Аль-Мухтасар · Тафсир · на ассамском
الحجرات
Аль-Худжурат
Комнаты · Мединская · 18 аятов
49:1Страница 515
يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ لَا تُقَدِّمُواْ بَيۡنَ يَدَيِ ٱللَّهِ وَرَسُولِهِۦۖ وَٱتَّقُواْ ٱللَّهَۚ إِنَّ ٱللَّهَ سَمِيعٌ عَلِيمٞ ١
О те, которые уверовали! Не опережайте Аллаха и Его Посланника и бойтесь Аллаха, ибо Аллах - Слышащий, Знающий.
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰীসকল! কোনো কথা অথবা কৰ্মত আল্লাহ আৰু তেওঁৰ ৰাছুলতকৈ আগুৱাই নাযাবা। আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। নিশ্চয় আল্লাহে তোমালোকৰ কথাবোৰ শুনে আৰু তোমালোকৰ কৰ্ম সম্পৰ্কে সৰ্বজ্ঞ। একোৱেই তেওঁৰ আয়ত্বৰ বাহিৰত নহয়। শীঘ্ৰেই তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।
49:2Страница 515
يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ لَا تَرۡفَعُوٓاْ أَصۡوَٰتَكُمۡ فَوۡقَ صَوۡتِ ٱلنَّبِيِّ وَلَا تَجۡهَرُواْ لَهُۥ بِٱلۡقَوۡلِ كَجَهۡرِ بَعۡضِكُمۡ لِبَعۡضٍ أَن تَحۡبَطَ أَعۡمَٰلُكُمۡ وَأَنتُمۡ لَا تَشۡعُرُونَ ٢
О те, которые уверовали! Не поднимайте ваши голоса над голосом Пророка и не обращайтесь к нему так же громко, как вы обращаетесь друг к другу, а не то ваши деяния окажутся тщетными, и вы даже не почувствуете этого.
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰীসকল! ৰাছুলৰ লগত উত্তম শিষ্টাচাৰৰ সৈতে ব্যৱহাৰ কৰা। তথা নবীৰ সৈতে কথা কোৱাৰ সময়ত নবীৰ সুৰতকৈ তোমালোকৰ সুৰ যাতে উচ্চ নহয়, তাৰ প্ৰতি বিশেষ মনোযোগ প্ৰদান কৰিবা। লগতে তেওঁক নাম ধৰি নামাতিবা, যিদৰে তোমালোকে ইজনে সিজনক মাতা। বৰং বিনম্ৰতাৰ সৈতে তেওঁক হে নবী আৰু হে ৰাছুল বুলি মাতিবা। ইয়াৰ কাৰণে তোমালোকৰ অজানিতে তোমালোকৰ আমলৰ ছোৱাব যাতে অথলে নাযায় সেইটোলৈ ভয় কৰিবা।
49:3Страница 515
إِنَّ ٱلَّذِينَ يَغُضُّونَ أَصۡوَٰتَهُمۡ عِندَ رَسُولِ ٱللَّهِ أُوْلَٰٓئِكَ ٱلَّذِينَ ٱمۡتَحَنَ ٱللَّهُ قُلُوبَهُمۡ لِلتَّقۡوَىٰۚ لَهُم مَّغۡفِرَةٞ وَأَجۡرٌ عَظِيمٌ ٣
Воистину, сердца тех, которые при Посланнике Аллаха понижают свои голоса, Аллах очистил (или раскрыл) для богобоязненности. Им уготованы прощение и великая награда.
নিশ্চয় যিসকলে ৰাছুলৰ সন্মুখত নিজৰ কন্ঠস্বৰ অৱনমিত ৰাখে, তেওঁলোকৰ অন্তৰকেই আল্লাহে তেওঁৰ তাক্বৱাৰ বাবে পৰখ কৰিছে আৰু নিৰ্বাচিত কৰি লৈছে। তেওঁলোকৰ গুনাহৰ বাবে আছে মাগফিৰাত, তেওঁলোকৰ সেই গুনাহবোৰক কেন্দ্ৰ কৰি তেওঁলোকক জবাবদিহি কৰা নহ’ব। লগতে কিয়ামতৰ দিনা তেওঁলোকৰ বাবে আছে মহাপ্ৰতিদান। অৰ্থাৎ আল্লাহে তেওঁলোকক জান্নাতত প্ৰৱেশ কৰাৰ সৌভাগ্য প্ৰদান কৰিব।
49:4Страница 515
إِنَّ ٱلَّذِينَ يُنَادُونَكَ مِن وَرَآءِ ٱلۡحُجُرَٰتِ أَكۡثَرُهُمۡ لَا يَعۡقِلُونَ ٤
Воистину, большинство из тех, которые зовут тебя из-за пределов комнат, не разумеют.
হে ৰাছুল! যিসকল বেদুইনে আপোনাক আপোনাৰ স্ত্ৰীসকলৰ কোঠাৰ বাহিৰৰ পৰা চিঞৰি চিঞৰি মাতে, দৰাচলতে সিহঁতৰ মাজৰ অধিকাংশৰে কাণ্ডজ্ঞান নাই।
49:5Страница 516
وَلَوۡ أَنَّهُمۡ صَبَرُواْ حَتَّىٰ تَخۡرُجَ إِلَيۡهِمۡ لَكَانَ خَيۡرٗا لَّهُمۡۚ وَٱللَّهُ غَفُورٞ رَّحِيمٞ ٥
Если бы они потерпели, пока ты выйдешь к ним, это было бы лучше для них. Аллах - Прощающий, Милосердный.
হে ৰাছুল! আপোনাৰ স্ত্ৰীসকলৰ কোঠাৰ বাহিৰৰ পৰা চিঞৰি চিঞৰি মাতা এই লোকসকলে যদি ধৈৰ্য্য ধৰিলেহেঁতেন, তথা এইদৰে নামাতি তেওঁলোকে যদি তেওঁ ওলাই নহালৈকে অপেক্ষা কৰিলেহেঁতেন, লগতে নিম্নস্বৰে তেওঁৰ সৈতে কথা পাতিলেহেঁতেন তেন্তে ঘৰৰ পিছফালৰ পৰা চিঞৰি চিঞৰি মাতাতকৈ এইটো তেওঁলোকৰ পক্ষে ভাল আছিল, কিয়নো ইয়াৰ মাজত আছে সন্মান তথা মৰ্যাদা। তেওঁলোকৰ মাজৰ আৰু তেওঁলোকৰ বাহিৰে অন্যান্য লোকসকলৰ মাজৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি আল্লাহ ক্ষমাশীল। তেওঁলোকৰ প্ৰতিও ক্ষমাশীল, কাৰণ তেওঁলোকে অজানিতে এইটো কৰিছে, লগতে তেওঁলোকৰ প্ৰতি আল্লাহ অতি কৃপাৱান।
49:6Страница 516
يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓاْ إِن جَآءَكُمۡ فَاسِقُۢ بِنَبَإٖ فَتَبَيَّنُوٓاْ أَن تُصِيبُواْ قَوۡمَۢا بِجَهَٰلَةٖ فَتُصۡبِحُواْ عَلَىٰ مَا فَعَلۡتُمۡ نَٰدِمِينَ ٦
О те, которые уверовали! Если нечестивец принесет вам весть, то разузнайте, чтобы не поразить по незнанию невинных людей, а не то вы будете сожалеть о содеянном.
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰীসকল! যদি কোনো দূৰাচাৰী ব্যক্তিয়ে তোমালোকৰ ওচৰলৈ কোনো সম্প্ৰদায়ৰ বিষয়ে সংবাদ লৈ আহে, তেন্তে তৎক্ষণাত সেইটো মানি লোৱাৰ বিপৰীতে তোমালোকে সেই বিষয়ে সঁচা মিছা পৰখ কৰিবা, কিয়নো যদি তোমালোকে সত্যতা পৰখ নকৰাকৈ অজানিতে কোনো সম্প্ৰদায়ৰ ওপৰত আক্ৰমণ কৰা তথা পিছত যদি প্ৰকৃত স্বৰূপ প্ৰকাশ পায় তেনে অৱস্থাত তোমালোকে নিজেই অনুতপ্ত হ’বা।
49:7Страница 516
وَٱعۡلَمُوٓاْ أَنَّ فِيكُمۡ رَسُولَ ٱللَّهِۚ لَوۡ يُطِيعُكُمۡ فِي كَثِيرٖ مِّنَ ٱلۡأَمۡرِ لَعَنِتُّمۡ وَلَٰكِنَّ ٱللَّهَ حَبَّبَ إِلَيۡكُمُ ٱلۡإِيمَٰنَ وَزَيَّنَهُۥ فِي قُلُوبِكُمۡ وَكَرَّهَ إِلَيۡكُمُ ٱلۡكُفۡرَ وَٱلۡفُسُوقَ وَٱلۡعِصۡيَانَۚ أُوْلَٰٓئِكَ هُمُ ٱلرَّٰشِدُونَ ٧
Знайте, что среди вас находится Посланник Аллаха. Если бы он подчинялся вам во многих делах, то вы непременно попали бы в затруднительное положение. Но Аллах привил вам любовь к вере, и представил ее прекрасной вашим сердцам, и сделал ненавистными вам неверие, нечестие и неповиновение. Таковы идущие правым путем
হে মুমিনসকল! জানি থোৱা, নিশ্চয় তোমালোকৰ মাজত আল্লাহৰ ৰাছুল উপস্থিত আছে আৰু তেওঁৰ ওপৰত অহী অৱতীৰ্ণ হয়। গতিকে মিছা কথা নক’বা, অন্যথা অহীৰ মাধ্যমত তোমালোকৰ সেই মিছা কথাৰ বিষয়ে তেওঁক অৱগত কৰা হ’ব। নিশ্চয় আল্লাহ তোমালোকৰ হিত সম্পৰ্কে ভালকৈ অৱগত। যদি তেওঁ তোমালোকৰ অধিকাংশ প্ৰস্তাৱবোৰ গ্ৰহণ কৰে তেন্তে তোমালোকেই বিপদত পৰিবা, আৰু ইয়াৰ ফলত উদ্ভৱ হ’বলগীয়া সেই কঠিন পৰিস্থিতিবোৰ তেওঁ তোমালোকৰ বাবে পছন্দ নকৰে। কিন্তু এইটো আল্লাহৰ অনুগ্ৰহ যে, তেওঁ তোমালোকৰ বাবে ঈমানক পছন্দনীয় কৰিছে আৰু তোমালোকৰ অন্তৰত ইয়াক শোভনীয় কৰি দিছে, সেইকাৰণেই তোমালোকে ঈমান আনিছা। পক্ষান্তৰে কুফৰী, অৱজ্ঞা, আৰু গুনাহক তোমালোকৰ বাবে অপ্ৰিয় কৰি দিছে। এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী লোকসকলেই হৈছে হিদায়ত তথা সঠিক পথৰ পথচাৰী।
49:8Страница 516
فَضۡلٗا مِّنَ ٱللَّهِ وَنِعۡمَةٗۚ وَٱللَّهُ عَلِيمٌ حَكِيمٞ ٨
по милосердию и милости Аллаха. Аллах - Знающий, Мудрый.
তোমালোকে যি যি লাভ কৰিছা, উদাহৰণস্বৰূপে- তোমালোকৰ বাবে কল্যাণ হৈছে প্ৰিয় আৰু অকল্যাণ হৈছে অপ্ৰিয় ইত্যাদি, এইবোৰ হৈছে দৰাচলতে তোমালোকৰ ওপৰত কৰা আল্লাহৰ অনুগ্ৰহ, লগতে তোমালোকক ইয়াৰ বাহিৰেও বহুতো নিয়ামত দান কৰিছে। আল্লাহে তেওঁৰ সেইসকল বান্দাৰ বিষয়ে ভালকৈয়ে জানে, যিসকলে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰে, সেইকাৰণেই তেওঁ তেওঁলোকক ইয়াৰ তাওফীক প্ৰদান কৰে। লগতে তেওঁ হৈছে মহাপ্ৰজ্ঞাৱান, সেইকাৰণেই তেওঁ প্ৰত্যেক বস্তুকে উপযুক্ত ঠাইত স্থান দিয়ে।
49:9Страница 516
وَإِن طَآئِفَتَانِ مِنَ ٱلۡمُؤۡمِنِينَ ٱقۡتَتَلُواْ فَأَصۡلِحُواْ بَيۡنَهُمَاۖ فَإِنۢ بَغَتۡ إِحۡدَىٰهُمَا عَلَى ٱلۡأُخۡرَىٰ فَقَٰتِلُواْ ٱلَّتِي تَبۡغِي حَتَّىٰ تَفِيٓءَ إِلَىٰٓ أَمۡرِ ٱللَّهِۚ فَإِن فَآءَتۡ فَأَصۡلِحُواْ بَيۡنَهُمَا بِٱلۡعَدۡلِ وَأَقۡسِطُوٓاْۖ إِنَّ ٱللَّهَ يُحِبُّ ٱلۡمُقۡسِطِينَ ٩
Если две группы верующих сражаются между собой, то примирите их. Если же одна из них притесняет на другую, то сражайтесь против той, которая притесняет, пока она не вернется к повелению Аллаха. Когда же она вернется, то примирите их по справедливости и будьте беспристрастны. Воистину, Аллах любит беспристрастных.
যদি মুমিনসকলৰ দুটা ফৈদে পৰস্পৰে কাজিয়াত লিপ্ত হয়, তেন্তে হে মুমিনসকল! তোমালোকে তেওঁলোকৰ মাজত মীমাংসা কৰি দিবা। আল্লাহৰ চৰীয়তক নিৰ্ণায়ক ভূমিকাত ৰাখি দুয়ো দলকে ইয়াৰ প্ৰতি আহ্বান কৰা। দুয়ো দলৰ কোনো এটা দলে যদি মীমাংসাত বহিবলৈ অস্বীকাৰ কৰে তথা সীমালঙ্ঘন কৰে তেন্তে সেই দলৰ বিৰুদ্ধে যুদ্ধ কৰা, যেতিয়ালৈকে সিহঁতে আল্লাহৰ বিধানৰ পিনে উভতি নাহে। যদি সিহঁতে আল্লাহৰ বিধানৰ প্ৰতি উভতি আহে তেন্তে সিহঁতৰ মাজত ন্যায় সহকাৰে মীমাংসা কৰি দিয়া। লগতে সিহঁতৰ মাজত মীমাংসা কৰাৰ সময়ত নৈতিকভাৱে মীমাংসা কৰিবা। নিশ্চয় আল্লাহে ন্যায় সহকাৰে মীমাংসা কৰা ব্যক্তিসকলক ভাল পায়।
49:10Страница 516
إِنَّمَا ٱلۡمُؤۡمِنُونَ إِخۡوَةٞ فَأَصۡلِحُواْ بَيۡنَ أَخَوَيۡكُمۡۚ وَٱتَّقُواْ ٱللَّهَ لَعَلَّكُمۡ تُرۡحَمُونَ ١٠
Воистину, верующие - братья. Посему примиряйте братьев и бойтесь Аллаха, - быть может, вы будете помилованы.
মুমিনসকল হৈছে পৰস্পৰে ভাই ভাই। হে মুমিনসকল! ইছলামী ভাতৃত্বৰ দাবী হৈছে যে, তোমালোকে ভাতৃসকলৰ মাজৰ দুটা বিবদমানপক্ষৰ মাজত মীমাংসা কৰি দিয়া। লগতে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। যাতে তোমালোকৰ প্ৰতি কৃপা কৰা হয়।
49:11Страница 516
يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ لَا يَسۡخَرۡ قَوۡمٞ مِّن قَوۡمٍ عَسَىٰٓ أَن يَكُونُواْ خَيۡرٗا مِّنۡهُمۡ وَلَا نِسَآءٞ مِّن نِّسَآءٍ عَسَىٰٓ أَن يَكُنَّ خَيۡرٗا مِّنۡهُنَّۖ وَلَا تَلۡمِزُوٓاْ أَنفُسَكُمۡ وَلَا تَنَابَزُواْ بِٱلۡأَلۡقَٰبِۖ بِئۡسَ ٱلِٱسۡمُ ٱلۡفُسُوقُ بَعۡدَ ٱلۡإِيمَٰنِۚ وَمَن لَّمۡ يَتُبۡ فَأُوْلَٰٓئِكَ هُمُ ٱلظَّٰلِمُونَ ١١
О те, которые уверовали! Пусть одни люди не насмехаются над другими, ведь может быть, что те лучше них. И пусть одни женщины не насмехаются над другими женщинами, ведь может быть, что те лучше них. Не обижайте самих себя (друг друга) и не называйте друг друга оскорбительными прозвищами. Скверно называться нечестивцем после того, как уверовал. А те, которые не раскаются, окажутся беззаконниками.
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰীসকল! তোমালোকৰ মাজৰ কোনো পুৰুষেই অন্য পুৰুষৰ উপহাস কৰা উচিত নহয়, সম্ভৱতঃ যাক উপহাস কৰা হৈছে তেওঁ আল্লাহৰ ওচৰত উপহাসকাৰীসকলতকৈ উত্তম। তথা ফয়চালাও সেই জ্ঞান অনুসাৰেই হ’ব যিটো আল্লাহৰ ওচৰত আছে। এইদৰে কোনো নাৰীয়েও আন কোনো নাৰীক উপহাস কৰা উচিত নহয়, কিয়নো যাক উপহাস কৰা হয়, সম্ভৱতঃ তেওঁ আল্লাহৰ দৃষ্টিত উপহাসকাৰিণী বিলাকতকৈ উত্তম। এইদৰে তোমালোকে নিজৰ ভাতৃসকলকো তিৰস্কাৰ নকৰিবা, কাৰণ তেওঁলোক তোমালোকৰেই শ্ৰেণীভুক্ত। লগতে তোমালোকে ইজনে সিজনক বেয়া উপাধিৰে নামাতিবা, যিদৰে আনচাৰসকলৰ কিছুমানে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আগমণৰ পূৰ্বে মাতিছিল। তোমালোকৰ মাজৰ যিয়ে এনেকুৱা কৰিব, সি ফাছিক্ব বুলি বিবেচিত হ’ব। ঈমান পোষণ কৰাৰ পিছত ফাছিক্বৰ বৈশিষ্ট্য গাত লৈ ফুৰাটো হৈছে অতি ঘৃণনীয় বৈশিষ্ট্য। যিসকলে এনেকুৱা গুনাহৰ পৰা তাওবা নকৰিব, প্ৰকৃততে সেইসকলে নিজেই নিজৰ ক্ষতি কৰিছে, কাৰণ সিহঁতে গুনাহৰ কামত লিপ্ত হৈ নিজকে ধ্বংসৰ গৰালত ঠেলি দিছে।
49:12Страница 517
يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ ٱجۡتَنِبُواْ كَثِيرٗا مِّنَ ٱلظَّنِّ إِنَّ بَعۡضَ ٱلظَّنِّ إِثۡمٞۖ وَلَا تَجَسَّسُواْ وَلَا يَغۡتَب بَّعۡضُكُم بَعۡضًاۚ أَيُحِبُّ أَحَدُكُمۡ أَن يَأۡكُلَ لَحۡمَ أَخِيهِ مَيۡتٗا فَكَرِهۡتُمُوهُۚ وَٱتَّقُواْ ٱللَّهَۚ إِنَّ ٱللَّهَ تَوَّابٞ رَّحِيمٞ ١٢
О те, которые уверовали! Избегайте многих предположений, ибо некоторые предположения являются грехом. Не следите друг за другом и не злословьте за спиной друг друга. Разве понравится кому-либо из вас есть мясо своего покойного брата, если вы чувствуете к этому отвращение? Бойтесь Аллаха! Воистину, Аллах - Принимающий покаяния, Милосердный.
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰীসকল! তোমালোকে ভিত্তিহীন আৰোপসমূহৰ পৰা বিৰত থকা। নিশ্চিতভাৱে কিছুমান সন্দেহ গুনাহৰ অন্তৰ্ভুক্ত। উদাহৰণস্বৰূপে এনেকুৱা কোনো ব্যক্তিৰ বিষয়ে অনৰ্থক সন্দেহ পোষণ কৰা, যিজন ব্যক্তি প্ৰকাশ্যভাৱে ভাল মানুহ বুলি পৰিচিত। লগতে গোপনে মুমিনসকলৰ দোষ-ত্ৰুটি খুচৰি নুফুৰিবা। এইদৰে তোমালোকে মুছলিম ভাতৃৰ বিষয়ে এনেকুৱা কথা নক’বা, যিটো তেওঁ অপছন্দ কৰে। কাৰণ এনেকুৱা অপছন্দনীয় সমালোচনায়, মৃত ভাইৰ মাংস ভক্ষণ কৰা বুজায়। তোমালোকৰ মাজৰ কোনোবাই নিজৰ মৃত ভাইৰ মাংস ভক্ষণ কৰাটো পছন্দ কৰিবনে? যিহেতু তোমালোকে এইটো পছন্দ নকৰা, গতিকে ঠিক সেইদৰে তেওঁৰ সমালোচনাৰ পৰা বিৰত থকা। তথা আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। নিশ্চয় আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলৰ তাওবা কবূল কৰে আৰু তেওঁলোকৰ প্ৰতি দয়া কৰে।
49:13Страница 517
يَٰٓأَيُّهَا ٱلنَّاسُ إِنَّا خَلَقۡنَٰكُم مِّن ذَكَرٖ وَأُنثَىٰ وَجَعَلۡنَٰكُمۡ شُعُوبٗا وَقَبَآئِلَ لِتَعَارَفُوٓاْۚ إِنَّ أَكۡرَمَكُمۡ عِندَ ٱللَّهِ أَتۡقَىٰكُمۡۚ إِنَّ ٱللَّهَ عَلِيمٌ خَبِيرٞ ١٣
О люди! Воистину, Мы создали вас из мужчины и женщины и сделали вас народами и племенами, чтобы вы узнавали друг друга, и самый почитаемый перед Аллахом среди вас - наиболее богобоязненный. Воистину, Аллах - Знающий, Ведающий.
হে মানৱজাতি! নিশ্চয় আমি তোমালোকক এজন পুৰুষ অৰ্থাৎ তোমালোকৰ পিতা আদম আলাইহিচ্ছালাম আৰু এজনী নাৰী অৰ্থাৎ তোমালোকৰ মাতৃ হাৱা আলাইহাচ্ছালামৰ পৰা সৃষ্টি কৰিছোঁ। এই হিচাপত তোমালোকৰ বংশ এটাই। গতিকে বংশক কেন্দ্ৰ কৰি তোমালোকে ইজনে সিজনৰ প্ৰতি অহংকাৰ নকৰিবা। ইয়াৰ পিছত আমি তোমালোকক বহুতো জাতি আৰু সিঁচৰিত গোত্ৰসমূহত পৰিণত কৰিছোঁ, যাতে তোমালোকে ইজনে সিজনক চিনি পোৱাত সহজ হয়। এইবোৰকলৈ অহংকাৰ কৰাৰ কোনো অৱকাশ নাই। কাৰণ উচ্চ স্থান কেৱল তাক্বৱাৰ জৰিয়তেহে লাভ হয়। সেইকাৰণেই আল্লাহে কৈছেঃ নিশ্চয় আল্লাহৰ দৃষ্টিত তোমালোকৰ মাজৰ সেই ব্যক্তি আটাইতকৈ বেছি মৰ্যাদাশীল, যিয়ে তেওঁক অধিক ভয় কৰে। নিঃসন্দেহে আল্লাহ তোমালোকৰ অৱস্থা সম্পৰ্কে সৰ্বজ্ঞ। তোমালোকৰ সম্পূৰ্ণতা আৰু অপূৰ্ণতা সম্পৰ্কেও অৱগত। তেওঁৰ পৰা একোৱেই গোপন নহয়।
49:14Страница 517
۞ قَالَتِ ٱلۡأَعۡرَابُ ءَامَنَّاۖ قُل لَّمۡ تُؤۡمِنُواْ وَلَٰكِن قُولُوٓاْ أَسۡلَمۡنَا وَلَمَّا يَدۡخُلِ ٱلۡإِيمَٰنُ فِي قُلُوبِكُمۡۖ وَإِن تُطِيعُواْ ٱللَّهَ وَرَسُولَهُۥ لَا يَلِتۡكُم مِّنۡ أَعۡمَٰلِكُمۡ شَيۡـًٔاۚ إِنَّ ٱللَّهَ غَفُورٞ رَّحِيمٌ ١٤
Бедуины сказали: «Мы уверовали». Скажи: «Вы не уверовали. Посему говорите: «Мы покорились». Вера еще не вошла в ваши сердца. Если вы подчинитесь Аллаху и Его Посланнику, Он нисколько не умалит ваших деяний. Воистину, Аллах - Прощающий, Милосердный».
কিছুমান বেদুইনে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আহি ক’লেঃ “আমি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছোঁ”। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়কঃ “তোমালোকে ঈমান পোষণ কৰা নাই। বৰং তোমালোকে এনেকৈ কোৱা যে, আমি আত্মসমৰ্পন কৰিছোঁ আৰু আনুগত্যকাৰী হৈছোঁ। দৰাচলতে এতিয়ালৈকে তোমালোকৰ অন্তৰত ঈমান প্ৰৱেশ কৰা নাই। যদিও আশা কৰা যায় ঈমান প্ৰৱেশ কৰিব বুলি। হে মৰুবাসীসকল! যদি তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰি তেওঁলোকৰ আনুগত্য কৰা আৰু সৎকৰ্ম কৰা, লগতে নিষিদ্ধ বস্তুবোৰৰ পৰা বিৰত থকা তেন্তে আল্লাহে কেতিয়াও তোমালোকৰ আমলৰ ছোৱাব হ্ৰাস নকৰিব। নিশ্চয় আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল আৰু তেওঁলোকৰ প্ৰতি কৃপাৱান”।
49:15Страница 517
إِنَّمَا ٱلۡمُؤۡمِنُونَ ٱلَّذِينَ ءَامَنُواْ بِٱللَّهِ وَرَسُولِهِۦ ثُمَّ لَمۡ يَرۡتَابُواْ وَجَٰهَدُواْ بِأَمۡوَٰلِهِمۡ وَأَنفُسِهِمۡ فِي سَبِيلِ ٱللَّهِۚ أُوْلَٰٓئِكَ هُمُ ٱلصَّٰدِقُونَ ١٥
Верующими являются только те, которые уверовали в Аллаха и Его Посланника, а потом не испытывали сомнений и сражались на пути Аллаха своим имуществом и своими душами. Именно они являются правдивыми.
প্ৰকৃত মুমিন হৈছে সেইসকল লোক, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছে আৰু সেই ঈমানৰ লগত কেতিয়াও সন্দেহ মিশ্ৰিত কৰা নাই, লগতে নিজৰ প্ৰাণ আৰু ধন-সম্পদৰ জৰিয়তে আল্লাহৰ পথত যুদ্ধ কৰিছে, এইক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ কৃপণালি কৰা নাই। এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী লোকসকলেই হৈছে প্ৰকৃত মুমিন।
49:16Страница 517
قُلۡ أَتُعَلِّمُونَ ٱللَّهَ بِدِينِكُمۡ وَٱللَّهُ يَعۡلَمُ مَا فِي ٱلسَّمَٰوَٰتِ وَمَا فِي ٱلۡأَرۡضِۚ وَٱللَّهُ بِكُلِّ شَيۡءٍ عَلِيمٞ ١٦
Скажи: «Неужели вы хотите уведомить Аллаха о вашей вере, тогда как Аллах знает то, что на небесах, и то, что на земле? Аллах знает о всякой вещи».
হে ৰাছুল! আপুনি এই বেদুইনসকলক কৈ দিয়কঃ তোমালোকে আল্লাহক নিজৰ দ্বীন সম্পৰ্কে অৱগত কৰোৱাই আছা নেকি তথা তেওঁক এই বিষয়ে উপলব্ধি কৰোৱাই আছা নেকি? অথচ আল্লাহে আকাশমণ্ডলত যি আছে সেই বিষয়েও জানে আৰু পৃথিৱীত যি আছে সেইবোৰৰ বিষয়েও জানে। আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ। তেওঁৰ পৰা একোৱেই গোপন নহয়। গতিকে তেওঁক তোমালোকৰ ধৰ্ম সম্পৰ্কে অৱগত কৰোৱাৰ কোনো আৱশ্যকতা নাই।
49:17Страница 517
يَمُنُّونَ عَلَيۡكَ أَنۡ أَسۡلَمُواْۖ قُل لَّا تَمُنُّواْ عَلَيَّ إِسۡلَٰمَكُمۖ بَلِ ٱللَّهُ يَمُنُّ عَلَيۡكُمۡ أَنۡ هَدَىٰكُمۡ لِلۡإِيمَٰنِ إِن كُنتُمۡ صَٰدِقِينَ ١٧
Они попрекают тебя тем, что обратились в ислам. Скажи: «Не попрекайте меня вашим обращением в ислам. Это Аллах оказал вам милость тем, что привел вас к вере, если вы вообще говорите правду».
হে ৰাছুল! বেদুইনসকলে ইছলাম গ্ৰহণ কৰি আপোনাক উপকাৰ কৰা বুলি নিজকে প্ৰকাশ কৰি আছে। আপুনি সিহঁতক কৈ দিয়কঃ তোমালোকে আল্লাহৰ দ্বীনত প্ৰৱেশ কৰি মোক ধন্য কৰিছা বুলি নাভাৱিবা। কাৰণ ইয়াৰ দ্বাৰা উপকৃত হ’লে, সেই প্ৰতিফল তোমালোকেই লাভ কৰিবা। বৰং আল্লাহেই তোমালোকক ঈমানৰ তাওফীক প্ৰদান কৰি তোমালোকক ধন্য কৰিছে। যদিহে তোমালোকে সঁচাই ইছলামত প্ৰৱেশ কৰিছা।
49:18Страница 517
إِنَّ ٱللَّهَ يَعۡلَمُ غَيۡبَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۚ وَٱللَّهُ بَصِيرُۢ بِمَا تَعۡمَلُونَ ١٨
Воистину, Аллах знает сокровенное небес и земли. Аллах видит то, что вы совершаете.
নিশ্চয় আল্লাহে আকাশমণ্ডল আৰু পৃথিৱীৰ গোপন ৰহস্য সম্পৰ্কে অৱগত। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয়। আল্লাহে তোমালোকৰ সকলো কৰ্ম চাই আছে। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। শীঘ্ৰেই তেওঁ তোমালোকক ভাল বেয়া প্ৰতিফল দান কৰিব।
Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии