Аль-МухтасарЛукман · 31:1–34

Аль-Мухтасар · Тафсир · на ассамском

لقمان

Лукман

Лукман · Мекканская · 34 аята

31:1Страница 411

الٓمٓ ١

Алиф. Лам. Мим.

(আলিফ-লাম-মীম) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।

31:2Страница 411

تِلۡكَ ءَايَٰتُ ٱلۡكِتَٰبِ ٱلۡحَكِيمِ ٢

Это - аяты мудрого Писания,

হে ৰাছুল! আপোনাৰ ওপৰত অৱতীৰ্ণ হোৱা এই আয়াতসমূহ সেই গ্ৰন্থৰ আয়াত, যিখন হিকমতৰ দ্বাৰা পৰিপূৰ্ণ।

31:3Страница 411

هُدٗى وَرَحۡمَةٗ لِّلۡمُحۡسِنِينَ ٣

верное руководство и милость для творящих добро,

এই গ্ৰন্থখন সেইসকল লোকৰ বাবে হিদায়ত আৰু ৰহমতস্বৰূপ, যিসকলে সৎকৰ্ম কৰে। অৰ্থাৎ আল্লাহ আৰু তেওঁৰ বান্দাসকলৰ প্ৰাপ্য অধিকাৰ আদায় কৰে।

31:4Страница 411

ٱلَّذِينَ يُقِيمُونَ ٱلصَّلَوٰةَ وَيُؤۡتُونَ ٱلزَّكَوٰةَ وَهُم بِٱلۡأٓخِرَةِ هُمۡ يُوقِنُونَ ٤

которые совершают намаз, выплачивают закят и убеждены в Последней жизни.

যিসকলে পৰিপূৰ্ণৰূপে চালাত আদায় কৰে, নিজৰ ধন-সম্পত্তিৰ যাকাত প্ৰদান কৰে, তথা তেওঁলোকেই আখিৰাতত হ’বলগীয়া পুনৰ্জীৱন, হিচাপ-নিকাচ আৰু ছোৱাব তথা শাস্তিৰ প্ৰতি বিশ্বাস পোষণ কৰে।

31:5Страница 411

أُوْلَٰٓئِكَ عَلَىٰ هُدٗى مِّن رَّبِّهِمۡۖ وَأُوْلَٰٓئِكَ هُمُ ٱلۡمُفۡلِحُونَ ٥

Они следуют верному руководству от их Господа, и они являются преуспевшими.

এইবোৰ বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলেই নিজ প্ৰতিপালকৰ হিদায়তৰ ওপৰত প্ৰতিষ্ঠিত। তেওঁলোকেই নিজৰ উদ্দেশ্যত সফল হ’ব। তথা তেওঁলোকেই ভয়-ভীতিৰ পৰা সুৰক্ষিত থাকিব।

31:6Страница 411

وَمِنَ ٱلنَّاسِ مَن يَشۡتَرِي لَهۡوَ ٱلۡحَدِيثِ لِيُضِلَّ عَن سَبِيلِ ٱللَّهِ بِغَيۡرِ عِلۡمٖ وَيَتَّخِذَهَا هُزُوًاۚ أُوْلَٰٓئِكَ لَهُمۡ عَذَابٞ مُّهِينٞ ٦

Среди людей есть такой, который покупает потешные речи (песни и музыку), чтобы сбивать других с пути Аллаха без всякого знания, и высмеивает их (знамения Аллаха). Таким уготованы унизительные мучения.

মানুহৰ মাজত এনেকুৱা কিছুমান মানুহো আছে (উদাহৰণস্বৰূপে নজৰ বিন হাৰিছ), যিসকলে আল্লাহৰ পৰা অমনোযোগী কৰিব পৰা বস্তুবোৰ ক্ৰয় কৰে, যাতে মানুহক আল্লাহৰ দ্বীনৰ পৰা কোনো তথ্য নোহোৱাকৈয়ে আঁতৰাই আনিব পাৰে। তথা আল্লাহৰ আয়াতসমূহক হাঁহিয়াতৰ পাত্ৰ বনাই লয় আৰু সেইবোৰক লৈ উপহাস কৰে। এনেকুৱা স্বভাৱৰ লোকসকলৰ বাবেই আখিৰাতত আছে অতি লাঞ্ছনাদায়ক শাস্তি।

31:7Страница 411

وَإِذَا تُتۡلَىٰ عَلَيۡهِ ءَايَٰتُنَا وَلَّىٰ مُسۡتَكۡبِرٗا كَأَن لَّمۡ يَسۡمَعۡهَا كَأَنَّ فِيٓ أُذُنَيۡهِ وَقۡرٗاۖ فَبَشِّرۡهُ بِعَذَابٍ أَلِيمٍ ٧

Когда ему читают Наши аяты, он надменно отворачивается, словно он даже не слышал их, словно он туг на ухо. Обрадуй же его вестью о мучительных страданиях.

যেতিয়া তাৰ সন্মুখত আমাৰ আয়াতসমূহ তিলাৱত কৰা হয়, তেতিয়া সি সেইবোৰ মনোযোগ সহকাৰে শুনাৰ বিপৰীতে এনেকৈ অহংকাৰ কৰি উভতি যায় যেনিবা সি একো শুনাই নাই। যেনিবা সি এজন বধিৰ, শ্ৰৱণশক্তি নাইকীয়া হৈছে। হে ৰাছুল! আপুনি এনেকুৱা লোকক কষ্টদায়ক শাস্তিৰ সংবাদ দিয়ক, যি শাস্তি তাৰ বাবে অপেক্ষা কৰি আছে।

31:8Страница 411

إِنَّ ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ لَهُمۡ جَنَّٰتُ ٱلنَّعِيمِ ٨

Воистину, тем, которые уверовали и совершали праведные деяния, уготованы Сады блаженства.

যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে নিশ্চিতভাৱে তেওঁলোকৰ বাবে আছে নিয়ামতেৰে ভৰা জান্নাত। তেওঁলোকে তাত আল্লাহে প্ৰস্তুত কৰা নিয়ামতবোৰ চিৰকাল উপভোগ কৰিব।

31:9Страница 411

خَٰلِدِينَ فِيهَاۖ وَعۡدَ ٱللَّهِ حَقّٗاۚ وَهُوَ ٱلۡعَزِيزُ ٱلۡحَكِيمُ ٩

Они пребудут в них вечно согласно истинному обещанию Аллаха. Он - Могущественный, Мудрый.

তেওঁলোকে সেই নিয়ামতবোৰৰ মাজত চিৰকাল অৱস্থান কৰিব। আল্লাহে এই বিষয়ে তেওঁলোকক সত্য প্ৰতিশ্ৰুতি দান কৰিছে, যাৰ মাজত সন্দেহৰ কোনো অৱকাশ নাই। তেওঁ অতি পৱিত্ৰ, মহাপৰাক্ৰমশালী; যাক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, পৰিচালনাত আৰু চৰীয়ত প্ৰণয়নত মহাপ্ৰজ্ঞাৱান।

31:10Страница 411

خَلَقَ ٱلسَّمَٰوَٰتِ بِغَيۡرِ عَمَدٖ تَرَوۡنَهَاۖ وَأَلۡقَىٰ فِي ٱلۡأَرۡضِ رَوَٰسِيَ أَن تَمِيدَ بِكُمۡ وَبَثَّ فِيهَا مِن كُلِّ دَآبَّةٖۚ وَأَنزَلۡنَا مِنَ ٱلسَّمَآءِ مَآءٗ فَأَنۢبَتۡنَا فِيهَا مِن كُلِّ زَوۡجٖ كَرِيمٍ ١٠

Он создал небеса без опор, которые бы вы могли увидеть, воздвиг на земле незыблемые горы, чтобы она не колебалась вместе с вами, и расселил на ней всяких животных. Мы ниспослали с неба воду и взрастили там всякие благородные виды.

পৱিত্ৰ তথা মহান আল্লাহে আকাশমণ্ডলক কোনো খুঁটা নোহোৱাকৈ সুউচ্চ কৰি ৰাখিছে। লগতে পৃথিৱীত প্ৰতিষ্ঠিত কৰিছে সুদৃঢ় পৰ্বতমালা, যাতে পৃথিৱীয়ে তোমালোকক বহন কৰি লৰচৰ কৰিব নোৱাৰে। লগতে পৃথিৱীৰ ওপৰত প্ৰসাৰিত কৰিছে বিভিন্ন প্ৰকাৰৰ জীৱ-জন্তু। তেৱেঁই আকাশৰ পৰা পানী বৰষায়, যাৰ ফলত পৃথিৱীৰ বুকুত সৌন্দৰ্যময় বিভিন্ন প্ৰকাৰৰ উদ্ভিদ উৎপন্ন হয়, যিবোৰৰ দ্বাৰা মানুহ আৰু জীৱ-জন্তু সকলোৱে উপকৃত হয়।

31:11Страница 411

هَٰذَا خَلۡقُ ٱللَّهِ فَأَرُونِي مَاذَا خَلَقَ ٱلَّذِينَ مِن دُونِهِۦۚ بَلِ ٱلظَّٰلِمُونَ فِي ضَلَٰلٖ مُّبِينٖ ١١

Таково творение Аллаха! Так покажите Мне, что сотворили все остальные. О нет! Беззаконники находятся в очевидном заблуждении.

এই সকলোবোৰ হৈছে আল্লাহে সৃষ্টি কৰা বস্তু। এতেকে হে মুশ্বৰিকসকল! আল্লাহক এৰি তোমালোকে যিবোৰৰ উপাসনা কৰা সেইবোৰে কিবা সৃষ্টি কৰিছেনে? প্ৰকৃততে এই অন্যায়কাৰী লোকসকল সত্যৰ পৰা স্পষ্টভাৱে বিভ্ৰান্ত হৈ আছে। কিয়নো সিহঁতে নিজ প্ৰতিপালকৰ সৈতে এনেকুৱা বস্তুক শ্বিৰ্ক কৰে, যিবোৰে একো সৃষ্টি কৰিব নোৱাৰে, বৰং সিহঁত নিজেই সৃষ্ট।

31:12Страница 412

وَلَقَدۡ ءَاتَيۡنَا لُقۡمَٰنَ ٱلۡحِكۡمَةَ أَنِ ٱشۡكُرۡ لِلَّهِۚ وَمَن يَشۡكُرۡ فَإِنَّمَا يَشۡكُرُ لِنَفۡسِهِۦۖ وَمَن كَفَرَ فَإِنَّ ٱللَّهَ غَنِيٌّ حَمِيدٞ ١٢

Мы даровали Лукману мудрость: «Благодари Аллаха! Тот, кто благодарит, поступает только во благо себе. А если кто неблагодарен, то ведь Аллах - Богатый, Достохвальный».

নিশ্চয় আমি লুকমানক পৰিপূৰ্ণ ধৰ্মবোধ আৰু সঠিক নিৰ্ণয় কৰাৰ শক্তি প্ৰদান কৰিছিলোঁ আৰু তেওঁক কৈছিলোঁ, হে লুকমান! নিজ প্ৰতিপালকৰ কৃতজ্ঞতা জ্ঞাপন কৰা, কাৰণ তেৱেঁই তোমাক, তেওঁৰ আনুগত্য কৰাৰ তাওফীক প্ৰদান কৰিছে। যিয়ে নিজ প্ৰতিপালকৰ কৃতজ্ঞতা জ্ঞাপন কৰিব, সেই কৃতজ্ঞতাৰ প্ৰতিফল তেওঁ নিজেই ভোগ কৰিব। কাৰণ আল্লাহ কৃতজ্ঞতাৰ মুখাপেক্ষী নহয়। আনহাতে যিয়ে আল্লাহৰ নিয়ামতক অস্বীকাৰ কৰিব আৰু অকৃতজ্ঞ হ’ব, এই অকৃতজ্ঞতাৰ ক্ষতিৰ সন্মুখীন সি নিজেই হ’ব। সি আল্লাহৰ একো ক্ষতি কৰিব নোৱাৰিব। কাৰণ তেওঁ সকলো সৃষ্টিৰ পৰা অমুখাপেক্ষী। সকলো অৱস্থাতেই প্ৰশংসনীয়।

31:13Страница 412

وَإِذۡ قَالَ لُقۡمَٰنُ لِٱبۡنِهِۦ وَهُوَ يَعِظُهُۥ يَٰبُنَيَّ لَا تُشۡرِكۡ بِٱللَّهِۖ إِنَّ ٱلشِّرۡكَ لَظُلۡمٌ عَظِيمٞ ١٣

Вот Лукман сказал своему сыну, наставляя его: «О сын мой! Не приобщай к Аллаху сотоварищей, ибо многобожие является великой несправедливостью».

হে ৰাছুল! স্মৰণ কৰক, যেতিয়া লুকমানে তেওঁৰ পুত্ৰক কল্যাণৰ উপদেশ প্ৰদান কৰি আৰু বেয়া কৰ্মৰ পৰা সতৰ্ক কৰি কৈছিলঃ হে মোৰ পুত্ৰ! আল্লাহৰ ইবাদতত আনক অংশীদাৰ স্থাপন নকৰিবা। কাৰণ আল্লাহৰ সৈতে আন কোনো উপাস্যৰ উপাসনা কৰাটো মহা অন্যায়। নিশ্চিতভাৱে এইটো মহাপাপ, আৰু ইয়াৰ ফলত মানুহ চিৰস্থায়ী জাহান্নামী হয়।

31:14Страница 412

وَوَصَّيۡنَا ٱلۡإِنسَٰنَ بِوَٰلِدَيۡهِ حَمَلَتۡهُ أُمُّهُۥ وَهۡنًا عَلَىٰ وَهۡنٖ وَفِصَٰلُهُۥ فِي عَامَيۡنِ أَنِ ٱشۡكُرۡ لِي وَلِوَٰلِدَيۡكَ إِلَيَّ ٱلۡمَصِيرُ ١٤

Мы заповедали человеку делать добро его родителям. Его мать носила его, испытывая изнеможение за изнеможением, и отняла его от груди в два года. Благодари Меня и своих родителей, ибо ко Мне предстоит прибытие.

আমি মানুহক সিহঁতৰ পিতৃ-মাতৃৰ সৈতে সদ্ব্যৱহাৰ কৰাৰ আৰু তেওঁলোকৰ সৈতে সদাচৰণ কৰাৰ আদেশ দিছোঁ, কিন্তু তেওঁলোকে যদি আল্লাহৰ অবাধ্যতামূলক কোনো নিৰ্দেশ দিয়ে তেন্তে সেই নিৰ্দেশ পালন কৰা সিহঁতৰ বাবে বৈধ নহয়। মাকে কষ্টৰ ওপৰত কষ্ট সহ্য কৰি তাক পেটত বহন কৰিছে, আৰু দুবছৰ পৰ্যন্ত পিয়াহ খুওৱাইছে। আমি তাক কৈছোঁ, আল্লাহে তোমাক যি নিয়ামত দান কৰিছে, তাৰ বাবে তুমি তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰা। তাৰ পিছত তোমাৰ পিতৃ-মাতৃৰ কৃতজ্ঞতা জ্ঞাপন কৰা, কাৰণ তেওঁলোকে তোমাক লালন-পালন কৰিছে আৰু চোৱাচিতা কৰিছে। সকলোৱে মোৰ ওচৰতেই প্ৰত্যাৱৰ্তন কৰিব আৰু আমি প্ৰত্যেককে উপযুক্ত প্ৰতিদান দান কৰিম।

31:15Страница 412

وَإِن جَٰهَدَاكَ عَلَىٰٓ أَن تُشۡرِكَ بِي مَا لَيۡسَ لَكَ بِهِۦ عِلۡمٞ فَلَا تُطِعۡهُمَاۖ وَصَاحِبۡهُمَا فِي ٱلدُّنۡيَا مَعۡرُوفٗاۖ وَٱتَّبِعۡ سَبِيلَ مَنۡ أَنَابَ إِلَيَّۚ ثُمَّ إِلَيَّ مَرۡجِعُكُمۡ فَأُنَبِّئُكُم بِمَا كُنتُمۡ تَعۡمَلُونَ ١٥

А если они будут сражаться с тобой, чтобы ты приобщил ко Мне сотоварищей, о которых у тебя нет знаний, то не повинуйся им, но сопровождай их в этом мире по-доброму и следуй путем тех, кто обратился ко Мне. Потом вам предстоит вернуться ко Мне, и Я поведаю вам о том, что вы совершили.

পিতৃ-মাতৃয়ে যদি তোমাক আল্লাহৰ সৈতে শ্বিৰ্ক কৰিবলৈ হেঁচা প্ৰয়োগ কৰে, তেন্তে এই ক্ষেত্ৰত তুমি তেওঁলোকৰ কথা নামানিবা। কাৰণ আল্লাহৰ অবাধ্যতা কৰি সৃষ্টিৰ আনুগত্য কৰাটো কেতিয়াও বৈধ নহয়। ইয়াৰ বাহিৰে, তেওঁলোকৰ সৈতে পৃথিৱীত সদ্ব্যৱহাৰ কৰিবা, সদাচৰণ কৰিবা আৰু আত্মীয়তাৰ প্ৰাপ্য অধিকাৰ সম্পূৰ্ণৰূপে আদায় কৰিবা। লগতে সেইসকল লোকৰ পথ অনুসৰণ কৰিবা, যিসকলে তাওহীদ আৰু আনুগত্যৰ জৰিয়তে মোৰ ওচৰলৈ প্ৰত্যাৱৰ্তন কৰে। ইয়াৰ পিছত কিয়ামতৰ দিনা তোমালোক সকলোৱে মোৰ ওচৰলৈকেই উভতি আহিব লাগিব। তেতিয়া মই তোমালোকক জনাই দিম যে, তোমালোকে পৃথিৱীত কি কি কৰ্ম কৰিছিলা। আৰু তোমালোকক সেইবোৰৰ প্ৰতিদানো দান কৰিম।

31:16Страница 412

يَٰبُنَيَّ إِنَّهَآ إِن تَكُ مِثۡقَالَ حَبَّةٖ مِّنۡ خَرۡدَلٖ فَتَكُن فِي صَخۡرَةٍ أَوۡ فِي ٱلسَّمَٰوَٰتِ أَوۡ فِي ٱلۡأَرۡضِ يَأۡتِ بِهَا ٱللَّهُۚ إِنَّ ٱللَّهَ لَطِيفٌ خَبِيرٞ ١٦

О сын мой! Если нечто весом с горчичное зернышко будет внутри скалы, или на небесах, или в земле, то Аллах принесет его. Воистину, Аллах - Проницательный (или Добрый), Ведающий.

হে মোৰ মৰমৰ পুত্ৰ! পুণ্যই হওক অথবা পাপকৰ্ম, যিমানেই সৰু নহওক কিয়, উদাহৰণস্বৰূপে যদি সৰিয়হৰ বীজ পৰিমাণো হয়, আৰু সেইটো যদি কোনো প্ৰকাণ্ড শিলৰ ভিতৰত থাকে যিটোক মানুহৰ দৃষ্টিয়ে অৱলোকন কৰিব নোৱাৰে, অথবা আকাশ আৰু পৃথিৱীৰ যি ঠাইতেই নাথাকক কিয়, কিয়ামতৰ দিনা আল্লাহে সেইটোক নিশ্চিতভাৱে উপস্থিত কৰিব। তথা বান্দাক ইয়াৰ প্ৰতিদান দান কৰিব। নিশ্চয় আল্লাহ সুক্ষ্মদৰ্শী, সৰুতকৈ সৰু বস্তু এটাও তেওঁৰ পৰা অগোচৰ নহয়। তেওঁ সেই বস্তুৰ বাস্তৱিকতা আৰু স্থান সম্পৰ্কে সম্যক অৱগত।

31:17Страница 412

يَٰبُنَيَّ أَقِمِ ٱلصَّلَوٰةَ وَأۡمُرۡ بِٱلۡمَعۡرُوفِ وَٱنۡهَ عَنِ ٱلۡمُنكَرِ وَٱصۡبِرۡ عَلَىٰ مَآ أَصَابَكَۖ إِنَّ ذَٰلِكَ مِنۡ عَزۡمِ ٱلۡأُمُورِ ١٧

О сын мой! Совершай намаз, повелевай совершать одобряемое, запрещай предосудительное и терпеливо сноси все, что постигает тебя. Воистину, в этих делах надлежит проявлять решимость.

হে মোৰ পুত্ৰ! পৰিপূৰ্ণ নিয়ম-নীতিৰ সৈতে চালাত আদায় কৰিবা তথা ইয়াক প্ৰতিষ্ঠা কৰিবা। লগতে সৎকৰ্মৰ আদেশ দিবা আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰিবা। তথা এই পথত যিমানবোৰ কষ্টৰ সন্মুখীন হ’বা, সেই সকলো পৰিস্থিতিতেই ধৈৰ্য্য ধাৰণ কৰিবা। ইয়াত তোমাক যিবোৰ বিষয়ৰ আদেশ দিয়া হৈছে, দৰাচলতে আল্লাহেই এইবোৰ নিৰ্ধাৰণ কৰিছে, সেই সকলোবোৰ কৰা তোমাৰ বাবে অনিবাৰ্য। ইয়াত তোমাৰ বাবে কোনো বিকল্প নাই।

31:18Страница 412

وَلَا تُصَعِّرۡ خَدَّكَ لِلنَّاسِ وَلَا تَمۡشِ فِي ٱلۡأَرۡضِ مَرَحًاۖ إِنَّ ٱللَّهَ لَا يُحِبُّ كُلَّ مُخۡتَالٖ فَخُورٖ ١٨

Не отворачивай своего лица от людей из высокомерия и не шествуй по земле кичливо. Воистину, Аллах не любит всяких гордецов и бахвалов.

অহংকাৰ কৰি মানুহৰ পৰা নিজৰ মুখ ঘূৰাই নল’বা, আৰু পৃথিৱীত অতিমাত্ৰা আনন্দিত হৈ তথা নিজক উৎকৃষ্ট বুলি ভাৱি গৌৰৱ দেখুৱাই চলাফুৰা নকৰিবা। কাৰণ নিশ্চয় আল্লাহে সেইসকল লোকক ভাল নাপায়, যিসকলে চলাফুৰাত অহংকাৰ কৰে আৰু নিয়ামত পাই মানুহৰ সন্মুখত গৌৰৱ কৰে, লগতে আল্লাহৰ কৃতজ্ঞতাও জ্ঞাপন নকৰে।

31:19Страница 412

وَٱقۡصِدۡ فِي مَشۡيِكَ وَٱغۡضُضۡ مِن صَوۡتِكَۚ إِنَّ أَنكَرَ ٱلۡأَصۡوَٰتِ لَصَوۡتُ ٱلۡحَمِيرِ ١٩

Ступай размеренной поступью и понижай свой голос, ибо самый неприятный голос - это рев осла.

চলাফুৰাত মধ্যম পন্থা অৱলম্বন কৰিবা তথা ভাৰসাম্য বজায় ৰাখিবা। বেছি দ্ৰুত গতিতো খোজ নাকাঢ়িবা আৰু অতি লাহে লাহেও নাকাঢ়িবা। চাল-চলনত যাতে প্ৰতিষ্ঠাৰ উমান পোৱা যায়। তোমাৰ কণ্ঠস্বৰ অৱনত ৰাখিবা। চিঞৰি নামাতিবা, মানুহে যাতে কষ্ট নাপায়। নিশ্চিতভাৱে আটাইতকৈ অপ্ৰীতিকৰ মাত হৈছে গাধৰ মাত। কাৰণ গাধৰ কণ্ঠস্বৰ অতি উচ্চ।

31:20Страница 413

أَلَمۡ تَرَوۡاْ أَنَّ ٱللَّهَ سَخَّرَ لَكُم مَّا فِي ٱلسَّمَٰوَٰتِ وَمَا فِي ٱلۡأَرۡضِ وَأَسۡبَغَ عَلَيۡكُمۡ نِعَمَهُۥ ظَٰهِرَةٗ وَبَاطِنَةٗۗ وَمِنَ ٱلنَّاسِ مَن يُجَٰدِلُ فِي ٱللَّهِ بِغَيۡرِ عِلۡمٖ وَلَا هُدٗى وَلَا كِتَٰبٖ مُّنِيرٖ ٢٠

Неужели вы не видите, что Аллах подчинил вам то, что на небесах, и то, что на земле, и одарил вас сполна Своими явными и незримыми благами? Но среди людей находится такой, который спорит об Аллахе, не имея ни знания, ни верного руководства, ни озаряющего Писания.

হে মানৱজাতি! তোমালোকে লক্ষ্য নকৰা নেকি তথা দেখা নোপোৱা নেকি যে, আকাশমণ্ডলত থকা সূৰ্য্য, চন্দ্ৰ আৰু তাৰকাৰাজীৰ পৰা উপকৃত হ’বলৈ আল্লাহে তোমালোকৰ বাবে সহজ কৰি দিছে। লগতে পৃথিৱীত থকা জীৱ-জন্তু আৰু গছ-গছনিৰ দ্বাৰাও উপকৃত হোৱাৰ পথ সুগম কৰি দিছে। তোমালোকৰ ওপৰত তেওঁ সকলো প্ৰকাৰ নিয়ামত সম্পূৰ্ণ কৰি দিছে, দৃশ্যমান হওক অথবা অদৃশ্যমান। দৃশ্যমান নিয়ামত যেনেঃ সুন্দৰ আকৃতি আৰু সৌন্দৰ্যময় গঠন আদি। অদৃশ্যমান নিয়ামত যেনেঃ বিবেক আৰু জ্ঞান আদি। এই নিয়ামতসমূহৰ পিছতো কিছুমান লোক এনেকুৱা আছে, যিসকলে স্পষ্ট কোনো কিতাব নোহোৱাকৈ তথা বিবেক-বুদ্ধিহীনভাৱে, লগতে অহীৰ ওপৰত ভিত্তি নথকা যুক্তিলৈ তথ্যহীনভাৱে আল্লাহৰ তাওহীদ সম্পৰ্কে বাদানুবাদ কৰে।

31:21Страница 413

وَإِذَا قِيلَ لَهُمُ ٱتَّبِعُواْ مَآ أَنزَلَ ٱللَّهُ قَالُواْ بَلۡ نَتَّبِعُ مَا وَجَدۡنَا عَلَيۡهِ ءَابَآءَنَآۚ أَوَلَوۡ كَانَ ٱلشَّيۡطَٰنُ يَدۡعُوهُمۡ إِلَىٰ عَذَابِ ٱلسَّعِيرِ ٢١

Когда им говорят: «Следуйте за тем, что ниспослал Аллах!». - они говорят: «О нет! Мы будем следовать тому, чему следовали наши отцы». А если дьявол позовет их к мучениям в Пламени?

আল্লাহৰ তাওহীদ সম্পৰ্কে বাদানুবাদ কৰা এই লোকসকলক যেতিয়া কোৱা হয় যে, আল্লাহে তেওঁৰ ৰাছুলৰ ওপৰত যি অহী প্ৰেৰণ কৰিছে তোমালোকে তাৰ অনুসৰণ কৰা। তেতিয়া সিহঁতে কয়ঃ আমি সেইটো কেতিয়াও অনুসৰণ নকৰোঁ। বৰং আমি আমাৰ পূৰ্বৱৰ্তী লোকসকলক যিবোৰ উপাস্যৰ উপাসনা কৰা দেখিছোঁ আমি কেৱল সেইবোৰৰেই অনুসৰণ কৰিম। (কওকচোন!) যদি চয়তানে সিহঁতক আহ্বান কৰি (মূৰ্ত্তি পূজাৰ জৰিয়তে পথভ্ৰষ্ট কৰি) কিয়ামতৰ দিনা জাহান্নামৰ শাস্তিৰ সন্মুখীন কৰায়, তথাপিও সিহঁতে পূৰ্বৱৰ্তীসকলৰ অনুসৰণ কৰিবনে?!

31:22Страница 413

۞ وَمَن يُسۡلِمۡ وَجۡهَهُۥٓ إِلَى ٱللَّهِ وَهُوَ مُحۡسِنٞ فَقَدِ ٱسۡتَمۡسَكَ بِٱلۡعُرۡوَةِ ٱلۡوُثۡقَىٰۗ وَإِلَى ٱللَّهِ عَٰقِبَةُ ٱلۡأُمُورِ ٢٢

Кто подчинил свой лик Аллаху, будучи творящим добро, тот ухватился за надежную рукоять, а решение всех дел - за Аллахом.

যিয়ে আল্লাহ অভিমুখে হৈ নিৰ্ভেজালভাৱে তেওঁৰ ইবাদত কৰিব তথা সৎকৰ্ম কৰিব। তেওঁ নিশ্চিতভাৱে এটা মজবুত ৰছী ধাৰণ কৰিছে, যিটো বিচ্ছিন্ন হোৱাৰ কোনো আশংকা নাই। নাজাতৰ আশাবাদী লোকেই এনেকুৱা ৰছী মজবুতভাৱে ধাৰণ কৰে। সকলো কৰ্ম একমাত্ৰ আল্লাহৰ ওচৰতেই উভতি যায়। আৰু তেৱেঁই প্ৰত্যেককে উপযুক্ত প্ৰতিদান দান কৰিব।

31:23Страница 413

وَمَن كَفَرَ فَلَا يَحۡزُنكَ كُفۡرُهُۥٓۚ إِلَيۡنَا مَرۡجِعُهُمۡ فَنُنَبِّئُهُم بِمَا عَمِلُوٓاْۚ إِنَّ ٱللَّهَ عَلِيمُۢ بِذَاتِ ٱلصُّدُورِ ٢٣

А если кто не уверовал, то пусть его неверие не печалит тебя. Им предстоит вернутся к Нам, и Мы поведаем им о том, что они совершили. Воистину, Аллах знает о том, что в груди.

হে ৰাছুল! যিসকলে আল্লাহক অস্বীকাৰ কৰিছে, সিহঁতৰ কুফৰী কৰ্মত যাতে আপুনি চিন্তিত নহয়। কাৰণ কিয়ামতৰ দিনা আমাৰ ওচৰতেই সিহঁতে উভতি আহিব লাগিব। তেতিয়া আমি পৃথিৱীত কৰা সিহঁতৰ পাপকৰ্মবোৰ এটা এটাকৈ উদঙাই দিম। আৰু ইয়াৰ উচিত শাস্তিও প্ৰদান কৰিম। নিশ্চয় আল্লাহ অন্তৰৰ সকলো গোপন তথ্য সম্পৰ্কে সৰ্বজ্ঞ। অন্তৰৰ কোনো বিষয়েই তেওঁৰ পৰা গোপন নহয়।

31:24Страница 413

نُمَتِّعُهُمۡ قَلِيلٗا ثُمَّ نَضۡطَرُّهُمۡ إِلَىٰ عَذَابٍ غَلِيظٖ ٢٤

Мы позволим им пользоваться благами недолгое время, а потом принудим к страшным мучениям.

পৃথিৱীত আমি সিহঁতক ভোগ-বিলাসৰ কিছুমান সামগ্ৰী প্ৰদান কৰি কিছু সময় উপভোগ কৰা সুযোগ প্ৰদান কৰিম। ইয়াৰ পিছত কিয়ামতৰ দিনা আমি সিহঁতক কঠিন শাস্তিৰ পিনে অৰ্থাৎ জাহান্নামৰ শাস্তিৰ পিনে বলপূৰ্বকভাৱে খেদি লৈ যাম।

31:25Страница 413

وَلَئِن سَأَلۡتَهُم مَّنۡ خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ لَيَقُولُنَّ ٱللَّهُۚ قُلِ ٱلۡحَمۡدُ لِلَّهِۚ بَلۡ أَكۡثَرُهُمۡ لَا يَعۡلَمُونَ ٢٥

Если ты спросишь их: «Кто сотворил небеса и землю?». - они непременно скажут: «Аллах». Скажи: «Хвала Аллаху!». Но большинство их не знает.

হে ৰাছুল! আপুনি যদি এই মুশ্বৰিকসকলক সোধে যে, আকাশমণ্ডল কোনে সৃষ্টি কৰিছে? তথা পৃথিৱী কোনে সৃষ্টি কৰিছে? তেন্তে সিহঁতে নিশ্চয় ক’বঃ আল্লাহে সৃষ্টি কৰিছে। আপুনি সিহঁতক কৈ দিয়কঃ সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, যিজনে তোমালোকৰ ওপৰত প্ৰমাণ স্পষ্ট কৰি দিছে। কিন্তু সিহঁতৰ মাজৰ অধিকাংশ লোকেই নিজৰ অজ্ঞানতাৰ কাৰণে নাজানে যে, প্ৰকৃত প্ৰশংসাৰ উপযুক্ত কোন।

31:26Страница 413

لِلَّهِ مَا فِي ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۚ إِنَّ ٱللَّهَ هُوَ ٱلۡغَنِيُّ ٱلۡحَمِيدُ ٢٦

Аллаху принадлежит то, что на небесах и на земле. Воистину, Аллах - Богатый, Достохвальный.

আকাশমণ্ডল আৰু পৃথিৱীত থকা সকলোবোৰ বস্তু একমাত্ৰ আল্লাহৰেই। তেৱেঁই সৃষ্টি কৰিছে, তেৱেঁই মালিক আৰু তেৱেঁই এইবোৰক নিয়ন্ত্ৰণ কৰে। নিশ্চিতভাৱে আল্লাহ সকলো সৃষ্টিজগতৰ পৰা অমুখাপেক্ষী। পৃথিৱী আৰু আখিৰাতত তেৱেঁই প্ৰশংসিত।

31:27Страница 413

وَلَوۡ أَنَّمَا فِي ٱلۡأَرۡضِ مِن شَجَرَةٍ أَقۡلَٰمٞ وَٱلۡبَحۡرُ يَمُدُّهُۥ مِنۢ بَعۡدِهِۦ سَبۡعَةُ أَبۡحُرٖ مَّا نَفِدَتۡ كَلِمَٰتُ ٱللَّهِۚ إِنَّ ٱللَّهَ عَزِيزٌ حَكِيمٞ ٢٧

Если бы все деревья земли стали письменными тростями, а за морем чернил находилось еще семь морей, то не исчерпались бы Слова Аллаха. Воистину, Аллах - Могущественный, Мудрый.

পৃথিৱীৰ বুকুত থকা সকলো গছ-গছনি কাটি যদি কলম বনোৱা হয়, আৰু সাগৰবোৰক যদি চিয়াঁহী বনোৱা হয়, তথাপিও আল্লাহৰ প্ৰশংসা সমাপ্ত নহ'ব, আনকি ইয়াৰ লগত আৰু সাত সাগৰক যদি সংযুক্ত কৰা হয় তথাপিও নহ'ব। কাৰণ তেওঁৰ প্ৰশংসাৰ কোনো অন্ত নাই। নিশ্চয় আল্লাহ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত আৰু পৰিচালনাত মহাপ্ৰজ্ঞাৱান।

31:28Страница 413

مَّا خَلۡقُكُمۡ وَلَا بَعۡثُكُمۡ إِلَّا كَنَفۡسٖ وَٰحِدَةٍۚ إِنَّ ٱللَّهَ سَمِيعُۢ بَصِيرٌ ٢٨

Сотворение и воскрешение ваше подобно сотворению и воскрешению одного человека. Воистину, Аллах - Слышащий, Видящий.

হে মানৱজাতি! কিয়ামতৰ দিনা তোমালোকক হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে সৃষ্টি কৰা আৰু পুনৰুত্থিত কৰা বিষয়টো এটা প্ৰাণ সৃষ্টি কৰাৰ দৰেই সহজ। নিশ্চয় আল্লাহ সকলো কথা শ্ৰৱণকাৰী। কোনো কথা শুনিবলৈ তেওঁক আন কোনো কথাই অসুবিধা নকৰে। এটা বস্তু দেখিবলৈ তেওঁ আনটো বস্তুৰ পৰা কেতিয়াও অমনোযোগী নহয়। ঠিক সেইদৰে কোনো এটা প্ৰাণীক সৃষ্টি কৰিবলৈ আৰু পুনৰুত্থিত কৰিবলৈ আন কোনো প্ৰাণীৰ সৃষ্টিৰ পৰা তথা পুনৰুত্থান কৰাৰ পৰা তেওঁ অমনোযোগী নহয়।

31:29Страница 414

أَلَمۡ تَرَ أَنَّ ٱللَّهَ يُولِجُ ٱلَّيۡلَ فِي ٱلنَّهَارِ وَيُولِجُ ٱلنَّهَارَ فِي ٱلَّيۡلِ وَسَخَّرَ ٱلشَّمۡسَ وَٱلۡقَمَرَۖ كُلّٞ يَجۡرِيٓ إِلَىٰٓ أَجَلٖ مُّسَمّٗى وَأَنَّ ٱللَّهَ بِمَا تَعۡمَلُونَ خَبِيرٞ ٢٩

Разве ты не видишь, что Аллах удлиняет день за счет ночи и удлиняет ночь за счет дня, и подчинил солнце и луну, которые движутся к назначенному сроку, и что Аллаху ведомо о том, что вы совершаете?

তোমালোকে লক্ষ্য কৰা নাইনে, আল্লাহে ৰাতিক হ্ৰাস কৰে দিনৰ পৰিধি বৃদ্ধি কৰিবলৈ। আনহাতে দিনক হ্ৰাস কৰে ৰাতিৰ পৰিধি বৃদ্ধি কৰিবলৈ। তেৱেঁই সূৰ্য্য আৰু চন্দ্ৰৰ বাবে গতিপথ নিৰ্ধাৰণ কৰিছে, সেয়ে সেইবোৰে নিৰ্দিষ্ট সময়লৈকে নিজ নিজ গতি পথত ঘূৰি আছে। তোমালোকৰ সকলো কৰ্ম সম্পৰ্কে আল্লাহ নিশ্চিতভাৱে অৱগত। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। শীঘ্ৰেই তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।

31:30Страница 414

ذَٰلِكَ بِأَنَّ ٱللَّهَ هُوَ ٱلۡحَقُّ وَأَنَّ مَا يَدۡعُونَ مِن دُونِهِ ٱلۡبَٰطِلُ وَأَنَّ ٱللَّهَ هُوَ ٱلۡعَلِيُّ ٱلۡكَبِيرُ ٣٠

Это потому, что Аллах является Истиной, а все, к чему взывают помимо Него, является ложью, а также потому, что Аллах - Возвышенный, Большой.

এইবোৰৰ যোগান আৰু নিৰ্ধাৰণে এই কথাৰ সাক্ষ্য বহন কৰে যে, একমাত্ৰ আল্লাহেই সত্য। তেওঁ সত্তাগতভাৱে, বৈশিষ্ট্যগতভাৱে আৰু তেওঁৰ সকলো কৰ্মত সত্যবাদী। আনহাতে মুশ্বৰিকসকলে আল্লাহক এৰি যিবোৰ উপাস্যৰ উপাসনা কৰে সেই সকলোবোৰ হৈছে অসত্য, তথা সেইবোৰৰ কোনো ভিত্তি নাই। নিশ্চয় তেওঁ সত্তাগতভাৱে, শক্তি সমাৰ্থৰ ফালেৰে তেওঁৰ সকলো সৃষ্টিতকৈ মহান তথা সুউচ্চ। তেওঁৰ ওপৰত আন কোনো নাই। তেৱেঁই সকলোতকৈ মহান।

31:31Страница 414

أَلَمۡ تَرَ أَنَّ ٱلۡفُلۡكَ تَجۡرِي فِي ٱلۡبَحۡرِ بِنِعۡمَتِ ٱللَّهِ لِيُرِيَكُم مِّنۡ ءَايَٰتِهِۦٓۚ إِنَّ فِي ذَٰلِكَ لَأٓيَٰتٖ لِّكُلِّ صَبَّارٖ شَكُورٖ ٣١

Разве ты не видишь, что по милости Аллаха корабль плывет по морю, чтобы Он показал вам некоторые из Своих знамений? Воистину, в этом - знамения для каждого, кто терпелив и благодарен.

তোমালোকে লক্ষ্য কৰা নাইনে, তেওঁৰ অনুগ্ৰহ আৰু বশীকৰণৰ ফলতেই নদ-নদী আৰু সাগৰত নৌ-যানসমূহ চলাচল কৰে। হে মানৱজাতি! এইবোৰৰ দ্বাৰা তেওঁ তোমালোকক তেওঁৰ ক্ষমতা আৰু অনুগ্ৰহৰ নিদৰ্শনসমূহ দেখুৱাব বিচাৰে। নিশ্চিতভাৱে এইবোৰৰ মাজত আছে সেইসকল লোকৰ বাবে আল্লাহৰ ক্ষমতাৰ নিদৰ্শন, যিসকলে দুখ-কষ্টত ধৈৰ্য্য ধাৰণ কৰে আৰু স্বচ্ছলতাৰ সময়ত আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰে।

31:32Страница 414

وَإِذَا غَشِيَهُم مَّوۡجٞ كَٱلظُّلَلِ دَعَوُاْ ٱللَّهَ مُخۡلِصِينَ لَهُ ٱلدِّينَ فَلَمَّا نَجَّىٰهُمۡ إِلَى ٱلۡبَرِّ فَمِنۡهُم مُّقۡتَصِدٞۚ وَمَا يَجۡحَدُ بِـَٔايَٰتِنَآ إِلَّا كُلُّ خَتَّارٖ كَفُورٖ ٣٢

Когда волна накрывает их, словно тень, они взывают к Аллаху, очищая перед Ним свою веру. Когда же Он спасает их и выводит на сушу, то среди них находится тот, кто проявляет умеренность (проявляет покорность или уклоняется от должной благодарности). Но отвергают Наши знамения только неблагодарные изменники.

সাগৰীয় ঢেউ যেতিয়া সিহঁতক পৰ্বত সদৃশ আৰু প্ৰকাণ্ড মেঘৰ দৰে আগুৰি ধৰে, তেতিয়া সিহঁতে একনিষ্ঠভাৱে একমাত্ৰ আল্লাহৰ ইবাদতৰ অঙ্গীকাৰ কৰি তেওঁৰ ওচৰত দুআ কৰিবলৈ ধৰে। এতেকে আল্লাহে যেতিয়া সিহঁতৰ দুআ কবূল কৰে আৰু সিহঁতক বিপদৰ পৰা ৰক্ষা কৰি যেতিয়া সুকলমে স্থলত পৌঁচাই দিয়ে, তেতিয়া সিহঁতৰ মাজৰ কিছুমানে মধ্যম পন্থা বাচি লয়, অৰ্থাৎ যিদৰে আল্লাহৰ কৃতজ্ঞতা কৰা উচিত সেইদৰ নকৰে। পক্ষান্তৰে আন কিছুমানে আল্লাহৰ নিয়ামতসমূহক অস্বীকাৰ কৰি বহে। আমাৰ আয়াতসমূহক কেৱল সেইসকল লোকেই অস্বীকাৰ কৰে, যিসকল হৈছে বিশ্বাসঘাতক, তথা যিয়ে নিয়ামত লাভ কৰাৰ পিছত আল্লাহৰ নিয়ামত অস্বীকাৰ কৰি অকৃতজ্ঞ হৈ পৰে। যিদৰে এই ব্যক্তিয়ে আল্লাহৰ লগত অঙ্গীকাৰ কৰিছিল যে, আল্লাহে যদি তাক বিপদৰ পৰা ৰক্ষা কৰে তেন্তে সি আল্লাহৰ কৃতজ্ঞ হৈ থাকিব।

31:33Страница 414

يَٰٓأَيُّهَا ٱلنَّاسُ ٱتَّقُواْ رَبَّكُمۡ وَٱخۡشَوۡاْ يَوۡمٗا لَّا يَجۡزِي وَالِدٌ عَن وَلَدِهِۦ وَلَا مَوۡلُودٌ هُوَ جَازٍ عَن وَالِدِهِۦ شَيۡـًٔاۚ إِنَّ وَعۡدَ ٱللَّهِ حَقّٞۖ فَلَا تَغُرَّنَّكُمُ ٱلۡحَيَوٰةُ ٱلدُّنۡيَا وَلَا يَغُرَّنَّكُم بِٱللَّهِ ٱلۡغَرُورُ ٣٣

О люди! Бойтесь вашего Господа и страшитесь того дня, когда родитель никак не защитит своего ребенка, а ребенок - своего родителя. Обещание Аллаха истинно, и пусть не обольщает вас мирская жизнь, и пусть соблазнитель (дьявол) не обольщает вас относительно Аллаха.

হে মানৱজাতি! তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। তথা সেই দিৱসটোক ভয় কৰা যিদিনা পিতৃয়েও সন্তানক উপকাৰ কৰিব নোৱাৰিব, আনহাতে সন্তানেও পিতৃক একো উপকাৰ কৰিব নোৱাৰিব। কিয়ামতৰ দিনা প্ৰতিদান দিবলগীয়া আল্লাহৰ এই প্ৰতিশ্ৰুতি নিশ্চিতভাৱে পূৰণ হ’বই হ’ব। এতেকে পাৰ্থিৱ জীৱনৰ ভোগ-সামগ্ৰী আৰু ইয়াৰ মায়াজালত পৰি তোমালোকে যেন প্ৰতাৰিত নোহোৱা। আনহাতে চয়তানেও যেন তোমালোকক প্ৰৱঞ্চনা কৰিব নোৱাৰে, এই আশা দেখুৱাই যে, আল্লাহে তোমালোকৰ প্ৰতি অনুগ্ৰহ কৰিয়ে থাকিব তথা তোমালোকৰ পৰা শাস্তি পিছুৱাই দিয়া হ’ব।

31:34Страница 414

إِنَّ ٱللَّهَ عِندَهُۥ عِلۡمُ ٱلسَّاعَةِ وَيُنَزِّلُ ٱلۡغَيۡثَ وَيَعۡلَمُ مَا فِي ٱلۡأَرۡحَامِۖ وَمَا تَدۡرِي نَفۡسٞ مَّاذَا تَكۡسِبُ غَدٗاۖ وَمَا تَدۡرِي نَفۡسُۢ بِأَيِّ أَرۡضٖ تَمُوتُۚ إِنَّ ٱللَّهَ عَلِيمٌ خَبِيرُۢ ٣٤

Воистину, только Аллах обладает знанием о Часе, ниспосылает дождь и знает о том, что в утробах. Ни один человек не знает, что он приобретет завтра, и ни один человек не знает, в какой земле он умрет. Воистину, Аллах - Знающий, Ведающий.

নিশ্চিতভাৱে কিয়ামতৰ সঠিক জ্ঞান একমাত্ৰ আল্লাহৰ ওচৰতেই আছে। একমাত্ৰ তেৱেঁই জানে কিয়ামত কেতিয়া সংঘটিত হ’ব। তেৱেঁই নিজ ইচ্ছা মতে বৰষুণ অৱতীৰ্ণ কৰে। গৰ্ভত কি আছে সেই সম্পৰ্কে তেৱেঁই জানে, পুত্ৰ সন্তান নে কন্যা সন্তান?! সৌভাগ্যশালী নে দুৰ্ভগীয়া?! কোনেও এই কথা নাজানে যে, সি অহাকালি কি অৰ্জন কৰিব, কল্যাণ নে অকল্যাণ। এই কথাও কোনোৱেই নাজানে যে সি কোন ঠাইত মৃত্যুবৰণ কৰিব। এই সকলোবোৰ তথ্য আছে একমাত্ৰ আল্লাহৰ ওচৰত। নিশ্চয় আল্লাহ এই সকলো বিষয়ে সৰ্বজ্ঞ তথা অৱগত। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয়।

Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии

Содержание

Аят аль-Курси36Аль-Кахфстр. 42джуз 15Бухари 1Муслим 2999

Вид

Тема
Размер текста
Вид

Read in English