Аль-МухтасарАль‑Касас · 28:38–76

Аль-Мухтасар · Тафсир · на ассамском

Аль-Касас 28:38–76

28:38Страница 390

وَقَالَ فِرۡعَوۡنُ يَٰٓأَيُّهَا ٱلۡمَلَأُ مَا عَلِمۡتُ لَكُم مِّنۡ إِلَٰهٍ غَيۡرِي فَأَوۡقِدۡ لِي يَٰهَٰمَٰنُ عَلَى ٱلطِّينِ فَٱجۡعَل لِّي صَرۡحٗا لَّعَلِّيٓ أَطَّلِعُ إِلَىٰٓ إِلَٰهِ مُوسَىٰ وَإِنِّي لَأَظُنُّهُۥ مِنَ ٱلۡكَٰذِبِينَ ٣٨

Фараон сказал: «О знать! Я не знаю для вас иного бога, кроме меня. О Хаман! Разожги огонь над глиной и сооруди для меня башню, чтобы я смог подняться к Богу Мусы. Воистину, я полагаю, что он является одним из лжецов».

তেতিয়া ফিৰআউনে তাৰ সম্প্ৰদায়ৰ প্ৰমুখ ব্যক্তিসকলক সম্বোধন কৰি ক’লেঃ হে প্ৰমুখসকল! মই মোৰ বাহিৰে তোমালোকৰ বাবে আন কোনো উপাস্যৰ বিষয়ে নাজানো। এতেকে হে হামান! তুমি মোৰ বাবে মাটি পুৰি ইট তৈয়াৰ কৰা, ইট প্ৰস্তুত হ’লে সেই ইটেৰে মোৰ বাবে এখন সুউচ্চ ভৱন নিৰ্মাণ কৰা, যাতে সেই ভৱনৰ ওপৰত থিয় হৈ মই মুছাৰ প্ৰতিপালকক চাব পাৰোঁ আৰু তেওঁৰ বিষয়ে জানিব পাৰোঁ। মই নিশ্চিত যে মুছা এইক্ষেত্ৰত এজন মিছলীয়া, কাৰণ সি মিছা দাবী কৰিছে যে, সি আল্লাহৰ ফালৰ পৰা মোৰ ওচৰলৈ তথা মোৰ সম্প্ৰদায়ৰ ওচৰলৈ ৰাছুল হিচাপে আগমন কৰিছে।

28:39Страница 390

وَٱسۡتَكۡبَرَ هُوَ وَجُنُودُهُۥ فِي ٱلۡأَرۡضِ بِغَيۡرِ ٱلۡحَقِّ وَظَنُّوٓاْ أَنَّهُمۡ إِلَيۡنَا لَا يُرۡجَعُونَ ٣٩

Он и его воины несправедливо возгордились на земле и предположили, что они не вернутся к Нам.

ফিৰআউন আৰু তাৰ সেনাবাহিনীৰ অহংকাৰ বৃদ্ধি পাবলৈ ধৰিলে। ইপিনে সিহঁতে মিচৰৰ ভূমিত অন্যায়ভাৱে শাসন চলাইছিল। লগতে সিহঁতে মৃত্যুৰ পিছত হ’বলগীয়া পুনৰুত্থানকো অস্বীকাৰ কৰিছিল। লগতে সিহঁতে ধাৰণা পোষণ কৰিছিল যে, সিহঁতক কিয়ামতৰ দিনা হিচাপ-নিকাচৰ বাবে তথা শাস্তিৰ বাবে আমাৰ ওচৰলৈ ওভোতাই অনা নহ’ব।

28:40Страница 390

فَأَخَذۡنَٰهُ وَجُنُودَهُۥ فَنَبَذۡنَٰهُمۡ فِي ٱلۡيَمِّۖ فَٱنظُرۡ كَيۡفَ كَانَ عَٰقِبَةُ ٱلظَّٰلِمِينَ ٤٠

Мы схватили его и его воинов и бросили их в море. Посмотри же, каким был конец беззаконников!

ফলত আমি তাক আৰু তাৰ সেনাবাহিনীক কৰায়ত্ব কৰিলোঁ, তথা সিহঁতক সাগৰত ডুবাই মাৰিবলৈ নিক্ষেপ কৰিলোঁ, অৱশেষত সিহঁত সকলোৱে ধ্বংস হ’ল। এতেকে হে ৰাছুল! আপুনি চিন্তা কৰি চাওক, অন্যায়কাৰীসকলৰ পৰিণতি আৰু শেষ পৰিণাম কেনেকুৱা! নিশ্চিতভাৱে সিহঁতৰ অন্ত তথা শেষ পৰিণাম হৈছে ধ্বংস।

28:41Страница 390

وَجَعَلۡنَٰهُمۡ أَئِمَّةٗ يَدۡعُونَ إِلَى ٱلنَّارِۖ وَيَوۡمَ ٱلۡقِيَٰمَةِ لَا يُنصَرُونَ ٤١

Мы сделали их предводителями, которые призывают в Огонь, и в День воскресения им не окажут помощи.

আমি সিহঁতক পাষণ্ড দুৰাচাৰী লোকৰ নেতা বনাইছিলোঁ, সিহঁতে কুফৰী আৰু ভ্ৰান্ত মতবাদৰ দ্বাৰা মানুহক জাহান্নামৰ পিনে আহ্বান কৰিছিল। কিয়ামতৰ দিনা সিহঁতে শাস্তিৰ পৰা ৰক্ষা পাবলৈ কোনো ধৰণৰ সহায় বিচাৰি নাপাব। বৰং সিহঁতক দ্বিগুণ শাস্তি প্ৰদান কৰা হ’ব, কাৰণ সিহঁতে পাপকৰ্মৰ পৰম্পৰা সৃষ্টি কৰিছিল আৰু মানুহক বিভ্ৰান্ত মতবাদৰ পিনে আহ্বান কৰিছিল। সেইকাৰণে সিহঁতে নিজৰ আমলৰ শাস্তিও ভোগ কৰিব, লগতে সিহঁতৰ কথা মতে আমল কৰা লোকৰ পাপ কৰ্মৰ শাস্তিৰ অংশীদাৰো সিহঁতে হ’ব।

28:42Страница 390

وَأَتۡبَعۡنَٰهُمۡ فِي هَٰذِهِ ٱلدُّنۡيَا لَعۡنَةٗۖ وَيَوۡمَ ٱلۡقِيَٰمَةِ هُم مِّنَ ٱلۡمَقۡبُوحِينَ ٤٢

Мы сделали так, что проклятие следует за ними в этом мире, а в День воскресения они будут в числе отдаленных от милости.

সিহঁতৰ শাস্তি বৃদ্ধি কৰিবলৈ এই পৃথিৱীত আমি তিৰস্কাৰ আৰু ধিক্কাৰ সিহঁতৰ লগত সম্পৃক্ত কৰি দিছোঁ, তথা কিয়ামতৰ দিনা সিহঁত হ’ব লাঞ্ছিত আৰু অপমানিত। আল্লাহৰ ৰহমতৰ পৰা বহু দূৰৈত অৱস্থান কৰিব।

28:43Страница 390

وَلَقَدۡ ءَاتَيۡنَا مُوسَى ٱلۡكِتَٰبَ مِنۢ بَعۡدِ مَآ أَهۡلَكۡنَا ٱلۡقُرُونَ ٱلۡأُولَىٰ بَصَآئِرَ لِلنَّاسِ وَهُدٗى وَرَحۡمَةٗ لَّعَلَّهُمۡ يَتَذَكَّرُونَ ٤٣

Погубив первые поколения, Мы даровали Мусе (Моисею) Писание в качестве наглядного наставления для людей, верного руководства и милости, чтобы они могли помянуть назидание.

পূৰ্বৱৰ্তী উম্মতসমূহৰ প্ৰতি ৰাছুল প্ৰেৰণ কৰাৰ পিছত আমি মুছাক প্ৰদান কৰিছিলোঁ তাওৰাত, তথাপিও সিহঁতে তেওঁলোকক অস্বীকাৰ কৰিছিল। ফলত অস্বীকাৰ কৰাৰ কাৰণে আমি সিহঁতক ধ্বংস কৰিছিলোঁ। ইয়াৰ মাজত আছে মানুহৰ বাবে উপদেশ, অৰ্থাৎ কোনটো বিষয় সিহঁতৰ বাবে উপকাৰী যিটোৰ ওপৰত সিহঁতে আমল কৰা উচিত; আৰু কোনটো বিষয় সিহঁতৰ বাবে ক্ষতিকাৰক, যিটোক সিহঁতে পৰিত্যাগ কৰা উচিত। তথা ইয়াত আছে কল্যাণৰ পিনে লৈ যোৱা সঠিক দিশনিৰ্দেশনা। লগতে আছে দয়া আৰু কৃপা, যিটো পৃথিৱী আৰু আখিৰাতৰ বাবে অতি কল্যাণকৰ। যাতে সিহঁতে আল্লাহৰ নিয়ামতসমূহ স্মৰণ কৰি তাৰ কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰে আৰু ইয়াৰ প্ৰতি ঈমান পোষণ কৰিব পাৰে।

28:44Страница 391

وَمَا كُنتَ بِجَانِبِ ٱلۡغَرۡبِيِّ إِذۡ قَضَيۡنَآ إِلَىٰ مُوسَى ٱلۡأَمۡرَ وَمَا كُنتَ مِنَ ٱلشَّٰهِدِينَ ٤٤

Тебя не было на западном склоне, когда Мы возложили на Мусу (Моисея) наши повеления, и тебя не было в числе присутствовавших.

যেতিয়া আমি মুছা আলাইহিচ্ছালামক এই সংবাদ দিছিলোঁ যে, আপোনাক ৰাছুল বনাই ফিৰআউন আৰু তাৰ প্ৰমুখ নেতাসকলৰ ওচৰলৈ প্ৰেৰণ কৰা হ’ব, তেতিয়া সেইসময়ত হে ৰাছুল! পৰ্বতৰ পশ্চিম প্ৰান্তত আপুনি উপস্থিত নাছিল। আনকি সেই সংবাদ সংগ্ৰহ কৰিবলৈও আপুনি তাত উপস্থিত নাছিল যে, সেইবোৰ আপুনি মানুহৰ ওচৰত বৰ্ণনা কৰিব। এতেকে আপুনি মানুহক যি সংবাদ দি আছে, সেইবোৰ হৈছে দৰাচলতে আল্লাহৰ ফালৰ পৰা আপোনাৰ প্ৰতি প্ৰেৰণ কৰা অহী।

28:45Страница 391

وَلَٰكِنَّآ أَنشَأۡنَا قُرُونٗا فَتَطَاوَلَ عَلَيۡهِمُ ٱلۡعُمُرُۚ وَمَا كُنتَ ثَاوِيٗا فِيٓ أَهۡلِ مَدۡيَنَ تَتۡلُواْ عَلَيۡهِمۡ ءَايَٰتِنَا وَلَٰكِنَّا كُنَّا مُرۡسِلِينَ ٤٥

Но Мы сотворили поколения после Мусы (Моисея), и долгим оказался для них срок. Тебя не было среди жителей Мадьяна, и ты не читал им Наши аяты, но Мы отправили посланников.

মুছাৰ পিছতো আমি বহুতো উম্মত সৃষ্টি কৰিছিলোঁ, যিসকলে দীৰ্ঘ সময় অতিবাহিত কৰিছিল। ফলত আল্লাহে প্ৰদান কৰা প্ৰতিশ্ৰুতিসমূহক সিহঁতে পাহৰি গৈছিল। (হে ৰাছুল) আপুনি মাদিয়ানবাসীৰ মাজত অৱস্থান কৰা নাছিল যে, সিহঁতক আমাৰ আয়াতসমূহ পাঠ কৰি শুনোৱাব। কিন্তু আমিয়েই আপোনাক আমাৰ ফালৰ পৰা ৰাছুল হিচাপে প্ৰেৰণ কৰিছোঁ। তথা আপোনাক মুছাৰ সংবাদ আৰু মাদিয়ানত তেওঁৰ অৱস্থান কৰা পৰিস্থিতি সম্পৰ্কে অহীৰ দ্বাৰা অৱগত কৰাইছোঁ। গতিকে আল্লাহে আপোনাৰ প্ৰতি যি অহী কৰিছে সেইটোহে আপুনি মানুহক অৱগত কৰাই আছে।

28:46Страница 391

وَمَا كُنتَ بِجَانِبِ ٱلطُّورِ إِذۡ نَادَيۡنَا وَلَٰكِن رَّحۡمَةٗ مِّن رَّبِّكَ لِتُنذِرَ قَوۡمٗا مَّآ أَتَىٰهُم مِّن نَّذِيرٖ مِّن قَبۡلِكَ لَعَلَّهُمۡ يَتَذَكَّرُونَ ٤٦

Тебя не было на склоне горы, когда Мы воззвали, но это было милостью твоего Господа, чтобы ты предостерег народ, к которому до тебя не приходил предостерегающий увещеватель. Быть может, они помянут назидание.

আৰু মুছাক যেতিয়া আমি আহ্বান কৰিছিলোঁ তথা তেওঁক আমি যি অহী কৰিছিলোঁ, তেতিয়াও আপুনি তাত উপস্থিত নাছিল যে, সেই সম্পৰ্কে আপুনি মানুহক অৱগত কৰিব। কিন্তু আমিয়েই আপোনাক মানুহৰ ওচৰলৈ ৰহমত হিচাপে প্ৰেৰণ কৰিছোঁ। তথা আপোনাৰ প্ৰতি সেই সকলো তথ্য অহী কৰিছোঁ, যাতে আপুনি এনেকুৱা এটা জাতিক সতৰ্ক কৰিব পাৰে, যি জাতিৰ ওচৰলৈ আপোনাৰ পূৰ্বে সতৰ্ককাৰী কোনো ৰাছুল আগমন কৰা নাছিল। যাতে সিহঁতে উপদেশ গ্ৰহণ কৰিব পাৰে, তথা আপুনি আল্লাহৰ ফালৰ পৰা যি বাৰ্তা লৈ আহিছে তাৰ প্ৰতি ঈমান পোষণ কৰিব পাৰে।

28:47Страница 391

وَلَوۡلَآ أَن تُصِيبَهُم مُّصِيبَةُۢ بِمَا قَدَّمَتۡ أَيۡدِيهِمۡ فَيَقُولُواْ رَبَّنَا لَوۡلَآ أَرۡسَلۡتَ إِلَيۡنَا رَسُولٗا فَنَتَّبِعَ ءَايَٰتِكَ وَنَكُونَ مِنَ ٱلۡمُؤۡمِنِينَ ٤٧

А если бы этого не произошло и если бы их постигло несчастье за то, что приготовили их руки, то они бы сказали: «Господь наш! Почему Ты не отправил к нам посланника, чтобы мы последовали за Твоими знамениями и стали одними из верующих?».

ৰাছুল প্ৰেৰণ নকৰাকৈ সিহঁতৰ কুফৰী আৰু গুনাহৰ কাৰণে যদি সিহঁতৰ ওপৰত কোনো শাস্তি আহি পৰিলহেঁতেন তেতিয়া সিহঁতে অৱশ্যে ক’লেহেঁতেনঃ (হে আমাৰ প্ৰতিপালক!) তুমি আমাৰ ওচৰলৈ ৰাছুল কিয় প্ৰেৰণ নকৰিলা, আমি তোমাৰ আয়াতসমূহৰ অনুসৰণ কৰিলোহেঁতেন আৰু সেইমতে আমল কৰিলোহেঁতেন। লগতে নিজ প্ৰতিপালকৰ আদেশ মতে আমল কৰা মুমিনসকলৰ অন্তৰ্ভুক্ত হৈ গ’লোহেঁতেন? যদি এই অভিযোগ উত্থাপনৰ অৱকাশ নাথাকিলহেঁতেন তেন্তে অৱশ্যে আমি সিহঁতক শীঘ্ৰে শাস্তি প্ৰদান কৰিলোঁহেতেন। কিন্তু সেই শাস্তিটোক আমি পিছুৱাই ৰাখিছোঁ, যাতে ৰাছুল প্ৰেৰণ কৰি সিহঁতৰ এই অভিযোগ উত্থাপনৰ সুযোগটো নাইকীয়া কৰিব পাৰোঁ।

28:48Страница 391

فَلَمَّا جَآءَهُمُ ٱلۡحَقُّ مِنۡ عِندِنَا قَالُواْ لَوۡلَآ أُوتِيَ مِثۡلَ مَآ أُوتِيَ مُوسَىٰٓۚ أَوَلَمۡ يَكۡفُرُواْ بِمَآ أُوتِيَ مُوسَىٰ مِن قَبۡلُۖ قَالُواْ سِحۡرَانِ تَظَٰهَرَا وَقَالُوٓاْ إِنَّا بِكُلّٖ كَٰفِرُونَ ٤٨

Когда же к ним явилась истина от Нас, они сказали: «Почему ему не даровано то, что было даровано Мусе (Моисею)?». Разве они не отвергли то, что прежде было даровано Мусе (Моисею)? Они сказали: «Эти два колдовства (Коран и Тора) поддерживают друг друга». Они также сказали: «Мы не веруем ни в одно из них».

মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে নিজ প্ৰতিপালকৰ তৰফৰ পৰা ৰিছালত লৈ যেতিয়া কুৰাইশ্বৰ ওচৰলৈ আগমন কৰিলে, তেতিয়া সিহঁতে এই বিষয়ে ইয়াহুদীসকলক সুধিলে, আৰু ইয়াহুদীসকলে সিহঁতক বুজাই পৰাই দিলে, সেই শুনি সিহঁতে ক’লেঃ মুহাম্মদে নিজ প্ৰতিপালকৰ তৰফৰ পৰা মুছাৰ দৰে নিদৰ্শন লৈ কিয় নাহে? যেনেঃ শুভ্ৰোজ্জ্বল হাত, লাখুটি আদি। হে ৰাছুল! আপুনি সিহঁতক প্ৰত্যুত্তৰ দি কওক, ইতিপূৰ্বে মুছাক যিবোৰ নিদৰ্শন দিয়া হৈছিল ইয়াহুদীসকলে সেইবোৰক নাকচ কৰা নাছিলনে? সিহঁতে দেখোন তাওৰাত আৰু কোৰআন উভয়ৰ বিষয়ে কয়ঃ এই দুয়োটা হৈছে যাদু, তথা এটাই আনটোক সমৰ্থন কৰে। সিহঁতে এই কথাও কয় যে, আমি কোৰআন আৰু তাওৰাত দুয়োটাকেই অস্বীকাৰ কৰোঁ।

28:49Страница 391

قُلۡ فَأۡتُواْ بِكِتَٰبٖ مِّنۡ عِندِ ٱللَّهِ هُوَ أَهۡدَىٰ مِنۡهُمَآ أَتَّبِعۡهُ إِن كُنتُمۡ صَٰدِقِينَ ٤٩

Скажи: «Если вы говорите правду, то принесите Писание от Аллаха, которое было бы более верным руководством, чем эти два Писания, и я последую за ним».

হে ৰাছুল! আপুনি ইহঁতক কৈ দিয়ক, তোমালোকৰ দাবী অনুসৰি তাওৰাত আৰু কোৰআন যদি সঁচাই যাদু হয়, এতেকে তোমালোকে যদি নিজৰ এই দাবীত সত্যবাদী হোৱা তেন্তে আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ এনেকুৱা এখন গ্ৰন্থ লৈ অহা, যি গ্ৰন্থই কোৰআন আৰু তাওৰাততকৈ অধিক সত্যৰ পথ দেখুৱাব। যদি তোমালোকে এনেকুৱা গ্ৰন্থ লৈ আহিব পাৰা তেন্তে ময়ো সেই গ্ৰন্থৰ অনুসৰণ কৰিম।

28:50Страница 391

فَإِن لَّمۡ يَسۡتَجِيبُواْ لَكَ فَٱعۡلَمۡ أَنَّمَا يَتَّبِعُونَ أَهۡوَآءَهُمۡۚ وَمَنۡ أَضَلُّ مِمَّنِ ٱتَّبَعَ هَوَىٰهُ بِغَيۡرِ هُدٗى مِّنَ ٱللَّهِۚ إِنَّ ٱللَّهَ لَا يَهۡدِي ٱلۡقَوۡمَ ٱلظَّٰلِمِينَ ٥٠

Если они не ответят тебе, то знай, что они лишь потакают своим желаниям. А кто может быть более заблудшим, чем тот, кто потакает своим желаниям без верного руководства от Аллаха? Воистину, Аллах не ведет прямым путем несправедливых людей.

এতেকে কুৰাইশ্বে যদি তাওৰাত আৰু কোৰআনতকৈ অধিক সঠিক গ্ৰন্থ লৈ অহাৰ এই আহ্বান স্বীকাৰ নকৰে তেন্তে আপুনি নিশ্চিতৰূপে জানি থওক যে, সিহঁতে এই দুখন গ্ৰন্থক নাকচ কৰাটো হৈছে ভিত্তিহীন। বৰং প্ৰবৃত্তিৰ অনুসৰণ কৰি সিহঁতে এনেকুৱা সংহতিহীন কথা কয়। সেই ব্যক্তিতকৈ অধিক পথভ্ৰষ্ট আন কোনেও হ’ব নোৱাৰে, যিয়ে আল্লাহৰ হিদায়ত অবিহনে নিজৰ মনৰ চাহিদাৰ অনুসৰণ কৰে। প্ৰকৃততে আল্লাহে সেইসকল লোকক কেতিয়াও সত্যৰ পথ নেদেখুৱায়, যিসকলে আল্লাহৰ লগত কুফৰী কৰি নিজৰেই অন্যায় কৰে।

28:51Страница 392

۞ وَلَقَدۡ وَصَّلۡنَا لَهُمُ ٱلۡقَوۡلَ لَعَلَّهُمۡ يَتَذَكَّرُونَ ٥١

Мы довели до них Слово, чтобы они могли помянуть назидание.

নিশ্চয় আমি মুশ্বৰিকসকলৰ ওচৰত পূৰ্বৱৰ্তী উম্মতসমূহৰ অৰ্থাৎ বনী ইছৰাঈলৰ মাজৰ ইয়াহুদীসকলৰ মাজত সংঘটিত হোৱা সকলো ঘটনা সম্পৰ্কীয় বিৱৰণ পৌঁচাই দিছোঁ, লগতে সিহঁতে আমাৰ ৰাছুলসকলক অস্বীকাৰ কৰাৰ ফলত যি শাস্তিৰ সন্মুখীন হৈছিল সেই বিষয়েও জনাই দিছোঁ। যাতে সিহঁতে এইবোৰৰ পৰা উপদেশ গ্ৰহণ কৰি ঈমান পোষণ কৰে। আৰু সিহঁতৰ ওপৰতো যাতে তেনেকুৱা শাস্তি নামি নাহে, যেনেকুৱা শাস্তি পূৰ্বৱৰ্তী উম্মতৰ ওপৰত আহিছিল।

28:52Страница 392

ٱلَّذِينَ ءَاتَيۡنَٰهُمُ ٱلۡكِتَٰبَ مِن قَبۡلِهِۦ هُم بِهِۦ يُؤۡمِنُونَ ٥٢

Те, кому Мы прежде даровали Писание, уверовали в него (Коран).

কোৰআন অৱতীৰ্ণ হোৱাৰ পূৰ্বে যিসকলে তাওৰাতৰ ওপৰত দৃঢ়ভাৱে ঈমান পোষণ কৰিছিল, সেইসকল লোকেই কোৰআনৰ ওপৰত ঈমান আনিছে। কাৰণ তেওঁলোকে নিজ গ্ৰন্থত কোৰআন সম্পৰ্কে সুসংবাদ তথা ইয়াৰ প্ৰশংসা পঢ়িবলৈ পাইছিল।

28:53Страница 392

وَإِذَا يُتۡلَىٰ عَلَيۡهِمۡ قَالُوٓاْ ءَامَنَّا بِهِۦٓ إِنَّهُ ٱلۡحَقُّ مِن رَّبِّنَآ إِنَّا كُنَّا مِن قَبۡلِهِۦ مُسۡلِمِينَ ٥٣

Когда им читают его, они говорят: «Мы уверовали в него! Это - истина от нашего Господа. Мы и прежде были мусульманами».

যেতিয়া তেওঁলোকৰ ওচৰত কোৰআন তিলাৱত কৰা হয়, তেতিয়া তেওঁলোকে কয়ঃ আমি ইয়াৰ প্ৰতি ঈমান আনিছোঁ; নিশ্চিতভাৱে এইখন সত্য, ইয়াত কোনো সন্দেহ নাই। এইখন আমাৰ প্ৰতিপালকৰ তৰফৰ পৰা অৱতীৰ্ণ। এই কোৰআন অৱতীৰ্ণ হোৱাৰ পূৰ্বৰে পৰা আমি মুছলিম, কাৰণ ইয়াৰ পূৰ্বে ৰাছুলসকলে যি লৈ আহিছিল, আমি সেইবোৰৰ প্ৰতিও ঈমান আনিছিলোঁ।

28:54Страница 392

أُوْلَٰٓئِكَ يُؤۡتَوۡنَ أَجۡرَهُم مَّرَّتَيۡنِ بِمَا صَبَرُواْ وَيَدۡرَءُونَ بِٱلۡحَسَنَةِ ٱلسَّيِّئَةَ وَمِمَّا رَزَقۡنَٰهُمۡ يُنفِقُونَ ٥٤

Они получат свою награду в двойном размере за то, что были терпеливы. Они отвращают зло добром и расходуют из того, чем Мы наделили их.

উক্ত লোকসকলক আল্লাহে দ্বিগুণ ছোৱাব প্ৰদান কৰিব। কাৰণ তেওঁলোকে নিজৰ ধৰ্মগ্ৰন্থৰ ওপৰতো ধৈৰ্য্য সহকাৰে ঈমান পোষণ কৰিছিল, আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম নবী হোৱাৰ পিছত তেওঁৰ প্ৰতিও ঈমান পোষণ কৰিছে। তেওঁলোকেই নেক আমলৰ ছোৱাবৰ জৰিয়তে গুনাহক প্ৰতিহত কৰে। লগতে আমি তেওঁলোকক যি ধন-সম্পদ প্ৰদান কৰিছোঁ, তেওঁলোকে সেইবোৰ নেকীৰ ৰাস্তাত ব্যয় কৰে।

28:55Страница 392

وَإِذَا سَمِعُواْ ٱللَّغۡوَ أَعۡرَضُواْ عَنۡهُ وَقَالُواْ لَنَآ أَعۡمَٰلُنَا وَلَكُمۡ أَعۡمَٰلُكُمۡ سَلَٰمٌ عَلَيۡكُمۡ لَا نَبۡتَغِي ٱلۡجَٰهِلِينَ ٥٥

А услышав праздные речи, они отворачиваются от них и говорят: «Нам достанутся наши деяния, а вам - ваши. Мир вам! Мы не желаем следовать путем невежд».

মুমিন বান্দাসকলে যেতিয়া আহলে কিতাবৰ অযথা কথা শুনা পায়, তেতিয়া তেওঁলোকে সেইবোৰক আওকাণ কৰি বেলেগ ফালে মনোযোগ দিয়ে। লগতে সিহঁতক সম্বোধন কৰি কয়ঃ শুনা! আমি আমাৰ কৰ্মৰ প্ৰতিদান পাম আৰু তোমালোকে তোমালোকৰ কৰ্মৰ প্ৰতিদান পাবা। আমাৰ ফালৰ পৰা তোমালোক সকলো ধৰণৰ গোৱাল-গালি আৰু অনিষ্টৰ পৰা সম্পূৰ্ণৰূপে সুৰক্ষিত। আমি মুৰ্খসকলৰ সংস্পৰ্শ নিবিচাৰোঁ, কাৰণ ইয়াৰ মাজত পৃথিৱী আৰু আখিৰাতত ক্ষয়-ক্ষতি আৰু শাস্তি নিহিত আছে।

28:56Страница 392

إِنَّكَ لَا تَهۡدِي مَنۡ أَحۡبَبۡتَ وَلَٰكِنَّ ٱللَّهَ يَهۡدِي مَن يَشَآءُۚ وَهُوَ أَعۡلَمُ بِٱلۡمُهۡتَدِينَ ٥٦

Воистину, ты не сможешь наставить на прямой путь тех, кого возлюбил. Только Аллах наставляет на прямой путь тех, кого пожелает. Он лучше знает тех, кто следует прямым путем.

হে ৰাছুল! আপুনি যাকে ইচ্ছা তাকেই ঈমান পোষণ কৰাৰ ক্ষমতা প্ৰদান কৰিব নোৱাৰে। উদাহৰণস্বৰূপে আবু তালিব। কিন্তু একমাত্ৰ আল্লাহেই সেই সত্ত্বা, যিজনে যাক ইচ্ছা কৰে তাকেই হিদায়তৰ তাওফীক দিব পাৰে। কাৰণ তেৱেঁই ভালকৈ জানে, কোন ব্যক্তিয়ে হিদায়ত লাভ কৰি সঠিক পথৰ পথিক হ’ব পাৰিব।

28:57Страница 392

وَقَالُوٓاْ إِن نَّتَّبِعِ ٱلۡهُدَىٰ مَعَكَ نُتَخَطَّفۡ مِنۡ أَرۡضِنَآۚ أَوَلَمۡ نُمَكِّن لَّهُمۡ حَرَمًا ءَامِنٗا يُجۡبَىٰٓ إِلَيۡهِ ثَمَرَٰتُ كُلِّ شَيۡءٖ رِّزۡقٗا مِّن لَّدُنَّا وَلَٰكِنَّ أَكۡثَرَهُمۡ لَا يَعۡلَمُونَ ٥٧

Они (неверующие мекканцы) сказали: «Если мы последуем за верным руководством вместе с тобой, то мы будем выброшены из нашей земли». Разве Мы не закрепили за ними безопасного святилища, в которое привозят плоды любых видов в качестве пропитания от Нас? Однако большинство их не ведает этого.

মক্কাৰ মুশ্বৰিকসকলে ইছলামৰ অনুসৰণ আৰু ইয়াৰ প্ৰতি ঈমান পোষণৰ পৰা বিৰত থকাৰ ইচ্ছাৰে অজুহাত দাঙি ধৰি কয়ঃ “যদি আমি আপুনি লৈ অহা ইছলাম গ্ৰহণ কৰোঁ, তেন্তে অতিশীঘ্ৰে আমাৰ শত্ৰুসকলে আমাক দেশৰ পৰা বহিষ্কাৰ কৰিব”। এই মুশ্বৰিকসকলৰ বাবে হৰমক আমি নিৰাপত্তাৰ ঠাই বনোৱা নাইনে? যি ঠাইত অন্যায়-অত্যাচাৰ আৰু তেজ প্ৰবাহিত কৰা নিষেধ। তাত সিহঁত শত্ৰুৰ আক্ৰমণৰ পৰাও সুৰক্ষিত। যি ঠাইত সকলো প্ৰকাৰৰ ফল-মূল জীৱিকা স্বৰূপে উপলব্ধ হয়। কিন্তু সিহঁতৰ মাজৰ অধিকাংশ লোকেই আল্লাহৰ নিয়ামতবোৰৰ বিষয়ে অৱগত নহয়। সেইকাৰণেই আল্লাহৰ কৃতজ্ঞতা নকৰে।

28:58Страница 392

وَكَمۡ أَهۡلَكۡنَا مِن قَرۡيَةِۭ بَطِرَتۡ مَعِيشَتَهَاۖ فَتِلۡكَ مَسَٰكِنُهُمۡ لَمۡ تُسۡكَن مِّنۢ بَعۡدِهِمۡ إِلَّا قَلِيلٗاۖ وَكُنَّا نَحۡنُ ٱلۡوَٰرِثِينَ ٥٨

Сколько селений, которых обуяла гордыня из-за дарованных им средств, Мы погубили! Вот их жилища, в которых никто не проживает после них, за исключением немногих. Мы унаследовали все это.

বহুতো জনবসতি এনেকুৱা আছিল, যিসকলে আল্লাহৰ নিয়ামতৰ অকৃতজ্ঞতা কৰিছিল, তথা পাপকৰ্ম আৰু অবাধ্যতাত লিপ্ত হৈছিল। অৱশেষত আমি সিহঁতৰ ওপৰত শাস্তি প্ৰেৰণ কৰি সিহঁতক ধ্বংস কৰিছিলোঁ। চোৱা এইবোৰ হৈছে সিহঁতৰ জনশূন্য বাসস্থান, যিবোৰৰ ওচৰেৰে মানুহ অহা যোৱা কৰে। তাত কিছুমান পৰ্যটকৰ বাহিৰে আন কোনেও অৱস্থান নকৰে। প্ৰকৃততে আমিয়েই ইয়াৰ উত্তৰাধিকাৰী; আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰ মাজত যি আছে সেই সকলোবোৰৰ।

28:59Страница 392

وَمَا كَانَ رَبُّكَ مُهۡلِكَ ٱلۡقُرَىٰ حَتَّىٰ يَبۡعَثَ فِيٓ أُمِّهَا رَسُولٗا يَتۡلُواْ عَلَيۡهِمۡ ءَايَٰتِنَاۚ وَمَا كُنَّا مُهۡلِكِي ٱلۡقُرَىٰٓ إِلَّا وَأَهۡلُهَا ظَٰلِمُونَ ٥٩

Твой Господь не уничтожал селения, пока не отправлял в важнейшее из них посланника, который читал им Наши аяты. Мы не уничтожали селения, если только их жители не были беззаконниками.

হে ৰাছুল! আপোনাৰ প্ৰতিপালকে কেতিয়াও কোনো জনবসতিক এনেয়ে ধ্বংস নকৰে, যেতিয়ালৈকে সিহঁতৰ মাজৰ ডাঙৰ জনবসতিৰ মাজত কোনো ৰাছুল প্ৰেৰণ কৰি সিহঁতৰ অভিযোগ উত্থাপনৰ পথ বন্ধ নকৰে। যিদৰে আপোনাক উম্মুল কুৰালৈ (অৰ্থাৎ মক্কালৈ) প্ৰেৰণ কৰিছে। আনহাতে সেইসমূহ জনবসতিকো আমি ধ্বংস নকৰোঁ যিবোৰ সত্যৰ ওপৰত প্ৰতিষ্ঠিত থাকে। বৰং আমি ধ্বংস কৰোঁ সেইসমূহ জনবসতিক, যিবোৰে কুফৰী আৰু গুনাহৰ জৰিয়তে নিজৰ ওপৰত অন্যায় কৰে।

28:60Страница 393

وَمَآ أُوتِيتُم مِّن شَيۡءٖ فَمَتَٰعُ ٱلۡحَيَوٰةِ ٱلدُّنۡيَا وَزِينَتُهَاۚ وَمَا عِندَ ٱللَّهِ خَيۡرٞ وَأَبۡقَىٰٓۚ أَفَلَا تَعۡقِلُونَ ٦٠

Все, что вам даровано, является всего лишь преходящим благом мирской жизни и ее украшением, а у Аллаха - нечто более прекрасное и долговечное. Неужели вы не разумеете?

আল্লাহে তোমালোকক যিবোৰ সা-সামগ্ৰী দান কৰিছে, যিবোৰৰ দ্বাৰা তোমালোকে উপকৃত হোৱা তথা পাৰ্থিৱ জীৱনক সুসজ্জিত হিচাপে গঢ়ি তোলা, এটা সময়ত এইবোৰ নিঃশেষ হৈ যাব। পক্ষান্তৰে আখিৰাতত আল্লাহৰ ওচৰত যি মহান ছোৱাব আছে, সেয়া এই পাৰ্থিৱ জীৱনৰ সা-সামগ্ৰীতকৈ তথা শোভা বৃদ্ধি কৰা বস্তুতকৈ অধিক উত্তম আৰু চিৰস্থায়ী। তোমালোকে এইবোৰ বুজি নোপোৱা নেকি? যাতে ধ্বংসশীল বস্তুৰ ওপৰত চিৰস্থায়ী বস্তুক প্ৰধান্য দিব পাৰা।

28:61Страница 393

أَفَمَن وَعَدۡنَٰهُ وَعۡدًا حَسَنٗا فَهُوَ لَٰقِيهِ كَمَن مَّتَّعۡنَٰهُ مَتَٰعَ ٱلۡحَيَوٰةِ ٱلدُّنۡيَا ثُمَّ هُوَ يَوۡمَ ٱلۡقِيَٰمَةِ مِنَ ٱلۡمُحۡضَرِينَ ٦١

Неужели тот, кому Мы дали прекрасное обещание, с которым он непременно встретится, равен тому, кого Мы наделили преходящими благами мирской жизни и кто в День воскресения предстанет в числе обитателей Ада?

যি ব্যক্তিক আমি আখিৰাতত জান্নাত আৰু তাৰ মাজত থকা চিৰস্থায়ী নিয়ামত প্ৰদানৰ প্ৰতিশ্ৰুতি দিছোঁ, সেইবোৰ তেওঁ নিশ্চয় লাভ কৰিব; এই ব্যক্তিক কেতিয়াও সেই ব্যক্তিৰ লগত তুলনা কৰিব নোৱাৰি, যাক পাৰ্থিৱ জীৱনৰ ধন-সম্পদ আৰু শোভনীয় বস্তু প্ৰদান কৰা হৈছে, কাৰণ কিয়ামতৰ দিনা এনেকুৱা ব্যক্তি জাহান্নামৰ অগ্নিত নিক্ষিপ্তসকলৰ অন্তৰ্ভুক্ত হ’ব।

28:62Страница 393

وَيَوۡمَ يُنَادِيهِمۡ فَيَقُولُ أَيۡنَ شُرَكَآءِيَ ٱلَّذِينَ كُنتُمۡ تَزۡعُمُونَ ٦٢

В тот день Он воззовет к ним и скажет: «Где же Мои сотоварищи, о существовании которых вы предполагали?».

যিদিনা সিহঁতৰ পৱিত্ৰ আৰু সৰ্বোচ্চ প্ৰতিপালক আল্লাহে সিহঁতক মাতি ক’বঃ মোৰ সেই অংশীদাৰবোৰ আজি ক’ত, মোক এৰি যিবোৰৰ তোমালোকে উপাসনা কৰিছিলা, তথা সেইবোৰক মোৰ অংশীদাৰ বুলি ভাৱিছিলা?!

28:63Страница 393

قَالَ ٱلَّذِينَ حَقَّ عَلَيۡهِمُ ٱلۡقَوۡلُ رَبَّنَا هَٰٓؤُلَآءِ ٱلَّذِينَ أَغۡوَيۡنَآ أَغۡوَيۡنَٰهُمۡ كَمَا غَوَيۡنَاۖ تَبَرَّأۡنَآ إِلَيۡكَۖ مَا كَانُوٓاْ إِيَّانَا يَعۡبُدُونَ ٦٣

Тогда те, относительно которых подтвердилось Слово, скажут: «Господь наш! Вот те, которых мы ввели в заблуждение. Мы ввели их в заблуждение, потому что сами были заблудшими. Мы отрекаемся от них перед Тобой. Не нам они поклонялись».

কুফৰীৰ পিনে আহ্বানকাৰী যিসকল প্ৰচাৰকৰ ওপৰত আমাৰ শাস্তি অনিবাৰ্য হৈ পৰিছে সিহঁতে ক'বঃ হে আমাৰ প্ৰতিপালক! এই পথভ্ৰষ্ট লোকসকলক আমিয়েই পথভ্ৰষ্ট কৰিছিলোঁ, যিদৰে আমি নিজেই পথভ্ৰষ্ট হৈছিলোঁ, আৰু এতিয়া আমি তোমাৰ সন্মুখত সিহঁতৰ পৰা সম্পৰ্কচ্ছেদ কৰিলোঁ। সিহঁতে আমাৰ ইবাদত কৰা নাছিল, বৰং প্ৰকৃততে সিহঁতে চয়তানৰ অনুসৰণ কৰিছিল।

28:64Страница 393

وَقِيلَ ٱدۡعُواْ شُرَكَآءَكُمۡ فَدَعَوۡهُمۡ فَلَمۡ يَسۡتَجِيبُواْ لَهُمۡ وَرَأَوُاْ ٱلۡعَذَابَۚ لَوۡ أَنَّهُمۡ كَانُواْ يَهۡتَدُونَ ٦٤

Им скажут: «Призовите своих сотоварищей!». Они призовут их, но те не ответят им, и тогда они увидят наказание. О, если бы они следовали прямым путем!

তেতিয়া সিহঁতক কোৱা হ’ব, তোমালোকে অংশী স্থাপন কৰা লোকসকলক আহ্বান কৰা, যাতে সিহঁতে তোমালোকক এই তিৰস্কাৰৰ পৰা ৰক্ষা কৰিব পাৰে, যি তিৰস্কাৰত তোমালোকে লিপ্ত হৈ আছা। তেতিয়া সিহঁতে সেই অংশীদাৰসকলক মাতিব, কিন্তু সিহঁতে এই আহ্বানত কোনো সঁহাৰি নিদিব। সিহঁতে সিহঁতৰ বাবে প্ৰস্তুত কৰা শাস্তিবোৰ যেতিয়া দেখিব, তেতিয়া কামনা কৰিব যে, যদি সিহঁতে পৃথিৱীত সত্যৰ পথ অৱলম্বন কৰিলেহেঁতেন।

28:65Страница 393

وَيَوۡمَ يُنَادِيهِمۡ فَيَقُولُ مَاذَآ أَجَبۡتُمُ ٱلۡمُرۡسَلِينَ ٦٥

В тот день Он воззовет к ним и скажет: «Что вы ответили посланникам?».

সেইদিনা আল্লাহে সিহঁতক মাতি ক’বঃ তোমালোকে মোৰ সেই ৰাছুলসকলক কেনেকুৱা সঁহাৰি প্ৰদান কৰিছিলা, যিসকলক আমি তোমালোকৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ।

28:66Страница 393

فَعَمِيَتۡ عَلَيۡهِمُ ٱلۡأَنۢبَآءُ يَوۡمَئِذٖ فَهُمۡ لَا يَتَسَآءَلُونَ ٦٦

В тот день известия будут сокрыты от них, и они не будут расспрашивать друг друга.

তেতিয়া সিহঁতে কোনো ধৰণৰ উত্তৰ দিব নোৱাৰিব, তথা মৌন হৈ থাকিব। লগতে যিহেতু সিহঁতে ভালকৈ গম পাব যে, এতিয়া শাস্তিত পতিত হ'বই লাগিব, গতিকে সেই ভয়তে সিহঁতে ইজনে সিজনকো সোধ-পোচ কৰিবলৈও সাহস নকৰিব।

28:67Страница 393

فَأَمَّا مَن تَابَ وَءَامَنَ وَعَمِلَ صَٰلِحٗا فَعَسَىٰٓ أَن يَكُونَ مِنَ ٱلۡمُفۡلِحِينَ ٦٧

А тот, кто раскаялся, уверовал и поступал праведно, возможно, окажется в числе преуспевших.

কিন্তু এই মুশ্বৰিকসকলৰ মাজৰ যিসকলে নিজৰ কুফৰীৰ পৰা তাওবা কৰি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিব, তথা সৎকৰ্ম কৰিব তেন্তে আশা কৰা যায় সি উদ্দেশ্যত সফল হৈ সাফল্যমণ্ডিত লোকৰ অন্তৰ্ভুক্ত হ’ব। লগতে ভয়-ভীতিৰ পৰা ৰক্ষা পাব।

28:68Страница 393

وَرَبُّكَ يَخۡلُقُ مَا يَشَآءُ وَيَخۡتَارُۗ مَا كَانَ لَهُمُ ٱلۡخِيَرَةُۚ سُبۡحَٰنَ ٱللَّهِ وَتَعَٰلَىٰ عَمَّا يُشۡرِكُونَ ٦٨

Твой Господь создает, что пожелает, и избирает, но у них нет выбора. Аллах пречист и превыше тех, кого они приобщают в сотоварищи!

হে ৰাছুল! আপোনাৰ প্ৰতিপালকে যিটো সৃষ্টি কৰিব বিচাৰে, সেইটোৱে সৃষ্টি কৰে। আনহাতে তেওঁ যাক ইচ্ছা কৰে, তেওঁৰ আনুগত্য আৰু নবুওৱতৰ বাবে নিৰ্বাচিত কৰি লয়। এই ক্ষেত্ৰত মুশ্বৰিকসকলৰ অভিযোগ উত্থাপন কৰাৰ কোনো অধিকাৰ নাই। নিশ্চয় আল্লাহ তাআলা মহা পৱিত্ৰ সেইসকলো অংশীদাৰৰ পৰা, যিবোৰক সিহঁতে অংশী কৰি তেওঁৰ সৈতে ইবাদত কৰে।

28:69Страница 393

وَرَبُّكَ يَعۡلَمُ مَا تُكِنُّ صُدُورُهُمۡ وَمَا يُعۡلِنُونَ ٦٩

Твой Господь знает то, что кроется в их груди, и то, что они обнаруживают.

সিহঁতৰ অন্তৰে যি গোপন কৰে আৰু যি প্ৰকাশ কৰে, সেই সকলোবোৰ আপোনাৰ প্ৰতিপালকে জানে। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয়। তেওঁ সিহঁতক এইবোৰৰ প্ৰতিদান দিব।

28:70Страница 393

وَهُوَ ٱللَّهُ لَآ إِلَٰهَ إِلَّا هُوَۖ لَهُ ٱلۡحَمۡدُ فِي ٱلۡأُولَىٰ وَٱلۡأٓخِرَةِۖ وَلَهُ ٱلۡحُكۡمُ وَإِلَيۡهِ تُرۡجَعُونَ ٧٠

Он - Аллах, кроме Которого нет иного божества. Ему надлежит хвала в первой жизни и в Последней жизни. Он принимает решения, и к Нему вы будете возвращены.

তেৱেঁই পৱিত্ৰ আল্লাহ। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। পৃথিৱীত আছে কেৱল তেওঁৰেই প্ৰশংসা আৰু আখিৰাততো আছে কেৱল তেওঁৰেই প্ৰশংসা। সিদ্ধান্ত কেৱল তেওঁৰেই জাৰি হয়, যিটোক কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে। কিয়ামতৰ দিনা একমাত্ৰ তেওঁৰ ওচৰলৈকেই তোমালোকক হিচাপ-নিকাচৰ বাবে আৰু প্ৰতিদানৰ বাবে ওভোতাই নিয়া হ’ব।

28:71Страница 394

قُلۡ أَرَءَيۡتُمۡ إِن جَعَلَ ٱللَّهُ عَلَيۡكُمُ ٱلَّيۡلَ سَرۡمَدًا إِلَىٰ يَوۡمِ ٱلۡقِيَٰمَةِ مَنۡ إِلَٰهٌ غَيۡرُ ٱللَّهِ يَأۡتِيكُم بِضِيَآءٍۚ أَفَلَا تَسۡمَعُونَ ٧١

Скажи: «Как вы думаете, какой бог, кроме Аллаха, сможет принести вам свет, если Аллах продлит вам ночь до Дня воскресения? Неужели вы не слышите?».

হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক সোধক, কোৱাচোন তোমালোকে যদি আল্লাহে কিয়ামত পৰ্যন্ত নিৰবিচ্ছিন্নভাৱে কেৱল ৰাতিয়ে ৰাতি কৰি দিয়ে তেন্তে তোমালোকৰ এনেকুৱা কোনো উপাস্য আছে নেকি, যিয়ে দিনৰ দৰে পোহৰ আনি দিব পাৰিব? তোমালোকে এইবোৰ দলিল-প্ৰমাণৰ বিষয়ে শুনা পোৱা নাইনে? তথা তোমালোকে নাজানা নেকি যে, প্ৰকৃত উপাস্য আল্লাহৰ বাহিৰে আন কোনেও এই পোহৰ আনিবলৈ সক্ষম নহয়?

28:72Страница 394

قُلۡ أَرَءَيۡتُمۡ إِن جَعَلَ ٱللَّهُ عَلَيۡكُمُ ٱلنَّهَارَ سَرۡمَدًا إِلَىٰ يَوۡمِ ٱلۡقِيَٰمَةِ مَنۡ إِلَٰهٌ غَيۡرُ ٱللَّهِ يَأۡتِيكُم بِلَيۡلٖ تَسۡكُنُونَ فِيهِۚ أَفَلَا تُبۡصِرُونَ ٧٢

Скажи: «Как вы думаете, какой бог, кроме Аллаха, сможет принести вам ночь, чтобы вы могли отдохнуть во время нее, если Аллах продлит вам день до Дня воскресения? Неужели вы не видите?».

হে ৰাছুল! আপুনি সিহঁতক কওক, কোৱাচোন আল্লাহে যদি কিয়ামত পৰ্যন্ত তোমালোকৰ বাবে দিনেই দিন কৰি দিয়ে তেন্তে আল্লাহৰ বাহিৰে তোমালোকৰ এনেকুৱা কোনো উপাস্য আছে নেকি, যিয়ে তোমালোকক ৰাতি আনি দিব পাৰিব, গোটেই দিন পৰিশ্ৰম কৰাৰ পিছত যি ৰাতিত তোমালোকে বিশ্ৰাম লোৱা? তোমালোকে এই নিদৰ্শনবোৰ নেদেখা নেকি? তথা তোমালোকে নাজানা নেকি যে, প্ৰকৃত উপাস্য আল্লাহৰ বাহিৰে আন কোনেও এইবোৰ আনিবলৈ সক্ষম নহয়?

28:73Страница 394

وَمِن رَّحۡمَتِهِۦ جَعَلَ لَكُمُ ٱلَّيۡلَ وَٱلنَّهَارَ لِتَسۡكُنُواْ فِيهِ وَلِتَبۡتَغُواْ مِن فَضۡلِهِۦ وَلَعَلَّكُمۡ تَشۡكُرُونَ ٧٣

По милости Своей Он сотворил для вас ночь и день, чтобы вы отдыхали во время нее и искали Его милость, - быть может, вы будете благодарны.

পৱিত্ৰ আল্লাহৰ অসীম কৃপা এই যে, তেওঁ তোমালোকৰ বাবে ৰাতিক অন্ধকাৰ বনাইছে, যাতে দিনৰ বিভিন্ন পৰিশ্ৰমৰ পিছত ৰাতিত বিশ্ৰাম কৰিব পাৰা। আনহাতে দিনক আলোকিত কৰিছে, যাতে জীৱিকা উপাৰ্জনৰ বাবে প্ৰয়াস কৰিব পাৰা। আশা কৰা যায় আল্লাহে তোমালোকৰ প্ৰতি কৰা নিয়ামতৰ কৃতজ্ঞতা জ্ঞাপন কৰিবা আৰু সেইবোৰ ভোগ কৰি অকৃতজ্ঞ নহ’বা।

28:74Страница 394

وَيَوۡمَ يُنَادِيهِمۡ فَيَقُولُ أَيۡنَ شُرَكَآءِيَ ٱلَّذِينَ كُنتُمۡ تَزۡعُمُونَ ٧٤

В тот день Он воззовет к ним и скажет: «Где же Мои сотоварищи, о существовании которых вы предполагали?».

যিদিনা সিহঁতক সিহঁতৰ সৰ্বোচ্চ পৱিত্ৰ প্ৰতিপালকে এই বুলি মাতিবঃ মোৰ সেই অংশীদাৰবোৰ আজি ক’ত, যিবোৰক তোমালোকে মোৰ বাহিৰে উপাসনা কৰিছিলা। তথা তোমালোকে ধাৰণা কৰিছিলা যে, সেইবোৰ হৈছে মোৰ অংশীদাৰ?

28:75Страница 394

وَنَزَعۡنَا مِن كُلِّ أُمَّةٖ شَهِيدٗا فَقُلۡنَا هَاتُواْ بُرۡهَٰنَكُمۡ فَعَلِمُوٓاْ أَنَّ ٱلۡحَقَّ لِلَّهِ وَضَلَّ عَنۡهُم مَّا كَانُواْ يَفۡتَرُونَ ٧٥

Из каждой общины Мы выберем свидетеля и скажем: «Приведите ваше доказательство!». Тогда они узнают, что истина - с Аллахом. И покинет их (или исчезнет) то, что они измышляли.

আমি প্ৰত্যেক উম্মতৰ নবীসকলক উপস্থিত কৰিম, তেওঁলোকে সিহঁতৰ বিৰুদ্ধে সাক্ষী প্ৰদান কৰিব, কাৰণ সিহঁতে কুফৰী কৰিছিল আৰু নবীসকলক অস্বীকাৰ কৰিছিল। আমি সেই উম্মতসমূহৰ অস্বীকাৰকাৰী লোকসকলক সুধিমঃ তোমালোকে যি কুফৰী আৰু অস্বীকাৰ কৰাৰ পথত অটল আছিলা, তাৰ সপক্ষে তোমালোকৰ দলিল-প্ৰমাণবোৰ উপস্থাপন কৰাচোন। তেতিয়া সিহঁতৰ ওচৰত উত্তৰ দিবলৈ একো নাথাকিব। তেতিয়া সিহঁতে পৰিপূৰ্ণৰূপে বিশ্বাস পোষণ কৰিব যে, সন্দেহৰ পৰা ঊৰ্দ্ধত থকা সত্য হৈছে কেৱল একমাত্ৰ আল্লাহৰ সত্য। সিহঁতে পৱিত্ৰ আল্লাহৰ সৈতে যিবোৰ উপাস্যক অংশী কৰি লৈছিল সেই সকলোবোৰ তেতিয়া ভিত্তিহীন প্ৰমাণিত হ’ব।

28:76Страница 394

۞ إِنَّ قَٰرُونَ كَانَ مِن قَوۡمِ مُوسَىٰ فَبَغَىٰ عَلَيۡهِمۡۖ وَءَاتَيۡنَٰهُ مِنَ ٱلۡكُنُوزِ مَآ إِنَّ مَفَاتِحَهُۥ لَتَنُوٓأُ بِٱلۡعُصۡبَةِ أُوْلِي ٱلۡقُوَّةِ إِذۡ قَالَ لَهُۥ قَوۡمُهُۥ لَا تَفۡرَحۡۖ إِنَّ ٱللَّهَ لَا يُحِبُّ ٱلۡفَرِحِينَ ٧٦

Воистину, Карун (Корей) был соплеменником Мусы, но притеснял их. Мы даровали ему столько сокровищ, что ключи от них были обременительны даже для нескольких силачей. Соплеменники сказали ему: «Не ликуй, ведь Аллах не любит тех, кто ликует.

নিশ্চয় কাৰূণ আছিল মুছা আলাইহিচ্ছালামৰ সম্প্ৰদায়ৰ এজন লোক, কিন্তু সি তেওঁলোকৰ প্ৰতি অহংকাৰ কৰিছিল। আমি তাক ইমান ধন ভাণ্ডাৰ প্ৰদান কৰিছিলোঁ যে, সেইবোৰ ধন ভাণ্ডাৰৰ চাবি উঠাবলৈও এদল শক্তিশালী লোকৰ বাবেও কঠিন আছিল। এতেকে যেতিয়া তাক তাৰ সম্প্ৰদায়ৰ লোকসকলে ক'লেঃ তুমি উৎফুল্লিত হৈ অহংকাৰ নকৰিবা। নিশ্চয় আল্লাহে সীমা চেৰাই যোৱা আনন্দক ভাল নাপায়। বৰং তেনেকুৱা লোকৰ প্ৰতি অসন্তুষ্ট হয় আৰু সিহঁতক ইয়াৰ শাস্তি দিয়ে।

Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии

Содержание

Аят аль-Курси36Аль-Кахфстр. 42джуз 15Бухари 1Муслим 2999

Вид

Тема
Размер текста
Вид

Read in English