Аль-Мухтасар · Тафсир · на ассамском
Аль-Анкабут 29:40–69
29:40Страница 401
فَكُلًّا أَخَذۡنَا بِذَنۢبِهِۦۖ فَمِنۡهُم مَّنۡ أَرۡسَلۡنَا عَلَيۡهِ حَاصِبٗا وَمِنۡهُم مَّنۡ أَخَذَتۡهُ ٱلصَّيۡحَةُ وَمِنۡهُم مَّنۡ خَسَفۡنَا بِهِ ٱلۡأَرۡضَ وَمِنۡهُم مَّنۡ أَغۡرَقۡنَاۚ وَمَا كَانَ ٱللَّهُ لِيَظۡلِمَهُمۡ وَلَٰكِن كَانُوٓاْ أَنفُسَهُمۡ يَظۡلِمُونَ ٤٠
Каждого Мы схватили за его грех. На некоторых из них Мы наслали ураган с камнями, некоторых из низ поразил чудовищный вопль, некоторых из них по Нашему велению поглотила земля, а некоторых из них Мы потопили. Аллах не был несправедлив к ним - они сами поступали несправедливо по отношению к себе.
উক্ত প্ৰত্যেক সম্প্ৰদায়কে আমি আমাৰ শাস্তিৰ দ্বাৰা ধ্বংস কৰিছিলোঁ। সিহঁতৰ মাজৰ লূত সম্প্ৰদায়ৰ ওপৰত আমি নিৰন্তৰ জুয়ে পোৰা শিল বৰ্ষণ কৰিছিলোঁ। আনহাতে ছলেহ সম্প্ৰদায় আৰু শ্বুআইব সম্প্ৰদায়ক বিকট শব্দই ধ্বংস কৰিছিল। তথা কাৰূনক তাৰ গৃহসহ মাটিত পুতি পেলাইছিলোঁ। নূহ সম্প্ৰদায়, ফিৰআউন আৰু হামানক আমি পানীত ডুবাই মাৰিছিলোঁ। এনেকুৱা নহয় যে, আল্লাহে ইহঁতক বিনা অপৰাধত ধ্বংস কৰিছে, বৰং সিহঁতে পাপকৰ্মত লিপ্ত হৈ নিজেই নিজৰ অন্যায় কৰিছিল। ফলত সিহঁত শাস্তিৰ উপযুক্ত হৈ পৰিছিল।
29:41Страница 401
مَثَلُ ٱلَّذِينَ ٱتَّخَذُواْ مِن دُونِ ٱللَّهِ أَوۡلِيَآءَ كَمَثَلِ ٱلۡعَنكَبُوتِ ٱتَّخَذَتۡ بَيۡتٗاۖ وَإِنَّ أَوۡهَنَ ٱلۡبُيُوتِ لَبَيۡتُ ٱلۡعَنكَبُوتِۚ لَوۡ كَانُواْ يَعۡلَمُونَ ٤١
Те, которые взяли себе покровителей и помощников помимо Аллаха, подобны пауку, соткавшему себе жилище. Воистину, самое непрочное жилище - это жилище паука. Если бы они только знали!
যিসকল মুশ্বৰিকে আল্লাহৰ বাহিৰে মূৰ্ত্তি সাজি লৈ সেইবোৰৰ উপাসনা কৰে, তথা সেইবোৰৰ পৰা উপকাৰ আশা কৰে নাইবা সেইবোৰে সিহঁতৰ হৈ মধ্যস্ততা কৰিব বুলি বিশ্বাস কৰে, সেইসকল মুশ্বৰিকৰ উদাহৰণ হৈছে মকৰাৰ দৰে, যিয়ে নিজৰ নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে ঘৰ সাজে, অথচ ঘৰৰ ভিতৰত আটাইতকৈ দুৰ্বল ঘৰ হৈছে মকৰাৰ ঘৰ। কাৰণ সেই ঘৰে কেতিয়াও শত্ৰুৰ পৰা সুৰক্ষা প্ৰদান নকৰে। এইটোৱেই হৈছে সিহঁতৰ মূৰ্ত্তিবোৰৰো অৱস্থা, যিবোৰে উপকাৰো কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে, আনকি মধ্যস্ততা কৰিবলৈও সক্ষম নহয়। যদি মুশ্বৰিকসকলে এইটো জানিলেহেঁতেন তেন্তে কেতিয়াও নিজ হাতেৰে মূৰ্ত্তি সাজি আল্লাহৰ বাহিৰে সেইবোৰৰ উপাসনা নকৰিলেহেঁতেন।
29:42Страница 401
إِنَّ ٱللَّهَ يَعۡلَمُ مَا يَدۡعُونَ مِن دُونِهِۦ مِن شَيۡءٖۚ وَهُوَ ٱلۡعَزِيزُ ٱلۡحَكِيمُ ٤٢
Воистину, Аллах знает всех тех, кому они поклоняются помимо Него (или знает, что те, кому они поклоняются помимо Него, являются ничем). Он - Могущественный, Мудрый.
নিশ্চয় আল্লাহে ভালকৈয়ে জানে সিহঁতে তেওঁৰ বাহিৰে আৰু কাৰ কাৰ উপাসনা কৰে। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয়। তেওঁ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, নিৰ্ধাৰণত আৰু নিয়ন্ত্ৰণত মহাপ্ৰজ্ঞাৱান।
29:43Страница 401
وَتِلۡكَ ٱلۡأَمۡثَٰلُ نَضۡرِبُهَا لِلنَّاسِۖ وَمَا يَعۡقِلُهَآ إِلَّا ٱلۡعَٰلِمُونَ ٤٣
Такие притчи Мы приводим людям, но разумеют их только обладающие знанием.
এই উদাহৰণবোৰ, আমি মানুহক সজাগ তথা সচেতন কৰিবলৈ, সত্য অৱগত কৰাবলৈ, লগতে সত্যৰ পথ দেখুৱাবলৈ উপস্থাপন কৰি আছোঁ, এইবোৰক সেইসকল লোকেই ভালদৰে বুজি পায়, যিসকলে আল্লাহৰ চৰীয়ত আৰু তেওঁৰ হিকমত সম্পৰ্কে ভালকৈ অৱগত।
29:44Страница 401
خَلَقَ ٱللَّهُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ بِٱلۡحَقِّۚ إِنَّ فِي ذَٰلِكَ لَأٓيَةٗ لِّلۡمُؤۡمِنِينَ ٤٤
Аллах создал небеса и землю ради истины. Воистину, в этом - знамение для верующих.
পৱিত্ৰ তথা মহান আল্লাহে আকাশমণ্ডল আৰু পৃথিৱীক সত্য সহকাৰে সৃষ্টি কৰিছে। এইবোৰক অসত্যৰ সৈতে তথা অনৰ্থক সৃষ্টি কৰা নাই। নিশ্চয় এইবোৰ সৃষ্টিৰ মাজত মুমিনসকলৰ বাবে আল্লাহৰ ক্ষমতাৰ স্পষ্ট প্ৰমাণ নিহিত হৈ আছে। কাৰণ কেৱল মুমিনসকলেই আল্লাহৰ সৃষ্টিজগতৰ মখলুকৰ দ্বাৰা পৱিত্ৰ সৃষ্টিকৰ্তাৰ অস্তিত্বৰ বিষয়ে জ্ঞান আহৰণ কৰে। আনহাতে কাফিৰসকলে মহাকাশ আৰু স্বয়ং সিহঁতৰ মাজত থকা নিদৰ্শনবোৰ চোৱাৰ পিছতো কোনো ভ্ৰূক্ষেপ নকৰে। সৃষ্টিকৰ্তাৰ মহানতা আৰু ক্ষমতাৰ পিনে সিহঁতৰ মনোযোগ কেতিয়াও আকৃষ্ট নহয়।
29:45Страница 401
ٱتۡلُ مَآ أُوحِيَ إِلَيۡكَ مِنَ ٱلۡكِتَٰبِ وَأَقِمِ ٱلصَّلَوٰةَۖ إِنَّ ٱلصَّلَوٰةَ تَنۡهَىٰ عَنِ ٱلۡفَحۡشَآءِ وَٱلۡمُنكَرِۗ وَلَذِكۡرُ ٱللَّهِ أَكۡبَرُۗ وَٱللَّهُ يَعۡلَمُ مَا تَصۡنَعُونَ ٤٥
Читай то, что внушено тебе из Писания, и совершай намаз. Воистину, намаз оберегает от мерзости и предосудительного. Но поминание Аллаха - гораздо важнее, и Аллах знает о том, что вы творите.
হে ৰাছুল! আপুনি মানুহক কোৰআন তিলাৱত কৰি শুনোৱাওক, যিখন আপোনাৰ প্ৰতি অহী কৰা হৈছে। লগতে পৰিপূৰ্ণৰূপে চালাত প্ৰতিষ্ঠা কৰক। নিশ্চয় পৰিপূৰ্ণৰূপে আদায় কৰা চালাতে, চালাত আদায়কাৰীক পাপকৰ্ম তথা দূৰাচাৰীৰ পৰা সুৰক্ষিত ৰাখে। কিয়নো ইয়াৰ ফলত অন্তৰে জ্যোতি লাভ কৰে, আৰু সেই জ্যোতিয়ে মানুহক পাপকৰ্মৰ পৰা বিৰত ৰাখে তথা সৎকৰ্মৰ পথ দেখুৱায়। প্ৰত্যেক কৰ্মতকৈ আল্লাহৰ স্মৰণেই হৈছে ডাঙৰ তথা মহান। নিশ্চয় আল্লাহে তোমালোকৰ কৰ্ম সম্পৰ্কে ভালকৈয়ে জানে। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। অচিৰেই তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব। কৰ্ম ভাল হ’লে, প্ৰতিদান ভাল হ’ব। আৰু বেয়া হ’লে, প্ৰতিফলো বেয়া হ’ব।
29:46Страница 402
۞ وَلَا تُجَٰدِلُوٓاْ أَهۡلَ ٱلۡكِتَٰبِ إِلَّا بِٱلَّتِي هِيَ أَحۡسَنُ إِلَّا ٱلَّذِينَ ظَلَمُواْ مِنۡهُمۡۖ وَقُولُوٓاْ ءَامَنَّا بِٱلَّذِيٓ أُنزِلَ إِلَيۡنَا وَأُنزِلَ إِلَيۡكُمۡ وَإِلَٰهُنَا وَإِلَٰهُكُمۡ وَٰحِدٞ وَنَحۡنُ لَهُۥ مُسۡلِمُونَ ٤٦
Если вступаете в спор с людьми Писания, то ведите его наилучшим образом. Это не относится к тем из них, которые поступают несправедливо. Скажите: «Мы уверовали в то, что ниспослано нам, и то, что ниспослано вам. Наш Бог и ваш Бог - один, и мы покоряемся только Ему».
হে মুমিনসকল! তোমালোকে ইয়াহুদী আৰু খৃষ্টানসকলৰ লগত উত্তম পন্থাৰে বাদানুবাদ কৰিবা। অৰ্থাৎ দলিল-প্ৰমাণ আৰু উপদেশৰ সৈতে সিহঁতক ইছলামৰ পিনে নিমন্ত্ৰণ কৰিবা। আনহাতে সিহঁতৰ মাজৰ যিসকলে বিদ্বেষ পোষণ কৰি আৰু অহংকাৰ কৰি অন্যায় কৰিছে, তথা তোমালোকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে, সেইসকল লোকৰ বিৰুদ্ধে তোমালোকেও যুদ্ধ কৰা। যেতিয়ালৈকে সিহঁতে ইছলাম গ্ৰহণ নকৰে অথবা অপমানিত হৈ কৰ আদায় নকৰে। ইয়াহুদী আৰু খৃষ্টানসকলক কৈ দিয়া, আমি সেই কোৰআনৰ প্ৰতি ঈমান আনিছোঁ, যিখন আমাৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে; তথা তোমালোকৰ প্ৰতি অৱতীৰ্ণ হোৱা তাওৰাত আৰু ইঞ্জীলৰ প্ৰতিও আমি ঈমান আনিছোঁ। আমাৰ আৰু তোমালোকৰ উপাস্য এজনেই। তেওঁৰ দৰে উপাস্য, পালনহাৰ আৰু সকলো ফালৰ পৰা পৰিপূৰ্ণ সত্ত্বা আন কোনো নাই। আমি একমাত্ৰ তেওঁৰেই আনুগত্য কৰোঁ, আৰু তেওঁৰ সন্মুখতেই শিৰনত কৰোঁ।
29:47Страница 402
وَكَذَٰلِكَ أَنزَلۡنَآ إِلَيۡكَ ٱلۡكِتَٰبَۚ فَٱلَّذِينَ ءَاتَيۡنَٰهُمُ ٱلۡكِتَٰبَ يُؤۡمِنُونَ بِهِۦۖ وَمِنۡ هَٰٓؤُلَآءِ مَن يُؤۡمِنُ بِهِۦۚ وَمَا يَجۡحَدُ بِـَٔايَٰتِنَآ إِلَّا ٱلۡكَٰفِرُونَ ٤٧
Так Мы ниспослали тебе Писание. Те, кому Мы даровали Писание, веруют в него. И среди этих (современников Пророка Мухаммада из числа людей Писания) есть такие, которые веруют в него (Коран), и только неверующие отвергают Наши знамения.
যিদৰে আমি আপোনাৰ পূৰ্বে (নবীসকলৰ ওপৰত) কিতাব অৱতীৰ্ণ কৰিছিলোঁ, ঠিক সেইদৰে আপোনাৰ ওপৰতো কোৰআন অৱতীৰ্ণ কৰিছোঁ। এতেকে তাওৰাত অধ্যয়ন কৰা কিছুমান লোকে উদাহৰণস্বৰূপে আব্দুল্লাহ বিন ছালাম আদিয়ে ইয়াৰ প্ৰতি ঈমান আনিছে। কাৰণ তেওঁলোকে নিজ গ্ৰন্থত ইয়াৰ বৈশিষ্ট্যবোৰ উল্লিখিত পাইছে। আৰু মুশ্বৰিকসকলৰ মাজৰ পৰাও কিছুমানে ইয়াৰ প্ৰতি ঈমান আনিছে। আমাৰ আয়াতসমূহক কেৱল সেইসকল কাফিৰেই অস্বীকাৰ কৰে, যিসকলে সত্য স্পষ্ট হোৱাৰ পিছতো কুফৰী আৰু অস্বীকাৰৰ পথত অটল থাকে।
29:48Страница 402
وَمَا كُنتَ تَتۡلُواْ مِن قَبۡلِهِۦ مِن كِتَٰبٖ وَلَا تَخُطُّهُۥ بِيَمِينِكَۖ إِذٗا لَّٱرۡتَابَ ٱلۡمُبۡطِلُونَ ٤٨
Ты не читал прежде ни одного Писания и не переписывал его своей десницей. В противном случае приверженцы лжи впали бы в сомнение.
হে ৰাছুল! আপুনি কোৰআনৰ পূৰ্বে কোনো কিতাবেই পঢ়া নাছিল আৰু আপোনাৰ সোঁ হাতেৰেও একো লিখিব পৰা নাছিল। কাৰণ আপুনি আছিল নিৰক্ষৰ। লিখা পঢ়াৰ লগত আপোনাৰ কোনো সম্পৰ্ক নাছিল। যদি আপুনি লিখা পঢ়া জানিলেহেঁতেন তেন্তে বহুতো মুৰ্খই আপোনাৰ নবুওৱতকলৈ সন্দেহ পোষণ কৰিলেহেঁতেন। আৰু সিহঁতে দাবী কৰিলেহেঁতেন যে, আপুনি পূৰ্বৱৰ্তী গ্ৰন্থসমূহৰ পৰা এইবোৰ লিখি আছে।
29:49Страница 402
بَلۡ هُوَ ءَايَٰتُۢ بَيِّنَٰتٞ فِي صُدُورِ ٱلَّذِينَ أُوتُواْ ٱلۡعِلۡمَۚ وَمَا يَجۡحَدُ بِـَٔايَٰتِنَآ إِلَّا ٱلظَّٰلِمُونَ ٤٩
Напротив, это - ясные аяты в груди тех, кому даровано знание, и только беззаконники отвергают Наши знамения.
বৰং আপোনাৰ ওপৰত অৱতীৰ্ণ হোৱা এই কোৰআন হৈছে স্পষ্ট আয়াতসমূহৰ সমষ্টি, যিবোৰ সেইসকল মুমিনৰ অন্তৰত সুৰক্ষিত, যিসকলক জ্ঞান দান কৰা হৈছে। আমাৰ আয়াতসমূহক সেইসকল লোকেই অস্বীকাৰ কৰে, যিসকলে আল্লাহৰ লগত কুফৰী কৰি আৰু তেওঁৰ লগত শ্বিৰ্ক কৰি নিজৰ ওপৰতেই অন্যায় কৰে।
29:50Страница 402
وَقَالُواْ لَوۡلَآ أُنزِلَ عَلَيۡهِ ءَايَٰتٞ مِّن رَّبِّهِۦۚ قُلۡ إِنَّمَا ٱلۡأٓيَٰتُ عِندَ ٱللَّهِ وَإِنَّمَآ أَنَا۠ نَذِيرٞ مُّبِينٌ ٥٠
Они говорят: «Почему ему не ниспосланы знамения от его Господа?». Скажи: «Воистину, знамения - у Аллаха, а я - всего лишь предостерегающий и разъясняющий увещеватель».
মুশ্বৰিকসকলে কয়ঃ মুহাম্মদৰ ওপৰত তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা নিদৰ্শন কিয় অৱতীৰ্ণ নহয়, যিদৰে পূৰ্বৱৰ্তী ৰাছুলসকলৰ ওপৰত অৱতীৰ্ণ হৈছিল? হে ৰাছুল! আপুনি প্ৰস্তাৱ দিয়া লোকসকলক কৈ দিয়ক, নিদৰ্শন অৱতীৰ্ণ কৰাৰ দায়িত্ব হৈছে পৱিত্ৰ আল্লাহৰ হাতত। তেওঁ যেতিয়া ইচ্ছা কৰে তেতিয়াহে অৱতীৰ্ণ কৰে; সেইবোৰ অৱতীৰ্ণ কৰা মোৰ কাম নহয়। নিশ্চিতভাৱে মই হৈছোঁ তোমালোকক স্পষ্টৰূপে আল্লাহৰ শাস্তিৰ পৰা সতৰ্ককাৰী।
29:51Страница 402
أَوَلَمۡ يَكۡفِهِمۡ أَنَّآ أَنزَلۡنَا عَلَيۡكَ ٱلۡكِتَٰبَ يُتۡلَىٰ عَلَيۡهِمۡۚ إِنَّ فِي ذَٰلِكَ لَرَحۡمَةٗ وَذِكۡرَىٰ لِقَوۡمٖ يُؤۡمِنُونَ ٥١
Неужели им не достаточно того, что Мы ниспослали тебе Писание, которое им читается? Воистину, в этом - милость и напоминание для верующих людей.
হে ৰাছুল! এই প্ৰস্তাৱ দিয়া লোকসকলৰ বাবে আপোনাৰ ওপৰত অৱতীৰ্ণ হোৱা কোৰআনখন যথেষ্ট নহয় নেকি, যিখন ইহঁতৰ সন্মুখত তিলাৱত কৰা হয়? নিশ্চয় আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা এই কোৰআনত সেইসকল লোকৰ বাবে আছে ৰহমত আৰু উপদেশ, যিসকলে ঈমান পোষণ কৰে। কাৰণ তেওঁলোকেই কোৰআনৰ শিক্ষাৰ দ্বাৰা উপকৃত হয়। এতেকে এওঁলোকৰ ওপৰত অৱতীৰ্ণ এই সকলোবোৰ প্ৰমাণ, সেইসমূহ নিদৰ্শনতকৈ যথেষ্ট পৰিমাণে উত্তম, যিবোৰ পূৰ্বৱৰ্তী নবীসকলৰ ওপৰত অৱতীৰ্ণ হৈছিল আৰু যিবোৰ অৱতীৰ্ণ হোৱাৰ প্ৰস্তাৱ স্বয়ং ইহঁতে আগবঢ়াইছে।
29:52Страница 402
قُلۡ كَفَىٰ بِٱللَّهِ بَيۡنِي وَبَيۡنَكُمۡ شَهِيدٗاۖ يَعۡلَمُ مَا فِي ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۗ وَٱلَّذِينَ ءَامَنُواْ بِٱلۡبَٰطِلِ وَكَفَرُواْ بِٱللَّهِ أُوْلَٰٓئِكَ هُمُ ٱلۡخَٰسِرُونَ ٥٢
Скажи: «Довольно того, что Аллах является Свидетелем между мною и вами. Он знает то, что на небесах и на земле. Те же, которые уверовали в ложь и не уверовали в Аллаха, непременно окажутся в убытке».
হে ৰাছুল! আপুনি ইহঁতক কৈ দিয়ক, মই যি লৈ আহিছোঁ, ইয়াৰ সত্যতা আৰু তোমালোকৰ অস্বীকাৰৰ ক্ষেত্ৰত সাক্ষী হিচাপে আল্লাহেই যথেষ্ট। তেওঁ আকাশমণ্ডল আৰু পৃথিৱীৰ মাজত থকা সকলো বিষয়ে অৱগত। এই দুয়োৰ মাজত থকা একোৱেই তেওঁৰ পৰা গোপন নহয়। এতেকে যিসকল লোকে বাতিলৰ ওপৰত বিশ্বাস পোষণ কৰিছে, অৰ্থাৎ যিবোৰক আল্লাহৰ বাহিৰে উপাসনা কৰা হয় সেইবোৰক সত্য বুলি মানি লৈছে, আৰু সেই আল্লাহৰ লগত কুফৰী কৰিছে, যিজন এককভাৱে ইবাদতৰ যোগ্য, সেইসকল লোকেই হৈছে প্ৰকৃততে ক্ষতিগ্ৰস্ত। কাৰণ সিহঁতে ঈমানৰ পৰিবৰ্তে কুফৰীক পছন্দ কৰিছে।
29:53Страница 403
وَيَسۡتَعۡجِلُونَكَ بِٱلۡعَذَابِ وَلَوۡلَآ أَجَلٞ مُّسَمّٗى لَّجَآءَهُمُ ٱلۡعَذَابُۚ وَلَيَأۡتِيَنَّهُم بَغۡتَةٗ وَهُمۡ لَا يَشۡعُرُونَ ٥٣
Они торопят тебя с мучениями. Если бы не назначенный срок, то мучения уже явились бы к ним. Воистину, они явятся к ним внезапно, и они даже не почувствуют этого.
হে ৰাছুল! আপুনি মুশ্বৰিকসকলক যি শাস্তিৰ পৰা সতৰ্ক কৰিছে, সিহঁতে সেই শাস্তিক দ্ৰুত বিচাৰি আছে। আল্লাহে সিহঁতৰ শাস্তিৰ বাবে যদি সময় নিৰ্ধাৰণ কৰি নাৰাখিলেহেঁতেন –যিটো সময় আগুৱাইও আহিব নোৱাৰে আৰু পিছুৱাইও যাব নোৱাৰে- তেন্তে সিহঁতে বিচৰা শাস্তিটো নিশ্চয় আহি পৰিলহেঁতেন। নিশ্চয় সেই শাস্তি আকস্মিক আহি পৰিব, সেই শাস্তি অহাৰ সিহঁতে উমানো নাপাব।
29:54Страница 403
يَسۡتَعۡجِلُونَكَ بِٱلۡعَذَابِ وَإِنَّ جَهَنَّمَ لَمُحِيطَةُۢ بِٱلۡكَٰفِرِينَ ٥٤
Они торопят тебя с мучениями. Воистину, Геенна непременно обступит неверующих.
আপুনি সিহঁতক ভয় দেখুৱা শাস্তিটো সিহঁতে দ্ৰুত বিচাৰি আছে। আল্লাহে কাফিৰসকলক প্ৰতিশ্ৰুতি দিয়া জাহান্নামে নিশ্চয় সিহঁতক পৰিবেষ্টন কৰিব। সিহঁতে জাহান্নামৰ শাস্তিৰ পৰা কেতিয়াও পলায়ন কৰিব নোৱাৰিব।
29:55Страница 403
يَوۡمَ يَغۡشَىٰهُمُ ٱلۡعَذَابُ مِن فَوۡقِهِمۡ وَمِن تَحۡتِ أَرۡجُلِهِمۡ وَيَقُولُ ذُوقُواْ مَا كُنتُمۡ تَعۡمَلُونَ ٥٥
В тот день мучения покроют их сверху и из-под ног. Он скажет: «Вкусите то, что вы совершали!».
যিদিনা শাস্তিয়ে সিহঁতক ওপৰৰ পৰা ঢাকি ধৰিব, আৰু সিহঁতৰ ভৰিৰ তলত বিছনাৰ দৰে পাৰি দিয়া হ’ব। আৰু আল্লাহে সিহঁতক ভৰ্ৎসনা কৰি ক’বঃ পৃথিৱীত তোমালোকে যিবোৰ শ্বিৰ্ক আৰু গুনাহৰ কৰ্ম কৰিছিলা তাৰ বিনিময়ত শাস্তি ভোগ কৰা।
29:56Страница 403
يَٰعِبَادِيَ ٱلَّذِينَ ءَامَنُوٓاْ إِنَّ أَرۡضِي وَٰسِعَةٞ فَإِيَّٰيَ فَٱعۡبُدُونِ ٥٦
О Мои верующие рабы! Воистину, Моя земля обширна, поклоняйтесь же Мне!
হে মোৰ বান্দাসকল! যিসকলে মোৰ প্ৰতি ঈমান পোষণ কৰিছা, তোমালোকে সেই ভূমিৰ পৰা হিজৰত কৰা, যি ভূমিত মোৰ ইবাদত কৰা কঠিন হৈ পৰিছে। নিশ্চয় মোৰ এই ধৰা অতি বিশাল। গতিকে তোমালোকে কেৱল মোৰেই ইবাদত কৰা। লগতে মোৰ সৈতে আন কাকো অংশীদাৰ স্থাপন নকৰিবা।
29:57Страница 403
كُلُّ نَفۡسٖ ذَآئِقَةُ ٱلۡمَوۡتِۖ ثُمَّ إِلَيۡنَا تُرۡجَعُونَ ٥٧
Каждая душа вкусит смерть, а потом вы будете возвращены к Нам.
মৃত্যুৰ ভয়ে যেন তোমালোকক হিজৰতৰ পৰা বিৰত নাৰাখে। প্ৰত্যেক প্ৰাণীয়েই মৃত্যুৰ সোৱাদ গ্ৰহণ কৰিব লাগিব। তাৰ পিছত কিয়ামতৰ দিনা একমাত্ৰ আমাৰ ওচৰলৈকেই উভতি আহিব লাগিব।
29:58Страница 403
وَٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ لَنُبَوِّئَنَّهُم مِّنَ ٱلۡجَنَّةِ غُرَفٗا تَجۡرِي مِن تَحۡتِهَا ٱلۡأَنۡهَٰرُ خَٰلِدِينَ فِيهَاۚ نِعۡمَ أَجۡرُ ٱلۡعَٰمِلِينَ ٥٨
Тех, которые уверовали и совершали праведные деяния, Мы непременно поселим в горницах в Раю, в котором текут реки. Они пребудут там вечно. Как же прекрасно вознаграждение тружеников,
যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু তেওঁৰ নৈকট্য অৰ্জন কৰিব পৰা সৎকৰ্ম কৰিছে, আমি তেওঁলোকক জান্নাতৰ এনেকুৱা ওখ ওখ ভৱনত ঠাই প্ৰদান কৰিম, যাৰ তলত নৈ নিজৰা প্ৰবাহিত থাকিব। তেওঁলোকে তাত চিৰকাল বসবাস কৰিব। মৃত্যুৱে কেতিয়াও তেওঁলোকক স্পৰ্শ নকৰিব। আল্লাহৰ আদেশ মতে আমল কৰা লোকসকলৰ এই প্ৰতিদানবোৰ কিমান যে উত্তম প্ৰতিদান!
29:59Страница 403
ٱلَّذِينَ صَبَرُواْ وَعَلَىٰ رَبِّهِمۡ يَتَوَكَّلُونَ ٥٩
которые были терпеливы и уповали на своего Господа!
গুনাহৰ পৰা বিৰত থাকি আৰু আল্লাহৰ আনুগত্যত ধৈৰ্য্য ধাৰণ কৰি তেওঁৰ আদেশ মতে আমল কৰা লোকসকলৰ প্ৰতিদান কিমান যে উত্তম প্ৰতিদান! তেওঁলোকে সকলো কৰ্মতেই একমাত্ৰ নিজ প্ৰতিপালকৰ ওপৰত ভৰসা কৰে।
29:60Страница 403
وَكَأَيِّن مِّن دَآبَّةٖ لَّا تَحۡمِلُ رِزۡقَهَا ٱللَّهُ يَرۡزُقُهَا وَإِيَّاكُمۡۚ وَهُوَ ٱلسَّمِيعُ ٱلۡعَلِيمُ ٦٠
Сколько есть живых существ, которые не уносят своего пропитания (или не запасаются своим пропитанием)! Аллах наделяет пропитанием их и вас. Он - Слышащий, Знающий.
পৃথিৱীত চলাফুৰা কৰা এনেকুৱা বহুতো প্ৰাণী আছে যিবোৰে নিজৰ জীৱিকা সঞ্চয় কৰি ৰাখিব নোৱাৰে আৰু বহন কৰিও লৈ ফুৰিব নোৱাৰে, আল্লাহেই সেইবোৰক জীৱিকা প্ৰদান কৰে আৰু তোমালোককো জীৱিকা দান কৰে। গতিকে জীৱিকাৰ ভয়ত হিজৰত ত্যাগ কৰা তোমালোকৰ এই অজুহাত গ্ৰহণযোগ্য নহয়। নিশ্চয় তেওঁ তোমালোকৰ কথা শ্ৰৱণকাৰী আৰু তোমালোকৰ নিয়্যত তথা কৰ্ম সম্পৰ্কে সৰ্বজ্ঞ। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয়। শীঘ্ৰেই তোমালোকক ইয়াৰ প্ৰতিদান দিয়া হ’ব।
29:61Страница 403
وَلَئِن سَأَلۡتَهُم مَّنۡ خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ وَسَخَّرَ ٱلشَّمۡسَ وَٱلۡقَمَرَ لَيَقُولُنَّ ٱللَّهُۖ فَأَنَّىٰ يُؤۡفَكُونَ ٦١
Если ты спросишь их: «Кто создал небеса и землю и подчинил солнце и луну?». - они непременно скажут: «Аллах». До чего же они отвращены от истины!
হে ৰাছুল! আপুনি যদি এই মুশ্বৰিকসকলক সোধে যে, আকাশমণ্ডল কোনে সৃষ্টি কৰিছে? পৃথিৱী কোনে সৃষ্টি কৰিছে? চন্দ্ৰ আৰু সূৰ্য্যক কোনে নিয়ন্ত্ৰণ কৰে, যাৰ ফলত এটাৰ পিছত এটা দৃশ্যমান হয়? তেতিয়া নিশ্চয় সিহঁতে ক’বঃ আল্লাহেই এইবোৰক সৃষ্টি কৰিছে। তথাপিও সিহঁতে এক আল্লাহৰ প্ৰতি ঈমান পোষণ কৰাৰ পৰা কিয় আঁতৰি থাকে? আৰু তেওঁৰ বাহিৰে এনেকুৱা উপাস্যৰ উপাসনা কৰে যিবোৰে একো উপকাৰো কৰিব নোৱাৰে আৰু ক্ষতিও কৰিব নোৱাৰে।
29:62Страница 403
ٱللَّهُ يَبۡسُطُ ٱلرِّزۡقَ لِمَن يَشَآءُ مِنۡ عِبَادِهِۦ وَيَقۡدِرُ لَهُۥٓۚ إِنَّ ٱللَّهَ بِكُلِّ شَيۡءٍ عَلِيمٞ ٦٢
Аллах увеличивает или ограничивает удел тому из Своих рабов, кому пожелает. Воистину, Аллах знает о всякой вещи.
আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ যাক ইচ্ছা কৰে তাৰ জীৱিকা প্ৰশস্ত কৰি দিয়ে, আৰু যাক ইচ্ছা কৰে বিশেষ হিকমত অনুযায়ী তাৰ জীৱিকা সংকীৰ্ণ কৰি দিয়ে, যিটো কেৱল তেৱেঁই জানে। নিশ্চয় আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ। একোৱেই তেওঁৰ পৰা গোপন নহয়। গতিকে বান্দাৰ হকে থকা কোনো কল্যাণকৰ হিত তেওঁৰ পৰা গোপন নহয়।
29:63Страница 403
وَلَئِن سَأَلۡتَهُم مَّن نَّزَّلَ مِنَ ٱلسَّمَآءِ مَآءٗ فَأَحۡيَا بِهِ ٱلۡأَرۡضَ مِنۢ بَعۡدِ مَوۡتِهَا لَيَقُولُنَّ ٱللَّهُۚ قُلِ ٱلۡحَمۡدُ لِلَّهِۚ بَلۡ أَكۡثَرُهُمۡ لَا يَعۡقِلُونَ ٦٣
Если ты спросишь их: «Кто ниспосылает с неба воду и оживляет ею землю после того, как она умерла?». - они непременно скажут: «Аллах». Скажи: «Хвала Аллаху!». Но большинство их не разумеет.
হে ৰাছুল! আপুনি যদি মুশ্বৰিকসকলক সোধে যে, আকাশৰ পৰা পানী কোনে বৰষায়, যাৰ ফলত মৃত ভূমিত উদ্ভিদ উৎপন্ন হয়? তেতিয়া সিহঁতে নিশ্চয় ক’বঃ আল্লাহেই আকাশৰ পৰা পানী বৰষায় আৰু পৃথিৱীক সেউজীয়া কৰি তোলে। হে ৰাছুল! আপুনি কওক, সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, যিয়ে তোমালোকৰ ওপৰত প্ৰমাণ প্ৰকাশ কৰিছে। কিন্তু প্ৰকৃততে সিহঁতৰ মাজৰ অধিকাংশ লোকেই বুজি নাপায়। যদি সিহঁতে বুজিলেহেঁতেন তেন্তে কেতিয়াও আল্লাহৰ সৈতে এনেকুৱা মূৰ্ত্তিবোৰক অংশীদাৰ নকৰিলেহেঁতেন, যিবোৰে উপকাৰো কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে।
29:64Страница 404
وَمَا هَٰذِهِ ٱلۡحَيَوٰةُ ٱلدُّنۡيَآ إِلَّا لَهۡوٞ وَلَعِبٞۚ وَإِنَّ ٱلدَّارَ ٱلۡأٓخِرَةَ لَهِيَ ٱلۡحَيَوَانُۚ لَوۡ كَانُواْ يَعۡلَمُونَ ٦٤
Мирская жизнь - всего лишь потеха и игра, а Последняя обитель - это настоящая жизнь. Если бы они только знали это!
এই পাৰ্থিৱ জীৱন লগতে ইয়াত থকা সকলো সুখ-সুবিধা তথা বিভিন্ন উপভোগ সামগ্ৰীবোৰ হৈছে ইয়াৰ লগত সম্পৃক্ত ব্যক্তিসকলৰ বাবে এইবোৰ এক প্ৰকাৰ খেল-ধেমালিস্বৰূপ। যিবোৰ অচিৰেই সমাপ্ত হ’ব। আনহাতে আখিৰাতৰ ঘৰেই হৈছে বাস্তৱিক জীৱন। কাৰণ সেইখনেই অৱশিষ্ট থাকিব। সিহঁতে যদি এই বিষয়টো ভালদৰে জানিলেহেঁতেন তেন্তে কেতিয়াও সিহঁতে চিৰস্থায়ী জীৱনৰ ওপৰত অস্থায়ী জীৱনক প্ৰাধান্য নিদিলেহেঁতেন।
29:65Страница 404
فَإِذَا رَكِبُواْ فِي ٱلۡفُلۡكِ دَعَوُاْ ٱللَّهَ مُخۡلِصِينَ لَهُ ٱلدِّينَ فَلَمَّا نَجَّىٰهُمۡ إِلَى ٱلۡبَرِّ إِذَا هُمۡ يُشۡرِكُونَ ٦٥
Когда они садятся на корабль, то взывают к Аллаху, очищая перед Ним свою веру. Когда же Он спасает их и выводит на сушу, они тотчас начинают приобщать сотоварищей.
এই মুশ্বৰিকসকল সাগৰত যেতিয়া নাঁৱত আৰোহণ কৰে, তেতিয়া সিহঁতে নিৰ্ভেজালভাৱে একমাত্ৰ আল্লাহৰ লগত সম্পৰ্ক স্থাপন কৰি তেওঁৰ ওচৰতেই দুআ কৰে, যাতে তেওঁ সিহঁতক ডুবি যোৱাৰ পৰা ৰক্ষা কৰে। এতেকে যেতিয়াই তেওঁ সিহঁতক ডুবি যোৱাৰ পৰা ৰক্ষা কৰে, সিহঁত পাৰলৈ উভতি আহি পুনৰ শ্বিৰ্ক কৰিবলৈ আৰম্ভ কৰে আৰু অন্যান্য উপাস্যবোৰকো সিহঁতৰ দুআত চামিল কৰে।
29:66Страница 404
لِيَكۡفُرُواْ بِمَآ ءَاتَيۡنَٰهُمۡ وَلِيَتَمَتَّعُواْۚ فَسَوۡفَ يَعۡلَمُونَ ٦٦
Это происходит для того, чтобы они проявили неблагодарность за то, чем Мы их одарили, и могли попользоваться благами, но скоро они узнают.
উভতি আহি মুশ্বৰিকসকলে নিজৰ চৰিত্ৰ পৰিবৰ্তন কৰে, আৰু সিহঁতক আমি প্ৰদান কৰা নিয়ামতবোৰৰ অকৃতজ্ঞ হৈ পৰে। যাতে পাৰ্থিৱ জীৱনৰ সুখ-সুবিধাবোৰ উপভোগ কৰিব পাৰে। নিশ্চয় শীঘ্ৰেই সিহঁতে মৃত্যুৰ পিছত বেয়া কৰ্মৰ পৰিণাম সম্পৰ্কে অৱগত হ'ব।
29:67Страница 404
أَوَلَمۡ يَرَوۡاْ أَنَّا جَعَلۡنَا حَرَمًا ءَامِنٗا وَيُتَخَطَّفُ ٱلنَّاسُ مِنۡ حَوۡلِهِمۡۚ أَفَبِٱلۡبَٰطِلِ يُؤۡمِنُونَ وَبِنِعۡمَةِ ٱللَّهِ يَكۡفُرُونَ ٦٧
Неужели они не видят, что Мы сделали Мекку безопасным святилищем, тогда как вокруг них людей хватают? Неужели они веруют в ложь и не веруют в милость Аллаха?
আল্লাহৰ নিয়ামতসমূহক অস্বীকাৰ কৰা এই লোকসকলক যেতিয়া আল্লাহে ডুবি যোৱাৰ পৰা ৰক্ষা কৰিলে, তাৰ পিছতো সিহঁতে ভাৱি চোৱা নাইনে যে, আল্লাহে সিহঁতক আৰু এটা নিয়ামত দান কৰিছে? সেয়া হৈছে, আমি সিহঁতক নিৰাপত্তামূলক স্থান প্ৰদান কৰিছোঁ। য’ত সিহঁতৰ ধন-সম্পদ আৰু প্ৰাণৰ কোনো ভয় নাই, পক্ষান্তৰে অন্যান্য ঠাইত আক্ৰমণ হয়, সিহঁতক হত্যা কৰা হয় তথা বন্দী বনোৱা হয়, লগতে সিহঁতৰ নাৰী-পুৰুষ আৰু সন্তান সকলকো কয়েদী বনোৱা হয়। আৰু সিহঁতৰ সম্পদ কাঢ়ি লোৱা হয়। ইয়াৰ পিছতো সিহঁতে সিহঁতৰ তথাকথিত উপাস্যবোৰৰ প্ৰতি ঈমান পোষণ কৰিবনে? আনহাতে আল্লাহৰ কৃতজ্ঞতাৰ বিপৰীতে তেওঁৰ নিয়ামতসমূহৰ অকৃতজ্ঞ হ’ব নেকি?!
29:68Страница 404
وَمَنۡ أَظۡلَمُ مِمَّنِ ٱفۡتَرَىٰ عَلَى ٱللَّهِ كَذِبًا أَوۡ كَذَّبَ بِٱلۡحَقِّ لَمَّا جَآءَهُۥٓۚ أَلَيۡسَ فِي جَهَنَّمَ مَثۡوٗى لِّلۡكَٰفِرِينَ ٦٨
Кто может быть несправедливее того, кто возводит навет на Аллаха или считает ложью истину, которая явилась к нему? Разве не в Геенне будет обитель неверующих?
সেই ব্যক্তিতকৈ ডাঙৰ অন্যায়কাৰী আন কোনো হ’ব নোৱাৰে, যিয়ে আল্লাহৰ বিষয়ে মিছা কথা ৰচনা কৰি তথা তেওঁৰ অংশীদাৰ স্থাপন কৰি প্ৰচাৰ কৰে। অথবা ৰাছুলে যি লৈ আহিছে সেই সত্যক অস্বীকাৰ কৰে। ইয়াত কোনো সন্দেহ নাই যে, কাফিৰসকল আৰু ইয়াৰ সমপৰ্যায়ৰ লোকসকলৰ বাবে জাহান্নামত হ’ব সিহঁতৰ বাসস্থান।
29:69Страница 404
وَٱلَّذِينَ جَٰهَدُواْ فِينَا لَنَهۡدِيَنَّهُمۡ سُبُلَنَاۚ وَإِنَّ ٱللَّهَ لَمَعَ ٱلۡمُحۡسِنِينَ ٦٩
А тех, которые сражаются ради Нас, Мы непременно поведем Нашими путями. Воистину, Аллах - с творящими добро!
যিসকলে আমাৰ সন্তুষ্টি অৰ্জন কৰিবলৈ নিজৰ নফচৰ লগত অধ্যৱসায় কৰে, আমি তেওঁলোকক সঠিক পথৰ তাওফীক প্ৰদান কৰিম। নিশ্চিতভাৱে আল্লাহে নেকপৰায়ণ লোকসকলক সহায়-সহযোগিতা আৰু হিদায়তৰ দ্বাৰা সমৰ্থন কৰে।
Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии