Аль-Мухтасар · Тафсир · на ассамском
الانسان
Аль-Инсан
Человек · Мединская · 31 аят
76:1Страница 578
هَلۡ أَتَىٰ عَلَى ٱلۡإِنسَٰنِ حِينٞ مِّنَ ٱلدَّهۡرِ لَمۡ يَكُن شَيۡـٔٗا مَّذۡكُورًا ١
Неужели не прошло то время, когда человек был безвестен?
মানুহৰ অতীতত এক দীৰ্ঘ সময় অতিক্ৰম হৈছে যেতিয়া সিহঁতৰ কোনো অস্তিত্ব নাছিল। সিহঁতৰ উল্লেখ পৰ্যন্ত নাছিল।
76:2Страница 578
إِنَّا خَلَقۡنَا ٱلۡإِنسَٰنَ مِن نُّطۡفَةٍ أَمۡشَاجٖ نَّبۡتَلِيهِ فَجَعَلۡنَٰهُ سَمِيعَۢا بَصِيرًا ٢
Мы создали человека из смешанной капли, подвергая его испытанию, и сделали его слышащим и зрячим.
আমি মানুহক পুৰুষ আৰু নাৰীৰ মিশ্ৰিত বীৰ্যৰ পৰা সৃষ্টি কৰিছো যাতে সিহঁতৰ প্ৰতি চৰীয়তৰ দায়িত্বসমূহ অৰ্পণ কৰি সিহঁতৰ পৰীক্ষা লব পাৰো। গতিকে আমি সিহঁতক শ্ৰৱণকাৰী, দ্ৰষ্টা বনাইছো যাতে আমাৰ ফালৰ পৰা অৰ্পণ কৰা দায়িত্বসমূহ পালন কৰিব পাৰে।
76:3Страница 578
إِنَّا هَدَيۡنَٰهُ ٱلسَّبِيلَ إِمَّا شَاكِرٗا وَإِمَّا كَفُورًا ٣
Мы повели его путем либо благодарным, либо неблагодарным.
আমি ৰাছুলসকলৰ মুখেৰে সিহঁতৰ বাবে হিদায়তৰ পথবোৰৰ বিষয়ে বৰ্ণনা কৰি দিছো। যাৰ জৰিয়তে ভ্ৰষ্টতাৰ পথ স্পষ্ট হৈ গৈছে। ইয়াৰ পিছত হয় সি সঠিক পথ ধৰিব আৰু মুমিন তথা আল্লাহৰ কৃতজ্ঞ বান্দা হৈ যাব, নহয় সি তাৰ পৰা বিভ্ৰান্ত হৈ কাফিৰ আৰু আল্লাহৰ আয়াতসমূহৰ অস্বীকাৰকাৰী বান্দা হ'ব।
76:4Страница 578
إِنَّآ أَعۡتَدۡنَا لِلۡكَٰفِرِينَ سَلَٰسِلَاْ وَأَغۡلَٰلٗا وَسَعِيرًا ٤
Мы приготовили для неверующих цепи, оковы и пламя.
আল্লাহ আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰকাৰী বিলাকৰ বাবে আমি শিকলী প্ৰস্তুত কৰি ৰাখিছো। যিটোৰে সিহঁতক আৱদ্ধ কৰি জুইত চোঁচৰাই লৈ যোৱা হব আৰু গলবেৰি আছে যিবোৰ সিহঁতক লগোৱা হব আৰু আৰু লেলিহান জুই প্ৰস্তুত কৰি ৰাখিছো।
76:5Страница 578
إِنَّ ٱلۡأَبۡرَارَ يَشۡرَبُونَ مِن كَأۡسٖ كَانَ مِزَاجُهَا كَافُورًا ٥
А благочестивые будут пить из чаши вино, смешанное с камфарой.
আল্লাহৰ আজ্ঞা পালনকাৰী মুমিনসকলক ক্বিয়ামতৰ দিনা পূৰ্ণপাত্ৰৰ পৰা পান কৰোৱা হ'ব আৰু কাফুৰ মিশ্ৰিত হ'ব। কিয়নো তাৰ সুগন্ধী বহুত ভাল।
76:6Страница 579
عَيۡنٗا يَشۡرَبُ بِهَا عِبَادُ ٱللَّهِ يُفَجِّرُونَهَا تَفۡجِيرٗا ٦
Рабы Аллаха будут пить из источника, давая ему течь полноводными ручьями.
অনুসৰণকাৰী সকলৰ বাবে প্ৰস্তুত কৰা এই পানীয় এনেকুৱা নিজৰাৰ পৰা প্ৰাপ্ত হব যাৰ পৰা পান কৰা সহজ হব। আৰু তাৰ ভিতৰত পানীয় উপস্থিত থাকিব আৰু তাৰ পানীয় কেতিয়াওঁ হ্ৰাস নহব। তাৰ পৰা আল্লাহৰ বান্দাসকলে পান কৰিব আৰু যতেই ইচ্ছা ততেই প্ৰবাহিত কৰিব পাৰিব।
76:7Страница 579
يُوفُونَ بِٱلنَّذۡرِ وَيَخَافُونَ يَوۡمٗا كَانَ شَرُّهُۥ مُسۡتَطِيرٗا ٧
Они исполняют обеты и боятся дня, зло которого разлетается.
যিসকল বান্দাই সেয়া পান কৰিব, তেওঁলোকৰ বৈশিষ্ট্য হব এই যে, তেওঁলোকে সত্কৰ্মক নিজৰ প্ৰতি অনিবাৰ্য কৰিব সেয়া পূৰণও কৰিব। আৰু সেই দিনক ভয় কৰিব, যাৰ আপদাচাৰী আৰু বেছি প্ৰসাৰিত হব। অৰ্থাৎ ক্বিয়ামতৰ দিন।
76:8Страница 579
وَيُطۡعِمُونَ ٱلطَّعَامَ عَلَىٰ حُبِّهِۦ مِسۡكِينٗا وَيَتِيمٗا وَأَسِيرًا ٨
Они дают пищу беднякам, сиротам и пленникам, несмотря на то, что она желанна и для них самих.
অভাৱগ্ৰস্ত যেনে ভিক্ষাৰী, অনাথ আৰু বন্দী সকলক আহাৰ খোৱায়।সেই খাদ্যৰ প্ৰতি তেওঁলোকৰ প্ৰয়োজন আৰু আসক্তি থকা সত্ত্বেও তেওঁলোকে বেলেগক দান কৰে।
76:9Страница 579
إِنَّمَا نُطۡعِمُكُمۡ لِوَجۡهِ ٱللَّهِ لَا نُرِيدُ مِنكُمۡ جَزَآءٗ وَلَا شُكُورًا ٩
Они говорят: «Мы кормим вас лишь ради Лика Аллаха и не хотим от вас ни награды, ни благодарности!
আৰু অন্তৰত এই বিশ্বাস পোষণ কৰে যে, তেওঁলোকে সিহঁতক আল্লাহৰ সন্তুষ্টিৰ কাৰণে খোৱাই আছে। এতেকে তেওঁলোকে সিহঁতৰ পৰা কোনো পৰিণাম বা প্ৰশংসাৰ আশা নকৰে।
76:10Страница 579
إِنَّا نَخَافُ مِن رَّبِّنَا يَوۡمًا عَبُوسٗا قَمۡطَرِيرٗا ١٠
Мы боимся от своего Господа того Мрачного и Томительного дня».
আমি নিজৰ প্ৰতিপালকৰ সেই দিনটোক ভয় কৰো যিটো ইমান ভীষণ হ'ব যে, হতভাগা লোকৰ মুখমণ্ডল বীভৎস হৈ পৰিব।
76:11Страница 579
فَوَقَىٰهُمُ ٱللَّهُ شَرَّ ذَٰلِكَ ٱلۡيَوۡمِ وَلَقَّىٰهُمۡ نَضۡرَةٗ وَسُرُورٗا ١١
Аллах защитит их от зла того дня и одарит их процветанием и радостью.
গতিকে আল্লাহে তেওঁলোকক নিজৰ অনুগ্ৰহেৰে সেই ভীষণ দিনৰ আপদৰ পৰা বচাই লব। লগতে তেওঁলোকৰ চেহেৰাত সতেজ আৰু জ্যোতি প্ৰদান কৰিব, তেওঁলোকৰ সন্মানাৰ্থে আৰু তেওঁলোকৰ অন্তৰক প্ৰশান্তি দিয়াৰ বাবে (এই অনুগ্ৰহ দান কৰিব)।
76:12Страница 579
وَجَزَىٰهُم بِمَا صَبَرُواْ جَنَّةٗ وَحَرِيرٗا ١٢
А за то, что они проявили терпение, Он воздаст им Райскими садами и шелками.
আৰু আল্লাহ তাআলাই তেওঁলোকক সত্কৰ্মৰ প্ৰতি অটুট থকাৰ কাৰণে, লগতে আল্লাহৰ ফয়চালাৰ প্ৰতি ধৈৰ্য ধাৰণ কৰাৰ কাৰণে আৰু পাপসমূহৰ পৰা দূৰৈত থকাৰ কাৰণে প্ৰতিদানস্বৰূপে এনেকুৱা জান্নাত প্ৰদান কৰিব। যাৰ নিয়ামতবোৰৰ পৰা তেওঁলোকে আনন্দ উপভোগ কৰিব আৰু আৰু ৰেচম প্ৰদান কৰিব যিটো তেওঁলোকে পৰিধান কৰিব।
76:13Страница 579
مُّتَّكِـِٔينَ فِيهَا عَلَى ٱلۡأَرَآئِكِۖ لَا يَرَوۡنَ فِيهَا شَمۡسٗا وَلَا زَمۡهَرِيرٗا ١٣
Они будут лежать на ложах, прислонившись, и не увидят там ни солнца, ни стужи.
তেওঁলোকে তাত সুসজ্জিত আসনসমূহত আউজি বহি থাকিব। তেওঁলোকে তাত কোনো ৰ'দ দেখা নাপাব যিয়ে তেওঁলোকক কষ্ট দিব আৰু অত্যাধিক শীতো দেখা নাপাব। বৰং তেওঁলোক চিৰস্থায়ী ছাঁৰ তলত থাকিব, যাৰ ভিতৰত গৰমো নাথাকিব ঠাণ্ডাও নাথাকিব।
76:14Страница 579
وَدَانِيَةً عَلَيۡهِمۡ ظِلَٰلُهَا وَذُلِّلَتۡ قُطُوفُهَا تَذۡلِيلٗا ١٤
Тени будут близки к ним, и плоды будут подчинены им полностью.
ইয়াৰ ছাঁবোৰ তেওঁলোকৰ প্ৰতি সন্নিহিত থাকিব আৰু তাৰ ফল ভক্ষনকাৰীৰ অধিনত হব যিটো অতি সহজে প্ৰাপ্ত হব। মানুহে সেয়া শুই থাকি বহি থাকি থিয় হৈ আহৰণ কৰিব পাৰিব।
76:15Страница 579
وَيُطَافُ عَلَيۡهِم بِـَٔانِيَةٖ مِّن فِضَّةٖ وَأَكۡوَابٖ كَانَتۡ قَوَارِيرَا۠ ١٥
Обходить их будут с сосудами из серебра и кубками из хрусталя -
আৰু যেতিয়া তেওঁলোকে পান কৰিবলৈ ইচ্ছা কৰিব তেতিয়া তেওঁলোকৰ সেৱকে ৰূপৰ বাচন আৰু পানপাত্ৰ লৈ তেওঁলোকৰ ওচৰত ঘূৰি ঘূৰি পৰিবেশন কৰি থাকিব যাৰ ৰং হ'ব পৰিষ্কাৰ।
76:16Страница 579
قَوَارِيرَاْ مِن فِضَّةٖ قَدَّرُوهَا تَقۡدِيرٗا ١٦
хрусталя серебряного, соразмерных размеров.
যিটো কাঁচৰ দৰে জিলিকি থাকিব। যিহেতু সেয়া ৰূপৰ হ'ব। আৰু সেয়া তেওঁলোকৰ ইচ্ছা অনুসাৰে ভৰি থাকিব। কমো নহয় বেছিও নহয়।
76:17Страница 579
وَيُسۡقَوۡنَ فِيهَا كَأۡسٗا كَانَ مِزَاجُهَا زَنجَبِيلًا ١٧
Поить их там будут из чаш вином, смешанным с имбирем,
আৰু এই সন্মানিত ব্যক্তিসকলক শুকান আদা মিশ্ৰিত পানীয় পান কৰোৱা হ'ব।
তেওঁলোকক জান্নাতৰ ছালছাবীল নামৰ নিজৰাৰ পৰা পান কৰোৱা হ'ব।
76:19Страница 579
۞ وَيَطُوفُ عَلَيۡهِمۡ وِلۡدَٰنٞ مُّخَلَّدُونَ إِذَا رَأَيۡتَهُمۡ حَسِبۡتَهُمۡ لُؤۡلُؤٗا مَّنثُورٗا ١٩
Их будут обходить вечно юные отроки. Взглянув на них, ты примешь их за рассыпанный жемчуг.
আৰু জান্নাতত তেওঁলোকৰ চাৰিওফালে চিৰ কিশোৰসকল প্ৰদক্ষিণ কৰিব। সিহঁতৰ চেহেৰা সজীৱ থাকিব, সিহঁতৰ ৰং অতি সুন্দৰ হব আৰু সিহঁত সংখ্যাত বহুত হব, চাৰিওফালে বিক্ষিপ্ত হৈ থাকিব। যেতিয়া তুমি সিহঁতক দেখিবা তোমাৰ এনে লাগিব যেন সিহঁত বিক্ষিপ্ত মুকুতা।
76:20Страница 579
وَإِذَا رَأَيۡتَ ثَمَّ رَأَيۡتَ نَعِيمٗا وَمُلۡكٗا كَبِيرًا ٢٠
Взглянув же, ты увидишь там благодать и великую власть.
আৰু যেতিয়া তুমি জান্নাতত ইফালে- সিফালে চাবা তেতিয়া এনেকুৱা নিয়ামত দেখিবলৈ পাবা যিটো বৰ্ণনাতীত। আৰু ইমান বিশাল ৰাজত্ব দেখিবলৈ পাবা যাৰ উদাহৰণ পোৱা টান।
76:21Страница 579
عَٰلِيَهُمۡ ثِيَابُ سُندُسٍ خُضۡرٞ وَإِسۡتَبۡرَقٞۖ وَحُلُّوٓاْ أَسَاوِرَ مِن فِضَّةٖ وَسَقَىٰهُمۡ رَبُّهُمۡ شَرَابٗا طَهُورًا ٢١
На них будут зеленые одеяния из атласа и парчи. Они будут украшены серебряными браслетами, а Господь их напоит их чистым напитком.
তেওঁলোকৰ শৰীৰত সেউজীয়া ৰঙৰ ৰেচমী বস্ত্ৰ থাকিব। যিটো সূক্ষ্ম আৰু মোটা ৰেচমেৰে বনোৱা হব। আৰু তাত তেওঁলোকক ৰূপৰ গামখাৰু পিন্ধোৱা হব। আৰু সকলো অপ্ৰিয় বস্তুৰ পৰা পবিত্ৰ পানীয় পান কৰোৱা হ'ব।
76:22Страница 579
إِنَّ هَٰذَا كَانَ لَكُمۡ جَزَآءٗ وَكَانَ سَعۡيُكُم مَّشۡكُورًا ٢٢
Таково ваше воздаяние, и ваше усердие отблагодарено.
আৰু তেওঁলোকক সন্মান স্বৰূপে কোৱা হবঃ নিশ্চয় এই নিয়ামতসমূহ যিবোৰ তোমালোকক দিয়া হৈছে তোমালোকৰ সত্কৰ্মৰ প্ৰতিফল স্বৰূপে দিয়া হৈছে। আৰু তোমালোকৰ কৰ্ম আল্লাহৰ ওচৰত গৃহীত হৈছে।
76:23Страница 579
إِنَّا نَحۡنُ نَزَّلۡنَا عَلَيۡكَ ٱلۡقُرۡءَانَ تَنزِيلٗا ٢٣
Воистину, Мы ниспослали тебе Коран частями.
হে ৰাছুল, নিশ্চয় আমি এই কোৰআন আপোনাৰ প্ৰতি অলপ অলপকৈ পৰ্যায়ক্ৰমে অৱতীৰ্ণ কৰিছো। আৰু সেয়া আপোনাৰ প্ৰতি এবাৰতে অৱতীৰ্ণ কৰা নাই।
76:24Страница 579
فَٱصۡبِرۡ لِحُكۡمِ رَبِّكَ وَلَا تُطِعۡ مِنۡهُمۡ ءَاثِمًا أَوۡ كَفُورٗا ٢٤
Потерпи же до решения твоего Господа и не повинуйся грешникам и неверующим среди них.
আপুনি আল্লাহৰ নিৰ্ণয়ৰ প্ৰতি ধৈৰ্য ধাৰণ কৰক আৰু তেওঁৰ আদেশসমূহ পালন কৰক। আৰু কোনো পাপীৰ অনুসৰণ কৰি তাৰ পাপ কৰ্মত লিপ্ত নহ'ব আৰু কোনো কাফিৰৰ কথা শুনি তাৰ কুফুৰীৰ পথত নচলিব।
76:25Страница 579
وَٱذۡكُرِ ٱسۡمَ رَبِّكَ بُكۡرَةٗ وَأَصِيلٗا ٢٥
Поминай имя твоего Господа утром и перед закатом,
আৰু আপোনাৰ প্ৰতিপালকক দিনৰ প্ৰথম ভাগত ফজৰৰ ছালাতৰ জৰিয়তে আৰু অন্তিম ভাগত জোহৰ আৰু আছৰৰ ছালাতৰ জৰিয়তে স্মৰণ কৰক।
76:26Страница 580
وَمِنَ ٱلَّيۡلِ فَٱسۡجُدۡ لَهُۥ وَسَبِّحۡهُ لَيۡلٗا طَوِيلًا ٢٦
а также ночью. Падай ниц пред Ним и славь Его долгой ночью.
আৰু তেওঁক মাগৰিব তথা ইশ্বাৰ ছালাতৰ জৰিয়তে স্মৰণ কৰক আৰু ইয়াৰ পিছত তেওঁৰ বাবে তাহাজ্জুদ পঢ়ক।
76:27Страница 580
إِنَّ هَٰٓؤُلَآءِ يُحِبُّونَ ٱلۡعَاجِلَةَ وَيَذَرُونَ وَرَآءَهُمۡ يَوۡمٗا ثَقِيلٗا ٢٧
Воистину, эти любят жизнь ближнюю и оставляют позади себя Тяжкий день.
এই মুশ্বৰিক বিলাকে পাৰ্থিৱ জীৱনক ভাল পায় আৰু ক্বিয়ামতৰ দিনক উপেক্ষা কৰে। যিহেতু সেয়া এক কঠোৰ দিন। কিয়নো তাত আছে বহুত কঠিনতা আৰু পৰীক্ষা।
76:28Страница 580
نَّحۡنُ خَلَقۡنَٰهُمۡ وَشَدَدۡنَآ أَسۡرَهُمۡۖ وَإِذَا شِئۡنَا بَدَّلۡنَآ أَمۡثَٰلَهُمۡ تَبۡدِيلًا ٢٨
Мы создали их и укрепили их суставы. Но если Мы пожелаем, то заменим их подобными им.
আমিয়েই সিহঁতক সৃষ্টি কৰিছো আৰু সিহঁতৰ গাঠিসমূহ তথা অংগসমূহ সুদৃঢ় কৰিছো। আৰু যেতিয়া আমি সিহঁতক ধ্বংস কৰিবলৈ আৰু সিহঁতক পৰিৱৰ্তন কৰিবলৈ ইচ্ছা কৰিম তেতিয়া সিহঁতক ধ্বংস কৰি দিম আৰু পৰিৱৰ্তন কৰি দিম।
76:29Страница 580
إِنَّ هَٰذِهِۦ تَذۡكِرَةٞۖ فَمَن شَآءَ ٱتَّخَذَ إِلَىٰ رَبِّهِۦ سَبِيلٗا ٢٩
Воистину, это есть Назидание, и тот, кто желает, становится на путь к своему Господу.
নিশ্চয় এই ছুৰা এক শিক্ষা আৰু উপদেশ। এতেকে যিয়ে আল্লাহৰ সন্তুষ্টিৰ পথ ধৰিব বিচাৰে সি ধৰি লোৱা উচিত।
76:30Страница 580
وَمَا تَشَآءُونَ إِلَّآ أَن يَشَآءَ ٱللَّهُۚ إِنَّ ٱللَّهَ كَانَ عَلِيمًا حَكِيمٗا ٣٠
Но вы не пожелаете этого, если не пожелает Аллах. Воистину, Аллах - Знающий, Мудрый.
আৰু তোমোলোকে আল্লাহৰ সন্তুষ্টিৰ পথ ধৰিব নোৱাৰা, যেতিয়ালৈকে আল্লাহে নিবিচাৰে। সকলো বিষয় আল্লাহৰ হাতত। আল্লাহে জানে যে, কোনটো বস্তু তেওঁৰ বান্দাৰ কাৰণে কল্যাণকৰ আৰু কোনটো অকল্যাণকৰ। তেওঁ ৰচনাৰ ক্ষেত্ৰত, বিচাৰ-ফয়চালাত আৰু চৰীয়ত প্ৰণয়নত প্ৰজ্ঞাময়।
76:31Страница 580
يُدۡخِلُ مَن يَشَآءُ فِي رَحۡمَتِهِۦۚ وَٱلظَّٰلِمِينَ أَعَدَّ لَهُمۡ عَذَابًا أَلِيمَۢا ٣١
Он вводит в Свою милость, кого пожелает, а для беззаконников Он приготовил мучительные страдания.
তেওঁ যি বান্দাক ইচ্ছা কৰে নিজৰ ৰহমতত প্ৰৱেশ কৰায় তথা তাক ঈমান আৰু সত্কৰ্মৰ সামৰ্থ দিয়ে। আৰু যালিমসকলৰ বাবে আখিৰাতত কষ্টদায়ক শাস্তি অৰ্থাৎ জাহান্নাম প্ৰস্তুত কৰি ৰাখিছে। যিসকলে কুফুৰী আৰু পাপ কৰ্মৰ জৰিয়তে নিজৰ প্ৰতি অত্যাচাৰ কৰে।
Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии