Аль-Мухтасар · Тафсир · на ассамском
Ан-Нахль 16:118–128
16:118Страница 280
وَعَلَى ٱلَّذِينَ هَادُواْ حَرَّمۡنَا مَا قَصَصۡنَا عَلَيۡكَ مِن قَبۡلُۖ وَمَا ظَلَمۡنَٰهُمۡ وَلَٰكِن كَانُوٓاْ أَنفُسَهُمۡ يَظۡلِمُونَ ١١٨
А иудеям Мы запретили то, о чем Мы рассказали тебе раньше. Мы не были несправедливы к ним - они сами поступали несправедливо по отношению к себе.
বিশেষকৈ আমি ইয়াহুদীসকলৰ ওপৰত যিবোৰ বস্তু হাৰাম কৰিছিলো, তাৰ বৰ্ণনা ইতিপূৰ্বে আমি আপোনাৰ সন্মুখত দাঙি ধৰিছো। (চাওকঃ ছুৰা আনআমৰ ১৪৬ নং আয়াত) এইবোৰ বস্তু হাৰাম কৰি আমি সিহঁতৰ প্ৰতি অন্যায় কৰা নাছিলো, বৰং সিহঁতেই শাস্তিযোগ্য কৰ্ম কৰি নিজেই নিজৰ ওপৰত অন্যায় কৰিছিল। ফলত আমি সিহঁতক সিহঁতৰ অবাধ্যতাৰ প্ৰতিফল দিছিলো, আৰু শাস্তিৰূপে আমি সিহঁতৰ ওপৰত এই বস্তুবোৰ হাৰাম কৰি দিছিলো।
16:119Страница 281
ثُمَّ إِنَّ رَبَّكَ لِلَّذِينَ عَمِلُواْ ٱلسُّوٓءَ بِجَهَٰلَةٖ ثُمَّ تَابُواْ مِنۢ بَعۡدِ ذَٰلِكَ وَأَصۡلَحُوٓاْ إِنَّ رَبَّكَ مِنۢ بَعۡدِهَا لَغَفُورٞ رَّحِيمٌ ١١٩
Воистину, твой Господь прощает и милует тех, кто совершил злодеяние по незнанию, но после этого раскаялся и исправил содеянное.
হে ৰাছুল! যিসকল লোকে পৰিণাম নজনাকৈ বেয়া কৰ্ম কৰিছে, যদিও সেই কৰ্মটো জানি বুজি কৰিছে কিন্তু দুস্কাৰ্য কৰাৰ পিছত অনুতপ্ত হৈ তাওবা কৰিছে, লগতে সৎকৰ্ম কৰি নিজকে সংশোধন কৰিছে, তেনেকুৱা ব্যক্তিৰ তাওবা আপোনাৰ প্ৰতিপালকে কবূল কৰিব আৰু নিশ্চয় সিহঁতৰ গুনাহ ক্ষমা কৰিব আৰু সিহঁতৰ প্ৰতি দয়া কৰিব।
16:120Страница 281
إِنَّ إِبۡرَٰهِيمَ كَانَ أُمَّةٗ قَانِتٗا لِّلَّهِ حَنِيفٗا وَلَمۡ يَكُ مِنَ ٱلۡمُشۡرِكِينَ ١٢٠
Воистину, Ибрахим (Авраам) был вождем, покорным Аллаху и ханифом. Он не был одним из многобожников.
নিশ্চয় ইব্ৰাহীম আলাইহিচ্ছালাম অতি উত্তম আদৰ্শৰ গৰাকী আছিল, সদায় নিজ প্ৰতিপালকৰ আনুগত্যত নিয়োজিত আছিল, সকলো ধৰ্মৰ পৰা ফালৰি কাটি ইছলামৰ প্ৰতি মনোনিৱেশ কৰিছিল। তেওঁ কদাপিও মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল।
16:121Страница 281
شَاكِرٗا لِّأَنۡعُمِهِۚ ٱجۡتَبَىٰهُ وَهَدَىٰهُ إِلَىٰ صِرَٰطٖ مُّسۡتَقِيمٖ ١٢١
Он был благодарен Аллаху за благодеяния, и Он избрал его и повел прямым путем.
তেওঁ আল্লাহৰ তৰফৰ পৰা পোৱা নিয়ামতৰ কৃতজ্ঞতা জ্ঞাপনকাৰী আছিল। আল্লাহে তেওঁক নুবুওৱতৰ বাবে নিৰ্বাচিত কৰিছিল, লগতে তেওঁক সঠিক ধৰ্ম ইছলামৰ হিদায়ত প্ৰদান কৰিছিল।
16:122Страница 281
وَءَاتَيۡنَٰهُ فِي ٱلدُّنۡيَا حَسَنَةٗۖ وَإِنَّهُۥ فِي ٱلۡأٓخِرَةِ لَمِنَ ٱلصَّٰلِحِينَ ١٢٢
Мы даровали ему добро в мирской жизни, а в Последней жизни он будет в числе праведников.
আমি তেওঁক পৃথিৱীত নুবুওৱত দান কৰিছিলো, উত্তম প্ৰশংসা আৰু পূণ্যৱান সন্তান দান কৰিছিলো। নিশ্চয় তেওঁ আখিৰাতত পূণ্যৱানসকলৰ অন্তৰ্ভুক্ত হ'ব, যিসকলৰ বাবে আল্লাহে জান্নাতত মহান মৰ্যাদা প্ৰস্তুত কৰি ৰাখিছে।
16:123Страница 281
ثُمَّ أَوۡحَيۡنَآ إِلَيۡكَ أَنِ ٱتَّبِعۡ مِلَّةَ إِبۡرَٰهِيمَ حَنِيفٗاۖ وَمَا كَانَ مِنَ ٱلۡمُشۡرِكِينَ ١٢٣
Затем Мы внушили тебе: «Исповедуй религию Ибрахима (Авраама), ведь он был ханифом и не был из числа многобожников».
হে ৰাছুল! তাৰ পিছত আমি আপোনাৰ প্ৰতি অহী প্ৰেৰণ কৰিছো যে, তাওহীদৰ ক্ষেত্ৰত, মুশ্বৰিকসকলৰ পৰা সম্পৰ্কচ্ছেদ, আল্লাহৰ প্ৰতি আহ্বান আৰু তেওঁৰ চৰীয়তৰ প্ৰতি আমল, লগতে সকলো ধৰ্ম ত্যাগ কৰি কেৱল ইছলামৰ পিনে ধাৱিত হোৱাৰ ক্ষেত্ৰত ইব্ৰাহীম আলাইহিচ্ছালামৰ অনুসৰণ কৰক। তেওঁ কদাপিও মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল, যিদৰে মুশ্বৰিকসকলে ধাৰণা কৰে। বৰং তেওঁ আছিল এক আল্লাহৰ আনুগত্যকাৰী।
16:124Страница 281
إِنَّمَا جُعِلَ ٱلسَّبۡتُ عَلَى ٱلَّذِينَ ٱخۡتَلَفُواْ فِيهِۚ وَإِنَّ رَبَّكَ لَيَحۡكُمُ بَيۡنَهُمۡ يَوۡمَ ٱلۡقِيَٰمَةِ فِيمَا كَانُواْ فِيهِ يَخۡتَلِفُونَ ١٢٤
Воистину, суббота была предписана только тем, кто впал в разногласия по этому поводу. Воистину, твой Господь в День воскресения рассудит между ними в том, в чем они расходились во мнениях.
শনিবাৰৰ দিনটোক সন্মান কৰা সেইসকল ইয়াহুদীৰ ওপৰত ফৰজ কৰা হৈছিল, যিসকলে এই বিষয়ে মতভেদ কৰিছিল। শুক্ৰবাৰৰ দিন সম্পৰ্কে বিভ্ৰান্ত হোৱাৰ পিছত, যিটো দিনত সিহঁতক সকলো কৰ্ম ত্যাগ কৰি ইবাদত কৰাৰ আদেশ দিয়া হৈছিল, যাতে সকলো কৰ্ম ত্যাগ কৰি শনিবাৰে সিহঁতে আল্লাহৰ ইবাদত কৰে। হে ৰাছুল! নিশ্চয় কিয়ামতৰ দিনা আপোনাৰ প্ৰতিপালকে সেইসকল মতানৈক্যকাৰীৰ মাজত মীমাংসা কৰি দিব যিটো বিষয়ত সিহঁতে মতানৈক্য কৰিছিল। আৰু প্ৰত্যেককে উপযুক্ত প্ৰতিদান দিব।
16:125Страница 281
ٱدۡعُ إِلَىٰ سَبِيلِ رَبِّكَ بِٱلۡحِكۡمَةِ وَٱلۡمَوۡعِظَةِ ٱلۡحَسَنَةِۖ وَجَٰدِلۡهُم بِٱلَّتِي هِيَ أَحۡسَنُۚ إِنَّ رَبَّكَ هُوَ أَعۡلَمُ بِمَن ضَلَّ عَن سَبِيلِهِۦ وَهُوَ أَعۡلَمُ بِٱلۡمُهۡتَدِينَ ١٢٥
Призывай на путь Господа мудростью и добрым увещеванием и веди спор с ними наилучшим образом. Воистину, твой Господь лучше знает тех, кто сошел с Его пути, и лучше знает тех, кто следует прямым путем.
হে ৰাছুল! আপুনি আৰু আপোনাৰ অনুসাৰী মুমিনসকলে দ্বীন ইছলামৰ প্ৰতি মানুহক আহ্বান কৰক, সম্বোধন কৰা ব্যক্তিৰ অৱস্থা, তাৰ বোধ শক্তি আৰু মানি চলাৰ আগ্ৰহৰ প্ৰতি বিশেষ মনোযোগ দিয়া উচিত। ভয় তথা প্ৰেৰণাযুক্ত উপদেশৰ সৈতে ইছলামৰ দাৱাত প্ৰদান কৰা উচিত। উত্তম কথা আৰু উত্তম বিচাৰ, লগতে উত্তম সংস্কাৰৰ দ্বাৰা বাদানুবাদ কৰা উচিত। কাৰণ হিদায়ত দিয়াটো আপোনাৰ কৰ্তব্য নহয়, আপোনাৰ কৰ্তব্য হৈছে কেৱল পৌঁচাই দিয়া। নিশ্চয় আপোনাৰ প্ৰতিপালকে ভালকৈ জানে দ্বীন ইছলামৰ পৰা কোন ব্যক্তি বিভ্ৰান্ত হৈছে আৰু কোন সঠিক পথত পৰিচালিত। এতেকে আপুনি সিহঁতৰ প্ৰতি আক্ষেপ কৰি নিজৰ প্ৰাণ হানি নকৰিব।
16:126Страница 281
وَإِنۡ عَاقَبۡتُمۡ فَعَاقِبُواْ بِمِثۡلِ مَا عُوقِبۡتُم بِهِۦۖ وَلَئِن صَبَرۡتُمۡ لَهُوَ خَيۡرٞ لِّلصَّٰبِرِينَ ١٢٦
Если вы подвергните их наказанию, то наказывайте их так, как они наказывали вас. Но если вы проявите терпение, то так будет лучше для терпеливых.
যদি তোমালোকে শত্ৰুৰ পৰা প্ৰতিশোধ লব বিচৰা তেন্তে তাক সিমানেই শাস্তি বিহিবা যিমানখিনি তেওঁ তোমালোকক কষ্ট দিছে, তাতকৈ বেছি নহয়। আনহাতে প্ৰতিশোধ লোৱাৰ শক্তি সামৰ্থ থকাৰ পিছতো যদি তোমালোকে ক্ষমা কৰি দিয়া তেন্তে প্ৰতিশোধ লোৱাতকৈ ক্ষমা কৰি দিয়াটোৱে ধৈৰ্যশীল লোকৰ বাবে উত্তম।
16:127Страница 281
وَٱصۡبِرۡ وَمَا صَبۡرُكَ إِلَّا بِٱللَّهِۚ وَلَا تَحۡزَنۡ عَلَيۡهِمۡ وَلَا تَكُ فِي ضَيۡقٖ مِّمَّا يَمۡكُرُونَ ١٢٧
Посему терпи, ибо твое терпение - только от Аллаха. Не скорби по ним и не печалься оттого, что они ухищряются.
হে ৰাছুল! সিহঁতৰ ফালৰ পৰা দিয়া কষ্টৰ প্ৰতি আপুনি ধৈৰ্য ধাৰণ কৰক। কেৱল আল্লাহেই আপোনাক ধৈৰ্য ধাৰণ কৰাৰ তাওফীক প্ৰদান কৰে। কাফিৰসকলৰ বিমুখতাই যেন আপোনাক চিন্তিত নকৰে, আৰু সিহঁতৰ ষড়যন্ত্ৰ আৰু চক্ৰান্তত আপোনাৰ বুকু যাতে সংকোচিত নহয়।
16:128Страница 281
إِنَّ ٱللَّهَ مَعَ ٱلَّذِينَ ٱتَّقَواْ وَّٱلَّذِينَ هُم مُّحۡسِنُونَ ١٢٨
Воистину, Аллах - с теми, кто богобоязнен и кто творит добро.
নিশ্চয় আল্লাহ সেইসকল লোকৰ সহায়ক যিসকলে গুনাহ পৰিত্যাগ কৰি আল্লাহক ভয় কৰে। যিসকল আনুগত্যত অত্যন্ত পূণ্যৱান। তেওঁলোকে ছোৱাবৰ আশাত আল্লাহৰ আদেশ পালন কৰে। এতেকে তেৱেঁই তেওঁলোকৰ সহায়ক আৰু সমৰ্থক।
Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии