Аль-МухтасарАль‑Касас · 28:1–37

Аль-Мухтасар · Тафсир · на ассамском

القصص

Аль-Касас

Рассказ · Мекканская · 88 аятов

28:1Страница 385

طسٓمٓ ١

Та. Син. Мим.

(ত্ব-ছীন-মীম) ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত এইবোৰ আখৰৰ বিষয়ে আলোচনা কৰা হৈছে।

28:2Страница 385

تِلۡكَ ءَايَٰتُ ٱلۡكِتَٰبِ ٱلۡمُبِينِ ٢

Это - аяты ясного Писания.

এইবোৰ হৈছে স্পষ্ট কোৰআনৰ আয়াত।

28:3Страница 385

نَتۡلُواْ عَلَيۡكَ مِن نَّبَإِ مُوسَىٰ وَفِرۡعَوۡنَ بِٱلۡحَقِّ لِقَوۡمٖ يُؤۡمِنُونَ ٣

Мы правдиво прочтем тебе для верующих людей историю Мусы (Моисея) и Фараона.

আমি আপোনাক সত্য সহকাৰে মুছা আৰু ফিৰআউনৰ সংবাদ পাঠ কৰি শুনাই আছোঁ, য’ত কোনো ধৰণৰ সন্দেহ নাই; সেইসকল লোকৰ উদ্দেশ্যে যিসকলে ঈমান আনিছে। কাৰণ তেওঁলোকেই এনেকুৱা ঘটনাৰ দ্বাৰা উপকৃত হয়।

28:4Страница 385

إِنَّ فِرۡعَوۡنَ عَلَا فِي ٱلۡأَرۡضِ وَجَعَلَ أَهۡلَهَا شِيَعٗا يَسۡتَضۡعِفُ طَآئِفَةٗ مِّنۡهُمۡ يُذَبِّحُ أَبۡنَآءَهُمۡ وَيَسۡتَحۡيِۦ نِسَآءَهُمۡۚ إِنَّهُۥ كَانَ مِنَ ٱلۡمُفۡسِدِينَ ٤

Фараон возгордился на земле и разделил ее жителей на группы. Одних он ослаблял, убивая их сыновей и оставляя в живых их женщин. Воистину, он был одним из тех, кто распространял нечестие.

নিশ্চয় ফিৰআউনে মিচৰৰ ভূমিত উপদ্ৰৱ সৃষ্টি কৰিছিল, তথা তাত নিজৰ আধিপত্য বিস্তাৰ কৰিছিল। লগতে মিচৰৰ অধিবাসীসকলক বিভিন্ন গোটত বিভক্ত কৰিছিল। সেইবোৰৰ মাজৰ এটা গোটক অৰ্থাৎ বনী ইছৰাঈলক দুৰ্বল কৰি ৰাখিছিল। সিহঁতৰ মাজৰ পুৰুষসকলক হত্যা কৰিছিল আৰু নাৰীসকলক সিহঁতৰ সেৱা আগবঢ়োৱাৰ বাবে জীৱিত ৰাখিছিল, যাতে সেই গোত্ৰটোক অধিক অপমানিত কৰিব পৰা যায়। নিঃসন্দেহে ফিৰআউন আছিল এজন অত্যাচাৰী, বিদ্ৰূহী তথা অহংকাৰী ব্যক্তি, যিজনে পৃথিৱীত উপদ্ৰৱ সৃষ্টি কৰিছিল।

28:5Страница 385

وَنُرِيدُ أَن نَّمُنَّ عَلَى ٱلَّذِينَ ٱسۡتُضۡعِفُواْ فِي ٱلۡأَرۡضِ وَنَجۡعَلَهُمۡ أَئِمَّةٗ وَنَجۡعَلَهُمُ ٱلۡوَٰرِثِينَ ٥

Мы пожелали оказать милость тем, кто был унижен на земле, сделать их предводителями и наследниками,

মিচৰৰ ভূমিত বনী ইছৰাঈলক দুৰ্বল কৰি ৰখা ফিৰআউনক ধ্বংস কৰি তথা বনী ইছৰাঈলৰ দুৰ্বলতা আঁতৰাই তেওঁলোকক সত্যৰ প্ৰতিনিধি বনাই, মই মোৰ দয়াৰ পাত্ৰ বনাব বিচাৰিছিলোঁ। লগতে আমি ফিৰআউনক ধ্বংস কৰাৰ পিছত তেওঁলোকক বৰকতময় শ্বাম (ছিৰিয়া) দেশৰ উত্তৰাধিকাৰী বনাব বিচাৰিছিলোঁ। যেনেঃ আল্লাহ তাআলাই কৈছেঃ ﴿وَأَوْرَثْنَا الْقَوْمَ الَّذِينَ كَانُوا يُسْتَضْعَفُونَ مَشَارِقَ الأَرْضِ وَمَغَارِبَهَا الَّتِي بَارَكْنَا فِيهَاۖ...﴾অৰ্থাৎ যি সম্প্ৰদায়ক দুৰ্বল বুলি ভৱা হৈছিল সিহঁতক আমি আমাৰ কল্যাণপ্ৰাপ্ত সাম্ৰাজ্যৰ পূৱ আৰু পশ্চিমৰ উত্তৰাধিকাৰী কৰিলোঁ।

28:6Страница 386

وَنُمَكِّنَ لَهُمۡ فِي ٱلۡأَرۡضِ وَنُرِيَ فِرۡعَوۡنَ وَهَٰمَٰنَ وَجُنُودَهُمَا مِنۡهُم مَّا كَانُواْ يَحۡذَرُونَ ٦

даровать им власть на земле и показать Фараону, Хаману и их воинам то, чего они остерегались.

পৃথিৱীত আমি তেওঁলোকক ৰাজত্ব দান কৰি শাসনভাৰ প্ৰদান কৰিব বিচাৰিছিলোঁ। লগতে ফিৰআউনক আৰু তাৰ মন্ত্ৰী সভাত থকা আটাইতকৈ ডাঙৰ সহযোগী হামানক তথা সিহঁতৰ সৈন্যবাহিনীক যিসকলে সিহঁতক দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত সহায় কৰিছিল, এই সকলোকে আমি বনী ইছৰাঈলৰ এজন পুত্ৰ সন্তানৰ দ্বাৰা সিহঁতৰ ৰাজপাঠ হেৰুৱাৰ দৃশ্য দেখুৱাব বিচাৰিছিলোঁ, বনী ইছৰাঈলৰ যি সন্তানটোৰ বিষয়ে সিহঁতে সদায় শংকিত হৈ থাকিছিল।

28:7Страница 386

وَأَوۡحَيۡنَآ إِلَىٰٓ أُمِّ مُوسَىٰٓ أَنۡ أَرۡضِعِيهِۖ فَإِذَا خِفۡتِ عَلَيۡهِ فَأَلۡقِيهِ فِي ٱلۡيَمِّ وَلَا تَخَافِي وَلَا تَحۡزَنِيٓۖ إِنَّا رَآدُّوهُ إِلَيۡكِ وَجَاعِلُوهُ مِنَ ٱلۡمُرۡسَلِينَ ٧

Мы внушили матери Мусы (Моисея): «Корми его грудью. Когда же станешь опасаться за него, то брось его в реку. Не бойся и не печалься, ибо Мы вернем его тебе и сделаем одним из посланников».

আমি মুছা আলাইহিচ্ছালামৰ মাতৃৰ অন্তৰত এই কথা ইলহাম কৰিছিলোঁ যে, আপুনি তাক পিয়াহ খুৱাই থাকক। কিন্তু যদি ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ ফালৰ পৰা কোনো আশংকা হয় যে, সিহঁতে তেওঁক হত্যা কৰিব তেন্তে আপুনি তাক এটা বাকচত ভৰাই নীল নদীত উটুৱাই দিয়ক। তেওঁ ডুবি যাব বুলি অথবা ফিৰআউনে তেওঁক কিবা অনিষ্ট কৰিব বুলি আপুনি কেতিয়াও চিন্তিত নহ’ব। লগতে তেওঁৰ বিচ্ছেদকলৈও দুখী নহ’ব। নিশ্চয় আমি তেওঁক জীৱিত অৱস্থাত আপোনাৰ ওচৰলৈ ওভোতাই আনিম। লগতে তেওঁক সেইসকল ৰাছুলৰ অন্তৰ্ভুক্ত কৰিম, যিসকলক মানুহৰ ওচৰলৈ প্ৰেৰণ কৰা হয়।

28:8Страница 386

فَٱلۡتَقَطَهُۥٓ ءَالُ فِرۡعَوۡنَ لِيَكُونَ لَهُمۡ عَدُوّٗا وَحَزَنًاۗ إِنَّ فِرۡعَوۡنَ وَهَٰمَٰنَ وَجُنُودَهُمَا كَانُواْ خَٰطِـِٔينَ ٨

Семья Фараона подобрала его, чтобы он стал их врагом и печалью. Воистину, Фараон, Хаман и их воины были грешниками.

যেতিয়া তেওঁ আমাৰ আদেশ পালন কৰি মুছাক বাকচত ভৰাই নদীত উটুৱাই দিলে, তেতিয়া ফিৰআউন আৰু তাৰ সৈন্যবাহিনীয়ে বাকচটো দেখা পাই উঠাই ল’লে। যাতে আল্লাহৰ পৰিকল্পনা বাস্তৱত পৰিণত হয় যে, তেওঁ অচিৰেই মুছাক ফিৰআউনৰ শত্ৰুত পৰিণত হ’ব, আৰু তেওঁৰ জৰিয়তেই ফিৰআউনৰ ৰাজত্বৰ অৱসান ঘটিব। ফলত এইটো সিহঁতৰ চিন্তাৰ কাৰণ হৈ পৰিব। নিশ্চয় ফিৰআউন আৰু তাৰ মন্ত্ৰী হামান, লগতে সিহঁত দুজনৰ সহায়কসকল আছিল অতি পাপিষ্ঠ, কাৰণ সিহঁতে কুফৰী কৰিছিল আৰু অবাধ্যতাত লিপ্ত আছিল। তথা অন্যায়-অত্যাচাৰৰ জৰিয়তে সিহঁতে পৃথিৱীত উপদ্ৰৱ সৃষ্টি কৰিছিল।

28:9Страница 386

وَقَالَتِ ٱمۡرَأَتُ فِرۡعَوۡنَ قُرَّتُ عَيۡنٖ لِّي وَلَكَۖ لَا تَقۡتُلُوهُ عَسَىٰٓ أَن يَنفَعَنَآ أَوۡ نَتَّخِذَهُۥ وَلَدٗا وَهُمۡ لَا يَشۡعُرُونَ ٩

Жена Фараона сказала: «Вот услада очей для меня и тебя. Не убивайте его! Быть может, он принесет нам пользу, или же мы усыновим его». Они ни о чем не подозревали.

ফিৰআউনে যেতিয়া তেওঁক হত্যা কৰিব বিচাৰিলে তেতিয়া ফিৰআউনৰ স্ত্ৰীয়ে ক’লে, ইয়াক এৰি দিয়ক, এই ল’ৰাটো মোৰ আৰু আপোনাৰ বাবে আনন্দৰ উৎস হৈ থাকিব। লগতে আমাৰ সেৱা কৰি আমাক উপকৃত কৰিব। নাইবা ইয়াক আমি পুত্ৰ বনাই লম। কিন্তু সিহঁতে জনা নাছিল যে, এটা সময়ত এই ল’ৰাটোৰ দ্বাৰা সিহঁতৰ ৰাজত্বৰ পতন ঘটিব।

28:10Страница 386

وَأَصۡبَحَ فُؤَادُ أُمِّ مُوسَىٰ فَٰرِغًاۖ إِن كَادَتۡ لَتُبۡدِي بِهِۦ لَوۡلَآ أَن رَّبَطۡنَا عَلَىٰ قَلۡبِهَا لِتَكُونَ مِنَ ٱلۡمُؤۡمِنِينَ ١٠

Сердце матери Мусы (Моисея) опустело (переполнилось тревогой и оказалось лишено всех иных чувств). Она готова была раскрыть его (свой поступок), если бы Мы не укрепили ее сердце, чтобы она оставалась верующей.

ইপিনে মুছা আলাইহিচ্ছালামৰ মাতৃৰ অৱস্থা এনেকুৱা হৈছিল যে, তেওঁ পৃথিৱীৰ সকলো বিষয় ত্যাগ কৰি অকল মুছাকলৈয়ে চিন্তিত আছিল। তেওঁ ধৈৰ্য্য ধাৰণত ব্যাকুল হৈ পৰিছিল। ইমান অস্থিৰ হৈ পৰিছিল যে, জানোচা কেতিয়া প্ৰকাশ কৰি দিয়ে “এওঁ মোৰেই সন্তান”। কিন্তু আমি তেওঁৰ অন্তৰ সুদৃঢ় কৰি ৰাখিছিলোঁ আৰু ধৈৰ্য্য ধাৰণ কৰাৰ সামৰ্থ প্ৰদান কৰিছিলোঁ। যাতে তেওঁ সেইসকল মুমিনৰ তালিকাভুক্ত হ’ব পাৰে, যিসকলে নিজ প্ৰতিপালকৰ ওপৰত ভৰসা কৰে তথা যিসকলে তেওঁৰ ফয়চালাত সন্তুষ্টি ব্যক্তি কৰে।

28:11Страница 386

وَقَالَتۡ لِأُخۡتِهِۦ قُصِّيهِۖ فَبَصُرَتۡ بِهِۦ عَن جُنُبٖ وَهُمۡ لَا يَشۡعُرُونَ ١١

Она сказала его сестре: «Следуй за ним». Она наблюдала за ним издали, и они не замечали этого.

মুছা আলাইহিচ্ছালামৰ মাতৃয়ে তেওঁক সাগৰত নিক্ষেপ কৰাৰ পিছত, মুছাৰ ভনীয়েকক নিৰ্দেশ দিলে যে, তুমি এই বাকচৰ পিছে পিছে যোৱাঁ। ইয়াৰ লগত কি সংঘটিত হয় সেই বিষয়ে যাতে সবিশেষ তথ্য জানিব পাৰা। এতেকে তাই সেই বাকচটোক দূৰৰ পৰাই লক্ষ্য ৰাখিছিল, যাতে ৰহস্য ফাদিল হৈ নাযায়। ইপিনে ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ লোকসকলে গমেই নাপালে যে, এই ছোৱালীজনী মুছাৰ ভনী তথা তাই ইয়াৰ খবৰ সংগ্ৰহ কৰিবলৈ আহিছে।

28:12Страница 386

۞ وَحَرَّمۡنَا عَلَيۡهِ ٱلۡمَرَاضِعَ مِن قَبۡلُ فَقَالَتۡ هَلۡ أَدُلُّكُمۡ عَلَىٰٓ أَهۡلِ بَيۡتٖ يَكۡفُلُونَهُۥ لَكُمۡ وَهُمۡ لَهُۥ نَٰصِحُونَ ١٢

Мы запретили ему брать грудь кормилиц, пока она (сестра Мусы) не сказала: «Показать ли вам семью, которая будет заботиться о нем для вас и будет желать ему добра?».

ইপিনে আল্লাহৰ পৰিকল্পনা মতে মুছা আলাইহিচ্ছামে কোনো নাৰীৰেই পিয়াহ খোৱা নাছিল, এই ঘটনা সংঘটিত হৈছিল মূছাক তেওঁৰ মাতৃৰ কোলাত ওভোতাই দিয়াৰ পূৰ্বে। যেতিয়া মুছা আলাইহিচ্ছালামৰ ভনীয়ে দেখিলে যে, সিহঁতে তেওঁক পিয়াহ খুৱাবলৈ ব্যাকুল হৈ আছে, তেতিয়া সিহঁতক ক’লেঃ আমি আপোনালোকক এনেকুৱা এটি পৰিয়ালৰ বিষয়ে সংবাদ দিব পাৰোঁনে, যি পৰিয়ালে ইয়াক পিয়াহ খুৱাব পাৰিব তথা ইয়াক ভালকৈ লালন-পালনো কৰিব পাৰিব, তথা তেওঁলোক ইয়াৰ শুভাকাংক্ষীও হ’ব?

28:13Страница 386

فَرَدَدۡنَٰهُ إِلَىٰٓ أُمِّهِۦ كَيۡ تَقَرَّ عَيۡنُهَا وَلَا تَحۡزَنَ وَلِتَعۡلَمَ أَنَّ وَعۡدَ ٱللَّهِ حَقّٞ وَلَٰكِنَّ أَكۡثَرَهُمۡ لَا يَعۡلَمُونَ ١٣

Так Мы вернули его матери, чтобы утешились ее глаза, чтобы она не печалилась и знала, что обещание Аллаха истинно. Но большинство их не ведает этого.

এইদৰেই আমি মুছাক তেওঁৰ মাতৃৰ ওচৰলৈ ওভোতাই দিছিলোঁ। যাতে তেওঁক ওচৰত পাই তেওঁৰ মাকৰ চকু শীতল হয়, লগতে তেওঁৰ বিচ্ছেদত যাতে শোকাগ্ৰস্ত নহয়। তথা এই কথাও যাতে গম পায় যে, মুছাক ওভোতাই দিয়াৰ আল্লাহৰ প্ৰতিশ্ৰুতিটো সত্য, য’ত কোনো ধৰণৰ সন্দেহৰ অৱকাশ নাই। কিন্তু অধিকাংশ লোকেই এই প্ৰতিশ্ৰুতি সম্পৰ্কে নাজানে, লগতে এইজনীয়েই যে মুছাৰ মাতৃ আছিল, এই কথাটো কোনোৱেই জনা নাছিল।

28:14Страница 387

وَلَمَّا بَلَغَ أَشُدَّهُۥ وَٱسۡتَوَىٰٓ ءَاتَيۡنَٰهُ حُكۡمٗا وَعِلۡمٗاۚ وَكَذَٰلِكَ نَجۡزِي ٱلۡمُحۡسِنِينَ ١٤

Когда он достиг зрелого возраста, Мы даровали ему власть (мудрость или пророчество) и знание. Так Мы воздаем творящим добро.

যেতিয়া তেওঁ যৌৱনত উপনীত হ’ল আৰু শক্তিশালী হৈ গ’ল, তেতিয়া আমি তেওঁক নবুওৱত প্ৰদানৰ পূৰ্বেই বনী ইছৰাঈলৰ ধৰ্ম সম্পৰ্কে জ্ঞান আৰু বুদ্ধিমত্বা দান কৰিছিলোঁ। যিদৰে আমি মুছা আলাইহিচ্ছালামক আনুগত্যৰ কাৰণে প্ৰতিফল দান কৰিছিলোঁ, ঠিক সেইদৰে আমি প্ৰত্যেক যুগ আৰু প্ৰত্যেক স্থানতে সদাচাৰী লোকসকলক প্ৰতিফল দান কৰোঁ।

28:15Страница 387

وَدَخَلَ ٱلۡمَدِينَةَ عَلَىٰ حِينِ غَفۡلَةٖ مِّنۡ أَهۡلِهَا فَوَجَدَ فِيهَا رَجُلَيۡنِ يَقۡتَتِلَانِ هَٰذَا مِن شِيعَتِهِۦ وَهَٰذَا مِنۡ عَدُوِّهِۦۖ فَٱسۡتَغَٰثَهُ ٱلَّذِي مِن شِيعَتِهِۦ عَلَى ٱلَّذِي مِنۡ عَدُوِّهِۦ فَوَكَزَهُۥ مُوسَىٰ فَقَضَىٰ عَلَيۡهِۖ قَالَ هَٰذَا مِنۡ عَمَلِ ٱلشَّيۡطَٰنِۖ إِنَّهُۥ عَدُوّٞ مُّضِلّٞ مُّبِينٞ ١٥

Войдя в город, когда его жители были невнимательны, он встретил двух мужчин, которые дрались друг с другом. Один был из числа его сторонников, а другой был из числа его врагов. Тот, кто был из числа его сторонников, попросил его помочь ему против того, кто был из числа его врагов. Муса (Моисей) ударил его кулаком и прикончил. Он сказал: «Это - одно из деяний дьявола. Воистину, он является явным врагом, вводящим в заблуждение».

এদিনাখন মুছা আলাইহিচ্ছালাম এনেকুৱা এটা সময়ত নগৰত প্ৰৱেশ কৰিলে, যেতিয়া মানুহে নিজ নিজ ঘৰত বিশ্ৰাম কৰি আছিল। তেওঁ দেখা পালে দুজন লোকে পৰস্পৰে কাজিয়া কৰি আছে তথা মাৰপিট কৰি আছে। সিহঁতৰ মাজৰ এজন আছিল মুছাৰ সম্প্ৰদায়ৰ অৰ্থাৎ বনী ইছৰাঈলৰ, আৰু আনজন আছিল কিবতী অৰ্থাৎ মুছা আলাইহিচ্ছালামৰ শত্ৰু ফিৰআউন সম্প্ৰদায়ৰ। এতেকে যিজন মুছাৰ সম্প্ৰদায়ৰ আছিল, সি মুছা আলাইহিচ্ছালামৰ পৰা নিজৰ শত্ৰু কিবতীৰ বিৰুদ্ধে সহায় কৰিবলৈ কাকুতি-মিনতি কৰিলে। ফলত মুছা আলাইহিচ্ছালামে কিবতীক এটা ঘোচা মাৰিলে, শক্তিশালী ঘোচাৰ ফলত মানুহজন নিহত হ’ল। এই দেখি মুছা আলাইহিচ্ছালামে ক’লেঃ নিশ্চয় এইটো চয়তানৰ শোভনীয় কৰ্ম তথা তাৰ প্ৰৱঞ্চনাৰ অন্তৰ্ভুক্ত। নিঃসন্দেহে চয়তানে তাৰ অনুসাৰীসকলক পথভ্ৰষ্ট কৰে আৰু সি হৈছে এজন প্ৰকাশ্য শত্ৰু। এতেকে মোৰ দ্বাৰা যি সংঘটিত হৈছে, সেইটো তাৰ শত্ৰুতাৰ কাৰণেই হৈছে। আনহাতে তাৰ কামেই হৈছে মানুহক পথভ্ৰষ্ট কৰা, গতিকে সি মোক পথভ্ৰষ্ট কৰিব বিচাৰিছে।

28:16Страница 387

قَالَ رَبِّ إِنِّي ظَلَمۡتُ نَفۡسِي فَٱغۡفِرۡ لِي فَغَفَرَ لَهُۥٓۚ إِنَّهُۥ هُوَ ٱلۡغَفُورُ ٱلرَّحِيمُ ١٦

Он сказал: «Господи! Я поступил несправедливо по отношению к себе. Прости же меня!». Он простил его, ибо Он - Прощающий, Милосердный.

মুছা আলাইহিচ্ছালামে তেওঁৰ দ্বাৰা সংঘটিত অপৰাধ স্বীকাৰ কৰি নিজ প্ৰতিপালকৰ ওচৰত দুআ কৰি ক’লেঃ হে মোৰ প্ৰতিপালক! এই কিবতীক হত্যা কৰি নিশ্চিতভাৱে মই নিজৰ ওপৰত অন্যায় কৰিছোঁ। গতিকে তুমি মোৰ এই অপৰাধ ক্ষমা কৰি দিয়া। এতেকে আল্লাহে আমাক এই কথাটো স্পষ্ট কৰি দিছে যে, তেওঁ মুছা আলাইহিচ্ছালামক ক্ষমা কৰিছিল। নিশ্চয় আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল আৰু তেওঁলোকৰ প্ৰতি অতি দয়ালু।

28:17Страница 387

قَالَ رَبِّ بِمَآ أَنۡعَمۡتَ عَلَيَّ فَلَنۡ أَكُونَ ظَهِيرٗا لِّلۡمُجۡرِمِينَ ١٧

Он сказал: «Господи, за то, что Ты оказал мне милость, я никогда не буду пособлять грешникам».

মুছা আলাইহিচ্ছালামে তেওঁৰ প্ৰাৰ্থনাত আৰু কৈছিলঃ হে মোৰ প্ৰতিপালক! যিহেতু তুমি মোক শক্তি, বুদ্ধিমত্বা আৰু জ্ঞান প্ৰদান কৰি উপকাৰ কৰিছা। গতিকে মই কেতিয়াও অপৰাধীৰ সহায়ক হ’ব নোৱাৰোঁ।

28:18Страница 387

فَأَصۡبَحَ فِي ٱلۡمَدِينَةِ خَآئِفٗا يَتَرَقَّبُ فَإِذَا ٱلَّذِي ٱسۡتَنصَرَهُۥ بِٱلۡأَمۡسِ يَسۡتَصۡرِخُهُۥۚ قَالَ لَهُۥ مُوسَىٰٓ إِنَّكَ لَغَوِيّٞ مُّبِينٞ ١٨

Утром он отправился в город, оглядываясь со страхом, и вдруг тот, кто попросил его о помощи накануне, вновь позвал его на помощь. Муса (Моисей) сказал ему: «Ты являешься явным заблудшим».

তেওঁৰ দ্বাৰা কিবতী এজন হত্যা হোৱাৰ পিছত তেওঁ ভয় ভয় কৰি খা-খবৰ লোৱাৰ উদ্দেশ্যে নগৰত প্ৰৱেশ কৰিলে, যাতে এই বিষয়ে বিতং খবৰ সংগ্ৰহ কৰিব পাৰে যে, বৰ্তমান পৰিস্থিতি কেনেকুৱা। হঠাৎ তেওঁ দেখা পালে যে, যোৱাকালি যি ব্যক্তিয়ে তাৰ কিবতী শত্ৰুৰ বিৰুদ্ধে সহায় বিচাৰিছিল, সেইজনেই আজিও আন এজন কিবতীৰ লগত কাজিয়া কৰি আছে আৰু তাৰ বিৰুদ্ধে সহায় বিচাৰি আছে। এই দেখি মুছা আলাইহিচ্ছালামে ক’লেঃ নিশ্চয় তুমি এজন বিভ্ৰান্তি সৃষ্টিকাৰী তথা প্ৰকাশ্য পথভ্ৰষ্ট ব্যক্তি।

28:19Страница 387

فَلَمَّآ أَنۡ أَرَادَ أَن يَبۡطِشَ بِٱلَّذِي هُوَ عَدُوّٞ لَّهُمَا قَالَ يَٰمُوسَىٰٓ أَتُرِيدُ أَن تَقۡتُلَنِي كَمَا قَتَلۡتَ نَفۡسَۢا بِٱلۡأَمۡسِۖ إِن تُرِيدُ إِلَّآ أَن تَكُونَ جَبَّارٗا فِي ٱلۡأَرۡضِ وَمَا تُرِيدُ أَن تَكُونَ مِنَ ٱلۡمُصۡلِحِينَ ١٩

Когда же он захотел схватить того, кто был их врагом, тот сказал: «О Муса (Моисей)! Неужели ты хочешь убить меня, как убил человека вчера? Ты лишь хочешь стать тираном на земле и не хочешь быть в числе тех, кто примиряет людей».

যেতিয়া মুছা আলাইহিচ্ছালামে কিবতীক কৰায়ত্ব কৰিব বিচাৰিলে, যিজন মুছাৰ শত্ৰু আছিল তথা ইছৰাঈলী ব্যক্তিৰো শত্ৰু আছিল; তেতিয়া ইছৰাঈলী ব্যক্তিজনে ভাৱিলে যে, মুছা আলাইহিচ্ছালামে তাক কৰায়ত্ব কৰিবলৈ আহিছে, যিহেতু মুছা আলাইহিচ্ছালামে ইতিপূৰ্বে তাক কৈছিল, নিশ্চয় তুমি এজন বিভ্ৰান্ত সৃষ্টিকাৰী তথা প্ৰকাশ্য পথভ্ৰষ্ট; সেয়ে সি ধাৰণা কৰিছিল যে, মুছা আলাইহিচ্ছালামে তাকেই কৰায়ত্ব কৰিবলৈ আহিছে, গতিকে সি মুছা আলাইহিচ্ছালামক ক’লেঃ তুমি আজি মোকো হত্যা কৰিব বিচাৰিছা নেকি, যিদৰে যোৱাকালি তুমি এজন ব্যক্তিক হত্যা কৰিছিলা? নিশ্চয় তুমি পৃথিৱীত স্বেচ্ছাচাৰী দুৰাচাৰী হৈ মানুহক হত্যা কৰিব বিচৰা আৰু সিহঁতৰ ওপৰত অন্যায়-অত্যাচাৰ কৰিব বিচৰা। তুমি কেতিয়াও দুজন কাজিয়া কৰা লোকৰ মাজত মীমাংসা নিবিচৰা।

28:20Страница 387

وَجَآءَ رَجُلٞ مِّنۡ أَقۡصَا ٱلۡمَدِينَةِ يَسۡعَىٰ قَالَ يَٰمُوسَىٰٓ إِنَّ ٱلۡمَلَأَ يَأۡتَمِرُونَ بِكَ لِيَقۡتُلُوكَ فَٱخۡرُجۡ إِنِّي لَكَ مِنَ ٱلنَّٰصِحِينَ ٢٠

С окраины города второпях пришел мужчина и сказал: «О Муса (Моисей)! Знать договаривается о том, чтобы убить тебя. Уходи! Воистину, я даю тебе добрый совет».

যেতিয়া এই খবৰ চাৰিওফালে প্ৰচাৰ হৈ গ’ল, তেতিয়া নগৰৰ দূৰৱৰ্তী প্ৰান্তৰ পৰা এজন ব্যক্তি মুছাৰ শুভাকাংক্ষী হৈ তেওঁৰ ওচৰত দৌৰি আহিল, যাতে মুছা আলাইহিচ্ছালাম কোনো অনিষ্টৰ সন্মুখীন নহয়। সেই ব্যক্তিজন আহি ক’লেঃ হে মুছা! ফিৰআউন সম্প্ৰদায়ৰ নেতাসকলে আপোনাক প্ৰাণে মৰাৰ পৰামৰ্শ কৰি আছে। গতিকে আপুনি নগৰৰ পৰা আঁতৰি যাওক। নিশ্চয় মই আপোনাৰ শুভাকাংক্ষী। আপোনাক সিহঁতে কৰায়ত্ব কৰি যাতে হত্যা কৰিব নোৱাৰে সেইকাৰণেই মোৰ এই প্ৰয়াস।

28:21Страница 387

فَخَرَجَ مِنۡهَا خَآئِفٗا يَتَرَقَّبُۖ قَالَ رَبِّ نَجِّنِي مِنَ ٱلۡقَوۡمِ ٱلظَّٰلِمِينَ ٢١

Муса (Моисей) покинул город, оглядываясь со страхом, и сказал: «Господи! Спаси меня от несправедливых людей!».

এতেকে মুছা আলাইহিচ্ছালামে সেই শুভাকাংক্ষীৰ কথা মানি ল’লে, আৰু নগৰৰ পৰা ভীত-সন্ত্ৰস্ত হৈ গোপনে ওলাই গ’ল। তেওঁ সদায় চিন্তিত হৈ আছিল, জানোচা কেতিয়া কি হয়। সেই সময়ত তেওঁ নিজ প্ৰতিপালকৰ ওচৰত প্ৰাৰ্থনা কৰি ক’লেঃ হে মোৰ প্ৰতিপালক! তুমি মোক এই অত্যাচাৰীসকলৰ পৰা ৰক্ষা কৰা। যাতে সিহঁতে মোক কোনো ধৰণৰ অনিষ্ট কৰিব নোৱাৰে।

28:22Страница 388

وَلَمَّا تَوَجَّهَ تِلۡقَآءَ مَدۡيَنَ قَالَ عَسَىٰ رَبِّيٓ أَن يَهۡدِيَنِي سَوَآءَ ٱلسَّبِيلِ ٢٢

Направившись в сторону Мадьяна, он сказал: «Быть может, мой Господь наставит меня на правильный путь».

যেতিয়া তেওঁ মাদিয়ান অভিমুখে যাত্ৰা আৰম্ভ কৰিলে, তেতিয়া তেওঁ ক’লেঃ আশা কৰোঁ মোৰ প্ৰতিপালকে মোক উত্তম পথ দেখুৱাব, যাতে পথ হেৰুৱাই নাযাওঁ।

28:23Страница 388

وَلَمَّا وَرَدَ مَآءَ مَدۡيَنَ وَجَدَ عَلَيۡهِ أُمَّةٗ مِّنَ ٱلنَّاسِ يَسۡقُونَ وَوَجَدَ مِن دُونِهِمُ ٱمۡرَأَتَيۡنِ تَذُودَانِۖ قَالَ مَا خَطۡبُكُمَاۖ قَالَتَا لَا نَسۡقِي حَتَّىٰ يُصۡدِرَ ٱلرِّعَآءُۖ وَأَبُونَا شَيۡخٞ كَبِيرٞ ٢٣

Когда он прибыл к колодцу в Мадьяне, то обнаружил возле него людей, которые поили скотину. Неподалеку от них он увидел двух женщин, которые отгоняли свое стадо. Он сказал: «Что с вами?». Они сказали: «Мы не поим скотину, пока пастухи не уведут свои стада. Наш отец очень стар».

যেতিয়া তেওঁ মাদিয়ানৰ পানীৰ ঠাইত গৈ উপস্থিত হ’ল, তেতিয়া তেওঁ দেখা পালে কিছুসংখ্যক লোকে নিজৰ পোহনীয়া জন্তুবোৰক পানী খুওৱাই আছে। সিহঁতৰ পৰা কিছু নিলগত দুজনী ছোৱালীক দেখা পালে, তেওঁলোকে নিজৰ ছাগলীবোৰক আটক কৰি ৰাখিছে, মানুহবোৰ আঁতৰি যোৱাৰ পিচতহে তেওঁলোকে নিজৰ ছাগলীবোৰক পানী খুৱাব। মুছা আলাইহিচ্ছালামে তেওঁলোক দুয়োকে সুধিলেঃ তোমালোকৰ অসুবিধা কি, তোমালোকে নিজৰ জন্তুবোৰক সিহঁতৰ লগত পানী খুওৱা নাই কিয়? তেওঁলোকে ক’লেঃ আমাৰ অভ্যাস হৈছে যেতিয়ালৈকে ৰাখোৱালসকল গুচি নাযায় তেতিয়ালৈকে আমি আমাৰ জন্তুবোৰক পানী নুখুওৱাওঁ। যাতে সিহঁতৰ সংস্পৰ্শৰ পৰা আঁতৰি থাকিব পাৰোঁ। আনহাতে আমাৰ পিতৃও অধিক বয়সস্থ। জন্তুবোৰক পানী খুৱাবলৈ তেওঁ নিজে আহিব নোৱাৰে। সেইকাৰণেই আমি আমাৰ ছাগলীবোৰক পানী খুৱাবলৈ অহাত বাধ্য।

28:24Страница 388

فَسَقَىٰ لَهُمَا ثُمَّ تَوَلَّىٰٓ إِلَى ٱلظِّلِّ فَقَالَ رَبِّ إِنِّي لِمَآ أَنزَلۡتَ إِلَيَّ مِنۡ خَيۡرٖ فَقِيرٞ ٢٤

Он напоил для них скотину, а затем вернулся в тень и сказал: «Господи! Воистину, я нуждаюсь в любом благе, которое Ты ниспошлешь мне».

এই শুনি তেওঁলোকৰ প্ৰতি মুছা আলাইহিচ্ছালামৰ পুতৌ জন্মিল আৰু তেওঁলোকৰ ছাগলীবোৰক লৈ তেওঁ পানী খুৱাই আনিলে। ইয়াৰ পিছত তেওঁ গছৰ ছাঁত গৈ বিশ্ৰাম কৰিবলৈ ধৰিলে, লগতে নিজ প্ৰতিপালকৰ ওচৰত তেওঁৰ প্ৰয়োজনৰ কথা উল্লেখ কৰি দুআ কৰিলেঃ হে মোৰ প্ৰতিপালক! তুমি মোৰ ওপৰত যি কল্যাণেই নকৰা কিয়, সেইটোৱে এতিয়া মোৰ প্ৰয়োজন।

28:25Страница 388

فَجَآءَتۡهُ إِحۡدَىٰهُمَا تَمۡشِي عَلَى ٱسۡتِحۡيَآءٖ قَالَتۡ إِنَّ أَبِي يَدۡعُوكَ لِيَجۡزِيَكَ أَجۡرَ مَا سَقَيۡتَ لَنَاۚ فَلَمَّا جَآءَهُۥ وَقَصَّ عَلَيۡهِ ٱلۡقَصَصَ قَالَ لَا تَخَفۡۖ نَجَوۡتَ مِنَ ٱلۡقَوۡمِ ٱلظَّٰلِمِينَ ٢٥

Одна из двух женщин подошла к нему застенчиво и сказала: «Мой отец зовет тебя, чтобы вознаградить тебя за то, что ты напоил для нас скотину». Когда он пришел к отцу и поведал ему рассказ, он сказал: «Не бойся. Ты спасся от несправедливых людей».

দুয়োজনী ছোৱালীয়ে যেতিয়া নিজৰ ঘৰত উভতি গৈ পিতাৰ ওচৰত এই বিষয়টো বিতংভাৱে আলোচনা কৰিলে। তেতিয়া পিতায়ে এজনীক পঠিয়াই দিলে যে, তেওঁক মাতি আনাগৈ। ছোৱালীজনীয়ে মুছাৰ ওচৰত আহি লাজুকীয়াভাৱে ক’লেঃ আপোনাক মোৰ পিতাই মাতি পঠিয়াইছে। আপুনি আমাৰ জন্তুবোৰক পানী খুওৱাৰ বাবে পিতাই আপোনাক ইয়াৰ পাৰিশ্ৰমিক দিব বিচাৰিছে। যেতিয়া মুছা আলাইহিচ্ছালাম তেওঁলোকৰ পিতাৰ ওচৰত আহি উপস্থিত হ’ল, আৰু নিজৰ বিষয়ে বিস্তাৰিতভাৱে তেওঁক জনালে, তেতিয়া তেওঁ মুছা আলাইহিচ্ছালামক সান্তনা প্ৰদান কৰি ক’লেঃ চিন্তা নকৰিবা, নিশ্চয় তুমি ফিৰআউন আৰু তাৰ অত্যাচাৰী নেতাসকলৰ পৰা ৰক্ষা পাইছা। মাদিয়ানৰ ওপৰত সিহঁতৰ কোনো কৰ্তৃত্ব নাই। সিহঁতে তোমাক ইয়াত কোনো ধৰণৰ অনিষ্ট কৰিবলৈ আহিব নোৱাৰে।

28:26Страница 388

قَالَتۡ إِحۡدَىٰهُمَا يَٰٓأَبَتِ ٱسۡتَـٔۡجِرۡهُۖ إِنَّ خَيۡرَ مَنِ ٱسۡتَـٔۡجَرۡتَ ٱلۡقَوِيُّ ٱلۡأَمِينُ ٢٦

Одна из двух женщин сказала: «Отец мой! Найми его, ведь лучшим из тех, кого ты наймешь, будет тот, кто силен и заслуживает доверия».

তেওঁৰ এজনী ছোৱালীয়ে ক’লেঃ হে মোৰ পিতা! আপুনি এওঁক আমাৰ ছাগলীবোৰ চৰাবলৈ সেৱক হিচাপে ৰাখক। নিশ্চয় এওঁ সেৱক হোৱাৰ উপযুক্ত। কাৰণ এওঁ শক্তিশালীও আছে তথা এজন বিশ্বস্ত ব্যক্তি। গতিকে শক্তিৰ দ্বাৰা এওঁ সুচাৰুৰূপে দায়িত্ব পালন কৰিব, আৰু বিশ্বস্ততাৰ জৰিয়তে এওঁ সা-সম্পদ সুৰক্ষিত ৰাখিব।

28:27Страница 388

قَالَ إِنِّيٓ أُرِيدُ أَنۡ أُنكِحَكَ إِحۡدَى ٱبۡنَتَيَّ هَٰتَيۡنِ عَلَىٰٓ أَن تَأۡجُرَنِي ثَمَٰنِيَ حِجَجٖۖ فَإِنۡ أَتۡمَمۡتَ عَشۡرٗا فَمِنۡ عِندِكَۖ وَمَآ أُرِيدُ أَنۡ أَشُقَّ عَلَيۡكَۚ سَتَجِدُنِيٓ إِن شَآءَ ٱللَّهُ مِنَ ٱلصَّٰلِحِينَ ٢٧

Он сказал: «Воистину, я хочу сочетать тебя браком с одной из моих дочерей этих при условии, что ты наймешься ко мне на восемь лет. Если же ты останешься на все десять, то это будет милостью от тебя. Я не собираюсь обременять тебя, и ты увидишь, если пожелает Аллах, что я являюсь одним из праведников».

তেওঁলোকৰ পিতৃয়ে মুছা আলাইহিচ্ছালামক সম্বোধন কৰি ক’লেঃ মই মোৰ দুজনী ছোৱালীৰ এজনীক তোমাৰ লগত বিবাহ দিব বিচাৰিছোঁ। কিন্তু চৰ্ত হৈছে এই বিবাহৰ মোহৰ আদায়ৰ বাবে তুমি আঠ বছৰলৈকে আমাৰ ছাগলীবোৰ চৰাব লাগিব। যদি দহ বছৰ সম্পূৰ্ণ কৰা তেন্তে এইটো তোমাৰ ফালৰ পৰা কৃপা বুলি গণ্য হ’ব, কিন্তু এইটো তোমাৰ বাবে অনিবাৰ্য নহয়। কাৰণ নিৰ্ধাৰিত থাকিব কেৱল আঠ বছৰ। ইয়াতকৈ অধিক হ’লে অতিৰিক্ত বুলি গণ্য হ’ব। মই তোমাৰ ওপৰত বোজা অৰ্পন কৰি তোমাক কষ্ট দিব বিচৰা নাই। ইন শ্বা আল্লাহ তুমি মোক সদাচাৰীসকলৰ অন্তৰ্ভুক্ত পাবা, যিসকলে প্ৰতিশ্ৰুতি পূৰণ কৰে আৰু কেতিয়াও প্ৰতিশ্ৰুতি ভঙ্গ নকৰে।

28:28Страница 388

قَالَ ذَٰلِكَ بَيۡنِي وَبَيۡنَكَۖ أَيَّمَا ٱلۡأَجَلَيۡنِ قَضَيۡتُ فَلَا عُدۡوَٰنَ عَلَيَّۖ وَٱللَّهُ عَلَىٰ مَا نَقُولُ وَكِيلٞ ٢٨

Он сказал: «Договорились. Какой бы из этих двух сроков я ни отработал, пусть со мной не поступают несправедливо. Аллах является Попечителем и Хранителем того, что мы говорим».

মুছা আলাইহিচ্ছালামে ক’লেঃ ঠিক আছে, এইটোৱে মোৰ আৰু আপোনাৰ মাজত চুক্তিৰ চূড়ান্ত সিদ্ধান্ত। দুটা ম্যাদৰ (অৰ্থাৎ আঠ বছৰেই হওক অথবা দহ বছৰ) যিকোনো এটা সময়সীমা পূৰণ কৰিলেই মই মোৰ দায়িত্ব পূৰণ কৰা বুলি গণ্য হ'ম। কিন্তু ইয়াতকৈ অধিক সময়সীমা আপুনি বৃদ্ধি কৰিব নোৱাৰিব। আমাৰ মাজত যিটো চুক্তি চূড়ান্ত হ’ল, ইয়াৰ সাক্ষী তথা নিৰীক্ষক হৈছে আল্লাহ তাআলা।

28:29Страница 389

۞ فَلَمَّا قَضَىٰ مُوسَى ٱلۡأَجَلَ وَسَارَ بِأَهۡلِهِۦٓ ءَانَسَ مِن جَانِبِ ٱلطُّورِ نَارٗاۖ قَالَ لِأَهۡلِهِ ٱمۡكُثُوٓاْ إِنِّيٓ ءَانَسۡتُ نَارٗا لَّعَلِّيٓ ءَاتِيكُم مِّنۡهَا بِخَبَرٍ أَوۡ جَذۡوَةٖ مِّنَ ٱلنَّارِ لَعَلَّكُمۡ تَصۡطَلُونَ ٢٩

Когда Муса (Моисей) отработал срок и двинулся в путь со своей семьей, он увидел со стороны горы огонь и сказал своей семье: «Оставайтесь здесь! Я увидел огонь. Возможно, я принесу вам оттуда известие или горящую головню, чтобы вы могли согреться».

মুছা আলাইহিচ্ছালামে যেতিয়া অধিকতম ম্যাদ অৰ্থাৎ দহ বছৰ সম্পূৰ্ণ কৰি নিজ পৰিয়ালক লগত লৈ মাদিয়ানৰ পৰা মিচৰলৈ ৰাওনা হ’ল, তেতিয়া তেওঁ তুৰ পৰ্বতৰ প্ৰান্তত জুই দেখা পালে। সেয়ে তেওঁ নিজ পৰিয়ালক ক’লেঃ তোমালোকে ইয়াতে অৱস্থান কৰা, নিশ্চয় মই জুই দেখা পাইছোঁ। গতিকে সম্ভৱতঃ মই তাৰ পৰা তোমালোকৰ বাবে কোনো খবৰ লৈ আহিব পাৰিম নাইবা একুৰা জুই আনিম, যিটোৰ জৰিয়তে তোমালোকে জুই জ্বলাই শীতৰ পৰা ৰক্ষা পাব পাৰিবা।

28:30Страница 389

فَلَمَّآ أَتَىٰهَا نُودِيَ مِن شَٰطِيِٕ ٱلۡوَادِ ٱلۡأَيۡمَنِ فِي ٱلۡبُقۡعَةِ ٱلۡمُبَٰرَكَةِ مِنَ ٱلشَّجَرَةِ أَن يَٰمُوسَىٰٓ إِنِّيٓ أَنَا ٱللَّهُ رَبُّ ٱلۡعَٰلَمِينَ ٣٠

Подойдя туда, он услышал глас со стороны дерева, которое росло в благословенном месте на правой стороне долины: «О Муса (Моисей)! Я- Аллах, Господь миров.

মুছা আলাইহিচ্ছালাম যেতিয়া তেওঁ দেখা পোৱা জুই কুৰাৰ ওচৰ পালেগৈ, তেতিয়া মহান তথা পৱিত্ৰ আল্লাহে উপত্যকাৰ সোঁফালৰ পৰা, অৰ্থাৎ সেই স্থানৰ পৰা যি স্থানক আল্লাহে মুছা আলাইহিচ্ছালামৰ লগত কথাপোকথনৰ বাবে বৰকতময় কৰি দিছিল, এজোপা গছৰ পৰা মাতি ক’লেঃ হে মুছা! ময়েই আল্লাহ, গোটেই সৃষ্টিজগতৰ প্ৰতিপালক।

28:31Страница 389

وَأَنۡ أَلۡقِ عَصَاكَۚ فَلَمَّا رَءَاهَا تَهۡتَزُّ كَأَنَّهَا جَآنّٞ وَلَّىٰ مُدۡبِرٗا وَلَمۡ يُعَقِّبۡۚ يَٰمُوسَىٰٓ أَقۡبِلۡ وَلَا تَخَفۡۖ إِنَّكَ مِنَ ٱلۡأٓمِنِينَ ٣١

Брось свой посох!». Когда же он увидел, как тот извивается, словно змея, он бросился бежать и не вернулся (или не обернулся). Аллах сказал: «О Муса (Моисей)! Подойди и не бойся, ибо ты являешься одним из тех, кто находится в безопасности.

তথা তেওঁক আদেশ দিলে, তুমি তোমাৰ লাখুটিডাল নিক্ষেপ কৰা। মুছা আলাইহিচ্ছালামে নিজ প্ৰতিপালকৰ আদেশ পালন কৰি লাখুটিডাল নিক্ষেপ কৰিলে। কিন্তু যেতিয়া তেওঁ সেইডালক সাপৰ দৰে দ্ৰুত লৰচৰ আৰু চোঁচৰি গতি কৰা দেখিলে তেতিয়া তেওঁ ভয়তে দৌৰি পলায়ন কৰিবলৈ ধৰিলে, আনকি পিচফালেও ঘূৰি চোৱা নাছিল। এই দেখি আল্লাহে তেওঁক ক’লেঃ হে মুছা! ভয় নকৰিব, আগুৱাই যাওক। কাৰণ নিশ্চিতভাৱে আপোনাক সুৰক্ষিত কৰা হৈছে সেই সকলো বস্তুৰ পৰা যিবোৰক দেখি আপুনি ভয় পায়।

28:32Страница 389

ٱسۡلُكۡ يَدَكَ فِي جَيۡبِكَ تَخۡرُجۡ بَيۡضَآءَ مِنۡ غَيۡرِ سُوٓءٖ وَٱضۡمُمۡ إِلَيۡكَ جَنَاحَكَ مِنَ ٱلرَّهۡبِۖ فَذَٰنِكَ بُرۡهَٰنَانِ مِن رَّبِّكَ إِلَىٰ فِرۡعَوۡنَ وَمَلَإِيْهِۦٓۚ إِنَّهُمۡ كَانُواْ قَوۡمٗا فَٰسِقِينَ ٣٢

Сунь свою руку за пазуху, и она выйдет белой (цвета молока, светящейся), без следов болезни. Прижми к себе руку, чтобы избавиться от страха. Это - два доказательства от твоего Господа для Фараона и его знати. Воистину, они являются людьми нечестивыми».

আপুনি আপোনাৰ হাতখন কাষলতিত সোমাই দিয়ক, চাব হাতখন ওলাই আনিলে শুভ্ৰ উজ্জ্বল হৈ ওলাই আহিব, এইটো কোনো পখৰা ৰোগ নহয়। এতেকে মুছাই যেতিয়া নিজৰ হাতখন কাষলতিত সোমাই দিলে, সঁচাই হাতখন ওলাই অনাত বৰফৰ দৰে বগা হৈ ওলাই আহিল। এতিয়া আপুনি আপোনাৰ হাতখন বুকুত ৰাখি দিয়ক যাতে আপোনাৰ ভয়-ভীতি দূৰ হয়। এতেকে মুছা আলাইহিচ্ছালামে তেনেকুৱাই কৰিলে, ফলত তেওঁৰ ভয়-ভীতি দূৰ হৈ গ’ল। উক্ত দুয়োটা নিদৰ্শন -অৰ্থাৎ লাখুটি আৰু উজ্জ্বল হাত- ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ নেতাসকলৰ প্ৰতি প্ৰেৰণ কৰা অন্যতম দলিল। নিশ্চয় সিহঁত আল্লাহৰ আনুগত্যৰ পৰা বহিষ্কৃত সম্প্ৰদায়ৰ লোক আছিল, কাৰণ সিহঁতে কুফৰী কৰিছিল আৰু গুনাহৰ কৰ্মত লিপ্ত আছিল।

28:33Страница 389

قَالَ رَبِّ إِنِّي قَتَلۡتُ مِنۡهُمۡ نَفۡسٗا فَأَخَافُ أَن يَقۡتُلُونِ ٣٣

Он сказал: «Господи! Я убил одного из них и боюсь, что они убьют меня.

মুছা আলাইহিচ্ছালামে নিজ প্ৰতিপালকৰ ওচৰত দুআ কৰি ক'লেঃ নিশ্চয় মই সিহঁতৰ মাজৰ এজনক হত্যা কৰিছিলোঁ। গতিকে মই যদি এই বাৰ্তা লৈ সিহঁতৰ ওচৰত গৈ উপস্থিত হওঁ, তেন্তে সিহঁতে মোক হত্যা কৰিব বুলি মই ভয় কৰি আছোঁ।

28:34Страница 389

وَأَخِي هَٰرُونُ هُوَ أَفۡصَحُ مِنِّي لِسَانٗا فَأَرۡسِلۡهُ مَعِيَ رِدۡءٗا يُصَدِّقُنِيٓۖ إِنِّيٓ أَخَافُ أَن يُكَذِّبُونِ ٣٤

Мой брат Харун (Аарон) более красноречив, чем я. Пошли же его со мною помощником, чтобы он подтвердил мою правдивость. Я действительно боюсь, что они сочтут меня лжецом».

মোৰ ভাই হাৰূন মোতকৈ অধিক ভাষাজ্ঞানত পাকৈত। গতিকে তেওঁক মোৰ সহায়ক হিচাপে প্ৰেৰণ কৰা। ফিৰআউন আৰু তাৰ সম্প্ৰদায়ে যদি মোক অস্বীকাৰ কৰে তেতিয়া তেওঁ যাতে মোক সমৰ্থন কৰে। মই আশংকা কৰিছোঁ সিহঁতেও মোক সেইদৰেই অস্বীকাৰ কৰিব, যিদৰে মোৰ পূৰ্বৱৰ্তী ৰাছুলসকলক অন্যান্য জাতিয়ে অস্বীকাৰ কৰিছিল।

28:35Страница 389

قَالَ سَنَشُدُّ عَضُدَكَ بِأَخِيكَ وَنَجۡعَلُ لَكُمَا سُلۡطَٰنٗا فَلَا يَصِلُونَ إِلَيۡكُمَا بِـَٔايَٰتِنَآۚ أَنتُمَا وَمَنِ ٱتَّبَعَكُمَا ٱلۡغَٰلِبُونَ ٣٥

Он сказал: «Мы укрепим твою руку посредством твоего брата и одарим вас доказательством (или силой). Они не смогут навредить вам. Благодаря Нашим знамениям вы и те, кто последует за вами, станете победителями».

আল্লাহে মুছা আলাইহিচ্ছালামৰ প্ৰাৰ্থনা স্বীকাৰ কৰি ক'লেঃ হে মুছা! অচিৰেই আমি আপোনাৰ ভাতৃক আপোনাৰ সহায়ক ৰাছুল বনাই আপোনাক শক্তিশালী কৰিম। লগতে আমি আপোনালোকক দলিল-প্ৰমাণ আৰু সমৰ্থন প্ৰদান কৰিম। এতেকে আমি আপোনালোকক যি বাৰ্তা প্ৰদান কৰি সিহঁতৰ ওচৰলৈ প্ৰেৰণ কৰি আছোঁ, এই বিষয়ক কেন্দ্ৰ কৰি সিহঁতে আপোনালোকৰ একো অনিষ্ট কৰিব নোৱাৰিব। নিশ্চিতভাৱে আপোনালোক দুয়ো আৰু আপোনালোকৰ অনুসাৰী মুমিনসকলেই বিজয়প্ৰাপ্ত হ’ব।

28:36Страница 390

فَلَمَّا جَآءَهُم مُّوسَىٰ بِـَٔايَٰتِنَا بَيِّنَٰتٖ قَالُواْ مَا هَٰذَآ إِلَّا سِحۡرٞ مُّفۡتَرٗى وَمَا سَمِعۡنَا بِهَٰذَا فِيٓ ءَابَآئِنَا ٱلۡأَوَّلِينَ ٣٦

Когда Муса (Моисей) явился к ним с Нашими ясными знамениями, они сказали: «Это - всего лишь вымышленное колдовство. Мы не слышали об этом от наших праотцев».

যেতিয়া মুছা আলাইহিচ্ছালামে আমাৰ প্ৰকাশ্য আয়াতসমূহ লৈ সিহঁতৰ ওচৰত উপস্থিত হ'ল, তেতিয়া সিহঁতে ক'লেঃ এইবোৰ মিছা তথা এইবোৰ মুছা নিজেই ৰচনা কৰিছে। আমি আমাৰ পূৰ্বৱৰ্তী লোকসকলৰ ওচৰত এনেকুৱা বিষয় সম্পৰ্কে শুনা নাছিলোঁ।

28:37Страница 390

وَقَالَ مُوسَىٰ رَبِّيٓ أَعۡلَمُ بِمَن جَآءَ بِٱلۡهُدَىٰ مِنۡ عِندِهِۦ وَمَن تَكُونُ لَهُۥ عَٰقِبَةُ ٱلدَّارِۚ إِنَّهُۥ لَا يُفۡلِحُ ٱلظَّٰلِمُونَ ٣٧

Тогда Муса (Моисей) сказал: «Мой Господь лучше знает, кто пришел с верным руководством от Него и чей исход в Последней жизни окажется счастливым. Воистину, беззаконники не преуспеют».

মুছা আলাইহিচ্ছালামে ফিৰআউনক সম্বোধন কৰি ক’লেঃ মোৰ প্ৰতিপালকে সেইজন সত্যবাদীক ভালকৈয়ে জানে, যিজনে তেওঁৰ ফালৰ পৰা হিদায়তলৈ আগমন কৰিছে। লগতে সেই ব্যক্তিকো ভালদৰে জানে, আখিৰাতত যাৰ পৰিণাম উত্তম হ’ব। নিশ্চিতভাৱে অন্যায়কাৰীসকলে কেতিয়াও নিজৰ উদ্দেশ্যত সফল হ’ব নোৱাৰিব, লগতে সিহঁতে ভয় কৰা বস্তুৰ পৰাও ৰক্ষা পাব নোৱাৰিব।

Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии

Содержание

Аят аль-Курси36Аль-Кахфстр. 42джуз 15Бухари 1Муслим 2999

Вид

Тема
Размер текста
Вид

Read in English