Аль-МухтасарАд‑Духан · 44:1–59

Аль-Мухтасар · Тафсир · на ассамском

الدخان

Ад-Духан

Дым · Мекканская · 59 аятов

44:1Страница 496

حمٓ ١

Ха. Мим.

(হা, মীম) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।

44:2Страница 496

وَٱلۡكِتَٰبِ ٱلۡمُبِينِ ٢

Клянусь ясным Писанием!

আল্লাহে সত্যৰ পথ দেখুৱা কোৰআনৰ শপত খাইছে।

44:3Страница 496

إِنَّآ أَنزَلۡنَٰهُ فِي لَيۡلَةٖ مُّبَٰرَكَةٍۚ إِنَّا كُنَّا مُنذِرِينَ ٣

Мы ниспослали его в благословенную ночь, и Мы предостерегаем.

নিশ্চয় আমি সন্মানিত ৰাতিত কোৰআন অৱতীৰ্ণ কৰিছোঁ। যি ৰাতিত আছে অসংখ্য কল্যাণ। নিশ্চয় আমি এই কোৰআনৰ মাধ্যমত সতৰ্ক কৰোঁ।

44:4Страница 496

فِيهَا يُفۡرَقُ كُلُّ أَمۡرٍ حَكِيمٍ ٤

В нее решаются все мудрые дела

এই ৰাতিতেই জীৱিকা আৰু আয়ু সম্বন্ধীয় সেই বছৰৰ সকলো গুৰুত্বপূৰ্ণ নিৰ্ণয় লোৱা হয়।

44:5Страница 496

أَمۡرٗا مِّنۡ عِندِنَآۚ إِنَّا كُنَّا مُرۡسِلِينَ ٥

по повелению от Нас. Мы посылаем пророков и Писания

আমি আমাৰ ফালৰ পৰাই প্ৰত্যেক চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰোঁ। নিশ্চয় আমিয়েই ৰাছুলসকলক প্ৰেৰণ কৰোঁ।

44:6Страница 496

رَحۡمَةٗ مِّن رَّبِّكَۚ إِنَّهُۥ هُوَ ٱلسَّمِيعُ ٱلۡعَلِيمُ ٦

по милости твоего Господа, Слышащего, Знающего,

হে ৰাছুল! আপোনাৰ প্ৰতিপালকৰ তৰফৰ পৰা ৰহমত হিচাপে ৰাছুলসকলক সিহঁতৰ ওচৰলৈ প্ৰেৰণ কৰা হয়। নিশ্চয় পৱিত্ৰ আল্লাহে তেওঁৰ বান্দাসকলৰ কথা শ্ৰৱণ কৰে, তথা তেওঁ সিহঁতৰ কৰ্ম আৰু নিয়্যত সম্পৰ্কে সৰ্বজ্ঞ। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয়।

44:7Страница 496

رَبِّ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَمَا بَيۡنَهُمَآۖ إِن كُنتُم مُّوقِنِينَ ٧

Господа небес, земли и того, что между ними, если только вы обладаете убежденностью.

তেৱেঁই আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলো বস্তুৰে প্ৰতিপালক। যদি তোমালোকে এইটো বিশ্বাস কৰা তেন্তে মোৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা।

44:8Страница 496

لَآ إِلَٰهَ إِلَّا هُوَ يُحۡيِۦ وَيُمِيتُۖ رَبُّكُمۡ وَرَبُّ ءَابَآئِكُمُ ٱلۡأَوَّلِينَ ٨

Нет божества, кроме Него. Он оживляет и умерщвляет. Он - ваш Господь и Господь ваших праотцев.

তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু প্ৰদান কৰে। তেওঁৰ বাহিৰে কোনো জীৱন প্ৰদানকাৰী তথা মৃত্যু প্ৰদানকাৰী নাই। তেৱেঁই তোমালোকৰ আৰু তোমালোকৰ পিতৃপুৰুষসকলৰ প্ৰতিপালক।

44:9Страница 496

بَلۡ هُمۡ فِي شَكّٖ يَلۡعَبُونَ ٩

Но они забавляются, испытывая сомнения.

এই মুশ্বৰিকসকলে কেতিয়াও ইয়াৰ প্ৰতি ঈমান পোষণ নকৰিব, বৰং ইহঁতে এই বিষয়ত সন্দেহত পতিত হৈ আছে। বাতিলৰ কাৰণে সিহঁতে অমনোযোগী হৈ আছে।

44:10Страница 496

فَٱرۡتَقِبۡ يَوۡمَ تَأۡتِي ٱلسَّمَآءُ بِدُخَانٖ مُّبِينٖ ١٠

Подожди же того дня, когда небо принесет ясный дым,

হে ৰাছুল! আপুনি আপোনাৰ উম্মতৰ প্ৰতি শীঘ্ৰে আহিবলগীয়া শাস্তিৰ অপেক্ষা কৰক, যিদিনা আকাশৰ পৰা পোনপটীয়াকৈ ধোঁৱা নামি আহিব। ভোকৰ তাড়নাত সিহঁতে নিজ চকুৰে সেয়া দেখিবলৈ পাব।

44:11Страница 496

يَغۡشَى ٱلنَّاسَۖ هَٰذَا عَذَابٌ أَلِيمٞ ١١

который окутает людей. Это будут мучительные страдания!

এই শাস্তিয়ে আপোনাৰ গোটেই উম্মতক আবৃত কৰিব। আৰু সিহঁতক কোৱা হ’বঃ তোমালোকক স্পৰ্শ কৰা এই শাস্তি হৈছে কষ্টদায়ক শাস্তি।

44:12Страница 496

رَّبَّنَا ٱكۡشِفۡ عَنَّا ٱلۡعَذَابَ إِنَّا مُؤۡمِنُونَ ١٢

Они скажут: «Господь наш! Избавь нас от страданий, ведь мы уверовали».

তেতিয়া সিহঁতে নিজ প্ৰতিপালকৰ ওচৰত বিনীতভাৱে প্ৰাৰ্থনা কৰি ক’বঃ হে আমাৰ প্ৰতিপালক! আমাৰ ওপৰত অৱতীৰ্ণ কৰা এই শাস্তি আমাৰ পৰা আঁতৰাই দিয়া। যদি তুমি এই শাস্তি আমাৰ পৰা আঁতৰাই দিয়া তেন্তে নিশ্চয় আমি তোমাৰ প্ৰতি আৰু তোমাৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিম।

44:13Страница 496

أَنَّىٰ لَهُمُ ٱلذِّكۡرَىٰ وَقَدۡ جَآءَهُمۡ رَسُولٞ مُّبِينٞ ١٣

Но как они могут помянуть такое назидание, если к ним уже приходил разъясняющий посланник.

কেনেকৈ সিহঁতে উপদেশ গ্ৰহণ কৰিব তথা নিজ প্ৰতিপালকৰ নৈকট্য অৱলম্বন কৰিব, অথচ সিহঁতৰ ওচৰলৈ স্পষ্ট বাৰ্তা লৈ এজন ৰাছুল প্ৰেৰিত হৈছিল, যাৰ সত্যতা আৰু বিশ্বস্ততা সম্পৰ্কে তেওঁলোক অৱগত আছিল?

44:14Страница 496

ثُمَّ تَوَلَّوۡاْ عَنۡهُ وَقَالُواْ مُعَلَّمٞ مَّجۡنُونٌ ١٤

Затем они отвернулись от него и сказали: «Он - обученный, одержимый».

তাৰ পিছত সিহঁতে তেওঁক মানিবলৈ অস্বীকাৰ কৰিছিল, আৰু তেওঁৰ বিষয়ে কৈছিলঃ এওঁ ৰাছুল নহয়, বৰং প্ৰশিক্ষণপ্ৰাপ্ত এজন ব্যক্তি, যাক কোনোবাই এইবোৰ শিকাইছে। তেওঁৰ বিষয়ে সিহঁতে এই কথাও কৈছিল যে, তেওঁ এজন উন্মাদ।

44:15Страница 496

إِنَّا كَاشِفُواْ ٱلۡعَذَابِ قَلِيلًاۚ إِنَّكُمۡ عَآئِدُونَ ١٥

Мы избавим вас от страданий ненадолго, но ведь вы вернетесь к неверию.

কিছু সময়ৰ বাবে যেতিয়া আমি তোমালোকৰ পৰা শাস্তি উঠাই লম, নিশ্চয় তোমালোকে আকৌ সেই কুফৰী আৰু অস্বীকাৰ কৰা স্বভাৱলৈ ঘূৰি যাবা।

44:16Страница 496

يَوۡمَ نَبۡطِشُ ٱلۡبَطۡشَةَ ٱلۡكُبۡرَىٰٓ إِنَّا مُنتَقِمُونَ ١٦

В тот день, когда Мы схватим вас величайшей Хваткой, Мы будем мстить.

হে ৰাছুল! সিহঁতৰ বিষয়ে আপুনি সেই দিৱসৰ অপেক্ষা কৰক, যিদিনা আপোনাৰ সম্প্ৰদায়ৰ কাফিৰসকলক কঠিন বিপদৰ মুখামুখি কৰিম (অৰ্থাৎ বদৰৰ দিনা)। নিশ্চয় আমি সিহঁতৰ পৰা প্ৰতিশোধ গ্ৰহণ কৰিম। কিয়নো সিহঁতে আল্লাহৰ লগত কুফৰী কৰিছে আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছে।

44:17Страница 496

۞ وَلَقَدۡ فَتَنَّا قَبۡلَهُمۡ قَوۡمَ فِرۡعَوۡنَ وَجَآءَهُمۡ رَسُولٞ كَرِيمٌ ١٧

До вас Мы уже испытали народ Фараона, и к ним явился благородный посланник.

সিহঁতৰ পূৰ্বে আমি ফিৰআউন সম্প্ৰদায়কো পৰীক্ষা কৰিছিলোঁ। সিহঁতৰ ওচৰলৈও সন্মানিত ৰাছুল প্ৰেৰিত হৈছে, তেওঁ সিহঁতক আল্লাহৰ তাওহীদ আৰু তেওঁৰ ইবাদতৰ পিনে আহ্বান কৰিছিল। তেওঁ আছিল মুছা আলাইহিচ্ছালাম।

44:18Страница 496

أَنۡ أَدُّوٓاْ إِلَيَّ عِبَادَ ٱللَّهِۖ إِنِّي لَكُمۡ رَسُولٌ أَمِينٞ ١٨

Он сказал: «Верните мне рабов Аллаха. Я являюсь посланником к вам, заслуживающим доверия.

মুছা আলাইহিচ্ছালামে ফিৰআউন আৰু তাৰ সম্প্ৰদায়ক কৈছিলঃ বনী ইছৰাঈলক মোৰ সৈতে যাবলৈ দিয়া। কাৰণ তেওঁলোক হৈছে আল্লাহৰ বান্দা। তেওঁলোকক দাসত পৰিণত কৰি ৰাখিবলৈ তোমাৰ কোনো অধিকাৰ নাই। নিশ্চয় মই তোমালোকৰ ওচৰলৈ ৰাছুল হিচাপে প্ৰেৰিত হৈছোঁ। মোক যি বাৰ্তা পৌঁচাবলৈ আদেশ দিয়া হৈছে, সেই ক্ষেত্ৰত নিশ্চয় মই এজন বিশ্বস্ত ব্যক্তি। সেই বাৰ্তাত অলপো কম বেছি নকৰোঁ।

44:19Страница 497

وَأَن لَّا تَعۡلُواْ عَلَى ٱللَّهِۖ إِنِّيٓ ءَاتِيكُم بِسُلۡطَٰنٖ مُّبِينٖ ١٩

Не превозноситесь над Аллахом, ведь я принес вам явное доказательство.

তোমালোকে আল্লাহৰ ইবাদত ত্যাগ কৰি আৰু তেওঁৰ বান্দাসকলৰ ওপৰত আধিপত্য বিস্তাৰ কৰি অহংকাৰ নকৰিবা। নিশ্চয় মই তোমালোকৰ ওচৰলৈ সুস্পষ্ট প্ৰমাণ লৈ আহিছোঁ।

44:20Страница 497

وَإِنِّي عُذۡتُ بِرَبِّي وَرَبِّكُمۡ أَن تَرۡجُمُونِ ٢٠

Я прибег к защите моего Господа и вашего Господа, чтобы вы не побили меня камнями.

নিশ্চয় মই মোৰ প্ৰতিপালকৰ ওচৰত তোমালোকৰ প্ৰস্তৰঘাতৰ পৰা আশ্ৰয় বিচাৰিছোঁ। তেওঁ তোমালোকৰো প্ৰতিপালক।

44:21Страница 497

وَإِن لَّمۡ تُؤۡمِنُواْ لِي فَٱعۡتَزِلُونِ ٢١

Если же вы не верите мне, то оставьте меня».

যদি তোমালোকে মই লৈ অহা বাৰ্তাক বিশ্বাস নকৰা, তেন্তে মোক এৰি দিয়া, মোক অনিষ্ট কৰাৰ উদ্দেশ্যে মোৰ ওচৰলৈ নাহিবা।

44:22Страница 497

فَدَعَا رَبَّهُۥٓ أَنَّ هَٰٓؤُلَآءِ قَوۡمٞ مُّجۡرِمُونَ ٢٢

Затем он воззвал к своему Господу: «Они являются грешными людьми».

এতেকে মুছা আলাইহিচ্ছালামে নিজ প্ৰতিপালকৰ ওচৰত দুআ কৰি ক'লেঃ এই লোকসকল অৰ্থাৎ ফিৰআউন আৰু তাৰ মন্ত্ৰীসকল হৈছে অপৰাধী। দৰাচলতে সিহঁত শীঘ্ৰে শাস্তি পোৱাৰ যোগ্য।

44:23Страница 497

فَأَسۡرِ بِعِبَادِي لَيۡلًا إِنَّكُم مُّتَّبَعُونَ ٢٣

Аллах сказал: «Выступи с Моими рабами ночью. Воистину, вас будут преследовать.

ফলত আল্লাহে মুছা আলাইহিচ্ছালামক নিৰ্দেশ দিলে যে, আপুনি ৰাতিৰ ভিতৰতে আপোনাৰ সম্প্ৰদায়ক লগতলৈ ইয়াৰ পৰা গুচি যাওক। তেওঁক এই কথাও জনাই দিছিল যে, ফিৰআউন আৰু তাৰ সম্প্ৰদায়ে তেওঁলোকক খেদি যাব।

44:24Страница 497

وَٱتۡرُكِ ٱلۡبَحۡرَ رَهۡوًاۖ إِنَّهُمۡ جُندٞ مُّغۡرَقُونَ ٢٤

Оставь море в покое - их воинство будет потоплено».

লগতে তেওঁক এই আদেশও প্ৰদান কৰিলে যে, যেতিয়া তেওঁ আৰু বনী ইছৰাঈল সাগৰ পাৰ কৰিব, তেতিয়া সাগৰখনক যেন সেই অৱস্থাতে এৰি দিয়ে। নিশ্চয় ফিৰআউন আৰু তাৰ সেনাবাহিনী সাগৰত ডুবি মৰিব।

44:25Страница 497

كَمۡ تَرَكُواْ مِن جَنَّٰتٖ وَعُيُونٖ ٢٥

Сколько они оставили садов, источников,

ফিৰআউন আৰু তাৰ সম্প্ৰদায়ে নিজৰ পিছফালে কিমান যে ধুনীয়া ধুনীয়া বাগান আৰু প্ৰবাহিত নিজৰা এৰি থৈ আহিছিল।

44:26Страница 497

وَزُرُوعٖ وَمَقَامٖ كَرِيمٖ ٢٦

посевов, благородных мест

কিমান যে খেতি-বাতি আৰু সুৰম্য বৈঠকস্থল এৰি থৈ আহিছিল।

44:27Страница 497

وَنَعۡمَةٖ كَانُواْ فِيهَا فَٰكِهِينَ ٢٧

и блаженства, в котором они наслаждались!

সিহঁতে নিজৰ পিছফালে কিমান যে সুখ-সামগ্ৰী এৰি থৈ আহিছিল, যিবোৰ সিহঁতে ভোগ কৰিছিল।

44:28Страница 497

كَذَٰلِكَۖ وَأَوۡرَثۡنَٰهَا قَوۡمًا ءَاخَرِينَ ٢٨

Вот так! Мы позволили унаследовать это другому народу.

এইদৰেই সেই ঘটনা সংঘটিত হৈছিল যিটো তোমালোকৰ সন্মুখত ইতিমধ্যে বৰ্ণনা কৰা হৈছে। সিহঁতৰ এই বাগান, প্ৰস্ৰৱন, খেতি-পথাৰ আৰু অট্টালিকাবোৰৰ উত্তৰাধিকাৰী আমি অন্য এটা সম্প্ৰদায়ক অৰ্থাৎ বনী ইছৰাঈলক কৰি দিছিলোঁ।

44:29Страница 497

فَمَا بَكَتۡ عَلَيۡهِمُ ٱلسَّمَآءُ وَٱلۡأَرۡضُ وَمَا كَانُواْ مُنظَرِينَ ٢٩

Ни небо, ни земля не оплакивали их, и им не была предоставлена отсрочка.

ফিৰআউন আৰু তাৰ সম্প্ৰদায়ক যেতিয়া সাগৰত ডুবাই ধ্বংস কৰা হৈছিল তেতিয়া আকাশ আৰু পৃথিৱীয়ে সিহঁতৰ বাবে আফচোচ কৰা নাছিল। আনকি সিহঁতক তাওবা কৰাৰো অৱকাশ দিয়া হোৱা নাছিল।

44:30Страница 497

وَلَقَدۡ نَجَّيۡنَا بَنِيٓ إِسۡرَٰٓءِيلَ مِنَ ٱلۡعَذَابِ ٱلۡمُهِينِ ٣٠

Мы уже спасли сынов Исраила (Израиля) от унизительных страданий -

নিশ্চয় আমি বনী ইছৰাঈলক লাঞ্ছনাদায়ক শাস্তিৰ পৰা ৰক্ষা কৰিছিলোঁ। কিয়নো ফিৰআউন আৰু তাৰ সম্প্ৰদায়ে তেওঁলোকৰ পুত্ৰ সন্তানসকলক হত্যা কৰিছিল আৰু কন্যা সন্তানক জীৱিত এৰি দিছিল।

44:31Страница 497

مِن فِرۡعَوۡنَۚ إِنَّهُۥ كَانَ عَالِيٗا مِّنَ ٱلۡمُسۡرِفِينَ ٣١

от Фараона. Воистину, он был надменен и был одним из преступающих границы дозволенного.

আমি সিহঁতক ফিৰআউনৰ শাস্তিৰ পৰা ৰক্ষা কৰিছিলোঁ। নিশ্চয় ফিৰআউন আছিল এজন অহংকাৰী তথা আল্লাহৰ দ্বীন উলংঘাকাৰী ব্যক্তি।

44:32Страница 497

وَلَقَدِ ٱخۡتَرۡنَٰهُمۡ عَلَىٰ عِلۡمٍ عَلَى ٱلۡعَٰلَمِينَ ٣٢

Мы избрали их и возвысили их над мирами на основании знания.

নিশ্চয় আমি বনী ইছৰাঈলক জানি বুজি সেই সময়ৰ লোকসকলৰ ওপৰত প্ৰাধান্য দিছিলোঁ। কাৰণ তেওঁলোকৰ মাজত বহুতো নবী প্ৰেৰণ কৰা হৈছিল।

44:33Страница 497

وَءَاتَيۡنَٰهُم مِّنَ ٱلۡأٓيَٰتِ مَا فِيهِ بَلَٰٓؤٞاْ مُّبِينٌ ٣٣

Мы даровали им знамения, в которых было заключено явное испытание (или явная милость).

আমি তেওঁলোকক মুছা আলাইহিচ্ছালামৰ সমৰ্থনত এনেকুৱা দলিল-প্ৰমাণ দিছিলোঁ, যিবোৰ মান্না আৰু ছালৱাৰ দৰে স্পষ্ট নিয়ামত আছিল।

44:34Страница 497

إِنَّ هَٰٓؤُلَآءِ لَيَقُولُونَ ٣٤

Воистину, они непременно скажут:

নিশ্চয় এই অস্বীকাৰকাৰী মুশ্বৰিকসকলে আখিৰাতৰ জীৱনক অস্বীকাৰ কৰি ক’বঃ

44:35Страница 497

إِنۡ هِيَ إِلَّا مَوۡتَتُنَا ٱلۡأُولَىٰ وَمَا نَحۡنُ بِمُنشَرِينَ ٣٥

«Для нас есть только одна смерть, и мы не будем воскрешены.

আমাক কেৱল এবাৰেই মৃত্যু প্ৰদান কৰা হ’ব, ইয়াৰ পিছত আৰু কোনো জীৱন নাই। এই মৃত্যুৰ পিছত আমাক কেতিয়াও পুনৰুত্থিত কৰা নহ’ব।

44:36Страница 497

فَأۡتُواْ بِـَٔابَآئِنَآ إِن كُنتُمۡ صَٰدِقِينَ ٣٦

Приведите же наших отцов, если вы говорите правду».

হে মুহাম্মদ! তুমি আৰু তোমাৰ অনুসাৰীসকলে যদি নিজৰ এই দাবীত সত্যবাদী যে, আল্লাহে মৃত লোকসকলক হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে জীৱিত কৰিব তেন্তে আমাৰ পিতৃ-পুৰুষসকলক জীৱিত কৰি আনাচোন।

44:37Страница 497

أَهُمۡ خَيۡرٌ أَمۡ قَوۡمُ تُبَّعٖ وَٱلَّذِينَ مِن قَبۡلِهِمۡ أَهۡلَكۡنَٰهُمۡۚ إِنَّهُمۡ كَانُواْ مُجۡرِمِينَ ٣٧

Они лучше или же народ Тубба (Тобба) и их предшественники? Мы погубили их. Воистину, они были грешниками.

হে ৰাছুল! আপোনাক অস্বীকাৰ কৰা এই মুশ্বৰিকসকল, শক্তি আৰু নিয়ামতৰ ক্ষেত্ৰত অধিক উত্তম নে তুব্বা সম্প্ৰদায় অধিক উত্তম, তথা সিহঁতৰ পূৰ্বে অতিবাহিত হোৱা লোকসকল যেনেঃ আদ আৰু ছামূদ সম্প্ৰদায়। সেই সকলোকে আমি ধ্বংস কৰিছোঁ। নিশ্চয় সিহঁত আছিল অপৰাধী।

44:38Страница 497

وَمَا خَلَقۡنَا ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ وَمَا بَيۡنَهُمَا لَٰعِبِينَ ٣٨

Мы не сотворили небеса, землю и то, что между ними, забавляясь.

আকাশমণ্ডল আৰু পৃথিৱী তথা এই দুয়োৰে মাজত থকা সকলো বস্তু আমি খেল-ধেমালিৰ বাবে সৃষ্টি কৰা নাই।

44:39Страница 497

مَا خَلَقۡنَٰهُمَآ إِلَّا بِٱلۡحَقِّ وَلَٰكِنَّ أَكۡثَرَهُمۡ لَا يَعۡلَمُونَ ٣٩

Мы сотворили их (небеса и землю) только ради истины, но большинство их не знает этого.

প্ৰকৃততে আমি আকাশমণ্ডল আৰু পৃথিৱীক এটা হিকমত সহকাৰে সৃষ্টি কৰিছোঁ। কিন্তু অধিকাংশ মুশ্বৰিকে বিষয়টো নাজানে।

44:40Страница 498

إِنَّ يَوۡمَ ٱلۡفَصۡلِ مِيقَٰتُهُمۡ أَجۡمَعِينَ ٤٠

Воистину, День различения - это срок, установленный для каждого из них.

নিশ্চয় আল্লাহে কিয়ামতৰ দিনা বান্দাসকলৰ মাজত বিচাৰ কৰিব, সেইদিনা আল্লাহে সকলো সৃষ্টিকে একত্ৰিত কৰিব।

44:41Страница 498

يَوۡمَ لَا يُغۡنِي مَوۡلًى عَن مَّوۡلٗى شَيۡـٔٗا وَلَا هُمۡ يُنصَرُونَ ٤١

Это будет день, когда близкий ничем не поможет своему близкому и когда помощь не будет оказана никому,

সেইদিনা কোনো আত্মীয়ই কোনো আত্মীয়ক আৰু কোনো বন্ধুৱে কোনো বন্ধুক উপকাৰ কৰিব নোৱাৰিব। সিহঁতে আল্লাহৰ শাস্তিক প্ৰতিৰোধও কৰিব নোৱাৰিব। কিয়নো সেইদিনা ক্ষমতা থাকিব একমাত্ৰ আল্লাহৰ হাতত। কোনেও তেওঁক প্ৰত্যাহ্বান জনাব নোৱাৰিব।

44:42Страница 498

إِلَّا مَن رَّحِمَ ٱللَّهُۚ إِنَّهُۥ هُوَ ٱلۡعَزِيزُ ٱلرَّحِيمُ ٤٢

кроме тех, над кем смилостивится Аллах. Воистину, Он - Могущественный, Милосердный.

কিন্তু সেই ব্যক্তিৰ বিষয়টো সুকীয়া, যাৰ প্ৰতি আল্লাহে ৰহমত কৰিব। কিয়নো তেওঁ নিজৰ সৎকৰ্মৰ দ্বাৰা উপকৃত হ’ব। নিশ্চয় আল্লাহ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ তাওবাকাৰী বান্দাসকলৰ প্ৰতি অতি দয়ালু।

44:43Страница 498

إِنَّ شَجَرَتَ ٱلزَّقُّومِ ٤٣

Воистину, дерево заккум будет

নিশ্চয় আল্লাহে জাহান্নামৰ গভীৰত ঝাক্কুম গছ উৎপন্ন কৰিছে।

44:44Страница 498

طَعَامُ ٱلۡأَثِيمِ ٤٤

пищей грешника.

সেইবোৰ হ’ব মহা পাপীসকলৰ খাদ্য। অৰ্থাৎ কাফিৰসকলক এই নিকৃষ্ট ফল খাবলৈ দিয়া হ’ব।

44:45Страница 498

كَٱلۡمُهۡلِ يَغۡلِي فِي ٱلۡبُطُونِ ٤٥

Подобно осадку масла (или расплавленной меди), оно будет кипеть в животах так,

এই ফল দেখাত ক’লা ৰঙৰ তেলৰ দৰে হ’ব। যিটো সিহঁতৰ পেটত প্ৰচণ্ড গৰমত উতলিব।

44:46Страница 498

كَغَلۡيِ ٱلۡحَمِيمِ ٤٦

как кипит кипяток.

যিদৰে গৰম পানী উতলি উঠে।

44:47Страница 498

خُذُوهُ فَٱعۡتِلُوهُ إِلَىٰ سَوَآءِ ٱلۡجَحِيمِ ٤٧

Схватите его и волоките (или несите) до самой середины Ада.

জাহান্নামৰ প্ৰহৰীক কোৱা হ’বঃ ইয়াক কৰায়ত্ব কৰা আৰু কঠোৰভাৱে ধৰি জাহান্নামৰ ভিতৰত নিক্ষেপ কৰা।

44:48Страница 498

ثُمَّ صُبُّواْ فَوۡقَ رَأۡسِهِۦ مِنۡ عَذَابِ ٱلۡحَمِيمِ ٤٨

Затем налейте ему на голову кипяток, причиняющий страдания.

তথা এই শাস্তিপ্ৰাপ্ত ব্যক্তিৰ মূৰত উতলা পানী ঢালি দিয়া। সি কেতিয়াও শাস্তিৰ পৰা ৰক্ষা নাপাব।

44:49Страница 498

ذُقۡ إِنَّكَ أَنتَ ٱلۡعَزِيزُ ٱلۡكَرِيمُ ٤٩

Вкушай, ведь ты - могущественный, благородный!

তাক ভৰ্ৎসনা কৰি কোৱা হ’বঃ এই কষ্টদায়ক শাস্তি ভোগ কৰা। নিশ্চয় তুমি প্ৰভাৱশালী আছিলা, তোমাৰ জাতিৰ ভিতৰত তোমাৰ মান-সন্মানৰ অভাৱ নাছিল।

44:50Страница 498

إِنَّ هَٰذَا مَا كُنتُم بِهِۦ تَمۡتَرُونَ ٥٠

Вот то, в чем вы сомневались!

নিশ্চয় কিয়ামতৰ দিনা হ’বলগীয়া এই শাস্তিৰ বিষয়ে তোমালোকে সন্দেহ পোষণ কৰিছিলা। গতিকে ইয়াক নিজ চকুৰে চোৱাৰ পিছত নিশ্চয় এতিয়া তোমালোকৰ সন্দেহ দূৰ হৈছে।

44:51Страница 498

إِنَّ ٱلۡمُتَّقِينَ فِي مَقَامٍ أَمِينٖ ٥١

Воистину, богобоязненные пребудут в безопасном месте,

নিশ্চয় আল্লাহৰ আদেশ পালন কৰা আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকা মুত্ত্বাক্বী লোকসকলে প্ৰত্যেক অপ্ৰিয় বস্তুৰ পৰা সুৰক্ষিত আৰু নিশ্চিন্তভাৱে অৱস্থান কৰিব।

44:52Страница 498

فِي جَنَّٰتٖ وَعُيُونٖ ٥٢

в Райских садах и среди источников.

উদ্যানসমূহত আৰু জলপ্ৰপাতসমূহৰ মাজত।

44:53Страница 498

يَلۡبَسُونَ مِن سُندُسٖ وَإِسۡتَبۡرَقٖ مُّتَقَٰبِلِينَ ٥٣

Они будут облачены в атлас и парчу и будут восседать друг против друга.

তেওঁলোকে জান্নাতত পাতল আৰু মোটা ৰেচম কাপোৰ ব্যৱহাৰ কৰিব। ইজনে সিজনৰ মুখামুখি আসনত বহিব। কোনেও কাৰো পিছফালে নবহিব।

44:54Страница 498

كَذَٰلِكَ وَزَوَّجۡنَٰهُم بِحُورٍ عِينٖ ٥٤

Вот так! Мы сочетаем их с черноокими, большеглазыми девами.

যিদৰে জান্নাতত আমি তেওঁলোকক এইবোৰ নিয়ামত প্ৰদান কৰিম, ঠিক সেইদৰে আমি তেওঁলোকক এনেকুৱা নাৰীৰ সৈতে বিবাহ বন্ধনত আৱদ্ধ কৰাম, যিসকল হ’ব ডাঙৰ চকুবিশিষ্টা। তেওঁলোকৰ চকুৰ বগা অংশখিনিও প্ৰশস্ত থাকিব আৰু ক’লা অংশখিনিও প্ৰশস্ত থাকিব।

44:55Страница 498

يَدۡعُونَ فِيهَا بِكُلِّ فَٰكِهَةٍ ءَامِنِينَ ٥٥

Там они будут просить любые фрукты, будучи в безопасности.

তেওঁলোকে তাত সেৱকসকলৰ দ্বাৰা যি ইচ্ছা কৰিব সেই ফল তলব কৰিব পাৰিব। ফল সমাপ্ত হোৱাৰো তেওঁলোকৰ কোনো ভয় নাথাকিব আৰু কোনো ক্ষতি হোৱাৰো আশংকা নাথাকিব।

44:56Страница 498

لَا يَذُوقُونَ فِيهَا ٱلۡمَوۡتَ إِلَّا ٱلۡمَوۡتَةَ ٱلۡأُولَىٰۖ وَوَقَىٰهُمۡ عَذَابَ ٱلۡجَحِيمِ ٥٦

Там они не вкусят смерти после первой смерти. Он защитил их от мучений в Аду

তেওঁলোকে তাত চিৰকাল থাকিব। পাৰ্থিৱ জীৱনৰ মৃত্যুৰ বাহিৰে তেওঁলোকে তাত কোনো মৃত্যুৰ সোৱাদ নাপাব। আল্লাহে তেওঁলোকক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰিব।

44:57Страница 498

فَضۡلٗا مِّن رَّبِّكَۚ ذَٰلِكَ هُوَ ٱلۡفَوۡزُ ٱلۡعَظِيمُ ٥٧

по милости от твоего Господа. Это и есть великое преуспеяние.

এইটো তেওঁলোকৰ ওপৰত তেওঁলোকৰ প্ৰতিপালকৰ অনুগ্ৰহ তথা উপকাৰ। জান্নাতত প্ৰৱেশ আৰু জাহান্নামৰ পৰা মুক্তিয়ে হৈছে মহা সফলতা। এই সফলতাৰ কোনো তুলনা নাই।

44:58Страница 498

فَإِنَّمَا يَسَّرۡنَٰهُ بِلِسَانِكَ لَعَلَّهُمۡ يَتَذَكَّرُونَ ٥٨

Мы облегчили его (Коран) на твоем языке, чтобы они могли помянуть назидание.

হে ৰাছুল! আপোনাৰ প্ৰতি এই কোৰআনখন আৰবী ভাষাত অৱতীৰ্ণ কৰি সহজ-সৰল কৰি দিছোঁ, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।

44:59Страница 498

فَٱرۡتَقِبۡ إِنَّهُم مُّرۡتَقِبُونَ ٥٩

Подожди же, ведь они тоже ждут.

গতিকে আপুনি আপোনাৰ বিজয় আৰু সিহঁতৰ ধ্বংসৰ অপেক্ষা কৰক। নিশ্চয় সিহঁতেও আপোনাৰ বিনাশৰ অপেক্ষাত আছে।

Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии

Содержание

Аят аль-Курси36Аль-Кахфстр. 42джуз 15Бухари 1Муслим 2999

Вид

Тема
Размер текста
Вид

Read in English