Аль-МухтасарАль‑Бакара · 2:226–252

Аль-Мухтасар · Тафсир · на ассамском

Аль-Бакара 2:226–252

2:226Страница 36

لِّلَّذِينَ يُؤۡلُونَ مِن نِّسَآئِهِمۡ تَرَبُّصُ أَرۡبَعَةِ أَشۡهُرٖۖ فَإِن فَآءُو فَإِنَّ ٱللَّهَ غَفُورٞ رَّحِيمٞ ٢٢٦

Те, которые поклялись не вступать в половую близость со своими женами, должны выжидать четыре месяца. И если они передумают, то ведь Аллах - Прощающий, Милосердный.

যিসকলে নিজৰ স্ত্ৰীৰ লগত সহবাস নকৰাৰ শপত খায়, সিহঁতে শপত খোৱাৰ পিছৰ পৰা অধিকতম চাৰি মাহ লৈকে প্ৰতীক্ষা কৰিব পাৰিব। ইয়াকে ঈলা বুলি কয়। যদি সিহঁতে সহবাস নকৰাৰ শপত খোৱাৰ পিছত চাৰি মাহৰ ভিতৰতে শপত উঠায় লয় আৰু স্ত্ৰীৰ লগত সহবাস কৰে তেন্তে আল্লাহ ক্ষমাশীল। সিহঁতক ক্ষমা কৰি দিব আৰু তেওঁ সিহঁতৰ ওপৰত স্নেহশীল, সেই কাৰণে তেওঁ এই শপতৰ পৰা ওলাবলৈ কাফফাৰাৰ দৰে পথ সুলভ কৰি দিছে।

2:227Страница 36

وَإِنۡ عَزَمُواْ ٱلطَّلَٰقَ فَإِنَّ ٱللَّهَ سَمِيعٌ عَلِيمٞ ٢٢٧

Если же они решат развестись, то ведь Аллах - Слышащий, Знающий.

তথা যদি সহবাস নকৰাৰ শপতৰ ওপৰত অটল থাকি তালাকৰ দৃঢ় সংকল্প লয় আৰু প্ৰত্যাৱৰ্তন নকৰে তেন্তে আল্লাহে নিশ্চয় সিহঁতৰ কথা শুনে, ইয়াৰ ভিতৰত তালাকৰ কথাও অন্তৰ্ভুক্ত আছে। নিশ্চয় তেওঁ সিহঁতৰ অৱস্থা আৰু উদ্দেশ্য সম্পৰ্কেও সম্যক অৱগত। আৰু সিহঁতক ইয়াৰ প্ৰতিদানো দিব।

2:228Страница 36

وَٱلۡمُطَلَّقَٰتُ يَتَرَبَّصۡنَ بِأَنفُسِهِنَّ ثَلَٰثَةَ قُرُوٓءٖۚ وَلَا يَحِلُّ لَهُنَّ أَن يَكۡتُمۡنَ مَا خَلَقَ ٱللَّهُ فِيٓ أَرۡحَامِهِنَّ إِن كُنَّ يُؤۡمِنَّ بِٱللَّهِ وَٱلۡيَوۡمِ ٱلۡأٓخِرِۚ وَبُعُولَتُهُنَّ أَحَقُّ بِرَدِّهِنَّ فِي ذَٰلِكَ إِنۡ أَرَادُوٓاْ إِصۡلَٰحٗاۚ وَلَهُنَّ مِثۡلُ ٱلَّذِي عَلَيۡهِنَّ بِٱلۡمَعۡرُوفِۚ وَلِلرِّجَالِ عَلَيۡهِنَّ دَرَجَةٞۗ وَٱللَّهُ عَزِيزٌ حَكِيمٌ ٢٢٨

Разведенные женщины должны выжидать в течение трех менструаций. Не позволительно им скрывать то, что сотворил Аллах в их утробах, если они веруют в Аллаха и в Последний день. Мужья в течение этого периода имеют право вернуть их, если захотят примирения. Жены имеют такие же права, как и обязанности, и относиться к ним следует по-доброму, но мужья выше их по положению. Аллах - Могущественный, Мудрый.

তালাকপ্ৰাপ্তা নাৰীয়ে তিনিটা হায়েজ লৈকে অপেক্ষা কৰিব, এই সময়ছোৱাত সিহঁতে বিবাহ পাশত আৱদ্ধ হব নোৱাৰিব। লগতে সিহঁতে যদি সঁচাই আল্লাহ আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰিছে তেন্তে সিহঁতৰ গৰ্ভাশয়ত আল্লাহে যি সৃষ্টি কৰিছে সেয়া গোপন কৰা সিহঁতৰ বাবে বৈধ নহয়। কিন্তু যদি তালাক প্ৰদান কৰা স্বামীয়ে মুহাব্বতৰ সৈতে আকৌ জীৱন-যাপন কৰিব বিচাৰে লগতে তালাকৰ কাৰণে সৃষ্টি হোৱা মতভেদ দূৰ কৰিব বিচাৰে তেন্তে সিহঁত ইদ্দতৰ ভিতৰতে ওভোতাই লোৱাৰ বেছি হকদাৰ। সমাজত প্ৰচলিত নিয়মানুসাৰে মহিলাসকলৰো সিমানেই অধিকাৰ আছে যিমান অধিকাৰ স্বামীৰ আছে। কিন্তু মহিলাসকলৰ ওপৰত পুৰুষসকলক এটা ধাপ বেছি প্ৰাধান্য দিয়া হৈছে। যেনে- পৰিচালনা আৰু তালাকৰ অধিকাৰ। আল্লাহ মহাপ্ৰতাপশালী, তেওঁক কোনেও অপাৰগ কৰিব নোৱাৰে। তেওঁ চৰীয়ত প্ৰস্তুত আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত প্ৰজ্ঞৱান।

2:229Страница 36

ٱلطَّلَٰقُ مَرَّتَانِۖ فَإِمۡسَاكُۢ بِمَعۡرُوفٍ أَوۡ تَسۡرِيحُۢ بِإِحۡسَٰنٖۗ وَلَا يَحِلُّ لَكُمۡ أَن تَأۡخُذُواْ مِمَّآ ءَاتَيۡتُمُوهُنَّ شَيۡـًٔا إِلَّآ أَن يَخَافَآ أَلَّا يُقِيمَا حُدُودَ ٱللَّهِۖ فَإِنۡ خِفۡتُمۡ أَلَّا يُقِيمَا حُدُودَ ٱللَّهِ فَلَا جُنَاحَ عَلَيۡهِمَا فِيمَا ٱفۡتَدَتۡ بِهِۦۗ تِلۡكَ حُدُودُ ٱللَّهِ فَلَا تَعۡتَدُوهَاۚ وَمَن يَتَعَدَّ حُدُودَ ٱللَّهِ فَأُوْلَٰٓئِكَ هُمُ ٱلظَّٰلِمُونَ ٢٢٩

Развод допускается дважды, после чего надо либо удержать жену на разумных условиях, либо отпустить ее по-доброму. Вам не дозволено брать что-либо из дарованного им, если только у обеих сторон нет опасения, что они не смогут соблюсти ограничения Аллаха. И если вы опасаетесь, что они не смогут соблюсти ограничения Аллаха, то они оба не совершат греха, если она выкупит развод. Таковы ограничения Аллаха, не преступайте же их. А те, которые преступают ограничения Аллаха, являются беззаконниками.

এনেকুৱা তালাক যি তালাকৰ পিছত স্বামীয়ে স্ত্ৰীক ওভোতাই লব পাৰে সেয়া দুই প্ৰকাৰ। ইয়াৰ পদ্ধতি হৈছে, এবাৰ তালাক দিয়াৰ পিছত ওভোতাই লোৱা, তাৰ পিছত আকৌ তালাক দিয়াৰ পিছত আকৌ ওভোতাই লোৱা। দুটা তালাকৰ পিছত (সমাজত প্ৰচলিত) নিয়মানুসাৰে জীৱন-যাপন কৰিবলৈ বিবাহ অটল ৰাখিব অথবা তাইৰ লগত ভাল ব্যৱহাৰ কৰি আৰু তাইৰ অধিকাৰ আদায় কৰি তৃতীয় তালাক দি দিব। তথা স্ত্ৰীক দিয়া মোহৰৰ পৰা স্বামীয়ে একো ওভোতাই লোৱা বৈধ নহয়। কিন্তু যদি স্ত্ৰীয়ে স্বামীক ব্যৱহাৰ আৰু আকাৰ আকৃতিৰ কাৰণে অপছন্দ কৰে আৰু উভয়ে যদি ভাৱে যে, এই অপছন্দৰ কাৰণে সিহঁতে ইজনে সিজনৰ অধিকাৰ আদায় কৰিব নোৱাৰিব তেন্তে উভয়ে এই বিষয়টো কোনো আত্মীয় অথবা কোনো দায়িত্বশীল ব্যক্তিৰ ওচৰত ব্যক্তি কৰা উচিত, ইয়াৰ পিছত যদি সিহঁতৰ অভিভাৱকে আশংকা কৰে যে, দুয়ো বৈবাহিক জীৱনৰ দায়িত্ব বহন কৰিব নোৱাৰিব। তেনে অৱস্থাত স্ত্ৰীয়ে স্বামীক তালাকৰ বিনিময়ত কিবা মূল্য প্ৰদান কৰি খুলা লব পাৰে। এই চৰীয়তি বিধানটো, হালাল আৰু হাৰামৰ মাজত পাৰ্থক্যকাৰী, সেয়ে ইয়াক উলংঘন নকৰিবা। যিসকলে হালাল আৰু হাৰামৰ মাজত আল্লাহে প্ৰতিষ্ঠা কৰা সীমা অতিক্ৰম কৰিব, সিহঁতেই নিজৰ প্ৰাণ নাশ কৰাৰ আৰু আল্লাহৰ ক্ৰোধ ও শাস্তিৰ অংশীদাৰ হোৱাৰ ক্ষেত্ৰত নিজৰ ওপৰত অন্যায় কৰে।

2:230Страница 36

فَإِن طَلَّقَهَا فَلَا تَحِلُّ لَهُۥ مِنۢ بَعۡدُ حَتَّىٰ تَنكِحَ زَوۡجًا غَيۡرَهُۥۗ فَإِن طَلَّقَهَا فَلَا جُنَاحَ عَلَيۡهِمَآ أَن يَتَرَاجَعَآ إِن ظَنَّآ أَن يُقِيمَا حُدُودَ ٱللَّهِۗ وَتِلۡكَ حُدُودُ ٱللَّهِ يُبَيِّنُهَا لِقَوۡمٖ يَعۡلَمُونَ ٢٣٠

Если он развелся с ней в третий раз, то ему не дозволено жениться на ней, пока она не выйдет замуж за другого. И если тот разведется с ней, то они не совершат греха, если воссоединятся, полагая, что они смогут соблюсти ограничения Аллаха. Таковы ограничения Аллаха. Он разъясняет их для людей знающих.

যদি তাইৰ স্বামীয়ে তাইক তৃতীয় তালাক দি দিয়ে, তেন্তে এই স্বামীৰ বাবে নতুনকৈ তাইক বিবাহ কৰা বৈধ নহয়। যেতিয়ালৈকে এই মহিলাই কোনো আন পুৰুষৰ লগত জীৱন-যাপন কৰাৰ উদ্দেশ্যে সঠিক বিবাহ নকৰিব। কিন্তু এই বিবাহ প্ৰথম স্বামীৰ বাবে হালাল হোৱাৰ উদ্দেশ্যে নহয়। লগতে এই বিবাহৰ পিছত সহবাস কৰাটো জৰুৰী। ইয়াৰ পিছত যদি দ্বিতীয় স্বামীয়ে তালাক দিয়ে অথবা সি মৃত্যুবৰণ কৰে, আনহাতে এই মহিলা আৰু তাইৰ প্ৰথম স্বামীয়ে যদি ভাৱে যে, সিহঁতে চৰীয়তি নিয়ম-কানূন পালন কৰি জীৱন-যাপন কৰিব পাৰিব তেন্তে দুয়ো নতুন মোহৰৰ সৈতে নতুনকৈ বিবাহ কৰাত কোনো আপত্তি নাই। এইবোৰ চৰীয়তি বিধান, যিবোৰ আল্লাহে সেইসকল লোকৰ বাবে বৰ্ণনা কৰে, যিসকলে তেওঁৰ বিধান আৰু সীমা সম্পৰ্কে জানে, কিয়নো তেওঁলোকেই ইয়াৰ পৰা উপকৃত হয়।

2:231Страница 37

وَإِذَا طَلَّقۡتُمُ ٱلنِّسَآءَ فَبَلَغۡنَ أَجَلَهُنَّ فَأَمۡسِكُوهُنَّ بِمَعۡرُوفٍ أَوۡ سَرِّحُوهُنَّ بِمَعۡرُوفٖۚ وَلَا تُمۡسِكُوهُنَّ ضِرَارٗا لِّتَعۡتَدُواْۚ وَمَن يَفۡعَلۡ ذَٰلِكَ فَقَدۡ ظَلَمَ نَفۡسَهُۥۚ وَلَا تَتَّخِذُوٓاْ ءَايَٰتِ ٱللَّهِ هُزُوٗاۚ وَٱذۡكُرُواْ نِعۡمَتَ ٱللَّهِ عَلَيۡكُمۡ وَمَآ أَنزَلَ عَلَيۡكُم مِّنَ ٱلۡكِتَٰبِ وَٱلۡحِكۡمَةِ يَعِظُكُم بِهِۦۚ وَٱتَّقُواْ ٱللَّهَ وَٱعۡلَمُوٓاْ أَنَّ ٱللَّهَ بِكُلِّ شَيۡءٍ عَلِيمٞ ٢٣١

Если вы развелись с вашими женами, и они выждали положенный им срок, то либо удержите их на разумных условиях, либо отпустите их на разумных условиях. Но не удерживайте их, чтобы навредить им и преступить границы дозволенного. А кто поступит так, тот поступит несправедливо по отношению к самому себе. Не считайте знамения Аллаха шуткой. Помните милость, которую Аллах оказал вам, а также то, что Он ниспослал вам из Писания и мудрости, чтобы увещевать вас. Бойтесь Аллаха и знайте, что Аллах ведает о всякой вещи.

যেতিয়া তোমালোকে নিজৰ স্ত্ৰীক তালাক দিয়া আৰু সিহঁতৰ ইদ্দত শেষ হোৱাৰ উপক্ৰম হয় তেতিয়া তোমালোকে ইচ্ছা কৰিলে তাইক ৰাখিব পাৰা অথবা ইদ্দত শেষ হোৱাৰ পাছত (সমাজত প্ৰচলিত) নিয়মানুসাৰে এৰি দিব পাৰা। সিহঁতক অন্যায়-অত্যাচাৰ কৰাৰ উদ্দেশ্যে ওভোতাই নলবা, যিদৰে অজ্ঞতা যুগত কৰা হৈছে। যিয়ে সিহঁতক ক্ষতি কৰাৰ উদ্দেশ্যে ওভোতাই লব সি নিজকে গুনাহ আৰু শাস্তিৰ হকদাৰ বনাই নিজৰে অন্যায় কৰিব। আল্লাহৰ আয়াতসমূহৰ লগত ঠাট্টা-বিদ্ৰূপ আৰু ধেমালি কৰাৰ সাহস নেদেখুৱাবা। লগতে আল্লাহৰ নিয়ামতসমূহ স্মৰণ কৰা, আৰু তেওঁৰ নিয়ামতসমূহৰ অন্যতম হৈছে, তেওঁ তোমালোকৰ প্ৰতি কোৰআন আৰু ছুন্নত অৱতীৰ্ণ কৰিছে। ইয়াৰ দ্বাৰা আল্লাহে তোমালোকক উপদেশ দিয়ে, কেতিয়াবা সতৰ্ক কৰে আকৌ কেতিয়াবা প্ৰেৰণা প্ৰদান কৰে। এতেকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি কেৱল তেওঁকেই ভয় কৰা; আৰু জানি থোৱা! নিশ্চয় আল্লাহ প্ৰত্যেক বস্তু সম্পৰ্কে সম্যক আৱগত। কোনো বস্তু তেওঁৰ পৰা গোপন নহয়। অনতিপলমে তেওঁ তোমালোকৰ আমলৰ প্ৰতিদান দিব।

2:232Страница 37

وَإِذَا طَلَّقۡتُمُ ٱلنِّسَآءَ فَبَلَغۡنَ أَجَلَهُنَّ فَلَا تَعۡضُلُوهُنَّ أَن يَنكِحۡنَ أَزۡوَٰجَهُنَّ إِذَا تَرَٰضَوۡاْ بَيۡنَهُم بِٱلۡمَعۡرُوفِۗ ذَٰلِكَ يُوعَظُ بِهِۦ مَن كَانَ مِنكُمۡ يُؤۡمِنُ بِٱللَّهِ وَٱلۡيَوۡمِ ٱلۡأٓخِرِۗ ذَٰلِكُمۡ أَزۡكَىٰ لَكُمۡ وَأَطۡهَرُۚ وَٱللَّهُ يَعۡلَمُ وَأَنتُمۡ لَا تَعۡلَمُونَ ٢٣٢

Если вы развелись с вашими женами, и они выждали положенный им срок, то не мешайте им выходить замуж за своих прежних мужей, если они договорились друг с другом на разумных условиях. Таково назидание тому из вас, кто верует в Аллаха и в Последний день. Так будет лучше и чище для вас. Аллах знает, а вы не знаете.

যেতিয়া তোমালোকে নিজৰ স্ত্ৰীক তিনিটাতকৈ কম তালাক দিয়া আৰু সিহঁতে ইদ্দতৰ সময় সম্পূৰ্ণ কৰে; তাৰ পাছত সিহঁতে যদি আকৌ নতুনকৈ বিবাহ পাতি স্বামীৰ ওচৰত পুনৰ উভতি যাব বিচাৰে লগতে স্বামী স্ত্ৰী উভয়ে যদি এই সিদ্ধান্তত সহমত পোষণ কৰে তেন্তে অভিভাৱকসকলে এনে কৰাত বাধা দিয়া উচিত নহয়। এই আদেশ সেইসকল অভিভাৱকক দিয়া হৈছে যিসকলে আল্লাহ আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে। এনে কৰিলে তোমালোকৰ মাজত সত্কৰ্ম বৃদ্ধি পাব লগতে তোমালোকৰ সন্মান আৰু আমল অধিক পৱিত্ৰ থাকিব। নিশ্চয় আল্লাহ সকলো কৰ্মৰ বাস্তৱতা আৰু পৰিণাম সম্পৰ্কে অৱগত, আনহাতে তোমালোকে এই বিষয়ে একো নাজানা।

2:233Страница 37

۞ وَٱلۡوَٰلِدَٰتُ يُرۡضِعۡنَ أَوۡلَٰدَهُنَّ حَوۡلَيۡنِ كَامِلَيۡنِۖ لِمَنۡ أَرَادَ أَن يُتِمَّ ٱلرَّضَاعَةَۚ وَعَلَى ٱلۡمَوۡلُودِ لَهُۥ رِزۡقُهُنَّ وَكِسۡوَتُهُنَّ بِٱلۡمَعۡرُوفِۚ لَا تُكَلَّفُ نَفۡسٌ إِلَّا وُسۡعَهَاۚ لَا تُضَآرَّ وَٰلِدَةُۢ بِوَلَدِهَا وَلَا مَوۡلُودٞ لَّهُۥ بِوَلَدِهِۦۚ وَعَلَى ٱلۡوَارِثِ مِثۡلُ ذَٰلِكَۗ فَإِنۡ أَرَادَا فِصَالًا عَن تَرَاضٖ مِّنۡهُمَا وَتَشَاوُرٖ فَلَا جُنَاحَ عَلَيۡهِمَاۗ وَإِنۡ أَرَدتُّمۡ أَن تَسۡتَرۡضِعُوٓاْ أَوۡلَٰدَكُمۡ فَلَا جُنَاحَ عَلَيۡكُمۡ إِذَا سَلَّمۡتُم مَّآ ءَاتَيۡتُم بِٱلۡمَعۡرُوفِۗ وَٱتَّقُواْ ٱللَّهَ وَٱعۡلَمُوٓاْ أَنَّ ٱللَّهَ بِمَا تَعۡمَلُونَ بَصِيرٞ ٢٣٣

Матери должны кормить своих детей грудью два полных года, если они хотят довести кормление грудью до конца. А тот, у кого родился ребенок, должен обеспечивать питание и одежду матери на разумных условиях. Ни на одного человека не возлагается сверх его возможностей. Нельзя причинять вред матери за ее ребенка, а также отцу за его ребенка. Такие же обязанности возлагаются на наследника отца. Если они пожелают отнять ребенка от груди по взаимному согласию и совету, то не совершат греха. И если вы пожелаете нанять кормилицу для ваших детей, то не совершите греха, если вы заплатите ей на разумных условиях. Бойтесь Аллаха и знайте, что Аллах видит то, что вы совершаете.

মাতৃসকলে নিজৰ সন্তানক সম্পূৰ্ণ দুবছৰ গাখীৰ খোৱাব। দুবছৰৰ এই সময় সীমা সেই ব্যক্তিৰ বাবে, যিয়ে গাখীৰ খোৱাৰ ম্যাদ সম্পূৰ্ণ কৰিব বিচাৰে। তালাকপ্ৰাপ্তা মাকক গাখীৰ পান কৰোৱাৰ বিনিময়ত শিশুৰ পিতৃয়ে প্ৰচলিত নিয়মানুসাৰে খৰচ বহন কৰিব লাগিব, এনেকুৱা নিয়ম যিটো চৰীয়ত বিৰোধী নহয়। আল্লাহে কোনো ব্যক্তিৰ ওপৰত তাৰ সাধ্যাতীত কোনো বোজা অৰ্পন নকৰে। পিতৃ-মাতৃয়ে শিশুক ইজনে সিজনক আঘাত দিয়াৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা উচিত নহয়। আৰু যদি পিতৃ নাথাকে আৰু শিশুৰ ওচৰত সম্পত্তিও নাথাকে তেন্তে শিশুৰ উত্তৰাধিকাৰীসকলৰ ওপৰতো সিমানেই অধিকাৰ আছে যিমান পিতৃৰ ওপৰত আছে। যদি পিতৃ-মাতৃ উভয়ে দুবছৰত গাখীৰ এৰোৱাব খোজে লগতে উভয়ে শিশুৰ উপকাৰ সন্মুখত ৰাখি পৰামৰ্শ কৰাৰ পিছত এই নিৰ্ণয় লয় তেন্তে সিহঁতৰ কোনো গুনাহ নহব। আৰু যদি তোমালোকে নিজৰ শিশুৰ বাবে মাকৰ বাহিৰে আন কোনো ধাত্ৰীৰ জৰিয়তে স্তন পান কৰোৱাব বিচৰা তেন্তে তোমালোকৰ কোনো গুনাহ নহয়, যদি তোমালোকে ধাত্ৰীক তাইৰ পাৰিশ্ৰমিক সুকলমে আদায় দিয়া। এতেকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি কেৱল তেওঁকেই ভয় কৰা; আৰু জানি থোৱা! নিশ্চয় আল্লাহ তোমালোকৰ আমল সম্পৰ্কে সম্যক অৱগত। তোমালোকৰ কোনো আমল তেওঁৰ পৰা গোপন নহয়। অনতিপলমে তেওঁ তোমালোকৰ আমলৰ প্ৰতিদান দিব।

2:234Страница 38

وَٱلَّذِينَ يُتَوَفَّوۡنَ مِنكُمۡ وَيَذَرُونَ أَزۡوَٰجٗا يَتَرَبَّصۡنَ بِأَنفُسِهِنَّ أَرۡبَعَةَ أَشۡهُرٖ وَعَشۡرٗاۖ فَإِذَا بَلَغۡنَ أَجَلَهُنَّ فَلَا جُنَاحَ عَلَيۡكُمۡ فِيمَا فَعَلۡنَ فِيٓ أَنفُسِهِنَّ بِٱلۡمَعۡرُوفِۗ وَٱللَّهُ بِمَا تَعۡمَلُونَ خَبِيرٞ ٢٣٤

Если кто-либо из вас скончается и оставит после себя жен, то они должны выжидать четыре месяца и десять дней. Когда же они дождутся истечения положенного им срока, то на вас не будет греха, если они распорядятся собой разумным образом. Аллах ведает о том, что вы совершаете.

যিসকলে স্ত্ৰী থৈ মৃত্যুবৰণ কৰে, আৰু স্ত্ৰী যদি গৰ্ভ অৱস্থাত নাথাকে তেন্তে এনেকুৱা স্ত্ৰীয়ে অনিবাৰ্যৰূপে চাৰি মাহ দহ দিন ইদ্দত পালন কৰিব লাগিব। এই সময়ছোৱাত তাই স্বামীৰ ঘৰৰ পৰা ওলাব নোৱাৰিব আৰু সৌন্দৰ্যময় বস্তু ব্যৱহাৰ নকৰিব লগতে বিবাহো কৰিব নোৱাৰিব। হে অভিভাৱকসকল! এই সময়ছোৱা শেষ হোৱাৰ পিছত সিহঁতৰ ওপৰত যিবোৰ কৰ্ম নিষেধ আছিল সেয়া কৰিলে তোমালোকৰ কোনো গুনাহ নহয়। কিন্তু উক্ত কৰ্মবোৰ চৰীয়ত তথা সমাজৰ দৃষ্টিত ভাল কৰ্ম বুলি বিবেচিত হব লাগিব। নিশ্চয় আল্লাহ তোমালোকৰ কৰ্ম সম্পৰ্কে সম্যক অৱগত, তেওঁৰ পৰা কোনো বস্তু গোপন নহয়। আৰু তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।

2:235Страница 38

وَلَا جُنَاحَ عَلَيۡكُمۡ فِيمَا عَرَّضۡتُم بِهِۦ مِنۡ خِطۡبَةِ ٱلنِّسَآءِ أَوۡ أَكۡنَنتُمۡ فِيٓ أَنفُسِكُمۡۚ عَلِمَ ٱللَّهُ أَنَّكُمۡ سَتَذۡكُرُونَهُنَّ وَلَٰكِن لَّا تُوَاعِدُوهُنَّ سِرًّا إِلَّآ أَن تَقُولُواْ قَوۡلٗا مَّعۡرُوفٗاۚ وَلَا تَعۡزِمُواْ عُقۡدَةَ ٱلنِّكَاحِ حَتَّىٰ يَبۡلُغَ ٱلۡكِتَٰبُ أَجَلَهُۥۚ وَٱعۡلَمُوٓاْ أَنَّ ٱللَّهَ يَعۡلَمُ مَا فِيٓ أَنفُسِكُمۡ فَٱحۡذَرُوهُۚ وَٱعۡلَمُوٓاْ أَنَّ ٱللَّهَ غَفُورٌ حَلِيمٞ ٢٣٥

На вас не будет греха, если вы намекнете о сватовстве к женщинам или утаите это в душе. Аллах знает, что вы будете вспоминать о них. Не давайте им тайных обещаний и говорите только достойные слова. Не принимайте решение вступить в брак, пока не истечет предписанный срок. Знайте, что Аллаху известно о том, что в ваших душах. Остерегайтесь Его и знайте, что Аллах - Прощающий, Выдержанный.

যাৰ স্বামী মৃত্যুবৰণ কৰিছে অথবা যিয়ে তালাক বাইন প্ৰাপ্তা হৈছে তাইৰ ওচৰত সংকেতৰ জৰিয়তে বিবাহৰ ইচ্ছা প্ৰকাশ কৰাত তোমালোকৰ কোনো গুনাহ নহয় কিন্তু স্পষ্টভাৱে প্ৰকাশ কৰা নিষেধ। যেনে- এইদৰে কোৱা যে, যেতিয়া তোমাৰ ইদ্দত শেষ হব তেতিয়া মোক জনাবা। এইদৰে ইদ্দত পালনকাৰী স্ত্ৰীৰ ইদ্দত পূৰণ হোৱাৰ পিছত বিবাহৰ ইচ্ছা মনত পুহি ৰখাটোও কোনো দোষণীয় নহয়। আল্লাহে জানে যে, তাইক পোৱাৰ বাবে নিশ্চয় তোমালোকৰ মনত প্ৰতিচ্ছবি ভাহিঁ উঠিব। এতেকে আল্লাহে স্পষ্টভাৱে নহলেও ইঙ্গিতেৰে ইচ্ছা প্ৰকাশ কৰাৰ অনুমতি দিছে। কিন্তু ইদ্দতৰ সময়ছোৱাত গোপনে সাক্ষাৎ কৰি বিবাহৰ প্ৰতিশ্ৰুতি দিয়াৰ পৰা বিৰত থাকা। অথচ সৎভাৱে অৰ্থাৎ ইঙ্গিতেৰে বিবাহৰ প্ৰস্তাৱ দিয়াত কোনো ক্ষতি নাই, কিন্তু ইদ্দতৰ সময়ত বিবাহৰ বিষয়টো নিশ্চিত নকৰিবা। জানি থোৱা! আল্লাহে তোমালোকৰ অন্তৰৰ ভাল বেয়া সকলো বিষয় জানে। গতিকে তেওঁক ভয় কৰা, আৰু তেওঁৰ আদেশ উলঙ্ঘা নকৰিবা। জানি থোৱা! আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল আৰু সহনশীল, তেওঁ শাস্তি প্ৰদানত খৰধৰ নকৰে।

2:236Страница 38

لَّا جُنَاحَ عَلَيۡكُمۡ إِن طَلَّقۡتُمُ ٱلنِّسَآءَ مَا لَمۡ تَمَسُّوهُنَّ أَوۡ تَفۡرِضُواْ لَهُنَّ فَرِيضَةٗۚ وَمَتِّعُوهُنَّ عَلَى ٱلۡمُوسِعِ قَدَرُهُۥ وَعَلَى ٱلۡمُقۡتِرِ قَدَرُهُۥ مَتَٰعَۢا بِٱلۡمَعۡرُوفِۖ حَقًّا عَلَى ٱلۡمُحۡسِنِينَ ٢٣٦

На вас не будет греха, если вы разведетесь с женами, не коснувшись их и не установив для них обязательное вознаграждение (брачный дар). Одарите их разумным образом, и пусть богатый поступит по мере своих возможностей, а бедный - по мере своих. Такова обязанность творящих добро.

যদি তোমালোকে বিবাহ কৰাৰ পিছত সহবাস আৰু মোহৰানা নিৰ্ধাৰণ কৰাৰ আগতে স্ত্ৰীক তালাক দিয়া, তেন্তে কোনো গুনাহ নাই। লগতে এনে অৱস্থাত তালাক্ব দিলে তোমালোকৰ ওপৰত মোহৰানা ওৱাজিব নহব। কিন্তু স্বামী ধনী হওঁক অথবা দৰিদ্ৰ নিজৰ সামৰ্থ অনুযায়ী তাইক কিবা কিবি দিব লাগিব, যাতে তাই উপকৃত হয় আৰু অন্তৰক বুজনি দিব পাৰে। এই দান সত্কৰ্মকাৰীসকলৰ বাবে এটা কৰ্তব্য, যিসকলে নিজৰ কৰ্ম আৰু লেনদেনত সততা অৱলম্বন কৰে।

2:237Страница 38

وَإِن طَلَّقۡتُمُوهُنَّ مِن قَبۡلِ أَن تَمَسُّوهُنَّ وَقَدۡ فَرَضۡتُمۡ لَهُنَّ فَرِيضَةٗ فَنِصۡفُ مَا فَرَضۡتُمۡ إِلَّآ أَن يَعۡفُونَ أَوۡ يَعۡفُوَاْ ٱلَّذِي بِيَدِهِۦ عُقۡدَةُ ٱلنِّكَاحِۚ وَأَن تَعۡفُوٓاْ أَقۡرَبُ لِلتَّقۡوَىٰۚ وَلَا تَنسَوُاْ ٱلۡفَضۡلَ بَيۡنَكُمۡۚ إِنَّ ٱللَّهَ بِمَا تَعۡمَلُونَ بَصِيرٌ ٢٣٧

Если же вы разведетесь с ними до того, как коснулись их, но после того, как установили обязательное вознаграждение (брачный дар), то отдайте им половину его, если только они не простят или не простит тот, в чьих руках брачное соглашение. Если вы простите, то это будет ближе к богобоязненности. Не забывайте оказывать милость друг к другу. Воистину, Аллах видит то, что вы совершаете.

যদি তোমালোকে সহবাস কৰাৰ আগতে স্ত্ৰীক তালাক্ব দিয়া আৰু তোমালোকে সিহঁতৰ বাবে দিবলগীয়া মোহৰানা নিৰ্ধাৰণো কৰিছা তেন্তে নিৰ্ধাৰিত মোহৰানাৰ অৰ্ধ ভাগ আদায় দিব লাগিব। কিন্তু যদি সিহঁত বিবেকৱান হয় আৰু তোমালোকক ক্ষমা কৰি দিয়ে নাইবা স্বামীয়ে যদি উদাৰতা দেখুৱাই সম্পূৰ্ণ মোহৰানা আদায় কৰি দিয়ে তেন্তে এনে কৰাত কোনো অসুবিধা নাই। তোমালোকৰ পৰস্পৰ অধিকাৰৰ ক্ষেত্ৰত ক্ষমাৰ পথ অৱলম্বন কৰাটো আল্লাহৰ ভয় আৰু আনুগত্যৰ অধিক নিকটৱৰ্তী। এতেকে হে মানৱজাতি! পৰস্পৰৰ অধিকাৰ খৰ্ব নকৰিবা। নিশ্চয় আল্লাহে তোমালোকৰ কৰ্ম দেখি আছে। সেয়ে বেছি বেছি সত্কৰ্ম কৰা, যাতে আল্লাহৰ ওচৰত উত্তম প্ৰতিদান পোৱা।

2:238Страница 39

حَٰفِظُواْ عَلَى ٱلصَّلَوَٰتِ وَٱلصَّلَوٰةِ ٱلۡوُسۡطَىٰ وَقُومُواْ لِلَّهِ قَٰنِتِينَ ٢٣٨

Оберегайте намазы, и особенно, средний (послеполуденный) намаз. И стойте перед Аллахом смиренно.

ছালাতক আল্লাহৰ আদেশ অনুসাৰে পূৰ্ণৰূপে আদায় কৰা। লগতে মধ্যৱৰ্তী ছালাত অৰ্থাৎ আচৰৰ ছালাতৰ হিফাজত কৰা। আৰু ছালাতৰত অৱস্থাত আল্লাহৰ বাবে আনুগত্যকাৰী হৈ বিনয়পূৰ্বক থিয় হোৱা।

2:239Страница 39

فَإِنۡ خِفۡتُمۡ فَرِجَالًا أَوۡ رُكۡبَانٗاۖ فَإِذَآ أَمِنتُمۡ فَٱذۡكُرُواْ ٱللَّهَ كَمَا عَلَّمَكُم مَّا لَمۡ تَكُونُواْ تَعۡلَمُونَ ٢٣٩

Если вы испытываете страх, то молитесь на ходу или верхом. Когда же вы окажетесь в безопасности, то поминайте Аллаха так, как Он научил вас тому, чего вы не знали.

যদি শত্ৰুৰ ভয় থাকে আৰু ছালাত সম্পূৰ্ণৰূপে আদায় কৰিব নোৱাৰা তেন্তে খোজকাঢ়ি থকা অৱস্থাত অথবা উট, ঘোঁৰা আদিৰ ওপৰত আৰোহণ কৰা অৱস্থাত নাইবা যি অৱস্থাতে পঢ়িব পাৰা, সেই অৱস্থাতে আদায় কৰি লোৱা। পাছত যেতিয়া ভয় দূৰ হ'ব তেতিয়া আল্লাহক স্মৰণ কৰিবা সকলো প্ৰকাৰ জিকৰ-আজকাৰৰ জৰিয়তে। পৰিপূৰ্ণৰূপে ছালাত আদায় কৰাটোও ইয়াৰেই অন্তৰ্ভুক্ত। তেওঁক স্মৰণ কৰাৰ কাৰণ হৈছে, তেৱেঁই তোমালোকক সেই জ্যোতি আৰু হিদায়তৰ শিক্ষা দিছে যিটো তোমালোকে আগতে জনা নাছিলা।

2:240Страница 39

وَٱلَّذِينَ يُتَوَفَّوۡنَ مِنكُمۡ وَيَذَرُونَ أَزۡوَٰجٗا وَصِيَّةٗ لِّأَزۡوَٰجِهِم مَّتَٰعًا إِلَى ٱلۡحَوۡلِ غَيۡرَ إِخۡرَاجٖۚ فَإِنۡ خَرَجۡنَ فَلَا جُنَاحَ عَلَيۡكُمۡ فِي مَا فَعَلۡنَ فِيٓ أَنفُسِهِنَّ مِن مَّعۡرُوفٖۗ وَٱللَّهُ عَزِيزٌ حَكِيمٞ ٢٤٠

Если кто-либо из вас скончается и оставит после себя жен, то они должны завещать, чтобы их обеспечивали в течение одного года и не прогоняли. Если же они сами уйдут, то на вас не будет греха за то, что они распорядятся собой разумным образом. Аллах - Могущественный, Мудрый.

তোমালোকৰ মাজত যিয়ে স্ত্ৰী থৈ মৃত্যুবৰণ কৰে, সিহঁতে স্ত্ৰীৰ বাবে অছিয়ত কৰি যোৱা আৱশ্যক যে, তাৰ মৃত্যুৰ পিছত যাতে স্ত্ৰীক এবছৰ লৈকে ঘৰত থাকিব দিয়ে। লগতে সম্পূৰ্ণ এবছৰৰ খৰচ বহন কৰিব লাগিব আৰু উত্তৰাধিকাৰীসকলেও সিহঁতক ঘৰৰ পৰা উলিয়াব নোৱাৰিব। এনেকুৱা আদেশ সিহঁতৰ দুখ হ্ৰাস কৰাৰ উদ্দেশ্যে আৰু মৃত ব্যক্তিৰ লগত আনুগত্য পূৰণ কৰা বাবে দিয়া হৈছে। যদি সিহঁতে এবছৰ পূৰ্ণ হোৱাৰ আগতে স্ব-ইচ্ছা ঘৰৰ পৰা ওলাই যায় তেন্তে তোমালোকৰ কোনো দোষ নাই, লগতে সিহঁতে সৌন্দৰ্যৰ বস্তু আৰু সুগন্ধি ব্যৱহাৰ কৰাতো কোনো অসুবিধা নাই। নিশ্চয় আল্লাহ মহাপৰাক্ৰমশালী, তেওঁক কোনেও অপাৰগ কৰিব নোৱাৰে। তেওঁ পৰিমাণ, নিয়ন্ত্ৰণ আৰু বিধান প্ৰস্তুত কৰাত প্ৰজ্ঞাৱান। সাধাৰণ তাফছীৰবিদ সকলৰ মতে এই আয়াতটো আল্লাহৰ এই বাণীৰ দ্বাৰা ৰহিত হৈছেঃ আৰু তোমালোকৰ মাজত যিসকলে স্ত্ৰী থৈ মৃত্যুবৰণ কৰে, সিহঁতে (স্ত্ৰীসকলে) চাৰি মাহ দহ দিন অপেক্ষা কৰিব। তাৰ পিছত যেতিয়া সিহঁতে নিজৰ ইদ্দতকাল পূৰ্ণ কৰিব, তেতিয়া বিধি মুতাবিক নিজৰ বাবে যি কৰিব তাত তোমালোকৰ কোনো পাপ নাই; আৰু তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সম্যক অৱগত। (ছুৰা আল-বাক্বাৰাহঃ ২৩৪)

2:241Страница 39

وَلِلۡمُطَلَّقَٰتِ مَتَٰعُۢ بِٱلۡمَعۡرُوفِۖ حَقًّا عَلَى ٱلۡمُتَّقِينَ ٢٤١

Разведенных жен полагается обеспечивать разумным образом. Такова обязанность богобоязненных.

তালাকপ্ৰাপ্তা নাৰীসকলক স্বামীৰ আৰ্থিক স্থিতি অনুসাৰে ধন অথবা বস্ত্ৰ আদিৰ দৰে কিছুমান সামগ্ৰী দি দিব লাগে, যাতে তালাকৰ ফলত হোৱা মনৰ কষ্ট অলপ লাঘৱ হয়। এই আদেশ আল্লাহক ভয় কৰা সকলৰ বাবে অনিবাৰ্য, যিসকলে তেওঁৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা দূৰৈত থাকে।

2:242Страница 39

كَذَٰلِكَ يُبَيِّنُ ٱللَّهُ لَكُمۡ ءَايَٰتِهِۦ لَعَلَّكُمۡ تَعۡقِلُونَ ٢٤٢

Так Аллах разъясняет вам Свои знамения, - быть может, вы уразумеете.

হে মুমিনসকল! উক্ত বিৱৰণৰ দৰেই আল্লাহে তোমালোকৰ বাবে তেওঁৰ বিধান আৰু সীমাৰেখাৰ বৰ্ণনা দিয়ে। যাতে তোমালোকে বুজি পোৱা আৰু আমল কৰা লগতে পৰিণামস্বৰূপে পৃথিৱী আৰু আখিৰাতত কল্যাণ প্ৰাপ্ত হোৱা।

2:243Страница 39

۞ أَلَمۡ تَرَ إِلَى ٱلَّذِينَ خَرَجُواْ مِن دِيَٰرِهِمۡ وَهُمۡ أُلُوفٌ حَذَرَ ٱلۡمَوۡتِ فَقَالَ لَهُمُ ٱللَّهُ مُوتُواْ ثُمَّ أَحۡيَٰهُمۡۚ إِنَّ ٱللَّهَ لَذُو فَضۡلٍ عَلَى ٱلنَّاسِ وَلَٰكِنَّ أَكۡثَرَ ٱلنَّاسِ لَا يَشۡكُرُونَ ٢٤٣

Разве ты не знаешь о тех, которые покинули свои жилища, опасаясь смерти, хотя их были тысячи? Аллах сказал им: «Умрите!». Затем Он оживил их. Воистину, Аллах милостив к людям, однако большинство людей неблагодарны.

হে নবী! বনী ইছৰাঈলৰ সেইসকল লোকৰ বিষয়ে আপুনি গম পোৱা নাইনে, যিসকলে মহামাৰী অথবা আন কিবা কাৰণত মৃত্যুৰ ভয়ত নিজৰ ঘৰৰ পৰা বহু সংখ্যক লোক পলায়ন কৰিছিল; কিন্তু আল্লাহে সিহঁতক কৈছিলঃ মৃত্যুবৰণ কৰা। ফলত সিহঁত মৃত্যুবৰণ কৰিছিল। পিছত আল্লাহে পুনৰ সিহঁতক জীৱিত কৰিছিল। যাতে স্পষ্ট কৰি দিয়ে যে, সকলো বিষয় তেওঁৰেই নিয়ন্ত্ৰণাধীন, সিহঁত নিজেই নিজৰ কোনো উপকাৰ বা অপকাৰ কৰিব নোৱাৰে। নিশ্চয় আল্লাহ মানুহৰ প্ৰতি অনুগ্ৰহশীল। যদিও অধিকাংশ লোকে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন নকৰে।

2:244Страница 39

وَقَٰتِلُواْ فِي سَبِيلِ ٱللَّهِ وَٱعۡلَمُوٓاْ أَنَّ ٱللَّهَ سَمِيعٌ عَلِيمٞ ٢٤٤

Сражайтесь на пути Аллаха и знайте, что Аллах - Слышащий, Знающий.

হে মুমিনসকল! আল্লাহৰ দ্বীনৰ সহায় আৰু তেওঁৰ কলিমা উত্তোলন কৰাৰ উদ্দেশ্যে তেওঁৰ শত্ৰুৰ লগত যুদ্ধ কৰা। আৰু জানি থোৱা! আল্লাহে তোমালোকৰ কথা শ্ৰৱণকাৰী, তোমালোকৰ নিয়্যত আৰু কৰ্ম সম্পৰ্কে সম্যক অৱগত আৰু তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।

2:245Страница 39

مَّن ذَا ٱلَّذِي يُقۡرِضُ ٱللَّهَ قَرۡضًا حَسَنٗا فَيُضَٰعِفَهُۥ لَهُۥٓ أَضۡعَافٗا كَثِيرَةٗۚ وَٱللَّهُ يَقۡبِضُ وَيَبۡصُۜطُ وَإِلَيۡهِ تُرۡجَعُونَ ٢٤٥

Если кто-либо одолжит Аллаху прекрасный заем, то Он увеличит его многократно. Аллах удерживает и щедро одаряет, и к Нему вы будете возвращены.

কোন আছে যিয়ে ঋনদাতাৰ দৰে কাম কৰিব, সৎ নিয়ত আৰু সন্তুষ্টচিত্তে আল্লাহৰ পথত নিজৰ সম্পদ ব্যয় কৰিব যাতে অধিক মাত্ৰাত ঘূৰাই পায়। আল্লাহে তেওঁৰ হিকমত আৰু ন্যায় মুতাবিক জীৱিকা আৰু স্বাস্থ্য প্ৰদান কৰে অথবা ইয়াৰ পৰা বঞ্চিত কৰে। আখিৰাতত তোমালোকক তেওঁৰ পিনেই ওভোতাই নিয়া হব। তেওঁ তোমালোকক তোমালোকৰ আমলৰ প্ৰতিদান দিব।

2:246Страница 40

أَلَمۡ تَرَ إِلَى ٱلۡمَلَإِ مِنۢ بَنِيٓ إِسۡرَٰٓءِيلَ مِنۢ بَعۡدِ مُوسَىٰٓ إِذۡ قَالُواْ لِنَبِيّٖ لَّهُمُ ٱبۡعَثۡ لَنَا مَلِكٗا نُّقَٰتِلۡ فِي سَبِيلِ ٱللَّهِۖ قَالَ هَلۡ عَسَيۡتُمۡ إِن كُتِبَ عَلَيۡكُمُ ٱلۡقِتَالُ أَلَّا تُقَٰتِلُواْۖ قَالُواْ وَمَا لَنَآ أَلَّا نُقَٰتِلَ فِي سَبِيلِ ٱللَّهِ وَقَدۡ أُخۡرِجۡنَا مِن دِيَٰرِنَا وَأَبۡنَآئِنَاۖ فَلَمَّا كُتِبَ عَلَيۡهِمُ ٱلۡقِتَالُ تَوَلَّوۡاْ إِلَّا قَلِيلٗا مِّنۡهُمۡۚ وَٱللَّهُ عَلِيمُۢ بِٱلظَّٰلِمِينَ ٢٤٦

Не знаешь ли ты о знати сынов Исраила (Израиля), живших после Мусы (Моисея)? Они сказали своему пророку: «Назначь для нас царя, чтобы мы сражались на пути Аллаха». Он сказал: «Может ли быть, что если вам будет предписано сражаться, вы не станете сражаться?». Они сказали: «Отчего же нам не сражаться на пути Аллаха, если мы изгнаны из наших жилищ и разлучены с нашими детьми?». Когда же им было предписано сражаться, они отвернулись, за исключением немногих. Аллах ведает о беззаконниках.

হে নবী! মুছা আলাইহিচ ছালামৰ সময়ৰ পিছত জন্ম গ্ৰহণ কৰা প্ৰমূখসকলৰ খবৰ আপোনাৰ ওচৰত আহি পোৱা নাইনে? যেতিয়া সিহঁতে নিজ নবীক কৈছিলঃ আমাৰ বাবে এজন ৰজা পাতি দিয়ক। আমি তেওঁৰ লগত থাকি আল্লাহৰ পথত যুদ্ধ কৰিম। সিহঁতৰ নবীয়ে সিহঁতক কৈছিলঃ ভাৱি চোৱা! আল্লাহে তোমালোকৰ ওপৰত যুদ্ধ অনিবাৰ্য কৰাৰ পিছত যাতে তোমালোকে যুদ্ধৰ পৰা বিৰত নাথাকা। সিহঁতে নবীৰ ধাৰণাক খণ্ডন কৰি কৈছিলঃ “যুদ্ধৰ সকলো উপকৰণ থকাৰ পিছতো আমি কিয় যুদ্ধৰ পৰা বিৰত থাকিম? অথচ শত্ৰুসকলে আমাক নিজ দেশৰ পৰা বহিষ্কাৰ কৰিছে আৰু আমাৰ সন্তানসকলক বন্দী কৰিছে। সেয়ে আমি নিজ দেশত উভতি যোৱাৰ বাবে আৰু কয়েদীসকলক মুক্ত কৰাৰ বাবে সিহঁতৰ লগত যুদ্ধ কৰিম”। কিন্তু আল্লাহে যুদ্ধ ফৰজ কৰি দিয়াৰ পিছত কিছুসংখ্যক লোকৰ বাহিৰে আন সকলোৱে মুখ ঘূৰাই ল’লে আৰু প্ৰতিশ্ৰুতিৰ পৰা আঁতৰি গ’ল। অথচ আল্লাহে তেওঁৰ আদেশৰ পৰা মুখ ঘূৰাই লোৱা সকলক তথা আৰু তেওঁৰ প্ৰতিশ্ৰুতি ভঙ্গকাৰী অন্যায়কাৰী সকলক ভালকৈ জানে, আৰু তেওঁ সিহঁতক ইয়াৰ প্ৰতিফল প্ৰদান কৰিব।

2:247Страница 40

وَقَالَ لَهُمۡ نَبِيُّهُمۡ إِنَّ ٱللَّهَ قَدۡ بَعَثَ لَكُمۡ طَالُوتَ مَلِكٗاۚ قَالُوٓاْ أَنَّىٰ يَكُونُ لَهُ ٱلۡمُلۡكُ عَلَيۡنَا وَنَحۡنُ أَحَقُّ بِٱلۡمُلۡكِ مِنۡهُ وَلَمۡ يُؤۡتَ سَعَةٗ مِّنَ ٱلۡمَالِۚ قَالَ إِنَّ ٱللَّهَ ٱصۡطَفَىٰهُ عَلَيۡكُمۡ وَزَادَهُۥ بَسۡطَةٗ فِي ٱلۡعِلۡمِ وَٱلۡجِسۡمِۖ وَٱللَّهُ يُؤۡتِي مُلۡكَهُۥ مَن يَشَآءُۚ وَٱللَّهُ وَٰسِعٌ عَلِيمٞ ٢٤٧

Их пророк сказал им: «Аллах назначил вам царем Талута (Саула)». Они сказали: «Как он может стать нашим царем, если мы более достойны править, чем он, и он лишен достатка в имуществе?». Он сказал: «Аллах предпочел его вам и щедро одарил его знаниями и статью. Аллах дарует Свое царство, кому пожелает. Аллах - Объемлющий, Знающий».

সিহঁতৰ নবীয়ে সিহঁতক কলেঃ আল্লাহে তালূতক তোমালোকৰ বাবে বাদশ্বাহ নিযুক্ত কৰিছে, যাতে তোমালোকে তেওঁৰ পতাকাৰ তলত যুদ্ধ কৰা। তেতিয়া সিহঁতৰ প্ৰমুখসকলে অভিযোগ কৰি কলেঃ সি আমাৰ বাদশ্বাহ কেনেকৈ হব পাৰে? তাতকৈ আমিহে বাদশ্বাহ হোৱাৰ বেছি উপযুক্ত। তাৰ পুৰ্বপুৰুষৰ কোনেও বাদশ্বাহ নাছিল আনহাতে সি ঐশৰ্যশীলো নহয় যে, নিজৰ সম্পত্তিৰে ৰাজত্বত সহায় কৰিব। সিহঁতৰ নবীয়ে কৈছিলঃ আল্লাহে তেওঁক তোমালোকৰ বাবে নিৰ্বাচন কৰিছে লগতে তেওঁক অধিক জ্ঞান আৰু শাৰীৰিক শক্তি প্ৰদান কৰিছে। দৰাচলতে আল্লাহে তেওঁৰ প্ৰজ্ঞা আৰু কৃপাত যাক ইচ্ছা তাকে ৰাজত্ব প্ৰদান কৰে। আল্লাহ অতি অনুগ্ৰহশীল, যাক ইচ্ছা প্ৰদান কৰে। তথা তেওঁ নিজৰ উপযুক্ত বান্দাসকলৰ বিষয়ে সম্যক অৱগত।

2:248Страница 40

وَقَالَ لَهُمۡ نَبِيُّهُمۡ إِنَّ ءَايَةَ مُلۡكِهِۦٓ أَن يَأۡتِيَكُمُ ٱلتَّابُوتُ فِيهِ سَكِينَةٞ مِّن رَّبِّكُمۡ وَبَقِيَّةٞ مِّمَّا تَرَكَ ءَالُ مُوسَىٰ وَءَالُ هَٰرُونَ تَحۡمِلُهُ ٱلۡمَلَٰٓئِكَةُۚ إِنَّ فِي ذَٰلِكَ لَأٓيَةٗ لَّكُمۡ إِن كُنتُم مُّؤۡمِنِينَ ٢٤٨

Их пророк сказал им: «Знамением его царствия станет то, что к вам явится сундук с умиротворением от вашего Господа. В нем будет то, что осталось после семьи Мусы (Моисея) и семьи Харуна (Аарона). Его принесут ангелы. Это будет знамением для вас, если только вы являетесь верующими».

সিহঁতৰ নবীয়ে সিহঁতক কলেঃ তোমালোকৰ ওপৰত ৰাজত্ব কৰিবলৈ তেওঁক যে সঠিকভাৱে নিৰ্বাচন কৰা হৈছে তাৰ প্ৰমাণ এই যে, আল্লাহে তোমালোকক তাবূত ওভোতাই দিব। -বনী ইছৰাঈলে এই তাবূতক সন্মান কৰিছিল কিন্তু সিহঁতৰ পৰা এই তাবূত কাঢ়ি লোৱা হৈছিল-। ইয়াৰ ভিতৰত তোমালোকৰ বাবে আছে সন্তুষ্টি লগতে মুছা আৰু হাৰূনৰ ঘৰৰ অৱশিষ্ট সামগ্ৰী। যেনে- মুছাৰ লাখুটি আৰু কিছুমান ফলক। নিশ্চয় ইয়াৰ মাজত আছে তোমালোকৰ বাবে স্পষ্ট নিদৰ্শন; যদি তোমালোকে সঁচাই ঈমান আনিছা।

2:249Страница 41

فَلَمَّا فَصَلَ طَالُوتُ بِٱلۡجُنُودِ قَالَ إِنَّ ٱللَّهَ مُبۡتَلِيكُم بِنَهَرٖ فَمَن شَرِبَ مِنۡهُ فَلَيۡسَ مِنِّي وَمَن لَّمۡ يَطۡعَمۡهُ فَإِنَّهُۥ مِنِّيٓ إِلَّا مَنِ ٱغۡتَرَفَ غُرۡفَةَۢ بِيَدِهِۦۚ فَشَرِبُواْ مِنۡهُ إِلَّا قَلِيلٗا مِّنۡهُمۡۚ فَلَمَّا جَاوَزَهُۥ هُوَ وَٱلَّذِينَ ءَامَنُواْ مَعَهُۥ قَالُواْ لَا طَاقَةَ لَنَا ٱلۡيَوۡمَ بِجَالُوتَ وَجُنُودِهِۦۚ قَالَ ٱلَّذِينَ يَظُنُّونَ أَنَّهُم مُّلَٰقُواْ ٱللَّهِ كَم مِّن فِئَةٖ قَلِيلَةٍ غَلَبَتۡ فِئَةٗ كَثِيرَةَۢ بِإِذۡنِ ٱللَّهِۗ وَٱللَّهُ مَعَ ٱلصَّٰبِرِينَ ٢٤٩

Когда Талут (Саул) отправился в путь с войском, он сказал: «Аллах подвергнет вас испытанию рекой. Кто напьется из нее, тот не будет со мной. А кто не отведает ее, тот будет со мной. Но это не относится к тем, кто зачерпнет пригоршню воды». Напились из нее все, за исключением немногих из них. Когда же он и уверовавшие вместе с ним перебрались через реку, они сказали: «Сегодня мы не справимся с Джалутом (Голиафом) и его войском». Но те, которые были убеждены в том, что встретятся с Аллахом, сказали: «Сколько малочисленных отрядов победило многочисленные отряды по воле Аллаха!». Ведь Аллах - с терпеливыми.

যেতিয়া তালূতে তেওঁৰ সৈন্য বাহিনী লৈ ৰাৱানা হল, তেতিয়া তেওঁ নিজৰ সৈন্য বাহিনীক উপদেশ দি কলেঃ নিশ্চয় আল্লাহে তোমালোকক এটা নদীৰ দ্বাৰা পৰীক্ষা কৰিব। যিয়ে সেই নদীৰ পৰা পানী পান কৰিব সি মোৰ পথৰ পদাচাৰী নহয় লগতে সি মোৰ লগত থাকি যুদ্ধও কৰিব নোৱাৰিব। আনহাতে যিয়ে তাৰ পৰা পানী পান নকৰিব সি মোৰ পথৰ অনুসাৰী লগতে সি মোৰ লগত থাকি যুদ্ধ কৰিব পাৰিব। কিন্তু কোনোবাই যদি বাধ্য হৈ এচলু পানী পান কৰে তেন্তে কোনো অসুবিধা নাই। এতেকে সৈন্যবাহিনীৰ কেৱল কিছু সংখ্যক লোকেহে প্ৰচণ্ড গৰমত ধৈৰ্য ধাৰণ কৰিছিল আৰু বাকী সকলোৱে তাৰ পৰা পানী পান কৰিছিল। যেতিয়া তালূত আৰু মুমিনসকলে নদী পাৰ কৰিলে তেতিয়া কিছুমান সৈন্যই কলেঃ আজি আমাৰ ওচৰত জালূত আৰু তাৰ সৈন্যবাহিনীৰ লগত যুদ্ধ কৰাৰ শক্তি নাই। কিন্তু সেই সময়ত কিছুমান এনেকুৱা ব্যক্তিয়ে যিসকলে ক্বিয়ামতৰ দিনা আল্লাহৰ লগত সাক্ষাৎ সম্পৰ্কে বিশ্বাস পোষণ কৰিছিল তেওঁলোকে কলেঃ তোমালোকে জানানে, ঈমান্দাৰসকলৰ বহুতো সৰু-সুৰা দলে আল্লাহৰ অনুমতি আৰু তেওঁৰ সহায়ত কাফিৰসকলৰ ডাঙৰ ডাঙৰ দলক পৰাজিত কৰিছে। এতেকে সহায়-সহযোগিতাৰ মূল উত্স হৈছে ঈমান, সংখ্যাগৰিষ্ঠতা নহয়। আৰু আল্লাহে তেওঁৰ ধৈৰ্যশীল বান্দাসকলক লগ দিয়াৰ লগতে সহায়- সহযোগিতা আৰু সমৰ্থন প্ৰদান কৰে।

2:250Страница 41

وَلَمَّا بَرَزُواْ لِجَالُوتَ وَجُنُودِهِۦ قَالُواْ رَبَّنَآ أَفۡرِغۡ عَلَيۡنَا صَبۡرٗا وَثَبِّتۡ أَقۡدَامَنَا وَٱنصُرۡنَا عَلَى ٱلۡقَوۡمِ ٱلۡكَٰفِرِينَ ٢٥٠

Когда они показались перед Джалутом (Голиафом) и его войском, то сказали: «Господь наш! Пролей на нас терпение, укрепи наши стопы и помоги нам одержать победу над неверующими людьми».

যেতিয়া তেওঁলোকে জালূত আৰু তাৰ সৈন্যবাহিনীৰ মুখামুখি হল, তেতিয়া আল্লাহৰ ওচৰত বিনয়পূৰ্বক দুআ কৰিলেঃ হে আমাৰ প্ৰতিপালক! আমাৰ অন্তৰত ধৈৰ্য ঢালি দিয়া লগতে ৰণক্ষেত্ৰত আমাক দৃঢ়তা প্ৰদান কৰা যাতে আমি শত্ৰুৰ পৰা পলায়ন নকৰো আৰু পৰাজিত নহওঁ। লগতে আমাক শক্তি আৰু সমৰ্থন প্ৰদান কৰা যাতে কাফিৰ সম্প্ৰদায়ৰ ওপৰত বিজয় অৰ্জন কৰিব পাৰো।

2:251Страница 41

فَهَزَمُوهُم بِإِذۡنِ ٱللَّهِ وَقَتَلَ دَاوُۥدُ جَالُوتَ وَءَاتَىٰهُ ٱللَّهُ ٱلۡمُلۡكَ وَٱلۡحِكۡمَةَ وَعَلَّمَهُۥ مِمَّا يَشَآءُۗ وَلَوۡلَا دَفۡعُ ٱللَّهِ ٱلنَّاسَ بَعۡضَهُم بِبَعۡضٖ لَّفَسَدَتِ ٱلۡأَرۡضُ وَلَٰكِنَّ ٱللَّهَ ذُو فَضۡلٍ عَلَى ٱلۡعَٰلَمِينَ ٢٥١

Они разгромили их по воле Аллаха. Давуд (Давид) убил Джалута (Голиафа), и Аллах даровал ему царство и мудрость и научил его тому, чему пожелал. Если бы Аллах не сдерживал одних людей посредством других, то земля пришла бы в расстройство. Однако Аллах милостив к мирам.

ফলত আল্লাহৰ সহায়ত তেওঁলোকে সিহঁতক পৰাজিত কৰিলে আৰু দাঊদে সিহঁতৰ নেতা জালূতক বধ কৰিলে। তাৰ পিছত আল্লাহে দাঊদক ৰাজত্ব আৰু নবুওৱত প্ৰদান কৰিলে লগতে বিভিন্ন প্ৰকাৰৰ জ্ঞান প্ৰদান কৰিলে। এইদৰে তেওঁক পৃথিৱী আৰু আখিৰাতৰ কল্যাণ প্ৰদান কৰিলে। দৰাচলতে যদি আল্লাহে কিছুমান লোকৰ দ্বাৰা আন কিছুমান লোকৰ উপদ্ৰৱ প্ৰতিৰোধ নকৰিলেহেঁতেন তেন্তে উপদ্ৰৱকাৰী সকলৰ অন্যায়-অত্যাচাৰ প্ৰতিষ্ঠিত হোৱাৰ ফলত পৃথিৱীত বিপৰ্যয় সৃষ্টি হলেহেঁতেন। কিন্তু আল্লাহ সকলো সৃষ্টিৰ প্ৰতি অনুগ্ৰহশীল।

2:252Страница 41

تِلۡكَ ءَايَٰتُ ٱللَّهِ نَتۡلُوهَا عَلَيۡكَ بِٱلۡحَقِّۚ وَإِنَّكَ لَمِنَ ٱلۡمُرۡسَلِينَ ٢٥٢

Таковы аяты Аллаха. Мы читаем их тебе истинно, и ты - один из посланников.

হে নবী! আমি আপোনাক যিবোৰ পাঠ কৰি শুনাই আছো এয়া আল্লাহৰ স্পষ্ট নিদৰ্শন। ইয়াৰ মাজত আছে সত্য ঘটনা আৰু ন্যায়সংগত বিধান। আৰু নিশ্চয় আপুনি বিশ্বজগতৰ প্ৰতিপালকৰ ৰাছুলসকলৰ অন্তৰ্ভূক্ত।

Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии

Содержание

Аят аль-Курси36Аль-Кахфстр. 42джуз 15Бухари 1Муслим 2999

Вид

Тема
Размер текста
Вид

Read in English