Аль-Мухтасар · Тафсир · на ассамском
الليل
Аль-Ляйль
Ночь · Мекканская · 21 аят
আল্লাহ তাআলাই ৰাতিৰ শপত কৰিছে, যেতিয়া ই তাৰ অন্ধাকাৰৰ জৰিয়তে আকাশ আৰু পৃথিৱীৰ মাজত সকলো বস্তুক আৱৰি ধৰে।
আৰু দিনৰ শপত কৰিছে, যেতিয়া ই প্ৰকাশ হয় আৰু স্পষ্ট হয়।
আৰু তেওঁৰ সৃষ্টিৰ দুটা প্ৰকাৰৰ শপত কৰিছে, মতা- মাইকিৰ।
হে মানৱ, নিশ্চয় তোমালোকৰ প্ৰয়াস বেলেগ বেলেগ প্ৰকাৰৰ। কিছুমান সৎ প্ৰয়াস, যিবোৰ জান্নাতত প্ৰৱেশ কৰাৰ মাধ্যম আৰু কিছুমান অসৎ প্ৰয়াস, যিবোৰ জাহান্নামত প্ৰৱেশ কৰাৰ মাধ্যম।
92:5Страница 595
فَأَمَّا مَنۡ أَعۡطَىٰ وَٱتَّقَىٰ ٥
Тому, кто отдавал должное (или раздавал милостыню) и был богобоязнен,
এতেকে যিয়ে য'ত খৰচ কৰা জৰুৰীভাৱে, সি তাত খৰচ কৰিছে যেনে- যাকাত, আহাৰ- ভোজন, আৰু কাফফাৰা আদি। আৰু আল্লাহ তাআলাই যাৰ পৰা বিৰত থাকিবলৈ কৈছে, তাৰ পৰা দূৰত্ব অৱলম্বন কৰিছে।
92:6Страница 595
وَصَدَّقَ بِٱلۡحُسۡنَىٰ ٦
кто признавал наилучшее (свидетельство единобожия или Рай),
আৰু আল্লাহ তাআলাই পৰিণামৰ যি প্ৰতিশ্ৰুতি কৰিছে সেয়া পূৰ্ণ কৰিছে।
আমি তাৰ বাবে সত্কৰ্ম কৰাৰ আৰু আল্লাহৰ পথত খৰচ কৰা সহজ কৰি দিম।
92:8Страница 595
وَأَمَّا مَنۢ بَخِلَ وَٱسۡتَغۡنَىٰ ٨
А тому, кто был скуп и полагал, что ни в чем не нуждается,
আৰু সেই ব্যক্তি যিয়ে তাৰ সম্পদ ব্যয় কৰাৰ ক্ষেত্ৰত কৃপণালী কৰে আৰু জৰুৰী কামত খৰচ নকৰে আৰু ধন-সম্পদৰ লালসাত আল্লাহক অৱহেলা কৰে আৰু আল্লাহৰ পৰা তাৰ কৰুণা বিচৰা নাই।
92:9Страница 595
وَكَذَّبَ بِٱلۡحُسۡنَىٰ ٩
кто счел ложью наилучшее (свидетельство единобожия или Рай),
আৰু আল্লাহ তাআলাই তাৰ পথত ধন খৰচ কৰাৰ প্ৰতি যি পৰিণাম প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে তাক অস্বীকাৰ কৰিছে।
তেন্তে আমি তাৰ বাবে বেয়া কাম সহজ কৰি দিম আৰু ভাল কাম কৰা জটিল কৰি দিম।
92:11Страница 595
وَمَا يُغۡنِي عَنۡهُ مَالُهُۥٓ إِذَا تَرَدَّىٰٓ ١١
Не спасет его достояние, когда он падет (в Геенну или погибнет).
যেতিয়া সি ধ্বংস হব আৰু জাহান্নামত প্ৰৱেশ কৰিব তেতিয়া তাৰ ধন-সম্পদ তাৰ কোনো কামত নাহিব, যাক সি কৃপণালি কৰি জমা কৰি ৰাখিছিল।
কেৱল সত্য আৰু মিথ্যাৰ পথ পৰিচয় কৰাই দিয়াই আমাৰ দায়িত্ব।
92:13Страница 595
وَإِنَّ لَنَا لَلۡأٓخِرَةَ وَٱلۡأُولَىٰ ١٣
Нам же принадлежат жизнь Последняя и первая.
পাৰ্থিৱ আৰু পৰকালৰ জীৱন আমাৰ হাতত। আমি উভয়ৰ মাজত যি বিচাৰো পৰিৱৰ্তন কৰোঁ। আৰু এয়া আমাৰ অবিহনে আন কাৰো জৰিয়তে হব নোৱাৰে।
হে মানৱ, যদি তোমালোকে আল্লাহক অৱজ্ঞা কৰা তেন্তে আমি তোমালোকক উত্তপ্ত জুইৰ পৰা সতৰ্ক কৰি দিছো।
যাৰ ভিতৰত কেৱল হতভাগ্য ব্যক্তিহে জ্বলিব অৰ্থাৎ কাফিৰ ব্যক্তি।
যিয়ে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে আনা সংবাদ অস্বীকাৰ কৰিছে আৰু আল্লাহৰ আজ্ঞা পালনৰ পৰা মুখ ঘূৰাই ফুৰিছে।
আৰু ইয়াৰ পৰা পৰম মুত্তাক্বী ব্যক্তিক অৰ্থাৎ আবু বকৰ চিদ্দীক ৰাদ্বিয়াল্লাহু আনহুক বচাই লোৱা হব।
যিয়ে তাৰ ধন সৎ পথত পাপৰ পৰা পবিত্ৰ হবলৈ দান কৰে।
92:19Страница 596
وَمَا لِأَحَدٍ عِندَهُۥ مِن نِّعۡمَةٖ تُجۡزَىٰٓ ١٩
и всякую милость возмещает сполна
আৰু তেওঁ তাৰ ধন-সম্পদ এই কাৰণে ব্যয় নকৰে যে তাৰ প্ৰতি কাৰো অনুগ্ৰহ আছে, যাক আদায় কৰি আছে।
92:20Страница 596
إِلَّا ٱبۡتِغَآءَ وَجۡهِ رَبِّهِ ٱلۡأَعۡلَىٰ ٢٠
только из стремления к Лику своего Всевышнего Господа.
তেওঁ যি ধন ব্যয় কৰে ইয়াৰ একমাত্ৰ উদ্দেশ্য হৈছে, তেওঁৰ প্ৰতিপালকৰ সন্তুষ্টি লাভ কৰা, যিজন নিজ সৃষ্টিতকৈ বহু ঊৰ্দ্ধত।
আৰু তেওঁ নিশ্চয় সেই প্ৰচুৰ পৰিণামৰ প্ৰতি সন্তুষ্ট হৈ যাব, যিবোৰ আল্লাহ তাআলাই তেওঁক দান কৰিব।
Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии