Аль-МухтасарАн‑Нур · 24:37–64

Аль-Мухтасар · Тафсир · на ассамском

Ан-Нур 24:37–64

24:37Страница 355

رِجَالٞ لَّا تُلۡهِيهِمۡ تِجَٰرَةٞ وَلَا بَيۡعٌ عَن ذِكۡرِ ٱللَّهِ وَإِقَامِ ٱلصَّلَوٰةِ وَإِيتَآءِ ٱلزَّكَوٰةِ يَخَافُونَ يَوۡمٗا تَتَقَلَّبُ فِيهِ ٱلۡقُلُوبُ وَٱلۡأَبۡصَٰرُ ٣٧

мужи, которых ни торговля, ни купля-продажа не отвлекают от поминания Аллаха, совершения намаза и выплаты закята. Они боятся дня, когда перевернутся сердца и взоры,

তেওঁলোক হৈছে এনেকুৱা লোক, যিসকলক ব্যৱসায়-বাণিজ্যই কেতিয়াও আল্লাহৰ স্মৰণৰ পৰা আৰু সম্পূৰ্ণৰূপে চালাত আদায়ৰ পৰা, লগতে উপযুক্ত শিতানত যাকাত আদায়ৰ পৰা অমনোযোগী নকৰে। তেওঁলোকে কিয়ামত দিৱসক ভয় কৰে। সেইদিনা মানুহৰ অন্তৰ মুক্তি লাভৰ আশাত আৰু শাস্তিৰ ভয়ত কম্পমান থাকিব। লগতে সিহঁতে ইপিনে সিপিনে চাই থাকিব যে, ক’লৈ যাব আজি।

24:38Страница 355

لِيَجۡزِيَهُمُ ٱللَّهُ أَحۡسَنَ مَا عَمِلُواْ وَيَزِيدَهُم مِّن فَضۡلِهِۦۗ وَٱللَّهُ يَرۡزُقُ مَن يَشَآءُ بِغَيۡرِ حِسَابٖ ٣٨

чтобы Аллах воздал им за наилучшее из того, что они совершили (или лучшим, чем то, что они совершили; или наилучшим образом за то, что они совершили), и приумножил это по Своей милости. Аллах наделяет, кого пожелает, без счета.

তেওঁলোকে এইবোৰ কৰ্ম এইকাৰণে কৰিছে, যাতে আল্লাহে তেওঁলোকক ইয়াৰ উত্তম প্ৰতিদান দিয়ে, লগতে তেওঁ যাতে নিজ অনুগ্ৰহত আৰু অধিক বৃদ্ধি কৰি দিয়ে। আল্লাহে যাক ইচ্ছা কৰে তাৰ কৰ্ম অনুসাৰে প্ৰচুৰ জীৱিকা প্ৰদান কৰে। আনকি তাৰ কৰ্মতকৈও কেইগুণ অধিক প্ৰদান কৰে।

24:39Страница 355

وَٱلَّذِينَ كَفَرُوٓاْ أَعۡمَٰلُهُمۡ كَسَرَابِۭ بِقِيعَةٖ يَحۡسَبُهُ ٱلظَّمۡـَٔانُ مَآءً حَتَّىٰٓ إِذَا جَآءَهُۥ لَمۡ يَجِدۡهُ شَيۡـٔٗا وَوَجَدَ ٱللَّهَ عِندَهُۥ فَوَفَّىٰهُ حِسَابَهُۥۗ وَٱللَّهُ سَرِيعُ ٱلۡحِسَابِ ٣٩

А деяния неверующих подобны мареву в пустыне, которое жаждущий принимает за воду. Когда он подходит к нему, то ничего не находит. Он находит вблизи себя Аллаха, который воздает ему сполна по его счету. Аллах скор в расчете.

যিসকলে আল্লাহক অস্বীকাৰ কৰিছে, সিহঁতৰ সৎকৰ্মৰ কোনো প্ৰতিদান নাই। বৰং সেই সৎকৰ্মৰ উদাহৰণ হৈছে বালিৰ প্ৰান্তত থকা মৰীচিকাৰ দৰে, যিটোক পানী বুলি ভাৱি তৃষ্ণাতুৰ ব্যক্তিয়ে হেঁপাহত আগুৱাই যায়। অৱশেষত যেতিয়া তাৰ ওচৰ পায়গৈ, তেতিয়া তাত কোনো পানী নাপায়। ঠিক সেইটোৱেই হৈছে কাফিৰসকলৰ অৱস্থা। সিহঁতে ভাৱে সিহঁতৰ সৎকৰ্ম সিহঁতৰ বাবে লাভদায়ক হ'ব, কিন্তু যেতিয়া মৃত্যুবৰণ কৰিব আৰু তাৰ পিছত পুনৰুত্থিত হ'ব, তেতিয়া সিহঁতে সেই সৎকৰ্মৰ কোনো প্ৰতিফল নাপাব। কিন্তু সন্মুখীন হ'ব তেওঁৰ প্ৰতিপালকৰ, যিয়ে পৰিপূৰ্ণৰূপে সিহঁতৰ কৰ্মৰ হিচাপ গ্ৰহণ কৰিব। নিশ্চয় তেওঁ দ্ৰুত হিচাপ গ্ৰহণকাৰী।

24:40Страница 355

أَوۡ كَظُلُمَٰتٖ فِي بَحۡرٖ لُّجِّيّٖ يَغۡشَىٰهُ مَوۡجٞ مِّن فَوۡقِهِۦ مَوۡجٞ مِّن فَوۡقِهِۦ سَحَابٞۚ ظُلُمَٰتُۢ بَعۡضُهَا فَوۡقَ بَعۡضٍ إِذَآ أَخۡرَجَ يَدَهُۥ لَمۡ يَكَدۡ يَرَىٰهَاۗ وَمَن لَّمۡ يَجۡعَلِ ٱللَّهُ لَهُۥ نُورٗا فَمَا لَهُۥ مِن نُّورٍ ٤٠

Или же они подобны мраку в глубине морской пучины. Его покрывает волна, над которой находится другая волна, над которой находится облако. Один мрак поверх другого! Если он вытянет свою руку, то не увидит ее. Кому Аллах не даровал света, тому не будет света.

অথবা সিহঁতৰ সৎকৰ্মৰ উদাহৰণ হৈছে গভীৰ সাগৰত থকা অন্ধকাৰৰ দৰে। যাৰ ওপৰি ভাগত আছে প্ৰচণ্ড ঢৌৰ ওপৰত ঢৌ, আৰু আকাশত আছে মেঘপুঞ্জ, যি মেঘে আকাশত থকা তৰাবোৰকো ঢাকি পেলাইছে। গতিকে অন্ধকাৰৰ ওপৰত অন্ধকাৰে বিৰাজ কৰিছে। এনেকুৱা অন্ধকাৰত থকা ব্যক্তিয়ে যদি নিজৰ হাতখনকো উলিয়ায়, তথাপিও সি ঘন অন্ধকাৰৰ ফলত সেই হাতখন দেখা নাপাব। এইটোৱেই হৈছে কাফিৰৰ অৱস্থা। সিহঁতক অজ্ঞতা, সন্দেহ, দোমোজা আৰু হৃদয়ত মাৰি দিয়া মোহৰ আদিৰ অন্ধকাৰৰ ওপৰত অন্ধকাৰে আৱৰি আছে। যাক আল্লাহে পথভ্ৰষ্টতাৰ পৰা উলিয়াই সঠিক পথৰ হিদায়ত প্ৰদান নকৰিব তথা তেওঁৰ গ্ৰন্থৰ সঠিক জ্ঞান দান নকৰিব, সি কেতিয়াও সঠিক পথত পৰিচালিত হ'ব নোৱাৰে আৰু পোহৰ বিচাৰি কোনো কিতাপৰো সন্ধান নাপাব।

24:41Страница 355

أَلَمۡ تَرَ أَنَّ ٱللَّهَ يُسَبِّحُ لَهُۥ مَن فِي ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَٱلطَّيۡرُ صَٰٓفَّٰتٖۖ كُلّٞ قَدۡ عَلِمَ صَلَاتَهُۥ وَتَسۡبِيحَهُۥۗ وَٱللَّهُ عَلِيمُۢ بِمَا يَفۡعَلُونَ ٤١

Разве ты не видел, что Аллаха славят те, кто на небесах и на земле, а также птицы с распростертыми крыльями? Каждый знает свою молитву и свое славословие. Аллах знает о том, что они совершают.

হে ৰাছুল! আপুনি গ'ম পোৱা নাইনে, আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে, সেই সকলোৱে আল্লাহৰ পৱিত্ৰতা বৰ্ণনা কৰে। আৰু চৰাই-চিৰিকটিয়েও শূন্যত পাখি মেলি তেওঁৰ গুণগান কৰে। যিবোৰ সৃষ্টিয়ে চালাত আদায় কৰে, আল্লাহ তেওঁলোকৰ চালাত সম্পৰ্কে অৱগত, যেনেঃ মানুহে চালাত আদায় কৰে। আৰু যিবোৰে তেওঁৰ গুণগান কৰে যেনেঃ চৰাই-চিৰিকটি, সেই সম্পৰ্কেও তেওঁ অৱগত। সিহঁতে যি যি কৰে, সেই সকলো বিষয় সম্পৰ্কে আল্লাহ সৰ্বজ্ঞ। সিহঁতৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়।

24:42Страница 355

وَلِلَّهِ مُلۡكُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۖ وَإِلَى ٱللَّهِ ٱلۡمَصِيرُ ٤٢

Аллаху принадлежит власть над небесами и землей, и к Аллаху предстоит прибытие.

আকাশমণ্ডল আৰু পৃথিৱীৰ ৰাজত্ব একমাত্ৰ আল্লাহৰ হাতত। আৰু কিয়ামতৰ দিনা কেৱল তেওঁৰ ওচৰতেই হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে প্ৰত্যাৱৰ্তন কৰিব লাগিব।

24:43Страница 355

أَلَمۡ تَرَ أَنَّ ٱللَّهَ يُزۡجِي سَحَابٗا ثُمَّ يُؤَلِّفُ بَيۡنَهُۥ ثُمَّ يَجۡعَلُهُۥ رُكَامٗا فَتَرَى ٱلۡوَدۡقَ يَخۡرُجُ مِنۡ خِلَٰلِهِۦ وَيُنَزِّلُ مِنَ ٱلسَّمَآءِ مِن جِبَالٖ فِيهَا مِنۢ بَرَدٖ فَيُصِيبُ بِهِۦ مَن يَشَآءُ وَيَصۡرِفُهُۥ عَن مَّن يَشَآءُۖ يَكَادُ سَنَا بَرۡقِهِۦ يَذۡهَبُ بِٱلۡأَبۡصَٰرِ ٤٣

Разве ты не видишь, что Аллах гонит облака, потом соединяет их, потом превращает их в кучу облаков, и ты видишь, как из расщелин ее изливается ливень. Он низвергает град с гор, которые на небе. Он поражает им, кого пожелает, и отвращает его, от кого пожелает. Блеск их молний готов унести зрение.

হে ৰাছুল! আপুনি লক্ষ্য কৰা নাইনে যে, আল্লাহে মেঘপুঞ্জক সঞ্চালিত কৰে। আৰু ইয়াৰ বিভিন্ন খণ্ডক ইটোৰ লগত সিটোক মিলাই দিয়ে। তথা সেইবোৰক খাপে-খাপে ৰাখি পঞ্জীভূত কৰে। ফলত আপুনি মেঘৰ ভিতৰৰ পৰা বৰষুণৰ টোপাল ওলাই অহা দেখিবলৈ পায়। আৰু তেৱেঁই পৰ্বত সদৃশ ঘন মেঘমালাৰ পৰা শিলাবৃষ্টি বৰ্ষণ কৰে, তেওঁ নিজ বান্দাসকলৰ মাজৰ পৰা নিজ ইচ্ছানুসাৰে কিছুমানৰ ওপৰত বৰ্ষণ কৰে আৰু তেওঁ যাক ইচ্ছা কৰে সেই শিলাবৃষ্টিৰ পৰা আঁতৰাই ৰাখে। মেঘৰ চমকনি ইমান প্ৰচণ্ড যে, দৃষ্টিশক্তি কাঢ়ি লোৱাৰ উপক্ৰম হয়।

24:44Страница 356

يُقَلِّبُ ٱللَّهُ ٱلَّيۡلَ وَٱلنَّهَارَۚ إِنَّ فِي ذَٰلِكَ لَعِبۡرَةٗ لِّأُوْلِي ٱلۡأَبۡصَٰرِ ٤٤

Аллах чередует день и ночь. Воистину, в этом - назидание для обладающих зрением.

আল্লাহেই দিন ৰাতিৰ আৱৰ্তন ঘটায় আৰু ইয়াক সৰু-ডাঙৰ কৰে। নিশ্চয় আল্লাহৰ প্ৰভূত্ব প্ৰমাণ কৰা এই নিদৰ্শনবোৰৰ মাজত সেইসকল লোকৰ বাবে আছে শিক্ষা তথা পাঠ, যিসকলে আল্লাহৰ ক্ষমতা আৰু তেওঁৰ একত্ব সম্পৰ্কে জ্ঞান ৰাখে।

24:45Страница 356

وَٱللَّهُ خَلَقَ كُلَّ دَآبَّةٖ مِّن مَّآءٖۖ فَمِنۡهُم مَّن يَمۡشِي عَلَىٰ بَطۡنِهِۦ وَمِنۡهُم مَّن يَمۡشِي عَلَىٰ رِجۡلَيۡنِ وَمِنۡهُم مَّن يَمۡشِي عَلَىٰٓ أَرۡبَعٖۚ يَخۡلُقُ ٱللَّهُ مَا يَشَآءُۚ إِنَّ ٱللَّهَ عَلَىٰ كُلِّ شَيۡءٖ قَدِيرٞ ٤٥

Аллах сотворил все живые существа из воды. Среди них есть такие, которые ползают на брюхе, такие, которые ходят на двух ногах, и такие, которые ходят на четырех. Аллах творит то, что пожелает. Воистину, Аллах способен на всякую вещь.

পৃথিৱীত চলাচল কৰা প্ৰত্যেক জীৱকে আল্লাহে বীৰ্যৰ পৰা সৃষ্টি কৰিছে। সেইবোৰৰ কিছুমানে পেটত ভৰ দি চুঁচৰি চলাচল কৰে, যেনেঃ সাপ। আৰু কিছুমানে দুই ভৰিৰে খোজকাঢ়ে, যেনেঃ মানুহ আৰু হাঁহ, কুকুৰা, চৰাই-চিৰিকটি। আৰু কিছুমানে চলাচল কৰে চাৰি ঠেঙেৰে, যেনেঃ চতুষ্পদ জন্তু। আল্লাহে যিটো ইচ্ছা কৰে সেইটোৱে সৃষ্টি কৰে, যিটো বৰ্ণনা হৈছে সেইটোও আৰু যিটো বৰ্ণনা হোৱা নাই সেইটোও। নিশ্চয় আল্লাহ সকলো ক্ষেত্ৰতে সকলো বিষয়তে ক্ষমতাৱান। তেওঁক একোৱেই পৰাজিত কৰিব নোৱাৰে।

24:46Страница 356

لَّقَدۡ أَنزَلۡنَآ ءَايَٰتٖ مُّبَيِّنَٰتٖۚ وَٱللَّهُ يَهۡدِي مَن يَشَآءُ إِلَىٰ صِرَٰطٖ مُّسۡتَقِيمٖ ٤٦

Мы уже ниспослали ясные знамения, и Аллах наставляет на прямой путь, кого пожелает.

নিশ্চয় আমি মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি স্পষ্ট আয়াতসমূহ অৱতীৰ্ণ কৰিছোঁ, যিবোৰে সত্যৰ পথ দেখুৱায়। আল্লাহে যাক ইচ্ছা কৰে সঠিক পথত পৰিচালিত কৰে, যি পথত কোনো ধৰণৰ বক্ৰতা নাই। সেই পথে জান্নাতলৈ লৈ যায়।

24:47Страница 356

وَيَقُولُونَ ءَامَنَّا بِٱللَّهِ وَبِٱلرَّسُولِ وَأَطَعۡنَا ثُمَّ يَتَوَلَّىٰ فَرِيقٞ مِّنۡهُم مِّنۢ بَعۡدِ ذَٰلِكَۚ وَمَآ أُوْلَٰٓئِكَ بِٱلۡمُؤۡمِنِينَ ٤٧

Они (лицемеры) говорят: «Мы уверовали в Аллаха и Посланника и повинуемся». Но после этого часть их отворачивается, и они не являются верующими.

মুনাফিকসকলে কয়ঃ আমি আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিছোঁ, তথা আমি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্যশীল হৈ গৈছোঁ। ইয়াৰ পিছত সিহঁতৰ মাজৰ এটা দল বিমুখ হৈ যায়। এতেকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান ৰখাৰ আৰু তেওঁলোকৰ আনুগত্য কৰা বুলি দাবী কৰাৰ পিছতো সিহঁতে জিহাদ ফি ছাবিলিল্লাহৰ আদেশ পালন নকৰে। আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্যৰ পৰা বিমুখ হোৱা এই লোকসকল কেতিয়াও মুমিন হ'ব নোৱাৰে, যদিও সিহঁতে নিজকে মুমিন বুলি দাবী কৰে।

24:48Страница 356

وَإِذَا دُعُوٓاْ إِلَى ٱللَّهِ وَرَسُولِهِۦ لِيَحۡكُمَ بَيۡنَهُمۡ إِذَا فَرِيقٞ مِّنۡهُم مُّعۡرِضُونَ ٤٨

Когда их зовут к Аллаху и Его Посланнику, чтобы он рассудил их, часть из них отворачивается.

যেতিয়া এই মুনাফিকসকলক আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি আহ্বান কৰা হয়, যাতে ৰাছুলে সিহঁতৰ বিবাদৰ মীমাংসা কৰি দিয়ে, তেতিয়া সিহঁতে নিফাকৰ কাৰণে ৰাছুলৰ মীমাংসাৰ পৰা আঁতৰি থাকে।

24:49Страница 356

وَإِن يَكُن لَّهُمُ ٱلۡحَقُّ يَأۡتُوٓاْ إِلَيۡهِ مُذۡعِنِينَ ٤٩

Будь они правы, они покорно явились бы к нему.

কিন্তু যদি সিহঁতে গম পায় যে, মীমাংসা সিহঁতৰ পক্ষত থাকিব আৰু ৰাছুলে সিহঁতৰ সপক্ষত ফয়চালা দিব, তেতিয়া সিহঁতে বিনীত হৈ শিৰ নত কৰি আগুৱাই আহে।

24:50Страница 356

أَفِي قُلُوبِهِم مَّرَضٌ أَمِ ٱرۡتَابُوٓاْ أَمۡ يَخَافُونَ أَن يَحِيفَ ٱللَّهُ عَلَيۡهِمۡ وَرَسُولُهُۥۚ بَلۡ أُوْلَٰٓئِكَ هُمُ ٱلظَّٰلِمُونَ ٥٠

Неужели их сердца поражены недугом? Или же они сомневаются? Или же они опасаются того, что Аллах и Его Посланник несправедливо осудят их? О нет! Они сами поступают несправедливо!

সিহঁতৰ অন্তৰত ব্যাধি আছে নেকি, যিটো অৱসান হোৱাৰ নামেই নলয়। নে সিহঁতে আপোনাক ৰাছুল হোৱাত সন্দেহ পোষণ কৰে? অথবা সিহঁতে ভয় কৰে নেকি যে, আল্লাহ আৰু তেওঁৰ ৰাছুলে সিহঁতৰ বিৰুদ্ধে ফয়চালা দিব বা সিহঁতৰ লগত অন্যায় কৰিব? এইবোৰৰ এটাও সত্য নহয়। বৰং আল্লাহৰ আদেশ নমনাৰ কাৰণে বা অৱহেলা কৰাৰ কাৰণে সিহঁতৰ অন্তৰত ব্যাধিৰ সৃষ্টি হৈছে।

24:51Страница 356

إِنَّمَا كَانَ قَوۡلَ ٱلۡمُؤۡمِنِينَ إِذَا دُعُوٓاْ إِلَى ٱللَّهِ وَرَسُولِهِۦ لِيَحۡكُمَ بَيۡنَهُمۡ أَن يَقُولُواْ سَمِعۡنَا وَأَطَعۡنَاۚ وَأُوْلَٰٓئِكَ هُمُ ٱلۡمُفۡلِحُونَ ٥١

Когда верующих зовут к Аллаху и Его Посланнику, чтобы он рассудил их, они говорят: «Слушаем и повинуемся!». Именно они являются преуспевшими.

মুমিনসকলক যদি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ফালে মীমাংসাৰ বাবে আহ্বান কৰা হয়, তেতিয়া তেওঁলোকৰ মুখৰ পৰা এই কথা ওলোৱা উচিত যে, আমি তেওঁৰ কথা শুনিলোঁ আৰু তেওঁৰ আদেশ পালন কৰিলোঁ। এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলেই প্ৰকৃততে পৃথিৱী আৰু আখিৰাতত সাফল্যমণ্ডিত।

24:52Страница 356

وَمَن يُطِعِ ٱللَّهَ وَرَسُولَهُۥ وَيَخۡشَ ٱللَّهَ وَيَتَّقۡهِ فَأُوْلَٰٓئِكَ هُمُ ٱلۡفَآئِزُونَ ٥٢

Те, которые повинуются Аллаху и Его Посланнику, боятся Аллаха и исповедуют богобоязненность, обрели успех.

যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আদেশ পালন কৰিব তথা তেওঁলোকৰ মীমাংসা মানি ল'ব, লগতে গুনাহৰ পৰিণামক ভয় কৰিব, আৰু আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ শাস্তিক ভয় কৰিব, প্ৰকৃততে সেইসকল লোকেই হৈছে পৃথিৱী আৰু আখিৰাতত কল্যাণ লাভকাৰী সফল লোক।

24:53Страница 356

۞ وَأَقۡسَمُواْ بِٱللَّهِ جَهۡدَ أَيۡمَٰنِهِمۡ لَئِنۡ أَمَرۡتَهُمۡ لَيَخۡرُجُنَّۖ قُل لَّا تُقۡسِمُواْۖ طَاعَةٞ مَّعۡرُوفَةٌۚ إِنَّ ٱللَّهَ خَبِيرُۢ بِمَا تَعۡمَلُونَ ٥٣

Они (лицемеры) приносят величайшие клятвы именем Аллаха о том, что если бы ты приказал им, то они непременно выступили бы в поход. Скажи: «Не клянитесь! Такая покорность хорошо известна. Воистину, Аллаху ведомо о том, что вы совершаете».

মুনাফিকসকলে দৃঢ়ভাৱে আল্লাহৰ শপত খায় যে, যদি আপুনি সিহঁতক জিহাদৰ বাবে ওলাবলৈ আহ্বান কৰে তেন্তে সিহঁত অৱশ্যে ওলাব। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, তোমালোকে শপত নাখাবা, কাৰণ তোমালোকৰ মিছা কথা সম্পৰ্কে ভালদৰেই জানো, আনহাতে তোমালোকৰ তথাকথিত আনুগত্যৰ অৱস্থাও ভালদৰেই জ্ঞাত। তোমালোকে যি যি কৰি আছা, সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়, যিমানেই সৰু নহওক কিয়।

24:54Страница 357

قُلۡ أَطِيعُواْ ٱللَّهَ وَأَطِيعُواْ ٱلرَّسُولَۖ فَإِن تَوَلَّوۡاْ فَإِنَّمَا عَلَيۡهِ مَا حُمِّلَ وَعَلَيۡكُم مَّا حُمِّلۡتُمۡۖ وَإِن تُطِيعُوهُ تَهۡتَدُواْۚ وَمَا عَلَى ٱلرَّسُولِ إِلَّا ٱلۡبَلَٰغُ ٱلۡمُبِينُ ٥٤

Скажи: «Повинуйтесь Аллаху и повинуйтесь Посланнику». Если вы отвернетесь, то ведь он отвечает за то, что возложено на него, а вы отвечаете за то, что возложено на вас. Но если вы подчинитесь ему, то последуете прямым путем. На Посланника возложена только ясная передача откровения.

হে ৰাছুল! আপুনি এই মুনাফিকসকলক কৈ দিয়ক, তোমালোকে বাহ্যিক আভ্যন্তৰীণ সৰ্বতোপ্ৰকাৰে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা। যদি তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্যৰ পৰা বিমুখ হোৱা, যিটো পালন কৰিবলৈ তোমালোকক আদেশ দিয়া হৈছে, তেন্তে জানি থোৱা! ৰাছুলৰ কৰ্তব্য হৈছে কেৱল ধৰ্ম প্ৰচাৰ কৰা, যিটো দায়িত্ব তেওঁক অৰ্পন কৰা হৈছে। আনহাতে তোমালোকৰ দায়িত্ব হৈছে আনুগত্য কৰা, আৰু ৰাছুলে লৈ অহা চৰীয়ত মুতাবিক জীৱন-যাপন কৰা। যদি তোমালোকে তেওঁৰ আনুগত্য কৰি তেওঁৰ আদেশ পালন কৰা, আৰু তেওঁ নিষেধ কৰা বিষয়ৰ পৰা বিৰত থাকা, তেন্তে অৱশ্যে তোমালোকে সত্যৰ পথ লাভ কৰিবা। ৰাছুলৰ দায়িত্ব হৈছে কেৱল স্পষ্টভাৱে দ্বীন প্ৰচাৰ কৰা। এতেকে তেওঁৰ কৰ্তব্য হৈছে তোমালোকক সঠিক পথ দেখুৱাই দিয়া, তোমালোকক সেই পথত চলিবলৈ বাধ্য কৰোৱাটো তেওঁৰ দায়িত্ব নহয়।

24:55Страница 357

وَعَدَ ٱللَّهُ ٱلَّذِينَ ءَامَنُواْ مِنكُمۡ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ لَيَسۡتَخۡلِفَنَّهُمۡ فِي ٱلۡأَرۡضِ كَمَا ٱسۡتَخۡلَفَ ٱلَّذِينَ مِن قَبۡلِهِمۡ وَلَيُمَكِّنَنَّ لَهُمۡ دِينَهُمُ ٱلَّذِي ٱرۡتَضَىٰ لَهُمۡ وَلَيُبَدِّلَنَّهُم مِّنۢ بَعۡدِ خَوۡفِهِمۡ أَمۡنٗاۚ يَعۡبُدُونَنِي لَا يُشۡرِكُونَ بِي شَيۡـٔٗاۚ وَمَن كَفَرَ بَعۡدَ ذَٰلِكَ فَأُوْلَٰٓئِكَ هُمُ ٱلۡفَٰسِقُونَ ٥٥

Аллах обещал тем из вас, которые уверовали и совершали праведные деяния, что Он непременно сделает их наместниками на земле, подобно тому, как Он сделал наместниками тех, кто был до них. Он непременно одарит их возможностью исповедовать их религию, которую Он одобрил для них, и сменит их страх на безопасность. Они поклоняются Мне и не приобщают сотоварищей ко Мне. Те же, которые после этого откажутся уверовать, являются нечестивцами.

তোমালোকৰ মাজৰ যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকক আল্লাহে প্ৰতিশ্ৰুতি দিছে যে, তেওঁলোকক আল্লাহে শত্ৰুৰ বিৰুদ্ধে সহায় কৰিব, তথা তেওঁলোকক পৃথিৱীত প্ৰতিনিধি বনাব, যিদৰে তেওঁলোকৰ পূৰ্বে মুমিনসকলৰ মাজৰ কিছুমানক প্ৰতিনিধি বনাইছিল। লগতে এই প্ৰতিশ্ৰুতিও দিছে যে, তেওঁলোকৰ বাবে মনোনীত আৰু পছন্দনীয় ধৰ্ম ইছলামক পৃথিৱীত শক্তিশালী কৰিব। তথা তেওঁলোকক এই কথাও দিছে যে, তেওঁলোকক ভয়-ভীতিৰ পিছত শান্তি আৰু নিৰাপত্তা প্ৰদান কৰিব। কিন্তু তেওঁলোকে কেৱলমাত্ৰ মোৰেই ইবাদত কৰিব লাগিব আৰু মোৰ সৈতে আন কাকো অংশীদাৰ স্থাপন কৰিব নোৱাৰিব। যিয়ে এইবোৰ নিয়ামতৰ পিছতো অকৃতজ্ঞ হ'ব, প্ৰকৃততে সেইসকল লোকেই হৈছে আল্লাহৰ আনুগত্যৰ উলংঘাকাৰী।

24:56Страница 357

وَأَقِيمُواْ ٱلصَّلَوٰةَ وَءَاتُواْ ٱلزَّكَوٰةَ وَأَطِيعُواْ ٱلرَّسُولَ لَعَلَّكُمۡ تُرۡحَمُونَ ٥٦

Совершайте намаз, выплачивайте закят и повинуйтесь Посланнику, - быть может, вы будете помилованы.

পৰিপূৰ্ণভাৱে চালাত আদায় কৰা, নিজৰ সম্পত্তিৰ যাকাত প্ৰদান কৰা। লগতে ৰাছুলৰ আদেশ পালন কৰি আৰু তেওঁ নিষেধ কৰা বিষয়ৰ পৰা বিৰত থাকি, তেওঁৰ আনুগত্য কৰা। যাতে তোমালোকে আল্লাহৰ ৰহমত লাভ কৰিব পাৰা।

24:57Страница 357

لَا تَحۡسَبَنَّ ٱلَّذِينَ كَفَرُواْ مُعۡجِزِينَ فِي ٱلۡأَرۡضِۚ وَمَأۡوَىٰهُمُ ٱلنَّارُۖ وَلَبِئۡسَ ٱلۡمَصِيرُ ٥٧

Не думай, что неверующие могут спастись на земле. Их пристанищем будет Огонь. Как же скверно это место прибытия!

হে ৰাছুল! যিসকলে আল্লাহৰ লগত কুফৰী কৰিছে, আপুনি এইটো নাভাৱিব যে, সিহঁতে মোৰ শাস্তিৰ পৰা পলায়ন কৰিব পাৰিব, যেতিয়া আমি সিহঁতৰ ওপৰত শাস্তি অৱতীৰ্ণ কৰিম। কিয়ামতৰ দিনা সিহঁতৰ ঠিকনা হ'ব জাহান্নাম। সেইসকল লোকৰ ঠিকনা কিমান যে নিকৃষ্ট, যিসকলে জাহান্নামত অৱস্থান কৰিব।

24:58Страница 357

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ لِيَسۡتَـٔۡذِنكُمُ ٱلَّذِينَ مَلَكَتۡ أَيۡمَٰنُكُمۡ وَٱلَّذِينَ لَمۡ يَبۡلُغُواْ ٱلۡحُلُمَ مِنكُمۡ ثَلَٰثَ مَرَّٰتٖۚ مِّن قَبۡلِ صَلَوٰةِ ٱلۡفَجۡرِ وَحِينَ تَضَعُونَ ثِيَابَكُم مِّنَ ٱلظَّهِيرَةِ وَمِنۢ بَعۡدِ صَلَوٰةِ ٱلۡعِشَآءِۚ ثَلَٰثُ عَوۡرَٰتٖ لَّكُمۡۚ لَيۡسَ عَلَيۡكُمۡ وَلَا عَلَيۡهِمۡ جُنَاحُۢ بَعۡدَهُنَّۚ طَوَّٰفُونَ عَلَيۡكُم بَعۡضُكُمۡ عَلَىٰ بَعۡضٖۚ كَذَٰلِكَ يُبَيِّنُ ٱللَّهُ لَكُمُ ٱلۡأٓيَٰتِۗ وَٱللَّهُ عَلِيمٌ حَكِيمٞ ٥٨

О те, которые уверовали! Пусть невольники, которыми овладели ваши десницы, и те, кто не достиг половой зрелости, спрашивают у вас разрешения войти в покои в трех случаях: до рассветного намаза, когда вы снимаете одежду в полдень и после вечернего намаза. Вот три времени наготы для вас. Ни на вас, ни на них нет греха за вход без разрешения, помимо этих случаев, ведь вы посещаете друг друга. Так Аллах разъясняет вам знамения. Аллах - Знающий, Мудрый.

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰীসকল! তোমালোকৰ দাস-দাসী আৰু তোমালোকৰ ল’ৰা-ছোৱালী যিবোৰ অপ্ৰাপ্তবয়স্ক, সিহঁতে তিনিটা সময়ত তোমালোকৰ কোঠাত প্ৰৱেশ কৰাৰ পূৰ্বে তোমালোকৰ পৰা অনুমতি লোৱা বাঞ্চনীয়। ফজৰৰ সময়ৰ পূৰ্বে, যেতিয়া ৰাতিৰ পোছাক সলাই দিনৰ পোছাক পৰিধান কৰা হয়। আৰু দুপুৰীয়াৰ সময়ত, যেতিয়া তোমালোকে কাপোৰ খুলি কিছু সময় বিশ্ৰাম কৰা। লগতে ঈশ্বাৰ চালাতৰ পিছত, যেতিয়া তোমালোকে দিনৰ কাপোৰ সলাই ৰাতিৰ কাপোৰ পৰিধান কৰা। এই তিনিটা সময় হৈছে তোমালোকৰ বাবে পৰ্দা কৰাৰ সময়। এই তিনিটা সময়ত সিহঁতে তোমালোকৰ অনুমতি নোলোৱাকৈ প্ৰৱেশ কৰিব নোৱাৰে। কিন্তু ইয়াৰ বাহিৰে বেলেগ সময়ত সিহঁতে অনুমতি নোলোৱাকৈ আহিব পাৰে, ইয়াৰ ফলত তোমালোকৰো গুনাহ নহ'ব আৰু সিহঁতৰো গুনাহ নহ'ব। কাৰণ তোমালোকে ইজনে সিজনৰ ওচৰত সদায় অহা-যোৱা কৰা, সেয়ে সিহঁতৰ অহা-যোৱাটো স্বাভাৱিক। গতিকে সদায় অনুমতি লৈ প্ৰৱেশ কৰাটো এটা কঠিন কাম। যিদৰে আল্লাহে তোমালোকৰ বাবে অনুমতি লোৱাৰ নিয়ম-নীতি স্পষ্টভাৱে বৰ্ণনা কৰিছে, ঠিক সেইদৰে আল্লাহে তোমালোকৰ বাবে সেইসমূহ আয়াতকো স্পষ্টভাৱে বৰ্ণনা কৰিছে যিবোৰত তেওঁৰ অন্যান্য আদেশ-নিষেধসমূহ বৰ্ণিত হৈছে। আল্লাহে তেওঁৰ বান্দাসকলৰ কল্যাণ সম্পৰ্কে ভালকৈ অৱগত। তেওঁলোকৰ বাবে বিধান জাৰি কৰাৰ ক্ষেত্ৰত তেওঁ মহাপ্ৰজ্ঞাৱান।

24:59Страница 358

وَإِذَا بَلَغَ ٱلۡأَطۡفَٰلُ مِنكُمُ ٱلۡحُلُمَ فَلۡيَسۡتَـٔۡذِنُواْ كَمَا ٱسۡتَـٔۡذَنَ ٱلَّذِينَ مِن قَبۡلِهِمۡۚ كَذَٰلِكَ يُبَيِّنُ ٱللَّهُ لَكُمۡ ءَايَٰتِهِۦۗ وَٱللَّهُ عَلِيمٌ حَكِيمٞ ٥٩

Когда дети из вашего числа достигнут половой зрелости, то пусть они спрашивают разрешения, как спрашивают разрешения те, кто старше их. Так Аллах разъясняет вам Свои знамения. Аллах - Знающий, Мудрый.

যেতিয়া তোমালোকৰ শিশুসকল প্ৰাপ্তবয়স্কত উপনীত হ'ব, তেতিয়া তেওঁলোকে সকলো সময়তে ঘৰত প্ৰৱেশ কৰিবলৈ অনুমতি লোৱা উচিত। যেনেকৈ ইতিপূৰ্বে ডাঙৰসকলৰ বিষয়ে ঘৰত প্ৰৱেশ কৰাৰ নিয়ম-নীতি বৰ্ণনা কৰা হৈছে। যিদৰে আল্লাহে তোমালোকৰ বাবে অনুমতি লোৱাৰ বিধান স্পষ্ট কৰিছে, ঠিক সেইদৰে তেওঁ তেওঁৰ আয়াতসমূহ তোমালোকৰ বাবে স্পষ্টৰূপে বৰ্ণনা কৰিছে। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ হিত সম্পৰ্কে সম্যক অৱগত। তেওঁ বান্দাসকলৰ বাবে চৰীয়ত প্ৰণয়নত মহাপ্ৰজ্ঞাৱান।

24:60Страница 358

وَٱلۡقَوَٰعِدُ مِنَ ٱلنِّسَآءِ ٱلَّٰتِي لَا يَرۡجُونَ نِكَاحٗا فَلَيۡسَ عَلَيۡهِنَّ جُنَاحٌ أَن يَضَعۡنَ ثِيَابَهُنَّ غَيۡرَ مُتَبَرِّجَٰتِۭ بِزِينَةٖۖ وَأَن يَسۡتَعۡفِفۡنَ خَيۡرٞ لَّهُنَّۗ وَٱللَّهُ سَمِيعٌ عَلِيمٞ ٦٠

Нет греха на престарелых женщинах, которые не надеются на замужество, если они снимут верхнюю одежду, не показывая своей красы. Но воздерживаться от этого лучше для них. Аллах - Слышащий, Знающий.

বৃদ্ধবয়সৰ কাৰণে যিসকল মহিলাৰ মাহেকীয়া নহয় আৰু গৰ্ভৱতীও নহয়, আনকি তেওঁলোকৰ বিবাহৰো কোনো আশা নাই, তেনেকুৱা মহিলাই যদি কিছু কাপোৰ খুলি ৰাখে, যেনেঃ চাদৰ আৰু ওৰণি আদি তেন্তে তেওঁলোকৰ কোনো গুনাহ নহ’ব। কিন্তু চৰ্ত হ’ল যিবোৰ সৌন্দৰ্য গোপন ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে সেইবোৰ যাতে প্ৰকাশ নাপায়। কিন্তু সেইবোৰ কাপোৰ খুলি নৰখাই তেওঁলোকৰ বাবে অধিক উত্তম, যাতে পৰ্দা আৰু পাক-পৱিত্ৰতাৰ প্ৰতি অধিক মনোযোগ থাকে। নিশ্চয় আল্লাহ তোমালোকৰ সকলো কথা শ্ৰৱণকাৰী আৰু তোমালোকৰ কৰ্ম সম্পৰ্কে সৰ্বজ্ঞ। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয়। তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।

24:61Страница 358

لَّيۡسَ عَلَى ٱلۡأَعۡمَىٰ حَرَجٞ وَلَا عَلَى ٱلۡأَعۡرَجِ حَرَجٞ وَلَا عَلَى ٱلۡمَرِيضِ حَرَجٞ وَلَا عَلَىٰٓ أَنفُسِكُمۡ أَن تَأۡكُلُواْ مِنۢ بُيُوتِكُمۡ أَوۡ بُيُوتِ ءَابَآئِكُمۡ أَوۡ بُيُوتِ أُمَّهَٰتِكُمۡ أَوۡ بُيُوتِ إِخۡوَٰنِكُمۡ أَوۡ بُيُوتِ أَخَوَٰتِكُمۡ أَوۡ بُيُوتِ أَعۡمَٰمِكُمۡ أَوۡ بُيُوتِ عَمَّٰتِكُمۡ أَوۡ بُيُوتِ أَخۡوَٰلِكُمۡ أَوۡ بُيُوتِ خَٰلَٰتِكُمۡ أَوۡ مَا مَلَكۡتُم مَّفَاتِحَهُۥٓ أَوۡ صَدِيقِكُمۡۚ لَيۡسَ عَلَيۡكُمۡ جُنَاحٌ أَن تَأۡكُلُواْ جَمِيعًا أَوۡ أَشۡتَاتٗاۚ فَإِذَا دَخَلۡتُم بُيُوتٗا فَسَلِّمُواْ عَلَىٰٓ أَنفُسِكُمۡ تَحِيَّةٗ مِّنۡ عِندِ ٱللَّهِ مُبَٰرَكَةٗ طَيِّبَةٗۚ كَذَٰلِكَ يُبَيِّنُ ٱللَّهُ لَكُمُ ٱلۡأٓيَٰتِ لَعَلَّكُمۡ تَعۡقِلُونَ ٦١

Не будет грехом для слепого, не будет грехом для хромого, не будет грехом для больного и для вас самих, если вы будете есть в ваших домах, или в домах ваших отцов, или в домах ваших матерей, или в домах ваших братьев, или в домах ваших сестер, или в домах ваших дядей по отцу, или в домах ваших теток по отцу, или в домах ваших дядей по матери, или в домах ваших теток по матери, или в тех домах, ключи которых в вашем распоряжении, или в доме вашего друга. Не будет грехом для вас, если вы будет есть вместе или в отдельности. Когда вы входите в дома, то приветствуйте себя (друг друга) приветствием от Аллаха, благословенным, благим. Так Аллах разъясняет вас знамения, - быть может, вы уразумеете.

অন্ধৰ বাবে গুনাহ নহয়, যিয়ে দৃষ্টিশক্তি হেৰাই পেলাইছে। খোৰাৰ বাবেও কোনো গুনাহ নহয় আৰু ৰুগীয়া ব্যক্তিৰ বাবেও কোনো গুনাহ নহয়, যদি তেওঁলোকে চৰীয়তৰ এনেকুৱা কোনো কাম এৰি দিয়ে, যিটো কৰা তেওঁলোকৰ পক্ষে সম্ভৱ নহয়। যেনেঃ আল্লাহৰ পথত জিহাদ কৰা। হে মুমিনসকল! তোমালোকৰ নিজৰ ঘৰত আহাৰ কৰাত তোমালোকৰ কোনো গুনাহ নহয়, আৰু তোমালোকৰ পুত্ৰৰ ঘৰত খালেও গুনাহ নহয়, আনকি তোমালোকৰ পিতৃৰ ঘৰত, মাকৰ ঘৰত, ভাতৃৰ ঘৰত, ভগ্নীৰ ঘৰত, খুৰাৰ ঘৰত, মাহীৰ ঘৰত, পেহী-জেঠাইসকলৰ ঘৰত, মোমাইসকলৰ ঘৰত, মাহীসকলৰ ঘৰত, অথবা সেইবোৰ ঘৰৰ পৰা যিবোৰ ঘৰৰ চাবি তোমালোকৰ হাতত থাকে, যেনেঃ বাগানৰ চকীদাৰ। আনকি তোমালোকৰ বন্ধুবৰ্গৰ ঘৰৰ পৰা খোৱাতো কোনো গুনাহ নহয়, কিয়নো ইয়াৰ দ্বাৰা আন্তৰিক সুখ লাভ হয়। তোমালোকে একেলগে মিলি খোৱা অথবা অকলশৰীয়াকৈ খোৱা তাত তোমালোকৰ কোনো গুনাহ নহয়। যেতিয়া তোমালোকে উক্ত ঘৰসমূহত অথবা ইয়াৰ বাহিৰে আন কোনো ঘৰত প্ৰৱেশ কৰিবা, তেতিয়া তোমালোকে এইদৰে ছালাম কৰিবাঃ “আচ্ছালামু আলাইকুম”। যদি ঘৰত কোনোৱে নাথাকে তেন্তে নিজকেই ছালাম কৰি এইদৰে ক'বাঃ “আচ্ছালামু আলাইনা ওৱা আলা ইবাদিল্লা-হিচ্ছালিহীন”। এইটো আল্লাহৰ ফালৰ পৰা নিৰ্ধাৰিত ছালাম। যিটো প্ৰচাৰ কৰিবলৈ তোমালোকক আদেশ দিয়া হৈছে। এইটো বৰকতময় ছালাম। কিয়নো ইয়াৰ দ্বাৰা তোমালোকৰ মাজত মুহাব্বত বৃদ্ধি পায়। লগতে এইটো এটা পৱিত্ৰ বাক্য, যিটো শুনাৰ ফলত শ্ৰৱণকাৰীয়ে আন্তৰিক তৃপ্তি লাভ কৰে। এই ছুৰাত উল্লিখিত বৰ্ণনাৰ দৰেই আল্লাহে তেওঁৰ আয়াতসমূহক স্পষ্টৰূপে বৰ্ণনা কৰে, যাতে তোমালোকে বুজি পোৱা আৰু সেইমতে আমল কৰা।

24:62Страница 359

إِنَّمَا ٱلۡمُؤۡمِنُونَ ٱلَّذِينَ ءَامَنُواْ بِٱللَّهِ وَرَسُولِهِۦ وَإِذَا كَانُواْ مَعَهُۥ عَلَىٰٓ أَمۡرٖ جَامِعٖ لَّمۡ يَذۡهَبُواْ حَتَّىٰ يَسۡتَـٔۡذِنُوهُۚ إِنَّ ٱلَّذِينَ يَسۡتَـٔۡذِنُونَكَ أُوْلَٰٓئِكَ ٱلَّذِينَ يُؤۡمِنُونَ بِٱللَّهِ وَرَسُولِهِۦۚ فَإِذَا ٱسۡتَـٔۡذَنُوكَ لِبَعۡضِ شَأۡنِهِمۡ فَأۡذَن لِّمَن شِئۡتَ مِنۡهُمۡ وَٱسۡتَغۡفِرۡ لَهُمُ ٱللَّهَۚ إِنَّ ٱللَّهَ غَفُورٞ رَّحِيمٞ ٦٢

Верующими являются только те, которые уверовали в Аллаха и Его Посланника. Когда они находятся рядом с ним по общему делу, то не уходят, пока не попросят у него разрешения. Воистину, те, которые просят у тебя разрешения, действительно являются верующими в Аллаха и Его Посланника. Если они попросят у тебя разрешения по поводу некоторых из своих дел, то разрешай тому из них, кому пожелаешь, и проси Аллаха простить их. Воистину, Аллах - Прощающий, Милосердный.

প্ৰকৃত মুমিন হৈছে সেইসকল লোক, যিসকলে আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিছে। তেওঁলোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে যেতিয়া কোনো গুৰুত্বপূৰ্ণ কামত অংশ লয়, যি কামত মুছলিমসকলৰ কল্যাণ নিহিত আছে, তেতিয়া তেওঁলোকে অনুমতি নোলোৱালৈকে কেতিয়াও উভতি নাহে। হে ৰাছুল! যিসকল লোকে ওভোতাৰ সময়ত আপোনাৰ পৰা অনুমতি বিচাৰে, তেওঁলোকেই হৈছে আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুলৰ প্ৰতি প্ৰকৃত ঈমান পোষণকাৰী। এতেকে তেওঁলোকে যদি কোনো গুৰুত্বপূৰ্ণ কামৰ বাবে অনুমতি বিচাৰে, তেন্তে তেওঁলোকৰ মাজৰ যাক ইচ্ছা আপুনি অনুমতি দিব পাৰে। তেওঁলোকৰ বাবে তেওঁলোকৰ গুনাহৰ মাগফিৰাত কামনা কৰক। নিশ্চয় আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল তথা তেওঁলোকৰ প্ৰতি দয়ালু।

24:63Страница 359

لَّا تَجۡعَلُواْ دُعَآءَ ٱلرَّسُولِ بَيۡنَكُمۡ كَدُعَآءِ بَعۡضِكُم بَعۡضٗاۚ قَدۡ يَعۡلَمُ ٱللَّهُ ٱلَّذِينَ يَتَسَلَّلُونَ مِنكُمۡ لِوَاذٗاۚ فَلۡيَحۡذَرِ ٱلَّذِينَ يُخَالِفُونَ عَنۡ أَمۡرِهِۦٓ أَن تُصِيبَهُمۡ فِتۡنَةٌ أَوۡ يُصِيبَهُمۡ عَذَابٌ أَلِيمٌ ٦٣

Не равняйте обращение к Посланнику среди вас с тем, как вы обращаетесь друг к другу. Аллах знает тех из вас, которые уходят украдкой под прикрытием. Пусть же остерегаются те, которые противятся его воле, как бы их не постигло искушение или не постигли их мучительные страдания.

হে মুমিনসকল! আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক সন্মান কৰা। তেওঁক যদি মাতিবলগীয়া হয়, তেতিয়া তেওঁক নাম ধৰি নামাতিবা, যেনেঃ হে মুহাম্মদ। অথবা তেওঁৰ পিতৃৰ নাম ধৰিও নামাতিবা যিদৰে তোমালোকে ইজনে সিজনক মাতা, উদাহৰণস্বৰূপেঃ হে আব্দুল্লাহৰ তনয়। বৰং তোমালোকে এনেকৈ মাতিবাঃ “হে আল্লাহৰ ৰাছুল”, নাইবা “হে আল্লাহৰ নবী”। তেওঁ যদি তোমালোকক কোনো সাধাৰণ কামৰ বাবেও মাতে, তথাপিও তোমালোকে সেই আহ্বানক তোমালোকৰ নিজৰ মাজৰ অনৰ্থক আহ্বানৰ দৰে নাভাৱিবা। বৰং সেই আহ্বানত শীঘ্ৰেই সঁহাৰি দিবা। জানি থোৱা! তোমালোকৰ মাজৰ যিসকলে অনুমতি নোলোৱাকৈ গোপনে পলায়ন কৰে, আল্লাহে সেইসকল লোকক ভালদৰেই জানে। এতেকে যিসকল লোকে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদেশ অমান্য কৰে সিহঁতে ভয় কৰা উচিত, কাৰণ সিহঁত কোনো বিপদ-আপদত গ্ৰেপ্তাৰ হ'ব পাৰে অথবা কষ্টদায়ক শাস্তিয়ে সিহঁতক স্পৰ্শ কৰিব পাৰে। যিটোক সিহঁতে সহ্য কৰিব নোৱাৰিব।

24:64Страница 359

أَلَآ إِنَّ لِلَّهِ مَا فِي ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۖ قَدۡ يَعۡلَمُ مَآ أَنتُمۡ عَلَيۡهِ وَيَوۡمَ يُرۡجَعُونَ إِلَيۡهِ فَيُنَبِّئُهُم بِمَا عَمِلُواْۗ وَٱللَّهُ بِكُلِّ شَيۡءٍ عَلِيمُۢ ٦٤

Воистину, Аллаху принадлежит то, что на небесах и на земле. Он знает ваше положение и тот день, когда они будут возвращены к Нему. Он поведает им о том, что они совершили. Аллаху известно о всякой вещи.

জানি থোৱা! আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে সেই সকলোবোৰৰ সৃষ্টিকৰ্তা, মালিক আৰু সঞ্চালনকৰ্তা একমাত্ৰ আল্লাহ তাআলা। হে মানৱজাতি! তোমালোকে যি অৱস্থাতেই নাথাকা কিয়, সেই অৱস্থা সম্পৰ্কে তেওঁ অৱগত। তোমালোকৰ কোনো অৱস্থাই তেওঁৰ পৰা গোপন নহয়। কিয়ামতৰ দিনা যেতিয়া সিহঁত পুনৰ্জীৱিত হৈ উঠিব, তেতিয়া সিহঁতক আল্লাহে সেই সকলো কৰ্ম সম্পৰ্কে অৱগত কৰিব যিবোৰ সিহঁতে পৃথিৱীত কৰিছে। আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ। আকাশমণ্ডল আৰু পৃথিৱীৰ একোৱেই তেওঁৰ পৰা গোপন নহয়।

Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии

Содержание

Аят аль-Курси36Аль-Кахфстр. 42джуз 15Бухари 1Муслим 2999

Вид

Тема
Размер текста
Вид

Read in English