Аль-МухтасарАз‑Зумар · 39:1–37

Аль-Мухтасар · Тафсир · на ассамском

الزمر

Аз-Зумар

Толпы · Мекканская · 75 аятов

39:1Страница 458

تَنزِيلُ ٱلۡكِتَٰبِ مِنَ ٱللَّهِ ٱلۡعَزِيزِ ٱلۡحَكِيمِ ١

Писание ниспослано от Аллаха Могущественного, Мудрого.

কোৰআন অৱতীৰ্ণ হৈছে মহাপৰাক্ৰমশালী আল্লাহৰ ফালৰ পৰা, যাক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আৰু চৰীয়ত প্ৰণয়নত মহাপ্ৰজ্ঞাৱান। পৱিত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ফালৰ পৰা এইখন অৱতীৰ্ণ হোৱা নাই।

39:2Страница 458

إِنَّآ أَنزَلۡنَآ إِلَيۡكَ ٱلۡكِتَٰبَ بِٱلۡحَقِّ فَٱعۡبُدِ ٱللَّهَ مُخۡلِصٗا لَّهُ ٱلدِّينَ ٢

Мы ниспослали тебе Писание с истиной. Поклоняйся же Аллаху, очищая перед Ним веру.

হে ৰাছুল! নিশ্চয় আমি আপোনাৰ প্ৰতি সত্য সহকাৰে কোৰআন অৱতীৰ্ণ কৰিছোঁ। ইয়াৰ মাজত থকা সকলো সংবাদ সত্য, তথা ইয়াৰ মাজত থকা সকলো বিধি-বিধান ন্যায়সংগত। গতিকে আপুনি নিৰ্ভেজালভাৱে একমাত্ৰ আল্লাহৰ ইবাদত কৰক। শ্বিৰ্কৰ পৰা বিৰত থাকি তাওহীদৰ ওপৰত প্ৰতিষ্ঠিত থাকক।

39:3Страница 458

أَلَا لِلَّهِ ٱلدِّينُ ٱلۡخَالِصُۚ وَٱلَّذِينَ ٱتَّخَذُواْ مِن دُونِهِۦٓ أَوۡلِيَآءَ مَا نَعۡبُدُهُمۡ إِلَّا لِيُقَرِّبُونَآ إِلَى ٱللَّهِ زُلۡفَىٰٓ إِنَّ ٱللَّهَ يَحۡكُمُ بَيۡنَهُمۡ فِي مَا هُمۡ فِيهِ يَخۡتَلِفُونَۗ إِنَّ ٱللَّهَ لَا يَهۡدِي مَنۡ هُوَ كَٰذِبٞ كَفَّارٞ ٣

Воистину, чистая вера может быть посвящена одному Аллаху. А те, которые взяли себе вместо Него других покровителей и помощников, говорят: «Мы поклоняемся им только для того, чтобы они приблизили нас к Аллаху как можно ближе». Аллах рассудит их в том, в чем они расходились во мнениях. Воистину, Аллах не ведет прямым путем тех, кто лжет и не верует.

জানি থোৱা! শ্বিৰ্কমুক্ত দ্বীন একমাত্ৰ আল্লাহৰেই প্ৰাপ্য। যিসকল লোকে আল্লাহৰ বাহিৰে মূৰ্ত্তি আৰু তাগুত আদিক নিজৰ অভিভাৱক বনাই লৈছে তথা আল্লাহৰ বাহিৰে সেইবোৰৰেই উপাসনা কৰে, লগতে সেইবোৰৰ উপাসনাক উচিত প্ৰমাণ কৰিবলৈ কয়ঃ “আমি এইবোৰৰ ইবাদত কেৱল এইকাৰণেই কৰোঁ, যাতে এইবোৰে আমাক আল্লাহৰ নৈকট্য অৱলম্বন কৰাত সহায় কৰে, তথা আমাৰ প্ৰয়োজনবোৰ আল্লাহৰ ওচৰত উপস্থাপন কৰে, লগতে তেওঁৰ ওচৰত আমাৰ বাবে যাতে মধ্যস্ততা কৰে”। নিশ্চয় কিয়ামতৰ দিনা আল্লাহে তাওহীদৰ ওপৰত প্ৰতিষ্ঠিত মুমিনসকলৰ মাজত, লগতে কাফিৰ আৰু মুশ্বৰিকসকলৰ মাজত সেই তাওহীদ সম্পৰ্কে মীমাংসা কৰিব, যিটোকলৈ সিহঁতে মতানৈক্য কৰিছিল। নিশ্চিতভাৱে আল্লাহে সেইসকল লোকক কেতিয়াও হিদায়ত নিদিয়ে যিসকলে অংশীদাৰ স্থাপন কৰি আল্লাহ সম্পৰ্কে মিছা কথা প্ৰচাৰ কৰে, তথা আল্লাহে প্ৰদান কৰা নিয়ামতসমূহক অস্বীকাৰ কৰে।

39:4Страница 458

لَّوۡ أَرَادَ ٱللَّهُ أَن يَتَّخِذَ وَلَدٗا لَّٱصۡطَفَىٰ مِمَّا يَخۡلُقُ مَا يَشَآءُۚ سُبۡحَٰنَهُۥۖ هُوَ ٱللَّهُ ٱلۡوَٰحِدُ ٱلۡقَهَّارُ ٤

Если бы Аллах захотел иметь детей, то Он избрал бы из Своих творений того, кого бы пожелал. Пречист Он! Он - Аллах, Единственный, Всемогущий.

সঁচাই যদি আল্লাহে পুত্ৰ গ্ৰহণ কৰিব বিচাৰিলেহেঁতেন তেন্তে তেওঁৰ মখলুকসকলৰ মাজৰ যাক ইচ্ছা তাকেই নিৰ্বাচন কৰি পুত্ৰৰ স্থান দিলেহেঁতেন। কিন্তু মুশ্বৰিকসকলৰ এনেকুৱা কথাৰ পৰা আল্লাহ পৱিত্ৰ আৰু সম্পূৰ্ণৰূপে পৰিচ্ছন্ন। তেওঁ সত্ত্বাগতভাৱে, গুণগতভাৱে আৰু কৰ্মগতভাৱে একক আৰু অদ্বিতীয়। এইবোৰত তেওঁৰ কোনো অংশীদাৰ নাই। তেওঁ গোটেই সৃষ্টিজগতৰ ওপৰত প্ৰবল প্ৰতাপী।

39:5Страница 458

خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ بِٱلۡحَقِّۖ يُكَوِّرُ ٱلَّيۡلَ عَلَى ٱلنَّهَارِ وَيُكَوِّرُ ٱلنَّهَارَ عَلَى ٱلَّيۡلِۖ وَسَخَّرَ ٱلشَّمۡسَ وَٱلۡقَمَرَۖ كُلّٞ يَجۡرِي لِأَجَلٖ مُّسَمًّىۗ أَلَا هُوَ ٱلۡعَزِيزُ ٱلۡغَفَّٰرُ ٥

Он сотворил небеса и землю ради истины. Он обвивает ночью день и обвивает днем ночь. Он подчинил солнце и луну. Все они движутся к назначенному сроку. Воистину, Он - Могущественный, Всепрощающий.

তেৱেঁই আকাশমণ্ডল আৰু পৃথিৱীক এটা মহৎ উদ্দেশ্য অনুযায়ী সৃষ্টি কৰিছে; অনৰ্থক সৃষ্টি কৰা নাই, যিদৰে অন্যায়কাৰীসকলে মন্তব্য কৰে। তেৱেঁই ৰাতিক দিনৰ মাজত প্ৰৱেশ কৰায় আৰু দিনক ৰাতিৰ মাজত প্ৰৱেশ কৰায়। এতেকে এই দুটাৰ যিকোনো এটাৰ আগমনত আনটো বিলুপ্ত হৈ যায়। তেৱেঁই সূৰ্য্য আৰু চন্দ্ৰক নিয়ন্ত্ৰণ কৰে। উভয়েই এটা নিৰ্ধাৰিত সময়লৈকে গতি কৰিব অৰ্থাৎ এই জীৱনৰ অন্তলৈকে। জানি থোৱা! পৱিত্ৰ আল্লাহ মহাপৰাক্ৰমশালী, তেওঁ শত্ৰুৰ পৰা প্ৰতিশোধ গ্ৰহণ কৰে। তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ তাওবাকাৰী বান্দাসকলৰ প্ৰতি অতি ক্ষমাশীল।

39:6Страница 459

خَلَقَكُم مِّن نَّفۡسٖ وَٰحِدَةٖ ثُمَّ جَعَلَ مِنۡهَا زَوۡجَهَا وَأَنزَلَ لَكُم مِّنَ ٱلۡأَنۡعَٰمِ ثَمَٰنِيَةَ أَزۡوَٰجٖۚ يَخۡلُقُكُمۡ فِي بُطُونِ أُمَّهَٰتِكُمۡ خَلۡقٗا مِّنۢ بَعۡدِ خَلۡقٖ فِي ظُلُمَٰتٖ ثَلَٰثٖۚ ذَٰلِكُمُ ٱللَّهُ رَبُّكُمۡ لَهُ ٱلۡمُلۡكُۖ لَآ إِلَٰهَ إِلَّا هُوَۖ فَأَنَّىٰ تُصۡرَفُونَ ٦

Он создал вас из одного человека. Он сотворил из него жену и ниспослал для вас из скотины восемь животных парами. Он создает вас в утробах ваших матерей: одно творение появляется вслед за другим в трех мраках. Таков Аллах, ваш Господь. Ему принадлежит власть. Нет божества, кроме Него. До чего же вы отвращены от истины!

হে মানৱজাতি! তোমালোকক তোমালোকৰ প্ৰতিপালকে এটা প্ৰাণৰ পৰা সৃষ্টি কৰিছে, অৰ্থাৎ আদমৰ পৰা। তাৰ পিছত আদমৰ পৰা তেওঁৰ স্ত্ৰী হাৱাক সৃষ্টি কৰিছে। তেৱেঁই তোমালোকৰ বাবে উট, গৰু, ছাগলী, ভেড়া আদিৰ আঠ প্ৰকাৰ সৃষ্টি কৰিছে। প্ৰত্যেকৰে মাজত মতা-মাইকী সৃষ্টি কৰিছে। পৱিত্ৰ আল্লাহেই তোমালোকক তোমালোকৰ মাতৃগৰ্ভত ত্ৰিবিধ অন্ধকাৰত পৰ্যায়ক্ৰমে সৃষ্টি কৰিছে, পেট, গৰ্ভাশয় আৰু পাতল আৱৰণৰ অন্ধকাৰত। এইবোৰক যি সত্ত্বাই সৃষ্টি কৰে, সেই আল্লাহেই হৈছে তোমালোকৰ প্ৰতিপালক। সাৰ্বভৌমত্ব একমাত্ৰ তেওঁৰেই। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। এতেকে তেওঁৰ ইবাদতৰ পৰা বিমুখ হৈ তোমালোকে কেনেকৈ সেইবোৰৰ উপাসনালৈ উভতি যোৱা যিবোৰে একোৱেই সৃষ্টি কৰিব নোৱাৰে, আনকি সেইবোৰ নিজেই সৃষ্ট?!

39:7Страница 459

إِن تَكۡفُرُواْ فَإِنَّ ٱللَّهَ غَنِيٌّ عَنكُمۡۖ وَلَا يَرۡضَىٰ لِعِبَادِهِ ٱلۡكُفۡرَۖ وَإِن تَشۡكُرُواْ يَرۡضَهُ لَكُمۡۗ وَلَا تَزِرُ وَازِرَةٞ وِزۡرَ أُخۡرَىٰۚ ثُمَّ إِلَىٰ رَبِّكُم مَّرۡجِعُكُمۡ فَيُنَبِّئُكُم بِمَا كُنتُمۡ تَعۡمَلُونَۚ إِنَّهُۥ عَلِيمُۢ بِذَاتِ ٱلصُّدُورِ ٧

Если вы не уверуете, то ведь Аллах не нуждается в вас. Он не одобряет неверия для Своих рабов. А если вы будете благодарны, то Он одобрит для вас это. Ни одна душа не понесет чужого бремени. Затем вам предстоит вернуться к вашему Господу, и Он поведает вам о том, что вы совершали. Воистину, Он ведает о том, что в груди.

হে মানৱজাতি! যদি তোমালোকে নিজ প্ৰতিপালকৰ সৈতে কুফৰী কৰা তেন্তে জানি থোৱা, নিশ্চয় আল্লাহ তোমালোকৰ ঈমানৰ পৰা অমুখাপেক্ষী। আনকি তোমালোকৰ কুফৰীয়ে তেওঁৰ একো ক্ষতি কৰিব নোৱাৰে। বৰং তোমালোকৰ কুফৰীয়ে তোমালোককেই ক্ষতি কৰিব। কিন্তু বান্দাই তেওঁৰ লগত কুফৰী কৰাটো তেওঁ পছন্দ নকৰে। ইয়াৰ আদেশও তেওঁ নিদিয়ে। কিয়নো আল্লাহে কেতিয়াও অশ্লীলতা আৰু কুসংস্কাৰৰ আদেশ নিদিয়ে। আনহাতে যদি তোমালোকে আল্লাহৰ নিয়ামতৰ কৃতজ্ঞতা কৰা আৰু তেওঁৰ প্ৰতি ঈমান পোষণ কৰা তেন্তে তেওঁ তোমালোকৰ কৃতজ্ঞতাত সন্তুষ্ট হ’ব, লগতে তোমালোকক ছোৱাব প্ৰদান কৰিব। কোনো প্ৰাণীয়েই অন্য প্ৰাণীৰ গুনাহৰ বোজা বহন নকৰিব। প্ৰত্যেকেই নিজ নিজ কৰ্মৰ বাবে দায়বদ্ধ থাকিব। ইয়াৰ পিছত কিয়ামতৰ দিনা তোমালোকে একমাত্ৰ আল্লাহৰ ওচৰলৈকেই প্ৰত্যাৱৰ্তন কৰিব লাগিব। তেৱেঁই তোমালোকক অৱগত কৰিব পৃথিৱীত তোমালোকে কি কি কৰ্ম কৰিছিলা আৰু তেৱেঁই তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব। নিশ্চয় তেৱেঁই বান্দাসকলৰ অন্তৰৰ ভেদ সম্পৰ্কে অৱগত। একোৱেই তেওঁৰ পৰা গোপন নহয়।

39:8Страница 459

۞ وَإِذَا مَسَّ ٱلۡإِنسَٰنَ ضُرّٞ دَعَا رَبَّهُۥ مُنِيبًا إِلَيۡهِ ثُمَّ إِذَا خَوَّلَهُۥ نِعۡمَةٗ مِّنۡهُ نَسِيَ مَا كَانَ يَدۡعُوٓاْ إِلَيۡهِ مِن قَبۡلُ وَجَعَلَ لِلَّهِ أَندَادٗا لِّيُضِلَّ عَن سَبِيلِهِۦۚ قُلۡ تَمَتَّعۡ بِكُفۡرِكَ قَلِيلًا إِنَّكَ مِنۡ أَصۡحَٰبِ ٱلنَّارِ ٨

Когда человека коснется вред, он взывает к своему Господу, обращаясь к Нему одному. Когда же Он предоставляет ему благо от Себя, человек забывает Того, к Кому он взывал прежде (или забывает то, ради чего он взывал прежде), и равняет с Аллахом других, чтобы сбить других с Его пути. Скажи: «Попользуйся благами со своим неверием немного! Воистину, ты будешь одним из обитателей Огня».

কাফিৰক যেতিয়া কোনো বিপদ-আপদে স্পৰ্শ কৰে, যেনেঃ বেমাৰ-আজাৰ, আৰ্থিক ক্ষতি অথবা ডুবি যোৱাৰ ভয় আদিয়ে স্পৰ্শ কৰে তেতিয়া একমাত্ৰ তেওঁৰ ওচৰলৈকেই প্ৰত্যাৱৰ্তন কৰে আৰু তেওঁৰ ওচৰতেই বিপদ দূৰীকৰণৰ বাবে দুআ কৰে। ইয়াৰ পিছত আল্লাহে যেতিয়া তাক কোনো নিয়ামত প্ৰদান কৰে, যেনেঃ সি আবদ্ধ হোৱা বিপদৰ পৰা তাক ৰক্ষা কৰে, তেতিয়া সি আকৌ আল্লাহক পাহৰি যায় তথা আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰি সেইবোৰৰ উপাসনা কৰা আৰম্ভ কৰে, যাতে আন আন লোকসকলক আল্লাহৰ পথৰ পৰা আঁতৰাই ৰাখিব পাৰে। হে ৰাছুল! আপুনি এনেকুৱা স্বভাৱৰ লোকসকলক কৈ দিয়ক, তোমালোকে জীৱনৰ বাকী থকা অতি নগন্য সময়খিনি নিজৰ কুফৰী কৰ্ম উপভোগ কৰা। কিয়নো তোমালোক হৈছা জাহান্নামৰ অধিবাসী। কিয়ামতৰ দিনা তোমালোকে জাহান্নামত ওচৰা-ওচৰিকৈ থাকিবা।

39:9Страница 459

أَمَّنۡ هُوَ قَٰنِتٌ ءَانَآءَ ٱلَّيۡلِ سَاجِدٗا وَقَآئِمٗا يَحۡذَرُ ٱلۡأٓخِرَةَ وَيَرۡجُواْ رَحۡمَةَ رَبِّهِۦۗ قُلۡ هَلۡ يَسۡتَوِي ٱلَّذِينَ يَعۡلَمُونَ وَٱلَّذِينَ لَا يَعۡلَمُونَۗ إِنَّمَا يَتَذَكَّرُ أُوْلُواْ ٱلۡأَلۡبَٰبِ ٩

Неужели тот, кто смиренно проводит ночные часы, падая ниц и стоя, страшась Последней жизни и надеясь на милость своего Господа, равен неверующему? Скажи: «Неужели равны те, которые знают, и те, которые не знают?». Воистину, поминают назидание только обладающие разумом.

উত্তম ব্যক্তি কোন, যিয়ে আল্লাহৰ আনুগত্য কৰে, ৰাতিৰ ভাগত নিজ প্ৰতিপালকৰ সন্মুখত ছাজদাৱনত হৈ তথা থিয় হৈ ৰাতি যাপন কৰে, আখিৰাতৰ শাস্তিক ভয় কৰে, নিজ প্ৰতিপালকৰ ৰহমত কামনা কৰে সেই ব্যক্তি উত্তম, নে সেই কাফিৰ ব্যক্তি উত্তম, যিয়ে কেৱল বিপদগ্ৰস্ত হ’লে আল্লাহৰ ইবাদত কৰে আৰু সুখ-শান্তিৰ সময়ত তেওঁৰ লগত কুফৰী কৰে, লগতে আল্লাহৰ সৈতে অংশীদাৰ স্থাপন কৰে?! হে ৰাছুল! আপুনি কওক, যিয়ে আল্লাহ সম্পৰ্কে অৱগত হোৱাৰ কাৰণে আল্লাহে অনিবাৰ্য কৰা বিষয়বোৰ জানে, পক্ষান্তৰে যিসকলে এইবোৰ নাজানে, এই দুয়ো ধৰণৰ ব্যক্তি সমান হ’ব পাৰেনে? এই দুয়ো দলৰ মাজত পাৰ্থক্য কেৱল সেইসকল লোকেই কৰিব পাৰে যিসকলৰ ওচৰত স্বচ্ছ বিবেক আছে।

39:10Страница 459

قُلۡ يَٰعِبَادِ ٱلَّذِينَ ءَامَنُواْ ٱتَّقُواْ رَبَّكُمۡۚ لِلَّذِينَ أَحۡسَنُواْ فِي هَٰذِهِ ٱلدُّنۡيَا حَسَنَةٞۗ وَأَرۡضُ ٱللَّهِ وَٰسِعَةٌۗ إِنَّمَا يُوَفَّى ٱلصَّٰبِرُونَ أَجۡرَهُم بِغَيۡرِ حِسَابٖ ١٠

Скажи Моим рабам, которые уверовали: «Бойтесь вашего Господа! Тем, которые совершили добро в этом мире, уготовано добро. Земля Аллаха обширна. Воистину, терпеливым их награда воздастся полностью без счета».

হে ৰাছুল! আপুনি মোৰ সেইসকল বান্দাক কৈ দিয়ক, যিসকলে মোৰ প্ৰতি আৰু মোৰ ৰাছুলসকলৰ প্ৰতি ঈমান আনিছেঃ তোমালোকে নিজ প্ৰতিপালকৰ আদেশ পালন কৰি তথা তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰা। তোমালোকৰ মাজৰ যিয়ে সৎকৰ্ম কৰিব, তেওঁ এই পৃথিৱীতে সহায়, সুস্বাস্থ্য আৰু ধন-সম্পদৰ জৰিয়তে কল্যাণ লাভ কৰিব আৰু আখিৰাতত লাভ কৰিব জান্নাত। জানি থোৱা! আল্লাহৰ পৃথিৱী প্ৰশস্ত, এতেকে ইয়াৰ মাজত এনেকুৱা ঠাই বিচাৰি হিজৰত কৰা, য’ত আল্লাহৰ ইবাদত কৰিবলৈ কোনো ধৰণৰ বাধাৰ সন্মুখীন নহ’বা। দৰাচলতে ধৈৰ্য্য ধাৰণকাৰীসকলক কিয়ামতৰ দিনা অধিকমাত্ৰাত আৰু বেলেগ বেলেগ প্ৰকাৰৰ প্ৰতিদান দিয়া হ’ব যে, যাৰ গণনা সম্ভৱ নহয়।

39:11Страница 460

قُلۡ إِنِّيٓ أُمِرۡتُ أَنۡ أَعۡبُدَ ٱللَّهَ مُخۡلِصٗا لَّهُ ٱلدِّينَ ١١

Скажи: «Мне велено поклоняться Аллаху, очищая перед Ним веру.

হে ৰাছুল! আপুনি কওক, নিশ্চয় আল্লাহে মোক নিৰ্দেশ দিছে, মই যেন নিৰ্ভেজালভাৱে একমাত্ৰ তেওঁৰেই ইবাদত কৰোঁ।

39:12Страница 460

وَأُمِرۡتُ لِأَنۡ أَكُونَ أَوَّلَ ٱلۡمُسۡلِمِينَ ١٢

Мне также велено быть первым из мусульман».

লগতে মোক এই নিৰ্দেশো দিছে যে, মই যেন এই উম্মতৰ প্ৰথম আত্মসমৰ্পনকাৰী তথা আনুগত্যকাৰী হওঁ।

39:13Страница 460

قُلۡ إِنِّيٓ أَخَافُ إِنۡ عَصَيۡتُ رَبِّي عَذَابَ يَوۡمٍ عَظِيمٖ ١٣

Скажи: «Я боюсь, что если я ослушаюсь своего Господа, то меня постигнут мучения в Великий день».

হে ৰাছুল! আপুনি কওক, মই কিয়ামত দিৱসৰ মহাশাস্তিক ভয় কৰোঁ, কাৰণ যদি মই আল্লাহৰ অবাধ্যতা কৰোঁ তথা তেওঁৰ আনুগত্য নকৰোঁ (তেন্তে সেই শাস্তিয়ে মোক গ্ৰাস কৰিব)।

39:14Страница 460

قُلِ ٱللَّهَ أَعۡبُدُ مُخۡلِصٗا لَّهُۥ دِينِي ١٤

Скажи: «Я поклоняюсь одному Аллаху, очищая перед Ним веру.

হে ৰাছুল! আপুনি কওক, নিশ্চয় মই নিৰ্ভেজালভাৱে একমাত্ৰ আল্লাহৰেই ইবাদত কৰোঁ, তেওঁৰ বাহিৰে আন কাৰো ইবাদত মই নকৰোঁ।

39:15Страница 460

فَٱعۡبُدُواْ مَا شِئۡتُم مِّن دُونِهِۦۗ قُلۡ إِنَّ ٱلۡخَٰسِرِينَ ٱلَّذِينَ خَسِرُوٓاْ أَنفُسَهُمۡ وَأَهۡلِيهِمۡ يَوۡمَ ٱلۡقِيَٰمَةِۗ أَلَا ذَٰلِكَ هُوَ ٱلۡخُسۡرَانُ ٱلۡمُبِينُ ١٥

Поклоняйтесь же, помимо Него, чему пожелаете». Скажи: «Воистину, потерпят убыток те, которые потеряют себя и свои семьи в День воскресения. Воистину, это и есть явный убыток!

হে মুশ্বৰিকসকল! যোৱা, তেওঁৰ বাহিৰে তোমালোকে যি মূৰ্ত্তিৰ ইচ্ছা সেই মূৰ্ত্তিৰেই উপাসনা কৰাগৈ, (ইয়াত ধমকৰ সুৰত কোৱা হৈছে)। হে ৰাছুল! আপুনি কৈ দিয়ক, নিশ্চয় প্ৰকৃত ক্ষতিগ্ৰস্ত হৈছে সেইসকল, যিসকলে নিজৰ ক্ষতি সাধন কৰে আৰু নিজ পৰিয়ালৰ ক্ষতি কৰে। ফলত সিহঁতে সাক্ষাৎ কৰিব নোৱাৰিব। হয়তো সিহঁতৰ পৰিয়ালবৰ্গ জান্নাতত প্ৰৱেশ কৰাৰ কাৰণে সিহঁতৰ পৰা বিচ্ছিন্ন হ’ব, অন্যথা একেলগে জাহান্নামত প্ৰৱেশ কৰাৰ পিছতো পৰস্পৰে কেতিয়াও সাক্ষাৎ কৰিব নোৱাৰিব। জানি থোৱা! এইটোৱেই স্পষ্ট ক্ষতি, ইয়াত কোনো সন্দেহ নাই।

39:16Страница 460

لَهُم مِّن فَوۡقِهِمۡ ظُلَلٞ مِّنَ ٱلنَّارِ وَمِن تَحۡتِهِمۡ ظُلَلٞۚ ذَٰلِكَ يُخَوِّفُ ٱللَّهُ بِهِۦ عِبَادَهُۥۚ يَٰعِبَادِ فَٱتَّقُونِ ١٦

Над ними будут навесы из огня, и под ними будут навесы». Этим Аллах устрашает Своих рабов. О рабы Мои, бойтесь Меня!

সিহঁতৰ ওপৰত থাকিব ধোঁৱা, অগ্নি শিখা আৰু তাপ, তথা সিহঁতৰ তলফালেও থাকিব ধোঁৱা, অগ্নি শিখা আৰু তাপ। এইবোৰ শাস্তিৰ দ্বাৰা আল্লাহে তেওঁৰ বান্দাসকলক সতৰ্ক কৰে। হে মোৰ বান্দাসকল! তোমালোকে মোৰ আদেশ পালন কৰি আৰু মোৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি মোৰ তাক্বৱা অৱলম্বন কৰা।

39:17Страница 460

وَٱلَّذِينَ ٱجۡتَنَبُواْ ٱلطَّٰغُوتَ أَن يَعۡبُدُوهَا وَأَنَابُوٓاْ إِلَى ٱللَّهِ لَهُمُ ٱلۡبُشۡرَىٰۚ فَبَشِّرۡ عِبَادِ ١٧

Для тех, которые избежали поклонения тагуту и обратились к Аллаху, есть благая весть. Обрадуй же Моих рабов,

যিসকলে মূৰ্ত্তি পূজাৰ পৰা দূৰত্ব অৱলম্বন কৰিছে, তথা আল্লাহৰ বাহিৰে উপাসনাকৃত সকলো বস্তুৰ পৰা নিজকে আঁতৰাই ৰাখিছে, লগতে তাওবা কৰি আল্লাহৰ ফালে প্ৰত্যাৱৰ্তন কৰিছে তেওঁলোকৰ বাবে মৃত্যুৰ সময়ত, কবৰৰ মাজত আৰু কিয়ামতৰ দিনা আছে জান্নাতৰ শুভসংবাদ। হে ৰাছুল! আপুনি মোৰ বান্দাসকলক সুসংবাদ দিয়ক।

39:18Страница 460

ٱلَّذِينَ يَسۡتَمِعُونَ ٱلۡقَوۡلَ فَيَتَّبِعُونَ أَحۡسَنَهُۥٓۚ أُوْلَٰٓئِكَ ٱلَّذِينَ هَدَىٰهُمُ ٱللَّهُۖ وَأُوْلَٰٓئِكَ هُمۡ أُوْلُواْ ٱلۡأَلۡبَٰبِ ١٨

которые прислушиваются к словам и следуют наилучшим из них. Это - те, которых Аллах наставил на прямой путь. Они и есть обладающие разумом.

যিসকলে মনোযোগ সহকাৰে কথা শুনে, তথা ভাল বেয়া পাৰ্থক্য কৰি উপকৃত হোৱাৰ উদ্দেশ্যে ভাল কথাৰ অনুসৰণ কৰে। এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী লোকসকলকেই আল্লাহে হিদায়তৰ তাওফীক প্ৰদান কৰে। তথা তেওঁলোকেই হৈছে সুস্থ বিবেকৱান লোক।

39:19Страница 460

أَفَمَنۡ حَقَّ عَلَيۡهِ كَلِمَةُ ٱلۡعَذَابِ أَفَأَنتَ تُنقِذُ مَن فِي ٱلنَّارِ ١٩

Разве ты сможешь спасти того, относительно кого сбылось Слово о мучениях, кто находится в Огне?

ধাৰাবাহিকভাৱে কুফৰী আৰু বিভ্ৰান্তিত পতিত থকাৰ কাৰণে যিসকলৰ ওপৰত শাস্তি অনিবাৰ্য হৈ পৰিছে, হে ৰাছুল! এনেকুৱা লোকক সুপথত পৰিচালিত কৰিবলৈ আপোনাৰ কোনো কৌশল কামত নাহিব। হে ৰাছুল! এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী লোকসকলক আপুনি জাহান্নামৰ পৰা ৰক্ষা কৰিব পাৰিবনে?!

39:20Страница 460

لَٰكِنِ ٱلَّذِينَ ٱتَّقَوۡاْ رَبَّهُمۡ لَهُمۡ غُرَفٞ مِّن فَوۡقِهَا غُرَفٞ مَّبۡنِيَّةٞ تَجۡرِي مِن تَحۡتِهَا ٱلۡأَنۡهَٰرُۖ وَعۡدَ ٱللَّهِ لَا يُخۡلِفُ ٱللَّهُ ٱلۡمِيعَادَ ٢٠

Но для тех, кто боялся своего Господа, уготованы горницы, расположенные одна над другой, под которыми текут реки. Таково обещание Аллаха, и Аллах не нарушает обещания!

পক্ষান্তৰে যিসকলে আল্লাহৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰে, তেওঁলোকৰ বাবে আছে সুউচ্চ বহুতো অট্টালিকা। কিছুমান আন কিছুমানতকৈ ওখ হ’ব। সেইবোৰৰ তলদেশত প্ৰবাহিত থাকিব নদীসমূহ। এই প্ৰতিশ্ৰুতি আল্লাহে তেওঁলোকক প্ৰদান কৰিছে। নিশ্চয় আল্লাহে কেতিয়াও প্ৰতিশ্ৰুতি ভংগ নকৰে।

39:21Страница 460

أَلَمۡ تَرَ أَنَّ ٱللَّهَ أَنزَلَ مِنَ ٱلسَّمَآءِ مَآءٗ فَسَلَكَهُۥ يَنَٰبِيعَ فِي ٱلۡأَرۡضِ ثُمَّ يُخۡرِجُ بِهِۦ زَرۡعٗا مُّخۡتَلِفًا أَلۡوَٰنُهُۥ ثُمَّ يَهِيجُ فَتَرَىٰهُ مُصۡفَرّٗا ثُمَّ يَجۡعَلُهُۥ حُطَٰمًاۚ إِنَّ فِي ذَٰلِكَ لَذِكۡرَىٰ لِأُوْلِي ٱلۡأَلۡبَٰبِ ٢١

Неужели ты не видел, что Аллах ниспослал с неба воду и провел ее к источникам по земле? Потом посредством нее Он выводит посевы различных цветов. Затем они вянут, и ты видишь их пожелтевшими. Затем Он превращает их в труху. Воистину, во всем этом - напоминание для обладающих разумом.

সচৰাচৰ তোমালোকে দেখিবলৈ পোৱা যে, আল্লাহে আকাশৰ পৰা পানী বৰ্ষণ কৰে, তেৱেঁই সেই পানীক প্ৰস্ৰৱনত প্ৰৱেশ কৰায় আৰু প্ৰবাহিত কৰে। ইয়াৰ পিছত সেই পানীৰে তেওঁ বিভিন্ন বৰণৰ খেতি উৎপন্ন কৰে। অৱশেষত সেই শস্য পকি যায়। হে প্ৰত্যক্ষকাৰী ব্যক্তি! নিশ্চয় তোমালোকে দেখিবলৈ পোৱা যে, সেই সেউজীয়া শস্য এটা সময়ত হালধীয়া হৈ পৰে। ইয়াৰ পিছত তেওঁ সেইবোৰক খেৰকুটাত পৰিণত কৰে। নিশ্চয় এই বৰ্ণনা সেইসকল লোকৰ বাবে শিক্ষাপ্ৰদ, যিসকল জীৱিত অন্তৰৰ অধিকাৰী।

39:22Страница 461

أَفَمَن شَرَحَ ٱللَّهُ صَدۡرَهُۥ لِلۡإِسۡلَٰمِ فَهُوَ عَلَىٰ نُورٖ مِّن رَّبِّهِۦۚ فَوَيۡلٞ لِّلۡقَٰسِيَةِ قُلُوبُهُم مِّن ذِكۡرِ ٱللَّهِۚ أُوْلَٰٓئِكَ فِي ضَلَٰلٖ مُّبِينٍ ٢٢

Разве тот, чью грудь Аллах раскрыл для ислама, кто на свету от своего Господа, равен неверующему? Горе тем, чьи сердца черствы к поминанию Аллаха! Они пребывают в очевидном заблуждении.

আল্লাহে যাৰ বুকু ইছলামৰ বাবে উন্মুক্ত কৰি দিছে, তথা যিয়ে হিদায়ত লাভ কৰিছে, লগতে তেওঁ নিজ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰাপ্ত জ্যোতিৰ ওপৰত প্ৰতিষ্ঠিত, তেওঁ সেই ব্যক্তিৰ দৰে নেকি যাৰ অন্তৰ আল্লাহৰ স্মৰণৰ পৰা কঠোৰ হৃদয়ত পৰিণত হৈছে? এই দুয়োজন ব্যক্তি কেতিয়াও সমান হ’ব নোৱাৰে। এতেকে মুক্তি কেৱল হিদায়তপ্ৰাপ্ত লোকসকলৰ বাবে। আনহাতে ক্ষতিগ্ৰস্ত সেইসকল লোক, যিসকলৰ অন্তৰ স্মৰণৰ পৰা কঠোৰ হৈ পৰিছে। সেইসকল লোকেই সত্যৰ পৰা প্ৰকাশ্য বিভ্ৰান্তিত পতিত।

39:23Страница 461

ٱللَّهُ نَزَّلَ أَحۡسَنَ ٱلۡحَدِيثِ كِتَٰبٗا مُّتَشَٰبِهٗا مَّثَانِيَ تَقۡشَعِرُّ مِنۡهُ جُلُودُ ٱلَّذِينَ يَخۡشَوۡنَ رَبَّهُمۡ ثُمَّ تَلِينُ جُلُودُهُمۡ وَقُلُوبُهُمۡ إِلَىٰ ذِكۡرِ ٱللَّهِۚ ذَٰلِكَ هُدَى ٱللَّهِ يَهۡدِي بِهِۦ مَن يَشَآءُۚ وَمَن يُضۡلِلِ ٱللَّهُ فَمَا لَهُۥ مِنۡ هَادٍ ٢٣

Аллах ниспослал наилучшее повествование - Писание, аяты которого сходны и повторяются. У тех, кто страшится своего Господа, от него по коже проходит дрожь. А потом их кожа и сердца смягчаются при поминании Аллаха. Это - верное руководство Аллаха, посредством которого Он ведет прямым путем того, кого пожелает. А кого Аллах введет в заблуждение, тому не будет наставника.

আল্লাহে ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত কোৰআন অৱতীৰ্ণ কৰিছে, সেইখন হৈছে উৎকৃষ্ট বাণী। তেওঁ এই কিতাবখনক সামঞ্জস্যপূৰ্ণভাৱে অৱতীৰ্ণ কৰিছে, যাৰ এটা ভাগ আনটো ভাগৰ সৈতে, সত্যতা, সুন্দৰতা, পৰস্পৰ সম্পৰ্ক আৰু বিভেদ ৰহিত হোৱাৰ ক্ষেত্ৰত সাদৃশ্যপূৰ্ণ। ইয়াৰ মাজত বিভিন্ন ঘটনা, বিধি-বিধান, প্ৰতিশ্ৰুতি আৰু সতৰ্কবাণী, সত্যবাদীসকলৰ বৈশিষ্ট্য আৰু অসত্যবাদীসকলৰ দোষ-গুণ আদি বৰ্ণনা কৰা হৈছে। এতেকে যিসকল লোকে নিজ প্ৰতিপালকক ভয় কৰে, ইয়াৰ মাজত থকা সতৰ্কবাণী তথা ধমকমূলক আয়াত শুনি তেওঁলোকৰ গাৰ নোম শিয়ঁৰি উঠে। আনহাতে যেতিয়া তেওঁলোকে আশা আৰু সুসংবাদমূলক আয়াতবোৰ শুনা পায়, তেতিয়া তেওঁলোকৰ দেহ মন বিনম্ৰ হৈ আল্লাহৰ স্মৰণৰ পিনে ধাবিত হয়। এইটোৱেই হৈছে কোৰআনৰ প্ৰভাৱ তথা আল্লাহৰ হিদায়ত। তেওঁ যাক ইচ্ছা কৰে তাকহে হিদায়ত দিয়ে। পক্ষান্তৰে আল্লাহে যাক অকলে এৰি দিয়ে, অৰ্থাৎ তেওঁ যাক হিদায়ত নিদিয়ে, তাক কোনেও হিদায়ত দিব নোৱাৰে।

39:24Страница 461

أَفَمَن يَتَّقِي بِوَجۡهِهِۦ سُوٓءَ ٱلۡعَذَابِ يَوۡمَ ٱلۡقِيَٰمَةِۚ وَقِيلَ لِلظَّٰلِمِينَ ذُوقُواْ مَا كُنتُمۡ تَكۡسِبُونَ ٢٤

Разве тот, кто в День воскресения будет лицом защищаться от ужасных мучений, равен верующему? Беззаконникам скажут: «Вкусите то, что вы приобретали!».

আল্লাহে যাক হিদায়ত প্ৰদান কৰিছে, তথা পৃথিৱীত ইয়াৰ তাওফীক দান কৰিছে, লগতে আখিৰাতত যাক জান্নাতত প্ৰৱেশ কৰাব, এই ব্যক্তি সেই ব্যক্তিৰ সমান নেকি, যিয়ে কুফৰী কৰিছে আৰু কুফৰী অৱস্থাতেই মৃত্যুবৰণ কৰিছে, তথা আল্লাহে যাৰ হাত ভৰি বান্ধি জাহান্নামত নিক্ষেপ কৰিব, যিয়ে নিজকে জাহান্নামৰ পৰা ৰক্ষা কৰিবলৈ উবৰি খাই পৰি থকা মুখমণ্ডলৰ বাহিৰে আন কোনো অংগ-প্ৰত্যংগৰ সহায় লব নোৱাৰিব?! কুফৰী আৰু গুনাহৰ দ্বাৰা নিজৰ ওপৰত অন্যায় কৰা এই যালিমসকলক ধিক্কাৰ দি কোৱা হ’বঃ তোমালোকে কুফৰী আৰু গুনাহৰ কাম কৰি যি অৰ্জন কৰিছিলা, আজি তাৰেই ফলাফল ভোগ কৰা। এইটোৱে হৈছে তোমালোকৰ প্ৰতিদান।

39:25Страница 461

كَذَّبَ ٱلَّذِينَ مِن قَبۡلِهِمۡ فَأَتَىٰهُمُ ٱلۡعَذَابُ مِنۡ حَيۡثُ لَا يَشۡعُرُونَ ٢٥

Их предшественники также считали лжецами посланников, и мучения явились к ним оттуда, откуда они не предполагали.

এই মুশ্বৰিকসকলৰ পূৰ্বেও বহুতো উম্মতে অস্বীকাৰ কৰিছিল। এতেকে সিহঁতৰ ওচৰত আকস্মিক শাস্তি আহি পৰিছিল, সিহঁতে উপলব্ধিও কৰিব পৰা নাছিল যে, তাওবা কৰি প্ৰস্তুতি গ্ৰহণ কৰিব।

39:26Страница 461

فَأَذَاقَهُمُ ٱللَّهُ ٱلۡخِزۡيَ فِي ٱلۡحَيَوٰةِ ٱلدُّنۡيَاۖ وَلَعَذَابُ ٱلۡأٓخِرَةِ أَكۡبَرُۚ لَوۡ كَانُواْ يَعۡلَمُونَ ٢٦

Аллах дал им вкусить позор в мирской жизни. А мучений в Последней жизни, несомненно, будет еще больше, если бы они только знали!

এতেকে আল্লাহে এই শাস্তিৰ জৰিয়তে সিহঁতক পাৰ্থিৱ জীৱনতেই অপমান, লাঞ্ছনা আৰু গ্লানিৰ সন্মুখীন কৰিছে। হায়! যদি সিহঁতে জানিলেহেঁতেন, নিশ্চয় আখিৰাতৰ শাস্তি ইয়াতকৈও কঠিন আৰু ডাঙৰ হ’ব, যি শাস্তিৰ সিহঁতে অপেক্ষা কৰি আছে।

39:27Страница 461

وَلَقَدۡ ضَرَبۡنَا لِلنَّاسِ فِي هَٰذَا ٱلۡقُرۡءَانِ مِن كُلِّ مَثَلٖ لَّعَلَّهُمۡ يَتَذَكَّرُونَ ٢٧

Мы уже привели для людей в этом Коране всевозможные притчи, чтобы они могли помянуть назидание.

মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ এই কোৰআনত আমি মানুহৰ বাবে ভাল-বেয়া, সত্য-অসত্য তথা ঈমান আৰু কুফৰী আদিৰ বিষয়ে বিভিন্ন প্ৰকাৰৰ উদাহৰণ দাঙি ধৰিছোঁ। যাতে মানুহে এইবোৰ উদাহৰণৰ দ্বাৰা শিক্ষা গ্ৰহণ কৰে। লগতে অসত্য পৰিত্যাগ কৰি যাতে সত্য সহকাৰে আমল কৰে।

39:28Страница 461

قُرۡءَانًا عَرَبِيًّا غَيۡرَ ذِي عِوَجٖ لَّعَلَّهُمۡ يَتَّقُونَ ٢٨

Мы ниспослали Коран, в котором нет неправды, на арабском языке, чтобы они устрашились.

আৰবী ভাষাত এই কোৰআন লিপিবদ্ধ। ইয়াৰ মাজত কোনো ধৰণৰ বক্ৰতা, বেমেজালি আৰু সন্দেহ-সংশয়ৰ অৱকাশ নাই। যাতে মানুহে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰে।

39:29Страница 461

ضَرَبَ ٱللَّهُ مَثَلٗا رَّجُلٗا فِيهِ شُرَكَآءُ مُتَشَٰكِسُونَ وَرَجُلٗا سَلَمٗا لِّرَجُلٍ هَلۡ يَسۡتَوِيَانِ مَثَلًاۚ ٱلۡحَمۡدُ لِلَّهِۚ بَلۡ أَكۡثَرُهُمۡ لَا يَعۡلَمُونَ ٢٩

Аллах приводит в качестве притчи мужа, принадлежащего нескольким несговорчивым партнерам, и мужа, принадлежащего только одному человеку. Равны ли они в притче? Хвала надлежит Аллаху, но большинство их не знает этого.

আল্লাহে মুশ্বিৰক আৰু তাওহীদপন্থী ব্যক্তিৰ বিষয়ে এটা উদাহৰণ দাঙি ধৰিছে। উদাহৰণস্বৰূপে এনেকুৱা এজন ব্যক্তি যাৰ কেইবাজনো মালিক আছে, যিসকলে পৰস্পৰে বিবাদ কৰে। এজনক সন্তুষ্ট কৰিলে আনজন অসন্তুষ্ট হৈ পৰে। ফলত সেই ব্যক্তি সদায় ভাৰাক্ৰান্ত, পৰিশ্ৰান্ত হৈ থাকে। আনহাতে এনেকুৱা এজন ব্যক্তি আছে, যাৰ মালিক কেৱল এজনেই। সেই ব্যক্তিয়ে নিজৰ মালিকৰ সকলো সংকেত বুজি পায়। ফলত ব্যক্তিজন সদায় শান্তিত থাকে। এই দুয়োজন ব্যক্তি কেতিয়াও সমান হ’ব নোৱাৰে। সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, কিন্তু সিহঁতৰ মাজৰ অধিকাংশ লোকেই নাজানে। এইকাৰণেই সিহঁতে আল্লাহৰ সৈতে অন্যান্য বস্তুক অংশীদাৰ কৰে।

39:30Страница 461

إِنَّكَ مَيِّتٞ وَإِنَّهُم مَّيِّتُونَ ٣٠

Воистину, ты смертен, и они смертны.

হে ৰাছুল! নিশ্চয় আপুনিও মৃত্যুবৰণ কৰিব আৰু সিহঁতেও মৃত্যুবৰণ কৰিব।

39:31Страница 461

ثُمَّ إِنَّكُمۡ يَوۡمَ ٱلۡقِيَٰمَةِ عِندَ رَبِّكُمۡ تَخۡتَصِمُونَ ٣١

А потом, в День воскресения, вы будете препираться у своего Господа.

ইয়াৰ পিছত হে মানৱজাতি! কিয়ামতৰ দিনা তোমালোকে নিজ প্ৰতিপালকৰ সন্মুখত সেইসমূহ বিষয়কলৈ বিতৰ্ক কৰিবা যিবোৰকলৈ তোমালোকে মতভেদ কৰিছিলা। তেতিয়া স্পষ্ট হৈ পৰিব, সত্য কোন আৰু অসত্য কোন।

39:32Страница 462

۞ فَمَنۡ أَظۡلَمُ مِمَّن كَذَبَ عَلَى ٱللَّهِ وَكَذَّبَ بِٱلصِّدۡقِ إِذۡ جَآءَهُۥٓۚ أَلَيۡسَ فِي جَهَنَّمَ مَثۡوٗى لِّلۡكَٰفِرِينَ ٣٢

Кто может быть несправедливее того, кто возвел навет на Аллаха и счел ложью правду, когда она явилась ему? Разве не в Геенне обитель неверующих?

সেই ব্যক্তিতকৈ ডাঙৰ অন্যায়কাৰী আন কোনো হ’ব নোৱাৰে যিয়ে আল্লাহৰ সৈতে অনুচিত বিষয়বোৰ সম্পৃক্ত কৰি কয় যে, তেওঁৰ অংশী আছে অথবা স্ত্ৰী আৰু সন্তানো আছে। এইদৰে সেই ব্যক্তিও মহা অন্যায়কাৰী, যিয়ে সেই অহীক অস্বীকাৰ কৰে যিটো ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ আহিছে। আল্লাহক অস্বীকাৰ কৰা তথা ৰাছুলে লৈ অহা চৰীয়তক নাকচ কৰা কাফিৰসকলৰ বাবে জাহান্নাম অন্তিম ঠিকনা তথা বাসস্থান নহয়নে?! কিয় নহয়, নিশ্চয় সিহঁতৰ ঠিকনা তথা বাসস্থান হৈছে জাহান্নাম।

39:33Страница 462

وَٱلَّذِي جَآءَ بِٱلصِّدۡقِ وَصَدَّقَ بِهِۦٓ أُوْلَٰٓئِكَ هُمُ ٱلۡمُتَّقُونَ ٣٣

Но тот, кто явился с правдой, и тот, кто признал ее истинность, действительно являются богобоязненными.

যিসকলে সত্যৰ ওপৰত আধাৰিত নবীসকলৰ কথা কৰ্মক মনে-প্ৰাণে বিশ্বাস কৰে আৰু সেইমতে আমল কৰে, তেওঁলোকেই হৈছে প্ৰকৃত মুত্ত্বাক্বী ব্যক্তি। তেওঁলোকেই নিজ প্ৰতিপালকৰ আদেশ পালন কৰে আৰু তেওঁ যি যি নিষেধ কৰিছে, সেইবোৰ পৰিত্যাগ কৰে।

39:34Страница 462

لَهُم مَّا يَشَآءُونَ عِندَ رَبِّهِمۡۚ ذَٰلِكَ جَزَآءُ ٱلۡمُحۡسِنِينَ ٣٤

Для них у их Господа уготовано то, чего они пожелают. Таково воздаяние творящим добро!

তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত তেওঁলোকে বিচৰা সকলো প্ৰকাৰৰ চিৰস্থায়ী সা-সুবিধা উপলব্ধ থাকিব। এইটোৱেই হৈছে সেই পূণ্যৱান লোকসকলৰ কৰ্মৰ প্ৰতিদান, যিসকলে সৃষ্টিকৰ্তাৰ সৈতে আৰু তেওঁৰ বান্দাসকলৰ সৈতে সদ্ব্যৱহাৰ কৰে।

39:35Страница 462

لِيُكَفِّرَ ٱللَّهُ عَنۡهُمۡ أَسۡوَأَ ٱلَّذِي عَمِلُواْ وَيَجۡزِيَهُمۡ أَجۡرَهُم بِأَحۡسَنِ ٱلَّذِي كَانُواْ يَعۡمَلُونَ ٣٥

Это произойдет для того, чтобы Аллах простил им наихудшее из того, что они совершили, и воздал им наградой за лучшее из того, что они совершали (или лучшим, чем то, что они совершали).

যাতে আল্লাহে তেওঁলোকৰ সেই সকলো পাপকৰ্ম ক্ষমা কৰি দিয়ে, যিবোৰ তেওঁলোকৰ দ্বাৰা পৃথিৱীত সংঘটিত হৈছিল, কাৰণ তেওঁলোকে ইয়াৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিছিল আৰু নিজ প্ৰতিপালকৰ প্ৰতি উভতি আহিছিল। লগতে আল্লাহে তেওঁলোকক যাতে উত্তম প্ৰতিদান দিয়ে সেইসমূহ নেক কৰ্মৰ বিনিময়ত যিবোৰ তেওঁলোকে কৰিছিল।

39:36Страница 462

أَلَيۡسَ ٱللَّهُ بِكَافٍ عَبۡدَهُۥۖ وَيُخَوِّفُونَكَ بِٱلَّذِينَ مِن دُونِهِۦۚ وَمَن يُضۡلِلِ ٱللَّهُ فَمَا لَهُۥ مِنۡ هَادٖ ٣٦

Разве Аллаха не достаточно для Его раба? Они устрашают тебя теми, которые ниже Него. А кого Аллах введет в заблуждение, тому не будет наставника.

মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ধাৰ্মিক আৰু পাৰ্থিৱ হিতসমূহক ৰক্ষা কৰিবলৈ আৰু তেওঁক শত্ৰুসকলৰ পৰা সুৰক্ষা দিবলৈ আল্লাহেই যথেষ্ট নহয়নে? কিয় নহয়, নিশ্চয় তেৱেঁই যথেষ্ট। হে ৰাছুল! ইহঁতে অজ্ঞানতা আৰু মুৰ্খতাৰ ফলত আপোনাক সিহঁতৰ মূৰ্ত্তিবোৰৰ পৰা ভয় দেখুৱায় যে, সেইবোৰে আপোনাক ক্ষতি কৰিব যিবোৰক সিহঁতে আল্লাহৰ বাহিৰে উপাসনা কৰে। আল্লাহে যাক নিলগীয়া কৰে তথা হিদায়তৰ তাওফীক নিদিয়ে, তাক কোনেও হিদায়ত দিব নোৱাৰে আৰু ইয়াৰ তাওফীকো দিব নোৱাৰে।

39:37Страница 462

وَمَن يَهۡدِ ٱللَّهُ فَمَا لَهُۥ مِن مُّضِلٍّۗ أَلَيۡسَ ٱللَّهُ بِعَزِيزٖ ذِي ٱنتِقَامٖ ٣٧

А кого Аллах наставит на прямой путь, того никто не введет в заблуждение. Разве Аллах - не Могущественный, Способный на возмездие?

আল্লাহে যাক হিদায়তৰ তাওফীক প্ৰদান কৰে, তাক কোনেও পথভ্ৰষ্ট কৰিব নোৱাৰে। আল্লাহ মহাপৰাক্ৰমশালী নহয়নে? যাক কোনেও পৰাজিত কৰিব নোৱাৰে, আৰু তেওঁ হৈছে কুফৰী আৰু পাপকৰ্ম কৰা ব্যক্তিৰ পৰা প্ৰতিশোধ গ্ৰহণকাৰী? নিশ্চয়, ইয়াত কোনো সন্দেহ নাই। নিশ্চয় তেওঁ মহাপৰাক্ৰমশালী, প্ৰতিশোধ গ্ৰহণকাৰী।

Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии

Содержание

Аят аль-Курси36Аль-Кахфстр. 42джуз 15Бухари 1Муслим 2999

Вид

Тема
Размер текста
Вид

Read in English