Аль-Мухтасар · Тафсир · на ассамском
Аль-Бакара 2:106–138
2:106Страница 17
۞ مَا نَنسَخۡ مِنۡ ءَايَةٍ أَوۡ نُنسِهَا نَأۡتِ بِخَيۡرٖ مِّنۡهَآ أَوۡ مِثۡلِهَآۗ أَلَمۡ تَعۡلَمۡ أَنَّ ٱللَّهَ عَلَىٰ كُلِّ شَيۡءٖ قَدِيرٌ ١٠٦
Когда Мы отменяем или заставляем забыть один аят, то приводим тот, который лучше его, или равный ему. Разве ты не знаешь, что Аллах способен на всякую вещь?
আল্লাহ তাআলাই বৰ্ণনা কৰিছে যে, তেওঁ যেতিয়াই কোনো আয়াতৰ বিধান মনছুখ (ৰহিত) কৰে অথবা কোনো আয়াতৰ শব্দ মনছুখ কৰি সেয়া মানুহক পাহৰাই দিয়ে তেতিয়া তাৰ ঠাইত তেনেকুৱাই আয়াত পুনৰ লৈ আহে যিটো সিহঁতৰ বাবে দুনিয়া আৰু আখিৰাত উভয় ঠাইতে বেছি লাভদায়ক হব। নাইবা বেছি নহলেও পূৰ্বৰ আয়াতৰ সমান লাভদায়ক হব আৰু এই সকলোবোৰ আল্লাহৰ জ্ঞান আৰু তেওঁৰ প্ৰজ্ঞা মুতাবিকহে সংঘটিত হয়। হে নবী আপুনি দেখুন জানেই যে, নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। তেওঁ যি বিচাৰে সেইটোৱে কৰে আৰু তেওঁ যিদৰে বিচাৰে সেইটোৱে আদেশ কৰে।
2:107Страница 17
أَلَمۡ تَعۡلَمۡ أَنَّ ٱللَّهَ لَهُۥ مُلۡكُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۗ وَمَا لَكُم مِّن دُونِ ٱللَّهِ مِن وَلِيّٖ وَلَا نَصِيرٍ ١٠٧
Разве ты не знаешь, что Аллаху принадлежит власть над небесами и землей, и что нет у вас, кроме Аллаха, ни покровителя, ни помощника?
হে নবী! আপুনি জানেই যে, নিশ্চয় আল্লাহ আকাশমণ্ডল আৰু পৃথিৱীৰ মালিক। তেওঁ যি বিচাৰে সেইটোৱে ফয়চালা কৰে। এতেকে তেওঁ যি বিচাৰে সেই কামৰে বান্দাসকলক আদেশ দিয়ে আৰু যিটো ইচ্ছা কৰে সেইটোৱে নিষেধ কৰে। চৰীয়তৰ যিটো বিধান ইচ্ছা কৰে বলৱৎ কৰে আৰু যিটো ইচ্ছা কৰে ৰহিত কৰে। আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱক নাই যিয়ে তোমালোকৰ দায়িত্ব গ্ৰহণ কৰিব। আৰু তোমালোকৰ কোনো সহায়কো নাই যিয়ে তোমালোকৰ বিপদ দূৰ কৰিব। বৰং এই সকলো কৰ্মৰ মালিক আৰু একমাত্ৰ ক্ষমতাৱান কেৱল আল্লাহ তাআলা।
2:108Страница 17
أَمۡ تُرِيدُونَ أَن تَسۡـَٔلُواْ رَسُولَكُمۡ كَمَا سُئِلَ مُوسَىٰ مِن قَبۡلُۗ وَمَن يَتَبَدَّلِ ٱلۡكُفۡرَ بِٱلۡإِيمَٰنِ فَقَدۡ ضَلَّ سَوَآءَ ٱلسَّبِيلِ ١٠٨
Или же вы хотите попросить вашего Посланника, как прежде они (сыны Исраила) попросили Мусу (Моисея)? Кто сменил веру на неверие, тот уже сбился с прямого пути.
হে মুমিনসকল! অভিমান আৰু অহংকাৰ কৰি নিজ ৰাছুলৰ কথাত অভিযোগ উত্থাপন কৰাটো তোমালোকৰ শোভা নাপায়, ইতিপূৰ্বে যিদৰে মূছা আলাইহিছ ছালামৰ সম্প্ৰদায়ে তেওঁক কৰিছিল। যেনে- সিহঁতে কৈছিলঃ আমাক প্ৰকাশ্যভাৱে আল্লাহক দেখুৱা। (আন-নিছাঃ ১৫৩) আৰু যিয়ে ঈমানৰ পৰিবৰ্তে কুফৰী অৱলম্বন কৰিব সি মধ্যম পন্থা অৰ্থাৎ পোন পথৰ পৰা আঁতৰি যাব।
2:109Страница 17
وَدَّ كَثِيرٞ مِّنۡ أَهۡلِ ٱلۡكِتَٰبِ لَوۡ يَرُدُّونَكُم مِّنۢ بَعۡدِ إِيمَٰنِكُمۡ كُفَّارًا حَسَدٗا مِّنۡ عِندِ أَنفُسِهِم مِّنۢ بَعۡدِ مَا تَبَيَّنَ لَهُمُ ٱلۡحَقُّۖ فَٱعۡفُواْ وَٱصۡفَحُواْ حَتَّىٰ يَأۡتِيَ ٱللَّهُ بِأَمۡرِهِۦٓۗ إِنَّ ٱللَّهَ عَلَىٰ كُلِّ شَيۡءٖ قَدِيرٞ ١٠٩
После того как прояснилась им истина, многие из людей Писания из зависти своей хотели бы отвратить вас от веры, когда вы уже приняли ее. Простите их и будьте великодушны, пока Аллах не явится со Своим повелением. Воистину, Аллах способен на всякую вещь.
ইয়াহুদী আৰু খৃষ্টানসকলৰ অধিকাংশ লোকে এই আশা পোষণ কৰে যে, সিহঁতে তোমালোকক ঈমানৰ সীমাৰেখাৰ পৰা উলিয়াই পুনৰ কুফৰত বৰ্তি কৰাব বিচাৰে, যিদৰে তোমালোকে ইয়াৰ পূৰ্বে মূৰ্ত্তি পূজাত লিপ্ত আছিলা। ইহঁতে ঈৰ্ষাৰ ফলত এনেকুৱা কামনা কৰে। অথচ সিহঁতৰ ওচৰত এইটো স্পষ্ট হৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যি লৈ আহিছে সেয়া সত্য। এতেকে হে ঈমান্দাৰসকল! সিহঁতৰ এই কৰ্মক ক্ষমা কৰি দিয়া লগতে সিহঁতৰ অজ্ঞানতা আৰু ঈৰ্ষাক মাৰ্জনা কৰা, যেতিয়ালৈকে সিহঁতৰ বিষয়ে আল্লাহৰ আদেশ নাহে। আৰু এতিয়া আল্লাহৰ সেই আদেশ আহি পৰিছে। সেয়ে এতিয়া কাফিৰসকলক সুবিধা দিয়া হব যে, ইছলাম অথবা জিয-ইয়া কৰ নাইবা যুদ্ধ এই তিনিটাৰ যিটো ইচ্ছা চয়ন কৰা। নিশ্চয় আল্লাহ প্ৰত্যেক বস্তুৰ ওপৰত ক্ষমতাৱান। সেয়ে সিহঁতে তেওঁক অপাৰগ কৰিব নোৱাৰিব।
2:110Страница 17
وَأَقِيمُواْ ٱلصَّلَوٰةَ وَءَاتُواْ ٱلزَّكَوٰةَۚ وَمَا تُقَدِّمُواْ لِأَنفُسِكُم مِّنۡ خَيۡرٖ تَجِدُوهُ عِندَ ٱللَّهِۗ إِنَّ ٱللَّهَ بِمَا تَعۡمَلُونَ بَصِيرٞ ١١٠
Совершайте намаз и выплачивайте закят. Все то доброе, что вы предварите для себя, вы найдете у Аллаха. Воистину, Аллах видит то, что вы совершаете.
নামাজক ইয়াৰ আৰকান, ওৱাজিবাত আৰু ছুন্নতৰ সৈতে সম্পূৰ্ণৰূপে আদায় কৰা। আৰু নিজৰ সম্পত্তিৰ যাকাত আদায় কৰি উপযুক্ত ব্যক্তিসকলৰ মাজত বন্টন কৰি দিয়া। তোমালোকে নিজৰ জীৱন কালত যি সত্কৰ্মই কৰিবা সেয়া তোমালোকৰ মৃত্যুৰ পূৰ্বে পৰকালত সঞ্চিত হব। ইয়াৰ প্ৰতিদান ক্বিয়ামতৰ দিনা নিজ প্ৰতিপালকৰ ওচৰত পাবা আৰু আল্লাহে তোমালোকক ইয়াৰ প্ৰতিদান দিব। নিশ্চয় আল্লাহে তোমালোকৰ কৰ্মসমূহ প্ৰত্যক্ষ কৰি আছে। সেয়ে প্ৰত্যেককে নিজ কৰ্ম অনুসাৰে তাৰ প্ৰতিদান দিব।
2:111Страница 17
وَقَالُواْ لَن يَدۡخُلَ ٱلۡجَنَّةَ إِلَّا مَن كَانَ هُودًا أَوۡ نَصَٰرَىٰۗ تِلۡكَ أَمَانِيُّهُمۡۗ قُلۡ هَاتُواْ بُرۡهَٰنَكُمۡ إِن كُنتُمۡ صَٰدِقِينَ ١١١
Они сказали: «Не войдет в Рай никто, кроме иудеев или христиан». Таковы их мечты. Скажи: «Приведите ваше доказательство, если вы говорите правду».
ইয়াহুদী আৰু খৃষ্টানসকলৰ প্ৰত্যেকে কয় যে, জান্নাত কেৱল সিহঁতৰ বাবেই নিৰ্দিষ্ট। এতেকে ইয়াহুদীসকলে কয় যে, জান্নাতত কেৱল ইয়াহুদীসকলহে যাব। আৰু খৃষ্টানসকলে কয় যে, জান্নাতত কেৱল খৃষ্টান বিলাকেহে যাব। দৰাচলতে এয়া সিহঁতৰ মিছা আকাংক্ষা আৰু অসত্য ধাৰণা মাত্ৰ। হে নবী! আপুনি ইয়াৰ খণ্ডন কৰি কওঁক যে, যদি তোমালোকৰ কথাত সত্যতা আছে তেন্তে উপযুক্ত প্ৰমাণ লৈ আহা।
2:112Страница 17
بَلَىٰۚ مَنۡ أَسۡلَمَ وَجۡهَهُۥ لِلَّهِ وَهُوَ مُحۡسِنٞ فَلَهُۥٓ أَجۡرُهُۥ عِندَ رَبِّهِۦ وَلَا خَوۡفٌ عَلَيۡهِمۡ وَلَا هُمۡ يَحۡزَنُونَ ١١٢
О нет! Кто покорит свой лик Аллаху, совершая добро, тот получит награду от своего Господа. Они не познают страха и не будут опечалены.
প্ৰত্যেক সেই ব্যক্তি জান্নাতত প্ৰৱেশ কৰিব, যিয়ে নিষ্ঠাৰ সৈতে আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰে তথা ৰাছুলে দেখুৱাই দিয়া পদ্ধতি অনুযায়ী আন্তৰিকতাৰে আল্লাহৰ ইবাদত কৰে। এনেকুৱা ব্যক্তিহে জান্নাতত প্ৰৱেশ কৰিব। সি যি সম্প্ৰদায়ৰে নহওঁক কিয়। তাৰ প্ৰতিদান আছে নিজ প্ৰতিপালকৰ ওচৰত। আখিৰাতত তেওঁলোকৰ কোনো ভয় নাথাকিব আৰু পৃথিৱীত কোনো বস্তু নোপোৱাৰ বাবে দুখ প্ৰকাশো নকৰিব। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আবিৰ্ভাৱৰ পিছত এনেকুৱা বৈশিষ্ট্য কেৱল মুমিনসকলৰহে আছে।
2:113Страница 18
وَقَالَتِ ٱلۡيَهُودُ لَيۡسَتِ ٱلنَّصَٰرَىٰ عَلَىٰ شَيۡءٖ وَقَالَتِ ٱلنَّصَٰرَىٰ لَيۡسَتِ ٱلۡيَهُودُ عَلَىٰ شَيۡءٖ وَهُمۡ يَتۡلُونَ ٱلۡكِتَٰبَۗ كَذَٰلِكَ قَالَ ٱلَّذِينَ لَا يَعۡلَمُونَ مِثۡلَ قَوۡلِهِمۡۚ فَٱللَّهُ يَحۡكُمُ بَيۡنَهُمۡ يَوۡمَ ٱلۡقِيَٰمَةِ فِيمَا كَانُواْ فِيهِ يَخۡتَلِفُونَ ١١٣
Иудеи сказали: «Христиане не следуют прямым путем». А христиане сказали: «Иудеи не следуют прямым путем». Все они читают Писание, но слова невежественных людей похожи на их слова. В День воскресения Аллах рассудит их в том, в чем они расходились во мнениях.
ইয়াহুদীসকলে কয়, খৃষ্টানসকল সঠিক ধৰ্মত নহয়। আনহাতে খৃষ্টানসকলে কয়, ইয়াহুদীসকল সঠিক ধৰ্মত নহয়। অথচ উভয় ধৰ্মৰ অনুসাৰীসকলে নিজৰ নিজৰ ধৰ্মগ্ৰন্থত সিহঁতে অস্বীকাৰ কৰা বিষয়টো আৰু তাৰ মাজত থকা সকলো নবীৰ প্ৰতি কোনো ধৰণৰ পাৰ্থক্য নকৰাকৈ ঈমান পোষণ কৰাৰ আদেশসমূহ পাঠ কৰে। দৰাচলতে ইহঁতে সকলো ৰাছুলক আৰু তেওঁলোকে পোৱা কিতাবসমূহক অস্বীকাৰ কৰি সেইসকল মুশ্বৰিকৰ দৰে হৈ গৈছে যিসকলৰ ওচৰত (কিতাবৰ কোনো) জ্ঞান নাই। সেয়ে আল্লাহে কিয়ামতৰ দিনা সকলো মতানৈক্যকাৰীৰ মাজত ফয়চালা কৰিব। সেই ন্যায়পূৰ্ণ আদেশৰ জৰিয়তে যিটো তেখেতে তেওঁৰ বান্দাসকলক জনাই দিছে যে, আল্লাহে অৱতীৰ্ণ কৰা সকলো পুথিৰ প্ৰতি ঈমান পোষণ নকৰাকৈ সফলতা পোৱা সম্ভৱ নহয়।
2:114Страница 18
وَمَنۡ أَظۡلَمُ مِمَّن مَّنَعَ مَسَٰجِدَ ٱللَّهِ أَن يُذۡكَرَ فِيهَا ٱسۡمُهُۥ وَسَعَىٰ فِي خَرَابِهَآۚ أُوْلَٰٓئِكَ مَا كَانَ لَهُمۡ أَن يَدۡخُلُوهَآ إِلَّا خَآئِفِينَۚ لَهُمۡ فِي ٱلدُّنۡيَا خِزۡيٞ وَلَهُمۡ فِي ٱلۡأٓخِرَةِ عَذَابٌ عَظِيمٞ ١١٤
Кто может быть несправедливее того, кто запрещает в мечетях Аллаха поминать имя Его и стремится разрушить их? Им следовало бы входить туда только с чувством страха. Позор им в мирской жизни и великие мучения в Последней жизни.
সেই ব্যক্তিতকৈ ডাঙৰ অন্যায়কাৰী আৰু কোন হব পাৰে যিয়ে আল্লাহৰ মছজিদত আল্লাহৰ নাম স্মৰণ কৰিবলৈ বাধা প্ৰদান কৰে। এতেকে সেই বাধা নামাজ, যিকিৰ-আজকাৰ আৰু কোৰআন তিলাৱতৰ পৰা নিষেধ কৰাৰ মাধ্যমত হওঁক অথবা মছজিদ বিনষ্ট কৰাৰ মাধ্যমত নাইবা তাৰ ভিতৰত ইবাদত কৰিবলৈ বাধা প্ৰদান কৰি বিধ্বস্ত কৰাৰ মাধ্যমতে হওঁক। মছজিদ বিনষ্ট কৰা এই সকল লোক মছজিদত প্ৰৱেশ কৰাৰ উপযুক্ত নহয়। যদিও মছজিদত প্ৰৱেশ কৰে তেন্তে সিহঁতৰ কুফৰ আৰু আল্লাহৰ মছজিদৰ পৰা মানুহক বাধা প্ৰদান কৰাৰ কাৰণে সিহঁতে ভয় কৰা উচিত আৰু সিহঁতৰ অন্তৰ কপি উঠা উচিত। পাৰ্থিৱ জীৱনত সিহঁতৰ বাবে মুমিনসকলৰ হাতত আছে লাঞ্ছনা আৰু আখিৰাতত আছে মহা শাস্তি। কিয়নো সিহঁতে মানুহক আল্লাহৰ মছজিদৰ পৰা বিৰত ৰাখিছিল আৰু বাধা প্ৰদান কৰিছিল।
2:115Страница 18
وَلِلَّهِ ٱلۡمَشۡرِقُ وَٱلۡمَغۡرِبُۚ فَأَيۡنَمَا تُوَلُّواْ فَثَمَّ وَجۡهُ ٱللَّهِۚ إِنَّ ٱللَّهَ وَٰسِعٌ عَلِيمٞ ١١٥
Аллаху принадлежат восток и запад. Куда бы вы ни повернулись, там будет Лик Аллаха. Воистину, Аллах - Объемлющий, Знающий.
পূৱ, পশ্চিম আৰু এই দুয়োৰ মাজত থকা ৰাজত্ব কেৱল আল্লাহৰেই। তেওঁ বান্দাসকলক যি ইচ্ছা কৰে সেইটোৰে আদেশ দিয়ে। তোমালোকে যিফালেই মুখ কৰিবা সেই ফালেই আল্লাহক পাবা। এতেকে যদি তোমালোকক বাইতুল মাক্বদিছ অথবা কাবাৰ পিনে মুখ কৰিবলৈ আদেশ দিয়ে নাইবা কিবলাৰ ফালে মুখ কৰাত ত্ৰুটি হয় বা কিবলাৰ ফালে মুখ কৰা সম্ভৱ নহয় তেন্তে চিন্তাৰ কোনো কাৰণ নাই, কিয়নো সকলো দিশ আল্লাহৰেই। নিশ্চয় আল্লাহ সৰ্বব্যাপী। তেওঁৰ কৃপা আৰু কৰুণা সকলো সৃষ্টিৰ ওপৰত প্ৰসাৰিত। লগতে তেওঁ মানুহৰ সংকল্প আৰু কৰ্ম সম্পৰ্কে সম্যক অৱগত।
2:116Страница 18
وَقَالُواْ ٱتَّخَذَ ٱللَّهُ وَلَدٗاۗ سُبۡحَٰنَهُۥۖ بَل لَّهُۥ مَا فِي ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۖ كُلّٞ لَّهُۥ قَٰنِتُونَ ١١٦
Они сказали: «Аллах взял Себе сына». Пречист Он! Напротив, Ему принадлежит то, что на небесах и земле. Ему одному все покоряются.
ইয়াহুদী, খৃষ্টান আৰু মুশ্বৰিকসকলে কয়ঃ আল্লাহৰ সন্তান আছে। অথচ আল্লাহ ইয়াৰ পৰা অতি পৱিত্ৰ। তেওঁ নিজ সৃষ্টিৰ পৰা অমুখাপেক্ষী। সন্তান তাক লাগে, যাক ইয়াৰ প্ৰয়োজন। অথচ আল্লাহ আকাশমণ্ডল আৰু পৃথিৱী আৰু এই দুয়োৰ মাজত থকা সকলো বস্তুৰে মালিক। সকলো সৃষ্টি তেওঁৰ অধীনত আৰু সকলোৱে তেওঁৰ সন্মুখতে শিৰ নত কৰে। তেওঁ যেনেকৈ ইচ্ছা সেইদৰেই পৰিচালনা কৰে।
2:117Страница 18
بَدِيعُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۖ وَإِذَا قَضَىٰٓ أَمۡرٗا فَإِنَّمَا يَقُولُ لَهُۥ كُن فَيَكُونُ ١١٧
Он - Первосоздатель небес и земли. Когда Он принимает решение, то стоит Ему сказать: «Будь!», как это сбывается.
আল্লাহ তাআলাই আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰ মাজত থকা সকলো বস্তু ভূতপূৰ্ব কোনো উদাহৰণ নোহোৱাকৈ সৃষ্টি কৰিছে। তেওঁ যেতিয়া কোনো বস্তুক অস্তিত্ব প্ৰদান কৰিব বিচাৰে তেতিয়া তেওঁ কেৱল কয় “হ” ফলত সেয়া তত্ক্ষণাত হৈ যায়। তেওঁৰ আদেশ আৰু ফয়চালাক কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে।
2:118Страница 18
وَقَالَ ٱلَّذِينَ لَا يَعۡلَمُونَ لَوۡلَا يُكَلِّمُنَا ٱللَّهُ أَوۡ تَأۡتِينَآ ءَايَةٞۗ كَذَٰلِكَ قَالَ ٱلَّذِينَ مِن قَبۡلِهِم مِّثۡلَ قَوۡلِهِمۡۘ تَشَٰبَهَتۡ قُلُوبُهُمۡۗ قَدۡ بَيَّنَّا ٱلۡأٓيَٰتِ لِقَوۡمٖ يُوقِنُونَ ١١٨
Те, которые лишены знания, говорят: «Почему Аллах не говорит с нами? Почему знамение не приходит к нам?». Такие же слова произносили их предшественники. Их сердца похожи. Мы уже разъяснили знамения людям убежденным!
মুশ্বৰিক আৰু আহলে কিতাবসকলৰ মাজৰ যিসকলে একোৱেই নাজানে সিহঁতে সত্যৰ সন্মুখত অহংকাৰ কৰি কয়, আল্লাহে আমাৰ লগত প্ৰত্যক্ষভাৱে কথা কিয় নকয়। অথবা আমাৰ ওচৰত অনুধাৱন কৰিব পৰা কোনো নিদৰ্শন কিয় নাহে, যিটো বিশেষকৈ কেৱল আমাৰ বাবে অৱতীৰ্ণ হ'ব? ঠিক এনেকুৱা কথাই ইতিপূৰ্বে সেইসকল লোকেও কৈছিল যিসকলে নিজ নবীসকলক অস্বীকাৰ কৰিছিল। পাৰ্থক্য কেৱল সময় আৰু স্থানৰ। কুফৰ, স্বৈৰাচাৰিতা, ধৃষ্টতাৰ ক্ষেত্ৰত ইহঁত আৰু পূৰ্বৱৰ্তী লোকসকলৰ অন্তৰ একেই। এতেকে আমি এনেকুৱা ব্যক্তিসকলৰ বাবে নিদৰ্শন স্পষ্ট কৰি দিছোঁ যিসকলে সত্য প্ৰকাশ পোৱাৰ পিছত তাৰ প্ৰতি বিশ্বাস স্থাপন কৰে। তেওঁলোকক সন্দেহেও প্ৰতিৰোধ নকৰে আৰু অহংকাৰেও তেওঁলোকক বাধা নিদিয়ে।
2:119Страница 18
إِنَّآ أَرۡسَلۡنَٰكَ بِٱلۡحَقِّ بَشِيرٗا وَنَذِيرٗاۖ وَلَا تُسۡـَٔلُ عَنۡ أَصۡحَٰبِ ٱلۡجَحِيمِ ١١٩
Мы отправили тебя с истиной добрым вестником и предостерегающим увещевателем, и ты не будешь спрошен об обитателях Ада.
হে নবী! আমি আপোনাক সত্য দ্বীনৰ সৈতে প্ৰেৰণ কৰিছো, যাৰ মাজত কোনো সন্দেহ নাই; যাতে আপুনি মুমিনসকলক সুসংবাদ দিয়ে আৰু কাফিৰসকলক জাহান্নামৰ ভয় দেখুৱায়। আপোনাৰ কাম কেৱল স্পষ্টভাৱে পৌঁচাই দিয়া। আল্লাহে আপোনাক সেইসকল জাহান্নামীৰ বিষয়ে প্ৰশ্ন নকৰিব যিসকলে আপোনাৰ প্ৰতি ঈমান পোষণ কৰা নাই।
2:120Страница 19
وَلَن تَرۡضَىٰ عَنكَ ٱلۡيَهُودُ وَلَا ٱلنَّصَٰرَىٰ حَتَّىٰ تَتَّبِعَ مِلَّتَهُمۡۗ قُلۡ إِنَّ هُدَى ٱللَّهِ هُوَ ٱلۡهُدَىٰۗ وَلَئِنِ ٱتَّبَعۡتَ أَهۡوَآءَهُم بَعۡدَ ٱلَّذِي جَآءَكَ مِنَ ٱلۡعِلۡمِ مَا لَكَ مِنَ ٱللَّهِ مِن وَلِيّٖ وَلَا نَصِيرٍ ١٢٠
Иудеи и христиане не будут довольны тобой, пока ты не станешь придерживаться их религии. Скажи: «Путь Аллаха - это прямой путь». Если же ты станешь потакать их желаниям после того, как к тебе явилось знание, то Аллах не будет тебе ни Покровителем, ни Помощником.
আল্লাহে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সতৰ্ক কৰি কৈছেঃ আপোনাৰ প্ৰতি ইয়াহুদী আৰু খৃষ্টানসকল তেতিয়ালৈকে সন্তুষ্ট নহ'ব যেতিয়ালৈকে আপুনি ইছলাম ত্যাগ কৰি সিহঁতৰ ধৰ্মৰ অনুসৰণ নকৰিব। এতেকে আপুনি কওক, নিশ্চয় আল্লাহৰ কিতাব আৰু ইয়াৰ বৰ্ণনাই হৈছে প্ৰকৃত সত্য, সিহঁত যিটোৰ ওপৰত অৱস্থিত সেইটো কেতিয়াও সত্য নহয়। গতিকে আপুনি অথবা আপোনাৰ কোনো অনুসাৰীয়ে সত্য স্পষ্ট হোৱাৰ পিছতো যদি সিহঁতৰ অনুসৰণ কৰে তেন্তে জানি থওক! আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ কোনো সহায়ক নাপাব। এই আয়াতত সত্য ত্যাগ কৰি বাতিলৰ অনুসাৰীসকলৰ লগ দিয়াৰ যি ক্ষতি, সেই বিষয়টো উল্লেখ কৰা হৈছে।
2:121Страница 19
ٱلَّذِينَ ءَاتَيۡنَٰهُمُ ٱلۡكِتَٰبَ يَتۡلُونَهُۥ حَقَّ تِلَاوَتِهِۦٓ أُوْلَٰٓئِكَ يُؤۡمِنُونَ بِهِۦۗ وَمَن يَكۡفُرۡ بِهِۦ فَأُوْلَٰٓئِكَ هُمُ ٱلۡخَٰسِرُونَ ١٢١
Те, кому Мы даровали Писание и кто читает его надлежащим образом, действительно веруют в него. А те, которые не уверуют в него, непременно окажутся в убытке.
ইয়াত কোৰআনে আহলে কিতাবৰ এটা দলৰ কথা বৰ্ণনা কৰিছে, যিসকলে নিজৰ ঐশীপুথিৰ ওপৰত আমল কৰে আৰু যিদৰে অনুসৰণ কৰা উচিত সেইদৰেই অনুসৰণ কৰে। এইসকল লোকে তেওঁলোকৰ পুথিত মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম যে সত্য নবী তাৰ স্পষ্ট নিদৰ্শনসমূহ পঢ়িবলৈ পায়। ফলত তেওঁলোকে তত্ক্ষণাত ঈমান আনে। আনহাতে দ্বিতীয় দল, যিসকলে কুফৰত অটল আছিল সিহঁত ক্ষতিগ্ৰস্থ হল।
2:122Страница 19
يَٰبَنِيٓ إِسۡرَٰٓءِيلَ ٱذۡكُرُواْ نِعۡمَتِيَ ٱلَّتِيٓ أَنۡعَمۡتُ عَلَيۡكُمۡ وَأَنِّي فَضَّلۡتُكُمۡ عَلَى ٱلۡعَٰلَمِينَ ١٢٢
О сыны Исраила (Израиля)! Помните о милости, которую Я оказал вам, а также о том, что Я возвысил вас над мирами.
হে বনী ইছৰাঈল! মই প্ৰদান কৰা দ্বীনি আৰু দুনিয়াৱী অনুগ্ৰহসমূহক স্মৰণ কৰা। লগতে এই কথাও স্মৰণ কৰা যে, ময়ে তোমালোকক সমকালীন লোকৰ ওপৰত নুবুওৱত আৰু ৰাজত্বৰ দ্বাৰা প্ৰাধান্য প্ৰদান কৰিছিলো।
2:123Страница 19
وَٱتَّقُواْ يَوۡمٗا لَّا تَجۡزِي نَفۡسٌ عَن نَّفۡسٖ شَيۡـٔٗا وَلَا يُقۡبَلُ مِنۡهَا عَدۡلٞ وَلَا تَنفَعُهَا شَفَٰعَةٞ وَلَا هُمۡ يُنصَرُونَ ١٢٣
Страшитесь дня, когда ни один человек не принесет пользы другому и когда нельзя будет откупиться, когда ничем не поможет заступничество и когда им не будет оказана поддержка.
আল্লাহৰ আদেশসমূহ পালন কৰি আৰু নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি কিয়ামতৰ শাস্তিৰ পৰা নিজকে ৰক্ষা কৰা। সেইদিনা কোনেও কাৰো কামত নাহিব আৰু ডাঙৰতকৈ ডাঙৰ অৰ্থদণ্ডও স্বীকাৰ কৰা নহব, লগতে কোনো মধ্যস্ততাও গ্ৰহণ কৰা নহব সি যিমানেই উচ্চস্তৰীয় ব্যক্তি নহওঁক কিয়। আৰু আল্লাহৰ বাহিৰে আন কোনো সহায়কাৰীও নাথাকিব।
2:124Страница 19
۞ وَإِذِ ٱبۡتَلَىٰٓ إِبۡرَٰهِـۧمَ رَبُّهُۥ بِكَلِمَٰتٖ فَأَتَمَّهُنَّۖ قَالَ إِنِّي جَاعِلُكَ لِلنَّاسِ إِمَامٗاۖ قَالَ وَمِن ذُرِّيَّتِيۖ قَالَ لَا يَنَالُ عَهۡدِي ٱلظَّٰلِمِينَ ١٢٤
Вот испытал Господь Ибрахима (Авраама) повелениями, и тот выполнил их. Он сказал: «Я сделаю тебя предводителем людей». Ибрахим (Авраам) сказал: «И из моего потомства». Аллах сказал: «Мой завет не коснется беззаконников».
স্মৰণ কৰা সেই সময়টোক, যেতিয়া আল্লাহে ইব্ৰাহীম আলাইহিছ ছালামক কিছুমান আদেশৰ দ্বাৰা পৰীক্ষা কৰিছিল। আৰু তেওঁ সেই আদেশ পালন কৰি সুকলমে সফলভাৱে উত্তীৰ্ণ হৈছিল। এতেকে আল্লাহে নবী ইব্ৰাহীমক কলেঃ মই আপোনাক আদৰ্শ বনাব বিচাৰো। যাতে মানুহে আপোনাৰ কাৰ্যকলাপ আৰু চৰিত্ৰৰ অনুকৰণ কৰিব পাৰে। ইব্ৰাহীম আলাইহিছ ছালামে কলেঃ হে মোৰ প্ৰতিপালক! মোৰ বংশধৰসকলৰ মাজৰো কিছুমানক আদৰ্শ বনাই দিবা যাতে মানুহে তেওঁলোকৰ অনুকৰণ কৰে। আল্লাহে তেওঁৰ উত্তৰ দি কৈছেঃ দ্বীনৰ নেতৃত্বৰ যি বচন আপোনাক দিয়া হৈছে, আপোনাৰ বংশধৰ সকলৰ অত্যাচাৰী ব্যক্তিসকল ইয়াৰ অন্তৰ্ভুক্ত নহয়।
2:125Страница 19
وَإِذۡ جَعَلۡنَا ٱلۡبَيۡتَ مَثَابَةٗ لِّلنَّاسِ وَأَمۡنٗا وَٱتَّخِذُواْ مِن مَّقَامِ إِبۡرَٰهِـۧمَ مُصَلّٗىۖ وَعَهِدۡنَآ إِلَىٰٓ إِبۡرَٰهِـۧمَ وَإِسۡمَٰعِيلَ أَن طَهِّرَا بَيۡتِيَ لِلطَّآئِفِينَ وَٱلۡعَٰكِفِينَ وَٱلرُّكَّعِ ٱلسُّجُودِ ١٢٥
Вот Мы сделали Дом (Каабу) пристанищем для людей и безопасным местом. Сделайте же место Ибрахима (Авраама) местом моления. Мы повелели Ибрахиму (Аврааму) и Исмаилу (Измаилу) очистить Мой Дом (Каабу) для совершающих обход, пребывающих, кланяющихся и падающих ниц.
স্মৰণ কৰা সেই সময়ক যেতিয়া আল্লাহে সন্মানিত কাবা ঘৰক মানুহৰ বাবে বাৰে বাৰে অহাৰ কেন্দ্ৰৰূপে স্বীকৃতি দিছিল; যাতে মানুহৰ অন্তৰ ইয়াৰ লগত জড়িত হৈ থাকে। যেতিয়াই তাৰ পৰা উভতি আহিব, তালৈ আকৌ যোৱাৰ মন যাব। লগতে সেই ঠাইক নিৰাপত্তাস্থল বনাইছিল, যাতে তাত কোনেও নিৰ্যাতিত হব নোৱাৰে। আৰু মানুহক কৈছিলঃ সেই শিলডোখৰ থকা স্থানটোক নামাজৰ ঠাই বনাই লোৱা, যিটোৰ ওপৰত থিয় হৈ ইব্ৰাহীম আলাইহিছ ছালামে কাবা ঘৰ নিৰ্মাণ কৰিছিল। তথা আমি ইব্ৰাহীম আৰু তেওঁৰ পুত্ৰ ইছমাঈল আলাইহিমাছ ছালামক আদেশ দি কৈছিলো যে, কাবা ঘৰক আৱৰ্জনামুক্ত আৰু মুৰ্ত্তিৰ পৰা পৱিত্ৰ ৰাখিবা লগতে তাৱাফ, এতেকাফ আৰু ছালাত আদি আদায়কাৰীসকলৰ বাবে সদায় প্ৰস্তুত ৰাখিবা।
2:126Страница 19
وَإِذۡ قَالَ إِبۡرَٰهِـۧمُ رَبِّ ٱجۡعَلۡ هَٰذَا بَلَدًا ءَامِنٗا وَٱرۡزُقۡ أَهۡلَهُۥ مِنَ ٱلثَّمَرَٰتِ مَنۡ ءَامَنَ مِنۡهُم بِٱللَّهِ وَٱلۡيَوۡمِ ٱلۡأٓخِرِۚ قَالَ وَمَن كَفَرَ فَأُمَتِّعُهُۥ قَلِيلٗا ثُمَّ أَضۡطَرُّهُۥٓ إِلَىٰ عَذَابِ ٱلنَّارِۖ وَبِئۡسَ ٱلۡمَصِيرُ ١٢٦
Вот сказал Ибрахим (Авраам): «Господи! Сделай этот город безопасным и надели плодами его жителей, которые уверовали в Аллаха и в Последний день». Он сказал: «А неверующим Я позволю пользоваться благами недолгое время, а затем заставлю их страдать в Огне. Как же скверно это место прибытия!».
হে নবী স্মৰণ কৰক, যেতিয়া ইব্ৰাহীম আলাইহিচ ছালামে নিজ প্ৰতিপালকৰ ওচৰত দুআ কৰি কৈছিলঃ হে মোৰ প্ৰতিপালক! তুমি মক্কা চহৰখনক নিৰাপদ চহৰ বনাই দিয়া। যাতে কোনেও কাৰো ওপৰত নিৰ্যাতন নকৰে। আৰু ইয়াৰ অধিবাসীসকলক বিভিন্ন প্ৰকাৰৰ ফল-মূলৰ জীৱিকা প্ৰদান কৰা আৰু এই জীৱিকা নিৰ্দিষ্ট কৰি দিয়া সেইসকল লোকৰ বাবে যিসকলে তোমাক বিশ্বাস কৰে আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ কৰে। তেতিয়া আল্লাহে কৈছিলঃ যিয়ে কুফৰী কৰিব তাকো মই অলপ সময়ৰ বাবে জীৱনোপভোগ কৰিবলৈ সুযোগ প্ৰদান কৰিম। কিন্তু আখিৰাতত মই তাক জুইৰ শাস্তি ভোগ কৰিবলৈ বাধ্য কৰাম। বৰ বেয়া আৱাসস্থল, য’ত সিহঁতে কিয়ামতৰ দিনা উভতি যাব।
2:127Страница 20
وَإِذۡ يَرۡفَعُ إِبۡرَٰهِـۧمُ ٱلۡقَوَاعِدَ مِنَ ٱلۡبَيۡتِ وَإِسۡمَٰعِيلُ رَبَّنَا تَقَبَّلۡ مِنَّآۖ إِنَّكَ أَنتَ ٱلسَّمِيعُ ٱلۡعَلِيمُ ١٢٧
Вот Ибрахим (Авраам) и Исмаил (Измаил) подняли основание Дома (Каабы): «Господь наш! Прими от нас! Воистину, Ты - Слышащий, Знающий.
তথা হে নবী! সেই সময়ক স্মৰণ কৰক, যেতিয়া ইব্ৰাহীম আৰু ইছমাঈল আলাইহিমাচ্ছালামে কাবা ঘৰৰ আধাৰশিলা নিৰ্মাণ কৰি আছিল। আৰু তেওঁলোকে বিনয়পূৰ্বক দুআ কৰি আছিল যে, হে আমাৰ প্ৰতিপালক! আমাৰ আমলসমূহ (ইয়াৰ ভিতৰত এই ঘৰৰ নিৰ্মাণ কাৰ্যও অন্তৰ্ভুক্ত) কবুল কৰা। নিশ্চয় তুমিয়ে আমাৰ দুআ শ্ৰৱণকাৰী। অৱশ্যে তুমি আমাৰ সংকল্প আৰু কৰ্ম সম্পৰ্কে সম্যক অৱগত।
2:128Страница 20
رَبَّنَا وَٱجۡعَلۡنَا مُسۡلِمَيۡنِ لَكَ وَمِن ذُرِّيَّتِنَآ أُمَّةٗ مُّسۡلِمَةٗ لَّكَ وَأَرِنَا مَنَاسِكَنَا وَتُبۡ عَلَيۡنَآۖ إِنَّكَ أَنتَ ٱلتَّوَّابُ ٱلرَّحِيمُ ١٢٨
Господь наш! Сделай нас покорившимися Тебе, а из нашего потомства - общину, покорившуюся Тебе. Покажи нам обряды поклонения и прими наше покаяние. Воистину, Ты - Принимающий покаяние, Милосердный.
হে আল্লাহ! তুমি আমাক তোমাৰ আদেশ পালনকাৰী আৰু তোমাৰ সন্মুখত শিৰ নতকাৰী বনাই দিয়া যাতে আমি তোমাৰ লগত কাকো অংশীদাৰ স্থাপন নকৰো। আৰু আমাৰ বংশধৰ সকলৰ পৰা তোমাৰ এটা অনুগত জাতি উত্থিত কৰা। আৰু আমাক তোমাৰ ইবাদত কৰাৰ পদ্ধতি শিকাই দিয়া, আৰু আমাৰ গুনাহসমূহ ক্ষমা কৰা, লগতে তোমাৰ আনুগত্যত হোৱা আমাৰ ভুল-ত্ৰুটিসমূহ মাৰ্জনা কৰা। নিশ্চয় তুমি তোমাৰ তাওবাকাৰী বান্দাসকলৰ তাওবা কবুল কৰা আৰু তেওঁলোকৰ ওপৰত তুমি কৃপা কৰা।
2:129Страница 20
رَبَّنَا وَٱبۡعَثۡ فِيهِمۡ رَسُولٗا مِّنۡهُمۡ يَتۡلُواْ عَلَيۡهِمۡ ءَايَٰتِكَ وَيُعَلِّمُهُمُ ٱلۡكِتَٰبَ وَٱلۡحِكۡمَةَ وَيُزَكِّيهِمۡۖ إِنَّكَ أَنتَ ٱلۡعَزِيزُ ٱلۡحَكِيمُ ١٢٩
Господь наш! Пошли к ним посланника из них самих, который прочтет им Твои аяты, научит их Писанию и мудрости и очистит их. Воистину, Ты - Могущественный, Мудрый».
হে আমাৰ প্ৰতিপালক! ইছমাঈলৰ বংশধৰ সকলৰ পৰা তেওঁলোকৰ মাজতেই এজন ৰাছুল প্ৰেৰণ কৰিবা। যিয়ে তোমাৰ অৱতীৰ্ণ কৰা আয়াতসমূহ তিলাৱত কৰি শুনাব আৰু তেওঁলোকক কোৰআন আৰু ছুন্নতৰ শিক্ষা প্ৰদান কৰিব। লগতে শিৰ্ক আৰু কুঃসংস্কাৰৰ পৰা পৱিত্ৰ কৰিব। নিশ্চয় তুমি পৰাক্ৰমশালী, প্ৰভূত্বশীল। নিজ কৰ্ম আৰু বিধানত প্ৰজ্ঞাৱান।
2:130Страница 20
وَمَن يَرۡغَبُ عَن مِّلَّةِ إِبۡرَٰهِـۧمَ إِلَّا مَن سَفِهَ نَفۡسَهُۥۚ وَلَقَدِ ٱصۡطَفَيۡنَٰهُ فِي ٱلدُّنۡيَاۖ وَإِنَّهُۥ فِي ٱلۡأٓخِرَةِ لَمِنَ ٱلصَّٰلِحِينَ ١٣٠
Кто же отвернется от религии Ибрахима (Авраама), кроме глупца? Мы избрали его в мирской жизни, а в Последней жизни он будет в числе праведников.
ইব্ৰাহীম আলাইহিছ ছালামৰ দ্বীনৰ পৰা বিমুখ হৈ আন কোনো ধৰ্মৰ পিনে কেৱল সেই ব্যক্তিয়েই আকৰ্ষিত হব পাৰে যিয়ে নিৰ্বোধতা আৰু মুৰ্খতাত পৰি সত্য পৰিত্যাগ কৰি পথভ্ৰষ্টতাক আঁকোৱালি লৈ নিজৰ ওপৰত অন্যায় কৰিছে আৰু নিজৰ বাবে অপমান স্বীকাৰ কৰিছে। নিশ্চয় আমি তেওঁক পৃথিৱীত ৰাছুল আৰু বন্ধু বনাইছিলো তথা আখিৰাতত তেওঁ সেই সকল পূণ্যৱান ব্যক্তিৰ অন্তৰ্ভুক্ত হব যিসকলে আল্লাহৰ আদেশ পালন কৰি উচ্চ স্থান প্ৰাপ্ত কৰিছে।
2:131Страница 20
إِذۡ قَالَ لَهُۥ رَبُّهُۥٓ أَسۡلِمۡۖ قَالَ أَسۡلَمۡتُ لِرَبِّ ٱلۡعَٰلَمِينَ ١٣١
Вот сказал Господь Ибрахиму (Аврааму): «Покорись!». Он сказал: «Я покорился Господу миров».
আল্লাহে তেওঁক নিৰ্বাচন কৰাৰ কাৰণ হৈছে, তেওঁ আজ্ঞাপালনত ততাতৈয়াকৈ অগ্ৰসৰ হৈছিল। যেতিয়া তেওঁৰ প্ৰতিপালকে তেওঁক কৈছিলঃ “নিৰ্ভেজালভাৱে কেৱল মোৰেই ইবাদত কৰা আৰু মোৰ আনগত্যত শিৰ নত কৰা”। তেওঁ নিজ প্ৰতিপালকক উত্তৰ দি কৈছিলঃ “মই বান্দাসকলৰ সৃষ্টিকৰ্তা আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰিলো যিজন তেওঁলোকৰ জীৱিকাদাতা লগতে তেওঁলোকৰ সকলো কৰ্মৰ নিয়ন্ত্ৰণকাৰী”।
2:132Страница 20
وَوَصَّىٰ بِهَآ إِبۡرَٰهِـۧمُ بَنِيهِ وَيَعۡقُوبُ يَٰبَنِيَّ إِنَّ ٱللَّهَ ٱصۡطَفَىٰ لَكُمُ ٱلدِّينَ فَلَا تَمُوتُنَّ إِلَّا وَأَنتُم مُّسۡلِمُونَ ١٣٢
Ибрахим (Авраам) и Йакуб (Иаков) заповедали это своим сыновьям. Йакуб (Иаков) сказал: «О сыновья мои! Аллах избрал для вас религию. И умирайте не иначе, как будучи мусульманами».
ইব্ৰাহীমে তেওঁৰ পুত্ৰসকলক এই বাক্যৰ উপদেশ দিছিলঃ (মই বিশ্বজগতৰ প্ৰতিপালকৰ ওচৰত আত্মসমৰ্পণ কৰিলো) এইদৰে ইয়াকূব আলাইহিছ ছালামেও তেওঁৰ পুত্ৰসকলক এই কথাৰেই উপদেশ দিছিল। উভয়ে নিজ নিজ পুত্ৰসকলক কৈছিলঃ আল্লাহে তোমালোকৰ বাবে ইছলামক দ্বীন হিচাপে নিৰ্বাচিত কৰিছে। এতেকে তোমালোকে মৃত্যু নোহোৱা লৈকে ইয়াক দৃঢ়ভাৱে ধাৰণ কৰা। যাতে তোমালোক প্ৰকাশ্য-অপ্ৰকাশ্য সকলো ক্ষেত্ৰতে আল্লাহৰ ওচৰত আত্মসমৰ্পণকাৰী হোৱা।
2:133Страница 20
أَمۡ كُنتُمۡ شُهَدَآءَ إِذۡ حَضَرَ يَعۡقُوبَ ٱلۡمَوۡتُ إِذۡ قَالَ لِبَنِيهِ مَا تَعۡبُدُونَ مِنۢ بَعۡدِيۖ قَالُواْ نَعۡبُدُ إِلَٰهَكَ وَإِلَٰهَ ءَابَآئِكَ إِبۡرَٰهِـۧمَ وَإِسۡمَٰعِيلَ وَإِسۡحَٰقَ إِلَٰهٗا وَٰحِدٗا وَنَحۡنُ لَهُۥ مُسۡلِمُونَ ١٣٣
Или же вы находились рядом, когда смерть явилась к Йакубу (Иакову)? Он сказал своим сыновьям: «Кому вы будете поклоняться после меня?». Они сказали: «Мы будем поклоняться твоему Богу и Богу твоих отцов - Ибрахима (Авраама), Исмаила (Измаила) и Исхака (Исаака), Единственному Богу. Ему одному мы покоряемся».
তোমালোকে সেই সময়ত উপস্থিত আছিলা নেকি যেতিয়া ইয়াকূব আলাইহিছ ছালাম মুমূৰ্ষু অৱস্থাত আছিল? যেতিয়া তেওঁ নিজ পুত্ৰসকলক কৈছিলঃ ‘মোৰ মৃত্যুৰ পিছত তোমালোকে কাৰ ইবাদত কৰিবা’? তেওঁলোকে তেওঁৰ প্ৰশ্নৰ উত্তৰ দি কৈছিলঃ ‘আমি আপোনাৰ উপাস্য আৰু আপোনাৰ পিতৃ-পুৰুষ ইব্ৰাহীম, ইছমাঈল আৰু ইছহাকৰ উপাস্যৰ ইবাদত কৰিম। একমাত্ৰ উপাস্য কেৱল তেৱেঁই। তেওঁৰ কোনো অংশীদাৰ নাই। আমি কেৱল তেওঁৰ ওচৰতেই আত্মসমৰ্পণ কৰোঁ আৰু তেওঁৰ সন্মুখতেই শিৰ নত কৰোঁ’।
2:134Страница 20
تِلۡكَ أُمَّةٞ قَدۡ خَلَتۡۖ لَهَا مَا كَسَبَتۡ وَلَكُم مَّا كَسَبۡتُمۡۖ وَلَا تُسۡـَٔلُونَ عَمَّا كَانُواْ يَعۡمَلُونَ ١٣٤
Этот народ уже миновал. Они получат то, что они заслужили, а вы получите то, что вы заслужили, и вы не будете спрошены о том, что они совершали.
সেয়া তোমালোকৰ পূৰ্বে অতিবাহিত হোৱা সম্প্ৰদায়সমূহৰ মাজৰ এটা সম্প্ৰদায় আছিল। তেওঁলোকে নিজৰ কৰ্ম সম্পন্ন কৰিছে। গতিকে ভাল হওঁক বেয়া হওঁক তেওঁলোকৰ কৰ্ম তেওঁলোকৰ, আৰু তোমালোকৰ কৰ্ম তোমালোকৰ। এতেকে তোমালোকক তেওঁলোকৰ কৰ্ম সম্পৰ্কে প্ৰশ্ন কৰা নহব; আৰু তেওঁলোককো তোমালোকৰ কৰ্ম সম্পৰ্কে প্ৰশ্ন কৰা নহব। আৰু কোনেও আনৰ গুনাহৰ বাবে জবাবদিহী নহব। প্ৰত্যেককে নিজৰ কৰ্মৰ প্ৰতিদান দিয়া হব। গতিকে অতিবাহিত হোৱা লোকৰ কৰ্মৰ পিছত লাগি কোনো লাভ নাই বৰং নিজৰ কৰ্মৰ প্ৰতি লক্ষ্য কৰা। কিয়নো আল্লাহৰ কৃপাৰ পিছত সত্কৰ্মৰ বাহিৰে একোৱেই কাকো উপকাৰ নকৰিব।
2:135Страница 21
وَقَالُواْ كُونُواْ هُودًا أَوۡ نَصَٰرَىٰ تَهۡتَدُواْۗ قُلۡ بَلۡ مِلَّةَ إِبۡرَٰهِـۧمَ حَنِيفٗاۖ وَمَا كَانَ مِنَ ٱلۡمُشۡرِكِينَ ١٣٥
Они сказали: «Обратитесь в иудаизм или христианство, и вы последуете прямым путем». Скажи: «Нет, в религию Ибрахима (Авраама), который был ханифом и не был одним из многобожников».
ইয়াহুদীসকলে মুছলিমসকলক কয়ঃ ইয়াহুদী হৈ যোৱা হিদায়তৰ পথ পাবা। আনহাতে খৃষ্টানসকলে কয়ঃ খৃষ্টান হৈ যোৱা, হিদায়ত প্ৰাপ্ত হবা। হে নবী! আপুনি সিহঁতক কৈ দিয়কঃ বৰং আমি কেৱল ইব্ৰাহীমৰ দ্বীনৰ অনুসৰণ কৰিম। যিয়ে সকলো অসত্য ধৰ্মৰ পৰা বিমুখ হৈ সত্য ধৰ্মক আঁকোৱালি লৈছিল আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল।
2:136Страница 21
قُولُوٓاْ ءَامَنَّا بِٱللَّهِ وَمَآ أُنزِلَ إِلَيۡنَا وَمَآ أُنزِلَ إِلَىٰٓ إِبۡرَٰهِـۧمَ وَإِسۡمَٰعِيلَ وَإِسۡحَٰقَ وَيَعۡقُوبَ وَٱلۡأَسۡبَاطِ وَمَآ أُوتِيَ مُوسَىٰ وَعِيسَىٰ وَمَآ أُوتِيَ ٱلنَّبِيُّونَ مِن رَّبِّهِمۡ لَا نُفَرِّقُ بَيۡنَ أَحَدٖ مِّنۡهُمۡ وَنَحۡنُ لَهُۥ مُسۡلِمُونَ ١٣٦
Скажите: «Мы уверовали в Аллаха, а также в то, что было ниспослано нам и что было ниспослано Ибрахиму (Аврааму), Исмаилу (Измаилу), Исхаку (Исааку), Йакубу (Иакову) и коленам (двенадцати сыновьям Йакуба), что было даровано Мусе (Моисею) и Исе (Иисусу) и что было даровано пророкам их Господом. Мы не делаем различий между ними, и Ему одному мы покоряемся».
হে ঈমান্দাৰসকল! এই অসত্য দাবী কৰা ইয়াহুদী আৰু খৃষ্টানসকলক কৈ দিয়কঃ আমি ঈমান আনিছো আল্লাহৰ প্ৰতি আৰু সেই কোৰআনৰ ওপৰত যিটো আমাৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে লগতে তাৰ ওপৰতো ঈমান আনিছো যিটো ইব্ৰাহীম আৰু তেওঁৰ পুত্ৰ ইছমাঈল, ইছহাক্ব আৰু ইয়াকূবৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছিল। এইদৰে আমি ঈমান আনিছো তাওৰাতৰ ওপৰত যিটো মূছাৰ প্ৰতি অৱতীৰ্ণ হৈছিল। আৰু ইঞ্জীলৰ ওপৰত যিটো ঈছাৰ প্ৰতি অৱতীৰ্ণ হৈছিল। লগতে সেই সকলো পুথিৰ ওপৰত যিবোৰ আন আন নবীসকলৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছিল। আমি তেওঁলোকৰ মাজত কোনো পাৰ্থক্য নকৰো যে, কিছুমানৰ প্ৰতি ঈমান আনিম আকৌ আন কিছুমানক অস্বীকাৰ কৰিম। বৰং আমি সকলো নবীৰ প্ৰতি ঈমান পোষণ কৰোঁ। আৰু একমাত্ৰ পৱিত্ৰ আল্লাহৰ আজ্ঞা পালন কৰো।
2:137Страница 21
فَإِنۡ ءَامَنُواْ بِمِثۡلِ مَآ ءَامَنتُم بِهِۦ فَقَدِ ٱهۡتَدَواْۖ وَّإِن تَوَلَّوۡاْ فَإِنَّمَا هُمۡ فِي شِقَاقٖۖ فَسَيَكۡفِيكَهُمُ ٱللَّهُۚ وَهُوَ ٱلسَّمِيعُ ٱلۡعَلِيمُ ١٣٧
Если они уверуют в то, во что уверовали вы, то последуют прямым путем. Если же они отвернутся, то окажутся в разладе с истиной. Аллах избавит тебя от них, ибо Он - Слышащий, Знающий.
এতেকে এতিয়া যদি ইয়াহুদী, খৃষ্টান আৰু আন আন কাফিৰসকল তোমালোকৰ দৰে ঈমান আনে তেন্তে সিহঁতে সেই পোন পথৰ হিদায়ত পাব যিটো আল্লাহে পছন্দ কৰে। কিন্তু যদি ঈমানৰ পৰা বিমুখ হয় লগতে সকলো অথবা কিছুমান নবীক অস্বীকাৰ কৰে তেন্তে জানি থোৱা! সিহঁত বিভেদ আৰু শত্ৰুতাত লিপ্ত হৈছে। এতেকে হে নবী! আপুনি চিন্তা নকৰিব। কিয়নো আল্লাহে আপোনাক সিহঁতৰ নিৰ্যাতনৰ পৰা বচাবলৈ আৰু সিহঁতৰ অন্যায়ৰ পৰা ৰক্ষা কৰিবলৈ তেওঁ অকলেই যথেষ্ট। তেওঁ সিহঁতৰ কথা শুনে আৰু সিহঁতৰ সংকল্প ও কৰ্ম সম্পৰ্কে সৰ্বজ্ঞ।
2:138Страница 21
صِبۡغَةَ ٱللَّهِ وَمَنۡ أَحۡسَنُ مِنَ ٱللَّهِ صِبۡغَةٗۖ وَنَحۡنُ لَهُۥ عَٰبِدُونَ ١٣٨
Скажи: «Такова религия Аллаха! А чья религия может быть лучше религии Аллаха? Ему одному мы поклоняемся».
আল্লাহৰ দ্বীনক বাহ্যিক আৰু আভ্যন্তৰীণভাৱে গ্ৰহণ কৰা। আল্লাহৰ দ্বীনতকৈ সুন্দৰ আন কোনো দ্বীন নাই। এইটো প্ৰকৃতিৰ অনুকূল, লাভপ্ৰদ আৰু ক্ষতিৰ পৰা ৰক্ষাকাৰী দ্বীন। সিহঁতক কৈ দিয়া যে, আমি কেৱল এক আল্লাহৰ ইবাদত কৰো তাৰ লগত আন কাকো অংশী নকৰো।
Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии