Аль-Мухтасар · Тафсир · на ассамском
الشورى
Аш-Шура
Совет · Мекканская · 53 аята
হা-মীম। আঈন-ছীন-ক্বাফ। এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিতে আলোচনা কৰা হৈছে।
42:3Страница 483
كَذَٰلِكَ يُوحِيٓ إِلَيۡكَ وَإِلَى ٱلَّذِينَ مِن قَبۡلِكَ ٱللَّهُ ٱلۡعَزِيزُ ٱلۡحَكِيمُ ٣
Так внушает откровение тебе и твоим предшественникам Аллах Могущественный, Мудрый.
হে মুহাম্মদ! যিদৰে আপোনাৰ প্ৰতি অহী কৰা হৈছে, ঠিক সেইদৰে আপোনাৰ পূৰ্বেও নবীসকলৰ ওপৰত অহী প্ৰেৰণ কৰা হৈছিল। নিশ্চয় আল্লাহ তেওঁৰ শত্ৰুসকলৰ পৰা প্ৰতিশোধ লোৱাৰ ক্ষেত্ৰত মহাপৰাক্ৰমশালী, লগতে নিয়ন্ত্ৰণ আৰু সৃষ্টিৰ ক্ষেত্ৰতো তেওঁ মহাপ্ৰজ্ঞাৱান।
42:4Страница 483
لَهُۥ مَا فِي ٱلسَّمَٰوَٰتِ وَمَا فِي ٱلۡأَرۡضِۖ وَهُوَ ٱلۡعَلِيُّ ٱلۡعَظِيمُ ٤
Ему принадлежит то, что на небесах, и то, что на земле. Он - Возвышенный, Великий.
একমাত্ৰ আল্লাহেই আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা, তেৱেঁই মালিক আৰু তেৱেঁই নিয়ন্ত্ৰণকাৰী। তেওঁ সত্ত্বাগত দিশৰ পৰা, ক্ষমতা আৰু প্ৰভাৱৰ ফালৰ পৰা অতি উচ্চ। লগতে তেওঁ সত্ত্বাগতভাৱে অতি মহান।
42:5Страница 483
تَكَادُ ٱلسَّمَٰوَٰتُ يَتَفَطَّرۡنَ مِن فَوۡقِهِنَّۚ وَٱلۡمَلَٰٓئِكَةُ يُسَبِّحُونَ بِحَمۡدِ رَبِّهِمۡ وَيَسۡتَغۡفِرُونَ لِمَن فِي ٱلۡأَرۡضِۗ أَلَآ إِنَّ ٱللَّهَ هُوَ ٱلۡغَفُورُ ٱلرَّحِيمُ ٥
Небеса готовы разверзнуться сверху (от величия Аллаха; или от многочисленных ангелов; или от слов многобожников). Ангелы прославляют хвалой своего Господа и просят прощения для тех, кто на земле. Воистину, Аллах - Прощающий, Милосердный.
পৱিত্ৰ আল্লাহ ইমান মহান যে, তেওঁৰ প্ৰভাৱত বিশাল আৰু সুউচ্চ আকাশমণ্ডল পৃথিৱীৰ ওপৰত ভাঙি পৰাৰ উপক্ৰম হয়। ফিৰিস্তাসকলে প্ৰতিপালকৰ আগত নত স্বীকাৰ কৰি তেওঁৰ পৱিত্ৰতা আৰু মহানতাৰ গুণগান কৰে, লগতে তেওঁৰ প্ৰশংসা কৰে। তেওঁলোকে আল্লাহৰ ওচৰত পৃথিৱীবাসীৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰে। জানি থোৱা! নিশ্চয় আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি অতি ক্ষমাশীল, আৰু তেওঁলোকৰ প্ৰতি অতি দয়ালু।
42:6Страница 483
وَٱلَّذِينَ ٱتَّخَذُواْ مِن دُونِهِۦٓ أَوۡلِيَآءَ ٱللَّهُ حَفِيظٌ عَلَيۡهِمۡ وَمَآ أَنتَ عَلَيۡهِم بِوَكِيلٖ ٦
Аллах является Хранителем для тех, которые взяли себе иных покровителей и помощников помимо Него (сохраняет их злодеяния для того, чтобы они получили воздаяние), и ты не являешься их попечителем и хранителем.
যিসকলে আল্লাহৰ বাহিৰে মূৰ্ত্তিবোৰক আকোঁৱালি লৈছে, তথা আল্লাহৰ বাহিৰে সেইবোৰৰ উপাসনা কৰে আৰু সেইবোৰক নিজৰ সংৰক্ষক বুলি ভাৱে। আল্লাহে সিহঁতক সুক্ষ্মভাৱে চাই আছে, তথা সিহঁতৰ যাৱতীয় কৰ্ম ৰেকৰ্ড কৰি আছে। লগতে তেওঁ সিহঁতক ইয়াৰ প্ৰতিদানো দিব। হে ৰাছুল! আপোনাক সিহঁতৰ কৰ্ম সংৰক্ষণ কৰাৰ দায়িত্ব দিয়া হোৱা নাই। সিহঁতৰ কৰ্ম সম্পৰ্কে আপোনাক একো সোধ-পোচ কৰাও নহ’ব। কাৰণ আপোনাৰ দায়িত্ব হৈছে কেৱল বাৰ্তা পৌঁচাই দিয়া।
42:7Страница 483
وَكَذَٰلِكَ أَوۡحَيۡنَآ إِلَيۡكَ قُرۡءَانًا عَرَبِيّٗا لِّتُنذِرَ أُمَّ ٱلۡقُرَىٰ وَمَنۡ حَوۡلَهَا وَتُنذِرَ يَوۡمَ ٱلۡجَمۡعِ لَا رَيۡبَ فِيهِۚ فَرِيقٞ فِي ٱلۡجَنَّةِ وَفَرِيقٞ فِي ٱلسَّعِيرِ ٧
Так Мы внушили тебе в откровении Коран на арабском языке, чтобы ты предостерегал Мать селений (жителей Мекки) и тех, кто вокруг нее, и предостерегал от Дня собрания, в котором нет сомнения. Одна часть людей окажется в Раю, а другая часть окажется в Пламени.
হে ৰাছুল! যিদৰে আপোনাৰ পূৰ্বে নবীসকলৰ প্ৰতি আমি অহী কৰিছিলোঁ, ঠিক সেইদৰে আমি আপোনাৰ প্ৰতি আৰবী ভাষাত কোৰআনৰ অহী কৰিছোঁ, যাতে আপুনি মক্কাৰ অধিবাসীসকলক আৰু ইয়াৰ ওচৰে-পাঁজৰে থকা লোকসকলক আৰু তাৰ পিছত গোটেই মানৱ জাতিক সতৰ্ক কৰিব পাৰে আৰু মানুহক কিয়ামত সম্পৰ্কে সতৰ্ক কৰিব পাৰে, যিদিনা আল্লাহে আগৰ পিছৰ সকলো লোককে একে ঠাইতে হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে একত্ৰিত কৰিব। সেই দিৱস সম্পৰ্কে কোনো ধৰণৰ সন্দেহৰ অৱকাশ নাই। সেইদিনা মানুহবিলাক দুটা গোটত বিভক্ত হ’ব, এটা গোটৰ মানুহে জান্নাতত প্ৰৱেশ কৰিব, তেওঁলোক হৈছে মুমিনসকল। আৰু আনটো গোটৰ লোকসকলে জাহান্নামত প্ৰৱেশ কৰিব, আৰু সিহঁত হৈছে কাফিৰসকল।
42:8Страница 483
وَلَوۡ شَآءَ ٱللَّهُ لَجَعَلَهُمۡ أُمَّةٗ وَٰحِدَةٗ وَلَٰكِن يُدۡخِلُ مَن يَشَآءُ فِي رَحۡمَتِهِۦۚ وَٱلظَّٰلِمُونَ مَا لَهُم مِّن وَلِيّٖ وَلَا نَصِيرٍ ٨
Если бы Аллах пожелал, то сделал бы их одной общиной верующих. Однако Он вводит в Свою милость того, кого пожелает. А у беззаконников не будет ни покровителя, ни помощника.
আল্লাহে যদি সকলোকে ইছলাম ধৰ্মত দীক্ষিত কৰি এটা উম্মতৰ অন্তৰ্ভুক্ত কৰাৰ ইচ্ছা কৰিলেহেঁতেন, তেন্তে তেওঁলোকক ইছলামৰ ওপৰত প্ৰতিষ্ঠিত কৰি একেটা উম্মতৰে অন্তৰ্ভুক্ত কৰিলেহেঁতেন আৰু সকলোকে জান্নাতত প্ৰৱেশ কৰালেহেঁতেন। কিন্তু তেওঁৰ হিকমতৰ দাবী হৈছে, তেওঁ যাক ইচ্ছা কৰে তাকেই ইছলামত প্ৰৱেশ কৰাৰ সুযোগ দিয়ে আৰু তাক জান্নাতত প্ৰৱেশ কৰায়। কুফৰ আৰু গুনাহৰ দ্বাৰা নিজৰ ওপৰত অন্যায় কৰা লোকসকলৰ বাবে কোনো অভিভাৱক নাই, যিয়ে সিহঁতৰ দায়িত্বভাৰ গ্ৰহণ কৰিব। সিহঁতৰ বাবে কোনো সহায়কো নাই, যিয়ে সিহঁতক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব।
42:9Страница 483
أَمِ ٱتَّخَذُواْ مِن دُونِهِۦٓ أَوۡلِيَآءَۖ فَٱللَّهُ هُوَ ٱلۡوَلِيُّ وَهُوَ يُحۡيِ ٱلۡمَوۡتَىٰ وَهُوَ عَلَىٰ كُلِّ شَيۡءٖ قَدِيرٞ ٩
Неужели они взяли себе покровителей и помощников вместо Него? Аллах является Покровителем. Он оживляет мертвых, и Он способен на всякую вещь.
বৰং এই মুশ্বৰিকসকলে আল্লাহক এৰি বহুতকে নিজৰ অভিভাৱক বনাই লৈছে, সেইবোৰৰ পৰা নিজৰ সুৰক্ষা প্ৰাৰ্থনা কৰে। অথচ প্ৰকৃত অভিভাৱক হৈছে একমাত্ৰ আল্লাহ তাআলা। তেওঁৰ বাহিৰে কোনেও উপকাৰো কৰিব নোৱাৰে আৰু ক্ষতিও কৰিব নোৱাৰে। তেৱেঁই মৃত লোকসকলক হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে জীৱিত কৰিব। কোনেও পৱিত্ৰ আল্লাহক বিৱশ কৰিব নোৱাৰে।
42:10Страница 483
وَمَا ٱخۡتَلَفۡتُمۡ فِيهِ مِن شَيۡءٖ فَحُكۡمُهُۥٓ إِلَى ٱللَّهِۚ ذَٰلِكُمُ ٱللَّهُ رَبِّي عَلَيۡهِ تَوَكَّلۡتُ وَإِلَيۡهِ أُنِيبُ ١٠
Решение всего, в чем вы расходитесь во мнениях, остается за Аллахом. Скажи: «Таков Аллах, мой Господь! Я уповаю только на Него и к Нему обращаюсь».
হে মানৱজাতি! তোমালোকে ধৰ্মৰ মূল বিধি-বিধান আৰু সৰু-সুৰা যিবোৰ বিষয়ত মতভেদ কৰা, সেইবোৰৰ ফয়চালাৰ দায়িত্ব হৈছে আল্লাহৰ হাতত। গতিকে তেনেকুৱা বিষয়ত তোমালোকে আল্লাহৰ কিতাব আৰু ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নতৰ পিনে প্ৰত্যাৱৰ্তন কৰা। ওপৰত যিবোৰ বৈশিষ্ট্য বৰ্ণনা কৰা হ’ল, সেইবোৰ বিশেষণেৰে বিশেষিত সত্ত্বাই হৈছে মোৰ প্ৰতিপালক। মই মোৰ সকলো কৰ্মতে তেওঁৰ ওপৰতেই ভৰসা কৰোঁ আৰু তাওবা কৰি তেওঁৰ ওচৰতেই প্ৰত্যাৱৰ্তন কৰোঁ।
42:11Страница 484
فَاطِرُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۚ جَعَلَ لَكُم مِّنۡ أَنفُسِكُمۡ أَزۡوَٰجٗا وَمِنَ ٱلۡأَنۡعَٰمِ أَزۡوَٰجٗا يَذۡرَؤُكُمۡ فِيهِۚ لَيۡسَ كَمِثۡلِهِۦ شَيۡءٞۖ وَهُوَ ٱلسَّمِيعُ ٱلۡبَصِيرُ ١١
Творец небес и земли! Он создал для вас супруг из вас самих, а также скот парами. Так Он размножает вас. Нет никого подобного Ему, и Он - Слышащий, Видящий.
পূৰ্বৱৰ্তী কোনো উদাহৰণ নোহোৱাকৈয়ে আল্লাহেই আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে। তেৱেঁই তোমালোকৰ মাজৰ পৰা তোমালোকৰ বাবে তোমালোকৰ সঙ্গিণী সৃষ্টি কৰিছে। তোমালোকৰ বাবেই উট, গৰু, ছাগলী আদিৰ যোৰা সৃষ্টি কৰিছে, যাতে সেইবোৰে বংশবৃদ্ধি কৰিব পাৰে। তেৱেঁই তোমালোকক বিবাহ বন্ধনৰ মাধ্যমত বংশ বৃদ্ধিৰ সুযোগ প্ৰদান কৰিছে। লগতে চতুষ্পদ জন্তুৰ গাখিৰ আৰু মাংস তোমালোকৰ জীৱন-যাপনৰ উপকৰণ বনাইছে। সৃষ্টিজগতৰ একোৱেই তেওঁৰ সমপৰ্যায়ৰ নহয়। তেৱেঁই সৰ্বশ্ৰোতা, বান্দাৰ কথা শ্ৰৱণ কৰে আৰু সিহঁতৰ কৰ্মবোৰ প্ৰত্যক্ষ কৰে। কোনো বস্তুৱে তেওঁৰ তত্ত্বাৱধায়নৰ পৰা এৰা নপৰে। অচিৰেই তেওঁ সিহঁতক সিহঁতৰ কৰ্মৰ প্ৰতিদান দিব। যদি কৰ্ম ভাল হয় তেন্তে ভাল প্ৰতিদান পাব আৰু যদি বেয়া হয় তেন্তে বেয়া ফল পাব।
42:12Страница 484
لَهُۥ مَقَالِيدُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۖ يَبۡسُطُ ٱلرِّزۡقَ لِمَن يَشَآءُ وَيَقۡدِرُۚ إِنَّهُۥ بِكُلِّ شَيۡءٍ عَلِيمٞ ١٢
Ему принадлежат ключи небес и земли. Он увеличивает или ограничивает удел, кому пожелает. Он знает о всякой вещи.
আকাশমণ্ডল আৰু পৃথিৱীৰ ধন-ভাণ্ডাৰৰ চাবি-কাঠি একমাত্ৰ তেওঁৰেই হাতত। তেওঁ বান্দাসকলৰ মাজৰ যাক ইচ্ছা কৰে তাৰ জীৱিকা প্ৰশস্ত কৰি দিয়ে, এই পৰীক্ষা কৰিবলৈ যে, সি কৃতজ্ঞ হয় নে অকৃতজ্ঞ? আনহাতে যাক ইচ্ছা কৰে তাৰ জীৱিকা সংকীৰ্ণ কৰি দিয়ে, এই কথা প্ৰকাশ কৰিবলৈ যে, সি ধৈৰ্য্য ধৰে নে নাই, অথবা সি আল্লাহে নিৰ্ধাৰণ কৰা তাকদীৰ সম্পৰ্কে অসন্তুষ্ট হয় নেকি? নিশ্চয় তেওঁ সকলো বিষয়ে সৰ্বজ্ঞ। বান্দাসকলৰ কোনো কল্যাণকৰ হিতেই তেওঁৰ পৰা গোপন নহয়।
42:13Страница 484
۞ شَرَعَ لَكُم مِّنَ ٱلدِّينِ مَا وَصَّىٰ بِهِۦ نُوحٗا وَٱلَّذِيٓ أَوۡحَيۡنَآ إِلَيۡكَ وَمَا وَصَّيۡنَا بِهِۦٓ إِبۡرَٰهِيمَ وَمُوسَىٰ وَعِيسَىٰٓۖ أَنۡ أَقِيمُواْ ٱلدِّينَ وَلَا تَتَفَرَّقُواْ فِيهِۚ كَبُرَ عَلَى ٱلۡمُشۡرِكِينَ مَا تَدۡعُوهُمۡ إِلَيۡهِۚ ٱللَّهُ يَجۡتَبِيٓ إِلَيۡهِ مَن يَشَآءُ وَيَهۡدِيٓ إِلَيۡهِ مَن يُنِيبُ ١٣
Он узаконил для вас в религии то, что заповедал Нуху (Ною), и то, что Мы внушили тебе в откровении, и то, что Мы заповедали Ибрахиму (Аврааму), Мусе (Моисею) и Исе (Иисусу): «Исповедуйте религию и не расходитесь во мнениях относительно нее». Тяжко для многобожников то, к чему ты их призываешь. Аллах избирает для Себя того, кого пожелает, и направляет к Себе того, кто обращается к Нему.
তেৱেঁই তোমালোকৰ বাবে দ্বীন বিধিবদ্ধ কৰিছে, যিদৰে আমি নূহ আলাইহিচ্ছালামক ইয়াৰ প্ৰচাৰ প্ৰসাৰ কৰাৰ আৰু সেইমতে আমল কৰাৰ আদেশ কৰিছিলোঁ, আৰু হে ৰাছুল আপোনাৰ প্ৰতিও আমি সেই অহীকেই প্ৰেৰণ কৰিছোঁ। আমি তোমালোকৰ বাবে সেইদৰেই চৰীয়ত বিধিবদ্ধ কৰিছোঁ, যিটো প্ৰচাৰ কৰাৰ আৰু সেইমতে আমল কৰাৰ নিৰ্দেশ আমি ইব্ৰাহীম, মুছা আৰু ঈছা আলাইহিমুচ্ছালামক প্ৰদান কৰিছিলোঁ। যাৰ সাৰাংশ হৈছে, “তোমালোকে দ্বীন প্ৰতিষ্ঠিত কৰা, ইয়াৰ মাজত মতভেদ কৰাৰ পৰা বিৰত থকা”। (হে ৰাছুল!) অন্যান্য উপাস্যৰ উপাসনা পৰিত্যাগ কৰাৰ বিধান আৰু তাওহীদৰ পিনে কৰা আপোনাৰ এই আহ্বান, মুশ্বৰিকসকলৰ বাবে কঠিন অনুভৱ হৈ আছে। আল্লাহে তেওঁৰ যি বান্দাক ইচ্ছা কৰে মনোনীত কৰি লয় আৰু তাক তেওঁৰ ইবাদত আৰু আনুগত্যৰ তাওফীক দিয়ে। লগতে যিয়ে গুনাহৰ পৰা তাওবা কৰি তেওঁৰ পিনে প্ৰত্যৱৰ্তন কৰে তাক তেওঁ হিদায়ত দিয়ে।
42:14Страница 484
وَمَا تَفَرَّقُوٓاْ إِلَّا مِنۢ بَعۡدِ مَا جَآءَهُمُ ٱلۡعِلۡمُ بَغۡيَۢا بَيۡنَهُمۡۚ وَلَوۡلَا كَلِمَةٞ سَبَقَتۡ مِن رَّبِّكَ إِلَىٰٓ أَجَلٖ مُّسَمّٗى لَّقُضِيَ بَيۡنَهُمۡۚ وَإِنَّ ٱلَّذِينَ أُورِثُواْ ٱلۡكِتَٰبَ مِنۢ بَعۡدِهِمۡ لَفِي شَكّٖ مِّنۡهُ مُرِيبٖ ١٤
Они распались только после того, как к ним явилось знание, по причине зависти и несправедливого отношения друг к другу. И если бы не было прежде Слова от твоего Господа об отсрочке до назначенного срока, то их спор был бы решен. Воистину, те, которые унаследовали Писание после них, испытывают к нему смутные сомнения.
কিন্তু কাফিৰ আৰু মুশ্বৰিকসকলে নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নবুওৱত প্ৰমাণিত হোৱাৰ পিছতো মতভেদ সৃষ্টি কৰিলে। সিহঁতৰ এই মতভেদ সৃষ্টিৰ কাৰণ আছিল পাৰস্পৰিক বিদ্বেষ আৰু অন্যায়-অত্যাচাৰ। এটা নিৰ্ধাৰিত সময়লৈকে অৰ্থাৎ কিয়ামত দিৱসলৈকে সিহঁতৰ শাস্তি পলম কৰা সম্পৰ্কে আল্লাহৰ পূৰ্ব সিদ্ধান্ত নাথাকিলে, সিহঁতে যিদৰে আল্লাহৰ লগত কুফৰী কৰি আছে আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰি আছে, নিশ্চয় আল্লাহে ইয়াতেই সিহঁতৰ ফয়চালা কৰি দিলেহেঁতেন। যিসকল ইয়াহুদীয়ে তাওৰাতৰ উত্তৰাধিকাৰী হৈছিল, তথা যিসকল খৃষ্টানে ইঞ্জীলৰ উত্তৰাধিকাৰী হৈছিল নিজৰ পূৰ্বপুৰুষসকলৰ পিছত, আৰু এই মুশ্বৰিকসকলৰ পিছত, সিহঁত আটায়ে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা কোৰআন সম্পৰ্কে সন্দেহত পতিত হৈ আছে, তথা ইয়াক অস্বীকাৰ কৰি আছে।
42:15Страница 484
فَلِذَٰلِكَ فَٱدۡعُۖ وَٱسۡتَقِمۡ كَمَآ أُمِرۡتَۖ وَلَا تَتَّبِعۡ أَهۡوَآءَهُمۡۖ وَقُلۡ ءَامَنتُ بِمَآ أَنزَلَ ٱللَّهُ مِن كِتَٰبٖۖ وَأُمِرۡتُ لِأَعۡدِلَ بَيۡنَكُمُۖ ٱللَّهُ رَبُّنَا وَرَبُّكُمۡۖ لَنَآ أَعۡمَٰلُنَا وَلَكُمۡ أَعۡمَٰلُكُمۡۖ لَا حُجَّةَ بَيۡنَنَا وَبَيۡنَكُمُۖ ٱللَّهُ يَجۡمَعُ بَيۡنَنَاۖ وَإِلَيۡهِ ٱلۡمَصِيرُ ١٥
Посему проповедуй и следуй прямым путем, как тебе было велено. Не потакай их желаниям и говори: «Я уверовал в то, что Аллах ниспослал из Писания, и мне велено относиться к вам справедливо. Аллах - наш Господь и ваш Господь. Нам достанутся наши деяния, а вам - ваши деяния. Нет места доводам (дальнейшим спорам) между нами и вами. Аллах соберет всех нас, и к Нему предстоит прибытие».
এতেকে আপুনি এই সঠিক দ্বীনৰ পিনেই মানুহক আহ্বান কৰক, নিজ প্ৰতিপালকৰ আদেশ অনুসাৰে ইয়াৰ ওপৰতেই অবিচল থাকক। আপুনি কেতিয়াও সিহঁতৰ ইচ্ছাৰ অনুসৰণ নকৰিব। সিহঁতৰ সৈতে বাদানুবাদৰ সময়ত আপুনি সিহঁতক কৈ দিয়কঃ “মই আল্লাহৰ প্ৰতি ঈমান আনিছোঁ, আৰু সেইসমূহ কিতাবৰ প্ৰতি ঈমান আনিছোঁ, যিবোৰ আল্লাহে তেওঁৰ ৰাছুলসকলৰ ওপৰত অৱতীৰ্ণ কৰিছে। আল্লাহে মোক নিৰ্দেশ দিছে যে, মই যেন তোমালোকৰ মাজত ন্যায় সহকাৰে ফয়চাল কৰোঁ। মই ইবাদত কৰা আল্লাহেই হৈছে আমাৰ আৰু তোমালোক সকলোৰে প্ৰতিপালক। আমাৰ কৰ্ম আমাৰ বাবে, ভাল হওক অথবা বেয়া। তোমালোকৰ কৰ্ম তোমালোকৰ বাবে, ভালকৰ্মই হওক অথবা বেয়া। দলিল-প্ৰমাণ স্পষ্ট হোৱাৰ পিছত তথা সঠিক পথ প্ৰকাশ পোৱাৰ পিছত আমাৰ আৰু তোমালোকৰ মাজত কোনো ধৰণৰ বিবাদৰ অৱকাশ নাই। আল্লাহে আমাক সকলোকে একত্ৰিত কৰিব, কিয়ামতৰ দিনা তেওঁৰ ওচৰতেই প্ৰত্যাৱৰ্তন কৰিব লাগিব। আমাৰ মাজৰ প্ৰত্যেকেই উচিত প্ৰতিদান লাভ কৰিব। তেতিয়া স্পষ্ট হৈ পৰিব সত্য কোন আৰু অসত্য কোন; সঠিক পথত কোন আছিল আৰু বাতিল পথত কোন আছিল”।
42:16Страница 485
وَٱلَّذِينَ يُحَآجُّونَ فِي ٱللَّهِ مِنۢ بَعۡدِ مَا ٱسۡتُجِيبَ لَهُۥ حُجَّتُهُمۡ دَاحِضَةٌ عِندَ رَبِّهِمۡ وَعَلَيۡهِمۡ غَضَبٞ وَلَهُمۡ عَذَابٞ شَدِيدٌ ١٦
Доводы тех, которые препираются относительно Аллаха после того, как Ему ответили верующие, бесполезны перед их Господом. На них падет гнев, и им уготованы тяжкие мучения.
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ হোৱা এই দ্বীনক মানুহে আঁকোৱালি লোৱাৰ পিছতো যিসকলে বাতিল যুক্তি আদিৰ সঁহাৰি লৈ তৰ্ক-বিতৰ্ক কৰে, সিহঁতৰ প্ৰতিপালকৰ ওচৰত আৰু মুমিনসকলৰ ওচৰত সেইসকল লোকৰ যুক্তিৰ কোনো মূল্য নাই। ইয়াৰ কোনো প্ৰভাৱ নপৰিব। যিহেতু সিহঁতে সত্যক অস্বীকাৰ কৰিছে, লগতে কুফৰী কৰিছে, গতিকে সিহঁতৰ ওপৰত আছে আল্লাহৰ অভিসম্পাত। তথা কিয়ামতৰ দিনা সিহঁতৰ বাবে অপেক্ষা কৰি আছে কঠিন শাস্তি।
42:17Страница 485
ٱللَّهُ ٱلَّذِيٓ أَنزَلَ ٱلۡكِتَٰبَ بِٱلۡحَقِّ وَٱلۡمِيزَانَۗ وَمَا يُدۡرِيكَ لَعَلَّ ٱلسَّاعَةَ قَرِيبٞ ١٧
Аллах - Тот, Кто ниспослал Писание с истиной и Весы. Откуда тебе знать, возможно, Час близок!
আল্লাহেই সত্য সহকাৰে কোৰআন অৱতীৰ্ণ কৰিছে, ইয়াৰ মাজত সন্দেহৰ কোনো অৱকাশ নাই। ন্যায় অৱতীৰ্ণ কৰিছে, যাতে মানুহৰ মাজত ন্যায় সহকাৰে ফয়চালা কৰা হয়। সিহঁতে যি কিয়ামতক অস্বীকাৰ কৰি আছে, সম্ভৱতঃ সেইটো অতি নিকৱৰ্তী। তথা এই কথা সৰ্বজনবিদিত যে, প্ৰত্যেক আহিবলগীয়া বস্তুৱে নিকটৱৰ্তী হিচাপে পৰিগণিত।
42:18Страница 485
يَسۡتَعۡجِلُ بِهَا ٱلَّذِينَ لَا يُؤۡمِنُونَ بِهَاۖ وَٱلَّذِينَ ءَامَنُواْ مُشۡفِقُونَ مِنۡهَا وَيَعۡلَمُونَ أَنَّهَا ٱلۡحَقُّۗ أَلَآ إِنَّ ٱلَّذِينَ يُمَارُونَ فِي ٱلسَّاعَةِ لَفِي ضَلَٰلِۭ بَعِيدٍ ١٨
Торопят с ним те, которые не веруют в него. А верующие трепещут перед ним и знают, что он является истиной. Воистину, те, которые препираются по поводу Часа, находятся в далеком заблуждении.
যিসকলে কিয়ামত দিৱসক বিশ্বাস নকৰে, সিহঁতেই ইয়াকলৈ খৰধৰ কৰে। কিয়নো সিহঁতে হিচাপ-নিকাচ আৰু প্ৰতিদান তথা শাস্তি দিয়া হ'ব বুলি বিশ্বাস নকৰে। আনহাতে যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিছে, তেওঁলোকে এই দিৱসৰ পৰিণাম সম্পৰ্কে সদায় ভীত-সন্ত্ৰস্ত হৈ থাকে। তেওঁলোকে পৰিপূৰ্ণৰূপে বিশ্বাস কৰে যে, এই দিৱস অৱশ্যম্ভাৱী, ইয়াত কোনো সন্দেহ নাই। জানি থোৱা! যিসকলে কিয়ামত সম্পৰ্কে বিতৰ্ক কৰে তথা বাক-বিতণ্ডা কৰে, লগতে ইয়াৰ বাস্তৱতাকলৈ সন্দেহ পোষণ কৰে, নিশ্চয় সিহঁত সত্যৰ পৰা বহু দূৰ আঁতৰি গৈ পথভ্ৰষ্ট হৈছে।
42:19Страница 485
ٱللَّهُ لَطِيفُۢ بِعِبَادِهِۦ يَرۡزُقُ مَن يَشَآءُۖ وَهُوَ ٱلۡقَوِيُّ ٱلۡعَزِيزُ ١٩
Аллах добр к Своим рабам и наделяет уделом, кого пожелает. Он - Всесильный, Могущественный.
আল্লাহ বান্দাসকলৰ প্ৰতি অনুগ্ৰহশীল। তেওঁ যাক ইচ্ছা কৰে জীৱিকা প্ৰদান কৰে তথা তাৰ জীৱিকাত প্ৰশস্ততা প্ৰদান কৰে। আনহাতে তেওঁ যাক ইচ্ছা কৰে তেওঁৰ হিকমত অনুযায়ী আৰু তেওঁৰ কৃপা অনুযায়ী তাৰ জীৱিকা সংকীৰ্ণ কৰি দিয়ে, যদিও দেখাত বিপৰীত অনুভৱ হয়। তেওঁ সৰ্বশক্তিমান, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ মহাপৰাক্ৰমশালী, যিয়ে শত্ৰুৰ পৰা প্ৰতিশোধ গ্ৰহণ কৰে।
42:20Страница 485
مَن كَانَ يُرِيدُ حَرۡثَ ٱلۡأٓخِرَةِ نَزِدۡ لَهُۥ فِي حَرۡثِهِۦۖ وَمَن كَانَ يُرِيدُ حَرۡثَ ٱلدُّنۡيَا نُؤۡتِهِۦ مِنۡهَا وَمَا لَهُۥ فِي ٱلۡأٓخِرَةِ مِن نَّصِيبٍ ٢٠
Тому, кто пожелал нивы Последней жизни, Мы увеличим его ниву. Тому же, кто пожелал нивы мирской жизни, Мы дадим из нее, но ему не будет доли в жизни Последней.
যিয়ে আখিৰাতৰ ছোৱাব আশা কৰিব তথা ইয়াৰ বাবে প্ৰয়োজনীয় আমল কৰিব, আমি তাৰ ছোৱাব বৃদ্ধি কৰি দিম। কিয়নো এটা ছোৱাবৰ প্ৰতিদান দহ গুণৰ পৰা সাতশ গুণ পৰ্যন্ত বৃদ্ধি কৰি দিয়া হয়, আনকি ইয়াতকৈও বহুলাংশে বৃদ্ধি কৰি দিয়া হয়। আনহাতে যিয়ে অকল পাৰ্থিৱ জীৱনৰ সা-সুবিধা কামনা কৰে, আমি তাক তাৰ নিৰ্ধাৰিত অংশ ইয়াতেই প্ৰদান কৰিম। যিহেতু সি পাৰ্থিৱ জীৱনক প্ৰাধান্য দিছে, সেয়ে আখিৰাতত তাৰ কোনো পাবলগীয়া অংশ নাথাকিব।
42:21Страница 485
أَمۡ لَهُمۡ شُرَكَٰٓؤُاْ شَرَعُواْ لَهُم مِّنَ ٱلدِّينِ مَا لَمۡ يَأۡذَنۢ بِهِ ٱللَّهُۚ وَلَوۡلَا كَلِمَةُ ٱلۡفَصۡلِ لَقُضِيَ بَيۡنَهُمۡۗ وَإِنَّ ٱلظَّٰلِمِينَ لَهُمۡ عَذَابٌ أَلِيمٞ ٢١
Или же у них есть сотоварищи, которые узаконили для них в религии то, чего не дозволил Аллах? Если бы не решающее Слово, то их спор был бы уже решен. Воистину, беззаконникам уготованы мучительные страдания.
আল্লাহৰ বাহিৰেও এই মুশ্বৰিকসকলৰ এনেকুৱা কিছুমান উপাস্য আছে নেকি, যিসকলে সিহঁতৰ বাবে ধৰ্মৰ কিছুমান এনেকুৱা বিধি-বিধান জাৰি কৰিছে, যিবোৰ জাৰি কৰাৰ আদেশ আল্লাহে সিহঁতক প্ৰদান কৰা নাই। যেনেঃ আল্লাহৰ লগত শ্বিৰ্ক কৰা, তেওঁ হালাল কৰা বস্তুক হাৰাম কৰা আৰু হাৰাম কৰা বস্তুক হালাল কৰা আদি? এই মতানৈক্যকাৰীসকলৰ মাজত ফয়চালা কৰিবলৈ আল্লাহে যদি এটা দিৱস নিৰ্ধাৰিত কৰি নাৰাখিলেহেঁতেন, আৰু সিহঁতক সেই নিৰ্ধাৰিত সময়লৈকে অৱকাশ দিয়াৰ যদি পূৰ্ব সিদ্ধান্ত নাথাকিলহেঁতেন, তেন্তে আল্লাহে নিশ্চয় সিহঁতৰ মাজত এতিয়াই মীমাংসা কৰি দিলেহেঁতেন। নিশ্চয় যিসকলে শ্বিৰ্ক আৰু গুনাহৰ দ্বাৰা নিজৰ ওপৰত অন্যায় কৰিছে, সিহঁতৰ বাবে কিয়ামতৰ দিনা অপেক্ষা কৰি আছে কষ্টদায়ক শাস্তি।
42:22Страница 485
تَرَى ٱلظَّٰلِمِينَ مُشۡفِقِينَ مِمَّا كَسَبُواْ وَهُوَ وَاقِعُۢ بِهِمۡۗ وَٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ فِي رَوۡضَاتِ ٱلۡجَنَّاتِۖ لَهُم مَّا يَشَآءُونَ عِندَ رَبِّهِمۡۚ ذَٰلِكَ هُوَ ٱلۡفَضۡلُ ٱلۡكَبِيرُ ٢٢
Ты увидишь, как беззаконники будут трепетать от того, что они приобрели, когда это падет на них. А те, которые уверовали и совершали праведные деяния, пребудут в Райских садах. Им уготовано у их Господа все, что они пожелают. Это и есть великая милость.
হে ৰাছুল! আপুনি দেখিবলৈ পাব, যিসকলে শ্বিৰ্ক আৰু গুনাহৰ মাধ্যমত নিজৰ ওপৰত অন্যায় কৰিছে, সেইদিনা সিহঁতে নিজৰ উপাৰ্জিত গুনাহৰ কাৰণে শাস্তিৰ ভয়ত পেপুৱা লাগিব। এই শাস্তি সিহঁতে যিকোনো উপায়ে ভোগ কৰিব লাগিব। তাওবা নকৰাকৈ কেৱল এই ভয়ে একো উপকাৰ সাধন নকৰিব। পক্ষান্তৰে যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ প্ৰতি ঈমান আনিছে, তেওঁলোকৰ অৱস্থা হ’ব সিহঁতৰ বিপৰীত। তেওঁলোকে জান্নাতৰ বাগানসমূহত নিয়ামত উপভোগ কৰিব। তেওঁলোকে নিজ প্ৰতিপালকৰ ওচৰত সেইসকলো নিয়ামত লাভ কৰিব, যিবোৰ তেওঁলোকে কামনা কৰিব, সেই নিয়ামতবোৰ কেতিয়াও সমাপ্ত নহ’ব। এইটোৱেই হৈছে মহা অনুগ্ৰহ, আন কোনো অনুগ্ৰহেই ইয়াৰ মুকাবিলা কৰিব নোৱাৰে।
42:23Страница 486
ذَٰلِكَ ٱلَّذِي يُبَشِّرُ ٱللَّهُ عِبَادَهُ ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِۗ قُل لَّآ أَسۡـَٔلُكُمۡ عَلَيۡهِ أَجۡرًا إِلَّا ٱلۡمَوَدَّةَ فِي ٱلۡقُرۡبَىٰۗ وَمَن يَقۡتَرِفۡ حَسَنَةٗ نَّزِدۡ لَهُۥ فِيهَا حُسۡنًاۚ إِنَّ ٱللَّهَ غَفُورٞ شَكُورٌ ٢٣
Это - то, чем Аллах радует Своих рабов, которые уверовали и совершали праведные деяния. Скажи: «Я не прошу у вас за это никакой награды, кроме любви ради близости (ради моей близости к вам, или ради вашей близости к Аллаху, или любви к моим близким родственникам)». Тому, кто приобретет добро, Мы увеличим его. Воистину, Аллах - Прощающий, Благодарный.
এইটোৱে সেই মহা সুসংবাদ, যিটো ৰাছুলসকলৰ মাধ্যমত আল্লাহে সেইসকল লোকক প্ৰদান কৰিছে, যিসকলে আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুলসকলৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে। হে ৰাছুল! আপুনি কওক, “সত্য পৌঁচাই দিয়াৰ বিনিময়ত মই তোমালোকৰ পৰা কোনো পাৰিশ্ৰমিক নিবিচাৰোঁ, এটা প্ৰতিদানৰ বাহিৰে কিন্তু সেইটোৰো লাভ তোমালোকৰেই হ’ব, সেয়া হৈছে আত্মীয়তাৰ বন্ধন অনুযায়ী তোমালোকে মোক মুহাব্বতৰ দৃষ্টিৰে চোৱা”। যিয়েই সৎকৰ্ম কৰিব, আমি তাক ইয়াৰ প্ৰতিদান বৃদ্ধি কৰি প্ৰদান কৰিম। কাৰণ এটা নেকীৰ প্ৰতিদান দহগুণ পৰ্যন্ত দিয়া হয়। নিশ্চয় আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল। তেওঁ সেইসমূহ সৎকৰ্মৰ উচিত মৰ্যাদা প্ৰদান কৰে, যিবোৰ তেওঁলোকে আল্লাহৰ সন্তুষ্টি অৰ্জন কৰিবলৈ পালন কৰে।
42:24Страница 486
أَمۡ يَقُولُونَ ٱفۡتَرَىٰ عَلَى ٱللَّهِ كَذِبٗاۖ فَإِن يَشَإِ ٱللَّهُ يَخۡتِمۡ عَلَىٰ قَلۡبِكَۗ وَيَمۡحُ ٱللَّهُ ٱلۡبَٰطِلَ وَيُحِقُّ ٱلۡحَقَّ بِكَلِمَٰتِهِۦٓۚ إِنَّهُۥ عَلِيمُۢ بِذَاتِ ٱلصُّدُورِ ٢٤
Или же они говорят, что он возвел навет на Аллаха? Если бы Аллах пожелал, то наложил бы печать на твое сердце. Своими Словами Аллах стирает ложь и утверждает истину. Воистину, Он знает о том, что в груди.
মুশ্বৰিকসকলে ধাৰণা কৰে যে, নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে নিজেই এই কোৰআন ৰচনা কৰি আল্লাহৰ সৈতে সম্পৃক্ত কৰিছে। সেয়ে আল্লাহে সিহঁতৰ এই ধাৰণা খণ্ডন কৰি কৈছেঃ যদি আপোনাৰ অন্তৰত মিছা আৰোপ কৰাৰ কোনো কল্পনাও আহিলহেঁতেন তেন্তে আমি আপোনাৰ অন্তৰত মোহৰ মাৰি দিলোঁহেঁতেন। তথা বাতিলক মচি পেলাই সত্যক অৱশিষ্ট ৰাখিলোহেঁতেন। যিহেতু এনেকুৱা কোনো ঘটনা সংঘটিত হোৱা নাই, গতিকে ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে, এইখন আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ গ্ৰন্থ। নিশ্চয় আল্লাহ বান্দাসকলৰ অন্তৰৰ গোপন তথ্য সম্পৰ্কে অৱগত। একোৱেই তেওঁৰ পৰা অগোচৰ নহয়।
42:25Страница 486
وَهُوَ ٱلَّذِي يَقۡبَلُ ٱلتَّوۡبَةَ عَنۡ عِبَادِهِۦ وَيَعۡفُواْ عَنِ ٱلسَّيِّـَٔاتِ وَيَعۡلَمُ مَا تَفۡعَلُونَ ٢٥
Он - Тот, Кто принимает покаяния Своих рабов, прощает злодеяния и знает то, что вы совершаете.
সেই পৱিত্ৰ আল্লাহেই বান্দাসকলৰ তাওবা কবূল কৰে, যেতিয়া তেওঁলোকে আল্লাহৰ ওচৰত কুফৰী আৰু গুনাহৰ পৰা তাওবা কৰে। যেতিয়া তেওঁলোকৰ পৰা কোনো গুনাহ হৈ যায়, তেৱেঁই বান্দাসকলৰ গুনাহ ক্ষমা কৰি দিয়ে। তোমালোকে যি কৰ্মই নকৰা কিয়, তেওঁ সেই সকলো জানে। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। শীঘ্ৰেই তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।
42:26Страница 486
وَيَسۡتَجِيبُ ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ وَيَزِيدُهُم مِّن فَضۡلِهِۦۚ وَٱلۡكَٰفِرُونَ لَهُمۡ عَذَابٞ شَدِيدٞ ٢٦
Он отвечает тем, которые уверовали и совершают праведные деяния, и приумножает им из Своей милости. А неверующим уготованы тяжкие мучения.
তথা যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকৰ দুআ কবূল কৰে। তেওঁ নিজ অনুগ্ৰহত তেওঁলোকক সেই সকলো সা-সুবিধা প্ৰদান কৰে, যিবোৰ তেওঁলোকে বিচৰা নাছিল। আনহাতে যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰিছে, সিহঁতৰ বাবে কিয়ামতৰ দিনা অপেক্ষা কৰি আছে কঠিন শাস্তি।
42:27Страница 486
۞ وَلَوۡ بَسَطَ ٱللَّهُ ٱلرِّزۡقَ لِعِبَادِهِۦ لَبَغَوۡاْ فِي ٱلۡأَرۡضِ وَلَٰكِن يُنَزِّلُ بِقَدَرٖ مَّا يَشَآءُۚ إِنَّهُۥ بِعِبَادِهِۦ خَبِيرُۢ بَصِيرٞ ٢٧
Если бы Аллах увеличил удел Своим рабам, они стали бы бесчинствовать на земле. Однако Он ниспосылает его в меру, как пожелает. Воистину, Он ведает о Своих рабах и видит их.
আল্লাহে যদি সকলো বান্দাকে প্ৰচুৰ পৰিমাণে জীৱিকা প্ৰদান কৰিলেহেঁতেন, তেন্তে সিহঁতে পৃথিৱীত অন্যায়-অত্যাচাৰ আৰু উপদ্ৰৱ সৃষ্টি কৰি ফুৰিলেহেঁতেন। কিন্তু আল্লাহে প্ৰয়োজন অনুসাৰে নিজ ইচ্ছামতে জীৱিকা অৱতীৰ্ণ কৰে, কেতিয়াবা অধিক আৰু কেতিয়াবা কম। নিশ্চয় তেওঁ বান্দাসকলৰ অৱস্থা সম্পৰ্কে সৰ্বজ্ঞ, পুংখানুপুংখ পৰ্যবেক্ষণকাৰী। গতিকে তেওঁ হিকমত অনুযায়ী প্ৰদান কৰে আৰু হিকমত অনুযায়ী ইয়াৰ পৰা বঞ্চিত কৰে।
42:28Страница 486
وَهُوَ ٱلَّذِي يُنَزِّلُ ٱلۡغَيۡثَ مِنۢ بَعۡدِ مَا قَنَطُواْ وَيَنشُرُ رَحۡمَتَهُۥۚ وَهُوَ ٱلۡوَلِيُّ ٱلۡحَمِيدُ ٢٨
Он - Тот, Кто ниспосылает дождь после того, как они отчаиваются, и распространяет Свою милость. Он - Достохвальный Покровитель.
বান্দাসকলে বৰষুণৰ পৰা নিৰাশ হোৱাৰ পিছত তেৱেঁই বান্দাসকলৰ ওপৰত বৰষুণৰ পানী অৱতীৰ্ণ কৰে। বৰষুণৰ পানী অৱতীৰ্ণ হোৱাৰ লগে লগে উদ্ভিদবোৰ ঠন ধৰি উঠে। তেৱেঁই বান্দাসকলৰ যাৱতীয় কাম চোৱাচিতা কৰে, তেওঁ সকলো অৱস্থাতেই প্ৰশংসিত।
42:29Страница 486
وَمِنۡ ءَايَٰتِهِۦ خَلۡقُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَمَا بَثَّ فِيهِمَا مِن دَآبَّةٖۚ وَهُوَ عَلَىٰ جَمۡعِهِمۡ إِذَا يَشَآءُ قَدِيرٞ ٢٩
Среди Его знамений - создание небес и земли, а также тех живых существ (или те живые существа), которых Он расселил на них. Он способен собрать их, когда пожелает.
আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টি, তথা এই দুয়োৰে মাজত থকা আশ্চৰ্যজনক মখলুকবোৰৰ সৃষ্টি আদি হৈছে আল্লাহৰ তাওহীদ তথা ক্ষমতাৰ অন্যতম নিদৰ্শন। তেওঁ যেতিয়া ইচ্ছা তেতিয়াই সকলোকে জীৱিত কৰি প্ৰতিফল দিয়াৰ বাবে একত্ৰিত কৰিবলৈ সক্ষম। এইটো তেওঁৰ সাধ্যাতীত কোনো বিষয় নহয়, যিদৰে প্ৰথমবাৰ কৰা সৃষ্টি তেওঁৰ সাধ্যাতীত নাছিল।
42:30Страница 486
وَمَآ أَصَٰبَكُم مِّن مُّصِيبَةٖ فَبِمَا كَسَبَتۡ أَيۡدِيكُمۡ وَيَعۡفُواْ عَن كَثِيرٖ ٣٠
Любое бедствие постигает вас лишь за то, что приобрели ваши руки, и Он прощает вам многое.
হে মানৱজাতি! তোমালোকক যি বিপদ-আপদেই স্পৰ্শ নকৰক কিয়, তোমালোকৰ ধন-সম্পদৰ বিনাশ হওক অথবা প্ৰাণৰ ক্ষয়-ক্ষতি, সেইবোৰ তোমালোকৰ গুনাহৰ কাৰণেই হয়। আনহাতে আল্লাহে তোমালোকৰ বহুতো গুনাহক ক্ষমা কৰি দিয়ে। সেইবোৰক কেন্দ্ৰ কৰি তোমালোকক জবাবদিহি নকৰে।
42:31Страница 486
وَمَآ أَنتُم بِمُعۡجِزِينَ فِي ٱلۡأَرۡضِۖ وَمَا لَكُم مِّن دُونِ ٱللَّهِ مِن وَلِيّٖ وَلَا نَصِيرٖ ٣١
Вы не спасетесь бегством на земле, и нет у вас, помимо Аллаха, ни покровителя, ни помощника.
যদি তোমালোকৰ প্ৰতিপালকে তোমালোকক শাস্তি দিব বিচাৰে, তেন্তে তোমালোকে কেতিয়াও তেওঁৰ পৰা পলায়ন কৰি মুক্তি পাব নোৱাৰা। আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱকো নাই, যিয়ে তোমালোকৰ কামবোৰ চোৱাচিতা কৰিব। যদি তেওঁ তোমালোকক দণ্ডিত কৰিব বিচাৰে তেন্তে তোমালোকৰ পৰা সেই শাস্তি প্ৰতিৰোধ কৰিব পৰা কোনো সহায়কো বিচাৰি নাপাবা।
42:32Страница 487
وَمِنۡ ءَايَٰتِهِ ٱلۡجَوَارِ فِي ٱلۡبَحۡرِ كَٱلۡأَعۡلَٰمِ ٣٢
Среди Его знамений - плывущие по морю корабли, подобные горам.
সাগৰত চলাচল কৰা পৰ্বত সদৃশ প্ৰকাণ্ড প্ৰকাণ্ড নাও তথা জাহাজবোৰো আল্লাহৰ তাওহীদ আৰু ক্ষমতাৰ অন্যতম নিদৰ্শন।
42:33Страница 487
إِن يَشَأۡ يُسۡكِنِ ٱلرِّيحَ فَيَظۡلَلۡنَ رَوَاكِدَ عَلَىٰ ظَهۡرِهِۦٓۚ إِنَّ فِي ذَٰلِكَ لَأٓيَٰتٖ لِّكُلِّ صَبَّارٖ شَكُورٍ ٣٣
Если Он пожелает, то успокоит ветер, и тогда они останутся неподвижными на его (моря) поверхности. Воистину, в этом - знамения для каждого терпеливого, благодарного.
আল্লাহে ইচ্ছা কৰিলে এই প্ৰকাণ্ড নাওবোৰক চলাই নিয়া বতাহক ৰখাই দিব পাৰে। তেতিয়া সেই নাওবোৰ সমুদ্ৰপৃষ্ঠত গতিহীন হৈ পৰিব। নিশ্চয় নাঁৱৰ সৃষ্টি আৰু বতাহৰ নিয়ন্ত্ৰণ আদিৰ মাজত আল্লাহৰ ক্ষমতাৰ স্পষ্ট নিদৰ্শন আছে, প্ৰত্যেক সেই ব্যক্তিৰ বাবে যিয়ে বিপদ-আপদ আৰু পৰীক্ষাৰ সময়ত ধৈৰ্য্য ধাৰণ কৰে। তথা আল্লাহৰ নিয়ামতসমূহৰ কৃতজ্ঞতা জ্ঞাপন কৰে।
42:34Страница 487
أَوۡ يُوبِقۡهُنَّ بِمَا كَسَبُواْ وَيَعۡفُ عَن كَثِيرٖ ٣٤
Он может погубить их (корабли) за то, что они (люди) приобрели, но Он прощает многих.
অথবা মানুহে যি হাৰত গুনাহ কৰিছে সেইবোৰক কেন্দ্ৰ কৰি আল্লাহে এই নাওবোৰক ধুমুহাৰ সন্মুখীন কৰাই ধ্বংস কৰিব বিচাৰিলে নিশ্চয় ধ্বংস কৰিব পাৰে। কিন্তু আল্লাহে বান্দাসকলৰ বহুতো গুনাহ ক্ষমা কৰি দিয়ে, সেইবোৰৰ কাৰণে সিহঁতক শাস্তি নিদিয়ে।
42:35Страница 487
وَيَعۡلَمَ ٱلَّذِينَ يُجَٰدِلُونَ فِيٓ ءَايَٰتِنَا مَا لَهُم مِّن مَّحِيصٖ ٣٥
Те, которые препираются относительно Наших знамений, знают, что они не смогут сбежать.
যিসকলে আল্লাহৰ আয়াতসমূহক মিছা প্ৰমাণ কৰিবলৈ বিতৰ্ক কৰে, সিহঁতে গম পায় যে, প্ৰচণ্ড ধুমুহাৰ কবলত পৰি নাওবোৰ ধ্বংস হোৱাৰ সময়ত ৰক্ষা পোৱাৰ বাবে পলায়ন কৰাৰ কোনো সুবিধা নাই। সেইকাৰণেই সিহঁতে তেতিয়া একমাত্ৰ আল্লাহকেই আহ্বান কৰে। তেওঁৰ বাহিৰে সকলো উপাস্যকে পৰিত্যাগ কৰে।
Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии