Аль-Мухтасар · Тафсир · на ассамском
Аз-Зухруф 43:56–89
43:56Страница 493
فَجَعَلۡنَٰهُمۡ سَلَفٗا وَمَثَلٗا لِّلۡأٓخِرِينَ ٥٦
Мы сделали их предшественниками и назидательным примером для остальных.
ফলত আমি ফিৰআউন আৰু তাৰ জাতিৰ প্ৰমুখসকলক অতীত ইতিহাসত পৰিণত কৰিলোঁ, আপোনাৰ উম্মতৰ কাফিৰসকলে সিহঁতৰেই পদচিহ্ন অনুসৰণ কৰি আছে। আমি সিহঁতক শিক্ষা গ্ৰহণ কৰা লোকসকলৰ বাবে দৃষ্টান্ত বনাইছোঁ। যাতে সিহঁতৰ দৰে কৰ্মৰ পৰা বিৰত থাকিব পাৰে, অন্যথা সিহঁতৰ দৰেই শাস্তি ভোগ কৰিব লাগিব।
43:57Страница 493
۞ وَلَمَّا ضُرِبَ ٱبۡنُ مَرۡيَمَ مَثَلًا إِذَا قَوۡمُكَ مِنۡهُ يَصِدُّونَ ٥٧
А когда приводят в пример сына Марьям (Марии), твой народ радостно восклицает.
যেতিয়া মুশ্বৰিকসকলে এই ধাৰণা পোষণ কৰিলে যে, খৃষ্টানসকলে উপাসনা কৰা ঈছা আলাইহিচ্ছালামো এই আয়াতৰ অন্তৰ্ভুক্ত, য’ত আল্লাহ তাআলাই কৈছেঃ “নিশ্চয় তোমালোক আৰু আল্লাহৰ পৰিবৰ্তে তোমালোকে যিবোৰৰ উপাসনা কৰা, সেই সকলোবোৰ হৈছে জাহান্নামৰ ইন্ধন, তোমালোক আটায়ে তাত প্ৰৱেশ কৰিবা”। (ছুৰা আম্বিয়া) কিয়নো আল্লাহে তেওঁৰ ইবাদত কৰিবলৈও নিষেধ কৰিছে, যিদৰে মূৰ্ত্তিবোৰৰ উপাসনা নিষেধ কৰিছে। হে ৰাছুল! এই আয়াত শুনাৰ লগে লগে আপোনাৰ সম্প্ৰদায়ৰ লোকসকলে আনন্দিত হৈ হুলস্থূল কৰিবলৈ ধৰিলে আৰু ক’লেঃ আমি বিচাৰোঁ ঈছা আলাইহিচ্ছালামৰ স্থানত আপুনি আমাৰ উপাস্য হওক। সিহঁতৰ এই আচৰণ দেখি আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলেঃ “নিশ্চয় আমাৰ ফালৰ পৰা যিসকলৰ বাবে পূৰ্বৰে পৰা কল্যাণ নিৰ্ধাৰিত আছে, তেওঁলোকক ইয়াৰ পৰা আঁতৰত ৰখা হ’ব”। (ছুৰা আম্বিয়া)
43:58Страница 493
وَقَالُوٓاْ ءَأَٰلِهَتُنَا خَيۡرٌ أَمۡ هُوَۚ مَا ضَرَبُوهُ لَكَ إِلَّا جَدَلَۢاۚ بَلۡ هُمۡ قَوۡمٌ خَصِمُونَ ٥٨
Они говорят: «Наши боги лучше или он?». Они приводят его тебе в пример только для того, чтобы поспорить. Они являются людьми препирающимися!
সিহঁতে কয়ঃ আমাৰ উপাস্যবিলাক শ্ৰেষ্ঠ নে ঈছা আলাইহিচ্ছালাম শ্ৰেষ্ঠ? দৰাচলতে জিবআৰীৰ পুত্ৰ আৰু তাৰ দৰে লোকসকলে এইবোৰ উদাহৰণ সত্য উদ্ঘাটন কৰিবলৈ দিয়া নাই, বৰং বাক-বিতণ্ডা কৰাৰ উদ্দেশ্যেহে উত্থাপন কৰিছে। প্ৰকৃততে সিহঁত স্বভাৱগতভাৱে হৈছে বিতণ্ডাপ্ৰিয়।
43:59Страница 493
إِنۡ هُوَ إِلَّا عَبۡدٌ أَنۡعَمۡنَا عَلَيۡهِ وَجَعَلۡنَٰهُ مَثَلٗا لِّبَنِيٓ إِسۡرَٰٓءِيلَ ٥٩
Он - всего лишь раб, которого Мы облагодетельствовали и сделали примером для сынов Исраила (Израиля).
মৰিয়মৰ পুত্ৰ ঈছা আলাইহিচ্ছালাম হৈছে আল্লাহৰ এজন বান্দা। আমি তেওঁক নবুওৱত আৰু ৰিছালত প্ৰদান কৰিছোঁ। আদমক যিদৰে আমি পিতা মাতা নোহোৱাকৈ সৃষ্টি কৰিছিলোঁ, ঠিক সেইদৰে আমি ঈছাক পিতা নোহোৱাকৈ সৃষ্টি কৰি বনী ইছৰাঈলৰ বাবে এটা নিদৰ্শন বনাইছিলোঁ, যাতে সিহঁতে ইয়াৰ দ্বাৰা মোৰ ক্ষমতাৰ অনুমান লব পাৰে।
43:60Страница 493
وَلَوۡ نَشَآءُ لَجَعَلۡنَا مِنكُم مَّلَٰٓئِكَةٗ فِي ٱلۡأَرۡضِ يَخۡلُفُونَ ٦٠
Если бы Мы пожелали, то заменили бы вас на земле ангелами, которые бы стали вашими преемниками.
হে আদম সন্তান! আমি তোমালোকক ধ্বংস কৰিব বিচাৰিলে নিশ্চয় ধ্বংস কৰিব পাৰিম। আৰু তোমালোকৰ পৰিবৰ্তে ফিৰিস্তাসকলক আনি পৃথিৱীত তোমালোকৰ স্থলাভিষিক্ত কৰিব পাৰোঁ। তেওঁলোকে একমাত্ৰ আল্লাহৰ ইবাদত কৰিব, তেওঁৰ সৈতে আন কাকো অংশীদাৰ স্থাপন নকৰিব।
43:61Страница 494
وَإِنَّهُۥ لَعِلۡمٞ لِّلسَّاعَةِ فَلَا تَمۡتَرُنَّ بِهَا وَٱتَّبِعُونِۚ هَٰذَا صِرَٰطٞ مُّسۡتَقِيمٞ ٦١
Воистину, он (Иса, или Коран, или Мухаммад) является признаком Часа. Нисколько не препирайтесь по поводу него (Часа) и следуйте за Мной! Это - прямой путь.
নিশ্চয় ঈছা আলাইহিচ্ছালাম হৈছে কিয়ামতৰ অন্যতম ডাঙৰ প্ৰতীক, যেতিয়া তেওঁ সৰ্বশেষ যামানাত অৱতৰণ কৰিব। গতিকে কিয়ামত যে অৱশ্যম্ভাৱী এই কথাত তোমালোকে কেতিয়াও সন্দেহ পোষণ নকৰিবা। বৰং তোমালোকে মোৰ সেই দিশ নিৰ্দেশনাৰ অনুসৰণ কৰা, যিটো মই আল্লাহৰ ফালৰ পৰা তোমালোকৰ ওচৰলৈ আনিছোঁ। মই লৈ অহা এই চৰীয়তটোৱে হৈছে সঠিক, যিটোৰ মাজত কোনো ধৰণৰ বক্ৰতা নাই।
43:62Страница 494
وَلَا يَصُدَّنَّكُمُ ٱلشَّيۡطَٰنُۖ إِنَّهُۥ لَكُمۡ عَدُوّٞ مُّبِينٞ ٦٢
И пусть дьявол не отвратит вас, ведь он является вашим явным врагом.
চয়তানে যাতে তোমালোকক প্ৰতাৰণা কৰি বিভ্ৰান্ত কৰিব নোৱাৰে। নিশ্চয় চয়তান হৈছে তোমালোকৰ প্ৰকাশ্য শত্ৰু।
43:63Страница 494
وَلَمَّا جَآءَ عِيسَىٰ بِٱلۡبَيِّنَٰتِ قَالَ قَدۡ جِئۡتُكُم بِٱلۡحِكۡمَةِ وَلِأُبَيِّنَ لَكُم بَعۡضَ ٱلَّذِي تَخۡتَلِفُونَ فِيهِۖ فَٱتَّقُواْ ٱللَّهَ وَأَطِيعُونِ ٦٣
Когда Иса (Иисус) явился с ясными знамениями, он сказал: «Я пришел к вам с мудростью и для того, чтобы разъяснить вам часть того, относительно чего вы расходитесь во мнениях. Бойтесь же Аллаха и повинуйтесь мне!
ঈছা আলাইহিচ্ছালাম যেতিয়া তেওঁৰ জাতিৰ ওচৰলৈ ৰাছুল হোৱাৰ স্পষ্ট প্ৰমাণ লৈ আহিল, আৰু সিহঁতক ক’লেঃ নিশ্চয় মই তোমালোকৰ ওচৰলৈ আল্লাহৰ ফালৰ পৰা হিকমত লৈ আহিছোঁ। লগতে তোমালোকে দ্বীন সম্পৰ্কীয় যিবোৰ বিষয়ত মতভেদ কৰিছা, সেইবোৰ স্পষ্ট কৰিবলৈ আহিছোঁ। গতিকে তোমালোকে আল্লাহৰ আদেশ পালন কৰি তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। লগতে মই তোমালোকক যি আদেশ দিওঁ আৰু যিবোৰ বিষয়ৰ পৰা তোমালোকক নিষেধ কৰোঁ সেই ক্ষেত্ৰত তোমালোকে মোৰ অনুসৰণ কৰা।
43:64Страница 494
إِنَّ ٱللَّهَ هُوَ رَبِّي وَرَبُّكُمۡ فَٱعۡبُدُوهُۚ هَٰذَا صِرَٰطٞ مُّسۡتَقِيمٞ ٦٤
Воистину, Аллах - мой Господь и ваш Господь. Поклоняйтесь же Ему. Это - прямой путь».
নিশ্চয় আল্লাহেই হৈছে মোৰ আৰু তোমালোকৰ প্ৰতিপালক, তেওঁৰ বাহিৰে আমাৰ কোনো প্ৰতিপালক নাই। গতিকে নিৰ্ভেজালভাৱে একমাত্ৰ তেওঁৰেই ইবাদত কৰা। এই তাওহীদেই হৈছে সঠিক পথ, ইয়াত কোনো ধৰণৰ বক্ৰতা নাই।
43:65Страница 494
فَٱخۡتَلَفَ ٱلۡأَحۡزَابُ مِنۢ بَيۡنِهِمۡۖ فَوَيۡلٞ لِّلَّذِينَ ظَلَمُواْ مِنۡ عَذَابِ يَوۡمٍ أَلِيمٍ ٦٥
Но секты разошлись во мнениях между собой. Горе же тем, которые поступали несправедливо, от страданий в Мучительный день!
খৃষ্টানসকলৰ বিভিন্ন গোটে ঈছা আলাইহিচ্ছালামৰ বিষয়ে মতভেদ সৃষ্টি কৰিছিল। সিহঁতৰ মাজৰ কিছুমানে কয়ঃ তেওঁ হৈছে উপাস্য, আৰু কিছুমানে কয়ঃ তেওঁ হৈছে আল্লাহৰ পুত্ৰ। আন কিছুমানে কয়ঃ তেওঁ আৰু তেওঁৰ মাতৃ হৈছে উপাসনাৰ যোগ্য। গতিকে সেইসকল লোকৰ বাবে বিনাশ অনিবাৰ্য, যিসকলে ঈছা আলাইহিচ্ছালামক উপাস্য অথবা পুত্ৰ নাইবা তিনি উপাস্যৰ এজন বুলি কৈ নিজৰ ওপৰত অন্যায় কৰিছে। এতেকে কিয়ামতৰ দিনা সিহঁতৰ অপেক্ষাত আছে কষ্টদায়ক শাস্তি।
43:66Страница 494
هَلۡ يَنظُرُونَ إِلَّا ٱلسَّاعَةَ أَن تَأۡتِيَهُم بَغۡتَةٗ وَهُمۡ لَا يَشۡعُرُونَ ٦٦
Неужели они ожидают чего-либо, кроме Часа, который наступит для них внезапно, так что они даже не почувствуют его приближения?
ঈছা আলাইহিচ্ছালামৰ বিষয়ে বিভেদ সৃষ্টি কৰা এই লোকসকলে কিয়ামতৰ আকস্মিক আগমনৰ অপেক্ষাত আছে নেকি? এনেকুৱা হ’লে সিহঁতে উপলব্ধিও কৰিব নোৱাৰিব। লগতে জানি থোৱা! যদি সিহঁত কুফৰীত থকা অৱস্থাতে কিয়ামত আহি পায় তেন্তে সিহঁতৰ পৰিণাম হ’ব কষ্টদায়ক শাস্তি।
43:67Страница 494
ٱلۡأَخِلَّآءُ يَوۡمَئِذِۭ بَعۡضُهُمۡ لِبَعۡضٍ عَدُوٌّ إِلَّا ٱلۡمُتَّقِينَ ٦٧
В тот день врагами станут все любящие друзья, кроме богобоязненных.
কুফৰ তথা পথভ্ৰষ্টতাৰ ভিত্তিত মিত্ৰতা কৰা লোকসকলে কিয়ামতৰ দিনা ইজনে সিজনৰ শত্ৰুত পৰিণত হ’ব। পক্ষান্তৰে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা লোকসকলৰ মিত্ৰতা সদায় অৱশিষ্ট থাকিব, কেতিয়াও সমাপ্ত নহ’ব।
43:68Страница 494
يَٰعِبَادِ لَا خَوۡفٌ عَلَيۡكُمُ ٱلۡيَوۡمَ وَلَآ أَنتُمۡ تَحۡزَنُونَ ٦٨
О рабы Мои! Сегодня вы не познаете страха и не будете опечалены.
আল্লাহে তেওঁলোকক ক’বঃ হে মোৰ বান্দাসকল! আজিৰ পৰা তোমালোকৰ ভৱিষ্যতে সন্মুখীন হ’বলগীয়া বিষয়বোৰকলৈ কোনো চিন্তা নাই। আনহাতে পৃথিৱীত এৰি থৈ অহা সা-সামগ্ৰী সম্পৰ্কেও কোনো দুখ নাথাকিব।
43:69Страница 494
ٱلَّذِينَ ءَامَنُواْ بِـَٔايَٰتِنَا وَكَانُواْ مُسۡلِمِينَ ٦٩
Вы были теми, которые уверовали в Наши знамения и были мусульманами.
যিসকলে ৰাছুলসকলৰ ওপৰত অৱতীৰ্ণ হোৱা কোৰআনৰ প্ৰতি ঈমান পোষণ কৰে তথা কোৰআন মুতাবিক আমল কৰে, তেওঁলোকেই আল্লাহৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত ৰাখে।
43:70Страница 494
ٱدۡخُلُواْ ٱلۡجَنَّةَ أَنتُمۡ وَأَزۡوَٰجُكُمۡ تُحۡبَرُونَ ٧٠
Войдите же в Рай радостными вместе со своими женами (или вместе с себе подобными).
আপুনি আৰু আপোনাৰ দৰে মুমিনসকলে জান্নাতত প্ৰৱেশ কৰক। নিশ্চয় আপোনালোকে জান্নাতৰ চিৰস্থায়ী নিয়ামতৰ দ্বাৰা আনন্দিত হ’ব, যিবোৰ নিয়ামত কেতিয়াও শেষ নহ’ব আৰু বিচ্ছিন্নও নহ’ব।
43:71Страница 494
يُطَافُ عَلَيۡهِم بِصِحَافٖ مِّن ذَهَبٖ وَأَكۡوَابٖۖ وَفِيهَا مَا تَشۡتَهِيهِ ٱلۡأَنفُسُ وَتَلَذُّ ٱلۡأَعۡيُنُۖ وَأَنتُمۡ فِيهَا خَٰلِدُونَ ٧١
Их будут обносить блюдами из золота и чашами. Там будет то, чего жаждут души и чем услаждаются глаза. Вы пребудете там вечно.
তেওঁলোকৰ সেৱকসকলে সোণৰ পাত্ৰ আৰু পিয়লা লৈ তেওঁলোকৰ মাজত ঘূৰি থাকিব। জান্নাতত সেই সকলো বস্তু উপলব্ধ থাকিব, যিবোৰ তেওঁলোকৰ মনে বিচাৰিব তথা যিবোৰ দেখি তেওঁলোক আনন্দিত হ’ব। তাত তোমালোকে চিৰকাল বসবাস কৰিবা। তাৰ পৰা ওলোৱাৰ কেতিয়াও প্ৰয়োজন নহ’ব।
43:72Страница 494
وَتِلۡكَ ٱلۡجَنَّةُ ٱلَّتِيٓ أُورِثۡتُمُوهَا بِمَا كُنتُمۡ تَعۡمَلُونَ ٧٢
Этот Рай дан вам в наследство за то, что вы совершали.
তোমালোকৰ সন্মুখত বৰ্ণনা কৰা সেইখনেই হৈছে জান্নাত, আল্লাহে নিজ অনুগ্ৰহত আৰু তোমালোকৰ কৰ্মৰ ভিত্তিত তোমালোকক সেইখনৰ উত্তৰাধিকাৰী বনাব।
43:73Страница 494
لَكُمۡ فِيهَا فَٰكِهَةٞ كَثِيرَةٞ مِّنۡهَا تَأۡكُلُونَ ٧٣
Для вас там уготованы многочисленные фрукты, которые вы будете есть.
তোমালোকৰ বাবে তাত থাকিব অসংখ্য ফল-মূল। যিবোৰ কেতিয়াও সমাপ্ত নহ’ব। তোমালোকে সেইবোৰ ভক্ষণ কৰিবা।
43:74Страница 495
إِنَّ ٱلۡمُجۡرِمِينَ فِي عَذَابِ جَهَنَّمَ خَٰلِدُونَ ٧٤
Воистину, грешники вечно будут мучаться в Геенне.
নিশ্চয় কুফৰী আৰু পাপকৰ্ম কৰা অপৰাধীসকলে কিয়ামতৰ দিনা জাহান্নামত শাস্তি ভোগ কৰিব। আৰু সিহঁত তাত চিৰকাল থাকিব।
43:75Страница 495
لَا يُفَتَّرُ عَنۡهُمۡ وَهُمۡ فِيهِ مُبۡلِسُونَ ٧٥
Им не будет дано передышки, и там они придут в отчаяние.
সিহঁতৰ পৰা শাস্তি লাঘৱ কৰা নহ’ব, আৰু সিহঁত আল্লাহৰ ৰহমতৰ পৰা নিৰাশ হৈ পৰিব।
43:76Страница 495
وَمَا ظَلَمۡنَٰهُمۡ وَلَٰكِن كَانُواْ هُمُ ٱلظَّٰلِمِينَ ٧٦
Мы не поступили с ними несправедливо - они сами поступали несправедливо.
সিহঁতক জাহান্নামত নিক্ষেপ কৰি আমি সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নাছিলোঁ। বৰং কুফৰী কৰি সিহঁত নিজেই নিজৰ ওপৰত অন্যায় কৰিছিল।
43:77Страница 495
وَنَادَوۡاْ يَٰمَٰلِكُ لِيَقۡضِ عَلَيۡنَا رَبُّكَۖ قَالَ إِنَّكُم مَّٰكِثُونَ ٧٧
Они воззовут: «О Малик! Пусть твой Господь покончит с нами». Он скажет: «Вы останетесь здесь навечно».
সিহঁতে জাহান্নামৰ প্ৰহৰী মালিকক আহ্বান কৰি ক’বঃ হে মালিক! তোমাৰ প্ৰতিপালকে আমাক নিঃশেষ কৰি দিয়া উচিত, যাতে আমি শাস্তিৰ পৰা ৰক্ষা পাওঁ। তেতিয়া মালিকে সিহঁতক প্ৰত্যুত্তৰ দি ক’বঃ তোমালোকে চিৰকাল এই শাস্তিতেই থাকিব লাগিব, ইয়াত তোমালোকৰ কেতিয়াও মৃত্যু নহ’ব। তথা তোমালোকৰ পৰা শাস্তিও উঠাই লোৱা নহ’ব।
43:78Страница 495
لَقَدۡ جِئۡنَٰكُم بِٱلۡحَقِّ وَلَٰكِنَّ أَكۡثَرَكُمۡ لِلۡحَقِّ كَٰرِهُونَ ٧٨
Мы принесли вам истину, но большинство из вас не любят ее.
পৃথিৱীত আমি তোমালোকৰ ওচৰলৈ সত্য আনিছিলোঁ, যি সত্যৰ মাজত কোনো ধৰণৰ সন্দেহ নাছিল। কিন্তু তোমালোকৰ মাজৰ অধিকাংশ লোকেই সত্যক অপছন্দ কৰিছিল।
43:79Страница 495
أَمۡ أَبۡرَمُوٓاْ أَمۡرٗا فَإِنَّا مُبۡرِمُونَ ٧٩
Приняли ли язычники окончательное решение? Мы уже приняли окончательное решение.
সিহঁতে যদি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিৰুদ্ধে কোনো চক্ৰান্ত কৰে, তথা কোনো ষড়যন্ত্ৰ ৰচে তেন্তে আমি সিহঁতৰ ষড়যন্ত্ৰতকৈও ডাঙৰ কৌশল অৱলম্বন কৰিম।
43:80Страница 495
أَمۡ يَحۡسَبُونَ أَنَّا لَا نَسۡمَعُ سِرَّهُمۡ وَنَجۡوَىٰهُمۚ بَلَىٰ وَرُسُلُنَا لَدَيۡهِمۡ يَكۡتُبُونَ ٨٠
Неужели они полагают, что Мы не слышим их секретов и тайных переговоров? О нет! При них находятся Наши посланцы, которые записывают.
সিহঁতে ধাৰণা কৰে নেকি যে, আমি সিহঁতৰ অন্তৰত থকা গোপন বিষয়বোৰ নাজানো তথা সিহঁতে ইজনে সিজনৰ লগত কৰা গোপন পৰামৰ্শবোৰ আমি শুনা নাপাওঁ? নিশ্চয় আমি সিহঁতৰ সকলো বিষয়ে অৱগত তথা সেইবোৰ শুনা পাওঁ। আনকি সিহঁতৰ ওচৰত নিযুক্ত ফিৰিস্তাসকলেও সিহঁতৰ প্ৰতিটো আমল লিপিবদ্ধ কৰি ৰাখে।
43:81Страница 495
قُلۡ إِن كَانَ لِلرَّحۡمَٰنِ وَلَدٞ فَأَنَا۠ أَوَّلُ ٱلۡعَٰبِدِينَ ٨١
Скажи: «Если бы у Милостивого был сын, то я первым стал бы поклоняться (Аллаху или Его сыну)».
হে ৰাছুল! যিসকলে আল্লাহৰ কন্যা সন্তান আছে বুলি ধাৰণা কৰে, আপুনি সিহঁতক কৈ দিয়ক যে, আল্লাহ সিহঁতৰ এনেকুৱা ধাৰণাৰ পৰা অতি ঊৰ্দ্ধত। আল্লাহৰ কোনো সন্তানেই নাই। আল্লাহ এনেকুৱা বিষয়ৰ পৰা পৰিস্কাৰ তথা পৱিত্ৰ। আল্লাহক ইবাদত কৰা লোকসকলৰ মাজৰ আগশাৰীৰ ইবাদতকাৰী মই, তথা তেওঁৰ পৱিত্ৰতা ঘোষণা কৰাৰ ক্ষেত্ৰতো মই প্ৰথমশাৰীৰ।
43:82Страница 495
سُبۡحَٰنَ رَبِّ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ رَبِّ ٱلۡعَرۡشِ عَمَّا يَصِفُونَ ٨٢
Пречист Господь небес и земли, Господь Трона, и далек от того, что они приписывают.
আকাশমণ্ডল আৰু পৃথিৱীৰ প্ৰতিপালক তথা মহাসিংহাসনৰ প্ৰতিপালক আল্লাহ তাআলা মুশ্বৰিকসকলে সম্পৃক্ত কৰা অংশীদাৰ, স্ত্ৰী আৰু সন্তান আদিৰ পৰা অতি পৱিত্ৰ।
43:83Страница 495
فَذَرۡهُمۡ يَخُوضُواْ وَيَلۡعَبُواْ حَتَّىٰ يُلَٰقُواْ يَوۡمَهُمُ ٱلَّذِي يُوعَدُونَ ٨٣
Оставь же их погружаться в словоблудие и забавляться, пока они не встретят тот день их, который им обещан.
হে ৰাছুল! আপুনি সিহঁতক বাতিলৰ মাজত পৰি থাকিবলৈ দিয়ক, সিহঁত খেল-ধেমালিত মতলীয়া হৈ থাকক। অৱশেষত নিশ্চয় সিহঁতে সেই প্ৰতিশ্ৰুতি দিয়া দিৱসৰ সন্মুখীন হ’ব অৰ্থাৎ কিয়ামত দিৱসৰ।
43:84Страница 495
وَهُوَ ٱلَّذِي فِي ٱلسَّمَآءِ إِلَٰهٞ وَفِي ٱلۡأَرۡضِ إِلَٰهٞۚ وَهُوَ ٱلۡحَكِيمُ ٱلۡعَلِيمُ ٨٤
Он - Тот, Кто является Богом на небесах и на земле. Он - Мудрый, Знающий.
তেৱেঁই সত্য উপাস্য আকাশত আৰু তেৱেঁই সত্য উপাস্য পৃথিৱীত। নিশ্চয় তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, যোগান ধৰাৰ ক্ষেত্ৰত তথা পৰিচালনাত মহাপ্ৰজ্ঞাৱান। বান্দাসকলৰ পৰিস্থিতি সম্পৰ্কে সৰ্বজ্ঞ। তেওঁৰ পৰা একোৱেই গোপন নহয়।
43:85Страница 495
وَتَبَارَكَ ٱلَّذِي لَهُۥ مُلۡكُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَمَا بَيۡنَهُمَا وَعِندَهُۥ عِلۡمُ ٱلسَّاعَةِ وَإِلَيۡهِ تُرۡجَعُونَ ٨٥
Благословен Тот, Кому принадлежит власть над небесами, землей и тем, что между ними. У Него - знание о Часе, и к Нему вы будете возвращены.
আল্লাহ মহা বৰকতময়, একমাত্ৰ তেওঁৰ হাততেই আছে আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলো বস্তুৰ ৰাজত্ব। কিয়ামত কেতিয়া সংঘটিত হ’ব, ইয়াৰ সঠিক জ্ঞানো একমাত্ৰ তেওঁৰ ওচৰতেই আছে। তেওঁৰ বাহিৰে কোনেও নাজানে। আখিৰাতত হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে একমাত্ৰ তেওঁৰ ওচৰতেই উভতি যাব লাগিব।
43:86Страница 495
وَلَا يَمۡلِكُ ٱلَّذِينَ يَدۡعُونَ مِن دُونِهِ ٱلشَّفَٰعَةَ إِلَّا مَن شَهِدَ بِٱلۡحَقِّ وَهُمۡ يَعۡلَمُونَ ٨٦
Те, к кому вы взываете помимо Него, не владеют заступничеством. Заступаться будут только за тех или только те, которые осознанно засвидетельствовали истину.
মুশ্বৰিকসকলে আল্লাহৰ বাহিৰে যিবোৰৰ উপাসনা কৰে, সেইবোৰে আল্লাহৰ ওচৰত মধ্যস্ততা কৰাৰ কোনো ক্ষমতা নাৰাখে। কিন্তু যিয়ে জানি বুজি এই সাক্ষ্য দিয়ে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁৰ বিষয়টো সুকীয়া। যেনেঃ ঈছা, উঝাইৰ আৰু ফিৰিস্তাসকল।
43:87Страница 495
وَلَئِن سَأَلۡتَهُم مَّنۡ خَلَقَهُمۡ لَيَقُولُنَّ ٱللَّهُۖ فَأَنَّىٰ يُؤۡفَكُونَ ٨٧
Если ты спросишь у них, кто сотворил их, они непременно скажут: «Аллах». До чего же они отвращены от истины!
যদি আপুনি সিহঁতক সোধে যে, সিহঁতক কোনে সৃষ্টি কৰিছে? তেতিয়া নিশ্চয় সিহঁতে ক’বঃ আল্লাহেই আমাক সৃষ্টি কৰিছে। এই স্বীকাৰোক্তিৰ পিছতো সিহঁতে আল্লাহৰ ইবাদতৰ পৰা কেনেকৈ বিমুখ হয়?
43:88Страница 495
وَقِيلِهِۦ يَٰرَبِّ إِنَّ هَٰٓؤُلَآءِ قَوۡمٞ لَّا يُؤۡمِنُونَ ٨٨
Он сказал: «Господи! Воистину, они - люди неверующие».
পৱিত্ৰ আল্লাহৰ ওচৰত ৰাছুলৰ অভিযোগ সম্পৰ্কে পূৰ্ণ জ্ঞান আছে, তেওঁৰ সম্প্ৰদায়ে যে তেওঁক অস্বীকাৰ কৰিছে। এইদৰে তেওঁৰ এই দুআ সম্পৰ্কেও অৱগত যে, হে মোৰ প্ৰতিপালক! নিশ্চয় ইহঁতে সেই বাৰ্তাৰ প্ৰতি ঈমান পোষণ নকৰিব, যি বাৰ্তা প্ৰদান কৰি তুমি মোক প্ৰেৰণ কৰিছা।
43:89Страница 495
فَٱصۡفَحۡ عَنۡهُمۡ وَقُلۡ سَلَٰمٞۚ فَسَوۡفَ يَعۡلَمُونَ ٨٩
Отвернись же от них и скажи: «Мир!». Скоро они узнают.
গতিকে আপুনি সিহঁতক উপেক্ষা কৰক। সিহঁতৰ লগত এনেকুৱা কথা কওক, যাৰ দ্বাৰা সিহঁতৰ অনিষ্টৰ পৰা ৰক্ষা পোৱা সম্ভৱ। (এই আদেশ মক্কাত থকা অৱস্থাত দিয়া হৈছিল।) শীঘ্ৰেই সিহঁতে সন্মুখীন হবলগীয়া শাস্তি সম্পৰ্কে অৱগত হ’ব।
Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии