Аль-МухтасарХуд · 11:116–123

Аль-Мухтасар · Тафсир · на ассамском

Худ 11:116–123

11:116Страница 234

فَلَوۡلَا كَانَ مِنَ ٱلۡقُرُونِ مِن قَبۡلِكُمۡ أُوْلُواْ بَقِيَّةٖ يَنۡهَوۡنَ عَنِ ٱلۡفَسَادِ فِي ٱلۡأَرۡضِ إِلَّا قَلِيلٗا مِّمَّنۡ أَنجَيۡنَا مِنۡهُمۡۗ وَٱتَّبَعَ ٱلَّذِينَ ظَلَمُواْ مَآ أُتۡرِفُواْ فِيهِ وَكَانُواْ مُجۡرِمِينَ ١١٦

Если бы только среди поколений, живших до вас, были мудрые люди, которые выступали бы против нечестия на земле. Такими были лишь немногие из числа тех, кого Мы спасли. А беззаконники последовали за тем, что было даровано им, и стали грешниками.

বিগত সম্প্ৰদায়সমূহ যিসকলক শাস্তিৰ দ্বাৰা ধ্বংস কৰা হৈছে সিহঁতৰ মাজত সদাচাৰী তথা নেক লোকৰ উপস্থিতি পোৱা নগল কিয়, যিসকলে সিহঁতক কুফৰ আৰু গুনাহৰ দ্বাৰা পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰাৰ পৰা বিৰত ৰাখিলেহেঁতেন। কিন্তু সিহঁতৰ মাজত তেনেকুৱা লোকৰ উপস্থিতি নাছিল, কেৱল আঙুলিত গণিব পাৰা কেইজনমান লোক আছিল যিসকলে বিপৰ্যয় সৃষ্টিৰ পৰা মানুহক নিষেধ কৰিছিল। সেয়ে অন্যায়কাৰীসকলক ধ্বংস কৰাৰ সময়ত আমি সেইকেইজন লোকক ৰক্ষা কৰিছিলো। ইপিনে তেওঁলোকৰ সম্প্ৰদায়ৰ অন্যায়কাৰী লোকসকলে বিলাসিতাত মত্ত হৈ আছিল। ফলত সিহঁত অন্যায়কাৰীত পৰিণত হ'ল।

11:117Страница 234

وَمَا كَانَ رَبُّكَ لِيُهۡلِكَ ٱلۡقُرَىٰ بِظُلۡمٖ وَأَهۡلُهَا مُصۡلِحُونَ ١١٧

Твой Господь не станет губить города по несправедливости, если они праведны.

হে ৰাছুল! এনেকুৱা কেতিয়াও হব নোৱাৰে যে, কোনো জনপদৰ মানুহে গঠনমূলক তথা সংশোধনমূলক কাম কৰি আছে, তথাপিও আপোনাৰ প্ৰতিপালকে তেওঁলোকক ধ্বংস কৰিব। বৰং তেওঁ সিহঁতক তেতিয়াহে ধ্বংস কৰে যেতিয়া তাৰ অধিবাসীসকলে কুফৰ, অন্যায়-অত্যাচাৰ আৰু গুনাহৰ দ্বাৰা পৰিবেশ কলুষিত কৰে।

11:118Страница 235

وَلَوۡ شَآءَ رَبُّكَ لَجَعَلَ ٱلنَّاسَ أُمَّةٗ وَٰحِدَةٗۖ وَلَا يَزَالُونَ مُخۡتَلِفِينَ ١١٨

Если бы твой Господь захотел, то Он сделал бы человечество единой общиной верующих. Однако они не перестают вступать в противоречия,

হে ৰাছুল! আপোনাৰ প্ৰতিপালকে ইচ্ছা কৰিলে সকলো মানুহকে এটা দলৰ অন্তৰ্ভুক্ত কৰি সত্যৰ পথত পৰিচালিত কৰিব পাৰিলেহেঁতেন। কিন্তু তেওঁ এনেকুৱা ইচ্ছা পোষণ কৰা নাই। কাৰণ সিহঁত প্ৰবৃত্তিৰ অনুসৰণ কৰাৰ বাবে আৰু বিদ্ৰোহৰ ফলত সদায় মতভেদ সৃষ্টি কৰি থাকিব।

11:119Страница 235

إِلَّا مَن رَّحِمَ رَبُّكَۚ وَلِذَٰلِكَ خَلَقَهُمۡۗ وَتَمَّتۡ كَلِمَةُ رَبِّكَ لَأَمۡلَأَنَّ جَهَنَّمَ مِنَ ٱلۡجِنَّةِ وَٱلنَّاسِ أَجۡمَعِينَ ١١٩

за исключением тех, над кем смилостивился твой Господь. Он сотворил их для этого. Исполнится Слово твоего Господа: «Я непременно заполню Геенну джиннами и людьми - всеми вместе».

কিন্তু যিসকলক আল্লাহে হিদায়তৰ তাওফীক প্ৰদান কৰি তেওঁলোকৰ প্ৰতি দয়া কৰে (তেওঁলোকৰ কথা সুকীয়া)। কাৰণ তেওঁলোকে তাওহীদৰ ক্ষেত্ৰত মতভেদ নকৰে। এনেকুৱা মতভেদৰ জৰিয়তে পৰীক্ষা কৰাৰ কাৰণে আল্লাহে সিহঁতক সৃষ্টি কৰিছে। সিহঁতৰ মাজত কিছুমান আছে দুৰ্ভগীয়া আৰু কিছুমান আছে সৌভাগ্যশালী। হে ৰাছুল! আল্লাহৰ বাণী সম্পূৰ্ণ হ'ল, যিটোৰ নিৰ্ণয় তেওঁ অনাদিকালতে লৈ থৈছিল যে, তেওঁ জাহান্নামক চয়তানৰ অনুসাৰী জিন আৰু মানুহৰ দ্বাৰা পূৰণ কৰিব।

11:120Страница 235

وَكُلّٗا نَّقُصُّ عَلَيۡكَ مِنۡ أَنۢبَآءِ ٱلرُّسُلِ مَا نُثَبِّتُ بِهِۦ فُؤَادَكَۚ وَجَآءَكَ فِي هَٰذِهِ ٱلۡحَقُّ وَمَوۡعِظَةٞ وَذِكۡرَىٰ لِلۡمُؤۡمِنِينَ ١٢٠

Мы рассказываем тебе повествования о посланниках для того, чтобы укрепить ими твое сердце. В этой суре к тебе явились истина, увещевание и напоминание для верующих.

হে ৰাছুল! আপোনাৰ পূৰ্বে অহা নবীসকলৰ যি বৰ্ণনা আমি আপোনাক শুনাও, ইয়াৰ একমাত্ৰ উদ্দেশ্য হৈছে যাতে ইয়াৰ দ্বাৰা আপোনাৰ হৃদয় সুদৃঢ় থাকে আৰু শক্তিশালী হয়। এই ছুৰাত আপোনাৰ বাবে সত্য আহি পৰিছে, য’ত কোনো সন্দেহ নাই। লগতে ইয়াত আপোনাৰ ওচৰত আহিছে কাফিৰসকলৰ বাবে উপদেশ। আৰু মুমিনসকলৰ বাবে স্মৰণ, যিসকলে ইয়াৰ দ্বাৰা উপকৃত হয়।

11:121Страница 235

وَقُل لِّلَّذِينَ لَا يُؤۡمِنُونَ ٱعۡمَلُواْ عَلَىٰ مَكَانَتِكُمۡ إِنَّا عَٰمِلُونَ ١٢١

Скажи тем, которые не веруют: «Действуйте по своему усмотрению, и мы тоже будем действовать.

হে ৰাছুল! আপুনি সেইসকল লোকক কৈ দিয়ক, যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ নকৰে আৰু তেওঁৰ তাওহীদকো বিশ্বাস নকৰে; কওঁক যে, তোমালোকে সত্যৰ পৰা বিৰত ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰা আৰু প্ৰতিৰোধ কৰা। ইপিনে আমি আমাৰ পথত দৃঢ়তাৰে কাম কৰিম আৰু মানুহক আহ্বান কৰিম আৰু এই ক্ষেত্ৰত ধৈৰ্য ধাৰণ কৰিম।

11:122Страница 235

وَٱنتَظِرُوٓاْ إِنَّا مُنتَظِرُونَ ١٢٢

Выжидайте, и мы тоже будем выжидать».

তোমালোকে আমাৰ প্ৰতি অহা শাস্তিৰ অপেক্ষা কৰা, আমিও নিশ্চিতভাৱে অপেক্ষা কৰিম তোমালোকৰ ওপৰত কেনেকুৱা শাস্তি আহে।

11:123Страница 235

وَلِلَّهِ غَيۡبُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَإِلَيۡهِ يُرۡجَعُ ٱلۡأَمۡرُ كُلُّهُۥ فَٱعۡبُدۡهُ وَتَوَكَّلۡ عَلَيۡهِۚ وَمَا رَبُّكَ بِغَٰفِلٍ عَمَّا تَعۡمَلُونَ ١٢٣

Аллаху ведомо сокровенное на небесах и на земле, и к Нему возвращаются дела. Посему поклоняйся Ему и уповай на Него, ибо Господь твой не находится в неведении о том, что вы совершаете.

একমাত্ৰ আল্লাহৰ ওচৰতেই আকাশমণ্ডল তথা পৃথিৱীৰ গোপন বিষয়ৰ জ্ঞান আছে। কোনো বিষয়েই তেওঁৰ পৰা গোপন নহয়। ক্বিয়ামতৰ দিনা কেৱল তেওঁৰ ওচৰতেই সকলো বিষয় প্ৰত্যাৱৰ্তন কৰিব। এতেকে হে ৰাছুল! আপুনি একমাত্ৰ তেওঁৰেই ইবাদত কৰক আৰু আপোনাৰ সকলো কৰ্মত কেৱল তেওঁৰ ওপৰতেই ভৰসা কৰক। অৱশ্যে আপোনাৰ প্ৰতিপালক আপোনালোকৰ কৰ্ম সম্পৰ্কে অমনোযোগী নহয়। বৰং তেওঁ সেই সম্পৰ্কে সৰ্বজ্ঞ। অতিশীঘ্ৰেই তেওঁ প্ৰত্যেককে কৰ্মৰ প্ৰতিফল দিব।

Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии

Содержание

Аят аль-Курси36Аль-Кахфстр. 42джуз 15Бухари 1Муслим 2999

Вид

Тема
Размер текста
Вид

Read in English