Аль-Мухтасар · Тафсир · на ассамском
Аш-Шура 42:36–53
42:36Страница 487
فَمَآ أُوتِيتُم مِّن شَيۡءٖ فَمَتَٰعُ ٱلۡحَيَوٰةِ ٱلدُّنۡيَاۚ وَمَا عِندَ ٱللَّهِ خَيۡرٞ وَأَبۡقَىٰ لِلَّذِينَ ءَامَنُواْ وَعَلَىٰ رَبِّهِمۡ يَتَوَكَّلُونَ ٣٦
Все, что даровано вам, является преходящим благом мирской жизни. А то, что есть у Аллаха, будет лучше и долговечнее для тех, которые уверовали и уповают на своего Господа,
হে মানৱজাতি! তোমালোকক ধন-সম্পদ, পদমৰ্যাদা আৰু সন্তান-সন্ততি আদি যিবোৰ প্ৰদান কৰা হৈছে, সেইবোৰ হৈছে দৰাচলতে পাৰ্থিৱ জীৱনৰ অস্থায়ী ভোগ-সামগ্ৰী, যিবোৰ অচিৰেই সমাপ্ত হ’ব। আনহাতে স্থায়ী নিয়ামত হৈছে জান্নাতৰ নিয়ামত, সেই নিয়ামত আল্লাহে সেইসকল লোকৰ বাবে প্ৰস্তুত কৰি ৰাখিছে, যিসকলে আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুলসকলৰ প্ৰতি ঈমান আনিছে। তেওঁলোকে সকলো কৰ্মতে একমাত্ৰ আল্লাহৰ ওপৰতেই ভৰসা কৰে।
42:37Страница 487
وَٱلَّذِينَ يَجۡتَنِبُونَ كَبَٰٓئِرَ ٱلۡإِثۡمِ وَٱلۡفَوَٰحِشَ وَإِذَا مَا غَضِبُواْ هُمۡ يَغۡفِرُونَ ٣٧
которые избегают великих грехов и мерзостей и прощают, когда гневаются,
তেওঁলোকে মহাপাপ আৰু বেয়া কৰ্ম আদিৰ পৰা দূৰত্ব অৱলম্বন কৰে। তেওঁলোকে যেতিয়া এনেকুৱা লোকৰ ওপৰত ক্ৰোধান্বিত হয়, যিয়ে তেওঁলোকক কথা অথবা কৰ্মৰ জৰিয়তে কষ্ট দিছে, তেনে ব্যক্তিৰ ভুলক তেওঁলোকে ক্ষমা কৰি দিয়ে। কোনো ধৰণৰ প্ৰতিশোধ নলয়। এই ক্ষমাদান হৈছে তেওঁলোকৰ ফালৰ পৰা কৃপা। যেতিয়া ইয়াৰ মাজত কোনো কল্যাণ তথা হিত নিহিত থাকে।
42:38Страница 487
وَٱلَّذِينَ ٱسۡتَجَابُواْ لِرَبِّهِمۡ وَأَقَامُواْ ٱلصَّلَوٰةَ وَأَمۡرُهُمۡ شُورَىٰ بَيۡنَهُمۡ وَمِمَّا رَزَقۡنَٰهُمۡ يُنفِقُونَ ٣٨
которые отвечают своему Господу, совершают намаз, совещаются между собой о делах и расходуют из того, чем Мы их наделили,
তেওঁলোকে নিজ প্ৰতিপালকৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ আহ্বানত সঁহাৰি দিয়ে। লগতে পৰিপূৰ্ণৰূপে চালাত আদায় কৰে। তেওঁলোকে গুৰুত্বপূৰ্ণ বিষয়ত পৰামৰ্শ কৰে। লগতে তেওঁলোকে আল্লাহৰ সন্তুষ্টি অৰ্জন কৰিবলৈ আমি প্ৰদান কৰা সম্পদৰ পৰা ব্যয় কৰে।
42:39Страница 487
وَٱلَّذِينَ إِذَآ أَصَابَهُمُ ٱلۡبَغۡيُ هُمۡ يَنتَصِرُونَ ٣٩
которые мстят, когда против них поступают несправедливо.
কিন্তু যদি তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰা হয়, তথা অত্যাচাৰী ব্যক্তি যদি ক্ষমাৰ যোগ্য নহয় তেন্তে আত্মসন্মান ৰক্ষা কৰিবলৈ তেওঁলোকে প্ৰতিশোধ লয়। বিশেষকৈ সেই সময়ত প্ৰতিশোধ লোৱা উচিত, যেতিয়া ক্ষমা কৰিলে কোনো লাভ নহয়।
42:40Страница 487
وَجَزَٰٓؤُاْ سَيِّئَةٖ سَيِّئَةٞ مِّثۡلُهَاۖ فَمَنۡ عَفَا وَأَصۡلَحَ فَأَجۡرُهُۥ عَلَى ٱللَّهِۚ إِنَّهُۥ لَا يُحِبُّ ٱلظَّٰلِمِينَ ٤٠
Воздаянием за зло является равноценное зло. Но если кто простит и установит мир, то его награда будет за Аллахом. Воистину, Он не любит беззаконников.
যিয়ে নিজৰ প্ৰাপ্য ল'ব বিচাৰে তেওঁ ল'ব পাৰে, তেওঁৰ অধিকাৰ আছে। কিন্তু অন্যায়ৰ সমপৰিমাণহে ল'ব পাৰিব, তাতকৈ অধিক নহয়। আনহাতে যিয়ে দুৰ্ব্যৱহাৰকাৰীক ক্ষমা কৰি দিয়ে, ইয়াৰ বাবে তাৰ পৰা প্ৰতিশোধ নলয়, লগতে নিজৰ আৰু ভাতৃৰ মাজত থকা বিভেদক মীমাংসা কৰি লয়, তেনে ব্যক্তিৰ প্ৰতিদান আছে আল্লাহৰ হাতত। নিশ্চয় আল্লাহে সেইসকল লোকক ভাল নাপায়, যিসকলে মানুহৰ প্ৰাণ আৰু ধন-সম্পদৰ ক্ষেত্ৰত অন্যায় কৰে, তথা সিহঁতৰ মান-সন্মান হানি কৰে। আল্লাহে এনেকুৱা লোকক ঘৃণা কৰে।
42:41Страница 487
وَلَمَنِ ٱنتَصَرَ بَعۡدَ ظُلۡمِهِۦ فَأُوْلَٰٓئِكَ مَا عَلَيۡهِم مِّن سَبِيلٍ ٤١
Нет укора тем, которые мстят после того, как с ними поступили несправедливо.
নিৰ্যাতিত হোৱাৰ পিছত যিয়ে প্ৰতিশোধ গ্ৰহণ কৰিব, তেনেকুৱা লোকক জবাবদিহি কৰা নহ’ব। কিয়নো দৰাচলতে তেওঁলোকে নিজৰ প্ৰাপ্যহে গ্ৰহণ কৰিছে।
42:42Страница 487
إِنَّمَا ٱلسَّبِيلُ عَلَى ٱلَّذِينَ يَظۡلِمُونَ ٱلنَّاسَ وَيَبۡغُونَ فِي ٱلۡأَرۡضِ بِغَيۡرِ ٱلۡحَقِّۚ أُوْلَٰٓئِكَ لَهُمۡ عَذَابٌ أَلِيمٞ ٤٢
Укора заслуживают только те, которые поступают несправедливо с людьми и бесчинствуют на земле без всякого права. Им уготованы мучительные страдания.
জবাবদিহি সেইসকল লোকক কৰা হ’ব তথা শাস্তি সেইসকল লোকক বিহা হ’ব, যিসকলে মানুহৰ ওপৰত অন্যায় কৰে। পৃথিৱীত পাপকৰ্ম কৰি ফুৰে। আখিৰাতত সিহঁতৰ বাবে আছে কষ্টদায়ক শাস্তি।
42:43Страница 487
وَلَمَن صَبَرَ وَغَفَرَ إِنَّ ذَٰلِكَ لَمِنۡ عَزۡمِ ٱلۡأُمُورِ ٤٣
А если кто проявит терпение и простит, то ведь в этих делах надлежит проявлять решимость.
নিৰ্যাতিত হোৱাৰ পিছতো যিয়ে ধৈৰ্য্য ধাৰণ কৰিব তথা ক্ষমা কৰি দিব, নিশ্চয় এই ধৈৰ্য্যধাৰণে তেওঁৰ প্ৰতি আৰু সমাজৰ প্ৰতি কল্যাণ কঢ়িয়াই আনিব। নিশ্চয় এয়া এক প্ৰশংসনীয় কৰ্ম। ইয়াৰ তাওফীক কেৱল তেৱেঁই লাভ কৰে, যিজন মহা সৌভাগ্যৱান।
42:44Страница 487
وَمَن يُضۡلِلِ ٱللَّهُ فَمَا لَهُۥ مِن وَلِيّٖ مِّنۢ بَعۡدِهِۦۗ وَتَرَى ٱلظَّٰلِمِينَ لَمَّا رَأَوُاْ ٱلۡعَذَابَ يَقُولُونَ هَلۡ إِلَىٰ مَرَدّٖ مِّن سَبِيلٖ ٤٤
У того, кого Аллах ввел в заблуждение, после этого не будет покровителя. Ты увидишь, как беззаконники, увидев мучения, скажут: «Нет ли пути для возвращения?».
আল্লাহে যাক হিদায়তৰ পৰা আঁতৰাই দিব, তাক চোৱাচিতা কৰিব পৰা আল্লাহৰ বাহিৰে তাৰ আন কোনো অভিভাৱক নাই। আপুনি সিদিনা যালিমসকলক দেখিবলৈ পাব, যিসকলে কুফৰী আৰু গুনাহৰ জৰিয়তে নিজৰ ওপৰত অন্যায় কৰিছে, কিয়ামতৰ দিনা যেতিয়া সিহঁতে নিজ চকুৰে শাস্তি দেখা পাব, তেতিয়া আশা প্ৰকাশ কৰি ক’বঃ পৃথিৱীলৈ উভতি যোৱাৰ কোনো উপায় আছেনে, যাতে আমি আল্লাহৰ ওচৰত তাওবা কৰিব পাৰোঁ?
42:45Страница 488
وَتَرَىٰهُمۡ يُعۡرَضُونَ عَلَيۡهَا خَٰشِعِينَ مِنَ ٱلذُّلِّ يَنظُرُونَ مِن طَرۡفٍ خَفِيّٖۗ وَقَالَ ٱلَّذِينَ ءَامَنُوٓاْ إِنَّ ٱلۡخَٰسِرِينَ ٱلَّذِينَ خَسِرُوٓاْ أَنفُسَهُمۡ وَأَهۡلِيهِمۡ يَوۡمَ ٱلۡقِيَٰمَةِۗ أَلَآ إِنَّ ٱلظَّٰلِمِينَ فِي عَذَابٖ مُّقِيمٖ ٤٥
Ты увидишь, как их представят ему (Аду) смиренными от унижения и поглядывающими на него искоса. Те же, которые уверовали, скажут: «Воистину, потерпевшими убыток являются те, которые потеряли самих себя и свои семьи в День воскресения». Воистину, беззаконники пребудут в вечных мучениях.
হে ৰাছুল! আপুনি এই অত্যাচাৰীসকলক দেখা পাব, যেতিয়া সিহঁতক জাহান্নামৰ সন্মুখত অপমানিত তথা লাঞ্ছিত অৱস্থাত উপস্থিত কৰ হ’ব। সিহঁতে ভীত-সন্ত্ৰস্ত অৱস্থাত মানুহৰ পিনে গোপনে চাই থাকিব। সেইদিনা আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুলসকলৰ প্ৰতি ঈমান পোষণ কৰা লোকসকলে ক’বঃ নিশ্চয় প্ৰকৃত ক্ষতিগ্ৰস্ত হৈছে সেইসকল লোক, যিসকলে কিয়ামতৰ দিনা আল্লাহৰ শাস্তিৰ সন্মুখীন হৈ নিজৰ আৰু নিজ পৰিয়ালবৰ্গৰ ক্ষতি সাধন কৰিছে। জানি থোৱা! নিশ্চয় কুফৰী আৰু গুনাহৰ দ্বাৰা নিজৰ ওপৰত অন্যায় কৰা লোকসকলেই চিৰস্থায়ী শাস্তি ভোগ কৰিব, যি শাস্তি কেতিয়াও সমাপ্ত নহ’ব।
42:46Страница 488
وَمَا كَانَ لَهُم مِّنۡ أَوۡلِيَآءَ يَنصُرُونَهُم مِّن دُونِ ٱللَّهِۗ وَمَن يُضۡلِلِ ٱللَّهُ فَمَا لَهُۥ مِن سَبِيلٍ ٤٦
У них не будет покровителей и помощников, которые бы помогли им вместо Аллаха. Нет пути тому, кого Аллах ввел в заблуждение.
কিয়ামতৰ দিনা আল্লাহৰ শাস্তিৰ পৰা সিহঁতক ৰক্ষা কৰিবলৈ তথা সহায় কৰিবলৈ সিহঁতৰ কোনো অভিভাৱক নাথাকিব। আল্লাহে যাক সত্যৰ পৰা আঁতৰাই পথভ্ৰষ্ট কৰিব, সেই ব্যক্তিয়ে কেতিয়াও হিদায়তৰ পথ বিচাৰি নাপাব, যি পথে সত্যৰ পিনে লৈ যায়।
42:47Страница 488
ٱسۡتَجِيبُواْ لِرَبِّكُم مِّن قَبۡلِ أَن يَأۡتِيَ يَوۡمٞ لَّا مَرَدَّ لَهُۥ مِنَ ٱللَّهِۚ مَا لَكُم مِّن مَّلۡجَإٖ يَوۡمَئِذٖ وَمَا لَكُم مِّن نَّكِيرٖ ٤٧
Ответьте вашему Господу прежде, чем наступит день от Аллаха, который невозможно отвратить (или день, который Аллах не отвратит). В тот день не будет для вас убежища, и вы не сможете отрицать свои грехи.
হে মানৱজাতি! আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুবোৰৰ পৰা বিৰত থাকি, তেওঁৰ প্ৰতিটো বিধানত সঁহাৰি দিয়া, লগতে অজুহাত আদি পৰিত্যাগ কৰা, সেই অপ্ৰতিৰোধ্য দিৱসটো অহাৰ পূৰ্বেই যিটোক প্ৰতিৰোধ কৰা সম্ভৱ নহয়। সেইদিনা তোমালোকৰ আশ্ৰয় ল’ব পৰা কোনো আশ্ৰয়স্থল নাথাকিব। আনকি পৃথিৱীত কৰা তোমালোকৰ পাপকৰ্মবোৰকো অস্বীকাৰ কৰিব নোৱাৰিবা।
42:48Страница 488
فَإِنۡ أَعۡرَضُواْ فَمَآ أَرۡسَلۡنَٰكَ عَلَيۡهِمۡ حَفِيظًاۖ إِنۡ عَلَيۡكَ إِلَّا ٱلۡبَلَٰغُۗ وَإِنَّآ إِذَآ أَذَقۡنَا ٱلۡإِنسَٰنَ مِنَّا رَحۡمَةٗ فَرِحَ بِهَاۖ وَإِن تُصِبۡهُمۡ سَيِّئَةُۢ بِمَا قَدَّمَتۡ أَيۡدِيهِمۡ فَإِنَّ ٱلۡإِنسَٰنَ كَفُورٞ ٤٨
Если же они отвернутся, то ведь Мы не посылали тебя их хранителем. На тебя возложена только передача откровения. Когда Мы даем человеку вкусить Нашу милость, он радуется ей. Когда же его поражает зло за то, что приготовили его руки, то человек становится неблагодарен.
এতেকে হে ৰাছুল! যদি সিহঁতে আপোনাৰ আদেশৰ পৰা বিমুখ হয়, তেন্তে জানি থওক আপোনাক আমি সিহঁতৰ ৰক্ষক হিচাপে প্ৰেৰণ কৰা নাই যে, আপুনি সিহঁতৰ কৰ্মবোৰ হিচাপ কৰি ৰাখিব। বৰং আপোনাৰ দায়িত্ব হৈছে কেৱল সেই বাৰ্তা পৌঁচাই দিয়া, যিটোক পৌঁচাই দিয়াৰ আদেশ আপোনাক দিয়া হৈছে, আৰু সিহঁতৰ হিচাপ-নিকাচৰ দায়িত্ব হৈছে আল্লাহৰ হাতত। নিশ্চয় আমি আমাৰ ফালৰ পৰা যেতিয়া মানুহক আমাৰ কোনো ৰহমত উপভোগ কৰিবলৈ দিওঁ, ধন-সম্পদ হওক অথবা সুস্বাস্থ্য, তেতিয়া সিহঁত উৎফুল্লিত হয়। আনহাতে যদি সিহঁতৰ গুনাহৰ ফলত কোনো অপ্ৰিয় বিষয়ৰ দ্বাৰা সিহঁতক পৰীক্ষা কৰা হয় তেন্তে সিহঁতে আল্লাহৰ নিয়ামতসমূহক অস্বীকাৰ কৰিবলৈ ধৰে আৰু কৃতজ্ঞতা নকৰে তথা অসন্তুষ্টি ব্যক্ত কৰে। অথচ আল্লাহেই এইটো তেওঁৰ হিকমত অনুযায়ী নিৰ্ধাৰণ কৰিছে।
42:49–50Страница 488
لِّلَّهِ مُلۡكُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۚ يَخۡلُقُ مَا يَشَآءُۚ يَهَبُ لِمَن يَشَآءُ إِنَٰثٗا وَيَهَبُ لِمَن يَشَآءُ ٱلذُّكُورَ ٤٩
Аллаху принадлежит власть над небесами и землей. Он творит, что пожелает. Он одаряет, кого пожелает, потомством женского пола, а кого пожелает - мужского.
أَوۡ يُزَوِّجُهُمۡ ذُكۡرَانٗا وَإِنَٰثٗاۖ وَيَجۡعَلُ مَن يَشَآءُ عَقِيمًاۚ إِنَّهُۥ عَلِيمٞ قَدِيرٞ ٥٠
Или же Он сочетает потомство мужского и женского полов, а того, кого пожелает, Он делает бесплодным. Воистину, Он - Знающий, Всемогущий.
আকাশমণ্ডল আৰু পৃথিৱীৰ ৰাজত্ব একমাত্ৰ আল্লাহৰেই। তেওঁ যি ইচ্ছা কৰে সেইটোৱে সৃষ্টি কৰে, নৰ-নাৰী অথবা আন কিবা। তেওঁ যাক ইচ্ছা কৰে কন্যা সন্তান দান কৰে আৰু পুত্ৰ সন্তানৰ পৰা বঞ্চিত কৰে। আনহাতে কাৰোবাক আকৌ পুত্ৰ সন্তান দান কৰে আৰু কন্যা সন্তানৰ পৰা বঞ্চিত কৰে। পক্ষান্তৰে তেওঁ যাক ইচ্ছা কৰে পুত্ৰ সন্তান আৰু কন্যা সন্তান উভয়ে প্ৰদান কৰে। তথা যাক ইচ্ছা কৰে বন্ধ্যা বনাই দিয়ে, ফলত তাৰ কোনো সন্তান নহয়। নিশ্চয় যি হৈছে আৰু ভৱিষ্যতত যি হ’ব সেই সম্পৰ্কে তেওঁ সৰ্বজ্ঞ। এইটো হৈছে তেওঁৰ পৰিপূৰ্ণ জ্ঞান আৰু স্বয়ংসম্পূৰ্ণ হিকমতৰ পৰিচয়। একোৱেই তেওঁৰ পৰা গোপন নহয় আৰু কোনেও তেওঁক পৰাজিত কৰিব নোৱাৰে।
42:51Страница 488
۞ وَمَا كَانَ لِبَشَرٍ أَن يُكَلِّمَهُ ٱللَّهُ إِلَّا وَحۡيًا أَوۡ مِن وَرَآيِٕ حِجَابٍ أَوۡ يُرۡسِلَ رَسُولٗا فَيُوحِيَ بِإِذۡنِهِۦ مَا يَشَآءُۚ إِنَّهُۥ عَلِيٌّ حَكِيمٞ ٥١
Человек не достоин того, чтобы Аллах разговаривал с ним иначе, как посредством откровения или через завесу. Или же Он отправляет посланца, который с Его позволения внушает посредством откровения то, что Он желает. Воистину, Он - Возвышенный, Мудрый.
কোনো মানুহৰেই এনেকুৱা মৰ্যাদা নাই যিয়ে আল্লাহৰ লগত পোনপটীয়াকৈ কথা ক’ব পাৰিব, কিন্তু অহীৰ মাধ্যমত অথবা আন কোনো উপায়ত হ’লে বিষয়টো সুকীয়া, অথবা তেওঁক নেদেখাকৈ কথা কোৱা বিষয়টোও ভিন্ন। নাইবা কোনো ফিৰিস্তাৰ জৰিয়তে অহী প্ৰেৰণ কৰা যেনে- জিব্ৰীল আলাইহিচ্ছালাম, যি ফিৰিস্তাই আল্লাহৰ অনুমতিক্ৰমে অহী লৈ আগমন কৰে। নিশ্চয় পৱিত্ৰ আল্লাহ সত্ত্বাগতভাৱে আৰু গুণগতভাৱে অতি উচ্চ। তথা সৃষ্টি কৰাৰ ক্ষেত্ৰত, নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত আৰু চৰীয়ত প্ৰণয়নত তেওঁ মহাপ্ৰজ্ঞাৱান।
42:52Страница 489
وَكَذَٰلِكَ أَوۡحَيۡنَآ إِلَيۡكَ رُوحٗا مِّنۡ أَمۡرِنَاۚ مَا كُنتَ تَدۡرِي مَا ٱلۡكِتَٰبُ وَلَا ٱلۡإِيمَٰنُ وَلَٰكِن جَعَلۡنَٰهُ نُورٗا نَّهۡدِي بِهِۦ مَن نَّشَآءُ مِنۡ عِبَادِنَاۚ وَإِنَّكَ لَتَهۡدِيٓ إِلَىٰ صِرَٰطٖ مُّسۡتَقِيمٖ ٥٢
Таким же образом Мы внушили тебе в откровении дух (Коран) из Нашего повеления. Ты не знал, что такое Писание и что такое вера. Но Мы сделали его светом, посредством которого Мы ведем прямым путем того из Наших рабов, кого пожелаем. Воистину, ты указываешь на прямой путь -
হে ৰাছুল! যিদৰে আমি আপোনাৰ পূৰ্বে নবীসকলৰ প্ৰতি অহী প্ৰেৰণ কৰিছিলোঁ, ঠিক সেইদৰেই আমি আমাৰ ফালৰ পৰা আপোনাৰ প্ৰতি এই কোৰআন অহীৰ মাধ্যমত অৱতীৰ্ণ কৰিছোঁ। ইয়াৰ পূৰ্বে আপুনি ৰাছুলসকলৰ ওপৰত অৱতীৰ্ণ হোৱা গ্ৰন্থসমূহৰ বিষয়ে জনা নাছিল, তথা এই বিষয়েও আপুনি জনা নাছিল যে, ঈমান কি বস্তু? কিন্তু এই কোৰআন আমি জ্যোতি হিচাপে আপোনাৰ প্ৰতি অৱতীৰ্ণ কৰিছোঁ। ইয়াৰ দ্বাৰা আমি আমাৰ যি বান্দাক ইচ্ছা কৰোঁ হিদায়ত দিওঁ। নিশ্চয় আপুনি মানুহক সঠিক পথৰ পিনে অৰ্থাৎ ইছলামৰ পিনে আহ্বান কৰি আছে।
42:53Страница 489
صِرَٰطِ ٱللَّهِ ٱلَّذِي لَهُۥ مَا فِي ٱلسَّمَٰوَٰتِ وَمَا فِي ٱلۡأَرۡضِۗ أَلَآ إِلَى ٱللَّهِ تَصِيرُ ٱلۡأُمُورُ ٥٣
путь Аллаха, Которому принадлежит то, что на небесах, и то, что на земле. Воистину, к Аллаху возвращаются дела.
আপুনি সেই আল্লাহৰ পথৰ পিনে আহ্বান কৰি আছে, যাৰ অধীনস্থ আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো বস্তু। তেৱেঁই এইবোৰক সৃষ্টি কৰিছে আৰু তেৱেঁই এইবোৰৰ মালিক তথা তেৱেঁই এইবোৰক পৰিচালনা কৰে। নিশ্চিতৰূপে সকলো বিষয় একমাত্ৰ তেওঁৰ ওচৰলৈকেই প্ৰত্যাৱৰ্তন কৰে। এইবোৰৰ বিষয়ে তেৱেঁই সিদ্ধান্ত লয় আৰু তেৱেঁই সঞ্চালন কৰে।
Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии