Аль-МухтасарАль‑Муззаммиль · 73:1–20

Аль-Мухтасар · Тафсир · на ассамском

المزمل

Аль-Муззаммиль

Закутавшийся · Мекканская · 20 аятов

73:1Страница 574

يَٰٓأَيُّهَا ٱلۡمُزَّمِّلُ ١

О закутавшийся!

হে বস্ত্ৰাবৃত ব্যক্তি, অৰ্থাৎ হে নবী ছাল্লাল্লাহু আলাইহি অছাল্লাম।

73:2Страница 574

قُمِ ٱلَّيۡلَ إِلَّا قَلِيلٗا ٢

Простаивай ночь без малого,

ৰাতিত ছালাত আদায় কৰক, তাৰ কিছু অংশৰ বাহিৰে।

73:3Страница 574

نِّصۡفَهُۥٓ أَوِ ٱنقُصۡ مِنۡهُ قَلِيلًا ٣

половину ночи или чуть меньше того,

ইচ্ছা কৰিলে অৰ্দ্ধেক ৰাতিৰ পৰা ছালাত আদায় কৰক। অথবা তাতকৈ কম সময় ছালাত আদায় কৰক, তৃতীয়াংশ লৈকে।

73:4Страница 574

أَوۡ زِدۡ عَلَيۡهِ وَرَتِّلِ ٱلۡقُرۡءَانَ تَرۡتِيلًا ٤

или чуть больше того, и читай Коран размеренным чтением.

অথবা তাতোকৈ বেছি সময় ছালাত আদায় কৰক, ৰাতিৰ দুই তৃতীয়াংশ লৈকে। লগতে কোৱা হৈছে, যেতিয়া কোৰআন পঢ়িব তেতিয়া স্পষ্টভাৱে ধীৰে ধীৰে তিলাৱত কৰিব।

73:5Страница 574

إِنَّا سَنُلۡقِي عَلَيۡكَ قَوۡلٗا ثَقِيلًا ٥

Мы непременно ниспошлем тебе весомые слова.

হে ৰাছুল, আমি আপোনাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিম। এক গধুৰ বাণী। কিয়নো তাৰ ভিতৰত আছে ফৰজ বিধান, দণ্ডৰ সীমা, বিভিন্ন বিধি-বিধান আৰু শিষ্টাচাৰ আদিৰ উল্লেখ।

73:6Страница 574

إِنَّ نَاشِئَةَ ٱلَّيۡلِ هِيَ أَشَدُّ وَطۡـٔٗا وَأَقۡوَمُ قِيلًا ٦

Воистину, молитвы после пробуждения среди ночи тяжелее и яснее по изложению.

নিশ্চয় ৰাতিৰ সময় হৈছে তিলাৱাতৰ বাবে অন্তৰৰ প্ৰতি প্ৰভাৱ পেলোৱাৰ অনুকূল সময়। আৰু সঠিক কথা কোৱাত অৱকাশ প্ৰদান কৰে।

73:7Страница 574

إِنَّ لَكَ فِي ٱلنَّهَارِ سَبۡحٗا طَوِيلٗا ٧

Воистину, днем ты бываешь подолгу занят.

নিশ্চয় দিনৰ ভাগত আপোনাৰ বহুতো কাম কৰিব লগা থাকে। যাৰ কাৰণে আপুনি কোৰআন পঢ়িবলৈ অৱকাশ নাপায়। সেয়েহে ৰাতিত ছালাত আদায় কৰক।

73:8Страница 574

وَٱذۡكُرِ ٱسۡمَ رَبِّكَ وَتَبَتَّلۡ إِلَيۡهِ تَبۡتِيلٗا ٨

Поминай же имя Господа твоего и посвяти себя Ему полностью.

আৰু আল্লাহক বিভিন্ন ধৰণৰ আজকাৰৰ জৰিয়তে স্মৰণ কৰক। আৰু সকলোৰে পৰা সম্পৰ্কহীন হৈ একনিষ্ঠভাৱে আল্লাহৰ হৈ যাওক। অৰ্থাৎ একমাত্ৰ আল্লাহৰেই ইবাদত কৰক।

73:9Страница 574

رَّبُّ ٱلۡمَشۡرِقِ وَٱلۡمَغۡرِبِ لَآ إِلَٰهَ إِلَّا هُوَ فَٱتَّخِذۡهُ وَكِيلٗا ٩

Господь востока и запада - нет божества, кроме Него. Сделай же Его своим Попечителем и Хранителем.

তেৱেঁই সূৰ্যোদয়ৰ স্থান আৰু সূৰ্য অস্ত যোৱা স্থানৰ প্ৰতিপালক। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। সেয়েহে তেওঁকেই কাৰ্য সম্পাদনকাৰীৰূপে গ্ৰহণ কৰি সকলো কামতে তেওঁৰ প্ৰতি ভৰসা কৰক।

73:10Страница 574

وَٱصۡبِرۡ عَلَىٰ مَا يَقُولُونَ وَٱهۡجُرۡهُمۡ هَجۡرٗا جَمِيلٗا ١٠

Терпимо относись к их словам и сторонись их красиво.

অস্বীকাৰকাৰী বিলাকৰ উপহাস তথা গালিৰ প্ৰতি ধৈৰ্য ধাৰণ কৰক। আৰু সিহঁতৰ প্ৰতি প্ৰতিশোধৰ ভাৱনাৰ পৰা মুক্ত হৈ অকলশৰীয়া হৈ থাকক।

73:11Страница 574

وَذَرۡنِي وَٱلۡمُكَذِّبِينَ أُوْلِي ٱلنَّعۡمَةِ وَمَهِّلۡهُمۡ قَلِيلًا ١١

Оставь Меня с теми, кто считает истину ложью, но пользуется мирскими благами, и предоставь им небольшую отсрочку.

আৰু পৃথিৱীৰ বিলাসত লিপ্ত অস্বীকাৰকাৰী বিলাকক কোনো কেৰেপ নকৰিব। মোক তথা সিহঁতক নিজৰ নিজৰ অৱস্থাত এৰি দিয়ক। সিহঁতৰ বিষয়ে অলপ অপেক্ষা কৰক। সিহঁতৰ নিৰ্ধাৰিত সময় অহা লৈকে।

73:12Страница 574

إِنَّ لَدَيۡنَآ أَنكَالٗا وَجَحِيمٗا ١٢

Воистину, есть у Нас оковы и Ад,

নিশ্চয় আমাৰ ওচৰত আছে গধুৰ শিকলিসমূহ আৰু লেলিহান জুই,

73:13Страница 574

وَطَعَامٗا ذَا غُصَّةٖ وَعَذَابًا أَلِيمٗا ١٣

еда, которой давятся, и мучительные страдания.

আৰু আছে অতিৰিক্ত হিচাপে ডিঙিত বিন্ধা কাইটযুক্ত খাদ্য আৰু যন্ত্ৰণাদায়ক শাস্তি আছে।

73:14Страница 574

يَوۡمَ تَرۡجُفُ ٱلۡأَرۡضُ وَٱلۡجِبَالُ وَكَانَتِ ٱلۡجِبَالُ كَثِيبٗا مَّهِيلًا ١٤

В тот день земля и горы сотрясутся, и горы превратятся в холмы сыпучего песка.

এই শাস্তি কাফিৰ বিলাকক সিদিনা দিয়া হব যিদিনাখন পৃথিৱী আৰু পৰ্বতসমূহ কঁপিবলৈ ধৰিব। আৰু পৰিস্থিতি ইমান ভয়াৱহ হব যে, পৰ্বতসমূহ বিক্ষিপ্ত বালীময় হৈ প্ৰবাহিত হব।

73:15Страница 574

إِنَّآ أَرۡسَلۡنَآ إِلَيۡكُمۡ رَسُولٗا شَٰهِدًا عَلَيۡكُمۡ كَمَآ أَرۡسَلۡنَآ إِلَىٰ فِرۡعَوۡنَ رَسُولٗا ١٥

Мы отправили к вам Посланника свидетелем против вас, подобно тому, как отправили посланника к Фараону.

নিশ্চয় আমি তোমালোকৰ প্ৰতি এজন ৰাছুল প্ৰেৰণ কৰিছো, যিয়ে ক্বিয়ামতৰ দিনা তোমালোকৰ কৰ্মসমূহৰ সাক্ষী প্ৰদান কৰিব। যেনেকৈ ফিৰআউনৰ ওচৰলৈ এজন ৰাছুল অৰ্থাৎ মুছা আলাইহিছ ছালামক প্ৰেৰণ কৰিছিলো।

73:16Страница 574

فَعَصَىٰ فِرۡعَوۡنُ ٱلرَّسُولَ فَأَخَذۡنَٰهُ أَخۡذٗا وَبِيلٗا ١٦

Фараон ослушался посланника, и Мы схватили его Хваткой суровой.

এতেকে ফিৰআউনে তাৰ প্ৰতিপালকে প্ৰেৰণ কৰা ৰাছুলক অমান্য কৰিলে। ফলত আমি তাক কঠোৰ শাস্তি প্ৰদান কৰি সাগৰত ডুবাই দিলো।আৰু পৰকালত প্ৰদান কৰিম অগ্নিৰ শাস্তি। গতিকে তোমালোকে নিজৰ ৰাছুলক অমান্য নকৰিবা। অন্যথা তোমালোকেও তেনেকুৱাই শাস্তিৰ সন্মুখীন হব লাগিব।

73:17Страница 574

فَكَيۡفَ تَتَّقُونَ إِن كَفَرۡتُمۡ يَوۡمٗا يَجۡعَلُ ٱلۡوِلۡدَٰنَ شِيبًا ١٧

Как же вы спасетесь, если не уверуете, в тот день, который заставит поседеть младенцев?

এতেকে যদি তোমালোকে আল্লাহৰ সৈতে কুফুৰী কৰা আৰু ৰাছুলক অস্বীকাৰ কৰা তেন্তে সেই কঠোৰ আৰু সুদীৰ্ঘ দিনৰ পৰা কেনেকৈ নিজকে ৰক্ষা কৰিবা। যাৰ ভয়াৱহতা আৰু কঠোৰতাৰ ফলত শিশু সকলৰো চুলি পকি যাব।

73:18Страница 574

ٱلسَّمَآءُ مُنفَطِرُۢ بِهِۦۚ كَانَ وَعۡدُهُۥ مَفۡعُولًا ١٨

Небо тогда будет расколото, и обещание Его непременно исполнится.

সিদিনাৰ ভয়াৱহতাৰ ফলত আকাশ ফাঁটি যাব আৰু আল্লাহৰ প্ৰতিশ্ৰুতি যিকোনো উপায়ে বাস্তবায়িত হ'ব।

73:19Страница 574

إِنَّ هَٰذِهِۦ تَذۡكِرَةٞۖ فَمَن شَآءَ ٱتَّخَذَ إِلَىٰ رَبِّهِۦ سَبِيلًا ١٩

Воистину, это - Назидание, и всякий, кто пожелает, встанет на путь к своему Господу.

নিশ্চয় এই উপদেশ, যাৰ ভিতৰত ক্বিয়ামতৰ দিনৰ ভয়াৱহতাৰ উল্লেখ আছে, এক স্মৃতি, যাৰ পৰা মুমিনসকলে উপকৃত হয়। গতিকে যিয়ে নিজ প্ৰতিপালকলৈ পৌঁছাৰ পথ অৱলম্বন কৰিব বিচাৰে সি অৱলম্বন কৰা উচিত।

73:20Страница 575

۞ إِنَّ رَبَّكَ يَعۡلَمُ أَنَّكَ تَقُومُ أَدۡنَىٰ مِن ثُلُثَيِ ٱلَّيۡلِ وَنِصۡفَهُۥ وَثُلُثَهُۥ وَطَآئِفَةٞ مِّنَ ٱلَّذِينَ مَعَكَۚ وَٱللَّهُ يُقَدِّرُ ٱلَّيۡلَ وَٱلنَّهَارَۚ عَلِمَ أَن لَّن تُحۡصُوهُ فَتَابَ عَلَيۡكُمۡۖ فَٱقۡرَءُواْ مَا تَيَسَّرَ مِنَ ٱلۡقُرۡءَانِۚ عَلِمَ أَن سَيَكُونُ مِنكُم مَّرۡضَىٰ وَءَاخَرُونَ يَضۡرِبُونَ فِي ٱلۡأَرۡضِ يَبۡتَغُونَ مِن فَضۡلِ ٱللَّهِ وَءَاخَرُونَ يُقَٰتِلُونَ فِي سَبِيلِ ٱللَّهِۖ فَٱقۡرَءُواْ مَا تَيَسَّرَ مِنۡهُۚ وَأَقِيمُواْ ٱلصَّلَوٰةَ وَءَاتُواْ ٱلزَّكَوٰةَ وَأَقۡرِضُواْ ٱللَّهَ قَرۡضًا حَسَنٗاۚ وَمَا تُقَدِّمُواْ لِأَنفُسِكُم مِّنۡ خَيۡرٖ تَجِدُوهُ عِندَ ٱللَّهِ هُوَ خَيۡرٗا وَأَعۡظَمَ أَجۡرٗاۚ وَٱسۡتَغۡفِرُواْ ٱللَّهَۖ إِنَّ ٱللَّهَ غَفُورٞ رَّحِيمُۢ ٢٠

Воистину, твой Господь знает, что ты и часть тех, кто с тобой, простаиваете менее двух третей ночи, или половину ее, или треть ее. Аллах определяет меру дня и ночи. Он знает, что вам не сосчитать этого, и принимает ваши покаяния. Читайте же из Корана то, что необременительно для вас. Он знает, что среди вас будут больные, что одни странствуют по земле в поисках милости Аллаха, а другие сражаются на пути Аллаха. Читайте же из него то, что необременительно для вас, совершайте намаз, раздавайте закят и одолжите Аллаху прекрасный заем. Какое бы добро вы ни приготовили для себя заранее, вы найдете его у Аллаха в виде лучшего и большего вознаграждения. Просите же у Аллаха прощения, ведь Аллах - Прощающий, Милосердный.

হে ৰাছুল, নিশ্চয় আপোনাৰ প্ৰতিপালকে জানে যে, আপুনি কেতিয়াবা ৰাতিৰ দুই তৃতীয়াংশতকৈ কিছু কম সময়ত ছালাতত থিয় হৈ থাকে, কেতিয়াবা অৰ্ধ ৰাতিত, আৰু কেতিয়াবা এক তৃতীয়াংশত। আৰু মুমিনসকলৰ এটা দলেও আপোনাৰ সৈতে ছালাতত থিয় হয়। আৰু আল্লাহ তাআলাই দিন ৰাতি নিৰ্ধাৰণ কৰে আৰু তাৰ সময় গণনা কৰি ৰাখে। তেওঁ জানে যে আপুনি ৰাতিৰ সঠিক সময়ৰ হিচাপ ৰাখিব নোৱাৰে। সেয়েহে উদ্দেশ্য পালন কৰিবলৈ বেছি সময় ছালাতত থিয় হৈ পাৰ কৰা কঠিন হয়। গতিকে আপোনাৰ প্ৰতি দয়া কৰিছে। এতিয়া ৰাতিত যিমান সময় লৈকে আপোনাৰ বাবে সহজ হয় ছালাত আদায় কৰি পাৰ কৰক। হে মুমিনসকল, তোমালোকৰ মাজত হয়তো কোনোবা বেমাৰী আছে, যাক বেমাৰে কষ্ট বা অশান্তি দি আছে, তথা আন কিছুমানে জীৱিকাৰ অনুসন্ধানত আছে, আৰু আন কিছুমানে আল্লাহৰ সন্তুষ্টি প্ৰাপ্তিৰ বাবে আৰু তেওঁৰ বাণী উচ্চ কৰাৰ বাবে কাফিৰ সকলৰ সৈতে যুদ্ধ কৰি আছে। এতেকে এই সকলৰ বাবে ৰাতিত ছালাত আদায় কৰা কঠিন হব। সেয়েহে ৰাতিত যিমানখিনি আদায় কৰিবলৈ সহজ হয় আদায় কৰি লোৱা। আৰু ফৰজ ছালাত সমূহ সম্পূৰ্ণভাৱে আদায় কৰা। আৰু নিজৰ ধন-সম্পদৰ যাকাত দিয়া আৰু নিজৰ ধনৰ পৰা কিছু অংশ আল্লাহৰ পথত ব্যয় কৰা। আৰু তুমি নিজৰ বাবে যি কল্যাণেই আগবঢ়াবা সেয়া তাতকৈ অধিক ডাঙৰ প্ৰতিফল হিচাপে পাবা। আৰু আল্লাহৰ পৰা ক্ষমা বিচাৰি থাকা। নিশ্চয় আল্লাহ তাওবাকাৰী বান্দাসকলক ক্ষমাকাৰী, সিহঁতৰ প্ৰতি দয়াৱান।

Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии

Содержание

Аят аль-Курси36Аль-Кахфстр. 42джуз 15Бухари 1Муслим 2999

Вид

Тема
Размер текста
Вид

Read in English