Аль-Мухтасар · Тафсир · на ассамском
Аль-Бакара 2:253–279
2:253Страница 42
۞ تِلۡكَ ٱلرُّسُلُ فَضَّلۡنَا بَعۡضَهُمۡ عَلَىٰ بَعۡضٖۘ مِّنۡهُم مَّن كَلَّمَ ٱللَّهُۖ وَرَفَعَ بَعۡضَهُمۡ دَرَجَٰتٖۚ وَءَاتَيۡنَا عِيسَى ٱبۡنَ مَرۡيَمَ ٱلۡبَيِّنَٰتِ وَأَيَّدۡنَٰهُ بِرُوحِ ٱلۡقُدُسِۗ وَلَوۡ شَآءَ ٱللَّهُ مَا ٱقۡتَتَلَ ٱلَّذِينَ مِنۢ بَعۡدِهِم مِّنۢ بَعۡدِ مَا جَآءَتۡهُمُ ٱلۡبَيِّنَٰتُ وَلَٰكِنِ ٱخۡتَلَفُواْ فَمِنۡهُم مَّنۡ ءَامَنَ وَمِنۡهُم مَّن كَفَرَۚ وَلَوۡ شَآءَ ٱللَّهُ مَا ٱقۡتَتَلُواْ وَلَٰكِنَّ ٱللَّهَ يَفۡعَلُ مَا يُرِيدُ ٢٥٣
Таковы посланники. Одним из них Мы отдали предпочтение перед другими. Среди них были такие, с которыми говорил Аллах, а некоторых из них Аллах возвысил до степеней. Мы даровали Исе (Иисусу), сыну Марьям (Марии), ясные знамения и поддержали его Святым Духом (Джибрилем). Если бы Аллах пожелал, то следующие за ними поколения не сражались бы друг с другом после того, как к ним явились ясные знамения. Однако они разошлись во мнениях, одни из них уверовали, а другие не уверовали. Если бы Аллах пожелал, то они не сражались бы друг с другом, но Аллах вершит то, что пожелает.
সেই সকল ৰাছুল যিসকলৰ বিষয়ে আমি উল্লেখ কৰিছো, তেওঁলোকৰ মাজত কিছুমানক আমি অহী, অনুগামী আৰু শ্ৰেণীৰ ফালেৰে আন আন নবী আৰু ৰাছুলসকলৰ তুলনাত প্ৰাধান্য দিছো। তেওঁলোকৰ মাজত কিছুমান এনেকুৱা আছে যিসকলৰ লগত আল্লাহে কথা পাতিছে, যেনে- মুছা আলাইহিছ ছালাম। আৰু আন কিছুমানক উচ্চ মৰ্যদা প্ৰদান কৰিছে, যেনে- মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম। কিয়নো তেখেতক গোটেই মানৱ জাতিৰ প্ৰতি প্ৰেৰণ কৰা হৈছে। তেখেতৰ জৰিয়তে নবুওৱতৰ ধাৰা বন্ধ কৰি দিয়া হৈছে। লগতে তেখেতৰ উম্মতক আন সকলো উম্মতৰ ওপৰত শ্ৰেষ্ঠতা প্ৰদান কৰা হৈছে। আৰু (আল্লাহে কৈছেঃ) আমিয়ে মৰিয়মৰ পুত্ৰ ঈছাক তেওঁৰ নবুওৱত প্ৰমাণ কৰিবলৈ স্পষ্ট অলৌকিকতা প্ৰদান কৰিছো, যেনে- মৃত ব্যক্তিক জীৱিত কৰা, অন্ধ আৰু কুষ্ঠ ৰোগীক আৰোগ্য প্ৰদান কৰা। আমিয়ে জিব্ৰীল আলাইহিছ ছালামৰ দ্বাৰা তেওঁক সমৰ্থন কৰিছিলো যাতে আল্লাহৰ আদেশ পালন কৰাত তেওঁৰ সুবিধা হয়। যদি আল্লাহে বিচাৰিলেহেঁতেন তেন্তে ৰাছুলৰ পিছত অহা লোকে স্পষ্ট নিদৰ্শন পোৱাৰ পিছতো পৰস্পৰে মতভেদ নকৰিলেহেঁতেন। কিন্তু তথাপিও সিহঁতে মতভেদ কৰিলে আৰু বিভাজিত হৈ গল। সিহঁতৰ মাজৰ কিছুমানে আল্লাহৰ প্ৰতি ঈমান আনিলে আৰু কিছুমানে অস্বীকাৰ কৰিলে। অথচ আল্লাহে বিচাৰিলে সিহঁতে পাৰস্পাৰিক যুদ্ধ-বিগ্ৰহত লিপ্ত নহলেহেঁতেন। কিন্তু আল্লাহে যিটো বিচাৰে সেইটোৱে কৰে। এতেকে তেওঁ যাক বিচাৰে নিজ কৃপা আৰু দয়াত ঈমানৰ হিদায়ত দিয়ে আৰু যাক ইচ্ছা কৰে তেওঁৰ ন্যায় আৰু হিকমতেৰে পথভ্ৰষ্ট কৰে।
2:254Страница 42
يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓاْ أَنفِقُواْ مِمَّا رَزَقۡنَٰكُم مِّن قَبۡلِ أَن يَأۡتِيَ يَوۡمٞ لَّا بَيۡعٞ فِيهِ وَلَا خُلَّةٞ وَلَا شَفَٰعَةٞۗ وَٱلۡكَٰفِرُونَ هُمُ ٱلظَّٰلِمُونَ ٢٥٤
О те, которые уверовали! Делайте пожертвования из того, чем Мы наделили вас, до наступления дня, когда не будет ни торговли, ни дружбы, ни заступничества. А неверующие являются беззаконниками.
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসৰণকাৰী সকল! ক্বিয়ামত সংঘটিত হোৱাৰ পূৰ্বে আমি প্ৰদান কৰা বিভিন্ন হালাল সম্পদৰ পৰা ব্যয় কৰা। কিয়নো ক্বিয়ামতৰ দিনা লাভদায়ক কোনো ব্যৱসায় নাথাকিব লগতে বিপদৰ পৰা ৰক্ষাকাৰী কোনো বন্ধত্বও কামত নাহিব। লগতে কোনো মধ্যস্ততাও সংকট দূৰ কৰিব নোৱাৰিব আৰু উপকাৰও কৰিব নোৱাৰিব। যেতিয়ালৈকে আল্লাহে কাৰো প্ৰতি সন্তুষ্ট হৈ মধ্যস্ততা কৰাৰ অনুমতি প্ৰদান নকৰিব। জানি থোৱা! প্ৰকৃত অন্যায়কাৰী হৈছে কাফিৰসকল কিয়নো সিহঁতে আল্লাহৰ লগত কুফুৰী কৰে।
2:255Страница 42
ٱللَّهُ لَآ إِلَٰهَ إِلَّا هُوَ ٱلۡحَيُّ ٱلۡقَيُّومُۚ لَا تَأۡخُذُهُۥ سِنَةٞ وَلَا نَوۡمٞۚ لَّهُۥ مَا فِي ٱلسَّمَٰوَٰتِ وَمَا فِي ٱلۡأَرۡضِۗ مَن ذَا ٱلَّذِي يَشۡفَعُ عِندَهُۥٓ إِلَّا بِإِذۡنِهِۦۚ يَعۡلَمُ مَا بَيۡنَ أَيۡدِيهِمۡ وَمَا خَلۡفَهُمۡۖ وَلَا يُحِيطُونَ بِشَيۡءٖ مِّنۡ عِلۡمِهِۦٓ إِلَّا بِمَا شَآءَۚ وَسِعَ كُرۡسِيُّهُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَۖ وَلَا يَـُٔودُهُۥ حِفۡظُهُمَاۚ وَهُوَ ٱلۡعَلِيُّ ٱلۡعَظِيمُ ٢٥٥
Аллах - нет божества, кроме Него, Живого, Вседержителя. Им не овладевают ни дремота, ни сон. Ему принадлежит то, что на небесах, и то, что на земле. Кто станет заступаться перед Ним без Его дозволения? Он знает их будущее и прошлое. Они постигают из Его знания только то, что Он пожелает. Его Престол (Подножие Трона) объемлет небеса и землю, и не тяготит Его оберегание их. Он - Возвышенный, Великий.
আল্লাহ তেৱেঁই যাৰ বাহিৰে প্ৰকৃততে কোনো ইবাদতৰ যোগ্য নাই। উপাস্য একমাত্ৰ তেৱেঁই, তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ সম্পূৰ্ণ জীৱনৰ অধিকাৰী, সকলো ধৰণৰ অসম্পূৰ্ণতাৰ পৰা পৱিত্ৰ, তেওঁৰ জীৱনত কেতিয়াও মৃত্যু নাই। বিশ্বজগতৰ ধাৰক, যিজন স্বয়ং প্ৰতিষ্ঠিত। এতেকে তেওঁ সকলো সৃষ্টিৰ পৰা অমুখাপেক্ষী। তেওঁৰ দ্বাৰাই সকলো সৃষ্টি পৰিচালিত, সিহঁত কোনো অৱস্থাতেই তেওঁৰ অমুখাপেক্ষী নহয়। তেওঁ স্বয়ং প্ৰতিষ্ঠিত আৰু সম্পূৰ্ণ জীৱনৰ অধিকাৰী হোৱাৰ কাৰণে তেওঁক কলাঘূমটি আৰু টোপনিও নধৰে। আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেই সকলোৰে কেৱল তেৱেঁই মালিক। তেওঁৰ সন্তুষ্টি আৰু অনুমতি অবিহনে কোনেও ছুপাৰিছ কৰিব নোৱাৰে। তেওঁ মখলুকৰ সেই সকলো ঘটনা সম্পৰ্কে অৱগত যিবোৰ বিগত সময়ত সংঘটিত হৈছে আৰু যিবোৰ ভবিষ্যতত সংঘটিত হব। সিহঁতে তেওঁৰ জ্ঞানৰ অকণো আয়ত্ব কৰিব নোৱাৰে কিন্তু যিটো তেওঁ স্ব-ইচ্ছাই প্ৰদান কৰিব বিচাৰে সেয়া সুকীয়া বিষয়। তেওঁৰ কুৰছীৰ প্ৰশস্ততা আৰু মহানতাই – যিটো তেওঁৰ ভৰি থোৱাৰ ঠাই- আকাশমণ্ডল আৰু পৃথিৱী আৱৰি আছে। আকাশমণ্ডল আৰু পৃথিৱীৰ সংৰক্ষণ তেওঁৰ বাবে কোনো কঠিন বা ক্লান্তমূলক কাম নহয়। তেওঁ নিজৰ সত্ত্বা, শক্তি আৰু ক্ষমতাত সৰ্বোচ্চ লগতে ৰাজত্ব আৰু হুকুমতত মহান।
2:256Страница 42
لَآ إِكۡرَاهَ فِي ٱلدِّينِۖ قَد تَّبَيَّنَ ٱلرُّشۡدُ مِنَ ٱلۡغَيِّۚ فَمَن يَكۡفُرۡ بِٱلطَّٰغُوتِ وَيُؤۡمِنۢ بِٱللَّهِ فَقَدِ ٱسۡتَمۡسَكَ بِٱلۡعُرۡوَةِ ٱلۡوُثۡقَىٰ لَا ٱنفِصَامَ لَهَاۗ وَٱللَّهُ سَمِيعٌ عَلِيمٌ ٢٥٦
Нет принуждения в религии. Прямой путь уже отличился от заблуждения. Кто не верует в тагута, а верует в Аллаха, тот ухватился за самую надежную рукоять, которая никогда не сломается. Аллах - Слышащий, Знающий.
ইছলামত প্ৰৱেশ কৰিবলৈ কাকো বাধ্য কৰা নহব। কিয়নো এইটো সত্য আৰু স্পষ্ট দ্বীন। সেয়ে ইয়াত প্ৰৱেশ কৰিবলৈ কাকো বাধ্য কৰোৱাৰ প্ৰয়োজন নাই। নিশ্চয় হিদায়ত পথভ্ৰষ্টতাৰ পৰা পৃথক হৈছে। এতেকে যিয়ে আল্লাহৰ বাহিৰে যিবোৰ বস্তুৰ উপাসনা কৰা হয় সেই সকলোবোৰক অস্বীকাৰ কৰিব আৰু সিহঁতৰ পৰা সম্পৰ্কচ্ছেদ কৰিব লগতে কেৱল মাত্ৰ আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিব, সি ক্বিয়ামতৰ দিনা মুক্তি লাভৰ বাবে দ্বীনৰ এনেকুৱা মজবুত ৰছী ধাৰণ কৰিলে যিটো কেতিয়াও নিছিঙিব। আৰু আল্লাহ তেওঁৰ বান্দাসকলৰ কথা শ্ৰৱণকাৰী আৰু সিহঁতৰ কৰ্ম সম্পৰ্কে সম্যক অৱগত। আৰু তেওঁ সিহঁতক ইয়াৰ প্ৰতিদান দিব।
2:257Страница 43
ٱللَّهُ وَلِيُّ ٱلَّذِينَ ءَامَنُواْ يُخۡرِجُهُم مِّنَ ٱلظُّلُمَٰتِ إِلَى ٱلنُّورِۖ وَٱلَّذِينَ كَفَرُوٓاْ أَوۡلِيَآؤُهُمُ ٱلطَّٰغُوتُ يُخۡرِجُونَهُم مِّنَ ٱلنُّورِ إِلَى ٱلظُّلُمَٰتِۗ أُوْلَٰٓئِكَ أَصۡحَٰبُ ٱلنَّارِۖ هُمۡ فِيهَا خَٰلِدُونَ ٢٥٧
Аллах - Покровитель тех, которые уверовали. Он выводит их из мраков к свету. А покровителями и помощниками неверующих являются тагуты, которые выводят их из света к мракам. Они являются обитателями Огня и пребудут там вечно.
আল্লাহ ঈমান্দাৰসকলৰ অভিভাৱক। তেওঁ সিহঁতক তাওফীক দিয়ে আৰু সিহঁতক সহায় কৰে লগতে সিহঁতক অজ্ঞতা আৰু কুফৰৰ অন্ধকাৰৰ পৰা জ্ঞান আৰু ঈমানৰ পোহৰৰ পিনে উলিয়াই আনে। আনহাতে যিসকলে কুফৰ কৰে সিহঁতৰ অভিভাৱক হৈছে মূৰ্তি আৰু সমকক্ষসকল। যিসকলে সিহঁতৰ বাবে কুফৰক সুসজ্জিত কৰিছে। আৰু সিহঁতক জ্ঞান আৰু ঈমানৰ পোহৰৰ পৰা উলিয়াই কুফৰ আৰু অজ্ঞতাৰ অন্ধকাৰত লৈ আহিছে। সিহঁতেই জাহান্নামৰ অধিবাসী, তাত সিহঁত চিৰকাল থাকিব।
2:258Страница 43
أَلَمۡ تَرَ إِلَى ٱلَّذِي حَآجَّ إِبۡرَٰهِـۧمَ فِي رَبِّهِۦٓ أَنۡ ءَاتَىٰهُ ٱللَّهُ ٱلۡمُلۡكَ إِذۡ قَالَ إِبۡرَٰهِـۧمُ رَبِّيَ ٱلَّذِي يُحۡيِۦ وَيُمِيتُ قَالَ أَنَا۠ أُحۡيِۦ وَأُمِيتُۖ قَالَ إِبۡرَٰهِـۧمُ فَإِنَّ ٱللَّهَ يَأۡتِي بِٱلشَّمۡسِ مِنَ ٱلۡمَشۡرِقِ فَأۡتِ بِهَا مِنَ ٱلۡمَغۡرِبِ فَبُهِتَ ٱلَّذِي كَفَرَۗ وَٱللَّهُ لَا يَهۡدِي ٱلۡقَوۡمَ ٱلظَّٰلِمِينَ ٢٥٨
Не знаешь ли ты о том, кто спорил с Ибрахимом (Авраамом) относительно его Господа, поскольку Аллах даровал ему царство? Ибрахим (Авраам) сказал ему: «Мой Господь - Тот, Кто дарует жизнь и умерщвляет». Он сказал: «Я дарую жизнь и умерщвляю». Ибрахим (Авраам) сказал: «Аллах заставляет солнце восходить на востоке. Заставь же его взойти на западе». И тогда тот, кто не уверовал, пришел в замешательство. Аллах не ведет прямым путем несправедливых людей.
হে নবী আপুনি সেই বিদ্ৰূহীৰ সাহসতকৈ অধিক আশ্চৰ্যজনক আন কোনো বস্তু দেখিছেনে, যিয়ে ইব্ৰাহীম আলাইহিছ ছালামৰ লগত আল্লাহৰ ৰূবুবিয়্যত আৰু তাওহীদ সম্পৰ্কে বিতৰ্ক কৰিছিল? এয়া এই কাৰণে হৈছিল যে, আল্লাহে তাক ৰাজত্ব প্ৰদান কৰিছিল যিটো পাই সি বিদ্ৰোহ হৈ গৈছিল। ইব্ৰাহীমে তেওঁৰ প্ৰতিপালকৰ বৈশিষ্ট্য বৰ্ণনা কৰি কলেঃ মোৰ প্ৰতিপালক সেইজন যিয়ে প্ৰাণীক জীৱন দান কৰে আৰু মৃত্যু প্ৰদান কৰে। বিদ্ৰোহীয়ে অহংকাৰ কৰি কলেঃ ময়ো জীৱন দান কৰিব পাৰো আৰু ময়ো মৃত্যু প্ৰদান কৰিব পাৰো। মই যাক ইচ্ছা হত্যা কৰিব পাৰো আৰু যাক ইচ্ছা এৰি দিব পাৰো। তেতিয়া ইব্ৰাহীম আলাইহিছ ছালামে ইয়াতকৈ ডাঙৰ প্ৰমাণ এটা দাঙি ধৰি কলেঃ মই যি প্ৰতিপালকৰ ইবাদত কৰো তেওঁ পূৱৰ পৰা সূৰ্যোদয় কৰে, এতেকে তুমি পশ্চিমৰ পৰা উদয় কৰি দেখুৱা। এই শুনি বিদ্ৰোহীয়ে তথমথ খালে আৰু ক্লান্ত হৈ পৰাজিত হল। আল্লাহে অন্যায়কাৰীসকলক অত্যাচাৰ আৰু বিদ্ৰোহৰ কাৰণে তেওঁৰ পথত পৰিচালিত হোৱাৰ তাওফীক প্ৰদান নকৰে।
2:259Страница 43
أَوۡ كَٱلَّذِي مَرَّ عَلَىٰ قَرۡيَةٖ وَهِيَ خَاوِيَةٌ عَلَىٰ عُرُوشِهَا قَالَ أَنَّىٰ يُحۡيِۦ هَٰذِهِ ٱللَّهُ بَعۡدَ مَوۡتِهَاۖ فَأَمَاتَهُ ٱللَّهُ مِاْئَةَ عَامٖ ثُمَّ بَعَثَهُۥۖ قَالَ كَمۡ لَبِثۡتَۖ قَالَ لَبِثۡتُ يَوۡمًا أَوۡ بَعۡضَ يَوۡمٖۖ قَالَ بَل لَّبِثۡتَ مِاْئَةَ عَامٖ فَٱنظُرۡ إِلَىٰ طَعَامِكَ وَشَرَابِكَ لَمۡ يَتَسَنَّهۡۖ وَٱنظُرۡ إِلَىٰ حِمَارِكَ وَلِنَجۡعَلَكَ ءَايَةٗ لِّلنَّاسِۖ وَٱنظُرۡ إِلَى ٱلۡعِظَامِ كَيۡفَ نُنشِزُهَا ثُمَّ نَكۡسُوهَا لَحۡمٗاۚ فَلَمَّا تَبَيَّنَ لَهُۥ قَالَ أَعۡلَمُ أَنَّ ٱللَّهَ عَلَىٰ كُلِّ شَيۡءٖ قَدِيرٞ ٢٥٩
Или над тем, кто проходил мимо селения, разрушенного до основания? Он сказал: «Как Аллах воскресит это после того, как все это умерло?». Аллах умертвил его на сто лет, а затем оживил и сказал: «Сколько ты пробыл здесь?». Он сказал: «Я пробыл день или часть дня». Он сказал: «Нет, ты пробыл сто лет. Посмотри на свою еду и воду: они даже не изменились. И посмотри на своего осла. Мы непременно сделаем тебя знамением для людей. Посмотри же, как Мы соберем кости, а затем покроем их мясом». Когда это было показано ему, он сказал: «Я знаю, что Аллах способен на всякую вещь».
অথবা আপুনি সেই ব্যক্তিৰ দৰে আন কোনো ব্যক্তি দেখিছে নেকি? যিজন ব্যক্তিয়ে এনেকুৱা এটা গাওঁৰ মাজেৰে অতিক্ৰম কৰিছিল যি গাওঁৰ ঘৰ দুৱাৰ বিনষ্ট হৈছিল আৰু তাত থকা অধিবাসীসকল ধ্বংস হৈছিল আৰু সেই গাওঁ ভয়াৱহ আৰু জনশূন্য হৈ গৈছিল। ব্যক্তিজনে আচৰিত হৈ কলে, আল্লাহে এই গাওঁবাসীক মৃত্যুৰ পিছত আকৌ কেনেকৈ জীৱিত কৰিব? ফলত আল্লাহে তেওঁক এশ বছৰৰ বাবে মৃত্যু প্ৰদান কৰিলে। পুনৰ তেওঁক জীৱিত কৰিলে আৰু সুধিলেঃ তুমি কিমান সময় মৃত হৈ আছিলা? তেওঁ উত্তৰ দিলেঃ মই এদিন অথবা কেই ঘন্টামান মৃত হৈ আছিলো। আল্লাহে তেওঁক জনালে যে, বৰং তুমি সম্পূৰ্ণ এশ বছৰ মৃত অৱস্থাত আছিলা। ইয়াৰ পিছতো তোমাৰ খাদ্যসামগ্ৰীৰ পিনে চোৱা, সেয়া আগৰ দৰেই সতেজ হৈ আছে, কোনো পৰিবৰ্তন হোৱা নাই। যদিও খাদ্য সামগ্ৰী অতি সোনকালে বেয়া হয়। আনহাতে তোমাৰ মৃত গাধটোৰ পিনে চোৱা। আমি তোমাৰ লগত এনেকুৱা এই বাবে কৰিলো যাতে তোমাক মানুহৰ বাবে নিদৰ্শন বনাব পাৰি যে, আল্লাহে পুনৰজীৱিত কৰিবলৈ সম্পূৰ্ণ সক্ষম। তোমাৰ মৃত গাধটোৰ হাড়খিনিলৈ চোৱা, কেনেকৈ সিচৰিত হৈ আছে। চোৱা! আমি কেনেকৈ এইবোৰক একত্ৰিত কৰি সংযুক্ত কৰো আৰু কেনেকৈ ইয়াৰ ওপৰত মাংস লগাই দিওঁ আৰু চোৱা কেনেকৈ আমি ইয়াক জীৱন দান কৰো। যেতিয়া তেওঁ এই দৃশ্য দেখা পালে, তেতিয়া তেওঁৰ ওচৰত সত্য উদ্ঘাটন হ'ল আৰু আল্লাহৰ শক্তি স্বীকাৰ কৰি কলে, মই জানো যে, আল্লাহ সকলো বিষয়ত ক্ষমতাৱান।
2:260Страница 44
وَإِذۡ قَالَ إِبۡرَٰهِـۧمُ رَبِّ أَرِنِي كَيۡفَ تُحۡيِ ٱلۡمَوۡتَىٰۖ قَالَ أَوَلَمۡ تُؤۡمِنۖ قَالَ بَلَىٰ وَلَٰكِن لِّيَطۡمَئِنَّ قَلۡبِيۖ قَالَ فَخُذۡ أَرۡبَعَةٗ مِّنَ ٱلطَّيۡرِ فَصُرۡهُنَّ إِلَيۡكَ ثُمَّ ٱجۡعَلۡ عَلَىٰ كُلِّ جَبَلٖ مِّنۡهُنَّ جُزۡءٗا ثُمَّ ٱدۡعُهُنَّ يَأۡتِينَكَ سَعۡيٗاۚ وَٱعۡلَمۡ أَنَّ ٱللَّهَ عَزِيزٌ حَكِيمٞ ٢٦٠
Вот сказал Ибрахим (Авраам): «Господи! Покажи мне, как Ты оживляешь покойников». Он сказал: «Разве ты не веруешь?». Он сказал: «Конечно! Но я хочу, чтобы мое сердце успокоилось». Он сказал: «Возьми четырех птиц, зарежь их, прижав к себе, и положи по кусочку на каждом холме. А потом позови их, и они стремительно явятся к тебе. И знай, что Аллах - Могущественный, Мудрый».
হে নবী! স্মৰণ কৰক, যেতিয়া ইব্ৰাহীম আলাইহিছ ছালামে কৈছিলঃ হে মোৰ ৰব ! মৃতক কেনেকৈ পুনৰ জীৱিত কৰা হব? মই মোৰ নিজ চকুৰে দেখিব বিচাৰো। আল্লাহে কলেঃ কিয়, তুমি বিশ্বাস নকৰা নেকি? ইব্ৰাহীমে কলেঃ নিশ্চয় বিশ্বাস কৰো, কিন্তু মনৰ সন্তুষ্টি বৃদ্ধি কৰাৰ বাবে দেখিব বিচাৰো। আল্লাহে তেওঁক আদেশ দি ক'লেঃ চাৰিটা চৰাই লোৱা আৰু সেইবোৰক শিক্ষা দিয়া আৰু সেইবোৰক টুকুৰা টুকুৰ কৰা। তাৰ পিছত সেই টুকুৰাসমূহ ওচৰে পাঁজৰে থকা পাহাৰত গৈ এটা এটাকৈ টুকুৰা থৈ আহা। তাৰ পিছত সেই চৰাইবোৰৰ নাম লৈ মাতা। সিহঁত তোমাৰ পিনে দৌৰি আহিব আৰু সিহঁত পুনৰ জীৱন দান পাব। হে ইব্ৰাহীম! জানি থোৱা যে, আল্লাহ তেওঁৰ ৰাজত্বত বৰ ক্ষমতাৱান লগতে তেওঁৰ আদেশ আৰু চৰীয়ত প্ৰণয়নত তেওঁ অতি প্ৰজ্ঞাৱান।
2:261Страница 44
مَّثَلُ ٱلَّذِينَ يُنفِقُونَ أَمۡوَٰلَهُمۡ فِي سَبِيلِ ٱللَّهِ كَمَثَلِ حَبَّةٍ أَنۢبَتَتۡ سَبۡعَ سَنَابِلَ فِي كُلِّ سُنۢبُلَةٖ مِّاْئَةُ حَبَّةٖۗ وَٱللَّهُ يُضَٰعِفُ لِمَن يَشَآءُۚ وَٱللَّهُ وَٰسِعٌ عَلِيمٌ ٢٦١
Притчей о тех, кто расходует свое имущество на пути Аллаха, является притча о зерне, из которого выросло семь колосьев, и в каждом колосе - по сто зерен. Аллах увеличивает награду, кому пожелает. Аллах - Объемлющий, Знающий.
আল্লাহৰ পথত ব্যয়কাৰী মুমিনসকলৰ ছোৱাবৰ উদাহৰণ এটা শস্য দানাৰ দৰে, যিটোক কৃষকে ভাল মাটিত ৰোপন কৰে, তাৰ পিছত ইয়াৰ পৰা সাত টা সিজা ওলায়, আৰু প্ৰতিটো সিজাত এশ টাকৈ দানা থাকে। আল্লাহে তেওঁৰ বান্দাসকলৰ যাক ইচ্ছা কৰে তাৰ ছোৱাব বৃদ্ধি কৰি দিয়ে আৰু তাক অগণন প্ৰতিফল প্ৰদান কৰে। আল্লাহ বৰ অনুগ্ৰহশীল আৰু প্ৰদানকাৰী। আৰু তেওঁ ভালকৈয়ে জানে কোনে অধিক পোৱাৰ বেছি হকদাৰ।
2:262Страница 44
ٱلَّذِينَ يُنفِقُونَ أَمۡوَٰلَهُمۡ فِي سَبِيلِ ٱللَّهِ ثُمَّ لَا يُتۡبِعُونَ مَآ أَنفَقُواْ مَنّٗا وَلَآ أَذٗى لَّهُمۡ أَجۡرُهُمۡ عِندَ رَبِّهِمۡ وَلَا خَوۡفٌ عَلَيۡهِمۡ وَلَا هُمۡ يَحۡزَنُونَ ٢٦٢
Тем, кто расходует свое имущество на пути Аллаха и не сопровождает свои пожертвования попреками и оскорблениями, уготована награда у их Господа. Они не познают страха и не будут опечалены.
যি সকলে নিজৰ সম্পদ আল্লাহৰ অনুসৰণ আৰু তেওঁৰ সন্তুষ্টি অৰ্জনৰ বাবে ব্যয় কৰে, আৰু ব্যয় কৰাৰ পিছত এনেকুৱা কোনো কাম নকৰে যাৰ ফলত তাৰ আমল বিনষ্ট হৈ যাব, যেনেঃ মানুহৰ প্ৰতি সহায় সহযোগিতা কৰি সেই কথা গাই নুফুৰে। সিহঁতৰ ছোৱাব সিহঁতৰ প্ৰতিপালকৰ ওচৰত আছে। সিহঁতে এনেকুৱা অনুগ্ৰহ প্ৰাপ্ত হব যাৰ ফলত ভৱিষ্যতৰ কোনো চিন্তা নাথাকিব আৰু অতীতৰ প্ৰতিও কোনো দুখ নহব।
2:263Страница 44
۞ قَوۡلٞ مَّعۡرُوفٞ وَمَغۡفِرَةٌ خَيۡرٞ مِّن صَدَقَةٖ يَتۡبَعُهَآ أَذٗىۗ وَٱللَّهُ غَنِيٌّ حَلِيمٞ ٢٦٣
Доброе слово и прощение лучше милостыни, за которой следует обидный попрек. Аллах - Богатый, Выдержанный.
ভাল কথাই মুমিনৰ অন্তৰত আনন্দ দিয়ে লগতে বেয়া ব্যৱহাৰকাৰীক ক্ষমা কৰি দিয়াটো সেই দানতকৈ উত্তম, যি দান দিয়াৰ পিছত মানুহৰ মাজত প্ৰচাৰ কৰি দানকৃত ব্যক্তিক কষ্ট দিয়া হয়। আল্লাহ তেওঁৰ বান্দাসকলৰ পৰা অমুখাপেক্ষী। তেওঁ বৰ সহনশীল, শাস্তি প্ৰদানত খৰখেদা নকৰে।
2:264Страница 44
يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ لَا تُبۡطِلُواْ صَدَقَٰتِكُم بِٱلۡمَنِّ وَٱلۡأَذَىٰ كَٱلَّذِي يُنفِقُ مَالَهُۥ رِئَآءَ ٱلنَّاسِ وَلَا يُؤۡمِنُ بِٱللَّهِ وَٱلۡيَوۡمِ ٱلۡأٓخِرِۖ فَمَثَلُهُۥ كَمَثَلِ صَفۡوَانٍ عَلَيۡهِ تُرَابٞ فَأَصَابَهُۥ وَابِلٞ فَتَرَكَهُۥ صَلۡدٗاۖ لَّا يَقۡدِرُونَ عَلَىٰ شَيۡءٖ مِّمَّا كَسَبُواْۗ وَٱللَّهُ لَا يَهۡدِي ٱلۡقَوۡمَ ٱلۡكَٰفِرِينَ ٢٦٤
О те, которые уверовали! Не делайте ваши подаяния тщетными своими попреками и оскорблениями, подобно тому, кто расходует свое имущество ради показухи и не веруют при этом в Аллаха и в Последний день. Притчей о нем является притча о гладкой скале, покрытой слоем земли. Но вот выпал ливень и оставил скалу голой. Они не властны ни над чем из того, что приобрели. Аллах не ведет прямым путем неверующих людей.
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু ৰাছুলৰ অনুসাৰীসকল! দান কৰাৰ পিছত সেই দানৰ কথা মানুহৰ মাজত গাই ফুৰি আৰু কষ্ট প্ৰদান কৰি নিজৰ দানৰ ছোৱাব বিনষ্ট নকৰিবা। এনে কৰা ব্যক্তিৰ উদাহৰণ সেই ব্যক্তিৰ দৰে, যিয়ে নিজৰ ধন-সম্পত্তি এই উদ্দেশ্যে ব্যয় কৰে যাতে মানুহে সেয়া দেখে আৰু তাৰ প্ৰশংসা কৰে। অথচ এনেকুৱা ব্যক্তিয়ে আল্লাহৰ প্ৰতি, শেষ দিৱসৰ প্ৰতি আৰু সেইদিনা পাবলগীয়া ছোৱাব আৰু শাস্তিৰ প্ৰতি বিশ্বাস নকৰে। তাৰ উদাহৰণ হৈছে সেই শিলৰ দৰে, যাৰ ওপৰত অলপ মাটি আছে কিন্তু ধাৰাসাৰ বৰষুণে সেই মাটি ধুই নিয়ে আৰু সেই শিল পুনৰ আগৰ অৱস্থাত আহি পৰে। মানুহক দেখুৱাবলৈ নেক কৰ্ম কৰা ব্যক্তিৰ অৱস্থাও এনেকুৱাই হয়। সিহঁতৰ কৰ্ম আৰু ব্যয়ৰ পুণ্য শেষ হৈ যায়। আৰু আল্লাহৰ ওচৰত সিহঁতৰ কোনো পুণ্য অৱশিষ্ট নাথাকে। আল্লাহে কাফিৰসকলক তেওঁৰ সন্তুষ্টি অৰ্জনৰ তাওফীক নিদিয়ে। লগতে এনেকুৱা কোনো কৰ্ম আৰু ব্যয়ৰো তাওফীক নিদিয়ে যিটোৰ পৰা সিহঁতৰ উপকাৰ হব।
2:265Страница 45
وَمَثَلُ ٱلَّذِينَ يُنفِقُونَ أَمۡوَٰلَهُمُ ٱبۡتِغَآءَ مَرۡضَاتِ ٱللَّهِ وَتَثۡبِيتٗا مِّنۡ أَنفُسِهِمۡ كَمَثَلِ جَنَّةِۭ بِرَبۡوَةٍ أَصَابَهَا وَابِلٞ فَـَٔاتَتۡ أُكُلَهَا ضِعۡفَيۡنِ فَإِن لَّمۡ يُصِبۡهَا وَابِلٞ فَطَلّٞۗ وَٱللَّهُ بِمَا تَعۡمَلُونَ بَصِيرٌ ٢٦٥
Притчей о тех, которые расходуют свое имущество, чтобы снискать довольство Аллаха и укрепить себя, является притча о саде на холме. Если его оросит ливень, он приносит плоды вдвойне. Если же его не оросит ливень, то ему бывает достаточно моросящего дождя. Аллах видит то, что вы совершаете.
সেই সকল মুমিনৰ উদাহৰণ যিসকলে অন্তৰেৰে পূৰ্ণ বিশ্বাসৰ সৈতে, কোনো ধৰণৰ জোৰ-জবৰদস্তি নোহোৱাকৈ আল্লাহৰ সন্তুষ্টি অৰ্জন কৰাৰ বাবে নিজৰ সম্পদ ব্যয় কৰে, তেওঁলোকৰ উদাহৰণ সেই বাগানৰ দৰে যিটো ওখ স্থানত অৱস্থিত। ধাৰাসাৰ বৰষুণ হলে সেই বাগানত দ্বিগুণ ফল উত্পন্ন হয়। আনহাতে বেছি বৰষুণ নহলেও ভাল মাটি হোৱাৰ বাবে অলপ বৰষুণেই যথেষ্ট হয়। নিষ্ঠাৰ সৈতে ব্যয়কাৰী সকলৰো এনেকুৱাই অৱস্থা। আল্লাহে সেয়া কবুল কৰে আৰু তাৰ নেকী বৃদ্ধি কৰি দিয়ে, যদিও তাৰ ব্যয়ৰ পৰিমাণ কম। আল্লাহে তোমালোকৰ কৰ্ম দেখি আছে। এতেকে যিসকলে দেখুৱাবলৈ নেক কাম কৰে আৰু যিসকলে নিষ্ঠাৰ সৈতে কাম কৰে, সিহঁত উভয়ৰ অৱস্থা আল্লাহৰ পৰা গোপন নহয়। আল্লাহে প্ৰত্যেককে সেই অনুপাতেই প্ৰতিদান দিব যিটোৰ সি উপযুক্ত।
2:266Страница 45
أَيَوَدُّ أَحَدُكُمۡ أَن تَكُونَ لَهُۥ جَنَّةٞ مِّن نَّخِيلٖ وَأَعۡنَابٖ تَجۡرِي مِن تَحۡتِهَا ٱلۡأَنۡهَٰرُ لَهُۥ فِيهَا مِن كُلِّ ٱلثَّمَرَٰتِ وَأَصَابَهُ ٱلۡكِبَرُ وَلَهُۥ ذُرِّيَّةٞ ضُعَفَآءُ فَأَصَابَهَآ إِعۡصَارٞ فِيهِ نَارٞ فَٱحۡتَرَقَتۡۗ كَذَٰلِكَ يُبَيِّنُ ٱللَّهُ لَكُمُ ٱلۡأٓيَٰتِ لَعَلَّكُمۡ تَتَفَكَّرُونَ ٢٦٦
Захочет ли кто-нибудь из вас, если у него будет сад из финиковых пальм и виноградника, в котором текут реки и растут всякие плоды, чтобы его сад был поражен огненным вихрем и сгорел, когда его постигнет старость, а его дети будут еще слабы? Так Аллах разъясняет вам знамения, - быть может, вы поразмыслите.
তোমালোকৰ কোনোবাই এনেকুৱা আশা কৰানে যে, তাৰ বাবে খেজুৰ আৰু আঙুৰৰ এটা উদ্যান হওঁক, তাৰ মাজেৰে নিজৰা প্ৰবাহিত হওঁক। লগতে সেই উদ্যানত সকলো ধৰণৰ ফলমূল হওঁক। কিন্তু সেই উদ্যানৰ গৰাকী ইমান বয়সীয়াল যে, সি উপাৰ্জন কৰাৰ আৰু কৰ্ম কৰাৰো শক্তি নাই। কিন্তু তাৰ সৰু সৰু দুৰ্বল লৰা-ছোৱালী আছে, সিহঁতেও কাম কৰা বয়সত উপনীত হোৱা নাই। কিন্তু হঠাৎ এনেকুৱা ধুমুহা আহিল য’ত আছে প্ৰচণ্ড জুই, আৰু সেই ধুমুহাই গোটেই উদ্যানটোক জ্বলাই পেলালে। যদিও বৃদ্ধাৱস্থাত উপনীত হোৱাৰ কাৰণে আৰু সৰু সৰু লৰা ছোৱালী থকাৰ বাবে সেই উদ্যানটো আছিল তাৰ বাবে অতি আৱশ্যকীয়। এতেকে মানুহক দেখুৱাবলৈ দান (নেক কৰ্ম) কৰা ব্যক্তিৰ অৱস্থাও সেই ব্যক্তিৰ দৰেই। সি ক্বিয়ামতৰ দিনা আল্লাহৰ ওচৰত এনেকুৱা সময়ত উপস্থিত হব যেতিয়া তাৰ নেকীৰ খুবেই প্ৰয়োজন হব। আল্লাহে এই দৰেই বিস্তাৰিত বৰ্ণনা কৰে যে, পৃথিৱী আৰু আখিৰাতত কোনটো বস্তু তোমালোকৰ বাবে উপকাৰী যাতে তোমালোকে চিন্তা-চৰ্চা কৰিব পাৰা।
2:267Страница 45
يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓاْ أَنفِقُواْ مِن طَيِّبَٰتِ مَا كَسَبۡتُمۡ وَمِمَّآ أَخۡرَجۡنَا لَكُم مِّنَ ٱلۡأَرۡضِۖ وَلَا تَيَمَّمُواْ ٱلۡخَبِيثَ مِنۡهُ تُنفِقُونَ وَلَسۡتُم بِـَٔاخِذِيهِ إِلَّآ أَن تُغۡمِضُواْ فِيهِۚ وَٱعۡلَمُوٓاْ أَنَّ ٱللَّهَ غَنِيٌّ حَمِيدٌ ٢٦٧
О те, которые уверовали! Делайте пожертвования из приобретенных вами благ и того, что Мы взрастили для вас на земле, и не стремитесь раздать в качестве пожертвования дурное, чего бы вы сами не взяли, пока не зажмурили глаза. И знайте, что Аллах - Богатый, Достохвальный.
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসৰণকাৰী সকল! নিজে উপাৰ্জন কৰা পৱিত্ৰ হালাল সম্পদৰ পৰা ব্যয় কৰা লগতে ব্যয় কৰা খেতিৰ পৰা উত্পাদিত ফচলৰ এটা অংশ, যিটো আমি তোমালোকৰ বাবে উত্পন্ন কৰিছো। আৰু এনেকুৱা পেলনীয়া বস্তু ব্যয় কৰাৰ সংকল্প নকৰিবা যিটো তোমালোকক দিলে তোমালোকে নিজেই গ্ৰহণ নকৰিবা, হয়তো বাধ্যত পৰি গ্ৰহণ কৰিব পাৰা। এতেকে যিটো তোমালোকে নিজৰ বাবে পছন্দ নকৰা সেইটো আল্লাহৰ বাবে কিয়? নিৰ্বাচন কৰা জানি থোৱা! আল্লাহ তোমালোকৰ ব্যয়ৰ পৰা অমুখাপেক্ষী আৰু তেওঁৰ সত্ত্বা তথা তেওঁৰ কৰ্ম প্ৰশংসনীয়।
2:268Страница 45
ٱلشَّيۡطَٰنُ يَعِدُكُمُ ٱلۡفَقۡرَ وَيَأۡمُرُكُم بِٱلۡفَحۡشَآءِۖ وَٱللَّهُ يَعِدُكُم مَّغۡفِرَةٗ مِّنۡهُ وَفَضۡلٗاۗ وَٱللَّهُ وَٰسِعٌ عَلِيمٞ ٢٦٨
Дьявол угрожает вам бедностью и велит творить мерзость. Аллах же обещает вам прощение от Него и милость. Аллах - Объемлющий, Знающий.
চয়তানে তোমালোকক অভাৱ অনাটনৰ ভয় দেখুৱায়, কৃপণতাৰ নিৰ্দেশ দিয়ে আৰু পাপ কৰ্মৰ পিনে আহ্বান কৰে। আনহাতে আল্লাহে তোমালোকক তোমালোকৰ গুনাহ ক্ষমা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে লগতে ব্যপক জীৱিকাৰ বচন দিয়ে। আল্লাহ বিশাল অনুগ্ৰহশীল আৰু বান্দাৰ অৱস্থা সম্পৰ্কে সম্যক অৱগত।
2:269Страница 45
يُؤۡتِي ٱلۡحِكۡمَةَ مَن يَشَآءُۚ وَمَن يُؤۡتَ ٱلۡحِكۡمَةَ فَقَدۡ أُوتِيَ خَيۡرٗا كَثِيرٗاۗ وَمَا يَذَّكَّرُ إِلَّآ أُوْلُواْ ٱلۡأَلۡبَٰبِ ٢٦٩
Он дарует мудрость, кому пожелает, и тот, кому дарована мудрость, награжден великим благом. Однако поминают назидание только обладающие разумом.
আল্লাহে যাক ইচ্ছা কৰে কথাত সত্যতা আৰু কৰ্মত শুদ্ধতা প্ৰদান কৰে। আৰু যাক এই গুণ প্ৰদান কৰা হৈছে তাক অসংখ্য কল্যাণ প্ৰদান কৰা হৈছে। আল্লাহৰ নিদৰ্শনৰ পৰা কেৱল সেইজন বুদ্ধিমানেই শিক্ষা গ্ৰহণ কৰে যিয়ে তেওঁৰ নুৰৰ পৰা পোহৰ গ্ৰহণ কৰে আৰু তেওঁৰ নিৰ্দেশিত পথত পৰিচালিত হয়।
2:270Страница 46
وَمَآ أَنفَقۡتُم مِّن نَّفَقَةٍ أَوۡ نَذَرۡتُم مِّن نَّذۡرٖ فَإِنَّ ٱللَّهَ يَعۡلَمُهُۥۗ وَمَا لِلظَّٰلِمِينَ مِنۡ أَنصَارٍ ٢٧٠
Что бы вы ни потратили, какой бы обет вы ни дали, Аллах знает об этом. Но для беззаконников нет помощников.
তোমালোকে আল্লাহৰ সন্তুষ্টি লাভৰ বাবে যি ব্যয় কৰা, কম হওঁক বা বেছি, অথবা নিজৰ ফালৰ পৰা যি নেকী কৰা যিটো চৰীয়তে তোমাৰ ওপৰত ধাৰ্য্য কৰা নাই, আল্লাহে সেই সকলোবোৰ জানে। তেওঁৰ ওচৰত কোনো বস্তু বিনষ্ট নহব, আৰু তেওঁ তোমালোকক অতি উত্তম প্ৰতিদান দিব। আনহাতে আল্লাহৰ সীমালঙ্ঘনকাৰী সকল আৰু নিজৰ ওপৰত অনিবাৰ্য (অধিকাৰসমূহ) আদায় নকৰা অত্যাচাৰীসকলৰ বাবে এনেকুৱা কোনো সহায়ক নহব যিয়ে ক্বিয়ামতৰ দিনা তাৰ শাস্তি দূৰ কৰিব পাৰিব।
2:271Страница 46
إِن تُبۡدُواْ ٱلصَّدَقَٰتِ فَنِعِمَّا هِيَۖ وَإِن تُخۡفُوهَا وَتُؤۡتُوهَا ٱلۡفُقَرَآءَ فَهُوَ خَيۡرٞ لَّكُمۡۚ وَيُكَفِّرُ عَنكُم مِّن سَيِّـَٔاتِكُمۡۗ وَٱللَّهُ بِمَا تَعۡمَلُونَ خَبِيرٞ ٢٧١
Если вы раздаете милостыню открыто, то это прекрасно. Но если вы скрываете это и раздаете ее неимущим, то это еще лучше для вас. Он простит вам некоторые из ваших прегрешений. Аллах ведает о том, что вы совершаете.
তোমালোকে যি দান কৰা সেয়া যদি প্ৰকাশ্যভাৱে কৰা তথাপিও ভাল, কিন্তু যদি গোপনে দুখীয়াক দান কৰা তেন্তে এয়া প্ৰকাশ্য দান কৰাতকৈ অধিক উত্তম। কিয়নো এইটো পৱিত্ৰতা আৰু নিষ্ঠাৰ অধিক অনুকূল। তথা দানৰ পৰিবৰ্তে আল্লাহৰ তৰফৰ পৰা নিষ্ঠাৱানৰ পাপসমূহ গোপন কৰা হয় আৰু ক্ষমা কৰি দিয়া হয়। জানি থোৱা! আল্লাহে তোমালোকৰ কৰ্ম সম্পৰ্কে সম্যক অৱগত। এতেকে তোমালোকৰ কোনো অৱস্থা তেওঁৰ পৰা গোপন নহয়।
2:272Страница 46
۞ لَّيۡسَ عَلَيۡكَ هُدَىٰهُمۡ وَلَٰكِنَّ ٱللَّهَ يَهۡدِي مَن يَشَآءُۗ وَمَا تُنفِقُواْ مِنۡ خَيۡرٖ فَلِأَنفُسِكُمۡۚ وَمَا تُنفِقُونَ إِلَّا ٱبۡتِغَآءَ وَجۡهِ ٱللَّهِۚ وَمَا تُنفِقُواْ مِنۡ خَيۡرٖ يُوَفَّ إِلَيۡكُمۡ وَأَنتُمۡ لَا تُظۡلَمُونَ ٢٧٢
Вести их прямым путем - не твоя обязанность, ибо Аллах ведет прямым путем, кого пожелает. Все, что вы расходуете, идет на пользу вам самим. Вы расходуете это только из стремления к Лику Аллаха. Какое бы добро вы ни израсходовали, вам воздастся сполна, и с вами не поступят несправедливо.
হে নবী! এনেকুৱা হিদায়ত দিয়া আপোনাৰ কৰ্তব্য নহয় যাৰ দ্বাৰা সিহঁতে সত্য গ্ৰহণ কৰিব, নত স্বীকাৰ কৰিব বা সিহঁতে ইয়াৰ দ্বাৰা প্ৰেৰণা পাব। বৰং আপোনাৰ কৰ্তব্য হৈছে, সত্যৰ পথ দেখুৱা আৰু সেই পথৰ পৰিচয় দিয়া। কিয়নো সত্যৰ হিদায়ত আৰু ইয়াৰ তাওফীক কেৱল আল্লাহৰ হাতত। তেওঁ যাক ইচ্ছা কৰে হিদায়ত দিয়ে। তথা তোমালোকে যি ব্যয় কৰা, ইয়াৰ প্ৰতিদান তোমালোকেই লাভ কৰিবা। কিয়নো আল্লাহ ইয়াৰ পৰা অমুখাপেক্ষী। এতেকে তোমালোকৰ ব্যয় কেৱল আল্লাহৰ বাবেই হোৱা উচিত। কিয়নো প্ৰকৃত মুমিন ব্যক্তিয়ে কেৱল আল্লাহৰ সন্তুষ্টি লাভৰ বাবেহে ব্যয় কৰে। তোমালোকে যি ব্যয় কৰা, তাৰ মাত্ৰা কম হওঁক বা অধিক, তোমালোকক ইয়াৰ পৰিপূৰ্ণ প্ৰতিদান দিয়া হব আৰু তাত অলপো হ্ৰাস কৰা নহ'ব। জানি থোৱা! আল্লাহে কাৰো ওপৰত অন্যায় নকৰে।
2:273Страница 46
لِلۡفُقَرَآءِ ٱلَّذِينَ أُحۡصِرُواْ فِي سَبِيلِ ٱللَّهِ لَا يَسۡتَطِيعُونَ ضَرۡبٗا فِي ٱلۡأَرۡضِ يَحۡسَبُهُمُ ٱلۡجَاهِلُ أَغۡنِيَآءَ مِنَ ٱلتَّعَفُّفِ تَعۡرِفُهُم بِسِيمَٰهُمۡ لَا يَسۡـَٔلُونَ ٱلنَّاسَ إِلۡحَافٗاۗ وَمَا تُنفِقُواْ مِنۡ خَيۡرٖ فَإِنَّ ٱللَّهَ بِهِۦ عَلِيمٌ ٢٧٣
Милостыня полагается неимущим, которые задержаны на пути Аллаха или не могут передвигаться по земле. Неосведомленный считает их богачами по причине их скромности. Ты узнаешь их по приметам: они не выпрашивают у людей милостыню настойчиво. Какое бы добро вы ни израсходовали, Аллах знает об этом.
দান সেইসকল দুখীয়াক কৰা, যিসকলে আল্লাহৰ পথত যুদ্ধৰ কাৰণে জীৱিকা উপাৰ্জনৰ বাবে যাত্ৰা কৰিব নোৱাৰে। সিহঁতৰ অৱস্থা সম্পৰ্কে অজানা ব্যক্তিয়ে সিহঁতক ধনী বুলি ভাৱে, কাৰণ সিহঁতে মানুহৰ ওচৰত মাগি নুফুৰে। আনহাতে জনা ব্যক্তিয়ে সিহঁতৰ লক্ষণ দেখিয়ে চিনি পায়, কিয়নো সিহঁতৰ শৰীৰ আৰু পৰিধানত অভাৱৰ চিহ্ন প্ৰকাশ পায়। সিহঁতৰ আৰু এটা চিহ্ন এই যে, সিহঁতে আন আন মগনীয়াৰ দৰে হেচাঁ মাৰি ধৰি মাগি নুফুৰে। এতেকে তোমালোকে যি ব্যয় কৰা নিশ্চয় আল্লাহ সেই সম্পৰ্কে সম্যক অৱগত। আৰু তোমালোকক ইয়াৰ উত্তম প্ৰতিদান দিব।
2:274Страница 46
ٱلَّذِينَ يُنفِقُونَ أَمۡوَٰلَهُم بِٱلَّيۡلِ وَٱلنَّهَارِ سِرّٗا وَعَلَانِيَةٗ فَلَهُمۡ أَجۡرُهُمۡ عِندَ رَبِّهِمۡ وَلَا خَوۡفٌ عَلَيۡهِمۡ وَلَا هُمۡ يَحۡزَنُونَ ٢٧٤
Тем, кто расходует свое имущество ночью и днем, тайно и явно, уготована награда у их Господа. Они не познают страха и не будут опечалены.
আৰু যিসকলে নিজৰ ধন দিনে-ৰাতি, প্ৰকাশ্য অপ্ৰকাশ্য কেৱল আল্লাহৰ সন্তুষ্টি অৰ্জনৰ বাবে ব্যয় কৰে, মানুহক দেখুৱাবলৈ বা প্ৰচাৰ কৰাৰ উদ্দেশ্যে ব্যয় নকৰে। তেওঁলোকে কিয়ামতৰ দিনা ইয়াৰ প্ৰতিদান নিজ প্ৰতিপালকৰ ওচৰত পাব। ভৱিষ্যতৰ কোনো ভয় তেওঁলোকৰ নাথাকিব আৰু পৃথিৱীত এৰি থৈ যোৱা বস্তুৰো কোনো চিন্তা নাথাকিব। এই সকলো পুৰষ্কাৰ আল্লাহৰ তৰফৰ পৰা নিয়ামত আৰু অনুগ্ৰহৰূপে লাভ কৰিব।
2:275Страница 47
ٱلَّذِينَ يَأۡكُلُونَ ٱلرِّبَوٰاْ لَا يَقُومُونَ إِلَّا كَمَا يَقُومُ ٱلَّذِي يَتَخَبَّطُهُ ٱلشَّيۡطَٰنُ مِنَ ٱلۡمَسِّۚ ذَٰلِكَ بِأَنَّهُمۡ قَالُوٓاْ إِنَّمَا ٱلۡبَيۡعُ مِثۡلُ ٱلرِّبَوٰاْۗ وَأَحَلَّ ٱللَّهُ ٱلۡبَيۡعَ وَحَرَّمَ ٱلرِّبَوٰاْۚ فَمَن جَآءَهُۥ مَوۡعِظَةٞ مِّن رَّبِّهِۦ فَٱنتَهَىٰ فَلَهُۥ مَا سَلَفَ وَأَمۡرُهُۥٓ إِلَى ٱللَّهِۖ وَمَنۡ عَادَ فَأُوْلَٰٓئِكَ أَصۡحَٰبُ ٱلنَّارِۖ هُمۡ فِيهَا خَٰلِدُونَ ٢٧٥
Те, которые пожирают лихву, восстанут, как восстает тот, кого дьявол поверг своим прикосновением. Это потому, что они говорили: «Воистину, торговля подобна лихоимству». Но Аллах дозволил торговлю и запретил лихоимство. Если кто-нибудь из них после того, как к нему явится увещевание от его Господа, прекратит, то ему будет прощено то, что было прежде, и его дело будет в распоряжении Аллаха. А кто вернется к этому, те станут обитателями Огня, в котором они пребудут вечно.
যিসকলে সুতৰ লেন দেন কৰে তথা সুত খায়, সিহঁতে ক্বিয়ামতৰ দিনা কবৰৰ পৰা এনেকৈ উঠিব, যিদৰে চয়তানে স্পৰ্শ কৰা ব্যক্তিয়ে উঠে। সি কবৰৰ পৰা এনেকৈ থিয় হ'ব যিদৰে মিৰ্গী ৰোগীয়ে থৰক বৰক কৈ থিয় হয়। এনেকুৱা এই কাৰণেই হ'ব যে, সিহঁতে সুতক বৈধ বুলি ভাৱে লগতে আল্লাহে হালাল কৰা ব্যৱসায় আৰু সুতৰ মাজত কোনো পাৰ্থক্য নকৰে। সিহঁতে কয়, সুত ব্যৱসায়ৰ দৰেই। উভয়টোতে ধন বৃদ্ধি হয়। এতেকে আল্লাহে সিহঁতৰ কথা খণ্ডন কৰিছে, সিহঁতৰ যুক্তি ৰদ্দ কৰিছে, সিহঁতক অস্বীকাৰ কৰিছে আৰু স্পষ্ট কৰিছে যে, আল্লাহে ব্যৱসায় বৈধ কৰিছে। কিয়নো ইয়াত সৰ্বসাধাৰণৰ কল্যাণ আছে আনহাতে সুতক হাৰাম কৰিছে, কিয়নো ইয়াত অন্যায় আৰু আনৰ ধন আত্মসাত কৰাৰ পথ আছে। এতেকে নিজ প্ৰতিপালকৰ তৰফৰ পৰা সুতৰ পৰা বিৰত থকাৰ আৰু সতৰ্ক থকাৰ উপদেশ অহাৰ পিছত যিয়ে ইয়াৰ পৰা বিৰত থাকিব আৰু তাওবা কৰিব তেন্তে ইতিপূৰ্বে যি সুতৰ লেন-দেন কৰিছে ইয়াৰ ওপৰত তাৰ কোনো গুনাহ নহ'ব। তথা তাৰ ভৱিষ্যতৰ বিষয় আল্লাহৰ অধীনত থাকিব। কিন্তু আল্লাহৰ ফালৰ পৰা স্পষ্ট আদেশ অহাৰ পিছতো যিয়ে সুতৰ লেন-দেন কৰিব, সি নিশ্চিতভাৱে জাহান্নামত প্ৰৱেশ কৰিব আৰু তাত চিৰস্থায়ী হ'ব। জানি থোৱা উচিত যে, ইয়াত চিৰস্থায়ী মানে হৈছে দীৰ্ঘ সময় থাকিব। কিয়নো জাহান্নামত চিৰস্থায়ী কেৱল কাফিৰসকলেহে থাকিব। তাওহীদৰ ওপৰত প্ৰতিষ্ঠিত ব্যক্তি তাত চিৰস্থায়ী নহ'ব।
2:276Страница 47
يَمۡحَقُ ٱللَّهُ ٱلرِّبَوٰاْ وَيُرۡبِي ٱلصَّدَقَٰتِۗ وَٱللَّهُ لَا يُحِبُّ كُلَّ كَفَّارٍ أَثِيمٍ ٢٧٦
Аллах уничтожает лихву и приумножает пожертвования. Аллах не любит всяких неблагодарных (или неверующих) грешников.
আল্লাহে সুতৰ ধন বিনষ্ট কৰি দিয়ে, প্ৰকাশ্যভাৱে বিনষ্ট কৰে অথবা বৰকত উঠাই লয়। আনহাতে চাদাকাৰ ছোৱাব কেই গুণ বৃদ্ধি কৰি দিয়ে। এতেকে এটা নেকীৰ বৃদ্ধি দহৰ পৰা সাত শ গুণ পৰ্যন্ত বা তাতোকৈ বেছি কৰি দিয়ে লগতে দানকাৰীৰ সম্পত্তিত বৰকত দিয়ে। আল্লাহে বিৰুদ্ধাচাৰী কাফিৰক, হাৰামক হালাল বুলি ভৱা ব্যক্তিক লগতে পাপ কৰ্মত লিপ্ত থকা ব্যক্তিক ভাল নাপায়।
2:277Страница 47
إِنَّ ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ وَأَقَامُواْ ٱلصَّلَوٰةَ وَءَاتَوُاْ ٱلزَّكَوٰةَ لَهُمۡ أَجۡرُهُمۡ عِندَ رَبِّهِمۡ وَلَا خَوۡفٌ عَلَيۡهِمۡ وَلَا هُمۡ يَحۡزَنُونَ ٢٧٧
Воистину, тем, которые уверовали и вершили праведные деяния, совершали намаз и выплачивали закят, уготована награда у их Господа. Они не познают страха и не будут опечалены.
প্ৰকৃততে যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে, তেওঁৰ ৰাছুলৰ অনুসৰণ কৰিছে, সত্কৰ্ম কৰিছে আৰু আল্লাহে যেনেকৈ কৈছে সেই অনুযায়ী সম্পূৰ্ণ ছালাত আদায় কৰিছে, লগতে যাকাতৰ উপযুক্ত ব্যক্তিক যাকাত প্ৰদান কৰিছে, তেওঁলোকে নিজ প্ৰতিপালকৰ ওচৰত তেওঁলোকৰ প্ৰতিদান পাব। ভৱিষ্যতৰ কোনো চিন্তা তেওঁলোকৰ নাথাকিব আৰু পৃথিৱীত এৰি থৈ যোৱা বস্তুৰ প্ৰতিও কোনো দুখ নহ'ব।
2:278Страница 47
يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ ٱتَّقُواْ ٱللَّهَ وَذَرُواْ مَا بَقِيَ مِنَ ٱلرِّبَوٰٓاْ إِن كُنتُم مُّؤۡمِنِينَ ٢٧٨
О те, которые уверовали! Бойтесь Аллаха и не берите оставшуюся часть лихвы, если только вы являетесь верующими.
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! আল্লাহক ভয় কৰা, তেওঁৰ আদেশ পালন কৰা আৰু তেওঁৰ নিষেধকৃত বস্তু পৰিত্যাগ কৰা লগতে মানুহৰ ওচৰত সুতৰ যি ধন বাকী আছে সেয়া আৰু নিবিচাৰিবা, যদিহে তোমালোকে প্ৰকৃত মুমিন হোৱা আৰু সুতৰ নিষেধাজ্ঞাৰ প্ৰতি বিশ্বাস পোষণ কৰা।
2:279Страница 47
فَإِن لَّمۡ تَفۡعَلُواْ فَأۡذَنُواْ بِحَرۡبٖ مِّنَ ٱللَّهِ وَرَسُولِهِۦۖ وَإِن تُبۡتُمۡ فَلَكُمۡ رُءُوسُ أَمۡوَٰلِكُمۡ لَا تَظۡلِمُونَ وَلَا تُظۡلَمُونَ ٢٧٩
Но если вы не сделаете этого, то знайте, что Аллах и Его Посланник объявляют вам войну. А если вы раскаетесь, то вам останется ваш первоначальный капитал. Вы не поступите несправедливо, и с вами не поступят несправедливо.
যদি তোমালোকে এইটো নকৰা যিটো তোমালোকক আদেশ দিয়া হৈছে, তেন্তে জানি থোৱা যে, তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ লগত যুদ্ধ কৰিব বিচৰা। আনহাতে যদি তোমালোকে তাওবা কৰা আৰু সুত এৰি দিয়া তেন্তে তোমালোকে ঋণ দিয়া মূল ধন ঘূৰাই লোৱাত কোনো অসুবিধা নাই। মূল ধনতকৈ অধিক লৈ কাৰো অন্যায় নকৰিবা আনহাতে মূল ধনত হ্ৰাস কৰি তোমাৰ অন্যায় কৰা নহ'ব।
Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии