Аль-МухтасарМарьям · 19:54–98

Аль-Мухтасар · Тафсир · на ассамском

Марьям 19:54–98

19:54Страница 309

وَٱذۡكُرۡ فِي ٱلۡكِتَٰبِ إِسۡمَٰعِيلَۚ إِنَّهُۥ كَانَ صَادِقَ ٱلۡوَعۡدِ وَكَانَ رَسُولٗا نَّبِيّٗا ٥٤

Помяни в Писании Исмаила (Измаила). Воистину, он был правдивым в обещаниях и был посланником и пророком.

হে ৰাছুল! আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআনত ইছমাঈল আলাইহিচ্ছালামৰ বিষয়ে স্মৰণ কৰক। নিশ্চয় তেওঁ প্ৰতিশ্ৰুতি পূৰণত সত্যবাদী আছিল। তেওঁ যেতিয়াই প্ৰতিশ্ৰুতি দিছিল, সেইটো নিশ্চিতভাৱে পূৰণ কৰিছিল। তথা তেওঁ ৰাছুল আৰু নবী আছিল।

19:55Страница 309

وَكَانَ يَأۡمُرُ أَهۡلَهُۥ بِٱلصَّلَوٰةِ وَٱلزَّكَوٰةِ وَكَانَ عِندَ رَبِّهِۦ مَرۡضِيّٗا ٥٥

Он велел своей семье совершать намаз и выплачивать закят, а его Господь был доволен им.

তেওঁ নিজ পৰিয়ালক ছালাত আদায় কৰাৰ আৰু যাকাত প্ৰদান কৰাৰ আদেশ দিছিল। নিশ্চয় তেওঁ নিজ প্ৰতিপালকৰ প্ৰিয়পাত্ৰ আছিল।

19:56Страница 309

وَٱذۡكُرۡ فِي ٱلۡكِتَٰبِ إِدۡرِيسَۚ إِنَّهُۥ كَانَ صِدِّيقٗا نَّبِيّٗا ٥٦

Помяни в Писании Идриса. Воистину, он был правдивейшим человеком и пророком.

তথা হে ৰাছুল! আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআনত ইদ্ৰীছ আলাইহিচ্ছালামৰ বিষয়ে স্মৰণ কৰক। নিশ্চয় তেওঁ আছিল এজন সত্যবাদী আৰু নিজ প্ৰতিপালকৰ আয়াতসমূহৰ সত্যায়নকাৰী। তথা তেওঁ আল্লাহৰ নবীসকলৰ মাজৰ এজন নবী আছিল।

19:57Страница 309

وَرَفَعۡنَٰهُ مَكَانًا عَلِيًّا ٥٧

Мы вознесли его на высокое место.

আমি তেওঁক নবুওৱত প্ৰদান কৰি তেওঁৰ চৰ্চাক সমুন্নত কৰিছিলোঁ। এইদৰে তেওঁ উচ্চ স্থানৰ অধিকাৰী আছিল।

19:58Страница 309

أُوْلَٰٓئِكَ ٱلَّذِينَ أَنۡعَمَ ٱللَّهُ عَلَيۡهِم مِّنَ ٱلنَّبِيِّـۧنَ مِن ذُرِّيَّةِ ءَادَمَ وَمِمَّنۡ حَمَلۡنَا مَعَ نُوحٖ وَمِن ذُرِّيَّةِ إِبۡرَٰهِيمَ وَإِسۡرَٰٓءِيلَ وَمِمَّنۡ هَدَيۡنَا وَٱجۡتَبَيۡنَآۚ إِذَا تُتۡلَىٰ عَلَيۡهِمۡ ءَايَٰتُ ٱلرَّحۡمَٰنِ خَرُّواْۤ سُجَّدٗاۤ وَبُكِيّٗا۩ ٥٨

Это - те, кого облагодетельствовал Аллах, из числа пророков, которые были потомками Адама и тех, кого Мы спасли вместе с Нухом (Ноем), и потомками Ибрахима (Авраама) и Исраила (Израиля), и из числа тех, кого Мы наставили на прямой путь и избрали. Когда им читали аяты Милостивого, они падали ниц и рыдали.

এই ছুৰাত যিসকলৰ নাম উল্লেখ কৰা হৈছে, যাকাৰিয়্যা আলাইহিচ্ছালামৰ পৰা আৰম্ভ কৰি ইদ্ৰীছ আলাইহিচ্ছালাম লৈকে, তেওঁলোকেই হৈছে সেইসকল লোক, যিসকলৰ প্ৰতি আল্লাহে নবুওৱত প্ৰদান কৰি অনুগ্ৰহ কৰিছে। তেওঁলোক হৈছে আদম আলাইহিচ্ছালামৰ সন্তান, আৰু সেইসকল লোকৰ সন্তান যিসকলে নূহৰ সৈতে নাঁৱত আৰোহণ কৰিছিল, তথা তেওঁলোকৰ মাজৰ কিছুমান হৈছে ইব্ৰাহীম আৰু ইয়াকূবৰ সন্তান। আৰু সেইসকল লোকৰ মাজৰ পৰাও আছিল যিসকলক আমি ইছলাম গ্ৰহণ কৰাৰ তাওফীক প্ৰদান কৰিছিলোঁ। আমি তেওঁলোকক মনোনীত কৰিছিলোঁ আৰু নবী বনাইছিলোঁ। এওঁলোকে যেতিয়া আল্লাহৰ আয়াত তিলাৱত কৰা শুনিছিল তেতিয়া ভয়তে কান্দি কান্দি ছাজদাত পৰিছিল।

19:59Страница 309

۞ فَخَلَفَ مِنۢ بَعۡدِهِمۡ خَلۡفٌ أَضَاعُواْ ٱلصَّلَوٰةَ وَٱتَّبَعُواْ ٱلشَّهَوَٰتِۖ فَسَوۡفَ يَلۡقَوۡنَ غَيًّا ٥٩

После них пришли потомки, которые перестали совершать намаз и стали потакать желаниям. Все они понесут убыток (или будут испытывать тяготы; или понесут наказание за невежество; или встретят зло),

আল্লাহৰ এই মনোনীত নবীসকলৰ পিচত এনেকুৱা বেয়া আৰু পথভ্ৰষ্ট অনুসাৰী জন্ম লাভ কৰিলে, যিসকলে ছালাত বিনষ্ট কৰিছিল, অৰ্থাৎ যেনেকৈ ছালাত আদায় কৰিব লাগিছিল সেইদৰে আদায় কৰা নাছিল। মনে যিটো বিচাৰিছিল সেই গুনাহকে কৰিছিল, আনকি ব্যভিচাৰো কৰিছিল। এনেকুৱা লোকসকলে জাহান্নামত বেয়া পৰিস্থিতি আৰু ক্ষতিগ্ৰস্ততাৰ সন্মুখীন হ'ব।

19:60Страница 309

إِلَّا مَن تَابَ وَءَامَنَ وَعَمِلَ صَٰلِحٗا فَأُوْلَٰٓئِكَ يَدۡخُلُونَ ٱلۡجَنَّةَ وَلَا يُظۡلَمُونَ شَيۡـٔٗا ٦٠

кроме тех, которые раскаялись, уверовали и поступали праведно. Они войдут в Рай, и с ними нисколько не поступят несправедливо.

কিন্তু যিয়ে নিজৰ ভুল-ত্ৰুটিৰ পৰা তাওবা কৰিছে আৰু আল্লাহৰ প্ৰতি ঈমান আনিছে তথা নেক কৰ্ম কৰিছে, তেন্তে এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী লোকসকলে জান্নাতত প্ৰৱেশ কৰিব। তেওঁলোকৰ আমলৰ প্ৰতিদান অকণো হ্ৰাস কৰা নহ'ব, যিমানেই কম নহওক কিয়।

19:61Страница 309

جَنَّٰتِ عَدۡنٍ ٱلَّتِي وَعَدَ ٱلرَّحۡمَٰنُ عِبَادَهُۥ بِٱلۡغَيۡبِۚ إِنَّهُۥ كَانَ وَعۡدُهُۥ مَأۡتِيّٗا ٦١

Это будут сады Эдема, обещанные Милостивым Его рабам, которые не видели их воочию. Воистину, обещание Его исполнится.

প্ৰতিষ্ঠিত জান্নাত, য'ত তেওঁলোক চিৰকাল বসবাস কৰিব, যিটো ৰহমানে তেওঁৰ পূণ্যৱান বান্দাসকলৰ বাবে গায়েবৰ পৰা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যে, তেওঁলোকক তাত প্ৰৱেশ কৰাব। তেওঁলোকে সেইখন নেদেখাকৈয়ে তাৰ প্ৰতি ঈমান আনিছে। আল্লাহে প্ৰদান কৰা জান্নাতৰ প্ৰতিশ্ৰুতি যদিও অদৃশ্য কিন্তু সেয়া নিশ্চয় পূৰণ হ'ব।

19:62Страница 309

لَّا يَسۡمَعُونَ فِيهَا لَغۡوًا إِلَّا سَلَٰمٗاۖ وَلَهُمۡ رِزۡقُهُمۡ فِيهَا بُكۡرَةٗ وَعَشِيّٗا ٦٢

Они не услышат там празднословия, но услышат приветствие миром. Для них там приготовлен их удел утром и после полудня.

তেওঁলোকে তাত কোনো ধৰণৰ অযথা কথা তথা অশ্লীল শব্দ শুনিবলৈ নাপাব। বৰং তেওঁলোকে ইজনে সিজনক কৰা ছালাম শুনিবলৈ পাব আৰু ফিৰিস্তাসকলে তেওঁলোকক কৰা ছালাম শুনিবলৈ পাব। লগতে তেওঁলোকে বিচৰা সকলো প্ৰকাৰ খাদ্য পূৱা-গধুলি তাত পাই থাকিব।

19:63Страница 309

تِلۡكَ ٱلۡجَنَّةُ ٱلَّتِي نُورِثُ مِنۡ عِبَادِنَا مَن كَانَ تَقِيّٗا ٦٣

Таков Рай, который Мы отдадим в наследство тем из Наших рабов, которые были богобоязненны.

উক্ত বিশেষণৰে বিশেষিত জান্নাত, যিখনৰ উত্তৰাধিকাৰী আমি আমাৰ সেইসকল পূণ্যৱান বান্দাক বনাম, যিসকলে আমাৰ আদেশ পালন কৰে আৰু আমাৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে।

19:64Страница 309

وَمَا نَتَنَزَّلُ إِلَّا بِأَمۡرِ رَبِّكَۖ لَهُۥ مَا بَيۡنَ أَيۡدِينَا وَمَا خَلۡفَنَا وَمَا بَيۡنَ ذَٰلِكَۚ وَمَا كَانَ رَبُّكَ نَسِيّٗا ٦٤

Ангелы сказали: «Мы нисходим только по велению твоего Господа. Ему принадлежит то, что перед нами, и то, что позади нас, и то, что между ними. Господь твой не забывчив».

হে জিব্ৰীল! মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক কৈ দিয়ক, ফিৰিস্তাসকলে নিজ ইচ্ছা মতে অৱতৰণ নকৰে, বৰং তেওঁলোক আল্লাহৰ আদেশতহে অৱতৰণ কৰে। সেইবোৰো আল্লাহৰ আদেশতেই সংঘটিত হ'ব, যিবোৰ আমি আখিৰাতত সন্মুখীন হ'ম। আৰু এই পৃথিৱীও তেওঁৰ আদেশতেই নিয়ন্ত্ৰিত যিটোক আমি পিচ পেলাই গৈ আছো। তথা পৃথিৱী আৰু আখিৰাতৰ মাজৰ বিষয়বোৰো তেওঁৰ দ্বাৰাই নিয়ন্ত্ৰিত। হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকে একোৱেই পাহৰি নাযায়।

19:65Страница 310

رَّبُّ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَمَا بَيۡنَهُمَا فَٱعۡبُدۡهُ وَٱصۡطَبِرۡ لِعِبَٰدَتِهِۦۚ هَلۡ تَعۡلَمُ لَهُۥ سَمِيّٗا ٦٥

Господь небес, земли и того, что между ними! Поклоняйся же Ему и будь стоек в поклонении Ему. Знаешь ли ты другого с таким именем (или подобного Ему)?

তেৱেঁই আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা, মালিক আৰু নিয়ন্ত্ৰণকাৰী। তথা এই দুয়োৰ মাজত থকা সকলোৰে সৃষ্টিকৰ্তা, মালিক আৰু নিয়ন্ত্ৰণকাৰী। এতেকে কেৱল তেওঁৰেই ইবাদত কৰা। কেৱল তেৱেঁই ইবাদতৰ যোগ্য। তথা তেওঁৰ ইবাদতৰ ওপৰতেই অটল থাকিবা। কিয়নো তেওঁৰ ইবাদতত অংশীদাৰ হব পৰা তেওঁৰ কোনো সমকক্ষ তথা সাদৃশ্য নাই।

19:66Страница 310

وَيَقُولُ ٱلۡإِنسَٰنُ أَءِذَا مَا مِتُّ لَسَوۡفَ أُخۡرَجُ حَيًّا ٦٦

Человек говорит: «Неужели после того, как я умру, я выйду из могилы живым?».

পুনৰুত্থানক অস্বীকাৰকাৰী কাফিৰে উপহাস কৰি কয়ঃ মই যেতিয়া মৃত্যুবৰণ কৰিম তেতিয়া মোক পুনৰ জীৱিত কৰি কবৰৰ পৰা উঠোৱা হ'ব নেকি? নিশ্চয় এয়া অসম্ভৱ কথা।

19:67Страница 310

أَوَلَا يَذۡكُرُ ٱلۡإِنسَٰنُ أَنَّا خَلَقۡنَٰهُ مِن قَبۡلُ وَلَمۡ يَكُ شَيۡـٔٗا ٦٧

Разве человек не помнит, что еще раньше Мы создали его, хотя его вообще не было?

পুনৰুত্থানক অস্বীকাৰকাৰী এই ব্যক্তিয়ে স্মৰণ নকৰে নেকি যে, নিশ্চয় আমিয়েই তাক সৃষ্টি কৰিছো যেতিয়া তাৰ অস্তিত্বই নাছিল? (যদি সি চিন্তা-চৰ্চা কৰিলেহেঁতেন তেন্তে অৱশ্যে সি গম পালেহেঁতেন যে,) প্ৰথম সৃষ্টিয়ে দ্বিতীয় সৃষ্টিৰ প্ৰমাণবহন কৰে। লগতে দ্বিতীয়বাৰ সৃষ্টি কৰাটো হৈছে অধিক সহজ তথা উজু।

19:68Страница 310

فَوَرَبِّكَ لَنَحۡشُرَنَّهُمۡ وَٱلشَّيَٰطِينَ ثُمَّ لَنُحۡضِرَنَّهُمۡ حَوۡلَ جَهَنَّمَ جِثِيّٗا ٦٨

Клянусь твоим Господом, Мы непременно соберем их и дьяволов, а затем поставим их вокруг Геенны на колени.

হে ৰাছুল! আপোনাৰ প্ৰতিপালকৰ শপত! নিশ্চয় আমি সিহঁতক কবৰৰ পৰা উঠাই হাচৰৰ ময়দানত একত্ৰিত কৰিম। সিহঁতৰ লগত সেই চয়তানো থাকিব, যিয়ে সিহঁতক পথভ্ৰষ্ট কৰিছিল। ইয়াৰ পিচত আমি সিহঁতক অপমানজনক অৱস্থাত আঁঠু কঢ়াই জাহান্নামৰ ফালে খেদি লৈ যাম।

19:69Страница 310

ثُمَّ لَنَنزِعَنَّ مِن كُلِّ شِيعَةٍ أَيُّهُمۡ أَشَدُّ عَلَى ٱلرَّحۡمَٰنِ عِتِيّٗا ٦٩

Потом Мы выведем из каждой общины того, кто больше других ослушался Милостивого.

আমি প্ৰত্যেক পথভ্ৰষ্ট সম্প্ৰদায়ৰ পৰা সিহঁতৰ মাজৰ আটাইতকৈ বেছি পাপিষ্ঠ ব্যক্তিজনক অৰ্থাৎ সিহঁতৰ প্ৰতিনিধিক কঠোৰতাৰ সৈতে টানি আনিম।

19:70Страница 310

ثُمَّ لَنَحۡنُ أَعۡلَمُ بِٱلَّذِينَ هُمۡ أَوۡلَىٰ بِهَا صِلِيّٗا ٧٠

Нам лучше знать, кому более подобает гореть там (или кто более других заслуживает войти туда).

আমি সেইসকল লোকক ভালদৰে চিনি পাওঁ, যিসকলে জাহান্নামত প্ৰৱেশ কৰাৰ তথা জাহান্নামৰ উত্তাপ উপভোগ কৰাৰ বেছি উপযুক্ত।

19:71Страница 310

وَإِن مِّنكُمۡ إِلَّا وَارِدُهَاۚ كَانَ عَلَىٰ رَبِّكَ حَتۡمٗا مَّقۡضِيّٗا ٧١

Каждый из вас войдет туда. Таково окончательное решение твоего Господа.

হে মানৱ! তোমালোক আটায়ে জাহান্নামৰ ওপৰত অৱস্থিত চিৰাত (সেঁতু)ৰ ওপৰেৰে পাৰ হ'ব লাগিব। এই সেঁতুৰ ওপৰেৰে পাৰ হোৱাটো আল্লাহৰ চূড়ান্ত সিদ্ধান্ত। এতেকে তেওঁৰ সিদ্ধান্তক কোনেও নাকচ কৰিব নোৱাৰে।

19:72Страница 310

ثُمَّ نُنَجِّي ٱلَّذِينَ ٱتَّقَواْ وَّنَذَرُ ٱلظَّٰلِمِينَ فِيهَا جِثِيّٗا ٧٢

Потом Мы спасем богобоязненных, а беззаконников оставим там стоять на коленях.

এই সেঁতু পাৰ কৰাৰ পিচত আমি সেইসকল লোকক সুৰক্ষিত কৰিম, যিসকলে নিজ প্ৰতিপালকৰ আদেশ পালন কৰিছিল আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকিছিল। আনহাতে অন্যায়কাৰী বিলাকক আমি আঁঠুকঢ়া অৱস্থাত এৰি দিম, সিহঁতে তাৰ পৰা পলায়ন কৰিব নোৱাৰিব।

19:73Страница 310

وَإِذَا تُتۡلَىٰ عَلَيۡهِمۡ ءَايَٰتُنَا بَيِّنَٰتٖ قَالَ ٱلَّذِينَ كَفَرُواْ لِلَّذِينَ ءَامَنُوٓاْ أَيُّ ٱلۡفَرِيقَيۡنِ خَيۡرٞ مَّقَامٗا وَأَحۡسَنُ نَدِيّٗا ٧٣

Когда им читают Наши ясные аяты, неверующие говорят верующим: «Какая из двух групп занимает более высокое положение и более достойное место?».

আমাৰ ৰাছুলৰ প্ৰতি অৱতীৰ্ণ স্পষ্ট আয়াতসমূহ যেতিয়া মানুহৰ সন্মুখত তিলাৱত কৰা হয়, তেতিয়া কাফিৰসকলে মুমিনসকলক উদ্দেশ্যি কয়ঃ কোৱাচোন, অৱস্থান তথা বসবাসৰ ফালৰ পৰা কোনটো দল উত্তম, আৰু বৈঠক তথা সমাৱেশৰ ফালৰ পৰা কোনটো দল উত্তম, তোমালোকৰটো নে আমাৰটো?

19:74Страница 310

وَكَمۡ أَهۡلَكۡنَا قَبۡلَهُم مِّن قَرۡنٍ هُمۡ أَحۡسَنُ أَثَٰثٗا وَرِءۡيٗا ٧٤

Сколько же поколений до них Мы погубили! Они превосходили их богатством (или утварью) и внешностью.

নিজৰ ভৌতিক শ্ৰেষ্ঠতাৰ প্ৰতি অহংকাৰ কৰা এই কাফিৰসকলৰ পূৰ্বেও আমি বহুতো জাতিক বিনষ্ট কৰিছোঁ, যিসকল ধন-সম্পত্তিত ইহঁততকৈও আছিল উত্তম আৰু সাজ-পাৰত তথা শাৰীৰিক গঠনতো আছিল উত্তম।

19:75Страница 310

قُلۡ مَن كَانَ فِي ٱلضَّلَٰلَةِ فَلۡيَمۡدُدۡ لَهُ ٱلرَّحۡمَٰنُ مَدًّاۚ حَتَّىٰٓ إِذَا رَأَوۡاْ مَا يُوعَدُونَ إِمَّا ٱلۡعَذَابَ وَإِمَّا ٱلسَّاعَةَ فَسَيَعۡلَمُونَ مَنۡ هُوَ شَرّٞ مَّكَانٗا وَأَضۡعَفُ جُندٗا ٧٥

Скажи: «Да продлит Милостивый жизнь заблудших до тех пор, пока они не увидят обещанные мучения или Час. Тогда они узнают, чье место хуже и чье воинство слабее».

হে ৰাছুল! আপুনি কৈ দিয়ক, যিয়ে পথভ্ৰষ্টতাত পতিত হৈ আছে, ৰহমানে তাক আৰু অৱকাশ দিব, যাতে তাৰ পথভ্ৰষ্টতা আৰু বৃদ্ধি পায়। অৱশেষত এইসকল লোকে যেতিয়া এই পৃথিৱীত অনতিপলমে অথবা দেৰিকৈ কিয়ামতৰ দিনা সিহঁতৰ লগত কৰা প্ৰতিশ্ৰুতমূলক শাস্তি নিজ চকুৰে প্ৰত্যক্ষ কৰিব, তেতিয়া সিহঁতে গম পাব যে, কাৰ ঠিকনা অতি নিকৃষ্ট আৰু কাৰ সহায়ক অতি কম? সেইটো সিহঁতৰ দল নে মুমিনসকলৰ দল?

19:76Страница 310

وَيَزِيدُ ٱللَّهُ ٱلَّذِينَ ٱهۡتَدَوۡاْ هُدٗىۗ وَٱلۡبَٰقِيَٰتُ ٱلصَّٰلِحَٰتُ خَيۡرٌ عِندَ رَبِّكَ ثَوَابٗا وَخَيۡرٞ مَّرَدًّا ٧٦

Аллах увеличивает приверженность прямому пути тех, кто следует прямым путем. А нетленные благодеяния лучше перед твоим Господом по вознаграждению и по исходу.

আল্লাহে যিসকল লোকক পথভ্ৰষ্টতাত নিমজ্জিত কৰিবলৈ অধিক অৱকাশ দিয়ে, তেনেকুৱা লোকৰ বিপৰীতে তেওঁ হিদায়তপ্ৰাপ্ত লোকসকলৰ ঈমান আৰু আনুগত্য অধিক বৃদ্ধি কৰি দিয়ে। তথা হে ৰাছুল! সৎকৰ্ম, যিটোৱে চিৰস্থায়ী সুখ প্ৰদান কৰে, আপোনাৰ প্ৰতিপালকৰ ওচৰত প্ৰতিফলৰ ফালেৰে অধিক লাভদায়ক আৰু উত্তম পৰিণামৰ যোগ্য।

19:77Страница 311

أَفَرَءَيۡتَ ٱلَّذِي كَفَرَ بِـَٔايَٰتِنَا وَقَالَ لَأُوتَيَنَّ مَالٗا وَوَلَدًا ٧٧

Видел ли ты того, кто не уверовал в Наши знамения и сказал: «Я непременно буду одарен богатством и детьми?».

হে ৰাছুল! আপুনি সেই ব্যক্তিক দেখা নাইনে, যিয়ে আমাৰ প্ৰমাণসমূহক অস্বীকাৰ কৰিছে আৰু আমাৰ সতৰ্কবাণীক নাকচ কৰি কৈছেঃ মোৰ মৃত্যুৰ পিছত, যদি মোক পুনৰ্জীৱিত কৰা হয় তেন্তে অৱশ্যে মোক প্ৰচুৰ ধন-সম্পদ আৰু সন্তান-সন্ততি প্ৰদান কৰা হ'ব।

19:78Страница 311

أَطَّلَعَ ٱلۡغَيۡبَ أَمِ ٱتَّخَذَ عِندَ ٱلرَّحۡمَٰنِ عَهۡدٗا ٧٨

Разве он знал сокровенное или заключил завет с Милостивым?

সেই ব্যক্তিয়ে অদৃশ্য সম্পৰ্কে অৱগত হৈছে নেকি, তেন্তে প্ৰমাণ নোহোৱাকৈ কিহৰ ভিত্তিত এনেকুৱা কথা কৈ আছে? অথবা সি আল্লাহৰ পৰা কোনো প্ৰতিশ্ৰুতি গ্ৰহণ কৰিছে নেকি যে, আল্লাহে তাক অৱশ্যে জান্নাতত প্ৰৱেশ কৰাব, তথা নিশ্চিতভাৱে তাক ধন-সম্পদ আৰু সন্তান-সন্ততি প্ৰদান কৰিব?

19:79Страница 311

كـَلَّاۚ سَنَكۡتُبُ مَا يَقُولُ وَنَمُدُّ لَهُۥ مِنَ ٱلۡعَذَابِ مَدّٗا ٧٩

Нет! Мы запишем его слова и увеличим его мучения.

বিষয়টো তেনেকুৱা নহয়, যিদৰে সি ধাৰণা কৰিছে। সেই ব্যক্তিয়ে যি কয় আৰু যি কৰে সেই সকলো আমি লিখি ৰাখিম, আৰু তাৰ এই মিছা দাবীৰ ফলস্বৰূপে আমি তাক শাস্তিৰ ওপৰত শাস্তি প্ৰদান কৰিম।

19:80Страница 311

وَنَرِثُهُۥ مَا يَقُولُ وَيَأۡتِينَا فَرۡدٗا ٨٠

Мы унаследуем от него то, о чем он говорил, и он явится к Нам в одиночестве.

আমি তাক ধ্বংস কৰাৰ পিচত তাৰ সকলো ধন-সম্পত্তি আৰু সন্তান-সন্ততি জব্দ কৰিম। আৰু কিয়ামতৰ দিনা তাক অকলশৰীয়াভাৱে লৈ আহিম। তেতিয়া তাৰ ওচৰত ধন-সম্পত্তি তথা মান-মৰ্যাদা বোলা একোৱে নাথাকিব।

19:81Страница 311

وَٱتَّخَذُواْ مِن دُونِ ٱللَّهِ ءَالِهَةٗ لِّيَكُونُواْ لَهُمۡ عِزّٗا ٨١

Они стали поклоняться наряду с Аллахом другим богам, чтобы те одарили их могуществом.

মুশ্বৰিকসকলে আল্লাহৰ বাহিৰে নিজৰ বাবে উপাস্য বনাই লৈছে, সিহঁতে যেতিয়া এইবোৰৰ ওচৰত সহায় প্ৰাৰ্থনা কৰিব তেতিয়া যাতে এইবোৰে সিহঁতক সহায় কৰে।

19:82Страница 311

كـَلَّاۚ سَيَكۡفُرُونَ بِعِبَادَتِهِمۡ وَيَكُونُونَ عَلَيۡهِمۡ ضِدًّا ٨٢

Но нет! Они отрекутся от поклонения им и станут их противниками.

বিষয়টো তেনেকুৱা নহয় যিদৰে সিহঁতে ধাৰণা কৰে। এতেকে কিয়ামতৰ দিনা এই উপাস্যবোৰে সিহঁতৰ উপাসনাক অস্বীকাৰ কৰিব, যিবোৰক সিহঁতে আল্লাহৰ বাহিৰে উপাসনা কৰে। কেৱল এয়াই নহয়, বৰং সিহঁতৰ পৰা নিজকে সম্পৰ্কচ্ছেদ কৰিব তথা সিহঁতক নিজৰ শত্ৰু বুলি গণ্য কৰিব।

19:83Страница 311

أَلَمۡ تَرَ أَنَّآ أَرۡسَلۡنَا ٱلشَّيَٰطِينَ عَلَى ٱلۡكَٰفِرِينَ تَؤُزُّهُمۡ أَزّٗا ٨٣

Разве ты не видишь, что Мы послали к неверующим дьяволов, чтобы те подстрекали их?

হে ৰাছুল! আপুনি লক্ষ্য কৰা নাইনে যে, আমি চয়তান প্ৰেৰণ কৰিছোঁ আৰু তাক কাফিৰসকলৰ ওপৰত নিযুক্ত কৰিছোঁ। যিয়ে সিহঁতক পাপকৰ্ম কৰিবলৈ আৰু আল্লাহৰ দ্বীনৰ পৰা বাধা দিয়াত প্ৰৰোচনা দিয়ে।

19:84Страница 311

فَلَا تَعۡجَلۡ عَلَيۡهِمۡۖ إِنَّمَا نَعُدُّ لَهُمۡ عَدّٗا ٨٤

Посему не торопись с ними! Мы ведем для них счет.

এতেকে হে ৰাছুল! আপুনি আল্লাহৰ ওচৰত সিহঁতৰ ধ্বংস সম্পৰ্কীয় অনুৰোধ কৰাত বেছি খৰখেদা নকৰিব। নিশ্চয় আমি সিহঁতৰ জীৱনৰ এটা এটা পল হিচাপ কৰি আছোঁ। অৱশেষত সিহঁতৰ অৱকাশৰ সময়সীমা যেতিয়া সমাপ্ত হ'ব, তেতিয়া আমি সিহঁতক সেই শাস্তিয়ে প্ৰদান কৰিম যিটো শাস্তি পোৱাৰ সিহঁত উপযুক্ত।

19:85Страница 311

يَوۡمَ نَحۡشُرُ ٱلۡمُتَّقِينَ إِلَى ٱلرَّحۡمَٰنِ وَفۡدٗا ٨٥

В тот день Мы соберем благочестивых перед Милостивым почтенной делегацией,

তথা হে ৰাছুল! আপুনি কিয়ামত দিৱসটো স্মৰণ কৰকচোন, যিদিনা আমি সেইসকল লোকক যিসকলে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰিছিল, তেওঁলোকক আমি সম্পূৰ্ণ সন্মান-সম্ভাষণৰ সৈতে একত্ৰিত কৰিম।

19:86Страница 311

وَنَسُوقُ ٱلۡمُجۡرِمِينَ إِلَىٰ جَهَنَّمَ وِرۡدٗا ٨٦

а грешников погоним в Геенну, словно на водопой.

আনহাতে কাফিৰসকলক তৃষ্ণাতুৰ অৱস্থাত জাহান্নামৰ ফালে খেদি লৈ যাম।

19:87Страница 311

لَّا يَمۡلِكُونَ ٱلشَّفَٰعَةَ إِلَّا مَنِ ٱتَّخَذَ عِندَ ٱلرَّحۡمَٰنِ عَهۡدٗا ٨٧

Никто не обретет права заступничества, кроме тех, у кого был завет с Аллахом.

সিদিনা এই কাফিৰসকলে পৰস্পৰক মধ্যস্ততা কৰাৰো অধিকাৰ নাপাব। কিন্তু সেই ব্যক্তিৰ বাহিৰে যিয়ে পৃথিৱীত আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰি আল্লাহৰ পৰা (শ্বাফাআতৰ) প্ৰতিশ্ৰুতি গ্ৰহণ কৰিছে।

19:88Страница 311

وَقَالُواْ ٱتَّخَذَ ٱلرَّحۡمَٰنُ وَلَدٗا ٨٨

Они говорят: «Милостивый взял Себе сына».

ইয়াহুদী, খৃষ্টান আৰু কিছুমান মুশ্বৰিকে দাবী কৰে যে, অত্যন্ত কৃপাশীল আল্লাহে পুত্ৰ গ্ৰহণ কৰিছে।

19:89Страница 311

لَّقَدۡ جِئۡتُمۡ شَيۡـًٔا إِدّٗا ٨٩

Этим вы совершаете ужасное злодеяние.

হে এনেকুৱা মন্তব্য কৰা ব্যক্তিসকল! নিশ্চয় তোমালোকে মহাপাপ কৰিছা।

19:90Страница 311

تَكَادُ ٱلسَّمَٰوَٰتُ يَتَفَطَّرۡنَ مِنۡهُ وَتَنشَقُّ ٱلۡأَرۡضُ وَتَخِرُّ ٱلۡجِبَالُ هَدًّا ٩٠

Небо готово расколоться, земля готова разверзнуться, а горы готовы рассыпаться в прах от того,

তোমালোকৰ এনেকুৱা নিকৃষ্ট কথাৰ ফলত আকাশ ভাঙি পৰাৰ উপক্ৰম হয়। আৰু পৃথিৱী খণ্ড-বিখণ্ড হোৱাৰ উপক্ৰম হয়। আৰু পৰ্বতমালা চূৰ্ণ-বিচূৰ্ণ হৈ পৰাৰ উপক্ৰম হয়।

19:91Страница 311

أَن دَعَوۡاْ لِلرَّحۡمَٰنِ وَلَدٗا ٩١

что они приписывают Милостивому сына.

ইয়াৰ মূল কাৰণটো হৈছে সিহঁতে দয়াময় আল্লাহৰ সন্তান থকা বুলি দাবী কৰিছে। পৱিত্ৰ আল্লাহ এনেকুৱা কথাৰ পৰা বহু ঊৰ্দ্ধত।

19:92Страница 311

وَمَا يَنۢبَغِي لِلرَّحۡمَٰنِ أَن يَتَّخِذَ وَلَدًا ٩٢

Не подобает Милостивому иметь сына!

দৰাচলতে অত্যন্ত কৃপাশীল আল্লাহৰ লগত এনেকুৱা বিষয় সম্পৃক্ত কৰাটো কদাপিও সমীচীন নহয় যে, তেওঁ সন্তান গ্ৰহণ কৰিছে। কিয়নো তেওঁ এনেকুৱা বিষয়ৰ পৰা অতি পৱিত্ৰ।

19:93Страница 311

إِن كُلُّ مَن فِي ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ إِلَّآ ءَاتِي ٱلرَّحۡمَٰنِ عَبۡدٗا ٩٣

Каждый, кто на небесах и на земле, явится к Милостивому только в качестве раба.

আকাশমণ্ডল আৰু পৃথিৱীত থকা ফিৰিস্তা তথা মানৱ আৰু জ্বিন সকলোৱে কিয়ামতৰ দিনা নিজ প্ৰতিপালকৰ সন্মুখত বিনীতভাৱে শিৰনত হৈ উপস্থিত হ'ব।

19:94Страница 311

لَّقَدۡ أَحۡصَىٰهُمۡ وَعَدَّهُمۡ عَدّٗا ٩٤

Он знает их число и пересчитал их.

নিশ্চিতভাৱে আল্লাহে সিহঁতক জ্ঞানৰ জৰিয়তে পৰিবেষ্টন কৰিছে আৰু সিহঁতক গণনা কৰি ৰাখিছে। এতেকে সিহঁতৰ কোনো বিষয়েই তেওঁৰ পৰা গোপন নহয়।

19:95Страница 311

وَكُلُّهُمۡ ءَاتِيهِ يَوۡمَ ٱلۡقِيَٰمَةِ فَرۡدًا ٩٥

Каждый из них явится к Нему в День воскресения в одиночестве.

সিহঁতৰ মাজৰ প্ৰত্যেকেই কিয়ামতৰ দিনা অকলশৰীয়াভাৱে উপস্থিত হ'ব। কোনো সহায়ক নাথাকিব আৰু কোনো ধন-সম্পত্তিও নাথাকিব।

19:96Страница 312

إِنَّ ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ سَيَجۡعَلُ لَهُمُ ٱلرَّحۡمَٰنُ وُدّٗا ٩٦

Тех, которые уверовали и совершали праведные деяния, Милостивый одарит любовью.

নিশ্চয় যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সেইসমূহ নেক আমল কৰিছে যিবোৰ আল্লাহৰ দৃষ্টিত পছন্দনীয়। আল্লাহে তেওঁলোকক মুহাব্বত প্ৰদান কৰিব অৰ্থাৎ স্বয়ং আল্লাহে তেওঁলোকক মুহাব্বত কৰিব। তথা তেওঁৰ বান্দাসকলৰ মাজত তাক প্ৰিয় বনাই দিব।

19:97Страница 312

فَإِنَّمَا يَسَّرۡنَٰهُ بِلِسَانِكَ لِتُبَشِّرَ بِهِ ٱلۡمُتَّقِينَ وَتُنذِرَ بِهِۦ قَوۡمٗا لُّدّٗا ٩٧

Мы облегчили его (Коран) на твоем языке для того, чтобы ты обрадовал им богобоязненных людей и предостерег им злостных спорщиков.

হে ৰাছুল! এই কোৰআনখনক আপোনাৰ ভাষাত অৱতীৰ্ণ কৰি সৰল কৰি দিছোঁ। যাতে ইয়াৰ দ্বাৰা আপুনি সেইসকল লোকক সতৰ্ক কৰিব পাৰে যিসকলে মোৰ আদেশ পালন কৰি আৰু মোৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি মোৰ তাক্বৱা অৱলম্বন কৰিছে। তথা ইয়াৰ দ্বাৰা যাতে আপুনি সেইসকল লোকক ভয় দেখুৱাব পাৰে, যিসকল বাক-বিতণ্ডাপ্ৰিয় আৰু সত্য গ্ৰহণ কৰাৰ ক্ষেত্ৰত স্বৈৰাচাৰী তথা অহংকাৰী।

19:98Страница 312

وَكَمۡ أَهۡلَكۡنَا قَبۡلَهُم مِّن قَرۡنٍ هَلۡ تُحِسُّ مِنۡهُم مِّنۡ أَحَدٍ أَوۡ تَسۡمَعُ لَهُمۡ رِكۡزَۢا ٩٨

Сколько поколений до них Мы подвергли гибели! Разве ты ощущаешь присутствие кого-нибудь из них или слышишь их шепот?

আপোনাৰ সম্প্ৰদায়ৰ পূৰ্বে আমি বহুতো সম্প্ৰদায়ক বিনাশ কৰিছোঁ। সেই সম্প্ৰদায়সমূহৰ মাজৰ কাৰোবাৰ আপুনি উমান পাইছেনে? আপুনি সিহঁতৰ কোনো গোপন ধ্বনি শুনা পাইছেনে? যি বিপদৰ সিহঁতে সন্মুখীন হৈছিল, সেই বিপদে আনকো চুব পাৰে। পলম কেৱল আল্লাহৰ অনুমতিৰ।

Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии

Содержание

Аят аль-Курси36Аль-Кахфстр. 42джуз 15Бухари 1Муслим 2999

Вид

Тема
Размер текста
Вид

Read in English