Аль-МухтасарАль‑Хиджр · 15:67–99

Аль-Мухтасар · Тафсир · на ассамском

Аль-Хиджр 15:67–99

15:67Страница 265

وَجَآءَ أَهۡلُ ٱلۡمَدِينَةِ يَسۡتَبۡشِرُونَ ٦٧

Жители города пришли, ликуя.

ইপিনে ছুদুমৰ অধিবাসীসকলে লূত আলাইহিচ্ছালামৰ অতিথিসকলক দেখি অশ্লীল কাৰ্যৰ বাসনাৰে আনন্দিত হৈ উপস্থিত হ'ল।

15:68Страница 265

قَالَ إِنَّ هَٰٓؤُلَآءِ ضَيۡفِي فَلَا تَفۡضَحُونِ ٦٨

Он сказал им: «Это - мои гости, не позорьте же меня.

লূত আলাইহিচ্ছালামে সিহঁতক ক'লেঃ এওঁলোক হৈছে মোৰ অতিথি। এতেকে এওঁলোকৰ লগত অশ্লীলতা অৱলম্বন কৰি মোক অপমানিত নকৰিবা।

15:69Страница 265

وَٱتَّقُواْ ٱللَّهَ وَلَا تُخۡزُونِ ٦٩

Побойтесь Аллаха и не унижайте меня».

এইবোৰ অশ্লীলতাৰ পৰা বিৰত থাকি আল্লাহক ভয় কৰা। তোমালোকৰ এনেকুৱা বেয়া স্বভাৱৰ জৰিয়তে মোক লাঞ্ছিত নকৰিবা।

15:70Страница 265

قَالُوٓاْ أَوَلَمۡ نَنۡهَكَ عَنِ ٱلۡعَٰلَمِينَ ٧٠

Они сказали: «Разве мы не запрещали тебе укрывать людей?».

তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে তেওঁক ক'লেঃ আমি আপোনাক নিষেধ কৰা নাছিলোনে যে, আপুনি কাকো অতিথি নবনাব?

15:71Страница 266

قَالَ هَٰٓؤُلَآءِ بَنَاتِيٓ إِن كُنتُمۡ فَٰعِلِينَ ٧١

Он сказал: «Вот мои дочери, если вы хотите этого».

লূত আলাইহিচ্ছালামে তেওঁৰ অতিথিসকলৰ সন্মুখত বিৱশতা দেখুৱাই নিজ জাতিৰ লোকসকলক উদ্দেশ্যি ক'লেঃ তোমালোকৰ স্ত্ৰীৰসকলৰ লগতে এয়া মোৰ কন্যা সকলো আছে, যদি তোমালোকে প্ৰবৃত্তিৰ বাসনা পূৰণ কৰিব বিচৰা তেন্তে এওঁলোকক বিবাহ কৰিব পাৰা।

15:72Страница 266

لَعَمۡرُكَ إِنَّهُمۡ لَفِي سَكۡرَتِهِمۡ يَعۡمَهُونَ ٧٢

Клянусь твоей жизнью! Они слепо блуждали, опьяненные.

হে ৰাছুল! আপোনাৰ জীৱনৰ শপত! প্ৰকৃততে লূত সম্প্ৰদায় কাম-বাসনাত মতলীয়া হৈ আছিল।

15:73Страница 266

فَأَخَذَتۡهُمُ ٱلصَّيۡحَةُ مُشۡرِقِينَ ٧٣

А на восходе солнца их поразил вопль.

অৱশেষত সূৰ্যোদয়ৰ সময়ত সিহঁতক এক বিনাশকাৰী প্ৰচণ্ড শব্দই গ্ৰাস কৰিলে।

15:74Страница 266

فَجَعَلۡنَا عَٰلِيَهَا سَافِلَهَا وَأَمۡطَرۡنَا عَلَيۡهِمۡ حِجَارَةٗ مِّن سِجِّيلٍ ٧٤

Мы перевернули город вверх дном и обрушили на них каменья из обожженной глины.

আৰু সিহঁতৰ জনবসতিক ওলোটাই দিলো, লগতে সিহঁতৰ ওপৰত বৰ্ষণ কৰিলো শিলাবৃষ্টি।

15:75Страница 266

إِنَّ فِي ذَٰلِكَ لَأٓيَٰتٖ لِّلۡمُتَوَسِّمِينَ ٧٥

Воистину, в этом - знамения для зрячих.

লূত সম্প্ৰদায়ক বিনাশ কৰাৰ যি ঘটনা বৰ্ণনা কৰা হ'ল, নিশ্চয় তাৰ মাজত চিন্তা-চৰ্চাকাৰী সকলৰ বাবে আছে বহুতো নিদৰ্শন।

15:76Страница 266

وَإِنَّهَا لَبِسَبِيلٖ مُّقِيمٍ ٧٦

Воистину, они жили прямо на дороге из Мекки в Сирию.

লূত আলাইহিচ্ছালামৰ জাতিৰ গাওঁসমূহ সাৰ্বজনিক পথত অৱস্থিত আছিল, সেই পথেৰে অতিক্ৰম কৰা সকলো ভ্ৰমণকাৰীয়ে সিহঁতক প্ৰত্যক্ষ কৰিছিল।

15:77Страница 266

إِنَّ فِي ذَٰلِكَ لَأٓيَةٗ لِّلۡمُؤۡمِنِينَ ٧٧

Воистину, в этом - знамение для верующих.

যিবোৰ ঘটনা সংঘটিত হৈছে তাত আছে মুমিনসকলৰ বাবে ডাঙৰ শিক্ষা, যিবোৰৰ পৰা তেওঁলোকে পাঠ লব পাৰে।

15:78Страница 266

وَإِن كَانَ أَصۡحَٰبُ ٱلۡأَيۡكَةِ لَظَٰلِمِينَ ٧٨

Жители Айки также были беззаконниками.

পাতশূন্য গছ থকা গাওঁৰ অধিবাসীসকল অৰ্থাৎ ছোৱাইব আলাইহিচ্ছালামৰ সম্প্ৰদায়ৰ লোকসকলেও আছিল অত্যাচাৰী। কিয়নো সিহঁতে আল্লাহৰ লগত কুফৰী কৰিছিল আৰু তেওঁৰ ৰাছুল ছোৱাইব আলাইহিচ্ছালামক অস্বীকাৰ কৰিছিল।

15:79Страница 266

فَٱنتَقَمۡنَا مِنۡهُمۡ وَإِنَّهُمَا لَبِإِمَامٖ مُّبِينٖ ٧٩

Мы отомстили им. Воистину, оба эти поселения находились на ясной дороге.

ফলত আমি সিহঁতৰ প্ৰতিশোধ ল'লো, আৰু শাস্তিয়ে সিহঁতক গ্ৰাস কৰিলে। নিশ্চয় লূত সম্প্ৰদায়ৰ গাওঁ আৰু ছোৱাইব আলাইহিচ্ছালামৰ সম্প্ৰদায়ৰ গাওঁ সাধাৰণ পথৰ দাঁতিত অৱস্থিত আছিল।

15:80Страница 266

وَلَقَدۡ كَذَّبَ أَصۡحَٰبُ ٱلۡحِجۡرِ ٱلۡمُرۡسَلِينَ ٨٠

Жители Хиджра тоже сочли лжецами посланников.

হিজৰৰ (অৰ্থাৎ হিজাজ আৰু চিৰিয়াৰ মধ্যৱৰ্তী এখন স্থানৰ) অধিবাসীসকল অৰ্থাৎ ছামূদ সম্প্ৰদায়ে সিহঁতৰ নবী ছলেহ আলাইহিচ্ছালামক অস্বীকাৰ কৰাৰ জৰিয়তে সকলো ৰাছুলকে অস্বীকাৰ কৰিছে।

15:81Страница 266

وَءَاتَيۡنَٰهُمۡ ءَايَٰتِنَا فَكَانُواْ عَنۡهَا مُعۡرِضِينَ ٨١

Мы даровали им Наши знамения, но они отвернулись от них.

আমি সিহঁতক তেওঁৰ সত্য নবী হোৱাৰ প্ৰমাণ আৰু নিদৰ্শন প্ৰদান কৰিছিলো। তাৰে অন্যতম নিদৰ্শন আছিল এজনী মাইকী উট। কিন্তু সিহঁতে সেই প্ৰমাণসমূহক গুৰুত্ব নিদিলে, আৰু কোনো ভ্ৰুক্ষেপ নকৰিলে।

15:82Страница 266

وَكَانُواْ يَنۡحِتُونَ مِنَ ٱلۡجِبَالِ بُيُوتًا ءَامِنِينَ ٨٢

Они высекали в горах безопасные жилища.

সিহঁতে পৰ্বত খনন কৰি নিৰাপদে থকাৰ বাবে ঘৰ সাজিছিল।

15:83Страница 266

فَأَخَذَتۡهُمُ ٱلصَّيۡحَةُ مُصۡبِحِينَ ٨٣

А на заре их поразил вопль,

অৱশেষত প্ৰভাতৰ সময়ত সিহঁতক প্ৰচণ্ড শব্দই গ্ৰাস কৰিলে।

15:84Страница 266

فَمَآ أَغۡنَىٰ عَنۡهُم مَّا كَانُواْ يَكۡسِبُونَ ٨٤

и не помогло им то, что они приобретали.

কিন্তু সিহঁতৰ উপাৰ্জিত ধন আৰু সিহঁতৰ নিৰাপত্তামূলক ঘৰে সিহঁতক ৰক্ষা কৰিব নোৱাৰিলে।

15:85Страница 266

وَمَا خَلَقۡنَا ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ وَمَا بَيۡنَهُمَآ إِلَّا بِٱلۡحَقِّۗ وَإِنَّ ٱلسَّاعَةَ لَأٓتِيَةٞۖ فَٱصۡفَحِ ٱلصَّفۡحَ ٱلۡجَمِيلَ ٨٥

Мы сотворили небеса, землю и все, что между ними, только ради истины. Час непременно настанет. Посему прощай их красиво.

আমি আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰ মাজত থকা বস্তুসমূহক উদ্দেশ্যবিহীন সৃষ্টি কৰা নাই। নিশ্চয় কিয়ামত অৱশ্যম্ভাৱী। এতেকে হে ৰাছুল! আপুনি অস্বীকাৰকাৰী সকলক আওকাণ কৰক, আৰু সিহঁতক উত্তমৰূপে ক্ষমা কৰি দিয়ক।

15:86Страница 266

إِنَّ رَبَّكَ هُوَ ٱلۡخَلَّٰقُ ٱلۡعَلِيمُ ٨٦

Воистину, твой Господь - Творец, Знающий.

হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকেই হৈছে সকলো বস্তুৰ সৃষ্টিকৰ্তা, আৰু তেওঁ সেই সম্পৰ্কে সম্যক জ্ঞানৰ অধিকাৰী।

15:87Страница 266

وَلَقَدۡ ءَاتَيۡنَٰكَ سَبۡعٗا مِّنَ ٱلۡمَثَانِي وَٱلۡقُرۡءَانَ ٱلۡعَظِيمَ ٨٧

Мы даровали тебе семь часто повторяемых сур или аятов и великий Коран.

অৱশ্যে আমি আপোনাক সাতটা আয়াতবিশিষ্ট ছুৰা আল-ফাতিহা প্ৰদান কৰিছো, এইটোৱে হৈছে মহা কোৰআন।

15:88Страница 266

لَا تَمُدَّنَّ عَيۡنَيۡكَ إِلَىٰ مَا مَتَّعۡنَا بِهِۦٓ أَزۡوَٰجٗا مِّنۡهُمۡ وَلَا تَحۡزَنۡ عَلَيۡهِمۡ وَٱخۡفِضۡ جَنَاحَكَ لِلۡمُؤۡمِنِينَ ٨٨

Не заглядывайся на блага, которыми Мы наделили некоторых из них, и не печалься о них. Склони свои крылья перед верующими (будь добр и милосерден к ним)

আমি কাফিৰসকলৰ বিভিন্ন দলক ধ্বংসশীল জীৱনৰ যি সা-সামগ্ৰী প্ৰদান কৰিছো আপুনি তালৈ দৃষ্টিপাত নকৰিব, আৰু সিহঁতৰ অস্বীকাৰ কাৰ্যত দুখ নকৰিব আৰু মুমিনসকলৰ লগত নম্ৰ ব্যৱহাৰ কৰিব।

15:89Страница 266

وَقُلۡ إِنِّيٓ أَنَا ٱلنَّذِيرُ ٱلۡمُبِينُ ٨٩

и говори: «Воистину, я - всего лишь предостерегающий и разъясняющий увещеватель».

হে ৰাছুল! আপুনি কৈ দিয়ক যে, নিশ্চয় মই শাস্তিৰ পৰা সতৰ্ককাৰী, স্পষ্টভাৱে সতৰ্ক কৰো।

15:90Страница 266

كَمَآ أَنزَلۡنَا عَلَى ٱلۡمُقۡتَسِمِينَ ٩٠

Мы также ниспослали его (наказание) разделяющим,

মই তোমালোকক সেই শাস্তিৰ পৰা সাৱধান কৰো, যেনেকুৱা শাস্তি অৱতীৰ্ণ হৈছিল আল্লাহৰ পুথিক ভাগ ভাগকাৰী সকলৰ ওপৰত, সিহঁতে কিছু অংশৰ প্ৰতি ঈমান পোষণ কৰিছিল আৰু কিছু অংশক অস্বীকাৰ কৰিছিল।

15:91Страница 267

ٱلَّذِينَ جَعَلُواْ ٱلۡقُرۡءَانَ عِضِينَ ٩١

которые поделили Коран на части (уверовали в одну часть Корана и отвергли другую).

যিসকলে কোৰআনক বিভিন্নভাৱে বিভক্ত কৰিছে। ফলত সিহঁতে কৈছেঃ এয়া হৈছে যাদু অথবা জ্যোতিষবিদ্ধা নাইবা কবিতা।

15:92Страница 267

فَوَرَبِّكَ لَنَسۡـَٔلَنَّهُمۡ أَجۡمَعِينَ ٩٢

Клянусь твоим Господом! Мы непременно всех их спросим

এতেকে হে ৰাছুল! আপোনাৰ প্ৰতিপালকৰ শপত! আমি কিয়ামতৰ দিনা সেই সকলো লোককে প্ৰশ্ন কৰিম, যিসকলে কোৰআনক বিভিন্নভাৱে বিভক্ত কৰিছে।

15:93Страница 267

عَمَّا كَانُواْ يَعۡمَلُونَ ٩٣

о том, что они совершали.

আমি সিহঁতক কুফৰী আৰু গুনাহ সম্পৰ্কে প্ৰশ্ন কৰিম, যিবোৰ সিহঁতে কৰিছিল।

15:94Страница 267

فَٱصۡدَعۡ بِمَا تُؤۡمَرُ وَأَعۡرِضۡ عَنِ ٱلۡمُشۡرِكِينَ ٩٤

Провозгласи же то, что тебе велено, и отвернись от многобожников.

হে ৰাছুল! আপুনি সেই আদেশৰ ঘোষণা দিয়ক যিটো আল্লাহে আপোনাক আদেশ কৰিছে। আনহাতে মুশ্বৰিকসকলে যি কয় আৰু কৰে তাৰ প্ৰতি আপুনি ভ্ৰুক্ষেপ নকৰিব।

15:95Страница 267

إِنَّا كَفَيۡنَٰكَ ٱلۡمُسۡتَهۡزِءِينَ ٩٥

Воистину, Мы избавили тебя от тех, кто насмехается,

আৰু সিহঁতক ভয় নকৰিব। কুৰাইছৰ মাজৰ পৰা কাফিৰসকলৰ নেতৃবৰ্গৰ উপহাস আৰু চক্ৰান্তৰ পৰা ৰক্ষা কৰিবলৈ আপোনাৰ বাবে আমিয়েই যথেষ্ট।

15:96Страница 267

ٱلَّذِينَ يَجۡعَلُونَ مَعَ ٱللَّهِ إِلَٰهًا ءَاخَرَۚ فَسَوۡفَ يَعۡلَمُونَ ٩٦

кто признает других богов помимо Аллаха, и скоро они узнают.

যিসকলে আল্লাহৰ সৈতে আনক উপাস্য কৰি লৈছে। অতি শীঘ্ৰেই সিহঁতে নিজৰ শ্বিৰ্কৰ পৰিণাম সম্পৰ্কে অৱগত হ'ব।

15:97Страница 267

وَلَقَدۡ نَعۡلَمُ أَنَّكَ يَضِيقُ صَدۡرُكَ بِمَا يَقُولُونَ ٩٧

Мы знаем, что твоя грудь сжимается от того, что они говорят.

হে ৰাছুল! নিশ্চয় আমি জানো সিহঁতে কৰা অস্বীকাৰ আৰু উপহাসৰ ফলত আপোনাৰ অন্তৰ সংকীৰ্ণ হৈ পৰে।

15:98Страница 267

فَسَبِّحۡ بِحَمۡدِ رَبِّكَ وَكُن مِّنَ ٱلسَّٰجِدِينَ ٩٨

Так восславь же Господа твоего хвалой и будь в числе тех, кто падает ниц.

এতেকে আপুনি আল্লাহক অনোপযুক্ত সকলো বিষয়ৰ পৰা পৱিত্ৰ ঘোষণা কৰি তেওঁৰ আশ্ৰয় গ্ৰহণ কৰক। লগতে পৰিপূৰ্ণ গুণাৱলীৰ সৈতে তেওঁৰ প্ৰশংসা কৰক। তথা আল্লাহৰ ইবাদতকাৰী আৰু তেওঁৰ বাবে চালাত আদায়কাৰী হৈ যাওক। ইয়াৰ ভিতৰতেই আপোনাৰ আন্তৰিক শান্তি নিহিত আছে।

15:99Страница 267

وَٱعۡبُدۡ رَبَّكَ حَتَّىٰ يَأۡتِيَكَ ٱلۡيَقِينُ ٩٩

Поклоняйся Господу твоему, пока убежденность (смерть) не явится к тебе.

এতেকে জীৱিত থকালৈকে নিজ প্ৰতিপালকৰ ইবাদত কৰি যাওক, আনকি এই অৱস্থাতেই আপোনাৰ মৃত্যু হওঁক।

Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии

Содержание

Аят аль-Курси36Аль-Кахфстр. 42джуз 15Бухари 1Муслим 2999

Вид

Тема
Размер текста
Вид

Read in English