয়? আৰু এই কথা বিশ্বাস নকৰা নেকি যে, যি সত্তাই তোমালোকক প্ৰথমবাৰ সৃষ্টি কৰিছে, তেওঁ নিশ্চয় তোমালোকক মৃত্যুৰ পিছতো পুনৰ জীৱিত কৰিবলৈ সক্ষম?!
তোমালোকে মাটিত যি বীজ ৰূপন কৰা, সেই সম্পৰ্কে কেতিয়াবা ভাৱি দেখিছানে?!
56:64Страница 536
ءَأَنتُمۡ تَزۡرَعُونَهُۥٓ أَمۡ نَحۡنُ ٱلزَّٰرِعُونَ ٦٤
Вы ли заставляете его произрасти или Мы заставляем?
সেই বীজ তোমালোকে অংকুৰিত কৰা নেকি; নে আমি অংকুৰি কৰোঁ?!
56:65Страница 536
لَوۡ نَشَآءُ لَجَعَلۡنَٰهُ حُطَٰمٗا فَظَلۡتُمۡ تَفَكَّهُونَ ٦٥
Если Мы пожелаем, то превратим его в труху, и тогда вы останетесь удивленными
আমি ইচ্ছা কৰিলে সেই শস্যক খেৰ-কুটাত পৰিণত কৰিব পাৰোঁ, যি শস্য পকিছে তথা চপাই লোৱাৰ নিকটৱর্তী সময়ত উপনীত হৈছে। কিন্তু তেনে কৰিলে তোমালোক হতাশ হৈ পৰিবা।
তেতিয়া তোমালোকে ক’বাঃ নিশ্চয় আমি যি ব্যয় কৰিছোঁ, এই ক্ষয়-ক্ষতিৰ বাবে আমি দায়গ্ৰস্ত হৈ পৰিলোঁ।
বৰং আমি জীৱিকাৰ পৰা বঞ্চিত হৈ পৰিলোঁ।
56:68Страница 536
أَفَرَءَيۡتُمُ ٱلۡمَآءَ ٱلَّذِي تَشۡرَبُونَ ٦٨
Видели ли вы воду, которую вы пьете?
পিয়াহ লাগিলে তোমালোকে যি পানী খোৱা, সেই পানীৰ বিষয়ে তোমালোকে কেতিয়াবা ভাৱিছানে?!
56:69Страница 536
ءَأَنتُمۡ أَنزَلۡتُمُوهُ مِنَ ٱلۡمُزۡنِ أَمۡ نَحۡنُ ٱلۡمُنزِلُونَ ٦٩
Вы ли ниспосылаете ее из дождевых туч или Мы ниспосылаем?
আকাশৰ মেঘপুঞ্জৰ মাজৰ পৰা সেই পানী তোমালোকে অৱতীৰ্ণ কৰা, নে আমি অৱতীৰ্ণ কৰোঁ?!
56:70Страница 536
لَوۡ نَشَآءُ جَعَلۡنَٰهُ أُجَاجٗا فَلَوۡلَا تَشۡكُرُونَ ٧٠
Если бы Мы пожелали, то сделали бы ее горькой. Почему же вы неблагодарны?
আমি ইচ্ছা কৰিলে সেই পানীক প্ৰচণ্ড লৱণাক্ত বনাব পাৰোঁ, যিটো খোৱাৰ বাবেও উপযোগী নহয় আৰু খেতি-বাতিৰ বাবেও উপযুক্ত নহয়। এতেকে আল্লাহে তোমালোকৰ প্ৰতি দয়া দৃষ্টি কৰি যি মিঠা পানী অৱতীৰ্ণ কৰে, তাৰ বাবে তোমালোকে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন নকৰিবানে?!
56:71Страница 536
أَفَرَءَيۡتُمُ ٱلنَّارَ ٱلَّتِي تُورُونَ ٧١
Видели ли вы огонь, который вы высекаете?
সেই জুই সম্পৰ্কে তোমালোকে কেতিয়াবা ভাৱিছানে, যিটোক তোমালোকে নিজৰ উপকাৰাৰ্থে প্ৰজ্বলিত কৰা?!
56:72Страница 536
ءَأَنتُمۡ أَنشَأۡتُمۡ شَجَرَتَهَآ أَمۡ نَحۡنُ ٱلۡمُنشِـُٔونَ ٧٢
Вы ли создаете деревья для него или Мы создаем?
জুই উৎপন্ন কৰা সেই গছ তোমালোকে সৃষ্টি কৰিছা, নে আমি তোমালোকৰ প্ৰতি দয়া কৰি সৃষ্টি কৰিছোঁ?!
56:73Страница 536
نَحۡنُ جَعَلۡنَٰهَا تَذۡكِرَةٗ وَمَتَٰعٗا لِّلۡمُقۡوِينَ ٧٣
Мы сделали его напоминанием и предметом пользования для путников.
সেই জুইক আমি তোমালোকৰ বাবে উপদেশ বনাইছোঁ। সেইটোৱে তোমালোকক পৰকালৰ অগ্নিৰ কথা স্মৰণ কৰাই দিয়ে। লগতে ইয়াক তোমালোকৰ মাজৰ ভ্রমণকাৰীসকলৰ বাবে উপকাৰীও বনাইছোঁ।
এতেকে হে ৰাছুল! আপুনি আপোনাৰ মহান প্ৰতিপালকৰ পৱিত্ৰতা ঘোষণা কৰক, সেই সকলো বস্তুৰ পৰা, যিবোৰ তেওঁৰ বাবে উপযুক্ত নহয়।
56:75Страница 536
۞ فَلَآ أُقۡسِمُ بِمَوَٰقِعِ ٱلنُّجُومِ ٧٥
Но нет! Клянусь местами заката звезд (или ниспослания частей Корана)!
আল্লাহে তাৰকাৰাজিৰ অৱস্থান আৰু স্থানৰ শপত কৰিছে।
56:76Страница 536
وَإِنَّهُۥ لَقَسَمٞ لَّوۡ تَعۡلَمُونَ عَظِيمٌ ٧٦
Если бы вы только знали, что это - клятва великая.
তোমালোকে যদি এইবোৰৰ অৱস্থানৰ মৰ্যাদা সম্পৰ্কে জানিলাহেঁতেন, তেতিয়াহে বুজি পালাহেঁতেন, ইয়াৰ শপত খোৱা কিমান ডাঙৰ বিষয়। তাত আছে অগণিত নিদৰ্শন আৰু উপদেশাৱলী।
হে মানৱসমাজ! তোমালোকৰ সন্মুখত তিলাৱত কৰা এই কোৰআন হৈছে সন্মানিত কোৰআন। কাৰণ ইয়াৰ মাজত আছে বহু ধৰণৰ মহা উপকাৰিতা।
এইখন সংৰক্ষিত আছে মানৱ দৃষ্টিৰ পৰা আঁতৰত থকা এখন গ্ৰন্থত। সেইখন হৈছে লাওহে মাহফূজ।
পাপ-পঙ্কিলতা আৰু দোষ-ত্ৰুটিৰ পৰা পৰিস্কাৰ ফিৰিস্তাসকলৰ বাহিৰে আন কোনেও ইয়াক স্পৰ্শ কৰিব নোৱাৰে।
এইখন সৃষ্টিজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা তেওঁৰ নবী মুহাম্মাদ (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ ওপৰত অৱতীৰ্ণ হৈছে।
56:81Страница 537
أَفَبِهَٰذَا ٱلۡحَدِيثِ أَنتُم مُّدۡهِنُونَ ٨١
Неужели вы не веруете в это повествование (или отворачиваетесь от него)
হে মুশ্বৰিকসকল! তোমালোকে এইখনক সমৰ্থন নকৰি অস্বীকাৰ কৰি আছা?!
56:82Страница 537
وَتَجۡعَلُونَ رِزۡقَكُمۡ أَنَّكُمۡ تُكَذِّبُونَ ٨٢
и делаете ваш удел тем, что считаете ложью истину?
আৰু আল্লাহে নিয়ামত হিচাপে তোমালোকক যি জীৱিকা প্ৰদান কৰিছে সেইটোৰ বাবে আল্লাহৰ কৃতজ্ঞতা নকৰি তোমালোকে সেইটোক অস্বীকাৰ কৰি আছা। লগতে তোমালোকে বৰষুণৰ সম্পৰ্ক গ্ৰহ-নক্ষত্ৰৰ সৈতে কৰিছা। সেয়ে তোমালোকে কোৱা যে, এই এই গ্ৰহৰ ফলত আজি আমাৰ ওপৰত বৰষুণ হৈছে?!
এতেকে যেতিয়া আত্মা কণ্ঠনালীত আহি উপস্থিত হয়।
আৰু তোমালোকে নিজৰ সন্মুখত থকা মুমূর্ষু ব্যক্তিৰ প্ৰতি অসহায় হৈ চাই থাকা।
56:85Страница 537
وَنَحۡنُ أَقۡرَبُ إِلَيۡهِ مِنكُمۡ وَلَٰكِن لَّا تُبۡصِرُونَ ٨٥
Мы находимся ближе вас к нему, хотя вы не видите этого.
তেতিয়া আমি আমাৰ জ্ঞান, ক্ষমতা আৰু ফিৰিস্তাসকলৰ মাধ্যমত তোমালোকতকৈও অধিক তোমালোকৰ মৃত ব্যক্তিৰ নিকটৱর্তী থাকোঁ। কিন্তু তোমালোকে সেই ফিৰিস্তাসকলক দেখা নোপোৱা।
56:86Страница 537
فَلَوۡلَآ إِن كُنتُمۡ غَيۡرَ مَدِينِينَ ٨٦
Почему же вы, если вы действительно не получите воздаяние
যিহেতু তোমালোকে ধাৰণা কৰা যে, তোমালোকে নিজৰ কৰ্মৰ হিচাপ-নিকাচৰ বাবে পুনৰুত্থিত নহ’বা,
যদি তোমালোকে সত্যবাদী তেন্তে তোমালোকৰ সন্মুখত ওলাই যোৱা এই প্ৰাণক কিয় ঘূৰাই আনিব নোৱাৰা?! প্ৰকৃততে তোমালোকে এইটো কৰিবলৈ সক্ষম নহয়।
আনহাতে যদি মৃত ব্যক্তি কল্যাণকৰ কৰ্মত অগ্রগামী আছিল।
Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии