Аль-Мухтасар · Тафсир · на ассамском
Ат-Тавба 9:99–127
9:99Страница 202
وَمِنَ ٱلۡأَعۡرَابِ مَن يُؤۡمِنُ بِٱللَّهِ وَٱلۡيَوۡمِ ٱلۡأٓخِرِ وَيَتَّخِذُ مَا يُنفِقُ قُرُبَٰتٍ عِندَ ٱللَّهِ وَصَلَوَٰتِ ٱلرَّسُولِۚ أَلَآ إِنَّهَا قُرۡبَةٞ لَّهُمۡۚ سَيُدۡخِلُهُمُ ٱللَّهُ فِي رَحۡمَتِهِۦٓۚ إِنَّ ٱللَّهَ غَفُورٞ رَّحِيمٞ ٩٩
Среди бедуинов есть и такие, которые веруют в Аллаха и Последний день и считают, что их пожертвования приблизят их к Аллаху и помогут заслужить молитвы Посланника. Воистину, они (пожертвования) действительно являются средством приближения. Аллах введет их в Свою милость, ведь Аллах - Прощающий, Милосердный.
গাঁৱলীয়াসকলৰ মাজত কিছুমান এনেকুৱাও আছে যিসকলে আল্লাহৰ প্ৰতি আৰু ক্বিয়ামত দিৱসৰ প্ৰতি ঈমান পোষণ কৰে। আৰু আল্লাহৰ পথত যি ব্যয় কৰে তাক তেওঁলোকে আল্লাহৰ নৈকট্য লাভৰ মাধ্যম বুলি গণ্য কৰে তথা ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ দুআ আৰু ইস্তিগফাৰ লাভৰ সাধন বুলি ভাৱে। জানি থোৱা! আল্লাহৰ পথত ব্যয় কৰা আৰু ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ বাবে দুআ কৰাটো হৈছে তেওঁৰ বাবে আল্লাহৰ ওচৰত নৈকট্য লাভৰ অন্যতম কাৰণ। অচিৰেই তেওঁ আল্লাহৰ ওচৰত ইয়াৰ প্ৰতিদান পাব, আল্লাহে তাক তেওঁৰ অসীম ৰহমতত প্ৰৱেশ কৰাব, যাৰ মাজত থাকিব আল্লাহৰ ক্ষমা আৰু তেওঁৰ জান্নাত। নিশ্চয় আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰে আৰু তেওঁলোকৰ প্ৰতি কৃপা কৰে।
9:100Страница 203
وَٱلسَّٰبِقُونَ ٱلۡأَوَّلُونَ مِنَ ٱلۡمُهَٰجِرِينَ وَٱلۡأَنصَارِ وَٱلَّذِينَ ٱتَّبَعُوهُم بِإِحۡسَٰنٖ رَّضِيَ ٱللَّهُ عَنۡهُمۡ وَرَضُواْ عَنۡهُ وَأَعَدَّ لَهُمۡ جَنَّٰتٖ تَجۡرِي تَحۡتَهَا ٱلۡأَنۡهَٰرُ خَٰلِدِينَ فِيهَآ أَبَدٗاۚ ذَٰلِكَ ٱلۡفَوۡزُ ٱلۡعَظِيمُ ١٠٠
Аллах доволен первыми из мухаджиров и ансаров, которые опередили остальных, и теми, которые последовали строго за ними. Они также довольны Аллахом. Он приготовил для них Райские сады, в которых текут реки. Они пребудут там вечно. Это - великое преуспеяние.
যিসকলে পোন প্ৰথমে ঈমানৰ প্ৰতি আগুৱাই আহিছিল, সেইসকল মুহাজিৰীন যিসকলে নিজৰ ঘৰ-দুৱাৰ আৰু স্বদেশ ত্যাগ কৰি আল্লাহৰ পিনে হিজৰত কৰিছিল, আৰু আনচাৰসকলৰ মাজৰ যিসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সমৰ্থন কৰিছিল আৰু সহায় কৰিছিল, লগতে যিসকলে পোন প্ৰথমে ঈমান পোষণ কৰা মুহাজিৰীন আৰু আনচাৰসকলক ইহছানৰ সৈতে তেওঁলোকৰ কথা, কৰ্ম আৰু বিশ্বাসৰ অনুসৰণ কৰিছিল, আল্লাহ তেওঁলোকৰ প্ৰতি সন্তুষ্ট হৈছে। আৰু তেওঁলোকৰ আনুগত্য স্বীকাৰ কৰিছে। আৰু তেওঁলোকেও আল্লাহৰ প্ৰতি সন্তুষ্ট, কাৰণ আল্লাহে তেওঁলোকক মহাপ্ৰতিদান দান কৰিছে। আৰু তেওঁলোকৰ বাবে এনেকুৱা জান্নাত নিৰ্মাণ কৰি থৈছে, যাৰ অট্টালিকাসমূহৰ তলদেশত নদীসমূহ প্ৰবাহিত। তাত তেওঁলোক চিৰস্থায়ী হ'ব। এইটোৱে হৈছে মহা সফলতা।
9:101Страница 203
وَمِمَّنۡ حَوۡلَكُم مِّنَ ٱلۡأَعۡرَابِ مُنَٰفِقُونَۖ وَمِنۡ أَهۡلِ ٱلۡمَدِينَةِ مَرَدُواْ عَلَى ٱلنِّفَاقِ لَا تَعۡلَمُهُمۡۖ نَحۡنُ نَعۡلَمُهُمۡۚ سَنُعَذِّبُهُم مَّرَّتَيۡنِ ثُمَّ يُرَدُّونَ إِلَىٰ عَذَابٍ عَظِيمٖ ١٠١
Среди бедуинов, которые живут вокруг вас, а также среди жителей Медины есть лицемеры. Они упорствуют в лицемерии, но ты не знаешь их. Мы же знаем их и подвергнем их мучениям дважды. А затем они будут возвращены в великие мучения.
গাঁৱলীয়াসকলৰ মাজৰ যিসকলে মদীনাৰ পাৰ্শ্বৱৰ্তী এলেকাত বসবাস কৰে সিহঁতৰ মাজতো কিছুমান মুনাফিক আছে। আনহাতে মদীনাত অৱস্থান কৰা লোকসকলৰ মাজতো আছে কিছুমান মুনাফিক, সিহঁতো নিফাকৰ ওপৰত অটল আছে। হে ৰাছুল! আপুনি সিহঁতক চিনি নাপায়, কিন্তু আল্লাহে ভালদৰেই সিহঁতক চিনি পায়। আল্লাহে সিহঁতক দুবাৰকৈ শাস্তি বিহিব। প্ৰথমে সিহঁতক পৃথিৱীত সিহঁতৰ নিফাক প্ৰকাশ কৰি হত্যা আৰু বন্দী বনাই শাস্তি বিহিব, আৰু দ্বিতীয়বাৰ সিহঁতক কবৰৰ শাস্তি বিহিব। তাৰ পিছত সিহঁতক ক্বিয়ামতৰ দিনা জাহান্নামৰ একেবাৰে নিম্নস্তৰত মহা শাস্তিৰ পিনে প্ৰত্যাৱৰ্তন কৰোৱা হ'ব।
9:102Страница 203
وَءَاخَرُونَ ٱعۡتَرَفُواْ بِذُنُوبِهِمۡ خَلَطُواْ عَمَلٗا صَٰلِحٗا وَءَاخَرَ سَيِّئًا عَسَى ٱللَّهُ أَن يَتُوبَ عَلَيۡهِمۡۚ إِنَّ ٱللَّهَ غَفُورٞ رَّحِيمٌ ١٠٢
Есть и другие люди, которые признались в своих грехах. Они смешали праведные поступки со злыми. Возможно, Аллах примет их покаяния. Воистину, Аллах - Прощающий, Милосердный.
তথা মদীনাবাসীসকলৰ মাজত কিছুমান এনেকুৱা লোকো আছিল, যিসকলে কোনো ধৰণৰ অজুহাত নেদেখুৱাকৈ যুদ্ধত অংশগ্ৰহণৰ পৰা বিৰত আছিল। তেওঁলোকে নিজেই স্বীকাৰ কৰিছে যে, তেওঁলোকৰ কোনো অজুহাত নাছিল, তেওঁলোকে কোনো মিছা ওজৰো দাঙি ধৰা নাছিল। দৰাচলতে তেওঁলোকে পূৰ্বৱৰ্তী নেক আমলৰ সৈতে যেনে আল্লাহৰ আনুগত্য, তেওঁৰ বিধি-বিধানসমূহক মজবুতভাৱে ধাৰণ কৰা আৰু তেওঁৰ পথত জিহাদ কৰা আদি আমলৰ সৈতে এটা বেয়া কৰ্মৰ সংমিশ্ৰণ ঘটাইছে। তেওঁলোকে আশা পোষণ কৰিছে যে, আল্লাহে তেওঁলোকৰ তাওবা কবুল কৰি তেওঁলোকক ক্ষমা কৰিব। নিশ্চয় আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰে আৰু তেওঁলোকৰ প্ৰতি কৃপা কৰে।
9:103Страница 203
خُذۡ مِنۡ أَمۡوَٰلِهِمۡ صَدَقَةٗ تُطَهِّرُهُمۡ وَتُزَكِّيهِم بِهَا وَصَلِّ عَلَيۡهِمۡۖ إِنَّ صَلَوٰتَكَ سَكَنٞ لَّهُمۡۗ وَٱللَّهُ سَمِيعٌ عَلِيمٌ ١٠٣
Бери из их имущества пожертвования, чтобы ими очистить и возвысить их. Молись за них, ибо твои молитвы - успокоение для них. Воистину, Аллах - Слышащий, Знающий.
হে ৰাছুল! আপুনি তেওঁলোকৰ সম্পদৰ যাকাত সংগ্ৰহ কৰক, ইয়াৰ দ্বাৰা আপুনি তেওঁলোকক গুনাহৰ অশুদ্ধতাৰ পৰা পৱিত্ৰ আৰু পৰিশোধিত কৰিব আৰু তেওঁলোকৰ সৎকৰ্মক বিকশিত কৰিব। তথা সেয়া সংগ্ৰহ কৰাৰ পিছত তেওঁলোকৰ বাবে দুআ কৰক, নিশ্চয় আপোনাৰ দুআ তেওঁলোকৰ বাবে প্ৰশান্তিকৰ আৰু সন্তুষ্টিৰ কাৰণ। অৱশ্যে আল্লাহ আপোনাৰ দুআ শ্ৰৱণকাৰী। আৰু তেওঁলোকৰ আমল আৰু নিয়্যত সম্পৰ্কেও অৱগত।
9:104Страница 203
أَلَمۡ يَعۡلَمُوٓاْ أَنَّ ٱللَّهَ هُوَ يَقۡبَلُ ٱلتَّوۡبَةَ عَنۡ عِبَادِهِۦ وَيَأۡخُذُ ٱلصَّدَقَٰتِ وَأَنَّ ٱللَّهَ هُوَ ٱلتَّوَّابُ ٱلرَّحِيمُ ١٠٤
Неужели они не знают, что Аллах принимает покаяния от Своих рабов и принимает пожертвования, что Аллах - Принимающий покаяния, Милосердный?
জিহাদত অংশগ্ৰহণ নকৰা এইসকল লোকে আৰু তাওবাকাৰী লোকসকলে জনা উচিত যে, আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলৰ তাওবা কবুল কৰে। আৰু তেওঁ ছাদাক্বাহ কবুল কৰে, অথচ তেওঁ ইয়াৰ পৰা অমুখাপেক্ষী। লগতে তেওঁ ছাদাক্বাকাৰীক চাদাক্বাৰ বাবত নেকী প্ৰদান কৰে। তেৱেঁই তাওবা কবুলকাৰী, বান্দাসকলৰ তাওবা কবূুল কৰে আৰু তেওঁলোকৰ প্ৰতি দয়া কৰে।
9:105Страница 203
وَقُلِ ٱعۡمَلُواْ فَسَيَرَى ٱللَّهُ عَمَلَكُمۡ وَرَسُولُهُۥ وَٱلۡمُؤۡمِنُونَۖ وَسَتُرَدُّونَ إِلَىٰ عَٰلِمِ ٱلۡغَيۡبِ وَٱلشَّهَٰدَةِ فَيُنَبِّئُكُم بِمَا كُنتُمۡ تَعۡمَلُونَ ١٠٥
Скажи: «Трудитесь, и увидят ваши деяния Аллах, Его Посланник и верующие. Вы предстанете перед Ведающим сокровенное и явное, и Он поведает вам о том, что вы совершали».
হে ৰাছুল! আপুনি এই জিহাদত অংশগ্ৰহণ নকৰা ব্যক্তিসকলক আৰু নিজৰ গুনাহৰ পৰা তাওবা কৰা ব্যক্তিসকলক কৈ দিয়ক যে, তোমালোকে যিটো কাম কৰিব পৰা নাই তাৰ ক্ষতিপূৰণৰ বাবে তোমালোকে কৰ্ম কৰা, নিষ্ঠাৰ সৈতে আল্লাহৰ বাবে কৰ্ম কৰা আৰু তেওঁক সন্তুষ্ট কৰিব পৰা কৰ্ম কৰা। অৱশ্যে আল্লাহে তেওঁৰ ৰাছুলে আৰু মুমিনসকলে তোমালোকৰ কৰ্ম লক্ষ্য কৰিব। আৰু অতিশীঘ্ৰেই তোমালোকে ক্বিয়ামতৰ দিনা নিজ প্ৰতিপালকৰ পিনে উভতি যাবা যিজন সকলো বিষয়ে অৱগত। তেওঁ তোমালোকৰ প্ৰকাশ্য- অপ্ৰকাশ্য সকলো বিষয়ে জানে। লগতে তোমালোকে পৃথিৱীত কি কৰিছিলা সেইবোৰো তেওঁ তোমালোকক অৱগত কৰাব। আৰু ইয়াৰ প্ৰতিদানো দিব।
9:106Страница 203
وَءَاخَرُونَ مُرۡجَوۡنَ لِأَمۡرِ ٱللَّهِ إِمَّا يُعَذِّبُهُمۡ وَإِمَّا يَتُوبُ عَلَيۡهِمۡۗ وَٱللَّهُ عَلِيمٌ حَكِيمٞ ١٠٦
Есть и такие, которые выжидают веления Аллаха. Он либо накажет их, либо примет их покаяния. Аллах - Знающий, Мудрый.
তাবুকৰ যুদ্ধত অংশগ্ৰহণ নকৰা কিছুমান এনেকুৱা লোকো আছে যিসকলে কোনো অজুহাত দাঙি ধৰা নাছিল। তেওঁলোকৰ বিষয়টো আল্লাহৰ ফয়চালা আৰু তেওঁৰ আদেশ নহালৈকে স্থগিত ৰখা হৈছে। আল্লাহে তেওঁলোকৰ বিষয়ে যি ইচ্ছা সেইটোৱে ফয়চালা কৰিব পাৰে। যদি তাওবা নকৰে তেন্তে শাস্তি বিহিব পাৰে, আনহাতে তাওবা কৰিলে তেওঁলোকৰ তাওবা কবুল কৰিব পাৰে। আল্লাহ ভালদৰেই অৱগত, কোন ব্যক্তি তেওঁৰ শাস্তিৰ উপযুক্ত আৰু কোন তেওঁৰ ক্ষমাৰ পাত্ৰ। তেওঁ বিধি-বিধান প্ৰণয়নত আৰু ব্যৱস্থাপনাত মহাপ্ৰজ্ঞাৱান। সেই অংশগ্ৰহণ নকৰা লোক কেইজন হৈছেঃ মুৰাৰাহ বিন ৰাবী, কাআব বিন মালিক, হিলাল বিন উমায়্যাহ।
9:107Страница 204
وَٱلَّذِينَ ٱتَّخَذُواْ مَسۡجِدٗا ضِرَارٗا وَكُفۡرٗا وَتَفۡرِيقَۢا بَيۡنَ ٱلۡمُؤۡمِنِينَ وَإِرۡصَادٗا لِّمَنۡ حَارَبَ ٱللَّهَ وَرَسُولَهُۥ مِن قَبۡلُۚ وَلَيَحۡلِفُنَّ إِنۡ أَرَدۡنَآ إِلَّا ٱلۡحُسۡنَىٰۖ وَٱللَّهُ يَشۡهَدُ إِنَّهُمۡ لَكَٰذِبُونَ ١٠٧
Те, которые построили мечеть для нанесения вреда, поддержания неверия, внесения раскола в ряды мусульман и создания заставы для тех, кто издавна сражается против Аллаха и Его Посланника, непременно будут клясться: «Мы не хотели ничего, кроме добра». Аллах свидетельствует, что они являются лжецами.
মুনাফিকসকলৰ মাজত এনেকুৱা লোকো আছে, যিসকলে এখন মছজিদ নিৰ্মাণ কৰিছিল কিন্তু সেয়া আল্লাহৰ আনুগত্য কৰাৰ বাবে নহয়, বৰং মুছলিমসকলক ক্ষতি কৰাৰ উদ্দেশ্যে নিৰ্মাণ কৰিছিল। কুফৰ প্ৰকাশ কৰি মুনাফিকসকলক শক্তিশালি কৰাৰ উদ্দেশ্যে আৰু মুমিনসকলৰ মাজত বিভেদ সৃষ্টি কৰাৰ নিমিত্তে, আৰু মছজিদ নিৰ্মাণৰ পূৰ্বে যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰোধিতা কৰিছিল, সিহঁতৰ বাবে প্ৰস্তুতি লোৱাৰ স্থান তথা খাপ পাতি ৰৈ থকাৰ বাবে নিৰ্দিষ্ট ঠাই বনোৱাৰ উদ্দেশ্যে নিৰ্মাণ কৰিছিল। অৱশ্যে এই মুনাফিকসকলে তোমালোকৰ সন্মুখত শপত খাই ক'ব যে, আমাৰ উদ্দেশ্য আছিল কেৱল মুছলিমসকলক সহায় কৰা। জানি থোৱা! আল্লাহে সাক্ষ্য দিয়ে যে, নিশ্চয় সিহঁতৰ এই দাবী মিছলীয়া।
9:108Страница 204
لَا تَقُمۡ فِيهِ أَبَدٗاۚ لَّمَسۡجِدٌ أُسِّسَ عَلَى ٱلتَّقۡوَىٰ مِنۡ أَوَّلِ يَوۡمٍ أَحَقُّ أَن تَقُومَ فِيهِۚ فِيهِ رِجَالٞ يُحِبُّونَ أَن يَتَطَهَّرُواْۚ وَٱللَّهُ يُحِبُّ ٱلۡمُطَّهِّرِينَ ١٠٨
Никогда не совершай в ней намаз. Мечеть, которая с первого дня была основана на богобоязненности, больше заслуживает того, чтобы ты выстаивал в ней. В ней есть мужи, которые любят очищаться. Воистину, Аллах любит очищающихся.
হে নবী! আপুনি এনেকুৱা মছজিদত ছালাত আদায়ৰ বাবে মুনাফিকসকলৰ আহ্বানত সঁহাৰি নিদিব। কিয়নো কুফৰৰ ওপৰত ভিত্তি কৰি স্থাপিত এই মছজিদতকৈ, কুবা মছজিদ যিটো আৰম্ভণিৰ পৰাই তাক্বৱাৰ ওপৰত স্থাপিত, তাত ছালাত আদায় কৰাটো আপোনাৰ পক্ষে অধিক গুৰুত্ববহন কৰে। কুবা মছজিদত এনেকুৱা কিছুমান লোক আছে যিসকলে অপৱিত্ৰতাৰ পৰা পানীৰ দ্বাৰা আৰু গুনাহৰ পৰা তাওবা আৰু ক্ষমা প্ৰাৰ্থনাৰ জৰিয়তে স্বচ্ছ থকাক পছন্দ কৰে। এতেকে আল্লাহেও অশুদ্ধতা, অপৱিত্ৰতা আৰু পাপ-পঙ্কিলতাৰ পৰা পৱিত্ৰ থকা ব্যক্তিসকলক ভালপায়।
9:109Страница 204
أَفَمَنۡ أَسَّسَ بُنۡيَٰنَهُۥ عَلَىٰ تَقۡوَىٰ مِنَ ٱللَّهِ وَرِضۡوَٰنٍ خَيۡرٌ أَم مَّنۡ أَسَّسَ بُنۡيَٰنَهُۥ عَلَىٰ شَفَا جُرُفٍ هَارٖ فَٱنۡهَارَ بِهِۦ فِي نَارِ جَهَنَّمَۗ وَٱللَّهُ لَا يَهۡدِي ٱلۡقَوۡمَ ٱلظَّٰلِمِينَ ١٠٩
Тот ли, кто заложил основание своего строения на страхе перед Аллахом и стремлении к Его довольству, лучше или же тот, кто заложил его на самом краю обрыва, готового обвалиться, так что он обвалился вместе с ним в огонь Геенны? Воистину, Аллах не ведет прямым путем несправедливых людей.
যিয়ে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তথা বেছি বেছি নেক কৰ্ম কৰিবলৈ আৰু তেওঁৰ সন্তুষ্টি অৰ্জন কৰিবলৈ তাক্বৱাৰ ওপৰত নিজৰ ভৱনৰ আধাৰশিলা স্থাপন কৰিছে, তেওঁ সেই ব্যক্তিৰ সমান নেকি যিয়ে মুছলিমসকলক ক্ষতি কৰিবলৈ আৰু কুফৰক শক্তিশালী কৰিবলৈ, লগতে মুছলিমসকলৰ মাজত বিভেদ সৃষ্টি কৰিবলৈ মছজিদ নিৰ্মাণ কৰিছে? দুয়ো কেতিয়াও সমান হ'ব নোৱাৰে। প্ৰথম ব্যক্তিৰ ভৱন শক্তিশালী আৰু মজবুত হ'ব, আৰু সেই ভৱন ধ্বংস হোৱাৰ কোনো আশংকা নাই। আনহাতে দ্বিতীয় ব্যক্তিৰ উদাহৰণ সেই ব্যক্তিৰ দৰে, যিয়ে কোনো গৰাখহনীয়াৰ পাৰত ভৱন নিৰ্মাণ কৰিলে আৰু অৱশেষত সেই ভৱন ধ্বংস স্তূপত পৰিণত হৈ জাহান্নামৰ নিম্নস্তৰত খহি পৰিল। প্ৰকৃততে আল্লাহে কুফৰ আৰু নিফাকৰ দ্বাৰা অন্যায় কৰা ব্যক্তিসকলক পোন পথৰ হিদায়ত নিদিয়ে।
9:110Страница 204
لَا يَزَالُ بُنۡيَٰنُهُمُ ٱلَّذِي بَنَوۡاْ رِيبَةٗ فِي قُلُوبِهِمۡ إِلَّآ أَن تَقَطَّعَ قُلُوبُهُمۡۗ وَٱللَّهُ عَلِيمٌ حَكِيمٌ ١١٠
Строение, которое они построили, всегда будет порождать сомнения в их сердцах, пока их сердца не разорвутся. Аллах - Знающий, Мудрый.
সিহঁতৰ এই মছজিদ, যিটোক সিহঁতে মুছলিমসকলৰ ক্ষতি কৰাৰ উদ্দেশ্যে নিৰ্মাণ কৰিছিল, সদায় সেইটো সিহঁতৰ অন্তৰত সন্দেহ আৰু নিফাকৰ ৰূপত প্ৰতিষ্ঠিত হৈ থাকিব, আৰু এই ধাৰাবাহিকতা তেতিয়ালৈকে থাকিব যেতিয়ালৈকে সিহঁত মৃত্যু তথা তৰোৱালৰ দ্বাৰা হত্যা নহ'ব। আল্লাহ তেওঁৰ বান্দাসকলৰ কৰ্ম সম্পৰ্কে অৱগত, আৰু তেওঁ ভাল-বেয়া প্ৰতিদান দিয়াত মহাপ্ৰজ্ঞাৱান।
9:111Страница 204
۞ إِنَّ ٱللَّهَ ٱشۡتَرَىٰ مِنَ ٱلۡمُؤۡمِنِينَ أَنفُسَهُمۡ وَأَمۡوَٰلَهُم بِأَنَّ لَهُمُ ٱلۡجَنَّةَۚ يُقَٰتِلُونَ فِي سَبِيلِ ٱللَّهِ فَيَقۡتُلُونَ وَيُقۡتَلُونَۖ وَعۡدًا عَلَيۡهِ حَقّٗا فِي ٱلتَّوۡرَىٰةِ وَٱلۡإِنجِيلِ وَٱلۡقُرۡءَانِۚ وَمَنۡ أَوۡفَىٰ بِعَهۡدِهِۦ مِنَ ٱللَّهِۚ فَٱسۡتَبۡشِرُواْ بِبَيۡعِكُمُ ٱلَّذِي بَايَعۡتُم بِهِۦۚ وَذَٰلِكَ هُوَ ٱلۡفَوۡزُ ٱلۡعَظِيمُ ١١١
Воистину, Аллах купил у верующих их души и имущество в обмен на Рай. Они сражаются на пути Аллаха, убивая и погибая. Таково Его обещание и обязательство в Таурате (Торе), Инджиле (Евангелии) и Коране. Кто выполняет свои обещания лучше Аллаха? Возрадуйтесь же сделке, которую вы заключили. Это и есть великое преуспеяние.
নিসন্দেহে আল্লাহে নিজ কৃপাত মুমিনসকলৰ পৰা তেওঁলোকৰ প্ৰাণ অধিক মূল্যত অৰ্থাৎ জান্নাতৰ বিনিময়ত কিনি লৈছে, (যদিও তেওঁলোক আল্লাহৰেই অধীনস্থ)। কিয়নো তেওঁলোকে কাফিৰসকলৰ লগত আল্লাহৰ বাণী সুউচ্চ কৰিবলৈ যুদ্ধ কৰে, তেওঁলোকে কাফিৰসকলক হত্যাও কৰে আৰু সিহঁতৰ হাতত নিজেও নিহত হয়। আল্লাহে ইয়াৰ সত্য প্ৰতিশ্ৰুতি মূছা আলাইহিছ ছালামৰ পুথি তাওৰাতত আৰু ঈছা আলাইহিছ ছালামৰ পুথি ইঞ্জীলত, লগতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পুথি কোৰআনত প্ৰদান কৰিছে। এতেকে আল্লাহতকৈ অধিক প্ৰতিশ্ৰুতি পূৰণকাৰী আন কোনো নাই। গতিকে হে মুমিনসকল! তোমালোকে এই ব্যৱসায়ত আনন্দ প্ৰকাশ কৰা, যিটো তোমালোকে আল্লাহৰ লগত কৰিছা। দৰাচলতে তোমালোকে এই ক্ষেত্ৰত বহুত লাভৱান হৈছা, আৰু এই ব্যৱসায় হৈছে এটা মহাসফলতা।
9:112Страница 205
ٱلتَّٰٓئِبُونَ ٱلۡعَٰبِدُونَ ٱلۡحَٰمِدُونَ ٱلسَّٰٓئِحُونَ ٱلرَّٰكِعُونَ ٱلسَّٰجِدُونَ ٱلۡأٓمِرُونَ بِٱلۡمَعۡرُوفِ وَٱلنَّاهُونَ عَنِ ٱلۡمُنكَرِ وَٱلۡحَٰفِظُونَ لِحُدُودِ ٱللَّهِۗ وَبَشِّرِ ٱلۡمُؤۡمِنِينَ ١١٢
Обрадуй верующих, которые каются и поклоняются, восхваляют и постятся (или путешествуют), кланяются и падают ниц, повелевают совершать одобряемое и запрещают предосудительное, и соблюдают ограничения Аллаха.
এই প্ৰতিফল লাভ কৰা লোকসকল হৈছে সেইসকল, যিসকলে আল্লাহৰ অপছন্দনীয় কৰ্ম পৰিত্যাগ কৰি তেওঁৰ পছন্দনীয় কৰ্মৰ পিনে প্ৰত্যাৱৰ্তন কৰে, আল্লাহৰ ভয়ত বিনয়শীল হৈ তেওঁৰ ইবাদতত মনোযোগ দিয়ে, সদায় নিজ প্ৰতিপালকৰ প্ৰশংসা কৰে, ছওম পালন কৰে, ছালাত আদায় কৰে, আল্লাহ আৰু তেওঁৰ ৰাছুলে দিয়া বিধানৰ মানুহক আদেশ দিয়ে, লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলে নিষেধ কৰা বস্তুৰ পৰা মানুহক বিৰত ৰাখে, অনুসৰণৰ দ্বাৰা আল্লাহৰ বিধান সুৰক্ষিত ৰাখে আৰু বিৰত থকাৰ জৰিয়তে তেওঁৰ নিষেধকৃত আদেশ পালন কৰে। হে ৰাছুল! এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলক সেই পুৰষ্কাৰৰ সুসংবাদ দিয়ক, যিটোৱে তেওঁলোকক পৃথিৱী আৰু আখিৰাতত আনন্দিত কৰিব।
9:113Страница 205
مَا كَانَ لِلنَّبِيِّ وَٱلَّذِينَ ءَامَنُوٓاْ أَن يَسۡتَغۡفِرُواْ لِلۡمُشۡرِكِينَ وَلَوۡ كَانُوٓاْ أُوْلِي قُرۡبَىٰ مِنۢ بَعۡدِ مَا تَبَيَّنَ لَهُمۡ أَنَّهُمۡ أَصۡحَٰبُ ٱلۡجَحِيمِ ١١٣
Пророку и верующим не подобает просить прощения для многобожников, даже если они являются родственниками, после того, как им стало ясно, что они будут обитателями Ада.
মুশ্বৰিকসকলৰ বাবে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা নবীৰ বাবে উচিত নহয়, আৰু মুমিনসকলৰ বাবেও উচিত নহয়, যদিও সি তেওঁলোকৰ আত্মীয় নহওঁক কিয়। যিহেতু এই কথা স্পষ্ট হৈছে যে, মুশ্বৰিক অৱস্থাত মৃত্যুবৰণকাৰী জাহান্নামীসকলৰ অন্তৰ্ভুক্ত।
9:114Страница 205
وَمَا كَانَ ٱسۡتِغۡفَارُ إِبۡرَٰهِيمَ لِأَبِيهِ إِلَّا عَن مَّوۡعِدَةٖ وَعَدَهَآ إِيَّاهُ فَلَمَّا تَبَيَّنَ لَهُۥٓ أَنَّهُۥ عَدُوّٞ لِّلَّهِ تَبَرَّأَ مِنۡهُۚ إِنَّ إِبۡرَٰهِيمَ لَأَوَّٰهٌ حَلِيمٞ ١١٤
А молитва Ибрахима (Авраама) о прощении для его отца была всего лишь исполнением обещания, которое он ему дал. Когда же ему стало ясно, что его отец является врагом Аллаха, он отрекся от него. Воистину, Ибрахим (Авраам) был смиренным, выдержанным.
ইব্ৰাহীম আলাইহিছ ছালামে তেওঁৰ পিতৃৰ বাবে কেৱল এই কাৰণে ক্ষমা প্ৰাৰ্থনা কৰিছিল, কিয়নো তেওঁ নিজ পিতৃক প্ৰতিশ্ৰুতি দিছিল যে, তেওঁ তাৰ বাবে আল্লাহৰ ওচৰত অৱশ্যে ক্ষমা প্ৰাৰ্থনা কৰিব, এই আশাত কৈছিল যাতে তেওঁ এই শুনি ইছলাম কবুল কৰে। কিন্তু যেতিয়া ইব্ৰাহীম আলাইহিছ ছালামৰ সন্মুখত এয়া স্পষ্ট হৈ গল যে, তেওঁৰ পিতা আল্লাহৰ শত্ৰু, কাৰণ তেওঁৰ উপদেশত তাৰ কোনো পৰিবৰ্তন দেখা নগল, অথবা তেওঁ অহীৰ জৰিয়তে জ্ঞাত হ'ল যে, তেওঁৰ পিতৃ কাফিৰ অৱস্থাত মৃত্যু হ'ব, ফলত তেওঁ নিজ পিতৃৰ পৰা পৃথক হৈ গ'ল। আৰু তেওঁৰ ক্ষমা প্ৰাৰ্থনাটো আছিল এক প্ৰকাৰ ইজতিহাদ। আল্লাহে তেওঁৰ পিনে অহী কৰা এনেকুৱা কোনো বিধানৰ পৰিপন্থী নাছিল। নিশ্চয় ইব্ৰাহীম আছিল অত্যাধিক বিনয়শীল, আৰু তেওঁৰ অত্যাচাৰী সম্প্ৰদায়ৰ প্ৰতি অধিক ক্ষমাশীল।
9:115Страница 205
وَمَا كَانَ ٱللَّهُ لِيُضِلَّ قَوۡمَۢا بَعۡدَ إِذۡ هَدَىٰهُمۡ حَتَّىٰ يُبَيِّنَ لَهُم مَّا يَتَّقُونَۚ إِنَّ ٱللَّهَ بِكُلِّ شَيۡءٍ عَلِيمٌ ١١٥
Аллах не вводит в заблуждение людей, которым Он указал прямой путь, пока Он не разъяснит им, чего они должны опасаться. Воистину, Аллах знает о всякой вещи.
আল্লাহে কোনো সম্প্ৰদায়ক হিদায়তৰ তাওফীক দিয়াৰ পিছত, তেওঁলোকৰ বাবে পথভ্ৰষ্টতাৰ ফয়চালা নকৰে, যেতিয়ালৈকে তেওঁলোকৰ বাবে সেইবোৰ নিষিদ্ধ বস্তু স্পষ্ট কৰি নিদিয়ে, যিবোৰৰ পৰা বিৰত থকা অনিবাৰ্য। কিন্তু হাৰাম বস্তু উল্লেখ কৰাৰ পিছতো যদি সেই সম্প্ৰদায়ৰ লোকসকলে সেইবোৰৰ পৰা বিৰত নাথাকে, তেতিয়াহে সিহঁতৰ ওপৰত পথভ্ৰষ্টতাৰ বিধান জাপি দিয়ে। নিশ্চয় আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ। তেওঁৰ পৰা কোনো বিষয় গোপন নহয়। তেৱেঁই তোমালোকক সেইবোৰ বিষয়ে জ্ঞান দিছে, যিবোৰ তোমালোকে জনা নাছিলা।
9:116Страница 205
إِنَّ ٱللَّهَ لَهُۥ مُلۡكُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۖ يُحۡيِۦ وَيُمِيتُۚ وَمَا لَكُم مِّن دُونِ ٱللَّهِ مِن وَلِيّٖ وَلَا نَصِيرٖ ١١٦
Воистину, Аллаху принадлежит власть над небесами и землей. Он дарует жизнь и умерщвляет. Нет у вас, кроме Аллаха, ни покровителя, ни помощника.
নিশ্চয় আকাশমণ্ডল আৰু পৃথিৱীৰ ৰাজত্ব একমাত্ৰ আল্লাহৰ। ইয়াত তেওঁৰ কোনো অংশীদাৰ নাই। আকাশমণ্ডল আৰু পৃথিৱীৰ কোনো বস্তুৱেই তেওঁৰ পৰা গোপন নহয়। তেওঁ যাক জীৱিত কৰিব বিচাৰে, তাক জীৱিত কৰিব পাৰে। আৰু যাক মৃত্যু দিব বিচাৰে তাক মৃত্যুদান কৰিব পাৰে। হে মানৱজাতি! আল্লাহৰ বাহিৰে তোমালোকৰ কোনোবা অভিভাৱক আছে নেকি, যিয়ে তোমালোকৰ কৰ্মৰ তত্বাৱধায়ন কৰিব, আৰু কোনো সহায়ক আছে নেকি, যিয়ে তোমালোকৰ পৰা বিপদ দূৰ কৰিব, শত্ৰুৰ বিপক্ষে সহায় কৰিব।
9:117Страница 205
لَّقَد تَّابَ ٱللَّهُ عَلَى ٱلنَّبِيِّ وَٱلۡمُهَٰجِرِينَ وَٱلۡأَنصَارِ ٱلَّذِينَ ٱتَّبَعُوهُ فِي سَاعَةِ ٱلۡعُسۡرَةِ مِنۢ بَعۡدِ مَا كَادَ يَزِيغُ قُلُوبُ فَرِيقٖ مِّنۡهُمۡ ثُمَّ تَابَ عَلَيۡهِمۡۚ إِنَّهُۥ بِهِمۡ رَءُوفٞ رَّحِيمٞ ١١٧
Аллах принял покаяния Пророка, мухаджиров и ансаров, которые последовали за ним в трудный час, после того, как сердца некоторых из них чуть было не уклонились в сторону. Он принял их покаяния, ибо Он - Сострадательный, Милосердный.
আল্লাহে নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ তাওবা কবূল কৰিছে, কিয়নো তেওঁ মুনাফিকসকলক তাবুক যুদ্ধত অংশগ্ৰহণ নকৰাৰ অনুমতি প্ৰদান কৰিছিল। তথা মুহাজিৰ আৰু আনচাৰসকলৰো তাওবা কবুল কৰিছে, কাৰণ তেওঁলোক (হে নবী) আপোনাৰ লগ এৰা নাছিল, বৰং তেওঁলোক প্ৰচণ্ড গৰম, আৰ্থিক অনাটন আৰু শক্তিশালী শত্ৰুৰ মুখামুখি হোৱা সত্ত্বেও আপোনাৰ লগত ওলাই পৰিছিল। যদিও এটা দলৰ অন্তৰ বিপৰীত পৰিস্থিতিৰ কাৰণে পৰিবৰ্তন হোৱাৰ উপক্ৰম হৈছিল, আৰু তেওঁলোক যুদ্ধক্ষেত্ৰ ত্যাগ কৰাৰ পণ লৈছিল। কিন্তু আল্লাহে তেওঁলোকক স্থিৰতা প্ৰদান কৰিলে, যুদ্ধৰ বাবে ওলাবলৈ তাওফীক প্ৰদান কৰিলে আৰু তেওঁলোকৰ তাওবা কবূল কৰিলে। নিশ্চয় আল্লাহ তেওঁলোকৰ প্ৰতি অত্যন্ত কৃপাশীল আৰু দয়ালু, তেওঁ অত্যন্ত দয়াৱান কাৰণেই তেওঁলোকক তাওবাৰ তাওফীক প্ৰদান কৰিলে আৰু তেওঁলোকৰ তাওবা কবূল কৰিলে।
9:118Страница 206
وَعَلَى ٱلثَّلَٰثَةِ ٱلَّذِينَ خُلِّفُواْ حَتَّىٰٓ إِذَا ضَاقَتۡ عَلَيۡهِمُ ٱلۡأَرۡضُ بِمَا رَحُبَتۡ وَضَاقَتۡ عَلَيۡهِمۡ أَنفُسُهُمۡ وَظَنُّوٓاْ أَن لَّا مَلۡجَأَ مِنَ ٱللَّهِ إِلَّآ إِلَيۡهِ ثُمَّ تَابَ عَلَيۡهِمۡ لِيَتُوبُوٓاْۚ إِنَّ ٱللَّهَ هُوَ ٱلتَّوَّابُ ٱلرَّحِيمُ ١١٨
Аллах простил и тех троих, которым было отсрочено до тех пор, пока земля не стала тесной для них, несмотря на ее просторы. Их души сжались, и они поняли, что им негде укрыться от Аллаха, кроме как у Него. Затем Он простил их, чтобы они могли раскаяться. Воистину, Аллах - Принимающий покаяния, Милосердный.
নিশ্চয় আল্লাহে তিন ব্যক্তিৰ অৰ্থাৎ কাআব বিন মালিক, মুৰাৰাহ বিন ৰাবী আৰু হিলাল বিন ইমায়্যাৰো তাওবা কবূল কৰিছে, তাওবাৰ ক্ষেত্ৰত যিসকলক পিছুৱাই ৰখা হৈছিল। তাবুক যুদ্ধত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত অংশগ্ৰহণ নকৰাৰ বাবে তেওঁলোকৰ তাওবা কবুল সংক্ৰান্তী বিষয়টো বিলম্বিত কৰা হৈছিল। ফলত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলৰ প্ৰতি তেওঁলোকক বয়কট কৰাৰ নিৰ্দেশ জাৰি কৰিছিল, যাৰ ফলত তেওঁলোকেও দুখত আৰু শোকত ভাগি পৰিছিল, আনকি পৃথিৱী আহল বহল হোৱা সত্তেও তেওঁলোকৰ বাবে সংকীৰ্ণ হৈ পৰিছিল। তেওঁলোক ইমান দুশ্চিন্তাত ভুগিছিল যে তেওঁলোকৰ অন্তৰ সংকুচিত হৈ গৈছিল। আৰু তেওঁলোকে নিশ্চিত জ্ঞান পাইছিল যে, আল্লাহৰ বাহিৰে তেওঁলোকৰ আন কোনো আশ্ৰয়স্থল নাই। অৱশেষত আল্লাহে তেওঁলোকৰ প্ৰতি দয়া কৰিলে আৰু তাওবাৰ তাওফীক প্ৰদান কৰিলে, লগতে তেওঁলোকৰ তাওবা কবুল কৰিলে। নিশ্চয় তেওঁ বান্দাসকলৰ তাওবা কবূলকাৰী আৰু তেওঁলোকৰ প্ৰতি দয়ালু।
9:119Страница 206
يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ ٱتَّقُواْ ٱللَّهَ وَكُونُواْ مَعَ ٱلصَّٰدِقِينَ ١١٩
О те, которые уверовали! Бойтесь Аллаха и будьте с правдивыми.
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসৰণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰীসকল, আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। লগতে ঈমান আৰু কথা-কৰ্মৰ ক্ষেত্ৰত সত্যবাদীসকলৰ অন্তৰ্ভুক্ত হোৱা, কাৰণ তোমালোকৰ মুক্তি একমাত্ৰ সত্যৰ পথত।
9:120Страница 206
مَا كَانَ لِأَهۡلِ ٱلۡمَدِينَةِ وَمَنۡ حَوۡلَهُم مِّنَ ٱلۡأَعۡرَابِ أَن يَتَخَلَّفُواْ عَن رَّسُولِ ٱللَّهِ وَلَا يَرۡغَبُواْ بِأَنفُسِهِمۡ عَن نَّفۡسِهِۦۚ ذَٰلِكَ بِأَنَّهُمۡ لَا يُصِيبُهُمۡ ظَمَأٞ وَلَا نَصَبٞ وَلَا مَخۡمَصَةٞ فِي سَبِيلِ ٱللَّهِ وَلَا يَطَـُٔونَ مَوۡطِئٗا يَغِيظُ ٱلۡكُفَّارَ وَلَا يَنَالُونَ مِنۡ عَدُوّٖ نَّيۡلًا إِلَّا كُتِبَ لَهُم بِهِۦ عَمَلٞ صَٰلِحٌۚ إِنَّ ٱللَّهَ لَا يُضِيعُ أَجۡرَ ٱلۡمُحۡسِنِينَ ١٢٠
Не следовало жителям Медины и бедуинам из окрестностей оставаться позади Посланника Аллаха и отдавать предпочтение собственным жизням перед его жизнью. Это потому, что жажда, усталость и голод, постигающие их на пути Аллаха, и каждый шаг, вызывающий гнев неверующих, и каждое поражение, нанесенное врагу, непременно запишутся им как добрые дела. Воистину, Аллах не теряет вознаграждения творящих добро.
মদীনাৰ অধিবাসী তথা ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ লোকসকলৰ বাবে জিহাদৰ পৰা পিছুৱাই থকা উচিত নহয়, যেতিয়া স্বয়ং নবী চাল্লাল্লাহু আলাইহি অছাল্লাম জিহাদৰ বাবে ওলাই পৰে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰাণৰ চিন্তা নকৰি নিজৰ প্ৰাণ ৰক্ষা চিন্তা কৰাও তেওঁলোকৰ বাবে উচিত নহয়। বৰং তেওঁৰ প্ৰাণ ৰক্ষা কৰিবলৈ নিজৰ প্ৰাণ আহুতি দিয়াটো তেওঁলোকৰ কৰ্তব্য। কিয়নো আল্লাহৰ পথত তেওঁলোকে যি কষ্টই সহ্য কৰিব, যেনে- পিয়াঁহ, ক্লান্ত অথবা ভোক, তথা তেওঁলোক যি স্থানতেই অৱস্থান নকৰক কিয়, যত অৱস্থান কৰিলে কাফিৰসকলৰ ক্ৰোধ বৃদ্ধি পায়, লগতে তেওঁলোকে কোনো শত্ৰুক হত্যা, বন্দী অথবা পৰাজিত কৰে, ইয়াৰ বিনিময়ত আল্লাহে তেওঁলোকৰ বাবে গ্ৰহণযোগ্য সৎকৰ্মৰ ছোৱাব প্ৰদান কৰে। নিশ্চয় আল্লাহে সৎকৰ্মীসকলৰ প্ৰতিফল বিনষ্ট নকৰে। বৰং তেওঁলোকক পৰিপূৰ্ণ প্ৰতিফল দিয়ে, আনকি তাতকৈও বৃদ্ধি কৰি দিয়ে।
9:121Страница 206
وَلَا يُنفِقُونَ نَفَقَةٗ صَغِيرَةٗ وَلَا كَبِيرَةٗ وَلَا يَقۡطَعُونَ وَادِيًا إِلَّا كُتِبَ لَهُمۡ لِيَجۡزِيَهُمُ ٱللَّهُ أَحۡسَنَ مَا كَانُواْ يَعۡمَلُونَ ١٢١
Какое бы большое или скудное пожертвование они ни делали, какую бы долину они ни пересекали, это записывается им, дабы Аллах воздал им большим, чем то, что они совершили.
তেওঁলোকে যি ধন ব্যয় কৰে, কম হওঁক বা বেছি, লগতে তেওঁলোকে যি উপত্যকাই অতিক্ৰম কৰে, তেওঁলোকৰ এই ধন ব্যয় আৰু ভ্ৰমণৰ বিনিময়ত আল্লাহে প্ৰতিদান লিপিবদ্ধ কৰে। যাতে আল্লাহে আখিৰাতত তেওঁলোকে কৰা কৰ্মৰ উত্তম প্ৰতিদান দিব পাৰে।
9:122Страница 206
۞ وَمَا كَانَ ٱلۡمُؤۡمِنُونَ لِيَنفِرُواْ كَآفَّةٗۚ فَلَوۡلَا نَفَرَ مِن كُلِّ فِرۡقَةٖ مِّنۡهُمۡ طَآئِفَةٞ لِّيَتَفَقَّهُواْ فِي ٱلدِّينِ وَلِيُنذِرُواْ قَوۡمَهُمۡ إِذَا رَجَعُوٓاْ إِلَيۡهِمۡ لَعَلَّهُمۡ يَحۡذَرُونَ ١٢٢
Верующим не следует выступать в поход всем вместе. Почему бы не отправить из каждой группы по отряду, чтобы они могли изучить религию и увещевать людей, когда они вернутся к ним? Быть может, они будут остерегаться.
মুমিনসকলৰ আটায়ে একেলগে যুদ্ধত অংশগ্ৰহণ কৰা উচিত নহয়, যাতে শত্ৰু পক্ষই আক্ৰমণ কৰি তেওঁলোকক নিধন কৰি বিজয় লাভ কৰিব নোৱাৰে। তেওঁলোকৰ এটা দল জিহাদত অংশগ্ৰহণ কৰা উচিত আৰু আনটো দল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত থকা উচিত। যাতে তেওঁলোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত থাকি কোৰআন আৰু চৰীয়তৰ বিধি-বিধান শিকে আৰু সেয়া নিজ গোত্ৰক অৱগত কৰায়, আৰু তেওঁলোকে যি শিকিছে তাৰ জৰিয়তে নিজ গোত্ৰীয় লোকসকলক সাৱধান কৰা উচিত। যাতে তেওঁলোকে আল্লাহৰ আদেশসমূহ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে। এই আয়াতটো সেইসকল সৈন্যবাহিনীৰ ক্ষেত্ৰত অৱতীৰ্ণ হৈছে যিসকলক নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ওচৰৰ অঞ্চলবোৰত প্ৰেৰণ কৰিছিল, আৰু তাৰ বাবে তেখেতে চাহাবাসকলৰ এটা দল নিৰ্বাচিত কৰিছিল।
9:123Страница 207
يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ قَٰتِلُواْ ٱلَّذِينَ يَلُونَكُم مِّنَ ٱلۡكُفَّارِ وَلۡيَجِدُواْ فِيكُمۡ غِلۡظَةٗۚ وَٱعۡلَمُوٓاْ أَنَّ ٱللَّهَ مَعَ ٱلۡمُتَّقِينَ ١٢٣
О те, которые уверовали! Сражайтесь с неверующими, которые находятся вблизи вас. И пусть они убедятся в вашей суровости. И знайте, что Аллах - с богобоязненными.
আল্লাহে মুমিনসকলক সেইসকল কাফিৰৰ লগত যুদ্ধ কৰাৰ নিৰ্দেশ দিছে, যিসকল তেওঁলোকৰ পাৰ্শ্বৱৰ্তী এলেকাত থাকে। কিয়নো সিহঁত ওচৰত থকাৰ বাবে মুমিনসকলৰ কাৰণে অধিক ভয়াৱহ। লগতে সিহঁতৰ সন্ত্ৰাস দমন কৰিবলৈ আৰু সিহঁতৰ ষড়যন্ত্ৰক নিৰ্মূল কৰিবলৈ মুছলিমসকলক শক্তি আৰু কঠোৰতা দেখুৱাবলৈ আদেশ দিয়া হৈছে। দৰাচলতে আল্লাহৰ সহায় আৰু সমৰ্থন সেইসকল লোকৰ লগত থাকে যিসকলে তেওঁৰ তাক্বৱা অৱলম্বন কৰে।
9:124Страница 207
وَإِذَا مَآ أُنزِلَتۡ سُورَةٞ فَمِنۡهُم مَّن يَقُولُ أَيُّكُمۡ زَادَتۡهُ هَٰذِهِۦٓ إِيمَٰنٗاۚ فَأَمَّا ٱلَّذِينَ ءَامَنُواْ فَزَادَتۡهُمۡ إِيمَٰنٗا وَهُمۡ يَسۡتَبۡشِرُونَ ١٢٤
Когда ниспосылается сура, то среди них находится такой, который говорит: «Чья вера от этого стала сильнее?». Что касается тех, кто уверовал, то их вера от этого усиливается, и они радуются.
যেতিয়া আল্লাহে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত কোনো ছুৰা অৱতীৰ্ণ কৰে, তেতিয়া মুনাফিকসকলৰ কিছুমানে উপহাস কৰি কয় যে, এই অৱতীৰ্ণ হোৱা ছুৰাটোৱে মুহাম্মদ লৈ অহা চৰীয়তৰ কাৰ ঈমান বৃদ্ধি কৰিলে? প্ৰকৃত সত্য এই যে, যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰে আৰু তেওঁৰ নবীক সত্য বুলি স্বীকাৰ কৰে, এই ছুৰাই তেওঁলোকৰ পূৰ্বৰ ঈমানক আৰু বৃদ্ধি কৰি দিয়ে, আৰু অহী অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰতো তেওঁলোক আনন্দিত। কাৰণ তাত তেওঁলোকৰ বাবে পৃথিৱী আৰু আখিৰাতৰ উপকাৰ নিহিত আছে।
9:125Страница 207
وَأَمَّا ٱلَّذِينَ فِي قُلُوبِهِم مَّرَضٞ فَزَادَتۡهُمۡ رِجۡسًا إِلَىٰ رِجۡسِهِمۡ وَمَاتُواْ وَهُمۡ كَٰفِرُونَ ١٢٥
А что касается тех, чьи сердца поражены недугом, то это добавляет сомнение к их сомнению, и поэтому они умрут неверующими.
আনহাতে মুনাফিকসকলৰ বিষয়টো হৈছে এনেকুৱা, আহকাম আৰু পূৰ্বে অতিবাহিত হোৱা জাতিসমূহৰ বিৱৰণী দিয়া এই কোৰআন অৱতীৰ্ণই সিহঁতৰ ব্যাধি আৰু নিকৃষ্ট মানসিকতা অধিক বৃদ্ধি কৰে, কিয়নো সিহঁতে ইয়াক অস্বীকাৰ কৰে। এতেকে যিদৰে ধাৰাবাহিক ভাৱে কোৰআন অৱতীৰ্ণ হয়, ক্ৰমে সিহঁতৰো আন্তৰিক ব্যাধি বৃদ্ধি পাই থাকে। কাৰণ যেতিয়াই কোনো বিষয়ে আয়াত অৱতীৰ্ণ হয় তেতিয়াই সিহঁতে তাত সন্দেহ পোষণ কৰে, ফলত কুফুৰী অৱস্থাতেই সিহঁতৰ মৃত্যু হয়।
9:126Страница 207
أَوَلَا يَرَوۡنَ أَنَّهُمۡ يُفۡتَنُونَ فِي كُلِّ عَامٖ مَّرَّةً أَوۡ مَرَّتَيۡنِ ثُمَّ لَا يَتُوبُونَ وَلَا هُمۡ يَذَّكَّرُونَ ١٢٦
Неужели они не видят, что каждый год они подвергаются испытанию один или два раза? Они не раскаиваются после этого и не поминают назидание.
এই মুনাফিকসকলে গমি নাচায় নেকি যে, আল্লাহে প্ৰত্যেক বছৰ এবাৰ অথবা দুবাৰকৈ সিহঁতক সংকটত পেলাই আৰু সিহঁতৰ নিফাকৰ গোপন তথ্য প্ৰকাশ কৰি সিহঁতক পৰীক্ষা কৰে? এইবোৰ আল্লাহেই কৰে , এই কথা সিহঁতে জনাৰ পিছতো কুফুৰী কাৰ্যৰ পৰা তাওবা নকৰে আৰু নিফাকৰ পৰা বিৰত নাথাকে। লগতে সিহঁতৰ লগত সংঘটিত হোৱা সেই ঘটনাবোৰৰ পৰাও সিহঁতে শিক্ষা নলয়, আৰু এইবোৰ যে আল্লাহৰ ফালৰ পৰা সংঘটিত হয় এই কথাও ভাৱি নাচায়।
9:127Страница 207
وَإِذَا مَآ أُنزِلَتۡ سُورَةٞ نَّظَرَ بَعۡضُهُمۡ إِلَىٰ بَعۡضٍ هَلۡ يَرَىٰكُم مِّنۡ أَحَدٖ ثُمَّ ٱنصَرَفُواْۚ صَرَفَ ٱللَّهُ قُلُوبَهُم بِأَنَّهُمۡ قَوۡمٞ لَّا يَفۡقَهُونَ ١٢٧
Когда ниспосылается сура, они смотрят друг на друга: «Видит ли вас кто-нибудь?». А затем они отворачиваются. Аллах отвратил их сердца, потому что они - люди неразумные.
আল্লাহে যেতিয়া তেওঁৰ ৰাছুলৰ ওপৰত কোনো ছুৰা অৱতীৰ্ণ কৰে, য'ত মুনাফিকসকলৰ অৱস্থা সম্পৰ্কে বৰ্ণনা থাকে, তেতিয়া কিছুমান মুনাফিকে পৰস্পৰে পৰস্পৰৰ পিনে চাই কয়ঃ তোমালোকক কোনোবাই দেখি আছে নেকি, যদি কোনোবাই দেখা নাই তেন্তে তৎক্ষণাত সেই বৈঠকৰ পৰা পলায়ন কৰে। জানি থোৱা! আল্লাহে সিহঁতৰ অন্তৰক হিদায়ত আৰু কল্যাণৰ পৰা আঁতৰাই দিছে। লগতে সিহঁতক সিহঁতৰ অৱস্থাত এৰি দিছে, কিয়নো সিহঁত হৈছে বিবেক-বুদ্ধি নথকা সম্প্ৰদায়।
Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии