Аль-Мухтасар · Тафсир · на ассамском
Худ 11:37–74
11:37Страница 225
وَٱصۡنَعِ ٱلۡفُلۡكَ بِأَعۡيُنِنَا وَوَحۡيِنَا وَلَا تُخَٰطِبۡنِي فِي ٱلَّذِينَ ظَلَمُوٓاْ إِنَّهُم مُّغۡرَقُونَ ٣٧
Воздвигни ковчег у Нас на Глазах и по откровению Нашему, и не проси Меня за тех, которые были несправедливы. Воистину, они будут потоплены».
এতেকে আপুনি আমাৰ চকুৰ সন্মুখত আমাৰ সুৰক্ষা বেষ্টনীৰ মাজত থাকি, নাও নিৰ্মাণ সম্পৰ্কীয় অহীৰ অনুসৰণ কৰি এখন নাও বনাওক। আৰু যিসকলে কুফুৰী কৰি নিজৰ ওপৰত অন্যায় কৰিছে, সিহঁতক অৱকাশ দিয়াৰ কথা আপুনি মোৰ ওচৰত উত্থাপন নকৰিব। সিহঁত নিশ্চিতৰূপে তুফানৰ জৰিয়তে ধ্বংস হ'ব। এয়া হৈছে কুফুৰীৰ ওপৰত সিহঁতৰ অটল থকাৰ পৰিণাম।
11:38Страница 226
وَيَصۡنَعُ ٱلۡفُلۡكَ وَكُلَّمَا مَرَّ عَلَيۡهِ مَلَأٞ مِّن قَوۡمِهِۦ سَخِرُواْ مِنۡهُۚ قَالَ إِن تَسۡخَرُواْ مِنَّا فَإِنَّا نَسۡخَرُ مِنكُمۡ كَمَا تَسۡخَرُونَ ٣٨
Он сооружал ковчег, и каждый раз, когда мимо него проходили знатные люди из его народа, они глумились над ним, а он говорил: «Если вы глумитесь над нами, то и мы будем глумиться над вами, подобно тому, как глумитесь вы.
ইয়াৰ পিছত নূহ আলাইহিছ ছালামে আল্লাহৰ আদেশ পালন কৰি নাও সজা আৰম্ভ কৰিলে। যেতিয়াই তেওঁৰ ওচৰেৰে তেওঁৰ সম্প্ৰদায়ৰ নেতা শ্ৰেণীৰ লোকসকল অহা-যোৱা কৰিছিল, তেতিয়াই সিহঁতে তেওঁক দেখি উপহাস আৰু বিদ্ৰুপমূলকভাৱে কৈছিলঃ এওঁ এনেকুৱা ভূমিত নাও বনাই আছে, যত নদীৰ অস্তিত্ব নাই তথা পানীও নাই। যেতিয়া সিহঁত বাৰে বাৰে তেওঁক উপহাস কৰিবলৈ ধৰিলে, তেতিয়া নূহ আলাইহিছ ছালামে সিহঁতক উদ্দেশ্যি ক'লেঃ হে নেতাসকল! আমাৰ এই নাও নিৰ্মানক কেন্দ্ৰ কৰি আজি যদি তোমালোকে আমাক উপহাস কৰি আছা তেন্তে শুনা! আমিও তোমালোকক উপহাস কৰো এই বিষয়ত যে, তোমালোক নিজৰ পৰিণাম সম্পৰ্কে অৱগত নহয় অৰ্থাৎ তোমালোকে ডুবি মৰিবা।
11:39Страница 226
فَسَوۡفَ تَعۡلَمُونَ مَن يَأۡتِيهِ عَذَابٞ يُخۡزِيهِ وَيَحِلُّ عَلَيۡهِ عَذَابٞ مُّقِيمٌ ٣٩
Вы непременно узнаете, кого поразит унизительная кара, кого постигнут вечные мучения».
অতিশীঘ্ৰেই তোমালোকে জানিব পাৰিবা, পৃথিৱীত কাৰ ওপৰত অপমানজনক আৰু লাঞ্ছনাদায়ক শাস্তি আহিব। আৰু আখিৰাতত তাৰ বাবে থাকিব নিৰবিচ্ছিন্ন চিৰস্থায়ী শাস্তি।
11:40Страница 226
حَتَّىٰٓ إِذَا جَآءَ أَمۡرُنَا وَفَارَ ٱلتَّنُّورُ قُلۡنَا ٱحۡمِلۡ فِيهَا مِن كُلّٖ زَوۡجَيۡنِ ٱثۡنَيۡنِ وَأَهۡلَكَ إِلَّا مَن سَبَقَ عَلَيۡهِ ٱلۡقَوۡلُ وَمَنۡ ءَامَنَۚ وَمَآ ءَامَنَ مَعَهُۥٓ إِلَّا قَلِيلٞ ٤٠
А когда явилось Наше веление и разразилась потоком печь, Мы сказали: «Погрузи на него от каждого вида по паре и свою семью, за исключением тех, о которых уже было сказано Слово, а также тех, кто уверовал». Но уверовали вместе с ним лишь немногие.
ইপিনে নূহ আলাইহিছ ছালামে নাও নিৰ্মাণৰ কাম সম্পন্ন কৰিলে যিটো বনাবলৈ আল্লাহে নিৰ্দেশ দিছিল। অৱশেষত সিহঁতক ধ্বংস কৰাৰ আদেশ যেতিয়া আহিল, তুফানৰ আগজাননী হিচাপে চৌকাৰ পৰা পানী উথলি উঠিল, যত সিহঁতে খাদ্য প্ৰস্তুত কৰিছিল। তেতিয়া আমি নূহ আলাইহিছ ছালামক ক'লোঃ পৃথিৱীত পোৱা সকলো প্ৰকাৰ জীৱ-জন্তুৰে এযোৰ এযোৰকৈ মতা আৰু মাইকী নাৱত তুলি লওঁক। আপোনাৰ পৰিয়ালৰ লোকসকলকো তুলি লওঁক, কিন্তু এনেকুৱা ব্যক্তিক আৰোহণ নকৰাব, যাৰ বিষয়ে পূৰ্বেই সিদ্ধান্ত হৈছে যে, সি ডুবি মৰিব, কাৰণ সি ঈমান পোষণ কৰা নাই। এতেকে আপোনাৰ সম্প্ৰদায়ৰ প্ৰত্যেক সেই ব্যক্তিক আৰোহণ কৰাওক, যিয়ে ঈমান পোষণ কৰিছে। তেওঁৰ সম্প্ৰদায়ৰ অতি কমসংখ্যক লোকেহে তেওঁৰ প্ৰতি ঈমান পোষণ কৰিছিল। যদিও তেওঁ এটা দীৰ্ঘ সময় সিহঁতৰ মাজত থাকি সিহঁতক আল্লাহৰ প্ৰতি ঈমান পোষণ কৰাৰ আহ্বান কৰিছিল।
11:41Страница 226
۞ وَقَالَ ٱرۡكَبُواْ فِيهَا بِسۡمِ ٱللَّهِ مَجۡر۪ىٰهَا وَمُرۡسَىٰهَآۚ إِنَّ رَبِّي لَغَفُورٞ رَّحِيمٞ ٤١
Он сказал: «Садитесь на него! С именем Аллаха он будет плыть и останавливаться. Воистину, Господь мой - Прощающий, Милосердный».
নূহ আলাইহিছ ছালামে নিজ পৰিয়ালৰ আৰু তেওঁৰ সম্প্ৰদায়ৰ যিসকলে ঈমান আনিছিল তেওঁলোকক সম্বোধন কৰি ক'লেঃ তোমালোকে নাৱত আৰোহণ কৰা। আল্লাহৰ নামত এই নাও গতি কৰিব আৰু তেওঁৰ নামতে স্থিৰ হ'ব। নিশ্চয় মোৰ প্ৰতিপালকে তেওঁৰ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰে আৰু তেওঁলোকৰ প্ৰতি দয়া কৰে। এইটো তেওঁৰ দয়াৰেই প্ৰতীক যে, তেওঁ মুমিনসকলক ধ্বংসৰ পৰা ৰক্ষা কৰিলে।
11:42Страница 226
وَهِيَ تَجۡرِي بِهِمۡ فِي مَوۡجٖ كَٱلۡجِبَالِ وَنَادَىٰ نُوحٌ ٱبۡنَهُۥ وَكَانَ فِي مَعۡزِلٖ يَٰبُنَيَّ ٱرۡكَب مَّعَنَا وَلَا تَكُن مَّعَ ٱلۡكَٰفِرِينَ ٤٢
Ковчег поплыл с ними по волнам, подобным горам, и Нух (Ной) воззвал к своему сыну, который одиноко стоял в стороне: «Сын мой! Садись с нами и не оставайся с неверующими».
ইপিনে মানুহ আৰু বয়-বস্তুৰে ভৰা নাও, পৰ্বত সদৃশ তৰঙ্গৰ মাজেৰে গতি কৰিলে। আৰু নূহ আলাইহিছ ছালামে পিতৃ মোহত পৰি কাফিৰ পুত্ৰক মাতিলে, অথচ সি নিজ পিতৃ আৰু সম্প্ৰদায়ৰ পৰা পৃথক ঠাইত অৱস্থান কৰিছিল- হে মোৰ চেনেহৰ পুত্ৰ! আমাৰ লগত নাৱত আৰোহণ কৰা, যাতে তুমি ইয়াৰ পৰা ৰক্ষা পোৱা। আৰু কাফিৰসকলৰ সঙ্গ অৱলম্বন নকৰিবা, অন্যথা সিহঁতৰ সৈতে তুমিও ডুবি ধ্বংস হৈ যাবা।
11:43Страница 226
قَالَ سَـَٔاوِيٓ إِلَىٰ جَبَلٖ يَعۡصِمُنِي مِنَ ٱلۡمَآءِۚ قَالَ لَا عَاصِمَ ٱلۡيَوۡمَ مِنۡ أَمۡرِ ٱللَّهِ إِلَّا مَن رَّحِمَۚ وَحَالَ بَيۡنَهُمَا ٱلۡمَوۡجُ فَكَانَ مِنَ ٱلۡمُغۡرَقِينَ ٤٣
Он сказал: «Я укроюсь на горе, которая спасет меня от воды». Он сказал: «Сегодня никто не спасет от воли Аллаха, если только Он не смилостивится». Тут волна разлучила их, и он оказался в числе потопленных.
নূহৰ পুত্ৰই তেওঁক ক'লেঃ মই কোনো ওখ পৰ্বতত আশ্ৰয় লমগৈ। যাতে মোক পানীয়ে চুব নোৱাৰে। নূহ আলাইহিছ ছালামে তেওঁৰ পুত্ৰক ক'লেঃ প্লাৱিনত ডুবাই মৰা আজি আল্লাহৰ এই শাস্তিৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰিব, কিন্তু আল্লাহে যাক ইচ্ছা কৰিব, কেৱল তেওঁহে ৰক্ষা পাব। এই কথাপোকথনৰ সময়তেই প্ৰকাণ্ড ঢেউৱে পিতা পুত্ৰক বিচ্ছিন্ন কৰিলে, আৰু কুফুৰীৰ কাৰণে তেওঁৰ পুত্ৰ প্লাৱনত পতিত হৈ ডুবি মৰাসকলৰ অন্তৰ্ভুক্ত হৈ গ'ল।
11:44Страница 226
وَقِيلَ يَٰٓأَرۡضُ ٱبۡلَعِي مَآءَكِ وَيَٰسَمَآءُ أَقۡلِعِي وَغِيضَ ٱلۡمَآءُ وَقُضِيَ ٱلۡأَمۡرُ وَٱسۡتَوَتۡ عَلَى ٱلۡجُودِيِّۖ وَقِيلَ بُعۡدٗا لِّلۡقَوۡمِ ٱلظَّٰلِمِينَ ٤٤
И было сказано: «О земля, поглоти свою воду! О небо, перестань!». Вода спала, и свершилось веление. Ковчег пристал к аль-Джуди, и было сказано: «Да сгинут люди несправедливые!».
তুফান শেষ হোৱাৰ পিছত আল্লাহে পৃথিৱীক আদেশ কৰি ক'লেঃ হে পৃথিৱী! তোমাৰ পৃষ্ঠত থকা পানীক শুহি লোৱা। আৰু আকাশক ক'লেঃ হে আকাশ! এতিয়া ক্ষেন্ত হোৱা, পানী বৰ্ষণ নকৰিবা। ফলত পানী কমিবলৈ ধৰিলে, অৱশেষ ভূপৃষ্ঠ শুকাই গল। এইদৰে আল্লাহে কাফিৰসকলক ধ্বংস কৰিলে। আৰু নাও গৈ জুদী পৰ্বতত অৱস্থান কৰিলে। লগতে কোৱা হ'লঃ ধ্বংস হওঁক সেইসকল লোক, যিসকলে কুফুৰী কৰ্মৰ জৰিয়তে আল্লাহৰ সীমালঙ্ঘন কৰে।
11:45Страница 226
وَنَادَىٰ نُوحٞ رَّبَّهُۥ فَقَالَ رَبِّ إِنَّ ٱبۡنِي مِنۡ أَهۡلِي وَإِنَّ وَعۡدَكَ ٱلۡحَقُّ وَأَنتَ أَحۡكَمُ ٱلۡحَٰكِمِينَ ٤٥
Нух (Ной) воззвал к своему Господу: «Господи! Ведь сын мой - частица моей семьи. Твое обещание правдиво, и Ты - Наимудрейший из судей».
নূহ আলাইহিছ ছালামে তেওঁৰ প্ৰতিপালকৰ ওচৰত সহায় বিচাৰি প্ৰাৰ্থনা কৰি ক'লেঃ হে মোৰ প্ৰতিপালক! মোৰ পুত্ৰ মোৰ পৰিয়ালৰেই সদস্য, তুমি দেখোন মোৰ পৰিয়ালক ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলা। আৰু তোমাৰ প্ৰতিশ্ৰুতি চিৰসত্য, যিটো ভঙ্গ হোৱাৰ কোনো প্ৰশ্নই নুঠে। নিশ্চয় তুমি ন্যায়বিচাৰক আৰু সৰ্বজ্ঞ।
11:46Страница 227
قَالَ يَٰنُوحُ إِنَّهُۥ لَيۡسَ مِنۡ أَهۡلِكَۖ إِنَّهُۥ عَمَلٌ غَيۡرُ صَٰلِحٖۖ فَلَا تَسۡـَٔلۡنِ مَا لَيۡسَ لَكَ بِهِۦ عِلۡمٌۖ إِنِّيٓ أَعِظُكَ أَن تَكُونَ مِنَ ٱلۡجَٰهِلِينَ ٤٦
Он сказал: «О Нух (Ной)! Он - не частица твоей семьи, и такой поступок не является праведным. Не проси Меня о том, чего не ведаешь. Воистину, Я призываю тебя не быть одним из невежд».
আল্লাহে নূহ আলাইহিছ ছালামক সম্বোধন কৰি ক'লেঃ হে নূহ! আপুনি আপোনাৰ যি পুত্ৰৰ বিষয়ে সহায় বিচাৰি প্ৰাৰ্থনা কৰি আছে, সি আপোনাৰ পৰিয়ালৰ সদস্যই নহয়, যিসকলক মই ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিছিলো। কাৰণ সি হৈছে কাফিৰ। আনহাতে হে নূহ! আপোনাৰ আবেদন উপযুক্ত আবেদন নহয়, আৰু আপোনাৰ মৰ্যাদাৰ বাবেও সমীচীন নহয়। এতেকে আপুনি মোৰ ওচৰত এনেকুৱা বিষয়ে আবেদন নকৰিব, যি বিষয়ে আপোনাৰ জ্ঞান নাই। মই আপোনাক সতৰ্ক কৰো, আপুনি যেন অজ্ঞসকলৰ অন্তৰ্ভুক্ত হৈ মোৰ ওচৰত মোৰ জ্ঞান আৰু হিকমতৰ বিপৰীত বস্তু আবেদন নকৰে।
11:47Страница 227
قَالَ رَبِّ إِنِّيٓ أَعُوذُ بِكَ أَنۡ أَسۡـَٔلَكَ مَا لَيۡسَ لِي بِهِۦ عِلۡمٞۖ وَإِلَّا تَغۡفِرۡ لِي وَتَرۡحَمۡنِيٓ أَكُن مِّنَ ٱلۡخَٰسِرِينَ ٤٧
Он сказал: «Господи! Я прибегаю к Тебе, дабы не просить о том, чего не ведаю. И если Ты не простишь меня и не помилуешь, то я окажусь среди потерпевших убыток».
নূহ আলাইহিছ ছালামে ক'লেঃ হে মোৰ প্ৰতিপালক! যি বিষয়ে মোৰ জ্ঞান নাই, এনেকুৱা বিষয় তোমাৰ ওচৰত আবেদন কৰাৰ পৰা মই তোমাৰ ওচৰত আশ্ৰয় বিচাৰো। যদি তুমি মোক ক্ষমা নকৰা আৰু মোৰ প্ৰতি দয়া নকৰা তেন্তে মই সেইসকল ক্ষতিগ্ৰস্ত লোকৰ অন্তৰ্ভুক্ত হৈ যাম, যিসকলে আখিৰাতত নিজৰ অংশ হেৰুৱাইছে।
11:48Страница 227
قِيلَ يَٰنُوحُ ٱهۡبِطۡ بِسَلَٰمٖ مِّنَّا وَبَرَكَٰتٍ عَلَيۡكَ وَعَلَىٰٓ أُمَمٖ مِّمَّن مَّعَكَۚ وَأُمَمٞ سَنُمَتِّعُهُمۡ ثُمَّ يَمَسُّهُم مِّنَّا عَذَابٌ أَلِيمٞ ٤٨
И было сказано: «О Нух (Ной)! Сходи на землю с миром от Нас, и да пребудет благословение над тобой и теми народами, которые с тобой! Но будут народы, которых Мы облагодетельствуем, после чего их постигнут мучительные страдания от Нас».
আল্লাহে নূহ আলাইহিছ ছালামক ক'লেঃ হে নূহ! শান্তি আৰু নিৰাপত্তা, লগতে আপোনাৰ প্ৰতি আল্লাহৰ অসংখ্য নিয়ামতৰ সৈতে ভূপৃষ্ঠত অৱতৰণ কৰা। শান্তি, নিৰাপত্তা আৰু নিয়ামতৰ এই ধাৰাবাহিকতা আপোনাৰ আৰু আপোনাৰ লগত আৰোহণ কৰা মুমিনসকলৰ বংশধৰসকলৰ ওপৰতো অব্যাহত থাকিব। যদিও তেওঁলোকৰ বংশধৰসকলৰ মাজত কিছুমান কাফিৰ সম্প্ৰদায়ো থাকিব, যিসকলক আমি এই পাৰ্থিৱ জীৱন উপভোগ কৰাম আৰু উপভোগৰ সকলো সামগ্ৰী দান কৰিম। তাৰ পিছত আখিৰাতত সিহঁতে কষ্টদায়ক শাস্তিৰ সোৱাদ লব।
11:49Страница 227
تِلۡكَ مِنۡ أَنۢبَآءِ ٱلۡغَيۡبِ نُوحِيهَآ إِلَيۡكَۖ مَا كُنتَ تَعۡلَمُهَآ أَنتَ وَلَا قَوۡمُكَ مِن قَبۡلِ هَٰذَاۖ فَٱصۡبِرۡۖ إِنَّ ٱلۡعَٰقِبَةَ لِلۡمُتَّقِينَ ٤٩
Все это - повествования о сокровенном, которые Мы ниспосылаем тебе в откровении. Ни ты, ни твой народ не ведали о них прежде. Будь же терпелив, ибо добрый исход уготован богобоязненным.
নূহ আলাইহিছ ছালামৰ এই ঘটনাৱলীসমূহ হৈছে গায়েবৰ অন্তৰ্ভুক্ত। হে ৰাছুল! এই অহীৰ পূৰ্বে আপুনি অথবা আপোনাৰ জাতিয়ে এই ঘটনা সম্পৰ্কে একোৱে জনা নাছিল। এতেকে আপুনি আপোনাৰ সম্প্ৰদায়ৰ ফালৰ পৰা পোৱা কষ্ট আৰু অস্বীকাৰ কৰা কাৰ্যত সেইদৰেই ধৈৰ্য ধাৰণ কৰক, যিদৰে নূহ আলাইহিছ ছালামে ধৈৰ্য ধাৰণ কৰিছিল। নিশ্চয় সহায় আৰু বিজয় কেৱল সেইসকল লোকৰ বাবে, যিসকলে আল্লাহৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে।
11:50Страница 227
وَإِلَىٰ عَادٍ أَخَاهُمۡ هُودٗاۚ قَالَ يَٰقَوۡمِ ٱعۡبُدُواْ ٱللَّهَ مَا لَكُم مِّنۡ إِلَٰهٍ غَيۡرُهُۥٓۖ إِنۡ أَنتُمۡ إِلَّا مُفۡتَرُونَ ٥٠
Мы отправили к адитам их брата Худа. Он сказал: «О мой народ! Поклоняйтесь Аллаху, ибо нет у вас иного божества, кроме Него. Вы же измышляете ложь.
এইদৰে আমি আদ সম্প্ৰদায়ৰ ওচৰলৈ সিহঁতৰ ভাতৃ হূদক প্ৰেৰণ কৰিছিলো। তেওঁ সিহঁতক কৈছিলঃ হে মোৰ সম্প্ৰদায়! একমাত্ৰ আল্লাহৰ ইবাদত কৰা, তেওঁৰ সৈতে আন কাকো অংশীদাৰ স্থাপন নকৰিবা। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য উপাস্য নাই। অংশীদাৰ সম্পৰ্কে তোমালোকে কৰা দাবীবোৰ হৈছে মিছা।
11:51Страница 227
يَٰقَوۡمِ لَآ أَسۡـَٔلُكُمۡ عَلَيۡهِ أَجۡرًاۖ إِنۡ أَجۡرِيَ إِلَّا عَلَى ٱلَّذِي فَطَرَنِيٓۚ أَفَلَا تَعۡقِلُونَ ٥١
О мой народ! Я не прошу у вас за это награды, ибо вознаградит меня Тот, Кто создал меня. Неужели вы не разумеете?
হে মোৰ সম্প্ৰদায়ৰ লোকসকল! মই মোৰ প্ৰতিপালকৰ বাৰ্তা পৌঁচাই দিয়াৰ বিনিময়ত আৰু তেওঁৰ পিনে তোমালোকক আহ্বান কৰাৰ বিনিময়ত তোমালোকৰ পৰা কোনো ধৰণৰ পাৰিশ্ৰমিক নিবিচাৰো। মোৰ প্ৰতিফল কেৱল তেৱেঁই প্ৰদান কৰিব যিয়ে মোক সৃষ্টি কৰিছে। তোমালোকে এইটোও বুজি নোপোৱানে? আৰু মই আহ্বান কৰা বিষয়ত তোমালোকে সঁহাৰি নিদিবানে?
11:52Страница 227
وَيَٰقَوۡمِ ٱسۡتَغۡفِرُواْ رَبَّكُمۡ ثُمَّ تُوبُوٓاْ إِلَيۡهِ يُرۡسِلِ ٱلسَّمَآءَ عَلَيۡكُم مِّدۡرَارٗا وَيَزِدۡكُمۡ قُوَّةً إِلَىٰ قُوَّتِكُمۡ وَلَا تَتَوَلَّوۡاْ مُجۡرِمِينَ ٥٢
О мой народ! Просите прощения у вашего Господа, а затем покайтесь перед Ним. Он ниспошлет вам с неба обильный дождь и приумножит вашу силу. Посему не отворачивайтесь, будучи грешниками».
হে মোৰ সম্প্ৰদায়ৰ লোকসকল! আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা, আৰু নিজৰ গুনাহৰ পৰা প্ৰত্যাৱৰ্তন কৰা- আৰু আটাইতকৈ ডাঙৰ গুনাহ হৈছে শ্বিৰ্ক-। ইয়াৰ ফলত তেওঁ তোমালোকৰ ওপৰত প্ৰচুৰ পৰিমাণ বৰষুণ দিব, তোমালোকৰ ধন-সম্পদ আৰু সন্তান বৃদ্ধি কৰি তোমালোকক সন্মানিত কৰিব। মই যি বিষয়ৰ পিনে তোমালোকক আহ্বান কৰি আছো, তাৰ পৰা বিমুখ নহ'বা। অন্যথা মোৰ আহ্বানৰ পৰা বিমুখ হ'লে আৰু আল্লাহৰ লগত কুফুৰী কৰিলে আৰু মই লৈ অহা চৰীয়তক অস্বীকাৰ কৰিলে তোমালোক অপৰাধীসকলৰ অন্তৰ্ভুক্ত হৈ যাবা।
11:53Страница 227
قَالُواْ يَٰهُودُ مَا جِئۡتَنَا بِبَيِّنَةٖ وَمَا نَحۡنُ بِتَارِكِيٓ ءَالِهَتِنَا عَن قَوۡلِكَ وَمَا نَحۡنُ لَكَ بِمُؤۡمِنِينَ ٥٣
Они сказали: «О Худ! Ты не показал нам ясного знамения, и мы не станем отрекаться от наших богов ради твоих слов. Мы не уверуем в тебя.
তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে তেওঁক ক'লেঃ হে হূদ! তুমি আমাৰ ওচৰলৈ কোনো স্পষ্ট প্ৰমাণ আনিব পৰা নাই, যাৰ ফলত আমি তোমাৰ প্ৰতি ঈমান পোষণ কৰিম। এতেকে তোমাৰ প্ৰমাণহীন কথাত বিশ্বাস কৰি আমি আমাৰ উপাস্যসকলৰ উপাসনা পৰিত্যাগ কৰিব নোৱাৰিম। লগতে তুমি এজন ৰাছুল, এই দাবীও মানিবলৈ আমি মান্তি নহয়।
11:54Страница 228
إِن نَّقُولُ إِلَّا ٱعۡتَرَىٰكَ بَعۡضُ ءَالِهَتِنَا بِسُوٓءٖۗ قَالَ إِنِّيٓ أُشۡهِدُ ٱللَّهَ وَٱشۡهَدُوٓاْ أَنِّي بَرِيٓءٞ مِّمَّا تُشۡرِكُونَ ٥٤
Мы лишь можем сказать, что один из наших богов причинил тебе зло». Он сказал: «Воистину, я призываю Аллаха в свидетели и прошу вас засвидетельствовать, что я непричастен к тем, кому вы поклоняетесь
আমিতো এইটোৱে কম যে, তুমি আমাক আমাৰ উপাস্যবোৰৰ উপাসনাৰ পৰা বিৰত ৰাখিছিলা, সেই কাৰণে আমাৰ কোনোবা উপাস্যই তোমাক পাগল বনাইছে। হূদ আলাইহিছ ছালামে ক'লেঃ মই আল্লাহক সাক্ষী থৈ কওঁ, আৰু তোমালোকেও সাক্ষী থাকিবা যে, মই তোমালোকৰ এই উপাস্যবোৰৰ উপাসনাৰ পৰা নিজকে মুক্ত ৰাখিছো যিবোৰক তোমালোকে আল্লাহৰ বাহিৰে উপাসনা কৰা। এতেকে তোমালোক আৰু তোমালোকৰ এই উপাস্যবোৰ, যিবোৰৰ বিষয়ে তোমালোকে ভাৱিছা যে, সিহঁতে মোক উন্মাদ বনাইছে, তোমালোক আটায়ে মিলি মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা, আৰু মোক অলপো অৱকাশ নিদিবা।
11:55Страница 228
مِن دُونِهِۦۖ فَكِيدُونِي جَمِيعٗا ثُمَّ لَا تُنظِرُونِ ٥٥
вместо Него. Стройте свои козни против меня все вместе и не предоставляйте мне отсрочки.
আমিতো এইটোৱে কম যে, তুমি আমাক আমাৰ উপাস্যবোৰৰ উপাসনাৰ পৰা বিৰত ৰাখিছিলা, সেই কাৰণে আমাৰ কোনোবা উপাস্যই তোমাক পাগল বনাইছে। হূদ আলাইহিছ ছালামে ক'লেঃ মই আল্লাহক সাক্ষী থৈ কওঁ, আৰু তোমালোকেও সাক্ষী থাকিবা যে, মই তোমালোকৰ এই উপাস্যবোৰৰ উপাসনাৰ পৰা নিজকে মুক্ত ৰাখিছো যিবোৰক তোমালোকে আল্লাহৰ বাহিৰে উপাসনা কৰা। এতেকে তোমালোক আৰু তোমালোকৰ এই উপাস্যবোৰ, যিবোৰৰ বিষয়ে তোমালোকে ভাবিছা যে, সিহঁতে মোক উন্মাদ বনাইছে, তোমালোক আটায়ে মিলি মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা, আৰু মোক অলপো অৱকাশ নিদিবা।
11:56Страница 228
إِنِّي تَوَكَّلۡتُ عَلَى ٱللَّهِ رَبِّي وَرَبِّكُمۚ مَّا مِن دَآبَّةٍ إِلَّا هُوَ ءَاخِذُۢ بِنَاصِيَتِهَآۚ إِنَّ رَبِّي عَلَىٰ صِرَٰطٖ مُّسۡتَقِيمٖ ٥٦
Воистину, я уповаю на Аллаха, моего Господа и вашего Господа. Нет ни одного живого существа, которого бы Он не держал за хохол. Воистину, мой Господь - на прямом пути.
নিশ্চয় মই কেৱল আল্লাহৰ ওপৰতেই ভৰসা কৰিছো, আৰু মোৰ সকলো বিষয় তেওঁৰ ওপৰতেই অৰ্পন কৰিছো। তেৱেঁই মোৰ প্ৰতিপালক আৰু তোমালোকৰো প্ৰতিপালক। পৃথিৱীত চলাচল কৰা সকলো জীৱ-জন্তু আল্লাহৰ ৰাজত্ব তথা তেওঁৰ ক্ষমতাৰ অধীনস্থ। তেওঁ যেনেকৈ ইচ্ছা নিয়ন্ত্ৰণ কৰে। নিশ্চয় মোৰ প্ৰতিপালক সত্যৰ ওপৰত প্ৰতিষ্ঠিত। সেয়ে তেওঁ কেতিয়াও তোমালোকক মোৰ ওপৰত জাপি নিদিব। কিয়নো মই আছো সত্যৰ ওপৰত আৰু তোমালোক আছা অসত্যৰ ওপৰত।
11:57Страница 228
فَإِن تَوَلَّوۡاْ فَقَدۡ أَبۡلَغۡتُكُم مَّآ أُرۡسِلۡتُ بِهِۦٓ إِلَيۡكُمۡۚ وَيَسۡتَخۡلِفُ رَبِّي قَوۡمًا غَيۡرَكُمۡ وَلَا تَضُرُّونَهُۥ شَيۡـًٔاۚ إِنَّ رَبِّي عَلَىٰ كُلِّ شَيۡءٍ حَفِيظٞ ٥٧
Если же вы отвернетесь, то ведь я довел до вашего сведения то, с чем я к вам отправлен. Мой Господь заменит вас другим народом, и вы ничем не навредите Ему. Воистину, Господь мой - Хранитель всякой вещи».
যদি তোমালোকে বিমুখ হোৱা আৰু মই লৈ অহা চৰীয়তৰ পৰা দূৰত্ব অৱলম্বন কৰা তেন্তে জানি থোৱা! মোৰ দায়িত্ব কেৱল তোমালোকৰ ওচৰত সত্য পৌঁচাই দিয়া। আৰু অৱশ্যে মই তোমালোকক সেই সকলো বাৰ্তা পৌঁচাই দিছো, যিবোৰ প্ৰদান কৰি আল্লাহে মোক প্ৰেৰণ কৰিছে আৰু পৌঁচাই দিয়াৰ আদেশ দিছে। নিশ্চয় মই তোমালোকৰ বিৰুদ্ধে প্ৰমাণ প্ৰতিষ্ঠা কৰিছো। অতিশীঘ্ৰে মোৰ প্ৰতিপালকে তোমালোকক ধ্বংস কৰিব, আৰু ভিন্ন এটা জাতিক তোমালোকৰ স্থলাভিষিক্ত কৰিব। তোমালোকে অস্বীকাৰ কৰি অথবা বিমুখ হৈ আল্লাহৰ ডাঙৰ অথবা সৰু কোনো ক্ষতিয়ে কৰিব নোৱাৰা। কাৰণ তেওঁ বান্দাসকলৰ পৰা অমুখাপেক্ষী। নিশ্চয় মোৰ প্ৰতিপালক সকলো বস্তুৰে ৰক্ষক। তেৱেঁই মোক তোমালোকৰ ষড়যন্ত্ৰৰ পৰা ৰক্ষা কৰে।
11:58Страница 228
وَلَمَّا جَآءَ أَمۡرُنَا نَجَّيۡنَا هُودٗا وَٱلَّذِينَ ءَامَنُواْ مَعَهُۥ بِرَحۡمَةٖ مِّنَّا وَنَجَّيۡنَٰهُم مِّنۡ عَذَابٍ غَلِيظٖ ٥٨
Когда же явилось Наше веление, Мы по Своей милости спасли Худа и тех, кто уверовал вместе с ним. Мы избавили их от лютой кары.
যেতিয়া আমাৰ ফালৰ পৰা সিহঁতক ধ্বংস কৰাৰ আদেশ আহি পৰিল, তেতিয়া আমি হূদক আৰু তেওঁৰ লগত ঈমান পোষণকাৰীসকলক আমাৰ দয়া আৰু কৃপাত ৰক্ষা কৰিলো। আমি তেওঁলোকক সেই কঠিন শাস্তিৰ পৰা ৰক্ষা কৰিলো, যি শাস্তি আমি তেওঁৰ কাফিৰ সম্প্ৰদায়ক প্ৰদান কৰিছিলো।
11:59Страница 228
وَتِلۡكَ عَادٞۖ جَحَدُواْ بِـَٔايَٰتِ رَبِّهِمۡ وَعَصَوۡاْ رُسُلَهُۥ وَٱتَّبَعُوٓاْ أَمۡرَ كُلِّ جَبَّارٍ عَنِيدٖ ٥٩
Такими были адиты! Они отвергли знамения своего Господа, ослушались Его посланников и последовали за всяким горделивым упрямцем.
সেই আদ জাতি, যিসকলে আল্লাহৰ নিদৰ্শনক অস্বীকাৰ কৰিছিল, আৰু সিহঁতৰ ৰাছুল হূদৰ অবাধ্যতা কৰিছিল, লগতে প্ৰত্যেক সেই ব্যক্তিৰ অনুকৰণ কৰিছিল যিয়ে সত্যৰ পৰা অহংকাৰ কৰিছিল তথা সত্য স্বীকাৰ কৰা আৰু পালন কৰাৰ পৰা বিৰত থকা বিদ্ৰোহী ব্যক্তিৰ অনুসৰণ কৰিছিল।
11:60Страница 228
وَأُتۡبِعُواْ فِي هَٰذِهِ ٱلدُّنۡيَا لَعۡنَةٗ وَيَوۡمَ ٱلۡقِيَٰمَةِۗ أَلَآ إِنَّ عَادٗا كَفَرُواْ رَبَّهُمۡۗ أَلَا بُعۡدٗا لِّعَادٖ قَوۡمِ هُودٖ ٦٠
Проклятие будет преследовать их как в этом мире, так и в День воскресения. Воистину, адиты не уверовали в своего Господа. Да сгинут адиты, народ Худа!
এই পৃথিৱীত সিহঁতক লগত আল্লাহৰ দয়াৰ পৰা বঞ্চিত আৰু অপমান সম্পৃক্ত কৰি দিয়া হৈছিল তথা ক্বিয়ামতৰ দিনাও সিহঁত আল্লাহৰ ৰহমতৰ পৰা বঞ্চিত থাকিব। ইয়াৰ কাৰণ সিহঁতে আল্লাহৰ লগত কুফুৰী কৰিছিল। জানি থোৱা! আল্লাহে সিহঁতক সকলো প্ৰকাৰ কল্যাণৰ পৰা আঁতৰত ৰাখিছে আৰু প্ৰত্যেক বেয়া কৰ্মৰ নিকটৱৰ্তী কৰি দিছে।
11:61Страница 228
۞ وَإِلَىٰ ثَمُودَ أَخَاهُمۡ صَٰلِحٗاۚ قَالَ يَٰقَوۡمِ ٱعۡبُدُواْ ٱللَّهَ مَا لَكُم مِّنۡ إِلَٰهٍ غَيۡرُهُۥۖ هُوَ أَنشَأَكُم مِّنَ ٱلۡأَرۡضِ وَٱسۡتَعۡمَرَكُمۡ فِيهَا فَٱسۡتَغۡفِرُوهُ ثُمَّ تُوبُوٓاْ إِلَيۡهِۚ إِنَّ رَبِّي قَرِيبٞ مُّجِيبٞ ٦١
Мы отправили к самудянам их брата Салиха. Он сказал: «О мой народ! Поклоняйтесь Аллаху, ибо нет у вас иного божества, кроме Него. Он сотворил вас из земли и поселил вас на ней. Просите прощения у Него, а затем покайтесь перед Ним. Воистину, мой Господь - Близкий, Отзывчивый».
আমি ছামূদ সম্প্ৰদায়ৰ পিনে সিহঁতৰ ভাতৃ ছলেহ আলাইহিছ ছালামক প্ৰেৰণ কৰিছিলো। তেওঁ কৈছিলঃ হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে ইবাদতৰ যোগ্য তোমালোকৰ বাবে আন কোনো উপাস্য নাই। তেৱেঁই তোমালোকক পৃথিৱীৰ মাটিৰে সৃষ্টি কৰিছে, কিয়নো তোমালোকৰ আদি পিতা আদমৰ সৃষ্টি ইয়াৰ দ্বাৰাই হৈছিল। আৰু তোমালোকক ইয়াত বসবাসকাৰী বনাইছে। গতিকে তোমালোকে তেওঁৰ ওচৰতেই ক্ষমা প্ৰাৰ্থনা কৰা। লগতে সৎকৰ্ম কৰি আৰু গুনাহৰ কৰ্ম পৰিত্যাগ কৰি তেওঁৰ পিনে প্ৰত্যাৱৰ্তন কৰা। নিশ্চয় মোৰ প্ৰতিপালক সেই ব্যক্তিৰ অতি নিকটৱৰ্তী যিয়ে নিষ্ঠা সহকাৰে তেওঁৰ ইবাদত কৰে। আৰু সেই ব্যক্তিৰ দুআ কবুল কৰে যিয়ে তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰে।
11:62Страница 228
قَالُواْ يَٰصَٰلِحُ قَدۡ كُنتَ فِينَا مَرۡجُوّٗا قَبۡلَ هَٰذَآۖ أَتَنۡهَىٰنَآ أَن نَّعۡبُدَ مَا يَعۡبُدُ ءَابَآؤُنَا وَإِنَّنَا لَفِي شَكّٖ مِّمَّا تَدۡعُونَآ إِلَيۡهِ مُرِيبٖ ٦٢
Они сказали: «О Салих! Прежде ты был нашей надеждой. Неужели ты запрещаешь нам поклоняться тому, кому поклонялись наши отцы? Воистину, нас терзают смутные сомнения относительно того, к чему ты нас призываешь».
তেওঁক তেওঁৰ জাতিৰ লোকসকলে ক'লেঃ হে ছলেহ! তুমি এই আহ্বানৰ পূৰ্বে আমাৰ মাজত এজন উচ্চ স্থানৰ অধিকাৰী আছিলা। আমি ভাৱিছিলো তুমি এজন বিবেকৱান আৰু সঠিক সিদ্ধান্তৰ অধিকাৰী ব্যক্তি। হে ছলেহ! তুমি আমাক সেইবোৰ উপাস্যৰ উপাসনাৰ পৰা বাৰণ কৰি আছা নেকি যাৰ উপাসনা আমাৰ পিতৃপুৰুষসকলে কৰিছিল? তুমি যে আমাক কেৱল এক আল্লাহৰ ইবাদত কৰিবলৈ আহ্বান কৰি আছা, ইয়াত আমাৰ সন্দেহ আছে। সেই কাৰণেই আমি তোমাক আল্লাহৰ প্ৰতি মিছা অভিযোগৰ দোষত দোষী বুলি গণ্য কৰো।
11:63Страница 229
قَالَ يَٰقَوۡمِ أَرَءَيۡتُمۡ إِن كُنتُ عَلَىٰ بَيِّنَةٖ مِّن رَّبِّي وَءَاتَىٰنِي مِنۡهُ رَحۡمَةٗ فَمَن يَنصُرُنِي مِنَ ٱللَّهِ إِنۡ عَصَيۡتُهُۥۖ فَمَا تَزِيدُونَنِي غَيۡرَ تَخۡسِيرٖ ٦٣
Он сказал: «О мой народ! А что, если я опираюсь на доказательство от моего Господа, и Он даровал мне милость от Себя? Кто тогда защитит меня от Аллаха, если я ослушаюсь Его? Вы же не можете приумножить для меня ничего, кроме убытка.
ছলেহ আলাইহিছ ছালামে তেওঁৰ সম্প্ৰদায়ক উত্তৰ প্ৰদান কৰি ক'লেঃ হে মোৰ জাতিৰ লোকসকল! কোৱাচোন, যদি মই মোৰ প্ৰতিপালকৰ ফালৰ পৰা স্পষ্ট প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত আছো আৰু তেওঁ মোক নিজৰ দয়া অৰ্থাৎ নবুওৱত প্ৰদান কৰিছে, এনে পৰিপ্ৰেক্ষিতত মই যদি তেওঁৰ সেই বাৰ্তা পৌঁচাই দিয়াত অৱহেলা কৰোঁ যিটো পৌঁচাই দিয়াৰ দায়িত্ব তেওঁ মোক প্ৰদান কৰিছে, তেনে পৰিস্থিতিত তেওঁৰ শাস্তিৰ পৰা মোক কোনে ৰক্ষা কৰিব? তোমালোকে দেখোন মোক কেৱল বিভ্ৰান্ত আৰু তেওঁৰ সন্তুষ্টিৰ পৰা আঁতৰাইহে আছা।
11:64Страница 229
وَيَٰقَوۡمِ هَٰذِهِۦ نَاقَةُ ٱللَّهِ لَكُمۡ ءَايَةٗۖ فَذَرُوهَا تَأۡكُلۡ فِيٓ أَرۡضِ ٱللَّهِۖ وَلَا تَمَسُّوهَا بِسُوٓءٖ فَيَأۡخُذَكُمۡ عَذَابٞ قَرِيبٞ ٦٤
О мой народ! Вот эта верблюдица Аллаха - знамение для вас. Пусть она пасется на земле Аллаха, и вы не причиняйте ей зла, а не то вас постигнут близкие мучения».
হে মোৰ সম্প্ৰদায়! এইজনী আল্লাহৰ ফালৰ পৰা অহা উঁট। তোমালোকৰ বাবে মোৰ সত্যতাৰ প্ৰমাণ। এতেকে তোমালোকে ইয়াক আল্লাহৰ পৃথিৱীত চৰিবলৈ দিয়া আৰু ইয়াক অতিষ্ঠ নকৰিবা। অন্যথা ইয়াক হত্যা কৰাৰ লগে লগে তোমালোকক শাস্তিয়ে আগুৰি ধৰিব।
11:65Страница 229
فَعَقَرُوهَا فَقَالَ تَمَتَّعُواْ فِي دَارِكُمۡ ثَلَٰثَةَ أَيَّامٖۖ ذَٰلِكَ وَعۡدٌ غَيۡرُ مَكۡذُوبٖ ٦٥
Но они подрезали ей поджилки, и Салих сказал: «Наслаждайтесь в своих жилищах еще три дня. Это обещание не окажется лживым».
কিন্তু সিহঁতে অস্বীকাৰ কাৰ্যত চৰম সীমা অতিক্ৰম কৰি উটজনীক হত্যা কৰিলে। তেতিয়া ছলেহ আলাইহিছ ছালামে সিহঁতক ক'লেঃ তোমালোকে পৃথিৱীত জীৱনৰ আৰু তিনিটা দিন উপভোগ কৰা। তাৰ পিছত আল্লাহৰ শাস্তি তোমালোকৰ ওপৰত আহি পৰিব। কিয়নো ইয়াৰ পিছত তেওঁৰ শাস্তি অৱশ্যে আহিব ইয়াত কোনো সন্দেহ নাই। বৰং এয়া সত্য প্ৰতিশ্ৰুতি।
11:66Страница 229
فَلَمَّا جَآءَ أَمۡرُنَا نَجَّيۡنَا صَٰلِحٗا وَٱلَّذِينَ ءَامَنُواْ مَعَهُۥ بِرَحۡمَةٖ مِّنَّا وَمِنۡ خِزۡيِ يَوۡمِئِذٍۚ إِنَّ رَبَّكَ هُوَ ٱلۡقَوِيُّ ٱلۡعَزِيزُ ٦٦
Когда же явилось Наше веление, Мы по милости Своей спасли Салиха и тех, кто уверовал вместе с ним. Мы избавили их от позора в тот день. Воистину, твой Господь - Всесильный, Могущественный!
ইয়াৰ পিছত যেতিয়া সিহঁতক ধ্বংসকাৰী আমাৰ আদেশ আহি পৰিল, তেতিয়া আমি ছলেহ আলাইহিছ ছালামক আৰু তেওঁৰ সৈতে ঈমান পোষণ কৰা লোকসকলক নিজ কৃপাত সুৰক্ষা প্ৰদান কৰিলো আৰু তেওঁলোকক সেই দিৱসৰ অপমান আৰু লাঞ্ছনাৰ পৰা ৰক্ষা কৰিলো। দৰাচলতে হে ৰাছুল! নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই মহাপৰাক্ৰমশালী আৰু প্ৰভুত্বশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। সেই কাৰণেই তেওঁ মিছলীয়া সম্প্ৰদায়ক ধ্বংস কৰিছে।
11:67Страница 229
وَأَخَذَ ٱلَّذِينَ ظَلَمُواْ ٱلصَّيۡحَةُ فَأَصۡبَحُواْ فِي دِيَٰرِهِمۡ جَٰثِمِينَ ٦٧
А беззаконников поразил ужасный вопль, и они оказались повергнуты ниц в своих домах,
ছামূদ সম্প্ৰদায়ক ধ্বংসকাৰী প্ৰচণ্ড চিঞৰে সিহঁতক আৱৰি ধৰিলে, ইয়াৰ প্ৰচণ্ডতা সহ্য কৰিব নোৱাৰি সিহঁত সকলোৱে মৃত্যুবৰণ কৰিলে। সিহঁত এনেকৈ উবুৰি থকা অৱস্থাত পৰি আছিল যে, সিহঁতৰ মুখমণ্ডল মাটিত পুত খাই আছিল।
11:68Страница 229
كَأَن لَّمۡ يَغۡنَوۡاْ فِيهَآۗ أَلَآ إِنَّ ثَمُودَاْ كَفَرُواْ رَبَّهُمۡۗ أَلَا بُعۡدٗا لِّثَمُودَ ٦٨
словно они никогда не жили там. Воистину, самудяне не уверовали в своего Господа. Да сгинут самудяне!
দৃশ্য এনেকুৱা হৈ পৰিছিল যে, যেনিবা সিহঁত কেতিয়াও নিজ দেশত ভোগ-বিলাস তথা সুখ-শান্তিত নাছিল। জানি থোৱা! সিহঁতৰ এই অৱস্থা এই কাৰণে হৈছিল যে, সিহঁতে আল্লাহৰ লগত কুফুৰী কৰিছিল। সিহঁত সদায় আল্লাহৰ কৃপাৰ পৰা আঁতৰত থাকিব।
11:69Страница 229
وَلَقَدۡ جَآءَتۡ رُسُلُنَآ إِبۡرَٰهِيمَ بِٱلۡبُشۡرَىٰ قَالُواْ سَلَٰمٗاۖ قَالَ سَلَٰمٞۖ فَمَا لَبِثَ أَن جَآءَ بِعِجۡلٍ حَنِيذٖ ٦٩
Наши посланцы принесли Ибрахиму (Аврааму) радостную весть и сказали: «Мир!». Он сказал: «И вам мир!». - и поторопился, чтобы принести жареного теленка.
আৰু পুৰুষ ৰূপত ইব্ৰাহীম আলাইহিছ ছালামৰ ওচৰত ফিৰিস্তা আগমন কৰিছিল, তেওঁক আৰু তেওঁৰ স্ত্ৰীক ইছহাক আৰু পিছত ইয়াকূবৰ শুভসংবাদ দিবলৈ আহি ফিৰিস্তাসকলে ছালাম কৰিলে। ইব্ৰাহীম আলাইহিছ ছালামে ছালামৰ উত্তৰ প্ৰদান কৰিলে আৰু তেওঁলোকক মানুহ ভাৱি খৰখেদাকৈ ভিতৰত গৈ তেওঁলোকক আপ্যায়ন কৰিবলৈ দামুৰি এটা সেকি আনিলে।
11:70Страница 229
فَلَمَّا رَءَآ أَيۡدِيَهُمۡ لَا تَصِلُ إِلَيۡهِ نَكِرَهُمۡ وَأَوۡجَسَ مِنۡهُمۡ خِيفَةٗۚ قَالُواْ لَا تَخَفۡ إِنَّآ أُرۡسِلۡنَآ إِلَىٰ قَوۡمِ لُوطٖ ٧٠
Увидев, что они не дотрагиваются до еды, он усомнился в них и почувствовал страх перед ними. Посланцы сказали: «Не бойся! Воистину, мы посланы к народу Лута (Лота)».
এতেকে ইব্ৰাহীম আলাইহিছ ছআলাম যেতিয়া দেখিলে যে, তেওঁলোকে খাবলৈ আগবাঢ়ি অহা নাই, তেতিয়া তেওঁ সংশয়ত পৰিলে। আৰু অন্তৰত ভয় অনুভৱ কৰিলে। ফিৰিস্তাসকলে যেতিয়া তেওঁলোকক ভয় কৰা দেখিলে তেতিয়া ক'লেঃ আমাক ভয় নকৰিব, আমাক আল্লাহে লূত সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰিছে, সিহঁতক শাস্তি বিহিবলৈ।
11:71Страница 229
وَٱمۡرَأَتُهُۥ قَآئِمَةٞ فَضَحِكَتۡ فَبَشَّرۡنَٰهَا بِإِسۡحَٰقَ وَمِن وَرَآءِ إِسۡحَٰقَ يَعۡقُوبَ ٧١
Жена его, стоявшая за завесой, рассмеялась. Тогда Мы сообщили ей радостную весть об Исхаке (Исааке), а вслед за Исхаком (Исааком) - о Йакубе (Иакове).
ইব্ৰাহীমৰ স্ত্ৰী ছাৰা থিয় হৈ আছিল, আমি তেওঁক এই শুভসংবাদ দিলো যে, তেওঁ ইছহাকক জন্ম দিব আৰু ইছহাকৰ পুত্ৰ হব ইয়াকূব। এই শুনি তেওঁ হাঁহিলে আৰু আনন্দত উৎফুল্লিত হৈ উঠিল।
11:72Страница 230
قَالَتۡ يَٰوَيۡلَتَىٰٓ ءَأَلِدُ وَأَنَا۠ عَجُوزٞ وَهَٰذَا بَعۡلِي شَيۡخًاۖ إِنَّ هَٰذَا لَشَيۡءٌ عَجِيبٞ ٧٢
Она сказала: «Горе мне! Неужели я рожу? Ведь я - старуха, и мой муж - старик. Воистину, это - нечто удивительное!».
যেতিয়া ফিৰিস্তাসকলে এই সুসংবাদ প্ৰদান কৰিলে, তেতিয়া ছাৰাই আশ্চৰ্য হৈ ক'লেঃ মোৰ কেনেকৈ সন্তান হ'ব, অথচ মই বৃদ্ধাৱস্থাত উপনীত হৈছো, আৰু সন্তানৰ পৰা নিৰাশ হৈছো। ইপিনে মোৰ স্বামীও বৃদ্ধ বয়সত উপনীত হৈছে। এনেকুৱা অৱস্থাত সন্তান হোৱাটো নিশ্চয় আশ্চৰ্যকৰ বিষয় আৰু সাধাৰণ নিয়মৰো ব্যতিক্ৰম।
11:73Страница 230
قَالُوٓاْ أَتَعۡجَبِينَ مِنۡ أَمۡرِ ٱللَّهِۖ رَحۡمَتُ ٱللَّهِ وَبَرَكَٰتُهُۥ عَلَيۡكُمۡ أَهۡلَ ٱلۡبَيۡتِۚ إِنَّهُۥ حَمِيدٞ مَّجِيدٞ ٧٣
Они сказали: «Неужели ты удивляешься повелению Аллаха? Да пребудут над вами милость и благословение Аллаха, о обитатели дома! Воистину, Он - Достохвальный, Славный».
ছাৰাই যেতিয়া সুসংবাদ শুনি আশ্চৰ্য প্ৰকাশ কৰিলে তেতিয়া ফিৰিস্তাসকলে ক'লেঃ আপুনি আল্লাহৰ নিৰ্ধাৰণ আৰু ফয়চালাত আশ্চৰ্য প্ৰকাশ কৰি আছে? অথচ আপোনাৰ দৰে ব্যক্তিৰসকলৰ ওচৰত এই কথা কেতিয়াও অস্পষ্ট নহয় যে, নিশ্চয় আল্লাহ এয়া কৰিবলৈ সক্ষম। হে ইব্ৰাহীমৰ পৰিয়ালবৰ্গ! আপোনালোকৰ ওপৰত আল্লাহৰ দয়া আৰু তেওঁৰ বৰকত অৱতীৰ্ণ হওঁক। নিশ্চয় আল্লাহ কৰ্মত তথা নিজৰ বৈশিষ্ট্যত মহাপ্ৰশংসিত লগতে শ্ৰেষ্ঠ আৰু সুউচ্চ।
11:74Страница 230
فَلَمَّا ذَهَبَ عَنۡ إِبۡرَٰهِيمَ ٱلرَّوۡعُ وَجَآءَتۡهُ ٱلۡبُشۡرَىٰ يُجَٰدِلُنَا فِي قَوۡمِ لُوطٍ ٧٤
Когда страх Ибрахима (Авраама) прошел и он услышал радостную весть, он стал препираться с Нами за народ Лута (Лота).
এতেকে যেতিয়া ইব্ৰাহীম আলাইহিছ ছালামে গম পালে যে, তেওঁৰ অতিথিসকল যিসকলে আহাৰ ভক্ষণ কৰা নাছিল, তেওঁলোক আচলতে ফিৰিস্তা তেতিয়া তেওঁৰ ভয় দূৰ হ'ল। আৰু তেওঁ সুসংবাদ পালে যে, তেওঁৰ ঘৰত এজন পুত্ৰ সন্তান জন্ম লভিব যাৰ নাম হ'ব ইছহাক আৰু পিছত আহিব ইয়াকূব। তাৰ পিছত তেওঁ আমাৰ বাৰ্তাবাহকসকলৰ লগত লূত সম্প্ৰদায় সম্পৰ্কে কথা পাতিবলৈ ধৰিলে, যাতে তেওঁলোকে সিহঁতৰ পৰা কিছু সময়ৰ বাবে উঠাই নিয়ে, যাতে লূত আৰু তেওঁৰ পৰিয়াল ইয়াৰ পৰা ৰক্ষা পায়।
Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии