Аль-Мухтасар · Тафсир · на ассамском
فاطر
Фатир
Творец · Мекканская · 45 аятов
35:1Страница 434
ٱلۡحَمۡدُ لِلَّهِ فَاطِرِ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ جَاعِلِ ٱلۡمَلَٰٓئِكَةِ رُسُلًا أُوْلِيٓ أَجۡنِحَةٖ مَّثۡنَىٰ وَثُلَٰثَ وَرُبَٰعَۚ يَزِيدُ فِي ٱلۡخَلۡقِ مَا يَشَآءُۚ إِنَّ ٱللَّهَ عَلَىٰ كُلِّ شَيۡءٖ قَدِيرٞ ١
Хвала Аллаху, Творцу небес и земли, Сделавшему посланцами ангелов с двумя, тремя и четырьмя крыльями. Он приумножает в творении, что пожелает. Воистину, Аллах способен на всякую вещь.
সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, যিয়ে আকাশমণ্ডল আৰু পৃথিৱীক পূৰ্বৰ কোনো উদাহৰণ নোহোৱাকৈ সৃষ্টি কৰিছে। তেৱেঁই ফিৰিস্তাসকলক বাৰ্তাবাহক বনাইছে, তেওঁলোকেই ভাগ্য সম্পৰ্কীয় তেওঁৰ নিৰ্দেশনা জাৰি কৰে। তথা ফিৰিস্তাসকলৰ মাজতেই আছে এনেকুৱা বাৰ্তাবাহক যিয়ে নবীসকলক অহী পৌঁচাই দিয়াৰ কৰ্মত নিয়োজিত। আল্লাহেই তেওঁলোকক সুচাৰুৰূপে দায়িত্ব পালন কৰাৰ শক্তি প্ৰদান কৰিছে। তেওঁলোকৰ মাজৰ কিছুমানৰ আছে দুখন পাখি আৰু কিছুমানৰ আছে তিনিখন আৰু কিছুমানৰ আছে চাৰিখন পাখি। তেওঁলোকে সেইবোৰৰ সহায়ত আল্লাহৰ আদেশ জাৰি কৰিবলৈ উৰি ফুৰে। আল্লাহে তেওঁৰ ইচ্ছানুসাৰে তেওঁৰ কিছুমান সৃষ্টিক অংগ, সৌন্দৰ্য আৰু মনোমোহা সুৰৰ আকৰ্ষণ অধিক প্ৰদান কৰে। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। তেওঁক কোনেও বিৱশ কৰিব নোৱাৰে।
35:2Страница 434
مَّا يَفۡتَحِ ٱللَّهُ لِلنَّاسِ مِن رَّحۡمَةٖ فَلَا مُمۡسِكَ لَهَاۖ وَمَا يُمۡسِكۡ فَلَا مُرۡسِلَ لَهُۥ مِنۢ بَعۡدِهِۦۚ وَهُوَ ٱلۡعَزِيزُ ٱلۡحَكِيمُ ٢
Никто не удержит милость, которую Аллах открывает людям. А то, что Он удерживает, никто не может ниспослать после Него. Он - Могущественный, Мудрый.
প্ৰকৃততে প্ৰত্যেক বস্তুৰ চাবি-কাঠি আছে আল্লাহৰ হাতত। এতেকে মানুহৰ বাবে জীৱিকা, হিদায়ত আৰু সুখ-শান্তি আদি যিবোৰ নিয়ামতৰ দুৱাৰ তেওঁ উন্মুক্ত কৰে, সেইটোক কোনেও বাধা দিব নোৱাৰে। আনহাতে তেওঁ যিটোক প্ৰতিৰোধ কৰে, সেইটোক উন্মক্ত কৰাৰো কাৰো ক্ষমতা নাই। তেওঁ মহাপ্ৰভুত্বশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টিৰ ক্ষেত্ৰত, নিৰ্ধাৰণৰ ক্ষেত্ৰত আৰু পৰিচালনাৰ ক্ষেত্ৰত মহাপ্ৰজ্ঞাৱান।
35:3Страница 434
يَٰٓأَيُّهَا ٱلنَّاسُ ٱذۡكُرُواْ نِعۡمَتَ ٱللَّهِ عَلَيۡكُمۡۚ هَلۡ مِنۡ خَٰلِقٍ غَيۡرُ ٱللَّهِ يَرۡزُقُكُم مِّنَ ٱلسَّمَآءِ وَٱلۡأَرۡضِۚ لَآ إِلَٰهَ إِلَّا هُوَۖ فَأَنَّىٰ تُؤۡفَكُونَ ٣
О люди! Помните о милости Аллаха по отношению к вам. Есть ли наряду с Аллахом другой творец, который давал бы вам пропитание с неба и земли? Нет божества, кроме Него! До чего же вы отвращены от истины!
হে মানৱজাতি! তোমালোকে আল্লাহৰ সেই নিয়ামতবোৰ স্মৰণ কৰা, যিবোৰ তোমালোকৰ হৃদয়, জিভা আৰু বিভিন্ন অংগ-প্ৰত্যংগৰ দ্বাৰা প্ৰকাশ পায়। আল্লাহৰ বাহিৰে তোমালোকৰ কোনো সৃষ্টিকৰ্তা আছে নেকি, যিয়ে তোমালোকক আকাশৰ পৰা পানী বৰ্ষণ কৰি তথা মাটিৰ পৰা ফলমূল আৰু শস্যাদি উৎপন্ন কৰি তোমালোকক জীৱিকা প্ৰদান কৰে? জানি থোৱা! তেওঁৰ বাহিৰে তোমালোকৰ কোনো সত্য উপাস্য নাই। ইয়াৰ পিছতো কিয় তোমালোকে এই সত্যৰ পৰা আঁতৰি যোৱা? তথা কিয় আল্লাহ সম্পৰ্কে মিছা কথা প্ৰচাৰ কৰা আৰু তেওঁৰ বিষয়ে ধাৰণা পোষণ কৰা যে, তেওঁৰ অংশীদাৰ আছে? অথচ তেৱেঁই তোমালোকক সৃষ্টি কৰিছে আৰু তেৱেঁই তোমালোকক জীৱিকা প্ৰদান কৰে।
35:4Страница 435
وَإِن يُكَذِّبُوكَ فَقَدۡ كُذِّبَتۡ رُسُلٞ مِّن قَبۡلِكَۚ وَإِلَى ٱللَّهِ تُرۡجَعُ ٱلۡأُمُورُ ٤
Если они сочтут тебя лжецом, то ведь до тебя посланников также считали лжецами. Но дела возвращаются к Аллаху.
হে ৰাছুল! যদি আপোনাৰ সম্প্ৰদায়ে আপোনাক অস্বীকাৰ কৰিছে তেন্তে ধৈৰ্য্য ধাৰণ কৰক। কাৰণ আপুনিয়ে প্ৰথম ৰাছুল নহয়, যাক তেওঁৰ সম্প্ৰদায়ে অস্বীকাৰ কৰিছে। বৰং আপোনাৰ পূৰ্বেও ৰাছুলসকলক তেওঁলোকৰ সম্প্ৰদায়ে অস্বীকাৰ কৰিছিল; যেনে- আদ, ছামূদ আৰু লূত সম্প্ৰদায়। সকলো বিষয় একমাত্ৰ আল্লাহৰ ওচৰলৈকেই প্ৰত্যাৱৰ্তন কৰে। অৱশেষত তেৱেঁই অস্বীকাৰকাৰীসকলক ধ্বংস কৰিব। তথা তেওঁৰ ৰাছুলসকলক আৰু মুমিনসকলক সহায় কৰিব।
35:5Страница 435
يَٰٓأَيُّهَا ٱلنَّاسُ إِنَّ وَعۡدَ ٱللَّهِ حَقّٞۖ فَلَا تَغُرَّنَّكُمُ ٱلۡحَيَوٰةُ ٱلدُّنۡيَا وَلَا يَغُرَّنَّكُم بِٱللَّهِ ٱلۡغَرُورُ ٥
О люди! Воистину, обещание Аллаха истинно. Пусть не обольщает вас мирская жизнь, и пусть соблазнитель (дьявол) не обольщает вас относительно Аллаха.
হে মানৱজাতি! আল্লাহে আখিৰাতৰ জীৱন আৰু কিয়ামতৰ প্ৰতিদান সম্পৰ্কে যি প্ৰতিশ্ৰুতি দান কৰিছে সেয়া সত্য, তাত সন্দেহৰ কোনো অৱকাশ নাই। এতেকে পাৰ্থিৱ জীৱনৰ ভোগ-বিলাসে আৰু প্ৰবৃত্তিৰ চাহিদাই যেন তোমালোকক সৎকৰ্মৰ দ্বাৰা সেই দিৱসৰ প্ৰস্তুতি লোৱাৰ পৰা অমনোযোগী কৰি নাৰাখে। আনহাতে চয়তানে বাতিলক শোভনীয় কৰি উপস্থাপনৰ জৰিয়তে তোমালোকক যেন প্ৰতাৰণা কৰিব নোৱাৰে। লগতে পাৰ্থিৱ জীৱনৰ প্ৰতি যাতে আকৰ্ষিত কৰিব নোৱাৰে।
35:6Страница 435
إِنَّ ٱلشَّيۡطَٰنَ لَكُمۡ عَدُوّٞ فَٱتَّخِذُوهُ عَدُوًّاۚ إِنَّمَا يَدۡعُواْ حِزۡبَهُۥ لِيَكُونُواْ مِنۡ أَصۡحَٰبِ ٱلسَّعِيرِ ٦
Воистину, дьявол является вашим врагом, так относитесь же к нему как к врагу. Он зовет свою партию к тому, чтобы они стали обитателями Пламени.
হে মানৱজাতি! নিশ্চয় চয়তান হৈছে তোমালোকৰ চিৰস্থায়ী শত্ৰু। এতেকে তাক শত্ৰু বুলি গ্ৰহণ কৰি সদায় তাৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হোৱা। প্ৰকৃততে চয়তানে তাৰ অনুসাৰীসকলক আল্লাহৰ কুফৰীৰ পিনে আহ্বান কৰে। যাতে কিয়ামতৰ দিনা সিহঁতে জ্বলন্ত জুইত প্ৰৱেশ কৰি অন্তিম পৰিণাম ভোগ কৰিব পাৰে।
35:7Страница 435
ٱلَّذِينَ كَفَرُواْ لَهُمۡ عَذَابٞ شَدِيدٞۖ وَٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ لَهُم مَّغۡفِرَةٞ وَأَجۡرٞ كَبِيرٌ ٧
Тем, которые не уверовали, уготованы тяжкие мучения. А тем, которые уверовали и совершали праведные деяния, уготованы прощение и великая награда.
যিসকল লোকে আল্লাহৰ লগত কুফৰী কৰি চয়তানৰ অনুসৰণ কৰিছে, সিহঁতৰ বাবে আছে কঠিন শাস্তি। আনহাতে যিসকলে সৎকৰ্ম কৰিছে, তেওঁলোকৰ বাবে আল্লাহৰ ওচৰত আছে তেওঁলোকৰ গুনাহৰ মাগফিৰাত আৰু মহাপ্ৰতিদান অৰ্থাৎ জান্নাত।
35:8Страница 435
أَفَمَن زُيِّنَ لَهُۥ سُوٓءُ عَمَلِهِۦ فَرَءَاهُ حَسَنٗاۖ فَإِنَّ ٱللَّهَ يُضِلُّ مَن يَشَآءُ وَيَهۡدِي مَن يَشَآءُۖ فَلَا تَذۡهَبۡ نَفۡسُكَ عَلَيۡهِمۡ حَسَرَٰتٍۚ إِنَّ ٱللَّهَ عَلِيمُۢ بِمَا يَصۡنَعُونَ ٨
Разве тот, кому его злодеяние представлено прекрасным и кто считает его благом, равен тому, кто следует прямым путем? Воистину, Аллах вводит в заблуждение того, кого пожелает, и ведет прямым путем того, кого пожелает. Не изводи себя скорбью по ним. Воистину, Аллах знает о том, что они творят.
চয়তানে যাৰ পাপ কৰ্মক শোভনীয় কৰি উপস্থাপন কৰিছে আৰু সেই ব্যক্তিয়ে সেইটোক ভাল বুলি ধাৰণা কৰে। এনেকুৱা ব্যক্তি কেতিয়াও সেই ব্যক্তিৰ দৰে হ'ব নোৱাৰে, যাৰ বাবে সত্যক আল্লাহে শোভনীয় কৰি দিছে আৰু তেওঁ সেইটোক ভাল বুলি ভাৱে। দৰাচলতে আল্লাহে যাক ইচ্ছা কৰে হিদায়ত দিয়ে আৰু যাক ইচ্ছা কৰে পথভ্ৰষ্ট কৰি দিয়ে। তেওঁক বাধ্য কৰিব পৰা কোনো নাই। এতেকে হে ৰাছুল! আপুনি এই পথভ্ৰষ্টসকলৰ পথভ্ৰষ্টতাত চিন্তিত হৈ নিজকে বিনাশ নকৰিব। নিশ্চয় আল্লাহ সিহঁতৰ কৰ্ম সম্পৰ্কে সৰ্বজ্ঞ। সিহঁতৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়।
35:9Страница 435
وَٱللَّهُ ٱلَّذِيٓ أَرۡسَلَ ٱلرِّيَٰحَ فَتُثِيرُ سَحَابٗا فَسُقۡنَٰهُ إِلَىٰ بَلَدٖ مَّيِّتٖ فَأَحۡيَيۡنَا بِهِ ٱلۡأَرۡضَ بَعۡدَ مَوۡتِهَاۚ كَذَٰلِكَ ٱلنُّشُورُ ٩
Аллах - Тот, Кто посылает ветры, которые поднимают облака. Потом Мы гоним их в вымершие страны и оживляем ею (дождевою водой) землю после ее смерти. Таким же образом произойдет воскрешение.
আল্লাহেই বতাহ প্ৰেৰণ কৰে। এই বতাহেই মেঘক সঞ্চালন কৰে। ইয়াৰ পিছত আমি সেই মেঘক এনেকুৱা ঠাই লৈ খেদি লৈ যাওঁ, যি ঠাইত কোনো উদ্ভিদ নাই। তথা সেই পানীৰে উদ্ভিদ উৎপন্ন কৰি মৃত ভূমিক জীৱিত কৰোঁ। যিদৰে আমি উদ্ভিদ উৎপন্ন কৰি মৃত ভূমিক জীৱিত কৰোঁ, ঠিক সেইদৰেই কিয়ামতৰ দিনা মৃত ব্যক্তিসকলক আমি পুনৰ্জীৱিত কৰিম।
35:10Страница 435
مَن كَانَ يُرِيدُ ٱلۡعِزَّةَ فَلِلَّهِ ٱلۡعِزَّةُ جَمِيعًاۚ إِلَيۡهِ يَصۡعَدُ ٱلۡكَلِمُ ٱلطَّيِّبُ وَٱلۡعَمَلُ ٱلصَّٰلِحُ يَرۡفَعُهُۥۚ وَٱلَّذِينَ يَمۡكُرُونَ ٱلسَّيِّـَٔاتِ لَهُمۡ عَذَابٞ شَدِيدٞۖ وَمَكۡرُ أُوْلَٰٓئِكَ هُوَ يَبُورُ ١٠
Если кто жаждет могущества, то ведь могущество целиком принадлежит Аллаху. К Нему восходит прекрасное слово, и Он возносит праведное деяние (или праведное деяние возносит прекрасное слово; или праведное деяние возносит человека). А тем, которые замышляют злодеяния, уготованы тяжкие мучения, и их замыслы окажутся безуспешными.
যি ব্যক্তিয়ে পৃথিৱী অথবা আখিৰাতত সন্মান কামনা কৰে তেওঁ আল্লাহৰ বাহিৰে আনৰ ওচৰত সন্মান কামনা কৰা উচিত নহয়। কাৰণ সন্মানৰ কৰ্তৃত্ব একমাত্ৰ আল্লাহৰ হাতত। বান্দাৰ ভাল চৰ্চা তেওঁৰ ওচৰলৈকেই আৰোহণ কৰে আৰু বান্দাৰ সৎকৰ্মও তেওঁৰ ওচৰলৈ উঠি যায়। যিসকলে কুচক্ৰান্ত ৰচে, যেনে- ৰাছুলক হত্যা কৰাৰ ষড়যন্ত্ৰ- সিহঁতৰ বাবে আছে কঠিন শাস্তি। নিশ্চয় কাফিৰসকলৰ ষড়যন্ত্ৰ বিফল হ’ব। সিহঁতৰ কোনো উদ্দেশ্যই সফল নহ’ব।
35:11Страница 435
وَٱللَّهُ خَلَقَكُم مِّن تُرَابٖ ثُمَّ مِن نُّطۡفَةٖ ثُمَّ جَعَلَكُمۡ أَزۡوَٰجٗاۚ وَمَا تَحۡمِلُ مِنۡ أُنثَىٰ وَلَا تَضَعُ إِلَّا بِعِلۡمِهِۦۚ وَمَا يُعَمَّرُ مِن مُّعَمَّرٖ وَلَا يُنقَصُ مِنۡ عُمُرِهِۦٓ إِلَّا فِي كِتَٰبٍۚ إِنَّ ذَٰلِكَ عَلَى ٱللَّهِ يَسِيرٞ ١١
Аллах создал вас из земли, затем - из капли, а затем сделал вас парами. Самка может зачать или родить только с Его ведома. Даруется долгожителю долгая жизнь или укорачивается его жизнь, все это есть в Писании (Хранимой скрижали). Воистину, это для Аллаха легко.
আল্লাহেই তোমালোকৰ আদি পিতা আদমক মাটিৰে সৃষ্টি কৰিছে। তাৰ পিছত তোমালোকক বীৰ্যৰে সৃষ্টি কৰিছে। তেৱেঁই তোমালোকক নাৰী আৰু পুৰুষৰূপে সৃষ্টি কৰিছে, যাতে পৰস্পৰক বিবাহ কৰিব পাৰা। যেতিয়াই কোনো নাৰীয়ে গৰ্ভ ধাৰণ কৰে, অথবা প্ৰসৱ কৰে বিষয়টো তেওঁ অৱগত থাকে। কোনো এটা বিষয়েই তেওঁৰ পৰা গোপন নহয়। তেওঁৰ সৃষ্টিৰ মাজৰ কাৰো আয়ু বৃদ্ধি হওক অথবা হ্ৰাস, সেইটো লিখা আছে লওহে মাহফুজত। এতেকে উক্ত বিষয়বোৰ অৰ্থাৎ প্ৰথমে মাটিৰে তোমালোকক সৃষ্টি কৰা আৰু তাৰ পিছত পৰ্যায়ক্ৰমে সৃষ্টি কৰা, লগতে লওহে মাহফুজত তোমালোকৰ আয়ু লিপিবদ্ধ থকা আদি বিষয়বোৰ আল্লাহৰ বাবে অতি সহজ।
35:12Страница 436
وَمَا يَسۡتَوِي ٱلۡبَحۡرَانِ هَٰذَا عَذۡبٞ فُرَاتٞ سَآئِغٞ شَرَابُهُۥ وَهَٰذَا مِلۡحٌ أُجَاجٞۖ وَمِن كُلّٖ تَأۡكُلُونَ لَحۡمٗا طَرِيّٗا وَتَسۡتَخۡرِجُونَ حِلۡيَةٗ تَلۡبَسُونَهَاۖ وَتَرَى ٱلۡفُلۡكَ فِيهِ مَوَاخِرَ لِتَبۡتَغُواْ مِن فَضۡلِهِۦ وَلَعَلَّكُمۡ تَشۡكُرُونَ ١٢
Не равны два моря (вида воды). Это - вкусное, пресное, приятное для питья, а это - соленое, горькое. Из каждого из них вы едите свежее мясо и добываете украшения, которые вы носите. Ты видишь, как корабли бороздят их, чтобы вы могли искать Его милость, - быть может, вы будете благодарны.
দুয়োখন সাগৰ সমান হ’ব নোৱাৰে। কাৰণ এখনৰ পানী হৈছে মিঠা, তথা মিঠা হোৱাৰ কাৰণে সেইখনৰ পানী খোৱাটো সহজ। আনহাতে দ্বিতীয়খনৰ পানী হৈছে নিমখীয়া তথা তিতা। ইমান নিমখীয়া যে, সেই পানী খোৱাটোও সম্ভৱ নহয়। উক্ত দুয়োখন সাগৰৰ পৰা তোমালোকে তাজা মাংস অৰ্থাৎ মাছ ভক্ষণ কৰিব পাৰা, লগতে মোতি, মুকুতা আদিও উলিওৱাব পাৰা, যিবোৰ তোমালোকে সৌন্দৰ্য বৃদ্ধি কৰিবলৈ পৰিধান কৰা। হে দৰ্শক! নিশ্চয় তোমালোকে দেখা পোৱা যে, জাহাজবোৰে সাগৰৰ বুকু ফালি অহা যোৱা কৰে, যাতে তোমালোকে ইয়াৰ জৰিয়তে দেশ-বিদেশলৈ ব্যৱসায়-বাণিজ্য কৰিব পাৰা তথা আল্লাহৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা। যাতে তোমালোকে তোমালোকৰ ওপৰত কৰা আল্লাহৰ অসংখ্য নিয়ামতৰ কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰা।
35:13Страница 436
يُولِجُ ٱلَّيۡلَ فِي ٱلنَّهَارِ وَيُولِجُ ٱلنَّهَارَ فِي ٱلَّيۡلِ وَسَخَّرَ ٱلشَّمۡسَ وَٱلۡقَمَرَۖ كُلّٞ يَجۡرِي لِأَجَلٖ مُّسَمّٗىۚ ذَٰلِكُمُ ٱللَّهُ رَبُّكُمۡ لَهُ ٱلۡمُلۡكُۚ وَٱلَّذِينَ تَدۡعُونَ مِن دُونِهِۦ مَا يَمۡلِكُونَ مِن قِطۡمِيرٍ ١٣
Он удлиняет день за счет ночи и удлиняет ночь за счет дня. Он подчинил солнце и луну, и они движутся до назначенного срока. Таков Аллах, ваш Господь. Ему принадлежит власть, а те, к кому вы взываете помимо Него, не владеют даже плевой на финиковой косточке.
আল্লাহে ৰাতিক দিনৰ ভিতৰত প্ৰৱেশ কৰাই দিনক দীৰ্ঘ কৰি দিয়ে। তথা দিনক ৰাতিৰ ভিতৰত প্ৰৱেশ কৰাই ৰাতিক দীৰ্ঘ কৰি দিয়ে। আল্লাহেই চন্দ্ৰ সূৰ্য্যক নিয়ন্ত্ৰণ কৰে। উভয়েই এটা নিৰ্ধাৰিত সময়লৈকে চলমান থাকিব। সেই নিৰ্ধাৰিত সময়ৰ সঠিক জ্ঞান একমাত্ৰ আল্লাহৰ ওচৰতহে আছে। জানি থোৱা উচিত যে, নিৰ্ধাৰিত সময়ৰ দ্বাৰা ইয়াত কিয়ামত বুজোৱা হৈছে। তোমালোকৰ প্ৰতিপালক আল্লাহেই এই সময় নিৰ্ধাৰণ কৰিছে তথা এইবোৰক কামত নিয়োজিত কৰি ৰাখিছে। ৰাজত্ব একমাত্ৰ তেওঁৰেই। আল্লাহৰ বাহিৰে তোমালোকে যিবোৰ মূৰ্ত্তিৰ উপাসনা কৰা, সেইবোৰে খেজুৰৰ গুটিত থকা পাতল আৱৰণ এটাৰো অধিকাৰী নহয়। এতেকে তোমালোকে মোক এৰি কিয় সেইবোৰৰ উপাসনা কৰা?
35:14Страница 436
إِن تَدۡعُوهُمۡ لَا يَسۡمَعُواْ دُعَآءَكُمۡ وَلَوۡ سَمِعُواْ مَا ٱسۡتَجَابُواْ لَكُمۡۖ وَيَوۡمَ ٱلۡقِيَٰمَةِ يَكۡفُرُونَ بِشِرۡكِكُمۡۚ وَلَا يُنَبِّئُكَ مِثۡلُ خَبِيرٖ ١٤
Когда вы взываете к ним, они не слышат вашей молитвы, а если бы даже услышали, то не ответили бы вам. В День воскресения они отвергнут ваше поклонение. Никто не поведает тебе так, как Ведающий.
তোমালোকে যদি তোমালোকৰ উপাস্যবোৰৰ ওচৰত প্ৰাৰ্থনা কৰা, তথাপিও সিহঁতে তোমালোকৰ প্ৰাৰ্থনা শুনা নাপাব। কাৰণ সেইবোৰ হৈছে নিৰ্জীৱ বস্তু, সেইবোৰৰ মাজত প্ৰাণ নাই তথা সিহঁতৰ শ্ৰৱণশক্তিও নাই। আলোচনাৰ খাতিৰত যদি ধৰি লওঁ যে, সেইবোৰে তোমালোকৰ প্ৰাৰ্থনা শুনা পায়, তথাপিও সেইবোৰে তোমালোকৰ প্ৰাৰ্থনাত সঁহাৰি জনাব নোৱাৰিব। কিয়ামতৰ দিনা সেইবোৰে তোমালোকৰ উপাসনা আৰু শ্বিৰ্কৰ পৰা বিচ্ছেদ ঘোষণা কৰিব। এতেকে হে ৰাছুল! আল্লাহতকৈ অধিক সত্য সংবাদ আপোনাক আন কোনেও দিব নোৱাৰিব।
35:15Страница 436
۞ يَٰٓأَيُّهَا ٱلنَّاسُ أَنتُمُ ٱلۡفُقَرَآءُ إِلَى ٱللَّهِۖ وَٱللَّهُ هُوَ ٱلۡغَنِيُّ ٱلۡحَمِيدُ ١٥
О люди! Вы нуждаетесь в Аллахе, тогда как Аллах - Богатый, Достохвальный.
হে মানৱজাতি! তোমালোক সকলো ক্ষেত্ৰতে আৰু সকলো পৰিস্থিতিতেই আল্লাহৰ মুখাপেক্ষী। কিন্তু আল্লাহ হৈছে অমুখাপেক্ষী। কোনো ক্ষেত্ৰতেই তেওঁ তোমালোকক প্ৰয়োজনবোধ নকৰে। তেওঁ বান্দাসকলৰ বিষয়ে যি সিদ্ধান্তই নলওক কিয়, সেই ক্ষেত্ৰতেই পৃথিৱী আৰু আখিৰাতত তেওঁ প্ৰশংসাৰ পাত্ৰ।
35:16Страница 436
إِن يَشَأۡ يُذۡهِبۡكُمۡ وَيَأۡتِ بِخَلۡقٖ جَدِيدٖ ١٦
Если Он пожелает, то погубит вас и приведет новые творения.
তেওঁ ইচ্ছা কৰিলে তোমালোকক ধ্বংস কৰি নিঃশেষ কৰিব পাৰে আৰু তোমালোকৰ স্থানত অন্য কোনো মখলুক সৃষ্টি কৰিব পাৰে। যিবোৰে তেওঁৰ ইবাদত কৰিব আৰু কাকো তেওঁৰ অংশীদাৰ স্থাপন নকৰিব।
তোমালোকক ধ্বংস কৰি নিঃশেষ কৰা আৰু তোমালোকৰ ঠাইত অন্য কোনো মখলুক সৃষ্টি কৰাটো আল্লাহৰ বাবে কোনো কঠিন কাম নহয়।
35:18Страница 436
وَلَا تَزِرُ وَازِرَةٞ وِزۡرَ أُخۡرَىٰۚ وَإِن تَدۡعُ مُثۡقَلَةٌ إِلَىٰ حِمۡلِهَا لَا يُحۡمَلۡ مِنۡهُ شَيۡءٞ وَلَوۡ كَانَ ذَا قُرۡبَىٰٓۗ إِنَّمَا تُنذِرُ ٱلَّذِينَ يَخۡشَوۡنَ رَبَّهُم بِٱلۡغَيۡبِ وَأَقَامُواْ ٱلصَّلَوٰةَۚ وَمَن تَزَكَّىٰ فَإِنَّمَا يَتَزَكَّىٰ لِنَفۡسِهِۦۚ وَإِلَى ٱللَّهِ ٱلۡمَصِيرُ ١٨
Ни одна душа не понесет чужого бремени, и если обремененная душа взмолится о том, чтобы ей помогли понести ее ношу, ничто не будет взято из нее, даже если просящий окажется близким родственником. Ты предостерегаешь только тех, которые боятся своего Господа, не видя Его воочию, и совершают намаз. Кто очищается, тот очищается во благо себе, и к Аллаху предстоит прибытие.
কোনো প্ৰাণীয়েই আন কোনো প্ৰাণীৰ পাপকৰ্মৰ বোজা বহন নকৰিব। বৰং প্ৰত্যেকেই নিজৰ নিজৰ গুনাহৰ বোজা নিজেই বহন কৰিব লাগিব। যদি কোনো প্ৰাণীয়ে পাপকৰ্মৰ বোজা বহন কৰিব নোৱাৰি অন্য কোনো প্ৰাণীক সহায় কৰিবলৈ আহ্বান কৰে, তথাপিও কোনো প্ৰাণীয়ে তাৰ বোজা বহন কৰিবলৈ প্ৰস্তুত নহ'ব। যদিও সি কোনো নিকট আত্মীয় নহওক কিয়। হে ৰাছুল! আপুনি কেৱল সেইসকল লোকক আল্লাহৰ শাস্তিৰ পৰা ভয় দেখুৱাব পাৰে যিসকলে নিজ প্ৰতিপালকক নেদেখাকৈয়ে ভয় কৰে, তথা পৰিপূৰ্ণৰূপে চালাত আদায় কৰে। কাৰণ এওঁলোকেই হৈছে সেইসকল লোক, যিসকলে আপুনি পৌঁচাই দিয়া সতৰ্ক বাণীৰ দ্বাৰা উপকৃত হয়। এতেকে যিয়ে গুনাহৰ পৰা পৱিত্ৰতা অৰ্জন কৰিব – (জানি থোৱা উচিত যে, আটাইতকৈ ডাঙৰ গুনাহ হৈছে শ্বিৰ্ক) - এই পৱিত্ৰতা সি নিজৰ বাবেই অৱলম্বন কৰিব। কিয়নো ইয়াৰ প্ৰতিফল সি নিজেই ভোগ কৰিব। কাৰণ তাৰ আনুগত্যৰ পৰা আল্লাহ অমুখাপেক্ষী। লগতে কিয়ামতৰ দিনা হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে আল্লাহৰ ওচৰতেই উভতি যাব লাগিব।
মৰ্যাদাৰ ক্ষেত্ৰত কাফিৰ আৰু মুমিন কেতিয়াও সমান হ’ব নোৱাৰে। যিদৰে অন্ধ ব্যক্তি আৰু দৃষ্টিসম্পন্ন ব্যক্তি সমান হ’ব নোৱাৰে।
কুফৰ আৰু ঈমানো সমান হ’ব নোৱাৰে, যিদৰে অন্ধকাৰ আৰু পোহৰ সমান হ’ব নোৱাৰে।
এইদৰে জান্নাত আৰু জাহান্নামৰ প্ৰভাৱো সমান হ’ব নোৱাৰে, যেনেকৈ ছাঁ আৰু গৰম বতাহ সমান নহয়।
35:22Страница 437
وَمَا يَسۡتَوِي ٱلۡأَحۡيَآءُ وَلَا ٱلۡأَمۡوَٰتُۚ إِنَّ ٱللَّهَ يُسۡمِعُ مَن يَشَآءُۖ وَمَآ أَنتَ بِمُسۡمِعٖ مَّن فِي ٱلۡقُبُورِ ٢٢
Не равны живые и мертвые. Воистину, Аллах дарует слух тому, кому пожелает, и ты не можешь заставить слышать тех, кто в могиле.
মুমিনসকল আৰু কাফিৰসকল কেতিয়াও সমান হ’ব নোৱাৰে, যিদৰে জীৱিত আৰু মৃতসকল সমান নহয়। প্ৰকৃততে আল্লাহে সেই ব্যক্তিক শুনায়, যাক তেওঁ হিদায়ত দিব বিচাৰে। হে ৰাছুল! আপুনি কাফিৰসকলক কেতিয়াও শুনাব নোৱাৰিব, সিহঁত প্ৰকৃততে কবৰত পৰি থকা মৃত ব্যক্তিৰ সদৃশ।
আপুনি সিহঁতক কেৱল আল্লাহৰ শাস্তিৰ পৰা ভয় দেখুৱাব পাৰিব।
35:24Страница 437
إِنَّآ أَرۡسَلۡنَٰكَ بِٱلۡحَقِّ بَشِيرٗا وَنَذِيرٗاۚ وَإِن مِّنۡ أُمَّةٍ إِلَّا خَلَا فِيهَا نَذِيرٞ ٢٤
Мы послали тебя с истиной добрым вестником и предостерегающим увещевателем, и нет ни одного народа, к которому не приходил бы предостерегающий увещеватель.
হে ৰাছুল! আমি আপোনাক সত্য সহকাৰে প্ৰেৰণ কৰিছোঁ, ইয়াৰ মাজত কোনো সন্দেহ নাই। যাতে আপুনি মুমিনসকলক সেই উত্তম প্ৰতিদানৰ শুভ সংবাদ দিয়ে, যিটো আল্লাহে তেওঁলোকৰ বাবে প্ৰস্তুত কৰি ৰাখিছে। লগতে কাফিৰসকলক কষ্টদায়ক শাস্তিৰ পৰা সাৱধান কৰে। পূৰ্বৱৰ্তী উম্মতসকলৰ মাজৰ প্ৰত্যেক উম্মতৰ ওচৰতেই আল্লাহৰ ফালৰ পৰা একোজনকৈ ৰাছুল আহিছিল, যিজনে সিহঁতক আল্লাহৰ শাস্তিৰ পৰা সাৱধান কৰিছিল।
35:25Страница 437
وَإِن يُكَذِّبُوكَ فَقَدۡ كَذَّبَ ٱلَّذِينَ مِن قَبۡلِهِمۡ جَآءَتۡهُمۡ رُسُلُهُم بِٱلۡبَيِّنَٰتِ وَبِٱلزُّبُرِ وَبِٱلۡكِتَٰبِ ٱلۡمُنِيرِ ٢٥
Если они не сочли тебя лжецом, то ведь их предшественники также считали лжецами посланников. Их посланники приносили им ясные знамения, Писания и освещающую книгу.
হে ৰাছুল! যদি আপোনাৰ সম্প্ৰদায়ে আপোনাক অস্বীকাৰ কৰে তেন্তে আপুনি ধৈৰ্য্য ধাৰণ কৰক। কাৰণ আপুনিয়ে প্ৰথম ৰাছুল নহয়, যাক তেওঁৰ সম্প্ৰদায়ে অস্বীকাৰ কৰিছে। পূৰ্বৱৰ্তী উম্মতৰ লোকসকলেও সিহঁতৰ ৰাছুলসকলক সিহঁতে অস্বীকাৰ কৰিছিল। উদাহৰণস্বৰূপে আদ, ছামূদ আৰু লূত সম্প্ৰদায়। সিহঁতৰ ৰাছুলসকলে সিহঁতৰ ওচৰলৈ প্ৰকাশ্য প্ৰমাণ লৈ আগমন কৰিছিল, যিবোৰে ৰাছুলসকলৰ সত্যতাৰ প্ৰমাণ বহন কৰিছিল। সিহঁতৰ ৰাছুলসকলে সিহঁতৰ ওচৰলৈ ছহিফা আৰু প্ৰকাশমান গ্ৰন্থ লৈ আগমন কৰিছিল, যাতে সিহঁতে গৱেষণা কৰে আৰু চিন্তা-চৰ্চা কৰে।
35:26Страница 437
ثُمَّ أَخَذۡتُ ٱلَّذِينَ كَفَرُواْۖ فَكَيۡفَ كَانَ نَكِيرِ ٢٦
Затем Я схватил тех, которые не уверовали. Каким же было Мое обличение!
ইয়াৰ পিছতো সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰিছিল, লগতে আল্লাহৰ ফালৰ পৰা লৈ অহা ৰাছুলসকলৰ বাৰ্তাবোৰৰ অৱমাননা কৰিছিল। ফলত অস্বীকাৰকাৰীসকলক মই ধ্বংস কৰিছিলোঁ। এতেকে হে ৰাছুল! আপুনি চিন্তা কৰি চাওক, মোক অস্বীকাৰ কৰাৰ পৰিণাম কেনেকুৱা আছিল, যেতিয়া আমি সিহঁতক ধ্বংস কৰিছিলোঁ।
35:27Страница 437
أَلَمۡ تَرَ أَنَّ ٱللَّهَ أَنزَلَ مِنَ ٱلسَّمَآءِ مَآءٗ فَأَخۡرَجۡنَا بِهِۦ ثَمَرَٰتٖ مُّخۡتَلِفًا أَلۡوَٰنُهَاۚ وَمِنَ ٱلۡجِبَالِ جُدَدُۢ بِيضٞ وَحُمۡرٞ مُّخۡتَلِفٌ أَلۡوَٰنُهَا وَغَرَابِيبُ سُودٞ ٢٧
Неужели ты не видишь, как Аллах ниспосылает с неба воду, посредством которой Мы взращиваем плоды различных цветов. В горах также есть различные тропы - белые, красные и совершенно черные.
হে ৰাছুল! আপুনি লক্ষ্য কৰা নাইনে যে, আল্লাহেই আকাশৰ পৰা বৰষুণৰ পানী বৰষায়। ইয়াৰ পিছত আমিয়েই সেই পানীৰ দ্বাৰা গছ-গছনিক সজীৱ কৰি বিভিন্ন ৰঙৰ ফল সৃষ্টি কৰোঁ, ৰঙা, সেউজীয়া আৰু হালধীয়া আদি। আনহাতে পৰ্বতৰ মাজতো আছে বিভিন্ন ৰঙৰ স্তৰ, শুভ্ৰ, ৰঙা আৰু গাঢ় ক’লা আদি।
35:28Страница 437
وَمِنَ ٱلنَّاسِ وَٱلدَّوَآبِّ وَٱلۡأَنۡعَٰمِ مُخۡتَلِفٌ أَلۡوَٰنُهُۥ كَذَٰلِكَۗ إِنَّمَا يَخۡشَى ٱللَّهَ مِنۡ عِبَادِهِ ٱلۡعُلَمَٰٓؤُاْۗ إِنَّ ٱللَّهَ عَزِيزٌ غَفُورٌ ٢٨
Люди, животные и скот также бывают различных цветов. Боятся Аллаха среди Его рабов только обладающие знанием. Воистину, Аллах - Могущественный, Прощающий.
মানুহৰ মাজত, জীৱ-জন্তুৰ মাজত আৰু ঘৰচীয়া জন্তুৰ মাজতো আছে উপৰোক্ত বস্তুবোৰৰ নিচিনা বিভিন্ন ৰং। প্ৰকৃততে বিজ্ঞ লোকসকলেই আল্লাহক ভয় কৰে তথা তেওঁৰ সন্মুখত থিয় হোৱাৰ গুৰুত্ব বুজি পায়। কাৰণ তেওঁলোকে তেওঁৰ গুণ সম্পৰ্কে, তেওঁৰ চৰীয়ত সম্পৰ্কে ভালকৈ অৱগত তথা তেওঁৰ শক্তিক ভালকৈয়ে চিনি পায়। নিশ্চয় আল্লাহ তাআলা মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাস্ত কৰিব নোৱাৰে। তেওঁ সেইসকল বান্দাৰ প্ৰতি অতি ক্ষমাশীল, যিসকলে তাওবা কৰে।
35:29Страница 437
إِنَّ ٱلَّذِينَ يَتۡلُونَ كِتَٰبَ ٱللَّهِ وَأَقَامُواْ ٱلصَّلَوٰةَ وَأَنفَقُواْ مِمَّا رَزَقۡنَٰهُمۡ سِرّٗا وَعَلَانِيَةٗ يَرۡجُونَ تِجَٰرَةٗ لَّن تَبُورَ ٢٩
Воистину, те, которые читают Писание Аллаха, совершают намаз и расходуют из того, чем Мы наделили их, тайно и открыто, надеются на сделку, которая не окажется безуспешной,
যিসকল লোকে আল্লাহৰ গ্ৰন্থ তিলাৱত কৰে, যিখন আমি আমাৰ ৰাছুলৰ প্ৰতি অৱতীৰ্ণ কৰিছোঁ, আৰু তাত থকা বিধান মতে তেওঁলোকে আমল কৰে, লগতে পৰিপূৰ্ণৰূপে আৰু উত্তমভাৱে চালাত আদায় কৰে, তথা আমি তেওঁলোকক যি সম্পদ প্ৰদান কৰিছোঁ, তাৰ পৰা তেওঁলোকে যাকাত প্ৰদান কৰে। লগতে প্ৰকাশ্য আৰু গোপনেও দান খয়ৰাত কৰে। তেওঁলোকে দৰাচলতে এইবোৰ আমলৰ জৰিয়তে আল্লাহৰ সৈতে এনেকুৱা ব্যৱসায় কৰে, যি ব্যৱসায়ত ক্ষতি হোৱাৰ কোনো আশংকা নাই।
35:30Страница 437
لِيُوَفِّيَهُمۡ أُجُورَهُمۡ وَيَزِيدَهُم مِّن فَضۡلِهِۦٓۚ إِنَّهُۥ غَفُورٞ شَكُورٞ ٣٠
дабы Он вознаградил их сполна и даже добавил от Своей милости. Воистину, Он - Прощающий, Благодарный.
যাতে আল্লাহে তেওঁলোকক তেওঁলোকৰ কৰ্মৰ পৰিপূৰ্ণ প্ৰতিদান দিয়ে। বৰং নিজ অনুগ্ৰহত যাতে আৰু অধিক বৃদ্ধি কৰি দিয়ে। কাৰণ তেওঁলোকেই হৈছে ইয়াৰ উপযুক্ত। নিশ্চয় আল্লাহ উক্ত বৈশিষ্ট্যৰ অধিকাৰী লোকসকলৰ প্ৰতি ক্ষমাশীল আৰু তেওঁলোকৰ উত্তম আমলৰ উচিত মৰ্যাদা প্ৰদানকাৰী।
35:31Страница 438
وَٱلَّذِيٓ أَوۡحَيۡنَآ إِلَيۡكَ مِنَ ٱلۡكِتَٰبِ هُوَ ٱلۡحَقُّ مُصَدِّقٗا لِّمَا بَيۡنَ يَدَيۡهِۗ إِنَّ ٱللَّهَ بِعِبَادِهِۦ لَخَبِيرُۢ بَصِيرٞ ٣١
Писание, которое Мы внушили тебе в откровении, является истиной, которая подтверждает то, что было до него. Воистину, Аллах ведает о Своих рабах и видит их.
হে ৰাছুল! আমি আপোনাৰ প্ৰতি যি গ্ৰন্থ অৱতীৰ্ণ কৰিছোঁ, সেইখনেই হৈছে সত্য। য’ত সন্দেহৰ কোনো অৱকাশ নাই। আল্লাহে এইখনক পূৰ্বৱৰ্তী গ্ৰন্থবোৰৰ সমৰ্থনৰ বাবে অৱতীৰ্ণ কৰিছে। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ বিষয়ে সম্যক অৱগত তথা সৰ্বদ্ৰষ্টা। গতিকে তেৱেঁই প্ৰত্যেক উম্মতৰ ৰাছুলৰ প্ৰতি সেই উম্মতৰ আৱশ্যকতা অনুযায়ী অহী প্ৰেৰণ কৰিছিল।
35:32Страница 438
ثُمَّ أَوۡرَثۡنَا ٱلۡكِتَٰبَ ٱلَّذِينَ ٱصۡطَفَيۡنَا مِنۡ عِبَادِنَاۖ فَمِنۡهُمۡ ظَالِمٞ لِّنَفۡسِهِۦ وَمِنۡهُم مُّقۡتَصِدٞ وَمِنۡهُمۡ سَابِقُۢ بِٱلۡخَيۡرَٰتِ بِإِذۡنِ ٱللَّهِۚ ذَٰلِكَ هُوَ ٱلۡفَضۡلُ ٱلۡكَبِيرُ ٣٢
Потом Мы дали Писание в наследие тем из Наших рабов, которых Мы избрали. Среди них есть такие, которые несправедливы к самим себе, умеренные и опережающие других в добрых делах с дозволения Аллаха. Это и есть большая милость.
তাৰ পিছত আমি মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ উম্মতক কোৰআন প্ৰদান কৰিছোঁ। তেওঁলোকক আমি আন আন উম্মতৰ পৰা নিৰ্বাচিত কৰিছোঁ। তেওঁলোকৰ মাজত আছে কিছুমান অন্যায়কাৰী, যিসকলে হাৰাম কামত লিপ্ত থাকে আৰু জৰুৰী কৰ্মবোৰ পৰিত্যাগ কৰে। তেওঁলোকৰ মাজৰ আন কিছুমান আছে মধ্যমপন্থী, তেওঁলোকে জৰুৰী কামবোৰ পালন কৰে আৰু হাৰাম কৰ্মবোৰ পৰিত্যাগ কৰে, কিন্তু তেওঁলোকে কিছুমান মুস্তাহাব কৰ্মও ত্যাগ কৰে আৰু কিছুমান অপছন্দনীয় কৰ্ম কৰোঁতেও কুণ্ঠাবোধ নকৰে। তেওঁলোকৰ মাজত আন কিছুমান আছে নেক কৰ্মৰ প্ৰতি অগ্ৰগামী। তেওঁলোকে জৰুৰী কামৰ লগতে মুস্তাহাব কৰ্মবোৰো নিয়মিতভাৱে পালন কৰে, তথা হাৰাম আৰু অপছন্দনীয় কামবোৰ পৰিত্যাগ কৰে। ওপৰত যি যি উল্লেখ কৰা হ’ল -অৰ্থাৎ এই উম্মত হৈছে নিৰ্বাচিত তথা এই উম্মতক কোৰআন প্ৰদান কৰা হৈছে- এইবোৰ আল্লাহৰ এটা ডাঙৰ অনুগ্ৰহ, আন কোনো অনুগ্ৰহই ইয়াৰ সমান হ’ব নোৱাৰে।
35:33Страница 438
جَنَّٰتُ عَدۡنٖ يَدۡخُلُونَهَا يُحَلَّوۡنَ فِيهَا مِنۡ أَسَاوِرَ مِن ذَهَبٖ وَلُؤۡلُؤٗاۖ وَلِبَاسُهُمۡ فِيهَا حَرِيرٞ ٣٣
Они войдут в сады Эдема, где будут украшены браслетами из золота и жемчугом, а их убранство будет из шелка.
এই নিৰ্বাচিত লোকসকলে চিৰস্থায়ী জান্নাতত প্ৰৱেশ কৰিব। তাত তেওঁলোকে পৰিধান কৰিব মুকুতা আৰু সোণৰ কঙ্কন, আৰু তেওঁলোকৰ পোচাক হ’ব ৰেচমৰ।
35:34Страница 438
وَقَالُواْ ٱلۡحَمۡدُ لِلَّهِ ٱلَّذِيٓ أَذۡهَبَ عَنَّا ٱلۡحَزَنَۖ إِنَّ رَبَّنَا لَغَفُورٞ شَكُورٌ ٣٤
Они скажут: «Хвала Аллаху, Который избавил нас от печали! Воистину, наш Господь - Прощающий, Благодарный.
তেওঁলোকে জান্নাতত প্ৰৱেশ কৰাৰ পিছত ক’বঃ সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, যিয়ে আমাক চিন্তা মুক্ত কৰিছে। কাৰণ ইতিপূৰ্বে আমি জাহান্নামত প্ৰৱেশ কৰাৰ পৰা ভয় পোষণ কৰিছিলোঁ। নিশ্চয় আমাৰ প্ৰতিপালক তেওঁৰ তাওবাকাৰী বান্দাসকলৰ গুনাহ ক্ষমা কৰিবলৈ অতি তৎপৰ। তথা তেওঁলোকৰ আনুগত্যৰ বাবে তেওঁলোকৰ গুণগ্ৰাহী।
35:35Страница 438
ٱلَّذِيٓ أَحَلَّنَا دَارَ ٱلۡمُقَامَةِ مِن فَضۡلِهِۦ لَا يَمَسُّنَا فِيهَا نَصَبٞ وَلَا يَمَسُّنَا فِيهَا لُغُوبٞ ٣٥
Он поселил нас по Своей милости в Вечной обители, где нас не коснется ни усталость, ни изнеможение».
তেৱেঁই নিজ অনুগ্ৰহত আমাক চিৰস্থায়ী বাসস্থানত অৱতৰণ কৰাইছে, এই ক্ষেত্ৰত আমাৰ কোনো শক্তি সামৰ্থ নাছিল। য’ত আমাক ক্লান্তিও স্পৰ্শ নকৰিব আৰু আমি ভাগৰিও নপৰিম।
35:36Страница 438
وَٱلَّذِينَ كَفَرُواْ لَهُمۡ نَارُ جَهَنَّمَ لَا يُقۡضَىٰ عَلَيۡهِمۡ فَيَمُوتُواْ وَلَا يُخَفَّفُ عَنۡهُم مِّنۡ عَذَابِهَاۚ كَذَٰلِكَ نَجۡزِي كُلَّ كَفُورٖ ٣٦
А тем, которые не уверовали, уготован огонь Геенны. С ними не покончат так, чтобы они могли умереть, и их мучения не облегчатся. Так Мы воздаем каждому неверующему.
যিসকলে আল্লাহৰ লগত কুফৰী কৰিছে, সিহঁতৰ বাবে আছে জাহান্নাম, য’ত সিহঁতে চিৰকাল অৱস্থান কৰিব। সিহঁতৰ বিৰুদ্ধে মৃত্যুৰ ফয়চালাও দিয়া নহ’ব যে, মৃত্যুবৰণ কৰি শাস্তিৰ পৰা মুক্তি লাভ কৰিব পাৰিব। ইপিনে জাহান্নামৰ শাস্তিও লাঘৱ কৰা নহ’ব। এনেকুৱা প্ৰতিফল আমি কিয়ামতৰ দিনা প্ৰত্যেক সেই ব্যক্তিক প্ৰদান কৰিম, যিয়ে নিজ প্ৰতিপালকৰ নিয়ামতক অগ্ৰাহ্য কৰিছে।
35:37Страница 438
وَهُمۡ يَصۡطَرِخُونَ فِيهَا رَبَّنَآ أَخۡرِجۡنَا نَعۡمَلۡ صَٰلِحًا غَيۡرَ ٱلَّذِي كُنَّا نَعۡمَلُۚ أَوَلَمۡ نُعَمِّرۡكُم مَّا يَتَذَكَّرُ فِيهِ مَن تَذَكَّرَ وَجَآءَكُمُ ٱلنَّذِيرُۖ فَذُوقُواْ فَمَا لِلظَّٰلِمِينَ مِن نَّصِيرٍ ٣٧
Там они возопят: «Господь наш! Выведи нас отсюда, и мы будем поступать праведно, а не так, как мы поступали прежде». Разве Мы не даровали вам жизнь достаточно долгую для того, чтобы опомнился тот, кто мог опомниться? Да и предостерегающий увещеватель приходил к вам. Вкусите же наказание, и нет для беззаконников помощников.
তাত সিহঁতে চিঞৰি চিঞৰি সহায় প্ৰাৰ্থনা কৰি ক’বঃ হে আমাৰ প্ৰতিপালক! আমাক এই জাহান্নামৰ পৰা উলিয়াই নিয়া, আমি পৃথিৱীত যি আমল কৰিছিলোঁ তাৰ বিপৰীতে আমি এতিয়া নেক আমল কৰিম, যাতে আমি তোমাৰ সন্তুষ্টি অৰ্জন কৰিব পাৰোঁ আৰু তোমাৰ শাস্তিৰ পৰা সুৰক্ষিত থাকিব পাৰোঁ। ইয়াৰ উত্তৰত আল্লাহে ক’বঃ আমি তোমালোকক ইমানখিনি আয়ু দিয়া নাছিলোনে যে, শিক্ষা গ্ৰহণ কৰিব বিচৰা ব্যক্তিয়ে শিক্ষা গ্ৰহণ কৰিব পাৰিলেহেঁতেন! তথা আল্লাহৰ ওচৰত তাওবা কৰি সদাচাৰী হ’ব পাৰিলেহেঁতেন?! আনকি তোমালোকক আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰিবলৈ তোমালোকৰ ওচৰত এজন ৰাছুলো আহিছিল। এতেকে এতিয়া তোমালোকৰ ওচৰত দাঙি ধৰিবলৈ কোনো প্ৰমাণো নাই আৰু কোনো উচিত অজুহাতো নাই। গতিকে এতিয়া জাহান্নামৰ শাস্তি ভোগ কৰা। কুফৰ তথা পাপকৰ্মত লিপ্ত হৈ নিজৰ ওপৰত অন্যায় কৰা লোকসকলৰ বাবে কোনো সহায়ক নাই, যিয়ে সিহঁতক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব পাৰিব অথবা সেই শাস্তি কিছু পৰিমাণ হ’লেও লাঘৱ কৰিব পাৰিব।
35:38Страница 438
إِنَّ ٱللَّهَ عَٰلِمُ غَيۡبِ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۚ إِنَّهُۥ عَلِيمُۢ بِذَاتِ ٱلصُّدُورِ ٣٨
Аллах - Ведающий сокровенное небес и земли. Он ведает о том, что в груди.
নিশ্চয় আল্লাহ আকাশমণ্ডল আৰু পৃথিৱীৰ গায়েব সম্পৰ্কে সৰ্বজ্ঞ। তেওঁৰ জ্ঞানৰ বাহিৰত একোৱেই নাই। বান্দাই নিজ অন্তৰত সৎ-অসৎ যি যি গোপন কৰে, সেই সকলো বিষয়ে নিশ্চিতভাৱে আল্লাহ অৱগত।
Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии