Аль-МухтасарАн‑Нахль · 16:1–40

Аль-Мухтасар · Тафсир · на ассамском

النحل

Ан-Нахль

Пчелы · Мекканская · 128 аятов

16:1Страница 267

أَتَىٰٓ أَمۡرُ ٱللَّهِ فَلَا تَسۡتَعۡجِلُوهُۚ سُبۡحَٰنَهُۥ وَتَعَٰلَىٰ عَمَّا يُشۡرِكُونَ ١

Веление Аллаха придет, и не пытайтесь это ускорить. Преславен Он и превыше того, что они приобщают в сотоварищи!

হে কাফিৰসকল! আল্লাহে তোমালোকক শাস্তি প্ৰদানৰ যি সিদ্ধান্ত লৈছে, সেই সময়টো অতি সন্নিকট হৈ পৰিছে। এতেকে নিৰ্ধাৰিত সময়ৰ আগতে সেইটোক পোৱাৰ বাবে খৰধৰ নকৰিবা। মুশ্বৰিকসকলৰ অংশীস্থাপনৰ পৰা আল্লাহ তাআলা অতি পৱিত্ৰ।

16:2Страница 267

يُنَزِّلُ ٱلۡمَلَٰٓئِكَةَ بِٱلرُّوحِ مِنۡ أَمۡرِهِۦ عَلَىٰ مَن يَشَآءُ مِنۡ عِبَادِهِۦٓ أَنۡ أَنذِرُوٓاْ أَنَّهُۥ لَآ إِلَٰهَ إِلَّآ أَنَا۠ فَٱتَّقُونِ ٢

Он ниспосылает ангелов с духом (откровением) по Своему велению тому из Своих рабов, кому пожелает: «Предостерегайте тем, что нет божества, кроме Меня. Бойтесь же Меня».

আল্লাহে ফিৰিস্তাসকলক তেওঁৰ অহীৰ সৈতে যি ৰাছুলৰ প্ৰতি ইচ্ছা কৰে প্ৰেৰণ কৰে যে, হে ৰাছুল! আপুনি মানুহক আল্লাহৰ লগত শ্বিৰ্ক কৰাৰ পৰা সতৰ্ক কৰক। কিয়নো মোৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। এতেকে হে মানৱজাতি! তোমালোকে মোৰ আদেশ পালন কৰি আৰু মোৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি মোৰ তাক্বৱা অৱলম্বন কৰা।

16:3Страница 267

خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ بِٱلۡحَقِّۚ تَعَٰلَىٰ عَمَّا يُشۡرِكُونَ ٣

Он сотворил небеса и землю ради истины. Он превыше тех, кого они приобщают в сотоварищи!

আল্লাহে আকাশমণ্ডল আৰু পৃথিৱীক পূৰ্বৰ কোনো উদাহৰণ নোহোৱাকৈ সত্যৰ সৈতে সৃষ্টি কৰিছে। এতেকে তেওঁ ইয়াক এনেয়ে সৃষ্টি কৰা নাই। বৰং তেওঁ ইয়াক এই কাৰণে সৃষ্টি কৰিছে, যাতে ইয়াৰ দ্বাৰা তেওঁৰ মহত্বৰ উমান পোৱা যায়। তেওঁৰ লগত আনক অংশী স্থাপন কৰা কাৰ্যৰ পৰা তেওঁ পৱিত্ৰ।

16:4Страница 267

خَلَقَ ٱلۡإِنسَٰنَ مِن نُّطۡفَةٖ فَإِذَا هُوَ خَصِيمٞ مُّبِينٞ ٤

Он сотворил человека из капли, и после этого тот открыто пререкается.

তেওঁ মানুহক নিকৃষ্ট পানীৰ টোপালেৰে সৃষ্টি কৰিছে। ফলত সিহঁত কেইবাটাও স্তৰ পাৰ হৈ আহিছে। তথাপিও সিহঁত সত্যক খণ্ডন কৰাৰ বাবে অসত্যৰ পক্ষত থিয় দি প্ৰকাশ্য বিতৰ্কত লিপ্ত হয়।

16:5Страница 267

وَٱلۡأَنۡعَٰمَ خَلَقَهَاۖ لَكُمۡ فِيهَا دِفۡءٞ وَمَنَٰفِعُ وَمِنۡهَا تَأۡكُلُونَ ٥

Он также сотворил скот, который приносит вам тепло и пользу. Вы также употребляете его в пищу.

হে মানৱজাতি! তেওঁ উট, গৰু আৰু ছাগলী আদি চতুষ্পদ জন্তুবোৰ তোমালোকৰ উপকাৰৰ বাবেই সৃষ্টি কৰিছে, এতেকে সেইবোৰৰ ঊণ আৰু নোম তোমালোকে শীতকালত গৰম অৰ্জন কৰাৰ বাবে ব্যৱহাৰ কৰা। লগতে সেইবোৰৰ গাখীৰ আৰু ছালৰ পৰা উপকৃত হোৱা। সেইবোৰক বাহন হিচাপেও ব্যৱহাৰ কৰা আৰু কিছুমানক তোমালোকে ভক্ষণো কৰা।

16:6Страница 267

وَلَكُمۡ فِيهَا جَمَالٌ حِينَ تُرِيحُونَ وَحِينَ تَسۡرَحُونَ ٦

Они украшают вас, когда вы пригоняете их обратно вечерами и выводите на пастбище по утрам.

চতুষ্পদ জন্তুবোৰৰ মাজত তোমালোকৰ বাবে সৌন্দৰ্যও নিহিত হৈ আছে, যেতিয়া তোমালোকে পুৱাৰ ভাগত সেইবোৰক চৰিবলৈ লৈ যোৱা আৰু সন্ধিয়া পৰত যেতিয়া ওভোতাই লৈ অহা।

16:7Страница 268

وَتَحۡمِلُ أَثۡقَالَكُمۡ إِلَىٰ بَلَدٖ لَّمۡ تَكُونُواْ بَٰلِغِيهِ إِلَّا بِشِقِّ ٱلۡأَنفُسِۚ إِنَّ رَبَّكُمۡ لَرَءُوفٞ رَّحِيمٞ ٧

Они перевозят ваши грузы в края, достичь которых вы могли бы только ценой больших усилий. Воистину, Господь ваш - Сострадательный, Милосердный.

এই চতুষ্পদ জন্তুবোৰ যিবোৰ আমি তোমালোকৰ উপকাৰৰ বাবে সৃষ্টি কৰিছো, ভ্ৰমণত তোমালোকৰ সা-সামগ্ৰী এনেকুৱা স্থানলৈ বহন কৰি লৈ যায়, যি স্থানত তোমালোকে অধিক কষ্ট নোহোৱাকৈ যাব নোৱাৰা। হে মানৱজাতি! নিশ্চয় তোমালোকৰ প্ৰতিপালক অতি কৰুণাময় আৰু দয়াৱান, সেয়ে তেওঁ এই চতুষ্পদ জন্তুবোৰক তোমালোকৰ অধীনস্থ কৰিছে।

16:8Страница 268

وَٱلۡخَيۡلَ وَٱلۡبِغَالَ وَٱلۡحَمِيرَ لِتَرۡكَبُوهَا وَزِينَةٗۚ وَيَخۡلُقُ مَا لَا تَعۡلَمُونَ ٨

Он сотворил коней, мулов и ослов, чтобы вы ездили на них верхом и для украшения. Он творит также то, о чем вы не ведаете.

তোমালোকৰ বাবে ঘোঁৰা, খচ্চৰ আৰু গাধা সৃষ্টি কৰিছে, যাতে তোমালোকে সেইবোৰক পৰিবহন হিচাপে ব্যৱহাৰ কৰিব পাৰা, আৰু তোমালোকৰ সা-সামগ্ৰী স্থানান্তৰ কৰিব পাৰা তথা এইবোৰে তোমালোকৰ বাবে মানুহৰ মাজত শোভা বৃদ্ধি কৰে। আনহাতে আল্লাহে এনেকুৱা এনেকুৱা বস্তু সৃষ্টি কৰিব যিবোৰৰ বিষয়ে তোমালোকে নাজানা।

16:9Страница 268

وَعَلَى ٱللَّهِ قَصۡدُ ٱلسَّبِيلِ وَمِنۡهَا جَآئِرٞۚ وَلَوۡ شَآءَ لَهَدَىٰكُمۡ أَجۡمَعِينَ ٩

Аллах указывает на прямой путь, но есть дороги, которые уводят в сторону. Если бы Аллах пожелал, то Он вас всех наставил бы на прямой путь.

সৰল পথ, যি পথে পথিকক আল্লাহৰ সন্তুষ্টিৰ পিনে লৈ যায় অৰ্থাৎ ইছলাম, ইয়াক বৰ্ণনা কৰাৰ দায়িত্ব আল্লাহৰ। আনহাতে কিছুমান পথ সত্যৰ পৰা দূৰত অৱস্থিত, সেইবোৰ হৈছে চয়তানৰ পথ। দৰাচলতে ইছলামৰ পথৰ বাহিৰে সকলো পথ বক্ৰ। যদি আল্লাহে তোমালোক আটাইকে ঈমান পোষণ কৰিবলৈ তাওফীক দিব বিচাৰিলেহেঁতেন তেন্তে অৱশ্যে দিব পাৰিলেহেঁতেন।

16:10Страница 268

هُوَ ٱلَّذِيٓ أَنزَلَ مِنَ ٱلسَّمَآءِ مَآءٗۖ لَّكُم مِّنۡهُ شَرَابٞ وَمِنۡهُ شَجَرٞ فِيهِ تُسِيمُونَ ١٠

Он - Тот, Кто ниспосылает с неба воду. Она служит для вас питьем, и благодаря ей произрастают растения, среди которых вы пасете скот.

তেৱেঁই পৱিত্ৰ আল্লাহ, যিয়ে তোমালোকৰ বাবে মেঘৰ পৰা পানী বৰ্ষণ কৰে। সেই পানীৰ পৰাই তোমালোকে খোৱা আৰু তোমালোকৰ চতুষ্পদ জন্তুবোৰেও খায়, সেই পানীৰেই ঘাঁহ বন উৎপন্ন হয়, যিবোৰত তোমালোকে নিজৰ চতুষ্পদ জন্তুবোৰ চৰোৱা।

16:11Страница 268

يُنۢبِتُ لَكُم بِهِ ٱلزَّرۡعَ وَٱلزَّيۡتُونَ وَٱلنَّخِيلَ وَٱلۡأَعۡنَٰبَ وَمِن كُلِّ ٱلثَّمَرَٰتِۚ إِنَّ فِي ذَٰلِكَ لَأٓيَةٗ لِّقَوۡمٖ يَتَفَكَّرُونَ ١١

Он взращивает для вас злаки, маслины, финики, виноград и всевозможные плоды. Воистину, в этом - знамение для людей размышляющих.

আল্লাহে সেই পানীৰেই তোমালোকৰ বাবে ফচল উৎপন্ন কৰে, যিবোৰ তোমালোকে ভক্ষণ কৰা, আৰু সেই পানীৰেই যাইতুন, খেজুৰ আৰু আঙুৰ গছ লালিত পালিত হয়, লগতে তোমালোকৰ বাবে অন্যান্য সকলো ফলমূল উৎপন্ন কৰে। নিশ্চয় সেই পানী আৰু তাৰ দ্বাৰা উৎপন্ন বস্তুবোৰৰ মাজত আছে আল্লাহৰ ক্ষমতাৰ নিদৰ্শন, সেইসকল লোকৰ বাবে যিসকলে আল্লাহৰ সৃষ্টিকলৈ চিন্তা-চৰ্চা কৰে, আৰু সেইবোৰৰ পৰা তেওঁৰ মহানতাৰ পাঠ গ্ৰহণ কৰে।

16:12Страница 268

وَسَخَّرَ لَكُمُ ٱلَّيۡلَ وَٱلنَّهَارَ وَٱلشَّمۡسَ وَٱلۡقَمَرَۖ وَٱلنُّجُومُ مُسَخَّرَٰتُۢ بِأَمۡرِهِۦٓۚ إِنَّ فِي ذَٰلِكَ لَأٓيَٰتٖ لِّقَوۡمٖ يَعۡقِلُونَ ١٢

Он покорил вам ночь и день, солнце и луну. Звезды также покорны по Его воле. Воистину, в этом - знамения для людей разумеющих.

আল্লাহে ৰাতিক তোমালোকৰ সেৱাত নিয়োজিত কৰিছে, যাতে তোমালোকে বিশ্ৰাম লব পাৰা। দিনক তোমালোকৰ সেৱাত নিয়োজিত কৰিছে, যাতে তোমালোকে জীৱিকা সন্ধান কৰিব পাৰা। সূৰ্যক তোমালোকৰ সেৱাত নিয়োজিত কৰিছে আৰু ইয়াক পোহৰৰ উৎস বনাইছে, আনহাতে চন্দ্ৰক বনাইছে জ্যোতিৰ্ময়। তৰাবোৰো তেওঁৰ আদেশতেই তোমালোকৰ কৰ্মত নিয়োজিত, তোমালোকে জল-স্থলত অন্ধকাৰত সেইবোৰৰ দ্বাৰাই পথ সন্ধান কৰা, আৰু সময় নিৰ্ণয় কৰা। এই সকলো বস্তুক তোমালোকৰ কৰ্মত নিয়োজিত কৰাৰ মাজতো আছে স্পষ্ট নিদৰ্শন, সেইসকল লোকৰ বাবে যিসকলে বিবেক-বুদ্ধি খটোৱায়। কিয়নো তেওঁলোকেই ইয়াৰ হিকমত বুজিব পাৰে।

16:13Страница 268

وَمَا ذَرَأَ لَكُمۡ فِي ٱلۡأَرۡضِ مُخۡتَلِفًا أَلۡوَٰنُهُۥٓۚ إِنَّ فِي ذَٰلِكَ لَأٓيَةٗ لِّقَوۡمٖ يَذَّكَّرُونَ ١٣

Он сотворил для вас на земле разнообразие цветов. Воистину, в этом - знамение для людей поминающих.

আল্লাহে পৃথিৱীত সৃষ্টি কৰা বিভিন্ন ৰঙৰ ধাতু, জীৱ-জন্তু, গছ-গছনি আৰু ফচলক তোমালোকৰ সেৱাত নিয়োজিত কৰিছে। নিশ্চয় এইবোৰৰ সৃষ্টি আৰু নিয়োগত সেইসকল লোকৰ বাবে আল্লাহৰ ক্ষমতাৰ স্পষ্ট প্ৰমাণ আছে, যিসকলে এইবোৰৰ পৰা শিক্ষা গ্ৰহণ কৰে, আৰু তেওঁলোকে জানে যে, নিশ্চয় আল্লাহ ক্ষমতাৱান আৰু উপকাৰকাৰী।

16:14Страница 268

وَهُوَ ٱلَّذِي سَخَّرَ ٱلۡبَحۡرَ لِتَأۡكُلُواْ مِنۡهُ لَحۡمٗا طَرِيّٗا وَتَسۡتَخۡرِجُواْ مِنۡهُ حِلۡيَةٗ تَلۡبَسُونَهَاۖ وَتَرَى ٱلۡفُلۡكَ مَوَاخِرَ فِيهِ وَلِتَبۡتَغُواْ مِن فَضۡلِهِۦ وَلَعَلَّكُمۡ تَشۡكُرُونَ ١٤

Он - Тот, Кто подчинил море, чтобы вы вкушали из него свежее мясо и добывали в нем украшения, которые вы носите. Ты видишь корабли, которые бороздят его для того, чтобы вы могли снискать Его милость, - быть может, вы будете благодарны.

তেৱেঁই পৱিত্ৰ আল্লাহ, যিয়ে সাগৰক তোমালোকৰ সেৱাত নিয়োজিত কৰিছে। এতেকে তেৱেঁই তোমালোকক সাগৰত ভ্ৰমণ কৰাৰ আৰু তাৰ তলত অৱস্থিত বস্তুবোৰ উলিয়াই অনাৰ ক্ষমতা প্ৰদান কৰিছে। যাতে তোমালোকে সাগৰৰ মাছ ধৰি ভক্ষণ কৰিব পাৰা, লগতে তাৰ পৰা সৌন্দৰ্যময় বস্তু উলিয়াই নিজে পৰিধান কৰিব পাৰা আৰু তোমালোকৰ স্ত্ৰীসকলক পৰিধান কৰাব পাৰা, যেনে মুকুতা আদি। তোমালোকে নিশ্চয় দেখা পাইছা সাগৰৰ বুকু ফালি চলাচল কৰা জাহাজবোৰক। তোমালোকে আল্লাহৰ অনুগ্ৰহত ব্যৱসায়ৰ পৰা উন্নতি লাভ কৰিবলৈ সেইবোৰত আৰোহণ কৰা। আৰু এই আশাত যে, যাতে আল্লাহে কৰা নিয়ামতৰ বাবে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰা, আৰু কেৱল তেওঁৰেই ইবাদত কৰিব পাৰা।

16:15Страница 269

وَأَلۡقَىٰ فِي ٱلۡأَرۡضِ رَوَٰسِيَ أَن تَمِيدَ بِكُمۡ وَأَنۡهَٰرٗا وَسُبُلٗا لَّعَلَّكُمۡ تَهۡتَدُونَ ١٥

Он поместил на земле незыблемые горы, дабы она не колебалась вместе с вами, а также реки и дороги, дабы вы могли идти верным путем.

পৃথিৱীক মজবুত কৰিবলৈ তাত প্ৰতিষ্ঠা কৰিছে পৰ্বত, যাতে ই তোমালোকক লৈ কম্পমান হৈ নাথাকে। তাত নদী প্ৰবাহিত কৰিছে, যাতে তোমালোকে পানী খাব পাৰা আৰু তোমালোকৰ চতুষ্পদ জন্তুক খোৱাব পাৰা আৰু খেতি-বাতিত ব্যৱহাৰ কৰিব পাৰা। আৰু সুগম পথ উলিয়াই দিছে যাতে চলাফুৰা কৰিব পাৰা, আৰু দিশহাৰা নহৈ নিজ গন্তব্যস্থলত উপনীত হ'ব পাৰা।

16:16Страница 269

وَعَلَٰمَٰتٖۚ وَبِٱلنَّجۡمِ هُمۡ يَهۡتَدُونَ ١٦

Он создал знаки. А по звездам они находят правильную дорогу.

তোমালোকৰ বাবে পৃথিৱীত বহুতো স্পষ্ট নিদৰ্শন বনাইছে, যিবোৰৰ সহায়ত তোমালোকে দিনৰ পোহৰত পথ চিনি পোৱা। আৰু আকাশত তোমালোকৰ বাবে তৰা বনাইছে, যিবোৰৰ সহায়ত তোমালোকে ৰাতিৰ অন্ধকাৰত পথ বিচাৰি পোৱা।

16:17Страница 269

أَفَمَن يَخۡلُقُ كَمَن لَّا يَخۡلُقُۚ أَفَلَا تَذَكَّرُونَ ١٧

Разве Тот, Кто творит, подобен тому, кто не творит? Неужели вы не помяните назидание?

এতেকে কোৱাচোন, এইবোৰ বস্তুৰ সৃষ্টিকৰ্তা সেইবোৰৰ দৰে নেকি, যিবোৰে একোৱেই সৃষ্টি কৰা নাই? তোমালোকে সেই আল্লাহৰ মহানতা বুজি নোপোৱানে যিয়ে সকলো বস্তু সৃষ্টি কৰে, তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা উচিত আৰু তেওঁৰ লগত এনেকুৱা কাকো অংশী কৰা উচিত নহয়, যিসকলে একোৱে সৃষ্টি কৰিব নোৱাৰে?

16:18Страница 269

وَإِن تَعُدُّواْ نِعۡمَةَ ٱللَّهِ لَا تُحۡصُوهَآۗ إِنَّ ٱللَّهَ لَغَفُورٞ رَّحِيمٞ ١٨

Если вы станете считать милости Аллаха, то не пересчитаете их! Воистину, Аллах - Прощающий, Милосердный.

হে মানৱজাতি! তোমালোকে যদি আল্লাহে প্ৰদান কৰা নিয়ামতসমূহ গণনা কৰিব বিচৰা, সেইবোৰ ইমান বেছি আৰু ইমান প্ৰকাৰৰ যে, সেইবোৰ গণনা কৰি শেষ কৰিব নোৱাৰিবা। নিশ্চয় আল্লাহ ক্ষমাশীল, সেই কাৰণেই এইবোৰ নিয়ামতৰ কৃতজ্ঞতাৰ ক্ষেত্ৰত তোমালোকে অৱহেলা কৰাৰ পিছতো তেওঁ তোমালোকক জবাবদিহি নকৰে। তেওঁ অতি দয়ালু, তোমালোকে গুনাহ আৰু অবাধ্যতা কৰাৰ পিছতো তেওঁ তোমালোকক নিয়ামতৰ পৰা বঞ্চিত নকৰে।

16:19Страница 269

وَٱللَّهُ يَعۡلَمُ مَا تُسِرُّونَ وَمَا تُعۡلِنُونَ ١٩

Аллах ведает то, что вы утаиваете, и то, что вы совершаете открыто.

হে বান্দাসকল! আল্লাহে তোমালোকৰ সেইবোৰ কৰ্ম সম্পৰ্কেও অৱগত যিবোৰ তোমালোকে গোপন কৰা আৰু যিবোৰক তোমালোকে প্ৰকাশ কৰা। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। তেওঁ তোমালোকক ইয়াৰ প্ৰতিদানো দিব।

16:20Страница 269

وَٱلَّذِينَ يَدۡعُونَ مِن دُونِ ٱللَّهِ لَا يَخۡلُقُونَ شَيۡـٔٗا وَهُمۡ يُخۡلَقُونَ ٢٠

А те, к кому они обращаются с молитвами вместо Аллаха, не могут ничего сотворить, тогда как сами они были сотворены.

মুশ্বৰিকসকলে আল্লাহক এৰি যিবোৰৰ উপাসনা কৰে, সেইবোৰে একোৱে সৃষ্টি কৰিব নোৱাৰে, যিমানেই সৰু বস্তু নহওঁক কিয়। বৰং সিহঁতে যিবোৰৰ উপাসনা কৰে, সেইবোৰক সিহঁতে নিজ হাতেৰে প্ৰস্তুত কৰে। এতেকে সিহঁতে যিবোৰ মূৰ্তিক নিজ হাতেৰে গঢ়ি তোলে, সেইবোৰক সিহঁতে কেনেকৈ আল্লাহৰ পৰিবৰ্তে উপাসনা কৰে?

16:21Страница 269

أَمۡوَٰتٌ غَيۡرُ أَحۡيَآءٖۖ وَمَا يَشۡعُرُونَ أَيَّانَ يُبۡعَثُونَ ٢١

Они мертвы, а не живы, и не знают они, когда будут воскрешены.

কেৱল এয়াই নহয় যে, সিহঁতে নিজ হাতেৰে নিজৰ উপাস্য সাজি লৈছে, ডাঙৰ কথাটো হ'ল, সেইবোৰ হৈছে নিৰ্জীৱ। সেইবোৰৰ ভিতৰত প্ৰাণো নাই আৰু জ্ঞানো নাই। সিহঁতে এই কথাও নাজানে যে, কিয়ামতৰ দিনা সিহঁতক সিহঁতৰ উপাসনাকাৰী সকলৰ লগত কেতিয়া পুনৰুত্থিত কৰা হ'ব, যাতে জাহান্নামত নিক্ষেপ কৰিব পৰা যায়।

16:22Страница 269

إِلَٰهُكُمۡ إِلَٰهٞ وَٰحِدٞۚ فَٱلَّذِينَ لَا يُؤۡمِنُونَ بِٱلۡأٓخِرَةِ قُلُوبُهُم مُّنكِرَةٞ وَهُم مُّسۡتَكۡبِرُونَ ٢٢

Ваш Бог - Бог Единственный. Но сердца тех, которые не верует в Последнюю жизнь, отрицают истину, а сами они - высокомерные гордецы.

তোমালোকৰ প্ৰকৃত উপাস্য কেৱল এজনেই। তেওঁৰ কোনো অংশীদাৰ নাই। আৰু তেওঁ হৈছে মহান আল্লাহ ছুবাহানাহু ওৱা তাআলা। যিসকলে প্ৰতিদানৰ বাবে পুনৰুত্থান দিৱসক অস্বীকাৰ কৰে, দৰাচলতে সিহঁতৰ অন্তৰত আল্লাহৰ ভয় নথকাৰ বাবে আল্লাহৰ একত্বক অস্বীকাৰ কৰে। সেইকাৰণেই সিহঁতে হিচাপ-কিতাপ আৰু শাস্তিক বিশ্বাস নকৰে। সিহঁতে অহংকাৰ কৰে, সত্যক স্বীকাৰ নকৰে। আৰু সত্যৰ প্ৰতি নত স্বীকাৰো নকৰে।

16:23Страница 269

لَا جَرَمَ أَنَّ ٱللَّهَ يَعۡلَمُ مَا يُسِرُّونَ وَمَا يُعۡلِنُونَۚ إِنَّهُۥ لَا يُحِبُّ ٱلۡمُسۡتَكۡبِرِينَ ٢٣

Несомненно, Аллах знает то, что вы утаиваете, и то, что вы обнародуете. Воистину, Он не любит высокомерных.

ইয়াত কোনো সন্দেহ নাই যে, আল্লাহে সিহঁতৰ গোপনীয় কৰ্মকো ভালদৰে জানে আৰু সিহঁতে যিবোৰ কৰ্মক প্ৰকাশ কৰে সেইবোৰকো তেওঁ ভালদৰে জানে। তেওঁৰ পৰা কোনো বিষয় গোপন নহয়। তেওঁ সিহঁতক সিহঁতৰ কৰ্মৰ প্ৰতিদান দিব। নিশ্চয় আল্লাহে সেইসকল অহংকাৰীক ভাল নাপায়, যিসকলে তেওঁৰ ইবাদতত আৰু তেওঁৰ প্ৰতি নত স্বীকাৰ কৰিবলৈ অহংকাৰ কৰে। বৰং তেওঁ সিহঁতৰ প্ৰতি ঘোৰ অসন্তষ্ট।

16:24Страница 269

وَإِذَا قِيلَ لَهُم مَّاذَآ أَنزَلَ رَبُّكُمۡ قَالُوٓاْ أَسَٰطِيرُ ٱلۡأَوَّلِينَ ٢٤

Когда им говорят: «Что ниспослал вам Господь?». - они говорят: «Это - легенды древних народов!».

যিসকলে আল্লাহৰ একত্বক অস্বীকাৰ কৰে আৰু পুনৰুত্থানক মিছা বুলি ধাৰণা কৰে, যেতিয়া সিহঁতক কোৱা হয় যে, আল্লাহে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি কি অৱতীৰ্ণ কৰিছে? সিহঁতে কয়ঃ তেওঁৰ প্ৰতি একোৱে অৱতীৰ্ণ হোৱা নাই। বৰং তেওঁ নিজৰ ফালৰ পৰা পূৰ্বৱৰ্তী লোকসকলৰ মিছা কাহিনী ৰচনা কৰিছে।

16:25Страница 269

لِيَحۡمِلُوٓاْ أَوۡزَارَهُمۡ كَامِلَةٗ يَوۡمَ ٱلۡقِيَٰمَةِ وَمِنۡ أَوۡزَارِ ٱلَّذِينَ يُضِلُّونَهُم بِغَيۡرِ عِلۡمٍۗ أَلَا سَآءَ مَا يَزِرُونَ ٢٥

Пусть они понесут свою ношу целиком в Последний день, а также ношу тех невежд, которых они ввели в заблуждение. Как же отвратительна их ноша!

যাতে সিহঁতে কোনো হ্ৰাস নোহোৱাকৈ নিজৰ গুনাহ বহন কৰিব পাৰে। লগতে সেইসকল লোকৰ গুনাহৰো যাতে কিছু অংশ বহন কৰে যিসকলক সিহঁতে অজানিতে অথবা পূৰ্বৱৰ্তীসকলৰ অনুসৰণত ইছলামৰ পৰা বিভ্ৰান্ত কৰিছে। এতেকে সিহঁতৰ নিজৰ আৰু সিহঁতৰ অনুসাৰীসকলৰ গুনাহৰ বোজা কিমান যে নিকৃষ্ট, যিবোৰ সিহঁতে বহন কৰিব।

16:26Страница 269

قَدۡ مَكَرَ ٱلَّذِينَ مِن قَبۡلِهِمۡ فَأَتَى ٱللَّهُ بُنۡيَٰنَهُم مِّنَ ٱلۡقَوَاعِدِ فَخَرَّ عَلَيۡهِمُ ٱلسَّقۡفُ مِن فَوۡقِهِمۡ وَأَتَىٰهُمُ ٱلۡعَذَابُ مِنۡ حَيۡثُ لَا يَشۡعُرُونَ ٢٦

Козни строили еще те, которые жили до них, но Аллах разрушил основание их строения. Крыша обрушилась на них сверху, и мучения постигли их оттуда, откуда они их не ожидали.

ইহঁতৰ পূৰ্বেও কাফিৰসকলে নিজ নিজ ৰাছুলৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিছিল। ফলত আল্লাহে সিহঁতৰ বাসস্থানবোৰ সম্পূৰ্ণৰূপে ধ্বংস কৰিছিল, আৰু সিহঁতৰ ঘৰৰ চাদ সিহঁতৰ ওপৰত ভাঙি পৰিছিল। সিহঁতৰ ওপৰত শাস্তি এনেকৈ আহিছিল, যিটো সিহঁতে কেতিয়াও কামনা কৰা নাছিল। কিয়নো সিহঁতৰ পূৰ্ণ বিশ্বাস আছিল যে, সিহঁতৰ অট্টালিকাই সিহঁতক সুৰক্ষা প্ৰদান কৰিব। কিন্তু সিহঁতক সেইবোৰৰ দ্বাৰাই ধ্বংস কৰা হ'ল।

16:27Страница 270

ثُمَّ يَوۡمَ ٱلۡقِيَٰمَةِ يُخۡزِيهِمۡ وَيَقُولُ أَيۡنَ شُرَكَآءِيَ ٱلَّذِينَ كُنتُمۡ تُشَٰٓقُّونَ فِيهِمۡۚ قَالَ ٱلَّذِينَ أُوتُواْ ٱلۡعِلۡمَ إِنَّ ٱلۡخِزۡيَ ٱلۡيَوۡمَ وَٱلسُّوٓءَ عَلَى ٱلۡكَٰفِرِينَ ٢٧

А потом, в День воскресения, Он опозорит их и скажет: «Где же Мои сотоварищи, о которых вы спорили?». Те, которым было даровано знание, скажут: «Воистину, сегодня неверующих постигнут позор и зло».

তাৰ পিছত কিয়ামতৰ দিনা আল্লাহে সিহঁতক শাস্তিৰ দ্বাৰা অপমানিত কৰিব আৰু ক'বঃ সেইসকল অংশীদাৰ ক'ত এতিয়া? যিবোৰক তোমালোকে মোৰ সৈতে ইবাদতত অংশী কৰিছিলা, আৰু সেইবোৰৰ কাৰণে তোমালোকে মোৰ নবী আৰু মুমিনসকলৰ লগত শত্ৰুতা পোষণ কৰিছিলা। আল্লাহৱালা জ্ঞানী লোকসকলে ক'বঃ নিশ্চয় কিয়ামতৰ দিনা অপমান আৰু শাস্তি হৈছে কাফিৰসকলৰ বাবে।

16:28Страница 270

ٱلَّذِينَ تَتَوَفَّىٰهُمُ ٱلۡمَلَٰٓئِكَةُ ظَالِمِيٓ أَنفُسِهِمۡۖ فَأَلۡقَوُاْ ٱلسَّلَمَ مَا كُنَّا نَعۡمَلُ مِن سُوٓءِۭۚ بَلَىٰٓۚ إِنَّ ٱللَّهَ عَلِيمُۢ بِمَا كُنتُمۡ تَعۡمَلُونَ ٢٨

Те, кого ангелы умертвили, когда они грешили во вред себе, изъявят покорность и скажут: «Мы не совершили никакого зла». Им ответят: «О нет! Воистину, Аллаху известно о том, что вы совершали.

মৃত্যুৰ ফিৰিস্তা আৰু তেওঁৰ সহযোগীসকলে যেতিয়া সেইসকল লোকৰ প্ৰাণহৰণ কৰে যিসকলে অন্যায়-অত্যাচাৰ আৰু কুফৰীত লিপ্ত, তেতিয়া সেইসকল লোকে মৃত্যুক সন্মুখত দেখি আত্মসমৰ্পন কৰে, লগতে সিহঁতে তেতিয়া কুফৰী আৰু গুনাহ কৰা বুলি অস্বীকাৰ কৰে। এইকাৰণে অস্বীকাৰ কৰে হয়তো সিহঁতে ইয়াৰ ফলত লাভান্বিত হ'ব। তেতিয়া সিহঁতক কোৱা হ'বঃ তোমালোক মিছলীয়া। তোমালোক কাফিৰ আছিলা, আৰু গুনাহত লিপ্ত আছিলা। তোমালোকে পৃথিৱীত যি কৰিছিলা, নিশ্চিতভাৱে আল্লাহ সেই সম্পৰ্কে অৱগত। তেওঁৰ পৰা একোৱেই গোপন নহয়। আৰু তোমালোকক ইয়াৰ প্ৰতিদান দিয়া হ'ব।

16:29Страница 270

فَٱدۡخُلُوٓاْ أَبۡوَٰبَ جَهَنَّمَ خَٰلِدِينَ فِيهَاۖ فَلَبِئۡسَ مَثۡوَى ٱلۡمُتَكَبِّرِينَ ٢٩

Войдите во врата Геенны и пребудьте там вечно. Как же скверна обитель возгордившихся!».

আৰু সিহঁতক কোৱা হ'ব, তোমালোকে নিজ কৰ্মৰ প্ৰতিফলস্বৰূপে জাহান্নামৰ দুৱাৰেৰে প্ৰৱেশ কৰা। তাতেই তোমালোক চিৰকাল থাকিব লাগিব। এতেকে আল্লাহৰ ওপৰত ঈমান আৰু তেওঁৰ ইবাদতত অহংকাৰকাৰী সকলৰ ঠিকনা কিমান যে নিকৃষ্ট।

16:30Страница 270

۞ وَقِيلَ لِلَّذِينَ ٱتَّقَوۡاْ مَاذَآ أَنزَلَ رَبُّكُمۡۚ قَالُواْ خَيۡرٗاۗ لِّلَّذِينَ أَحۡسَنُواْ فِي هَٰذِهِ ٱلدُّنۡيَا حَسَنَةٞۚ وَلَدَارُ ٱلۡأٓخِرَةِ خَيۡرٞۚ وَلَنِعۡمَ دَارُ ٱلۡمُتَّقِينَ ٣٠

Когда богобоязненных спрашивают: «Что ниспослал вам Господь?». - они говорят: «Благо». Тем, кто творил в этом мире добро, будет воздано добром. А Последняя обитель будет еще лучше. Как же прекрасна Обитель богобоязненных!

আৰু যিসকলে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰিছিল, তেওঁলোকক যেতিয়া সোধা হ'বঃ তোমালোকৰ প্ৰতিপালকে তোমালোকৰ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি কি অৱতীৰ্ণ কৰিছে? তেওঁলোকে ক'বঃ আল্লাহে তেওঁৰ ওপৰত মহান কল্যাণ অৱতীৰ্ণ কৰিছে, যিসকল লোকে উত্তমৰূপে আল্লাহৰ ইবাদত কৰিছে আৰু তেওঁৰ সৃষ্টিৰ লগত ভাল ব্যৱহাৰ কৰিছে, তেওঁলোকৰ বাবে এই পাৰ্থিৱ জীৱনত আছে উত্তম প্ৰতিদান, উদাহৰণ স্বৰূপেঃ সহায় আৰু জীৱিকাত প্ৰশস্ততা। আনহাতে আখিৰাতত আল্লাহে তেওঁলোকৰ বাবে যি প্ৰতিদান প্ৰস্তুত কৰি থৈছে, সেয়া পাৰ্থিৱ জীৱনৰ এই প্ৰতিদানতকৈ বহু গুণে উত্তম। আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি যিসকলে আল্লাহৰ তাক্বৱা অৱলম্বন কৰে, তেওঁলোকৰ বাবে আখিৰাতৰ বাসস্থান কিমান যে উৎকৃষ্ট।

16:31Страница 270

جَنَّٰتُ عَدۡنٖ يَدۡخُلُونَهَا تَجۡرِي مِن تَحۡتِهَا ٱلۡأَنۡهَٰرُۖ لَهُمۡ فِيهَا مَا يَشَآءُونَۚ كَذَٰلِكَ يَجۡزِي ٱللَّهُ ٱلۡمُتَّقِينَ ٣١

Они войдут в сады Эдема, в которых текут реки. Они получат там все, чего пожелают. Так Аллах воздает богобоязненным,

তেওঁলোকে প্ৰতিষ্ঠিত জান্নাতত চিৰকালৰ বাবে প্ৰৱেশ কৰিব। যাৰ অট্টালিকা আৰু বৃক্ষসমূহৰ তলদেশত নৈ নিজৰা প্ৰবামান থাকিব। তাত তেওঁলোকে পানাহাৰৰ বাবে সেই সকলো প্ৰকাৰ খাদ্য উপলব্ধ পাব, যিবোৰ তেওঁলোকে ইচ্ছা কৰিব। এইটো প্ৰতিদানেই দিব মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ উম্মতৰ মুত্তাক্বী ব্যক্তিসকলক, এইদৰে পূৰ্বৱৰ্তী উম্মতৰ মুত্তাক্বী সকলকো অনুৰূপ প্ৰতিদান দিব।

16:32Страница 270

ٱلَّذِينَ تَتَوَفَّىٰهُمُ ٱلۡمَلَٰٓئِكَةُ طَيِّبِينَ يَقُولُونَ سَلَٰمٌ عَلَيۡكُمُ ٱدۡخُلُواْ ٱلۡجَنَّةَ بِمَا كُنتُمۡ تَعۡمَلُونَ ٣٢

которых ангелы умерщвляют праведниками. Они говорят: «Мир вам! Войдите в Рай благодаря тому, что вы совершали».

যিসকলৰ প্ৰাণ মৃত্যুৰ ফিৰিস্তা আৰু তেওঁৰ সঙ্গীসকলে এনেকুৱা অৱস্থাত হৰণ কৰিব, যেতিয়া তেওঁলোকৰ অন্তৰ কুফৰী আদিৰ পৰা পৱিত্ৰ থাকিব। তেতিয়া ফিৰিস্তাসকলে তেওঁলোকক সম্বোধন কৰি ক'বঃ তোমালোকৰ প্ৰতি শান্তি বৰ্ষিত হওঁক। তোমালোক সকলো বিপদ-আপদৰ পৰা সুৰক্ষিত। তোমালোকে জান্নাতত প্ৰৱেশ কৰা, কাৰণ তোমালোক পৃথিৱীত বিশুদ্ধ আক্বীদাৰ অধিকাৰী আছিলা আৰু তাৰ প্ৰতি আমল কৰিছিলা।

16:33Страница 270

هَلۡ يَنظُرُونَ إِلَّآ أَن تَأۡتِيَهُمُ ٱلۡمَلَٰٓئِكَةُ أَوۡ يَأۡتِيَ أَمۡرُ رَبِّكَۚ كَذَٰلِكَ فَعَلَ ٱلَّذِينَ مِن قَبۡلِهِمۡۚ وَمَا ظَلَمَهُمُ ٱللَّهُ وَلَٰكِن كَانُوٓاْ أَنفُسَهُمۡ يَظۡلِمُونَ ٣٣

Неужели они ждут чего-либо иного, кроме ангелов или веления твоего Господа? Так же поступали те, которые жили прежде. Аллах не был несправедлив к ним - они сами поступали несправедливо по отношению к себе.

মুশ্বৰিকসকলে আৰু অস্বীকাৰকাৰীসকলে মালাকুল মওতৰ অপেক্ষাত আছে নেকি, যেতিয়া মৃত্যুৰ ফিৰিস্তা আৰু তাৰ সঙ্গীসকলে সিহঁতৰ প্ৰাণহৰণ কৰিবলৈ আহি সিহঁতৰ মুখমণ্ডল আৰু পিঠিত মৰিয়াই মৰিয়াই প্ৰাণহৰণ কৰিব, অথবা পৃথিৱীতেই শাস্তিৰ বাবে আল্লাহৰ নিৰ্দেশৰ অপেক্ষাত আছে নেকি, এনেকুৱা কৰ্ম যিবোৰ মক্কাৰ মুশ্বৰিকসকলে কৰি আছে, সিহঁতৰ পূৰ্বৱৰ্তী মুশ্বৰিকসকলেও কৰিছিল, ফলত আল্লাহে সিহঁতক ধ্বংস কৰিছে। প্ৰকৃততে আল্লাহে সিহঁতক ধ্বংস কৰি অন্যায় কৰা নাই। বৰং সিহঁতে আল্লাহৰ লগত কুফৰী কৰি নিজকে ধ্বংসৰ পথত ঠেলি দি নিজেই নিজৰ অন্যায় কৰিছে।

16:34Страница 270

فَأَصَابَهُمۡ سَيِّـَٔاتُ مَا عَمِلُواْ وَحَاقَ بِهِم مَّا كَانُواْ بِهِۦ يَسۡتَهۡزِءُونَ ٣٤

Злое возмездие постигло их за то, что они творили, и окружило (или поразило) их то, над чем они издевались.

ফলত সিহঁতৰ ওপৰত সিহঁতৰ আমলৰ শাস্তি অৱতীৰ্ণ হৈছে, আৰু সেই শাস্তিয়ে সিহঁতক পৰিবেষ্টন কৰি লৈছে যিটোক সিহঁতৰ ওচৰত বৰ্ণনা কৰাত সিহঁতে উপহাস কৰিছিল।

16:35Страница 271

وَقَالَ ٱلَّذِينَ أَشۡرَكُواْ لَوۡ شَآءَ ٱللَّهُ مَا عَبَدۡنَا مِن دُونِهِۦ مِن شَيۡءٖ نَّحۡنُ وَلَآ ءَابَآؤُنَا وَلَا حَرَّمۡنَا مِن دُونِهِۦ مِن شَيۡءٖۚ كَذَٰلِكَ فَعَلَ ٱلَّذِينَ مِن قَبۡلِهِمۡۚ فَهَلۡ عَلَى ٱلرُّسُلِ إِلَّا ٱلۡبَلَٰغُ ٱلۡمُبِينُ ٣٥

Многобожники говорят: «Если бы Аллах захотел, то ни мы, ни наши отцы не стали бы поклоняться ничему, кроме Него, и мы не стали бы запрещать чтолибо вопреки Ему». Так же поступали те, которые жили прежде. Разве на посланников было возложено что-либо, кроме ясной передачи откровения?

আল্লাহৰ ইবাদতত আনক অংশী স্থাপন কৰা লোকসকলে কয়ঃ যদি আল্লাহে বিচাৰিলেহেঁতেন যে, আমি কেৱল তেওঁৰেই এককভাৱে ইবাদত কৰিব লাগে, আৰু তেওঁৰ লগত আন কাকো অংশী কৰিব নালাগে তেন্তে আমি অৱশ্যে নকৰিলোহেঁতেন, আনকি আমাৰ পূৰ্বে আমাৰ পিতৃপুৰুষসকলেও নকৰিলেহেঁতেন। ঠিক সেইদৰে আমি কোনো বস্তুক হাৰাম কৰাটো যদি তেওঁ নিবিচাৰিলেহেঁতেন তেন্তে আমি সেইটোক হাৰাম কৰিব নোৱাৰিলোহেঁতেন। এনেকুৱা ঠুনুকা যুক্তি পূৰ্বৱৰ্তী কাফিৰসকলেও উত্থাপন কৰিছিল। এতেকে ৰাছুলসকলৰ দায়িত্ব হৈছে স্পষ্টৰূপে পৌঁচাই দিয়া, যিটো পৌঁচাই দিয়াৰ আদেশ তেওঁলোকক প্ৰদান কৰা হৈছে। আৰু তেওঁলোকে এই দায়িত্ব পালন কৰিছে। কাফিৰসকলে ভাগ্যৰ অজুহাতো দেখুৱাব নোৱাৰিব, কিয়নো আল্লাহে সিহঁতক ইচ্ছা আৰু বিকল্প প্ৰদান কৰিছে, লগতে সিহঁতৰ প্ৰতি ৰাছুলো প্ৰেৰণ কৰিছে।

16:36Страница 271

وَلَقَدۡ بَعَثۡنَا فِي كُلِّ أُمَّةٖ رَّسُولًا أَنِ ٱعۡبُدُواْ ٱللَّهَ وَٱجۡتَنِبُواْ ٱلطَّٰغُوتَۖ فَمِنۡهُم مَّنۡ هَدَى ٱللَّهُ وَمِنۡهُم مَّنۡ حَقَّتۡ عَلَيۡهِ ٱلضَّلَٰلَةُۚ فَسِيرُواْ فِي ٱلۡأَرۡضِ فَٱنظُرُواْ كَيۡفَ كَانَ عَٰقِبَةُ ٱلۡمُكَذِّبِينَ ٣٦

Мы отправили к каждой общине посланника: «Поклоняйтесь Аллаху и избегайте тагута!». Среди них есть такие, которых Аллах наставил на прямой путь, и такие, которым было справедливо предначертано заблуждение. Ступайте же по земле и посмотрите, каким был конец неверующих.

নিশ্চয় আমি পূৰ্বৱৰ্তী সকলো উম্মতত একো একোজনকৈ ৰাছুল প্ৰেৰণ কৰিছিলো, তেওঁলোকে নিজ নিজ উম্মতক এককভাৱে আল্লাহৰ ইবাদত কৰিবলৈ আদেশ দিছিল, তথা মূৰ্তি আৰু চয়তান আদিৰ উপাসনাৰ পৰা বিৰত ৰাখিছিল। এতেকে সেইসকল লোকৰ মাজৰ কিছুমানক আল্লাহে তাওফীক প্ৰদান কৰিছিল, যিসকলে নবীৰ প্ৰতি ঈমান আনিছিল। আৰু তেওঁলোকৰ ৰাছুলে যি লৈ আহিছিল তাৰ অনুসৰণ কৰিছিল। কিন্তু কিছুমানক তাওফীক দিয়া নাছিল, যিসকলে আল্লাহৰ লগত কুফৰী কৰিছিল আৰু তেওঁৰ ৰাছুলৰ অবাধ্যতা কৰিছিল। ফলত সিহঁতৰ বাবে পথভ্ৰষ্টতা অনিবাৰ্য হৈ পৰিছিল। এতেকে পৃথিৱীত ঘূৰি পকি নিজ চকুৰে চোৱা, অস্বীকাৰকাৰী সকলৰ ওপৰত যেতিয়া ধ্বংস আৰু শাস্তি নামি আহিছিল তেতিয়া সিহঁতৰ কি পৰিণতি হৈছিল?

16:37Страница 271

إِن تَحۡرِصۡ عَلَىٰ هُدَىٰهُمۡ فَإِنَّ ٱللَّهَ لَا يَهۡدِي مَن يُضِلُّۖ وَمَا لَهُم مِّن نَّٰصِرِينَ ٣٧

Как бы ты ни хотел наставить их на прямой путь, Аллах не наставляет на прямой путь тех, кого Он вводит в заблуждение, и не будет у них помощников.

হে ৰাছুল! আপুনি সিহঁতক সঠিক পথত আনিবলৈ যিমানেই যত্ন নকৰক কিয়, আৰু যদিও সিহঁতৰ হিদায়তৰ প্ৰতি আপোনাৰ আগ্ৰহ আছে, কিন্তু আল্লাহে যাক পথভ্ৰষ্ট কৰিছে, তাক তেওঁ হিদায়ত নিদিয়ে। আনহাতে এনেকুৱা লোকে আল্লাহৰ বাহিৰে আন কাকো বিচাৰি নাপাব, যিয়ে সিহঁতক শাস্তিৰ পৰা ৰক্ষা কৰিব।

16:38Страница 271

وَأَقۡسَمُواْ بِٱللَّهِ جَهۡدَ أَيۡمَٰنِهِمۡ لَا يَبۡعَثُ ٱللَّهُ مَن يَمُوتُۚ بَلَىٰ وَعۡدًا عَلَيۡهِ حَقّٗا وَلَٰكِنَّ أَكۡثَرَ ٱلنَّاسِ لَا يَعۡلَمُونَ ٣٨

Именем Аллаха они принесли величайшие клятвы о том, что Аллах не воскресит мертвецов. О нет! Это произойдет согласно истинному обещанию, но большинство людей не знает этого.

আখিৰাতৰ পুনৰ্জীৱনক অস্বীকাৰকাৰী এইসকল লোকে ডাঠি শপত খাই কয়ঃ আল্লাহে মৃত্যুবৰণকাৰীসকলক কেতিয়াও পুনৰ্জীৱিত নকৰিব। অথচ সিহঁতৰ ওচৰত এই সম্পৰ্কে কোনো প্ৰমাণো নাই। জানি থোৱা! নিশ্চয় আল্লাহে প্ৰত্যেক মৃত্যুবৰণকাৰীক পুনৰুত্থিত কৰিব। এইটো তেওঁৰ চিৰসত্য প্ৰতিশ্ৰুতি। কিন্তু অধিকাংশ লোকে এই কথাষাৰ নাজানে যে, আল্লাহে মৃতসকলক জীৱিত কৰিব। সেই কাৰণে সিহঁতে আখিৰাতৰ পুনৰুত্থানক অস্বীকাৰ কৰে।

16:39Страница 271

لِيُبَيِّنَ لَهُمُ ٱلَّذِي يَخۡتَلِفُونَ فِيهِ وَلِيَعۡلَمَ ٱلَّذِينَ كَفَرُوٓاْ أَنَّهُمۡ كَانُواْ كَٰذِبِينَ ٣٩

Он разъяснит им то, в чем они расходились во мнениях, и неверующие узнают, что они были лжецами.

আল্লাহে কিয়ামতৰ দিনা সকলো লোককে পুনৰ্জীৱিত কৰিব, যাতে সেই বিষয়বোৰৰ বাস্তৱিকতা স্পষ্ট কৰি দিয়ে, যিবোৰকলৈ সিহঁতে মতানৈক্য কৰিছিল, যেনেঃ তাওহীদ, পুনৰুত্থান আৰু নুবুওৱত সম্পৰ্কে। যাতে কাফিৰসকল আল্লাহৰ অংশীদাৰ স্থাপনৰ ক্ষেত্ৰত আৰু পুনৰুত্থানৰ বিষয়টোক অস্বীকাৰ কৰাৰ কাৰণে মিছলীয়া প্ৰমাণিত হয়।

16:40Страница 271

إِنَّمَا قَوۡلُنَا لِشَيۡءٍ إِذَآ أَرَدۡنَٰهُ أَن نَّقُولَ لَهُۥ كُن فَيَكُونُ ٤٠

Когда Мы хотим чего-либо, то стоит Нам сказать: «Будь!». - как это сбывается.

নিশ্চয় আমি যেতিয়া মৃতসকলক জীৱিত কৰিম, তেতিয়া কোনেও আমাক বাধা দিব নোৱাৰিব। জানি থোৱা! আমি যেতিয়া কোনো বস্তুক সৃষ্টি কৰাৰ ইচ্ছা পোষণ কৰো, তেতিয়া কেৱল কৈ দিওঁ “হৈ যোৱা” আৰু সেইটো নিশ্চিতভাৱে হৈ যায়।

Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии

Содержание

Аят аль-Курси36Аль-Кахфстр. 42джуз 15Бухари 1Муслим 2999

Вид

Тема
Размер текста
Вид

Read in English