Аль-Мухтасар · Тафсир · на ассамском
ص
Сад
Сод · Мекканская · 88 аятов
চোৱাদ। এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে। আল্লাহে কোৰআনৰ শপত খাই এই কথা উল্লেখ কৰিছে যে, কোৰআনত আছে মানুহৰ বাবে এনেকুৱা উপদেশ, যিবোৰ দুনিয়া আৰু আখিৰাতত মানুহৰ বাবে উপকাৰী। মুশ্বৰিকসকলে আল্লাহৰ অংশীদাৰ থকা বুলি যি ধাৰণা পোষণ কৰে, সেইটো সম্পুৰ্ণৰূপে মিছা।
38:2Страница 453
بَلِ ٱلَّذِينَ كَفَرُواْ فِي عِزَّةٖ وَشِقَاقٖ ٢
Однако те, которые не веруют, пребывают в гордыне и разладе с истиной.
কিন্তু কাফিৰসকলে আল্লাহৰ তাওহীদৰ পৰা আঁতৰি অহংকাৰত লিপ্ত হৈছে, আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিৰোধিতা কৰি তেওঁৰ লগত শত্ৰুতা পোষণ কৰিছে।
38:3Страница 453
كَمۡ أَهۡلَكۡنَا مِن قَبۡلِهِم مِّن قَرۡنٖ فَنَادَواْ وَّلَاتَ حِينَ مَنَاصٖ ٣
Как же много поколений погубили Мы до них! Они взывали, но уже было поздно для того, чтобы уклониться.
আমি ইহঁতৰ পূৰ্বে বহুতো সম্প্ৰদায়ক বিনাশ কৰিছোঁ, যিসকলে নিজ নিজ ৰাছুলসকলক অস্বীকাৰ কৰিছিল। কিন্তু যেতিয়া সিহঁতৰ ওপৰত শাস্তি অৱতীৰ্ণ হৈছিল তেতিয়া সিহঁতে কাকুতি-মিনতি কৰি সহায় প্ৰাৰ্থনা কৰিছিল। অথচ সেইটো ৰক্ষা পোৱাৰ সময় নাছিল যে, কাকুতি-মিনতি কৰিলে কিবা লাভ হ’ব।
38:4Страница 453
وَعَجِبُوٓاْ أَن جَآءَهُم مُّنذِرٞ مِّنۡهُمۡۖ وَقَالَ ٱلۡكَٰفِرُونَ هَٰذَا سَٰحِرٞ كَذَّابٌ ٤
Они удивились тому, что к ним явился предостерегающий увещеватель из них самих, и неверующие сказали: «Это - лживый колдун!
আৰু সিহঁতে আশ্চৰ্য প্ৰকাশ কৰি কৈছিল যেতিয়া সিহঁতৰ মাজৰ পৰাই এজন ৰাছুল প্ৰেৰিত হৈছিল, যিয়ে সিহঁতক আল্লাহৰ শাস্তিৰ ভয় দেখুৱাইছিল যে, যদি সিহঁতে এইদৰে কুফৰীৰ ওপৰত অবিচল থাকে তেন্তে সিহঁতে আল্লাহৰ শাস্তিৰ সন্মুখীন হ’ব। মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা চৰীয়তৰ সপক্ষে দলিল-প্ৰমাণবোৰ প্ৰত্যক্ষ কৰাৰ পিছত কাফিৰসকলে ক’লেঃ এওঁ হৈছে যাদুকৰ ব্যক্তি, যিয়ে মানুহক যাদু কৰে। তথা এওঁ এজন মিছলীয়া ব্যক্তি, যিয়ে নিজকে আল্লাহৰ ৰাছুল বুলি দাবী কৰে আৰু আল্লাহে তেওঁৰ প্ৰতি অহী কৰে বুলি দাবী কৰে।
38:5Страница 453
أَجَعَلَ ٱلۡأٓلِهَةَ إِلَٰهٗا وَٰحِدًاۖ إِنَّ هَٰذَا لَشَيۡءٌ عُجَابٞ ٥
Неужели он обратил богов в Единственного Бога? Воистину, это - нечто удивительное!».
এওঁ বিভিন্ন ইলাহক এজন ইলাহ বনাই লৈছে নেকি, যাৰ বাহিৰে আন কোনো ইলাহ নাই? নিশ্চয় তেওঁৰ এই কৰ্ম অত্যন্ত আশ্চৰ্যজনক।
38:6Страница 453
وَٱنطَلَقَ ٱلۡمَلَأُ مِنۡهُمۡ أَنِ ٱمۡشُواْ وَٱصۡبِرُواْ عَلَىٰٓ ءَالِهَتِكُمۡۖ إِنَّ هَٰذَا لَشَيۡءٞ يُرَادُ ٦
Знатные люди из их числа удалились со словами: «Ступайте и терпите за ваших богов. Воистину, это - некий замысел (или нечто желанное).
সিহঁতৰ নেতৃস্থানীয় আৰু প্ৰমুখ লোকসকলে নিজৰ অনুসাৰীসকলক এই বুলি কৈ আঁতৰি গ’ল যে, তোমালোকেও সেইটোৰ ওপৰত অবিচল থাকা, যিটোৰ ওপৰত আগতে আছিলা। মুহাম্মদৰ ধৰ্মত প্ৰৱেশ নকৰিবা। তোমালোকে নিজ নিজ উপাস্যৰ উপাসনাত দৃঢ়ভাৱে অটল থাকা। দৰাচলতে মুহাম্মদে তোমালোকক এটা বিশেষ আঁচনিৰ অধীনত এক আল্লাহৰ ইবাদতৰ পিনে আহ্বান কৰি আছে। প্ৰকৃততে তেওঁ আমাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব বিচাৰে আৰু যাতে আমি তেওঁৰ অনুসাৰী হৈ যাওঁ।
38:7Страница 453
مَا سَمِعۡنَا بِهَٰذَا فِي ٱلۡمِلَّةِ ٱلۡأٓخِرَةِ إِنۡ هَٰذَآ إِلَّا ٱخۡتِلَٰقٌ ٧
Мы не слышали об этом в последней религии. Это - не что иное, как вымысел.
মুহাম্মদে যি তাওহীদৰ পিনে আমাক আহ্বান কৰি আছে, সেই বিষয়ে আমি আমাৰ আজোককাসকলৰ মুখত একো শুনা নাছিলোঁ। আনকি ঈছা আলাইহিচ্ছালামৰ ধৰ্মতো ইয়াৰ কোনো উল্লেখ নাই। তেওঁৰ এই কথা যিটো আমি শুনি আছোঁ, দৰাচলতে একপ্ৰকাৰ মিছা আৰু মনেসজা কথাৰ বাহিৰে আন একো নহয়।
38:8Страница 453
أَءُنزِلَ عَلَيۡهِ ٱلذِّكۡرُ مِنۢ بَيۡنِنَاۚ بَلۡ هُمۡ فِي شَكّٖ مِّن ذِكۡرِيۚ بَل لَّمَّا يَذُوقُواْ عَذَابِ ٨
Неужели среди нас Напоминание ниспослано только ему одному?». О нет! Они сомневаются в Моем Напоминании (Коране). О нет! Они еще не вкусили мучений.
“এইটো কিদৰে সম্ভৱ যে, আমাৰ মাজত ডাঙৰ ডাঙৰ আৰু প্ৰমুখ লোকসকল থকা সত্তেও তেওঁক বিশেষ মৰ্যাদা প্ৰদান কৰা হ’ল আৰু তেওঁৰ ওপৰত কোৰআন অৱতীৰ্ণ কৰা হ’ল, আমাৰ ওপৰত কিয় অৱতীৰ্ণ কৰা নহ’ল”? বৰং এই মুশ্বৰিকসকলে আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা অহী সম্পৰ্কে সন্দেহত পতিত হৈছে। যিহেতু সিহঁতে এতিয়াও আল্লাহৰ শাস্তিৰ সোৱাদ পোৱা নাই, সেইকাৰণেই সিহঁতে এই অৱকাশক অৱহেলা কৰি আছে। যদি সিহঁতে সেই শাস্তিৰ সোৱাদ পালেহেঁতেন তেন্তে কেতিয়াও আল্লাহৰ লগত কুফৰী আৰু শ্বিৰ্ক নকৰিলেহেঁতেন আৰু আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা অহীৰ প্ৰতিও সন্দেহ নকৰিলেহেঁতেন।
38:9Страница 453
أَمۡ عِندَهُمۡ خَزَآئِنُ رَحۡمَةِ رَبِّكَ ٱلۡعَزِيزِ ٱلۡوَهَّابِ ٩
Или же у них есть сокровищницы милости твоего Господа, Могущественного, Дарующего?
অথবা এই মিছলীয়া মুশ্বৰিকসকলৰ ওচৰত আপোনাৰ প্ৰতিপালকৰ অনুগ্ৰহৰ ভাণ্ডাৰ আছে নেকি? আপোনাৰ প্ৰতিপালক মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ যাক যি ইচ্ছা কৰে সেইটোৱে দান কৰে। নুবুওৱত হৈছে তেওঁৰ অনুগ্ৰহ ভাণ্ডাৰৰ এটা অংশ। এতেকে তেওঁ যাক ইচ্ছা কৰে তাকহে তেওঁ নুবুওৱত দান কৰে। এইক্ষেত্ৰত সিহঁতৰ কোনো অধিকাৰ নাই যে, সিহঁতে যাক ইচ্ছা কৰিব দান কৰিব আৰু যাক ইচ্ছা কৰিব বঞ্চিত কৰিব।
38:10Страница 453
أَمۡ لَهُم مُّلۡكُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَمَا بَيۡنَهُمَاۖ فَلۡيَرۡتَقُواْ فِي ٱلۡأَسۡبَٰبِ ١٠
Или же им принадлежит власть над небесами, землей и тем, что между ними? Пусть же они поднимутся на небеса по путям (или веревкам).
অথবা সিহঁতৰ ওচৰত আকাশমণ্ডল, পৃথিৱী আৰু দুয়োৰে মাজত থকা সকলো বস্তুৰ কৰ্তৃত্ব আছে নেকি? নাইবা কাৰোবাক দান কৰা আৰু কাৰোবাক বঞ্চিত কৰাৰ অধিকাৰ সিহঁতৰ আছে নেকি? যদি সিহঁতে এনেকুৱাই ভাৱে তেন্তে সিহঁতে আকাশত উঠাৰ মাধ্যম অৱলম্বন কিয় নকৰে। যাতে দান কৰা আৰু বঞ্চিত কৰাৰ সেই আদেশ কাৰ্যকৰী কৰিব পাৰে। সিহঁতৰ পক্ষে এইটো কেতিয়াও সম্ভৱ নহয়।
38:11Страница 453
جُندٞ مَّا هُنَالِكَ مَهۡزُومٞ مِّنَ ٱلۡأَحۡزَابِ ١١
Это войско будет разбито, подобно прежним соумышленникам.
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক অস্বীকাৰ কৰা লোকসকল হৈছে পৰাজিত সেনা। পূৰ্বৱৰ্তী সেই লোকসকলৰ দৰে, যিসকলে নিজ নিজ ৰাছুলসকলক অস্বীকাৰ কৰিছিল।
38:12Страница 453
كَذَّبَتۡ قَبۡلَهُمۡ قَوۡمُ نُوحٖ وَعَادٞ وَفِرۡعَوۡنُ ذُو ٱلۡأَوۡتَادِ ١٢
До них посланников сочли лжецами народ Нуха (Ноя), адиты и Фараон, владыка кольев,
এই অস্বীকাৰকাৰী সকলেই প্ৰথম অস্বীকাৰকাৰী নহয়। ইহঁতৰ পূৰ্বে নূহ আলাইহিচ্ছালামৰ সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল, আদ সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল, লগতে ফিৰআউনেও অস্বীকাৰ কৰিছিল, আৰু তাৰ ওচৰত মানুহক শাস্তি বিহিবলৈ আছিল লৌহ নিৰ্মিত শলা।
38:13Страница 453
وَثَمُودُ وَقَوۡمُ لُوطٖ وَأَصۡحَٰبُ لۡـَٔيۡكَةِۚ أُوْلَٰٓئِكَ ٱلۡأَحۡزَابُ ١٣
самудяне, народ Лута (Лота) и жители Айки. Это были соумышленники.
ছামূদ জাতিয়ে অস্বীকাৰ কৰিছিল আৰু লূত সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল, লগতে অস্বীকাৰ কৰিছিল শ্বুয়াইব আলাইহিচ্ছালামৰ সম্প্ৰদায়েও। এইসকল লোকেই নিজ নিজ ৰাছুলসকলক অস্বীকাৰ কৰিবলৈ আৰু তেওঁলোকে লৈ অহা চৰীয়তক নাকচ কৰিবলৈ দলবদ্ধ হৈছিল।
38:14Страница 453
إِن كُلٌّ إِلَّا كَذَّبَ ٱلرُّسُلَ فَحَقَّ عِقَابِ ١٤
Все они сочли лжецами посланников, и истинным было Мое наказание.
এই দলসমূহৰ প্ৰত্যেকেই ৰাছুলসকলক অস্বীকাৰ কৰিছিল। সেইকাৰণেই সিহঁতৰ ওপৰত আল্লাহৰ শাস্তি অনিবাৰ্য হৈছে। তথা পলমকৈ হ’লেও সিহঁতৰ ওপৰত শাস্তিৰ বিধান কাৰ্যকৰী হৈছে।
38:15Страница 453
وَمَا يَنظُرُ هَٰٓؤُلَآءِ إِلَّا صَيۡحَةٗ وَٰحِدَةٗ مَّا لَهَا مِن فَوَاقٖ ١٥
Им нечего ждать, кроме одного лишь гласа, для которого нет возврата.
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক অস্বীকাৰ কৰা এই লোকসকলে কেৱল শিঙাত দ্বিতীয় ফুঁ কেতিয়া দিয়া হ’ব তাৰ অপেক্ষাত আছে, যাৰ পিছত প্ৰত্যাৱৰ্তনৰ কোনো সুযোগ নাথাকিব। গতিকে যদি সিহঁত ৰাছুলক অস্বীকাৰ কৰা অৱস্থাতেই মৃত্যুবৰণ কৰে তেন্তে নিশ্চয় সিহঁতৰ ওপৰত শাস্তি কাৰ্যকৰী হ’ব।
38:16Страница 453
وَقَالُواْ رَبَّنَا عَجِّل لَّنَا قِطَّنَا قَبۡلَ يَوۡمِ ٱلۡحِسَابِ ١٦
Они сказали: «Господь наш! Приблизь нашу долю (покажи нам книгу с нашими добрыми и злыми деяниями) до наступления Дня расчета».
সিহঁতে উপহাস কৰি কয়ঃ হে আমাৰ প্ৰতিপালক! আমাৰ অংশৰ শাস্তি আমাক কিয়ামতৰ পূৰ্বে পৃথিৱীতেই প্ৰদান কৰা।
38:17Страница 454
ٱصۡبِرۡ عَلَىٰ مَا يَقُولُونَ وَٱذۡكُرۡ عَبۡدَنَا دَاوُۥدَ ذَا ٱلۡأَيۡدِۖ إِنَّهُۥٓ أَوَّابٌ ١٧
Терпи то, что они говорят, и помяни Нашего могучего раба Давуда (Давида). Он всегда обращался к Аллаху.
হে ৰাছুল! এই অস্বীকাৰকাৰী লোকসকলে আপোনাক অসন্তুষ্টিমূলক যিবোৰ কথা কৈ আছে, সেইক্ষেত্ৰত আপুনি ধৈৰ্য্য ধাৰণ কৰক আৰু আমাৰ বান্দা দাঊদ আলাইহিচ্ছালামৰ কথা স্মৰণ কৰক। তেওঁ শত্ৰুক পৰাজিত কৰিব পৰা ক্ষমতাধাৰী আছিল, লগতে তেওঁ আল্লাহৰ আনুগত্যত ধৈৰ্য্য ধাৰণ কৰিছিল। নিশ্চয় তেওঁ আছিল অধিক তাওবাকাৰী আৰু আল্লাহৰ প্ৰতি প্ৰত্যাৱৰ্তনকাৰী ব্যক্তি। লগতে তেওঁ আছিল আল্লাহক সন্তুষ্টি কৰিব পৰা অধিক আমলকাৰী।
38:18Страница 454
إِنَّا سَخَّرۡنَا ٱلۡجِبَالَ مَعَهُۥ يُسَبِّحۡنَ بِٱلۡعَشِيِّ وَٱلۡإِشۡرَاقِ ١٨
Мы подчинили горы, и они славословили вместе с ним после полудня и утром.
আমি দাঊদৰ সৈতে পৰ্বতবোৰকো নিয়োজিত কৰিছিলোঁ। যেতিয়া তেওঁ পুৱা-গধূলি আল্লাহৰ পৱিত্ৰতা বৰ্ণনা কৰিছিল তথা তছবীহ পাঠ কৰিছিল, তেতিয়া পৰ্বতবোৰেও তেওঁৰ সৈতে তছবীহ পাঠ কৰিছিল।
38:19Страница 454
وَٱلطَّيۡرَ مَحۡشُورَةٗۖ كُلّٞ لَّهُۥٓ أَوَّابٞ ١٩
А также птиц, собранных вместе. Все они обращались к Нему.
আকাশমাৰ্গত সমবেত চৰাইবোৰকো আমি তেওঁৰ অধীনস্থ কৰি দিছিলোঁ। সেইবোৰ আটায়ে আছিল অনুগত। তেওঁৰ সৈতে তছবীহ পাঠ কৰিছিল।
38:20Страница 454
وَشَدَدۡنَا مُلۡكَهُۥ وَءَاتَيۡنَٰهُ ٱلۡحِكۡمَةَ وَفَصۡلَ ٱلۡخِطَابِ ٢٠
Мы укрепили его власть и даровали ему мудрость и решающее слово.
আমি তেওঁক সম্ভ্ৰম, শক্তি সামৰ্থ আৰু শত্ৰুৰ ওপৰত বিজয় প্ৰদান কৰি তেওঁৰ ৰাজত্বক শক্তিশালী কৰিছিলোঁ। লগতে আমি তেওঁক নুবুওৱত প্ৰদান কৰিছিলোঁ আৰু বিভিন্ন বিষয়ত সঠিক সিদ্ধান্ত লোৱাৰ দুৰদৰ্শিতা প্ৰদান কৰিছিলোঁ। তথা সকলো বিষয়ৰ সন্তোষজনক বৰ্ণনা কৰাৰ ক্ষমতা, লগতে বাগ্মিতা আৰু আদেশ-নিষেধৰ ক্ষমতা প্ৰদান কৰিছিলোঁ।
38:21Страница 454
۞ وَهَلۡ أَتَىٰكَ نَبَؤُاْ ٱلۡخَصۡمِ إِذۡ تَسَوَّرُواْ ٱلۡمِحۡرَابَ ٢١
Дошла ли до тебя весть о тех, кто затеял тяжбу и перелез через стену молельни?
হে ৰাছুল! আপোনাৰ ওচৰলৈ সেই দুজন বিবাদকাৰী ব্যক্তিৰ সংবাদ আহি পৰিছেনে, যেতিয়া সিহঁতে প্ৰাচীৰ বগাই দাঊদ আলাইহিচ্ছালামৰ ইবাদতৰ ঠাইত প্ৰৱেশ কৰিছিল।
38:22Страница 454
إِذۡ دَخَلُواْ عَلَىٰ دَاوُۥدَ فَفَزِعَ مِنۡهُمۡۖ قَالُواْ لَا تَخَفۡۖ خَصۡمَانِ بَغَىٰ بَعۡضُنَا عَلَىٰ بَعۡضٖ فَٱحۡكُم بَيۡنَنَا بِٱلۡحَقِّ وَلَا تُشۡطِطۡ وَٱهۡدِنَآ إِلَىٰ سَوَآءِ ٱلصِّرَٰطِ ٢٢
Они вошли к Давуду (Давиду), и он испугался их. Они сказали: «Не бойся, мы - двое тяжущихся. Один из нас поступил несправедливо по отношению к другому. Рассуди же между нами по справедливости, не будь несправедлив и укажи нам на верный путь.
যেতিয়া সিহঁতে দাঊদ আলাইহিচ্ছালামৰ ওচৰত হঠাৎ প্ৰৱেশ কৰিলে, তেওঁ সিহঁতৰ এই আচৰণ দেখি অৰ্থাৎ ব্যতিক্ৰমী প্ৰৱেশত আতংকিত হৈ পৰিল। সিহঁতে দাঊদ আলাইহিচ্ছালামৰ আতংকিত অৱস্থা দেখি ক'লেঃ ভয় নকৰিব। আমি দুটা বিবদমান পক্ষ। এক পক্ষই দ্বিতীয় পক্ষৰ ওপৰত অন্যায় কৰিছে। গতিকে আপুনি আমাৰ মাজত ন্যায়িকভাৱে মীমাংসা কৰি দিয়ক। লগতে মীমাংসাৰ ক্ষেত্ৰত আমাৰ প্ৰতি অন্যায় নকৰিব। তথা আমাক সঠিক পথ দেখুৱাওক।
38:23Страница 454
إِنَّ هَٰذَآ أَخِي لَهُۥ تِسۡعٞ وَتِسۡعُونَ نَعۡجَةٗ وَلِيَ نَعۡجَةٞ وَٰحِدَةٞ فَقَالَ أَكۡفِلۡنِيهَا وَعَزَّنِي فِي ٱلۡخِطَابِ ٢٣
Это - мой брат. У него есть девяносто девять овец, а у меня - всего одна овца. Он сказал: «Отдай ее мне!» - и одолел меня на словах».
সিহঁতৰ মাজৰ এজনে দাঊদ আলাইহিচ্ছালামক ক’লেঃ শুনক! এওঁ হৈছে মোৰ ভাই, এওঁৰ ওচৰত আছে নিৰানব্বৈজনী দুম্বা। আনহাতে মোৰ আছে মাত্ৰ এজনী দুম্বা। তথাপিও সি মোৰ সেই এজনী দুম্বাকে বিচাৰি আছে। লগতে যুক্তি তৰ্কতো সি মোক পৰাজিত কৰিছে।
38:24Страница 454
قَالَ لَقَدۡ ظَلَمَكَ بِسُؤَالِ نَعۡجَتِكَ إِلَىٰ نِعَاجِهِۦۖ وَإِنَّ كَثِيرٗا مِّنَ ٱلۡخُلَطَآءِ لَيَبۡغِي بَعۡضُهُمۡ عَلَىٰ بَعۡضٍ إِلَّا ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ وَقَلِيلٞ مَّا هُمۡۗ وَظَنَّ دَاوُۥدُ أَنَّمَا فَتَنَّٰهُ فَٱسۡتَغۡفَرَ رَبَّهُۥ وَخَرَّۤ رَاكِعٗاۤ وَأَنَابَ۩ ٢٤
Давуд (Давид) сказал: «Он поступил по отношению к тебе несправедливо, когда попросил присоединить твою овцу к своим. Воистину, многие партнеры поступают несправедливо по отношению друг к другу, кроме тех, которые уверовали и совершают праведные деяния. Но таких мало». Давуд (Давид) убедился, что Мы подвергли его искушению, попросил прощения у своего Господа, пал ниц и раскаялся.
তেতিয়া দাঊদ আলাইহিচ্ছালামে দুয়ো পক্ষৰ মাজত মীমাংসা কৰি দিলে আৰু গোচৰ ৰুজু কৰা ব্যক্তিক সম্বোধন কৰি ক’লেঃ তোমাৰ ভাতৃয়ে তোমাৰ দুম্বাজনীক কাঢ়িলৈ নিজৰ দুম্বাবোৰৰ লগত একত্ৰিত কৰিব বিচাৰি তোমাৰ প্ৰতি অন্যায় কৰিছে। প্ৰকৃততে বহুতো অংশীদাৰে ইজনে সিজনৰ অধিকাৰ খৰ্ব কৰি তথা ন্যায়ৰ পৰা বিমুখ হৈ অন্যায়-অত্যাচাৰত লিপ্ত হয়। আনহাতে সৎকৰ্ম কৰা মুমিনসকলৰ বিষয়টো সুকীয়া। তেওঁলোকে নিজৰ অংশীদাৰসকলৰ লগত ন্যায় কৰে, সিহঁতৰ প্ৰতি অন্যায় নকৰে। যদিও এনেকুৱা লোকৰ সংখ্যা অতি তাকৰ। ইপিনে দাঊদ আলাইহিচ্ছালামে বুজি পালে যে, এই বিবাদৰ দ্বাৰা আমি তেওঁক ফিতনাত পতিত কৰিছোঁ। সেয়ে তেওঁ নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলে। আল্লাহৰ নৈকট্য অৰ্জন কৰিবলৈ ছাজদাৱনত হ’ল আৰু তেওঁৰ ওচৰত তাওবা কৰিলে।
38:25Страница 454
فَغَفَرۡنَا لَهُۥ ذَٰلِكَۖ وَإِنَّ لَهُۥ عِندَنَا لَزُلۡفَىٰ وَحُسۡنَ مَـَٔابٖ ٢٥
Мы простили ему это. Воистину, он приближен к Нам, и ему уготовано прекрасное место возвращения.
আমি তেওঁৰ প্ৰাৰ্থনা কবূল কৰিলোঁ আৰু তেওঁক ক্ষমা কৰিলোঁ। নিশ্চয় তেওঁ আছিল আমাৰ নিকটৱৰ্তী লোকসকলৰ অন্তৰ্ভুক্ত। আখিৰাতত তেওঁৰ বাবে আছে উত্তম বাসস্থান।
38:26Страница 454
يَٰدَاوُۥدُ إِنَّا جَعَلۡنَٰكَ خَلِيفَةٗ فِي ٱلۡأَرۡضِ فَٱحۡكُم بَيۡنَ ٱلنَّاسِ بِٱلۡحَقِّ وَلَا تَتَّبِعِ ٱلۡهَوَىٰ فَيُضِلَّكَ عَن سَبِيلِ ٱللَّهِۚ إِنَّ ٱلَّذِينَ يَضِلُّونَ عَن سَبِيلِ ٱللَّهِ لَهُمۡ عَذَابٞ شَدِيدُۢ بِمَا نَسُواْ يَوۡمَ ٱلۡحِسَابِ ٢٦
О Давуд (Давид)! Воистину, Мы назначили тебя наместником на земле. Суди же людей по справедливости и не потакай порочным желаниям, а не то они собьют тебя с пути Аллаха. Воистину, тем, кто сбивается с пути Аллаха, уготованы тяжкие мучения за то, что они предали забвению День расчета.
হে দাঊদ! নিশ্চয় আমি আপোনাক পৃথিৱীৰ বুকুত খলিফা বনাইছোঁ। যাতে আপুনি দ্বিনী আৰু দুনিয়াৱী উভয় প্ৰকাৰৰ সিদ্ধান্ত জাৰি কৰিব পাৰে। গতিকে আপুনি মানুহৰ মাজত ন্যায় মুতাবিক ফয়চালা কৰক। মানুহৰ মাজত মীমাংসা কৰাৰ সময়ত প্ৰবৃত্তিৰ অনুসৰণ নকৰিব। তথা আত্মীয়তা অথবা বন্ধুত্বৰ খাতিৰত এক পক্ষীয় মীমাংসা নকৰিব। নাইবা কাৰোবাৰ প্ৰতি শত্ৰুতা থকাৰ কাৰণে তাৰ প্ৰতি অন্যায় নকৰিব। এনেকুৱা প্ৰবৃত্তিৰ অনুসৰণে আপোনাক আল্লাহৰ সঠিক পথৰ পৰা আঁতৰাই দিব। যিসকলে মানুহক আল্লাহৰ সঠিক পথৰ পৰা বিভ্ৰান্ত কৰে, নিশ্চিতভাৱে সিহঁতৰ বাবে আছে কঠিন শাস্তি। কিয়নো সিহতে হিচাপ-নিকাচৰ দিৱসক পাহৰি আছিল। কাৰণ যদি সিহঁতে সেই দিৱসক স্মৰণ কৰিলেহেঁতেন তথা ভয় কৰিলেহেঁতেন তেন্তে কেতিয়াও সিহঁতে প্ৰবৃত্তিৰ অনুসৰণ নকৰিলেহেঁতেন।
38:27Страница 455
وَمَا خَلَقۡنَا ٱلسَّمَآءَ وَٱلۡأَرۡضَ وَمَا بَيۡنَهُمَا بَٰطِلٗاۚ ذَٰلِكَ ظَنُّ ٱلَّذِينَ كَفَرُواْۚ فَوَيۡلٞ لِّلَّذِينَ كَفَرُواْ مِنَ ٱلنَّارِ ٢٧
Мы не создали небо, землю и то, что между ними, понапрасну. Так думают только те, которые не веруют. Горе же тем, которые не веруют, от Огня!
আকাশমণ্ডল আৰু পৃথিৱীক আমি অনৰ্থক সৃষ্টি কৰা নাই। এইটো একমাত্ৰ কাফিৰসকলৰহে ধাৰণা। এনেকুৱা ধাৰণা পোষণ কৰা কাফিৰসকলৰ বাবে কিয়ামতৰ দিনা আছে অগ্নিৰ শাস্তি, যদি সিহঁতে কুফৰীৰ ওপৰত অটল থাকি অথবা আল্লাহৰ প্ৰতি বেয়া ধাৰণা পোষণ কৰি মৃত্যুবৰণ কৰে।
38:28Страница 455
أَمۡ نَجۡعَلُ ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ كَٱلۡمُفۡسِدِينَ فِي ٱلۡأَرۡضِ أَمۡ نَجۡعَلُ ٱلۡمُتَّقِينَ كَٱلۡفُجَّارِ ٢٨
Неужели Мы уравняем тех, кто уверовал и совершал праведные деяния, с теми, кто распространял нечестие на земле? Или же Мы уравняем богобоязненных с грешниками?
যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু তেওঁৰ ৰাছুলৰ অনুসৰণ কৰিছে, লগতে সৎকৰ্ম কৰিছে তেওঁলোকক আমি কেতিয়াও সেইসকল লোকৰ দৰে গণ্য নকৰোঁ যিসকলে বিভিন্ন প্ৰকাৰৰ গুনাহ আৰু কুফৰীৰ দ্বাৰা পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰে। এইদৰে মুত্তাক্বীসকলক, যিসকলে নিজ প্ৰতিপালকৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে, তেওঁলোককো আমি কাফিৰ মুনাফিক তথা গুনাহত নিমজ্জিত ব্যক্তিসকলৰ সৈতে কেতিয়াও তুলনা নকৰোঁ। উভয়কে সমান মৰ্যাদা প্ৰদান কৰাটো এটা অন্যায়, আল্লাহৰ পক্ষে এইটো কেতিয়াও সমীচীন নহয়। বৰং আল্লাহে মুত্তাক্বী মুমিনসকলক জান্নাতত প্ৰৱেশ কৰাৰ সুবিধা প্ৰদান কৰিব। আনহাতে দুৰ্ভগীয়া কাফিৰসকলক জাহান্নামত প্ৰৱেশ কৰাই শাস্তি বিহিব। কিয়নো আল্লাহৰ দৃষ্টিত দুয়ো সমান নহয়, সেয়ে তেওঁৰ ওচৰত সিহঁতৰ প্ৰতিদানো সমান নহয়।
38:29Страница 455
كِتَٰبٌ أَنزَلۡنَٰهُ إِلَيۡكَ مُبَٰرَكٞ لِّيَدَّبَّرُوٓاْ ءَايَٰتِهِۦ وَلِيَتَذَكَّرَ أُوْلُواْ ٱلۡأَلۡبَٰبِ ٢٩
Это - благословенное Писание, которое Мы ниспослали тебе, дабы они размышляли над его аятами и дабы обладающие разумом помянули назидание.
নিশ্চয় এই কোৰআন, যিখন আমি আপোনাৰ প্ৰতি অৱতীৰ্ণ কৰিছোঁ অত্যন্ত উপকাৰী তথা অতি লাভদায়ক। এইখন অৱতীৰ্ণ কৰাৰ উদ্দেশ্য হৈছে যাতে মানুহে ইয়াৰ আয়াতসমূহকলৈ গৱেষণা কৰে তথা ইয়াৰ অৰ্থ সম্পৰ্কে চিন্তা-চৰ্চা কৰে। লগতে বিবেকৱান আৰু পৰিপক্ক লোকসকলে যাতে ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰে।
38:30Страница 455
وَوَهَبۡنَا لِدَاوُۥدَ سُلَيۡمَٰنَۚ نِعۡمَ ٱلۡعَبۡدُ إِنَّهُۥٓ أَوَّابٌ ٣٠
Мы даровали Давуду (Давиду) Сулеймана (Соломона). Как прекрасен был этот раб! Воистину, он всегда обращался к Аллаху.
আমি আমাৰ অনুগ্ৰহ আৰু কৃপাৰ দ্বাৰা দাঊদক ছুলাইমানৰ দৰে এজন সুযোগ্য পুত্ৰ দান কৰিছিলোঁ, যাতে তেওঁৰ চকু জুৰায়। নিশ্চয় ছুলাইমান আছিল অতি উত্তম বান্দা। তেওঁ আল্লাহৰ ওচৰত অধিক তাওবাকাৰী আৰু তেওঁৰ প্ৰতি প্ৰত্যাৱৰ্তনকাৰী আছিল।
38:31Страница 455
إِذۡ عُرِضَ عَلَيۡهِ بِٱلۡعَشِيِّ ٱلصَّٰفِنَٰتُ ٱلۡجِيَادُ ٣١
Однажды после полудня ему показали коней, бьющих копытами, быстроногих (или породистых).
সেই সময়ছোৱাক স্মৰণ কৰক, যেতিয়া তেওঁৰ সন্মুখত আচৰৰ সময়ত দ্ৰুতগামী উৎকৃষ্ট অশ্বৰাজিক উপস্থাপন কৰা হৈছিল, যিবোৰে তিনি ঠেঙত ভৰ দি থিয় হৈ আছিল আৰু চতুৰ্থ ঠেং ওপৰত উঠাই আছিল। এনেকুৱা বৈশিষ্ট্যৰ ঘোঁৰাবোৰ ধাৰাবাহিকভাৱে তেওঁৰ ওচৰত উপস্থাপন কৰা হৈছিল সূৰ্যাস্ত পৰ্যন্ত।
38:32Страница 455
فَقَالَ إِنِّيٓ أَحۡبَبۡتُ حُبَّ ٱلۡخَيۡرِ عَن ذِكۡرِ رَبِّي حَتَّىٰ تَوَارَتۡ بِٱلۡحِجَابِ ٣٢
Он сказал: «Я продолжал отдавать предпочтение любви к добру перед поминанием моего Господа, пока оно (солнце) не скрылось за преградой.
তেতিয়া ছুলাইমানে ক’লেঃ নিশ্চিতভাৱে মই এইবোৰ ঘোঁৰাৰ মোহত পৰি ঐশ্বৰ্য প্ৰীতিত মগ্ন হৈ পৰিছোঁ। ইপিনে সূৰ্য্য অস্ত গৈছে, অথচ মই এতিয়াও আচৰৰ চালাত আদায় কৰা নাই।
38:33Страница 455
رُدُّوهَا عَلَيَّۖ فَطَفِقَ مَسۡحَۢا بِٱلسُّوقِ وَٱلۡأَعۡنَاقِ ٣٣
Верните их ко мне!». А затем он стал рубить им голени и шеи.
ইয়াৰ পিছত তেওঁ নিৰ্দেশ দি ক’লে, সেই ঘোঁৰাবোৰ মোৰ ওচৰত আকৌ উপস্থিত কৰা। আদেশ অনুসাৰে সেইবোৰক তেওঁৰ ওচৰত উপস্থিত কৰা হ’ল। ইপিনে তেওঁ সেইবোৰক ভৰি আৰু ডিঙিত আঘাত কৰি জবেহ কৰিবলৈ ধৰিলে।
38:34Страница 455
وَلَقَدۡ فَتَنَّا سُلَيۡمَٰنَ وَأَلۡقَيۡنَا عَلَىٰ كُرۡسِيِّهِۦ جَسَدٗا ثُمَّ أَنَابَ ٣٤
Мы подвергли Сулеймана (Соломона) искушению и бросили на его трон тело (уродливое тело ребенка или дьявола), после чего он раскаялся (или вернулся к власти).
নিশ্চয় আমি ছুলাইমানক পৰীক্ষা কৰিছিলোঁ আৰু তেওঁৰ ৰাজত্বৰ সিংহাসনৰ ওপৰত চয়তানক প্ৰক্ষেপ কৰিছিলোঁ। যিয়ে মানৱ আকৃতি ধাৰণ কৰিছিল আৰু কিছু সময় পৰ্যন্ত ৰাজ্যভাৰ চলাইছিল। তাৰ পিছত আল্লাহে ছুলাইমানক পুনৰ ৰাজত্ব ঘূৰাই দিছিল আৰু তেওঁক চয়তানৰ ওপৰত শাসনাধিষ্ঠিত কৰিছিল।
38:35Страница 455
قَالَ رَبِّ ٱغۡفِرۡ لِي وَهَبۡ لِي مُلۡكٗا لَّا يَنۢبَغِي لِأَحَدٖ مِّنۢ بَعۡدِيٓۖ إِنَّكَ أَنتَ ٱلۡوَهَّابُ ٣٥
Он сказал: «Господи! Прости меня и даруй мне такую власть, которая не будет подобать никому после меня. Воистину, Ты - Дарующий».
ছুলাইমান আলাইহিচ্ছালামে ক'লেঃ হে মোৰ প্ৰতিপালক! মোৰ গুনাহসমূহ ক্ষমা কৰি দিয়া। তথা মোক এনেকুৱা ৰাজত্ব প্ৰদান কৰা যিটো কেৱল মোৰ বাবেই নিৰ্দিষ্ট। তেনেকুৱা ৰাজত্ব মোৰ পিছত কোনেও যাতে নাপায়। হে মোৰ প্ৰতিপালক! নিশ্চয় তুমি অত্যন্ত দানশীল তথা মহা দাতা।
38:36Страница 455
فَسَخَّرۡنَا لَهُ ٱلرِّيحَ تَجۡرِي بِأَمۡرِهِۦ رُخَآءً حَيۡثُ أَصَابَ ٣٦
Тогда Мы подчинили ему ветер, который нежно дул по его велению, куда бы он ни пожелал,
ফলত আমি তেওঁৰ দুআ কবূল কৰিলোঁ আৰু বতাহক তেওঁৰ অধীনস্থ কৰি দিলোঁ। তেওঁৰ আদেশত বতাহ লাহে লাহে বলিছিল। প্ৰচণ্ড শক্তিশালী হোৱাৰ পিছতো বতাহৰ মাজত নাছিল কোনো সঞ্চাৰণ। তেওঁ বতাহক যি ফালে ইচ্ছা সেইফালেই গতি কৰাইছিল।
38:37Страница 455
وَٱلشَّيَٰطِينَ كُلَّ بَنَّآءٖ وَغَوَّاصٖ ٣٧
а также дьяволов - всяких строителей, ныряльщиков
চয়তানবোৰকো তেওঁৰ অধীনস্থ কৰি দিছিলোঁ, সিহঁতে তেওঁৰ আদেশ মতে কাম কৰিছিল। এতেকে সিহঁতৰ মাজৰ কিছুমান আছিল নিৰ্মাণ কামত পাৰ্গত আৰু কিছুমান আছিল ডুবাৰু। যিবোৰে সাগৰৰ তলিৰ পৰা মুকুতা সংগ্ৰহ কৰিছিল।
চয়তানৰবোৰৰ মাজত কিছুমান আছে স্বৈৰাচাৰী, সিহঁতকো তেওঁৰ অধীনস্থ কৰি দিয়া হৈছিল। গতিকে সিহঁতক শিকলিৰে আৱদ্ধ কৰি ৰখা হৈছিল। ফলত সিহঁতে লৰচৰ কৰিব পৰা নাছিল।
38:39Страница 455
هَٰذَا عَطَآؤُنَا فَٱمۡنُنۡ أَوۡ أَمۡسِكۡ بِغَيۡرِ حِسَابٖ ٣٩
Это - Наш дар. Оказывай милость или удерживай - расчета не будет (ты не будешь нести ответственность за то, что одарял дарами одних и не оказывал милости другим, или тебе будут дарованы блага без расчета).
হে ছুলাইমান! এইবোৰ হৈছে আমাৰ দান, আপোনাৰ প্ৰাৰ্থনা কবূল কৰি যিবোৰ আমি আপোনাক দান কৰিছোঁ। এতেকে এতিয়া আপোনাৰ ইচ্ছা, আপুনি যাক ইচ্ছা কৰে দিব পাৰে, আৰু যাক ইচ্ছা কৰে বঞ্চিত কৰিব পাৰে। এই বিষয়ে আপোনাক কোনো জবাবদিহি কৰা নহ’ব।
38:40Страница 455
وَإِنَّ لَهُۥ عِندَنَا لَزُلۡفَىٰ وَحُسۡنَ مَـَٔابٖ ٤٠
Воистину, он приближен к Нам, и ему уготовано прекрасное место возвращения.
নিশ্চয় ছুলাইমান আছিল আমাৰ নৈকট্যপ্ৰাপ্ত লোকসকলৰ অন্তৰ্ভুক্ত। তেওঁৰ বাবে আছে উত্তম প্ৰত্যাৱৰ্তনস্থল অৰ্থাৎ জান্নাত।
38:41Страница 455
وَٱذۡكُرۡ عَبۡدَنَآ أَيُّوبَ إِذۡ نَادَىٰ رَبَّهُۥٓ أَنِّي مَسَّنِيَ ٱلشَّيۡطَٰنُ بِنُصۡبٖ وَعَذَابٍ ٤١
Помяни Нашего раба Айюба (Иова). Он воззвал к своему Господу: «Дьявол причинил мне вред и мучения!».
হে ৰাছুল! আমাৰ বান্দা আয়্যুবক স্মৰণ কৰক, যেতিয়া তেওঁ নিজ প্ৰতিপালকৰ ওচৰত দুআ কৰি কৈছিলঃ চয়তানে মোক দুখ-কষ্টৰ জৰিয়তে যন্ত্ৰণাত পেলাইছে।
38:42Страница 455
ٱرۡكُضۡ بِرِجۡلِكَۖ هَٰذَا مُغۡتَسَلُۢ بَارِدٞ وَشَرَابٞ ٤٢
Ему было сказано: «Топни ногой! Вот прохладная вода для купания и питье».
তেতিয়া আমি তেওঁক কৈছিলোঁ, আপুনি ভৰিৰে মাটিত আঘাত কৰক। এতেকে তেওঁ ভৰিৰে মাটিত আঘাত কৰিলে, ফলত তাৰ পৰা এটা পানীৰ জৰণি প্ৰস্ফুটিত হৈছিল। যাতে সেই পানী তেওঁ খাব পাৰে আৰু গা-গোছল কৰিব পাৰে। লগতে যাতে ইয়াৰ ফলত তেওঁৰ দুখ-কষ্ট অৰ্থাৎ বেমাৰ-আজাৰ দূৰ হয়।
38:43Страница 456
وَوَهَبۡنَا لَهُۥٓ أَهۡلَهُۥ وَمِثۡلَهُم مَّعَهُمۡ رَحۡمَةٗ مِّنَّا وَذِكۡرَىٰ لِأُوْلِي ٱلۡأَلۡبَٰبِ ٤٣
Мы даровали ему его семью и еще столько же вместе с ними по Нашей милости и как напоминание для обладающих разумом.
এতেকে আমি তেওঁৰ দুআ কবূল কৰিলোঁ, আৰু তেওঁৰ বিপদ আঁতৰাই দিলোঁ। লগতে তেওঁক পৰিয়াল প্ৰদান কৰিলোঁ, আৰু আমি আমাৰ নিজ অনুগ্ৰহত তথা তেওঁৰ ধৈৰ্য্যৰ বিনিময়ত সেই অনুপাতে পুত্ৰ আৰু নাতি-নাতিনী দান কৰিলোঁ। যাতে সঠিক বিবেক সম্পন্ন লোকসকলে বুজি পায় যে, ধৈৰ্য্যৰ পৰিণাম হৈছে প্ৰশস্ততা আৰু ছোৱাব।
38:44Страница 456
وَخُذۡ بِيَدِكَ ضِغۡثٗا فَٱضۡرِب بِّهِۦ وَلَا تَحۡنَثۡۗ إِنَّا وَجَدۡنَٰهُ صَابِرٗاۚ نِّعۡمَ ٱلۡعَبۡدُ إِنَّهُۥٓ أَوَّابٞ ٤٤
Возьми в руку пучок, ударь им жену и не преступай клятвы». Воистину, Мы нашли его терпеливым. Как прекрасен был этот раб! Воистину, он всегда обращался к Аллаху.
আয়্যুব আলাইহিচ্ছালামে যেতিয়া নিজ পত্নীৰ ওপৰত অসন্তুষ্ট হ'ল, আৰু তাইক এশ বেত্ৰাঘাত কৰাৰ শপত গ্ৰহণ কৰিলে, তেতিয়া আমি তেওঁক ক'লোঃ হে আয়্যুব! আপুনি আপোনাৰ শপত পূৰণ কৰিবলৈ এমুঠি কোমল আৰু পাতল ডাল-পাত লওক, আৰু সেইটোৰে তাইক বেত্ৰাঘাত কৰক। কিন্তু তথাপিও আপুনি আপোনাৰ শপত ভংগ নকৰিব। এতেকে তেওঁ কোমল আৰু পাতল এমুঠি ঠাল-ঠেঙুলি লৈ তাইক বেত্ৰাঘাত কৰিলে। আমি তেওঁক যি যি পৰীক্ষাত পতিত কৰিছোঁ, সেই পৰীক্ষাতেই তেওঁক ধৈৰ্যশীল পাইছোঁ। তেওঁ আছিল অতি উত্তম বান্দা। নিশ্চয় তেওঁ আল্লাহৰ প্ৰতি অধিক প্ৰত্যাৱৰ্তনকাৰী আৰু তাওবাকাৰী আছিল।
38:45Страница 456
وَٱذۡكُرۡ عِبَٰدَنَآ إِبۡرَٰهِيمَ وَإِسۡحَٰقَ وَيَعۡقُوبَ أُوْلِي ٱلۡأَيۡدِي وَٱلۡأَبۡصَٰرِ ٤٥
Помяни Наших рабов Ибрахима (Авраама), Исхака (Исаака) и Йакуба (Иакова), могучих и прозорливых.
হে ৰাছুল! আমাৰ নিৰ্বাচিত বান্দা তথা প্ৰেৰিত ৰাছুল ইব্ৰাহীম, ইছহাক্ব আৰু ইয়াকূবক স্মৰণ কৰক। তেওঁলোক আল্লাহৰ আনুগত্য আৰু তেওঁৰ সন্তুষ্টি অৰ্জনৰ ক্ষেত্ৰত আছিল অতি শাক্তিশালী। লগতে সত্য অনুসন্ধানৰ ক্ষেত্ৰত তেওঁলোক আছিল প্ৰকৃত বিবেকৱান।
38:46Страница 456
إِنَّآ أَخۡلَصۡنَٰهُم بِخَالِصَةٖ ذِكۡرَى ٱلدَّارِ ٤٦
Мы избрали их за то, что они искренне поминали Последнюю обитель.
নিশ্চয় আমি আমাৰ অনুগ্ৰহেৰে তেওঁলোকক এটা বিশেষত্ব দান কৰিছিলোঁ। সেয়া হৈছেঃ আখিৰাতৰ স্মৰণৰ দ্বাৰা তেওঁলোকৰ অন্তৰ সতেজ ৰখা, তথা সৎকৰ্মৰ জৰিয়তে প্ৰস্তুতি লোৱা আৰু সেই আমলৰ প্ৰতি মানুহক আহ্বান কৰা।
38:47Страница 456
وَإِنَّهُمۡ عِندَنَا لَمِنَ ٱلۡمُصۡطَفَيۡنَ ٱلۡأَخۡيَارِ ٤٧
Воистину, они у Нас - в числе избранных, лучших.
নিশ্চয় তেওঁলোক আছিল আমাৰ সেই বান্দাসকলৰ অন্তৰ্ভুক্ত, যিসকলক আমি আমাৰ আনুগত্য আৰু ইবাদতৰ বাবে নিৰ্বাচিত কৰিছিলোঁ। লগতে আমি তেওঁলোকক মনোনীত কৰিছিলোঁ আমাৰ ৰিছালতৰ দায়িত্বভাৰ গ্ৰহণ কৰিবলৈ আৰু সেইটো প্ৰচাৰ কৰিবলৈ।
Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии