Аль-Мухтасар · Тафсир · на ассамском
Аль-Анбия 21:100–112
21:100Страница 330
لَهُمۡ فِيهَا زَفِيرٞ وَهُمۡ فِيهَا لَا يَسۡمَعُونَ ١٠٠
Там они будут стенать при выдохе, но ничего не услышат.
প্ৰচণ্ড শাস্তিৰ ফলত তাত সিহঁতৰ শ্বাস-প্ৰশ্বাসৰ গতি বাঢ়িব। পৰিস্থিতি ইমান ভয়াৱহ হ'ব যে, চিঞৰ-বাখৰৰ ফলত জাহান্নামত কোনেও কাৰো মাত শুনা নাপাব।
21:101Страница 330
إِنَّ ٱلَّذِينَ سَبَقَتۡ لَهُم مِّنَّا ٱلۡحُسۡنَىٰٓ أُوْلَٰٓئِكَ عَنۡهَا مُبۡعَدُونَ ١٠١
А те, кому Мы изначально определили наилучшее, будут отдалены от нее.
যেতিয়া মুশ্বৰিকসকলে ক'লেঃ “নিশ্চয় ঈছা আৰু সেইসকল ফিৰিস্তাও জাহান্নামত প্ৰৱেশ কৰিব যিবোৰক উপাসনা কৰা হৈছিল।” তেতিয়া আল্লাহে প্ৰত্যুত্তৰ দি ক’লেঃ “যিসকলৰ বিষয়ে আল্লাহে পূৰ্বেই নিৰ্ধাৰণ কৰিছে যে, তেওঁলোক হৈছে সৌভাগ্যশালী (উদাহৰণস্বৰূপে ঈছা আলাইহিচ্ছালাম) তেনেকুৱা লোকক জাহান্নামৰ পৰা আঁতৰাই ৰখা হ’ব।”
21:102Страница 331
لَا يَسۡمَعُونَ حَسِيسَهَاۖ وَهُمۡ فِي مَا ٱشۡتَهَتۡ أَنفُسُهُمۡ خَٰلِدُونَ ١٠٢
Они не услышат даже малейшего ее звука и вечно пребудут среди того, что возжелали их души.
তেওঁলোকে জাহান্নামৰ শব্দ শুনা নাপাব, তেওঁলোক নিজৰ পছন্দ অনুযায়ী নিয়ামত আৰু আকৰ্ষণীয় বস্তুৰ মাজত চিৰকাল থাকিব। তেওঁলোকৰ সেই নিয়ামত কেতিয়াও অন্ত নপৰিব।
21:103Страница 331
لَا يَحۡزُنُهُمُ ٱلۡفَزَعُ ٱلۡأَكۡبَرُ وَتَتَلَقَّىٰهُمُ ٱلۡمَلَٰٓئِكَةُ هَٰذَا يَوۡمُكُمُ ٱلَّذِي كُنتُمۡ تُوعَدُونَ ١٠٣
Их не опечалит величайший испуг, а ангелы встретят их словами: «Вот ваш день, который был вам обещан!».
সেইদিনৰ ভয়াৱহ পৰিস্থিতিৰ তেওঁলোকৰ প্ৰতি কোনো প্ৰভাৱ নপৰিব, যিদিনা জাহান্নামীসকলক জাহান্নামত বন্দী কৰা হ'ব। ফিৰিস্তাসকলে তেওঁলোকক এই বুলি অভিবাদন জনাই ক'বঃ এইটোৱেই তোমালোকৰ সেইদিন, যাৰ প্ৰতিশ্ৰুতি তোমালোকক পৃথিৱীত দিয়া হৈছিল আৰু যিবোৰ নিয়ামত সম্পৰ্কে তোমালোকক সুসংবাদ দিয়া হৈছিল।
21:104Страница 331
يَوۡمَ نَطۡوِي ٱلسَّمَآءَ كَطَيِّ ٱلسِّجِلِّ لِلۡكُتُبِۚ كَمَا بَدَأۡنَآ أَوَّلَ خَلۡقٖ نُّعِيدُهُۥۚ وَعۡدًا عَلَيۡنَآۚ إِنَّا كُنَّا فَٰعِلِينَ ١٠٤
В тот день Мы свернем небо, как сворачивают свитки для книг. Мы воссоздадим творения подобно тому, как начали творить их в первый раз. Так было обещано Нами. Воистину, Мы сделаем это.
যিদিনা আমি আকাশমণ্ডলক মেৰিয়াই লম, যিদৰে পত্ৰিকাৰ পৃষ্ঠাবোৰ মেৰিওৱা হয়। সকলো সৃষ্টিকেই সেই অৱস্থাত একত্ৰিত কৰিম, যি অৱস্থাত সিহঁত প্ৰথমবাৰ সৃষ্টি হৈছিল। এইটো আমাৰ দৃঢ় প্ৰতিশ্ৰুতি, যিটো কেতিয়াও ভঙ্গ নহ’ব। নিশ্চয় আমি আমাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিম।
21:105Страница 331
وَلَقَدۡ كَتَبۡنَا فِي ٱلزَّبُورِ مِنۢ بَعۡدِ ٱلذِّكۡرِ أَنَّ ٱلۡأَرۡضَ يَرِثُهَا عِبَادِيَ ٱلصَّٰلِحُونَ ١٠٥
Мы уже записали в Писаниях после того, как это было записано в Напоминании (Хранимой скрижали), что землю унаследуют Мои праведные рабы.
লওহে মাহফুজত লিপিবদ্ধ কৰাৰ পিছত আমি আমাৰ ৰাছুলসকলৰ ওপৰত অৱতীৰ্ণ কৰা গ্ৰন্থসমূহত লিখি দিছিলোঁ যে, পৃথিৱীৰ উত্তৰাধিকাৰী কেৱল আল্লাহৰ নেক বান্দাসকল আৰু তেওঁৰ আনুগত্যকাৰী বান্দাসকলহে হ’ব। ইয়াৰ দ্বাৰা মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ উম্মতৰ লোক সকলক বুজোৱা হৈছে।
21:106Страница 331
إِنَّ فِي هَٰذَا لَبَلَٰغٗا لِّقَوۡمٍ عَٰبِدِينَ ١٠٦
Воистину, в этом - послание для тех, кто поклоняется.
নিঃসন্দেহে আমি অৱতীৰ্ণ কৰা গ্ৰন্থত সেইসকল লোকৰ বাবে উপকাৰী ডাঙৰ উপদেশ আছে, যিসকলে নিজ প্ৰতিপালকৰ দেখুৱাই দিয়া পদ্ধতি অনুসাৰে তেওঁৰ ইবাদত কৰে। কিয়নো তেওঁলোকেই ইয়াৰ দ্বাৰা উপকৃত হয়।
21:107Страница 331
وَمَآ أَرۡسَلۡنَٰكَ إِلَّا رَحۡمَةٗ لِّلۡعَٰلَمِينَ ١٠٧
Мы отправили тебя только в качестве милости к мирам.
হে মুহাম্মদ! আমি আপোনাক গোটেই বিশ্বজগতৰ বাবে ৰহমত হিচাপে প্ৰেৰণ কৰিছোঁ। কিয়নো আপুনি মানুহক সুপথ দেখুৱাই দিয়াৰ ক্ষেত্ৰত আৰু সিহঁতক আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰা ক্ষেত্ৰত বৰ আগ্ৰহী।
21:108Страница 331
قُلۡ إِنَّمَا يُوحَىٰٓ إِلَيَّ أَنَّمَآ إِلَٰهُكُمۡ إِلَٰهٞ وَٰحِدٞۖ فَهَلۡ أَنتُم مُّسۡلِمُونَ ١٠٨
Скажи: «Мне внушено в откровении, что ваш Бог - Бог Единственный. Не станете ли вы мусульманами?».
হে ৰাছুল! আপুনি কওক, মোৰ প্ৰতিপালকৰ তৰফৰ পৰা মোৰ প্ৰতি অহী কৰা হৈছে যে, তোমালোকৰ প্ৰকৃত উপাস্য কেৱল এজনেই, তেওঁৰ কোনো অংশীদাৰ নাই। তেৱেঁই হৈছে আল্লাহ। গতিকে তেওঁৰ প্ৰতি ঈমান পোষণ কৰা আৰু তেওঁৰ আদেশ পালন কৰি তেওঁৰ ওচৰত শিৰ নত কৰা।
21:109Страница 331
فَإِن تَوَلَّوۡاْ فَقُلۡ ءَاذَنتُكُمۡ عَلَىٰ سَوَآءٖۖ وَإِنۡ أَدۡرِيٓ أَقَرِيبٌ أَم بَعِيدٞ مَّا تُوعَدُونَ ١٠٩
Если они отвернутся, то скажи: «Я предупреждаю всех вас в равной мере, и я не знаю, рано или поздно настанет то, что вам обещано.
ইয়াৰ পিছতো যদি ইহঁতে আপুনি লৈ অহা বাৰ্তাৰ পৰা বিমুখ হয় তেন্তে হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়কঃ মই তোমালোকক জনাই দিছোঁ, শাস্তি আহিবলৈ কিমান সময় বাকী আছে সেই বিষয়টোৰ ক্ষেত্ৰত তোমালোক আৰু মই সমান। মই ডাঠি ক'ব নোৱাৰোঁ আল্লাহে প্ৰতিশ্ৰুতি দিয়া শাস্তিটো কেতিয়া আহিব।
21:110Страница 331
إِنَّهُۥ يَعۡلَمُ ٱلۡجَهۡرَ مِنَ ٱلۡقَوۡلِ وَيَعۡلَمُ مَا تَكۡتُمُونَ ١١٠
Воистину, Он ведает о словах, которые произносят вслух, и ведает о том, что вы утаиваете.
তোমালোকে প্ৰকাশ কৰা আৰু গোপন কৰা সকলো তথ্য নিশ্চিতভাৱে আল্লাহে ভালদৰেই জানে। তোমালোকৰ কোনো বিষয়েই তেওঁৰ পৰা গোপন নহয়। তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।
21:111Страница 331
وَإِنۡ أَدۡرِي لَعَلَّهُۥ فِتۡنَةٞ لَّكُمۡ وَمَتَٰعٌ إِلَىٰ حِينٖ ١١١
Я не знаю, может быть, это - искушение для вас или же возможность пользоваться благами до определенного времени».
মই নাজানো তোমালোকক শাস্তি দিয়াৰ ক্ষেত্ৰত পলম কৰাটো তোমালোকৰ বাবে পৰীক্ষা নে অৱকাশ, যাতে তোমালোকে আল্লাহৰ জ্ঞান অনুসাৰে এটা নিৰ্দিষ্ট সময়লৈকে উপকৃত হ’ব পাৰা, তথা কুফৰী আৰু পথভ্ৰষ্টতাত মতলীয়া হৈ থাকিব পাৰা।
21:112Страница 331
قَٰلَ رَبِّ ٱحۡكُم بِٱلۡحَقِّۗ وَرَبُّنَا ٱلرَّحۡمَٰنُ ٱلۡمُسۡتَعَانُ عَلَىٰ مَا تَصِفُونَ ١١٢
Пророк сказал: «Господи! Рассуди по справедливости. У нашего Милостивого Господа надо просить помощи против того, что вы приписываете».
ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে নিজ প্ৰতিপালকক দুআ কৰি ক'লেঃ “হে মোৰ প্ৰতিপালক! আমাৰ মাজত আৰু এই কুফৰী কৰ্মত অটল থকা আমাৰ সম্প্ৰদায়ৰ মাজত উচিত সিদ্ধান্ত অনুযায়ী দূৰত্ব কৰি দিয়া।” (হে কাফিৰসকল!) তোমালোকে যিবোৰ কুফৰী আৰু অস্বীকাৰমূলক কথা কোৱা সেইবোৰৰ পৰা আমি আমাৰ দয়াময় প্ৰতিপালকৰ ওচৰত সহায় প্ৰাৰ্থনা কৰোঁ।
Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии