Аль-Мухтасар · Тафсир · на ассамском
طه
Та Ха
Та Ха · Мекканская · 135 аятов
(ত্বা-হা) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।
20:2Страница 312
مَآ أَنزَلۡنَا عَلَيۡكَ ٱلۡقُرۡءَانَ لِتَشۡقَىٰٓ ٢
Мы ниспослали тебе Коран не для того, чтобы ты стал несчастен,
হে ৰাছুল! আমি আপোনাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰি ইয়াক কষ্টৰ কাৰণ বনাব বিচৰা নাই যে, আপোনাৰ সম্প্ৰদায়ে আপোনাৰ প্ৰতি ঈমান পোষণ নকৰিব, ফলত আপুনি দুশ্চিন্তাত ভাগি পৰিব।
20:3Страница 312
إِلَّا تَذۡكِرَةٗ لِّمَن يَخۡشَىٰ ٣
а только в качестве назидания для тех, кто страшится.
আমি ইয়াক সেইসকল লোকক স্মৰণ কৰাবলৈ অৱতীৰ্ণ কৰিছোঁ, যিসকলক আল্লাহে তেওঁৰ পৰা ভয় কৰাৰ তাওফীক প্ৰদান কৰিছে।
20:4Страница 312
تَنزِيلٗا مِّمَّنۡ خَلَقَ ٱلۡأَرۡضَ وَٱلسَّمَٰوَٰتِ ٱلۡعُلَى ٤
Это - Ниспослание от Того, Кто сотворил землю и высокие небеса.
ইয়াক আল্লাহে অৱতীৰ্ণ কৰিছে, যিয়ে পৃথিৱী সৃষ্টি কৰিছে আৰু সুউচ্চ আকাশমণ্ডল সৃজন কৰিছে। গতিকে এইখন মহান কোৰআন, কিয়নো এইখন মহান সত্ত্বাৰ তৰফৰ পৰা অৱতীৰ্ণ।
20:5Страница 312
ٱلرَّحۡمَٰنُ عَلَى ٱلۡعَرۡشِ ٱسۡتَوَىٰ ٥
Милостивый вознесся на Трон (или утвердился на Троне).
ৰহমান (অত্যান্ত কৃপাশীল আল্লাহ) নিজৰ আৰচ (সিংহাসন)ৰ ওপৰত এনেকৈ উঠিছে, যেনেকৈ উঠা পৱিত্ৰ আৰু মহান আল্লাহৰ মৰ্যাদা তথা প্ৰতাপৰ বাবে উপযুক্ত।
20:6Страница 312
لَهُۥ مَا فِي ٱلسَّمَٰوَٰتِ وَمَا فِي ٱلۡأَرۡضِ وَمَا بَيۡنَهُمَا وَمَا تَحۡتَ ٱلثَّرَىٰ ٦
Ему принадлежит то, что на небесах, и то, что на земле, и то, что между ними, и то, что под грунтом.
যিমানবোৰ সৃষ্টি আকাশমণ্ডল আৰু পৃথিৱী তথা মাটিৰ তলত আছে, সেই সকলোৰে স্ৰষ্টা, মালিক আৰু সঞ্চালক কেৱলমাত্ৰ পৱিত্ৰ আল্লাহ।
20:7Страница 312
وَإِن تَجۡهَرۡ بِٱلۡقَوۡلِ فَإِنَّهُۥ يَعۡلَمُ ٱلسِّرَّ وَأَخۡفَى ٧
Если даже ты будешь говорить громко, Ему все равно известно тайное и сокрытое.
হে ৰাছুল! আপুনি উচ্চস্বৰে কথা কওক অথবা নিম্নস্বৰে, পৱিত্ৰ আল্লাহে সকলো জানে। তেওঁ গোপন বিষয় তথা গোপন বিষয়তকৈও গোপন, যেনে অন্তৰত উৎপন্ন হোৱা ভাৱনা সম্পৰ্কেও অৱগত। তেওঁৰ পৰা কোনো বিষয়েই গোপন নহয়।
20:8Страница 312
ٱللَّهُ لَآ إِلَٰهَ إِلَّا هُوَۖ لَهُ ٱلۡأَسۡمَآءُ ٱلۡحُسۡنَىٰ ٨
Аллах - Тот, кроме Которого нет иного божества и у Которого самые прекрасные имена.
আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। অকল তেওঁৰ বাবেই আছে এনেকুৱা নাম যিবোৰ সৌন্দৰ্যৰ চৰম সীমাত উপনীত।
হে ৰাছুল! নিশ্চিতভাৱে আপোনাৰ ওচৰলৈ মূছা বিন ইমৰাণ সম্পৰ্কীয় বাৰ্তা আহি পৰিছে।
20:10Страница 312
إِذۡ رَءَا نَارٗا فَقَالَ لِأَهۡلِهِ ٱمۡكُثُوٓاْ إِنِّيٓ ءَانَسۡتُ نَارٗا لَّعَلِّيٓ ءَاتِيكُم مِّنۡهَا بِقَبَسٍ أَوۡ أَجِدُ عَلَى ٱلنَّارِ هُدٗى ١٠
Вот он увидел огонь и сказал своей семье: «Оставайтесь здесь! Я увидел огонь. Быть может, я принесу вам головню или же найду возле огня дорогу».
তেওঁ ভ্ৰমণ অৱস্থাত যেতিয়া এটুকুৰা জুই দেখা পাই নিজ পৰিয়ালক উদ্দেশ্যি কৈছিলঃ তোমালোকে এই স্থানতে অৱস্থান কৰা, মই এটুকুৰা জুই দেখা পাইছোঁ। আশা কৰোঁ তাৰ পৰা তোমালোকৰ বাবে এধানি এঙাৰ লৈ আহিম, নাইবা তাতগৈ কোনো পথপ্ৰদৰ্শকৰ সন্ধান পাম।
20:11Страница 312
فَلَمَّآ أَتَىٰهَا نُودِيَ يَٰمُوسَىٰٓ ١١
Когда он подошел к нему, раздался глас: «О Муса (Моисей)!
কিন্তু যেতিয়া তেওঁ সেই অগ্নিৰ ওচৰ গৈ পালে, তেতিয়া পৱিত্ৰ আল্লাহে তেওঁক “হে মূছা!” বুলি আহ্বান কৰিলেঃ
20:12Страница 312
إِنِّيٓ أَنَا۠ رَبُّكَ فَٱخۡلَعۡ نَعۡلَيۡكَ إِنَّكَ بِٱلۡوَادِ ٱلۡمُقَدَّسِ طُوٗى ١٢
Воистину, Я - твой Господь. Сними же свою обувь. Ты находишься в священной долине Тува (Това).
চোৱা! মই তোমাৰ প্ৰতিপালক! গতিকে মোৰ লগত কথা ক'বলৈ তুমি প্ৰস্তুতি লোৱা আৰু তোমাৰ জুতাযোৰ খুলি থৈ আহা। কিয়নো তুমি এতিয়া পৱিত্ৰ স্থান ‘তুৱা’ত অৱস্থান কৰিছা।
20:13Страница 313
وَأَنَا ٱخۡتَرۡتُكَ فَٱسۡتَمِعۡ لِمَا يُوحَىٰٓ ١٣
Я избрал тебя, и посему прислушайся к тому, что внушается тебе в откровении.
হে মূছা! তোমাক মই মোৰ বাৰ্তা প্ৰচাৰৰ বাবে নিৰ্বাচিত কৰিছোঁ। এতেকে মই তোমাৰ প্ৰতি যি অহী কৰিম সেয়া মনোযোগ সহকাৰে শুনিবা।
20:14Страница 313
إِنَّنِيٓ أَنَا ٱللَّهُ لَآ إِلَٰهَ إِلَّآ أَنَا۠ فَٱعۡبُدۡنِي وَأَقِمِ ٱلصَّلَوٰةَ لِذِكۡرِيٓ ١٤
Воистину, Я - Аллах! Нет божества, кроме Меня. Поклоняйся же Мне и совершай намаз, чтобы помнить обо Мне.
নিশ্চয় ময়েই আল্লাহ। মোৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। এতেকে কেৱল মোৰেই ইবাদত কৰা, আৰু পৰিপূৰ্ণৰূপে ছালাত আদায় কৰা, যাতে তাত মোক স্মৰণ কৰিব পাৰা।
20:15Страница 313
إِنَّ ٱلسَّاعَةَ ءَاتِيَةٌ أَكَادُ أُخۡفِيهَا لِتُجۡزَىٰ كُلُّ نَفۡسِۭ بِمَا تَسۡعَىٰ ١٥
Я едва ли не скрываю Час от Самого Себя, но он непременно настанет, чтобы каждому человеку воздали тем, к чему он стремился.
নিশ্চিতভাৱে কিয়ামত আহিব আৰু অৱশ্যে কিয়ামতৰ দৃশ্যাৱলী সংঘটিত হ'বই হ'ব। কিন্তু বিষয়টো মই গোপন ৰাখিম, কেতিয়া সংঘটিত হ'ব সেই সময় সম্পৰ্কে কোনো সৃষ্টিয়েই জানিবলৈ সক্ষম নহয়। কিন্তু যিহেতু নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইয়াৰ কিছুমান নিদৰ্শন বৰ্ণনা কৰিছিল, সেয়ে মানুহে সেই নিদৰ্শনসমূহ চিনি পাব। কিয়ামতৰ মূল উদ্দেশ্য হৈছে মানুহে যাতে নিজৰ ভাল বেয়া কৰ্মৰ প্ৰতিফল লাভ কৰিব পাৰে।
20:16Страница 313
فَلَا يَصُدَّنَّكَ عَنۡهَا مَن لَّا يُؤۡمِنُ بِهَا وَٱتَّبَعَ هَوَىٰهُ فَتَرۡدَىٰ ١٦
Пусть не отворачивает тебя от него тот, кто не верует в него и потакает своим желаниям, а не то ты погибнешь.
এতেকে কাফিৰসকলে যাতে তোমাক ইয়াৰ প্ৰতি বিশ্বাস কৰাৰ ক্ষেত্ৰত আৰু ইয়াৰ বাবে প্ৰস্তুতি লোৱাৰ ক্ষেত্ৰত তথা নেক আমল কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিব নোৱাৰে। সিহঁতে ইয়াৰ প্ৰতি ঈমান পোষণ নকৰে তথা নিজৰ প্ৰবৃত্তিৰ চাহিদা অনুযায়ী হাৰাম কামত লিপ্ত থাকে। অন্যথা ইয়াৰ ফলত তোমাৰ বিনাশ হ'ব।
20:17Страница 313
وَمَا تِلۡكَ بِيَمِينِكَ يَٰمُوسَىٰ ١٧
Что это у тебя в правой руке, о Муса (Моисей)?».
তথা হে মূছা! তোমাৰ সোঁহাতত এইডাল কি?
20:18Страница 313
قَالَ هِيَ عَصَايَ أَتَوَكَّؤُاْ عَلَيۡهَا وَأَهُشُّ بِهَا عَلَىٰ غَنَمِي وَلِيَ فِيهَا مَـَٔارِبُ أُخۡرَىٰ ١٨
Муса (Моисей) сказал: «Это - мой посох. Я опираюсь на него и сбиваю им листья для моих овец (или отгоняю им моих овец). Я нахожу ему и другое применение».
মূছা আলাইহিচ্ছালামে ক'লেঃ এইডাল হৈছে মোৰ লাখুটি। মই ইয়াৰ সহায়ত খোজকাঢ়োঁ, তথা ইয়াৰ জৰিয়তে মোৰ ছাগলীবোৰৰ বাবে গছৰ পাত সৰাওঁ, ইয়াৰ বাহিৰেও ইয়াৰ দ্বাৰা আৰু বহুতো কাম কৰোঁ।
আল্লাহে ক'লেঃ হে মূছা! তুমি ইয়াক মাটিত নিক্ষেপ কৰা।
20:20Страница 313
فَأَلۡقَىٰهَا فَإِذَا هِيَ حَيَّةٞ تَسۡعَىٰ ٢٠
Он бросил посох, и тот превратился в змею, которая быстро двигалась.
এতেকে মূছা আলাইহিচ্ছালামে সেইডাল মাটিত নিক্ষেপ কৰিলে, চাওঁতে চাওঁতে সেইডাল প্ৰকাণ্ড সাপত ৰূপান্তৰিত হ'ল, তথা আগুৱাই গতি কৰিবলৈ ধৰিলে।
20:21Страница 313
قَالَ خُذۡهَا وَلَا تَخَفۡۖ سَنُعِيدُهَا سِيرَتَهَا ٱلۡأُولَىٰ ٢١
Аллах сказал: «Возьми ее и не бойся. Мы вернем ее в прежнее состояние.
আল্লাহে মূছা আলাইহিচ্ছালামক ক'লেঃ লাখুটিডাল খামুচি ধৰা, সাপলৈ ৰূপান্তৰিত হৈছে বুলি ভয় নকৰিবা। যেতিয়া তুমি ধৰিবা, আমি সেইডালক আগৰ অৱস্থালৈ ৰূপান্তৰিত কৰি দিম।
20:22Страница 313
وَٱضۡمُمۡ يَدَكَ إِلَىٰ جَنَاحِكَ تَخۡرُجۡ بَيۡضَآءَ مِنۡ غَيۡرِ سُوٓءٍ ءَايَةً أُخۡرَىٰ ٢٢
Прижми свою руку к боку, и она выйдет белой (цвета молока, светящейся), без следов болезни. Вот тебе еще одно знамение!
তোমাৰ হাতখনক তোমাৰ কাষলতিৰ তলত লৈ যোৱা। চাবা তোমাৰ হাতখন শুভ্ৰোজ্জ্বল হৈ ওলাই আহিব। কিন্তু উজ্জ্বলতা কোনো বেমাৰৰ বাবে নহয়। বৰং এয়া আল্লাহৰ ফালৰ পৰা তোমাক প্ৰদান কৰা দ্বিতীয় নিদৰ্শন।
20:23Страница 313
لِنُرِيَكَ مِنۡ ءَايَٰتِنَا ٱلۡكُبۡرَى ٢٣
Мы покажем тебе некоторые из Наших величайших знамений.
আমি তোমাক এই দুটা নিদৰ্শন দেখুৱালোঁ, যাতে হে মূছা! আমি তোমাক আমাৰ ক্ষমতাৰ আৰু তুমি যে আল্লাহৰ নবী তাৰ ডাঙৰ ডাঙৰ নিদৰ্শনবোৰ দেখুৱাব পাৰোঁ।
20:24Страница 313
ٱذۡهَبۡ إِلَىٰ فِرۡعَوۡنَ إِنَّهُۥ طَغَىٰ ٢٤
Ступай к Фараону, ибо он преступил границы дозволенного».
হে মূছা! তুমি এতিয়া ফিৰআউনৰ ওচৰলৈ যোৱা। কিয়নো সি কুফৰী আৰু আল্লাহৰ অবাধ্যতাৰ বিদ্ৰোহত সীমা চেৰাই গৈছে।
20:25Страница 313
قَالَ رَبِّ ٱشۡرَحۡ لِي صَدۡرِي ٢٥
Муса (Моисей) сказал: «Господи! Раскрой для меня мою грудь!
মূছা আলাইহিচ্ছালামে ক'লেঃ হে মোৰ প্ৰতিপালক! মোৰ বাবে মোৰ বুকু প্ৰশস্ত কৰি দিয়া। যাতে মই এই পথত সন্মুখীন হোৱা সকলো কষ্ট সহ্য কৰিব পাৰোঁ।
আৰু মোৰ বাবে মোৰ সকলো কৰ্ম সহজ কৰি দিয়া।
তথা মোক স্পষ্টৰূপে কথা কোৱাৰ শক্তি প্ৰদান কৰা।
মই যেতিয়া তোমাৰ বাৰ্তা সিহঁতলৈ পৌঁচাই দিম তেতিয়া সিহঁতে যাতে মোৰ কথা ভালদৰে বুজি পায়।
মোৰ পৰিয়ালৰ মাজৰ পৰা এজনক সহায়ক বনাই দিয়া, যিয়ে মোৰ কামত মোক সহায় কৰিব।
মোৰ ভাতৃ হাৰূনক।
তেওঁৰ জৰিয়তে মোক শক্তিশালী কৰা।
বাৰ্তা পৌঁচাই দিয়া কৰ্মত তেওঁক মোৰ অংশীদাৰ বনাই দিয়া।
যাতে আমি তোমাৰ বেছি বেছি গুণগান কৰিব পাৰোঁ।
যাতে আমি তোমাক বেছি বেছি স্মৰণ কৰিব পাৰোঁ।
নিশ্চয় তুমি আমাক সুক্ষ্মভাৱে চাই আছা। আমাৰ কোনো কৰ্মই তোমাৰ পৰা গোপন নহয়।
20:36Страница 313
قَالَ قَدۡ أُوتِيتَ سُؤۡلَكَ يَٰمُوسَىٰ ٣٦
Аллах сказал: «О Муса (Моисей)! Ты уже получил то, что попросил.
আল্লাহে ক'লেঃ হে মূছা! তুমি যি বিচাৰিছা, আমি তোমাক প্ৰদান কৰিলোঁ।
নিশ্চয় ইয়াৰ পূৰ্বেও আমি তোমাক আৰু এবাৰ উপকাৰ কৰিছোঁ।
20:38Страница 314
إِذۡ أَوۡحَيۡنَآ إِلَىٰٓ أُمِّكَ مَا يُوحَىٰٓ ٣٨
когда внушили твоей матери откровение:
যেতিয়া আমি তোমাৰ মাতৃৰ হৃদয়ত এটা কথা নিক্ষেপ কৰিছিলোঁ, যাৰ ফলত আল্লাহে তোমাক ফিৰআউনৰ চক্ৰান্তৰ পৰা ৰক্ষা কৰিছিল।
20:39Страница 314
أَنِ ٱقۡذِفِيهِ فِي ٱلتَّابُوتِ فَٱقۡذِفِيهِ فِي ٱلۡيَمِّ فَلۡيُلۡقِهِ ٱلۡيَمُّ بِٱلسَّاحِلِ يَأۡخُذۡهُ عَدُوّٞ لِّي وَعَدُوّٞ لَّهُۥۚ وَأَلۡقَيۡتُ عَلَيۡكَ مَحَبَّةٗ مِّنِّي وَلِتُصۡنَعَ عَلَىٰ عَيۡنِيٓ ٣٩
«Положи его в сундук и пусти его по реке, и река выбросит его на берег. Его подберет Мой враг и его враг». Я одарил тебя Своей любовью, и тебя взрастили у Меня на Глазах.
এতেকে তেওঁক ইলহামৰ দ্বাৰা আদেশ প্ৰদান কৰিছিলোঁ যে, মূছাক জন্ম দিয়াৰ পিচত বাকচত ভৰাই সাগৰত উটুৱাই দিবা। ইয়াৰ পিচত সাগৰে আমাৰ আদেশত তেওঁক পাৰত নিক্ষেপ কৰিব। তেতিয়া তেওঁক মোৰ আৰু তেওঁৰ শত্ৰুৱে অৰ্থাৎ ফিৰআউনে তুলি লব। তথা মই মোৰ ফালৰ পৰা তোমাৰ ওপৰত মুহাব্বাত ৰাখি দিছোঁ। যাতে মানুহে তোমাক ভালপায়। যাতে মোৰ চকুৰ সন্মুখতে তথা মোৰ সুৰক্ষা বেষ্টনী আৰু চোৱাচিতাৰ জৰিয়তে তোমাৰ লালন-পালন হয়।
20:40Страница 314
إِذۡ تَمۡشِيٓ أُخۡتُكَ فَتَقُولُ هَلۡ أَدُلُّكُمۡ عَلَىٰ مَن يَكۡفُلُهُۥۖ فَرَجَعۡنَٰكَ إِلَىٰٓ أُمِّكَ كَيۡ تَقَرَّ عَيۡنُهَا وَلَا تَحۡزَنَۚ وَقَتَلۡتَ نَفۡسٗا فَنَجَّيۡنَٰكَ مِنَ ٱلۡغَمِّ وَفَتَنَّٰكَ فُتُونٗاۚ فَلَبِثۡتَ سِنِينَ فِيٓ أَهۡلِ مَدۡيَنَ ثُمَّ جِئۡتَ عَلَىٰ قَدَرٖ يَٰمُوسَىٰ ٤٠
Твоя сестра пришла к семье Фараона и сказала: «Не указать ли вам на ту, которая будет заботиться о нем?». Мы вернули тебя к твоей матери, чтобы порадовался ее взор и чтобы она не горевала. Ты убил человека, и Мы спасли тебя от скорби и подвергли тебя тяжелому испытанию. О Муса (Моисей)! Ты пробыл многие годы среди жителей Мадьяна, а теперь вернулся в срок.
যেতিয়া তোমাৰ ভনী সেই বাকচৰ অনুসৰণ কৰি আছিল, যি পিনে বাকচ গৈছিল সেই পিনেই তেওঁ গতি কৰিছিল। অৱশেষত তেওঁ বাকচ লব ধৰা ব্যক্তিক সম্বোধন কৰি ক'লেঃ মই আপোনাক সেই ব্যক্তিৰ সন্ধান দিমনে যিয়ে ইয়াৰ হিফাজত কৰিব তথা ইয়াক পিয়াহ খোৱাব আৰু লালন-পালন কৰিব? এইদৰে (হে মূছা) আমি তোমাক তোমাৰ মাতৃৰ ওচৰলৈ ওভোতাই দি তোমাৰ প্ৰতি উপকাৰ কৰিছিলোঁ। যাতে তোমাৰ মায়ে তোমাক ওভোতাই পাই আনন্দিত হয় আৰু তোমাক হেৰুৱাৰ বেদনা সহিব নালাগে। তুমি এজন কিবতীক ঘোচা মাৰি হত্যা কৰিছিলা, কিন্তু আমি তোমাক সেই দণ্ডৰ পৰাও ৰক্ষা কৰিছিলোঁ আৰু তোমাক তোমাৰ জীৱনত অহা এটাৰ পিচত এটা পৰীক্ষাৰ পৰা ৰক্ষা কৰিছিলোঁ। ইয়াৰ পিচত তুমি সেই ঠাইৰ পৰা প্ৰস্থান কৰি মাদিয়ানবাসী সকলৰ মাজত কেইবা বছৰ অৱস্থান কৰিছিলা। তাৰ পিচত, হে মূছা! তুমি সেই সময়ত উভতি আহিছা যিটো সময় তোমাৰ সৈতে কথা কোৱাৰ বাবে নিৰ্ধাৰিত আছিল।
আৰু মই তোমাক নিৰ্বাচিত কৰিছোঁ, যাতে তুমি মোৰ ফালৰ পৰা বাৰ্তাবাহক হ'ব পাৰা, আৰু মানুহৰ মাজত সেইটো প্ৰচাৰ কৰিব পাৰা, যিটো মই তোমাৰ ফালে অহী কৰিম।
20:42Страница 314
ٱذۡهَبۡ أَنتَ وَأَخُوكَ بِـَٔايَٰتِي وَلَا تَنِيَا فِي ذِكۡرِي ٤٢
Ступайте же вместе с твоим братом с Моими знамениями и не уставайте поминать Меня.
হে মূছা! তুমি আৰু তোমাৰ ভাই হাৰূন, দুয়ো মিলি আল্লাহৰ ক্ষমতা আৰু একত্ববাদৰ প্ৰমাণ বহন কৰা নিদৰ্শনসমূহ লৈ যোৱা। তোমালোক দুয়োজনে (শুনা)! ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত তথা মোৰ স্মৰণত কেতিয়াও অমনোযোগী নহ'বা।
20:43Страница 314
ٱذۡهَبَآ إِلَىٰ فِرۡعَوۡنَ إِنَّهُۥ طَغَىٰ ٤٣
Ступайте к Фараону вдвоем, ибо он преступил границы дозволенного.
তোমালোক দুয়ো ফিৰআউনৰ ওচৰলৈ যোৱা, কিয়নো সি কুফৰী আৰু আল্লাহৰ অবাধ্যতাৰ ক্ষেত্ৰত সীমা চেৰাই গৈছে।
20:44Страница 314
فَقُولَا لَهُۥ قَوۡلٗا لَّيِّنٗا لَّعَلَّهُۥ يَتَذَكَّرُ أَوۡ يَخۡشَىٰ ٤٤
Говорите с ним мягко, быть может, он прислушается к назиданию или устрашится».
তোমালোকে দুয়ো তাৰ লগত নম্ৰভাৱে আলোচনা কৰিবা, যি আলোচনাত কোনো ধৰণৰ কঠোৰতা নাই। সম্ভৱতঃ সি উপদেশ গ্ৰহণ কৰিব তথা আল্লাহক ভয় কৰি তাওবা কৰিব।
20:45Страница 314
قَالَا رَبَّنَآ إِنَّنَا نَخَافُ أَن يَفۡرُطَ عَلَيۡنَآ أَوۡ أَن يَطۡغَىٰ ٤٥
Они сказали: «Господь наш! Мы боимся, что он поспешит наказать нас или преступит границы дозволенного».
মূছা আৰু হাৰূন আলাইহিমাচ্ছালামে ক'লেঃ আমি আশংকা কৰিছোঁ, আমি তাক নিমন্ত্ৰণ কৰাৰ পূৰ্বেই সি আমাক শাস্তি বিহিব। নাইবা হত্যা তথা অন্য কোনো শাস্তিৰ দ্বাৰা আমাৰ ওপৰত অন্যায়ৰ সীমা অতিক্ৰম কৰিব।
20:46Страница 314
قَالَ لَا تَخَافَآۖ إِنَّنِي مَعَكُمَآ أَسۡمَعُ وَأَرَىٰ ٤٦
Аллах сказал: «Не бойтесь, ибо Я - с вами. Я слышу и вижу.
আল্লাহে তেওঁলোক দুয়োকে সম্বোধন কৰি ক'লেঃ তোমালোক দুয়ো ভয় নকৰিবা। নিশ্চয় সহায় তথা সমৰ্থনৰ বাবে মই তোমালোকৰ লগত আছোঁ। অৱশ্যে মই সেই সকলো বিষয় শুনা পাম তথা চাই থাকিম, যিবোৰ তোমালোকৰ আৰু ফিৰআউনৰ মাজত সংঘটিত হ'ব।
20:47Страница 314
فَأۡتِيَاهُ فَقُولَآ إِنَّا رَسُولَا رَبِّكَ فَأَرۡسِلۡ مَعَنَا بَنِيٓ إِسۡرَٰٓءِيلَ وَلَا تُعَذِّبۡهُمۡۖ قَدۡ جِئۡنَٰكَ بِـَٔايَةٖ مِّن رَّبِّكَۖ وَٱلسَّلَٰمُ عَلَىٰ مَنِ ٱتَّبَعَ ٱلۡهُدَىٰٓ ٤٧
Ступайте к нему вдвоем и скажите: «Мы - посланники твоего Господа. Отпусти с нами сынов Исраила (Израиля) и не причиняй им мучения. Мы явились к тебе со знамением от нашего Господа. Мир тому, кто последовал верному руководству!
এতেকে তোমালোক দুয়ো তাৰ ওচৰলৈ যোৱা আৰু কোৱাগৈ যে, হে ফিৰআউন! নিশ্চয় আমি তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা ৰাছুল হিচাপে প্ৰেৰিত হৈছোঁ। এতেকে বনী ইছৰাঈলক আমাৰ লগত প্ৰেৰণ কৰা, তথা সিহঁতৰ সন্তানক হত্যা কৰি আৰু সিহঁতৰ নাৰীসকলক জীৱিত ৰাখি তুমি সিহঁতক যি শাস্তি প্ৰদান কৰি আছা, সেয়া বন্ধ কৰা। অৱশ্যে আমি তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ ওচৰলৈ আমাৰ সত্যতাৰ প্ৰমাণ লৈ আহিছোঁ, আৰু সেই ব্যক্তিৰ বাবে আল্লাহৰ শাস্তিৰ পৰা সুৰক্ষা কবচ লৈ আহিছোঁ যিয়ে ঈমান পোষণ কৰিব আৰু আল্লাহৰ হিদায়তৰ অনুসৰণ কৰিব।
20:48Страница 314
إِنَّا قَدۡ أُوحِيَ إِلَيۡنَآ أَنَّ ٱلۡعَذَابَ عَلَىٰ مَن كَذَّبَ وَتَوَلَّىٰ ٤٨
Мы получили откровение о том, что мучениям подвергнется всякий, кто счел истину ложью и отвернулся».
দৰাচলতে আল্লাহে আমাৰ প্ৰতি অহী কৰিছে যে, নিশ্চয় পৃথিৱী আৰু আখিৰাতৰ শাস্তি সেই ব্যক্তিৰ ওপৰত অৱধাৰিত, যিয়ে আল্লাহৰ নিদৰ্শনক অস্বীকাৰ কৰিব আৰু ৰাছুলে লৈ অহা শিক্ষাক অৱজ্ঞা কৰিব।
20:49Страница 314
قَالَ فَمَن رَّبُّكُمَا يَٰمُوسَىٰ ٤٩
Фараон сказал: «Кто же ваш Господь, о Муса (Моисей)?».
ফিৰআউনে তেওঁলোকৰ দুয়োৰে কথা অগ্ৰাহ্য কৰি ক'লেঃ হে মূছা! তোমালোকৰ ৰব্ব আকৌ কোন বাৰু, যিয়ে তোমালোকক ৰাছুল হিচাপে মোলৈ প্ৰেৰণ কৰিছে?
20:50Страница 314
قَالَ رَبُّنَا ٱلَّذِيٓ أَعۡطَىٰ كُلَّ شَيۡءٍ خَلۡقَهُۥ ثُمَّ هَدَىٰ ٥٠
Муса (Моисей) ответил: «Господь наш - Тот, Кто придал облик всякой вещи, а затем указал всему путь».
মূছা আলাইহিচ্ছালামে ক'লেঃ সেইজনেই আমাৰ ৰব্ব, যিয়ে প্ৰত্যেককে এটা ৰূপ তথা উচিত আকৃতি প্ৰদান কৰিছে, তাৰ পিচত সকলো সৃষ্টিকেই সেই পথৰ হিদায়ত দিছে যাৰ বাবে সিহঁতক সৃষ্টি কৰা হৈছে।
20:51Страница 314
قَالَ فَمَا بَالُ ٱلۡقُرُونِ ٱلۡأُولَىٰ ٥١
Фараон сказал: «А что будет с первыми поколениями?».
ফিৰআউনে ক'লেঃ তেন্তে বিগত সম্প্ৰদায়সমূহৰ কি গতি হ'ব, যিসকলে কুফৰী অৱস্থাতে মৃত্যুবৰণ কৰিছে?
20:52Страница 315
قَالَ عِلۡمُهَا عِندَ رَبِّي فِي كِتَٰبٖۖ لَّا يَضِلُّ رَبِّي وَلَا يَنسَى ٥٢
Муса (Моисей) ответил: «Знание об этом - у моего Господа в Писании. Мой Господь не ошибается и не забывает».
মূছা আলাইহিচ্ছালামে ফিৰআউনক ক'লেঃ সেই উম্মতসকলৰ বিষয়ে পৰিপূৰ্ণ জ্ঞান মোৰ প্ৰতিপালকৰ ওচৰত লাওহে মাহফুজত লিপিবদ্ধ আছে। মোৰ প্ৰতিপালকৰ জ্ঞানত কোনো ত্ৰুটি নাই, আৰু তেওঁ কেতিয়াও একো নাপাহৰে।
20:53Страница 315
ٱلَّذِي جَعَلَ لَكُمُ ٱلۡأَرۡضَ مَهۡدٗا وَسَلَكَ لَكُمۡ فِيهَا سُبُلٗا وَأَنزَلَ مِنَ ٱلسَّمَآءِ مَآءٗ فَأَخۡرَجۡنَا بِهِۦٓ أَزۡوَٰجٗا مِّن نَّبَاتٖ شَتَّىٰ ٥٣
Он сделал землю для вас колыбелью, проложил для вас на ней дороги и низвел с неба воду. Благодаря ей Мы взрастили различные растения.
সিহঁতৰ বিষয়ে জ্ঞান মোৰ প্ৰতিপালকৰ ওচৰত আছে, যিয়ে তোমালোকৰ বাবে পৃথিৱীখনক বসবাস উপযোগী বনাইছে, তথা তাত তোমালোকৰ বাবে চলাচল কৰিব পৰা সুগম পথ বনাইছে, আৰু তেৱেঁই আকাশৰ পৰা পানী বৰ্ষণ কৰে. যাৰ দ্বাৰা আমি বিভিন্ন প্ৰকাৰৰ উদ্ভিদ উৎপন্ন কৰোঁ।
20:54Страница 315
كُلُواْ وَٱرۡعَوۡاْ أَنۡعَٰمَكُمۡۚ إِنَّ فِي ذَٰلِكَ لَأٓيَٰتٖ لِّأُوْلِي ٱلنُّهَىٰ ٥٤
Вкушайте сами и пасите свой скот. Воистину, в этом - знамения для обладающих разумом.
হে মানৱ! আমি তোমালোকৰ বাবে যি পৱিত্ৰ বস্তু উৎপন্ন কৰিছোঁ সেয়া ভক্ষণ কৰা, তথা তোমালোকৰ ঘৰচীয়া জন্তুবোৰক খাবলৈ দিয়া। নিশ্চয় উক্ত নিয়ামতসমূহৰ মাজত বিবেকৱানসকলৰ বাবে আল্লাহৰ শক্তি আৰু তেওঁৰ একত্বৰ প্ৰমাণ নিহিত আছে।
20:55Страница 315
۞ مِنۡهَا خَلَقۡنَٰكُمۡ وَفِيهَا نُعِيدُكُمۡ وَمِنۡهَا نُخۡرِجُكُمۡ تَارَةً أُخۡرَىٰ ٥٥
Мы сотворили вас из нее (земли), в нее Мы вас вернем и из нее выведем еще раз.
পৃথিৱীৰ মাটিৰেই আমি তোমালোকৰ পিতৃ আদমক সৃষ্টি কৰিছোঁ, এতেকে তোমালোকে যেতিয়া মৃত্যুবৰণ কৰিবা, তেতিয়া এই মাটিতেই তোমালোকক দাফন কৰাম, আকৌ কিয়ামতৰ দিনা আমি তোমালোকক এই মাটিৰ পৰাই পুনৰুত্থিত কৰিম।
20:56Страница 315
وَلَقَدۡ أَرَيۡنَٰهُ ءَايَٰتِنَا كُلَّهَا فَكَذَّبَ وَأَبَىٰ ٥٦
Мы явили ему (Фараону) всевозможные Наши знамения, но он счел их ложью и отказался.
আমি ফিৰআউনৰ সন্মুখত ন টা নিদৰ্শনৰ গোটেই কেইটা প্ৰকট কৰিছিলোঁ, সি সেইবোৰ দেখিও অস্বীকাৰ কৰিছিল। তথা আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিবলৈও অস্বীকাৰ কৰিছিল।
20:57Страница 315
قَالَ أَجِئۡتَنَا لِتُخۡرِجَنَا مِنۡ أَرۡضِنَا بِسِحۡرِكَ يَٰمُوسَىٰ ٥٧
Он сказал: «О Муса (Моисей)! Неужели ты явился к нам, чтобы изгнать нас из нашей земли своим колдовством?
ফিৰআউনে ক'লেঃ হে মূছা! তুমি তোমাৰ যাদুৰ জৰিয়তে আমাক মিচৰৰ পৰা বহিষ্কাৰ কৰিবলৈ আহিছা নেকি, যাতে তুমি ইয়াত শাসন কৰিব পাৰা?
20:58Страница 315
فَلَنَأۡتِيَنَّكَ بِسِحۡرٖ مِّثۡلِهِۦ فَٱجۡعَلۡ بَيۡنَنَا وَبَيۡنَكَ مَوۡعِدٗا لَّا نُخۡلِفُهُۥ نَحۡنُ وَلَآ أَنتَ مَكَانٗا سُوٗى ٥٨
Мы непременно покажем тебе такое же колдовство. Назначь же срок для нашей встречи на открытом месте, где мы будем иметь равные шансы, и никто из нас не должен нарушить его».
এতেকে হে মূছা! নিশ্চয় আমিও তোমাৰ যাদুৰ দৰে যাদু লৈ আহিম। গতিকে আমাৰ আৰু তোমাৰ বাবে স্থান আৰু নিৰ্দিষ্ট সময় এটা নিৰ্ধাৰণ কৰা একত্ৰিত হ'বলৈ। যিটো প্ৰতিশ্ৰুতিৰ পৰা আমিও পিছুৱাই নাযাওঁ আৰু তুমিও পিছুৱাই নাযাবা। তথা সেই স্থান যাতে হয় উপযুক্ত আৰু দুয়ো দলৰ বাবে মধ্যৱৰ্তী ঠাই।
20:59Страница 315
قَالَ مَوۡعِدُكُمۡ يَوۡمُ ٱلزِّينَةِ وَأَن يُحۡشَرَ ٱلنَّاسُ ضُحٗى ٥٩
Муса сказал: «Сроком для вас будет день украшения, и пусть люди соберутся утром».
মূছা আলাইহিচ্ছালামে ফিৰআউনক ক'লেঃ ঠিক আছে, তেনেহ’লে উৎসৱৰ দিনটোকে মই নিৰ্ধাৰণ কৰিলোঁ আমাৰ আৰু তোমাৰ একত্ৰিত হ'বলৈ। যিদিনা মানুহে আগবেলিয়ে উৎসৱ উদযাপন কৰিবলৈ একত্ৰিত হয়।
20:60Страница 315
فَتَوَلَّىٰ فِرۡعَوۡنُ فَجَمَعَ كَيۡدَهُۥ ثُمَّ أَتَىٰ ٦٠
Фараон отвернулся и собрал свои козни (собрал своих колдунов), а затем пришел в назначенный срок.
ইয়াৰ পিচত ফিৰআউন উভতি গ'ল, আৰু চক্ৰান্ত ৰচিবলৈ ধৰিলে তথা নিৰ্দিষ্ট সময়ত নিৰ্ধাৰিত স্থানতগৈ উপস্থিত হ'ল।
20:61Страница 315
قَالَ لَهُم مُّوسَىٰ وَيۡلَكُمۡ لَا تَفۡتَرُواْ عَلَى ٱللَّهِ كَذِبٗا فَيُسۡحِتَكُم بِعَذَابٖۖ وَقَدۡ خَابَ مَنِ ٱفۡتَرَىٰ ٦١
Муса (Моисей) сказал им: «Горе вам! Не возводите навет на Аллаха, а не то Он уничтожит вас, подвергнув мучениям. Неудача постигнет того, кто измышляет ложь».
মূছা আলাইহিচ্ছালামে ফিৰআউনৰ যাদুকৰসকলক উপদেশ দি ক'লেঃ এতিয়াও সময় আছে সাৱধান হোৱা, তোমালোকে যাদুৰ জৰিয়তে মানুহক প্ৰতাৰণা কৰি আল্লাহৰ প্ৰতি মিছা আৰোপ নকৰিবা, অন্যথা আল্লাহে তোমালোকক কোনো শাস্তিৰ জৰিয়তে নিৰ্মূল কৰি পেলাব। কিয়নো যিয়ে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰিব সি নিশ্চিতভাৱে ক্ষতিগ্ৰস্ত।
20:62Страница 315
فَتَنَٰزَعُوٓاْ أَمۡرَهُم بَيۡنَهُمۡ وَأَسَرُّواْ ٱلنَّجۡوَىٰ ٦٢
Они стали спорить между собой о своих действиях и сохранили свой разговор в тайне.
যাদুকৰসকলে মূছা আলাইহিচ্ছালামৰ কথা শুনি তেওঁৰ লগত বাদানুবাদ কৰিবলৈ ধৰিলে আৰু ইজনে সিজনৰ লগত কাণে কাণে কথা পাতিবলৈ ধৰিলে।
20:63Страница 315
قَالُوٓاْ إِنۡ هَٰذَٰنِ لَسَٰحِرَٰنِ يُرِيدَانِ أَن يُخۡرِجَاكُم مِّنۡ أَرۡضِكُم بِسِحۡرِهِمَا وَيَذۡهَبَا بِطَرِيقَتِكُمُ ٱلۡمُثۡلَىٰ ٦٣
Они сказали: «Эти двое мужчин - колдуны. Они хотят колдовством изгнать вас из вашей страны и вдвоем следовать вашим превосходным путем.
সিহঁতে ইজনে সিজনৰ কাণত গোপনভাৱে ক'লেঃ নিশ্চয় মূছা আৰু হাৰূন হৈছে যাদুকৰ, তেওঁলোকে নিজৰ যাদুৰ জৰিয়তে তোমালোকক মিচৰৰ পৰা বহিষ্কাৰ কৰিব বিচাৰে, তথা তোমালোকৰ জীৱন-যাপনৰ উত্তম পদ্ধতি আৰু উচ্চতম সিদ্ধান্তক বিনষ্ট কৰিব বিচাৰে।
20:64Страница 315
فَأَجۡمِعُواْ كَيۡدَكُمۡ ثُمَّ ٱئۡتُواْ صَفّٗاۚ وَقَدۡ أَفۡلَحَ ٱلۡيَوۡمَ مَنِ ٱسۡتَعۡلَىٰ ٦٤
Объедините ваши козни и выстройтесь в ряд. Сегодня преуспеет тот, кто одержит верх».
এতেকে তোমালোকে নিজৰ সিদ্ধান্তত দৃঢ় থাকিবা, এই ক্ষেত্ৰত কোনো মতানৈক্যৰ চিকাৰ নহ'বা, তথা শাৰীবদ্ধভাৱে আগুৱাই যাবা, আৰু তোমালোকৰ হাতত যি যি আছে সেয়া সকলোৱে এবাৰতেই নিক্ষেপ কৰিবা। আজি সেই ব্যক্তিয়ে সফলতা অৰ্জন কৰিব যিয়ে নিজৰ প্ৰতিপক্ষক পৰাস্ত কৰিব পাৰিব।
20:65Страница 316
قَالُواْ يَٰمُوسَىٰٓ إِمَّآ أَن تُلۡقِيَ وَإِمَّآ أَن نَّكُونَ أَوَّلَ مَنۡ أَلۡقَىٰ ٦٥
Они сказали: «О Муса (Моисей)! Ты бросишь первым, или же нам бросать первыми?».
যাদুকৰসকলে মূছা আলাইহিচ্ছালামক ক'লেঃ হে মূছা! আপুনি দুটা বিকল্পৰ যিকোনো এটা গ্ৰহণ কৰক, হ'লে আপুমি প্ৰথমে আপোনাৰ যাদু নিক্ষেপ কৰক, নহ'লে আমি প্ৰথমে আৰম্ভ কৰিম নেকি কওক।
20:66Страница 316
قَالَ بَلۡ أَلۡقُواْۖ فَإِذَا حِبَالُهُمۡ وَعِصِيُّهُمۡ يُخَيَّلُ إِلَيۡهِ مِن سِحۡرِهِمۡ أَنَّهَا تَسۡعَىٰ ٦٦
Он сказал: «Нет, бросайте вы!». И тут ему представилось, что их веревки и посохи от их колдовства пришли в движение.
মূছা আলাইহিচ্ছালামে ক'লেঃ তোমালোকৰ ওচৰত যি আছে সেইবোৰকে প্ৰথমে নিক্ষেপ কৰা। এতেকে সিহঁতে সিহঁতৰ ওচৰত থকা যি যি আছিল নিক্ষেপ কৰিলে, হঠাৎ সিহঁতে নিক্ষেপ কৰা ৰচী আৰু লাখুটিবোৰ যাদুৰ প্ৰভাৱত মূছা আলাইহিচ্ছালামৰ ওচৰত এনেকুৱা প্ৰতীত হ'বলৈ ধৰিলে যেনিবা সেইবোৰ সাপ হৈ দৌৰি আছে।
Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии