Аль-МухтасарАль‑Джасия · 45:1–37

Аль-Мухтасар · Тафсир · на ассамском

الجاثية

Аль-Джасия

Коленопреклоненные · Мекканская · 37 аятов

45:1Страница 499

حمٓ ١

Ха. Мим.

(হা, মীম) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।

45:2Страница 499

تَنزِيلُ ٱلۡكِتَٰبِ مِنَ ٱللَّهِ ٱلۡعَزِيزِ ٱلۡحَكِيمِ ٢

Писание ниспослано от Аллаха Могущественного, Мудрого.

কোৰআন হৈছে মহাপৰাক্ৰমশালী আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ, যিজনক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, নিৰ্ধাৰণৰ ক্ষেত্ৰত আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মহা প্ৰজ্ঞাৱান।

45:3Страница 499

إِنَّ فِي ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ لَأٓيَٰتٖ لِّلۡمُؤۡمِنِينَ ٣

Воистину, на небесах и на земле есть знамения для верующих.

নিশ্চয় মুমিনসকলৰ বাবে আকাশমণ্ডল আৰু পৃথিৱীত আল্লাহৰ ক্ষমতা আৰু তেওঁৰ তাওহীদৰ অসংখ্য প্ৰমাণ আছে। কাৰণ তেওঁলোকেই নিদৰ্শন আদিৰ পৰা শিক্ষা গ্ৰহণ কৰে।

45:4Страница 499

وَفِي خَلۡقِكُمۡ وَمَا يَبُثُّ مِن دَآبَّةٍ ءَايَٰتٞ لِّقَوۡمٖ يُوقِنُونَ ٤

В сотворении вас и живых тварей, которых Он расселил, есть знамения для людей убежденных.

হে মানৱজাতি! প্ৰথমে বীৰ্য, তাৰ পিছত ৰক্তপিণ্ড আৰু তাৰ পিছত মাংসপিণ্ড, তোমালোকৰ সৃষ্টিৰ এই পদ্ধতিৰ মাজতো আছে নিদৰ্শন। পৃথিৱীত বিচৰণ কৰা প্ৰত্যেক প্ৰাণীৰ সৃষ্টিৰ মাজত আছে সেইসকল লোকৰ বাবে আল্লাহৰ তাওহীদৰ নিদৰ্শন, যিসকলে আল্লাহক সৃষ্টিকৰ্তা বুলি বিশ্বাস কৰে।

45:5Страница 499

وَٱخۡتِلَٰفِ ٱلَّيۡلِ وَٱلنَّهَارِ وَمَآ أَنزَلَ ٱللَّهُ مِنَ ٱلسَّمَآءِ مِن رِّزۡقٖ فَأَحۡيَا بِهِ ٱلۡأَرۡضَ بَعۡدَ مَوۡتِهَا وَتَصۡرِيفِ ٱلرِّيَٰحِ ءَايَٰتٞ لِّقَوۡمٖ يَعۡقِلُونَ ٥

В смене ночи и дня, в уделе, который Аллах ниспосылает с неба и посредством которого Он оживляет землю после ее смерти, и в смене ветров есть знамения для людей разумеющих.

দিন-ৰাতিৰ আৱৰ্তনৰ মাজত, আল্লাহে আকাশৰ পৰা বৰ্ষণ কৰা বৰষুণৰ মাজতো আছে নিদৰ্শন, সেই পানীৰ জৰিয়তেই আল্লাহে মৃত ভূমিক জীৱিত কৰি উদ্ভিদ আদি উৎপন্ন কৰে। লগতে বতাহৰ গতিবিধিৰ মাজতো আছে নিদৰ্শন, তোমালোকৰ সুবিধাৰ বাবেই কেতিয়াবা ইফালৰ পৰা আৰু কেতিয়াবা সিফালৰ পৰা বতাহ বলে। এইবোৰৰ মাজত বিবেকৱান লোকসকলৰ বাবে আছে শিক্ষা। তেওঁলোকে এইবোৰৰ দ্বাৰা আল্লাহৰ তাওহীদ আৰু পুনৰ্জীৱিত কৰাৰ ক্ষমতা আদিৰ প্ৰমাণ লাভ কৰে। নিশ্চয় তেওঁ সকলো বিষয়ত ক্ষমতাৱান।

45:6Страница 499

تِلۡكَ ءَايَٰتُ ٱللَّهِ نَتۡلُوهَا عَلَيۡكَ بِٱلۡحَقِّۖ فَبِأَيِّ حَدِيثِۭ بَعۡدَ ٱللَّهِ وَءَايَٰتِهِۦ يُؤۡمِنُونَ ٦

Вот аяты Аллаха, которые Мы читаем тебе истинно. В какой же рассказ после рассказа об Аллахе и его знамениях они верят?

হে ৰাছুল! এইবোৰ আয়াত আৰু প্ৰমাণাদি আমি আপোনাৰ ওচৰত সত্য সহকাৰে পাঠ কৰি আছোঁ। এতেকে এতিয়া যদি সিহঁতে আল্লাহে তেওঁৰ বান্দাৰ প্ৰতি অৱতীৰ্ণ কৰা এই বাণীৰ ওপৰত আৰু প্ৰমাণ আদিৰ ওপৰত ঈমান পোষণ নকৰে তেন্তে সিহঁতে ইয়াৰ পিছত কোনটো বাণী আৰু প্ৰমাণৰ ওপৰত ঈমান আনিব?

45:7Страница 499

وَيۡلٞ لِّكُلِّ أَفَّاكٍ أَثِيمٖ ٧

Горе всякому лживому грешнику!

আল্লাহৰ শাস্তি আৰু ধ্বংস প্ৰত্যেক সেই ব্যক্তিৰ ওপৰত অনিবাৰ্য, যিজন মিছলীয়া তথা মহাপাপিষ্ঠ।

45:8Страница 499

يَسۡمَعُ ءَايَٰتِ ٱللَّهِ تُتۡلَىٰ عَلَيۡهِ ثُمَّ يُصِرُّ مُسۡتَكۡبِرٗا كَأَن لَّمۡ يَسۡمَعۡهَاۖ فَبَشِّرۡهُ بِعَذَابٍ أَلِيمٖ ٨

Он выслушивает аяты Аллаха, которые читаются ему, а затем надменно упорствует, словно он вовсе не слышал их. Обрадуй же его вестью о мучительных страданиях.

কাফিৰ ব্যক্তিয়ে আল্লাহৰ আয়াতসমূহ শ্ৰৱণ কৰে যিবোৰ তাৰ সন্মুখত তিলাৱত কৰা হয়, তাৰ পিছতো সি সত্যৰ পৰা অহংকাৰ কৰি কুফৰ আৰু গুনাহৰ ওপৰত অবিচল থাকে। এনেকুৱা লাগে যেনিবা সি আল্লাহৰ আয়াত শুনাই নাই। এতেকে হে ৰাছুল! আপুনি তাক আখিৰাতৰ বেয়া পৰিণাম সম্পৰ্কে জনাই দিয়ক, অৰ্থাৎ তাৰ বাবে ৰৈ আছে কষ্টদায়ক শাস্তি।

45:9Страница 499

وَإِذَا عَلِمَ مِنۡ ءَايَٰتِنَا شَيۡـًٔا ٱتَّخَذَهَا هُزُوًاۚ أُوْلَٰٓئِكَ لَهُمۡ عَذَابٞ مُّهِينٞ ٩

Когда он узнает о чем-либо из Наших знамений, он начинает насмехаться над ними. Таким уготованы унизительные мучения.

কোৰআনৰ কোনো আয়াত শুনিলেই সিহঁতে তাকলৈ উপহাস কৰে। কোৰআনক উপহাস কৰা এই লোকসকলৰ বাবে কিয়ামতৰ দিনা আছে লাঞ্ছনাদায়ক শাস্তি।

45:10Страница 499

مِّن وَرَآئِهِمۡ جَهَنَّمُۖ وَلَا يُغۡنِي عَنۡهُم مَّا كَسَبُواْ شَيۡـٔٗا وَلَا مَا ٱتَّخَذُواْ مِن دُونِ ٱللَّهِ أَوۡلِيَآءَۖ وَلَهُمۡ عَذَابٌ عَظِيمٌ ١٠

Перед ними - Геенна. Не спасут их то, что они приобрели, и те, кого они взяли себе в покровители и помощники вместо Аллаха. Им уготованы великие мучения.

সিহঁতৰ সন্মুখত আছে জাহান্নামৰ শাস্তি, যি শাস্তিয়ে আখিৰাতত সিহঁতৰ অপেক্ষা কৰি আছে। সিহঁতৰ উপাৰ্জিত সম্পদে আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত কোনো উপকাৰ সাধন কৰিব নোৱাৰিব। আল্লাহৰ বাহিৰে সিহঁতে উপাসনা কৰা সেই মূৰ্ত্তিবোৰেও কোনো উপকাৰ কৰিব নোৱাৰিব। কিয়ামতৰ দিনা সিহঁতৰ বাবে আছে মহাশাস্তি।

45:11Страница 499

هَٰذَا هُدٗىۖ وَٱلَّذِينَ كَفَرُواْ بِـَٔايَٰتِ رَبِّهِمۡ لَهُمۡ عَذَابٞ مِّن رِّجۡزٍ أَلِيمٌ ١١

Это - верное руководство. А тем, которые не уверовали в знамения своего Господа, уготованы мучения от великого наказания.

আমি আমাৰ ৰাছুলৰ ওপৰত অৱতীৰ্ণ কৰা এই কিতাবখনে সত্যৰ পথ দেখুৱায়। এতেকে আল্লাহৰ ফালৰ পৰা ৰাছুলৰ ওপৰত অৱতীৰ্ণ হোৱা আয়াতসমূহক যিসকলে অস্বীকাৰ কৰিব, সিহঁতৰ বাবে আছে কষ্টদায়ক তথা নিকৃষ্ট শাস্তি।

45:12Страница 499

۞ ٱللَّهُ ٱلَّذِي سَخَّرَ لَكُمُ ٱلۡبَحۡرَ لِتَجۡرِيَ ٱلۡفُلۡكُ فِيهِ بِأَمۡرِهِۦ وَلِتَبۡتَغُواْ مِن فَضۡلِهِۦ وَلَعَلَّكُمۡ تَشۡكُرُونَ ١٢

Аллах - Тот, Кто подчинил вам море, чтобы корабли плыли по нему по Его воле и чтобы вы искали Его милость. Быть может, вы будете благодарны.

হে মানৱজাতি! একমাত্ৰ আল্লাহেই সাগৰক তোমালোকৰ অধীনস্থ কৰি দিছে, যাতে তেওঁৰ আদেশত তাত নাও চলাচল কৰিব পাৰে। যাতে তোমালোকে তেওঁৰ অনুগ্ৰহত বৈধভাৱে উপাৰ্জন কৰিব পাৰা, তথা তোমালোকে যাতে আল্লাহৰ সেইবোৰ নিয়ামতৰ কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰা, যিবোৰ তেওঁ তোমালোকক প্ৰদান কৰিছে।

45:13Страница 499

وَسَخَّرَ لَكُم مَّا فِي ٱلسَّمَٰوَٰتِ وَمَا فِي ٱلۡأَرۡضِ جَمِيعٗا مِّنۡهُۚ إِنَّ فِي ذَٰلِكَ لَأٓيَٰتٖ لِّقَوۡمٖ يَتَفَكَّرُونَ ١٣

Он подчинил вам то, что на небесах, и то, что на земле. Воистину, в этом - знамения для людей размышляющих.

আকাশমণ্ডলত থকা সূৰ্য, চন্দ্ৰ আৰু তৰা আদি, তথা পৃথিৱীত থকা নদ-নদী, গছ-গছনি আৰু পাহাৰ-পৰ্বত আদিক আল্লাহেই তোমালোকৰ কৰ্মত নিয়োজিত কৰি ৰাখিছে। এই সকলোবোৰ নিয়ামত তেওঁ নিজ অনুগ্ৰহত প্ৰদান কৰিছে। নিশ্চয় এইবোৰক তোমালোকৰ কৰ্মত নিয়োজিত কৰাৰ মাজত আছে বহুতো নিদৰ্শন, যিবোৰে আল্লাহৰ ক্ষমতা আৰু তেওঁৰ তাওহীদৰ প্ৰমাণ বহন কৰে। এইবোৰ সেইসকল লোকৰ বাবে উপকাৰী, যিসকলে আল্লাহৰ আয়াতসমূহকলৈ চিন্তা-চৰ্চা কৰে তথা এইবোৰৰ দ্বাৰা শিক্ষা গ্ৰহণ কৰে।

45:14Страница 500

قُل لِّلَّذِينَ ءَامَنُواْ يَغۡفِرُواْ لِلَّذِينَ لَا يَرۡجُونَ أَيَّامَ ٱللَّهِ لِيَجۡزِيَ قَوۡمَۢا بِمَا كَانُواْ يَكۡسِبُونَ ١٤

Скажи верующим, чтобы они простили тех, которые не надеются на дни Аллаха, дабы Он воздал людям за то, что они приобретали.

হে ৰাছুল! যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু তেওঁৰ ৰাছুলৰ প্ৰতি বিশ্বাস কৰিছে, আপুনি তেওঁলোকক কৈ দিয়কঃ তোমালোকৰ সৈতে বেয়া ব্যৱহাৰ কৰা কাফিৰসকলক তোমালোকে ক্ষমা কৰি দিয়া, সিহঁতে আল্লাহৰ নিয়ামত আৰু শাস্তিক কোনো ভ্ৰূক্ষেপ নকৰে। নিশ্চয় আল্লাহে ধৈৰ্য্য ধাৰণ কৰা মুমিনসকলক আৰু সীমালংঘন কৰা কাফিৰসকলৰ প্ৰত্যেককে পৃথিৱীত কৰা সিহঁতৰ কৰ্মৰ শীঘ্ৰেই প্ৰতিদান দিব।

45:15Страница 500

مَنۡ عَمِلَ صَٰلِحٗا فَلِنَفۡسِهِۦۖ وَمَنۡ أَسَآءَ فَعَلَيۡهَاۖ ثُمَّ إِلَىٰ رَبِّكُمۡ تُرۡجَعُونَ ١٥

Кто поступает праведно, тот поступает во благо себе. А кто творит зло, тот поступает во вред себе. А затем вы будете возвращены к вашему Господу.

যিয়ে সৎকৰ্ম কৰিব, সেই সৎকৰ্মৰ প্ৰতিফল সি নিজে উপভোগ কৰিব। আল্লাহে তেওঁৰ এই সৎকৰ্মৰ পৰা অমুখাপেক্ষী। আনহাতে যিয়ে বেয়া কৰ্ম কৰিব, তাৰ পৰিণামো সি নিজেই ভোগ কৰিব, ইয়াৰ দ্বাৰা আল্লাহৰ কোনো ক্ষতি নহ'ব। ইয়াৰ পিছত আখিৰাতত তোমালোক আটায়ে আমাৰ ওচৰলৈকেই উভতি আহিব লাগিব। তেতিয়া আমি তোমালোকৰ প্ৰত্যেককে উপযুক্ত প্ৰতিফল দান কৰিম।

45:16Страница 500

وَلَقَدۡ ءَاتَيۡنَا بَنِيٓ إِسۡرَٰٓءِيلَ ٱلۡكِتَٰبَ وَٱلۡحُكۡمَ وَٱلنُّبُوَّةَ وَرَزَقۡنَٰهُم مِّنَ ٱلطَّيِّبَٰتِ وَفَضَّلۡنَٰهُمۡ عَلَى ٱلۡعَٰلَمِينَ ١٦

Мы уже даровали сынам Исраила (Израиля) Писание, власть и пророчество, наделили их благами и предпочли их мирам.

আমি বনী ইছৰাঈলক তাওৰাত প্ৰদান কৰিছিলোঁ আৰু সেইমতে মানুহৰ মাজত মীমাংসা কৰাৰ নিৰ্দেশ দিছিলোঁ। তথা অধিকাংশ নবী আমি তেওঁলোকৰ মাজৰ পৰাই ইব্ৰাহীম আলাইহিচ্ছালামৰ বংশধৰ পৰা বনাইছিলোঁ। আমি তেওঁলোকক বিভিন্ন প্ৰকাৰৰ পৱিত্ৰ খাদ্য দান কৰিছিলোঁ। লগতে তেওঁলোকক সেইসময়ৰ লোকসকলৰ ওপৰত শ্ৰেষ্ঠতা প্ৰদান কৰিছিলোঁ।

45:17Страница 500

وَءَاتَيۡنَٰهُم بَيِّنَٰتٖ مِّنَ ٱلۡأَمۡرِۖ فَمَا ٱخۡتَلَفُوٓاْ إِلَّا مِنۢ بَعۡدِ مَا جَآءَهُمُ ٱلۡعِلۡمُ بَغۡيَۢا بَيۡنَهُمۡۚ إِنَّ رَبَّكَ يَقۡضِي بَيۡنَهُمۡ يَوۡمَ ٱلۡقِيَٰمَةِ فِيمَا كَانُواْ فِيهِ يَخۡتَلِفُونَ ١٧

Мы даровали им ясные знамения из повеления. Они же разошлись во мнениях лишь после того, как к ним явилось знание, по причине зависти и несправедливого отношения друг к другу. Воистину, твой Господь рассудит их в День воскресения в том, в чем они расходились во мнениях.

আমি তেওঁলোকক এনেকুৱা প্ৰমাণ দান কৰিছিলোঁ, যিবোৰে সত্যক মিছাৰ পৰা পাৰ্থক্য কৰিছিল। কিন্তু তথাপিও সিহঁতে এনেকুৱা সময়ত বিভেদ সৃষ্টি কৰিছিল, যেতিয়া সিহঁতৰ সন্মুখত মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম প্ৰেৰিত হোৱাৰ প্ৰমাণাদি প্ৰতিষ্ঠিত হৈছিল। সিহঁতে পদমৰ্যাদা আৰু ৰাজত্বৰ চাহিদাৰ ফলত পৰস্পৰে এই বিভেদ সৃষ্টি কৰিছিল। হে ৰাছুল! পৃথিৱীত সিহঁতে যিবোৰ বিষয়কলৈ বিভেদ কৰি আছে, কিয়ামতৰ দিনা নিশ্চয় আপোনাৰ প্ৰতিপালকে সিহঁতৰ মাজত এইবোৰৰ মীমাংসা কৰি দিব। তেওঁ প্ৰকাশ কৰি দিব, কোন সত্য পথত আছিল আৰু কোন বাতিল পথত আছিল।

45:18Страница 500

ثُمَّ جَعَلۡنَٰكَ عَلَىٰ شَرِيعَةٖ مِّنَ ٱلۡأَمۡرِ فَٱتَّبِعۡهَا وَلَا تَتَّبِعۡ أَهۡوَآءَ ٱلَّذِينَ لَا يَعۡلَمُونَ ١٨

Потом Мы наставили тебя на путь из повеления. Следуй им и не потакай желаниям тех, которые не обладают знанием.

এতেকে আমি আপোনাক প্ৰতিষ্ঠিত কৰিছোঁ এটা উৎকৃষ্ট পথত, তথা বিশেষ বিধানৰ ওপৰত আৰু সঠিক চৰীয়তৰ ওপৰত। এইটো দৰাচলতে সেই আদেশৰেই এটা অংগ, যিটো আমি আপোনাৰ পূৰ্বৱৰ্তী ৰাছুলসকলক প্ৰদান কৰিছিলোঁ। যাতে আপুনি মানুহক ঈমানৰ প্ৰতি আৰু নেক আমলৰ প্ৰতি আহ্বান কৰে। গতিকে আপুনি এই চৰীয়তৰ অনুসৰণ কৰক, আৰু সেইসকল লোকৰ ইচ্ছাৰ অনুসৰণ নকৰিব, যিসকলে সত্য সম্পৰ্কে একোৱেই নাজানে। সেইকাৰণেই সিহঁতৰ চাহিদাই সিহঁতক সত্যৰ পৰা আঁতৰাই পথভ্ৰষ্ট কৰিব।

45:19Страница 500

إِنَّهُمۡ لَن يُغۡنُواْ عَنكَ مِنَ ٱللَّهِ شَيۡـٔٗاۚ وَإِنَّ ٱلظَّٰلِمِينَ بَعۡضُهُمۡ أَوۡلِيَآءُ بَعۡضٖۖ وَٱللَّهُ وَلِيُّ ٱلۡمُتَّقِينَ ١٩

Они нисколько не спасут тебя от Аллаха. Воистину, беззаконники являются помощниками и друзьями друг другу, а Аллах является Покровителем богобоязненных.

যিসকলে সত্য সম্পৰ্কে নাজানে, যদি আপুনি সিহঁতৰ অনুসৰণ কৰে তেন্তে সিহঁতে কেতিয়াও আপোনাক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব নোৱাৰিব। সকলো ধৰ্মৰ অত্যাচাৰী লোকসকল মুমিনসকলৰ বিৰুদ্ধে ইজনে সিজনৰ সহায়ক তথা সমৰ্থক। কিন্তু আল্লাহ হৈছে সেইসকল লোকৰ সহায়ক, যিসকলে তেওঁৰ আদেশ পালন কৰে তথা তেওঁৰ নিষেধকৃত বস্তুবোৰৰ পৰা বিৰত থাকে।

45:20Страница 500

هَٰذَا بَصَٰٓئِرُ لِلنَّاسِ وَهُدٗى وَرَحۡمَةٞ لِّقَوۡمٖ يُوقِنُونَ ٢٠

Это - наглядное наставление для людей, верное руководство и милость для людей убежденных.

আমাৰ ৰাছুলৰ ওপৰত অৱতীৰ্ণ হোৱা এই কোৰআন জ্ঞানগৰ্ভ। ইয়াৰ দ্বাৰা মানুহে অসত্যৰ পৰা সত্যক পাৰ্থক্য কৰিব পাৰে। তথা এইখন হৈছে সত্যৰ পথ দেখুৱা হিদায়ত আৰু সেইসকল লোকৰ বাবে ৰহমত, যিসকলে পূৰ্ণ বিশ্বাস পোষণ কৰে। কাৰণ তেওঁলোকেই ইয়াৰ দ্বাৰা সঠিক পথ গ্ৰহণ কৰে, যাতে তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকৰ ওপৰত সন্তষ্ট হয় আৰু তেওঁলোকক জাহান্নামৰ পৰা ৰক্ষা কৰি জান্নাতত প্ৰৱেশ কৰায়।

45:21Страница 500

أَمۡ حَسِبَ ٱلَّذِينَ ٱجۡتَرَحُواْ ٱلسَّيِّـَٔاتِ أَن نَّجۡعَلَهُمۡ كَٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ سَوَآءٗ مَّحۡيَاهُمۡ وَمَمَاتُهُمۡۚ سَآءَ مَا يَحۡكُمُونَ ٢١

Неужели те, которые приобретали зло, полагали, что Мы полностью приравняем их к тем, которые уверовали и совершали праведные деяния, как при жизни, так и после смерти? Как же скверны их суждения!

শৰীৰৰ অংগ-প্ৰত্যংগৰ দ্বাৰা কুফৰী আৰু গুনাহ কৰা লোকসকলে ধাৰণা কৰিছে নেকি যে, আমি সিহঁতক আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা আৰু সৎকৰ্ম কৰা লোকসকলৰ দৰেই প্ৰতিদান দান কৰিম? যাতে পৃথিৱী আৰু আখিৰাতত সিহঁত সকলোৱে সমান পৰ্যায়ত থাকে? সিহঁতৰ এই ধাৰণা অত্যন্ত ঘৃণনীয়।

45:22Страница 500

وَخَلَقَ ٱللَّهُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ بِٱلۡحَقِّ وَلِتُجۡزَىٰ كُلُّ نَفۡسِۭ بِمَا كَسَبَتۡ وَهُمۡ لَا يُظۡلَمُونَ ٢٢

Аллах сотворил небеса и землю ради истины и для того, чтобы каждая душа получила воздаяние за то, что она приобрела, и с ними не поступят несправедливо.

আল্লাহে আকাশমণ্ডল আৰু পৃথিৱীক হিকমত অনুযায়ী সৃষ্টি কৰিছে। এইবোৰক অনৰ্থক সৃষ্টি কৰা নাই। ইয়াৰ উদ্দেশ্য হৈছে, যাতে তেওঁ প্ৰত্যেক ব্যক্তিকেই নিজৰ নিজৰ ভাল বেয়া কৰ্ম অনুসাৰে প্ৰতিদান দিব পাৰে। আল্লাহে কেতিয়াও সিহঁতৰ ছোৱাব হ্ৰাস কৰি অথবা সিহঁতৰ গুনাহ বৃদ্ধি কৰি সিহঁতৰ প্ৰতি অন্যায় নকৰিব।

45:23Страница 501

أَفَرَءَيۡتَ مَنِ ٱتَّخَذَ إِلَٰهَهُۥ هَوَىٰهُ وَأَضَلَّهُ ٱللَّهُ عَلَىٰ عِلۡمٖ وَخَتَمَ عَلَىٰ سَمۡعِهِۦ وَقَلۡبِهِۦ وَجَعَلَ عَلَىٰ بَصَرِهِۦ غِشَٰوَةٗ فَمَن يَهۡدِيهِ مِنۢ بَعۡدِ ٱللَّهِۚ أَفَلَا تَذَكَّرُونَ ٢٣

Видел ли ты того, кто обожествил свою прихоть? Аллах ввел его в заблуждение на основании знания, запечатал его слух и сердце и бросил на его взор покрывало. Кто же наставит его на прямой путь после Аллаха? Неужели вы не помяните назидание?

হে ৰাছুল! আপুনি সেই ব্যক্তিৰ পিনে লক্ষ্য কৰকচোন, যিয়ে নিজৰ প্ৰবৃত্তিৰ অনুসৰণ কৰে, আনকি সি নিজৰ প্ৰবৃত্তিক উপাস্য বনাই লৈছে তথা কেতিয়াও ইয়াৰ বিৰোধিতা নকৰে। তেনেকুৱা ব্যক্তিক আল্লাহে জানি বুজি পথভ্ৰষ্ট কৰি দিছে। কিয়নো সিহঁত পথভ্ৰষ্ট হোৱাৰেই যোগ্য আছিল। সিহঁতৰ অন্তৰত মোহৰ মাৰি দিছে, গতিকে সিহঁতে উপকৃত হোৱাৰ আশাত একো শুনিব নোৱাৰে। লগতে আল্লাহে সিহঁতৰ চকুৰ ওপৰত ৰাখি দিছে আৱৰণ, ফলত সিহঁতে সত্যক দেখা নাপায়। এতেকে কওকচোন, আল্লাহে সিহঁতক পথভ্ৰষ্ট কৰাৰ পিছত, কোনে সিহঁতক সত্যৰ তাওফীক প্ৰদান কৰিব? তোমালোকে প্ৰবৃত্তিৰ অনুসৰণৰ ক্ষতিকৰ দিশসমূহ আৰু আল্লাহৰ চৰীয়ত অনুসৰণৰ উপকাৰী দিশসমূহ বুজি নোপোৱানে?

45:24Страница 501

وَقَالُواْ مَا هِيَ إِلَّا حَيَاتُنَا ٱلدُّنۡيَا نَمُوتُ وَنَحۡيَا وَمَا يُهۡلِكُنَآ إِلَّا ٱلدَّهۡرُۚ وَمَا لَهُم بِذَٰلِكَ مِنۡ عِلۡمٍۖ إِنۡ هُمۡ إِلَّا يَظُنُّونَ ٢٤

Они сказали: «Есть только наша мирская жизнь. Мы умираем и рождаемся, и нас не губит ничто, кроме времени». У них нет об этом никакого знания. Они лишь делают предположения.

আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা লোকসকলে কয়ঃ “আমাৰ পাৰ্থিৱ জীৱনেই একমাত্ৰ জীৱন। ইয়াৰ পিছত আন কোনো জীৱন নাই। এটা প্ৰজন্মৰ মৃত্যুৰ পিছত, সেইটো প্ৰজন্ম কেতিয়াও ঘূৰি নাহে, তাৰ পিছত দ্বিতীয় প্ৰজন্ম আহে। লগতে কালচক্ৰৰ ফলতেই আমাৰ মৃত্যু ঘটে”। অথচ আখিৰাতৰ জীৱনক অস্বীকাৰ কৰাৰ সপক্ষে সিহঁতৰ ওচৰত কোনো সঠিক জ্ঞান নাই। সিহঁতে কেৱল ধাৰণাহে কৰে। এই কথা নিশ্চিত যে, ধাৰণাই কেতিয়াও সত্যৰ স্থান ল’ব নোৱাৰে।

45:25Страница 501

وَإِذَا تُتۡلَىٰ عَلَيۡهِمۡ ءَايَٰتُنَا بَيِّنَٰتٖ مَّا كَانَ حُجَّتَهُمۡ إِلَّآ أَن قَالُواْ ٱئۡتُواْ بِـَٔابَآئِنَآ إِن كُنتُمۡ صَٰدِقِينَ ٢٥

Когда им читают Наши ясные аяты, их единственным доводом оказываются слова: «Приведите наших отцов, если вы говорите правду».

আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা মুশ্বৰিকসকলৰ সন্মুখত যেতিয়া আমাৰ স্পষ্ট আয়াতসমূহ তিলাৱত কৰি শুনোৱা হয়, তেতিয়া উপস্থাপন কৰিবলৈ সিহঁতৰ ওচৰত কোনো দলিল নাথাকে, কিন্তু সিহঁতে নবী চাল্লাল্লাহু আলাইহি অচাল্লাম আৰু তেওঁৰ চাহাবাসকলক উদ্দেশ্যি কয়ঃ তেন্তে আমাৰ পূৰ্বপুৰুষসকলক জীৱিত কৰি আমাৰ সন্মুখত আনাচোন, যদি তোমালোকে এই দাবীত সত্যবাদী যে আমাৰ মৃত্যুৰ পিছত আকৌ আমাক জীৱিত কৰা হ’ব।

45:26Страница 501

قُلِ ٱللَّهُ يُحۡيِيكُمۡ ثُمَّ يُمِيتُكُمۡ ثُمَّ يَجۡمَعُكُمۡ إِلَىٰ يَوۡمِ ٱلۡقِيَٰمَةِ لَا رَيۡبَ فِيهِ وَلَٰكِنَّ أَكۡثَرَ ٱلنَّاسِ لَا يَعۡلَمُونَ ٢٦

Скажи: «Аллах дарует вам жизнь, затем умерщвляет вас, а затем Он соберет вас ко Дню воскресения, в котором нет сомнения». Однако большинство людей не знает этого.

হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়কঃ তোমালোকক সৃষ্টি কৰি আল্লাহেই জীৱন দান কৰিছে আৰু তেৱেঁই তোমালোকক মৃত্যু প্ৰদান কৰিব। ইয়াৰ পিছত তেৱেঁই তোমালোকক কিয়ামতৰ দিনা হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে একত্ৰিত কৰিব। এই দিৱসটো যে অৱশ্যম্ভাৱী, ইয়াত কোনো সন্দেহ নাই। কিন্তু অধিকাংশ লোকেই এই বিষয়টো নাজানে। সেইকাৰণেই সিহঁতে সৎকৰ্মৰ জৰিয়তে ইয়াৰ বাবে প্ৰস্তুতি নলয়।

45:27Страница 501

وَلِلَّهِ مُلۡكُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۚ وَيَوۡمَ تَقُومُ ٱلسَّاعَةُ يَوۡمَئِذٖ يَخۡسَرُ ٱلۡمُبۡطِلُونَ ٢٧

Аллаху принадлежит власть над небесами и землей. В тот день, когда настанет Час, приверженцы лжи окажутся в убытке.

আকাশমণ্ডল আৰু পৃথিৱীৰ ৰাজত্ব একমাত্ৰ আল্লাহৰেই হাতত। গতিকে উভয়ৰ মাজত তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। এতেকে যিদিনা কিয়ামত কায়েম হ’ব, যেতিয়া আল্লাহে মৃত লোকসকলক হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে জীৱিত কৰিব, সেইদিনা আল্লাহৰ বাহিৰে আনৰ উপাসনা কৰা বাতিল পন্থীবিলাকে ক্ষতিগ্ৰস্ত হ’ব, যিসকলে সত্যক অসত্য আৰু অসত্যক সত্য প্ৰমাণ কৰাৰ আপ্ৰাণ চেষ্টা চলাইছিল।

45:28Страница 501

وَتَرَىٰ كُلَّ أُمَّةٖ جَاثِيَةٗۚ كُلُّ أُمَّةٖ تُدۡعَىٰٓ إِلَىٰ كِتَٰبِهَا ٱلۡيَوۡمَ تُجۡزَوۡنَ مَا كُنتُمۡ تَعۡمَلُونَ ٢٨

Ты увидишь все общины коленопреклоненными. Каждую общину призовут к ее Писанию (Книге деяний): «Сегодня вам воздастся за то, что вы совершали».

হে ৰাছুল! সেইদিনা আপুনি প্ৰত্যেক সম্প্ৰদায়ৰ লোকসকলক নিজৰ পৰিণামৰ প্ৰতীক্ষাত আঁঠুকাঢ়ি থকা অৱস্থাত দেখিবলৈ পাব। প্ৰত্যেক উম্মতকে সিহঁতৰ কৰ্মপুথিৰ পিনে আহ্বান কৰা হ’ব, যিখনক লিপিবদ্ধ কৰিছে সংৰক্ষণৰ বাবে নিয়োজিত ফিৰিস্তাসকলে। হে মানৱজাতি! আজি তোমালোকক পৃথিৱীত কৰা ভাল বেয়া কৰ্মৰেই প্ৰতিদান দিয়া হ’ব।

45:29Страница 501

هَٰذَا كِتَٰبُنَا يَنطِقُ عَلَيۡكُم بِٱلۡحَقِّۚ إِنَّا كُنَّا نَسۡتَنسِخُ مَا كُنتُمۡ تَعۡمَلُونَ ٢٩

Это Писание Наше (Книга деяний) говорит против вас по справедливости. Мы приказали записывать все, что вы совершали.

আমাৰ ফিৰিস্তাসকলে লিপিবদ্ধ কৰা তোমালোকৰ কৰ্মপুথিখন প্ৰকৃততে তোমালোকৰ বিৰুদ্ধে সত্য সহকাৰে সাক্ষী দিব। গতিকে তোমালোকে ইয়াক পাঠ কৰা। নিশ্চয় আমিয়েই সেই ফিৰিস্তাসকলক তোমালোকৰ পাৰ্থিৱ জীৱনৰ কৰ্মৰাজি লিপিবদ্ধ কৰাৰ নিৰ্দেশ দিছিলোঁ।

45:30Страница 501

فَأَمَّا ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ فَيُدۡخِلُهُمۡ رَبُّهُمۡ فِي رَحۡمَتِهِۦۚ ذَٰلِكَ هُوَ ٱلۡفَوۡزُ ٱلۡمُبِينُ ٣٠

Что касается тех, которые уверовали и совершали праведные деяния, то их Господь введет их в Свою милость. Это и есть явное преуспеяние.

যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকক তেওঁলোকৰ প্ৰতিপালকে নিজ অনুগ্ৰহত জান্নাতত প্ৰৱেশ কৰাব। আল্লাহে তেওঁলোকক প্ৰদান কৰা প্ৰতিদানেই হৈছে স্পষ্ট সফলতা, কোনো সফলতাই ইয়াৰ লগত তুলনা নহয়।

45:31Страница 501

وَأَمَّا ٱلَّذِينَ كَفَرُوٓاْ أَفَلَمۡ تَكُنۡ ءَايَٰتِي تُتۡلَىٰ عَلَيۡكُمۡ فَٱسۡتَكۡبَرۡتُمۡ وَكُنتُمۡ قَوۡمٗا مُّجۡرِمِينَ ٣١

А что касается тех, которые не уверовали, то им будет сказано: «Разве вам не читались Мои аяты? Вы возгордились и были людьми грешными.

আনহাতে যিসকলে আল্লাহৰ লগত কুফৰী কৰিছে, সিহঁতক ভৰ্ৎসনা কৰি কোৱা হ’বঃ মোৰ আয়াতসমূহ তোমালোকৰ সন্মুখত তিলাৱত কৰা হোৱা নাছিলনে, অথচ তোমালোকে ইয়াৰ প্ৰতি ঈমান পোষণ কৰাৰ বিপৰীতে অহংকাৰ কৰিছিলা? প্ৰকৃততে তোমালোক আছিলা অপৰাধী সম্প্ৰদায়। কুফৰী আৰু গুনাহৰ কৰ্মই হৈছে তোমালোকৰ মূল ভিত্তি।

45:32Страница 501

وَإِذَا قِيلَ إِنَّ وَعۡدَ ٱللَّهِ حَقّٞ وَٱلسَّاعَةُ لَا رَيۡبَ فِيهَا قُلۡتُم مَّا نَدۡرِي مَا ٱلسَّاعَةُ إِن نَّظُنُّ إِلَّا ظَنّٗا وَمَا نَحۡنُ بِمُسۡتَيۡقِنِينَ ٣٢

Когда вам говорили, что обещание Аллаха истинно и что в Часе нет сомнения, вы говорили: «Мы не знаем, что такое Час. Мы полагаем, что это - всего лишь предположения. Мы не имеем твердой убежденности»».

যেতিয়া তোমালোকক কোৱা হৈছিল, নিশ্চয় আল্লাহৰ এই প্ৰতিশ্ৰুতি সত্য যে, তেওঁ বান্দাসকলক পুনৰ্জীৱিত কৰিব তথা সিহঁতক প্ৰতিদান দান কৰিব, ইয়াত কোনো সন্দেহ নাই; লগতে কিয়ামত সংঘটিত হ’ব, ইয়াতো কোন সন্দেহ নাই, গতিকে ইয়াৰ বাবে প্ৰস্তুতি লোৱা। কিন্তু তোমালোকে তেতিয়া কৈছিলাঃ এই কিয়ামত কি? কিয়ামতৰ বিষয়ে আমি একো নাজানো? যদিও কিছু অনুমান হয় যে ই সংঘটিত হ’ব কিন্তু ইয়াক আমি পৰিপূৰ্ণৰূপে বিশ্বাস নকৰোঁ।

45:33Страница 502

وَبَدَا لَهُمۡ سَيِّـَٔاتُ مَا عَمِلُواْ وَحَاقَ بِهِم مَّا كَانُواْ بِهِۦ يَسۡتَهۡزِءُونَ ٣٣

Им открылось зло, которое они совершили, и их окружило (или поразило) то, над чем они насмехались.

সিহঁতৰ সন্মুখত কুফৰ আৰু পাপকৰ্মৰ দুষ্পৰিণাম প্ৰকট হ’ব, যিবোৰ সিহঁতে পৃথিৱীত কৰিছিল। সিহঁতক সেই শাস্তিৰ দ্বাৰাই দণ্ডিত কৰা হ’ব, যিটো শাস্তিৰ বিষয়ে সিহঁতক সতৰ্ক কৰিলে সিহঁতে সেইটোক উপহাস কৰিছিল।

45:34Страница 502

وَقِيلَ ٱلۡيَوۡمَ نَنسَىٰكُمۡ كَمَا نَسِيتُمۡ لِقَآءَ يَوۡمِكُمۡ هَٰذَا وَمَأۡوَىٰكُمُ ٱلنَّارُ وَمَا لَكُم مِّن نَّٰصِرِينَ ٣٤

Будет сказано: «Сегодня Мы предадим вас забвению, подобно тому, как вы предали забвению встречу с этим днем вашим. Вашим пристанищем будет Огонь, и не будет у вас помощников.

আল্লাহে সিহঁতক ক’বঃ আজি আমি তোমালোকক জাহান্নামৰ মাজত এৰি দিম, যিদৰে তোমালোকে আমাৰ এই সাক্ষাতক পাহৰি আছিলা। তথা ঈমান আৰু সৎকৰ্মৰ দ্বাৰা ইয়াৰ বাবে প্ৰস্তুতি লোৱা নাছিলা। তোমালোকৰ প্ৰকৃত ঠিকনা হৈছে জাহান্নাম, তাতেই তোমালোকে অৱস্থান কৰিবা। আল্লাহৰ শাস্তি প্ৰতিৰোধ কৰিবলৈ তাত তোমালোকৰ কোনো সহায়ক নাথাকিব।

45:35Страница 502

ذَٰلِكُم بِأَنَّكُمُ ٱتَّخَذۡتُمۡ ءَايَٰتِ ٱللَّهِ هُزُوٗا وَغَرَّتۡكُمُ ٱلۡحَيَوٰةُ ٱلدُّنۡيَاۚ فَٱلۡيَوۡمَ لَا يُخۡرَجُونَ مِنۡهَا وَلَا هُمۡ يُسۡتَعۡتَبُونَ ٣٥

Это вам - за то, что вы насмехались над знамениями Аллаха и обольстились мирской жизнью. Сегодня они не выйдут оттуда, и от них не потребуют покаяния».

এই শাস্তি তোমালোকক এইকাৰণে দিয়া হ’ব, কাৰণ তোমালোকে আল্লাহৰ আয়াতসমূহক উপহাসৰ পাত্ৰ বনাই লৈছিলা তথা সেইবোৰকলৈ ঠাট্টা-মস্কৰা কৰিছিলা, লগতে পাৰ্থিৱ জীৱনৰ সা-সুবিধা আৰু চাহিদাই তোমালোকক প্ৰতাৰিত কৰিছিল। গতিকে আল্লাহৰ আয়াতসমূহক ঠাট্টা কৰা কাফিৰসকলে জাহান্নামৰ পৰা কেতিয়াও নিস্তাৰ নাপাব। বৰং চিৰকাল তাতেই অৱস্থান কৰিব। সৎকৰ্ম কৰিবলৈ কেতিয়াও সিহঁতক পাৰ্থিৱ জীৱনলৈ ওভোতাই পঠোৱা নহ'ব। তথা প্ৰতিপালকেও কেতিয়াও সিহঁতৰ প্ৰতি সন্তুষ্ট নহ’ব।

45:36Страница 502

فَلِلَّهِ ٱلۡحَمۡدُ رَبِّ ٱلسَّمَٰوَٰتِ وَرَبِّ ٱلۡأَرۡضِ رَبِّ ٱلۡعَٰلَمِينَ ٣٦

Хвала Аллаху, Господу небес и земли, Господу миров!

সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবেই, তেৱেঁই আকাশমণ্ডল আৰু পৃথিৱীৰ প্ৰতিপালক তথা গোটেই সৃষ্টিজগতৰ প্ৰতিপালক।

45:37Страница 502

وَلَهُ ٱلۡكِبۡرِيَآءُ فِي ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۖ وَهُوَ ٱلۡعَزِيزُ ٱلۡحَكِيمُ ٣٧

Ему принадлежит величие на небесах и на земле. Он - Могущественный, Мудрый.

আকাশমণ্ডল আৰু পৃথিৱীত একমাত্ৰ তেওঁৰেই মহিমা তথা গৌৰৱ। তেৱেঁই মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত, পৰিচালনাৰ ক্ষেত্ৰত আৰু চৰীয়ত প্ৰণয়নৰ ক্ষেত্ৰত মহা প্ৰজ্ঞাৱান।

Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии

Содержание

Аят аль-Курси36Аль-Кахфстр. 42джуз 15Бухари 1Муслим 2999

Вид

Тема
Размер текста
Вид

Read in English