Аль-Мухтасар · Тафсир · на ассамском
العنكبوت
Аль-Анкабут
Паук · Мекканская · 69 аятов
(আলিফ-লাম-মীম) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।
29:2Страница 396
أَحَسِبَ ٱلنَّاسُ أَن يُتۡرَكُوٓاْ أَن يَقُولُوٓاْ ءَامَنَّا وَهُمۡ لَا يُفۡتَنُونَ ٢
Неужели люди полагают, что их оставят и не подвергнут искушению только за то, что они скажут: «Мы уверовали»?
মানুহে ভাৱিছে নেকি যে, “আমি আল্লাহৰ প্ৰতি ঈমান আনিছোঁ” এই বুলি স্বীকাৰ কৰিলেই সিহঁতক পৰীক্ষা নকৰাকৈয়ে, অৰ্থাৎ সিহঁতৰ এই স্বীকৃতিৰ বাস্তৱিকতা যাচাই নকৰাকৈয়ে এনেই এৰি দিয়া হ’ব? সিহঁত প্ৰকৃততে ঈমান আনিছে নে নাই? দৰাচলতে বিষয়টো তেনেকুৱা নহয় যিদৰে সিহঁতে ভাৱিছে।
29:3Страница 396
وَلَقَدۡ فَتَنَّا ٱلَّذِينَ مِن قَبۡلِهِمۡۖ فَلَيَعۡلَمَنَّ ٱللَّهُ ٱلَّذِينَ صَدَقُواْ وَلَيَعۡلَمَنَّ ٱلۡكَٰذِبِينَ ٣
Мы уже подвергли искушению тех, кто был до них. Аллах непременно узнает тех, которые говорят правду, и непременно узнает лжецов.
নিশ্চয় আমি সিহঁতৰ পূৰ্বে অতিবাহিত হোৱা লোকসকলৰো পৰীক্ষা লৈছিলোঁ, নিশ্চিতভাৱে আল্লাহে তেওঁৰ জ্ঞানৰ জৰিয়তে প্ৰকাশ কৰিব, তোমালোকৰ মাজৰ কোন ব্যক্তিয়ে প্ৰকৃত ঈমান পোষণ কৰিছে আৰু কোনে মিছাতে ঈমান প্ৰকাশ কৰিছে।
29:4Страница 396
أَمۡ حَسِبَ ٱلَّذِينَ يَعۡمَلُونَ ٱلسَّيِّـَٔاتِ أَن يَسۡبِقُونَاۚ سَآءَ مَا يَحۡكُمُونَ ٤
Неужели те, которые совершают злые деяния, полагают, что они опередят Нас (спасутся от наказания)? Скверно же они судят!
যিসকলে শ্বিৰ্ক আৰু পাপকৰ্মত লিপ্ত হৈ আছে সিহঁতে ভাৱিছে নেকি যে, সিহঁতে আমাক বিৱশ কৰিব পাৰিব? তথা আমাৰ শাস্তিৰ পৰা ৰেহাই পাব? কিমান নিকৃষ্ট ধাৰণা এইটো, যিটো সিহঁতে পোষণ কৰিছে। কাৰণ সিহঁতে কেতিয়াও আল্লাহক বিৱশ কৰিব নোৱাৰে। আনহাতে কুফৰী অৱস্থাত মৃত্যুবৰণ কৰিলে, তেওঁৰ শাস্তিৰ পৰা ৰক্ষা পোৱাও অসম্ভৱ।
29:5Страница 396
مَن كَانَ يَرۡجُواْ لِقَآءَ ٱللَّهِ فَإِنَّ أَجَلَ ٱللَّهِ لَأٓتٖۚ وَهُوَ ٱلسَّمِيعُ ٱلۡعَلِيمُ ٥
Если кто надеется на встречу с Аллахом, то ведь срок Аллаха непременно наступит. Он - Слышащий, Видящий.
কিয়ামতৰ দিনা প্ৰতিদান পোৱাৰ নিমিত্তে যি ব্যক্তিয়ে আল্লাহৰ সাক্ষাৎ কামনা কৰে, তেওঁ জানি থোৱা উচিত যে, আল্লাহে তেওঁলোকৰ বাবে যিটো সময় নিৰ্ধাৰণ কৰিছে, সেইটো অনতিপলমে আহিব। নিশ্চয় তেওঁ বান্দাসকলৰ কথা শ্ৰৱণকাৰী, আৰু তেওঁলোকৰ কৰ্ম সম্পৰ্কে সৰ্বজ্ঞ। তেওঁৰ পৰা ইয়াৰ একোৱেই গোপন নহয়। অতিশীঘ্ৰে তেওঁ ইয়াৰ প্ৰতিদান দিব।
29:6Страница 396
وَمَن جَٰهَدَ فَإِنَّمَا يُجَٰهِدُ لِنَفۡسِهِۦٓۚ إِنَّ ٱللَّهَ لَغَنِيٌّ عَنِ ٱلۡعَٰلَمِينَ ٦
Тот, кто сражается, сражается во благо себе. Воистину, Аллах не нуждается в мирах!
যি ব্যক্তিয়ে আনুগত্য পালন কৰি আৰু পাপকৰ্মৰ পৰা আঁতৰি থাকি নিজৰ প্ৰবৃত্তিৰ সৈতে সংগ্ৰাম কৰিব, লগতে আল্লাহৰ পথতো জিহাদ কৰিব, তেওঁৰ এই সকলো প্ৰয়াস তেওঁৰ নিজৰ বাবেই পৰিগণিত হ'ব। কাৰণ ইয়াৰ উপকাৰ তেৱেঁই লাভ কৰিব। নিশ্চিতভাৱে আল্লাহ সকলো সৃষ্টিজগতৰ পৰা অমুখাপেক্ষী। গতিকে সিহঁতৰ আনুগত্যই কেতিয়াও তেওঁৰ মান-সন্মান বৃদ্ধি নকৰে আৰু সিহঁতৰ অবাধ্যতাই তেওঁৰ একো ক্ষতি কৰিব নোৱাৰে।
29:7Страница 397
وَٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ لَنُكَفِّرَنَّ عَنۡهُمۡ سَيِّـَٔاتِهِمۡ وَلَنَجۡزِيَنَّهُمۡ أَحۡسَنَ ٱلَّذِي كَانُواْ يَعۡمَلُونَ ٧
Тем, которые уверовали и совершали праведные деяния, Мы простим их злодеяния и воздадим за наилучшее из того, что они совершали (или лучшим, чем то, что они совершали; или наилучшим образом за то, что они совершали).
যিসকল লোকে ঈমান আনিছে আৰু আমাৰ পৰীক্ষাত ধৈৰ্য্য ধাৰণ কৰিছে তথা সৎকৰ্ম কৰিছে, তেওঁলোকৰ সৎকৰ্মৰ বিনিময়ত আমি তেওঁলোকৰ যাৱতীয় গুনাহ মাৰ্জনা কৰি দিম। লগতে পৃথিৱীত কৰা তেওঁলোকৰ আমলৰ বিনিময়ত আখিৰাতত আমি তেওঁলোকক উৎকৃষ্ট প্ৰতিফল দান কৰিম।
29:8Страница 397
وَوَصَّيۡنَا ٱلۡإِنسَٰنَ بِوَٰلِدَيۡهِ حُسۡنٗاۖ وَإِن جَٰهَدَاكَ لِتُشۡرِكَ بِي مَا لَيۡسَ لَكَ بِهِۦ عِلۡمٞ فَلَا تُطِعۡهُمَآۚ إِلَيَّ مَرۡجِعُكُمۡ فَأُنَبِّئُكُم بِمَا كُنتُمۡ تَعۡمَلُونَ ٨
Мы заповедали человеку быть добрым к родителям. А если они станут сражаться с тобой, чтобы ты приобщал ко мне сотоварищей, о которых ты ничего не знаешь, то не повинуйся им. Ко Мне предстоит ваше возвращение, и тогда Я поведаю вам о том, что вы совершали.
আমি মানুহক নিৰ্দেশ দিছোঁ যে, সিহঁতে যেন নিজৰ পিতৃ-মাতৃৰ সৈতে সদাচৰণ কৰে তথা সদ্ব্যৱহাৰ কৰে। হে মানৱ! যদি তোমাৰ পিতৃ-মাতৃয়ে মোৰ লগত শ্বিৰ্ক কৰিবলৈ হেঁচা প্ৰয়োগ কৰে, যিটো বিষয়ত তোমাৰ কোনো জ্ঞান নাই, -যেনে চাআদ বিন আবি অক্কাচ ৰাদ্বিয়াল্লাহু আনহুৰ মাতৃয়ে তেওঁক হেঁচা প্ৰয়োগ কৰিছিল- এনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ কথা নামানিবা। কাৰণ সৃষ্টিকৰ্তাৰ অবাধ্যতা কৰি, সৃষ্টিৰ আদেশ পালন কৰাটো কেতিয়াও বৈধ নহয়। কিয়ামতৰ দিনা তোমালোকে একমাত্ৰ মোৰ ওচৰতেই উভতি আহিবা। গতিকে সেইদিনা মই তোমালোকক সেই সকলো কৰ্ম সম্পৰ্কে অৱগত কৰাম, যিবোৰ তোমালোকে পৃথিৱীত কৰিছিলা। তথা তোমালোকক সেইবোৰৰ প্ৰতিদানো প্ৰদান কৰিম।
29:9Страница 397
وَٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ لَنُدۡخِلَنَّهُمۡ فِي ٱلصَّٰلِحِينَ ٩
А тех, которые уверовали и совершали праведные деяния, Мы введем в Рай вместе с праведниками.
যিসকল লোকে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, নিশ্চিতভাৱে কিয়ামতৰ দিনা আমি তেওঁলোকক পূণ্যৱান লোকসকলৰ তালিকাভুক্ত কৰিম। তেওঁলোকৰ সৈতেই হাচৰৰ ময়দানত একত্ৰিত কৰিম আৰু তেওঁলোকৰ দৰেই তেওঁলোককো প্ৰতিদান দান কৰিম।
29:10Страница 397
وَمِنَ ٱلنَّاسِ مَن يَقُولُ ءَامَنَّا بِٱللَّهِ فَإِذَآ أُوذِيَ فِي ٱللَّهِ جَعَلَ فِتۡنَةَ ٱلنَّاسِ كَعَذَابِ ٱللَّهِۖ وَلَئِن جَآءَ نَصۡرٞ مِّن رَّبِّكَ لَيَقُولُنَّ إِنَّا كُنَّا مَعَكُمۡۚ أَوَلَيۡسَ ٱللَّهُ بِأَعۡلَمَ بِمَا فِي صُدُورِ ٱلۡعَٰلَمِينَ ١٠
Среди людей есть такие, которые говорят: «Мы уверовали в Аллаха». Но стоит им пострадать ради Аллаха, как они сравнивают искушения (наказание) людей с мучениями от Аллаха. Если же явится победа от твоего Господа, то они непременно скажут: «Мы были вместе с вами». Но разве Аллаху не лучше знать, что таится в груди миров?
মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো আছে, যিসকলে কয়ঃ “আমি ঈমান আনিছোঁ”। কিন্তু যেতিয়া কাফিৰসকলে সিহঁতৰ এই ঈমানৰ বাবে নিৰ্যাতন কৰা আৰম্ভ কৰে, তেতিয়া সিহঁতে কাফিৰসকলৰ শাস্তিক আল্লাহৰ শাস্তিৰ সমান বুলি গণ্য কৰে, ফলত কাফিৰসকলক সমৰ্থন কৰি ঈমানৰ পৰা আঁতৰি আহে। পক্ষান্তৰে হে ৰাছুল! যদি আপুনি আপোনাৰ প্ৰতিপালকৰ তৰফৰ পৰা বিজয়প্ৰাপ্ত হয় তেন্তে এইসকল লোকে নিশ্চয় ক’বঃ “হে মুমিনসকল! নিশ্চয় আমি তোমালোকৰ সৈতে ঈমানৰ ওপৰত অটল আছিলোঁ”। আল্লাহে মানুহৰ অন্তৰৰ কথা তন্ন তন্নকৈ নাজানে নেকি? দৰাচলতে অন্তৰত থকা কুফৰ আৰু ঈমান, একোৱেই তেওঁৰ পৰা গোপন নহয়। তেনেস্থলত ইহঁতে আল্লাহক কিহৰ ভিত্তিত নিজৰ অন্তৰত থকা বিষয়বোৰ ব্যক্ত কৰি আছে, অথচ সিহঁতৰ অন্তৰৰ কথা সিহঁততকৈও অধিক আল্লাহে ভালকৈ জানে?
29:11Страница 397
وَلَيَعۡلَمَنَّ ٱللَّهُ ٱلَّذِينَ ءَامَنُواْ وَلَيَعۡلَمَنَّ ٱلۡمُنَٰفِقِينَ ١١
Аллах непременно узнает тех, кто уверовал, и непременно узнает лицемеров.
প্ৰকৃততে যিসকলে ঈমান আনিছে নিশ্চিতভাৱে আল্লাহে তেওঁলোকক বাচি উলিয়াব, আনহাতে সেইসকল লোকৰো স্বৰূপ প্ৰকাশ কৰিব, যিসকলে ঈমান অনা বুলি কেৱল মুখেৰে দাবী কৰি ফুৰে, অথচ অন্তৰত কুফৰ গোপন কৰি ৰাখে।
29:12Страница 397
وَقَالَ ٱلَّذِينَ كَفَرُواْ لِلَّذِينَ ءَامَنُواْ ٱتَّبِعُواْ سَبِيلَنَا وَلۡنَحۡمِلۡ خَطَٰيَٰكُمۡ وَمَا هُم بِحَٰمِلِينَ مِنۡ خَطَٰيَٰهُم مِّن شَيۡءٍۖ إِنَّهُمۡ لَكَٰذِبُونَ ١٢
Неверующие говорят тем, которые уверовали: «Следуйте нашим путем, и мы возьмем на себя ваши грехи». Они не возьмут на себя даже части их грехов. Воистину, они - лжецы.
যিসকল লোকে এককভাৱে আল্লাহৰ প্ৰতি ঈমান আনিছে, কাফিৰসকলে তেওঁলোকক কয়ঃ তোমালোকে আমাৰ ধৰ্ম আৰু আমাৰ পথৰ অনুসৰণ কৰা, আমি তোমালোকৰ গুনাহৰ বোজা বহন কৰিম, লগতে তোমালোকৰ শাস্তিও আমি সহ্য কৰিম। অথচ সিহঁতে কেতিয়াও সিহঁতৰ গুনাহৰ বোজা বহন নকৰিব আৰু সিহঁত নিজৰ এই দাবীতো মিছলীয়া।
29:13Страница 397
وَلَيَحۡمِلُنَّ أَثۡقَالَهُمۡ وَأَثۡقَالٗا مَّعَ أَثۡقَالِهِمۡۖ وَلَيُسۡـَٔلُنَّ يَوۡمَ ٱلۡقِيَٰمَةِ عَمَّا كَانُواْ يَفۡتَرُونَ ١٣
Они непременно понесут свое бремя и другое бремя вместе со своим бременем. В День воскресения их непременно спросят о том, что они измышляли.
বাতিলৰ প্ৰতি আহ্বানকাৰী এই মুশ্বৰিকসকলে নিজৰ গুনাহৰ বোজা বহন কৰাৰ লগতে, সেইসকল লোকৰ গুনাহৰ বোজাও বহন কৰিব যিসকলে সিহঁতৰ আহ্বান স্বীকাৰ কৰিছিল। কিন্তু ইয়াৰ ফলত অনুসৰণকাৰীসকলৰ গুনাহত কোনো ধৰণৰ হেৰফেৰ নহ’ব। কিয়ামতৰ দিনা সিহঁতক নিশ্চয় সেইসমূহ বিষয় সম্পৰ্কে প্ৰশ্ন কৰা হ’ব, যিবোৰ বিষয় সিহঁতে নিজে ৰচনা কৰি প্ৰচাৰ কৰিছিল।
29:14Страница 397
وَلَقَدۡ أَرۡسَلۡنَا نُوحًا إِلَىٰ قَوۡمِهِۦ فَلَبِثَ فِيهِمۡ أَلۡفَ سَنَةٍ إِلَّا خَمۡسِينَ عَامٗا فَأَخَذَهُمُ ٱلطُّوفَانُ وَهُمۡ ظَٰلِمُونَ ١٤
Мы послали Нуха (Ноя) к его народу, и он пробыл среди них тысячу лет без пятидесяти годов. Они были беззаконниками, и их погубил потоп.
নিশ্চয় আমি নূহ আলাইহিচ্ছালামক তেওঁৰ সম্প্ৰদায়ৰ প্ৰতি ৰাছুল হিচাপে প্ৰেৰণ কৰিছিলোঁ। এতেকে তেওঁ সিহঁতৰ মাজত নশ পঞ্চাছ (৯৫০) বছৰ অৱস্থান কৰি সিহঁতক তাওহীদৰ দাৱাত প্ৰদান কৰিছিল। তথাপিও সিহঁতে তেওঁক অস্বীকাৰ কৰিছিল, আৰু নিজৰ কুফৰীত অটল আছিল। এতেকে সিহঁতে আল্লাহৰ লগত কুফৰী কৰি আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰি ডাঙৰ অন্যায় কৰিছিল, ফলত সিহঁত মহাপ্লাৱনৰ সন্মুখীন হৈছিল, আৰু সেই প্লাৱনত ডুবি ধ্বংস হৈছিল।
29:15Страница 398
فَأَنجَيۡنَٰهُ وَأَصۡحَٰبَ ٱلسَّفِينَةِ وَجَعَلۡنَٰهَآ ءَايَةٗ لِّلۡعَٰلَمِينَ ١٥
Мы спасли его вместе с теми, кто был в ковчеге, и сделали его (ковчег или чудесное спасение) знамением для миров.
এতেকে আমি নূহ আলাইহিচ্ছালামক আৰু তেওঁৰ সৈতে নাঁৱত আৰোহণ কৰা মুমিনসকলক ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিছিলোঁ। তথা নাৱখনক মানুহৰ বাবে শিক্ষা-সামগ্ৰী বনাই দিছোঁ, যাতে মানুহে সেইটোৰ পৰা শিক্ষা লব পাৰে।
29:16Страница 398
وَإِبۡرَٰهِيمَ إِذۡ قَالَ لِقَوۡمِهِ ٱعۡبُدُواْ ٱللَّهَ وَٱتَّقُوهُۖ ذَٰلِكُمۡ خَيۡرٞ لَّكُمۡ إِن كُنتُمۡ تَعۡلَمُونَ ١٦
А вот Ибрахим (Авраам) сказал своему народу: «Поклоняйтесь Аллаху и бойтесь Его! Так будет лучше для вас, если бы вы только знали.
হে ৰাছুল! স্মৰণ কৰক ইব্ৰাহীম আলাইহিচ্ছালামৰ ঘটনা, যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক কৈছিলঃ তোমালোকে এক আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা আঁতৰি থাকি, কেৱল তেওঁৰেই ইবাদত কৰা, তথা তেওঁৰ শাস্তিক ভয় কৰা। তোমালোকৰ বাবে এই আদেশ অতি কল্যাণকৰ, যদি তোমালোকে জানিলাহেঁতেন।
29:17Страница 398
إِنَّمَا تَعۡبُدُونَ مِن دُونِ ٱللَّهِ أَوۡثَٰنٗا وَتَخۡلُقُونَ إِفۡكًاۚ إِنَّ ٱلَّذِينَ تَعۡبُدُونَ مِن دُونِ ٱللَّهِ لَا يَمۡلِكُونَ لَكُمۡ رِزۡقٗا فَٱبۡتَغُواْ عِندَ ٱللَّهِ ٱلرِّزۡقَ وَٱعۡبُدُوهُ وَٱشۡكُرُواْ لَهُۥٓۖ إِلَيۡهِ تُرۡجَعُونَ ١٧
Вы поклоняетесь вместо Аллаха идолам и измышляете ложь. Воистину, те, кому вы поклоняетесь вместо Аллаха, не способны даровать вам пропитание. Ищите же пропитание у Аллаха, поклоняйтесь Ему и благодарите Его. К Нему вы будете возвращены».
হে মুশ্বৰিকসকল! তোমালোকে যিবোৰ মূৰ্ত্তিৰ উপাসনা কৰি আছা, সেইবোৰে তোমালোকৰ উপকাৰো কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে। যেতিয়া তোমালোকে সেইবোৰক উপাস্য বুলি দাবী কৰা, তেতিয়া তোমালোকে প্ৰমাণস্বৰূপে মনেসজা মিছা দলিল উপস্থাপন কৰা। আল্লাহৰ বাহিৰে তোমালোকে যিবোৰৰ উপাসনা কৰা, নিশ্চিতভাৱে সেইবোৰ তোমালোকৰ জীৱিকাৰ মালিক নহয় যে, তোমালোকক জীৱিকা প্ৰদান কৰিব। গতিকে আল্লাহৰ ওচৰত জীৱিকা প্ৰাৰ্থনা কৰা, তেৱেঁই জীৱিকাদাতা। একমাত্ৰ তেওঁৰেই ইবাদত কৰা, লগতে তেওঁ তোমালোকক জীৱিকা প্ৰদান কৰি যি উপকাৰ কৰিছে তাৰ বাবে তোমালোকে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰা। কাৰণ কিয়ামতৰ দিনা হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে একমাত্ৰ তেওঁৰ ওচৰতেই তোমালোকে প্ৰত্যাৱৰ্তন কৰিবা। তোমালোকৰ মূৰ্ত্তিবোৰৰ ওচৰলৈ নহয়।
29:18Страница 398
وَإِن تُكَذِّبُواْ فَقَدۡ كَذَّبَ أُمَمٞ مِّن قَبۡلِكُمۡۖ وَمَا عَلَى ٱلرَّسُولِ إِلَّا ٱلۡبَلَٰغُ ٱلۡمُبِينُ ١٨
Если вы сочтете это ложью, то ведь до вас целые народы считали это ложью, но на Посланника возложена только ясная передача откровения.
হে মুশ্বৰিকসকল! তোমালোকে যদি মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা বাৰ্তাক অস্বীকাৰ কৰি আছা তেন্তে (জানি থোৱা) তোমালোকৰ পূৰ্বেও বহুতো সম্প্ৰদায়ে সিহঁতৰ ৰাছুলসকলক অস্বীকাৰ কৰিছিল, যেনেঃ নূহ, আদ আৰু ছামূদ সম্প্ৰদায়। ৰাছুলৰ দায়িত্ব হৈছে কেৱল স্পষ্টৰূপে বাৰ্তা পৌঁচাই দিয়া। গতিকে তেওঁৰ প্ৰতিপালকে তেওঁক যি পৌঁচাই দিবলৈ আদেশ দিছিল, তেওঁ সেইবোৰ তোমালোকক পৌঁচাই দিছে।
29:19Страница 398
أَوَلَمۡ يَرَوۡاْ كَيۡفَ يُبۡدِئُ ٱللَّهُ ٱلۡخَلۡقَ ثُمَّ يُعِيدُهُۥٓۚ إِنَّ ذَٰلِكَ عَلَى ٱللَّهِ يَسِيرٞ ١٩
Неужели они не видят, как Аллах создает творение в первый раз, а затем воссоздает его. Воистину, это для Аллаха легко.
এই অস্বীকাৰকাৰীসকলে দেখা পোৱা নাই নেকি যে, আল্লাহে সৃষ্টিক প্ৰথমবাৰ কেনেকৈ সৃষ্টি কৰে, লগতে এইবোৰক ধ্বংস কৰাৰ পিছত তেওঁ পুনৰ এইবোৰক সৃষ্টি কৰিব? নিশ্চয় এয়া আল্লাহৰ বাবে অতি সহজ। তেওঁ সৰ্বশক্তিমান তথা মহাক্ষমতাৱান। কোনেও তেওঁক পৰাজিত কৰিব নোৱাৰে।
29:20Страница 398
قُلۡ سِيرُواْ فِي ٱلۡأَرۡضِ فَٱنظُرُواْ كَيۡفَ بَدَأَ ٱلۡخَلۡقَۚ ثُمَّ ٱللَّهُ يُنشِئُ ٱلنَّشۡأَةَ ٱلۡأٓخِرَةَۚ إِنَّ ٱللَّهَ عَلَىٰ كُلِّ شَيۡءٖ قَدِيرٞ ٢٠
Скажи: «Постранствуйте по земле и посмотрите, как Он создал творение в первый раз. Затем Аллах создаст конечное творение (воскресит мертвых). Воистину, Аллах способен на всякую вещь.
হে ৰাছুল! পুনৰুত্থানক অস্বীকাৰ কৰা এই লোকসকলক আপুনি কৈ দিয়ক যে, তোমালোকে পৃথিৱীত ঘূৰি পকি চোৱা, আল্লাহে কিদৰে সৃষ্টিৰ শুভাৰম্ভণি কৰিছে। ইয়াৰ পিছত আল্লাহেই মানুহক সিহঁতৰ মৃত্যুৰ পিছত হাচৰৰ ময়দানত একত্ৰিত কৰিবলৈ আৰু হিচাপ-নিকাচৰ বাবে পুনৰ্জীৱিত কৰিব। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। কোনেও তেওঁক পৰাজিত কৰিব নোৱাৰে। মানুহক পুনৰুত্থিত কৰিবলৈ তেওঁ কেতিয়াও অপাৰগ নহয়, যিদৰে পোন প্ৰথমবাৰ সিহঁতক সৃষ্টি কৰাৰ ক্ষেত্ৰত তেওঁ অপাৰগ নাছিল।
29:21Страница 398
يُعَذِّبُ مَن يَشَآءُ وَيَرۡحَمُ مَن يَشَآءُۖ وَإِلَيۡهِ تُقۡلَبُونَ ٢١
Он подвергает мучениям, кого пожелает, и милует, кого пожелает, и к Нему вы будете возвращены.
তেওঁ ন্যায় অনুসাৰে তেওঁৰ সৃষ্টিসমূহৰ মাজৰ যাক ইচ্ছা কৰিব শাস্তি বিহিব। তথা নিজ অনুগ্ৰহেৰে যাক ইচ্ছা কৰিব তাৰ প্ৰতি দয়া কৰিব। কিয়ামতৰ দিনা হিচাপ-নিকাচৰ বাবে একমাত্ৰ তেওঁৰ ওচৰতেই তোমালোকে প্ৰত্যাৱৰ্তন কৰিবা। যেতিয়া তোমালোকক কবৰৰ পৰা জীৱিত কৰি পুনৰুত্থিত কৰা হ’ব।
29:22Страница 398
وَمَآ أَنتُم بِمُعۡجِزِينَ فِي ٱلۡأَرۡضِ وَلَا فِي ٱلسَّمَآءِۖ وَمَا لَكُم مِّن دُونِ ٱللَّهِ مِن وَلِيّٖ وَلَا نَصِيرٖ ٢٢
Вы не сможете сбежать ни на земле, ни на небе, и не будет у вас покровителей и помощников помимо Аллаха».
পৃথিৱীতেই হওক অথবা আকাশত তোমালোকে নিজ প্ৰতিপালকৰ পৰা কেতিয়াও ৰক্ষা পাব নোৱাৰা, আৰু তেওঁৰ শাস্তিৰ পৰাও পলায়ন কৰিব নোৱাৰিবা। আনকি আল্লাহৰ বাহিৰে তোমালোকৰ কোনো অভিভাৱকো নাই, যিয়ে তোমালোকৰ বিষয়বোৰ চোৱাচিতা কৰিব। আল্লাহৰ বাহিৰে তোমালোকৰ কোনো সহায়কো নাই, যিয়ে তোমালোকক শাস্তিৰ পৰা ৰক্ষা কৰিব।
29:23Страница 398
وَٱلَّذِينَ كَفَرُواْ بِـَٔايَٰتِ ٱللَّهِ وَلِقَآئِهِۦٓ أُوْلَٰٓئِكَ يَئِسُواْ مِن رَّحۡمَتِي وَأُوْلَٰٓئِكَ لَهُمۡ عَذَابٌ أَلِيمٞ ٢٣
Те, которые не веруют в знамения Аллаха и во встречу с Ним, потеряли надежду на Мою милость. Именно им уготованы мучительные страдания.
যিসকল লোকে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছে তথা কিয়ামতৰ দিনা হ’বলগীয়া তেওঁৰ সাক্ষাতক নসাৎ কৰিছে, সেইসকল লোকেই মোৰ ৰহমতৰ পৰা নিৰাশ হৈছে। এতেকে সিহঁতৰ এই কুফৰীৰ কাৰণে সিহঁতে কেতিয়াও জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব। লগতে সিহঁতৰ বাবে আখিৰাতত কষ্টদায়ক শাস্তি অপেক্ষা কৰি আছে।
29:24Страница 399
فَمَا كَانَ جَوَابَ قَوۡمِهِۦٓ إِلَّآ أَن قَالُواْ ٱقۡتُلُوهُ أَوۡ حَرِّقُوهُ فَأَنجَىٰهُ ٱللَّهُ مِنَ ٱلنَّارِۚ إِنَّ فِي ذَٰلِكَ لَأٓيَٰتٖ لِّقَوۡمٖ يُؤۡمِنُونَ ٢٤
В ответ его народ лишь сказал: «Убейте его или сожгите!». Но Аллах спас его из огня. Воистину, в этом - знамения для верующих людей.
যেতিয়া ইব্ৰাহীম আলাইহিচ্ছালামে তেওঁৰ জাতিক এক আল্লাহৰ ইবাদত কৰিবলৈ আৰু তেওঁৰ বাহিৰে মূৰ্ত্তি আদিৰ উপাসনা ত্যাগ কৰিবলৈ নিৰ্দেশ দিলে, তেতিয়া সিহঁতে উত্তৰ প্ৰদান কৰি ক'লেঃ “তোমালোকে নিজৰ উপাস্যবোৰক সহায় কৰাৰ বাবে এওঁক হত্যা কৰা নাইবা জুইত নিক্ষেপ কৰা”। এতেকে আল্লাহে তেওঁক অগ্নিৰ পৰা ৰক্ষা কৰিলে। তেওঁক অগ্নিত নিক্ষেপ কৰাৰ পিছত, সুকলমে তেওঁক অগ্নিৰ পৰা ৰক্ষা কৰা বিষয়টোৰ মাজত, নিশ্চিতভাৱে মুমিনসকলৰ বাবে আছে উপদেশ। কাৰণ তেওঁলোকেই উপদেশৰ পৰা উপকৃত হয়।
29:25Страница 399
وَقَالَ إِنَّمَا ٱتَّخَذۡتُم مِّن دُونِ ٱللَّهِ أَوۡثَٰنٗا مَّوَدَّةَ بَيۡنِكُمۡ فِي ٱلۡحَيَوٰةِ ٱلدُّنۡيَاۖ ثُمَّ يَوۡمَ ٱلۡقِيَٰمَةِ يَكۡفُرُ بَعۡضُكُم بِبَعۡضٖ وَيَلۡعَنُ بَعۡضُكُم بَعۡضٗا وَمَأۡوَىٰكُمُ ٱلنَّارُ وَمَا لَكُم مِّن نَّٰصِرِينَ ٢٥
Он сказал: «Вы стали поклоняться идолам вместо Аллаха только из-за любви (или ради любви) друг к другу в мирской жизни. Но потом, в День воскресения, одни из вас станут отвергать и проклинать других. Вашим пристанищем будет Огонь, и не будет у вас защитников».
ইব্ৰাহীম আলাইহিচ্ছালামে তেওঁৰ জাতিক ক'লেঃ তোমালোকে আজি মূৰ্ত্তিবোৰক উপাস্য বনাই লৈ সেইবোৰক উপাসনা কৰি আছা, যাতে পাৰ্থিৱ জীৱনত পাৰস্পৰিক প্ৰেম আৰু পৰিচয় গঢ়ি তুলিব পাৰা। কিন্তু কিয়ামতৰ দিনা তোমালোকৰ মাজৰ এই গভীৰ সম্পৰ্ক বিচ্ছিন্ন হৈ যাব। লগতে শাস্তি প্ৰত্যক্ষ কৰাৰ পিছত ইজনে সিজনৰ লগত সম্পৰ্কচ্ছেদ কৰিব, তথা পৰস্পৰে পৰস্পৰক ধিক্কাৰ জনাব। আৰু তোমালোকৰ আশ্ৰয়স্থল হ’ব জাহান্নাম। আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ তোমালোকৰ কোনো সহায়ক নাথাকিব। এই উপাস্যবোৰৰ মাজৰ পৰাও নাথাকিব যিবোৰৰ তোমালোকে উপাসনা কৰিছিলা, লগতে ইয়াৰ বাহিৰেও কোনো নাথাকিব।
29:26Страница 399
۞ فَـَٔامَنَ لَهُۥ لُوطٞۘ وَقَالَ إِنِّي مُهَاجِرٌ إِلَىٰ رَبِّيٓۖ إِنَّهُۥ هُوَ ٱلۡعَزِيزُ ٱلۡحَكِيمُ ٢٦
В него уверовал Лут (Лот), и Ибрахим (Авраам) сказал: «Я собираюсь совершить переселение ради своего Господа. Воистину, Он - Могущественный, Мудрый».
(তাত কেৱল) লূত আলাইহিচ্ছালামে তেওঁৰ প্ৰতি ঈমান আনিছিল। ইব্ৰাহীম আলাইহিচ্ছালামে ক'লেঃ মই মোৰ প্ৰতিপালকৰ খাতিৰত শ্বাম দেশৰ বৰকতময় ভূমিলৈ হিজৰত কৰিম। নিশ্চয় তেওঁ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। যি ব্যক্তিয়ে তেওঁৰ ফালে হিজৰত কৰিব, তেওঁ কেতিয়াও অপমানিত নহ'ব। তেওঁ নিৰ্ধাৰণ আৰু নিয়ন্ত্ৰণত মহাপ্ৰজ্ঞাৱান।
29:27Страница 399
وَوَهَبۡنَا لَهُۥٓ إِسۡحَٰقَ وَيَعۡقُوبَ وَجَعَلۡنَا فِي ذُرِّيَّتِهِ ٱلنُّبُوَّةَ وَٱلۡكِتَٰبَ وَءَاتَيۡنَٰهُ أَجۡرَهُۥ فِي ٱلدُّنۡيَاۖ وَإِنَّهُۥ فِي ٱلۡأٓخِرَةِ لَمِنَ ٱلصَّٰلِحِينَ ٢٧
Мы даровали ему Исхака (Исаака) и Йакуба (Иакова), а его потомству - пророчество и Писание. Мы даровали ему его награду в этом мире, а в Последней жизни он будет в числе праведников.
আমি ইব্ৰাহীমক ইছহাক্ব আৰু তেওঁৰ পুত্ৰ ইয়াকূব দান কৰিছিলোঁ। আমি তেওঁৰ সন্তানসকলৰ মাজত নবুওৱত দান কৰিছিলোঁ, আৰু ঐশীগ্ৰন্থ প্ৰদান কৰিছিলোঁ। সত্যৰ ওপৰত ধৈৰ্য্য সহকাৰে অটল থকাৰ বাবে তেওঁৰ সন্তানসকলক সদাচাৰী বনাই, লগতে সুপ্ৰশংসা প্ৰদান কৰি তেওঁক পাৰ্থিৱ জীৱনতেই প্ৰতিফল দান কৰিছিলোঁ। নিশ্চয় তেওঁ আখিৰাততো পূণ্যৱান লোকসকলৰ দৰেই প্ৰতিদান লাভ কৰিব। পৃথিৱীত লাভ কৰা প্ৰতিফলৰ কাৰণে আখিৰাতৰ সন্মানপূৰ্বক প্ৰতিদানত অকণো হ্ৰাস কৰা নহ’ব।
29:28Страница 399
وَلُوطًا إِذۡ قَالَ لِقَوۡمِهِۦٓ إِنَّكُمۡ لَتَأۡتُونَ ٱلۡفَٰحِشَةَ مَا سَبَقَكُم بِهَا مِنۡ أَحَدٖ مِّنَ ٱلۡعَٰلَمِينَ ٢٨
Вот Лут (Лот) сказал своему народу: «Воистину, вы совершаете мерзость, которую не совершал до вас никто из миров.
হে ৰাছুল! লূত আলাইহিচ্ছালামক স্মৰণ কৰক, যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক কৈছিলঃ নিশ্চয় তোমালোকে এনেকুৱা জঘন্য কাম কৰিছা, যিটো তোমালোকৰ পূৰ্বে পৃথিৱীৰ আন কোনেও কৰা নাছিল। গতিকে তোমালোকেই হৈছা প্ৰথম লোক, যিসকলে এই অশ্লীল তথা জঘন্য কুকৰ্মৰ আৰম্ভণি কৰিছা। যিটো কৰ্মক প্ৰত্যেক পৰিস্কাৰ-পৰিচ্ছন্ন ব্যক্তিয়ে ঘৃণা কৰে।
29:29Страница 399
أَئِنَّكُمۡ لَتَأۡتُونَ ٱلرِّجَالَ وَتَقۡطَعُونَ ٱلسَّبِيلَ وَتَأۡتُونَ فِي نَادِيكُمُ ٱلۡمُنكَرَۖ فَمَا كَانَ جَوَابَ قَوۡمِهِۦٓ إِلَّآ أَن قَالُواْ ٱئۡتِنَا بِعَذَابِ ٱللَّهِ إِن كُنتَ مِنَ ٱلصَّٰدِقِينَ ٢٩
Неужели вы вожделеете мужчин, перекрываете дороги и совершаете предосудительное на своих сборищах?». В ответ его народ лишь сказал: «Нашли на нас мучения от Аллаха, если ты - один из тех, кто говорит правду».
তোমালোকে যৌন চাহিদা পূৰণৰ বাবে পুৰুষৰ গুহ্যদ্বাৰ কিয় ব্যৱহাৰ কৰা? তথা ভ্ৰমণকাৰী সকলক কিয় লুণ্ঠন কৰা, ফলত সিহঁতে তোমালোকৰ অশ্লীল কুকৰ্মৰ কাৰণে তোমালোকৰ ওচৰেৰে পাৰ হওঁতে ভয় কৰে? তথা তোমালোকে জনসভাতো অশ্লীল কাম কৰা পৰিলক্ষিত হোৱাৰ কাৰণটো কি, যেনেঃ উলঙ্গ হোৱা, অহা যোৱা কৰা ব্যক্তিক কথা আৰু কৰ্মৰ দ্বাৰা কষ্ট দিয়া আদি? এই অশ্লীল কৰ্মৰ পৰা বাধা প্ৰদান কৰাৰ পিছত তেওঁৰ সম্প্ৰদায়ে তেওঁক এই কথাষাৰৰ দ্বাৰা উত্তৰ দিছিল যে, যদি তুমি সত্যবাদী তেন্তে আমাৰ ওপৰত আল্লাহৰ শাস্তি লৈ আহা, যি শাস্তিৰ জৰিয়তে তুমি আমাক ভয় দেখুৱাই আছা।
29:30Страница 399
قَالَ رَبِّ ٱنصُرۡنِي عَلَى ٱلۡقَوۡمِ ٱلۡمُفۡسِدِينَ ٣٠
Он сказал: «Господи! Помоги мне одержать верх над людьми, распространяющими нечестие!».
লূত আলাইহিচ্ছালামে তেওঁৰ সম্প্ৰদায়ৰ পাষণ্ডতা লক্ষ্য কৰাৰ পিছত তথা আল্লাহৰ শাস্তিক সিহঁতে অতি সহজভাৱে লৈ সেইটোক আবেদন কৰা দেখি, তেওঁ নিজ প্ৰতিপালকৰ ওচৰত দুআ কৰি ক'লেঃ হে মোৰ প্ৰতিপালক! তুমি মোক সেইসকল লোকৰ বিৰুদ্ধে সহায় কৰা, যিসকলে কুফৰী আৰু অশ্লীল পাপ কৰ্মৰ দ্বাৰা পৃথিৱীত উৎপাত কৰি ফুৰে।
29:31Страница 400
وَلَمَّا جَآءَتۡ رُسُلُنَآ إِبۡرَٰهِيمَ بِٱلۡبُشۡرَىٰ قَالُوٓاْ إِنَّا مُهۡلِكُوٓاْ أَهۡلِ هَٰذِهِ ٱلۡقَرۡيَةِۖ إِنَّ أَهۡلَهَا كَانُواْ ظَٰلِمِينَ ٣١
Когда Наши посланцы прибыли к Ибрахиму (Аврааму) с радостной вестью, они сказали: «Мы собираемся погубить жителей этого селения. Воистину, его жители являются беззаконниками».
যেতিয়া সেই ফিৰিস্তাসকল আহিল, যিসকলক আমি ইব্ৰাহীমৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ, ইছহাক্ব আৰু তাৰ পিছত জন্ম হ’বলগীয়া তেওঁৰ পুত্ৰ ইয়াকূবৰ সুসংবাদ দিবলৈ; তেতিয়া তেওঁলোকে আহি ক’লেঃ “লূত আলাইহিচ্ছালামৰ জনবসতি অৰ্থাৎ ছাদূমৰ অধিবাসীসকলক আমি নিশ্চয় ধ্বংস কৰিম। কাৰণ ইয়াৰ অধিবাসীসকল অশ্লীল কৰ্মত লিপ্ত হৈ মহা অন্যায়কাৰীত পৰিণত হৈছে”।
29:32Страница 400
قَالَ إِنَّ فِيهَا لُوطٗاۚ قَالُواْ نَحۡنُ أَعۡلَمُ بِمَن فِيهَاۖ لَنُنَجِّيَنَّهُۥ وَأَهۡلَهُۥٓ إِلَّا ٱمۡرَأَتَهُۥ كَانَتۡ مِنَ ٱلۡغَٰبِرِينَ ٣٢
Он сказал: «Но ведь там Лут (Лот)!». Они сказали: «Нам лучше знать, кто там! Мы непременно спасем его и его семью, кроме его жены, которая будет в числе оставшихся позади».
ইব্ৰাহীম আলাইহিচ্ছালামে ফিৰিস্তাসকলক ক’লেঃ “আপোনালোকে যিখন জনবসতিক ধ্বংস কৰিবলৈ ওলাইছে, তাত দেখোন স্বয়ং লূত আলাইহিচ্ছালামও আছে, তেওঁতো অন্যায়কাৰী নহয়”। ফিৰিস্তাসকলে ক’লেঃ “তাত থকা লোকসকলক আমি ভালদৰে জানো। সেই জনবসিতৰ ওপৰত অৱতীৰ্ণ হ’বলগীয়া শাস্তিৰ পৰা আমি নিশ্চিতভাৱে তেওঁক আৰু তেওঁৰ পৰিয়ালক ৰক্ষা কৰিম, কিন্তু তেওঁৰ স্ত্ৰীৰ বাহিৰে। কাৰণ তাই ধ্বংস হ’বলগীয়া লোকসকলৰ লগত অৱস্থান কৰিব, শীঘ্ৰেই আমি তাইক সিহঁতৰ সৈতে ধ্বংস কৰিম”।
29:33Страница 400
وَلَمَّآ أَن جَآءَتۡ رُسُلُنَا لُوطٗا سِيٓءَ بِهِمۡ وَضَاقَ بِهِمۡ ذَرۡعٗاۖ وَقَالُواْ لَا تَخَفۡ وَلَا تَحۡزَنۡ إِنَّا مُنَجُّوكَ وَأَهۡلَكَ إِلَّا ٱمۡرَأَتَكَ كَانَتۡ مِنَ ٱلۡغَٰبِرِينَ ٣٣
Когда Наши посланцы прибыли к Луту (Лоту), он огорчился и почувствовал свое бессилие. Тогда они сказали: «Не бойся и не печалься! Мы спасем тебя и твою семью, кроме твоей жены, которая будет в числе оставшихся позади.
সেই ফিৰিস্তাসকল যেতিয়া লূত আলাইহিচ্ছালামৰ ওচৰত আহি উপস্থিত হ’ল, যিসকলক আমি লূত সম্প্ৰদায়ক ধ্বংস কৰাৰ বাবে প্ৰেৰণ কৰিছিলোঁ। তেতিয়া লূত আলাইহিচ্ছালামে তেওঁৰ সম্প্ৰদায়ৰ অশ্লীল স্বভাৱৰ কথা ভাৱিলে আৰু তেওঁলোকৰ আগমনে তেওঁক চিন্তিত তথা শংকিত কৰি তুলিলে। কাৰণ ফিৰিস্তাসকল আহিছিল পুৰুষৰ আকৃতিত। ইপিনে তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে যৌন চাহিদা পুৰণ কৰিবলৈ নাৰীসকলক এৰি পুৰুষসকলৰ লগত যৌন মিলন কৰিছিল। ফিৰিস্তাসকলে তেওঁক ক’লেঃ শংকিত নহ’ব, আপোনাৰ সম্প্ৰদায়ৰ কোনেও আপোনাক অনিষ্ট কৰিবলৈ আহিব নোৱাৰিব। লগতে সিহঁতৰ ধ্বংসৰ খবৰ শুনি আপুনি চিন্তিতও নহ’ব। নিশ্চয় আমি আপোনাক আৰু আপোনাৰ পৰিয়ালক ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিম, কিন্তু আপোনাৰ স্ত্ৰীৰ বাহিৰে; কাৰণ তাই ধ্বংস হ’বলগীয়া লোকসকলৰ সৈতে অৱস্থান কৰিব। শীঘ্ৰেই আমি তাইক সিহঁতৰ সৈতে ধ্বংস কৰিম।
29:34Страница 400
إِنَّا مُنزِلُونَ عَلَىٰٓ أَهۡلِ هَٰذِهِ ٱلۡقَرۡيَةِ رِجۡزٗا مِّنَ ٱلسَّمَآءِ بِمَا كَانُواْ يَفۡسُقُونَ ٣٤
Мы низвергнем на жителей этого селения наказание с небес за то, что они грешили».
অশ্লীল তথা জঘন্য পাপকৰ্মত লিপ্ত থকাৰ কাৰণে আমি এই জনবসতিৰ ওপৰত আকাশৰ পৰা শাস্তি অৱতীৰ্ণ কৰিম, সেয়া হৈছে জুয়ে পোৰা শিলৰ শাস্তি। এই শাস্তি অৱতীৰ্ণ হোৱাৰ কাৰণটো হৈছে, সিহঁতে ঘৃণনীয় অশ্লীল কৰ্মত লিপ্ত হৈ আল্লাহৰ আনুগত্যৰ পৰা ওলাই গৈছে। অৰ্থাৎ সিহঁতে নাৰীসকলক এৰি পুৰুষৰ লগত যৌন চাহিদা পূৰণ কৰে।
29:35Страница 400
وَلَقَد تَّرَكۡنَا مِنۡهَآ ءَايَةَۢ بَيِّنَةٗ لِّقَوۡمٖ يَعۡقِلُونَ ٣٥
Мы оставили от него (селения народа Лута) ясное знамение для людей разумеющих.
ধ্বংস হোৱা এই জনপদত আমি সেইসকল লোকৰ বাবে স্পষ্ট নিদৰ্শন এৰিছোঁ, যিসকলে এইবোৰ বুজি পায়। কাৰণ তেওঁলোকেই নিদৰ্শনৰ দ্বাৰা উপকৃত হয়।
29:36Страница 400
وَإِلَىٰ مَدۡيَنَ أَخَاهُمۡ شُعَيۡبٗا فَقَالَ يَٰقَوۡمِ ٱعۡبُدُواْ ٱللَّهَ وَٱرۡجُواْ ٱلۡيَوۡمَ ٱلۡأٓخِرَ وَلَا تَعۡثَوۡاْ فِي ٱلۡأَرۡضِ مُفۡسِدِينَ ٣٦
Мы отправили к мадьянитам их брата Шуейба, и он сказал: «О мой народ! Поклоняйтесь Аллаху, надейтесь на Последний день и не творите на земле зла, распространяя нечестие».
মাদিয়ানলৈ আমি সিহঁতৰ বংশগত ভাই শ্বুআইব আলাইহিচ্ছালামক প্ৰেৰণ কৰিছিলোঁ। তেওঁ কৈছিলঃ হে মোৰ জাতিৰ লোকসকল! তোমালোকে এক আল্লাহৰ ইবাদত কৰাঁ। লগতে তেওঁৰ ইবাদত কৰি শেষ দিৱসৰ দিনা উত্তম প্ৰতিদান আশা পোষণ কৰাঁ। আৰু তোমালোকে গুনাহৰ কাম কৰি অথবা ইয়াক প্ৰচাৰ কৰি পৃথিৱীত উপদ্ৰৱ সৃষ্টি নকৰিবা।
29:37Страница 400
فَكَذَّبُوهُ فَأَخَذَتۡهُمُ ٱلرَّجۡفَةُ فَأَصۡبَحُواْ فِي دَارِهِمۡ جَٰثِمِينَ ٣٧
Они сочли его лжецом, и тогда их постигло землетрясение, и они оказались повергнуты ниц в своих домах.
কিন্তু তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে তেওঁক অস্বীকাৰ কৰিলে। ফলত ভয়ংকৰ ভূমিকম্পই সিহঁতক গ্ৰাস কৰিলে। ফলত সিহঁতে নিজৰ ঘৰতে লুটি খোৱা অৱস্থাত পৰি থাকিল আৰু সিহঁতৰ মুখমণ্ডল মাটিত আঠা লগাদি লাগি আছিল। সিহঁতৰ কোনো ধৰণৰ লৰচৰ নাছিল।
29:38Страница 400
وَعَادٗا وَثَمُودَاْ وَقَد تَّبَيَّنَ لَكُم مِّن مَّسَٰكِنِهِمۡۖ وَزَيَّنَ لَهُمُ ٱلشَّيۡطَٰنُ أَعۡمَٰلَهُمۡ فَصَدَّهُمۡ عَنِ ٱلسَّبِيلِ وَكَانُواْ مُسۡتَبۡصِرِينَ ٣٨
А также адиты и самудяне! Вам это ясно по их жилищам. Дьявол представил им их деяния прекрасными и сбил их с пути, хотя они были проницательны.
এইদৰেই আমি হূদৰ সম্প্ৰদায় আদক, আৰু ছলেহৰ ছামূদ সম্প্ৰদায়কো ধ্বংস কৰিছোঁ। হে মক্কাৰ অধিবাসীসকল! তোমালোকে হাজাৰামউতৰ শ্বিহৰ নামক স্থানত আৰু হিজৰ নামক স্থানত সিহঁতৰ বাসস্থানৰ ধ্বংসাৱশেষ পাইছা, যিবোৰে সিহঁতৰ ধ্বংসৰ কৰুণ কাহিনী বৰ্ণনা কৰে। গতিকে সিহঁতৰ ভগ্নাৱশেষ গৃহবোৰেই হৈছে সিহঁতৰ ধ্বংসৰ প্ৰমাণ। দৰাচলতে সিহঁতে লিপ্ত হৈ থকা কুফৰী আৰু গুনাহৰ কৰ্মবোৰক চয়তানে সিহঁতৰ বাবে শোভনীয় কৰি দিছিল, আৰু সিহঁতক সঠিক পথৰ পৰা আঁতৰাই ৰাখিছিল। যদিও ৰাছুলসকলৰ শিক্ষাৰ ফলত সিহঁতে সত্য-অসত্য তথা সুপথ আৰু কুপথৰ মাজত পাৰ্থক্য কৰিব পৰা জ্ঞান লাভ কৰিছিল, তথাপিও সিহঁতে প্ৰবৃত্তিৰ অনুসৰণক হিদায়তৰ অনুসৰণৰ ওপৰত প্ৰাধান্য দিছিল।
29:39Страница 401
وَقَٰرُونَ وَفِرۡعَوۡنَ وَهَٰمَٰنَۖ وَلَقَدۡ جَآءَهُم مُّوسَىٰ بِٱلۡبَيِّنَٰتِ فَٱسۡتَكۡبَرُواْ فِي ٱلۡأَرۡضِ وَمَا كَانُواْ سَٰبِقِينَ ٣٩
А также Карун (Корей), Фараон и Хаман! Муса (Моисей) явился к ним с ясными знамениями, но они превознеслись на земле и не смогли опередить наказание.
এইদৰে আমি কাৰূনকো ভূমিস্খলনৰ দ্বাৰা তাক আৰু তাৰ অট্টালিকাক ধ্বংস কৰিছিলোঁ, যেতিয়া সি মুছাৰ সম্প্ৰদায়ৰ মাজত উৎপাত আৰম্ভ কৰিছিল। এইদৰে ফিৰআউন আৰু তাৰ মন্ত্ৰী হামানকো আমি সাগৰত ডুবাই ধ্বংস কৰিছিলোঁ। নিশ্চয় মুছা আলাইহিচ্ছালামে তেওঁৰ সত্যতা প্ৰমাণ কৰিবলৈ সিহঁতৰ ওচৰত স্পষ্ট নিদৰ্শন লৈ আহিছিল। তথাপিও সিহঁতে মিচৰৰ ভূমিত তেওঁৰ প্ৰতি ঈমান আনিবলৈ অহংকাৰ কৰিছিল। সিহঁত কেতিয়াও আমাৰ শাস্তিৰ পৰা পলায়ন কৰি ৰক্ষা পাব নোৱাৰে।
Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии