Аль-Мухтасар · Тафсир · на ассамском
Йа Син 36:49–83
36:49Страница 443
مَا يَنظُرُونَ إِلَّا صَيۡحَةٗ وَٰحِدَةٗ تَأۡخُذُهُمۡ وَهُمۡ يَخِصِّمُونَ ٤٩
Им нечего ожидать, кроме одного только гласа, который поразит их тогда, когда они будут препираться.
পুনৰুত্থানক অস্বীকাৰ কৰা তথা ইয়াক অসম্ভৱ বুলি ধাৰণা কৰা লোকসকলে কেৱল শিঙাত প্ৰথমবাৰ ফুঁ দিয়াৰ অপেক্ষা কৰি আছে। শিঙাত ফুঁ দিয়াৰ লগে লগে প্ৰচণ্ড বিকট শব্দই সিহঁতক গ্ৰাস কৰিব, অথচ তেতিয়া সিহঁতে সাংসাৰিক কামত ব্যস্ত থাকিব। কিছুমানে ক্ৰয়-বিক্ৰয়ত ব্যস্ত থাকিব, কিছুমানে খেতি-বাতিত ব্যস্ত থাকিব তথা আন কিছুমানে পশু পালনত ব্যস্ত থাকিব।
36:50Страница 443
فَلَا يَسۡتَطِيعُونَ تَوۡصِيَةٗ وَلَآ إِلَىٰٓ أَهۡلِهِمۡ يَرۡجِعُونَ ٥٠
Они не смогут ни оставить завещание, ни вернуться к своим семьям.
হঠাৎ যেতিয়া এই বিকট শব্দই সিহঁতক আৱৰি ধৰিব, তেতিয়া সিহঁতে ইজনে সিজনক অছিয়তো কৰিব নোৱাৰিব আৰু ঘৰ তথা পৰিয়ালৰ ওচৰলৈও উভতি যাব নোৱাৰিব। বৰং সিহঁত এই ব্যস্ত থকা অৱস্থাতেই মৃত্যুবৰণ কৰিব।
36:51Страница 443
وَنُفِخَ فِي ٱلصُّورِ فَإِذَا هُم مِّنَ ٱلۡأَجۡدَاثِ إِلَىٰ رَبِّهِمۡ يَنسِلُونَ ٥١
Протрубят в Рог, и вот они устремляются к своему Господу из могил.
দ্বিতীয়বাৰ শিঙাত ফুঁ দিয়া হ’ব পুনৰজীৱনৰ বাবে। তেতিয়া সিহঁত হঠাৎ কবৰৰ পৰা ওলাই হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে নিজ প্ৰতিপালকৰ ওচৰলৈ লৰ মাৰিব।
36:52Страница 443
قَالُواْ يَٰوَيۡلَنَا مَنۢ بَعَثَنَا مِن مَّرۡقَدِنَاۜۗ هَٰذَا مَا وَعَدَ ٱلرَّحۡمَٰنُ وَصَدَقَ ٱلۡمُرۡسَلُونَ ٥٢
Они скажут: «О горе нам! Кто поднял нас с места, где мы спали?». Это - то, что обещал Милостивый, и посланники говорили правду».
আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা কাফিৰসকলে লজ্জিত হৈ ক’বঃ হায় আফচোচ! আমাক আমাৰ কবৰৰ পৰা কোনে জীৱিত কৰিলে? তেতিয়া সিহঁতক সিহঁতৰ প্ৰশ্নৰ উত্তৰ দিয়া হ’ব, এইটোৱে সেই প্ৰতিশ্ৰুতি যিটো আল্লাহে কৰিছিল; যিটো কাৰ্যকৰী হোৱাটো নিশ্চিত আছিল। এই ক্ষেত্ৰত ৰাছুলসকলে প্ৰতিপালকৰ তৰফৰ পৰা যি বাৰ্তা লৈ আহিছিল, সেইবোৰ পৰিপূৰ্ণৰূপে সত্য আছিল।
36:53Страница 443
إِن كَانَتۡ إِلَّا صَيۡحَةٗ وَٰحِدَةٗ فَإِذَا هُمۡ جَمِيعٞ لَّدَيۡنَا مُحۡضَرُونَ ٥٣
Будет один только глас, и все они будут собраны у Нас.
শিঙাত দ্বিতীয়বাৰ ফুঁ দিয়াৰ পিছতেই কবৰৰ পৰা পুনৰ্জীৱিত হোৱাৰ ঘটনা সংঘটিত হ’ব। তাৰ পিছত চাওঁতে চাওঁতে সকলো মখলুক কিয়ামতৰ দিনা হিচাপ-নিকাচৰ বাবে আমাৰ সন্মুখত উপস্থিত হ’ব।
36:54Страница 443
فَٱلۡيَوۡمَ لَا تُظۡلَمُ نَفۡسٞ شَيۡـٔٗا وَلَا تُجۡزَوۡنَ إِلَّا مَا كُنتُمۡ تَعۡمَلُونَ ٥٤
Сегодня ни одной душе не будет причинено никакой несправедливости, и вам воздастся только за то, что вы совершали.
সেইদিনা ন্যায় সহকাৰে ফয়চালা কৰা হ’ব। হে বান্দাসকল! সেইদিনা কাৰো গুনাহ বৃদ্ধি কৰি তথা কাৰোবাৰ নেকী হ্ৰাস কৰি কোনো ধৰণৰ অন্যায় কৰা নহ’ব। বৰং তোমালোকক পৰিপূৰ্ণৰূপে তাৰেই প্ৰতিদান দিয়া হ’ব, যিবোৰ তোমালোকে পৃথিৱীত কৰিছিলা।
36:55Страница 444
إِنَّ أَصۡحَٰبَ ٱلۡجَنَّةِ ٱلۡيَوۡمَ فِي شُغُلٖ فَٰكِهُونَ ٥٥
Воистину, обитатели Рая сегодня будут заняты тем, что будут наслаждаться.
কিয়ামতৰ দিনা জান্নাতৰ অধিবাসীসকলে আনৰ বিষয়ে চিন্তা কৰাৰ সময়েই নাপাব। কিয়নো তেওঁলোকে চিৰস্থায়ী নিয়ামত আৰু মহাসফলতা প্ৰত্যেক্ষ কৰিব। তেওঁলোকে আনন্দিত হৈ জান্নাতৰ নিয়ামতসমূহ উপভোগ কৰিব।
36:56Страница 444
هُمۡ وَأَزۡوَٰجُهُمۡ فِي ظِلَٰلٍ عَلَى ٱلۡأَرَآئِكِ مُتَّكِـُٔونَ ٥٦
Они и их супруги будут лежать в тенях на ложах, прислонившись.
তেওঁলোকে আৰু তেওঁলোকৰ স্ত্ৰীসকল জান্নাতৰ ঘন ছাঁৰ তলত সুসজ্জিত আসনত বহি আনন্দ উপভোগ কৰিব।
36:57Страница 444
لَهُمۡ فِيهَا فَٰكِهَةٞ وَلَهُم مَّا يَدَّعُونَ ٥٧
Там для них есть фрукты и все, что они потребуют.
তেওঁলোকৰ বাবে জান্নাতত থাকিব বিভিন্ন প্ৰকাৰৰ উত্তম ফলমূল। যেনেঃ আঙুৰ, ডিমৰু আৰু ডালিম আদি। তাত তেওঁলোকে বিচৰা সকলো প্ৰকাৰৰ ভোগ সামগ্ৰী আৰু বিভিন্ন প্ৰকাৰৰ নিয়ামত উপলব্ধ পাব। তেওঁলোকে তাত যিটোৱে বিচাৰিব সেইটোৱেই উপলব্ধ পাব।
36:58Страница 444
سَلَٰمٞ قَوۡلٗا مِّن رَّبّٖ رَّحِيمٖ ٥٨
Милосердный Господь приветствует их словом: «Мир!».
এইবোৰ নিয়ামতৰ ওপৰত থাকিব ছালাম, যিটো তেওঁলোকে অৰ্জন কৰিব। এইটো প্ৰতিপালকৰ তৰফৰ পৰা উপস্থাপিত হ'ব, যিজন তেওঁলোকৰ প্ৰতি অতি দয়ালু। এতেকে যেতিয়া তেওঁলোকে ছালাম লাভ কৰিব, তেতিয়াৰ পৰা তেওঁলোক সকলো ফালৰ পৰা সুৰক্ষিত তথা নিৰাপদ থাকিব। তেওঁলোকে এনেকুৱা ছালাম লাভ কৰিব, যাৰ ওপৰত আন কোনো অভিবাদন নাই।
কিয়ামতৰ দিনা মুশ্বৰিকসকলক কোৱা হ'ব, মুমিনসকলৰ পৰা পৃথক হৈ যোৱা। কাৰণ তোমালোকৰ সৈতে অৱস্থান কৰাটো তেওঁলোকৰ বাবে অনুচিত। কিয়নো তোমালোকৰ প্ৰতিদান তেওঁলোকৰ প্ৰতিদানতকৈ পৃথক, আনহাতে তোমালোকৰ বৈশিষ্ট্য তেওঁলোকৰ বৈশিষ্ট্যতকৈ ভিন্ন।
36:60Страница 444
۞ أَلَمۡ أَعۡهَدۡ إِلَيۡكُمۡ يَٰبَنِيٓ ءَادَمَ أَن لَّا تَعۡبُدُواْ ٱلشَّيۡطَٰنَۖ إِنَّهُۥ لَكُمۡ عَدُوّٞ مُّبِينٞ ٦٠
Разве Я не завещал вам, сыны Адама, не поклоняться дьяволу, который является вашим явным врагом,
মই তোমালোকক মোৰ ৰাছুলসকলৰ দ্বাৰা আদেশ দিয়া নাছিলোনে তথা এই উপদেশ দিয়া নাছিলোনে যে, হে আদম সন্তান! বিভিন্ন প্ৰকাৰৰ কুফৰী আৰু গুনাহৰ কৰ্মত লিপ্ত হৈ তোমালোকে চয়তানৰ অনুসৰণ নকৰিবা। নিশ্চয় চয়তান হৈছে তোমালোকৰ প্ৰকাশ্য শত্ৰু। তেনেক্ষেত্ৰত এজন বিবেকৱান ব্যক্তিয়ে কেনেকৈ নিজৰ প্ৰকাশ্য শত্ৰুৰ অনুসৰণ কৰিব, যাৰ শত্ৰুতা সম্পৰ্কে সি অৱগত!
36:61Страница 444
وَأَنِ ٱعۡبُدُونِيۚ هَٰذَا صِرَٰطٞ مُّسۡتَقِيمٞ ٦١
и поклоняться Мне? Это - прямой путь.
হে আদম সন্তান! মই তোমালোকক আদেশ দিছিলোঁ যে, তোমালোকে একমাত্ৰ মোৰেই ইবাদত কৰা আৰু মোৰ সৈতে কাকো অংশীদাৰ স্থাপন নকৰিবা। কিয়নো মোৰ ইবাদত আৰু মোৰ আনুগত্যই হৈছে একমাত্ৰ সঠিক পথ। যি পথে মোৰ সন্তুষ্টি লাভ আৰু জান্নাতত প্ৰৱেশ কৰাৰ বাট সুগম কৰি দিয়ে। কিন্তু তোমালোকে মোৰ আদেশ আৰু মোৰ উপদেশ পালন কৰা নাছিলা।
36:62Страница 444
وَلَقَدۡ أَضَلَّ مِنكُمۡ جِبِلّٗا كَثِيرًاۖ أَفَلَمۡ تَكُونُواْ تَعۡقِلُونَ ٦٢
Он уже ввел в заблуждение многих из вас. Неужели вы не разумеете?
চয়তানে তোমালোকৰ মাজৰ বহুতকে পথভ্ৰষ্ট কৰিছে। তোমালোকৰ বিবেক নাছিল নেকি, যিটোৱে তোমালোকক তোমালোকৰ প্ৰতিপালকৰ আনুগত্য কৰিবলৈ তথা একমাত্ৰ তেওঁৰেই ইবাদত কৰিবলৈ আদেশ দিলেহেঁতেন! তথা চয়তানৰ অনুসৰণৰ পৰা আঁতৰাই ৰাখিলেহেঁতেন, যিজন তোমালোকৰ প্ৰকাশ্য শত্ৰু?!
36:63Страница 444
هَٰذِهِۦ جَهَنَّمُ ٱلَّتِي كُنتُمۡ تُوعَدُونَ ٦٣
Вот Геенна, которая была вам обещана.
এইখনেই সেই জাহান্নাম, কুফৰীৰ প্ৰতিফলস্বৰূপে পৃথিৱীত তোমালোকক যিখনৰ বিষয়ে প্ৰতিশ্ৰুতি দিয়া হৈছিল। সেই সময়ত তোমালোকে ইয়াক দেখা পোৱা নাছিলা। কিন্তু আজি তোমালোকে ইয়াক স্বচক্ষে প্ৰত্যক্ষ কৰি আছা।
36:64Страница 444
ٱصۡلَوۡهَا ٱلۡيَوۡمَ بِمَا كُنتُمۡ تَكۡفُرُونَ ٦٤
Горите в ней сегодня за то, что вы не веровали».
আজি ইয়াত প্ৰৱেশ কৰা, আৰু ইয়াৰ উত্তাপ ভোগ কৰা। কিয়নো পৃথিৱীত তোমালোকে আল্লাহক অস্বীকাৰ কৰিছিলা।
36:65Страница 444
ٱلۡيَوۡمَ نَخۡتِمُ عَلَىٰٓ أَفۡوَٰهِهِمۡ وَتُكَلِّمُنَآ أَيۡدِيهِمۡ وَتَشۡهَدُ أَرۡجُلُهُم بِمَا كَانُواْ يَكۡسِبُونَ ٦٥
Сегодня Мы запечатаем их уста. Их руки будут говорить с Нами, а их ноги будут свидетельствовать о том, что они приобретали.
আজি আমি সিহঁতৰ মুখত মোহৰ মাৰি দিম, ফলত সিহঁত বোবা হৈ পৰিব। সিহঁতে কৰা কুফৰী আৰু গুনাহক অস্বীকাৰ কৰিব নোৱাৰিব। সিহঁতৰ হাতে আমাৰ লগত কথা ক’ব, পৃথিৱীত কি কি কাম কৰিছিল। সিহঁতৰ ভৰিয়েও সাক্ষ্য দিব, সিহঁতে কি কি গুনাহ কৰিবলৈ আগুৱাই গৈছিল।
36:66Страница 444
وَلَوۡ نَشَآءُ لَطَمَسۡنَا عَلَىٰٓ أَعۡيُنِهِمۡ فَٱسۡتَبَقُواْ ٱلصِّرَٰطَ فَأَنَّىٰ يُبۡصِرُونَ ٦٦
Если Мы пожелаем, то лишим их зрения, и тогда они бросятся к Пути. Но как они будут видеть?
আমি ইচ্ছা কৰিলে সিহঁতৰ দৃষ্টিশক্তি হৰণ কৰিব পাৰোঁ, তেতিয়া সিহঁতে একোৱেই দেখিবলৈ নাপাব। যেতিয়া সিহঁতে পুলচিৰাত পাৰ কৰিবলৈ দৌৰিব, যাতে পাৰ হৈ জান্নাত লাভ কৰিব পাৰে; তেতিয়া সিহঁতৰ বাবে সেইটো পাৰ কৰা অসম্ভৱ হ’ব। কিয়নো সিহঁতৰ দৃষ্টিশক্তি হৰণ হৈছে।
36:67Страница 444
وَلَوۡ نَشَآءُ لَمَسَخۡنَٰهُمۡ عَلَىٰ مَكَانَتِهِمۡ فَمَا ٱسۡتَطَٰعُواْ مُضِيّٗا وَلَا يَرۡجِعُونَ ٦٧
Если Мы пожелаем, то обезобразим их на их местах, и тогда они не смогут ни двинуться вперед, ни вернуться.
যদি আমি সিহঁতৰ আকৃতি বিকৃত কৰিব বিচাৰোঁ তথা সিহঁতক ভৰি কোঁচাই বহোৱাব বিচাৰোঁ তেন্তে নিশ্চয় সিহঁতৰ আকৃতি বিকৃত কৰিব পাৰিম আৰু সিহঁতক ভৰিৰ ওপৰত বহোৱাবও পাৰিম। তেতিয়া সিহঁতে নিজ স্থানৰ পৰা অলপো লৰচৰ কৰিব নোৱাৰিব। আগুৱাবও নোৱাৰিব, পিছৱাবও নোৱাৰিব।
36:68Страница 444
وَمَن نُّعَمِّرۡهُ نُنَكِّسۡهُ فِي ٱلۡخَلۡقِۚ أَفَلَا يَعۡقِلُونَ ٦٨
Тому, кому Мы даруем долгую жизнь, Мы придаем противоположный облик. Неужели они не разумеют?
যি ব্যক্তিৰ আয়ুস আমি বৃদ্ধি কৰি দিওঁ, তাক আমি দুৰ্বল অৱস্থালৈ ওভোতাই দিওঁ। সিহঁতে নিজৰ বিবেকেৰে চিন্তা কৰি নাচায় নেকি? তথা এই কথাষাৰকো সিহঁতে বুজি নাপায় নেকি যে, এইখন সিহঁতৰ চিৰস্থায়ী তথা স্থায়ী ঘৰ নহয়। বৰং চিৰস্থায়ী ঘৰ হৈছে আখাৰিতৰ ঘৰ।
36:69Страница 444
وَمَا عَلَّمۡنَٰهُ ٱلشِّعۡرَ وَمَا يَنۢبَغِي لَهُۥٓۚ إِنۡ هُوَ إِلَّا ذِكۡرٞ وَقُرۡءَانٞ مُّبِينٞ ٦٩
Мы не учили его (Мухаммада) поэзии, и не подобает ему это. Это - не что иное, как Напоминание и ясный Коран,
আমি মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক কবিতা শিকোৱা নাই, আৰু তেওঁৰ বাবে এয়া উচিতো নহয়। কিয়নো তেওঁৰ স্বভাৱে এইটো কেতিয়াও দাবী নকৰে। এতেকে কিহৰ ভিত্তিত তোমালোকৰ এই দাবী সঁচা হ’ব পাৰে যে, তেওঁ এজন কবি? আমি তেওঁক যি শিকাইছোঁ সেইখন হৈছে উপদেশবাণী, তথা চিন্তা-চৰ্চা কৰা লোকসকলৰ বাবে স্পষ্ট কোৰআন।
36:70Страница 444
لِّيُنذِرَ مَن كَانَ حَيّٗا وَيَحِقَّ ٱلۡقَوۡلُ عَلَى ٱلۡكَٰفِرِينَ ٧٠
чтобы он предостерегал тех, кто жив, и чтобы сбылось Слово относительно неверующих.
যাতে সেই ব্যক্তিক সতৰ্ক কৰিব পাৰে যাৰ অন্তৰ জীৱিত আৰু বিবেক আলোকিত। কিয়নো এনেকুৱা ব্যক্তিয়েই কোৰআনৰ দ্বাৰা উপকৃত হয়। আনহাতে কাফিৰ ব্যক্তিৰ ওপৰত শাস্তি অনিবাৰ্য হয়, কিয়নো সিহঁতৰ ওচৰত প্ৰমাণ অৱতীৰ্ণ কৰা হৈছে তথা দাৱাত পৌঁচাই দিয়া হৈছে। গতিকে সিহঁতৰ ফালৰ পৰা অজুহাত উপস্থাপন কৰাৰ কোনো অৱকাশ নাথাকিব।
36:71Страница 445
أَوَلَمۡ يَرَوۡاْ أَنَّا خَلَقۡنَا لَهُم مِّمَّا عَمِلَتۡ أَيۡدِينَآ أَنۡعَٰمٗا فَهُمۡ لَهَا مَٰلِكُونَ ٧١
Неужели они не видят, что из того, что совершили Наши руки (Мы Сами), Мы создали для них скот, и что они им владеют?
সিহঁতে লক্ষ্য নকৰে নেকি যে, নিশ্চয় আমিয়েই সিহঁতৰ বাবে ঘৰচীয়া জন্তুবোৰ সৃষ্টি কৰিছোঁ। যিবোৰৰ স্বত্বাধিকাৰী তেওঁলোকৰেই হাতত। নিজৰ উপযোগিতা অনুসাৰে সেইবোৰক ব্যৱহাৰ কৰে।
36:72Страница 445
وَذَلَّلۡنَٰهَا لَهُمۡ فَمِنۡهَا رَكُوبُهُمۡ وَمِنۡهَا يَأۡكُلُونَ ٧٢
Мы сделали его подвластным им. На одних из них они ездят верхом, а другими питаются.
আমি সেই জন্তুবোৰক সিহঁতৰ অধীনস্থ কৰি দিছোঁ আৰু সেইবোৰক সিহঁতৰ বশীভূত কৰিছোঁ তথা সিহঁতৰ আদেশ মতে চলিব পৰা বনাই দিছোঁ। এতেকে সিহঁতে সেইবোৰৰ কিছুমানক পৰিবহন হিচাপে ব্যৱহাৰ কৰে তথা সেইবোৰৰ পিঠিত বয়-বস্তু বহন কৰি লৈ যায়, আৰু কিছুমানৰ সিহঁতে মাংস ভক্ষণ কৰে।
36:73Страница 445
وَلَهُمۡ فِيهَا مَنَٰفِعُ وَمَشَارِبُۚ أَفَلَا يَشۡكُرُونَ ٧٣
Они приносят им пользу и питье. Неужели они не будут благодарны?
সেইবোৰক পৰিবহন হিচাপে ব্যৱহাৰ কৰা আৰু সেইবোৰৰ মাংস ভক্ষণ কৰাৰ বাহিৰেও সিহঁতৰ বাবে সেইবোৰৰ মাজত আছে বহুতো উপকাৰ। যেনেঃ সেইবোৰৰ ঊণ, পচম, চুলি আৰু মূল্য আদি। সিহঁতে সেইবোৰৰ দ্বাৰা বিছনা আৰু পোছাক-পৰিচ্ছদ আদি তৈয়াৰ কৰে। সেইবোৰৰ মাজত সিহঁতৰ বাবে আছে পানীয় উপাদান, যেনে সিহঁতে সেইবোৰৰ গাখীৰ পান কৰে। তথাপিও সিহঁতে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন নকৰিবনে, যিজনে সিহঁতক এইবোৰ নিয়ামত আৰু ইয়াৰ বাহিৰেও অন্যান্য বহুতো নিয়ামত প্ৰদান কৰিছে?!
36:74Страница 445
وَٱتَّخَذُواْ مِن دُونِ ٱللَّهِ ءَالِهَةٗ لَّعَلَّهُمۡ يُنصَرُونَ ٧٤
Но они поклоняются вместо Аллаха другим богам в надежде на то, что им окажут помощь.
মুশ্বৰিকসকলে আল্লাহৰ বাহিৰে বহুতো উপাস্য গ্ৰহণ কৰিছে। সিহঁতে সেইবোৰৰ এই আশাত উপাসনা কৰে যে, সেইবোৰে সিহঁতক সহায় কৰিব আৰু আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব।
36:75Страница 445
لَا يَسۡتَطِيعُونَ نَصۡرَهُمۡ وَهُمۡ لَهُمۡ جُندٞ مُّحۡضَرُونَ ٧٥
Они не могут помочь им, хотя они являются для них готовым войском (язычники готовы сражаться за своих идолов, или идолы будут в Последней жизни готовым войском против язычников).
সিহঁতে গ্ৰহণ কৰা এই অসত্য উপাস্যবোৰে স্বয়ং নিজৰো উপকাৰ কৰিব নোৱাৰিব আৰু সিহঁতকো উপকাৰ কৰিব নোৱাৰিব যিসকলে সেইবোৰক আল্লাহৰ বাহিৰে উপাসনা কৰিছিল। এতেকে সিহঁতে আৰু সিহঁতৰ মূৰ্ত্তিবোৰ আটায়ে জাহান্নামত উপস্থিত হ'ব আৰু প্ৰত্যেকে ইজনে সিজনৰ পৰা বিচ্ছেদ ঘোষণা কৰিব।
36:76Страница 445
فَلَا يَحۡزُنكَ قَوۡلُهُمۡۘ إِنَّا نَعۡلَمُ مَا يُسِرُّونَ وَمَا يُعۡلِنُونَ ٧٦
Пусть их речи не печалят тебя. Мы знаем то, что они скрывают, и то, что они обнаруживают.
হে ৰাছুল! আপোনাক সিহঁতৰ এই কথাই যেন চিন্তিত নকৰে যে, আপুনি প্ৰেৰিত ৰাছুল নহয়, অথবা আপুনি এজন কবি, নাইবা এনেকুৱা সিহঁতৰ অন্যান্য অভিযোগবোৰে। সিহঁতে গোপন কৰা আৰু প্ৰকাশ কৰা সিহঁতৰ সকলো বিষয়ে নিশ্চয় আমি অৱগত। একোৱেই আমাৰ পৰা গোপন নহয়। শীঘ্ৰেই আমি সিহঁতক ইয়াৰ প্ৰতিদান দিম।
36:77Страница 445
أَوَلَمۡ يَرَ ٱلۡإِنسَٰنُ أَنَّا خَلَقۡنَٰهُ مِن نُّطۡفَةٖ فَإِذَا هُوَ خَصِيمٞ مُّبِينٞ ٧٧
Неужели человек не видит, что Мы сотворили его из капли? И вот он открыто препирается!
আখাৰিতৰ জীৱনক অস্বীকাৰ কৰা ব্যক্তিয়ে এই কথা চিন্তা নকৰে নেকি যে, আমি তাক বীৰ্যৰ দ্বাৰা সৃষ্টি কৰিছোঁ। কেইবাটাও পৰ্যায় পাৰ কৰাৰ পিছত সি ভূমিষ্ঠ হৈছে আৰু ডাঙৰ দীঘল হৈছে। অৱশেষত সি বিতণ্ডাকাৰী আৰু কলহপ্ৰিয় হৈ পৰিছে। সি এইবোৰ লক্ষ্য নকৰে নেকি, তেতিয়াহে সি আখিৰাতৰ পুনৰ্জীৱনৰ প্ৰমাণ বিচাৰি পাব।
36:78Страница 445
وَضَرَبَ لَنَا مَثَلٗا وَنَسِيَ خَلۡقَهُۥۖ قَالَ مَن يُحۡيِ ٱلۡعِظَٰمَ وَهِيَ رَمِيمٞ ٧٨
Он привел Нам притчу и забыл о своем сотворении. Он сказал: «Кто оживит кости, которые истлели?».
অমনোযোগী তথা অজ্ঞ এই কাফিৰে গেলি-পচি যোৱা হাড়ৰ পৰা পুনৰ জীৱন সম্ভৱ নহয় বুলি ফিতাহি মাৰি কয়ঃ এইবোৰ হাড়ক কোনে জীৱন দান কৰিব? অথচ সি নিজৰ সৃষ্টি সম্পৰ্কেই পাহৰি গৈছে, এটা সময়ত সি একোৱেই নাছিল।
36:79Страница 445
قُلۡ يُحۡيِيهَا ٱلَّذِيٓ أَنشَأَهَآ أَوَّلَ مَرَّةٖۖ وَهُوَ بِكُلِّ خَلۡقٍ عَلِيمٌ ٧٩
Скажи: «Оживит их Тот, Кто создал их в первый раз. Он ведает о всяком творении».
হে মুহাম্মদ! আপুনি সিহঁতক প্ৰত্যুত্তৰ দি কওক, এই গেলি পচি যোৱা হাড়বোৰক তেৱেঁই জীৱিত কৰিব, যিয়ে প্ৰথমবাৰ সৃষ্টি কৰিছিল। যিয়ে প্ৰথমবাৰ সৃষ্টি কৰিছে, তেওঁ পুনৰ জীৱিত কৰাত কেতিয়াও অপাৰগ নহয়। সেই পৱিত্ৰ সত্ত্বা, প্ৰত্যেক সৃষ্টি সম্পৰ্কে সৰ্বজ্ঞ। একোৱেই তেওঁৰ পৰা গোপন নহয়।
36:80Страница 445
ٱلَّذِي جَعَلَ لَكُم مِّنَ ٱلشَّجَرِ ٱلۡأَخۡضَرِ نَارٗا فَإِذَآ أَنتُم مِّنۡهُ تُوقِدُونَ ٨٠
Он создал для вас огонь из зеленого дерева, и теперь вы разжигаете огонь от него.
হে মানৱজাতি! যি সত্ত্বাই তোমালোকৰ বাবে সেউজীয়া সতেজ গছৰ পৰা জুই সৃষ্টি কৰে। যিবোৰক তোমালোকে জুই সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা আৰু জুই জ্বলোৱা। এতেকে যি সত্ত্বাই দুটা বিপৰীত ধৰ্মীয় বস্তুক একত্ৰিত কৰিব পাৰে (অৰ্থাৎ সেউজীয়া গছৰ পানীয়ৰ মাজত জুইৰ অস্তিত্ব ৰাখিব পাৰে) তেওঁ নিশ্চয় মৃত ব্যক্তিক জীৱিত কৰিবলৈ সক্ষম।
36:81Страница 445
أَوَلَيۡسَ ٱلَّذِي خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ بِقَٰدِرٍ عَلَىٰٓ أَن يَخۡلُقَ مِثۡلَهُمۚ بَلَىٰ وَهُوَ ٱلۡخَلَّٰقُ ٱلۡعَلِيمُ ٨١
Неужели Тот, Кто сотворил небеса и землю, не способен создать подобных им? Конечно, ведь Он - Творец, Знающий.
যি সত্ত্বাই বিশাল আকাশমণ্ডল, পৃথিৱী আৰু ইয়াৰ মাজত থকা বস্তুবোৰ সৃষ্টি কৰিছে, সেই সত্ত্বাই মৃত ব্যক্তিসকলক জীৱিত কৰিবলৈ সক্ষম নহয়নে? হয়, নিশ্চয় তেওঁ সক্ষম। তেৱেঁই মহাসৃষ্টিকৰ্তা, যিয়ে সকলো মখলুককে সৃষ্টি কৰিছে। তেৱেঁই সৰ্বজ্ঞ। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয়।
36:82Страница 445
إِنَّمَآ أَمۡرُهُۥٓ إِذَآ أَرَادَ شَيۡـًٔا أَن يَقُولَ لَهُۥ كُن فَيَكُونُ ٨٢
Когда Он желает чего-либо, то стоит Ему сказать: «Будь!». - как это сбывается.
আল্লাহৰ ক্ষমতা এনেকুৱা যে, তেওঁ যেতিয়া কোনো বস্তু সৃষ্টি কৰিবলৈ ইচ্ছা কৰে, তেতিয়া সেই বিষয়ে তেওঁ কেৱল কয় হ, তৎক্ষণাত সেইটো অস্তিত্ব লাভ কৰে। জীৱন দান কৰা, মৃত্যু প্ৰদান কৰা আৰু আখিৰাতৰ পুনৰ্জীৱনৰ আদি বিষয়ও তেওঁৰ এই ইচ্ছাৰেই অন্তৰ্ভুক্ত।
36:83Страница 445
فَسُبۡحَٰنَ ٱلَّذِي بِيَدِهِۦ مَلَكُوتُ كُلِّ شَيۡءٖ وَإِلَيۡهِ تُرۡجَعُونَ ٨٣
Пречист Тот, в Чьей Руке власть над всякой вещью! К Нему вы будете возвращены.
আল্লাহ সকলো প্ৰকাৰৰ অপাৰগতাৰ পৰা পৱিত্ৰ, যিবোৰ মুশ্বৰিকসকলে তেওঁৰ সৈতে সম্পৃক্ত কৰে। সকলো বস্তুৰ কৰ্তৃত্ব তেওঁৰ হাতত। তেওঁ যিদৰে ইচ্ছা সেইদৰেই নিয়ন্ত্ৰণ কৰে। সকলো বস্তুৰ চাবি-কাঠি একমাত্ৰ তেওঁৰেই হাতত। আখিৰাতত একমাত্ৰ তেওঁৰ ওচৰতেই তোমালোকে প্ৰত্যাৱৰ্তন কৰিবা। য’ত তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিয়া হ’ব।
Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии