Аль-Мухтасар · Тафсир · на ассамском
الطور
Ат-Тур
Гора · Мекканская · 49 аятов
আল্লাহে সেই পৰ্বতৰ শপত খাইছে, যি পৰ্বতৰ ওপৰত মুছা আলাইহিচ্ছালামে আল্লাহৰ সৈতে কথা পাতিছিল।
তথা সেই গ্ৰন্থৰ শপত খাইছে, যিখন লিপিবদ্ধ,
প্ৰসাৰিত আৰু উন্মুক্ত পাতত। উদাহৰণস্বৰূপে ঐশী গ্ৰন্থসমূহ।
তথা আকাশত অৱস্থিত সেই পৱিত্ৰ ঘৰৰ শপত খাইছে, যিখন ঘৰক আল্লাহৰ ইবাদতৰ জৰিয়তে ফিৰিস্তাসকলে আবাদ কৰি ৰাখে।
লগতে সুউচ্চ আকাশৰ শপত খাইছে, যিখন পৃথিৱীৰ চাদস্বৰূপ।
52:6Страница 523
وَٱلۡبَحۡرِ ٱلۡمَسۡجُورِ ٦
Клянусь морем разожженным (или переполненным; или опустевшим; или перемешанным; или удерживаемым)!
লগতে পানীৰে ভৰা সাগৰৰ শপত খাইছে।
হে ৰাছুল! নিশ্চিতভাৱে কাফিৰসকলৰ ওপৰত আপোনাৰ প্ৰতিপালকৰ শাস্তি আহিবই।
তেওঁৰ এই শাস্তিক কোনেও ৰোধ কৰিব নোৱাৰে, আনহাতে সিহঁতক কোনেও ৰক্ষাও কৰিব নোৱাৰিব।
যিদিনা আকাশমণ্ডল প্ৰবলভাৱে প্ৰকম্পিত হ’ব, কিয়ামতৰ আগজাননীস্বৰূপে।
পৰ্বতসমূহে নিজ স্থানৰ পৰা গতি কৰিব।
52:11Страница 523
فَوَيۡلٞ يَوۡمَئِذٖ لِّلۡمُكَذِّبِينَ ١١
Горе в тот день тем, кто считает истину ложью,
সেইদিনা অস্বীকাৰকাৰীসকলৰ বাবে আছে বিনাশ আৰু ধ্বংস, কাৰণ আল্লাহে কাফিৰসকলক শাস্তিৰ প্ৰতিশ্ৰুতি দিছে।
যিসকলে বাতিল পন্থা অনুসৰণ কৰি খেল-ধেমালিত লিপ্ত হৈ আছে। সিহঁতে আখিৰাতৰ জীৱনক আৰু পুনৰুত্থানক একো ভ্ৰূক্ষেপ নকৰে।
52:13Страница 523
يَوۡمَ يُدَعُّونَ إِلَىٰ نَارِ جَهَنَّمَ دَعًّا ١٣
В тот день они будут нещадно ввергнуты в огонь Геенны.
যিদিনা সিহঁতক গতিয়াই জাহান্নামৰ ফালে খেদি লৈ যোৱা হ’ব।
52:14Страница 523
هَٰذِهِ ٱلنَّارُ ٱلَّتِي كُنتُم بِهَا تُكَذِّبُونَ ١٤
Это - тот самый Огонь, который вы считали ложью.
তথা সিহঁতক ভৰ্ৎসনা কৰি কোৱা হ’বঃ এইটোৱেই সেই অগ্নি, যিটোৰ বিষয়ে ৰাছুলে তোমালোকক সতৰ্ক কৰিলে তোমালোকে ইয়াক অস্বীকাৰ কৰিছিলা।
52:15Страница 524
أَفَسِحۡرٌ هَٰذَآ أَمۡ أَنتُمۡ لَا تُبۡصِرُونَ ١٥
Неужели это колдовство? Или же вы не видите?
তোমালোকে প্ৰত্যক্ষ কৰা এই শাস্তি যাদু নেকি বাৰু? নে তোমালোকে দেখাই পোৱা নাই?
52:16Страница 524
ٱصۡلَوۡهَا فَٱصۡبِرُوٓاْ أَوۡ لَا تَصۡبِرُواْ سَوَآءٌ عَلَيۡكُمۡۖ إِنَّمَا تُجۡزَوۡنَ مَا كُنتُمۡ تَعۡمَلُونَ ١٦
Горите в нем! Вам все равно, будете вы терпеть или не станете проявлять терпения. Вам воздается только за то, что вы совершали.
এই জাহান্নামৰ জুইৰ গৰমৰ সোৱাদ লোৱা, তথা উপভোগ কৰা। তোমালোকে এই জুইৰ উত্তাপ সহ্য কৰা বা নকৰা, দুয়োটাই তোমালোকৰ বাবে সমান। আজি তোমালোকক সেই কুফৰী আৰু গুনাহৰ বাবেই শাস্তি বিহা হ’ব,যিবোৰ তোমালোকে পৃথিৱীত কৰিছিলা।
52:17Страница 524
إِنَّ ٱلۡمُتَّقِينَ فِي جَنَّٰتٖ وَنَعِيمٖ ١٧
Воистину, богобоязненные пребудут в Райских садах и блаженстве.
আল্লাহৰ আদেশ পালন কৰা আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকা মুত্ত্বাক্বীসকলে নিশ্চিতভাৱে জান্নাতত এনেকুৱা মহা নিয়ামতৰ মাজত থাকিব, যিবোৰ কেতিয়াও সমাপ্ত নহ’ব।
52:18Страница 524
فَٰكِهِينَ بِمَآ ءَاتَىٰهُمۡ رَبُّهُمۡ وَوَقَىٰهُمۡ رَبُّهُمۡ عَذَابَ ٱلۡجَحِيمِ ١٨
Они будут радоваться тому, чем их одарит их Господь. Господь их уберег их от мучений в Аду.
আল্লাহে প্ৰদান কৰা বিভিন্ন প্ৰকাৰৰ পানাহাৰ তেওঁলোকে উপভোগ কৰিব, তথা স্ত্ৰীসকলৰ দ্বাৰা উপকৃত হ’ব। আল্লাহে তেওঁলোকক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰিব। এইদৰে তেওঁলোকে ভোগ-সামগ্ৰী অৰ্জনত সফলতা লাভ কৰিব আৰু অপ্ৰীতিকৰ বস্তুৰ পৰা ৰক্ষা পোৱাৰ ক্ষেত্ৰতো সফলতা অৰ্জন কৰিব।
52:19Страница 524
كُلُواْ وَٱشۡرَبُواْ هَنِيٓـَٔۢا بِمَا كُنتُمۡ تَعۡمَلُونَ ١٩
Ешьте и пейте во здравие за то, что вы совершали!
তেওঁলোকক কোৱা হ’বঃ মনে যি বিচাৰে সেইটোৱে পানাহাৰ কৰা। তোমালোকৰ এই পানাহাৰৰ ফলত কোনো ধৰণৰ ক্ষয়-ক্ষতি নহ’ব। এইটো হৈছে দৰচলতে পৃথিৱীত কৰা তোমালোকৰ কৰ্মৰ প্ৰতিদানহে।
52:20Страница 524
مُتَّكِـِٔينَ عَلَىٰ سُرُرٖ مَّصۡفُوفَةٖۖ وَزَوَّجۡنَٰهُم بِحُورٍ عِينٖ ٢٠
Они будут, прислонившись, возлежать на ложах, выстроенных в ряд, и Мы сочетаем их с черноокими, большеглазыми гуриями.
সুসৌন্দৰ্যময় আসনত তেওঁলোকে আউজি বহিব, সেই আসনবোৰ ওচৰা-ওচৰিকৈ থাকিব তথা ইজনে সিজনৰ সন্মুখত থাকিব। লগতে আমি তেওঁলোকক মৃগনয়নী ডাঙৰ চকু বিশিষ্টা ধুনীয়া নাৰীৰ সৈতে বিবাহ বন্ধনত আৱদ্ধ কৰাম।
52:21Страница 524
وَٱلَّذِينَ ءَامَنُواْ وَٱتَّبَعَتۡهُمۡ ذُرِّيَّتُهُم بِإِيمَٰنٍ أَلۡحَقۡنَا بِهِمۡ ذُرِّيَّتَهُمۡ وَمَآ أَلَتۡنَٰهُم مِّنۡ عَمَلِهِم مِّن شَيۡءٖۚ كُلُّ ٱمۡرِيِٕۭ بِمَا كَسَبَ رَهِينٞ ٢١
Мы воссоединим верующих с их потомками, которые последовали за ними в вере, и нисколько не умалим их деяний. Каждый человек является заложником того, что он приобрел.
যিসকল লোকে ঈমান আনিছে, আৰু তেওঁলোকৰ সন্তানসকলেও ঈমান পোষণ কৰি তেওঁলোকৰ অনুসৰণ কৰিছে, আমি সেই সন্তানসকলকো তেওঁলোকৰ সৈতে একত্ৰিত কৰিম, যদিও সন্তানসকলে তেওঁলোকৰ সমান আমল কৰা নাই। আমি তেওঁলোকৰ আমলৰ প্ৰতিদান দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ কৃপণালি নকৰোঁ। আনহাতে প্ৰত্যেক ব্যক্তিয়ে নিজৰ বেয়া কৰ্মৰ বাবে নিজে জগৰীয়া। অন্য কোনো ব্যক্তিয়ে তাৰ এই বোজা লাঘৱ কৰিব নোৱাৰিব।
52:22Страница 524
وَأَمۡدَدۡنَٰهُم بِفَٰكِهَةٖ وَلَحۡمٖ مِّمَّا يَشۡتَهُونَ ٢٢
Мы наделим их фруктами и мясом таким, какое они пожелают.
আমি জান্নাতৰ এই অধিবাসীসকলক বিভিন্ন প্ৰকাৰৰ ফল-মূল দান কৰিম, লগতে তেওঁলোকৰ মনে বিচৰা মাংসও প্ৰদান কৰিম।
52:23Страница 524
يَتَنَٰزَعُونَ فِيهَا كَأۡسٗا لَّا لَغۡوٞ فِيهَا وَلَا تَأۡثِيمٞ ٢٣
Они будут передавать друг другу чашу с вином, которое не принесет ни празднословия, ни греха.
জান্নাতত তেওঁলোকে পৰস্পৰে সুৰাৰ পিয়লা আদান-প্ৰদান কৰিব, কিন্তু সেই সুৰা পান কৰাৰ ফলত কোনো ধৰণৰ অনৰ্থক কথা নোলাব আৰু সেই সেৱন গুনাহৰো কাৰণ নহ’ব, যিদৰে পৃথিৱীত মাতাল হৈ অনৰ্থক কথা কৈছিল।
52:24Страница 524
۞ وَيَطُوفُ عَلَيۡهِمۡ غِلۡمَانٞ لَّهُمۡ كَأَنَّهُمۡ لُؤۡلُؤٞ مَّكۡنُونٞ ٢٤
Их будут обходить их юные слуги, подобные сокрытому жемчугу.
তেওঁলোকৰ চাৰিওফালে সেৱাত নিয়োজিত থাকিব কিশোৰসকলৰ এটা দল, তেওঁলোক পৰিস্কাৰ-পৰিচ্ছন্ন আৰু বগা আটক ধুনীয়া হ’ব, যেনিবা সুৰক্ষিত মুকুতা।
52:25Страница 524
وَأَقۡبَلَ بَعۡضُهُمۡ عَلَىٰ بَعۡضٖ يَتَسَآءَلُونَ ٢٥
Они будут расспрашивать друг друга.
জান্নাতীসকলে ইজনে সিজনক পাৰ্থিৱ জীৱনৰ অৱস্থা সম্পৰ্কে সোধ-পোচ কৰিব।
52:26Страница 524
قَالُوٓاْ إِنَّا كُنَّا قَبۡلُ فِيٓ أَهۡلِنَا مُشۡفِقِينَ ٢٦
Они скажут: «Прежде, находясь в кругу своих семей, мы трепетали от страха.
তেতিয়া তেওঁলোকে উত্তৰ দিবঃ আমি পৃথিৱীত পৰিয়ালবৰ্গৰ মাজত থকা অৱস্থাতো আল্লাহৰ শাস্তিক ভয় কৰিছিলোঁ।
52:27Страница 524
فَمَنَّ ٱللَّهُ عَلَيۡنَا وَوَقَىٰنَا عَذَابَ ٱلسَّمُومِ ٢٧
Аллах же оказал нам милость и уберег нас от мучений знойного ветра (или мучений в Аду).
আল্লাহে আমাৰ ওপৰত উপকাৰ কৰি আমাক ইছলাম গ্ৰহণ কৰাৰ তাওফীক প্ৰদান কৰিছিল। লগতে তেৱেঁই আমাক প্ৰচণ্ড উত্তপ্ত শাস্তিৰ পৰা ৰক্ষা কৰিছে।
52:28Страница 524
إِنَّا كُنَّا مِن قَبۡلُ نَدۡعُوهُۖ إِنَّهُۥ هُوَ ٱلۡبَرُّ ٱلرَّحِيمُ ٢٨
Мы взывали к Нему прежде. Воистину, Он - Добродетельный, Милосердный».
পাৰ্থিৱ জীৱনত আমি তেওঁৰেই ইবাদত কৰিছিলোঁ, আৰু তেওঁৰ ওচৰতেই জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা পোৱাৰ বাবে প্ৰাৰ্থনা কৰিছিলোঁ। নিশ্চয় তেওঁ পৰোপকাৰী, বান্দাসকলৰ প্ৰতিশ্ৰুতি পূৰণত সত্যবাদী, তেওঁলোকৰ প্ৰতি পৰম দয়ালু। এতেকে তেওঁৰ কৃপাৰ ফলতেই আমি ঈমান পোষণ কৰিছোঁ আৰু জান্নাতত প্ৰৱেশ কৰিছোঁ তথা জাহান্নামৰ পৰা ৰক্ষা পাইছোঁ।
52:29Страница 524
فَذَكِّرۡ فَمَآ أَنتَ بِنِعۡمَتِ رَبِّكَ بِكَاهِنٖ وَلَا مَجۡنُونٍ ٢٩
Напоминай же! По милости своего Господа ты не являешься ни прорицателем, ни одержимым.
হে ৰাছুল! আপুনি কোৰআনৰ জৰিয়তে উপদেশ দি থাকক। আল্লাহে আপোনাক যি ঈমান আৰু বিবেক দান কৰিছে, ইয়াৰ ফলত আপুনি কোনো গণকো নহয় যে, জিনৰ পৰামৰ্শ মতে আপুনি কাম কৰে নাইবা আপুনি কোনো উন্মাদো নহয়।
52:30Страница 524
أَمۡ يَقُولُونَ شَاعِرٞ نَّتَرَبَّصُ بِهِۦ رَيۡبَ ٱلۡمَنُونِ ٣٠
Или же они говорят: «Он - поэт! Давайте же подождем, пока время не разберется с ним».
বৰং এই অস্বীকাৰকাৰীসকলে কয়ঃ মুহাম্মদ কোনো ৰাছুল নহয়, বৰং তেওঁ হৈছে এজন কবি। আমি অপেক্ষা কৰি আছোঁ, মৃত্যুৱে এওঁক সাৱটি লওক; যাতে আমি শান্তিত থাকিব পাৰোঁ।
52:31Страница 524
قُلۡ تَرَبَّصُواْ فَإِنِّي مَعَكُم مِّنَ ٱلۡمُتَرَبِّصِينَ ٣١
Скажи: «Ждите, и я подожду вместе с вами».
হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়কঃ তোমালোকে মোৰ মৃত্যুৰ অপেক্ষা কৰা, আৰু মই সেই শাস্তিৰ অপেক্ষা কৰি আছোঁ যিটো তোমালোকৰ ওপৰত আহিব, কাৰণ তোমালোকে মোক অস্বীকাৰ কৰিছা।
52:32Страница 525
أَمۡ تَأۡمُرُهُمۡ أَحۡلَٰمُهُم بِهَٰذَآۚ أَمۡ هُمۡ قَوۡمٞ طَاغُونَ ٣٢
Неужели умы повелевают им такое? Или же они являются людьми преступными?
সিহঁতৰ বিবেকে সিহঁতক এই কথা ক’বলৈ আদেশ দিয়ে নেকি যে, মুহাম্মদ এজন গণক তথা তেওঁ এজন উন্মাদ ব্যক্তি? দৰাচলতে সিহঁতে এজন ব্যক্তিৰ মাজত এনেকুৱা বৈশিষ্ট্য একত্ৰিত কৰিব বিচাৰে, যিটো কেতিয়াও সম্ভৱ নহয়। বৰং সিহঁত হৈছে সীমালঙ্ঘনকাৰী সম্প্ৰদায়। সিহঁতে চৰীয়তৰ পিনেও প্ৰত্যাৱৰ্তন নকৰে আৰু বিবেকৰ প্ৰতিও নকৰে।
52:33Страница 525
أَمۡ يَقُولُونَ تَقَوَّلَهُۥۚ بَل لَّا يُؤۡمِنُونَ ٣٣
Или же они говорят: «Он выдумал его!». О нет! Просто они не веруют.
অথবা সিহঁতে এই কথা কয় নেকি যে, মুহাম্মদে এই কোৰআনখন নিজেই ৰচনা কৰিছে, তেওঁৰ প্ৰতি ইয়াক অহী কৰা নাই, প্ৰকৃততে তেওঁ ইয়াক ৰচনা কৰা নাই। বৰং সিহঁতে ইয়াৰ প্ৰতি ঈমান পোষণ কৰাৰ ক্ষেত্ৰত অহংকাৰ কৰিছে। সেইকাৰণেই সিহঁতে ইয়াৰ প্ৰতি মিছা আৰোপ কৰি কয় যে, তেওঁ ইয়াক ৰচনা কৰিছে।
52:34Страница 525
فَلۡيَأۡتُواْ بِحَدِيثٖ مِّثۡلِهِۦٓ إِن كَانُواْ صَٰدِقِينَ ٣٤
Пусть приведут подобное ему (Корану) повествование, если они говорят правду.
এতেকে সিহঁতে এই কোৰআনৰ দৰেই কোনো বাণী লৈ আহকচোন, দৰকাৰ হ’লে ৰচনা কৰিয়ে লৈ আহক। সঁচাই যদি সিহঁত নিজৰ এই দাবীত সত্যবাদী যে, মুহাম্মদে ইয়াক নিজেই ৰচনা কৰিছে।
52:35Страница 525
أَمۡ خُلِقُواْ مِنۡ غَيۡرِ شَيۡءٍ أَمۡ هُمُ ٱلۡخَٰلِقُونَ ٣٥
Неужели они были сотворены сами по себе (или просто так)? Или же они сами являются творцами?
সিহঁতে সৃষ্টিকৰ্তা নোহোৱাকৈয়ে সৃষ্টি হৈছে নেকি? নে সিহঁতে নিজেই নিজক সৃষ্টি কৰিছে? সৃষ্টিকৰ্তা নোহোৱাকৈ কোনো সৃষ্টিয়েই অস্তিত্ব লাভ কৰা সম্ভৱ নহয়। এইদৰে কোনো সৃষ্টিয়েও নিজেই নিজকে সৃষ্টি কৰিবলৈ সক্ষম নহয়। তথাপিও সিহঁতে নিজৰ সৃষ্টিকৰ্তাৰ ইবাদত কিয় নকৰে?!
52:36Страница 525
أَمۡ خَلَقُواْ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَۚ بَل لَّا يُوقِنُونَ ٣٦
Или же это они сотворили небеса и землю? О нет! Просто они лишены убежденности.
আকাশমণ্ডল আৰু পৃথিৱীক সিহঁতে সৃষ্টি কৰিছে নেকি? দৰাচলতে সিহঁতে বিশ্বাসেই নকৰে যে, আল্লাহেই হৈছে সিহঁতৰ সৃষ্টিকৰ্তা। কিয়নো যদি সিহঁতে বিশ্বাস কৰিলেহেঁতেন তেন্তে নিশ্চয় তেওঁক একক বুলি স্বীকাৰ কৰিলেহেঁতেন আৰু তেওঁৰ ৰাছুলৰ ওপৰত ঈমান আনিলেহেঁতেন।
52:37Страница 525
أَمۡ عِندَهُمۡ خَزَآئِنُ رَبِّكَ أَمۡ هُمُ ٱلۡمُصَۜيۡطِرُونَ ٣٧
Неужели у них находятся сокровищницы твоего Господа? Или же они сами являются владыками?
অথবা সিহঁতৰ ওচৰত আপোনাৰ প্ৰতিপালকৰ জীৱিকা ভাণ্ডাৰ আছে নেকি, ফলত সিহঁতে যাক ইচ্ছা দান কৰিব আৰু যাক ইচ্ছা বঞ্চিত কৰিব?! তথা সিহঁতে যাক ইচ্ছা কৰিব নবুওৱত দান কৰিব আৰু যাক ইচ্ছা কৰিব আঁতৰাই ৰাখিব? নে সিহঁতক নিজ ইচ্ছা মতে ব্যয় কৰাৰ অধিকাৰ দিয়া হৈছে?
52:38Страница 525
أَمۡ لَهُمۡ سُلَّمٞ يَسۡتَمِعُونَ فِيهِۖ فَلۡيَأۡتِ مُسۡتَمِعُهُم بِسُلۡطَٰنٖ مُّبِينٍ ٣٨
Или же у них есть лестница, на которой они подслушивают разговоры ангелов? Пусть тот из них, кто подслушивал, приведет ясное доказательство.
অথবা সিহঁতৰ ওচৰত চিৰি আছে নেকি, যাৰ সহায়ত সিহঁতে আকাশত আৰোহণ কৰি আল্লাহৰ অহী শ্ৰৱণ কৰে যে, সিহঁত সত্য পথত আছে? এতেকে সিহঁতৰ মাজৰ যিয়ে সেই অহী শুনা পাইছে, সিয়ে স্পষ্ট প্ৰমাণ লৈ অহা উচিত, যিটোৱে প্ৰমাণ কৰিব সিহঁতৰ এই দাবী সত্য যে সিহঁত সত্যৰ ওপৰত প্ৰতিষ্ঠিত।
52:39Страница 525
أَمۡ لَهُ ٱلۡبَنَٰتُ وَلَكُمُ ٱلۡبَنُونَ ٣٩
Неужели у Него - дочери, а у вас - сыновья?
অথবা সেই পৱিত্ৰ আল্লাহৰ কন্যা সন্তান থকা বুলি তোমালোকে বিশ্বাস কৰা নেকি, যিটোক তোমালোকে নিজেই অপছন্দ কৰা, পক্ষান্তৰে তোমালোকে নিজৰ বাবে পুত্ৰ সন্তান পছন্দ কৰা, যিটো তোমালোকৰ দৃষ্টিত প্ৰিয়?
52:40Страница 525
أَمۡ تَسۡـَٔلُهُمۡ أَجۡرٗا فَهُم مِّن مَّغۡرَمٖ مُّثۡقَلُونَ ٤٠
Или же ты просишь у них вознаграждения, и они обременены обязательствами?
অথবা হে ৰাছুল! আপুনি আপোনাৰ প্ৰতিপালকৰ বাৰ্তা পৌঁচাই দিয়াৰ বাবে সিহঁতৰ পৰা কোনো পাৰিশ্ৰমিক বিচাৰে নেকি? যাৰ ফলত সিহঁতে ইয়াক দুৰ্বহ বোজা বুলি গণ্য কৰি আছে।
52:41Страница 525
أَمۡ عِندَهُمُ ٱلۡغَيۡبُ فَهُمۡ يَكۡتُبُونَ ٤١
Или же они владеют сокровенным и записывают его?
অথবা সিহঁতৰ ওচৰত কোনো গায়েবী জ্ঞান আছে নেকি, গায়েবৰ যিবোৰ জ্ঞান সিহঁতে আহৰণ কৰে সেইবোৰ সিহঁতে মানুহৰ বাবে লিখি লয়, আৰু মানুহক সেইখিনিয়ে অৱগত কৰায়, যিখিনি সিহঁতে অৱগত কৰাব বিচাৰে?
52:42Страница 525
أَمۡ يُرِيدُونَ كَيۡدٗاۖ فَٱلَّذِينَ كَفَرُواْ هُمُ ٱلۡمَكِيدُونَ ٤٢
Или же они желают замыслить козни? Но ведь неверующие сами станут жертвой козней.
অথবা এই অস্বীকাৰকাৰীসকলে আপোনাৰ সৈতে আৰু আপোনাৰ ধৰ্মৰ সৈতে কোনো চক্ৰান্ত কৰিব বিচাৰে নেকি? এতেকে আপুনি আল্লাহৰ ওপৰত ভৰসা কৰক। কিয়নো যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছে সিহঁতেই এই চক্ৰান্তৰ বলি হ’ব, আপুনি নহয়।
52:43Страница 525
أَمۡ لَهُمۡ إِلَٰهٌ غَيۡرُ ٱللَّهِۚ سُبۡحَٰنَ ٱللَّهِ عَمَّا يُشۡرِكُونَ ٤٣
Или же у них есть другой бог наряду с Аллахом? Аллах пречист и далек от тех, кого они приобщают в сотоварищи!
অথবা আল্লাহৰ বাহিৰে সিহঁতৰ কোনো সত্য উপাস্য আছে নেকি, আল্লাহ পৱিত্ৰ সেই সকলো অংশীদাৰৰ পৰা যিবোৰ সিহঁতে তেওঁৰ সৈতে সম্পৃক্ত কৰে। ওপৰত যিবোৰ কথা আলোচনা কৰা হ’ল, সেইবোৰ কেতিয়াও হোৱা নাই আৰু ভৱিষ্যতেও সেইবোৰ কল্পনা কৰিব নোৱাৰি।
52:44Страница 525
وَإِن يَرَوۡاْ كِسۡفٗا مِّنَ ٱلسَّمَآءِ سَاقِطٗا يَقُولُواْ سَحَابٞ مَّرۡكُومٞ ٤٤
Даже если они увидят куски неба падающими, они скажут: «Это скопились облака!».
সিহঁতে যদি আকাশৰ কোনো এটা টুকুৰা ভাঙিও পৰা দেখে, তথাপিও ইয়াক পুঞ্জীভূত মেঘ বুলি ধাৰণা কৰিব। সিহঁতে উপদেশো গ্ৰহণ নকৰিব আৰু ঈমানো পোষণ নকৰিব।
52:45Страница 525
فَذَرۡهُمۡ حَتَّىٰ يُلَٰقُواْ يَوۡمَهُمُ ٱلَّذِي فِيهِ يُصۡعَقُونَ ٤٥
Оставь же их, пока они не встретят тот день их, когда их постигнет погибель.
হে ৰাছুল! আপুনি সিহঁতক সিহঁতৰ বিদ্বেষ আৰু অস্বীকাৰ অৱস্থাতেই এৰি দিয়ক, যাতে সিহঁত গৈ গৈ সেই দিৱসত উপনীত হয়, যিদিনা সিহঁতক শাস্তি বিহা হ’ব। সেইটো হৈছে কিয়ামতৰ দিৱস।
52:46Страница 525
يَوۡمَ لَا يُغۡنِي عَنۡهُمۡ كَيۡدُهُمۡ شَيۡـٔٗا وَلَا هُمۡ يُنصَرُونَ ٤٦
В тот день их козни не принесут им никакой пользы, и никто не поможет им.
যিদিনা সিহঁতৰ কোনো চক্ৰান্তই কামত নাহিব। শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ সিহঁতক কোনো ধৰণৰ সহায়ও কৰা নহ’ব।
52:47Страница 525
وَإِنَّ لِلَّذِينَ ظَلَمُواْ عَذَابٗا دُونَ ذَٰلِكَ وَلَٰكِنَّ أَكۡثَرَهُمۡ لَا يَعۡلَمُونَ ٤٧
Воистину, беззаконникам уготованы мучения и перед этим, но большинство их не знает этого.
যিসকলে শ্বিৰ্ক আৰু পাপকৰ্মৰ জৰিয়তে নিজৰ ওপৰত অন্যায় কৰিছে, আখিৰাতৰ শাস্তিৰ পূৰ্বেই সিহঁতক শাস্তি বিহা হ’ব। পৃথিৱীত হত্যা আৰু বন্দীত্বৰ শাস্তি আৰু বাৰঝাখত কবৰৰ শাস্তি। কিন্তু সিহঁতৰ মাজৰ অধিকাংশ লোকেই এই বিষয়টো নাজানে। সেইকাৰণেই সিহঁতে কুফৰীৰ ওপৰত অবিচল থাকে।
52:48Страница 525
وَٱصۡبِرۡ لِحُكۡمِ رَبِّكَ فَإِنَّكَ بِأَعۡيُنِنَاۖ وَسَبِّحۡ بِحَمۡدِ رَبِّكَ حِينَ تَقُومُ ٤٨
Потерпи же до решения твоего Господа, ведь ты - у Нас на Глазах. Прославляй хвалой своего Господа, когда поднимаешься ото сна.
হে ৰাছুল! আপুনি আপোনাৰ প্ৰতিপালকৰ সিদ্ধান্ত আৰু তেওঁৰ শ্বাৰঈ বিধান নহালৈকে ধৈৰ্য্য ধাৰণ কৰক। নিশ্চিতভাৱে আপুনি মোৰ দৃষ্টিৰ সন্মুখত আছে তথা সুৰক্ষাবেষ্টনীৰ মাজত আছে। এতেকে আপুনি টোপনিৰ পৰা উঠি আপোনাৰ প্ৰতিপালকৰ পৱিত্ৰতাৰ সৈতে প্ৰশংসা কৰক।
52:49Страница 525
وَمِنَ ٱلَّيۡلِ فَسَبِّحۡهُ وَإِدۡبَٰرَ ٱلنُّجُومِ ٤٩
Среди ночи восхваляй Его и при исчезновении звезд.
ৰাতিৰ এটা অংশতো তেওঁৰ পৱিত্ৰতা বৰ্ণনা কৰক তথা তেওঁৰ বাবে চালাত আদায় কৰক। তথা ফজৰৰ চালাত আদায় কৰক যেতিয়া তৰাবোৰ সূৰ্য্যৰ কিৰণৰ ফলত অদৃশ্য হৈ যায়।
Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии