Аль-Мухтасар · Тафсир · на ассамском
Ас-Саффат 37:133–182
37:133Страница 451
وَإِنَّ لُوطٗا لَّمِنَ ٱلۡمُرۡسَلِينَ ١٣٣
Лут (Лот) также был одним из посланников.
নিশ্চয় লূত আলাইহিচ্ছালাম আছিল আল্লাহৰ সেইসকল ৰাছুলৰ অন্তৰ্ভুক্ত, যিসকলক তেওঁ নিজ নিজ সম্প্ৰদায়ৰ প্ৰতি সুসংবাদদাতা আৰু সতৰ্ককাৰী হিচাপে প্ৰেৰণ কৰিছিল।
আপুনি স্মৰণ কৰক সেই সময়ছোৱাক, যেতিয়া আমি তেওঁক আৰু তেওঁৰ পৰিয়ালক সেই শাস্তিৰ পৰা ৰক্ষা কৰিছিলোঁ, যিটো তেওঁৰ সম্প্ৰদায়ৰ ওপৰত প্ৰেৰণ কৰা হৈছিল।
37:135Страница 451
إِلَّا عَجُوزٗا فِي ٱلۡغَٰبِرِينَ ١٣٥
кроме старухи, которая была в числе оставшихся позади.
কিন্তু তেওঁৰ পত্নীৰ বাহিৰে। তাইও সেই সম্প্ৰদায়ৰ সৈতে শাস্তিত পতিত হৈছিল। কিয়নো সিহঁতৰ দৰে তাইও কাফিৰ আছিল।
ইয়াৰ পিছত লূতক অস্বীকাৰ কৰা তেওঁৰ সম্প্ৰদায়ৰ বাকী লোকসকলক আমি ধ্বংস কৰিছিলোঁ। কিয়নো সিহঁতে তেওঁ লৈ অহা বাৰ্তাক বিশ্বাস কৰা নাছিল।
হে মক্কাৰ অধিবাসীসকল! তোমালোকে যেতিয়া ছিৰিয়ালৈ ভ্ৰমণ কৰা, তেতিয়া পুৱাৰ ভাগত নিশ্চয় তোমালোকে সিহঁতৰ বাসস্থানৰ ওচৰেৰে পাৰ হৈ যোৱা।
আনহাতে কেতিয়াবা ৰাতিৰ ভাগতো তোমালোকে সিহঁতৰ সেই ঠাই অতিক্ৰম কৰা, তথাপিও তোমালোকে বুজি নোপোৱা নেকি? সিহঁতে কুফৰী আৰু অস্বীকাৰ কৰাৰ ফলত, লগতে পূৰ্বে কোনেও নকৰা অশ্লীলতাত লিপ্ত হোৱাৰ ফলত সিহঁতে যি শাস্তিৰ সন্মুখীন হৈছিল, সেইটোৰ পৰা তোমালোকে কিয় উপদেশ গ্ৰহণ নকৰা?
37:139Страница 451
وَإِنَّ يُونُسَ لَمِنَ ٱلۡمُرۡسَلِينَ ١٣٩
Йунус (Иона) также был одним из посланников.
নিশ্চয় আমাৰ বান্দা ইউনুছ আলাইহিচ্ছালাম সেইসকল ৰাছুলৰ অন্তৰ্ভুক্ত আছিল, যিসকলক আমি তেওঁলোকৰ সম্প্ৰদায়ৰ ওচৰলৈ সুসংবাদদাতা আৰু সতৰ্ককাৰী হিচাপে প্ৰেৰণ কৰিছিলোঁ।
যেতিয়া তেওঁ নিজ প্ৰতিপালকৰ অনুমতি নোহোৱাকৈ নিজ সম্প্ৰদায়ক এৰি গুচি গৈছিল। আৰু এনেকুৱা এখন নাঁৱত আৰোহণ কৰিলে, যিটো যাত্ৰী আৰু বয়-বস্তুৰে ভৰা আছিল।
37:141Страница 451
فَسَاهَمَ فَكَانَ مِنَ ٱلۡمُدۡحَضِينَ ١٤١
Он бросил жребий вместе с другими и оказался проигравшим.
এতেকে অধিক ভাৰী হোৱাৰ ফলত নাও ডুবি যোৱাৰ উপক্ৰম হ’ল, সেয়ে নাও ডুবি যোৱাৰ ভয় যাত্ৰীসকলে লটাৰীৰ যোগেদি কেইজনমানক সাগৰত দলিয়াই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। ভাগ্যক্ৰমে লটাৰীত ইউনুছ আলাইহিচ্ছালামৰ নাম উঠিল, সেয়ে তেওঁক সাগৰত নিক্ষেপ কৰা হ’ল।
37:142Страница 451
فَٱلۡتَقَمَهُ ٱلۡحُوتُ وَهُوَ مُلِيمٞ ١٤٢
Его проглотила рыба, когда он был достоин порицания.
সিহঁতে যেতিয়া তেওঁক সাগৰত নিক্ষেপ কৰিলে, তেতিয়া প্ৰকাণ্ড মাছ এটাই তেওঁক গিলি পেলালে। সেই সময়ত তেওঁ নিজকে ধিক্কাৰ দি আছিল। কিয়নো তেওঁ নিজ প্ৰতিপালকৰ অনুমতি নোহোৱাকৈ গুচি আহিছিল।
37:143Страница 451
فَلَوۡلَآ أَنَّهُۥ كَانَ مِنَ ٱلۡمُسَبِّحِينَ ١٤٣
Если бы он не был одним из прославляющих Аллаха,
এই ঘটনা সংঘটিত হোৱাৰ পূৰ্বৰে পৰা যদি ইউনুছ আলাইহিচ্ছালাম আল্লাহক বেছি বেছি স্মৰণ কৰা লোকসকলৰ অন্তৰ্ভুক্ত নহ’লহেঁতেন, তথা মাছৰ পেটত অৱস্থান কৰা সময়তো যদি তেওঁ আল্লাহৰ তছবীহ পাঠ নকৰিলেহেঁতেন,
37:144Страница 451
لَلَبِثَ فِي بَطۡنِهِۦٓ إِلَىٰ يَوۡمِ يُبۡعَثُونَ ١٤٤
то непременно остался бы в ее чреве до того дня, когда они будут воскрешены.
তেন্তে নিশ্চয় তেওঁ কিয়ামত পৰ্যন্ত মাছৰ পেটতেই অৱস্থান কৰিবলগীয়া হ’লহেঁতেন। আৰু সেইটোৱে তেওঁৰ কবৰ হ’লহেঁতেন।
37:145Страница 451
۞ فَنَبَذۡنَٰهُ بِٱلۡعَرَآءِ وَهُوَ سَقِيمٞ ١٤٥
Мы выбросили его на открытую местность, и он был болен.
ইয়াৰ পিছত আমি তেওঁক মাছৰ পেটৰ পৰা উলিয়াই এনেকুৱা এখন ভূমিত নিক্ষেপ কৰিলোঁ, য’ত কোনো গছ-গছনি আৰু ঘৰ-দুৱাৰ নাছিল। এটা নিৰ্দিষ্ট সময়লৈকে মাছৰ পেটত অৱস্থান কৰাৰ কাৰণে তেওঁ দুৰ্বল হৈ পৰিছিল।
37:146Страница 451
وَأَنۢبَتۡنَا عَلَيۡهِ شَجَرَةٗ مِّن يَقۡطِينٖ ١٤٦
Мы взрастили над ним (или возле него) тыкву.
সেই খালী ভূমিত আমি এজোপা লতা জাতীয় গছ উৎপন্ন কৰি দিছিলোঁ (লাউ, খিৰা অথবা তৰমুজ গছ)। যাতে ইয়াৰ ছাঁত তেওঁ বিশ্ৰাম কৰিব পাৰে আৰু ইয়াৰ ফল ভক্ষণ কৰিব পাৰে।
37:147Страница 451
وَأَرۡسَلۡنَٰهُ إِلَىٰ مِاْئَةِ أَلۡفٍ أَوۡ يَزِيدُونَ ١٤٧
Мы отправили его к ста тысячам или даже больше того.
আমি তেওঁক তেওঁৰ সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ, যাৰ সংখ্যা আছিল এক লাখ, বৰং তাতোকৈ বেছি ।
37:148Страница 451
فَـَٔامَنُواْ فَمَتَّعۡنَٰهُمۡ إِلَىٰ حِينٖ ١٤٨
Они уверовали, и Мы позволили им пользоваться благами до определенного времени.
এতেকে তেওঁলোকে ঈমান পোষণ কৰিলে আৰু তেওঁ লৈ অহা চৰীয়তক সমৰ্থন কৰিলে। ফলত আল্লাহে তেওঁলোকক পাৰ্থিৱ জীৱনত সুখ-সুবিধা দান কৰিলে, অৱশেষত তেওঁলোকৰ পাৰ্থিৱ জীৱনৰ নিৰ্ধাৰিত সময় সমাপ্ত হ’ল।
37:149Страница 451
فَٱسۡتَفۡتِهِمۡ أَلِرَبِّكَ ٱلۡبَنَاتُ وَلَهُمُ ٱلۡبَنُونَ ١٤٩
Спроси их, почему это у твоего Господа дочери, а у них - сыновья?
হে মুহাম্মদ! মুশ্বৰিকসকলৰ অভিযোগ খণ্ডন কৰিবলৈ সিহঁতক সোধক, তোমালোকে আল্লাহৰ বাবে কন্যা সন্তান সাব্যস্ত কৰা অথচ তোমালোকে নিজৰ বাবে কন্যা সন্তান অপছন্দ কৰা, এইটো কেনেকুৱা চিন্তা ধাৰা? আনহাতে নিজৰ বাবে তোমালোকে পুত্ৰ সন্তান পছন্দ কৰা। এইটো কি ধৰণৰ ভাগ-বতৰা?
37:150Страница 451
أَمۡ خَلَقۡنَا ٱلۡمَلَٰٓئِكَةَ إِنَٰثٗا وَهُمۡ شَٰهِدُونَ ١٥٠
Или же Мы сотворили ангелов женщинами, и они присутствовали при этом?
ফিৰিস্তাসকল নাৰী বুলি সিহঁতে কি ভিত্তিত ধাৰণা কৰিলে? অথচ তেওঁলোকক সৃষ্টি কৰাৰ সময়ত সিহঁত উপস্থিত নাছিল, আনকি সিহঁতে তেওঁলোকক সৃষ্টি কৰাও দেখা নাই।
37:151–152Страница 451
أَلَآ إِنَّهُم مِّنۡ إِفۡكِهِمۡ لَيَقُولُونَ ١٥١
Воистину, по своей лживости они говорят:
وَلَدَ ٱللَّهُ وَإِنَّهُمۡ لَكَٰذِبُونَ ١٥٢
«Аллах родил». Воистину, они - лжецы.
জানি থোৱা! নিশ্চয় মুশ্বৰিকসকলে আল্লাহৰ সৈতে সন্তান সম্পৃক্ত কৰি এই ধৰণৰ মিছা ৰটনাৰ জৰিয়তে আল্লাহৰ প্ৰতি মিছা অভিযোগ উত্থাপন কৰিছে তথা মিছা অপবাদ দিছে। এই দাবীত নিশ্চিতভাৱে সিহঁত মিছলীয়া।
37:153Страница 451
أَصۡطَفَى ٱلۡبَنَاتِ عَلَى ٱلۡبَنِينَ ١٥٣
Неужели Он избрал дочерей и возвысил их над сыновьями?
তোমালোকে পছন্দ কৰা পুত্ৰৰ ঠাইত, তোমালোকে অপছন্দ কৰা কন্যা সন্তানক আল্লাহে নিজৰ বাবে পছন্দ কৰিব নেকি? এইটো কেতিয়াও হ’ব নোৱাৰে।
হে মুশ্বৰিকসকল! কি হৈছে তোমালোকৰ? কিয় তোমালোকে এনেকুৱা অন্যায়মূলক নিৰ্ণয় দি আছা, নিজৰ বাবে পুত্ৰ সন্তান পছন্দ কৰা, আনহাতে আল্লাহৰ বাবে কন্যা সন্তান?!
তোমালোকে এই ভ্ৰষ্ট আক্বীদাহ সম্পৰ্কে চিন্তা-চৰ্চা নকৰা নেকি? কিয়নো যদি চিন্তা-চৰ্চা কৰিলাহেঁতেন তেন্তে কেতিয়াও এনেকুৱা কথা নক’লাহেঁতেন!
তোমালোকৰ ওচৰত কিতাব অথবা ৰাছুলৰ ফালৰ পৰা এই সম্পৰ্কে কোনো স্পষ্ট দলিল তথা প্ৰত্যক্ষ প্ৰমাণ আছে নেকি?!
37:157Страница 452
فَأۡتُواْ بِكِتَٰبِكُمۡ إِن كُنتُمۡ صَٰدِقِينَ ١٥٧
Принесите же ваше Писание, если вы говорите правду.
যদি তোমালোকে নিজৰ দাবীত সত্যবাদী তেন্তে তোমালোকৰ সেই কিতাবখন লৈ আহা, য’ত এই বিষয়ে তোমালোকৰ প্ৰমাণ আছে।
37:158Страница 452
وَجَعَلُواْ بَيۡنَهُۥ وَبَيۡنَ ٱلۡجِنَّةِ نَسَبٗاۚ وَلَقَدۡ عَلِمَتِ ٱلۡجِنَّةُ إِنَّهُمۡ لَمُحۡضَرُونَ ١٥٨
Они установили родство между Ним и джиннами, но джинны знают, что они будут собраны (неверующие будут собраны в Геенне, или джинны будут собраны для расчета).
ফিৰিস্তাসকলক আল্লাহৰ কন্যা সন্তান বুলি কৈ মুশ্বৰিকসকলে অদৃশ্য ফিৰিস্তা আৰু আল্লাহৰ মাজত বংশ সম্পৰ্ক স্থাপন কৰি পেলাইছে, (যিটো প্ৰকাশ্য অন্যায়)। অথচ ফিৰিস্তাসকলে ভালকৈয়ে জানে যে, নিশ্চয় মুশ্বৰিকসকলক হিচাপ-নিকাচৰ বাবে উপস্থিত কৰা হ’ব।
37:159Страница 452
سُبۡحَٰنَ ٱللَّهِ عَمَّا يَصِفُونَ ١٥٩
Аллах превыше того, что они приписывают Ему.
আল্লাহ সেই সকলো অভিযোগৰ পৰা পৱিত্ৰ, যিবোৰ মুশ্বৰিকসকলে তেওঁৰ বিষয়ে উত্থাপন কৰে। দৰাচলতে সন্তান, অংশীদাৰ আদি পৱিত্ৰ আল্লাহৰ বাবে উচিতো নহয়।
37:160Страница 452
إِلَّا عِبَادَ ٱللَّهِ ٱلۡمُخۡلَصِينَ ١٦٠
Не делают этого только избранные (или искренние) рабы Аллаха.
কিন্তু আল্লাহৰ নিষ্ঠাৱান বান্দাসকলৰ বিষয়টো সুকীয়া। কিয়নো তেওঁলোকে আল্লাহক সেইবোৰ বৈশিষ্ট্যৰ দ্বাৰাই বিভূষিত কৰে, যিবোৰ তেওঁৰ মৰ্যাদাৰ বাবে উচিত।
হে মুশ্বৰিকসকল! তোমালোকে আৰু আল্লাহৰ বাহিৰে উপাসনা কৰা তোমালোকৰ এই উপাস্যবোৰে,
কাকো সত্য ধৰ্মৰ পৰা আঁতৰাই নিব নোৱাৰিবা।
কেৱল সেই ব্যক্তিৰ বাহিৰে, যাৰ বিষয়ে আল্লাহে আগতেই সিদ্ধান্ত লৈছে যে, সি জাহান্নামত প্ৰৱেশ কৰিব। গতিকে তেওঁৰ সিদ্ধান্ত কাৰ্যকৰী হোৱাটোৱে নিশ্চিত, সেইকাৰণেই সি কুফৰী কৰে, আৰু অৱশেষত জাহান্নামত প্ৰৱেশ কৰে। আনহাতে এই ক্ষেত্ৰত তোমালোকৰ আৰু তোমালোকৰ এই উপাস্যবোৰৰ কোনো ক্ষমতা নাই।
37:164Страница 452
وَمَا مِنَّآ إِلَّا لَهُۥ مَقَامٞ مَّعۡلُومٞ ١٦٤
Ангелы сказали: «У каждого из нас есть известное место.
ফিৰিস্তাসকলে আল্লাহৰ দাসত্ব স্বীকাৰ কৰি আৰু মুশ্বৰিকসকলৰ অভিযোগক বিচ্ছেদ ঘোষণা কৰি কৈছেঃ আমাৰ মাজৰ প্ৰত্যেকৰে বাবে আল্লাহৰ ইবাদত আৰু তেওঁৰ আনুগত্যৰ ক্ষেত্ৰত এটা নিয়ত মৰ্যাদা আছে।
37:165–166Страница 452
وَإِنَّا لَنَحۡنُ ٱلصَّآفُّونَ ١٦٥
Воистину, мы выстраиваемся рядами.
وَإِنَّا لَنَحۡنُ ٱلۡمُسَبِّحُونَ ١٦٦
Воистину, мы прославляем Аллаха».
নিশ্চয় আমি ফিৰিস্তাসকলে আল্লাহৰ ইবাদত তথা আনুগত্যৰ বাবে শাৰীবদ্ধ হৈ থিয় দিওঁ। লগতে আমি আল্লাহক সেই সকলোবোৰ বিশেষণৰ পৰা পৱিত্ৰতা ঘোষণা কৰোঁ, যিবোৰ তেওঁৰ মৰ্যাদাৰ বাবে উপযুক্ত নহয়।
37:167–169Страница 452
وَإِن كَانُواْ لَيَقُولُونَ ١٦٧
Они (мекканские многобожники) сказали:
لَوۡ أَنَّ عِندَنَا ذِكۡرٗا مِّنَ ٱلۡأَوَّلِينَ ١٦٨
«Если бы у нас было напоминание от первых поколений,
لَكُنَّا عِبَادَ ٱللَّهِ ٱلۡمُخۡلَصِينَ ١٦٩
то мы непременно были бы избранными рабами Аллаха».
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱতৰ পূৰ্বে মক্কাৰ মুশ্বৰিকসকলে দাবী কৰিছিল যে, পূৰ্বৱৰ্তী গ্ৰন্থ যেনে- তাওৰাতৰ দৰে যদি আমাৰ ওচৰত কোনো গ্ৰন্থ থাকিলহেঁতেন তেন্তে আমিও নিৰ্ভেজালভাৱে আল্লাহৰ ইবাদত কৰিলোহেঁতেন। প্ৰকৃততে সিহঁতে মিছাতে এই দাবী কৰিছিল। কিয়নো মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া সিহঁতৰ ওচৰলৈ কোৰআন লৈ আহিল, তেতিয়া সিহঁতে ইয়াক অস্বীকাৰ কৰিলে। গতিকে কিয়ামতৰ দিনা অচিৰেই সিহঁতে সেই কঠিন শাস্তিৰ সন্মুখীন হ’ব, যি শাস্তি সিহঁতৰ অপেক্ষাত আছে।
37:170Страница 452
فَكَفَرُواْ بِهِۦۖ فَسَوۡفَ يَعۡلَمُونَ ١٧٠
Они не уверовали в него, и скоро они узнают.
১৬৭-১৭০- মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱতৰ পূৰ্বে মক্কাৰ মুশ্বৰিকসকলে দাবী কৰিছিল যে, পূৰ্বৱৰ্তী গ্ৰন্থ যেনে- তাওৰাতৰ দৰে যদি আমাৰ ওচৰত কোনো গ্ৰন্থ থাকিলহেঁতেন তেন্তে আমিও নিৰ্ভেজালভাৱে আল্লাহৰ ইবাদত কৰিলোঁহেঁতেন। প্ৰকৃততে সিহঁতে মিছাতে এই দাবী কৰিছিল। কিয়নো মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া সিহঁতৰ ওচৰলৈ কোৰআন লৈ আহিল, তেতিয়া সিহঁতে ইয়াক অস্বীকাৰ কৰিলে। গতিকে কিয়ামতৰ দিনা অচিৰেই সিহঁতে সেই কঠিন শাস্তিৰ সন্মুখীন হ’ব, যি শাস্তি সিহঁতৰ অপেক্ষাত আছে।
37:171–173Страница 452
وَلَقَدۡ سَبَقَتۡ كَلِمَتُنَا لِعِبَادِنَا ٱلۡمُرۡسَلِينَ ١٧١
Нашим посланным рабам уже было сказано Наше Слово.
إِنَّهُمۡ لَهُمُ ٱلۡمَنصُورُونَ ١٧٢
Воистину, им будет оказана помощь.
وَإِنَّ جُندَنَا لَهُمُ ٱلۡغَٰلِبُونَ ١٧٣
Воистину, Наше войско одержит победу.
১৭১-১৭৩-আমাৰ ৰাছুলসকলৰ বিষয়ে আমাৰ এই কথা পূৰ্বেই নিৰ্ধাৰিত হৈছে যে, তেওঁলোকেই নিজৰ শত্ৰুৰ বিৰুদ্ধে জয় লাভ কৰিব। আল্লাহৰ পথত যুদ্ধ কৰা আমাৰ সেনাবাহিনীয়েই জয়যুক্ত হ’ব, যাতে আল্লাহৰ বাণী সদায় উচ্চতাত থাকে।
হে ৰাছুল! এই দূৰাচাৰী মুশ্বৰিকসকলৰ পৰা আপুনি এটা নিৰ্দিষ্ট সময়লৈকে বিমুখ হৈ থাকক, যাতে সিহঁতৰ ওচৰত শাস্তিৰ সময় আহি পৰে। সেই সময় সম্পৰ্কে আল্লাহেই ভাল জানে।
সিহঁতৰ ওপৰত শাস্তি অৱতীৰ্ণ নোহোৱালৈকে সিহঁতক চাই থাকক, এটা সময়ত সিহঁতৰো অন্তৰাত্মা জাগিব, কিন্তু সেই সময়ৰ চেতনাই সিহঁতক কোনো উপকাৰ নকৰিব।
এই মুশ্বৰিকসকলে আল্লাহৰ শাস্তি সম্পৰ্কে খৰখেদা কৰি আছে নেকি?
37:177Страница 452
فَإِذَا نَزَلَ بِسَاحَتِهِمۡ فَسَآءَ صَبَاحُ ٱلۡمُنذَرِينَ ١٧٧
Когда они сойдут на их участки, то скверно будет утро тех, кого предостерегали.
এতেকে যেতিয়া সিহঁতৰ ওপৰত আল্লাহৰ শাস্তি অৱতীৰ্ণ হ'ব, তেতিয়া সিহঁতৰ প্ৰভাত হ’ব অতি নিন্দাজনক।
হে ৰাছুল! আপুনি সিহঁতক আওকাণ কৰক, যেতিয়ালৈকে আল্লাহে সিহঁতৰ ওপৰত শাস্তি অৱতীৰ্ণ নকৰে।
আপুনি সিহঁতক চাই থাকক। সিহঁতেও অচিৰেই দেখা পাব যে, সিহঁতৰ ওপৰত আল্লাহৰ কোনটো আযাব আৰু শাস্তি অৱতীৰ্ণ হয়।
37:180Страница 452
سُبۡحَٰنَ رَبِّكَ رَبِّ ٱلۡعِزَّةِ عَمَّا يَصِفُونَ ١٨٠
Твой Господь, Господь могущества, пречист и далек от того, что они приписывают Ему.
হে মুহাম্মদ! আপোনাৰ প্ৰতিপালক সকলো ক্ষমতাৰ অধিকাৰী, আপুনি তেওঁৰ পৱিত্ৰতা বৰ্ণনা কৰক। তেওঁ সেই সকলো বিশেষণৰ পৰা পৱিত্ৰ, যিবোৰ মুশ্বৰিকসকলে তেওঁৰ প্ৰতি আৰোপ কৰে।
আল্লাহৰ ছালাম আৰু তেওঁৰ প্ৰশংসা তেওঁৰ সন্মানিত ৰাছুলসকলৰ বাবে।
সকলো ধৰণৰ প্ৰশংসা পৱিত্ৰ আৰু মহান আল্লাহৰ বাবে। একমাত্ৰ তেৱেঁই ইয়াৰ যোগ্য। তেৱেঁই বিশ্বজগতৰ প্ৰতিপালক। তেওঁৰ বাহিৰে বিশ্বজগতৰ আন কোনো প্ৰতিপালক নাই।
Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии