Аль-Мухтасар · Тафсир · на ассамском
مريم
Марьям
Марьям · Мекканская · 98 аятов
(কাফ, হা, ইয়া, আঈন, চদ) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।
19:2Страница 305
ذِكۡرُ رَحۡمَتِ رَبِّكَ عَبۡدَهُۥ زَكَرِيَّآ ٢
Это является напоминанием о милости твоего Господа, оказанной Его рабу Закарии (Захарии).
এইটো যাকাৰিয়্যা আলাইহিচ্ছালামৰ প্ৰতি আপোনাৰ প্ৰতিপালকৰ ৰহমতৰ বৰ্ণনা। আমি আপোনাৰ সন্মুখত এই বৰ্ণনা উপদেশ তথা শিক্ষা লাভৰ উদ্দেশ্যে পাঠ কৰি আছোঁ।
যিহেতু তেওঁ নিজ প্ৰতিপালকৰ ওচৰত গোপনে দুআ কৰিছিল, যাতে দুআ কবুল হোৱাৰ সুযোগ বেছি থাকে।
19:4Страница 305
قَالَ رَبِّ إِنِّي وَهَنَ ٱلۡعَظۡمُ مِنِّي وَٱشۡتَعَلَ ٱلرَّأۡسُ شَيۡبٗا وَلَمۡ أَكُنۢ بِدُعَآئِكَ رَبِّ شَقِيّٗا ٤
и сказал: «Господи! Воистину, кости мои ослабели, а седина уже распространилась по моей голове. А ведь раньше благодаря молитвам к Тебе, Господи, я не был несчастен.
তেওঁ কৈছিলঃ হে মোৰ প্ৰতিপালক! মোৰ হাড়সমূহ দুৰ্বল হৈ গৈছে, মোৰ মূৰৰ চুলি বেছি ভাগেই বগা হৈছে। তথা মই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰি কেতিয়াও নিৰাশ হোৱা নাই। বৰং মই যেতিয়াই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, তুমি সেয়া কবুল কৰিছা।
19:5Страница 305
وَإِنِّي خِفۡتُ ٱلۡمَوَٰلِيَ مِن وَرَآءِي وَكَانَتِ ٱمۡرَأَتِي عَاقِرٗا فَهَبۡ لِي مِن لَّدُنكَ وَلِيّٗا ٥
Я опасаюсь того, что натворят мои родственники после меня, потому что жена моя бесплодна. Даруй же мне от Тебя наследника,
মোৰ আশংকা হয় মোৰ আত্মীয়সকলে মোৰ মৃত্যুৰ পিচত সাংসাৰীক কামত লিপ্ত হৈ ধাৰ্মিক কৰ্তব্য নিৰ্বাহ কৰা পাহৰি যায় নেকি। ইপিনে মোৰ স্ত্ৰীও বন্ধ্যা। এতেকে তুমি মোক এজন পুত্ৰ সন্তান দান কৰা, যিজন মোৰ বাবে সহায়ক হ'ব।
19:6Страница 305
يَرِثُنِي وَيَرِثُ مِنۡ ءَالِ يَعۡقُوبَۖ وَٱجۡعَلۡهُ رَبِّ رَضِيّٗا ٦
который наследует мне и семейству Йакуба (Иакова). И сделай его, Господи, угодником».
যিজন মোৰ নবুওৱতৰ উত্তৰাধিকাৰী হ'ব তথা ইয়াকূব আলাইহিচ্ছালামৰ বংশৰ ওৱাৰিচ হ'ব, তথা (হে মোৰ প্ৰতিপালক!) তুমি তাক ধৰ্ম, নৈতিকতা আৰু জ্ঞান সকলো ক্ষেত্ৰতেই পন্দনীয় হিচাপে গঢ়ি তুলিবা।
19:7Страница 305
يَٰزَكَرِيَّآ إِنَّا نُبَشِّرُكَ بِغُلَٰمٍ ٱسۡمُهُۥ يَحۡيَىٰ لَمۡ نَجۡعَل لَّهُۥ مِن قَبۡلُ سَمِيّٗا ٧
О Закария (Захария)! Воистину, Мы радуем тебя вестью о мальчике, имя которому Йахья (Иоанн). Мы не создавали прежде никого с таким именем (или никого подобного ему).
আল্লাহে তেওঁৰ দুআ কবুল কৰিলে আৰু তেওঁক সম্বোধন কৰি ক'লেঃ হে যাকাৰিয়্যা! নিশ্চয় আমি আপোনাক এটা শুভসংবাদ শুনাম, আমি আপোনাৰ দুআ কবুল কৰিছোঁ। আমি আপোনাক এজন সুপুত্ৰ প্ৰদান কৰিম, যাৰ নাম হ'ব ইয়াহইয়া। তেওঁৰ পূৰ্বে আমি এই নাম আন কাকো দিয়া নাছিলোঁ।
19:8Страница 305
قَالَ رَبِّ أَنَّىٰ يَكُونُ لِي غُلَٰمٞ وَكَانَتِ ٱمۡرَأَتِي عَاقِرٗا وَقَدۡ بَلَغۡتُ مِنَ ٱلۡكِبَرِ عِتِيّٗا ٨
Он сказал: «Господи! Как может быть у меня мальчик, если моя жена бесплодна, а я уже достиг дряхлого возраста?».
যাকাৰিয়্যা আলাইহিচ্ছালামে আল্লাহৰ ক্ষমতা দেখি আশ্চৰ্য প্ৰকাশ কৰি ক'লেঃ মোৰ ঘৰত কেনেকৈ পুত্ৰ সন্তান জন্ম লভিব, অথচ মোৰ পত্নী হৈছে বন্ধ্যা আৰু মই নিজেও বৃদ্ধাৱস্থাৰ অন্তিম সীমাত উপনীত হৈছোঁ। ইপিনে মোৰ হাড়সমূহও দুৰ্বল হৈ পৰিছে?
19:9Страница 305
قَالَ كَذَٰلِكَ قَالَ رَبُّكَ هُوَ عَلَيَّ هَيِّنٞ وَقَدۡ خَلَقۡتُكَ مِن قَبۡلُ وَلَمۡ تَكُ شَيۡـٔٗا ٩
Он сказал: «Все так и будет! Господь твой сказал: «Это для Меня легко, ведь прежде Я сотворил тебя самого, хотя тебя вообще не было»».
ফিৰিস্তাই ক'লেঃ হয়, বিষয়টো তেনেকুৱাই যিদৰে আপুনি ব্যক্ত কৰিছে যে, আপোনাৰ স্ত্ৰী বন্ধ্যা আৰু আপুনিও বৃদ্ধাৱস্থাৰ শেষ সীমাত উপনীত হৈছে তথা আপোনাৰ হাড়সমূহ দুৰ্বল হৈছে। কিন্তু আপোনাৰ প্ৰতিপালকে কৈছেঃ এজনী বন্ধ্যা মাকৰ গৰ্ভৰ পৰা আৰু এজন বৃদ্ধ পিতৃৰ পৰা ইয়াহইয়াক সৃষ্টি কৰা তেওঁৰ বাবে তেনেই সহজ। কিয়নো (হে যাকাৰিয়্যা) ইতিপূৰ্বে মই তোমাক সৃষ্টি কৰিছোঁ, অথচ তুমি উল্লেখযোগ্য একোৱেই নাছিলা। অৰ্থাৎ তোমাৰ কোনো অস্তিত্বই নাছিল।
19:10Страница 305
قَالَ رَبِّ ٱجۡعَل لِّيٓ ءَايَةٗۖ قَالَ ءَايَتُكَ أَلَّا تُكَلِّمَ ٱلنَّاسَ ثَلَٰثَ لَيَالٖ سَوِيّٗا ١٠
Он сказал: «Господи! Назначь для меня знамение». Он сказал: «Знамением для тебя станет то, что ты не будешь говорить с людьми в течение трех ночей, будучи в полном здравии».
যাকাৰিয়্যা আলাইহিচ্ছালামে ক'লেঃ হে মোৰ প্ৰতিপালক! মোৰ বাবে কিবা এটা সংকেত নিৰ্ধাৰণ কৰি দিয়া, যাতে মোৰ অন্তৰে সন্তুষ্টি লাভ কৰে সেই বিষয়টো অৰ্জন কৰিবলৈ যিটো তুমি ফিৰিস্তাসকলৰ দ্বাৰা সুসংবাদ দিছা। আল্লাহে ক'লেঃ আপোনাক যিটো সুসংবাদ দিয়া হৈছে, সেইটো লাভ কৰাৰ সংকেত হৈছে এই যে, আপুনি তিনিদিনলৈকে মানুহৰ লগত কথা ক'ব নোৱাৰিব, অথচ আপোনাৰ কোনো অসুখ নাথাকিব তথা আপুনি সম্পূৰ্ণ সুস্থ থাকিব।
19:11Страница 305
فَخَرَجَ عَلَىٰ قَوۡمِهِۦ مِنَ ٱلۡمِحۡرَابِ فَأَوۡحَىٰٓ إِلَيۡهِمۡ أَن سَبِّحُواْ بُكۡرَةٗ وَعَشِيّٗا ١١
Он вышел из молельни к своему народу и дал им понять: «Воздавайте хвалу по утрам и перед закатом!».
যাকাৰিয়্যা আলাইহিচ্ছালামে উপাসনা গৃহৰ পৰা ওলাই নিজ সম্প্ৰদায়ৰ ওচৰলৈ আহিল আৰু তেওঁলোকৰ লগত কথা নোকোৱাকৈ ইংগিতেৰে বুজাই দিলে যে, তোমালোকে পূৱা-গধুলি পৱিত্ৰ আল্লাহৰ পৱিত্ৰতা বৰ্ণনা কৰিবা।
19:12Страница 306
يَٰيَحۡيَىٰ خُذِ ٱلۡكِتَٰبَ بِقُوَّةٖۖ وَءَاتَيۡنَٰهُ ٱلۡحُكۡمَ صَبِيّٗا ١٢
О Йахья (Иоанн)! Крепко держи Писание. Мы одарили его мудростью, пока он был еще ребенком,
ইয়াৰ পিচত তেওঁৰ ঘৰত ইয়াহইয়াৰ জন্ম হ'ল। এতেকে তেওঁ যেতিয়া সম্বোধন কৰিব পৰা বয়সত উপনীত হ'ল, তেতিয়া তেওঁক আমি ক'লোঃ “হে ইয়াহইয়া! তাওৰাতক মজবুতভাৱে ধাৰণ কৰা”। আমি তেওঁক শিশু অৱস্থাতেই বোধশক্তি, জ্ঞান, গাম্ভীৰ্য্য আৰু প্ৰেৰণা প্ৰদান কৰিছিলোঁ।
19:13Страница 306
وَحَنَانٗا مِّن لَّدُنَّا وَزَكَوٰةٗۖ وَكَانَ تَقِيّٗا ١٣
а также состраданием от Нас и чистотой. Он был богобоязнен,
আমি তেওঁৰ প্ৰতি আমাৰ ফালৰ পৰা বিশেষ দয়া কৰিছিলোঁ, আৰু তেওঁক পাপকৰ্মৰ পৰা পৱিত্ৰ ৰাখিছিলোঁ। তথা তেওঁ আছিল এজন সদাচাৰী ব্যক্তি। তেওঁ আল্লাহৰ আদেশ পালন কৰিছিল আৰু তেওঁৰ নিষেধকৃত বিষয়ৰ পৰা বিৰত আছিল।
19:14Страница 306
وَبَرَّۢا بِوَٰلِدَيۡهِ وَلَمۡ يَكُن جَبَّارًا عَصِيّٗا ١٤
почтителен к родителям и не был гордецом и ослушником.
তেওঁ নিজ পিতৃ-মাতৃৰ আনুগত্যশীল আৰু তেওঁলোকৰ প্ৰতি সদাচাৰী আছিল। তেওঁ নিজ প্ৰতিপালকৰ আনুগত্যত তথা পিতৃ-মাতৃৰ আনুগত্যৰ ক্ষেত্ৰত অহংকাৰী নাছিল। তথা তেওঁলোকৰ প্ৰতি অবাধ্যও নাছিল।
19:15Страница 306
وَسَلَٰمٌ عَلَيۡهِ يَوۡمَ وُلِدَ وَيَوۡمَ يَمُوتُ وَيَوۡمَ يُبۡعَثُ حَيّٗا ١٥
Мир ему в тот день, когда он родился, в тот день, когда он скончался, и в тот день, когда он будет воскрешен к жизни!
তেওঁৰ বাবে আল্লাহৰ ফালৰ পৰা শান্তি নিৰ্ধাৰিত, যিদিনা তেওঁ জন্ম গ্ৰহণ কৰিছে আৰু যিদিনা তেওঁ মৃত্যুবৰণ কৰিব তথা এই পাৰ্থিৱ জীৱনৰ পৰা বিদায় লব, আৰু কিয়ামতৰ দিনা যেতিয়া তেওঁ জীৱিত হৈ পুনৰুত্থিত হ'ব। দৰাচলতে এইটোৱে সেই ভয়াৱহ তিনিটা স্থান, যিটো প্ৰত্যেক মানুহেই অতিক্ৰম কৰিব লাগিব। যদি ইয়াৰ পৰা সুকলমে অতিক্ৰম কৰিব পাৰে তেন্তে তাৰ বাবে আন ক’তো কোনো ভয় নাথাকে।
19:16Страница 306
وَٱذۡكُرۡ فِي ٱلۡكِتَٰبِ مَرۡيَمَ إِذِ ٱنتَبَذَتۡ مِنۡ أَهۡلِهَا مَكَانٗا شَرۡقِيّٗا ١٦
Помяни в Писании Марьям (Марию). Вот она ушла от своей семьи на восток
হে ৰাছুল! আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআনত মৰিয়ম আলাইহাচ্ছালামৰ ঘটনা স্মৰণ কৰক। যেতিয়া তেওঁ নিজ পৰিয়ালৰ পৰা পৃথক হৈ পূৱ ফালে অৱস্থিত এটা স্থানত অকলে বসবাস কৰিবলৈ লৈছিল।
19:17Страница 306
فَٱتَّخَذَتۡ مِن دُونِهِمۡ حِجَابٗا فَأَرۡسَلۡنَآ إِلَيۡهَا رُوحَنَا فَتَمَثَّلَ لَهَا بَشَرٗا سَوِيّٗا ١٧
и укрылась от них за завесой. Мы же послали к ней Нашего Духа (Джибрила), и он предстал перед ней в облике прекрасно сложенного человека.
ফলত তেওঁ নিজৰ বাবে এখন তম্বু সাজি লৈছিল। যাতে তেওঁ যেতিয়া নিজ প্ৰতিপালকৰ ইবাদত কৰিব তেতিয়া তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে তেওঁক প্ৰত্যক্ষ নকৰে। এই সময়ছোৱাতে আমি জিব্ৰীল আলাইহিচ্ছালামক তেওঁৰ ওচৰলৈ প্ৰেৰণ কৰিলোঁ। জিব্ৰীল আলাইহিচ্ছালাম তেওঁৰ ওচৰলৈ সম্পূৰ্ণৰূপে মানৱ আকৃতি ধাৰণ কৰি আগমণ কৰিলে। কিন্তু মৰিয়মে ভয় কৰিলে, ভাৱিলে কিবা বেয়া কৰ্ম কৰিব বিচাৰে নেকি।
19:18Страница 306
قَالَتۡ إِنِّيٓ أَعُوذُ بِٱلرَّحۡمَٰنِ مِنكَ إِن كُنتَ تَقِيّٗا ١٨
Она сказала: «Я прибегаю к Милостивому, чтобы Он защитил меня от тебя, если только ты богобоязнен».
যেতিয়া তেওঁ জিব্ৰীলক দেখা পালে, তেওঁ এজন মানৱ ৰূপ ধাৰণ কৰি তেওঁৰ ফালে আগুৱাই আহি আছিল। তেতিয়া তেওঁ ক'লেঃ হে ব্যক্তি! যদি তুমি এজন সদাচাৰী আৰু আল্লাহক ভয় কৰা তেন্তে শুনা! নিশ্চয় মই তোমাৰ অনিষ্টৰ পৰা অত্যন্ত কৃপাশীল আল্লাহৰ ওচৰত আশ্ৰয় বিচাৰোঁ।
19:19Страница 306
قَالَ إِنَّمَآ أَنَا۠ رَسُولُ رَبِّكِ لِأَهَبَ لَكِ غُلَٰمٗا زَكِيّٗا ١٩
Он сказал: «Воистину, я послан твоим Господом, чтобы даровать тебе чистого мальчика».
জিব্ৰীল আলাইহিচ্ছালামে ক'লেঃ মই মানৱ নহয়। নিশ্চয় মই তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত এজন দূত। তেৱেঁই মোক তোমাৰ ওচৰলৈ প্ৰেৰণ কৰিছে। যাতে মই তোমাক এজন পাক-পৱিত্ৰ সুসন্তান প্ৰদান কৰিব পাৰোঁ।
19:20Страница 306
قَالَتۡ أَنَّىٰ يَكُونُ لِي غُلَٰمٞ وَلَمۡ يَمۡسَسۡنِي بَشَرٞ وَلَمۡ أَكُ بَغِيّٗا ٢٠
Она сказала: «Как у меня может быть мальчик, если меня не касался мужчина, и я не была блудницей?».
মৰিয়মে আশ্চৰ্য প্ৰকাশ কৰি ক'লেঃ মোৰ কেনেকৈ সন্তান হ'ব, যিহেতু মোৰ পতি নাই, আৰু মই কোনো পুৰুষৰো সংস্পৰ্শত আহা নাই। আনহাতে মই কোনো ব্যভিচাৰিণীও নহয় যে, মোৰ সন্তান হ'ব।
19:21Страница 306
قَالَ كَذَٰلِكِ قَالَ رَبُّكِ هُوَ عَلَيَّ هَيِّنٞۖ وَلِنَجۡعَلَهُۥٓ ءَايَةٗ لِّلنَّاسِ وَرَحۡمَةٗ مِّنَّاۚ وَكَانَ أَمۡرٗا مَّقۡضِيّٗا ٢١
Он сказал: «Вот так! Господь твой сказал: «Это для Меня легко. Мы сделаем его знамением для людей и милостью от Нас. Это дело уже предрешено!»»
জিব্ৰীলে তেওঁক ক'লেঃ হয়, আপুনি কোৱা কথাষাৰেই ঠিক, আপোনাক স্বামীয়েও স্পৰ্শ কৰা নাই তথা আন কোনো পুৰুষৰো সংস্পৰ্শত আপুনি অহা নাই, আৰু আপুনি কোনো ব্যভিচাৰিণীও নহয়। কিন্তু আপোনাৰ পৱিত্ৰ প্ৰতিপালকে কৈছে, পিতৃ নোহোৱাকৈ সন্তান সৃষ্টি কৰা মোৰ পক্ষে তেনেই সহজ। আৰু আপোনাক প্ৰদান কৰা এই সন্তান মানুহৰ বাবে আল্লাহৰ ক্ষমতাৰ প্ৰতীক হ'ব, তথা আমাৰ ফালৰ পৰা আপোনাৰ বাবে আৰু মুমিনসকলৰ বাবে হ'ব ৰহমত। দৰাচলতে আপোনাৰ এই সন্তানৰ সৃষ্টিটো হৈছে আল্লাহৰ পূৰ্বনিৰ্ধাৰিত এটা সিদ্ধান্ত, যিটো লওহে মাহফুজত লিপিবদ্ধ আছে।
19:22Страница 306
۞ فَحَمَلَتۡهُ فَٱنتَبَذَتۡ بِهِۦ مَكَانٗا قَصِيّٗا ٢٢
Она понесла его (забеременела) и отправилась с ним в отдаленное место.
এতেকে ফিৰিস্তাই ফুঁ দিয়াৰ পিচত তেওঁ গৰ্ভৱতী হৈ গ'ল। ইয়াৰ পিচত তেওঁ মানুহৰ পৰা অতি দূৰৱৰ্তী এখন ঠাইত বাহৰ পাতিলে।
19:23Страница 306
فَأَجَآءَهَا ٱلۡمَخَاضُ إِلَىٰ جِذۡعِ ٱلنَّخۡلَةِ قَالَتۡ يَٰلَيۡتَنِي مِتُّ قَبۡلَ هَٰذَا وَكُنتُ نَسۡيٗا مَّنسِيّٗا ٢٣
Родовые схватки привели ее к стволу финиковой пальмы, и она сказала: «Лучше бы я умерла до этого и была навсегда забытой!».
ইপিনে তেওঁৰ প্ৰসৱ যন্ত্ৰণা বৃদ্ধি পালে, আৰু ইয়াৰ ফলত তেওঁ এখন খেজুৰ গছৰ তলত গৈ আশ্ৰয় ল'লে, মৰিয়ম আলাইহাচ্ছালামে ক'লেঃ হায়! মই যদি এই দিনটো দেখাৰ পূৰ্বেই মৃত্যুবৰণ কৰিলোহেঁতেন, আৰু মই যদি এনেকুৱা বস্তুত পৰিণত হলোহেঁতেন যিটো উল্লেখযোগ্য একোৱে নহয়। ফলত মোৰ বিষয়ে কোনেও বেয়া ধাৰণা পোষণ কৰিব নোৱাৰিলেহেঁতেন।
19:24Страница 306
فَنَادَىٰهَا مِن تَحۡتِهَآ أَلَّا تَحۡزَنِي قَدۡ جَعَلَ رَبُّكِ تَحۡتَكِ سَرِيّٗا ٢٤
Тогда он (Иса или Джибрил) воззвал к ней из-под нее: «Не печалься! Господь твой создал под тобой ручей.
ঠিক সেই সময়তেই ঈছা আলাইহিচ্ছালামে তেওঁৰ ভৰিৰ দিশৰ পৰা মাত লগাই ক'লেঃ আপুনি নিৰাশ নহ'ব! আপোনাৰ প্ৰতিপালকে আপোনাৰ বাবে নিজৰা প্ৰবাহিত কৰিছে, যাৰ পৰা আপুনি পানী খাব পাৰিব।
19:25Страница 306
وَهُزِّيٓ إِلَيۡكِ بِجِذۡعِ ٱلنَّخۡلَةِ تُسَٰقِطۡ عَلَيۡكِ رُطَبٗا جَنِيّٗا ٢٥
Потряси на себя ствол пальмы, и на тебя попадают свежие финики.
তথা খেজুৰ গছজোপাক জোকাৰি দিয়ক, চাব ওপৰৰ পৰা আপোনাৰ বাবে সতেজ আৰু পকা খেজুৰ সৰি পৰিব।
19:26Страница 307
فَكُلِي وَٱشۡرَبِي وَقَرِّي عَيۡنٗاۖ فَإِمَّا تَرَيِنَّ مِنَ ٱلۡبَشَرِ أَحَدٗا فَقُولِيٓ إِنِّي نَذَرۡتُ لِلرَّحۡمَٰنِ صَوۡمٗا فَلَنۡ أُكَلِّمَ ٱلۡيَوۡمَ إِنسِيّٗا ٢٦
Ешь, пей и радуйся! Если же увидишь кого-либо из людей, то скажи: «Я дала Милостивому обет хранить молчание и не стану сегодня разговаривать с людьми»».
এতেকে সতেজ খেজুৰ আৰু পানী খোৱা, আৰু নৱজাতককলৈ মন শান্ত কৰা তথা দুখ নকৰিবা। আনহাতে যদি কোনো মানুহ দেখা পোৱা, সি যদি নৱজাতকৰ বিষয়ে কিবা সোধে তেন্তে তাক ক'বাঃ মই মোৰ প্ৰতিপালকৰ সন্তুষ্টি লাভৰ উদ্দেশ্যে কথা নোকোৱাৰ শপত খাইছো। সেয়ে আজি মই কাৰো লগত কথা নকওঁ।
19:27Страница 307
فَأَتَتۡ بِهِۦ قَوۡمَهَا تَحۡمِلُهُۥۖ قَالُواْ يَٰمَرۡيَمُ لَقَدۡ جِئۡتِ شَيۡـٔٗا فَرِيّٗا ٢٧
Она пришла к своим родным, неся его. Они сказали: «О Марьям (Мария)! Ты совершила тяжкий (или небывалый, или удивительный) проступок.
তাৰ পিচত মৰিয়মে যেতিয়া নিজৰ সন্তানকলৈ নিজ সম্প্ৰদায়ৰ ওচৰলৈ আহিল, তেতিয়া মানুহে অসন্তুষ্টি ব্যক্ত কৰি ক'লেঃ হে মৰিয়ম! তুমি পিতৃহীন এজন সন্তান জন্ম দি বৰ ঘৃণনীয় কাম কৰিছা।
19:28Страница 307
يَٰٓأُخۡتَ هَٰرُونَ مَا كَانَ أَبُوكِ ٱمۡرَأَ سَوۡءٖ وَمَا كَانَتۡ أُمُّكِ بَغِيّٗا ٢٨
О сестра Харуна (Аарона)! Твой отец не был скверным человеком, и мать твоя не была блудницей».
হে হাৰূণৰ দৰে ইবাদতকাৰী মহিলা (হাৰূণ এজন সদাচাৰী ব্যক্তি আছিল)! তোমাৰ পিতৃতো কেতিয়াও ব্যভিচাৰী নাছিল, আনকি তোমাৰ মাকো বেয়া স্বভাৱৰ নাছিল। নিশ্চয় তুমি সদাচাৰীত প্ৰসিদ্ধ এখন ঘৰৰ মহিলা। তেনেহ'লে কেনেকৈ তুমি পিতৃ নথকা এজন শিশু লৈ আহিলা?
19:29Страница 307
فَأَشَارَتۡ إِلَيۡهِۖ قَالُواْ كَيۡفَ نُكَلِّمُ مَن كَانَ فِي ٱلۡمَهۡدِ صَبِيّٗا ٢٩
Она показала на него, и они сказали: «Как мы можем говорить с младенцем в колыбели?».
এই শুনি মৰিয়মে তেওঁৰ কোলাত থকা শিশুৰ প্ৰতি ইঙ্গিত কৰিলে, সম্প্ৰদায়ৰ লোকসকলে আশ্চৰ্য প্ৰকাশ কৰি ক'লেঃ কোলাত থকা এজন শিশুৰ সৈতে কেনেকৈ আমি কথা ক'ম?
19:30Страница 307
قَالَ إِنِّي عَبۡدُ ٱللَّهِ ءَاتَىٰنِيَ ٱلۡكِتَٰبَ وَجَعَلَنِي نَبِيّٗا ٣٠
Он сказал: «Воистину, я - раб Аллаха. Он даровал мне Писание и сделал меня пророком.
ইপিনে ঈছা আলাইহিচ্ছালামে ক'লেঃ নিশ্চয় মই আল্লাহৰ বান্দা, তেওঁ মোক ইঞ্জিল প্ৰদান কৰিছে আৰু মোক তেওঁৰ নবীসকলৰ অন্তৰ্ভুক্ত কৰিছে।
19:31Страница 307
وَجَعَلَنِي مُبَارَكًا أَيۡنَ مَا كُنتُ وَأَوۡصَٰنِي بِٱلصَّلَوٰةِ وَٱلزَّكَوٰةِ مَا دُمۡتُ حَيّٗا ٣١
Он сделал меня благословенным, где бы я ни был, и заповедал мне совершать намаз и раздавать закят, пока я буду жив.
মই য’তেই নাথাকোঁ কিয়, মোক মানুহৰ বাবে লাভদায়ক বনাইছে। তথা আজীৱন মোক ছালাত আদায় কৰাৰ আৰু যাকাত প্ৰদান কৰাৰ আদেশ দিছে।
19:32Страница 307
وَبَرَّۢا بِوَٰلِدَتِي وَلَمۡ يَجۡعَلۡنِي جَبَّارٗا شَقِيّٗا ٣٢
Он сделал меня почтительным к моей матери и не сделал меня надменным и несчастным.
তেওঁ মোক মাকৰ প্ৰতি সদাচৰণকাৰী বনাইছে। তথা তেওঁ মোক মোৰ প্ৰতিপালকৰ আনুগত্যৰ ক্ষেত্ৰত অহংকাৰী বনোৱা নাই আৰু অবাধ্যও বনোৱা নাই।
19:33Страница 307
وَٱلسَّلَٰمُ عَلَيَّ يَوۡمَ وُلِدتُّ وَيَوۡمَ أَمُوتُ وَيَوۡمَ أُبۡعَثُ حَيّٗا ٣٣
Мир мне в тот день, когда я родился, в тот день, когда я скончаюсь, и в тот день, когда я буду воскрешен к жизни».
তথা মোক চয়তানৰ আৰু তাৰ সহায়কৰ পৰা সুৰক্ষা প্ৰদান কৰা হৈছে, যিদিনা মই জন্ম গ্ৰহণ কৰিছোঁ আৰু যিদিনা মই মৃত্যুবৰণ কৰিম আৰু কিয়ামতৰ দিনা যেতিয়া মোক পুনৰুত্থিত কৰা হ'ব। এই তিনিটা কঠিন সন্ধিক্ষণত চয়তানে মোক প্ৰভাৱিত কৰিব নোৱাৰিব।
19:34Страница 307
ذَٰلِكَ عِيسَى ٱبۡنُ مَرۡيَمَۖ قَوۡلَ ٱلۡحَقِّ ٱلَّذِي فِيهِ يَمۡتَرُونَ ٣٤
Таков Иса (Иисус), сын Марьям (Марьям)! Слово Истины, относительно которого они препираются.
উক্ত বিশেষণেৰে বিশেষিত ব্যক্তি গৰাকীয়ে হৈছে ঈছা আলাইহিচ্ছালাম। এইটোৱেই হৈছে তেওঁৰ বিষয়ে সত্য বাৰ্তা। সেইটো কেতিয়াও সত্য নহয় যিটো পথভ্ৰষ্টসকলে তেওঁৰ বিষয়ে সন্দেহ পোষণ কৰি কয় আৰু মতভেদ সৃষ্টি কৰে।
19:35Страница 307
مَا كَانَ لِلَّهِ أَن يَتَّخِذَ مِن وَلَدٖۖ سُبۡحَٰنَهُۥٓۚ إِذَا قَضَىٰٓ أَمۡرٗا فَإِنَّمَا يَقُولُ لَهُۥ كُن فَيَكُونُ ٣٥
Не подобает Аллаху иметь сына. Пречист Он! Когда Он принимает решение, то стоит Ему сказать: «Будь!». - как это сбывается.
সন্তান গ্ৰহণ কৰা আল্লাহৰ মৰ্যাদাৰ পক্ষে অনুচিত। তেওঁ ইয়াৰ পৰা পৱিত্ৰ তথা পাক। তেওঁ যেতিয়া কোনো এটা কাম কৰিব বিচাৰে তেতিয়া পৱিত্ৰ আল্লাহৰ বাবে কেৱল এইখিনি কথাই যথেষ্ট যে ‘হ’ ফলত সেইটো অনিবাৰ্যৰূপে হৈ পৰে। এতেকে এনেকুৱা ক্ষমতাধাৰী সত্ত্বাৰ সন্তানৰ কি প্ৰয়োজন, তেওঁ ইয়াৰ পৰা পৱিত্ৰ।
19:36Страница 307
وَإِنَّ ٱللَّهَ رَبِّي وَرَبُّكُمۡ فَٱعۡبُدُوهُۚ هَٰذَا صِرَٰطٞ مُّسۡتَقِيمٞ ٣٦
Иса (Иисус) сказал: «Воистину, Аллах - мой Господь и ваш Господь. Поклоняйтесь же Ему. Это и есть прямой путь».
নিশ্চয় পৱিত্ৰ আল্লাহেই হৈছে মোৰ আৰু তোমালোক সকলোৰে ৰব্ব। এতেকে নিষ্ঠা সহকাৰে কেৱল তেওঁৰেই ইবাদত কৰা। মই উল্লেখ কৰা এইটোৱেই হৈছে সঠিক পথ, যিটো আল্লাহৰ সন্তুষ্টিৰ ফালে লৈ যায়।
19:37Страница 307
فَٱخۡتَلَفَ ٱلۡأَحۡزَابُ مِنۢ بَيۡنِهِمۡۖ فَوَيۡلٞ لِّلَّذِينَ كَفَرُواْ مِن مَّشۡهَدِ يَوۡمٍ عَظِيمٍ ٣٧
Но секты разошлись во мнениях между собой. Горе же неверующим, которые встретят Великий день!
ইয়াৰ পিচত ঈছা আলাইহিচ্ছালামৰ বিষয়ে মানুহে মহা বিভেদ সৃষ্টি কৰিছিল আৰু পৃথক পৃথক দলত বিভক্ত হৈছিল। কিছুমানে তেওঁৰ প্ৰতি ঈমান আনিছিল আৰু তেওঁক ৰাছুল হিচাপে বিশ্বাস কৰিছিল। আৰু আন কিছুমানে তেওঁক অস্বীকাৰ কৰিছিল, যেনে ইয়াহুদীসকল। কিন্তু বহুতেই তেওঁৰ বিষয়ে সীমালঙ্ঘন কৰিছিল, কিছুমানে কৈছিলঃ তেৱেঁই আল্লাহ। আৰু আন কিছুমানে কৈছিলঃ তেওঁ আল্লাহৰ পুত্ৰ। প্ৰকৃততে আল্লাহ ইয়াৰ পৰা বহু ঊৰ্দ্ধত। তেওঁৰ বিষয়ে বিভেদ কৰা লোকসকলৰ বাবে কিয়ামতৰ দিনা আছে মহাবিনাশ। যিদিনা ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব, হিচাপ-কিতাপ দিব লাগিব আৰু শাস্তি ভোগ কৰিব লাগিব।
19:38Страница 307
أَسۡمِعۡ بِهِمۡ وَأَبۡصِرۡ يَوۡمَ يَأۡتُونَنَا لَٰكِنِ ٱلظَّٰلِمُونَ ٱلۡيَوۡمَ فِي ضَلَٰلٖ مُّبِينٖ ٣٨
Как же ясно они будут слышать и видеть в тот день, когда они явятся к Нам! Но сегодня беззаконники пребывают в очевидном заблуждении.
সেইদিনা সিহঁতে ভালদৰেই শুনিব আৰু ভালদৰেই চাব পাৰিব। সেইদিনা সিহঁতে শুনিব পাৰিব কিন্তু সেই শ্ৰৱণে কোনো উপকাৰ সাধন নকৰিব। সেইদিনা সিহঁতে দেখিবও পাৰিব কিন্তু সেই দেখাই কোনো কামত নাহিব। কিন্তু অন্যায়কাৰীসকলে পাৰ্থিৱ জীৱনত সঠিক পথৰ পৰা আঁতৰি পথভ্ৰষ্টতাত লিপ্ত হৈছে। আখিৰাতৰ বাবে কোনো প্ৰস্তুতি গ্ৰহণ কৰা নাই, অথচ সিহঁত অন্যায়ৰ পথত থাকোঁতেই হঠাৎ কিয়ামত সংঘটিত হ'ব।
19:39Страница 308
وَأَنذِرۡهُمۡ يَوۡمَ ٱلۡحَسۡرَةِ إِذۡ قُضِيَ ٱلۡأَمۡرُ وَهُمۡ فِي غَفۡلَةٖ وَهُمۡ لَا يُؤۡمِنُونَ ٣٩
Предупреди их о Дне печали, когда решение уже будет принято. Но они проявляют беспечность и не веруют.
হে ৰাছুল! মানুহক আপুনি অনুতাপ দিৱসৰ পৰা সতৰ্ক কৰক, যিদিনা ছহীফা মেৰিয়াই থোৱা হ'ব, মানুহৰ হিচাপ-কিতাপ সম্পন্ন কৰা হ'ব, আৰু প্ৰত্যেক ব্যক্তিকেই নিজৰ নিজৰ কৰ্মফল অৰ্পন কৰা হ'ব, তেতিয়া গুনাহগাৰ ব্যক্তিয়ে নিজৰ গুনাহৰ বাবে অনুতপ্ত হ'ব আৰু পূণ্যৱানসকলে অধিক নেকী নকৰাৰ বাবে পৰিতাপ কৰিব। অথচ পাৰ্থিৱ জীৱনত সিহঁত পৃথিৱীৰ মিছা মোহত পৰি আছিল, আখিৰাতৰ পৰা অমনোযোগী হৈ আছিল আৰু কিয়ামতৰ দিনৰ প্ৰতি ঈমান পোষণ কৰা নাছিল।
19:40Страница 308
إِنَّا نَحۡنُ نَرِثُ ٱلۡأَرۡضَ وَمَنۡ عَلَيۡهَا وَإِلَيۡنَا يُرۡجَعُونَ ٤٠
Воистину, Мы унаследуем землю и тех, кто на ней, и они вернутся к Нам!
প্ৰকৃততে সৃষ্টিজগত বিনাশ হোৱাৰ পিচত কেৱল আমিয়েই অৱশিষ্ট থাকিম। পৃথিৱী আৰু তাত থকা বাকী বস্তুবোৰৰ মালিক কেৱল আমিয়েই। যিহেতু আমিয়েই মালিক সেয়ে সেইবোৰক আমি যিদৰে ইচ্ছা সেইদৰে নিয়ন্ত্ৰণ কৰিম আৰু প্ৰয়োগ কৰিম। আনহাতে কিয়ামতৰ দিনা প্ৰত্যেকেই হিচাপ-কিতাপ আৰু প্ৰতিফলৰ বাবে আমাৰ ফালেই উভতি আহিব।
19:41Страница 308
وَٱذۡكُرۡ فِي ٱلۡكِتَٰبِ إِبۡرَٰهِيمَۚ إِنَّهُۥ كَانَ صِدِّيقٗا نَّبِيًّا ٤١
Помяни в Писании Ибрахима (Авраама). Он был правдивейшим человеком и пророком.
হে ৰাছুল! আপোনাৰ প্ৰতি অৱতীৰ্ণ কোৰআনত ইব্ৰাহীম আলাইহিচ্ছালামৰ বিষয়ে স্মৰণ কৰক। প্ৰকৃততে তেওঁ আছিল অধিক সত্যবাদী আৰু আল্লাহৰ আয়াতসমূহৰ প্ৰতি বিশ্বাসী, লগতে আল্লাহৰ প্ৰেৰিত এজন নবী।
19:42Страница 308
إِذۡ قَالَ لِأَبِيهِ يَٰٓأَبَتِ لِمَ تَعۡبُدُ مَا لَا يَسۡمَعُ وَلَا يُبۡصِرُ وَلَا يُغۡنِي عَنكَ شَيۡـٔٗا ٤٢
Вот он сказал своему отцу: «Отец мой! Почему ты поклоняешься тому, что не слышит и не видит и не принесет тебе никакого избавления?
যেতিয়া তেওঁ নিজৰ পিতা আঝাৰক ক'লেঃ হে মোৰ পিতা! আপুনি আল্লাহক এৰি মূৰ্তিৰ উপাসনা কিয় কৰে, যাক আপুনি আহ্বান কৰিলে সি আপোনাৰ আহ্বান শুনা নাপায়, যদি আপুনি তাৰ উপাসনা কৰে, সি আপোনাৰ উপাসনা দেখা নাপায়, যিয়ে আপোনাৰ কোনো বিপদ দূৰ কৰিব নোৱাৰে আৰু আপোনাক কোনো উপকাৰো কৰিব নোৱাৰে?
19:43Страница 308
يَٰٓأَبَتِ إِنِّي قَدۡ جَآءَنِي مِنَ ٱلۡعِلۡمِ مَا لَمۡ يَأۡتِكَ فَٱتَّبِعۡنِيٓ أَهۡدِكَ صِرَٰطٗا سَوِيّٗا ٤٣
Отец мой! Мне открылось знание, которое не было открыто тебе. Последуй же за мной, и я поведу тебя верным путем.
হে মোৰ পিতা! প্ৰকৃততে অহীৰ মাধ্যমত মোৰ ওচৰলৈ এনেকুৱা জ্ঞান আহিছে, যিটো আপোনাৰ ওচৰত নাই। গতিকে আপুনি মোৰ অনুসৰণ কৰক, মই আপোনাক সঠিক পথ দেখুৱাম।
19:44Страница 308
يَٰٓأَبَتِ لَا تَعۡبُدِ ٱلشَّيۡطَٰنَۖ إِنَّ ٱلشَّيۡطَٰنَ كَانَ لِلرَّحۡمَٰنِ عَصِيّٗا ٤٤
Отец мой! Не поклоняйся дьяволу, поскольку он ослушался Милостивого.
হে মোৰ পিতা! আপুনি চয়তানৰ অনুসৰণ কৰি তাৰ পূজা-পাঠ নকৰিব। নিশ্চয় চয়তান হৈছে দয়াময় ৰহমানৰ অবাধ্য। যেতিয়া তাক আল্লাহে আদমক ছাজদাহ কৰিবলৈ আদেশ দিছিল তেতিয়া সি ছাজদাহ কৰা নাছিল।
19:45Страница 308
يَٰٓأَبَتِ إِنِّيٓ أَخَافُ أَن يَمَسَّكَ عَذَابٞ مِّنَ ٱلرَّحۡمَٰنِ فَتَكُونَ لِلشَّيۡطَٰنِ وَلِيّٗا ٤٥
Отец мой! Я боюсь, что тебя постигнет наказание от Милостивого и что ты станешь помощником дьявола.
হে মোৰ পিতা! আপুনি যদি এই কুফৰী অৱস্থাতেই মৃত্যুবৰণ কৰে, তেন্তে মোৰ আশংকা হয় ৰহমানৰ শাস্তিয়ে আপোনাক চুব পাৰে, আৰু আপুনি চয়তানৰ লগত বন্ধুত্ব কৰাৰ ফলত শাস্তিৰ ক্ষেত্ৰতো তাৰ অংশীদাৰ হ'ব।
19:46Страница 308
قَالَ أَرَاغِبٌ أَنتَ عَنۡ ءَالِهَتِي يَٰٓإِبۡرَٰهِيمُۖ لَئِن لَّمۡ تَنتَهِ لَأَرۡجُمَنَّكَۖ وَٱهۡجُرۡنِي مَلِيّٗا ٤٦
Он сказал: «Неужели ты отворачиваешься от моих богов, Ибрахим (Авраам)? Если ты не перестанешь, то я непременно побью тебя камнями. Оставь же меня надолго!».
আঝাৰে তেওঁৰ পুত্ৰ ইব্ৰাহীমক ক'লেঃ হে ইব্ৰাহীম! মই যিবোৰ মূৰ্তিৰ উপাসনা কৰোঁ সেইবোৰৰ পৰা তুমি বিমুখ হৈছা নেকি, যদি তুমি মোৰ মূৰ্তিবোৰক গালি-শপনি দিয়াৰ পৰা বিৰত নাথাকা তেন্তে মই তোমাক শিল দলিয়াই খেদিম। শুনা! তুমি দীৰ্ঘ সময়ৰ বাবে মোৰ পৰা আঁতৰি যোৱা, লগতে মোৰ সৈতে কথা নক'বা আৰু মোৰ সন্মুখতো নাহিবা।
19:47Страница 308
قَالَ سَلَٰمٌ عَلَيۡكَۖ سَأَسۡتَغۡفِرُ لَكَ رَبِّيٓۖ إِنَّهُۥ كَانَ بِي حَفِيّٗا ٤٧
Он сказал: «Мир тебе! Я буду просить моего Господа простить тебя. Воистину, Он снисходителен ко мне.
ইব্ৰাহীম আলাইহিচ্ছালামে তেওঁৰ পিতৃক উদ্দেশ্যি ক'লেঃ মোৰ ফালৰ পৰা আপোনাৰ প্ৰতি ছালাম জনাওঁ। মোৰ ফালৰ পৰা আপোনাৰ একো হানি নহ'ব। মই মোৰ প্ৰতিপালকৰ ওচৰত আপোনাৰ বাবে ক্ষমা আৰু হিদায়ত প্ৰাৰ্থনা কৰিম। নিশ্চয় পৱিত্ৰ আল্লাহ মোৰ প্ৰতি অতি দয়ালু।
19:48Страница 308
وَأَعۡتَزِلُكُمۡ وَمَا تَدۡعُونَ مِن دُونِ ٱللَّهِ وَأَدۡعُواْ رَبِّي عَسَىٰٓ أَلَّآ أَكُونَ بِدُعَآءِ رَبِّي شَقِيّٗا ٤٨
Я удаляюсь от вас и от того, чему вы поклоняетесь помимо Аллаха, и обращаюсь с мольбой к моему Господу. Быть может, благодаря молитвам к моему Господу я не буду несчастен».
মই আপোনাৰ পৰা আৰু আল্লাহৰ বাহিৰে আপোনালোকে যিবোৰৰ উপাসনা কৰে সেইবোৰৰ পৰা পৃথক হ'লোঁ। মই কেৱলমাত্ৰ মোৰ প্ৰতিপালকৰ ওচৰতেই প্ৰাৰ্থনা কৰোঁ, তেওঁৰ লগত আন কাকো অংশীদাৰ নকৰোঁ। মই আশাবাদী যে, মই যেতিয়া তেওঁৰ ওচৰত দুআ কৰিম, তেতিয়া তেওঁ মোৰ দুআ নাকচ কৰি মোক তেওঁৰ দুআৰ পৰা বঞ্চিত নকৰিব।
19:49Страница 308
فَلَمَّا ٱعۡتَزَلَهُمۡ وَمَا يَعۡبُدُونَ مِن دُونِ ٱللَّهِ وَهَبۡنَا لَهُۥٓ إِسۡحَٰقَ وَيَعۡقُوبَۖ وَكُلّٗا جَعَلۡنَا نَبِيّٗا ٤٩
Когда он удалился от них и от того, чему они поклонялись помимо Аллаха, Мы даровали ему Исхака (Исаака) и Йакуба (Иакова). Каждого из них Мы сделали пророком.
ইয়াৰ পিচত ইব্ৰাহীম আলাইহিচ্ছালামে যেতিয়া তেওঁৰ পৰা পৃথক হ'ল আৰু আল্লাহৰ বাহিৰে সিহঁতে যিবোৰ উপাস্যৰ উপাসনা কৰে সেইবোৰক ত্যাগ কৰিলে, তেতিয়া আমি তেওঁক নিজ পৰিয়ালৰ পৰা বঞ্চিত হোৱাৰ প্ৰতিফল দান কৰিলোঁ। এতেকে আমি তেওঁক তেওঁৰ পুত্ৰ ইছহাক দান কৰিলোঁ। তথা নাতি হিচাপে ইয়াকূব প্ৰদান কৰিলোঁ, আৰু প্ৰত্যেককে আমি নবী বনাইছোঁ।
19:50Страница 308
وَوَهَبۡنَا لَهُم مِّن رَّحۡمَتِنَا وَجَعَلۡنَا لَهُمۡ لِسَانَ صِدۡقٍ عَلِيّٗا ٥٠
Мы одарили их из Нашей милости и оставили о них правдивую молву.
আৰু তেওঁলোকক আমি নবুওৱতৰ বাহিৰেও আৰু বহুতো কল্যাণ দান কৰিছিলোঁ। মানুহৰ মুখত তেওঁলোকৰ বাবে চিৰযুগমীয়া প্ৰশংসা ৰাখি দিছোঁ।
19:51Страница 308
وَٱذۡكُرۡ فِي ٱلۡكِتَٰبِ مُوسَىٰٓۚ إِنَّهُۥ كَانَ مُخۡلَصٗا وَكَانَ رَسُولٗا نَّبِيّٗا ٥١
Помяни в Писании Мусу (Моисея). Воистину, он был избранником (или искренним) и был посланником и пророком.
তথা হে ৰাছুল! আপোনাৰ প্ৰতি অৱতীৰ্ণ এই কোৰআনত মুছা আলাইহিচ্ছালামৰ বিষয়ে স্মৰণ কৰক। নিশ্চিতভাৱে তেওঁ আছিল মনোনীত ব্যক্তি তথা ৰাছুল আৰু নবী।
19:52Страница 309
وَنَٰدَيۡنَٰهُ مِن جَانِبِ ٱلطُّورِ ٱلۡأَيۡمَنِ وَقَرَّبۡنَٰهُ نَجِيّٗا ٥٢
Мы подали ему глас с правой стороны горы и подозвали его поближе тихим голосом.
মূছা আলাইহিচ্ছালাম য’ত থিয় হৈ আছিল, সেই ঠাইৰ পৰা সোঁ দিশত তুৰ পৰ্বতৰ পৰা আমি তেওঁক আহ্বান কৰিলোঁ, আৰু গোপন আলোচনা কৰিবলৈ আমি তেওঁক নিকটৱৰ্তী কৰিলোঁ। য’ত মূছা আলাইহিচ্ছালামে আল্লাহৰ কথা শ্ৰৱণ কৰিবলৈ সৌভাগ্য লাভ কৰিছিল।
19:53Страница 309
وَوَهَبۡنَا لَهُۥ مِن رَّحۡمَتِنَآ أَخَاهُ هَٰرُونَ نَبِيّٗا ٥٣
По милости Своей Мы сделали для него его брата Харуна (Аарона) пророком.
আৰু আমি তেওঁৰ প্ৰতি দয়া আৰু উপকাৰ কৰি তেওঁ কৰা দুআ কবূল কৰিলোঁ, তথা তেওঁৰ ভাতৃ হাৰূনক নবী বনাই দিলোঁ।
Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии