Аль-Мухтасар · Тафсир · на ассамском
البلد
Аль-Баляд
Город · Мекканская · 20 аятов
আল্লাহ তাআলাই সন্মানিত মক্কা নগৰৰ শপত কৰিছে।
90:2Страница 594
وَأَنتَ حِلُّۢ بِهَٰذَا ٱلۡبَلَدِ ٢
Ты обитаешь в этом городе (или Тебе будет дозволено сражаться в этом городе).
আৰু হে ৰাছুল! আপোনাৰ বাবে এই নগৰত হত্যাকাৰীক হত্যা কৰা আৰু গ্ৰেফতাৰ কৰিবলগীয়া ব্যক্তিক গ্ৰেফতাৰ কৰিবলৈ বৈধ কৰা হৈছে।
90:3Страница 594
وَوَالِدٖ وَمَا وَلَدَ ٣
Клянусь родителем и тем, кого он породил (Адамом и его потомством, или Ибрахимом и его потомками, в том числе Исмаилом и Мухаммадом)!
আল্লাহে মানৱ জাতিৰ পিতা আৰু তাৰ বংশৰ পৰা জন্ম লাভ কৰা সন্তানৰ শপত কৰিছে।
আমি মানুহক ক্লান্ত আৰু কঠিনতাৰে আৱদ্ধ কৰি সৃষ্টি কৰিছো। সেয়ে সিহঁতে পৃথিৱীত সদায় কঠিনতাৰ সন্মুখীন হৈ থাকে।
90:5Страница 594
أَيَحۡسَبُ أَن لَّن يَقۡدِرَ عَلَيۡهِ أَحَدٞ ٥
Неужели он полагает, что никто не справится с ним?
মানুহে ভাৱিছে নেকি যে, যদি সিহঁতে পাপ কৰে তেন্তে তাৰ ওপৰত কোনো ক্ষমতা নচলিব আৰু কোনেও তাক শাস্তি প্ৰদান নকৰিব, যদিও তাৰ প্ৰতিপালক হয়, যিজনে তাক সৃষ্টি কৰিছে?
সি কয় যে, মই বহুতো ধন খৰচ কৰিছোঁ, ইখনৰ পিছত ইখন।
খৰচ কৰাৰ ক্ষেত্ৰত গৰ্বকাৰী ব্যক্তিয়ে ভাবিছে নেকি যে, আল্লাহ তাআলাই তাক দেখা নাই, আৰু সি ভাৱিছে নেকি যে, তাৰ সম্পদৰ হিচাপ লোৱা নহব, সেয়া কৰ পৰা অৰ্জন কৰিছে আৰু কত খৰচ কৰিছে?
দেখিবলৈ আমি তাক দুটা চকু দিয়া নাইনে?
আৰু কথা কবলৈ এখন জিভা আৰু দুটা ওঠঁ দিয়া নাইনে?
আৰু আমি তাক সত্য আৰু অসত্য পথৰ পৰিচয় দিয়া নাইনে?
সি এই কথাৰ অপেক্ষাত আছে যে, সেই দুৰ্গম গিৰিপথ পাৰ কৰিব যিটো তাক জান্নাতৰ পৰা পৃথক কৰে।
আৰু হে ৰাছুল! আপোনাক কিহে জনাব যে, দুৰ্গম গিৰিপথ কি যিটো সি জান্নাতত প্ৰৱেশ কৰিবলৈ পাৰ হব লাগিব?
সেয়া হৈছে দাসমুক্তি পুৰুষ হওঁক বা মহিলা।
এয়া এক এনেকুৱা দুৰ্ভিক্ষৰ দিন যেতিয়া খাদ্য পোৱা কঠিন হয়।
এনেকুৱা দৰিদ্ৰ শিশু, যিয়ে তাৰ পিতৃৰ ছাঁৰ পৰা বঞ্চিত হৈছে আৰু কিন্তু তাৰ আত্মীয় আছে।
অথবা এনেকুৱা দৰিদ্ৰ যিয়ে কোনো বস্তুৰ গৰাকী নহয়।
90:17Страница 594
ثُمَّ كَانَ مِنَ ٱلَّذِينَ ءَامَنُواْ وَتَوَاصَوۡاْ بِٱلصَّبۡرِ وَتَوَاصَوۡاْ بِٱلۡمَرۡحَمَةِ ١٧
А после этого надо быть одним из тех, которые уверовали и заповедали друг другу терпение и заповедали друг другу милосердие.
তাৰ পিছত সি এনেকুৱা লোকৰ অন্তৰ্ভুক্ত হব যিয়ে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু এজনে আনজক সত্কৰ্মৰ প্ৰতি অটুট থাকিবলৈ আৰু পাপ কামৰ পৰা বিৰত থাকিবলৈ আৰু বিপদৰ সময়ত ধৈৰ্য ধাৰণ কৰিবলৈ গুৰুত্ব প্ৰদান কৰে তথা এজনে আনজনক আল্লাহৰ বান্দাৰ প্ৰতি দয়া কৰিবলৈ গুৰুত্ব প্ৰদান কৰে।
এই বৈশিষ্ট্যসমূহৰ অধিকাৰী ব্যক্তি সকলেই সোঁ ফালৰ গৰাকী।
90:19Страница 594
وَٱلَّذِينَ كَفَرُواْ بِـَٔايَٰتِنَا هُمۡ أَصۡحَٰبُ ٱلۡمَشۡـَٔمَةِ ١٩
Те же, которые не уверовали в Наши знамения, являются людьми левой стороны,
আৰু যিসকলে ৰাছুলৰ প্ৰতি অৱতীৰ্ণ আয়াতবোৰ অস্বীকাৰ কৰে সিহঁতেই বাওঁ হাতৰ গৰাকী।
এনেকুৱা লোকেই আৱদ্ধ অগ্নিৰে পৰিবেষ্টিত হব, যাৰ শাস্তি কেৱল সিহঁতকেই দিয়া হব।
Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии