Аль-МухтасарАль‑Исра · 17:84–111

Аль-Мухтасар · Тафсир · на ассамском

Аль-Исра 17:84–111

17:84Страница 290

قُلۡ كُلّٞ يَعۡمَلُ عَلَىٰ شَاكِلَتِهِۦ فَرَبُّكُمۡ أَعۡلَمُ بِمَنۡ هُوَ أَهۡدَىٰ سَبِيلٗا ٨٤

Скажи: «Каждый человек избирает свой путь, а вашему Господу лучше знать, кто следует более прямым путем».

হে ৰাছুল! আপুনি কৈ দিয়ক, প্ৰত্যেকেই হিদায়ত আৰু পথভ্ৰষ্টতা অনুসৰি আমল কৰে। নিশ্চয় আপোনাৰ প্ৰতিপালক ভালকৈ জানে কোন সত্যৰ পথত পৰিচালিত।

17:85Страница 290

وَيَسۡـَٔلُونَكَ عَنِ ٱلرُّوحِۖ قُلِ ٱلرُّوحُ مِنۡ أَمۡرِ رَبِّي وَمَآ أُوتِيتُم مِّنَ ٱلۡعِلۡمِ إِلَّا قَلِيلٗا ٨٥

Они станут спрашивать тебя о духе (душе или Джибриле). Скажи: «Дух - от повеления моего Господа, а вам дано знать об этом очень мало».

হে ৰাছুল! আহলে কিতাবসকলৰ মাজৰ পৰা কাফিৰসকলে আপোনাক ৰূহৰ বাস্তৱিকতা সম্পৰ্কে প্ৰশ্ন কৰে। এতেকে আপুনি সিহঁতক কৈ দিয়ক, ৰূহৰ প্ৰকৃত তথ্য আল্লাহৰ বাহিৰে আন কোনেও নাজানে। তোমালোকক আৰু গোটেই সৃষ্টিজগতক যি জ্ঞান দিয়া হৈছে সেয়া আল্লাহৰ জ্ঞানৰ তুলনাত নিচেই নগন্য।

17:86Страница 290

وَلَئِن شِئۡنَا لَنَذۡهَبَنَّ بِٱلَّذِيٓ أَوۡحَيۡنَآ إِلَيۡكَ ثُمَّ لَا تَجِدُ لَكَ بِهِۦ عَلَيۡنَا وَكِيلًا ٨٦

Если бы Мы захотели, то лишили бы тебя того, что дали тебе в откровении. И никто не защитил бы тебя от Нас,

হে ৰাছুল! আমি অহীৰ জৰিয়তে আপোনাৰ প্ৰতি যি অৱতীৰ্ণ কৰিছো, সেয়া ইচ্ছা কৰিলে পুথি তথা অন্তৰৰ পৰা মচি দিব পাৰো। তেতিয়া আপুনি সেইবোৰ উদ্ধাৰ কৰিবলৈ কোনো সহায়ক বিচাৰি নাপাব।

17:87Страница 291

إِلَّا رَحۡمَةٗ مِّن رَّبِّكَۚ إِنَّ فَضۡلَهُۥ كَانَ عَلَيۡكَ كَبِيرٗا ٨٧

не будь милости твоего Господа. Воистину, Его милость к тебе велика!

কিন্তু এয়া আপোনাৰ প্ৰতিপালকৰ বিশেষ দয়া যে, আমি ইয়াক সুৰক্ষিত অৱস্থাত এৰিছো। নিশ্চয় আপোনাৰ প্ৰতি আপোনাৰ প্ৰতিপালকৰ মহা অনুগ্ৰহ আছে যে, তেওঁ আপোনাক ৰাছুল বনাইছে আৰু আপোনাৰ জৰিয়তে নবীসকলৰ ধাৰাবাহিকতা সমাপ্ত কৰিছে আৰু আপোনাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছে।

17:88Страница 291

قُل لَّئِنِ ٱجۡتَمَعَتِ ٱلۡإِنسُ وَٱلۡجِنُّ عَلَىٰٓ أَن يَأۡتُواْ بِمِثۡلِ هَٰذَا ٱلۡقُرۡءَانِ لَا يَأۡتُونَ بِمِثۡلِهِۦ وَلَوۡ كَانَ بَعۡضُهُمۡ لِبَعۡضٖ ظَهِيرٗا ٨٨

Скажи: «Если бы люди и джинны объединились для того, чтобы сочинить нечто, подобное этому Корану, это не удалось бы им, даже если бы они стали помогать друг другу».

হে ৰাছুল! আপুনি জনাই দিয়ক, আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআনৰ দৰে এখন গ্ৰন্থ ৰচনা কৰিবলৈ যদি গোটেই জিনজগত আৰু মানৱজাতি একত্ৰিত হয়, তথাপিও সিহঁতে কোৰআনৰ দৰে সহজ সৰল, সুন্দৰ গঠন, সুশৃংখল গ্ৰন্থ কদাপিও ৰচনা কৰিব নোৱাৰে। যদিও ইজনে সিজনক সহায়-সহযোগিতা কৰে।

17:89Страница 291

وَلَقَدۡ صَرَّفۡنَا لِلنَّاسِ فِي هَٰذَا ٱلۡقُرۡءَانِ مِن كُلِّ مَثَلٖ فَأَبَىٰٓ أَكۡثَرُ ٱلنَّاسِ إِلَّا كُفُورٗا ٨٩

Мы разъяснили людям в этом Коране всякие притчи, но большинство людей отвергает все, кроме неверия.

আমি এই কোৰআনত স্পষ্টভাৱে বিভিন্ন ধৰণৰ উপদেশ, শিক্ষাপ্ৰদ কথা, আদেশ-নিষেধ আৰু বাস্তৱ কাহিনী আদি বৰ্ণনা কৰিছো, যাতে মানুহে ঈমান পোষণ কৰে। কিন্তু সিহঁতৰ মাজৰ অধিকাংশই এই কোৰআনক অস্বীকাৰ কৰিছে।

17:90Страница 291

وَقَالُواْ لَن نُّؤۡمِنَ لَكَ حَتَّىٰ تَفۡجُرَ لَنَا مِنَ ٱلۡأَرۡضِ يَنۢبُوعًا ٩٠

Они говорят: «Ни за что мы не уверуем, пока ты не исторгнешь для нас из земли источник;

মুশ্বৰিকসকলে ক'লেঃ আমি তেতিয়ালৈকে তোমাৰ প্ৰতি ঈমান পোষণ নকৰিম, যেতিয়ালৈকে তুমি আমাৰ বাবে মক্কাৰ ভূমিত এনেকুৱা এটা নিজৰা প্ৰবাহিত নকৰিবা যিটো কেতিয়াও নুশুকাব।

17:91Страница 291

أَوۡ تَكُونَ لَكَ جَنَّةٞ مِّن نَّخِيلٖ وَعِنَبٖ فَتُفَجِّرَ ٱلۡأَنۡهَٰرَ خِلَٰلَهَا تَفۡجِيرًا ٩١

или пока не будет у тебя пальмовой рощи и виноградника, в которых ты проложишь реки;

অথবা আপোনাৰ বাবে খেজুৰ আৰু আঙুৰৰ এখন বাৰী হওক, যাৰ মাজেৰে নিৰৱচ্ছিন্নভাৱে প্ৰবাহিত থাকিব নিজৰা।

17:92Страница 291

أَوۡ تُسۡقِطَ ٱلسَّمَآءَ كَمَا زَعَمۡتَ عَلَيۡنَا كِسَفًا أَوۡ تَأۡتِيَ بِٱللَّهِ وَٱلۡمَلَٰٓئِكَةِ قَبِيلًا ٩٢

или пока не обрушишь на нас небо кусками, как ты это утверждаешь; или не предстанешь перед нами вместе с Аллахом и ангелами;

অথবা আপুনি বৰ্ণনা কৰাৰ দৰে শাস্তি হিচাপে আকাশখনক আমাৰ ওপৰত ভাঙি পেলাওক, নাইবা আল্লাহ আৰু ফিৰিস্তাসকলক আমাৰ সন্মুখত উপস্থিত কৰক, যাতে তেওঁলোকে আপোনাৰ সত্যতাৰ সাক্ষী দিয়ে।

17:93Страница 291

أَوۡ يَكُونَ لَكَ بَيۡتٞ مِّن زُخۡرُفٍ أَوۡ تَرۡقَىٰ فِي ٱلسَّمَآءِ وَلَن نُّؤۡمِنَ لِرُقِيِّكَ حَتَّىٰ تُنَزِّلَ عَلَيۡنَا كِتَٰبٗا نَّقۡرَؤُهُۥۗ قُلۡ سُبۡحَانَ رَبِّي هَلۡ كُنتُ إِلَّا بَشَرٗا رَّسُولٗا ٩٣

или пока у тебя не будет дома из драгоценностей; или пока ты не взойдешь на небо. Но мы не поверим в твое восхождение, пока ты не спустишься с Писанием, которое мы станем читать». Скажи: «Пречист мой Господь! Я же - всего лишь человек и посланник».

অথবা আপোনাৰ বাবে সোণেৰে সুসজ্জিত এখন ঘৰ হওক, অথবা আপুনি আকাশলৈ আৰোহন কৰক। নহয়, কেৱল আকাশলৈ আৰোহন কৰিলেই আমি আপোনাক ৰাছুল বুলি বিশ্বাস নকৰোঁ, যেতিয়ালৈকে আপুনি আল্লাহৰ ফালৰ পৰা লিখিত পুথিলৈ নামি নাহিব আৰু তাত লিখা থাকিব লাগিব যে, আপুনি আল্লাহৰ ৰাছুল। হে ৰাছুল! আপুনি সিহঁতক কওক, মোৰ প্ৰতিপালক পৱিত্ৰ। মই মাত্ৰ এজন মানুহ, আন আন ৰাছুলসকলৰ দৰেই মোক প্ৰেৰণ কৰা হৈছে। একোৱেই আনিবলৈ মোৰ ক্ষমতা নাই, এতেকে মই তোমালোকৰ আবেদন কেনেকৈ পূৰণ কৰিব পাৰিম?

17:94Страница 291

وَمَا مَنَعَ ٱلنَّاسَ أَن يُؤۡمِنُوٓاْ إِذۡ جَآءَهُمُ ٱلۡهُدَىٰٓ إِلَّآ أَن قَالُوٓاْ أَبَعَثَ ٱللَّهُ بَشَرٗا رَّسُولٗا ٩٤

Людям помешало уверовать после того, как к ним явилось верное руководство, только то, что они сказали: «Неужели Аллах отправил посланником человека?».

আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুলৰ প্ৰতি লগতে ৰাছুলে যি লৈ আহিছে তাৰ প্ৰতি আমল কৰিবলৈ কাফিৰসকলক কেৱল এই নেতিবাচক চিন্তাধাৰাই বাধা প্ৰদান কৰিছে যে, মানৱ কেতিয়াও ৰাছুল হ'ব নোৱাৰে। সেয়ে সিহঁতে অস্বীকাৰ কৰি কৈছেঃ আল্লাহে আমাৰ ওচৰলৈ মানুহ এজন ৰাছুল হিচাপে প্ৰেৰণ কৰিছে নেকি?

17:95Страница 291

قُل لَّوۡ كَانَ فِي ٱلۡأَرۡضِ مَلَٰٓئِكَةٞ يَمۡشُونَ مُطۡمَئِنِّينَ لَنَزَّلۡنَا عَلَيۡهِم مِّنَ ٱلسَّمَآءِ مَلَكٗا رَّسُولٗا ٩٥

Скажи: «Если бы по земле спокойно ходили ангелы, то Мы отправили бы к ним посланником с неба ангела».

হে ৰাছুল! আপুনি সিহঁতৰ দাবী খণ্ডন কৰি কওক, যদি ফিৰিস্তাসকল পৃথিৱীত বসবাস কৰিলেহেঁতেন আৰু তোমালোকৰ দৰে শান্তিত চলাফুৰা কৰিব পাৰিলেহেঁতেন তেন্তে অৱশ্যে আমি সিহঁতৰ প্ৰতি এজন ফিৰিস্তাক ৰাছুল হিচাপে প্ৰেৰণ কৰিলোহেঁতেন। কিয়নো তেৱেঁই সিহঁতক আল্লাহৰ বাৰ্তা বুজাব পাৰিলেহেঁতেন। তেতিয়া কিন্তু কোনো মানৱক সিহঁতৰ প্ৰতি ৰাছুল হিচাপে প্ৰেৰণ কৰাটো হিকমতৰ অন্তৰ্ভুক্ত নহয়। ঠিক তেনেকুৱা পৰিস্থিতি তোমালোকৰো।

17:96Страница 291

قُلۡ كَفَىٰ بِٱللَّهِ شَهِيدَۢا بَيۡنِي وَبَيۡنَكُمۡۚ إِنَّهُۥ كَانَ بِعِبَادِهِۦ خَبِيرَۢا بَصِيرٗا ٩٦

Скажи: «Довольно того, что Аллах является Свидетелем между мною и вами. Воистину, Он знает и видит Своих рабов».

হে ৰাছুল! আপুনি কৈ দিয়ক, মোৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে আল্লাহেই যথেষ্ট যে, মই তোমালোকৰ প্ৰতি প্ৰেৰিত এজন ৰাছুল। নিশ্চয় মই তোমালোকক সেই বাৰ্তা পৌঁচাই দিছো যিটো পৌঁচাই দিয়াৰ দায়িত্ব মোক দিয়া হৈছে। নিশ্চয় তেওঁ নিজ বান্দাসকলৰ সকলো অৱস্থা পৰিবেষ্টন কৰি আছে। তেওঁৰ পৰা কোনো বিষয়েই গোপন নহয়। তেওঁ অন্তৰৰ প্ৰত্যেক গোপন বিষয় সম্পৰ্কে অৱগত।

17:97Страница 292

وَمَن يَهۡدِ ٱللَّهُ فَهُوَ ٱلۡمُهۡتَدِۖ وَمَن يُضۡلِلۡ فَلَن تَجِدَ لَهُمۡ أَوۡلِيَآءَ مِن دُونِهِۦۖ وَنَحۡشُرُهُمۡ يَوۡمَ ٱلۡقِيَٰمَةِ عَلَىٰ وُجُوهِهِمۡ عُمۡيٗا وَبُكۡمٗا وَصُمّٗاۖ مَّأۡوَىٰهُمۡ جَهَنَّمُۖ كُلَّمَا خَبَتۡ زِدۡنَٰهُمۡ سَعِيرٗا ٩٧

Тот, кого Аллах ведет прямым путем, следует прямым путем. А для того, кого Аллах вводит в заблуждение, ты не найдешь покровителей вместо Него. В День воскресения Мы соберем их лежащими ничком, слепыми, немыми, глухими. Их пристанищем будет Геенна. Как только она утихает, Мы добавляем им пламени.

আল্লাহে যাক হিদায়তৰ তাওফীক প্ৰদান কৰে, প্ৰকৃততে তেৱেঁই হিদায়তপ্ৰাপ্ত। আনহাতে তেওঁ যাক এৰি দিয়ে তথা পথভ্ৰষ্ট কৰি দিয়ে (হে ৰাছুল) আপুনি কেতিয়াও সেইসকল লোকৰ বাবে এনেকুৱা কোনো সংৰক্ষক নাপাব, যিয়ে সিহঁতক সত্যৰ পথ দেখুৱাব তথা সিহঁতৰ কষ্ট দুৰ কৰিব পাৰিব, আৰু সিহঁতৰ উপকাৰ কৰিব। সিহঁতক কিয়ামতৰ দিনা উবৰি খাই পৰি থকা অৱস্থাত চোঁচৰাই আমি একত্ৰিত কৰিম, সিহঁতে তেতিয়া দেখিবও নোৱাৰিব, কথা কবও নোৱাৰিব আৰু শুনিবও নোৱাৰিব। সিহঁতৰ ঠিকনা হ'ব জাহান্নাম। যেতিয়াই অগ্নিশিখা শান্ত হ'বলৈ ধৰিব তেতিয়াই আমি সেইটোক উত্তেজিত কৰিম।

17:98Страница 292

ذَٰلِكَ جَزَآؤُهُم بِأَنَّهُمۡ كَفَرُواْ بِـَٔايَٰتِنَا وَقَالُوٓاْ أَءِذَا كُنَّا عِظَٰمٗا وَرُفَٰتًا أَءِنَّا لَمَبۡعُوثُونَ خَلۡقٗا جَدِيدًا ٩٨

Таково возмездие им за то, что они не уверовали в Наши знамения и говорили: «Неужели после того, как мы превратимся в прах и частички, мы будем воскрешены в новом творении?».

এই শাস্তি যিটোৰ সিহঁতে সন্মুখীন হ'ব, ইয়াৰ কাৰণ হৈছে সিহঁতে আমাৰ ৰাছুলৰ প্ৰতি অৱতীৰ্ণ আয়াতসমূহক অস্বীকাৰ কৰিছিল আৰু পুনৰুত্থানক অস্বীকাৰ কৰি কৈছিলঃ আমি যেতিয়া মৃত্যুবৰণ কৰিম আৰু আমাৰ হাড়সমূহ গেলি পচি মাটিত মিহলি হৈ যাব, তাৰ পিছতো আমাক নতুনভাৱে সৃষ্টি কৰা হ'ব নেকি?

17:99Страница 292

۞ أَوَلَمۡ يَرَوۡاْ أَنَّ ٱللَّهَ ٱلَّذِي خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ قَادِرٌ عَلَىٰٓ أَن يَخۡلُقَ مِثۡلَهُمۡ وَجَعَلَ لَهُمۡ أَجَلٗا لَّا رَيۡبَ فِيهِ فَأَبَى ٱلظَّٰلِمُونَ إِلَّا كُفُورٗا ٩٩

Неужели они не видят, что Аллах, сотворивший небеса и землю, способен создать подобных им? Он установил для них срок, в котором нет сомнения, но беззаконники отвергают все, кроме неверия.

পুনৰুত্থানক অস্বীকাৰকাৰী এইসকল লোকে নাজানে নেকি যে, যিজন আল্লাহে ইমান বিশাল আকাশমণ্ডল সৃষ্টি কৰিছে তথা পৃথিৱী সৃষ্টি কৰিছে, সেই আল্লাহে সিহঁতৰ দৰে ব্যক্তিক সৃষ্টি কৰিবলৈ সক্ষম নহয়নে, যি সত্ত্বাই ডাঙৰ মখলুক সৃষ্টি কৰিবলৈ সক্ষম, তেওঁ নগন্য বস্তুও সৃষ্টি কৰিবলৈও সক্ষম। আল্লাহে পৃথিৱীত সিহঁতৰ বাবে এটা সময় নিৰ্ধাৰণ কৰিছে, য'ত সিহঁতৰ পাৰ্থিৱ জীৱন অন্ত পৰিব। সিহঁতৰ বাবে পুনৰ্জীৱনৰো এটা সময় নিৰ্ধাৰণ কৰিছে, ইয়াত কোনো সন্দেহ নাই। পুনৰুত্থানৰ প্ৰমাণসমূহ প্ৰকাশ হোৱাৰ পিছতো মুশ্বৰিকসকলে অস্বীকাৰৰ পথ বাচি লৈছে।

17:100Страница 292

قُل لَّوۡ أَنتُمۡ تَمۡلِكُونَ خَزَآئِنَ رَحۡمَةِ رَبِّيٓ إِذٗا لَّأَمۡسَكۡتُمۡ خَشۡيَةَ ٱلۡإِنفَاقِۚ وَكَانَ ٱلۡإِنسَٰنُ قَتُورٗا ١٠٠

Скажи: «Если бы вы владели сокровищницами милости моего Господа, то все равно скупились бы из страха обеднеть, ибо человек скуп».

হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক, যদি তোমালোক মোৰ প্ৰতিপালকৰ দয়াৰ ভাণ্ডাৰৰ অধিকাৰী হ'লাহেঁতেন, যি ভাণ্ডাৰ কেতিয়াও হ্ৰাস নহয় আৰু কেতিয়াও সমাপ্ত নহ'ব, তথাপিও তোমালোকে সেইটোক কৃপণালী কৰি বচাই ৰাখিবলৈ চেষ্টা কৰিলাহেঁতেন, যাতে শেষ নহয় আৰু তোমালোক দৰিদ্ৰ নোহোৱা। নিশ্চয় মানুহৰ স্বভাৱতেই আছে কৃপণালী। কিন্তু মুমিনসকলৰ বিষয়টো সুকীয়া, মুমিন ব্যক্তিয়ে আল্লাহৰ প্ৰতিদানৰ আশাত ব্যয় কৰে।

17:101Страница 292

وَلَقَدۡ ءَاتَيۡنَا مُوسَىٰ تِسۡعَ ءَايَٰتِۭ بَيِّنَٰتٖۖ فَسۡـَٔلۡ بَنِيٓ إِسۡرَٰٓءِيلَ إِذۡ جَآءَهُمۡ فَقَالَ لَهُۥ فِرۡعَوۡنُ إِنِّي لَأَظُنُّكَ يَٰمُوسَىٰ مَسۡحُورٗا ١٠١

Мы даровали Мусе (Моисею) девять ясных знамений. Спроси сынов Исраила (Израиля) о том, как Муса (Моисей) пришел к ним, и Фараон сказал ему: «О Муса (Моисей)! Воистину, я полагаю, что ты околдован».

নিশ্চয় আমি মুছা আলাইহিচ্ছালামক নটা স্পষ্ট নিদৰ্শন প্ৰদান কৰিছিলো, যিবোৰ তেওঁৰ সত্যতাৰ প্ৰমাণ আছিল, সেইবোৰ যেনেঃ লাখুটি, (উজ্জ্বল) হাত, দুৰ্ভিক্ষ, ফল-মূলৰ নাটনি, প্ৰবল ধুমুহা, কাকতি ফৰিং, ওকণি, ভেকুলী আৰু তেজ। এতেকে হে ৰাছুল! আপুনি ইয়াহুদীসকলক সুধি চাব যেতিয়া মুছা সিহঁতৰ পূৰ্বপুৰুষসকলৰ ওচৰত এই নিদৰ্শনবোৰ লৈ আহিছিল তেতিয়া ফিৰআউনে তেওঁক কৈছিলঃ হে মুছা! তুমি এইবোৰ যি আচৰিত বুস্তু লৈ আনা, মই ইয়াৰ ফলত তোমাক এজন যাদু সংক্ৰমিত ব্যক্তি বুলি ভাৱো।

17:102Страница 292

قَالَ لَقَدۡ عَلِمۡتَ مَآ أَنزَلَ هَٰٓؤُلَآءِ إِلَّا رَبُّ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ بَصَآئِرَ وَإِنِّي لَأَظُنُّكَ يَٰفِرۡعَوۡنُ مَثۡبُورٗا ١٠٢

Муса (Моисей) сказал: «Ты уже знаешь, что не кто иной, а только Господь небес и земли ниспослал их в качестве наглядных знамений. О Фараон! Я полагаю, что тебя постигнет погибель».

মুছাই তাক উত্তৰ দি ক'লেঃ হে ফিৰআউন! নিশ্চিতভাৱে তুমি পতিয়ন গৈছা যে, এইবোৰ একমাত্ৰ আল্লাহ তাআলাই অৱতীৰ্ণ কৰিছে, যিজন আকাশমণ্ডল আৰু পৃথিৱীৰ প্ৰতিপালক। তেওঁ নিজৰ ক্ষমতা আৰু ৰাছুলৰ সত্যতা প্ৰমাণ কৰিবলৈ এইবোৰ অৱতীৰ্ণ কৰিছে। তথাপিও তুমি এইবোৰক অস্বীকাৰ কৰি আছা। হে ফিৰআউন! মই নিশ্চিত যে, তুমি বিনষ্ট তথা ধ্বংস হোৱাটো খাটাং।

17:103Страница 292

فَأَرَادَ أَن يَسۡتَفِزَّهُم مِّنَ ٱلۡأَرۡضِ فَأَغۡرَقۡنَٰهُ وَمَن مَّعَهُۥ جَمِيعٗا ١٠٣

Фараону хотелось вытеснить их с земли, но Мы потопили его и всех, кто был с ним.

এতেকে ফিৰআউনে মুছা আলাইহিচ্ছালামক আৰু তেওঁৰ সম্প্ৰদায়ক মিচৰৰ পৰা উলিয়াই শাস্তি প্ৰদান কৰাৰ বাবে মনস্থ কৰিলে। সেয়ে আমিও ফিৰআউনক আৰু তাৰ লগত থকা সৈন্যবাহিনীক একেলগে ডুবাই মাৰিলো।

17:104Страница 292

وَقُلۡنَا مِنۢ بَعۡدِهِۦ لِبَنِيٓ إِسۡرَٰٓءِيلَ ٱسۡكُنُواْ ٱلۡأَرۡضَ فَإِذَا جَآءَ وَعۡدُ ٱلۡأٓخِرَةِ جِئۡنَا بِكُمۡ لَفِيفٗا ١٠٤

После этого Мы сказали сынам Исраила (Израиля): «Живите на этой земле. А когда исполнится последнее обещание, Мы соберем вас всех вместе».

ফিৰআউন আৰু তাৰ সৈন্যবাহিনীক ধ্বংস কৰাৰ পিছত আমি বনী ইছৰাঈলক আদেশ দিলো যে, তোমালোকে শ্বাম (ছিৰিয়া) দেশতগৈ বসবাস কৰা। কিয়ামতৰ দিনা আমি তোমালোক আটাইকে হাশ্বৰৰ ময়দানত হিচাপ নিকাচৰ বাবে একত্ৰিত কৰিম।

17:105Страница 293

وَبِٱلۡحَقِّ أَنزَلۡنَٰهُ وَبِٱلۡحَقِّ نَزَلَۗ وَمَآ أَرۡسَلۡنَٰكَ إِلَّا مُبَشِّرٗا وَنَذِيرٗا ١٠٥

Мы ниспослали его (Коран) с истиной, и он сошел с истиной, а тебя Мы послали только добрым вестником и предостерегающим увещевателем.

সত্যৰ সৈতে এই কোৰআন আমি মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি অৱতীৰ্ণ কৰিছো। কোনো পৰিবৰ্তন আৰু বিকৃত নোহোৱাকৈ সত্যৰ সৈতে আমি তেওঁৰ ওপৰত অৱতীৰ্ণ কৰিছো। হে ৰাছুল! মুত্ত্বাক্বীসকলক জান্নাতৰ সুসংবাদ দিবলৈ আৰু কাফিৰ তথা পাপিষ্ঠসকলক জাহান্নামৰ পৰা সাৱধান কৰিবলৈ আমি আপোনাক প্ৰেৰণ কৰিছো।

17:106Страница 293

وَقُرۡءَانٗا فَرَقۡنَٰهُ لِتَقۡرَأَهُۥ عَلَى ٱلنَّاسِ عَلَىٰ مُكۡثٖ وَنَزَّلۡنَٰهُ تَنزِيلٗا ١٠٦

Мы разделили Коран для того, чтобы ты читал его людям не спеша. Мы ниспослали его частями.

আমি এই কোৰআনখনক স্পষ্ট বিৱৰণৰ সৈতে অৱতীৰ্ণ কৰিছো যাতে আপুনি মানুহক সুন্দৰভাৱে লাহে লাহে তিলাৱত কৰি শুনায়। কিয়নো এনে কৰিলে চিন্তা-চৰ্চা কৰাত আৰু বুজাত সহজ হয়। লগতে আমি ইয়াক পৰিস্থিতি আৰু ঘটনা অনুসাৰে পৃথকে পৃথকে অৱতীৰ্ণ কৰিছো।

17:107Страница 293

قُلۡ ءَامِنُواْ بِهِۦٓ أَوۡ لَا تُؤۡمِنُوٓاْۚ إِنَّ ٱلَّذِينَ أُوتُواْ ٱلۡعِلۡمَ مِن قَبۡلِهِۦٓ إِذَا يُتۡلَىٰ عَلَيۡهِمۡ يَخِرُّونَۤ لِلۡأَذۡقَانِۤ سُجَّدٗاۤ ١٠٧

Скажи: «Веруйте в него (Коран) или не веруйте! Воистину, когда его читают тем, кому прежде было даровано знание, они падают ниц, касаясь земли своими подбородками.

হে ৰাছুল! আপুনি কৈ দিয়ক, যদি তোমালোকে ইয়াৰ প্ৰতি ঈমান পোষণ কৰা, তথাপিও তোমালোকৰ ঈমানৰ ফলত ইয়াৰ কোনো উন্নতি নহ'ব, আৰু যদি ঈমান পোষণ নকৰা তথাপিও ইয়াৰ একো ক্ষতি নহ'ব। নিশ্চয় যিসকলে পূৰ্বৱৰ্তী ঐশীগ্ৰন্থসমূহ পাঠ কৰিছে, লগতে অহী আৰু নবূওৱত সম্পৰ্কে জ্ঞান আছে, যেতিয়া সিহঁতৰ সন্মুখত কোৰআন তিলাৱত কৰা হয় তেতিয়া সিহঁতে কৃতজ্ঞতাৰ বাবে আল্লাহৰ প্ৰতি ছাজদাৱনত হয়।

17:108Страница 293

وَيَقُولُونَ سُبۡحَٰنَ رَبِّنَآ إِن كَانَ وَعۡدُ رَبِّنَا لَمَفۡعُولٗا ١٠٨

Они говорят: «Хвала нашему Господу! Воистину, обещание нашего Господа непременно исполнится».

সিহঁতে ছাজদাত কয়ঃ আমাৰ প্ৰতিপালক প্ৰতিশ্ৰুতি ভঙ্গ কৰাৰ পৰা পৱিত্ৰ। তেওঁ মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰেৰণ কৰাৰ যি প্ৰতিশ্ৰুতি দিছিল সেয়া বাস্তৱায়িত হৈছে। আমাৰ প্ৰতিপালকৰ এই সম্পৰ্কীয় তথা আন আন বিষয় সম্পৰ্কীয় যি যি প্ৰতিশ্ৰুতি আছে, সেই সকলো প্ৰতিশ্ৰুতি অৱশ্যে বাস্তৱায়িত হ'ব।

17:109Страница 293

وَيَخِرُّونَ لِلۡأَذۡقَانِ يَبۡكُونَ وَيَزِيدُهُمۡ خُشُوعٗا۩ ١٠٩

Они падают ниц, касаясь земли подбородками и рыдая. И это приумножает их смирение».

তেওঁলোকে আল্লাহৰ সন্মুখত শিৰনত কৰি ছাজদাহ কৰে আৰু তেওঁৰ ভয়ত কান্দি উঠে। কোৰআন শুনি তথা ইয়াৰ অৰ্থ বুজি পাই তেওঁলোকৰ বিনয় আৰু ভয় অধিক বৃদ্ধি পায়।

17:110Страница 293

قُلِ ٱدۡعُواْ ٱللَّهَ أَوِ ٱدۡعُواْ ٱلرَّحۡمَٰنَۖ أَيّٗا مَّا تَدۡعُواْ فَلَهُ ٱلۡأَسۡمَآءُ ٱلۡحُسۡنَىٰۚ وَلَا تَجۡهَرۡ بِصَلَاتِكَ وَلَا تُخَافِتۡ بِهَا وَٱبۡتَغِ بَيۡنَ ذَٰلِكَ سَبِيلٗا ١١٠

Скажи: «Призывайте Аллаха или призывайте Милостивого! Как бы вы ни призывали Его, у Него - самые прекрасные имена». Не совершай свой намаз громко и не совершай его шепотом, а выбери среднее между этим.

হে ৰাছুল! ইয়া আল্লাহ আৰু ইয়া ৰাহমান বুলি কোৱাত যিয়ে আপোনাক অপছন্দ কৰিছে, তাক আপুনি কৈ দিয়কঃ আল্লাহ আৰু ৰহমান দুয়োটা তেওঁৰেই নাম। তেওঁ পৱিত্ৰ। তোমালোকে এই দুটাৰ যিকোনো এটা অথবা ইয়াৰ বাহিৰে তেওঁৰ যিবোৰ নাম আছে সেইবোৰৰ জৰিয়তে তেওঁক আহ্বান কৰা, তেওঁৰ সকলো নাম অতি সুন্দৰ। এই দুটাও সেই সুন্দৰ নামৰেই অন্তৰ্ভুক্ত। (হে ৰাছুল!) আপুনি ছালাতত ইমান উচ্চস্বৰে তিলাৱত নকৰিব যাতে মুশ্বৰিকসকলে শুনা পায়, আনহাতে ইমান নিম্নস্বৰেও তিলাৱত নকৰিব যাতে মুমিনসকলেও শুনা নাপায়, বৰং এই দুটাৰ মধ্যৱৰ্তী কোনো উপায় অৱলম্বন কৰক।

17:111Страница 293

وَقُلِ ٱلۡحَمۡدُ لِلَّهِ ٱلَّذِي لَمۡ يَتَّخِذۡ وَلَدٗا وَلَمۡ يَكُن لَّهُۥ شَرِيكٞ فِي ٱلۡمُلۡكِ وَلَمۡ يَكُن لَّهُۥ وَلِيّٞ مِّنَ ٱلذُّلِّۖ وَكَبِّرۡهُ تَكۡبِيرَۢا ١١١

Скажи: «Хвала Аллаху, Который не взял Себе сына, Который ни с кем не делит власть, Которому не нужен защитник от унижения». И возвеличивай Его величаво!

হে ৰাছুল! আপুনি কৈ দিয়কঃ সকলো প্ৰকাৰৰ প্ৰশংসা আল্লাহৰ বাবে যিজন সকলো ধৰণৰ প্ৰশংসাৰ যোগ্য। তেওঁ সন্তানৰ পৰা পৱিত্ৰ তথা অংশীদাৰৰ পৰা পৱিত্ৰ। এতেকে তেওঁৰ ৰাজত্বত তেওঁৰ কোনো অংশীদাৰ নাই। তেওঁক তুচ্ছ-তাচ্ছিল্য আৰু অপমানে কেতিয়াও চুব নোৱাৰে। সেয়ে তেওঁৰ কোনো সহায়কৰ প্ৰয়োজন নাই, যিয়ে তেওঁক সমৰ্থন কৰিব। আপুনি তেওঁৰ বেছি বেছি মহিমা গুণ গান কৰক। তেওঁৰ সৈতে সন্তানৰ বিষয় সম্পৃক্ত নকৰিব, তথা তেওঁৰ ৰাজত্বত অংশীদাৰ বিশ্বাস নকৰিব, লগতে কোনো সহায়ক থকা বুলিও সম্পৃক্ত নকৰিব।

Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии

Содержание

Аят аль-Курси36Аль-Кахфстр. 42джуз 15Бухари 1Муслим 2999

Вид

Тема
Размер текста
Вид

Read in English