Аль-МухтасарАль‑Ахзаб · 33:1–32

Аль-Мухтасар · Тафсир · на ассамском

الأحزاب

Аль-Ахзаб

Союзники · Мединская · 73 аята

33:1Страница 418

يَٰٓأَيُّهَا ٱلنَّبِيُّ ٱتَّقِ ٱللَّهَ وَلَا تُطِعِ ٱلۡكَٰفِرِينَ وَٱلۡمُنَٰفِقِينَۚ إِنَّ ٱللَّهَ كَانَ عَلِيمًا حَكِيمٗا ١

О Пророк! Бойся Аллаха и не повинуйся неверующим и лицемерам. Воистину, Аллах - Знающий, Мудрый.

হে নবী! আপুনি আৰু আপোনাৰ লগত থকা মুমিনসকলে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱাৰ ওপৰত প্ৰতিষ্ঠিত থাকক। একমাত্ৰ তেওঁকেই ভয় কৰক। কেতিয়াও কাফিৰ আৰু মুনাফিকসকলৰ চাহিদাৰ অনুসৰণ নকৰিব। নিশ্চয় কাফিৰ আৰু মুনাফিকসকলৰ চক্ৰান্ত সম্পৰ্কে আল্লাহ তাআলা সৰ্বজ্ঞ। সৃষ্টি কৰাৰ ক্ষেত্ৰত আৰু পৰিচালনাৰ ক্ষেত্ৰত তেওঁ মহাপ্ৰজ্ঞাৱান।

33:2Страница 418

وَٱتَّبِعۡ مَا يُوحَىٰٓ إِلَيۡكَ مِن رَّبِّكَۚ إِنَّ ٱللَّهَ كَانَ بِمَا تَعۡمَلُونَ خَبِيرٗا ٢

Следуй тому, что внушается тебе в откровении от твоего Господа. Воистину, Аллах ведает о том, что вы совершаете.

সেই অহীৰ অনুসৰণ কৰক, যিটো আপোনাৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে। নিশ্চয় আল্লাহ তোমালোকৰ কৰ্ম সম্পৰ্কে অৱগত। এইবোৰৰ একোৱেই তেওঁৰ পৰা উহ্য নহয়। অচিৰেই তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব।

33:3Страница 418

وَتَوَكَّلۡ عَلَى ٱللَّهِۚ وَكَفَىٰ بِٱللَّهِ وَكِيلٗا ٣

Уповай на Аллаха, и довольно того, что Аллах является Попечителем и Хранителем!

আপোনাৰ সকলো কৰ্মতেই আপুনি আল্লাহৰ ওপৰত ভৰসা কৰক। আল্লাহৰ বান্দাসকলৰ মাজৰ যিসকলে তেওঁৰ ওপৰত ভৰসা কৰে, তেওঁলোকক সুৰক্ষা প্ৰদান কৰিবলৈ আল্লাহেই যথেষ্ট।

33:4Страница 418

مَّا جَعَلَ ٱللَّهُ لِرَجُلٖ مِّن قَلۡبَيۡنِ فِي جَوۡفِهِۦۚ وَمَا جَعَلَ أَزۡوَٰجَكُمُ ٱلَّٰٓـِٔي تُظَٰهِرُونَ مِنۡهُنَّ أُمَّهَٰتِكُمۡۚ وَمَا جَعَلَ أَدۡعِيَآءَكُمۡ أَبۡنَآءَكُمۡۚ ذَٰلِكُمۡ قَوۡلُكُم بِأَفۡوَٰهِكُمۡۖ وَٱللَّهُ يَقُولُ ٱلۡحَقَّ وَهُوَ يَهۡدِي ٱلسَّبِيلَ ٤

Аллах не даровал человеку двух сердец в одном теле. Он не сделал вашими матерями тех ваших жен, которых вы объявляете запретными для себя, и не сделал ваших приемных сыновей вашими сыновьями. Это - всего лишь слова из ваших уст. Аллах же глаголет истину и наставляет на прямой путь.

আল্লাহে মানুহৰ বুকুত দুটা হৃদয় ৰখা নাই, ঠিক সেইদৰেই তেওঁ স্ত্ৰীসকলক মাকৰ দৰে হাৰাম কৰা নাই। এইদৰেই তেওঁ তুলনীয়া সন্তানক গৰ্ভজাত সন্তানৰ মৰ্যাদা দিয়া নাই। কাৰণ জিহাৰ (কোনোবাই নিজৰ পত্নীক মাকৰ লগত অথবা নিজৰ ভগ্নীৰ লগত তুলনা কৰি নিজৰ ওপৰত হাৰাম কৰি লোৱা কাৰ্য্যক জিহাৰ বোলে) আৰু তুলনীয়া সন্তানৰ পৰম্পৰাটো হৈছে অজ্ঞতা যুগৰ, যিটোক ইছলামে নিষিদ্ধ ঘোষণা কৰিছে। জিহাৰ আৰু তুলনীয়া সন্তানৰ বিষয়টো হৈছে তোমালোকৰ মৌখিক আলোচনা। ইয়াৰ কোনো বাস্তৱিকতা নাই। পত্নী কেতিয়াও মা হ’ব নোৱাৰে। তুলনীয়া পুত্ৰও দাবীকৰা ব্যক্তিৰ প্ৰকৃত পুত্ৰ হ’ব নোৱাৰে। পৱিত্ৰ আল্লাহে সত্য কথাই কয়, যাতে তেওঁৰ বান্দাসকলে আমল কৰিব পাৰে। তেওঁ সঠিক পথ দেখুৱায়।

33:5Страница 418

ٱدۡعُوهُمۡ لِأٓبَآئِهِمۡ هُوَ أَقۡسَطُ عِندَ ٱللَّهِۚ فَإِن لَّمۡ تَعۡلَمُوٓاْ ءَابَآءَهُمۡ فَإِخۡوَٰنُكُمۡ فِي ٱلدِّينِ وَمَوَٰلِيكُمۡۚ وَلَيۡسَ عَلَيۡكُمۡ جُنَاحٞ فِيمَآ أَخۡطَأۡتُم بِهِۦ وَلَٰكِن مَّا تَعَمَّدَتۡ قُلُوبُكُمۡۚ وَكَانَ ٱللَّهُ غَفُورٗا رَّحِيمًا ٥

Зовите их (приемных детей) по именам их отцов. Это более справедливо перед Аллахом. Если же вы не знаете их отцов, то они являются вашими братьями по вере и вашими близкими. Не будет на вас греха, если вы совершите ошибку, если только вы не вознамерились совершить такое в сердце. Аллах - Прощающий, Милосердный.

তোমালোকে তোমালোকৰ তুলনীয়া পুত্ৰবোৰক সিহঁতৰ প্ৰকৃত পিতৃৰ সৈতে সংযোগ কৰি আহ্বান কৰা। কাৰণ সিহঁতক সিহঁতৰ প্ৰকৃত পিতাৰ পৰিচয় দিয়াটোৱে হৈছে আল্লাহৰ দৃষ্টিত ন্যায়সংগত। কিন্তু যদি তোমালোকে সিহঁতৰ প্ৰকৃত পিতাৰ বিষয়ে নাজানা তেন্তে জানি থোৱা যে, সিহঁত হৈছে তোমালোকৰ ধৰ্মীয় ভাই, তথা তোমালোকৰ দাসত্বৰ পৰা স্বাধীন হোৱা ব্যক্তি। গতিকে তোমালোকে সিহঁতক “হে মোৰ ভাই” অথবা “হে মোৰ ভতিজা” আদি বুলি মাতিবা। আনহাতে কোনোবাই যদি ভুলতে সিহঁতক লালন পালন কৰা ব্যক্তিৰ লগত সম্পৃক্ত কৰি মাতে তেন্তে কোনো গুনাহ নহ’ব। কিন্তু যদি কোনোবাই জানি বুজি এনেকৈ মাতে তেন্তে গুনাহগাৰ হ’ব। নিশ্চয় আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰে। লগতে তেওঁলোকৰ প্ৰতি দয়া কৰে, সেইকাৰণেই তেওঁলোকৰ অজানিতে হোৱা ভুল-ত্ৰুটিক এৰা-ধৰা কৰে।

33:6Страница 418

ٱلنَّبِيُّ أَوۡلَىٰ بِٱلۡمُؤۡمِنِينَ مِنۡ أَنفُسِهِمۡۖ وَأَزۡوَٰجُهُۥٓ أُمَّهَٰتُهُمۡۗ وَأُوْلُواْ ٱلۡأَرۡحَامِ بَعۡضُهُمۡ أَوۡلَىٰ بِبَعۡضٖ فِي كِتَٰبِ ٱللَّهِ مِنَ ٱلۡمُؤۡمِنِينَ وَٱلۡمُهَٰجِرِينَ إِلَّآ أَن تَفۡعَلُوٓاْ إِلَىٰٓ أَوۡلِيَآئِكُم مَّعۡرُوفٗاۚ كَانَ ذَٰلِكَ فِي ٱلۡكِتَٰبِ مَسۡطُورٗا ٦

Пророк ближе к верующим, чем они сами, а его жены - их матери. В соответствии с предписанием Аллаха, кровные родственники ближе друг к другу, чем верующие и мухаджиры, если только вы не сделаете добро своим друзьям. Так было записано в Писании (Хранимой скрижали).

নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম মুমিনসকলৰ ওচৰত তেওঁলোকৰ নিজতকৈও অধিক ঘনিষ্ঠ, তেওঁ আহ্বান কৰা প্ৰত্যেক ক্ষেত্ৰতেই। যদিও তেওঁলোকৰ অন্তৰ অন্য কোনো বিষয়ৰ প্ৰতি আকৰ্ষিত নহওক কিয়। তেখেতৰ স্ত্ৰীসকল হৈছে মুমিনসকলৰ মাকৰ সমতুল্য। গতিকে তেখেতৰ মৃত্যুৰ পিছত তেখেতৰ স্ত্ৰীসকলক বিবাহ কৰা মুমিনসকলৰ বাবে হাৰাম। আনহাতে আল্লাহৰ বিধান অনুযায়ী মীৰাছৰ ক্ষেত্ৰত মুমিনসকল আৰু মুহাজিৰসকলতকৈ নিকটাত্মীয়সকল অধিক উপযুক্ত। যদিও ইছলামৰ প্ৰাৰম্ভিক অৱস্থাত তেওঁলোকে ইজনে সিজনৰ উত্তৰাধিকাৰী হৈছিল। কিন্তু পৰবৰ্তী সময়ত এই বিধানটো ৰহিত হৈছে। হে মুমিনসকল! যদি তোমালোকে উত্তৰাধিকাৰীসকলৰ বাহিৰেও কিছুমান লোকক কিছু পৰিমাণ সম্পদ প্ৰদানৰ অচিয়ত কৰা তথা সিহঁতৰ উপকাৰ কৰিব বিচৰা, তেন্তে তোমালোকে এইটো কৰিব পাৰা। এই আদেশ লওহে মাহফুজত লিপিবদ্ধ আছে। গতিকে ইয়াৰ প্ৰতি আমল কৰা জৰুৰী।

33:7Страница 419

وَإِذۡ أَخَذۡنَا مِنَ ٱلنَّبِيِّـۧنَ مِيثَٰقَهُمۡ وَمِنكَ وَمِن نُّوحٖ وَإِبۡرَٰهِيمَ وَمُوسَىٰ وَعِيسَى ٱبۡنِ مَرۡيَمَۖ وَأَخَذۡنَا مِنۡهُم مِّيثَٰقًا غَلِيظٗا ٧

Вот Мы заключили завет с пророками, с тобой, Нухом (Ноем), Ибрахимом (Авраамом), Мусой (Моисеем) и Исой (Иисусом), сыном Марьям (Марии). Мы заключили с ними суровый завет,

হে ৰাছুল! আপুনি সেই সময়ছোৱাক স্মৰণ কৰক, যেতিয়া আমি নবীসকলৰ পৰা অঙ্গীকাৰ লৈছিলোঁ যে, তেওঁলোকে যেন একমাত্ৰ আল্লাহৰ ইবাদত কৰে, আৰু তেওঁৰ ইবাদতত আন কাকো অংশী স্থাপন নকৰে। লগতে তেওঁলোকে যেন সেই বাৰ্তা সূচাৰুৰূপে প্ৰচাৰ কৰে, যিটো তেওঁলোকৰ প্ৰতি অহী কৰা হৈছে। এই প্ৰতিশ্ৰুতি লৈছিলোঁ বিশেষকৈ আপোনাৰ পৰা, নূহৰ পৰা, ইব্ৰাহীম, মুছা আৰু ঈছা ইবনে মৰিয়মৰ পৰা। আল্লাহৰ বাৰ্তা প্ৰচাৰ কৰিবলৈ আমি তেওঁলোকক যি দায়িত্ব অৰ্পন কৰিছিলোঁ, সেইটো পৰিপূৰ্ণৰূপে আদায় কৰিবলৈ আমি তেওঁলোকৰ পৰা এই দৃঢ় প্ৰতিশ্ৰুতি লৈছিলোঁ।

33:8Страница 419

لِّيَسۡـَٔلَ ٱلصَّٰدِقِينَ عَن صِدۡقِهِمۡۚ وَأَعَدَّ لِلۡكَٰفِرِينَ عَذَابًا أَلِيمٗا ٨

чтобы Он спросил правдивых об их правдивости. Он приготовил неверующим мучительные страдания.

আল্লাহে নবীসকলৰ পৰা এই দৃঢ় অঙ্গীকাৰ লোৱাৰ কাৰণ হৈছে, যাতে তেওঁ কাফিৰসকলক অপমান কৰিবলৈ সত্যবাদী নবীসকলক তেওঁলোকৰ সত্যতা সম্পৰ্কে প্ৰশ্ন কৰিব পাৰে। আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰা লোকসকলৰ বাবে আল্লাহে কিয়ামতৰ দিনা প্ৰস্তুত কৰি ৰাখিছে কষ্টদায়ক শাস্তি, অৰ্থাৎ জাহান্নামৰ অগ্নি।

33:9Страница 419

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ ٱذۡكُرُواْ نِعۡمَةَ ٱللَّهِ عَلَيۡكُمۡ إِذۡ جَآءَتۡكُمۡ جُنُودٞ فَأَرۡسَلۡنَا عَلَيۡهِمۡ رِيحٗا وَجُنُودٗا لَّمۡ تَرَوۡهَاۚ وَكَانَ ٱللَّهُ بِمَا تَعۡمَلُونَ بَصِيرًا ٩

О те, которые уверовали! Помните милость Аллаха, которая была оказана вам, когда воины выступили против вас. Мы наслали на них ветер и воинов, которых вы не видели. Аллах видит то, что вы совершаете.

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰীসকল! আল্লাহে তোমালোকক প্ৰদান কৰা সেই নিয়ামতসমূহক স্মৰণ কৰা, যেতিয়া কাফিৰসকলৰ সেনাবাহিনীয়ে তোমালোকৰ লগত যুদ্ধ কৰিবলৈ দলে দলে মদীনাৰ পিনে ধাৱমান হৈছিল, লগতে মুনাফিকীন আৰু ইয়াহুদীসকলেও সিহঁতক সহায় কৰিছিল। ফলত আমি সিহঁতৰ ওপৰত প্ৰেৰণ কৰিছিলোঁ বতাহ, অৰ্থাৎ পূৱ ফালৰ পৰা বলা বতাহ, যিটোৰ দ্বাৰা নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সহায় কৰা হৈছিল, লগতে প্ৰেৰণ কৰিছিলোঁ ফিৰিস্তাসকলৰ এনেকুৱা সেনাবাহিনী যিবোৰক তোমালোকে দেখা নাছিলা। অৱশেষত কাফিৰসকল পলায়ন কৰিবলৈ বাধ্য হৈছিল। সিহঁতে একো কৰিব পৰা নাছিল। তোমালোকে যি কৰিছিলা নিশ্চয় আল্লাহে সেয়া চাই আছিল। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নাছিল। অচিৰেই তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব।

33:10Страница 419

إِذۡ جَآءُوكُم مِّن فَوۡقِكُمۡ وَمِنۡ أَسۡفَلَ مِنكُمۡ وَإِذۡ زَاغَتِ ٱلۡأَبۡصَٰرُ وَبَلَغَتِ ٱلۡقُلُوبُ ٱلۡحَنَاجِرَ وَتَظُنُّونَ بِٱللَّهِ ٱلظُّنُونَا۠ ١٠

Вот они напали на вас сверху и снизу, и тогда взоры замерли, сердца достигли горла, и вы стали делать предположения об Аллахе.

এইটো তেতিয়া সংঘটিত হৈছিল, যেতিয়া কাফিৰসকলে উপত্যকাৰ ওপৰিভাগৰ পৰা আৰু নিম্নভাগৰ পৰা অৰ্থাৎ পূৱ আৰু পশ্চিমৰ পৰা আক্ৰমণ কৰিবলৈ আহিছিল। তেতিয়া সকলো বস্তুক এৰি শত্ৰুক দেখা পাই তোমালোকৰ চকু থৰ লাগিছিল। লগতে ভয়তে তোমালোকৰ প্ৰাণ কণ্ঠাগত হৈছিল। আৰু তোমালোক আল্লাহ সম্পৰ্কে নানাধৰণৰ ধাৰণা পোষণ কৰিছিলা। কেতিয়াবা সহায় পাবা বুলি ধাৰণা কৰিছিলা, আকৌ কেতিয়াবা নিৰাশ হৈ পৰিছিলা।

33:11Страница 419

هُنَالِكَ ٱبۡتُلِيَ ٱلۡمُؤۡمِنُونَ وَزُلۡزِلُواْ زِلۡزَالٗا شَدِيدٗا ١١

Там верующие подверглись испытанию и сильному потрясению.

সেই সময়ছোৱাত অৰ্থাৎ খন্দকৰ যুদ্ধৰ সময়ত মুমিনসকলৰ কঠিন পৰীক্ষা লোৱা হৈছিল। কাৰণ তেতিয়া সকলো শত্ৰু মিলি একেলগে আক্ৰমণ কৰিবলৈ আহিছিল। আৰু তেওঁলোক সেই কঠিন সন্ধিক্ষণত ভীত-সন্ত্ৰস্ত হৈ পৰিছিল। এই পৰীক্ষাৰ দ্বাৰা স্পষ্ট হৈ পৰিছিল যে, মুমিন কোন আৰু মুনাফিক কোন।

33:12Страница 419

وَإِذۡ يَقُولُ ٱلۡمُنَٰفِقُونَ وَٱلَّذِينَ فِي قُلُوبِهِم مَّرَضٞ مَّا وَعَدَنَا ٱللَّهُ وَرَسُولُهُۥٓ إِلَّا غُرُورٗا ١٢

Вот сказали лицемеры и те, чьи сердца поражены недугом: «Обещания Аллаха и Его Посланника были всего лишь обольщением».

সেইদিনা মুনাফিকসকলে আৰু দুৰ্বল ঈমানৰ অধিকাৰী লোকসকলে সন্দেহ পোষণ কৰি কৈছিলঃ আল্লাহ আৰু তেওঁৰ ৰাছুলে আমাৰ শত্ৰুৰ বিৰুদ্ধে আমাক সহায় কৰাৰ যি প্ৰতিশ্ৰুতি দিছিল, আৰু পৃথিৱীত আমাক প্ৰতিষ্ঠিত কৰাৰ যি আশ্বাস দিছিল, সেইবোৰ আছিল মিছা তথা ভিত্তিহীন।

33:13Страница 419

وَإِذۡ قَالَت طَّآئِفَةٞ مِّنۡهُمۡ يَٰٓأَهۡلَ يَثۡرِبَ لَا مُقَامَ لَكُمۡ فَٱرۡجِعُواْۚ وَيَسۡتَـٔۡذِنُ فَرِيقٞ مِّنۡهُمُ ٱلنَّبِيَّ يَقُولُونَ إِنَّ بُيُوتَنَا عَوۡرَةٞ وَمَا هِيَ بِعَوۡرَةٍۖ إِن يُرِيدُونَ إِلَّا فِرَارٗا ١٣

Вот некоторые из них сказали: «О жители Ясриба (Медины), вы не сможете выстоять! Вернитесь!». А некоторые из них попросили разрешения у Пророка и сказали: «Наши дома остались беззащитны». Они не были беззащитны - они лишь хотели сбежать.

হে ৰাছুল! স্মৰণ কৰক সেই সময়ছোৱাক, যেতিয়া মুনাফিকসকলৰ এটা দলে মদীনাবাসীক উদ্দেশ্যি কৈছিলঃ হে ইয়াছৰীবৰ অধিবাসীসকল (ইছলামৰ পূৰ্বে মদীনাৰ বাবে এইটো নাম প্ৰসিদ্ধ আছিল)! খন্দকৰ ওচৰত ছালাআ পৰ্বতৰ তলদেশত তোমালোকৰ কোনো স্থান নাই, গতিকে তোমালোকে নিজ নিজ ঘৰলৈ উভতি যোৱা। সিহঁতৰ মাজৰ এটা দলে ঘৰলৈ উভতি যোৱাৰ অনুমতি বিচাৰি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আবেদন কৰিছিল। সিহঁতে দাবী কৰিছিল যে, সিহঁতৰ ঘৰ শত্ৰুসকলৰ বাবে উন্মুক্ত হৈ আছে। যদিও পৰিস্থিতি তেনেকুৱা নাছিল, যিদৰে সিহঁতে দাবী কৰিছে। দৰাচলতে সিহঁতে মিছা অজুহাত দেখুৱাই শত্ৰুৰ পৰা পলায়ন কৰিব বিচাৰিছিল।

33:14Страница 419

وَلَوۡ دُخِلَتۡ عَلَيۡهِم مِّنۡ أَقۡطَارِهَا ثُمَّ سُئِلُواْ ٱلۡفِتۡنَةَ لَأٓتَوۡهَا وَمَا تَلَبَّثُواْ بِهَآ إِلَّا يَسِيرٗا ١٤

Если бы они (союзники) вторглись в него со всех сторон и потребовали бы от них искушения (отказаться от веры), то они пошли бы на это и не стали бы медлить с этим, разве что немного.

শত্ৰুসকলে মদীনাৰ চাৰিওফালৰ পৰা আহি যদি সিহঁতৰ ওপৰত আক্ৰমণ কৰিলেহেঁতেন, তথা সিহঁতক যদি কুফৰ আৰু শ্বিৰ্কলৈ উভতি যোৱাৰ প্ৰস্তাৱ দিলেহেঁতেন তেন্তে সিহঁতে নিশ্চিতভাৱে সিহঁতৰ প্ৰস্তাৱ মানি ল’লেহেঁতেন। সিহঁতে ইছলামৰ পৰা ওলাই যোৱাৰ ক্ষেত্ৰত আৰু কুফৰীৰ পিনে উভতি যোৱাৰ ক্ষেত্ৰত অলপো সংকোচবোধ নকৰিলেহেঁতেন।

33:15Страница 419

وَلَقَدۡ كَانُواْ عَٰهَدُواْ ٱللَّهَ مِن قَبۡلُ لَا يُوَلُّونَ ٱلۡأَدۡبَٰرَۚ وَكَانَ عَهۡدُ ٱللَّهِ مَسۡـُٔولٗا ١٥

А ведь прежде они заключили завет с Аллахом о том, что не обратятся вспять. О завете с Аллахом они будут спрошены.

যদিও এই মুনাফিকসকলে উহুদৰ দিনা যুদ্ধৰ পৰা পলায়ন কৰাৰ পিছত আল্লাহৰ লগত অঙ্গীকাৰ কৰিছিল যে, যদি আল্লাহে সিহঁতক আন কোনো যুদ্ধ কৰাৰ তাওফীক প্ৰদান কৰে তেন্তে সিহঁতে শত্ৰুৰ লগত অৱশ্যে যুদ্ধ কৰিব আৰু শত্ৰুক দেখি ভয়তে পলায়ন নকৰিব। কিন্তু সিহঁতে সেই অঙ্গীকাৰ ভংগ কৰিলে। অথচ আল্লাহে বান্দাক নিশ্চয় সেই অঙ্গীকাৰ সম্পৰ্কে জবাবদিহি কৰিব, যিটো সি আল্লাহৰ লগত কৰিছিল। আৰু অচিৰেই এই বিষয়ে হিচাপ-নিকাচ হ'ব।

33:16Страница 420

قُل لَّن يَنفَعَكُمُ ٱلۡفِرَارُ إِن فَرَرۡتُم مِّنَ ٱلۡمَوۡتِ أَوِ ٱلۡقَتۡلِ وَإِذٗا لَّا تُمَتَّعُونَ إِلَّا قَلِيلٗا ١٦

Скажи: «Бегство не принесет вам пользы, если вы пытаетесь сбежать от смерти или гибели. В этом случае вы будете пользоваться благами лишь недолго».

হে ৰাছুল! আপুনি সেই লোকসকলক কৈ দিয়ক যে, যদি তোমালোকে মৃত্যু অথবা হত্যাক ভয় কৰি যুদ্ধৰ পৰা পলায়ন কৰিব বিচাৰিছা, তেন্তে জানি থোৱা! এই পলায়নে তোমালোকক একো উপকাৰ কৰিব নোৱাৰিব। কাৰণ মৃত্যুৰ সময় নিৰ্ধাৰিত আছে। এতেকে যদি তোমালোকে পলায়ন কৰা, ইপিনে তোমালোকৰ মৃত্যুৰ সময়ো যদি নিকটৱৰ্তী নাথাকে, তথাপিও তোমালোকে অতি কম সময়হে পাৰ্থিৱ জীৱন উপভোগ কৰিব পাৰিবা।

33:17Страница 420

قُلۡ مَن ذَا ٱلَّذِي يَعۡصِمُكُم مِّنَ ٱللَّهِ إِنۡ أَرَادَ بِكُمۡ سُوٓءًا أَوۡ أَرَادَ بِكُمۡ رَحۡمَةٗۚ وَلَا يَجِدُونَ لَهُم مِّن دُونِ ٱللَّهِ وَلِيّٗا وَلَا نَصِيرٗا ١٧

Скажи: «Кто защитит вас от Аллаха, если Он пожелает вам зла? А если Он пожелает оказать вам милость?». Они не найдут для себя вместо Аллаха ни покровителя, ни помощника.

হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, যদি আল্লাহে তোমালোকক মৃত্যু দান কৰিব বিচাৰে অথবা হত্যা কৰিব বিচাৰে, যিটোক তোমালোকে অপছন্দ কৰা, নাইবা তেওঁ যদি তোমালোকক নিৰাপত্তা তথা কল্যাণ দান কৰিব বিচাৰে, যিটোক তোমালোকে পছন্দ কৰা তেন্তে কোৱাচোন! তেওঁক বাধা দিব পৰা কোনোবা আছেনে? নিশ্চিতৰূপে তোমালোকক ৰক্ষা কৰিব পৰা কোনো নাই। এই মুনাফিকসকলে আল্লাহৰ বাহিৰে আন কোনো সংৰক্ষক বিচাৰি নাপাব, যিয়ে সিহঁতক সুৰক্ষা প্ৰদান কৰিব পাৰিব। আৰু কোনো সহায়কো বিচাৰি নাপাব, যিয়ে সিহঁতক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব পাৰিব।

33:18Страница 420

۞ قَدۡ يَعۡلَمُ ٱللَّهُ ٱلۡمُعَوِّقِينَ مِنكُمۡ وَٱلۡقَآئِلِينَ لِإِخۡوَٰنِهِمۡ هَلُمَّ إِلَيۡنَاۖ وَلَا يَأۡتُونَ ٱلۡبَأۡسَ إِلَّا قَلِيلًا ١٨

Аллах знает тех из вас, которые отвращают людей от участия в войне, и тех, которые говорят своим братьям: «Идите к нам!». Они принимают в войне ничтожное участие,

নিশ্চয় আল্লাহে তোমালোকৰ মাজৰ সেইসকল লোকক ভালদৰেই জানে, যিসকলে আন আন লোকসকলক আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ সহযোগী হৈ যুদ্ধ কৰিবলৈ বাধা প্ৰদান কৰে। যিসকলে নিজৰ ভাতৃসকলক কয়ঃ তোমালোকে আমাৰ ফালে আহা, আৰু তেওঁৰ সৈতে মিলি যুদ্ধত অংশগ্ৰহণ নকৰিবা, অন্যথা অকালতে মৃত্যুবৰণ কৰিবা। নিশ্চয় আমি আশংকা কৰিছোঁ তোমালোক নিহত হ’বা। আন আন লোকসকলক বাধা প্ৰদান কৰা এই লোকসকলে কেতিয়াবা কেতিয়াবাহে যুদ্ধত চামিল হয়। সেইটোৰো এটা কাৰণ আছে, যাতে মানুহে সিহঁতক যুদ্ধত চামিল নোহোৱা বুলি অভিযোগ কৰিব নোৱাৰে। আল্লাহ আৰু তেওঁৰ ৰাছুলক সহায় কৰাৰ উদ্দেশ্যে সিহঁতে কেতিয়াও অংশগ্ৰহণ নকৰে।

33:19Страница 420

أَشِحَّةً عَلَيۡكُمۡۖ فَإِذَا جَآءَ ٱلۡخَوۡفُ رَأَيۡتَهُمۡ يَنظُرُونَ إِلَيۡكَ تَدُورُ أَعۡيُنُهُمۡ كَٱلَّذِي يُغۡشَىٰ عَلَيۡهِ مِنَ ٱلۡمَوۡتِۖ فَإِذَا ذَهَبَ ٱلۡخَوۡفُ سَلَقُوكُم بِأَلۡسِنَةٍ حِدَادٍ أَشِحَّةً عَلَى ٱلۡخَيۡرِۚ أُوْلَٰٓئِكَ لَمۡ يُؤۡمِنُواْ فَأَحۡبَطَ ٱللَّهُ أَعۡمَٰلَهُمۡۚ وَكَانَ ذَٰلِكَ عَلَى ٱللَّهِ يَسِيرٗا ١٩

поскольку они скупы по отношению к вам. Когда ими овладевает страх, ты видишь, как они смотрят на тебя. Их глаза вращаются, словно у того, кто теряет сознание перед смертью. Когда же страх проходит, они обижают вас острыми языками, скупясь на добро. Они не уверовали, и Аллах сделал тщетными их деяния. Это для Аллаха было легко.

হে মুমিনসকল! সিহঁতে তোমালোকৰ প্ৰতি অতি কৃপণালী কৰে। ধন-সম্পদৰ ক্ষেত্ৰতো কৃপণালী কৰে, সেইকাৰণেই তোমালোকক সহায় কৰিবলৈ ব্যয় নকৰে। শাৰীৰিক দিশতো কৃপণালী কৰে, সেয়ে তোমালোকৰ লগত মিলি যুদ্ধ নকৰে। বন্ধত্বৰ ক্ষেত্ৰতো কৃপণালী কৰে, সেয়ে তোমালোকৰ লগত বন্ধুত্ব নকৰে। শত্ৰুৰ লগত মোকাবিলাৰ সময়ত যেতিয়া সিহঁত ভীত-সন্ত্ৰস্ত হয়, হে ৰাছুল! তেতিয়া আপুনি সিহঁতক দেখিবলৈ পাব, সিহঁতে কাপুৰুষৰ নিচিনা মৃত্যুৰ ভয়ত মূৰ্চ্ছা যোৱা ব্যক্তিৰ দৰে চকু ওলোটাই আপোনাৰ পিনে থৰ লাগি চাই আছে। কিন্তু যেতিয়া সিহঁতৰ এই ভয় দূৰ হয়, তথা সিহঁত নিশ্চিন্ত হয় তেতিয়া সিহঁতে আপোনাক কথাৰ জৰিয়তে কটাক্ষ কৰি কষ্ট দিয়ে। সিহঁত হৈছে যুদ্ধলব্ধ সম্পদৰ লোভী, সেই সম্পদ লাভৰ আশাত সদায় ঘাত পাতি থাকে। এনেকুৱা বৈশিষ্ট্যৰ লোকসকলে কেতিয়াও প্ৰকৃত মুমিন হ’ব নোৱাৰে। সেইকাৰণেই আল্লাহে সিহঁতৰ কৰ্মৰ প্ৰতিফল ব্যৰ্থ কৰি দিছে। এই ব্যৰ্থ প্ৰক্ৰিয়া আল্লাহৰ বাবে অতি সহজ।

33:20Страница 420

يَحۡسَبُونَ ٱلۡأَحۡزَابَ لَمۡ يَذۡهَبُواْۖ وَإِن يَأۡتِ ٱلۡأَحۡزَابُ يَوَدُّواْ لَوۡ أَنَّهُم بَادُونَ فِي ٱلۡأَعۡرَابِ يَسۡـَٔلُونَ عَنۡ أَنۢبَآئِكُمۡۖ وَلَوۡ كَانُواْ فِيكُم مَّا قَٰتَلُوٓاْ إِلَّا قَلِيلٗا ٢٠

Они полагают, что союзники не ушли. Если бы союзники пришли, то они захотели бы кочевать среди бедуинов и расспрашивать о вас. Будь они вместе с вами, то они бы не сражались, разве что немного.

এই কাপুৰুষসকলে ধাৰণা কৰে যে, ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু মুমিনসকলৰ বিৰুদ্ধে একত্ৰিত হোৱা এই সেনাবাহিনীয়ে তেওঁলোকক নিঃশেষ নকৰালৈকে উভতি নাযাব। এই সেনাবাহিনীয়ে যদি পুনৰ আক্ৰমণ কৰিবলৈ আহে তেন্তে এই মুনাফিকসকলে কামনা কৰিব যে, যদি সিহঁত মদীনাৰ পৰা ওলাই বেদুইনসকলৰ লগত বসবাস কৰিলেহেঁতেন আৰু তোমালোকৰ সংবাদ লব পাৰিলেহেঁতেন যে, তোমালোকৰ শত্ৰুসকলে যুদ্ধত তোমালোকৰ কি অৱস্থা কৰিছে? হে মুমিনসকল! যদি সিহঁত তোমালোকৰ সৈতে থাকে, তথাপিও সিহঁতে তোমালোকৰ হৈ যুদ্ধ কৰাটো নাম মাত্ৰহে। গতিকে সিহঁতক গুৰুত্ব নিদিবা, তথা সিহঁতকলৈ পৰিতাপো নকৰিবা।

33:21Страница 420

لَّقَدۡ كَانَ لَكُمۡ فِي رَسُولِ ٱللَّهِ أُسۡوَةٌ حَسَنَةٞ لِّمَن كَانَ يَرۡجُواْ ٱللَّهَ وَٱلۡيَوۡمَ ٱلۡأٓخِرَ وَذَكَرَ ٱللَّهَ كَثِيرٗا ٢١

В Посланнике Аллаха был прекрасный пример для вас, для тех, кто надеется на Аллаха и Последний день и премного поминает Аллаха.

আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ কথা আৰু কৰ্মৰ মাজত নিশ্চিতভাৱে তোমালোকৰ বাবে আছে উত্তম আদৰ্শ। যিহেতু তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে স্বয়ং যুদ্ধত অংশগ্ৰহণ কৰিছে তথা যুদ্ধ কৰিছে, তেনেক্ষেত্ৰত তোমালোকে নিজৰ শৰীৰকলৈ কিয় কৃপণালী কৰা? আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদৰ্শ সেই ব্যক্তিয়েই গ্ৰহণ কৰে, যিয়ে আল্লাহৰ ছোৱাব আৰু তেওঁৰ ৰহমত কামনা কৰে আৰু আখিৰাতৰ প্ৰতি আশা পোষণ কৰে, তথা ইয়াৰ বাবে যথেষ্ট আমল কৰে, আৰু আল্লাহক বেছি বেছি স্মৰণ কৰে। আনহাতে যিয়ে আখাৰিতৰ ছোৱাব আশা নকৰে, সি আল্লাহকো স্মৰণ নকৰে আৰু ৰাছুলৰ আদৰ্শও গ্ৰহণ নকৰে।

33:22Страница 420

وَلَمَّا رَءَا ٱلۡمُؤۡمِنُونَ ٱلۡأَحۡزَابَ قَالُواْ هَٰذَا مَا وَعَدَنَا ٱللَّهُ وَرَسُولُهُۥ وَصَدَقَ ٱللَّهُ وَرَسُولُهُۥۚ وَمَا زَادَهُمۡ إِلَّآ إِيمَٰنٗا وَتَسۡلِيمٗا ٢٢

Когда верующие увидели союзников, они сказали: «Это - то, что обещали нам Аллах и Его Посланник. Аллах и Его Посланник сказали правду». Это приумножило в них лишь веру и покорность.

মুমিনসকলে যেতিয়া তেওঁলোকৰ সৈতে যুদ্ধ কৰিবলৈ অহা সন্মিলিত সেনাবাহিনীক স্বচক্ষে দেখা পালে তেতিয়া তেওঁলোকে ক’লেঃ এইটোৱেই হৈছে সেই কঠিন সন্ধিক্ষণ তথা পৰীক্ষাৰ সময়, লগতে সহায়-সহযোগিতাৰ সময়, যিটোৰ বিষয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলে আমাক প্ৰতিশ্ৰুতি দিছিল। গতিকে আল্লাহ আৰু তেওঁৰ ৰাছুলে এই বিষয়ে যি যি কৈছিল সেয়া সত্য, তথা বাস্তৱ। সেনাবাহিনীক দেখি আল্লাহৰ প্ৰতি তেওঁলোকৰ ঈমান আৰু আনুগত্যৰ উৎসাহ উদ্দীপনাহে বৃদ্ধি হ’ল।

33:23Страница 421

مِّنَ ٱلۡمُؤۡمِنِينَ رِجَالٞ صَدَقُواْ مَا عَٰهَدُواْ ٱللَّهَ عَلَيۡهِۖ فَمِنۡهُم مَّن قَضَىٰ نَحۡبَهُۥ وَمِنۡهُم مَّن يَنتَظِرُۖ وَمَا بَدَّلُواْ تَبۡدِيلٗا ٢٣

Среди верующих есть мужи, которые верны завету, который они заключили с Аллахом. Среди них есть такие, которые уже выполнили свои обязательства (или умерли), и такие, которые еще ожидают, но никак не изменяют своему завету.

মুমিনসকলৰ মাজৰ কিছুমান এনেকুৱা আছে যিসকলে আল্লাহৰ লগত কৰা অঙ্গীকাৰ পূৰণ কৰিছে। আল্লাহৰ পথত জিহাদ কৰাৰ সময়ত ধৈৰ্য্য ধাৰণ কৰাৰ আৰু দৃঢ় থকাৰ যি অঙ্গীকাৰ কৰিছিল, সেইটো তেওঁলোকে পূৰণ কৰিছে। এতেকে তেওঁলোকৰ মাজৰ কিছুমানে মৃত্যুবৰণ কৰিছে আৰু কিছুমানে আল্লাহৰ পথত শ্বহীদ হৈছে। আৰু আন কিছুমান শ্বহীদ হোৱাৰ অপেক্ষাত আছে। এই মুমিনসকলে আল্লাহৰ অঙ্গীকাৰ ভংগ কৰা নাই, যিদৰে মুনাফিকসকলে সিহঁতৰ প্ৰতিশ্ৰুতি ভংগ কৰিছে।

33:24Страница 421

لِّيَجۡزِيَ ٱللَّهُ ٱلصَّٰدِقِينَ بِصِدۡقِهِمۡ وَيُعَذِّبَ ٱلۡمُنَٰفِقِينَ إِن شَآءَ أَوۡ يَتُوبَ عَلَيۡهِمۡۚ إِنَّ ٱللَّهَ كَانَ غَفُورٗا رَّحِيمٗا ٢٤

Это происходит для того, чтобы Аллах воздал правдивым за их правдивость и наказал лицемеров, если Он пожелает этого, или принял их покаяния. Воистину, Аллах - Прощающий, Милосердный.

যাতে আল্লাহে সত্যবাদীসকলক উত্তম প্ৰতিদান দিব পাৰে, যিসকলে আল্লাহৰ লগত কৰা প্ৰতিশ্ৰুতি পূৰণ কৰিছিল আৰু তাক বাস্তৱত পৰিণত কৰিছিল। আনহাতে তেওঁৰ প্ৰতিশ্ৰুতি ভংগ কৰা মুনাফিকসকলক তেওঁ শাস্তি বিহিব পাৰে, তেওঁ ইচ্ছা কৰিলে সিহঁতক কুফৰী অৱস্থাতে তাওবাৰ পূৰ্বেই মৃত্যু প্ৰদান কৰিব পাৰে নাইবা সিহঁতক তাওবাৰ সুযোগ প্ৰদান কৰি সিহঁতৰ তাওবা কবূল কৰিব পাৰে। নিশ্চয় গুনাহৰ পৰা তাওবাকাৰী বান্দাসকলৰ প্ৰতি আল্লাহ অতি ক্ষমাশীল। তেওঁলোকৰ প্ৰতি অতি দয়ালু।

33:25Страница 421

وَرَدَّ ٱللَّهُ ٱلَّذِينَ كَفَرُواْ بِغَيۡظِهِمۡ لَمۡ يَنَالُواْ خَيۡرٗاۚ وَكَفَى ٱللَّهُ ٱلۡمُؤۡمِنِينَ ٱلۡقِتَالَۚ وَكَانَ ٱللَّهُ قَوِيًّا عَزِيزٗا ٢٥

Аллах вернул неверующих в ярости (или по причине их ярости), и они не обрели добра. Аллах избавил верующих от сражения. Аллах - Всесильный, Могущественный.

আল্লাহে কুৰাইশ্ব আৰু গাতফানক আৰু সিহঁতৰ সঙ্গীসকলক নিৰাশ কৰি তথা সিহঁতৰ উদ্দেশ্যত উপনীত হোৱাৰ পৰা ব্যৰ্থ কৰি হতাশ অৱস্থাত ওভোতাই পঠিয়াইছিল। সিহঁতে মুমিনসকলক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত বিফল হৈছিল। সিহঁতৰ লগত যুদ্ধ কৰিবলৈ মুমিনসকলৰ বাবে আল্লাহেই যথেষ্ট। তেৱেঁই প্ৰচণ্ড ধুমুহা প্ৰেৰণ কৰিছিল আৰু ফিৰিস্তাসকলক অৱতীৰ্ণ কৰিছিল। আল্লাহ সৰ্বশক্তিমান তথা মহাপৰাক্ৰমশালী, তেওঁৰ বিপক্ষে যিয়েই থিয় দিব, সি পৰাজিত হ’ব তথা অপমানিত লাঞ্ছিত হ’ব।

33:26Страница 421

وَأَنزَلَ ٱلَّذِينَ ظَٰهَرُوهُم مِّنۡ أَهۡلِ ٱلۡكِتَٰبِ مِن صَيَاصِيهِمۡ وَقَذَفَ فِي قُلُوبِهِمُ ٱلرُّعۡبَ فَرِيقٗا تَقۡتُلُونَ وَتَأۡسِرُونَ فَرِيقٗا ٢٦

Он вывел из крепостей тех людей Писания, которые помогали им (союзникам), и вселил в их сердца страх. Одну часть их вы убили, а другую взяли в плен.

আনহাতে ইয়াহুদীসকলৰ মাজৰ যিসকলে সিহঁতক সহায় কৰিছিল, আল্লাহে সিহঁতক সিহঁতৰ দুৰ্গসমূহৰ পৰা অৱতৰণ কৰাইছিল, য’ত সিহঁতে শত্ৰুৰ পৰা সুৰক্ষিত থাকিবলৈ আশ্ৰয় লৈছিল। লগতে সিহঁতৰ অন্তৰত ভীতিৰ সঞ্চাৰ কৰিছিল। গতিকে হে মুমিনসকল! সেইকাৰণেই তোমালোকে সিহঁতৰ মাজৰ কিছুমানক হত্যা কৰিব পাৰিছিলা আৰু আন কিছুমানক বন্দী কৰিছিলা।

33:27Страница 421

وَأَوۡرَثَكُمۡ أَرۡضَهُمۡ وَدِيَٰرَهُمۡ وَأَمۡوَٰلَهُمۡ وَأَرۡضٗا لَّمۡ تَطَـُٔوهَاۚ وَكَانَ ٱللَّهُ عَلَىٰ كُلِّ شَيۡءٖ قَدِيرٗا ٢٧

Он дал вам в наследство их землю, их дома, их имущество и землю, на которую вы даже не ступали. Аллах способен на всякую вещь.

এতেকে সিহঁতক ধ্বংস কৰাৰ পিছত আল্লাহে সিহঁতৰ ভূমি আৰু খেতি-বাতি তথা সিহঁতৰ খেজুৰ বাগান আদি তোমালোকৰ অধীনস্থ কৰিছিল। লগতে সিহঁতৰ ঘৰ-দুৱাৰ আৰু অন্যান্য সা-সম্পত্তিৰো তোমালোকক মালিক বনাই দিছিল। তথা তেওঁ তোমালোককক খয়বৰ ভূমিৰ স্বত্বাধিকাৰী বনাব, য'ত তোমালোকে এতিয়াও পদাৰ্পন কৰা নাই। কিন্তু অতিশীঘ্ৰে তোমালোকে সেইটোক ভৰিৰে মোহাৰিবা। মুমিনসকলৰ বাবে এইটো এটা প্ৰতিশ্ৰুতি তথা সুসংবাদ। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। একোৱেই তেওঁৰ সাধ্যাতীত নহয়।

33:28Страница 421

يَٰٓأَيُّهَا ٱلنَّبِيُّ قُل لِّأَزۡوَٰجِكَ إِن كُنتُنَّ تُرِدۡنَ ٱلۡحَيَوٰةَ ٱلدُّنۡيَا وَزِينَتَهَا فَتَعَالَيۡنَ أُمَتِّعۡكُنَّ وَأُسَرِّحۡكُنَّ سَرَاحٗا جَمِيلٗا ٢٨

О Пророк! Скажи своим женам: «Если вы желаете мирской жизни и ее украшений, то придите, и я наделю вас благами и отпущу красиво.

নবীৰ স্ত্ৰীসকলে যেতিয়া তেওঁৰ ওচৰত খা-খৰচ বৃদ্ধিৰ আবেদন কৰিলে, সেইসময়ত তেওঁৰ ওচৰত বৃদ্ধি কৰিবলৈ কোনো উপায় নাছিল, তেতিয়া আল্লাহে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সম্বোধন কৰি ক’লেঃ হে নবী! আপুনি আপোনাৰ স্ত্ৰীসকলক কৈ দিয়ক, যদি তোমালোকে পাৰ্থিৱ জীৱন আৰু ইয়াৰ সৌন্দৰ্য কামনা কৰা তেন্তে আহা, মই তোমালোকৰ বাবে সেইখিনি যোগান ধৰোঁ, যিখিনি এজনী তালাকপ্ৰাপ্তা স্ত্ৰীয়ে পোৱাৰ উপযুক্ত। তথা মই তোমালোকক তালাক দি দিওঁ, য’ত কোনো ধৰণৰ কষ্ট বা নিৰ্যাতন নাই।

33:29Страница 421

وَإِن كُنتُنَّ تُرِدۡنَ ٱللَّهَ وَرَسُولَهُۥ وَٱلدَّارَ ٱلۡأٓخِرَةَ فَإِنَّ ٱللَّهَ أَعَدَّ لِلۡمُحۡسِنَٰتِ مِنكُنَّ أَجۡرًا عَظِيمٗا ٢٩

Но если вы желаете Аллаха, Его Посланника и Последнюю жизнь, то Аллах приготовил творящим добро среди вас великую награду».

আনহাতে যদি তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সন্তুষ্টি কামনা কৰা, লগতে আখিৰাতত জান্নাত কামনা কৰা তেন্তে তোমালোকৰ এই পৰিস্থিতিত ধৈৰ্য্য ধাৰণ কৰা। কাৰণ তোমালোকৰ মাজৰ যিয়ে ধৈৰ্য্য ধাৰণ কৰিব আৰু উত্তমৰূপে দাম্পত্য জীৱন পাৰ কৰিব, তেওঁৰ বাবে আল্লাহে প্ৰস্তুত কৰি ৰাখিছে মহাপ্ৰতিদান।

33:30Страница 421

يَٰنِسَآءَ ٱلنَّبِيِّ مَن يَأۡتِ مِنكُنَّ بِفَٰحِشَةٖ مُّبَيِّنَةٖ يُضَٰعَفۡ لَهَا ٱلۡعَذَابُ ضِعۡفَيۡنِۚ وَكَانَ ذَٰلِكَ عَلَى ٱللَّهِ يَسِيرٗا ٣٠

О жены Пророка! Если кто из вас совершит явную мерзость, то ее мучения будут удвоены. Это для Аллаха легко.

হে নবীৰ স্ত্ৰীসকল! তোমালোকৰ মাজৰ যিয়ে কোনো প্ৰকাশ্য গুনাহ কৰিব, কিয়ামতৰ দিনা তাক দ্বিগুণ শাস্তি বিহা হ’ব। কাৰণ পৃথিৱীৰ অন্যান্য নাৰীসকলৰ তুলনাত তোমালোক মৰ্যাদাৱান। লগতে ইয়াৰ আৰু এটা কাৰণ হৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৰ্যাদাত যাতে কোনো ধৰণৰ আঘাত হানিব নোৱাৰে। দ্বিগুণ শাস্তি বিহাটো আল্লাহৰ পক্ষে অতি সহজ।

33:31Страница 422

۞ وَمَن يَقۡنُتۡ مِنكُنَّ لِلَّهِ وَرَسُولِهِۦ وَتَعۡمَلۡ صَٰلِحٗا نُّؤۡتِهَآ أَجۡرَهَا مَرَّتَيۡنِ وَأَعۡتَدۡنَا لَهَا رِزۡقٗا كَرِيمٗا ٣١

А ту из вас, которая будет покорна Аллаху и Его Посланнику и будет поступать праведно, Мы одарим двойным вознаграждением, и Мы приготовили для нее щедрый удел.

তোমালোকৰ মাজৰ যিয়ে নিয়মিতভাৱে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰিব, লগতে আল্লাহক সন্তুষ্টি কৰিব পৰা সৎকৰ্ম কৰিব, আমি তেওঁক আন আন নাৰীসকলৰ তুলনাত দ্বিগুণ ছোৱাব প্ৰদান কৰিম। আমি তেওঁৰ বাবে আখিৰাতত প্ৰস্তুত কৰি ৰাখিছোঁ মহাপ্ৰতিদান, অৰ্থাৎ জান্নাত।

33:32Страница 422

يَٰنِسَآءَ ٱلنَّبِيِّ لَسۡتُنَّ كَأَحَدٖ مِّنَ ٱلنِّسَآءِ إِنِ ٱتَّقَيۡتُنَّۚ فَلَا تَخۡضَعۡنَ بِٱلۡقَوۡلِ فَيَطۡمَعَ ٱلَّذِي فِي قَلۡبِهِۦ مَرَضٞ وَقُلۡنَ قَوۡلٗا مَّعۡرُوفٗا ٣٢

О жены Пророка! Вы не таковы, как любая другая женщина. Если вы богобоязненны, то не проявляйте нежности в речах, дабы не возжелал вас тот, чье сердце поражено недугом, а говорите достойным образом.

হে নবী-মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পত্নীসকল! তোমালোকে মান-মৰ্যাদা আৰু সন্মানৰ ক্ষেত্ৰত আন আন মহিলাসকলৰ দৰে নহয়। যদি তোমালোকে আল্লাহৰ আদেশ পালন কৰা আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকা তেন্তে তোমালোকে শ্ৰেষ্ঠতা আৰু মান-সন্মানৰ সেই উচ্চ শিখৰত উপনীত হ’বা, য’ত উপনীত হোৱা অন্যান্য মহিলাসকলৰ বাবে অসম্ভৱ। এতেকে যেতিয়া তোমালোকে অপৰিচিত লোকৰ সৈতে কথা ক’বা তেতিয়া কোমল কণ্ঠত তথা আকৰ্ষিত সুৰত কথা নক’বা। অন্যথা যাৰ অন্তৰত নিফাক আছে নাইবা হাৰাম কৰ্মত লিপ্ত হোৱাৰ ইচ্ছা আছে, সি লোভত পৰি বাট চাই থাকিব। এতেকে সন্দেহ-সংশয় নথকা গাম্ভীৰ্য্যপূৰ্ণ কথা পাতিবা, লগতে হাঁহি-ধেমালি নকৰিবা আৰু সদায় প্ৰয়োজনীয় কথাহে ক’বা।

Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии

Содержание

Аят аль-Курси36Аль-Кахфстр. 42джуз 15Бухари 1Муслим 2999

Вид

Тема
Размер текста
Вид

Read in English