Аль-Мухтасар · Тафсир · на ассамском
الكهف
Аль-Кахф
Пещера · Мекканская · 110 аятов
18:1Страница 293
ٱلۡحَمۡدُ لِلَّهِ ٱلَّذِيٓ أَنزَلَ عَلَىٰ عَبۡدِهِ ٱلۡكِتَٰبَ وَلَمۡ يَجۡعَل لَّهُۥ عِوَجَاۜ ١
Хвала Аллаху, Который ниспослал Своему рабу Писание и не допустил в нем неправды,
পৰিপূৰ্ণ আৰু প্ৰতাপৰ বিশেষণসমূহ তথা প্ৰকাশ্য আৰু অপ্ৰকাশ্য নিয়ামতসমূহৰ প্ৰশংসা এককভাৱে কেৱল সেই আল্লাহৰ বাবে নিৰ্দিষ্ট, যি সত্ত্বাই তেওঁৰ বান্দা তথা ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছে। এই কোৰআনত কোনো ধৰণৰ বক্ৰতা নাই তথা সত্যৰ পৰা দূৰ হোৱাৰো অৱকাশ নাই।
18:2Страница 293
قَيِّمٗا لِّيُنذِرَ بَأۡسٗا شَدِيدٗا مِّن لَّدُنۡهُ وَيُبَشِّرَ ٱلۡمُؤۡمِنِينَ ٱلَّذِينَ يَعۡمَلُونَ ٱلصَّٰلِحَٰتِ أَنَّ لَهُمۡ أَجۡرًا حَسَنٗا ٢
и сделал его правильным, чтобы предостеречь неверующих от тяжких мучений от Него и сообщить верующим, совершающим праведные деяния, благую весть о том, что им уготована прекрасная награда,
বৰং ইয়াক সহজ সৰল বনাইছে, ইয়াত কোনো বিভেদ তথা অন্তৰ্বিৰোধ নাই। যাতে ই কাফিৰসকলক আল্লাহৰ সেই শাস্তিৰ পৰা ভয় দেখুৱায়, যাৰ বাবে সিহঁতে অপেক্ষা কৰি আছে। লগতে সৎকৰ্মশীল মুমিনসকলক যাতে সুসংবাদ দিয়ে যে, তেওঁলোকৰ বাবে আছে আনন্দদায়ক উত্তম প্ৰতিদান, যাৰ মোকাবিলাত আন কোনো প্ৰতিদান নাই।
তেওঁলোকে চিৰকাল সেই প্ৰতিদানৰ মাজতেই থাকিব, সেই প্ৰতিদান কেতিয়াও বিচ্ছিন্ন নহ'ব।
18:4Страница 293
وَيُنذِرَ ٱلَّذِينَ قَالُواْ ٱتَّخَذَ ٱللَّهُ وَلَدٗا ٤
и чтобы предостеречь тех, которые говорят: «Аллах взял Себе сына».
লগতে যাতে ইয়াহুদী, খৃষ্টান আৰু সেইসকল মুশ্বৰিকক সাৱধান কৰিব পাৰে, যিসকলে কয়ঃ আল্লাহে সন্তান গ্ৰহণ কৰিছে।
18:5Страница 294
مَّا لَهُم بِهِۦ مِنۡ عِلۡمٖ وَلَا لِأٓبَآئِهِمۡۚ كَبُرَتۡ كَلِمَةٗ تَخۡرُجُ مِنۡ أَفۡوَٰهِهِمۡۚ إِن يَقُولُونَ إِلَّا كَذِبٗا ٥
Знания об этом нет ни у них, ни у их отцов. Тяжки слова, выходящие из их ртов, и говорят они одну только ложь.
আল্লাহৰ সন্তান থকা বুলি দাবী কৰা মিছলীয়াসকলৰ ওচৰত কোনো জ্ঞান তথা উপযুক্ত প্ৰমাণ নাই। আনকি সিহঁতৰ পিতৃপুৰুষসকলৰ ওচৰতো কোনো জ্ঞান নাছিল যে, সেই জ্ঞানৰ অনুসৰণ কৰিব। এনেকুৱা বাক্য উচ্চাৰণ কৰা মহা অপৰাধ, যিবোৰ সিহঁতে নুবুজাকৈ মুখেৰে মাতি আছে। সিহঁতে কোৱা কথাষাৰ প্ৰকাশ্য মিছা, ইয়াৰ কোনো তথ্য তথা ভিত্তি নাই।
18:6Страница 294
فَلَعَلَّكَ بَٰخِعٞ نَّفۡسَكَ عَلَىٰٓ ءَاثَٰرِهِمۡ إِن لَّمۡ يُؤۡمِنُواْ بِهَٰذَا ٱلۡحَدِيثِ أَسَفًا ٦
Ты можешь погубить себя от скорби по их следам (скорбя о том, что они отворачиваются от истины), если они не уверуют в это повествование?
হে ৰাছুল! এনেকুৱা লাগি আছে, সিহঁতে যদি এই কোৰআনৰ প্ৰতি ঈমান পোষণ নকৰে, তেন্তে আপুনি দেখোন দুখ আৰু আক্ষেপত নিজৰেই প্ৰাণ হানি কৰিব। আপুনি দুখ তথা আক্ষেপ নকৰিব। সিহঁতক হিদায়ত দিয়াৰ দায়িত্ব আপোনাৰ নহয়। আপোনাৰ দায়িত্ব হৈছে কেৱল বাৰ্তা পৌঁচাই দিয়া।
18:7Страница 294
إِنَّا جَعَلۡنَا مَا عَلَى ٱلۡأَرۡضِ زِينَةٗ لَّهَا لِنَبۡلُوَهُمۡ أَيُّهُمۡ أَحۡسَنُ عَمَلٗا ٧
Воистину, все, что есть на земле, Мы сделали украшением для нее, чтобы испытать людей ивыявить, чьи деяния окажутся лучше.
পৃথিৱীৰ বুকুত পোৱা সকলো বস্তুকে আমি ইয়াৰ সৌন্দৰ্য বনাই দিছো, যাতে আমি সিহঁতক পৰীক্ষা কৰিব পাৰো, কোনে আল্লাহক সন্তুষ্ট কৰিবলৈ সৎকৰ্ম কৰে আৰু কোনে বেয়া কৰ্ম কৰে। যাতে আমি প্ৰত্যেককে উচিত প্ৰতিদান দিব পাৰো।
18:8Страница 294
وَإِنَّا لَجَٰعِلُونَ مَا عَلَيۡهَا صَعِيدٗا جُرُزًا ٨
Воистину, все, что есть на земле, Мы превратим в безжизненный песок.
পৃথিৱীৰ বুকুত থকা সকলো সৃষ্টিক আমি গছ-গছনিহীন মাটিত পৰিণত কৰিম। এইটো সেই সময়ত সংঘটিত হ'ব, যেতিয়া পৃথিৱীত থকা মখলুকাতৰ অন্ত পৰিব। গতিকে ইয়াৰ পৰা শিক্ষা লোৱা উচিত।
18:9Страница 294
أَمۡ حَسِبۡتَ أَنَّ أَصۡحَٰبَ ٱلۡكَهۡفِ وَٱلرَّقِيمِ كَانُواْ مِنۡ ءَايَٰتِنَا عَجَبًا ٩
Или же ты решил, что люди пещеры и Ракима (название селения, из которого вышли юноши, или плита, на которой были начертаны их имена) были самым удивительным среди Наших знамений?
হে ৰাছুল! আপুনি আচহাবে কাহাফৰ ঘটনা আৰু তেওঁলোকৰ সেই ফলকখন, য’ত তেওঁলোকৰ নামসমূহ লিখা আছিল সেইবোৰক আমাৰ আচৰিত নিদৰ্শন বুলি গণ্য নকৰিব। বৰং ইয়াতকৈও আশ্চৰ্যজনক বস্তু আছে, যেনেঃ আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টি।
18:10Страница 294
إِذۡ أَوَى ٱلۡفِتۡيَةُ إِلَى ٱلۡكَهۡفِ فَقَالُواْ رَبَّنَآ ءَاتِنَا مِن لَّدُنكَ رَحۡمَةٗ وَهَيِّئۡ لَنَا مِنۡ أَمۡرِنَا رَشَدٗا ١٠
Вот юноши укрылись в пещере и сказали: «Господь наш! Даруй нам от Себя милость и устрой наше дело наилучшим образом».
হে ৰাছুল! স্মৰণ কৰক, যেতিয়া কেইজনমান যুৱকে নিজৰ দ্বীন সম্পৰ্কে শংকিত হৈ গুফাত আশ্ৰয় লোৱাৰ বাবে পলায়ন কৰিছিল। তেওঁলোকে প্ৰতিপালকৰ ওচৰত প্ৰাৰ্থনা কৰি কৈছিলঃ হে আমাৰ প্ৰতিপালক! তুমি আমাৰ প্ৰতি এনেকৈ দয়া কৰা যাতে আমাৰ সকলো গুনাহ ক্ষমা কৰি দিয়া, আৰু আমাৰ শত্ৰুৰ পৰা ৰক্ষা কৰা, কাফিৰৰ পৰা হিজৰত কৰাৰ তাওফীক দিয়া, লগতে ঈমানৰ ক্ষেত্ৰত তুমি আমাক সঠিক আৰু পোন পথ দেখুৱাই দিয়া।
18:11Страница 294
فَضَرَبۡنَا عَلَىٰٓ ءَاذَانِهِمۡ فِي ٱلۡكَهۡفِ سِنِينَ عَدَدٗا ١١
Мы запечатали их уши (погрузили их в глубокий сон) в пещере на много лет.
এতেকে যেতিয়া তেওঁলোক গুফাত উপস্থিত হৈ তাত আশ্ৰয় ল'লে, তেতিয়া আমি তেওঁলোকৰ কাণত পৰ্দা পেলাই দিলো, যাতে কোনো শব্দ শুনিব নোৱাৰে, লগতে অনেক বছৰলৈকে তেওঁলোকক টোপনিগ্ৰস্ত কৰিলো।
18:12Страница 294
ثُمَّ بَعَثۡنَٰهُمۡ لِنَعۡلَمَ أَيُّ ٱلۡحِزۡبَيۡنِ أَحۡصَىٰ لِمَا لَبِثُوٓاْ أَمَدٗا ١٢
Потом Мы разбудили их, чтобы узнать, какая из двух партий точнее подсчитает, какой срок они пробыли там.
দীৰ্ঘ টোপনিৰ পিছত আমি তেওঁলোকক সজাগ কৰিলো, এই কথা প্ৰকাশ কৰিবলৈ যে, তেওঁলোকে অৱস্থান কৰা সময় সম্পৰ্কে মতভেদ কৰাৰ মাজত দুয়ো পক্ষৰ কোনটো পক্ষই অধিক মনত ৰাখিছে।
18:13Страница 294
نَّحۡنُ نَقُصُّ عَلَيۡكَ نَبَأَهُم بِٱلۡحَقِّۚ إِنَّهُمۡ فِتۡيَةٌ ءَامَنُواْ بِرَبِّهِمۡ وَزِدۡنَٰهُمۡ هُدٗى ١٣
Мы расскажем тебе их историю правдиво. Это были юноши, которые уверовали в своего Господа, и Мы увеличили их приверженность прямому пути.
হে ৰাছুল! আমি আপোনাক প্ৰকৃত সত্যৰ সৈতে তেওঁলোকৰ বিষয়ে অৱগত কৰাম, য’ত কোনো সন্দেহ নাই। দৰাচলতে তেওঁলোক আছিল কেইজনমান উদীয়মান অহা যুৱক, যিসকলে নিজ প্ৰতিপালকৰ প্ৰতি ঈমান আনিছিল আৰু তেওঁৰ আনুগত্য সহকাৰে সৎকৰ্ম কৰিছিল, সেয়ে আমি তেওঁলোকৰ হিদায়ত আৰু সত্যৰ ওপৰত দৃঢ়তা বৃদ্ধি কৰি দিছিলোঁ।
18:14Страница 294
وَرَبَطۡنَا عَلَىٰ قُلُوبِهِمۡ إِذۡ قَامُواْ فَقَالُواْ رَبُّنَا رَبُّ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ لَن نَّدۡعُوَاْ مِن دُونِهِۦٓ إِلَٰهٗاۖ لَّقَدۡ قُلۡنَآ إِذٗا شَطَطًا ١٤
Мы укрепили их сердца (укрепили их веру и решимость), когда они встали и сказали: «Господь наш - Господь небес и земли! Мы не станем взывать к другим божествам помимо Него. В таком случае мы произнесли бы чрезмерное.
আমি তেওঁলোকৰ অন্তৰক ঈমান, আৰু ইয়াৰ প্ৰতি দৃঢ়তা, লগতে হিজৰত কৰিবলৈ ধৈৰ্য্য ধাৰণ কৰাৰ সাহস প্ৰদান কৰি শক্তিশালী কৰিছিলোঁ। যেতিয়া তেওঁলোকে কাফিৰ ৰজাৰ সন্মুখত থিয় হৈ এক আল্লাহৰ প্ৰতি ঈমান পোষণ কৰাৰ কথা ঘোষণা কৰি কৈছিলঃ আমি যি প্ৰতিপালকৰ প্ৰতি ঈমান পোষণ কৰিছোঁ আৰু যাৰ আমি ইবাদত কৰোঁ, তেওঁ হৈছে আকাশমণ্ডল আৰু পৃথিৱীৰ প্ৰতিপালক। আমি তেওঁৰ বাহিৰে তথাকথিত মিছলীয়া উপাস্যবোৰৰ কেতিয়াও উপাসনা নকৰোঁ। যদি আমি তেওঁৰ বাহিৰে আন কাৰো ইবাদত কৰোঁ তেন্তে এয়া সত্যৰ পৰা বহু দূৰত অৱস্থিত বেয়া কথা হ'ব।
18:15Страница 294
هَٰٓؤُلَآءِ قَوۡمُنَا ٱتَّخَذُواْ مِن دُونِهِۦٓ ءَالِهَةٗۖ لَّوۡلَا يَأۡتُونَ عَلَيۡهِم بِسُلۡطَٰنِۭ بَيِّنٖۖ فَمَنۡ أَظۡلَمُ مِمَّنِ ٱفۡتَرَىٰ عَلَى ٱللَّهِ كَذِبٗا ١٥
Этот наш народ стал поклоняться вместо Него другим божествам. Почему же они не приводят в пользу этого ясного довода? Кто может быть несправедливее того, кто возводит навет на Аллаха?
তাৰ পিছত তেওঁলোকে ইজনে সিজনক সম্বোধন কৰি ক'লেঃ এয়া হৈছে আমাৰ জাতিৰ লোকসকল, যিসকলে আল্লাহৰ বাহিৰে অতিৰিক্ত আন বহুতো উপাস্য বনাই লৈছে, যিবোৰৰ সিহঁতে উপাসনা কৰে। যদিও সিহঁতৰ ওচৰত এনেকুৱা পূজা পাঠৰ কোনো স্পষ্ট প্ৰমাণ নাই। এতেকে সেই ব্যক্তিতকৈ ডাঙৰ অন্যায়কাৰী আন কোনো হ'ব নোৱাৰে, যিয়ে আল্লাহৰ প্ৰতি মনেসজা মিছা অংশীদাৰ স্থাপন কৰে।
18:16Страница 295
وَإِذِ ٱعۡتَزَلۡتُمُوهُمۡ وَمَا يَعۡبُدُونَ إِلَّا ٱللَّهَ فَأۡوُۥٓاْ إِلَى ٱلۡكَهۡفِ يَنشُرۡ لَكُمۡ رَبُّكُم مِّن رَّحۡمَتِهِۦ وَيُهَيِّئۡ لَكُم مِّنۡ أَمۡرِكُم مِّرۡفَقٗا ١٦
Если вы удалились от них и от того, чему они поклоняются помимо Аллаха, то укройтесь в пещере, и ваш Господь распространит на вас Свою милость и сделает ваше дело легким».
যিহেতু তোমালোকে নিজ সম্প্ৰদায়ৰ পৰা নিলগীয়া হৈছা, লগতে আল্লাহৰ বাহিৰে সিহঁতে উপাসনা কৰা সকলো উপাস্যক তোমালোকে পৰিত্যাগ কৰিছা, তথা তোমালোকে এক আল্লাহৰ বাহিৰে আন কোনো উপাস্যৰ ইবাদত নকৰা, সেয়েহে এতিয়া তোমালোকে নিজৰ দ্বীন ৰক্ষা কৰি কোনো গুহাত আশ্ৰয় লোৱাগৈ, য'ত তোমালোকৰ প্ৰতিপালকে তোমালোকৰ বাবে তেওঁৰ দয়া বিস্তাৰ কৰিব। সেই ৰহমতে তোমালোকক তোমালোকৰ শত্ৰুৰ পৰা ৰক্ষা কৰিব। লগতে তোমালোকৰ বিষয়ক সুবিধাজনক আৰু উপকাৰী বনাই দিব, যাতে তোমালোকে নিজ সম্প্ৰদায়ৰ মাজত জীৱন-যাপনৰ পৰিপূৰক হয়।
18:17Страница 295
۞ وَتَرَى ٱلشَّمۡسَ إِذَا طَلَعَت تَّزَٰوَرُ عَن كَهۡفِهِمۡ ذَاتَ ٱلۡيَمِينِ وَإِذَا غَرَبَت تَّقۡرِضُهُمۡ ذَاتَ ٱلشِّمَالِ وَهُمۡ فِي فَجۡوَةٖ مِّنۡهُۚ ذَٰلِكَ مِنۡ ءَايَٰتِ ٱللَّهِۗ مَن يَهۡدِ ٱللَّهُ فَهُوَ ٱلۡمُهۡتَدِۖ وَمَن يُضۡلِلۡ فَلَن تَجِدَ لَهُۥ وَلِيّٗا مُّرۡشِدٗا ١٧
Ты увидел бы, что солнце на восходе уклонялось от их пещеры вправо, а на закате отворачивалось от них влево. Они же находились в середине пещеры. Это были некоторые из знамений Аллаха. Тот, кого Аллах ведет прямым путем, следует прямым путем. Тому же, кого Он вводит в заблуждение, ты не найдешь ни покровителя, ни наставника.
ফলত তেওঁলোকে তেওঁলোকক দিয়া আদেশ পালন কৰিলে। আৰু আল্লাহে তেওঁলোকৰ চকুত টোপনি ঢালি দিলে, আৰু তেওঁলোকক তেওঁলোকৰ শত্ৰুৰ পৰা ৰক্ষা কৰিলে। (হে দৰ্শকসকল) সূৰ্য্য যেতিয়া পূৱ দিশত উদয় হয় তেতিয়া সূৰ্য্যৰ কিৰণ গুহাত প্ৰৱেশকাৰীৰ সোঁফালেৰে পাৰ হয়, আনহাতে বেলি মাৰ যোৱাৰ সময়ত গুহাৰ বাওঁফালেৰে ফালৰি কাটি সূৰ্যাস্ত যায়, গতিকে গৰমে তেওঁলোকক কষ্ট দিয়া নাছিল, তেওঁলোকক স্থায়ী ছাঁত অৱস্থান কৰিছিল। প্ৰয়োজন অনুসাৰে তেওঁলোকে বতাহ পাইছিল। তেওঁলোকৰ লগত সংঘটিত হোৱা এই সকলোবোৰ, যেনেঃ গুহাত অৱস্থান, তেওঁলোকৰ প্ৰতি টোপনিৰ পয়োভৰ, ৰ'দ নপৰা, প্ৰশস্ত ঠাই আৰু নিজ সম্প্ৰদায়ৰ পৰা মুক্তি আদি আল্লাহৰ আশ্চৰ্যজনক কৰ্ম, যিবোৰে তেওঁৰ অসীম ক্ষমতা প্ৰমাণ কৰে। আল্লাহে যাক হিদায়তৰ তাওফীক প্ৰদান কৰে, তেৱেঁই প্ৰকৃত হিদায়তপ্ৰাপ্ত। আনহাতে তেওঁ যাক এৰি দিয়ে তথা পথভ্ৰষ্ট কৰে, আপুনি তাৰ বাবে হিদায়তৰ তাওফীক দিব পৰা অথবা পথ দেখুৱাব পৰা কোনো সহায়ক বিচাৰি নাপাব। কিয়নো হিদায়তৰ অধিকাৰ একমাত্ৰ আল্লাহৰ হাতত, তেওঁৰ বাহিৰে আন কাৰো হাতত নাই।
18:18Страница 295
وَتَحۡسَبُهُمۡ أَيۡقَاظٗا وَهُمۡ رُقُودٞۚ وَنُقَلِّبُهُمۡ ذَاتَ ٱلۡيَمِينِ وَذَاتَ ٱلشِّمَالِۖ وَكَلۡبُهُم بَٰسِطٞ ذِرَاعَيۡهِ بِٱلۡوَصِيدِۚ لَوِ ٱطَّلَعۡتَ عَلَيۡهِمۡ لَوَلَّيۡتَ مِنۡهُمۡ فِرَارٗا وَلَمُلِئۡتَ مِنۡهُمۡ رُعۡبٗا ١٨
Ты решил бы, что они бодрствуют, хотя они спали. Мы переворачивали их то на правый бок, то на левый. Их собака лежала перед входом, вытянув лапы. Взглянув на них, ты бросился бы бежать прочь и пришел бы в ужас.
হে প্ৰত্যক্ষকাৰী! যিহেতু তেওঁলোকৰ চকু খোলা আছিল, সেয়ে তোমালোকে হয়তো তেওঁলোকক জাগি থকা বুলি ভাৱিলাহেঁতেন। যদিও প্ৰকৃততে তেওঁলোক আছিল টোপনিত। আমি তেওঁলোকৰ কেতিয়াবা সোঁফালে কাতি সলাই দিছিলোঁ, আকৌ কেতিয়াবা বাওঁফালে, যাতে মাটিয়ে তেওঁলোকৰ শৰীৰ খাই নেপেলায়। আৰু তেওঁলোকৰ কুকুৰটো আগফালৰ দুয়ো ঠেং প্ৰসাৰিত কৰি গুহাৰ প্ৰৱেশদ্বাৰত শুই আছিল। যদি তুমি তেওঁলোকক ভুমুকি মাৰি চোৱাৰ চেষ্টা কৰিলাহেঁতেন তেন্তে ভয়তে দৌৰি পলালাহেঁতেন, আৰু তোমাৰ অন্তৰ ভীত-সন্ত্ৰস্ত হৈ পৰিলহেঁতেন।
18:19Страница 295
وَكَذَٰلِكَ بَعَثۡنَٰهُمۡ لِيَتَسَآءَلُواْ بَيۡنَهُمۡۚ قَالَ قَآئِلٞ مِّنۡهُمۡ كَمۡ لَبِثۡتُمۡۖ قَالُواْ لَبِثۡنَا يَوۡمًا أَوۡ بَعۡضَ يَوۡمٖۚ قَالُواْ رَبُّكُمۡ أَعۡلَمُ بِمَا لَبِثۡتُمۡ فَٱبۡعَثُوٓاْ أَحَدَكُم بِوَرِقِكُمۡ هَٰذِهِۦٓ إِلَى ٱلۡمَدِينَةِ فَلۡيَنظُرۡ أَيُّهَآ أَزۡكَىٰ طَعَامٗا فَلۡيَأۡتِكُم بِرِزۡقٖ مِّنۡهُ وَلۡيَتَلَطَّفۡ وَلَا يُشۡعِرَنَّ بِكُمۡ أَحَدًا ١٩
Так Мы пробудили их для того, чтобы они расспросили друг друга. Один из них сказал: «Сколько вы пробыли здесь?». Они сказали: «Мы пробыли день или часть дня». Они сказали: «Вашему Господу лучше известно о том, сколько вы пробыли. Пошлите одного из вас в город с вашими серебряными монетами. Пусть он посмотрит, какая еда получше, и принесет вам ее поесть. Но пусть он будет осторожен, чтобы никто не догадался о вас.
যিদৰে এই ক্ষেত্ৰত আমি আমাৰ অদ্ভুত শক্তি প্ৰদৰ্শন কৰিছোঁ, যাৰ উল্লেখ আমি ইতিপূৰ্বে কৰিছোঁ, সেইদৰে আমি তেওঁলোকক এটা দীৰ্ঘ সময়ৰ পিছত টোপনিৰ পৰা জগাই তুলিছিলোঁ, যাতে তেওঁলোকে ইজনে সিজনক সুধিব পাৰে যে, তেওঁলোকে কিমান দিন শুই আছিল। এতেকে তেওঁলোকে ইজনে সিজনক সুধিলে, কোনোবাই ক'লেঃ আমি এদিন অথবা দিনৰ এটা অংশ শুই কটাইছোঁ, আন কিছুমানে যিসকলে অনুমান কৰিব পৰা নাছিল তেওঁলোকে ক'লেঃ তোমালোকে কিমান দিন শুই আছিলা এইটো তোমালোকৰ প্ৰতিপালকেই ভালদৰে জানে। এতেকে এই বিষয়টোক তেওঁৰ ওচৰতেই অৰ্পন কৰা আৰু নিজৰ কামত মনোযোগ দিয়া। আৰু তোমালোকৰ মাজৰ কোনোবা এজনক এই মুদ্ৰাৰ সৈতে পৰিচিত চহৰলৈ প্ৰেৰণ কৰা, যাতে তেওঁ পৱিত্ৰ খাদ্যদ্ৰৱ্য সন্ধান কৰি আনিব পাৰে। অহা যোৱা আৰু বজাৰ কৰাৰ সময়ত তেওঁ সাৱধান থকা উচিত তথা কৌশল অৱলম্বন কৰা উচিত, যাতে কোনেও আমাৰ এই অৱস্থান সম্পৰ্কে অৱগত নহয়। অন্যথা ডাঙৰ ক্ষতি হ'ব পাৰে।
18:20Страница 295
إِنَّهُمۡ إِن يَظۡهَرُواْ عَلَيۡكُمۡ يَرۡجُمُوكُمۡ أَوۡ يُعِيدُوكُمۡ فِي مِلَّتِهِمۡ وَلَن تُفۡلِحُوٓاْ إِذًا أَبَدٗا ٢٠
Если они узнают о вас, то побьют вас камнями или обратят вас в свою религию, и тогда вы никогда не преуспеете.
যদি তোমালোকৰ সম্প্ৰদায়ে তোমালোকৰ খবৰ পাই যায় তথা তোমালোকৰ এই অৱস্থান সম্পৰ্কে যদি অৱগত হয় তেন্তে সিহঁতে তোমালোকক শিল দলিয়াই মৃত্যুদণ্ড দিব, নাইবা সিহঁতৰ বিভ্ৰান্ত ধৰ্মলৈ ধৰ্মান্তৰিত কৰিব, আল্লাহে সঠিক দ্বীনৰ হিদায়ত দিয়াৰ পূৰ্বে যি ধৰ্মত তোমালোকে দীক্ষিত আছিলা। যদি তোমালোকে সেই বিভ্ৰান্ত ধৰ্মলৈ উভতি যোৱা তেন্তে কেতিয়াও সফল হ'ব নোৱাৰিবা, এই পৃথিৱীতো নোৱাৰিবা আৰু আখিৰাততো সফল হ'ব নোৱাৰিবা। আল্লাহে হিদায়ত কৰা এই সত্য ধৰ্মক যদি তোমালোকে পৰিত্যাগ কৰা অথবা বিভ্ৰান্ত ধৰ্মলৈ উভতি যোৱা তেন্তে তোমালোকে ভয়ংকৰ ক্ষতিৰ সন্মুখীন হ'বা।
18:21Страница 296
وَكَذَٰلِكَ أَعۡثَرۡنَا عَلَيۡهِمۡ لِيَعۡلَمُوٓاْ أَنَّ وَعۡدَ ٱللَّهِ حَقّٞ وَأَنَّ ٱلسَّاعَةَ لَا رَيۡبَ فِيهَآ إِذۡ يَتَنَٰزَعُونَ بَيۡنَهُمۡ أَمۡرَهُمۡۖ فَقَالُواْ ٱبۡنُواْ عَلَيۡهِم بُنۡيَٰنٗاۖ رَّبُّهُمۡ أَعۡلَمُ بِهِمۡۚ قَالَ ٱلَّذِينَ غَلَبُواْ عَلَىٰٓ أَمۡرِهِمۡ لَنَتَّخِذَنَّ عَلَيۡهِم مَّسۡجِدٗا ٢١
Так Мы дали знать о них людям для того, чтобы они узнали, что обещание Аллаха есть истина и что в Часе невозможно усомниться. Но вот они стали спорить о них и сказали: «Воздвигните над ними строение. Их Господу лучше знать о них». А те, которые отстояли свое мнение, сказали: «Мы непременно воздвигнем над ними мечеть».
যিদৰে আমি তেওঁলোকৰ লগত বহুতো আশ্চৰ্যজনক কাম কৰিছোঁ, যেনেঃ বহুত বছৰলৈকে টোপনি প্ৰদান কৰা, তাৰ পিছত টোপনিৰ পৰা জগাই তোলা, ঠিক সেইদৰে আমি নগৰৰ অধিবাসীসকলকো অৱগত কৰাইছিলো, যাতে তেওঁলোকে পতিয়ন যায় যে, আল্লাহে মুমিনসকলক সহায় কৰাৰ আৰু মৃত্যুৰ পিছত পুনৰ্জীৱিত কৰাৰ যি প্ৰতিশ্ৰুতি দিছে সেয়া সত্য। আৰু নিশ্চিতভাৱে কিয়ামত অৱশ্যম্ভাৱী, ইয়াত কোনো সন্দেহ নাই। এতেকে যেতিয়া গুহাত অৱস্থান কৰা লোকসকলৰ বিষয়টো উন্মোচন হ'ল আৰু তেওঁলোকৰ মৃত্যু হ'ল, তেতিয়া তেওঁলোকৰ পৰিচিত লোকসকলৰ মাজত এই বিষয়টোলৈ মতভেদ সৃষ্টি হ'ল যে, তেওঁলোকৰ বিষয়ে কি কৰা উচিত? তেতিয়া কিছুসংখ্যক লোকে ক'লেঃ গুহাৰ দুৱাৰডলিত এটা অট্টালিকা নিৰ্মাণ কৰা হওক, ফলত এওঁলোক অন্তৰালত থাকিব আৰু সুৰক্ষিত থাকিব। তেওঁলোকৰ প্ৰতিপালক তেওঁলোকৰ বিষয় অধিক অৱগত। এতেকে তেওঁলোকৰ অৱস্থাই প্ৰমাণ কৰে যে, তেওঁলোক আল্লাহৰ ওচৰত বিশেষ স্থানপ্ৰাপ্ত। আনহাতে সেইসকল লোকৰ মাজত থকা প্ৰভাৱশালী লোকসকলে (যিসকলৰ ওচৰত কোনো জ্ঞান নাছিল তথা সঠিক দাৱাতৰ অভাৱ আছিল) ক'লেঃ আমি এই স্থানত তেওঁলোকৰ সন্মানাৰ্থে তথা স্মৃতিৰ বাবে এখন মছজিদ নিৰ্মাণ কৰিম।
18:22Страница 296
سَيَقُولُونَ ثَلَٰثَةٞ رَّابِعُهُمۡ كَلۡبُهُمۡ وَيَقُولُونَ خَمۡسَةٞ سَادِسُهُمۡ كَلۡبُهُمۡ رَجۡمَۢا بِٱلۡغَيۡبِۖ وَيَقُولُونَ سَبۡعَةٞ وَثَامِنُهُمۡ كَلۡبُهُمۡۚ قُل رَّبِّيٓ أَعۡلَمُ بِعِدَّتِهِم مَّا يَعۡلَمُهُمۡ إِلَّا قَلِيلٞۗ فَلَا تُمَارِ فِيهِمۡ إِلَّا مِرَآءٗ ظَٰهِرٗا وَلَا تَسۡتَفۡتِ فِيهِم مِّنۡهُمۡ أَحَدٗا ٢٢
Одни говорят, что их было трое, а четвертой была собака. Другие говорят, что их было пятеро, а шестой была собака. Так они пытаются угадать сокровенное. А другие говорят, что их было семеро, а восьмой была собака. Скажи: «Моему Господу лучше знать об их числе. Это неизвестно никому, кроме немногих». Препирайся относительно них только открыто и никого из них не спрашивай о них.
তেওঁলোকৰ ঘটনাক কেন্দ্ৰ কৰি কিছুমান লোকে অযথা মূৰ ঘমাই তেওঁলোকৰ সংখ্যা সম্পৰ্কে ক'ব যে, তেওঁলোক আছিল তিনিজন আৰু চতুৰ্থটো আছিল তেওঁলোকৰ কুকুৰ। আন কিছুমান লোকে ক'বঃ তেওঁলোক আছিল পাঁচজন আৰু ষষ্ঠ আছিল তেওঁলোকৰ কুকুৰ। দৰাচলতে এই দুয়োটা দলেই প্ৰমাণ নোহোৱাকৈ কেৱল শূণ্যত তীৰ বৰ্ষণ কৰি আছে। আনহাতে কিছুমান লোকে ক'ব যে, তেওঁলোক আছিল সাতজন আৰু অষ্টম আছিল তেওঁলোকৰ কুকুৰ। হে ৰাছুল! আপুনি কৈ দিয়ক, তেওঁলোকৰ সংখ্যা সম্পৰ্কে মোৰ প্ৰতিপালকেহে ভালদৰে জানে, সিহঁতৰ মাজৰ কেৱল কিছু সংখ্যক লোকেহে তেওঁলোকৰ সংখ্যা সম্পৰ্কে জানে যিসকলক আল্লাহে ইয়াৰ জ্ঞান প্ৰদান কৰিছে। এতেকে আপুনি আহলে কিতাব অথবা আন লোকসকলৰ লগত তেওঁলোকৰ সংখ্যা আৰু তেওঁলোকৰ অৱস্থা সম্পৰ্কীয় কোনো বিষয়ত গভীৰ আলোচনা নকৰি কেৱল থুলমুল বাদানুবাদ কৰিব। তেওঁলোকৰ বিষয়ে আপোনাক যি অহী কৰা হৈছে আপুনি কেৱল সেইখিনিতে ক্ষান্ত থাকক। তেওঁলোকৰ বিষয়ে আন কাকো ইয়াৰ বিস্তাৰিত বৰ্ণনা সম্পৰ্কে সোধ-পোচ নকৰিব। কিয়নো সিহঁত ইয়াৰ বাস্তৱ জ্ঞান সম্পৰ্কে অৱগত নহয়।
18:23Страница 296
وَلَا تَقُولَنَّ لِشَاْيۡءٍ إِنِّي فَاعِلٞ ذَٰلِكَ غَدًا ٢٣
И никогда не говори: «Я сделаю это завтра».
হে নবী! আপুনি ভৱিষ্যতে কৰিবলগীয়া কোনো কামৰ বিষয়ে এইদৰে নক'ব যে, এইটো মই অৱশ্যে অহাকালি কৰিম। কিয়নো আপুনি নিশ্চিতভাৱে নাজানে যে, সেইটো আপুনি অহাকালি কৰিব পাৰিব নে নাই। অথবা আপোনাৰ আৰু কামৰ মাজত কিবা ব্যাঘাত জন্মিব নে নাই। এইটো দৰাচলতে প্ৰত্যেক মুছলিমৰ বাবে দিশ নিৰ্দেশনা।
18:24Страница 296
إِلَّآ أَن يَشَآءَ ٱللَّهُۚ وَٱذۡكُر رَّبَّكَ إِذَا نَسِيتَ وَقُلۡ عَسَىٰٓ أَن يَهۡدِيَنِ رَبِّي لِأَقۡرَبَ مِنۡ هَٰذَا رَشَدٗا ٢٤
Если только этого не пожелает Аллах! Если же ты забыл, то помяни своего Господа и скажи: «Быть может, Господь мой поведет меня более правильным путем».
কিন্তু যদি আপুনি সেই কৰ্মটোক আল্লাহৰ ইচ্ছাৰ সৈতে সম্পৃক্ত কৰে তেন্তে এইদৰে ক'বঃ ইন শ্বা আল্লাহ (আল্লাহে ইচ্ছা কৰিলে) এইটো মই অহাকালি কৰিম। আৰু যদি আপুনি এইটো কবলৈ পাহৰি যায় তেন্তে ইন শ্বা আল্লাহ বুলি আপোনাৰ প্ৰতিপালকক স্মৰণ কৰিব। লগতে কওক, আশা কৰোঁ মোৰ প্ৰতিপালকে মোক এই কামত আৰু অধিক সঠিক পথৰ তাওফীক প্ৰদান কৰিব।
18:25Страница 296
وَلَبِثُواْ فِي كَهۡفِهِمۡ ثَلَٰثَ مِاْئَةٖ سِنِينَ وَٱزۡدَادُواْ تِسۡعٗا ٢٥
Они провели в пещере триста лет и еще девять.
গুহাত অৱস্থানকাৰী লোকসকলে গুহাত তিনি শ ন বছৰ অৱস্থান কৰিছিল।
18:26Страница 296
قُلِ ٱللَّهُ أَعۡلَمُ بِمَا لَبِثُواْۖ لَهُۥ غَيۡبُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۖ أَبۡصِرۡ بِهِۦ وَأَسۡمِعۡۚ مَا لَهُم مِّن دُونِهِۦ مِن وَلِيّٖ وَلَا يُشۡرِكُ فِي حُكۡمِهِۦٓ أَحَدٗا ٢٦
Скажи: «Аллаху лучше знать, сколько они пробыли. У Него - сокровенное небес и земли. Как прекрасно Он видит и слышит! Нет у них покровителя помимо Него, и никто не принимает решений вместе с Ним».
হে ৰাছুল! আপুনি কৈ দিয়ক, তেওঁলোকে কিমান সময় অৱস্থান কৰিছিল সেয়া আল্লাহেই ভাল জানে। নিশ্চয় তেওঁ আমাক তেওঁলোকৰ অৱস্থান কাল সম্পৰ্কে অৱগত কৰাইছে। এতেকে পৱিত্ৰ আল্লাহৰ স্পষ্টীকৰণৰ পিছত আন কাৰো কথা গ্ৰহণযোগ্য নহয়। আকাশমণ্ডল আৰু পৃথিৱীত থকা সকলো গোপন বিষয়ৰ সৃষ্টি আৰু সেই বিষয়ে জ্ঞান ৰখাৰ একমাত্ৰ দায়িত্ব পৱিত্ৰ মহান আল্লাহৰ। তেওঁ কিমান যে উত্তম দ্ৰষ্টা, যিয়ে প্ৰত্যেক বস্তু দেখে। আৰু কিমান যে উত্তম শ্ৰৱণকাৰী, যিয়ে প্ৰত্যেক বিষয় শুনে। তেওঁৰ বাহিৰে তেওঁৰ কোনো সহায়ক নাই, যিয়ে তেওঁৰ কৰ্মৰ দায়িত্ব পালন কৰিব পাৰিব। লগতে তেওঁ নিজৰ ৰাজত্বত কাকো অংশীদাৰ নকৰে। তেওঁ শাসনৰ ক্ষেত্ৰত একক আৰু অদ্বিতীয়।
18:27Страница 296
وَٱتۡلُ مَآ أُوحِيَ إِلَيۡكَ مِن كِتَابِ رَبِّكَۖ لَا مُبَدِّلَ لِكَلِمَٰتِهِۦ وَلَن تَجِدَ مِن دُونِهِۦ مُلۡتَحَدٗا ٢٧
Читай Писание твоего Господа, ниспосланное тебе в откровении. Нет замены Его Словам, и тебе не найти помимо Него прибежища.
হে ৰাছুল! আপোনাক কোৰআনৰ যিবোৰ আয়াত আল্লাহে অহী কৰিছে সেইবোৰ তিলাৱত কৰক আৰু সেইমতে আমল কৰক। তেওঁৰ বাণীক কোনেও পৰিবৰ্তন কৰিব নোৱাৰে। কিয়নো সেয়া পৰিপূৰ্ণৰূপে সত্য তথা ন্যায়ৰ ওপৰত প্ৰতিষ্ঠিত। আপুনি সেই পৱিত্ৰ মহান আল্লাহৰ বাহিৰে আন কোনো আশ্ৰয়স্থলো বিচাৰি নাপাব। তথা লুকোৱাবলৈও কোনো ঠাই নাপাব।
18:28Страница 297
وَٱصۡبِرۡ نَفۡسَكَ مَعَ ٱلَّذِينَ يَدۡعُونَ رَبَّهُم بِٱلۡغَدَوٰةِ وَٱلۡعَشِيِّ يُرِيدُونَ وَجۡهَهُۥۖ وَلَا تَعۡدُ عَيۡنَاكَ عَنۡهُمۡ تُرِيدُ زِينَةَ ٱلۡحَيَوٰةِ ٱلدُّنۡيَاۖ وَلَا تُطِعۡ مَنۡ أَغۡفَلۡنَا قَلۡبَهُۥ عَن ذِكۡرِنَا وَٱتَّبَعَ هَوَىٰهُ وَكَانَ أَمۡرُهُۥ فُرُطٗا ٢٨
Будь же терпелив вместе с теми, которые взывают к своему Господу по утрам и перед закатом и стремятся к Его Лику. Не отвращай от них своего взора, желая украшений этого мира, и не повинуйся тем, чьи сердца Мы сделали небрежными к Нашему поминанию, кто потакает своим желаниям и чьи дела окажутся тщетными.
আপুনি সেইসকল লোকৰ সংস্পৰ্শত থাকক যিসকলে নিষ্ঠাপূৰ্বকভাৱে পুৱা গধূলি নিজ প্ৰতিপালকক আহ্বান কৰে, ইবাদত কৰাৰ বাবে অথবা প্ৰাৰ্থনা কৰাৰ বাবে। আপুনি নেতৃস্থানীয় আৰু ঐশৰ্যশীল ব্যক্তিসকলৰ বৈঠকত বহাৰ ইচ্ছাত এই লোকসকলক অৱহেলা নকৰিব। আপুনি সেইসকল লোকৰ অনুসৰণ নকৰিব যিসকলৰ অন্তৰত আমি মোহৰ লগাই আমাৰ স্মৰণৰ পৰা অমনোযোগী কৰি দিছো। সেই কাৰণেই সিহঁতে আপোনাক আপোনাৰ বৈঠকৰ পৰা দৰিদ্ৰসকলক আঁতৰাই ৰখাৰ নিৰ্দেশ দিয়ে আৰু সিহঁতে নিজ প্ৰতিপালকৰ আনুগত্যৰ ওপৰত নিজৰ প্ৰবৃত্তিৰ অনুসৰণক প্ৰাধান্য দিয়ে। সিহঁতৰ আমল বিনষ্ট হৈ গৈছে।
18:29Страница 297
وَقُلِ ٱلۡحَقُّ مِن رَّبِّكُمۡۖ فَمَن شَآءَ فَلۡيُؤۡمِن وَمَن شَآءَ فَلۡيَكۡفُرۡۚ إِنَّآ أَعۡتَدۡنَا لِلظَّٰلِمِينَ نَارًا أَحَاطَ بِهِمۡ سُرَادِقُهَاۚ وَإِن يَسۡتَغِيثُواْ يُغَاثُواْ بِمَآءٖ كَٱلۡمُهۡلِ يَشۡوِي ٱلۡوُجُوهَۚ بِئۡسَ ٱلشَّرَابُ وَسَآءَتۡ مُرۡتَفَقًا ٢٩
Скажи: «Истина - от вашего Господа. Кто хочет, пусть верует, а кто не хочет, пусть не верует». Мы приготовили для беззаконников Огонь, стены которого будут окружать их со всех сторон. Если они станут просить о помощи (или дожде), то им помогут водой, подобной расплавленному металлу (или осадку масла), которая обжигает лицо. Мерзкий напиток и скверная обитель!
হে ৰাছুল! আপুনি সেইসকল লোকক কৈ দিয়ক যিসকলৰ অন্তৰ আল্লাহৰ স্মৰণৰ পৰা অমনোযোগী হৈ আছেঃ মই যি লৈ আহিছো সেইটোৱে সত্য। সেইটো হৈছে আল্লাহৰ ফালৰ পৰা, মোৰ ফালৰ পৰা নহয়। মুমিনসকলক মোৰ বৈঠকৰ পৰা আঁতৰাই দিয়াৰ যি দাবী তোমালোকে উত্থাপন কৰিছা সেই দাবী মই কদাপিও মানি লব নোৱাৰিম। এতেকে তোমালোকৰ মাজৰ যিয়ে এই সত্যৰ প্ৰতি ঈমান আনিব বিচাৰে সি ঈমান আনিব পাৰে। অনতিপলমে সি প্ৰতিদান পাই সন্তুষ্ট হ'ব। আনহাতে যিয়ে কুফৰী কৰিব বিচাৰে, সি কৰিব পাৰে। অতি সোনকালে সি শাস্তি ভোগ কৰিব, যি শাস্তি তাৰ অপেক্ষাত আছে। নিশ্চয় যালিমসকলৰ বাবে আমি জাহান্নাম প্ৰস্তুত কৰি ৰাখিছো, সেই জাহান্নামে সিহঁতক পৰিবেষ্টন কৰি ৰাখিব। সিহঁতে কেতিয়াও তাৰ পৰা পলায়ন কৰিব নোৱাৰিব। যদি তীব্ৰ পিয়াঁহত সিহঁতে পানী খাবলৈ বিচাৰে তেন্তে সিহঁতক উতলা গৰম পানী দিয়া হ'ব, যি পানীৰ গৰমত সিহঁতৰ মুখমণ্ডলৰ ছাল খহি পৰিব। কিমান যে নিকৃষ্ট সেই পানীয় যিটো সিহঁতক খাবলৈ দিয়া হ'ব। কিয়নো ইয়াৰ ফলত তৃষ্ণা নিবাৰণ হোৱাৰ পৰিবৰ্তে আৰু অধিক বেছিহে হ'ব। আৰু সেই অগ্নিশিখাও নিৰ্বাপিত নহ'ব যি শিখাই সিহঁতৰ ছাল খহাই পেলাব। জাহান্নাম কিমান যে নিকৃষ্ট ঠিকনা য’ত সিহঁতে অৱস্থান কৰিব। আৰু কিমান যে নিকৃষ্ট বাসস্থান য’ত সিহঁতে বসবাস কৰিব।
18:30Страница 297
إِنَّ ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ إِنَّا لَا نُضِيعُ أَجۡرَ مَنۡ أَحۡسَنَ عَمَلًا ٣٠
А что до тех, которые уверовали и совершали праведные деяния, то ведь Мы не теряем награды тех, кто совершал добро.
নিঃসন্দেহে যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকৰ বাবে আছে মহাপ্ৰতিদান। এয়া নিশ্চিত যে, আমি কোনো উৎকৃষ্ট নেক আমলকাৰীৰ আমল কেতিয়াও বিনষ্ট নকৰোঁ। বৰং তেওঁলোকক কোনো ধৰণৰ হ্ৰাস নকৰাকৈ পৰিপূৰ্ণ প্ৰতিদান দান কৰোঁ।
18:31Страница 297
أُوْلَٰٓئِكَ لَهُمۡ جَنَّٰتُ عَدۡنٖ تَجۡرِي مِن تَحۡتِهِمُ ٱلۡأَنۡهَٰرُ يُحَلَّوۡنَ فِيهَا مِنۡ أَسَاوِرَ مِن ذَهَبٖ وَيَلۡبَسُونَ ثِيَابًا خُضۡرٗا مِّن سُندُسٖ وَإِسۡتَبۡرَقٖ مُّتَّكِـِٔينَ فِيهَا عَلَى ٱلۡأَرَآئِكِۚ نِعۡمَ ٱلثَّوَابُ وَحَسُنَتۡ مُرۡتَفَقٗا ٣١
Именно им уготованы сады Эдема, в которых текут реки. Они будут украшены золотыми браслетами и облачены в зеленые одеяния из атласа и парчи. Они будут возлежать там на ложах, прислонившись. Замечательное вознаграждение и прекрасная обитель!
সৎকৰ্ম আৰু ঈমানৰ বিশেষণেৰে বিশেষিত লোকসকলৰ বাবেই জান্নাত প্ৰস্তুত কৰি ৰখা হৈছে, তাত তেওঁলোকে চিৰকাল অৱস্থান কৰিব। তেওঁলোকৰ অট্টালিকাৰ তলদেশত জান্নাতৰ মিঠা পানীৰ নিজৰা প্ৰবাহমান থাকিব। তেওঁলোকক সোণৰ কংকনেৰে সুসজ্জিত কৰা হ'ব, লগতে তেওঁলোকে তাত মোটা আৰু পাতল ৰেচমৰ দ্বাৰা নিৰ্মিত বস্ত্ৰ পৰিধান কৰিব। তেওঁলোকে অতি সৌন্দৰ্যশীল পৰ্দাৰে সুসজ্জিত আসনত আউজি বহিব। তেওঁলোকৰ প্ৰতিফল, কিমান যে উত্তম প্ৰতিফল! আৰু তেওঁলোকৰ জান্নাতৰ সেই বাসস্থান কিমান যে উত্তম বাসস্থান।
18:32Страница 297
۞ وَٱضۡرِبۡ لَهُم مَّثَلٗا رَّجُلَيۡنِ جَعَلۡنَا لِأَحَدِهِمَا جَنَّتَيۡنِ مِنۡ أَعۡنَٰبٖ وَحَفَفۡنَٰهُمَا بِنَخۡلٖ وَجَعَلۡنَا بَيۡنَهُمَا زَرۡعٗا ٣٢
Приведи им притчу о двух мужах. Одному из них Мы устроили два виноградника, оградили их финиковыми пальмами и поместили между ними ниву.
হে ৰাছুল! আপুনি সেই ব্যক্তিদ্বয়ৰ উদাহৰণ দাঙি ধৰক, এজন আছিল মুমিন আৰু আনজন আছিল কাফিৰ। আমি কাফিৰ ব্যক্তিজনক দুটা আঙুৰৰ বাগান প্ৰদান কৰিছিলোঁ। সেই দুয়োটা বাগানক আমি খেজুৰৰ গছেৰে পৰিবেষ্টন কৰি দিছিলোঁ আৰু মাজৰ খালি ঠাইত শস্য উৎপন্ন কৰিছিলোঁ।
18:33Страница 297
كِلۡتَا ٱلۡجَنَّتَيۡنِ ءَاتَتۡ أُكُلَهَا وَلَمۡ تَظۡلِم مِّنۡهُ شَيۡـٔٗاۚ وَفَجَّرۡنَا خِلَٰلَهُمَا نَهَرٗا ٣٣
Оба сада приносили плоды, и ничто из них не пропадало, а между ними Мы проложили реку.
উভয় বাগানতে খেজুৰ, আঙুৰ আৰু শস্য আদি প্ৰচুৰ পৰিমাণে উৎপন্ন হৈছিল, কোনো ধৰণৰ ত্ৰুটি হোৱা নাছিল, বৰং পৰিপূৰ্ণ মাত্ৰাত উৎপাদন হৈছিল। উভয় বাগানৰ মাজেৰে আমি এখন নিজৰা প্ৰবাহিত কৰিছিলোঁ, যাতে অতি সহজেই খেতিত পানী দিব পৰা যায়।
18:34Страница 297
وَكَانَ لَهُۥ ثَمَرٞ فَقَالَ لِصَٰحِبِهِۦ وَهُوَ يُحَاوِرُهُۥٓ أَنَا۠ أَكۡثَرُ مِنكَ مَالٗا وَأَعَزُّ نَفَرٗا ٣٤
У него были плоды (или богатство), и он сказал своему товарищу, беседуя с ним: «У меня больше имущества и помощников, чем у тебя».
এই দুটা বাগানৰ গৰাকীৰ ওচৰত আন আন ফল-মূল আৰু ধন-সম্পত্তিও আছিল। সেয়ে সেই ব্যক্তিজনে তেওঁৰ মুমিন বন্ধুক প্ৰভাৱিত কৰাৰ উদ্দেশ্যে সম্বোধন কৰি ক'লেঃ মই তোমাতকৈ অধিক সম্পত্তিৰ মালিক। মোৰ সন্মানো তোমাতকৈ বেছি, লগতে মোৰ পৰিয়ালো অধিক শক্তিশালী।
18:35Страница 298
وَدَخَلَ جَنَّتَهُۥ وَهُوَ ظَالِمٞ لِّنَفۡسِهِۦ قَالَ مَآ أَظُنُّ أَن تَبِيدَ هَٰذِهِۦٓ أَبَدٗا ٣٥
Он вошел в свой сад, поступая несправедливо по отношению к себе, и сказал: «Я не думаю, что он когда-нибудь исчезнет.
সেই কাফিৰ ব্যক্তিজনে মুমিন বন্ধুজনক লগতলৈ নিজৰ বাগানত প্ৰৱেশ কৰিলে। সি তেওঁক বাগান দেখুৱাব বিচাৰিছিল। আৰু কুফৰ তথা অহংকাৰৰ দ্বাৰা নিজৰ প্ৰতি অন্যায় কৰি আছিল। কাফিৰ ব্যক্তিজনে ক'লেঃ মই ভাৱো মোৰ এই বাগানখন কেতিয়াও ধ্বংস নহ'ব, যিখন তুমি চাই আছা। কিয়নো ইয়াক সুৰক্ষিত ৰখাৰ যাৱতীয় যা-যোগাৰ মই কৰি ৰাখিছোঁ।
18:36Страница 298
وَمَآ أَظُنُّ ٱلسَّاعَةَ قَآئِمَةٗ وَلَئِن رُّدِدتُّ إِلَىٰ رَبِّي لَأَجِدَنَّ خَيۡرٗا مِّنۡهَا مُنقَلَبٗا ٣٦
Я не думаю, что настанет Час. Если же меня возвратят к моему Господу, то по возвращении я обрету там нечто еще более прекрасное».
আনকি মই কিয়ামত হ'ব বুলিও বিশ্বাস নকৰোঁ। এইটো হৈছে এক প্ৰকাৰ জীৱনচক্ৰ, যিটো সদায় চলি থাকিব। আনহাতে যদি কিয়ামত হয়ও তথাপিও যেতিয়া মই পুনৰ্জীৱিত হ'ম আৰু মোক মোৰ প্ৰতিপালকৰ ওচৰত উপস্থিত কৰা হ'ব, সেই জীৱনতো মই ইয়াতকৈও উত্তম বাগান লাভ কৰিম। কিয়নো পৃথিৱীত ধনী হোৱাৰ অৰ্থ এই যে, আখিৰাততো মই ধনী হ'ম।
18:37Страница 298
قَالَ لَهُۥ صَاحِبُهُۥ وَهُوَ يُحَاوِرُهُۥٓ أَكَفَرۡتَ بِٱلَّذِي خَلَقَكَ مِن تُرَابٖ ثُمَّ مِن نُّطۡفَةٖ ثُمَّ سَوَّىٰكَ رَجُلٗا ٣٧
Товарищ его, беседуя с ним, сказал: «Неужели ты не веруешь в Того, Кто сотворил тебя из земли, потом - из капли, а потом сделал тебя мужчиной?
মুমিন বন্ধুজনে তাক উত্তৰ দি ক'লেঃ তুমি সেই প্ৰতিপালকক অস্বীকাৰ কৰি বহিলা, যিয়ে তোমাৰ পিতৃ আদমক মাটিৰে সৃষ্টি কৰিছে, আৰু তোমাক সৃষ্টি কৰিছে বীৰ্যৰ পৰা, তাৰ পিছত তোমাক পুৰুষৰূপে মানৱ বনাইছে, তোমাৰ সকলো অঙ্গ-প্ৰত্যঙ্গ সঠিকভাৱে আৰু তোমাক পৰিপূৰ্ণৰূপে মানৱ বনাইছে? এতেকে যিয়ে এই সকলোবোৰ কৰিবলৈ সক্ষম, তেওঁ নিশ্চয় তোমাক পুনৰজীৱিত কৰিবলৈও সক্ষম।
Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии