Аль-Мухтасар · Тафсир · на ассамском
Аш-Шуара 26:138–203
আমাক কেতিয়াও শাস্তি প্ৰদান কৰা নহ’ব।
26:139Страница 373
فَكَذَّبُوهُ فَأَهۡلَكۡنَٰهُمۡۚ إِنَّ فِي ذَٰلِكَ لَأٓيَةٗۖ وَمَا كَانَ أَكۡثَرُهُم مُّؤۡمِنِينَ ١٣٩
Они сочли его лжецом, а Мы погубили их. Воистину, в этом - знамение, но большинство их не стали верующими.
এতেকে সিহঁতে সিহঁতৰ নবী হূদক অস্বীকাৰ কৰাত ব্যস্ত থাকিল। ফলত অস্বীকাৰ কৰাৰ কাৰণে আমি সিহঁতক প্ৰচণ্ড ধুমুহাৰ দ্বাৰা ধ্বংস কৰিলোঁ। নিশ্চয় এই বিনাশত শিক্ষা গ্ৰহণকাৰীসকলৰ বাবে আছে শিক্ষা। কিন্তু তথাপিও সিহঁতৰ মাজৰ অধিকাংশই ঈমান পোষণ কৰা নাছিল।
26:140Страница 373
وَإِنَّ رَبَّكَ لَهُوَ ٱلۡعَزِيزُ ٱلرَّحِيمُ ١٤٠
Воистину, твой Господь - Могущественный, Милосердный.
হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালক মহাপৰাক্ৰমশালী, তেওঁ শত্ৰুসকলৰ পৰা প্ৰতিশোধ লয়, কিন্তু তেওঁৰ বান্দাসকলৰ মাজৰ যিসকলে তাওবা কৰে, তেওঁলোকৰ প্ৰতি তেওঁ অতি দয়াশীল।
ছামূদ জাতিয়েও গোটেই ৰাছুলসকলক অস্বীকাৰ কৰিছিল, কাৰণ সিহঁতে সিহঁতৰ নবী ছলেহক অস্বীকাৰ কৰিছিল।
26:142Страница 373
إِذۡ قَالَ لَهُمۡ أَخُوهُمۡ صَٰلِحٌ أَلَا تَتَّقُونَ ١٤٢
Вот их брат Салих сказал им: «Неужели вы не устрашитесь?
স্মৰণ কৰা সেই সময়ছোৱাক, যেতিয়া সিহঁতৰ বংশীয় ভাই ছলেহ আলাইহিচ্ছালামে সিহঁতক কৈছিলঃ তোমালোকে আল্লাহক ভয় নকৰা নেকি? তেওঁৰ ভয়ত আনৰ উপাসনা কৰা এৰি নিদিয়া কিয়?!
নিশ্চয় মই তোমালোকৰ ৰাছুল। আল্লাহে মোক তোমালোকৰ পিনে প্ৰেৰণ কৰিছে। আল্লাহে মোক যি প্ৰচাৰ কৰিবলৈ আদেশ দিছে সেই ক্ষেত্ৰত মই এজন বিশ্বস্ত ব্যক্তি, তাত মই অকণো কম-বেছি নকৰোঁ।
এতেকে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। তথা মই তোমালোকক যিবোৰ আদেশ দিওঁ, সেইবোৰ মানি চলা; আৰু মই তোমালোকক যিবোৰ বস্তুৰ পৰা নিষেধ কৰোঁ, সেইবোৰৰ পৰা বিৰত থকা।
26:145Страница 373
وَمَآ أَسۡـَٔلُكُمۡ عَلَيۡهِ مِنۡ أَجۡرٍۖ إِنۡ أَجۡرِيَ إِلَّا عَلَىٰ رَبِّ ٱلۡعَٰلَمِينَ ١٤٥
Я не прошу у вас за это вознаграждения, ибо вознаградит меня только Господь миров.
মই তোমালোকক মোৰ প্ৰতিপালকৰ পৰা লৈ অহা যি শিক্ষা দি আছোঁ, তাৰ পৰিবৰ্তে তোমালোকৰ পৰা মই কোনো পাৰিশ্ৰমিক বিচৰা নাই। মোৰ প্ৰতিদান কেৱল সৃষ্টিজগতৰ ৰব্ব আল্লাহ তাআলাইহে প্ৰদান কৰিব, তেওঁৰ বাহিৰে আন কোনেও নহয়।
26:146Страница 373
أَتُتۡرَكُونَ فِي مَا هَٰهُنَآ ءَامِنِينَ ١٤٦
Неужели вы будете оставлены в безопасности среди того, что есть здесь,
তোমালোকে এইটো বিচৰা নেকি যে, তোমালোকক এই সুখ-সুবিধা আৰু নিয়ামতৰ মাজত নিৰাপদে এৰি দিয়া হ’ব? তোমালোকে ভয় নোপোৱানে?
উদ্যানসমূহত আৰু জলপ্ৰপাতসমূহৰ মাজত।
26:148Страница 373
وَزُرُوعٖ وَنَخۡلٖ طَلۡعُهَا هَضِيمٞ ١٤٨
среди посевов и финиковых пальм с нежными плодами,
খেতি-বাতি আৰু খেজুৰ বাগানৰ মাজত, যিবোৰৰ ফল পকি নৰম হৈছে।
26:149Страница 373
وَتَنۡحِتُونَ مِنَ ٱلۡجِبَالِ بُيُوتٗا فَٰرِهِينَ ١٤٩
и будете искусно (или горделиво) высекать в горах жилища?
তোমালোকে পৰ্বত কাটি বসবাসযোগ্য ঘৰ নিৰ্মাণ কৰা, লগতে তোমালোক পৰ্বত খননত অতি পাকৈত।
এতেকে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। তথা মই তোমালোকক যিবোৰ আদেশ দিওঁ, সেইবোৰ মানি চলা; আৰু মই তোমালোকক যিবোৰ বস্তুৰ পৰা নিষেধ কৰোঁ, সেইবোৰৰ পৰা বিৰত থকা।
26:151Страница 373
وَلَا تُطِيعُوٓاْ أَمۡرَ ٱلۡمُسۡرِفِينَ ١٥١
и не слушайтесь повелений тех, кто излишествует,
তথা সেইসকল লোকৰ অনুসৰণ নকৰিবা, যিসকলে গুনাহত লিপ্ত হৈ নিজৰে অন্যায় কৰে।
26:152Страница 373
ٱلَّذِينَ يُفۡسِدُونَ فِي ٱلۡأَرۡضِ وَلَا يُصۡلِحُونَ ١٥٢
кто распространяет на земле нечестие и ничего не улучшает».
যিসকলে পৃথিৱীত পাপকৰ্ম প্ৰচাৰ কৰি উপদ্ৰৱ সৃষ্টি কৰে। তথা আল্লাহৰ আনুগত্য কৰি নিজৰ সংশোধন কৰিব নিবিচাৰে।
26:153Страница 373
قَالُوٓاْ إِنَّمَآ أَنتَ مِنَ ٱلۡمُسَحَّرِينَ ١٥٣
Они сказали: «Ты - всего лишь один из околдованных.
তেওঁৰ জাতিৰ লোকসকলে তেওঁক ক’লেঃ তুমি হৈছা সেইসকল লোকৰ মাজৰ এজন, যাক বাৰে বাৰে যাদু কৰা হৈছে; অৱশেষত সেই যাদু মস্তিষ্কত প্ৰভাৱ পেলাইছে, যাৰ ফলত বিবেক নিষ্ক্ৰিয় হৈছে।
26:154Страница 373
مَآ أَنتَ إِلَّا بَشَرٞ مِّثۡلُنَا فَأۡتِ بِـَٔايَةٍ إِن كُنتَ مِنَ ٱلصَّٰدِقِينَ ١٥٤
Ты - всего лишь такой же человек, как и мы. Покажи нам знамение, если ты - один из тех, кто говорит правду».
তুমি আমাৰ দৰেই এজন মানৱ। আমাতকৈ ভিন্ন তোমাৰ মাজত এনেকুৱা কোনো গুণ নাই, যাৰ ফলত তুমি ৰাছুল হোৱাৰ যোগ্য হ'ব পাৰিবা। যদি তুমি সঁচাই ৰাছুল, তথা যদি তুমি তোমাৰ এই দাবীত সত্যবাদী, তেন্তে নিদৰ্শন (প্ৰতীক) লৈ আহা; যি নিদৰ্শনে প্ৰমাণ কৰিব যে, তুমি আল্লাহৰ ৰাছুল।
26:155Страница 373
قَالَ هَٰذِهِۦ نَاقَةٞ لَّهَا شِرۡبٞ وَلَكُمۡ شِرۡبُ يَوۡمٖ مَّعۡلُومٖ ١٥٥
Он сказал: «Вот верблюдица! Она должна пить, и вы должны пить по определенным дням.
আল্লাহে যেতিয়া তেওঁক প্ৰতীক হিচাপে উট প্ৰদান কৰিলে, যিটোক আল্লাহে প্ৰকাণ্ড শিলৰ পৰা উলিয়াইছিল, তেতিয়া ছলেহ আলাইহিচ্ছালামে সিহঁতক ক’লেঃ এইটো উট (হৈছে মোৰ প্ৰতীক), যিটোক তোমালোকে প্ৰকাশ্য চাবও পাৰা আৰু চুবও পাৰা। শুনা! পানী পান কৰাৰ বাবে ইয়াৰ এটা নিৰ্ধাৰিত দিন থাকিব, তথা তোমালোকৰ বাবেও থাকিব নিৰ্ধাৰিত দিন। কিন্তু যিদিনা তোমালোকৰ পাল থাকিব, সেইদিনা এই উট পানী পান কৰিবলৈ নাযাব। আনহাতে যিদিনা এই উটৰ পাল থাকিব, সেইদিনা কিন্তু তোমালোকেও পানী পান কৰিবলৈ যাব নোৱাৰিবা।
26:156Страница 373
وَلَا تَمَسُّوهَا بِسُوٓءٖ فَيَأۡخُذَكُمۡ عَذَابُ يَوۡمٍ عَظِيمٖ ١٥٦
Не прикасайтесь к ней со злом, а не то вас постигнут мучения в Великий день».
লগতে জানি থোৱা, ইয়াক হত্যা অথবা আঘাত কৰা আদি বেয়া উদ্দেশ্যেৰে কেতিয়াও স্পৰ্শ নকৰিবা, অন্যথা ইয়াৰ ফলত আল্লাহৰ এনেকুৱা শাস্তিয়ে তোমালোকক কৰায়ত্ত্ব কৰিব, যি শাস্তিয়ে তোমালোকক বিনাশ কৰিব। সেইদিনটো হ’ব এটা ভয়াৱহ দিন, যিদিনা তোমালোকৰ ওপৰত ঘোৰ প্ৰকোপ অৱতীৰ্ণ হ’ব।
26:157Страница 373
فَعَقَرُوهَا فَأَصۡبَحُواْ نَٰدِمِينَ ١٥٧
Но они подрезали ей поджилки и стали сожалеть об этом.
তথাপিও সিহঁতে সেই উটক বধ কৰিবলৈ সকলোৱে একমত হ'ল, আৰু সিহঁতৰ মাজৰ এজন অতি দুৰ্ভগীয়া ব্যক্তিয়ে উটজনীক হত্যা কৰিলে। কিন্তু যেতিয়া সিহঁতে গম পালে যে, সিহঁতৰ এই কৰ্মৰ ফলত নিশ্চিতভাৱে আল্লাহৰ শাস্তি আহিবই, তেতিয়া সিহঁতে আফচোচ কৰিবলৈ ধৰিলে আৰু অনুতপ্ত হ'ল। কিন্তু শাস্তি প্ৰত্যক্ষ কৰাৰ পিছত আফচোচ কৰাৰ কোনো ফল পোৱা নাযায়।
26:158Страница 373
فَأَخَذَهُمُ ٱلۡعَذَابُۚ إِنَّ فِي ذَٰلِكَ لَأٓيَةٗۖ وَمَا كَانَ أَكۡثَرُهُم مُّؤۡمِنِينَ ١٥٨
Их постигло наказание. Воистину, в этом - знамение, но большинство их не стали верующими.
অৱশেষত সেই শাস্তিয়ে সিহঁতক গ্ৰাস কৰিলে, যি শাস্তিৰ পৰা সিহঁতক সতৰ্ক কৰা হৈছিল। শাস্তিটো আছিল ভয়াৱহ ভূমিকম্প আৰু প্ৰচণ্ড চিয়ঁৰ। ছলেহ আলাইহিচ্ছালাম আৰু তেওঁৰ জাতিৰ এই ঘটনাৰ মাজত শিক্ষা গ্ৰহণকাৰীসকলৰ বাবে আছে শিক্ষা। তথাপিও সিহঁতৰ মাজৰ অধিকাংশই ঈমান পোষণ কৰা নাছিল।
26:159Страница 373
وَإِنَّ رَبَّكَ لَهُوَ ٱلۡعَزِيزُ ٱلرَّحِيمُ ١٥٩
Воистину, твой Господь - Могущественный, Милосердный.
হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালক মহাপৰাক্ৰমশালী, তেওঁ শত্ৰুসকলৰ পৰা প্ৰতিশোধ লয়, কিন্তু তেওঁৰ বান্দাসকলৰ মাজৰ যিসকলে তাওবা কৰে, তেওঁলোকৰ প্ৰতি তেওঁ অতি দয়াশীল।
26:160Страница 374
كَذَّبَتۡ قَوۡمُ لُوطٍ ٱلۡمُرۡسَلِينَ ١٦٠
Народ Лута (Лота) счел лжецами посланников.
লূত সম্প্ৰদায়েও গোটেই ৰাছুলসকলক অস্বীকাৰ কৰিছিল, কাৰণ সিহঁতে সিহঁতৰ নবী লূতক অস্বীকাৰ কৰিছিল।
26:161Страница 374
إِذۡ قَالَ لَهُمۡ أَخُوهُمۡ لُوطٌ أَلَا تَتَّقُونَ ١٦١
Вот их брат Лут (Лот) сказал им: «Неужели вы не устрашитесь?
স্মৰণ কৰা সেই সময়ছোৱাক, যেতিয়া সিহঁতৰ বংশীয় ভাই লূত আলাইহিচ্ছালামে সিহঁতক কৈছিলঃ তোমালোকে আল্লাহক ভয় নকৰা নেকি? তেওঁক ভয় কৰি শ্বিৰ্ক কৰ্ম এৰি নিদিয়া কিয়?!
নিশ্চয় মই তোমালোকৰ ৰাছুল। আল্লাহে মোক তোমালোকৰ পিনে প্ৰেৰণ কৰিছে। আল্লাহে মোক যি প্ৰচাৰ কৰিবলৈ আদেশ দিছে সেই ক্ষেত্ৰত মই এজন বিশ্বস্ত ব্যক্তি, তাত মই অকণো কম-বেছি নকৰোঁ।
এতেকে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। তথা মই তোমালোকক যিবোৰ আদেশ দিওঁ, সেইবোৰ মানি চলা; আৰু মই তোমালোকক যিবোৰ বস্তুৰ পৰা নিষেধ কৰোঁ, সেইবোৰৰ পৰা বিৰত থকা।
26:164Страница 374
وَمَآ أَسۡـَٔلُكُمۡ عَلَيۡهِ مِنۡ أَجۡرٍۖ إِنۡ أَجۡرِيَ إِلَّا عَلَىٰ رَبِّ ٱلۡعَٰلَمِينَ ١٦٤
Я не прошу у вас за это вознаграждения, ибо вознаградит меня только Господь миров.
মই তোমালোকক মোৰ প্ৰতিপালকৰ পৰা লৈ অহা যি শিক্ষা দি আছোঁ, তাৰ পৰিবৰ্তে তোমালোকৰ পৰা মই কোনো পাৰিশ্ৰমিক বিচৰা নাই। মোৰ প্ৰতিদান কেৱল সৃষ্টিজগতৰ ৰব্ব আল্লাহ তাআলাইহে প্ৰদান কৰিব, তেওঁৰ বাহিৰে আন কোনেও নহয়।
26:165Страница 374
أَتَأۡتُونَ ٱلذُّكۡرَانَ مِنَ ٱلۡعَٰلَمِينَ ١٦٥
Неужели вы будете возлежать с мужчинами из миров
তোমালোকে পুৰুষসকলৰ পিছফালৰ লজ্জাস্থানত কিয় উপগত হোৱা?
26:166Страница 374
وَتَذَرُونَ مَا خَلَقَ لَكُمۡ رَبُّكُم مِّنۡ أَزۡوَٰجِكُمۚ بَلۡ أَنتُمۡ قَوۡمٌ عَادُونَ ١٦٦
и оставлять ваших жен, которых ваш Господь создал для вас? О нет! Вы являетесь преступным народом».
ইপিনে নিজৰ পত্নীৰ সন্মুখৰ লজ্জাস্থান বৰ্জন কৰা, যিটোক আল্লাহে তোমালোকৰ কামভাৱ পূৰণৰ বাবে সৃষ্টি কৰিছে। বৰং তোমালোকে সেই অশ্লীল কৰ্মত লিপ্ত হৈ আল্লাহৰ সীমা ৰেখা উলঙ্ঘা কৰিছা।
26:167Страница 374
قَالُواْ لَئِن لَّمۡ تَنتَهِ يَٰلُوطُ لَتَكُونَنَّ مِنَ ٱلۡمُخۡرَجِينَ ١٦٧
Они сказали: «О Лут (Лот), если ты не прекратишь, то окажешься одним из тех, кто был изгнан».
তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে তেওঁক ক’লেঃ হে লূত! যদি তুমি আমাৰ এই কৰ্মক নিষেধ কৰাৰ পৰা আৰু ইয়াক নিন্দা কৰাৰ পৰা বিৰত নাথাকা, তেন্তে আমি তোমাক আৰু তোমাৰ সৈতে যিসকল আছে, সিহঁত আটাইকে আমাৰ সমাজৰ পৰা বহিষ্কৃত কৰিম।
26:168Страница 374
قَالَ إِنِّي لِعَمَلِكُم مِّنَ ٱلۡقَالِينَ ١٦٨
Он сказал: «Я - один из тех, кому ненавистно ваше деяние.
লূত আলাইহিচ্ছালামে সিহঁতক কলেঃ নিশ্চয় মই তোমালোকৰ এই কৰ্মক অপছন্দ কৰোঁ তথা ঘৃণা কৰোঁ।
26:169Страница 374
رَبِّ نَجِّنِي وَأَهۡلِي مِمَّا يَعۡمَلُونَ ١٦٩
Господи! Спаси меня и мою семью от того, что они совершают».
তেওঁ নিজ প্ৰতিপালকক প্ৰাৰ্থনা কৰি ক’লেঃ হে মোৰ প্ৰতিপালক! তুমি মোক আৰু মোৰ পৰিয়ালবৰ্গক সেই শাস্তিৰ পৰা ৰক্ষা কৰা, যি শাস্তি ইহঁতৰ এই অশ্লীল কৰ্মকাণ্ডৰ কাৰণে ইহঁতলোকৰ ওপৰত অৱতীৰ্ণ হ’ব।
এতেকে আমি তেওঁৰ প্ৰাৰ্থনা স্বীকাৰ কৰিলোঁ আৰু তেওঁৰ গোটেই পৰিয়ালবৰ্গক ৰক্ষা কৰিলোঁ।
26:171Страница 374
إِلَّا عَجُوزٗا فِي ٱلۡغَٰبِرِينَ ١٧١
кроме старухи, которая оказалась среди оставшихся позади.
কিন্তু তেওঁৰ পত্নীৰ বাহিৰে। কাৰণ তাই কাফিৰ আছিল। গতিকে তায়ো ধ্বংস আৰু বিনাশ হোৱা লোকসকলৰ অন্তৰ্ভুক্ত হৈছিল।
ইয়াৰ পিছত লূত আলাইহিচ্ছালাম আৰু তেওঁৰ পৰিয়ালবৰ্গ যেতিয়া (ছাদুম) জনবসতিৰ পৰা ওলাই গৈছিল, তেতিয়া আমি অৱশিষ্ট লোকসকলক পৰিপূৰ্ণৰূপে ধ্বংস তথা বিনাশ কৰিছিলোঁ।
26:173Страница 374
وَأَمۡطَرۡنَا عَلَيۡهِم مَّطَرٗاۖ فَسَآءَ مَطَرُ ٱلۡمُنذَرِينَ ١٧٣
и пролили на них дождь. Как же пагубен дождь тех, кого предостерегали!
আমি সিহঁতৰ ওপৰত বৰষুণৰ দৰে শিল বৰ্ষণ কৰিছিলোঁ। সেই বৰষুণ কিমান নিকৃষ্ট আছিল, যিটোৰ পৰা লূত আলাইহিচ্ছালামে সিহঁতক সতৰ্ক কৰিছিল আৰু আল্লাহৰ শাস্তিৰ পৰা ভয় দেখুৱাইছিল যে, যদি সিহঁতে এই নিকৃষ্ট অশ্লীল কৰ্মৰ পৰা বিৰত নাথাকে তেন্তে সিহঁতে আল্লাহৰ শাস্তিৰ সন্মুখীন হ’ব।
26:174Страница 374
إِنَّ فِي ذَٰلِكَ لَأٓيَةٗۖ وَمَا كَانَ أَكۡثَرُهُم مُّؤۡمِنِينَ ١٧٤
Воистину, в этом - знамение, но большинство их не стали верующими.
লূত আলাইহিচ্ছালামৰ সম্প্ৰদায়ৰ ওপৰত নামি অহা এই শাস্তিৰ মাজত, শিক্ষাগ্ৰহণকাৰী সকলৰ বাবে আছে ডাঙৰ শিক্ষা, যিটো সিহঁতৰ প্ৰকাশ্য অশ্লীলতাৰ কাৰণে অৱতীৰ্ণ হৈছিল। তথাপিও সিহঁতৰ মাজৰ অধিকাংশই ঈমান পোষণ কৰা নাছিল।
26:175Страница 374
وَإِنَّ رَبَّكَ لَهُوَ ٱلۡعَزِيزُ ٱلرَّحِيمُ ١٧٥
Воистину, твой Господь - Могущественный, Милосердный.
হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালক মহাপৰাক্ৰমশালী, তেওঁ শত্ৰুসকলৰ পৰা প্ৰতিশোধ লয়, কিন্তু তেওঁৰ বান্দাসকলৰ মাজৰ যিসকলে তাওবা কৰে, তেওঁলোকৰ প্ৰতি তেওঁ অতি দয়াশীল।
26:176Страница 374
كَذَّبَ أَصۡحَٰبُ لۡـَٔيۡكَةِ ٱلۡمُرۡسَلِينَ ١٧٦
Жители Айки сочли лжецами посланников.
ঘন গছ-গছনি থকা (আইকাহ নামক) গাওঁবাসীসকলেও ৰাছুলসকলক অস্বীকাৰ কৰিছিল, যেতিয়া সিহঁতে সিহঁতৰ নবী শ্বুআইবক অস্বীকাৰ কৰিছিল।
26:177Страница 374
إِذۡ قَالَ لَهُمۡ شُعَيۡبٌ أَلَا تَتَّقُونَ ١٧٧
Вот Шуейб сказал им: «Неужели вы не устрашитесь?
স্মৰণ কৰা সেই সময়ছোৱাক, যেতিয়া সিহঁতৰ নবী শ্বুআইব আলাইহিচ্ছালামে সিহঁতক কৈছিলঃ তোমালোকে আল্লাহক ভয় নকৰা নেকি? তেওঁৰ ভয়ত আনৰ উপাসনা কৰা এৰি নিদিয়া কিয়?!
নিশ্চয় মই তোমালোকৰ প্ৰতি প্ৰেৰিত ৰাছুল। আল্লাহে মোক তোমালোকৰ পিনে প্ৰেৰণ কৰিছে। মই যি প্ৰচাৰ কৰি আছোঁ সেই ক্ষেত্ৰত মই এজন বিশ্বস্ত ব্যক্তি, মোক প্ৰচাৰ কৰিবলৈ যি আদেশ দিয়া হৈছে তাত মই অকণো কম-বেছি নকৰোঁ।
এতেকে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। তথা মই তোমালোকক যিবোৰ আদেশ দিওঁ, সেইবোৰ মানি চলা; আৰু মই তোমালোকক যিবোৰ বস্তুৰ পৰা নিষেধ কৰোঁ, সেইবোৰৰ পৰা বিৰত থকা।
26:180Страница 374
وَمَآ أَسۡـَٔلُكُمۡ عَلَيۡهِ مِنۡ أَجۡرٍۖ إِنۡ أَجۡرِيَ إِلَّا عَلَىٰ رَبِّ ٱلۡعَٰلَمِينَ ١٨٠
Я не прошу у вас за это вознаграждения, ибо вознаградит меня только Господь миров.
মই তোমালোকক মোৰ প্ৰতিপালকৰ পৰা লৈ অহা যি শিক্ষা দি আছোঁ, তাৰ পৰিবৰ্তে তোমালোকৰ পৰা মই কোনো পাৰিশ্ৰমিক বিচৰা নাই। মোৰ প্ৰতিদান কেৱল সৃষ্টিজগতৰ ৰব্ব আল্লাহ তাআলাইহে প্ৰদান কৰিব, তেওঁৰ বাহিৰে আন কোনেও নহয়।
26:181Страница 374
۞ أَوۡفُواْ ٱلۡكَيۡلَ وَلَا تَكُونُواْ مِنَ ٱلۡمُخۡسِرِينَ ١٨١
Наполняйте меру полностью и не будьте одними из тех, кто наносит урон.
শুনা! বিক্ৰীৰ কৰাৰ সময়ত মানুহক পৰিপূৰ্ণৰূপে ওজন কৰি দিবা। সেইসকল লোকৰ অন্তৰ্ভুক্ত নহ’বা, যিসকলে কিবা বিক্ৰী কৰিলে মানুহক ওজনত ক'ম দিয়ে।
তথা মানুহক ওজন কৰি দিয়াৰ সময়ত সঠিক তৰ্জুৰে ওজন কৰি দিবা।
26:183Страница 374
وَلَا تَبۡخَسُواْ ٱلنَّاسَ أَشۡيَآءَهُمۡ وَلَا تَعۡثَوۡاْ فِي ٱلۡأَرۡضِ مُفۡسِدِينَ ١٨٣
Не убавляйте людям того, что им причитается, и не творите на земле зла, распространяя нечестие.
মানুহক সিহঁতৰ অধিকাৰৰ পৰা বঞ্চিত নকৰিবা। লগতে অধিক পাপ কৰ্ম কৰি পৃথিৱীত উপদ্ৰৱ নকৰিবা।
26:184Страница 375
وَٱتَّقُواْ ٱلَّذِي خَلَقَكُمۡ وَٱلۡجِبِلَّةَ ٱلۡأَوَّلِينَ ١٨٤
Бойтесь Того, Кто сотворил вас и первые поколения».
সেই সত্ত্বাৰ তাক্বৱা অৱলম্বন কৰা, যিজনে তোমালোকক সৃষ্টি কৰিছে আৰু তোমালোকৰ পূৰ্বৱৰ্তী উম্মতসমূহক সৃষ্টি কৰিছে; লগতে তেওঁক ভয় কৰা, যাতে তেওঁ তোমালোকৰ ওপৰত শাস্তি অৱতীৰ্ণ নকৰে।
26:185Страница 375
قَالُوٓاْ إِنَّمَآ أَنتَ مِنَ ٱلۡمُسَحَّرِينَ ١٨٥
Они сказали: «Ты - всего лишь один из околдованных.
শ্বুআইব আলাইহিচ্ছালামৰ সম্প্ৰদায়ে তেওঁক ক’লেঃ দৰাচলতে তুমি সেইসকল লোকৰ অন্তৰ্ভুক্ত, যাক বাৰে বাৰে যাদু কৰা হৈছে, অৱশেষত যাদুৰ প্ৰভাৱত তুমি বিবেকহীন হৈ পৰিছা, তথা বোধশক্তি হেৰাইছে।
26:186Страница 375
وَمَآ أَنتَ إِلَّا بَشَرٞ مِّثۡلُنَا وَإِن نَّظُنُّكَ لَمِنَ ٱلۡكَٰذِبِينَ ١٨٦
Ты - всего лишь такой же человек, как и мы, и мы полагаем, что ты являешься одним из лжецов.
তুমি দেখোন আমাৰ দৰেই এজন সাধাৰণ মানৱ। আমাতকৈ ভিন্ন তোমাৰ মাজত কোনো বিশেষত্ব নাই। তেনেস্থলত তুমি কেনেকৈ ৰাছুল হ’ব পাৰা? তুমি নিজকে ৰাছুল হোৱাৰ যি দাবী কৰি আছা, এই ক্ষেত্ৰত আমি তোমাক মিছলীয়া বুলি ভাৱোঁ।
26:187Страница 375
فَأَسۡقِطۡ عَلَيۡنَا كِسَفٗا مِّنَ ٱلسَّمَآءِ إِن كُنتَ مِنَ ٱلصَّٰدِقِينَ ١٨٧
Низринь на нас осколок неба, если ты - один из тех, кто говорит правду».
যদি তুমি নিজৰ এই দাবীত সত্যবাদী, তেন্তে তুমি আমাৰ ওপৰত আকাশৰ এটা টুকুৰা পেলাই দেখুৱাচোন।
26:188Страница 375
قَالَ رَبِّيٓ أَعۡلَمُ بِمَا تَعۡمَلُونَ ١٨٨
Он сказал: «Мой Господь лучше знает о том, что вы совершаете».
শ্বুআইব আলাইহিচ্ছালামে সিহঁতক ক’লেঃ তোমালোকে যিবোৰ শ্বিৰ্ক আৰু পাপ কৰ্ম কৰি আছা, মোৰ প্ৰতিপালক সেইবোৰৰ বিষয়ে ভালকৈয়ে অৱগত। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়।
26:189Страница 375
فَكَذَّبُوهُ فَأَخَذَهُمۡ عَذَابُ يَوۡمِ ٱلظُّلَّةِۚ إِنَّهُۥ كَانَ عَذَابَ يَوۡمٍ عَظِيمٍ ١٨٩
Они сочли его лжецом, и их постигли мучения в день тени. Воистину, это были мучения в Великий день.
তথাপিও সিহঁতে শ্বুআইব আলাইহিচ্ছালামক অস্বীকাৰ কৰা কাৰ্যত ব্ৰতী থাকিল। ফলত ভয়ঙ্কৰ শাস্তিয়ে সিহঁতক গ্ৰাস কৰিলে। প্ৰচণ্ড গৰমৰ দিনা, ক’লা মেঘে আকাশ ছানি ধৰাৰ পিছত জুই বৰ্ষণ হ’বলৈ ধৰিলে আৰু সিহঁত সেই জুইত ভস্মীভূত হ’ল।
26:190Страница 375
إِنَّ فِي ذَٰلِكَ لَأٓيَةٗۖ وَمَا كَانَ أَكۡثَرُهُم مُّؤۡمِنِينَ ١٩٠
Воистину, в этом - знамение, но большинство их не стали верующими.
নিশ্চয় শ্বুআইব আলাইহিচ্ছালামৰ সম্প্ৰদায়ৰ ধ্বংসৰ মাজত, শিক্ষাগ্ৰহণকাৰী সকলৰ বাবে আছে ডাঙৰ শিক্ষা। তথাপিও সিহঁতৰ মাজৰ অধিকাংশই ঈমান পোষণ কৰা নাছিল।
26:191Страница 375
وَإِنَّ رَبَّكَ لَهُوَ ٱلۡعَزِيزُ ٱلرَّحِيمُ ١٩١
Воистину, твой Господь - Могущественный, Милосердный.
হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালক মহাপৰাক্ৰমশালী, তেওঁ শত্ৰুসকলৰ পৰা প্ৰতিশোধ লয়, কিন্তু তেওঁৰ বান্দাসকলৰ মাজৰ যিসকলে তাওবা কৰে, তেওঁলোকৰ প্ৰতি তেওঁ অতি দয়াশীল।
26:192Страница 375
وَإِنَّهُۥ لَتَنزِيلُ رَبِّ ٱلۡعَٰلَمِينَ ١٩٢
Воистину, это - Ниспослание от Господа миров.
নিঃসন্দেহে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ এই কোৰআন, বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ কৰা হৈছে।
বিশ্বস্ত ফিৰিস্তা জিব্ৰীল আলাইহিচ্ছালামে ইয়াকলৈ অৱতৰণ কৰিছে।
26:194Страница 375
عَلَىٰ قَلۡبِكَ لِتَكُونَ مِنَ ٱلۡمُنذِرِينَ ١٩٤
на твое сердце, чтобы ты стал одним из тех, кто предостерегает.
হে ৰাছুল! তেৱেঁই এই কোৰআনৰ বাণীলৈ আপোনাৰ অন্তৰত অৱতৰণ কৰিছে, যাতে আপুনি সেইসকল ৰাছুলৰ অন্তৰ্ভুক্ত হয়, যিসকলে মানুহক সতৰ্ক কৰে তথা যিসকলে আল্লাহৰ শাস্তিৰ পৰা মানুহক ভয় দেখুৱায়।
বিশুদ্ধ আৰু স্পষ্ট আৰবী ভাষাত ইয়াক অৱতীৰ্ণ কৰিছে।
26:196Страница 375
وَإِنَّهُۥ لَفِي زُبُرِ ٱلۡأَوَّلِينَ ١٩٦
и упоминается в Писаниях древних народов.
এই কোৰআন সম্পৰ্কে পূৰ্বৱৰ্তী গ্ৰন্থসমূহতো বৰ্ণনা আহিছে। গতিকে ইয়াৰ বিষয়ে বিগত ঐশী গ্ৰন্থসমূহতো সুসংবাদ দিয়া হৈছে।
26:197Страница 375
أَوَلَمۡ يَكُن لَّهُمۡ ءَايَةً أَن يَعۡلَمَهُۥ عُلَمَٰٓؤُاْ بَنِيٓ إِسۡرَٰٓءِيلَ ١٩٧
Разве для них не является знамением то, что ученые сынов Исраила (Израиля) знают его?
এই অস্বীকাৰকাৰীসকলৰ বাবে এইটো আপোনাৰ সত্যতাৰ প্ৰতীক নহয়নে যে, আব্দুল্লাহ বিন ছালামৰ দৰে বনী ইছৰাঈলৰ বিদ্যানসকলেও আপোনাৰ ওপৰত অৱতীৰ্ণ হোৱা এই কোৰআনৰ বাস্তৱিকতা সম্পৰ্কে সুপৰিচিত?!
26:198Страница 375
وَلَوۡ نَزَّلۡنَٰهُ عَلَىٰ بَعۡضِ ٱلۡأَعۡجَمِينَ ١٩٨
Если бы Мы ниспослали его кому-либо из неарабов
যদি আমি এই কোৰআনখনক কোনো আজমী (অৰ্থাৎ অনাৰব) ব্যক্তিৰ ওপৰত অৱতীৰ্ণ কৰিলোহেঁতেন, যিয়ে আৰবীত কথা ক’ব নোৱাৰে।
26:199Страница 375
فَقَرَأَهُۥ عَلَيۡهِم مَّا كَانُواْ بِهِۦ مُؤۡمِنِينَ ١٩٩
и если бы он прочел его им, то они не уверовали бы в него.
তেওঁ যদি সিহঁতৰ সন্মুখত এই কোৰআনখন তিলাৱত কৰিলেহেঁতেন, তথাপিও সিহঁতে ঈমান পোষণ নকৰিলেহেঁতেন। তেতিয়া সিহঁতে এই যুক্তি প্ৰক্ষেপ কৰিলেহেঁতেন যে, আমি এইখন বুজি নাপাওঁ। গতিকে সিহঁতে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰা উচিত যে, কোৰআনখন সিহঁতৰ নিজৰ ভাষাত অৱতীৰ্ণ কৰা হৈছে।
26:200Страница 375
كَذَٰلِكَ سَلَكۡنَٰهُ فِي قُلُوبِ ٱلۡمُجۡرِمِينَ ٢٠٠
Так Мы внедряем его (неверие) в сердца грешников.
এইদৰেই আমি অস্বীকাৰ আৰু কুফৰীৰ প্ৰবৃত্তি অপৰাধীসকলৰ অন্তৰত সোমাই দিছোঁ।
26:201Страница 375
لَا يُؤۡمِنُونَ بِهِۦ حَتَّىٰ يَرَوُاْ ٱلۡعَذَابَ ٱلۡأَلِيمَ ٢٠١
Они не уверуют в него, пока не увидят мучительные страдания.
সিহঁতে যি কুফৰীত লিপ্ত হৈ আছে, সিহঁতৰ সেই অৱস্থা কেতিয়াও পৰিবৰ্তন নহ’ব, যেতিয়ালৈকে সিহঁতে কষ্টদায়ক শাস্তি প্ৰত্যক্ষ নকৰিব।
26:202Страница 375
فَيَأۡتِيَهُم بَغۡتَةٗ وَهُمۡ لَا يَشۡعُرُونَ ٢٠٢
Они постигнут их неожиданно, так что они даже не почувствуют этого.
সিহঁতৰ ওপৰত এই শাস্তি আকস্মিক আহিব। এই শাস্তি যেতিয়া আহিব সিহঁতে গমেই নাপাব।
26:203Страница 375
فَيَقُولُواْ هَلۡ نَحۡنُ مُنظَرُونَ ٢٠٣
Тогда они скажут: «Предоставят ли нам отсрочку?».
যেতিয়া সিহঁতৰ ওপৰত আকস্মিক শাস্তি নামি আহিব তেতিয়া সিহঁতে প্ৰচুৰ অনুতাপ কৰি ক'বঃ আমি কিছু সময়ৰ বাবে হলেও অৱকাশ পামনে, যাতে আল্লাহৰ ওচৰত তাওবা কৰিব পাৰোঁ?!
Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии