Аль-Мухтасар · Тафсир · на ассамском
Аль-Ахзаб 33:33–62
33:33Страница 422
وَقَرۡنَ فِي بُيُوتِكُنَّ وَلَا تَبَرَّجۡنَ تَبَرُّجَ ٱلۡجَٰهِلِيَّةِ ٱلۡأُولَىٰۖ وَأَقِمۡنَ ٱلصَّلَوٰةَ وَءَاتِينَ ٱلزَّكَوٰةَ وَأَطِعۡنَ ٱللَّهَ وَرَسُولَهُۥٓۚ إِنَّمَا يُرِيدُ ٱللَّهُ لِيُذۡهِبَ عَنكُمُ ٱلرِّجۡسَ أَهۡلَ ٱلۡبَيۡتِ وَيُطَهِّرَكُمۡ تَطۡهِيرٗا ٣٣
Оставайтесь в своих домах, не наряжайтесь так, как наряжались во времена первого невежества, совершайте намаз, раздавайте закят и повинуйтесь Аллаху и Его Посланнику. О обитатели дома, Аллах желает лишь избавить вас от скверны и очистить вас полностью.
তোমালোকে ঘৰতেই অৱস্থান কৰা, প্ৰয়োজন অবিহনে ঘৰৰ পৰা নোলাবা। লগতে ইছলামপূৰ্ব নাৰীসকলৰ দৰে নিজৰ সৌন্দৰ্য প্ৰদৰ্শন নকৰিবা। কাৰণ সিহঁতে পুৰুষসকলক আকৰ্ষিত কৰিবলৈ নিজৰ সৌন্দৰ্য প্ৰদৰ্শন কৰিছিল। পৰিপূৰ্ণৰূপে চালাত আদায় কৰিবা, ধন-সম্পত্তিৰ যাকাত প্ৰদান কৰিবা, লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰিবা। হে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰীসকল আৰু তেওঁৰ পৰিয়ালবৰ্গ শুনা! আল্লাহে তোমালোকৰ দুখ-কষ্ট দূৰ কৰিব বিচাৰে। লগতে তোমালোকক উত্তম চৰিত্ৰৰ দ্বাৰা সুসজ্জিত কৰিব বিচাৰে আৰু সকলো প্ৰকাৰৰ বেয়া আচৰণৰ পৰা পৰিপূৰ্ণৰূপে পৰিশুদ্ধি কৰিব বিচাৰে। তোমালোকক এনেকৈ পৱিত্ৰ কৰিব বিচাৰে, যাৰ পিছত বেয়া বোলা একোৱেই নাথাকিব।
33:34Страница 422
وَٱذۡكُرۡنَ مَا يُتۡلَىٰ فِي بُيُوتِكُنَّ مِنۡ ءَايَٰتِ ٱللَّهِ وَٱلۡحِكۡمَةِۚ إِنَّ ٱللَّهَ كَانَ لَطِيفًا خَبِيرًا ٣٤
И поминайте то, что читается в ваших домах из аятов Аллаха и мудрости. Воистину, Аллах - Проницательный (или Добрый), Ведающий.
স্মৰণ কৰা ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ হোৱা আয়াতসমূহক, লগতে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৱিত্ৰ ছুন্নতসমূহক। নিশ্চয় আল্লাহে তোমালোকক তেওঁৰ নবীৰ ঘৰত অৱস্থান কৰাৰ সুযোগ প্ৰদান কৰি তোমালোকৰ ওপৰত উপকাৰ কৰিছে। তেওঁ তোমালোকক যেতিয়া নবীৰ স্ত্ৰী হিচাপে নিৰ্বাচিত কৰিছিল, তেতিয়া তেওঁ তোমালোকৰ বিষয়ে ভালকৈয়ে অৱগত আছিল। তথা তেৱেঁই তোমালোকক উম্মতৰ সকলো মুমিনসকলৰ মাতৃ হিচাপে নিৰ্বাচন কৰিছে।
33:35Страница 422
إِنَّ ٱلۡمُسۡلِمِينَ وَٱلۡمُسۡلِمَٰتِ وَٱلۡمُؤۡمِنِينَ وَٱلۡمُؤۡمِنَٰتِ وَٱلۡقَٰنِتِينَ وَٱلۡقَٰنِتَٰتِ وَٱلصَّٰدِقِينَ وَٱلصَّٰدِقَٰتِ وَٱلصَّٰبِرِينَ وَٱلصَّٰبِرَٰتِ وَٱلۡخَٰشِعِينَ وَٱلۡخَٰشِعَٰتِ وَٱلۡمُتَصَدِّقِينَ وَٱلۡمُتَصَدِّقَٰتِ وَٱلصَّٰٓئِمِينَ وَٱلصَّٰٓئِمَٰتِ وَٱلۡحَٰفِظِينَ فُرُوجَهُمۡ وَٱلۡحَٰفِظَٰتِ وَٱلذَّٰكِرِينَ ٱللَّهَ كَثِيرٗا وَٱلذَّٰكِرَٰتِ أَعَدَّ ٱللَّهُ لَهُم مَّغۡفِرَةٗ وَأَجۡرًا عَظِيمٗا ٣٥
Воистину, для мусульман и мусульманок, верующих мужчин и верующих женщин, покорных мужчин и покорных женщин, правдивых мужчин и правдивых женщин, терпеливых мужчин и терпеливых женщин, смиренных мужчин и смиренных женщин, подающих милостыню мужчин и подающих милостыню женщин, постящихся мужчин и постящихся женщин, хранящих целомудрие мужчин и хранящих целомудрие женщин и часто поминающих Аллаха мужчин и женщин, Аллах уготовил прощение и великую награду.
নিশ্চয় আল্লাহৰ ওচৰত নত স্বীকাৰ কৰা পুৰুষসকল আৰু নত স্বীকাৰকাৰিণী নাৰীসকল; আল্লাহৰ বাবে দান কৰা পুৰুষসকল আৰু দানশীলা নাৰীসকল; আল্লাহৰ আনুগত্য কৰা পুৰুষসকল আৰু আনুগত্য কৰা নাৰীসকল; কথা আৰু ঈমানত সত্যবাদী পুৰুষসকল আৰু সত্যবাদী নাৰীসকল; বিপদ-আপদ আৰু গুনাহৰ পৰা আল্লাহৰ আনুগত্যত ধৈৰ্য্য ধাৰণ কৰা পুৰুষসকল আৰু ধৈৰ্য্যধাৰিণী নাৰীসকল; নিজৰ সম্পদৰ দ্বাৰা ফৰজ তথা নফল চাদাকাহ-খয়ৰাত কৰা পুৰুষসকল আৰু নাৰীসকল; ফৰজ তথা নফল ৰোজা পালন কৰা পুৰুষসকল আৰু নাৰীসকল; নিজৰ লজ্জাস্থান সুৰক্ষিত ৰখা পুৰুষসকল আৰু নাৰীসকল, যিসকলে নিজৰ লজ্জাস্থান এনে লোকৰ সন্মুখত উন্মুক্ত নকৰে যিসকলৰ বাবে জায়েজ নহয়। লগতে তেওঁলোকে ব্যভিচাৰ আদিৰ দৰে অশ্লীলতাৰ পৰা আৰু ইয়াৰ মাধ্যমসমূহৰ পৰা দূৰত্ব অৱলম্বন কৰে। প্ৰকাশ্য আৰু অপ্ৰকাশ্যভাৱে আল্লাহক অধিক স্মৰণ কৰা পুৰুষ আৰু নাৰীসকল, এই সকলোৰে বাবে আল্লাহে প্ৰস্তুত কৰি ৰাখিছে তেওঁলোকৰ গুনাহৰ মাগফিৰাত। আৰু কিয়ামতৰ দিনা তেওঁলোকৰ বাবে প্ৰস্তুত থাকিব মহাপ্ৰতিদান অৰ্থাৎ জান্নাত।
33:36Страница 423
وَمَا كَانَ لِمُؤۡمِنٖ وَلَا مُؤۡمِنَةٍ إِذَا قَضَى ٱللَّهُ وَرَسُولُهُۥٓ أَمۡرًا أَن يَكُونَ لَهُمُ ٱلۡخِيَرَةُ مِنۡ أَمۡرِهِمۡۗ وَمَن يَعۡصِ ٱللَّهَ وَرَسُولَهُۥ فَقَدۡ ضَلَّ ضَلَٰلٗا مُّبِينٗا ٣٦
Для верующего мужчины и верующей женщины нет выбора при принятии ими решения, если Аллах и Его Посланник уже приняли решение. А кто ослушается Аллаха и Его Посланника, тот впал в очевидное заблуждение.
আল্লাহ আৰু তেওঁৰ ৰাছুলে যদি কোনো বিষয়ত ফয়চালা দিয়ে তেন্তে সেই ক্ষেত্ৰত কোনো মুমিন পুৰুষ আৰু কোনো মুমিনা নাৰীৰ বাবে সেই ফয়চালা স্বীকাৰ কৰাৰ বা প্ৰত্যাখ্যান কৰাৰ কোনো বিকল্প নাথাকে। যিয়েই আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অবাধ্যতা কৰিব, সি নিশ্চিতভাৱে সঠিক পথৰ পৰা স্পষ্টৰূপে বিভ্ৰান্ত হ’ব।
33:37Страница 423
وَإِذۡ تَقُولُ لِلَّذِيٓ أَنۡعَمَ ٱللَّهُ عَلَيۡهِ وَأَنۡعَمۡتَ عَلَيۡهِ أَمۡسِكۡ عَلَيۡكَ زَوۡجَكَ وَٱتَّقِ ٱللَّهَ وَتُخۡفِي فِي نَفۡسِكَ مَا ٱللَّهُ مُبۡدِيهِ وَتَخۡشَى ٱلنَّاسَ وَٱللَّهُ أَحَقُّ أَن تَخۡشَىٰهُۖ فَلَمَّا قَضَىٰ زَيۡدٞ مِّنۡهَا وَطَرٗا زَوَّجۡنَٰكَهَا لِكَيۡ لَا يَكُونَ عَلَى ٱلۡمُؤۡمِنِينَ حَرَجٞ فِيٓ أَزۡوَٰجِ أَدۡعِيَآئِهِمۡ إِذَا قَضَوۡاْ مِنۡهُنَّ وَطَرٗاۚ وَكَانَ أَمۡرُ ٱللَّهِ مَفۡعُولٗا ٣٧
Вот ты сказал тому, кому Аллах оказал милость и кому ты сам оказал милость (Зейду, сыну Харисы): «Удержи свою жену при себе и побойся Аллаха». Ты скрыл в своей душе то, что Аллах сделает явным, и ты опасался людей, хотя Аллах больше заслуживает того, чтобы ты опасался Его. Когда же Зейд удовлетворил с ней свое желание (вступил с ней в половую близость или развелся с ней), Мы женили тебя на ней, чтобы верующие не испытывали никакого стеснения в отношении жен своих приемных сыновей после того, как те удовлетворят с ними свое желание. Веление Аллаха обязательно исполняется!
হে ৰাছুল! যেতিয়া আপুনি তাক কৈছিল, যাক আল্লাহে ইছলাম গ্ৰহণ কৰাৰ সুযোগ প্ৰদান কৰি উপকাৰ কৰিছে, আনকি যাক দাসত্বৰ জীৱনৰ পৰা স্বাধীনতা প্ৰদান কৰি আপুনিও কৃপা কৰিছে, তেওঁ হৈছে যায়েদ বিন হাৰিছা ৰাদ্বিয়াল্লাহু আনহু। যেতিয়া তেওঁ নিজৰ পত্নী জয়নব বিনতে জাহাশ্ব ৰাদ্বিয়াল্লাহু আনহাক তালাক দিয়াৰ ক্ষেত্ৰত পৰামৰ্শ কৰিবলৈ আপোনাৰ ওচৰলৈ আহিছিল, আৰু আপুনি তেওঁক পৰামৰ্শ প্ৰদান কৰি কৈছিলঃ “তুমি তোমাৰ স্ত্ৰীক তালাক নিদিবা, বৰং তাইৰ সৈতে সুসম্পৰ্ক বজায় ৰখা। লগতে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা”। হে ৰাছুল! ইপিনে আপুনি আপোনাৰ অন্তৰত মানুহৰ ভয়ত আল্লাহৰ সেই অহী গোপন কৰি ৰাখিছিল, যিটো জয়নবৰ সৈতে আপোনাৰ বিবাহ সম্পৰ্কীয় অহী আল্লাহে আপোনাৰ ওচৰলৈ অৱতীৰ্ণ কৰিছিল। আনহাতে আল্লাহে শীঘ্ৰেই যায়েদৰ তালাক আৰু আপোনাৰ বিবাহ সম্পৰ্কীয় বিষয়টো প্ৰকাশ কৰাৰ প্ৰস্তুতি লৈছিল। কাৰণ এইক্ষেত্ৰত আপোনাৰ পক্ষে মানুহক ভয় নকৰি আল্লাহক ভয় কৰাটো অধিক উচিত আছিল। এতেকে যায়েদে যেতিয়া নিজৰ সন্তুষ্টচিত্তে জয়নবৰ পৰা পৃথক হোৱাৰ মনস্থ কৰিলে তথা জয়নবক তালাক প্ৰদান কৰিলে, তেতিয়া আমি জয়নবৰ বিবাহ আপোনাৰ সৈতে পাতিলোঁ। যাতে তুলনীয়া পুত্ৰৰ তালাকপ্ৰাপ্তা তথা ইদ্দত পাৰ কৰা স্ত্ৰীক বিবাহ কৰাৰ ক্ষেত্ৰত মুমিনসকলে সংকোচবোধ নকৰে। নিশ্চিতভাৱে আল্লাহৰ আদেশ কাৰ্যকৰী হোৱাটোৱে নিশ্চিত। তেওঁক কোনেও বাধা প্ৰদান কৰিব নোৱাৰে আৰু কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে।
33:38Страница 423
مَّا كَانَ عَلَى ٱلنَّبِيِّ مِنۡ حَرَجٖ فِيمَا فَرَضَ ٱللَّهُ لَهُۥۖ سُنَّةَ ٱللَّهِ فِي ٱلَّذِينَ خَلَوۡاْ مِن قَبۡلُۚ وَكَانَ أَمۡرُ ٱللَّهِ قَدَرٗا مَّقۡدُورًا ٣٨
На Пророке нет греха в том, что предписал для него Аллах. Таково было установление Аллаха для тех, которые жили прежде. Веление Аллаха является решением предопределенным.
আল্লাহে বৈধ কৰা যিকোনো বিষয় নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অৱলম্বন কৰাটো তেওঁৰ পক্ষে গুনাহ তথা সংকীৰ্ণতাৰ বিষয় নহয়। উদাহৰণস্বৰূপে তুলনীয়া পুত্ৰৰ তালাকপ্ৰাপ্তা স্ত্ৰীক বিবাহ কৰা। এই ক্ষেত্ৰত তেওঁ পূৰ্বৱৰ্তী নবীসকলৰ নিয়ম পালন কৰিছে। এই বিষয়ত তেওঁ কোনো নতুন ৰাছুল নহয়। আল্লাহে যি বিষয়ে সিদ্ধান্ত লয়, সেইটো নিশ্চিতভাৱে কাৰ্যকৰী হয়, সেইটোক কোনেও বাধা দিব নোৱাৰে, যিদৰে তেওঁ এই বিবাহ সম্পন্ন কৰিছে আৰু তুলনীয়া সন্তানৰ পৰম্পৰা নিঃশেষ কৰিছে, এই ক্ষেত্ৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কোনো সিদ্ধান্ত লোৱাৰ অধিকাৰ নাই তথা তেওঁৰ বাবে কোনো বিকল্প নাই।
33:39Страница 423
ٱلَّذِينَ يُبَلِّغُونَ رِسَٰلَٰتِ ٱللَّهِ وَيَخۡشَوۡنَهُۥ وَلَا يَخۡشَوۡنَ أَحَدًا إِلَّا ٱللَّهَۗ وَكَفَىٰ بِٱللَّهِ حَسِيبٗا ٣٩
Они передали послания Аллаха и боялись Его и не боялись никого, кроме Аллаха. Довольно того, что Аллах ведет счет.
সেই নবীসকলে আল্লাহে অৱতীৰ্ণ কৰা বাৰ্তাসমূহক তেওঁলোকৰ উম্মতৰ ওচৰত পৌঁচাই দিছিল। আৰু আল্লাহৰ বাহিৰে আন কাকো ভয় কৰা নাছিল। আল্লাহে হালাল কৰা বিষয় এটা পালন কৰিবলৈ কেতিয়াও মানুহৰ টীকা-টিপ্পনীক ভ্ৰূক্ষেপ কৰা নাছিল। বান্দাসকলৰ কৰ্মৰ সংৰক্ষক হিচাপে আল্লাহেই যথেষ্ট। যাতে সিহঁতৰ হিচাপ গ্ৰহণ কৰিব পাৰে, আৰু সিহঁতক প্ৰতিদান দিব পাৰে। ভাল কাম কৰিলে ভাল ফলাফল লাভ কৰিব, আৰু বেয়া কাম কৰিলে বেয়া ফলাফল পাব।
33:40Страница 423
مَّا كَانَ مُحَمَّدٌ أَبَآ أَحَدٖ مِّن رِّجَالِكُمۡ وَلَٰكِن رَّسُولَ ٱللَّهِ وَخَاتَمَ ٱلنَّبِيِّـۧنَۗ وَكَانَ ٱللَّهُ بِكُلِّ شَيۡءٍ عَلِيمٗا ٤٠
Мухаммад - не отец кого-либо из ваших мужей, а Посланник Аллаха и печать пророков (или последний из пророков). Аллах знает о всякой вещи.
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম তোমালোকৰ মাজৰ কোনো পুৰুষৰেই পিতা নহয়। তেখেত যায়েদৰো পিতা নহয় যে, তেখেত যায়েদৰ তালাক দিয়া স্ত্ৰীক বিবাহ কৰিব নোৱাৰিব। কিন্তু তেওঁ হৈছে মানুহৰ প্ৰতি প্ৰেৰিত ৰাছুল। লগতে তেওঁ হৈছে সৰ্বশেষ নবী, তেওঁৰ পিছত আন কোনো নবী নাই। নিশ্চয় আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ। বান্দাসকলৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়।
33:41Страница 423
يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ ٱذۡكُرُواْ ٱللَّهَ ذِكۡرٗا كَثِيرٗا ٤١
О те, которые уверовали! Поминайте Аллаха многократно
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰীসকল! তোমালোকে আন্তৰিকভাৱে, মৌখিকভাৱে আৰু অংগ-প্ৰত্যংগৰ জৰিয়তে আল্লাহক বেছি বেছি স্মৰণ কৰা।
তথা পুৱা-গধূলি তছবীহ আৰু তাহলীলৰ দ্বাৰা তেওঁৰ পৱিত্ৰতাৰ গুণগান কৰা, কিয়নো এই দুয়োটা সময় অতি গুৰুত্বপূৰ্ণ।
33:43Страница 423
هُوَ ٱلَّذِي يُصَلِّي عَلَيۡكُمۡ وَمَلَٰٓئِكَتُهُۥ لِيُخۡرِجَكُم مِّنَ ٱلظُّلُمَٰتِ إِلَى ٱلنُّورِۚ وَكَانَ بِٱلۡمُؤۡمِنِينَ رَحِيمٗا ٤٣
Он - Тот, Кто благословляет вас, и Его ангелы также благословляют вас, чтобы вывести вас из мраков к свету. Он милосерден к верующим.
তেৱেঁই তোমালোকৰ প্ৰতি দয়া কৰে আৰু তোমালোকৰ প্ৰশংসা কৰে, আৰু ফিৰিস্তাসকলে তোমালোকৰ বাবে দুআ কৰে যাতে তোমালোকক কুফৰৰ অন্ধকাৰৰ পৰা উলিয়াই ঈমানৰ পোহৰলৈ আনিব পাৰে। তেওঁ মুমিনসকলৰ প্ৰতি অতি দয়াৱান। তেওঁলোকে যদি তেওঁৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে তেন্তে তেওঁ কেতিয়াও তেওঁলোকক শাস্তি নিবিহিব।
33:44Страница 424
تَحِيَّتُهُمۡ يَوۡمَ يَلۡقَوۡنَهُۥ سَلَٰمٞۚ وَأَعَدَّ لَهُمۡ أَجۡرٗا كَرِيمٗا ٤٤
В тот день, когда они встретят Его, их приветствием будет слово: «Мир!». Он уготовил для них щедрую награду.
মুমিনসকলে যিদিনা নিজ প্ৰতিপালকক সাক্ষাৎ কৰিব, সেইদিনা তেওঁলোকক ছালামৰ দ্বাৰা অভিবাদ জনোৱা হ'ব। লগতে সকলো প্ৰকাৰ অনিষ্টৰ পৰা তেওঁলোক নিৰাপদ থাকিব। আল্লাহে তেওঁলোকৰ বাবে সন্মানজনক প্ৰতিদান (অৰ্থাৎ জান্নাত) প্ৰস্তুত কৰি ৰাখিছে। এইটো হৈছে আনুগত্য আৰু পাপকৰ্মৰ পৰা বিৰত থকাৰ প্ৰতিদান।
33:45Страница 424
يَٰٓأَيُّهَا ٱلنَّبِيُّ إِنَّآ أَرۡسَلۡنَٰكَ شَٰهِدٗا وَمُبَشِّرٗا وَنَذِيرٗا ٤٥
О Пророк! Мы отправили тебя свидетелем, добрым вестником и предостерегающим увещевателем,
নিশ্চয় আমি আপোনাক মানুহৰ প্ৰতি সাক্ষী হিচাপে প্ৰেৰণ কৰিছোঁ, যাতে আপুনি এই কথাৰ সাক্ষ্য দিব পাৰে যে, আপোনাক যি বাৰ্তাসহ প্ৰেৰণ কৰা হৈছিল, আপুনি সেইটো হুবহু পৌঁচাই দিছে। তথা মুমিনসকলক সেই জান্নাতৰ সুসংবাদ দিবলৈ প্ৰেৰণ কৰিছোঁ, যিখন আল্লাহে তেওঁলোকৰ বাবে প্ৰস্তুত কৰি ৰাখিছে। লগতে আপোনাক প্ৰেৰণ কৰিছোঁ কাফিৰসকলক সেই শাস্তিৰ পৰা সতৰ্ক কৰিবলৈ, যিটো আল্লাহে সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰাখিছে।
33:46Страница 424
وَدَاعِيًا إِلَى ٱللَّهِ بِإِذۡنِهِۦ وَسِرَاجٗا مُّنِيرٗا ٤٦
призывающим к Аллаху с Его дозволения, и освещающим светочем.
তথা আমি আপোনাক প্ৰেৰণ কৰিছোঁ, আল্লাহৰ তাওহীদৰ প্ৰতি আহ্বান কৰিবলৈ আৰু তেওঁৰ আনুগত্যৰ প্ৰতি নিমন্ত্ৰণ জনাবলৈ, যিটো আপুনি তেওঁৰ আদেশতেই কৰিব। তথা আমি আপোনাক আলোকোজ্জ্বল প্ৰদীপ হিচাপে প্ৰেৰণ কৰিছোঁ, যাৰ পৰা হিদায়ত বিচৰা প্ৰত্যেক ব্যক্তিয়েই পোহৰ সংগ্ৰহ কৰিব পাৰিব।
33:47Страница 424
وَبَشِّرِ ٱلۡمُؤۡمِنِينَ بِأَنَّ لَهُم مِّنَ ٱللَّهِ فَضۡلٗا كَبِيرٗا ٤٧
Сообщи же верующим благую весть о том, что для них у Аллаха есть великая милость.
তথা মুমিনসকলৰ মাজৰ যিসকলে আল্লাহৰ চৰীয়ত মতে আমল কৰিব তেওঁলোকক আনন্দদায়ক সুসংবাদ দিয়ক যে, আল্লাহৰ ওচৰত তেওঁলোকৰ বাবে আছে মহাপ্ৰতিদান। পৃথিৱীত পাবলগীয়া সহায় আৰু আখিৰাতৰ সফলতা অৰ্থাৎ জান্নাত, এই প্ৰতিদানৰেই অন্তৰ্ভুক্ত।
33:48Страница 424
وَلَا تُطِعِ ٱلۡكَٰفِرِينَ وَٱلۡمُنَٰفِقِينَ وَدَعۡ أَذَىٰهُمۡ وَتَوَكَّلۡ عَلَى ٱللَّهِۚ وَكَفَىٰ بِٱللَّهِ وَكِيلٗا ٤٨
Не подчиняйся неверующим и лицемерам, оставь причиняемые ими страдания и уповай на Аллаха. Довольно того, что Аллах является Попечителем и Хранителем!
আপুনি কাফিৰ আৰু মুনাফিকসকলৰ কথা মতে নচলিব, সিহঁতে আল্লাহৰ দ্বীন প্ৰচাৰ কৰাত বাধা দিয়ে। গতিকে আপুনি সিহঁতৰ পৰা দূৰত্ব বজায় ৰাখক। আপুনি যি লৈ আহিছে তাৰ প্ৰতি সিহঁতৰ ঈমান পোষণ কৰিবলৈ সম্ভৱতঃ এই পদ্ধতিটো অধিক ফলপ্ৰসূ হ'ব। লগতে আপুনি আপোনাৰ সকলো কৰ্মতে আল্লাহৰ প্ৰতি ভৰসা কৰক, উদাহৰণস্বৰূপে আপোনাৰ শত্ৰুক পৰাজিত কৰিবলৈ। কৰ্মবিধায়ক হিচাপে তেৱেঁই যথেষ্ট, যাৰ প্ৰতি বান্দাসকলে পৃথিৱী আৰু আখিৰাতৰ সকলো কৰ্মত ভৰসা কৰে।
33:49Страница 424
يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓاْ إِذَا نَكَحۡتُمُ ٱلۡمُؤۡمِنَٰتِ ثُمَّ طَلَّقۡتُمُوهُنَّ مِن قَبۡلِ أَن تَمَسُّوهُنَّ فَمَا لَكُمۡ عَلَيۡهِنَّ مِنۡ عِدَّةٖ تَعۡتَدُّونَهَاۖ فَمَتِّعُوهُنَّ وَسَرِّحُوهُنَّ سَرَاحٗا جَمِيلٗا ٤٩
О те, которые уверовали! Если вы вступаете в брак с верующими женщинами, а затем объявляете им развод до того, как вы коснулись их, то они не обязаны перед вами выжидать срок. Одарите их и отпустите их красиво.
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰীসকল! যদি তোমালোকে কোনো মুমিনা নাৰীক বিবাহ কৰা আৰু তাইৰ সৈতে সহবাস কৰাৰ পূৰ্বেই যদি তাইক তালাক দিয়া তেন্তে তেনেক্ষেত্ৰত পালন কৰিবলগীয়া তাইৰ বাবে কোনো ইদ্দত নাই। কোনো ইদ্দতেই তাইৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়, হায়েজ হওক অথবা মাহ। যিহেতু তাই সহবাস কৰা নাই, গতিকে তাইৰ গৰ্ভাশয় খালী থকাটোৱে স্বাভাৱিক। এতেকে তোমালোকে নিজৰ সামৰ্থ অনুযায়ী (তালাক দিয়াৰ সময়ত) তাইক কিছু ধন প্ৰদান কৰিবা। ইয়াৰ ফলত তালাকৰ দ্বাৰা হোৱা আন্তৰিক কষ্ট যাতে কিছু পৰিমাণ হ'লেও লাঘৱ হয়। লগতে তাইক কোনো ধৰণৰ কষ্ট নিদিয়াকৈ সদাচৰণৰ সৈতে তাইৰ পথ এৰি দিয়া।
33:50Страница 424
يَٰٓأَيُّهَا ٱلنَّبِيُّ إِنَّآ أَحۡلَلۡنَا لَكَ أَزۡوَٰجَكَ ٱلَّٰتِيٓ ءَاتَيۡتَ أُجُورَهُنَّ وَمَا مَلَكَتۡ يَمِينُكَ مِمَّآ أَفَآءَ ٱللَّهُ عَلَيۡكَ وَبَنَاتِ عَمِّكَ وَبَنَاتِ عَمَّٰتِكَ وَبَنَاتِ خَالِكَ وَبَنَاتِ خَٰلَٰتِكَ ٱلَّٰتِي هَاجَرۡنَ مَعَكَ وَٱمۡرَأَةٗ مُّؤۡمِنَةً إِن وَهَبَتۡ نَفۡسَهَا لِلنَّبِيِّ إِنۡ أَرَادَ ٱلنَّبِيُّ أَن يَسۡتَنكِحَهَا خَالِصَةٗ لَّكَ مِن دُونِ ٱلۡمُؤۡمِنِينَۗ قَدۡ عَلِمۡنَا مَا فَرَضۡنَا عَلَيۡهِمۡ فِيٓ أَزۡوَٰجِهِمۡ وَمَا مَلَكَتۡ أَيۡمَٰنُهُمۡ لِكَيۡلَا يَكُونَ عَلَيۡكَ حَرَجٞۗ وَكَانَ ٱللَّهُ غَفُورٗا رَّحِيمٗا ٥٠
О Пророк! Мы сделали для тебя дозволенными твоих жен, которым ты уплатил их вознаграждение, и невольниц, которыми овладела твоя десница и которыми Аллах одарил тебя, а также дочерей твоих дядей со стороны отца, дочерей твоих теток со стороны отца, дочерей твоих дядей со стороны матери, дочерей твоих теток со стороны матери, которые переселились вместе с тобой, а также любую верующую женщину, которая подарит себя Пророку, если Пророк захочет жениться на ней. Последнее дозволено только тебе, но не другим верующим. Мы знаем, что Мы предписали им относительно их жен и невольниц, которыми овладели их десницы. Тебе сделаны исключения для того, чтобы ты не испытывал никакого стеснения. Аллах - Прощающий, Милосердный.
হে নবী! আমি আপোনাৰ বাবে সেইসকল স্ত্ৰী হালাল কৰিছোঁ, যিসকলৰ মোহৰানা আপুনি প্ৰদান কৰিছে। লগতে আমি আপোনাৰ বাবে হালাল কৰিছোঁ সেইসকল দাসীকো, যিসকলক আল্লাহে আপোনাৰ বাবে যুদ্ধলব্ধ সম্পদ হিচাপে আপোনাৰ অধীনস্থ কৰিছে। লগতে আমি আপোনাৰ বাবে আপোনাৰ খুৰাৰ কন্যাহঁতক বিবাহ কৰিবলৈ হালাল কৰিছোঁ, আপোনাৰ জেঠাই-পেহীৰ কন্যাহঁতক বিবাহ কৰিবলৈ হালাল কৰিছোঁ, মোমায়েৰৰ জীয়েকহঁতক বিবাহ কৰিবলৈ হালাল কৰিছোঁ, আৰু আপোনাৰ জেঠাই-মাহীহঁতৰ জীয়েকহঁতক বিবাহ কৰিবলৈ হালাল কৰিছোঁ, যিসকলে আপোনাৰ সৈতে মক্কাৰ পৰা মদীনালৈ হিজৰত কৰি আহিছে। লগতে সেইসকল নাৰীকো আপোনাৰ বাবে বৈধ কৰিছোঁ, যিসকলে কোনো মোহৰানা নোহোৱাকৈ আপোনাৰ ওচৰত নিজকে সমৰ্পন কৰিব বিচাৰে, গতিকে আপুনি ইচ্ছা কৰিলে তাইহঁতক বিবাহ কৰিব পাৰে। মোহৰানা বিহীন এই দানবিবাহ কেৱল আপোনাৰ বাবেহে বৈধ। আপোনাৰ বাহিৰে উম্মতৰ আন কাৰো বাবে এই বিবাহ বৈধ নহয়। মুমিনসকলৰ বিবাহৰ ক্ষেত্ৰত আমি তেওঁলোকৰ বাবে যি বৈধ কৰিছোঁ, সেয়া আমি ভালদৰেই জানো। সেয়ে তেওঁলোকৰ বাবে চাৰিজন স্ত্ৰীৰ সীমা অতিক্ৰম কৰা বৈধ নহয়। লগতে এই বিষয়টোও আমাৰ জ্ঞাত আছে যে, আমি তেওঁলোকৰ বাবে দাসীসকলৰ বিষয়ে কি কি বৈধ কৰিছোঁ। এইক্ষেত্ৰত তেওঁলোকে যিমানজনীৰ সৈতে ইচ্ছা উপকৃত হ’ব পাৰে, সংখ্যাৰ কোনো প্ৰতিবন্ধকতা নাই। আমি আপোনাক যিবোৰ বিশেষ অধিকাৰ দান কৰিছোঁ, সেইবোৰ আনৰ বাবে বৈধ নহয়। ইয়াৰ কাৰণ হৈছে যাতে আপুনি কোনো অসুবিধা তথা সংকীৰ্ণতাৰ সন্মুখীন নহয়। নিশ্চয় আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি অতি ক্ষমাশীল।
33:51Страница 425
۞ تُرۡجِي مَن تَشَآءُ مِنۡهُنَّ وَتُـٔۡوِيٓ إِلَيۡكَ مَن تَشَآءُۖ وَمَنِ ٱبۡتَغَيۡتَ مِمَّنۡ عَزَلۡتَ فَلَا جُنَاحَ عَلَيۡكَۚ ذَٰلِكَ أَدۡنَىٰٓ أَن تَقَرَّ أَعۡيُنُهُنَّ وَلَا يَحۡزَنَّ وَيَرۡضَيۡنَ بِمَآ ءَاتَيۡتَهُنَّ كُلُّهُنَّۚ وَٱللَّهُ يَعۡلَمُ مَا فِي قُلُوبِكُمۡۚ وَكَانَ ٱللَّهُ عَلِيمًا حَلِيمٗا ٥١
Ты можешь по своему желанию отложить посещение любой из них (жен Пророка), и удержать возле себя ту, которую пожелаешь. Если же ты пожелаешь ту, которую ты прежде отстранил, то это не будет для тебя грехом. Это лучше для того, чтобы глаза каждой из них радовались, чтобы они не печалились и были довольны тем, что ты даруешь им. Аллах знает то, что в ваших сердцах, ибо Аллах - Знающий, Выдержанный.
হে ৰাছুল! আপুনি আপোনাৰ স্ত্ৰীসকলৰ মাজৰ পৰা যাৰ পাল বিলম্ব কৰিব বিচাৰে, বিলম্ব কৰিব পাৰে, আৰু তেওঁৰ সৈতে ৰাতি যাপনৰ পৰা বিৰত থাকিব পাৰে। তেওঁলোকৰ মাজৰ যাক ইচ্ছা তাকেই আপুনি লগত ৰাখিব পাৰে আৰু তেওঁৰ সৈতে ৰাতি অতিবাহিত কৰিব পাৰে। আনহাতে বিলম্বত থকা স্ত্ৰীসকলৰ মাজৰ কাৰোবাক যদি মাতি নিব বিচাৰে তথাপিও আপোনাৰ কোনো অপৰাধ নহয়। এই বিকল্পৰ সুবিধা আৰু প্ৰশস্ততা এইকাৰণে যে, যাতে আপোনাৰ দ্বাৰা আপোনাৰ স্ত্ৰীসকলৰ চকু শীতল হয় আৰু আপুনি তেওঁলোকক যি প্ৰদান কৰিছে সেইখিনিতে যাতে তেওঁলোক আটায়ে সন্তুষ্ট থাকে। কাৰণ তেওঁলোকে ভালকৈয়ে জানে যে, আপুনি কোনো জৰুৰী বিষয় ত্যাগ নকৰে তথা অধিকাৰ আদায়ত কৃপণালী নকৰে। হে পুৰুষসকল! আল্লাহে তোমালোকৰ অন্তৰৰ অৱস্থা সম্পৰ্কে ভালকৈয়ে অৱগত। উদাহৰণস্বৰূপে কোনোবা স্ত্ৰীক এৰি আন কোনোবা স্ত্ৰীৰ প্ৰতি অধিক আকৰ্ষিত হোৱা। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ কৰ্ম সম্পৰ্কে সম্যক অৱগত। তেওঁৰ পৰা একোৱেই গোপন নহয়। তেওঁ অতি সহনশীল, শাস্তি দিয়াত কেতিয়াও খৰধৰ নকৰে, যাতে সিহঁতে তেওঁৰ ওচৰলৈ তাওবা কৰিব পাৰে।
33:52Страница 425
لَّا يَحِلُّ لَكَ ٱلنِّسَآءُ مِنۢ بَعۡدُ وَلَآ أَن تَبَدَّلَ بِهِنَّ مِنۡ أَزۡوَٰجٖ وَلَوۡ أَعۡجَبَكَ حُسۡنُهُنَّ إِلَّا مَا مَلَكَتۡ يَمِينُكَۗ وَكَانَ ٱللَّهُ عَلَىٰ كُلِّ شَيۡءٖ رَّقِيبٗا ٥٢
Отныне тебе не дозволено жениться на других женщинах и заменять их другими женами, даже если их красота поразит тебя, но это не относится к невольницам, которыми овладела твоя десница. Аллах наблюдает за всякой вещью.
এতেকে হে ৰাছুল! আপোনাৰ বিবাহ বন্ধনত থকা স্ত্ৰীসকলৰ বাহিৰে আন কোনো নাৰীক বিবাহ কৰাটো এতিয়াৰ পৰা আপোনাৰ বাবে বৈধ নহয়। লগতে এওঁলোকক তালাক দিয়াও আপোনাৰ বাবে বৈধ নহয়। তথা এওঁলোকৰ মাজৰ কোনোবা এজনীক তালাক দি অন্য কোনো নাৰীক বিবাহ কৰাটোও আপোনাৰ বাবে বৈধ নহয়। যদিও সেই নাৰীৰ সৌন্দৰ্যই আপোনাক মুগ্ধ নকৰক কিয়। পক্ষান্তৰে আপুনি আপোনাৰ অধীনত থকা দাসীসকলৰ দ্বাৰা উপকৃত হ'ব পাৰে, এই ক্ষেত্ৰত সংখ্যাৰ কোনো নিৰ্ধাৰণ নাই। নিশ্চয় আল্লাহ প্ৰত্যেক বস্তুৰ সংৰক্ষক। এই বিধানটোৱে দৰাচলতে উম্মাহাতুল মুমিনীনসকলৰ মৰ্যাদাৰ প্ৰমাণবহন কৰে, কাৰণ তেওঁলোকক তালাক দিয়া আৰু তেওঁলোক নবীৰ বিবাহ বন্ধনত থকালৈকে অন্য কোনো স্ত্ৰীক বিবাহ কৰাটো নবীৰ বাবে নিষিদ্ধ কৰা হৈছে।
33:53Страница 425
يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ لَا تَدۡخُلُواْ بُيُوتَ ٱلنَّبِيِّ إِلَّآ أَن يُؤۡذَنَ لَكُمۡ إِلَىٰ طَعَامٍ غَيۡرَ نَٰظِرِينَ إِنَىٰهُ وَلَٰكِنۡ إِذَا دُعِيتُمۡ فَٱدۡخُلُواْ فَإِذَا طَعِمۡتُمۡ فَٱنتَشِرُواْ وَلَا مُسۡتَـٔۡنِسِينَ لِحَدِيثٍۚ إِنَّ ذَٰلِكُمۡ كَانَ يُؤۡذِي ٱلنَّبِيَّ فَيَسۡتَحۡيِۦ مِنكُمۡۖ وَٱللَّهُ لَا يَسۡتَحۡيِۦ مِنَ ٱلۡحَقِّۚ وَإِذَا سَأَلۡتُمُوهُنَّ مَتَٰعٗا فَسۡـَٔلُوهُنَّ مِن وَرَآءِ حِجَابٖۚ ذَٰلِكُمۡ أَطۡهَرُ لِقُلُوبِكُمۡ وَقُلُوبِهِنَّۚ وَمَا كَانَ لَكُمۡ أَن تُؤۡذُواْ رَسُولَ ٱللَّهِ وَلَآ أَن تَنكِحُوٓاْ أَزۡوَٰجَهُۥ مِنۢ بَعۡدِهِۦٓ أَبَدًاۚ إِنَّ ذَٰلِكُمۡ كَانَ عِندَ ٱللَّهِ عَظِيمًا ٥٣
О те, которые уверовали! Не входите в дома Пророка, если только вас не пригласят на трапезу, но не дожидайтесь ее приготовления (не приходите заранее). Если же вас пригласят, то входите, а когда поедите, то расходитесь и не усаживайтесь для разговоров. Этим вы причиняете неудобство Пророку. Он стыдится вас, но Аллах не стыдится истины. Если вы просите у них (жен Пророка) какую-либо утварь, то просите у них через завесу. Так будет чище для ваших сердец и их сердец. Вам не подобает ни обижать Посланника Аллаха, ни жениться на его женах после его смерти. Воистину, это является великим грехом перед Аллахом.
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰীসকল! তোমালোকে খোৱাৰ নিমন্ত্ৰণ নোপোৱাকৈ নবীৰ ঘৰত প্ৰৱেশ নকৰিবা। (আনহাতে যদি ভোজনৰ বাবে তোমালোকক নিমন্ত্ৰণ কৰা হয় তেন্তে) পানাহাৰ প্ৰস্তুত নোহোৱাৰ আগতে তাতগৈ বহি আলোচনাত লিপ্ত নহ’বা। বৰং যেতিয়া পানাহাৰ প্ৰস্তুত হ’ব আৰু তোমালোকক খোৱাৰ বাবে আহ্বান কৰা হ’ব তেতিয়া প্ৰৱেশ কৰিবা। আৰু খোৱা-বোৱা শেষ হোৱাৰ লগে লগে তোমালোকে তাৰ পৰা প্ৰস্থান কৰিবা। পানাহাৰ কৰাৰ পিছত পৰস্পৰে আলোচনাত লিপ্ত হৈ বহি নাথাকিবা। কাৰণ তোমালোকৰ এই আচৰণত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কষ্ট পায়, কিন্তু তেওঁ তোমালোকক উঠি যোৱাৰ নিৰ্দেশ দিয়াত সংকোচবোধ কৰে। কিন্তু আল্লাহে সত্য কথা উপস্থাপন কৰাত কেতিয়াও সংকোচবোধ নকৰে। সেইকাৰণেই তেওঁ তোমালোকক প্ৰস্থান কৰাৰ আদেশ দিছে, যাতে তোমালোকৰ অৱস্থানে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক মনোকষ্ট নিদিয়ে। লগতে তোমালোকে যেতিয়া নবীৰ স্ত্ৰীসকলৰ পৰা প্ৰয়োজনীয় কোনো বস্তু যেনেঃ কাঁহী, বাটি আদি বিচৰা, তেতিয়া পৰ্দাৰ আঁৰৰ পৰা সেইবোৰ বিচাৰিবা। পৰ্দা নোহোৱাকৈ তেওঁলোকৰ সন্মুখতগৈ সেইবোৰ নিবিচাৰিবা, যাতে তোমালোকৰ দৃষ্টি তেওঁলোকৰ ওপৰত নপৰে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৰ্যাদাৰ খাতিৰত তথা তেওঁৰ স্ত্ৰীসকলৰ সুৰক্ষাৰ্থে এই আদেশ দিয়া হৈছে। আনহাতে পৰ্দাৰ আঁৰৰ পৰা বিচৰাটো তোমালোকৰ অন্তৰ আৰু তেওঁলোকৰ অন্তৰৰ বাবেও অধিক পৱিত্ৰতাৰ বিষয়। যাতে তোমালোকৰ আৰু তেওঁলোকৰ অন্তৰত চয়তানে কোনো কুমন্ত্ৰণা দিব নোৱাৰে, লগতে পাপকৰ্মক যাতে শোভনীয় কৰি উপস্থাপন কৰিব নোৱাৰে। হে মুমিনসকল! পানাহাৰ কৰাৰ পিছত বহি থাকি আলোচনাত লিপ্ত হৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কষ্ট দিয়াটো তোমালোকৰ বাবে উচিত নহয়। আৰু তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ স্ত্ৰীসকলক বিবাহ কৰাটোও তোমালোকৰ বাবে উচিত নহয়। কাৰণ তেওঁলোক হৈছে মুমিনসকলৰ মাতৃ। গতিকে মাক বিবাহ কৰাটো কোনো ব্যক্তিৰ বাবেই বৈধ নহয়। সেয়ে এইধৰণৰ কষ্ট অৰ্থাৎ নবীৰ মৃত্যুৰ পিছত তেওঁৰ স্ত্ৰীসকলক নিকাহ কৰাটো সম্পূৰ্ণৰূপে হাৰাম, তথা আল্লাহৰ দৃষ্টিত এইটো এটা মহাপাপ হিচাপে পৰিগণিত।
33:54Страница 425
إِن تُبۡدُواْ شَيۡـًٔا أَوۡ تُخۡفُوهُ فَإِنَّ ٱللَّهَ كَانَ بِكُلِّ شَيۡءٍ عَلِيمٗا ٥٤
Обнаруживаете вы что-либо или скрываете, Аллах все равно знает о каждой вещи.
তোমালোকে কোনো এটা কৰ্মক প্ৰকাশ কৰা অথবা অন্তৰত গোপনে ৰখা, সেইটো কেতিয়াও আল্লাহৰ পৰা গোপন হ’ব নোৱাৰে। কাৰণ নিশ্চিতভাৱে আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ। তোমালোকৰ কৰ্মই হওক অথবা আন কোনো বিষয়, একোৱেই তেওঁৰ পৰা গোপন নহয়। শীঘ্ৰেই তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব। ভাল হ’লে ভাল প্ৰতিদান আৰু বেয়া হ’লে বেয়া প্ৰতিফল দান কৰিব।
33:55Страница 426
لَّا جُنَاحَ عَلَيۡهِنَّ فِيٓ ءَابَآئِهِنَّ وَلَآ أَبۡنَآئِهِنَّ وَلَآ إِخۡوَٰنِهِنَّ وَلَآ أَبۡنَآءِ إِخۡوَٰنِهِنَّ وَلَآ أَبۡنَآءِ أَخَوَٰتِهِنَّ وَلَا نِسَآئِهِنَّ وَلَا مَا مَلَكَتۡ أَيۡمَٰنُهُنَّۗ وَٱتَّقِينَ ٱللَّهَۚ إِنَّ ٱللَّهَ كَانَ عَلَىٰ كُلِّ شَيۡءٖ شَهِيدًا ٥٥
На них (женах Пророка) не будет греха, если они будут без покрывала перед их отцами, их сыновьями, их братьями, сыновьями их братьев, сыновьями их сестер, своими женщинами и невольниками, которыми овладели их десницы. Бойтесь Аллаха, ведь Аллах - Свидетель всякой вещи.
তেওঁলোকৰ সৈতে যিসকলে পৰ্দা নোহোৱাকৈ তথা মুখামুখিকৈ কথা ক’ব পাৰিব সেইসকল হৈছেঃ তেওঁলোকৰ পিতা, তেওঁলোকৰ সন্তান-সন্ততি, তেওঁলোকৰ ভাতৃসকল, তেওঁলোকৰ ভতীজাসকল, আৰু তেওঁলোকৰ ভাগিনসকল, বংশগত সম্পৰ্কৰ হওক অথবা দুগ্ধপান সম্পৰ্কীয়। লগতে মুমিনা নাৰীসকল আৰু তেওঁলোকৰ দাস-দাসীসকলেও তেওঁলোকৰ সৈতে পৰ্দা নোহোৱাকৈ কথা পাতিব পাৰিব। হে মুমিনা নাৰীসকল! আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। কাৰণ তেওঁ তোমালোকৰ প্ৰত্যেক কথা আৰু কৰ্ম সম্পৰ্কে অৱগত।
33:56Страница 426
إِنَّ ٱللَّهَ وَمَلَٰٓئِكَتَهُۥ يُصَلُّونَ عَلَى ٱلنَّبِيِّۚ يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ صَلُّواْ عَلَيۡهِ وَسَلِّمُواْ تَسۡلِيمًا ٥٦
Воистину, Аллах и Его ангелы благословляют Пророка. О те, которые уверовали! Благословляйте его и приветствуйте миром.
নিশ্চয় আল্লাহে ফিৰিস্তাসকলৰ সন্মুখত ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰশংসা কৰে। আৰু ফিৰিস্তাসকলে তেওঁৰ বাবে দুআ কৰে। গতিকে হে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা আৰু তেওঁ চৰীয়ত মতে আমল কৰা বান্দাসকল! তোমালোকে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি দৰূদ আৰু ছালাম পাঠ কৰা।
33:57Страница 426
إِنَّ ٱلَّذِينَ يُؤۡذُونَ ٱللَّهَ وَرَسُولَهُۥ لَعَنَهُمُ ٱللَّهُ فِي ٱلدُّنۡيَا وَٱلۡأٓخِرَةِ وَأَعَدَّ لَهُمۡ عَذَابٗا مُّهِينٗا ٥٧
Воистину, тех, которые поносят Аллаха и Его Посланника, Аллах проклял в этом мире и в Последней жизни и уготовил им унизительные мучения.
যিসকল লোকে আল্লাহ আৰু তেওঁৰ ৰাছুলক নিজৰ কথা আৰু কৰ্মৰ দ্বাৰা কষ্ট দিয়ে, নিশ্চিতভাৱে আল্লাহে সিহঁতক তেওঁৰ ৰহমতৰ পৰা পৃথিৱী আৰু আখিৰাতত বহু দূৰ আঁতৰাই দিছে। তথা তেওঁৰ ৰাছুলক কষ্ট দিয়াৰ বাবে তেওঁ আখিৰাতত সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰাখিছে লাঞ্ছনাদায়ক শাস্তি।
33:58Страница 426
وَٱلَّذِينَ يُؤۡذُونَ ٱلۡمُؤۡمِنِينَ وَٱلۡمُؤۡمِنَٰتِ بِغَيۡرِ مَا ٱكۡتَسَبُواْ فَقَدِ ٱحۡتَمَلُواْ بُهۡتَٰنٗا وَإِثۡمٗا مُّبِينٗا ٥٨
А те, которые незаслуженно поносят верующих мужчин и верующих женщин, взваливают на себя бремя клеветы и явного греха.
যিসকল লোকে মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলক নিজৰ কথা আৰু কৰ্মৰ দ্বাৰা বিনা অপৰাধত কষ্ট দিয়ে, সিহঁতে প্ৰকৃততে মিছা কথা আৰু প্ৰকাশ্য গুনাহৰ বোজা বহন কৰিছে।
33:59Страница 426
يَٰٓأَيُّهَا ٱلنَّبِيُّ قُل لِّأَزۡوَٰجِكَ وَبَنَاتِكَ وَنِسَآءِ ٱلۡمُؤۡمِنِينَ يُدۡنِينَ عَلَيۡهِنَّ مِن جَلَٰبِيبِهِنَّۚ ذَٰلِكَ أَدۡنَىٰٓ أَن يُعۡرَفۡنَ فَلَا يُؤۡذَيۡنَۗ وَكَانَ ٱللَّهُ غَفُورٗا رَّحِيمٗا ٥٩
О Пророк! Скажи твоим женам, твоим дочерям и женщинам верующих мужчин, чтобы они опускали на себя (или сближали на себе) свои покрывала. Так их будут легче узнавать (отличать от рабынь и блудниц) и не подвергнут оскорблениям. Аллах - Прощающий, Милосердный.
হে নবী! আপুনি আপোনাৰ স্ত্ৰীসকলক, আপোনাৰ জীয়েকহঁতক আৰু মুমিনা নাৰীসকলক কৈ দিয়কঃ তেওঁলোকে যেন নিজৰ ওপৰত চাদৰ এখন টানি লয়। যাতে পৰপুৰুষৰ সন্মুখত তেওঁলোকৰ শৰীৰৰ কোনো অংগ প্ৰকাশ নাপায়। ইয়াৰ ফলত এইটো চিনি পোৱা সহজ হৈ পৰিব যে, তেওঁলোক হৈছে স্বাধীন নাৰী। এতেকে তেওঁলোকক কোনেও অসুবিধা নিদিব, যিদৰে দাসীসকলক অসুবিধা দিয়ে। নিশ্চয় আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল আৰু তেওঁলোকৰ প্ৰতি অতি দয়ালু।
33:60Страница 426
۞ لَّئِن لَّمۡ يَنتَهِ ٱلۡمُنَٰفِقُونَ وَٱلَّذِينَ فِي قُلُوبِهِم مَّرَضٞ وَٱلۡمُرۡجِفُونَ فِي ٱلۡمَدِينَةِ لَنُغۡرِيَنَّكَ بِهِمۡ ثُمَّ لَا يُجَاوِرُونَكَ فِيهَآ إِلَّا قَلِيلٗا ٦٠
Если лицемеры и те, чьи сердца поражены недугом, и те, кто распространяет слухи в Медине, не перестанут, то Мы непременно поможем тебе одолеть их, и тогда они будут соседствовать с тобой здесь совсем недолго,
মুনাফিকসকলে যদি সিহঁতৰ নিফাকৰ পৰা বিৰত নাথাকে, অৰ্থাৎ ইছলাম প্ৰকাশ কৰি অন্তৰত কুফৰী গোপন ৰখা অভ্যাসৰ পৰা যদি বিৰত নাথাকে। তথা যিসকলৰ পাপিষ্ঠ অন্তৰত প্ৰবৃত্তিৰ অশ্লীল চাহিদা লুকাই আছে, লগতে সেইসকল লোক যিসকলে মদীনাত মুমিনসকলক বিভক্ত কৰিবলৈ মিছা খবৰ বিয়পায়, যদি এই লোকসকলে নিজৰ নিজৰ কুকৰ্মৰ পৰা বিৰত নাথাকে তেন্তে হে ৰাছুল! সিহঁতক শাস্তি প্ৰদান কৰিবলৈ আমি আপোনাক নিৰ্দেশ জাৰি কৰিম, আৰু সিহঁতৰ ওপৰত আপোনাক কৰ্তৃত্ব প্ৰদান কৰিম। তেতিয়া সিহঁতে মদীনাত বেছি দিন আপোনাৰ সৈতে তিষ্টিব নোৱাৰিব। যিহেতু সিহঁতে পৃথিৱীত উপদ্ৰৱ সৃষ্টি কৰিছে, সেয়ে সিহঁতক হয়তো ধ্বংস কৰা হ’ব নাইবা মদীনাৰ পৰা বহিষ্কৃত কৰা হ’ব।
33:61Страница 426
مَّلۡعُونِينَۖ أَيۡنَمَا ثُقِفُوٓاْ أُخِذُواْ وَقُتِّلُواْ تَقۡتِيلٗا ٦١
будучи проклятыми. Где бы их ни обнаружили, их будут хватать и безжалостно убивать.
সিহঁত আল্লাহৰ ৰহমতৰ পৰা বিতাৰিত। গতিকে সিহঁতক যি ঠাইতে পোৱা যাব, তাতেই সিহঁতক গ্ৰেপ্তাৰ কৰা হ’ব, তথা সিহঁতৰ নিফাকৰ ফলত আৰু পৃথিৱীত উপদ্ৰৱ সৃষ্টি কৰাৰ অপৰাধত সিহঁতক মৃত্যুদণ্ড দিয়া হ’ব।
33:62Страница 426
سُنَّةَ ٱللَّهِ فِي ٱلَّذِينَ خَلَوۡاْ مِن قَبۡلُۖ وَلَن تَجِدَ لِسُنَّةِ ٱللَّهِ تَبۡدِيلٗا ٦٢
Таково было установление Аллаха для тех, которые жили прежде, и ты не найдешь изменения в установлении Аллаха.
প্ৰকাশ্যভাৱে নিফাক কৰা মুনাফিকসকলৰ ক্ষেত্ৰত এইটোৱে হৈছে আল্লাহৰ ধাৰাবাহিক নিয়ম। আল্লাহৰ এই নিয়ম চিৰপ্ৰতিষ্ঠিত। ইয়াত কেতিয়াও আপুনি কোনো ধৰণৰ পৰিবৰ্তন নাপাব।
Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии