Аль-МухтасарАль‑Фатх · 48:1–29

Аль-Мухтасар · Тафсир · на ассамском

الفتح

Аль-Фатх

Победа · Мединская · 29 аятов

48:1Страница 511

إِنَّا فَتَحۡنَا لَكَ فَتۡحٗا مُّبِينٗا ١

Воистину, Мы даровали тебе явную победу,

হে ৰাছুল! নিশ্চয় আমি আপোনাক হুদাইবিয়াৰ সন্ধিৰূপে এটা স্পষ্ট বিজয় প্ৰদান কৰিছোঁ।

48:2Страница 511

لِّيَغۡفِرَ لَكَ ٱللَّهُ مَا تَقَدَّمَ مِن ذَنۢبِكَ وَمَا تَأَخَّرَ وَيُتِمَّ نِعۡمَتَهُۥ عَلَيۡكَ وَيَهۡدِيَكَ صِرَٰطٗا مُّسۡتَقِيمٗا ٢

чтобы Аллах простил тебе грехи, которые были прежде и которые будут впоследствии, чтобы Он довел до конца Свою милость к тебе и провел тебя прямым путем

যাতে আল্লাহে আপোনাক এই বিজয়ৰ পূৰ্বৰ আৰু পিছৰ গুনাহসমূহ ক্ষমা কৰি দিয়ে। আপোনাৰ ধৰ্মৰ সহায় কৰি তেওঁ যাতে আপোনাৰ ওপৰত তেওঁৰ নিয়ামত পৰিপূৰ্ণ কৰি দিব পাৰে। লগতে তেওঁ যাতে আপোনাক এনেকুৱা পোন পথ দেখুৱাব পাৰে, যি পথত কোনো ধৰণৰ বক্ৰতা নাই। সেইটোৱে হৈছে ইছলামৰ সঠিক পথ।

48:3Страница 511

وَيَنصُرَكَ ٱللَّهُ نَصۡرًا عَزِيزًا ٣

и чтобы Аллах оказал тебе великую помощь.

শত্ৰুৰ বিৰুদ্ধে আল্লাহে আপোনাক পৰিপূৰ্ণৰূপে সহায় কৰিব, কোনেও তেওঁক প্ৰতিৰোধ কৰিব নোৱাৰিব।

48:4Страница 511

هُوَ ٱلَّذِيٓ أَنزَلَ ٱلسَّكِينَةَ فِي قُلُوبِ ٱلۡمُؤۡمِنِينَ لِيَزۡدَادُوٓاْ إِيمَٰنٗا مَّعَ إِيمَٰنِهِمۡۗ وَلِلَّهِ جُنُودُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۚ وَكَانَ ٱللَّهُ عَلِيمًا حَكِيمٗا ٤

Он - Тот, Кто ниспослал покой в сердца верующих, чтобы их вера увеличилась. Аллаху принадлежит воинство небес и земли. Аллах - Знающий, Мудрый.

আল্লাহেই মুমিনসকলক দৃঢ়তা প্ৰদান কৰিছে, তথা তেওঁলোকৰ অন্তৰত শান্তি অৱতীৰ্ণ কৰিছে, যাতে তেওঁলোকৰ ঈমানৰ ওপৰত ঈমান বৃদ্ধি কৰিব পাৰে। আকাশমণ্ডল আৰু পৃথিৱীৰ সেনাবাহিনী একমাত্ৰ আল্লাহৰ অধীনস্থ, তেওঁ সেইবোৰৰ দ্বাৰা তেওঁৰ যি বান্দাক ইচ্ছা কৰে সহায় কৰে। নিশ্চয় আল্লাহেই তেওঁৰ বান্দাসকলৰ হিত সম্পৰ্কে সৰ্বজ্ঞ। লগতে সহায়-সমৰ্থনৰ ক্ষেত্ৰত মহাপ্ৰজ্ঞাৱান।

48:5Страница 511

لِّيُدۡخِلَ ٱلۡمُؤۡمِنِينَ وَٱلۡمُؤۡمِنَٰتِ جَنَّٰتٖ تَجۡرِي مِن تَحۡتِهَا ٱلۡأَنۡهَٰرُ خَٰلِدِينَ فِيهَا وَيُكَفِّرَ عَنۡهُمۡ سَيِّـَٔاتِهِمۡۚ وَكَانَ ذَٰلِكَ عِندَ ٱللَّهِ فَوۡزًا عَظِيمٗا ٥

И чтобы ввести верующих мужчин и верующих женщин в Райские сады, в которых текут реки, где они пребудут вечно, и чтобы простить им их злодеяния. Это перед Аллахом является великим преуспеянием.

যাতে তেওঁ আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা পুৰুষ আৰু মুমিনা নাৰীসকলক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব পাৰে, যাৰ অট্টালিকা আৰু গছ-গছনিবোৰৰ তলদেশত নদী প্ৰবাহিত থাকিব। লগতে তেওঁলোকৰ গুনাহসমূহ মাৰ্জনা কৰিব পাৰে, তেওঁ সেইবোৰক কেন্দ্ৰ কৰি তেওঁলোকক জবাবদিহি নকৰিব। লক্ষ্যত উপনীত হোৱা অৰ্থাৎ জান্নাত লাভ কৰা আৰু ভয়ৰ পৰা মুক্তি অৰ্থাৎ গুনাহৰ বাবে জবাবদিহিৰ পৰা মুক্তি আদিয়ে হৈছে আল্লাহৰ দৃষ্টিত মহাসফলতা। কোনো সফলতাৰে ইয়াৰ লগত তুলনা নহয়।

48:6Страница 511

وَيُعَذِّبَ ٱلۡمُنَٰفِقِينَ وَٱلۡمُنَٰفِقَٰتِ وَٱلۡمُشۡرِكِينَ وَٱلۡمُشۡرِكَٰتِ ٱلظَّآنِّينَ بِٱللَّهِ ظَنَّ ٱلسَّوۡءِۚ عَلَيۡهِمۡ دَآئِرَةُ ٱلسَّوۡءِۖ وَغَضِبَ ٱللَّهُ عَلَيۡهِمۡ وَلَعَنَهُمۡ وَأَعَدَّ لَهُمۡ جَهَنَّمَۖ وَسَآءَتۡ مَصِيرٗا ٦

И чтобы подвергнуть мучениям лицемеров и лицемерок, многобожников и многобожниц, думающих об Аллахе дурное. Их постигнут превратности судьбы. Аллах разгневался на них, проклял их и приготовил для них Геенну. Как же скверно это место прибытия!

লগতে যাতে মুনাফিক পুৰুষ আৰু মুনাফিকা নাৰীসকলক শাস্তি বিহিব পাৰে আৰু মুশ্বৰিকা পুৰুষ আৰু মুশ্বৰিকা নাৰীসকলক শাস্তি বিহিব পাৰে, লগতে যাতে সেইসকলকো শাস্তি বিহিব পাৰে যিসকলে আল্লাহৰ বিষয়ে ধাৰণা পোষণ কৰে যে, আল্লাহে তেওঁৰ দ্বীনক সহায় নকৰিব আৰু তেওঁৰ বাণীক সুউচ্চ নকৰিব। শাস্তিৰ চক্ৰ সিহঁতৰ পিনেই ঘূৰি আহিব, আৰু আল্লাহে সিহঁতৰ ওপৰত অসন্তুষ্ট হ’ব, কাৰণ সিহঁতে কুফৰী কৰিছে আৰু বেয়া ধাৰণা পোষণ কৰিছে। লগতে তেওঁ সিহঁতক তেওঁৰ ৰহমতৰ পৰা আঁতৰাই দিব আৰু আখিৰাতত সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰাখিছে জাহান্নাম, য’ত প্ৰৱেশ কৰি সিহঁতে চিৰকাল থাকিব। জাহান্নাম হৈছে অতি নিকৃষ্ট ঠাই, য’ত সিহঁতে প্ৰত্যাৱৰ্তন কৰিব।

48:7Страница 511

وَلِلَّهِ جُنُودُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۚ وَكَانَ ٱللَّهُ عَزِيزًا حَكِيمًا ٧

Аллаху принадлежит воинство небес и земли, и Аллах - Могущественный, Мудрый.

আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো সেনাবাহিনী একমাত্ৰ আল্লাহৰ অধীনস্থ। তেওঁ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে তাকেই সেইবোৰৰ দ্বাৰা সমৰ্থন কৰে। আল্লাহ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আৰু পৰিচালনাৰ ক্ষেত্ৰত মহাপ্ৰজ্ঞাৱান।

48:8Страница 511

إِنَّآ أَرۡسَلۡنَٰكَ شَٰهِدٗا وَمُبَشِّرٗا وَنَذِيرٗا ٨

Воистину, Мы отправили тебя свидетелем, добрым вестником и предостерегающим увещевателем,

হে ৰাছুল! আমি আপোনাক সাক্ষী হিচাপে প্ৰেৰণ কৰিছোঁ। যাতে আপুনি আপোনাৰ উম্মতৰ বিষয়ে সাক্ষী দিব পাৰে। লগতে আমি আপোনাক মুমিনসকলৰ বাবে সুসংবাদদাতা হিচাপে প্ৰেৰণ কৰিছোঁ, যাতে আপুনি তেওঁলোকক পৃথিৱীৰ সহায়-সহযোগিতা আৰু আখিৰাতৰ নিয়ামতৰ বিষয়ে সুসংবাদ দিব পাৰে। আৰু যাতে কাফিৰসকলক ভয় দেখুৱাব পাৰে, পৃথিৱীত সিহঁতে মুমিনসকলৰ হাতত পৰাজিত হৈ অপমানিত হ’ব আৰু আখিৰাতত সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰখা হৈছে কষ্টদায়ক শাস্তি, যি শাস্তি সিহঁতৰ অপেক্ষা কৰি আছে।

48:9Страница 511

لِّتُؤۡمِنُواْ بِٱللَّهِ وَرَسُولِهِۦ وَتُعَزِّرُوهُ وَتُوَقِّرُوهُۚ وَتُسَبِّحُوهُ بُكۡرَةٗ وَأَصِيلًا ٩

чтобы вы уверовали в Аллаха, Его Посланника, почитали и уважали его, прославляли Его утром и перед закатом.

এই আশাত যে, যাতে তোমালোকে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিব পাৰা আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিব পাৰা। লগতে যাতে তেওঁৰ ৰাছুলক সন্মান কৰা আৰু সমাদৰ কৰা, তথা পুৱা-গধুলি আল্লাহৰ পৱিত্ৰতা বৰ্ণনা কৰা।

48:10Страница 512

إِنَّ ٱلَّذِينَ يُبَايِعُونَكَ إِنَّمَا يُبَايِعُونَ ٱللَّهَ يَدُ ٱللَّهِ فَوۡقَ أَيۡدِيهِمۡۚ فَمَن نَّكَثَ فَإِنَّمَا يَنكُثُ عَلَىٰ نَفۡسِهِۦۖ وَمَنۡ أَوۡفَىٰ بِمَا عَٰهَدَ عَلَيۡهُ ٱللَّهَ فَسَيُؤۡتِيهِ أَجۡرًا عَظِيمٗا ١٠

Воистину, те, которые присягают тебе, присягают Аллаху. Рука Аллаха - над их руками. Кто нарушил присягу, тот поступил во вред себе. А кто был верен тому, о чем он заключил завет с Аллахом, тому Он дарует великую награду.

হে ৰাছুল! নিশ্চয় যিসকলে মক্কাৰ মুশ্বৰিকসকলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আপোনাৰ ওচৰত বাইআতে ৰিজৱান নামেৰে প্ৰসিদ্ধ বাইআত গ্ৰহণ কৰিছে, তেওঁলোকে প্ৰকৃততে আল্লাহৰ লগত বাইআত কৰিছে। কাৰণ তেৱেঁই মুশ্বৰিকসকলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ নিৰ্দেশ দিছে। তথা তেৱেঁই তেওঁলোকক প্ৰতিদান দিব। (বাইআতৰ সময়ত) আল্লাহৰ হাত আছিল তেওঁলোকৰ হাতৰ ওপৰত। তেওঁলোকৰ বিষয়ে তেওঁ সৰ্বজ্ঞ। তেওঁলোকৰ কোনো বিষয় তেওঁৰ পৰা গোপন নহয়। এতেকে যিয়ে বাইআত (প্ৰতিশ্ৰুতি) ভঙ্গ কৰিব আৰু আল্লাহৰ দ্বীনৰ পক্ষত থিয় দিয়াৰ বচন পূৰণ নকৰিব, সেই ব্যক্তিৰ বাইআত তথা প্ৰতিশ্ৰুতি ভঙ্গ কৰাৰ ক্ষতি সি নিজেই ভোগ কৰিব। ইয়াৰ ফলত আল্লাহৰ কোনো ক্ষতি নহ’ব। আনহাতে যিয়ে আল্লাহৰ দ্বীনৰ পক্ষত থিয় দিয়াৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব, আল্লাহে তেওঁক মহাপ্ৰতিদান দান কৰিব অৰ্থাৎ জান্নাতত প্ৰৱেশ কৰাব।

48:11Страница 512

سَيَقُولُ لَكَ ٱلۡمُخَلَّفُونَ مِنَ ٱلۡأَعۡرَابِ شَغَلَتۡنَآ أَمۡوَٰلُنَا وَأَهۡلُونَا فَٱسۡتَغۡفِرۡ لَنَاۚ يَقُولُونَ بِأَلۡسِنَتِهِم مَّا لَيۡسَ فِي قُلُوبِهِمۡۚ قُلۡ فَمَن يَمۡلِكُ لَكُم مِّنَ ٱللَّهِ شَيۡـًٔا إِنۡ أَرَادَ بِكُمۡ ضَرًّا أَوۡ أَرَادَ بِكُمۡ نَفۡعَۢاۚ بَلۡ كَانَ ٱللَّهُ بِمَا تَعۡمَلُونَ خَبِيرَۢا ١١

Бедуины, оставшиеся позади, скажут тебе: «Наше имущество и наши семьи отвлекли нас (или помешали нам). Попроси же для нас прощения». Они произносят своими языками то, чего нет в их сердцах. Скажи: «Кто властен помочь вам чем-нибудь перед Аллахом, если Он захочет навредить вам или захочет принести вам пользу?». О нет! Аллах ведает о том, что вы совершаете.

হে ৰাছুল! যিসকল বেদুইনক আল্লাহে মক্কাৰ ছফৰত আপোনাৰ সঙ্গী হোৱাৰ পৰা বিৰত ৰাখিছিল, সিহঁতক যেতিয়া আপুনি ভৰ্ৎসনা কৰিব, তেতিয়া সিহঁতে আপোনাক ক’বঃ “আমি আমাৰ ঘৰচীয়া জীৱ-জন্তু আৰু ধন-সম্পত্তি, লগতে সন্তান-সন্ততিৰ চোৱাচিতাৰ মাজত ব্যস্ত আছিলোঁ, যাৰ ফলত আপোনাৰ সৈতে যাব নোৱাৰিলোঁ। গতিকে আপুনি আমাৰ বাবে আল্লাহৰ ওচৰত আমাৰ গুনাহৰ ক্ষমা প্ৰাৰ্থনা কৰি দিয়ক”। সিহঁতে মুখেৰে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত ক্ষমা প্ৰাৰ্থনাৰ আবেদন জনাইছিল যদিও, এইটো সিহঁতৰ অন্তৰাত্মাৰ আবেদন নাছিল। কাৰণ সিহঁত নিজে কেতিয়াও গুনাহৰ পৰা তাওবা নকৰে। হে নবী! আপুনি সিহঁতক কৈ দিয়ক, যদি আল্লাহে তোমালোকৰ মঙ্গল বিচাৰে অথবা তোমালোকক অনিষ্ট কৰিব বিচাৰে তেন্তে কোনেও তেওঁক প্ৰতিৰোধ কৰিব নোৱাৰে। বৰং তোমালোকে যি কৰি আছা সেই বিষয়ে তেওঁ সুক্ষ্মভাৱে অৱহিত, যিমানেই সৰু নহওক কিয়, তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়।

48:12Страница 512

بَلۡ ظَنَنتُمۡ أَن لَّن يَنقَلِبَ ٱلرَّسُولُ وَٱلۡمُؤۡمِنُونَ إِلَىٰٓ أَهۡلِيهِمۡ أَبَدٗا وَزُيِّنَ ذَٰلِكَ فِي قُلُوبِكُمۡ وَظَنَنتُمۡ ظَنَّ ٱلسَّوۡءِ وَكُنتُمۡ قَوۡمَۢا بُورٗا ١٢

Но вы предположили, что Посланник и верующие никогда не вернутся к своим семьям. Это было разукрашено в ваших сердцах, и вы сделали дурные предположения. Вы были пропащими людьми.

ধন-সম্পদ আৰু সন্তান-সন্ততিৰ মাজত ব্যস্ত থকাৰ যি অজুহাত তোমালোকে দাঙি ধৰিছা, সেইটো দৰাচলতে ৰাছুলৰ সৈতে নোযোৱাৰ কাৰণ হ’ব নোৱাৰে। প্ৰকৃততে তোমালোকে ভাৱিছিলা ৰাছুল আৰু তেওঁৰ ছাহাবাসকল আটায়ে ধ্বংস হ’ব; আৰু তেওঁলোক কেতিয়াও মদীনালৈ ঘূৰি আহিব নোৱাৰিব। চয়তানে তোমালোকৰ অন্তৰত এই ধাৰণাটোক সুন্দৰ বনাই দিছিল। লগতে তোমালোকে নিজ প্ৰতিপালকৰ বিষয়েও বেয়া ধাৰণা পোষণ কৰিছিলা যে, তেওঁ কেতিয়াও নিজ ৰাছুলক সহায় নকৰিব। দৰাচলতে তোমালোক হৈছা ধ্বংস হ’বলগীয়া সম্প্ৰদায়, সেইকাৰণেই তোমালোকে আল্লাহৰ বিষয়ে বেয়া ধাৰণা পোষণ কৰিছা, আৰু ৰাছুলৰ সৈতে যোৱাৰ পৰা বিৰত আছিলা।

48:13Страница 512

وَمَن لَّمۡ يُؤۡمِنۢ بِٱللَّهِ وَرَسُولِهِۦ فَإِنَّآ أَعۡتَدۡنَا لِلۡكَٰفِرِينَ سَعِيرٗا ١٣

Если кто не уверует в Аллаха и Его Посланника, то ведь Мы приготовили неверующим Пламя.

যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ নকৰিব, সিয়েই কাফিৰ। আল্লাহক অস্বীকাৰ কৰা কাফিৰসকলৰ বাবে কিয়ামতৰ দিনা আমি প্ৰস্তুত কৰি ৰাখিছোঁ প্ৰজ্জ্বলিত জুই, য’ত সিহঁতক শাস্তি বিহা হ’ব।

48:14Страница 512

وَلِلَّهِ مُلۡكُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۚ يَغۡفِرُ لِمَن يَشَآءُ وَيُعَذِّبُ مَن يَشَآءُۚ وَكَانَ ٱللَّهُ غَفُورٗا رَّحِيمٗا ١٤

Аллаху принадлежит власть над небесами и землей. Он прощает, кого пожелает, и причиняет мучения, кому пожелает. Аллах - Прощающий, Милосердный.

আকাশমণ্ডল আৰু পৃথিৱীৰ কৰ্তৃত্ব একমাত্ৰ আল্লাহৰ হাতত। তেওঁ বান্দাসকলৰ মাজৰ যাক ইচ্ছা কৰে তাৰ গুনাহসমূহ ক্ষমা কৰি দিয়ে আৰু তাক নিজ অনুগ্ৰহত জান্নাতত প্ৰৱেশ কৰায়। আনহাতে যাক ইচ্ছা কৰে ন্যায় সহকাৰে শাস্তি দিয়ে। নিশ্চয় আল্লাহ গুনাহৰ পৰা তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল, তথা তেওঁলোকৰ প্ৰতি কৃপাশীল।

48:15Страница 512

سَيَقُولُ ٱلۡمُخَلَّفُونَ إِذَا ٱنطَلَقۡتُمۡ إِلَىٰ مَغَانِمَ لِتَأۡخُذُوهَا ذَرُونَا نَتَّبِعۡكُمۡۖ يُرِيدُونَ أَن يُبَدِّلُواْ كَلَٰمَ ٱللَّهِۚ قُل لَّن تَتَّبِعُونَا كَذَٰلِكُمۡ قَالَ ٱللَّهُ مِن قَبۡلُۖ فَسَيَقُولُونَ بَلۡ تَحۡسُدُونَنَاۚ بَلۡ كَانُواْ لَا يَفۡقَهُونَ إِلَّا قَلِيلٗا ١٥

Когда вы отправитесь за трофеями, чтобы взять их, оставшиеся позади скажут: «Дайте нам последовать за вами». Они хотят изменить Слово Аллаха. Скажи: «Вы не последуете за нами. Так сказал Аллах прежде». Тогда они скажут: «Нет, вы завидуете нам». Но они мало что смыслят.

হে মুমিনসকল! যেতিয়া তোমালোকে খয়বৰৰ যুদ্ধলব্ধ সম্পদ অৰ্জন কৰিবলৈ ওলাই পৰিবা, যিটোৰ প্ৰতিশ্ৰুতি হুদাইবিয়াৰ সন্ধিৰ পিছত আল্লাহে তোমালোকক প্ৰদান কৰিছিল। তেতিয়া সেইসকল লোকে ক’ব, যিসকলক আল্লাহে মক্কাৰ ছফৰৰ পৰা বিৰত ৰাখিছিলঃ “আপোনালোকৰ লগত যাবলৈ আমাকো অনুমতি দিয়ক, যাতে আমিও যুদ্ধলব্ধ সম্পদ লাভ কৰিব পাৰোঁ”। পিছত ৰৈ যোৱা এই লোকসকলে এনেকুৱা আবেদন কৰি দৰাচলতে আল্লাহৰ সেই প্ৰতিশ্ৰুতি পৰিবৰ্তন কৰিব বিচাৰে, যিটো আল্লাহে হুদাইবিয়াৰ সন্ধিৰ পিছত মুমিনসকলক প্ৰদান কৰিছিল যে, কেৱল তেওঁলোকেই খয়বৰৰ যুদ্ধলব্ধ সম্পদ অৰ্জন কৰিব। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, এই যুদ্ধলব্ধ সম্পদ অৰ্জন কৰিবলৈ তোমালোকে আমাৰ লগত যাব নোৱাৰা, কাৰণ এই সম্পদ বিশেষকৈ সেইসকল লোকৰ প্ৰাপ্য যিসকলে হুদাইবিয়াত অংশগ্ৰহণ কৰিছিল। তেতিয়া সিহঁতে নিশ্চয় ক’বঃ “খয়বৰৰ অভিযানত আমাক লগত লৈ নোযোৱাটো আল্লাহৰ আদেশ নহয়, বৰং এইটো হৈছে আপোনালোকৰ ঈৰ্ষা”। কিন্তু বিষয়টো তেনেকুৱা নহয় যিদৰে এই ৰৈ যোৱা লোকসকলে ধাৰণা কৰিছে। বৰং সিহঁতে আল্লাহৰ আদেশ নিষেধ বুজিবলৈয়ে সক্ষম নহয়। সেইকাৰণেই সিহঁতে গুনাহত পতিত হৈ আছে।

48:16Страница 513

قُل لِّلۡمُخَلَّفِينَ مِنَ ٱلۡأَعۡرَابِ سَتُدۡعَوۡنَ إِلَىٰ قَوۡمٍ أُوْلِي بَأۡسٖ شَدِيدٖ تُقَٰتِلُونَهُمۡ أَوۡ يُسۡلِمُونَۖ فَإِن تُطِيعُواْ يُؤۡتِكُمُ ٱللَّهُ أَجۡرًا حَسَنٗاۖ وَإِن تَتَوَلَّوۡاْ كَمَا تَوَلَّيۡتُم مِّن قَبۡلُ يُعَذِّبۡكُمۡ عَذَابًا أَلِيمٗا ١٦

Скажи бедуинам, оставшимся позади: «Вас еще призовут воевать против людей, обладающих суровой мощью. Вы сразитесь с ними, или же они обратятся в ислам. Если вы подчинитесь, то Аллах дарует вам прекрасную награду. Если же вы отвернетесь, как отвернулись прежде, то Аллах причинит вам мучительные страдания».

হে ৰাছুল! আপুনি সেই বেদুইনসকলক পৰীক্ষাস্বৰূপ কৈ দিয়ক, যিসকলে মক্কাৰ ছফৰত আপোনাৰ সৈতে যোৱাৰ পৰিবৰ্তে ঘৰতে ৰৈ গৈছিলঃ “শীঘ্ৰেই তোমালোকক এনেকুৱা এটা সম্প্ৰদায়ৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহ্বান কৰা হ’ব, যাৰ অধিবাসীসকল হৈছে যুদ্ধবীৰ। সিহঁতৰ বিৰুদ্ধে তোমালোকে আল্লাহৰ পথত যুদ্ধ কৰিবা অথবা সিহঁতে যুদ্ধ নকৰাকৈয়ে ইছলাম গ্ৰহণ কৰিব। এতেকে যদি তোমালোকে আল্লাহৰ আদেশ পালন কৰি সিহঁতৰ সৈতে যুদ্ধ কৰা, তেন্তে তোমালোকক উত্তম প্ৰতিদান দান কৰা হ’ব, অৰ্থাৎ জান্নাত। আনহাতে যদি তোমালোকে তেওঁৰ আদেশ অমান্য কৰা (যিদৰে তোমালোকে মক্কাৰ ছফৰত তেওঁৰ লগত যোৱাৰ পৰা বিৰত আছিলা) তেন্তে তোমালোকক কষ্টদায়ক শাস্তি বিহা হ’ব”।

48:17Страница 513

لَّيۡسَ عَلَى ٱلۡأَعۡمَىٰ حَرَجٞ وَلَا عَلَى ٱلۡأَعۡرَجِ حَرَجٞ وَلَا عَلَى ٱلۡمَرِيضِ حَرَجٞۗ وَمَن يُطِعِ ٱللَّهَ وَرَسُولَهُۥ يُدۡخِلۡهُ جَنَّٰتٖ تَجۡرِي مِن تَحۡتِهَا ٱلۡأَنۡهَٰرُۖ وَمَن يَتَوَلَّ يُعَذِّبۡهُ عَذَابًا أَلِيمٗا ١٧

Нет греха на слепом, и нет греха на хромом, и нет греха на больном. Кто подчинится Аллаху и Его Посланнику, того Он введет в Райские сады, в которых текут реки. А кто отвернется, того Он подвергнет мучительным страданиям.

অন্ধ, লেঙেৰা অথবা অসুস্থতাৰ বাবে যদি কোনোবাই আল্লাহৰ পথত যুদ্ধৰ পৰা বিৰত থাকে তেন্তে তেনেকুৱা ব্যক্তিৰ বাবে কোনো গুনাহ নহ’ব। যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰিব, আল্লাহে তেওঁক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব যাৰ অট্টালিকা আৰু গছ-গছনিবোৰৰ তলদেশত প্ৰবাহিত থাকিব নদীসমূহ। আনহাতে যিয়ে তেওঁলোকৰ আদেশ পালনৰ পৰা বিৰত থাকিব, তাক আল্লাহে কষ্টদায়ক শাস্তি প্ৰদান কৰিব।

48:18Страница 513

۞ لَّقَدۡ رَضِيَ ٱللَّهُ عَنِ ٱلۡمُؤۡمِنِينَ إِذۡ يُبَايِعُونَكَ تَحۡتَ ٱلشَّجَرَةِ فَعَلِمَ مَا فِي قُلُوبِهِمۡ فَأَنزَلَ ٱلسَّكِينَةَ عَلَيۡهِمۡ وَأَثَٰبَهُمۡ فَتۡحٗا قَرِيبٗا ١٨

Аллах остался доволен верующими, когда они присягали тебе под деревом в Худейбии. Он знал, что у них в сердцах, и ниспослал им покой и вознаградил их близкой победой

নিশ্চয় আল্লাহে মুমিনসকলৰ ওপৰত সন্তুষ্ট হৈছে, যেতিয়া তেওঁলোকে হুদাইবিয়াৰ স্থানত এজোপা গছৰ তলত আপোনাৰ ওচৰত বাইআত কৰি আছিল, যিটো বাইআতে ৰিজৱান নামেৰে প্ৰসিদ্ধ। আল্লাহে তেওঁলোকৰ অন্তৰত থকা ঈমান, ইখলাচ আৰু সত্যতা সম্পৰ্কে অৱগত। আল্লাহেই তেওঁলোকৰ অন্তৰত শান্তি অৱতীৰ্ণ কৰিছে। লগতে তেওঁলোকক ইয়াৰ প্ৰতিদান হিচাপে আসন্ন বিজয় অৰ্থাৎ খয়বৰৰ বিজয়ৰ সুসংবাদ প্ৰদান কৰিছে। এই সুসংবাদৰ আচল কাৰণ আছিল যাতে মক্কাত প্ৰৱেশ নকৰাৰ বাবে তেওঁলোকৰ অন্তৰত যি বেদনাই স্থান পাইছিল, সেইটো যাতে কিছু পৰিমাণে হ্ৰাস পায়।

48:19Страница 513

وَمَغَانِمَ كَثِيرَةٗ يَأۡخُذُونَهَاۗ وَكَانَ ٱللَّهُ عَزِيزًا حَكِيمٗا ١٩

и многочисленными трофеями, которые они возьмут. Аллах - Могущественный, Мудрый.

লগতে তেওঁলোকক বিপুল পৰিমাণে যুদ্ধলব্ধ সম্পদৰ দ্বাৰা পুৰস্কৃত কৰিছে, যিবোৰ তেওঁলোকে খয়বৰৰ পৰা সংগ্ৰহ কৰিব। আল্লাহ মহাপ্ৰভাৱশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, নিৰ্ধাৰণৰ ক্ষেত্ৰত আৰু পৰিচালনাৰ ক্ষেত্ৰত মহা প্ৰজ্ঞাৱান।

48:20Страница 513

وَعَدَكُمُ ٱللَّهُ مَغَانِمَ كَثِيرَةٗ تَأۡخُذُونَهَا فَعَجَّلَ لَكُمۡ هَٰذِهِۦ وَكَفَّ أَيۡدِيَ ٱلنَّاسِ عَنكُمۡ وَلِتَكُونَ ءَايَةٗ لِّلۡمُؤۡمِنِينَ وَيَهۡدِيَكُمۡ صِرَٰطٗا مُّسۡتَقِيمٗا ٢٠

Аллах обещал вам многочисленные трофеи, которые вы возьмете. Он ускорил для вас это и убрал от вас руки людей, чтобы это стало знамением для верующих и чтобы наставить вас на прямой путь.

হে মুমিনসকল! আল্লাহে তোমালোকক বহুতো যুদ্ধলব্ধ সম্পদৰ প্ৰতিশ্ৰুতি দিছে, যিবোৰ তোমালোকে অনাগত দিনত ইছলামী বিজয়ৰ দ্বাৰা লাভ কৰিবা। ইপিনে খয়বৰৰ যুদ্ধলব্ধ সম্পদ তোমালোকক শীঘ্ৰে প্ৰদান কৰাৰ বাবে ত্বৰান্বিত কৰি দিছে। লগতে ইয়াহুদীসকলৰ হাত নিবাৰিত কৰি ৰাখিছিল, তোমালোকে যুদ্ধৰ বাবে ওলাই যোৱাৰ পিছত যেতিয়া সিহঁতে তোমালোকৰ পৰিয়ালক অনিষ্ট কৰিব বিচাৰিছিল। শীঘ্ৰে লাভ কৰা এই যুদ্ধলব্ধ সম্পদ যাতে তোমালোকৰ বাবে আল্লাহৰ সহায়-সমৰ্থনৰ প্ৰতীক হয়। লগতে যাতে আল্লাহে তোমালোকক সঠিক পথৰ হিদায়ত দিয়ে, যাৰ মাজত কোনো বক্ৰতা নাই।

48:21Страница 513

وَأُخۡرَىٰ لَمۡ تَقۡدِرُواْ عَلَيۡهَا قَدۡ أَحَاطَ ٱللَّهُ بِهَاۚ وَكَانَ ٱللَّهُ عَلَىٰ كُلِّ شَيۡءٖ قَدِيرٗا ٢١

Будут и другие трофеи и города, которыми вы еще не овладели. Аллах уже окружил их, ведь Аллах способен на всякую вещь.

আল্লাহে তোমালোকক ইয়াৰ বাহিৰেও আৰু কিছুমান যুদ্ধলব্ধ সম্পদৰ প্ৰতিশ্ৰুতি দান কৰিছে, যিবোৰ অৰ্জন কৰিবলৈ তোমালোকৰ ওচৰত এতিয়া পৰ্যাপ্ত শক্তি নাই। একমাত্ৰ আল্লাহেই সেইটো প্ৰদান কৰিবলৈ সক্ষম। সেই বিষয়ৰ সঠিক জ্ঞানো একমাত্ৰ তেওঁৰ ওচৰতেই আছে, আৰু তেৱেঁই একমাত্ৰ ইয়াৰ উপায় উপলব্ধকাৰী। আল্লাহ সকলো বিষয়তে ক্ষমতাৱান। একোৱেই তেওঁক অপাৰগ কৰিব নোৱাৰে।

48:22Страница 513

وَلَوۡ قَٰتَلَكُمُ ٱلَّذِينَ كَفَرُواْ لَوَلَّوُاْ ٱلۡأَدۡبَٰرَ ثُمَّ لَا يَجِدُونَ وَلِيّٗا وَلَا نَصِيرٗا ٢٢

Если неверующие сразятся с вами, то они непременно обратятся вспять и затем не найдут ни покровителя, ни помощника.

হে মুমিনসকল! আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰা লোকসকলে যদি তোমালোকৰ সৈতে যুদ্ধ কৰিলেহেঁতেন তেন্তে নিশ্চয় সিহঁতে পৰাজিত হৈ পলায়ন কৰিলেহেঁতেন, তথা ইয়াৰ পিছত সিহঁতে নিজৰ সুৰক্ষাৰ বাবে কোনো সংৰক্ষক বিচাৰি নাপালেহেঁতেন, লগতে তোমালোকৰ সৈতে যুদ্ধ কৰাৰ বাবে কোনো সহায়কো বিচাৰি নাপালেহেঁতেন।

48:23Страница 513

سُنَّةَ ٱللَّهِ ٱلَّتِي قَدۡ خَلَتۡ مِن قَبۡلُۖ وَلَن تَجِدَ لِسُنَّةِ ٱللَّهِ تَبۡدِيلٗا ٢٣

Таково установление Аллаха, которое уже свершалось ранее, и ты не найдешь замены установлению Аллаха.

প্ৰত্যেক সময় আৰু প্ৰত্যেক স্থানতে মুমিনসকলৰ বিজয় আৰু কাফিৰসকল পৰাস্ত হোৱাটো নিশ্চিত। এই অস্বীকাৰকাৰীসকলৰ পূৰ্বে অতিবাহিত হোৱা উম্মতবোৰৰ মাজতো এই ধাৰাবাহিকতা চলি আহিছে। হে ৰাছুল! আল্লাহৰ নীতি-নিয়মত আপুনি কোনো ধৰণৰ পৰিবৰ্তন নাপাব।

48:24Страница 514

وَهُوَ ٱلَّذِي كَفَّ أَيۡدِيَهُمۡ عَنكُمۡ وَأَيۡدِيَكُمۡ عَنۡهُم بِبَطۡنِ مَكَّةَ مِنۢ بَعۡدِ أَنۡ أَظۡفَرَكُمۡ عَلَيۡهِمۡۚ وَكَانَ ٱللَّهُ بِمَا تَعۡمَلُونَ بَصِيرًا ٢٤

Он - Тот, Кто убрал их руки от вас и ваши руки от них в долине Мекки после того, как Он позволил вам одержать над ними верх. Аллах видит то, что вы совершаете.

তেৱেঁই মুশ্বৰিকসকলৰ হাতৰ পৰা তোমালোকক ৰক্ষা কৰিছিল, হুদাইবিয়াৰ স্থানত যেতিয়া সিহঁতৰ মাজৰ আশীজন লোকে তোমালোকক আক্ৰমণ কৰাৰ উদ্দেশ্যে আগমণ কৰিছিল। লগতে তোমালোককো বিৰত ৰাখিছিল, যাতে তোমালোকে সিহঁতক হত্যা নকৰা আৰু সিহঁতৰ অনিষ্ট কৰিব নোৱাৰা। আনকি সিহঁতক বন্দী কৰাৰ সামৰ্থ থকাৰ পিছতো সিহঁতক এৰি দিছিলা। তোমালোকে যি যি কৰি আছিলা, আল্লাহে সেয়া দেখি আছিল। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়।

48:25Страница 514

هُمُ ٱلَّذِينَ كَفَرُواْ وَصَدُّوكُمۡ عَنِ ٱلۡمَسۡجِدِ ٱلۡحَرَامِ وَٱلۡهَدۡيَ مَعۡكُوفًا أَن يَبۡلُغَ مَحِلَّهُۥۚ وَلَوۡلَا رِجَالٞ مُّؤۡمِنُونَ وَنِسَآءٞ مُّؤۡمِنَٰتٞ لَّمۡ تَعۡلَمُوهُمۡ أَن تَطَـُٔوهُمۡ فَتُصِيبَكُم مِّنۡهُم مَّعَرَّةُۢ بِغَيۡرِ عِلۡمٖۖ لِّيُدۡخِلَ ٱللَّهُ فِي رَحۡمَتِهِۦ مَن يَشَآءُۚ لَوۡ تَزَيَّلُواْ لَعَذَّبۡنَا ٱلَّذِينَ كَفَرُواْ مِنۡهُمۡ عَذَابًا أَلِيمًا ٢٥

Они - те, которые не уверовали, не впустили вас в Заповедную мечеть и задержали жертвенных животных, не позволив им достичь места заклания. И если бы в Мекке не было верующих мужчин и верующих женщин, которых вы не знали и могли затоптать по незнанию так, что они поставили бы вас в затруднительное положение (или вы бы оказались опозорены перед ними; или вы совершили бы грех перед ними), то Аллах позволил бы вам вторгнуться в Мекку, но Он не сделал этого, чтобы ввести в Свою милость тех, кого пожелает. Но если бы они отделились друг от друга, то Мы подвергли бы неверующих из них мучительным страданиям.

আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰা সেইসকল লোকেই তোমালোকক সন্মানিত মছজিদত প্ৰৱেশ কৰাত বাধা দিছিল, লগতে কুৰবানীৰ জন্তুক সন্মানিত অঞ্চলৰ নিৰ্দিষ্ট ঠাইত লৈ যাবলৈ বাধা দিছিল। যদি তাত আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা মুমিন পুৰুষ আৰু মুমিনা নাৰীৰ উপস্থিতি নাথাকিলহেঁতেন, যিসকলক তোমালোকে চিনিও নোপোৱা, কাফিৰসকলৰ সৈতে তেওঁলোকৰ হত্যাৰ ভয় নাথাকিলে তথা তেওঁলোকক অজানিতে হত্যা কৰি ৰক্তপণ দিয়াৰ আশংকা নাথাকিলে, নিশ্চয় তোমালোকক মক্কাত আক্ৰমণ কৰাৰ অনুমতি দিলোহেঁতেন। যাতে আল্লাহে যাক ইচ্ছা কৰে তাক তেওঁৰ ৰহমতত সোমোৱাই লব পাৰে, যেনে- মক্কাত অৱস্থান কৰা মুমিনসকল। যদি মক্কাত কাফিৰসকলক মুমিনসকলৰ পৰা পৃথক কৰাৰ কোনো উপায় থাকিলহেঁতেন তেন্তে নিশ্চয় আমি আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰা লোকসকলক কষ্টদায়ক শাস্তি বিহিলোহেঁতেন।

48:26Страница 514

إِذۡ جَعَلَ ٱلَّذِينَ كَفَرُواْ فِي قُلُوبِهِمُ ٱلۡحَمِيَّةَ حَمِيَّةَ ٱلۡجَٰهِلِيَّةِ فَأَنزَلَ ٱللَّهُ سَكِينَتَهُۥ عَلَىٰ رَسُولِهِۦ وَعَلَى ٱلۡمُؤۡمِنِينَ وَأَلۡزَمَهُمۡ كَلِمَةَ ٱلتَّقۡوَىٰ وَكَانُوٓاْ أَحَقَّ بِهَا وَأَهۡلَهَاۚ وَكَانَ ٱللَّهُ بِكُلِّ شَيۡءٍ عَلِيمٗا ٢٦

Вот неверующие поместили в своих сердцах заносчивость - заносчивость времен невежества, а Аллах ниспослал Своему Посланнику и верующим покой и возложил на них (или сделал неразлучным с ними) слово богобоязненности (свидетельство о том, что нет божества, кроме Аллаха). Они заслуживали его более других и были достойны его. Аллах же знает о всякой вещи.

আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰা লোকসকলে যেতিয়া নিজৰ অন্তৰত অহমিকা পোষণ কৰিছিল- অজ্ঞতা যুগৰ অহমিকা- যি অহমিকাৰ সত্যৰ লগত কোনো সম্পৰ্ক নাই, বৰং ইয়াৰ সম্পৰ্ক আছে প্ৰবৃত্তিৰ চাহিদাৰ লগত। সেই অহংকাৰৰ কাৰণেই সিহঁতে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক হুদাইবিয়াৰ বছৰত মক্কাত প্ৰৱেশ কৰিব দিয়া নাছিল, যাতে কোনোবাই সিহঁতক তিৰস্কাৰ কৰিব নোৱাৰে যে, মুহাম্মদ সিহঁতৰ ওপৰত প্ৰভাৱশালী। ইপিনে আল্লাহে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু মুমিনসকলৰ ওপৰত প্ৰশান্তি অৱতীৰ্ণ কৰিছিল। তেওঁলোকে ক্ৰোধান্বিত হোৱাৰ পিছতো মুশ্বৰিকসকলৰ বিৰুদ্ধে কোনো ধৰণৰ পদক্ষেপ হাতত লোৱা নাছিল। আল্লাহে মুমিনসকলৰ ওপৰত পৱিত্ৰ বাণী কলিমা লা ইলা-হা ইল্লাল্লাহ অনিবাৰ্য কৰিছে, যাতে তেওঁলোকে এই বাণীৰ উচিত প্ৰাপ্য আদায় কৰে। ফলত তেওঁলোকেও ইয়াক পৰিপূৰ্ণৰূপে কাৰ্যত পৰিণত কৰি দেখুৱাইছিল। আনহাতে মুমিনসকল অন্যান্য লোকৰ তুলনাত এই বাণীৰ অধিক যোগ্য। কাৰণ তেওঁলোকৰ অন্তৰত যি কল্যাণ নিহিত আছে, সেই সম্পৰ্কে আল্লাহ ভালদৰেই অৱগত। আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ, তেওঁৰ পৰা একোৱেই গোপন নহয়।

48:27Страница 514

لَّقَدۡ صَدَقَ ٱللَّهُ رَسُولَهُ ٱلرُّءۡيَا بِٱلۡحَقِّۖ لَتَدۡخُلُنَّ ٱلۡمَسۡجِدَ ٱلۡحَرَامَ إِن شَآءَ ٱللَّهُ ءَامِنِينَ مُحَلِّقِينَ رُءُوسَكُمۡ وَمُقَصِّرِينَ لَا تَخَافُونَۖ فَعَلِمَ مَا لَمۡ تَعۡلَمُواْ فَجَعَلَ مِن دُونِ ذَٰلِكَ فَتۡحٗا قَرِيبًا ٢٧

Воистину, Аллах показал Своему Посланнику правдивый сон (или Аллах доподлинно исполнит сон, который увидел Его Посланник). Вы непременно войдете в Заповедную мечеть, если пожелает Аллах, будучи в безопасности. Вы побреете головы и подстрижетесь, не испытывая страха. Он знал то, чего вы не знали, и предопределил перед этим близкую победу.

আল্লাহে তেওঁৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক সত্য সহকাৰে সঁচা সপোন দেখুৱাইছিল, সপোন দেখি টোপনিৰ পৰা সাৰ পাই তেওঁ চাহাবাসকলক বৰ্ণনা কৰিছিল। তেওঁ সপোনত দেখা পাইছিল যে, তেওঁ আৰু তেওঁৰ চাহাবাসকলে নিৰাপদে শত্ৰুৰ পৰা নিৰ্ভয় হৈ সন্মানিত মছজিদত প্ৰৱেশ কৰি আছে। কিছুমানে কুৰবানীৰ কাম সমাপ্ত কৰি মূৰ খুৰোৱাইছে আৰু কিছুমানে চুলি চুটি কৰি লৈছে। হে মুমিনসকল! নিশ্চয় আল্লাহ তোমালোকৰ হিত সম্পৰ্কে অৱগত, যিবোৰৰ বিষয়ে তোমালোকে নাজানা। সেয়ে সেই বছৰ মক্কাত প্ৰৱেশ কৰাৰ সপোনটোক বাস্তৱৰূপ প্ৰদান নকৰাকৈ এটা সদ্য বিজয় প্ৰদান কৰিলে। এতেকে হুদাবিয়াৰ চুক্তি স্বাক্ষৰিত হ’ল আৰু ইয়াৰ পিছতেই হুদাইবিয়াত অংশগ্ৰহণ কৰা লোকৰ দ্বাৰাই খয়বৰৰ বিজয় দেখিবলৈ পোৱা গ’ল।

48:28Страница 514

هُوَ ٱلَّذِيٓ أَرۡسَلَ رَسُولَهُۥ بِٱلۡهُدَىٰ وَدِينِ ٱلۡحَقِّ لِيُظۡهِرَهُۥ عَلَى ٱلدِّينِ كُلِّهِۦۚ وَكَفَىٰ بِٱللَّهِ شَهِيدٗا ٢٨

Он - Тот, Кто отправил Своего Посланника с верным руководством и религией истины, чтобы превознести ее над всеми остальными религиями. Довольно того, что Аллах является Свидетелем.

আল্লাহেই তেওঁৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক স্পষ্ট বিৱৰণৰ সৈতে আৰু সঠিক ধৰ্ম অৰ্থাৎ ইছলাম প্ৰদান কৰি প্ৰেৰণ কৰিছে। যাতে ইয়াক অন্যান্য বিৰোধী ধৰ্মৰ ওপৰত উচ্চ স্থান দিব পাৰে। আনকি আল্লাহেও এই বিষয়ে সাক্ষ্য প্ৰদান কৰিছে, আৰু সাক্ষী হিচাপে আল্লাহেই যথেষ্ট।

48:29Страница 515

مُّحَمَّدٞ رَّسُولُ ٱللَّهِۚ وَٱلَّذِينَ مَعَهُۥٓ أَشِدَّآءُ عَلَى ٱلۡكُفَّارِ رُحَمَآءُ بَيۡنَهُمۡۖ تَرَىٰهُمۡ رُكَّعٗا سُجَّدٗا يَبۡتَغُونَ فَضۡلٗا مِّنَ ٱللَّهِ وَرِضۡوَٰنٗاۖ سِيمَاهُمۡ فِي وُجُوهِهِم مِّنۡ أَثَرِ ٱلسُّجُودِۚ ذَٰلِكَ مَثَلُهُمۡ فِي ٱلتَّوۡرَىٰةِۚ وَمَثَلُهُمۡ فِي ٱلۡإِنجِيلِ كَزَرۡعٍ أَخۡرَجَ شَطۡـَٔهُۥ فَـَٔازَرَهُۥ فَٱسۡتَغۡلَظَ فَٱسۡتَوَىٰ عَلَىٰ سُوقِهِۦ يُعۡجِبُ ٱلزُّرَّاعَ لِيَغِيظَ بِهِمُ ٱلۡكُفَّارَۗ وَعَدَ ٱللَّهُ ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ مِنۡهُم مَّغۡفِرَةٗ وَأَجۡرًا عَظِيمَۢا ٢٩

Мухаммад - Посланник Аллаха. Те, которые вместе с ним, суровы к неверующим и милостивы между собой. Ты видишь, как они кланяются и падают ниц, стремясь к милости от Аллаха и довольству. Их признаком являются следы от земных поклонов на их лицах. Так они представлены в Таурате (Торе). В Инджиле (Евангелии) же они представлены посевом, на котором вырос росток. Он укрепил его, и тот стал толстым и выпрямился на своем стебле, восхищая сеятелей. Аллах привел эту притчу для того, чтобы привести ими в ярость неверующих. Аллах обещал тем из них, которые уверовали и совершали праведные деяния, прощение и великую награду.

আল্লাহৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেওঁৰ চাহাবাসকল যুদ্ধ কৰা কাফিৰসকলৰ বাবে অতি কঠোৰ, কিন্তু তেওঁলোক নিজৰ মাজত পৰস্পৰে অতি দয়ালু আৰু ইজনে সিজনৰ প্ৰতি স্নেহশীল। হে প্ৰত্যক্ষকাৰী ব্যক্তি! তুমি সদায় তেওঁলোকক আল্লাহৰ বাবে ৰূকু, ছাজদাহ আদি কৰা দেখিবলৈ পাবা। তেওঁলোকে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে আৰু ছোৱাব আশা কৰে। যাতে আল্লাহে তেওঁলোকৰ ওপৰত সন্তুষ্ট হয়। ছাজদাৰ প্ৰভাৱ তেওঁলোকৰ মুখমণ্ডলত স্পষ্ট। তেওঁলোকৰ মুখমণ্ডলত হিদায়ত আৰু চালাতৰ নূৰ প্ৰস্ফুটিত হ’ব। তেওঁলোকৰ এই বৈশিষ্ট্যৰ বৰ্ণনা মুছা আলাইহিচ্ছালামৰ ওপৰত অৱতীৰ্ণ হোৱা তাওৰাত গ্ৰন্থতো উল্লেখ আছিল। আনহাতে ঈছা আলাইহিচ্ছালামৰ ওপৰত অৱতীৰ্ণ হোৱা ইঞ্জীলত তেওঁলোকৰ সহায়-সহযোগিতা আৰু পৰিপূৰ্ণতাৰ দৃষ্টান্ত এইদৰে উল্লেখ আছে যে, তেওঁলোকৰ উদাহৰণ হৈছে গছপুলিৰ দৰে, যিটোৰ পৰা প্ৰথমে কোমল পাত ওলায়, তাৰ পিছত সেইটো মজবুত হয় আৰু পুলিটো ডাঙৰ দীঘল হৈ হৃষ্ট-পুষ্ট হয় আৰু দৃঢ়ভাৱে কাণ্ডৰ ওপৰত থিয় দিয়ে। ইয়াৰ শক্তি আৰু সম্পূৰ্ণতা দেখি কৃষক আনন্দিত হয়। ঠিক সেইদৰে আল্লাহে মুমিনসকলৰ একতা, পৰিপূৰ্ণতা আৰু শক্তি-সমৃদ্ধিৰ দ্বাৰা কাফিৰসকলৰ অন্তৰ্দহন বৃদ্ধি কৰে। আল্লাহৰ ওপৰত ঈমান পোষণ কৰা আৰু সৎকৰ্ম কৰা চাহাবাসকলক আল্লাহে তেওঁলোকৰ গুনাহ ক্ষমা কৰাৰ প্ৰতিশ্ৰুতি দিছে। গতিকে আল্লাহে তেওঁলোকক জবাবদিহি নকৰিব। আৰু তেওঁলোকৰ বাবে তেওঁৰ আছে মহাপ্ৰতিদান অৰ্থাৎ জান্নাত।

Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии

Содержание

Аят аль-Курси36Аль-Кахфстр. 42джуз 15Бухари 1Муслим 2999

Вид

Тема
Размер текста
Вид

Read in English