Аль-МухтасарФуссилят · 41:43–54

Аль-Мухтасар · Тафсир · на ассамском

Фуссилят 41:43–54

41:43Страница 481

مَّا يُقَالُ لَكَ إِلَّا مَا قَدۡ قِيلَ لِلرُّسُلِ مِن قَبۡلِكَۚ إِنَّ رَبَّكَ لَذُو مَغۡفِرَةٖ وَذُو عِقَابٍ أَلِيمٖ ٤٣

Тебе будет сказано только то, что было сказано посланникам до тебя. Воистину, твой Господь обладает прощением и обладает мучительным наказанием.

হে ৰাছুল! আপোনাৰ বিষয়েও সেই একেই অস্বীকাৰ কৰাৰ কথা কোৱা হৈছে, যিদৰে আপোনাৰ পূৰ্বৱৰ্তী ৰাছুলসকলক কোৱা হৈছিল। গতিকে আপুনি ধৈৰ্য্য ধাৰণ কৰক। কিয়নো নিশ্চয় আপোনাৰ প্ৰতিপালক তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল। আনহাতে তাওবা নকৰা ব্যক্তিসকলক অৰ্থাৎ গুনাহৰ ওপৰত অটল থকা লোকসকলক তেওঁ কষ্টদায়ক শাস্তি প্ৰদান কৰিব।

41:44Страница 481

وَلَوۡ جَعَلۡنَٰهُ قُرۡءَانًا أَعۡجَمِيّٗا لَّقَالُواْ لَوۡلَا فُصِّلَتۡ ءَايَٰتُهُۥٓۖ ءَا۬عۡجَمِيّٞ وَعَرَبِيّٞۗ قُلۡ هُوَ لِلَّذِينَ ءَامَنُواْ هُدٗى وَشِفَآءٞۚ وَٱلَّذِينَ لَا يُؤۡمِنُونَ فِيٓ ءَاذَانِهِمۡ وَقۡرٞ وَهُوَ عَلَيۡهِمۡ عَمًىۚ أُوْلَٰٓئِكَ يُنَادَوۡنَ مِن مَّكَانِۭ بَعِيدٖ ٤٤

Если бы Мы сделали его Кораном не на арабском языке, то они непременно сказали бы: «Почему его аяты не разъяснены? Неарабская речь и араб?». Скажи: «Он является верным руководством и исцелением для тех, которые уверовали. А уши неверующих поражены глухотой, и они слепы к нему. Это - те, к которым взывают издалека».

যদি আমি এই কোৰআনখনক আৰবীৰ বাহিৰে বেলেগ কোনো ভাষাত অৱতীৰ্ণ কৰিলোহেঁতেন, তেন্তে কাফিৰসকলে ক’লেহেঁতেনঃ “ইয়াৰ আয়াতসমূহক বিতংভাৱে স্পষ্ট কিয় কৰা হোৱা নাই, তেতিয়াহে আমি বুজি পালোহেঁতেন”। কোৰআন কোনো অনাৰবীয়ান ভাষাত অৱতীৰ্ণ হৈছে নেকি, যাক আৰবীভাষী ব্যক্তিয়ে আনিছে? হে ৰাছুল! আপুনি ইহঁতক কৈ দিয়কঃ এইখন কোৰআনে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা ব্যক্তিসকলক তথা তেওঁৰ ৰাছুলসকলক বিশ্বাস কৰা লোকসকলক মুক্তিৰ পথ দেখুৱায়, লগতে অন্তৰসমূহক অজ্ঞানতা আৰু ইয়াৰ ফলত জন্ম হোৱা ব্যাধিসমূহৰ পৰা আৰোগ্য প্ৰদান কৰে। যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ নকৰে, সিহঁতৰ কাণত আছে বধিৰতা। লগতে সিহঁত অন্ধ হৈ পৰিছে, ফলত একোৱেই বুজি নাপায়। এনেকুৱা লোকসকলক যদি দূৰৱৰ্তী কোনো ঠাইৰ পৰা আহ্বান কৰা হয়, তেন্তে কেনেকৈ সিহঁতে আহ্বানকাৰীৰ আহ্বান শুনা পাব?!

41:45Страница 481

وَلَقَدۡ ءَاتَيۡنَا مُوسَى ٱلۡكِتَٰبَ فَٱخۡتُلِفَ فِيهِۚ وَلَوۡلَا كَلِمَةٞ سَبَقَتۡ مِن رَّبِّكَ لَقُضِيَ بَيۡنَهُمۡۚ وَإِنَّهُمۡ لَفِي شَكّٖ مِّنۡهُ مُرِيبٖ ٤٥

Мы даровали Мусе (Моисею) Писание, но по его поводу возникли разногласия. И если бы не было прежде Слова от твоего Господа, то спор их был бы решен. Воистину, они испытывают смутные сомнения относительно него (Корана).

নিশ্চয় আমি মুছা আলাইহিচ্ছালামক তাওৰাত প্ৰদান কৰিছিলোঁ, কিন্তু তাত মতভেদ সৃষ্টি কৰা হৈছিল। কিছুমানে তাৰ প্ৰতি ঈমান আনিছিল আৰু আন কিছুমানে অস্বীকাৰ কৰিছিল। আল্লাহে যদি বান্দাসকলক এই প্ৰতিশ্ৰুতি নিদিলেহেঁতেন যে, কিয়ামতৰ দিনা সিহঁতৰ মাজত ফয়চালা কৰা হ’ব তেন্তে নিশ্চয় তাওৰাত সম্পৰ্কে বিভেদ কৰা লোকসকলৰ মাজত ফয়চালা কৰি দিলেহেঁতেন যে, কোন সত্য আৰু কোন মিছা। সত্যবাদীসকলক সন্মান প্ৰদান কৰিলেহেঁতেন আৰু বাতিলপন্থীক অপমানিত কৰিলেহেঁতেন। প্ৰকৃততে কাফিৰসকলে কোৰআন সম্পৰ্কে সন্দেহ তথা সংশয়ত পৰি আছে।

41:46Страница 481

مَّنۡ عَمِلَ صَٰلِحٗا فَلِنَفۡسِهِۦۖ وَمَنۡ أَسَآءَ فَعَلَيۡهَاۗ وَمَا رَبُّكَ بِظَلَّٰمٖ لِّلۡعَبِيدِ ٤٦

Кто поступает праведно, тот поступает во благо себе. А кто творит зло, тот поступает во вред себе. Господь твой не поступает несправедливо со Своими рабами.

যিয়ে সৎকৰ্ম কৰিব, সেই সৎকৰ্মৰ উপকাৰ সি নিজেই লাভ কৰিব। কাৰোবাৰ সৎকৰ্মই আল্লাহক কোনো উপকাৰ নকৰে। আনহাতে যিয়ে অসৎকৰ্ম কৰিব, সেই অসৎকৰ্মৰ ফল সি নিজেই ভোগ কৰিব। কোনো বান্দাৰ অসৎকৰ্মই আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰে। আল্লাহে প্ৰত্যেককে উচিত প্ৰতিদান দিব। হে ৰাছুল! আপোনাৰ প্ৰতিপালকে কোনো বান্দাৰ প্ৰতি অন্যায় নকৰিব। কাৰোবাৰ নেকীও হ্ৰাস নকৰিব আৰু কাৰোবাৰ গুনাহো বৃদ্ধি নকৰিব।

41:47Страница 482

۞ إِلَيۡهِ يُرَدُّ عِلۡمُ ٱلسَّاعَةِۚ وَمَا تَخۡرُجُ مِن ثَمَرَٰتٖ مِّنۡ أَكۡمَامِهَا وَمَا تَحۡمِلُ مِنۡ أُنثَىٰ وَلَا تَضَعُ إِلَّا بِعِلۡمِهِۦۚ وَيَوۡمَ يُنَادِيهِمۡ أَيۡنَ شُرَكَآءِي قَالُوٓاْ ءَاذَنَّٰكَ مَا مِنَّا مِن شَهِيدٖ ٤٧

К Нему восходит знание о Часе. Не вырастет ни один плод из завязи, не понесет и не родит ни одна самка без Его ведома. В тот день, когда Он воззовет к ним: «Где же Мои сотоварищи?». - они скажут: «Мы дали Тебе знать, что никто из нас не станет свидетельствовать».

কিয়ামতৰ জ্ঞান একমাত্ৰ আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তিত হয়। একমাত্ৰ তেৱেঁই জানে কিয়ামত কেতিয়া সংঘটিত হ’ব, তেওঁৰ বাহিৰে কোনেও নাজানে। তেওঁ নজনাকৈ কোনো ফল-মূলেই আৱৰণৰ পৰা ওলাই নাহে, আৰু কোনো নাৰীয়েও গৰ্ভ ধাৰণ নকৰে তথা সন্তান প্ৰসৱ নকৰে। একোৱেই তেওঁৰ অগোচৰ নহয়। যিদিনা আল্লাহে মুশ্বৰিকসকলক যিসকলে মূৰ্ত্তিপূজা কৰিছিল মাতি আনি সিহঁতৰ পূজা-পাঠকলৈ ককৰ্থনা কৰিব তথা ধিক্কাৰ দি ক’বঃ “সেই অংশীদাৰবিলাক আজি ক’ত, যিসকলক তোমালোকে মোৰ অংশীদাৰ বুলি ধাৰণা কৰিছিলা”? মুশ্বৰিকসকলে ক’বঃ “আমি আপোনাৰ সন্মুখত স্বীকাৰ কৰিলোঁ যে, এতিয়াৰ পৰা আমাৰ মাজৰ কোনেও এই কথাৰ সাক্ষ্য নিদিব যে, আপোনাৰ অংশীদাৰ আছে”।

41:48Страница 482

وَضَلَّ عَنۡهُم مَّا كَانُواْ يَدۡعُونَ مِن قَبۡلُۖ وَظَنُّواْ مَا لَهُم مِّن مَّحِيصٖ ٤٨

Те, к кому они взывали прежде, покинут их, и они обретут уверенность в том, что не смогут сбежать.

সিহঁতে পূজাপাঠ কৰা সেই মূৰ্ত্তিবোৰ তেতিয়া সিহঁতৰ পৰা অন্তৰ্ধান হৈ যাব। তথা সিহঁতে পূৰ্ণ বিশ্বাস কৰিব যে, আল্লাহৰ শাস্তিৰ পৰা পলায়ন কৰাৰ তথা আশ্ৰয় লোৱাৰ কোনো উপায় নাই।

41:49Страница 482

لَّا يَسۡـَٔمُ ٱلۡإِنسَٰنُ مِن دُعَآءِ ٱلۡخَيۡرِ وَإِن مَّسَّهُ ٱلشَّرُّ فَيَـُٔوسٞ قَنُوطٞ ٤٩

Человеку не наскучивает молить о добре, но если его коснется вред, то он отчаивается и теряет надежду.

মানুহে সুস্বাস্থ্য, ধন-সম্পদ আৰু সন্তান-সন্ততি আদি নিয়ামত বিচৰাৰ ক্ষেত্ৰত কেতিয়াও ক্লান্তিবোধ নকৰে। কিন্তু যদি সি দৰিদ্ৰতা অথবা বেমাৰ-আজাৰৰ সন্মুখীন হয়, তেতিয়া আল্লাহৰ কৃপাৰ পৰা অতি বেয়াকৈ নিৰাশ হৈ পৰে।

41:50Страница 482

وَلَئِنۡ أَذَقۡنَٰهُ رَحۡمَةٗ مِّنَّا مِنۢ بَعۡدِ ضَرَّآءَ مَسَّتۡهُ لَيَقُولَنَّ هَٰذَا لِي وَمَآ أَظُنُّ ٱلسَّاعَةَ قَآئِمَةٗ وَلَئِن رُّجِعۡتُ إِلَىٰ رَبِّيٓ إِنَّ لِي عِندَهُۥ لَلۡحُسۡنَىٰۚ فَلَنُنَبِّئَنَّ ٱلَّذِينَ كَفَرُواْ بِمَا عَمِلُواْ وَلَنُذِيقَنَّهُم مِّنۡ عَذَابٍ غَلِيظٖ ٥٠

Если Мы дадим ему вкусить милость от Нас после того, как его коснется несчастье, то он непременно скажет: «Вот это - для меня, и я не думаю, что настанет Час. Если же я буду возвращен к моему Господу, то у Него для меня обязательно будет уготовано наилучшее». Мы непременно поведаем неверующим о том, что они совершили, и дадим им вкусить жестокие мучения.

আনহাতে পৰীক্ষা তথা বেমাৰ-আজাৰৰ পিছত যদি আমি তাক সুস্বাস্থ্য আৰু ধন-সম্পদ দান কৰোঁ, তেতিয়া সি নিশ্চয় ক’বঃ “এইবোৰ মই এইকাৰণে লাভ কৰিছোঁ, কাৰণ মই ইয়াৰ যোগ্য আছিলোঁ তথা এইটো আছিল মোৰ প্ৰাপ্য। লগতে কিয়ামত সংঘটিত হ’ব বুলিও মোৰ বিশ্বাস নহয়। যদি মানিও লওঁ যে, কিয়ামত সংঘটিত হ’ব তথাপিও আল্লাহৰ ওচৰত থাকিব মোৰ বাবে অজস্ৰ ধন-সম্পদ। কিয়নো যিদৰে তেওঁ মোৰ যোগ্যতা অনুসাৰে পৃথিৱীত মোক ধন-সম্পত্তি দান কৰিছে, ঠিক সেইদৰে আখিৰাততো তেওঁ মোক মোৰ প্ৰাপ্যখিনি প্ৰদান কৰি উপকাৰ কৰিব”। নিশ্চয় আল্লাহৰ লগত কুফৰী কৰা ব্যক্তিসকলক সিহঁতৰ কুফৰী আৰু গুনাহৰ বিষয়ে অচিৰেই আমি সিহঁতক অৱগত কৰাম। তথা অতি কঠিন শাস্তিৰ সোৱাদ উপভোগ কৰাম।

41:51Страница 482

وَإِذَآ أَنۡعَمۡنَا عَلَى ٱلۡإِنسَٰنِ أَعۡرَضَ وَنَـَٔا بِجَانِبِهِۦ وَإِذَا مَسَّهُ ٱلشَّرُّ فَذُو دُعَآءٍ عَرِيضٖ ٥١

Если Мы одаряем человека благами, он отворачивается и удаляется (или превозносится). Если же зло касается его, он начинает произносить пространные молитвы.

মানুহক যেতিয়া আমি সুস্বাস্থ্য, নিৰাপদ আদিৰ মাধ্যমত নিয়ামত প্ৰদান কৰোঁ, তেতিয়া সি আল্লাহৰ স্মৰণ আৰু আনুগত্যৰ পৰা অমনোযোগী হৈ পৰে, তথা অহংকাৰ কৰি বিমুখ হৈ পৰে। কিন্তু যেতিয়াই বেমাৰ-আজাৰ আৰু দৰিদ্ৰতা আদিয়ে স্পৰ্শ কৰে, তেতিয়াই আল্লাহৰ ওচৰত বেছি বেছি দুআ কৰিবলৈ আৰম্ভ কৰে। তেওঁৰ ওচৰত বিপদ-আপদ সম্পৰ্কে অভিযোগ কৰে, যাতে তেওঁ সেই বিপদ-আপদ দূৰ কৰি দিয়ে। পক্ষান্তৰে সি নিয়ামত আদি লাভৰ সময়ত আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন নকৰে, আৰু তেওঁ যেতিয়া তাক বিপদ-আপদৰ দ্বাৰা পৰীক্ষা কৰে, সেই সময়তো সি ধৈৰ্য্য ধাৰণ নকৰে।

41:52Страница 482

قُلۡ أَرَءَيۡتُمۡ إِن كَانَ مِنۡ عِندِ ٱللَّهِ ثُمَّ كَفَرۡتُم بِهِۦ مَنۡ أَضَلُّ مِمَّنۡ هُوَ فِي شِقَاقِۭ بَعِيدٖ ٥٢

Скажи: «Что вы думаете, а если Коран - от Аллаха, и вы не веруете в него? Кто может быть более заблудшим, чем тот, кто находится в глубоком разладе с истиной?».

হে ৰাছুল! আপুনি এই অস্বীকাৰকাৰী মুশ্বৰিকসকলক কৈ দিয়কঃ কোৱাচোন! যদি এই কোৰআন সঁচাই আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ হৈছে, তথাপিও তোমালোকে ইয়াক নাকচ কৰি আছা তথা অস্বীকাৰ কৰি আছা, তেন্তে তেনে পৰিস্থিতিত তোমালোকৰ কি অৱস্থা হ’ব? এতেকে সেই ব্যক্তিতকৈ মহা পথভ্ৰষ্ট আৰু কোন হ’ব পাৰে, যিয়ে সত্যৰ সৈতে শত্ৰুতা পোষণ কৰে, অথচ সত্য স্পষ্ট হৈছে আৰু ইয়াৰ প্ৰকাশ্য দলিল-প্ৰমাণ প্ৰবলৰূপত দেখা দিছে!?

41:53Страница 482

سَنُرِيهِمۡ ءَايَٰتِنَا فِي ٱلۡأٓفَاقِ وَفِيٓ أَنفُسِهِمۡ حَتَّىٰ يَتَبَيَّنَ لَهُمۡ أَنَّهُ ٱلۡحَقُّۗ أَوَلَمۡ يَكۡفِ بِرَبِّكَ أَنَّهُۥ عَلَىٰ كُلِّ شَيۡءٖ شَهِيدٌ ٥٣

Мы покажем им Наши знамения по свету и в них самих, пока им не станет ясно, что это есть истина. Неужели не достаточно того, что твой Господь является Свидетелем всякой вещи?

শীঘ্ৰেই আমি মুছলমানসকলক পৃথিৱীৰ চোকে-কোণে বিজয় প্ৰদান কৰি কুৰাইশ্ব বংশৰ কাফিৰসকলক আমাৰ নিদৰ্শনসমূহ দেখুৱাম। এইদৰে মক্কা বিজয়ৰ মাধ্যমত আমি সিহঁতৰ নিজৰ মাজত থকা আমাৰ নিদৰ্শনসমূহ দেখুৱাম। যাতে এই কোৰআন সম্পৰ্কে সিহঁতৰ সকলো প্ৰকাৰ সংশয় দূৰ হয়, আৰু কোনো ধৰণৰ সন্দেহ যাতে বাকী নাথাকে। এই মুশ্বৰিকসকলৰ বাবে কোৰআনৰ সত্যতা সম্পৰ্কে আল্লাহৰ এই সাক্ষ্য যথেষ্ট নহয়নে যে, এইখন তেওঁৰ ফালৰ পৰা অৱতীৰ্ণ? আল্লাহতকৈও ডাঙৰ সাক্ষ্য আন কাৰ হ’ব পাৰে? দৰাচলতে সঁচাই যদি সিহঁতে সত্য অৱলম্বন কৰিব বিচাৰিলেহেঁতেন, তেন্তে নিশ্চয় সিহঁতে নিজ প্ৰতিপালকৰ সাক্ষ্যক যথেষ্ট বুলি স্বীকাৰ কৰিলেহেঁতেন আৰু সন্তুষ্ট হ’লহেঁতেন।

41:54Страница 482

أَلَآ إِنَّهُمۡ فِي مِرۡيَةٖ مِّن لِّقَآءِ رَبِّهِمۡۗ أَلَآ إِنَّهُۥ بِكُلِّ شَيۡءٖ مُّحِيطُۢ ٥٤

Воистину, они сомневаются во встрече со своим Господом. Воистину, Он объемлет всякую вещь.

জানি থোৱা! এই মুশ্বৰিকসকলে আখিৰাতৰ পুনৰ্জীৱনক অস্বীকাৰ কৰাৰ কাৰণে কিয়ামতৰ দিনা হ’বলগীয়া নিজ প্ৰতিপালকৰ সাক্ষাৎ সম্পৰ্কে সন্দেহত পতিত হৈ আছে। সেইকাৰণেই সিহঁতে আখিৰাতৰ প্ৰতি বিশ্বাস পোষণ নকৰে আৰু সিহঁতে সৎকৰ্ম আদিৰ দ্বাৰা ইয়াৰ বাবে প্ৰস্তুতিও নলয়। জানি থোৱা! নিশ্চয় আল্লাহে তেওঁৰ জ্ঞান আৰু ক্ষমতাৰ জৰিয়তে সকলো বস্তুকে পৰিবেষ্টন কৰি আছে।

Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии

Содержание

Аят аль-Курси36Аль-Кахфстр. 42джуз 15Бухари 1Муслим 2999

Вид

Тема
Размер текста
Вид

Read in English