Аль-Мухтасар · Тафсир · на ассамском
البروج
Аль-Бурудж
Созвездия Зодиака · Мекканская · 22 аята
আল্লাহ তাআলাই আকাশৰ শপত কৰিছে, যাৰ ভিতৰত সূৰ্য, চন্দ্ৰ আদিৰ স্তৰসমূহ আছে।
আৰু ক্বিয়ামতৰ দিনৰ শপত কৰিছে, যিদিনাখন সকলো সৃষ্টিবোৰক একত্ৰিত কৰাৰ প্ৰতিশ্ৰুতি দিছে।
আৰু প্ৰত্যেক সাক্ষীদাতাৰ শপত কৰিছে, যেনে- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিজৰ উম্মতৰ হৈ সাক্ষী দিব। আৰু প্ৰত্যেক সেই ব্যক্তিৰ শপত কৰিছে, যাৰ হৈ সাক্ষ্য প্ৰদান কৰা হ'ব, যেনে- প্ৰত্যেক নবীয়ে নিজ নিজ উম্মতৰ হৈ সাক্ষ্য প্ৰদান কৰিব।
সেই সকল ধিক্কাৰৰ যোগ্য যি সকলে মাটিৰ ভিতৰত ডাঙৰ গৰ্ত খান্দিছিল।
আৰু তাৰ ভিতৰত জুই জ্বলাইছিল আৰু মুমিনসকলক জীৱন্তে তাৰ ভিতৰত ঠেলি দিছিল।
যেতিয়া সিহঁত সেই অগ্নিগৰ্ভা গৰ্তৰ ওচৰত বহি আছিল।
85:7Страница 590
وَهُمۡ عَلَىٰ مَا يَفۡعَلُونَ بِٱلۡمُؤۡمِنِينَ شُهُودٞ ٧
будучи свидетелями того, что творят с верующими.
আৰু সিহঁতে মুমিনসকলক যি শাস্তি দিছিল, নিজেই উপস্থিত হৈ সেইবোৰ চাই আছিল।
85:8Страница 590
وَمَا نَقَمُواْ مِنۡهُمۡ إِلَّآ أَن يُؤۡمِنُواْ بِٱللَّهِ ٱلۡعَزِيزِ ٱلۡحَمِيدِ ٨
Они вымещали им только за то, что те уверовали в Аллаха Могущественного, Достохвального,
আৰু সেই কাফিৰসকলে মুমিনসকলৰ এইটোৱে দোষ দিছিল যে, তেওঁলোকে আল্লাহৰ প্ৰতি ঈমান আনিছিল, যিয়ে প্ৰভুত্বশালী, যাক কোনেও পৰাজিত কৰিব নোৱাৰে। আৰু প্ৰত্যেক ক্ষেত্ৰতে তেওঁ প্ৰশংসনীয়।
85:9Страница 590
ٱلَّذِي لَهُۥ مُلۡكُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۚ وَٱللَّهُ عَلَىٰ كُلِّ شَيۡءٖ شَهِيدٌ ٩
Которому принадлежит власть над небесами и землей. Аллах же - Свидетель всякой вещи!
আকাশ আৰু পৃথিৱীত কৰ্তৃত্ব কেৱল তেওঁৰেই হাতত, আৰু তেওঁ প্ৰত্যেক বস্তুৰ বিষয়ে অৱগত। বান্দাৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়।
85:10Страница 590
إِنَّ ٱلَّذِينَ فَتَنُواْ ٱلۡمُؤۡمِنِينَ وَٱلۡمُؤۡمِنَٰتِ ثُمَّ لَمۡ يَتُوبُواْ فَلَهُمۡ عَذَابُ جَهَنَّمَ وَلَهُمۡ عَذَابُ ٱلۡحَرِيقِ ١٠
Тем, которые подвергли искушению (или сожгли в огне) верующих мужчин и женщин и не раскаялись, уготованы мучения в Геенне, мучения от обжигающего Огня.
নিশ্চয় যিহঁতে মুমিন পুৰুষ আৰু মুমিনা নাৰীক এক আল্লাহৰ প্ৰতি ঈমানৰ পৰা ওভোতাই আনিবলৈ যি শাস্তি বিহিছিল, আৰু ইয়াৰ পিছত যিসকলে সেই অপৰাধৰ পৰা তাওবা কৰা নাই, সিহঁতৰ বাবে জাহান্নামৰ শাস্তি আছে। আৰু সিহঁতৰ বাবে অগ্নিৰ শাস্তি আছে যি অগ্নিয়ে সিহঁতক পুৰিব। এই শাস্তি হৈছে মুমিনসকলক জুইত জ্বলোৱাৰ পৰিণাম।
85:11Страница 590
إِنَّ ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ لَهُمۡ جَنَّٰتٞ تَجۡرِي مِن تَحۡتِهَا ٱلۡأَنۡهَٰرُۚ ذَٰلِكَ ٱلۡفَوۡزُ ٱلۡكَبِيرُ ١١
Тем же, которые уверовали и совершали праведные деяния, уготованы Райские сады, в которых текут реки. Это - великое преуспеяние!
অৱশ্যে যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সৎ কৰ্ম কৰিছে তেওঁলোকৰ বাবে এনেকুৱা জান্নাত আছে যাৰ অট্টালিকা আৰু গছৰ তলেদি নদী বৈ থাকিব। এইটোৱে প্ৰস্তুতকৃত তেওঁলোকৰ সেই প্ৰতিদান, যিটো তেওঁলোকৰ বাবে এক মহাসফলতা, যাৰ সমান আন কোনো সফলতা হব নোৱাৰে।
হে ৰাছুল! নিশ্চয় অত্যাচাৰী সকলৰ বাবে তোমাৰ প্ৰতিপালকৰ গ্ৰেফতাৰী বৰ কঠোৰ। সেয়েহে তাক অলপ সুযোগ দিয়ক।
85:13Страница 590
إِنَّهُۥ هُوَ يُبۡدِئُ وَيُعِيدُ ١٣
Воистину, Он начинает и повторяет (создает творение в первый раз и воссоздает его или начинает наказывать в этом мире и возобновляет наказание в Последней жизни).
তেৱেঁই মাখলুক আৰু শাস্তি সৃষ্টি কৰিছে। আৰু তেৱেঁই এই দুটাৰ পুনৰাবৃত্তি ঘটাব।
আৰু তেৱেঁই তাওবাকাৰী বান্দাৰ তাওবা কবুল কৰি তাক ক্ষমা কৰে, আৰু নিশ্চয় তেওঁ তাৰ সদাচাৰী বান্দাক ভাল পায়।
তেওঁ আৰছৰ গৰাকী।
তেওঁ যি বিচাৰে সেইটোৱে কৰে। যাক বিচাৰে ক্ষমা কৰি দিয়ে আৰু যাক বিচাৰে শাস্তি দিয়ে। তাৰ ওপৰত কাৰো জোৰ নচলে।
হে ৰাছুল! যি সৈন্যবাহিনীয়ে সত্যৰ লগত যুঁজিবলৈ তথা সত্যক বাধা প্ৰদান কৰিবলৈ আহিছিল, সিহঁতৰ বিষয়ে আপোনাৰ ওচৰত খবৰ আহিছে নেকি?
ফিৰআউন তথা ছলেহ আলাইহিছ ছালামৰ সম্প্ৰদায়ৰ বিষয়ে।
সিহঁতৰ ঈমান পোষণ নকৰাৰ কাৰণ এয়া নহয় যে, সিহঁতৰ ওচৰলৈ অস্বীকাৰকাৰী জাতি আৰু সিহঁতৰ বিনাশৰ খবৰ আহি পোৱা নাই। বৰং দৰাচলতে কথা হৈছে সিহঁতে কেৱল প্ৰবৃত্তিৰ অনুসৰণ কৰি ৰাছুলে লৈ অহা চৰীয়তক অস্বীকাৰ কৰে।
আল্লাহ তাআলা সিহঁতৰ কৰ্ম সম্পৰ্কে অৱগত আৰু সেইবোৰ হিচাপ কৰি ৰাখিছে। সিহঁতৰ কোনো কৰ্মই আল্লাহৰ দৃষ্টিৰ পৰা গোপন নহয়। আৰু তেওঁ সিহঁতক ইয়াৰ প্ৰতিদান দিব।
আৰু কোৰআন কবিতা বা ছন্দযুক্ত বাণী নহয়। যিদৰে অস্বীকাৰকাৰী সকলৰ দাবী, বৰং এয়া সন্মানিত কোৰআন।
এনেকুৱা সুৰক্ষিত ফলকত লিপিবদ্ধ যিটো পৰিৱৰ্তন, দূৰাচাৰ তথা পৰিবৰ্ধনৰ পৰা সুৰক্ষিত।
Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии