Аль-МухтасарАль‑Ахкаф · 46:1–35

Аль-Мухтасар · Тафсир · на ассамском

الأحقاف

Аль-Ахкаф

Барханы · Мекканская · 35 аятов

46:1Страница 502

حمٓ ١

Ха. Мим.

(হা, মীম) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।

46:2Страница 502

تَنزِيلُ ٱلۡكِتَٰبِ مِنَ ٱللَّهِ ٱلۡعَزِيزِ ٱلۡحَكِيمِ ٢

Писание ниспослано от Аллаха Могущественного, Знающего.

মহাপ্ৰভূত্বশালী আল্লাহৰ ফালৰ পৰা এই কোৰআন অৱতীৰ্ণ হৈছে, যাক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, নিৰ্ধাৰণৰ ক্ষেত্ৰত আৰু চৰীয়ত প্ৰণয়নত মহাপ্ৰজ্ঞাৱান।

46:3Страница 502

مَا خَلَقۡنَا ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ وَمَا بَيۡنَهُمَآ إِلَّا بِٱلۡحَقِّ وَأَجَلٖ مُّسَمّٗىۚ وَٱلَّذِينَ كَفَرُواْ عَمَّآ أُنذِرُواْ مُعۡرِضُونَ ٣

Мы сотворили небеса, землю и то, что между ними, только ради истины и на определенный срок. Но те, которые не веруют, отворачиваются от того, от чего их предостерегают.

আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা গোটেই বস্তুবোৰ আমি অনৰ্থক সৃষ্টি কৰা নাই। বৰং সেইবোৰক আমি সত্য সহকাৰে সৃষ্টি কৰিছোঁ তথা গুৰুত্বপূৰ্ণ হিকমতসহ সৃষ্টি কৰিছোঁ। তাৰে এটা হিকমত হৈছে এই যে, যাতে বান্দাসকলে ইয়াৰ মাধ্যমত নিজ প্ৰতিপালকক চিনিব পাৰে আৰু তেওঁৰ ইবাদত কৰে, লগতে তেওঁৰ সৈতে যাতে কাকো অংশীদাৰ স্থাপন নকৰে। তথা এটা নিৰ্ধাৰিত সময়লৈকে যিটো কেৱল একমাত্ৰ আল্লাহেই জানে, সেই সময়ছোৱাত পৃথিৱীৰ উত্তৰাধিকাৰী হোৱাৰ দাবীসমূহ যাতে সিহঁতে পূৰণ কৰে। আনহাতে যিসকলে আল্লাহৰ লগত কুফৰী কৰিছে, সিহঁতে সেই বিষয়বোৰৰ পৰা বিমুখ হৈ আছে, যিবোৰ বিষয় সম্পৰ্কে আল্লাহৰ কিতাবত সতৰ্ক কৰা হৈছে। সিহঁতে সেইবোৰক কোনো ভ্ৰূক্ষেপ নকৰে।

46:4Страница 502

قُلۡ أَرَءَيۡتُم مَّا تَدۡعُونَ مِن دُونِ ٱللَّهِ أَرُونِي مَاذَا خَلَقُواْ مِنَ ٱلۡأَرۡضِ أَمۡ لَهُمۡ شِرۡكٞ فِي ٱلسَّمَٰوَٰتِۖ ٱئۡتُونِي بِكِتَٰبٖ مِّن قَبۡلِ هَٰذَآ أَوۡ أَثَٰرَةٖ مِّنۡ عِلۡمٍ إِن كُنتُمۡ صَٰدِقِينَ ٤

Скажи: «Видели ли вы тех, к кому взываете помимо Аллаха? Покажите мне, какую часть земли они сотворили? Или же они являются совладельцами небес? Принесите мне Писание, предшествовавшее этому, или хоть какой след знания, если вы говорите правду».

হে ৰাছুল! সত্যৰ পৰা বিমুখ হোৱা এই মুশ্বৰিকসকলক আপুনি সোধক, কোৱাচোন! তোমালোকে আল্লাহৰ বাহিৰে যিবোৰ মূৰ্ত্তিৰ উপাসনা কৰা সেইবোৰে পৃথিৱীৰ কি কি বস্তু সৃষ্টি কৰিছে? সেইবোৰে পাহাৰ-পৰ্বত সৃষ্টি কৰিছে নেকি? নে সেইবোৰে নদ-নদী সৃষ্টি কৰিছে? নাইবা সিহঁতে আকাশমণ্ডল সৃষ্টিৰ ক্ষেত্ৰত আল্লাহক সহায় কৰিছে নেকি? যদি তোমালোকৰ এই মূৰ্ত্তিবোৰ সঁচাই উপাসনাৰ যোগ্য তেন্তে ইয়াৰ সপক্ষে কোৰআনৰ পূৰ্বে আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ হোৱা কোনো গ্ৰন্থৰ পৰা নাইবা পূৰ্বৱৰ্তী লোকসকলে এৰি থৈ যোৱা কোনো জ্ঞান উপস্থাপন কৰাচোন।

46:5Страница 502

وَمَنۡ أَضَلُّ مِمَّن يَدۡعُواْ مِن دُونِ ٱللَّهِ مَن لَّا يَسۡتَجِيبُ لَهُۥٓ إِلَىٰ يَوۡمِ ٱلۡقِيَٰمَةِ وَهُمۡ عَن دُعَآئِهِمۡ غَٰفِلُونَ ٥

Кто же находится в большем заблуждении, чем те, которые взывают вместо Аллаха к тем, которые не ответят им до Дня воскресения и которые не ведают об их зове?!

সেই ব্যক্তিতকৈ অধিক পথভ্ৰষ্ট আন কোনো হ'ব নোৱাৰে, যিয়ে আল্লাহৰ বাহিৰে এনেকুৱা মূৰ্ত্তিবোৰৰ উপাসনা কৰে, যিবোৰে কিয়ামত পৰ্যন্ত সিহঁতৰ কোনো প্ৰাৰ্থনাৰ সঁহাৰি দিব নোৱাৰে। আল্লাহৰ বাহিৰে উপাসনা কৰা এই মূৰ্ত্তিবোৰে লাভ-ক্ষতি কৰাতো দূৰৰ কথা, নিজৰ উপাসক বিলাকৰ প্ৰাৰ্থনা সম্পৰ্কেও অনভিজ্ঞ।

46:6Страница 503

وَإِذَا حُشِرَ ٱلنَّاسُ كَانُواْ لَهُمۡ أَعۡدَآءٗ وَكَانُواْ بِعِبَادَتِهِمۡ كَٰفِرِينَ ٦

А когда люди будут собраны, они станут их врагами и будут отвергать их поклонение.

যদিও এইবোৰ মূৰ্ত্তিয়ে পৃথিৱীত সিহঁতক একো উপকাৰ কৰিব নোৱাৰিব, আৰু কিয়ামতৰ দিনা যেতিয়া সিহঁতক একত্ৰিত কৰা হ’ব তেতিয়া সেইবোৰে নিজৰ উপাসকসকলৰ শত্ৰু হৈ পৰিব, যিসকলে সিহঁতৰ উপাসনা কৰিছিল। তথা সিহঁতৰ পৰা সম্পৰ্কচ্ছেদ কৰিব। লগতে সিহঁতে অস্বীকাৰ কৰিব যে, সিহঁতৰ উপাসনা সম্পৰ্কে সিহঁতে অৱগত নাছিল।

46:7Страница 503

وَإِذَا تُتۡلَىٰ عَلَيۡهِمۡ ءَايَٰتُنَا بَيِّنَٰتٖ قَالَ ٱلَّذِينَ كَفَرُواْ لِلۡحَقِّ لَمَّا جَآءَهُمۡ هَٰذَا سِحۡرٞ مُّبِينٌ ٧

Когда им читаются Наши ясные аяты, то те, которые не уверовали в истину, когда она явилась к ним, говорят: «Это - очевидное колдовство».

যেতিয়া সিহঁতৰ সন্মুখত আমাৰ ৰাছুলৰ ওপৰত অৱতীৰ্ণ হোৱা আয়াতসমূহ তিলাৱত কৰা হয়, তেতিয়া কাফিৰসকলে ৰাছুলৰ মাধ্যমত অহা এই কোৰআন সম্পৰ্কে কয়ঃ এইখন হৈছে স্পষ্ট যাদু। কেতিয়াও এইখন আল্লাহৰ অহী হ’ব নোৱাৰে।

46:8Страница 503

أَمۡ يَقُولُونَ ٱفۡتَرَىٰهُۖ قُلۡ إِنِ ٱفۡتَرَيۡتُهُۥ فَلَا تَمۡلِكُونَ لِي مِنَ ٱللَّهِ شَيۡـًٔاۖ هُوَ أَعۡلَمُ بِمَا تُفِيضُونَ فِيهِۚ كَفَىٰ بِهِۦ شَهِيدَۢا بَيۡنِي وَبَيۡنَكُمۡۖ وَهُوَ ٱلۡغَفُورُ ٱلرَّحِيمُ ٨

Или же они говорят: «Он измыслил его». Скажи: «Если я измыслил его, то вы нисколько не защитите меня от Аллаха. Ему лучше знать о том, о чем вы разглагольствуете. Довольно того, что Он является Свидетелем между мною и вами. Он - Прощающий, Милосердный».

এই মুশ্বৰিকসকলে এই দাবী কৰে নেকি যে, মুহাম্মদে নিজেই এই কোৰআন সৃষ্টি কৰি আল্লাহৰ লগত সম্পৃক্ত কৰিছে? হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়কঃ যদি মই এইখন নিজে ৰচনা কৰিছোঁ তেন্তে শুনা, ইয়াৰ কাৰণে আল্লাহে মোক শাস্তি দিব বিচাৰিলে তোমালোকে কেতিয়াও মোক সেই শাস্তিৰ পৰা ৰক্ষা কৰিব নোৱাৰিবা। তেনেক্ষেত্ৰত মই আল্লাহৰ সৈতে মিছা কথা সম্পৃক্ত কৰি নিজকে কিয় ধ্বংসৰ গৰালত ঠেলি দিম?! তোমালোকে কোৰআন সম্পৰ্কে যিবোৰ মিছা কথা কৈ আছা আৰু মোৰ ওপৰত যিবোৰ মিছা আৰোপ কৰি আছা, সেইবোৰ আল্লাহে ভালদৰেই জানে। মোৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে পৱিত্ৰ আল্লাহেই যথেষ্ট। তেওঁ তাওবাকাৰী বান্দাসকলৰ প্ৰতি অতি ক্ষমাশীল। তেওঁলোকৰ প্ৰতি পৰম দয়ালু।

46:9Страница 503

قُلۡ مَا كُنتُ بِدۡعٗا مِّنَ ٱلرُّسُلِ وَمَآ أَدۡرِي مَا يُفۡعَلُ بِي وَلَا بِكُمۡۖ إِنۡ أَتَّبِعُ إِلَّا مَا يُوحَىٰٓ إِلَيَّ وَمَآ أَنَا۠ إِلَّا نَذِيرٞ مُّبِينٞ ٩

Скажи: «Я не являюсь первым из посланников и не знаю, что произойдет со мной и с вами. Я следую только тому, что внушается мне в откровении. Я - всего лишь разъясняющий и предостерегающий увещеватель».

হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক যে, মই কোনো নতুন ৰাছুল নহয়, যাক প্ৰথমবাৰ আল্লাহে প্ৰেৰণ কৰিছে, তেন্তে কিয় তোমালোকে মোৰ দাৱাত সম্পৰ্কে আশ্চৰ্য প্ৰকাশ কৰি আছা। মোৰ পূৰ্বেও বহুত ৰাছুল আহিছিল। মই নাজানো পৃথিৱীত আল্লাহে মোৰ লগত কি কৰিব আৰু তোমালোকৰ সৈতে কি কৰিব। মই কেৱল সেই অহীৰহে অনুসৰণ কৰোঁ, যিটো মোৰ প্ৰতি প্ৰেৰণ কৰা হয়। মোৰ প্ৰত্যেক কথা আৰু কৰ্ম অহী অনুযায়ীহে সম্পাদন হয়। প্ৰকৃততে মই এজন সতৰ্ককাৰীহে, মই তোমালোকক আল্লাহৰ শাস্তিৰ পৰা স্পষ্টৰূপে সাৱধান কৰোঁ।

46:10Страница 503

قُلۡ أَرَءَيۡتُمۡ إِن كَانَ مِنۡ عِندِ ٱللَّهِ وَكَفَرۡتُم بِهِۦ وَشَهِدَ شَاهِدٞ مِّنۢ بَنِيٓ إِسۡرَٰٓءِيلَ عَلَىٰ مِثۡلِهِۦ فَـَٔامَنَ وَٱسۡتَكۡبَرۡتُمۡۚ إِنَّ ٱللَّهَ لَا يَهۡدِي ٱلۡقَوۡمَ ٱلظَّٰلِمِينَ ١٠

Скажи: «А что, если Коран - от Аллаха, а вы не уверовали в него? Свидетель из числа сынов Исраила (Израиля) засвидетельствовал о том, что было подобно ему, и уверовал в него, а вы возгордились. Воистину, Аллах не наставляет на прямой путь беззаконников!».

হে ৰাছুল! এই অস্বীকাৰকাৰীসকলক কৈ দিয়ক, তোমালোকে মোক কোৱাচোন, যদি এই কোৰআন সঁচাই আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ হৈছে, যাক তোমালোকে অস্বীকাৰ কৰি আছা, অথচ বনী ইছৰাঈলৰ এজন সাক্ষীয়ে তাওৰাতৰ ভাষ্যৰ ভিত্তিত সাক্ষ্য দিছে যে এইখন আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ আৰু ইয়াৰ ওপৰত তেওঁ ঈমানো আনিছে, পক্ষান্তৰে তোমালোকে অহংকাৰ কৰি ইয়াৰ প্ৰতি ঈমান পোষণ কৰাৰ পৰা বিৰত আছা, তেনে অৱস্থাত তোমালোক অন্যায়কাৰী বুলি গণ্য নহ’বানে? নিশ্চয় আল্লাহে অন্যায়কাৰী সম্প্ৰদায়ক সত্যৰ তাওফীক নিদিয়ে।

46:11Страница 503

وَقَالَ ٱلَّذِينَ كَفَرُواْ لِلَّذِينَ ءَامَنُواْ لَوۡ كَانَ خَيۡرٗا مَّا سَبَقُونَآ إِلَيۡهِۚ وَإِذۡ لَمۡ يَهۡتَدُواْ بِهِۦ فَسَيَقُولُونَ هَٰذَآ إِفۡكٞ قَدِيمٞ ١١

Неверующие сказали верующим: «Если бы это было благом, то они не опередили бы нас в этом». Они не стали руководствоваться им, и поэтому они скажут: «Это - старое измышление».

যিসকলে কোৰআনক আৰু ৰাছুলে লৈ অহা বাৰ্তাক অস্বীকাৰ কৰিছে, সিহঁতে মুমিনসকলক কয়ঃ “সঁচাই যদি মুহাম্মদৰ বাৰ্তা সত্য হ’লহেঁতেন আৰু কল্যাণৰ পথ দেখুৱালেহেঁতেন তেন্তে এই দৰিদ্ৰ, দাস আৰু দুৰ্বলসকলে কেতিয়াও আমাক পিছ পেলোৱাই আগভাগ ল’ব নোৱাৰিলেহেঁতেন”। যিহেতু সিহঁতে ৰাছুলে লৈ অহা বাৰ্তাক স্বীকাৰ কৰিব পৰা নাই, সেয়ে সিহঁতে কয়ঃ “মুহাম্মদে লৈ অহা এই বাৰ্তা হৈছে প্ৰাচীনকালৰ মিছা কথা। গতিকে আমি মিছা কথা কেতিয়াও নামানো”।

46:12Страница 503

وَمِن قَبۡلِهِۦ كِتَٰبُ مُوسَىٰٓ إِمَامٗا وَرَحۡمَةٗۚ وَهَٰذَا كِتَٰبٞ مُّصَدِّقٞ لِّسَانًا عَرَبِيّٗا لِّيُنذِرَ ٱلَّذِينَ ظَلَمُواْ وَبُشۡرَىٰ لِلۡمُحۡسِنِينَ ١٢

До него было Писание Мусы (Моисея), которое было руководством и милостью. А это Писание на арабском языке, подтверждающее предыдущие Писания, ниспослано для того, чтобы предостеречь тех, которые поступают несправедливо, и обрадовать творящих добро.

এই কোৰআনৰ পূৰ্বে অৱতীৰ্ণ হৈছিল তাওৰাত গ্ৰন্থ। সেইখনক আল্লাহে মুছা আলাইহিচ্ছালামৰ ওপৰত অৱতীৰ্ণ কৰিছিল। যিখন সত্যৰ পথপ্ৰদৰ্শক আছিল আৰু মুমিনসকলৰ বাবে আছিল সেইখন কৃপাস্বৰূপ, বনী ইছৰাঈলে সেইখনৰ অনুসৰণ কৰিছিল। মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত নাযিল হোৱা এই কোৰআনখন আৰবী ভাষাত অৱতীৰ্ণ, এইখনে পূৰ্বৱৰ্তী সকলো গ্ৰন্থক সমৰ্থন কৰে। এই গ্ৰন্থখনৰ উদ্দেশ্য হৈছে, যাতে ইয়াৰ দ্বাৰা সেইসকল লোকক সতৰ্ক কৰিব পৰা যায়, যিসকলে শ্বিৰ্ক আৰু পাপকৰ্মৰ জৰিয়তে নিজৰ ওপৰত অন্যায় কৰিছে। লগতে এইখনে সেইসকল লোকৰ বাবে সুসংবাদ কঢ়িয়াই আনিছে, যিসকলে সৃষ্টিকৰ্তাৰ সৈতে আৰু তেওঁৰ সৃষ্টিৰ সৈতে ভাল ব্যৱহাৰ কৰে।

46:13Страница 503

إِنَّ ٱلَّذِينَ قَالُواْ رَبُّنَا ٱللَّهُ ثُمَّ ٱسۡتَقَٰمُواْ فَلَا خَوۡفٌ عَلَيۡهِمۡ وَلَا هُمۡ يَحۡزَنُونَ ١٣

Воистину, те, которые сказали: «Наш Господь - Аллах», - и последовали прямым путем, не познают страха и не будут опечалены.

নিশ্চয় যিসকলে স্বীকাৰ কৰিছে যে, আল্লাহেই আমাৰ একমাত্ৰ প্ৰতিপালক, তেওঁৰ বাহিৰে আমাৰ কোনো প্ৰতিপালক নাই, তাৰ পিছত ঈমান আৰু সৎকৰ্মৰ ওপৰত অবিচল থাকে, আখিৰাত সম্পৰ্কে তেওঁলোকৰ কোনো ভয় নাথাকিব, আৰু পিছফালে এৰি থৈ অহা পাৰ্থিৱ জীৱনৰ সা-সুবিধাকলৈও তেওঁলোকৰ কোনো চিন্তা নহ’ব।

46:14Страница 503

أُوْلَٰٓئِكَ أَصۡحَٰبُ ٱلۡجَنَّةِ خَٰلِدِينَ فِيهَا جَزَآءَۢ بِمَا كَانُواْ يَعۡمَلُونَ ١٤

Они являются обитателями Рая, в котором они пребудут вечно в воздаяние за то, что они совершали.

এইবোৰ বৈশিষ্ট্যৰ অধিকাৰী লোকসকলেই হ’ব জান্নাতবাসী, তেওঁলোকে তাত চিৰকাল থাকিব। এইটো তেওঁলোকৰ সেইসমূহ সৎকৰ্মৰ প্ৰতিদান যিবোৰ তেওঁলোকে পৃথিৱীত সম্পাদন কৰিছিল।

46:15Страница 504

وَوَصَّيۡنَا ٱلۡإِنسَٰنَ بِوَٰلِدَيۡهِ إِحۡسَٰنًاۖ حَمَلَتۡهُ أُمُّهُۥ كُرۡهٗا وَوَضَعَتۡهُ كُرۡهٗاۖ وَحَمۡلُهُۥ وَفِصَٰلُهُۥ ثَلَٰثُونَ شَهۡرًاۚ حَتَّىٰٓ إِذَا بَلَغَ أَشُدَّهُۥ وَبَلَغَ أَرۡبَعِينَ سَنَةٗ قَالَ رَبِّ أَوۡزِعۡنِيٓ أَنۡ أَشۡكُرَ نِعۡمَتَكَ ٱلَّتِيٓ أَنۡعَمۡتَ عَلَيَّ وَعَلَىٰ وَٰلِدَيَّ وَأَنۡ أَعۡمَلَ صَٰلِحٗا تَرۡضَىٰهُ وَأَصۡلِحۡ لِي فِي ذُرِّيَّتِيٓۖ إِنِّي تُبۡتُ إِلَيۡكَ وَإِنِّي مِنَ ٱلۡمُسۡلِمِينَ ١٥

Мы заповедали человеку делать добро его родителям. Матери тяжело носить его и рожать его, а беременность и кормление до отнятия его от груди продолжаются тридцать месяцев. Когда же он достигает зрелого возраста и достигает сорока лет, то говорит: «Господи! Внуши мне благодарность за милость, которой Ты облагодетельствовал меня и моих родителей, и помоги мне совершать праведные деяния, которыми Ты доволен. Сделай для меня моих потомков праведниками. Я раскаиваюсь перед Тобой. Воистину, я - один из мусульман».

আমি মানুহক গুৰুত্ব সহকাৰে নিৰ্দেশ দিছোঁ যে, সিহঁতে যেন পিতৃ-মাতৃৰ লগত সদ্ব্যৱহাৰ কৰে। তেওঁলোকৰ আদেশ পালন কৰে, জীৱিত অৱস্থাতো আৰু তেওঁলোকৰ মৃত্যৰ পিছতো, মনত ৰখা উচিত যাতে আদেশ পালনত চৰীয়তৰ বিৰোধিতা নহয়। বিশেষকৈ মাকৰ প্ৰতি মনোযোগ দিয়া উচিত, যিয়ে বহু কষ্ট সহ্য কৰি গৰ্ভ ধাৰণ কৰিছিল আৰু প্ৰসৱ যন্ত্ৰণা সহ্য কৰি তাক জন্ম দিছে। গৰ্ভধাৰণ আৰু স্তনপান এৰুৱাবলৈ যাৰ সময় লাগিছিল ত্ৰিশ মাহ। অৱশেষত মানুহ যেতিয়া পূৰ্ণ বিবেকৱান তথা শক্তিপ্ৰাপ্ত হয় আৰু চল্লিশ বছৰত ভৰি দিয়ে, তেতিয়া দুআ কৰা উচিতঃ হে মোৰ প্ৰতিপালক! তুমি মোক শক্তি দিয়া যাতে মই তোমাৰ নিয়ামতৰ কৃতজ্ঞতা আদায় কৰিব পাৰোঁ, যিবোৰ নিয়ামত তুমি মোক প্ৰদান কৰিছা আৰু মোৰ পিতৃ-মাতৃক প্ৰদান কৰিছা। তুমি মোক সৎকৰ্ম কৰাৰ তাওফীক দান কৰা, যিবোৰ তুমি পছন্দ কৰা। তথা সেই সৎকৰ্ম তুমি মোৰ পৰা কবূল কৰি লোৱা। লগতে মোৰ বাবে মোৰ সন্তান-সন্ততিসকলক সংশোধন কৰি দিয়া। মই মোৰ গুনাহৰ পৰা তোমাৰ ওচৰত তাওবা কৰিছোঁ। লগতে তোমাৰ আনুগত্যৰ আগত মই শিৰ নত কৰিছোঁ আৰু তোমাৰ আদেশৰ আগত আত্মসমৰ্পন কৰিছোঁ।

46:16Страница 504

أُوْلَٰٓئِكَ ٱلَّذِينَ نَتَقَبَّلُ عَنۡهُمۡ أَحۡسَنَ مَا عَمِلُواْ وَنَتَجَاوَزُ عَن سَيِّـَٔاتِهِمۡ فِيٓ أَصۡحَٰبِ ٱلۡجَنَّةِۖ وَعۡدَ ٱلصِّدۡقِ ٱلَّذِي كَانُواْ يُوعَدُونَ ١٦

Они являются теми из обитателей Рая, от которых Мы принимаем наилучшее из того, что они совершили, и которым Мы прощаем их злодеяния согласно истинному обещанию, которое им было дано.

এনেকুৱা লোকৰ পৰাই আমি তেওঁলোকৰ সৎকৰ্মবোৰ কবূল কৰোঁ আৰু তেওঁলোকৰ গুনাহসমূহ মাৰ্জনা কৰোঁ, তেওঁলোকৰ ত্ৰুটিবোৰক কেন্দ্ৰ কৰি তেওঁলোকক জবাবদিহি নকৰোঁ। তেওঁলোক হৈছে জান্নাতীসকলৰ অন্তৰ্ভুক্ত। তেওঁলোকক প্ৰদান কৰা এই প্ৰতিশ্ৰুতি হৈছে সত্য প্ৰতিশ্ৰুতি। নিশ্চিতৰূপে এইটো কাৰ্যকৰি হ’বই।

46:17Страница 504

وَٱلَّذِي قَالَ لِوَٰلِدَيۡهِ أُفّٖ لَّكُمَآ أَتَعِدَانِنِيٓ أَنۡ أُخۡرَجَ وَقَدۡ خَلَتِ ٱلۡقُرُونُ مِن قَبۡلِي وَهُمَا يَسۡتَغِيثَانِ ٱللَّهَ وَيۡلَكَ ءَامِنۡ إِنَّ وَعۡدَ ٱللَّهِ حَقّٞ فَيَقُولُ مَا هَٰذَآ إِلَّآ أَسَٰطِيرُ ٱلۡأَوَّلِينَ ١٧

А есть такой, который говорит своим родителям: «Тьфу вам! Неужели вы угрожаете мне тем, что меня вытащат из могилы, в то время как до меня уже прошло много поколений?». Они просят Аллаха о помощи: «Горе тебе! Уверуй, ведь обещание Аллаха истинно!». Он же говорит: «Это - всего лишь легенды древних народов».

যিয়ে নিজৰ পিতৃ-মাতৃক কয়ঃ “ধিক্ তোমালোকৰ ওপৰত, তোমালোকে মোক এই প্ৰতিশ্ৰুতি দিয়া নেকি যে, মোৰ মৃত্যুৰ পিছত মোক পুনৰ কবৰৰ পৰা উঠোৱা হ’ব, অথচ মোৰ পূৰ্বে বহু প্ৰজন্ম অতীত হৈছে, সিহঁতৰ মাজৰ কাকো দেখোন জীৱিত কৰি উঠোৱা দেখা পোৱা নাই”? তেতিয়া তাৰ পিতৃ-মাতৃয়ে আল্লাহৰ ওচৰত সহায় প্ৰাৰ্থনা কৰে যাতে আল্লাহে তেওঁলোকৰ পুত্ৰক ঈমানৰ হিদায়ত দিয়ে। লগতে পিতা-মাতা উভয়ে পুত্ৰক উদ্দেশ্যি কয়ঃ “আখিৰাতৰ জীৱনৰ প্ৰতি যদি তুমি ঈমান পোষণ নকৰা তেন্তে তোমাৰ বিনাশ অনিবাৰ্য। নিশ্চিতভাৱে আখিৰাত সম্পৰ্কীয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য, ইয়াত কোনো সন্দেহ নাই”। কিন্তু সি পুনৰুত্থানক অস্বীকাৰ কৰি সেই একেটা কথাকে পুনৰাবৃত্তি কৰি ক’লেঃ “পুনৰুত্থান সম্পৰ্কে যিবোৰ কথা উত্থাপন হৈ আছে, সেইবোৰ দৰাচলতে পূৰ্বৱৰ্তী গ্ৰন্থৰ পৰা সংগৃহীত। আল্লাহৰ ফালৰ পৰা এইবোৰ প্ৰমাণিত নহয়”।

46:18Страница 504

أُوْلَٰٓئِكَ ٱلَّذِينَ حَقَّ عَلَيۡهِمُ ٱلۡقَوۡلُ فِيٓ أُمَمٖ قَدۡ خَلَتۡ مِن قَبۡلِهِم مِّنَ ٱلۡجِنِّ وَٱلۡإِنسِۖ إِنَّهُمۡ كَانُواْ خَٰسِرِينَ ١٨

Сбылось Слово относительно них и живших до них народов из числа джиннов и людей. Воистину, они были потерпевшими убыток.

এইসকল লোকৰ ওপৰতেই শাস্তি অনিবাৰ্য হৈ পৰিছে। সিহঁতক পূৰ্বৱৰ্তী জিন আৰু মানুহৰ সৈতে শাস্তি বিহা হ’ব, নিশ্চয় সিহঁত আছিল ক্ষতিগ্ৰস্ত। কাৰণ জাহান্নামত প্ৰৱেশ কৰি সিহঁতে নিজৰ আৰু নিজ পৰিয়ালৰ ক্ষতি সাধন কৰিছে।

46:19Страница 504

وَلِكُلّٖ دَرَجَٰتٞ مِّمَّا عَمِلُواْۖ وَلِيُوَفِّيَهُمۡ أَعۡمَٰلَهُمۡ وَهُمۡ لَا يُظۡلَمُونَ ١٩

Для всех будут ступени, соответствующие тому, что они совершили, дабы Аллах воздал им сполна за их деяния, и с ними не поступят несправедливо.

দুয়োটা গোটৰ বাবে –জান্নাতবাসী আৰু জাহান্নামবাসীৰ বাবে- সিহঁতৰ কৰ্ম অনুপাতে শ্ৰেণী থাকিব। জান্নাতীসকলে থাকিব উচ্চ শ্ৰেণীত আৰু জাহান্নামীসকলে থাকিব নিম্ন শ্ৰেণীত। আল্লাহে তেওঁলোক আটাইকে তেওঁলোকৰ কৰ্ম অনুসাৰে পৰিপূৰ্ণ প্ৰতিদান দান কৰিব। কিয়ামতৰ দিনা তেওঁলোকৰ প্ৰতি কোনো ধৰণৰ অন্যায় কৰা নহ’ব, তেওঁলোকৰ নেকীও হ্ৰাস কৰা নহ’ব আৰু গুনাহো বৃদ্ধি কৰা নহ’ব।

46:20Страница 504

وَيَوۡمَ يُعۡرَضُ ٱلَّذِينَ كَفَرُواْ عَلَى ٱلنَّارِ أَذۡهَبۡتُمۡ طَيِّبَٰتِكُمۡ فِي حَيَاتِكُمُ ٱلدُّنۡيَا وَٱسۡتَمۡتَعۡتُم بِهَا فَٱلۡيَوۡمَ تُجۡزَوۡنَ عَذَابَ ٱلۡهُونِ بِمَا كُنتُمۡ تَسۡتَكۡبِرُونَ فِي ٱلۡأَرۡضِ بِغَيۡرِ ٱلۡحَقِّ وَبِمَا كُنتُمۡ تَفۡسُقُونَ ٢٠

В тот день, когда неверующих представят Огню, им скажут: «Вы растратили свои блага в свой мирской жизни и попользовались ими. Сегодня вашим воздаянием будут унизительные мучения за то, что вы превозносились на земле без всякого права, и за то, что вы были нечестивцами».

আল্লাহৰ লগত কুফৰী কৰা আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰা লোকসকলক যিদিনা শাস্তি বিহিবলৈ জাহান্নামৰ সন্মুখত উপস্থিত কৰোৱা হ’ব, তেতিয়া সিহঁতক ভৰ্ৎসনা কৰি আৰু তিৰস্কাৰ কৰি কোৱা হ’বঃ তোমালোকে পৃথিৱীতেই তোমালোকৰ নেকীসমূহ বিনষ্ট কৰিছিলা, আৰু পাৰ্থিৱ জীৱনৰ ভোগ সামগ্ৰীক প্ৰাধান্য দি সেইবোৰকে উপভোগ কৰিছিলা। সেয়ে আজি তোমালোকক শাস্তি বিহা হ’ব, কাৰণ তোমালোকে পৃথিৱীত অন্যায়ভাৱে সত্যৰ পৰা অহংকাৰ কৰিছিলা, লগতে কুফৰী আৰু পাপকৰ্মৰ জৰিয়তে আল্লাহৰ আনুগত্যৰ পৰা ওলাই গৈছিলা।

46:21Страница 505

۞ وَٱذۡكُرۡ أَخَا عَادٍ إِذۡ أَنذَرَ قَوۡمَهُۥ بِٱلۡأَحۡقَافِ وَقَدۡ خَلَتِ ٱلنُّذُرُ مِنۢ بَيۡنِ يَدَيۡهِ وَمِنۡ خَلۡفِهِۦٓ أَلَّا تَعۡبُدُوٓاْ إِلَّا ٱللَّهَ إِنِّيٓ أَخَافُ عَلَيۡكُمۡ عَذَابَ يَوۡمٍ عَظِيمٖ ٢١

Помяни брата адитов. Вот он предостерег свой народ среди барханов, хотя перед ним и позади него уже были предостережения: «Не поклоняйтесь никому, кроме Аллаха! Воистину, я боюсь, что вас постигнут мучения в Великий день».

হে ৰাছুল! আদ সম্প্ৰদায়ৰ বংশগত ভাই হূদ আলাইহিচ্ছালামক স্মৰণ কৰক, যেতিয়া তেওঁ নিজ সম্প্ৰদায়ৰ লোকসকলক আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰিছিল। এইটো সেই সময়ৰ কথা যেতিয়া তেওঁ আৰবীয়ান দ্বীপৰ দক্ষিণ দিশত অৱস্থিত আহক্বাফ নামক ঠাইত নিজ অঞ্চলত বসবাস কৰি আছিল। এই কথাও নিশ্চিত যে, হূদ আলাইহিচ্ছালামৰ আগত আৰু পিছতো বহুত ৰাছুল অতীত হৈছে। তেওঁলোকে নিজ নিজ সম্প্ৰদায়ক কৈছিলঃ একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা। তেওঁৰ সৈতে কাকো অংশীদাৰ স্থাপন নকৰিবা। হে মোৰ সম্প্ৰদায়! নিশ্চয় মই তোমালোকৰ বিষয়ে এটা ভীষণ দিৱসৰ শাস্তিকলৈ আশংকা কৰি আছোঁ।

46:22Страница 505

قَالُوٓاْ أَجِئۡتَنَا لِتَأۡفِكَنَا عَنۡ ءَالِهَتِنَا فَأۡتِنَا بِمَا تَعِدُنَآ إِن كُنتَ مِنَ ٱلصَّٰدِقِينَ ٢٢

Они сказали: «Неужели ты пришел для того, чтобы отвратить нас от наших богов? Яви же нам то, чем ты нам угрожаешь, если ты - один из тех, кто говорит правду».

তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে তেওঁক ক’লেঃ তুমি আমাক আমাৰ উপাস্যবোৰৰ উপাসনাৰ পৰা বাধা দিবলৈ আহিছা নেকি? তোমাক আমি এইটো কেতিয়াও কৰিবলৈ নিদিওঁ। যদি তুমি তোমাৰ দাবীত সত্যবাদী তেন্তে তুমি সেই শাস্তি লৈ অহা যি শাস্তিৰ ভয় তুমি আমাক দেখুৱাই আছা।

46:23Страница 505

قَالَ إِنَّمَا ٱلۡعِلۡمُ عِندَ ٱللَّهِ وَأُبَلِّغُكُم مَّآ أُرۡسِلۡتُ بِهِۦ وَلَٰكِنِّيٓ أَرَىٰكُمۡ قَوۡمٗا تَجۡهَلُونَ ٢٣

Он сказал: «Знание - у Аллаха, а я лишь довожу до вашего сведения то, с чем я послан. Но я вижу, что вы являетесь невежественными людьми».

হূদ আলাইহিচ্ছালামে ক’লেঃ শাস্তি কেতিয়া আহিব ইয়াৰ সঠিক জ্ঞান একমাত্ৰ আল্লাহৰ ওচৰতহে আছে। মই এই বিষয়ে একো নাজানো। মই হৈছোঁ এজন ৰাছুল তথা বাৰ্তাবাহক, মই তোমালোকক সেই বাৰ্তা পৌঁচাই দিওঁ যিটো প্ৰদান কৰি মোক তোমালোকৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছে। কিন্তু মই যি দেখি আছোঁ তোমালোক হৈছা বিবেকহীন সম্প্ৰদায়, কাৰণ যিটো বিষয় তোমালোকৰ বাবে উপকাৰী সেইটোক তোমালোকে পৰিত্যাগ কৰি আছা আৰু যিবোৰ বিষয় তোমালোকৰ বাবে ক্ষতিকৰ, সেইবোৰক আঁকোৱালি লৈছা।

46:24Страница 505

فَلَمَّا رَأَوۡهُ عَارِضٗا مُّسۡتَقۡبِلَ أَوۡدِيَتِهِمۡ قَالُواْ هَٰذَا عَارِضٞ مُّمۡطِرُنَاۚ بَلۡ هُوَ مَا ٱسۡتَعۡجَلۡتُم بِهِۦۖ رِيحٞ فِيهَا عَذَابٌ أَلِيمٞ ٢٤

Когда же они увидели его (наказание) в виде тучи, надвигающейся на их долины, они сказали: «Это - туча, которая прольет на нас дождь». О нет! Вот то, что вы торопили, - ветер, несущий с собой мучительные страдания.

এতেকে যেতিয়া সিহঁতৰ ওচৰলৈ সেই শাস্তি আহি পালে যিটোকলৈ সিহঁতে খৰখেদা কৰি আছিল, সিহঁতে সেইটোক আকাশৰ এফালে বিস্তৃত অৱস্থাত দেখা পালে, যিটো সিহঁতৰ উপত্যকাৰ ফালে আহি আছিল। এই দেখি সিহঁতে ক’বলৈ ধৰিলেঃ “এইটো দেখোন এটুকুৰা মেঘহে, যিটো বৰষুণ হৈ আমাৰ ওপৰত অৱতীৰ্ণ হ’ব”। সিহঁতৰ এই কথা শুনি হূদ আলাইহিচ্ছালামে সিহঁতক ক’লেঃ “বিষয়টো তেনেকুৱা নহয়, যিটো তোমালোকে ধাৰণা কৰি আছা যে, এইটো এটুকুৰা মেঘ বুলি যিটো তোমালোকৰ ওপৰত বৰ্ষণ হ’ব। বৰং এইটো হৈছে সেই শাস্তি যিটোৰ বিষয়ে তোমালোকে খৰখেদা কৰি আছিলা। দৰাচলতে এইটো হৈছে কাল ধুমুহা, ইয়াৰ মাজত আছে কষ্টদায়ক শাস্তি”।

46:25Страница 505

تُدَمِّرُ كُلَّ شَيۡءِۭ بِأَمۡرِ رَبِّهَا فَأَصۡبَحُواْ لَا يُرَىٰٓ إِلَّا مَسَٰكِنُهُمۡۚ كَذَٰلِكَ نَجۡزِي ٱلۡقَوۡمَ ٱلۡمُجۡرِمِينَ ٢٥

Он уничтожает всякую вещь по велению своего Господа. А на утро от них остались видны только их жилища. Так Мы воздаем грешным людям.

“এই ধুমুহা যি দিশেৰে গতি কৰিব, প্ৰত্যেক সেই বস্তুক বিনাশ কৰি যাব যিটোক ধ্বংস কৰাৰ আদেশ আল্লাহে প্ৰদান কৰিছে”। ফলত সিহঁত সকলোৱে ধ্বংস্তূপত পৰিণত হৈছিল। এতেকে ইতিপূৰ্বে তাত যে জনবসতি আছিল সেইটোৰ প্ৰমাণ কেৱল সিহঁতৰ সেই চূৰ্ণ-বিচূৰ্ণ ঘৰ-বাৰিৰ দ্বাৰাহে পোৱা গৈছিল। এনেকুৱা কষ্টদায়ক শাস্তি আমি সেইসকল লোককো প্ৰদান কৰোঁ, যিসকলে কুফৰী আৰু পাপকৰ্মত সদায় অটল থাকে।

46:26Страница 505

وَلَقَدۡ مَكَّنَّٰهُمۡ فِيمَآ إِن مَّكَّنَّٰكُمۡ فِيهِ وَجَعَلۡنَا لَهُمۡ سَمۡعٗا وَأَبۡصَٰرٗا وَأَفۡـِٔدَةٗ فَمَآ أَغۡنَىٰ عَنۡهُمۡ سَمۡعُهُمۡ وَلَآ أَبۡصَٰرُهُمۡ وَلَآ أَفۡـِٔدَتُهُم مِّن شَيۡءٍ إِذۡ كَانُواْ يَجۡحَدُونَ بِـَٔايَٰتِ ٱللَّهِ وَحَاقَ بِهِم مَّا كَانُواْ بِهِۦ يَسۡتَهۡزِءُونَ ٢٦

Мы укрепили их в том, в чем не укрепляли вас, и даровали им слух, зрение и сердца. Но ни их слух, ни их зрение, ни их сердца нисколько не помогли им, поскольку они отвергали знамения Аллаха, и их окружило (или поразило) то, над чем они насмехались.

নিশ্চয় আমি হূদ আলাইহিচ্ছালামৰ জাতিক শক্তিৰ সেই সকলো সাধন প্ৰদান কৰিছিলোঁ, যিবোৰ তোমালোকক প্ৰদান কৰা নাই। আমি সিহঁতক শুনাৰ বাবে কাণ, দেখিবলৈ চকু আৰু বুজিবলৈ অন্তৰ দিছিলোঁ, কিন্তু সিহঁতৰ সেই কাণ, চকু আৰু অন্তৰেও সিহঁতক কোনো উপকাৰ কৰিব পৰা নাছিল। যেতিয়া সিহঁতৰ ওচৰলৈ আল্লাহৰ শাস্তি আহি পৰিছিল, সিহঁতৰ পৰা সেই শাস্তিক প্ৰতিৰোধ কৰিব পৰা নাছিল। কিয়নো সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল। নবী হূদ আলাইহিচ্ছালামে সিহঁতক যি শাস্তিৰ পৰা সতৰ্ক কৰিছিল, সিহঁতৰ ওপৰত সেই শাস্তিয়ে নামি আহিছিল, যিটোক সিহঁতে ঠাট্টা কৰিছিল।

46:27Страница 505

وَلَقَدۡ أَهۡلَكۡنَا مَا حَوۡلَكُم مِّنَ ٱلۡقُرَىٰ وَصَرَّفۡنَا ٱلۡأٓيَٰتِ لَعَلَّهُمۡ يَرۡجِعُونَ ٢٧

Мы уже погубили селения, которые были вокруг вас, и разъяснили знамения, чтобы они могли вернуться на прямой путь.

হে মক্কাৰ অধিবাসীসকল! নিশ্চয় আমি তোমালোকৰ ওচৰে-পাঁজৰে থকা জনবসতিসমূহকো ধ্বংস কৰিছিলোঁ। আমিয়ে আদ, ছামূদ, লূত সম্প্ৰদায় আৰু মাদিয়ানবাসীকো ধ্বংস কৰিছোঁ। সিহঁতৰ সন্মুখত আমি বিভিন্ন প্ৰকাৰৰ যুক্তি প্ৰমাণ উপস্থাপন কৰিছিলোঁ, যাতে সিহঁতে কুফৰীৰ পৰা উভতি আহে।

46:28Страница 505

فَلَوۡلَا نَصَرَهُمُ ٱلَّذِينَ ٱتَّخَذُواْ مِن دُونِ ٱللَّهِ قُرۡبَانًا ءَالِهَةَۢۖ بَلۡ ضَلُّواْ عَنۡهُمۡۚ وَذَٰلِكَ إِفۡكُهُمۡ وَمَا كَانُواْ يَفۡتَرُونَ ٢٨

Почему же им не помогли, те божества, которым они поклонялись вместо Аллаха для того, чтобы приблизиться к Нему? Напротив, они скрылись от них. Вот их ложь и то, что они измышляли!

তেতিয়া সিহঁতৰ সেই মূৰ্ত্তিবোৰে কিয় সিহঁতক সহায় কৰা নাছিল, যিবোৰক সিহঁতে আল্লাহৰ বাহিৰে উপাস্য হিচাপে গ্ৰহণ কৰিছিল, ইবাদত আৰু বলি বিধানৰ জৰিয়তে যিবোৰৰ সিহঁতে নৈকট্য লাভ কৰিছিল?! সেইবোৰে সিহঁতৰ কোনো সহায় কৰা নাছিল। বৰং প্ৰকৃত প্ৰয়োজনৰ সময়তে সেইবোৰে সিহঁতৰ প্ৰতি কোনো ভ্ৰূক্ষেপ কৰা নাছিল। দৰাচলতে সেইটো আছিল মিথ্যাচাৰ, যিবোৰৰ দ্বাৰা সিহঁতে সান্তনা লভিছিল যে, এই মূৰ্তিবোৰে সিহঁতক উপকাৰ কৰিব তথা আল্লাহৰ ওচৰত সিহঁতৰ বাবে মধ্যস্ততা কৰিব।

46:29Страница 506

وَإِذۡ صَرَفۡنَآ إِلَيۡكَ نَفَرٗا مِّنَ ٱلۡجِنِّ يَسۡتَمِعُونَ ٱلۡقُرۡءَانَ فَلَمَّا حَضَرُوهُ قَالُوٓاْ أَنصِتُواْۖ فَلَمَّا قُضِيَ وَلَّوۡاْ إِلَىٰ قَوۡمِهِم مُّنذِرِينَ ٢٩

Вот Мы направили к тебе нескольких джиннов, чтобы они послушали Коран. Когда они пришли к нему, то сказали: «Молчите и слушайте!». Когда же оно (чтение Корана) было завершено, они вернулись к своему народу, чтобы предостеречь его.

হে ৰাছুল! স্মৰণ কৰক সেই সময়ছোৱাক, যেতিয়া আমি আপোনাৰ ওচৰলৈ জিনসকলৰ এটা দল প্ৰেৰণ কৰিছিলোঁ। যিসকলে আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআন মনোযোগ সহকাৰে শুনি আছিল। যেতিয়া তেওঁলোকে কোৰআন শুনিবলৈ উপস্থিত হৈছিল, তেতিয়া তেওঁলোকে ইজনে সিজনক কৈছিলঃ “মনে মনে থাকা, যাতে আমি ভালকৈ শুনিব পাৰোঁ”। এতেকে যেতিয়া ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কোৰআন তিলাৱত সমাপ্ত কৰিলে, তেতিয়া তেওঁলোকে নিজ সম্প্ৰদায়ৰ ওচৰলৈ উভতি গ’ল, সিহঁতক আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰিবলৈ, যদি সিহঁতে এই কোৰাআনৰ প্ৰতি ঈমান পোষণ নকৰে (তেন্তে শাস্তিৰ সন্মুখীন হ'ব, এইবুলি সতৰ্ক কৰিবলৈ ধৰিলে)।

46:30Страница 506

قَالُواْ يَٰقَوۡمَنَآ إِنَّا سَمِعۡنَا كِتَٰبًا أُنزِلَ مِنۢ بَعۡدِ مُوسَىٰ مُصَدِّقٗا لِّمَا بَيۡنَ يَدَيۡهِ يَهۡدِيٓ إِلَى ٱلۡحَقِّ وَإِلَىٰ طَرِيقٖ مُّسۡتَقِيمٖ ٣٠

Они сказали: «О народ наш! Воистину, мы услышали Писание, ниспосланное после Мусы (Моисея), подтверждающее то, что было до него. Оно направляет к истине и прямому пути.

তেওঁলোকে নিজ সম্প্ৰদায়ক ক’লেঃ হে মোৰ জাতিৰ লোকসকল! আমি এখন কিতাব শুনিছোঁ, যিখন আল্লাহে মুছা আলাইহিচ্ছালামৰ পিছত অৱতীৰ্ণ কৰিছে। সেই কিতাবখনে পূৰ্বৱৰ্তী সকলো ঐশীগ্ৰন্থক সমৰ্থন কৰে। আমি শুনা এই কিতাবখনে সত্যৰ পথ দেখুৱায়, আৰু সঠিক পথৰ হিদায়ত দিয়ে। অৰ্থাৎ ইছলামৰ পথ দেখুৱায়।

46:31Страница 506

يَٰقَوۡمَنَآ أَجِيبُواْ دَاعِيَ ٱللَّهِ وَءَامِنُواْ بِهِۦ يَغۡفِرۡ لَكُم مِّن ذُنُوبِكُمۡ وَيُجِرۡكُم مِّنۡ عَذَابٍ أَلِيمٖ ٣١

О народ наш! Ответьте проповеднику Аллаха и уверуйте в него, и тогда Он простит вам некоторые из ваших грехов и спасет вас от мучительных страданий».

হে মোৰ জাতিৰ লোকসকল! মুহাম্মদে তোমালোকক যি সত্যৰ পিনে আহ্বান কৰি আছে, তোমালোকে সেইটোক আঁকোৱালি লোৱা, লগতে এই কথা বিশ্বাস কৰা যে, তেওঁ নিজ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত ৰাছুল। আল্লাহে তোমালোকৰ গুনাহসমূহ ক্ষমা কৰি দিব। তথা সেই কষ্টদায়ক শাস্তিৰ পৰা তোমালোকক ৰক্ষা কৰিব, যি শাস্তি সত্য স্বীকাৰ নকৰাসকলক তথা ৰাছুলৰ প্ৰতি ঈমান পোষণ নকৰাসকলক প্ৰদান কৰা হ’ব।

46:32Страница 506

وَمَن لَّا يُجِبۡ دَاعِيَ ٱللَّهِ فَلَيۡسَ بِمُعۡجِزٖ فِي ٱلۡأَرۡضِ وَلَيۡسَ لَهُۥ مِن دُونِهِۦٓ أَوۡلِيَآءُۚ أُوْلَٰٓئِكَ فِي ضَلَٰلٖ مُّبِينٍ ٣٢

А тот, кто не ответит проповеднику Аллаха, не спасется на земле, и не будет у него покровителей и помощников вместо Него. Такие находятся в очевидном заблуждении.

আৰু মুহাম্মদে যি সত্যৰ পিনে আহ্বান কৰি আছে, সেইটোক যিয়ে স্বীকাৰ নকৰিব, সি পৃথিৱীত পলায়ন কৰি কেতিয়াও আল্লাহক অপাৰগ কৰিব নোৱাৰিব। আল্লাহৰ বাহিৰে সিহঁতৰ কোনো সহায়কো নাই, যিয়ে সিহঁতক শাস্তিৰ পৰা ৰক্ষা কৰিব। এনেকুৱা লোকেই সত্যৰ পৰা প্ৰকাশ্য পথভ্ৰষ্টত পতিত হৈ আছে।

46:33Страница 506

أَوَلَمۡ يَرَوۡاْ أَنَّ ٱللَّهَ ٱلَّذِي خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ وَلَمۡ يَعۡيَ بِخَلۡقِهِنَّ بِقَٰدِرٍ عَلَىٰٓ أَن يُحۡـِۧيَ ٱلۡمَوۡتَىٰۚ بَلَىٰٓۚ إِنَّهُۥ عَلَىٰ كُلِّ شَيۡءٖ قَدِيرٞ ٣٣

Разве они не видят, что Аллах, Который сотворил небеса и землю и не утомился от их сотворения, способен оживить мертвых? О да! Он способен на всякую вещь.

আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা এই মুশ্বৰিকসকলে লক্ষ্য কৰা নাই নেকি যে, যি আল্লাহে বিশালাকাৰ, বৃহদায়তন আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে, যিবোৰ সৃষ্টি কৰিবলৈ তেওঁৰ কোনো অসুবিধা হোৱা নাই, তেওঁ নিশ্চয় মৃতসকলকো হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে জীৱিত কৰিবলৈ সক্ষম?! হয়, নিশ্চয় তেওঁ সিহঁতক জীৱিত কৰিবলৈ সক্ষম। নিশ্চয় তেওঁ সকলো ক্ষেত্ৰতে ক্ষমতাৱান। গতিকে মৃতসকলক জীৱন দানৰ ক্ষেত্ৰতো তেওঁ অপাৰগ নহয়।

46:34Страница 506

وَيَوۡمَ يُعۡرَضُ ٱلَّذِينَ كَفَرُواْ عَلَى ٱلنَّارِ أَلَيۡسَ هَٰذَا بِٱلۡحَقِّۖ قَالُواْ بَلَىٰ وَرَبِّنَاۚ قَالَ فَذُوقُواْ ٱلۡعَذَابَ بِمَا كُنتُمۡ تَكۡفُرُونَ ٣٤

В тот день, когда неверующих представят Огню, им скажут: «Разве это не есть истина?». Они скажут: «Да! Клянемся нашим Господом!». Он скажет: «Вкусите же мучения за то, что вы не верили».

আল্লাহ আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰা লোকসকলক যিদিনা শাস্তি বিহিবলৈ জাহান্নামৰ সন্মুখত উপস্থিত কৰা হ’ব, তেতিয়া সিহঁতক ভৰ্ৎসনা কৰি কোৱা হ’বঃ “এই শাস্তি যিটোক তোমালোকে দেখি আছা, সত্য নহয়নে?! মিছা নেকি এইটো, যিদৰে পৃথিৱীত তোমালোকে ইয়াক মিছা বুলি কৈছিলা?”! তেতিয়া সিহঁতে ক’বঃ “হয়, আমি আমাৰ প্ৰতিপালকৰ শপত খাই কওঁ নিশ্চয় এয়া সত্য”। তেতিয়া সিহঁতক কোৱা হ’বঃ “তেন্তে এতিয়া তোমালোকে এই শাস্তি উপভোগ কৰা, কাৰণ তোমালোকে আল্লাহক অস্বীকাৰ কৰিছিলা”।

46:35Страница 506

فَٱصۡبِرۡ كَمَا صَبَرَ أُوْلُواْ ٱلۡعَزۡمِ مِنَ ٱلرُّسُلِ وَلَا تَسۡتَعۡجِل لَّهُمۡۚ كَأَنَّهُمۡ يَوۡمَ يَرَوۡنَ مَا يُوعَدُونَ لَمۡ يَلۡبَثُوٓاْ إِلَّا سَاعَةٗ مِّن نَّهَارِۭۚ بَلَٰغٞۚ فَهَلۡ يُهۡلَكُ إِلَّا ٱلۡقَوۡمُ ٱلۡفَٰسِقُونَ ٣٥

Терпи же, как терпели твердые духом посланники, и не торопи Меня с наказанием для них. В тот день, когда они увидят то, что им обещано, им покажется, что они пробыли на земле всего лишь час дня. Таково послание! Разве будет погублен кто-либо, кроме нечестивых людей?

হে ৰাছুল! আপোনাৰ সম্প্ৰদায়ে আপোনাক অস্বীকাৰ কৰিছে, গতিকে আপুনিও সেইদৰে ধৈৰ্য্য ধাৰণ কৰক যিদৰে দৃঢ় সংকল্পৱান ৰাছুলসকলে অৰ্থাৎ নূহ, ইব্ৰাহীম, মুছা আৰু ঈছা আলাইহিমুচ্ছালামে ধৈৰ্য্য ধাৰণ কৰিছিল। সিহঁতৰ ওপৰত শাস্তি আহিবলৈ ততাতৈয়া নকৰিব। আপোনাৰ সম্প্ৰদায়ৰ এই অস্বীকাৰকাৰীসকলে আখিৰাতত যেতিয়া সেই শাস্তি দেখা পাব, যি শাস্তিৰ পৰা সিহঁতক সতৰ্ক কৰা হৈছিল, তেতিয়া সিহঁতে শাস্তিৰ সময় সীমাৰ তুলনাত এনেকুৱা অনুভৱ কৰিব যেনিবা সিহঁতে পৃথিৱীত দিনৰ এটা অংশহে অতিবাহিত কৰিছিল। মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ হোৱা এই কোৰআন হৈছে মানুহ আৰু জিনৰ বাবে এক সতৰ্ক বাৰ্তা তথা এইখনেই যথেষ্ট। দৰাচলতে শাস্তিৰ জৰিয়তে কেৱল সেইসকল লোককেই ধ্বংস কৰা হ’ব, যিসকলে কুফৰী আৰু পাপকৰ্মৰ জৰিয়তে আল্লাহৰ আনুগত্যৰ পৰা ওলাই গৈছে।

Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии

Содержание

Аят аль-Курси36Аль-Кахфстр. 42джуз 15Бухари 1Муслим 2999

Вид

Тема
Размер текста
Вид

Read in English