Аль-Мухтасар · Тафсир · на ассамском
Худ 11:75–115
11:75Страница 230
إِنَّ إِبۡرَٰهِيمَ لَحَلِيمٌ أَوَّٰهٞ مُّنِيبٞ ٧٥
Воистину, Ибрахим (Авраам) был выдержанным, смиренным и кающимся.
নিশ্চয় ইব্ৰাহীম আছিল অতি সহনশীল, সেই কাৰণেই তেওঁ শাস্তি বিলম্ব কৰোৱাব বিচাৰিছিল। তেওঁ আছিল নিজ প্ৰতিপালকৰ প্ৰতি অত্যন্ত বিনয়ী। অধিক প্ৰাৰ্থনাকাৰী আৰু তেওঁৰ পিনে প্ৰত্যাৱৰ্তনকাৰী।
11:76Страница 230
يَٰٓإِبۡرَٰهِيمُ أَعۡرِضۡ عَنۡ هَٰذَآۖ إِنَّهُۥ قَدۡ جَآءَ أَمۡرُ رَبِّكَۖ وَإِنَّهُمۡ ءَاتِيهِمۡ عَذَابٌ غَيۡرُ مَرۡدُودٖ ٧٦
Ангелы сказали: «О Ибрахим (Авраам)! Оставь споры, ибо твой Господь уже отдал приказ, и их постигнут неотвратимые мучения».
ফিৰিস্তাসকলে ক'লেঃ হে ইব্ৰাহীম! লূত আলাইহিছ ছালামৰ জাতিৰ বিষয়ে বিতৰ্ক এৰক। নিশ্চয় আপোনাৰ প্ৰতিপালকৰ তৰফৰ পৰা আদেশ আহিছে, আৰু সেই শাস্তি অৱশ্যে সিহঁতৰ ওপৰত অৱধাৰিত হ'ব যিটো সিহঁতৰ বাবে নিৰ্ধাৰণ কৰা হৈছে। অৱশ্যে লূত সম্প্ৰদায়ৰ ওপৰত মহাশাস্তিৰ আগমন ঘটিব। এতেকে সেই শাস্তি প্ৰাৰ্থনাৰ জৰিয়তেও আঁতৰ নহ'ব আৰু কোনো আবেদন অনুৰোধৰ দ্বাৰাও নহয়।
11:77Страница 230
وَلَمَّا جَآءَتۡ رُسُلُنَا لُوطٗا سِيٓءَ بِهِمۡ وَضَاقَ بِهِمۡ ذَرۡعٗا وَقَالَ هَٰذَا يَوۡمٌ عَصِيبٞ ٧٧
Когда Наши посланцы явились к Луту (Лоту), он огорчился из-за них, почувствовал себя стесненным и сказал: «Это - тяжкий день».
ফিৰিস্তাসকলে যেতিয়া লূত আলাইহিছ ছালামৰ ওচৰত পুৰুষৰ ৰূপ ধাৰণ কৰি আহি উপস্থিত হ'ল, তেতিয়া তেওঁলোকৰ অহাটো লূত আলাইহিছ ছআলামে অপছন্দ কৰিলে। তেওঁলোকৰ লগত তেওঁৰ সম্প্ৰদায়ৰ আচৰণৰ প্ৰতি ভয় কৰি লূত আলাইহিছ ছালামৰ অন্তৰ সংকীৰ্ণ হৈ পৰিল। কাৰণ তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে স্ত্ৰী পৰিত্যাগ কৰি পুৰুষৰ লগত যৌন সম্পৰ্ক স্থাপন কৰা গুনাহত লিপ্ত আছিল। লূত আলাইহিছ ছালামে ক'লেঃ এইটো হৈছে মহা কঠিন দিৱস। তেওঁ এই কথাষাৰ কোৱাৰ উদ্দেশ্য হৈছে যে, তেওঁ আশংকা কৰিছিল তেওঁৰ সম্প্ৰদায়ে তেওঁক পৰাজিত কৰি তেওঁৰ অতিথিসকলৰ লগত বেয়া ব্যৱহাৰ কৰিব পাৰে।
11:78Страница 230
وَجَآءَهُۥ قَوۡمُهُۥ يُهۡرَعُونَ إِلَيۡهِ وَمِن قَبۡلُ كَانُواْ يَعۡمَلُونَ ٱلسَّيِّـَٔاتِۚ قَالَ يَٰقَوۡمِ هَٰٓؤُلَآءِ بَنَاتِي هُنَّ أَطۡهَرُ لَكُمۡۖ فَٱتَّقُواْ ٱللَّهَ وَلَا تُخۡزُونِ فِي ضَيۡفِيٓۖ أَلَيۡسَ مِنكُمۡ رَجُلٞ رَّشِيدٞ ٧٨
К нему сбежались его соплеменники, которые уже давно совершали преступления. Он сказал: «О мой народ! Вот мои дочери. Они для вас чище. Побойтесь Аллаха и не позорьте меня перед моими гостями. Неужели среди вас нет благоразумного мужчины?».
ইপিনে লূত সম্প্ৰদায়ৰ লোকসকলে তেওঁৰ অতিথিসকলৰ লগত কুকৰ্ম কৰিবলৈ দৌৰি আহিল, ইতিপূৰ্বেও সিহঁত এই বেয়া অভ্যাসত লিপ্ত আছিল যে, স্ত্ৰীক এৰি পুৰুষৰ লগত যৌন সম্পৰ্ক স্থাপন কৰিছিল। লূত আলাইহিছ ছালামে তেওঁৰ সম্প্ৰদায়ৰ লোকসকলক আঁতৰাবলৈ আৰু অতিথিসকলৰ সন্মুখত নিজৰ বিৱশতা প্ৰকাশ কৰি ক'লেঃ চোৱা! নাৰীসকলৰ মাজত এয়া মোৰ ছোৱালীসকলো আছে, তোমালোকে এওঁলোকক বিবাহ কৰোৱা। নিশ্চয় তোমালোকৰ বাবে এয়া বেয়া কৰ্মৰ তুলনাত অধিক পৱিত্ৰ। এতেকে তোমালোকে আল্লাহক ভয় কৰা। আৰু মোৰ অতিথিসকলৰ ক্ষেত্ৰত মোক অপমান নকৰিবা। হে মোৰ জাতিৰ লোকসকল! তোমালোকৰ মাজত কোনো বিবেকৱান লোক নাই নেকি, যিয়ে তোমালোকক এই কুকৰ্মৰ পৰা বিৰত ৰাখিব?
11:79Страница 230
قَالُواْ لَقَدۡ عَلِمۡتَ مَا لَنَا فِي بَنَاتِكَ مِنۡ حَقّٖ وَإِنَّكَ لَتَعۡلَمُ مَا نُرِيدُ ٧٩
Они сказали: «Ты знаешь, что нам не нужны твои дочери. Тебе известно, чего мы хотим».
তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে তেওঁক ক'লেঃ হে লূত! তুমিতো জানাই, তোমাৰ ছোৱালীসকলৰ প্ৰতি আৰু তোমাৰ সম্প্ৰদায়ৰ নাৰীসকলৰ প্ৰতি আমাৰ কোনো ইচ্ছা নাই আৰু কোনো কামনাও নাই। নিশ্চয় তুমি দেখোন জানাই আমি কি বিচাৰো। আমি কেৱল পুৰুষ বিচাৰো।
11:80Страница 230
قَالَ لَوۡ أَنَّ لِي بِكُمۡ قُوَّةً أَوۡ ءَاوِيٓ إِلَىٰ رُكۡنٖ شَدِيدٖ ٨٠
Он сказал: «Если бы у меня была сила, чтобы одолеть вас! Если бы у меня была мощная опора!».
তেতিয়া লূত আলাইহিছ ছালামে ক'লেঃ হায়! তোমালোকক আঁতৰাবলৈ মোৰ ওচৰত যদি শক্তি থাকিলেহেঁতেন অথবা ৰক্ষা কৰাৰ বাবে আত্মীয় থাকিলেহেঁতেন, তেতিয়াহলে মই মোৰ অতিথিসকলক তোমালোকৰ পৰা ৰক্ষা কৰিলোহেঁতেন।
11:81Страница 230
قَالُواْ يَٰلُوطُ إِنَّا رُسُلُ رَبِّكَ لَن يَصِلُوٓاْ إِلَيۡكَۖ فَأَسۡرِ بِأَهۡلِكَ بِقِطۡعٖ مِّنَ ٱلَّيۡلِ وَلَا يَلۡتَفِتۡ مِنكُمۡ أَحَدٌ إِلَّا ٱمۡرَأَتَكَۖ إِنَّهُۥ مُصِيبُهَا مَآ أَصَابَهُمۡۚ إِنَّ مَوۡعِدَهُمُ ٱلصُّبۡحُۚ أَلَيۡسَ ٱلصُّبۡحُ بِقَرِيبٖ ٨١
Они сказали: «О Лут (Лот)! Мы - посланцы твоего Господа, и они не причинят тебе зла. Отправляйся в путь вместе со своей семьей среди ночи, и пусть никто из вас не оглядывается. И только твою жену поразит то, что поразит остальных. Их срок выйдет утром. Разве утро не близко?».
ফিৰিস্তাসকলে লূত আলাইহিছ ছালামক ক'লেঃ হে লূত! আমি হৈছোঁ দূত। আল্লাহে আমাক প্ৰেৰণ কৰিছে। এতেকে আপোনাৰ সম্প্ৰদায়ৰ লোকসকলে কেতিয়াও আপোনাক অনিষ্ট কৰাৰ উদ্দেশ্যত উপনীত হ'ব নোৱাৰে। এতেকে আপুনি ৰাতিৰ অন্ধকাৰত নিজ পৰিয়ালৰ সৈতে এই অঞ্চল ত্যাগ কৰক। আৰু মনত ৰাখিব, কোনেও যেন পিছফালে ঘূৰি নাচায়। কিন্তু আপোনাৰ স্ত্ৰী অবাধ্যতা কৰি পিছফালে ঘূৰি চাব। কাৰণ সিও এই শাস্তি ভোগ কৰিব যিটো আপোনাৰ সম্প্ৰদায়ে ভোগ কৰিব। নিশ্চয় সিহঁতৰ ধ্বংসৰ সময় হৈছে প্ৰাতঃকাল। যিটো অতি সন্নিকট।
11:82Страница 231
فَلَمَّا جَآءَ أَمۡرُنَا جَعَلۡنَا عَٰلِيَهَا سَافِلَهَا وَأَمۡطَرۡنَا عَلَيۡهَا حِجَارَةٗ مِّن سِجِّيلٖ مَّنضُودٖ ٨٢
Когда же явилось Наше веление, Мы перевернули вверх дном их селения и последовательно обрушили на них каменья из обожженной глины,
তাৰ পিছত যেতিয়া লূত সম্প্ৰদায়ক ধ্বংস কৰাৰ বাবে আমাৰ আদেশ আহি পৰিল, তেতিয়া আমি সিহঁতৰ গাওঁবোৰক তল-ওপৰ কৰি বিনষ্ট কৰিলো, লগতে সিহঁতৰ ওপৰত ক্ৰমাগতভাৱে ধাৰাসাৰ পকা মাটিৰ শীল বৰ্ষণ কৰিলো।
11:83Страница 231
مُّسَوَّمَةً عِندَ رَبِّكَۖ وَمَا هِيَ مِنَ ٱلظَّٰلِمِينَ بِبَعِيدٖ ٨٣
помеченные у твоего Господа. Воистину, они недалеки от беззаконников.
সেই শীলবোৰৰ ওপৰত আল্লাহৰ তৰফৰ পৰা এটা বিশেষ প্ৰতীক লগোৱা আছিল। এনেকুৱা শীল, কুৰাইছ আৰু সিহঁতৰ দৰে অন্যায়কাৰীসকলৰ পৰা বেছি দূৰত নহয়। বৰং অতি সন্নিকট, আল্লাহে যেতিয়াই সিহঁতৰ ওপৰত বৰ্ষাবলৈ সিদ্ধান্ত লব, তেতিয়াই সেয়া অৱতীৰ্ণ হ'ব।
11:84Страница 231
۞ وَإِلَىٰ مَدۡيَنَ أَخَاهُمۡ شُعَيۡبٗاۚ قَالَ يَٰقَوۡمِ ٱعۡبُدُواْ ٱللَّهَ مَا لَكُم مِّنۡ إِلَٰهٍ غَيۡرُهُۥۖ وَلَا تَنقُصُواْ ٱلۡمِكۡيَالَ وَٱلۡمِيزَانَۖ إِنِّيٓ أَرَىٰكُم بِخَيۡرٖ وَإِنِّيٓ أَخَافُ عَلَيۡكُمۡ عَذَابَ يَوۡمٖ مُّحِيطٖ ٨٤
Мы отправили к мадьянитам их брата Шуейба. Он сказал: «О мой народ! Поклоняйтесь Аллаху, ибо нет у вас иного божества, кроме Него. Не обмеривайте и не обвешивайте. Я вижу, как вы благоденствуете, и боюсь, что вас постигнут мучения в Объемлющий день.
আৰু আমি মাদিয়ানবাসীসকলৰ ওচৰত সিহঁতৰ ভাতৃ শ্বুআইব আলাইহিচ্ছালামক প্ৰেৰণ কৰিছিলোঁ। তেওঁ কৈছিলঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে তোমালোকৰ বাবে ইবাদতৰ যোগ্য আন কোনো সত্য উপাস্য নাই। যেতিয়া তোমালোকে মানুহক কিবা বস্তু ওজন কৰি অথবা জুখি দিয়া, তেতিয়া তাত কোনো ধৰণৰ অন্যায় নকৰিবা বা কম নিদিবা। মই দেখি আছোঁ তোমালোকে যথেষ্ট নিয়ামত উপভোগ কৰি আছা। এতেকে আল্লাহৰ এই নিয়ামতক গুনাহত পৰিণত নকৰিবা। মই তোমালোকৰ প্ৰতি সেই পৰিবেষ্টিত দিৱসৰ শাস্তিৰ আশংকা কৰোঁ, যেতিয়া তোমালোকৰ প্ৰত্যেক ব্যক্তিক গ্ৰেপ্তাৰ কৰা হ'ব আৰু তাত পলায়ন কৰাৰ অথবা আশ্ৰয় লোৱাৰ কোনো স্থান নাথাকিব।
11:85Страница 231
وَيَٰقَوۡمِ أَوۡفُواْ ٱلۡمِكۡيَالَ وَٱلۡمِيزَانَ بِٱلۡقِسۡطِۖ وَلَا تَبۡخَسُواْ ٱلنَّاسَ أَشۡيَآءَهُمۡ وَلَا تَعۡثَوۡاْ فِي ٱلۡأَرۡضِ مُفۡسِدِينَ ٨٥
О мой народ! Наполняйте меру и весы по справедливости, не придерживайте имущество людей и не творите на земле зла, распространяя нечестие.
আৰু হে মোৰ জাতি ভাইসকল! যেতিয়া তোমালোকে কিবা বস্তু জুখি অথবা ওজন কৰি দিয়া, তেতিয়া সেয়া ন্যায়ৰ সৈতে পৰিপূৰ্ণভাৱে প্ৰদান কৰিবা। আনহাতে ওজনত কম তুলি প্ৰৱঞ্চনা কৰি তথা মানুহক ঠগাই সিহঁতৰ অধিকাৰ খৰ্ব নকৰিবা। লগতে হত্যাৰ দৰে গুনাহত লিপ্ত হৈ পৃথিৱীত বিপৰ্যয় সৃষ্টি নকৰিবা।
11:86Страница 231
بَقِيَّتُ ٱللَّهِ خَيۡرٞ لَّكُمۡ إِن كُنتُم مُّؤۡمِنِينَۚ وَمَآ أَنَا۠ عَلَيۡكُم بِحَفِيظٖ ٨٦
Оставленное вам Аллахом лучше для вас, если только вы веруете, и я не являюсь вашим хранителем».
আল্লাহৰ হালাল সঞ্চয়কৃত ধন যিবোৰ তেওঁ মানুহক সিহঁতৰ অধিকাৰ ন্যায়ৰ সৈতে প্ৰদান কৰাৰ পিছত তোমালোকৰ বাবে সঞ্চয় কৰি থয়, সেয়া পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি তথা জুখ-মাখত হ্ৰাসৰ জৰিয়তে লাভ কৰা ধনতকৈ অধিক লাভদায়ক আৰু বৰকতময়। যদি তোমালোক প্ৰকৃত মুমিন তেন্তে সেই সঞ্চয়কৃত ধনৰ প্ৰতি সন্তুষ্ট হোৱা। মই তোমালোকৰ নিৰীক্ষক নহয় যে, তোমালোকৰ সকলো কৰ্মৰ হিচাপ ৰাখিম আৰু সেইমতে তোমালোকৰ হিচাপ-কিতাপ লম। নিশ্চয় প্ৰকৃত ৰক্ষক হৈছে সেই সত্তা, যিয়ে প্ৰকাশ্য অপ্ৰকাশ্য সকলো বিষয় সম্পৰ্কে অৱগত।
11:87Страница 231
قَالُواْ يَٰشُعَيۡبُ أَصَلَوٰتُكَ تَأۡمُرُكَ أَن نَّتۡرُكَ مَا يَعۡبُدُ ءَابَآؤُنَآ أَوۡ أَن نَّفۡعَلَ فِيٓ أَمۡوَٰلِنَا مَا نَشَٰٓؤُاْۖ إِنَّكَ لَأَنتَ ٱلۡحَلِيمُ ٱلرَّشِيدُ ٨٧
Они сказали: «О Шуейб! Неужели твой намаз повелевает нам отречься от того, чему поклонялись наши отцы, или распоряжаться нашим имуществом не так, как мы того хотим? Ведь ты же - выдержанный, благоразумный».
ছোআইব আলাইহিছ ছালামৰ জাতিৰ লোকসকলে তেওঁক ক'লেঃ হে ছোআইব! তোমাৰ ছালাত, যিটো তুমি আল্লাহৰ বাবে আদায় কৰা, তোমাক এই আদেশ দিয়ে নেকি যে, আমি যেন সেইবোৰ মূৰ্তিৰ উপাসনা এৰি দিওঁ যিবোৰক আমাৰ পিতৃ-পুৰুষসকলে উপাসনা কৰিছিল। আৰু এই আদেশ দিয়ে নেকি যে, আমি যেন আমাৰ সম্পত্তিত আমাৰ ইচ্ছানুযায়ী একো কৰিব নোৱাৰো আৰু আমি যাতে আমাৰ সম্পত্তি ইচ্ছানুযায়ী বৃদ্ধিও কৰিব নোৱাৰো? নিশ্চয় তুমি এজন সহনশীল তথা পূণ্যৱান লোক। কাৰণ এই আহ্বানৰ পূৰ্বে আমি তোমাক এজন বিবেকৱান তথা প্ৰজ্ঞাৱান লোক হিচাপে পাইছিলো। কিন্তু এতিয়া তোমাৰ কি হৈছে?
11:88Страница 231
قَالَ يَٰقَوۡمِ أَرَءَيۡتُمۡ إِن كُنتُ عَلَىٰ بَيِّنَةٖ مِّن رَّبِّي وَرَزَقَنِي مِنۡهُ رِزۡقًا حَسَنٗاۚ وَمَآ أُرِيدُ أَنۡ أُخَالِفَكُمۡ إِلَىٰ مَآ أَنۡهَىٰكُمۡ عَنۡهُۚ إِنۡ أُرِيدُ إِلَّا ٱلۡإِصۡلَٰحَ مَا ٱسۡتَطَعۡتُۚ وَمَا تَوۡفِيقِيٓ إِلَّا بِٱللَّهِۚ عَلَيۡهِ تَوَكَّلۡتُ وَإِلَيۡهِ أُنِيبُ ٨٨
Он сказал: «О мой народ! А что, если я опираюсь на доказательство от моего Господа, и Он даровал мне прекрасную долю? Я не хочу отличаться от вас и совершать то, что я запрещаю совершать вам, а хочу лишь исправить то, что в моих силах. Помогает мне только Аллах. На Него одного я уповаю, к Нему одному обращаюсь.
ছোআইব আলাইহিছ ছালামে তেওঁৰ সম্প্ৰদায়ক ক'লেঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! তোমালোকে মোক কোৱাচোন, যদি মই মোৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট প্ৰমাণ তথা দুৰদৰ্শিতাৰ ওপৰত প্ৰতিষ্ঠিত আছো, লগতে তেওঁ যিহেতু মোক তেওঁৰ ফালৰ পৰা হালাল জীৱিকা প্ৰদান কৰিছে আৰু নুবুওৱত প্ৰদান কৰিছে তেন্তে তোমালোকৰ অৱস্থা কি হ'ব, শুনা! মোৰ উদ্দেশ্য তোমালোকক কোনো বস্তুৰ পৰা বিৰত ৰখা নহয় আৰু সেই কৰ্মত বিৰোধিতা কৰাও মোৰ উদ্দেশ্য নহয়। মোৰ উদ্দেশ্য কেৱল তোমালোকক আল্লাহৰ তাওহীদৰ পিনে আহ্বান কৰা আৰু মোৰ সক্ষম অনুযায়ী তেওঁৰ আনুগত্য কৰি তোমালোকক সংশোধন কৰা। ইয়াৰ সামৰ্থ প্ৰদানকাৰীও কেৱলমাত্ৰ আল্লাহ তাআলা। মই সকলো কৰ্মত তেওঁৰ ওপৰতেই ভৰসা কৰো আৰু তেওঁৰ পিনেই প্ৰত্যাৱৰ্তন কৰো।
11:89Страница 232
وَيَٰقَوۡمِ لَا يَجۡرِمَنَّكُمۡ شِقَاقِيٓ أَن يُصِيبَكُم مِّثۡلُ مَآ أَصَابَ قَوۡمَ نُوحٍ أَوۡ قَوۡمَ هُودٍ أَوۡ قَوۡمَ صَٰلِحٖۚ وَمَا قَوۡمُ لُوطٖ مِّنكُم بِبَعِيدٖ ٨٩
О мой народ! Пусть ваши разногласия со мной не обрекут вас на то, что постигло народ Нуха (Ноя), или народ Худа, или народ Салиха. Народ Лута (Лота) также недалек от вас.
হে মোৰ সম্প্ৰদায়ৰ লোকসকল! মোৰ লগত তোমালোকৰ শত্ৰুতাই যেন মই লৈ অহা চৰীয়তক অস্বীকাৰ কৰিবলৈ অৰিহণা নোযোগায়। মই আশংকা কৰিছো তোমালোকে যেনিবা সেই শাস্তিৰ সন্মুখীন হোৱা নেকি, যি শাস্তি ভোগ কৰিছিল নূহ সম্প্ৰদায়, হূদ সম্প্ৰদায় আৰু ছলেহৰ সম্প্ৰদায়ে। আনহাতে লূত সম্প্ৰদায়ে ভোগ কৰা শাস্তিও দেখোন তোমালোকৰ পৰা সময় তথা স্থানৰ ক্ষেত্ৰতো বেছি দূৰ নহয়। তোমালোকে দেখোন জানাই সিহঁতৰ প্ৰতি কেনেকুৱা শাস্তি আহিছিল। এতেকে তোমালোকে তাৰ পৰা শিক্ষা লোৱা।
11:90Страница 232
وَٱسۡتَغۡفِرُواْ رَبَّكُمۡ ثُمَّ تُوبُوٓاْ إِلَيۡهِۚ إِنَّ رَبِّي رَحِيمٞ وَدُودٞ ٩٠
Попросите прощения у своего Господа, а затем раскайтесь перед Ним. Воистину, мой Господь - Милосердный, Любящий (или Любимый)».
আৰু নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা, আৰু গুনাহৰ পৰা তেওঁৰ ওচৰত তাওবা কৰা, নিশ্চয় মোৰ প্ৰতিপালক তাওবাকাৰীসকলৰ প্ৰতি দয়াৱান, অত্যন্ত স্নেহশীল।
11:91Страница 232
قَالُواْ يَٰشُعَيۡبُ مَا نَفۡقَهُ كَثِيرٗا مِّمَّا تَقُولُ وَإِنَّا لَنَرَىٰكَ فِينَا ضَعِيفٗاۖ وَلَوۡلَا رَهۡطُكَ لَرَجَمۡنَٰكَۖ وَمَآ أَنتَ عَلَيۡنَا بِعَزِيزٖ ٩١
Они сказали: «О Шуейб! Многое из того, что ты говоришь, нам непонятно. Мы считаем тебя слабым среди нас. Если бы не твой род, мы побили бы тебя камнями. Ты нисколько не дорог нам».
ছুআইব আলাইহিছ ছালামৰ জাতিৰ লোকসকলে তেওঁক ক'লেঃ হে ছোআইব! তুমি লৈ অহা বহু কথাই আমি বুজি নাপাওঁ। যিহেতু তোমাৰ দৃষ্টি হ্ৰাস পাইছে তথা দুৰ্বল হৈছে, সেয়ে আমিও তোমাক আমাৰ মাজত দুৰ্বল বুলিয়ে গণ্য কৰো। যদি তোমাৰ বংশধৰবিলাক আমাৰ ধৰ্মৰ অনুসাৰী নহলহেঁতেন তেন্তে আমি তোমাক শিল দলিয়াই হত্যা কৰিলোহেঁতেন। তুমি আমাৰ মাজত শক্তিশালীও নহয় যে, আমি তোমাক হত্যা কৰিবলৈ ভয় কৰিম। আমি কেৱল তোমাৰ বংশক সন্মান কৰি তোমাৰ হত্যাৰ পৰা বিৰত আছো।
11:92Страница 232
قَالَ يَٰقَوۡمِ أَرَهۡطِيٓ أَعَزُّ عَلَيۡكُم مِّنَ ٱللَّهِ وَٱتَّخَذۡتُمُوهُ وَرَآءَكُمۡ ظِهۡرِيًّاۖ إِنَّ رَبِّي بِمَا تَعۡمَلُونَ مُحِيطٞ ٩٢
Он сказал: «О мой народ! Неужели мой род дороже для вас, чем Аллах? Вы оставили Его за спиной, а ведь мой Господь объемлет то, что вы совершаете.
তেতিয়া ছোআইব আলাইহিছ ছালামে তেওঁৰ সম্প্ৰদায়ক ক'লেঃ হে মোৰ জাতিৰ লোকসকল! তোমালোকৰ দৃষ্টিত মোৰ বংশধৰসকল, তোমালোকৰ প্ৰতিপালক আল্লাহতকৈও অধিক সন্মানিত তথা প্ৰভাৱশালী নেকি? তোমালোকে আল্লাহক অৱজ্ঞা কৰিছা, কাৰণ তোমালোকে তেওঁৰ নবীৰ প্ৰতি ঈমান পোষণ কৰা নাই, যি নবীক তোমালোকৰ প্ৰতি প্ৰেৰণ কৰা হৈছে। নিশ্চয় মোৰ প্ৰতিপালক তোমালোকৰ সকলো কৰ্ম পৰিবেষ্টন কৰি আছে। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। তেওঁ তোমালোকক ইয়াৰ প্ৰতিফল দিব পৃথিৱীত ধ্বংসৰ জৰিয়তে আৰু আখিৰাতত দিব শাস্তি প্ৰদানৰ দ্বাৰা।
11:93Страница 232
وَيَٰقَوۡمِ ٱعۡمَلُواْ عَلَىٰ مَكَانَتِكُمۡ إِنِّي عَٰمِلٞۖ سَوۡفَ تَعۡلَمُونَ مَن يَأۡتِيهِ عَذَابٞ يُخۡزِيهِ وَمَنۡ هُوَ كَٰذِبٞۖ وَٱرۡتَقِبُوٓاْ إِنِّي مَعَكُمۡ رَقِيبٞ ٩٣
О мой народ! Действуйте по своему усмотрению, и я тоже буду действовать. Вы скоро узнаете, кого постигнут унизительные мучения и кто является лжецом. Ждите, и я подожду вместе с вами».
হে মোৰ জাতিৰ লোকসকল! তোমালোকে নিজ নিজ সামৰ্থ অনুযায়ী নিজৰ পছন্দৰ পথত কৰ্ম কৰা। নিশ্চয় ময়ো মোৰ সামৰ্থ অনুযায়ী মোৰ পছন্দৰ পথত আমল কৰি আছো। তোমালোকে অতি শীঘ্ৰেই জানিব পাৰিবা আমাৰ মাজত কাৰ ওচৰত লাঞ্ছনাকাৰী শাস্তি আহে আৰু কোন নিজৰ দাবীত মিছলীয়া। এতেকে আল্লাহৰ আদেশলৈ অপেক্ষা কৰা। নিশ্চয় ময়ো তোমালোকৰ লগত প্ৰতীক্ষা কৰি আছো।
11:94Страница 232
وَلَمَّا جَآءَ أَمۡرُنَا نَجَّيۡنَا شُعَيۡبٗا وَٱلَّذِينَ ءَامَنُواْ مَعَهُۥ بِرَحۡمَةٖ مِّنَّا وَأَخَذَتِ ٱلَّذِينَ ظَلَمُواْ ٱلصَّيۡحَةُ فَأَصۡبَحُواْ فِي دِيَٰرِهِمۡ جَٰثِمِينَ ٩٤
Когда же явилось Наше веление, Мы по Своей милости спасли Шуейба и тех, кто уверовал вместе с ним. А беззаконников поразил ужасный вопль, и они оказались повергнуты ниц в своих домах,
যেতিয়া ছোআইব সম্প্ৰদায়ক ধ্বংস কৰিবলৈ আমাৰ আদেশ আহি পৰিল, তেতিয়া আমি আমাৰ কৃপাত ছোআইব আৰু তেওঁৰ লগত ঈমান পোষণ কৰা লোকসকলক তাৰ পৰা ৰক্ষা কৰিলো। আৰু তেওঁ সম্প্ৰদায়ৰ অন্যায়কাৰীবিলাকক প্ৰচণ্ড শব্দই ধ্বংস কৰিলে, ফলত সিহঁত লগে লগে মৃত্যুবৰণ কৰিলে। সিহঁত এনেকৈ উবুৰি খাই পৰিছিল যে, সিহঁতৰ চেহেৰা মাটিৰে লুতুৰি-পুতুৰি হৈ আছিল।
11:95Страница 232
كَأَن لَّمۡ يَغۡنَوۡاْ فِيهَآۗ أَلَا بُعۡدٗا لِّمَدۡيَنَ كَمَا بَعِدَتۡ ثَمُودُ ٩٥
словно они никогда не жили там. Да сгинут мадьяниты, как сгинули самудяне!
এনেকুৱা দৃশ্যত পৰিণত হৈছিল যেনিবা সিহঁত তাত কেতিয়াও বসবাসে কৰা নাছিল। জানি থোৱা! মাদিয়ান সম্প্ৰদায়ো আল্লাহৰ ৰহমতৰ পৰা বঞ্চিত হৈছিল যেতিয়া সিহঁতৰ ওপৰত তেওঁৰ শাস্তি আহি পৰিছিল, যিদৰে ছামূদ সম্প্ৰদায়ৰ ওপৰত আল্লাহৰ প্ৰকোপ অৱতীৰ্ণ হোৱাৰ পিছত, সিহঁতক আল্লাহৰ ৰহমতৰ পৰা দূৰ কৰি দিয়া হৈছিল।
11:96Страница 232
وَلَقَدۡ أَرۡسَلۡنَا مُوسَىٰ بِـَٔايَٰتِنَا وَسُلۡطَٰنٖ مُّبِينٍ ٩٦
Мы отправили Мусу (Моисея) с Нашими знамениями и явным доказательством
নিশ্চয় আমি মুছাক তাওহীদ প্ৰমাণ কৰিবলৈ তথা তেওঁৰ চৰীয়তৰ সত্যতা সাব্যস্ত কৰিবলৈ বহুতো স্পষ্ট প্ৰমাণ তথা প্ৰকাশ্য যুক্তিৰে প্ৰেৰণ কৰিছিলো।
11:97Страница 232
إِلَىٰ فِرۡعَوۡنَ وَمَلَإِيْهِۦ فَٱتَّبَعُوٓاْ أَمۡرَ فِرۡعَوۡنَۖ وَمَآ أَمۡرُ فِرۡعَوۡنَ بِرَشِيدٖ ٩٧
к Фараону и его знати. Но они последовали повелению Фараона, хотя повеление Фараона было неразумным.
আমি তেওঁক ফিৰআউন আৰু তাৰ জাতিৰ গণ্যমান্য লোকসকলৰ ওচৰলৈ প্ৰেৰণ কৰিছিলো। কিন্তু সেই গণ্যমান্য লোকসকলে আল্লাহক অস্বীকাৰ কৰিবলৈ ফিৰআউনে কৰা আদেশ মানি ললে। যদিও ফিৰআউনৰ আদেশ অনুসৰণযোগ্য নাছিল। কাৰণ সেইটো সঠিক তথা উচিত সিদ্ধান্ত নাছিল।
11:98Страница 233
يَقۡدُمُ قَوۡمَهُۥ يَوۡمَ ٱلۡقِيَٰمَةِ فَأَوۡرَدَهُمُ ٱلنَّارَۖ وَبِئۡسَ ٱلۡوِرۡدُ ٱلۡمَوۡرُودُ ٩٨
В День воскресения Фараон возглавит свой народ и поведет их в Огонь. Отвратительно то место, куда их поведут!
ক্বিয়ামতৰ দিনা ফিৰআউন আৰু তাৰ সম্প্ৰদায় জাহান্নামৰ পিনে আগবাঢ়িব, অৱশেষত সিহঁতক তাত নিক্ষেপ কৰা হ'ব। সেইটো কিমান যে নিকৃষ্ট ঠাই, য’ত সিহঁতে অৱতৰণ কৰিব।
11:99Страница 233
وَأُتۡبِعُواْ فِي هَٰذِهِۦ لَعۡنَةٗ وَيَوۡمَ ٱلۡقِيَٰمَةِۚ بِئۡسَ ٱلرِّفۡدُ ٱلۡمَرۡفُودُ ٩٩
Проклятия будут преследовать их здесь и в День воскресения. Отвратителен дар, которым их одарили!
পাৰ্থিৱ জীৱনত আল্লাহে সিহঁতৰ লগত অভিশাপ সম্পৃক্ত কৰি দিছে আৰু তেওঁৰ কৰুণাৰ পৰা বঞ্চিত কৰি বিতাড়িত কৰিছে, লগতে সিহঁতক সাগৰত ডুবাই ধ্বংস কৰিছে। আনকি ক্বিয়ামতৰ দিনাও লাঞ্ছনা আৰু ৰহমতৰ পৰা দূৰত্ব লগ নেৰিব। পৃথিৱী আৰু আখিৰাতত সিহঁতে যি অভিশাপ আৰু শাস্তি ভোগ কৰিব সেয়া কিমান যে নিকৃষ্ট।
11:100Страница 233
ذَٰلِكَ مِنۡ أَنۢبَآءِ ٱلۡقُرَىٰ نَقُصُّهُۥ عَلَيۡكَۖ مِنۡهَا قَآئِمٞ وَحَصِيدٞ ١٠٠
Это - некоторые из повествований о селениях, которые Мы рассказываем тебе. Одни из них все еще существуют, а другие уже скошены.
হে ৰাছুল! এই ছুৰাত যি বৰ্ণনা কৰা হৈছে, সেয়া হৈছে সেইসমূহ জনপদ, যিবোৰৰ সংবাদ আমি আপোনাক দি আছো। ইয়াৰ মাজৰ কিছুমান গাওঁ এনেকুৱাও আছে যিবোৰৰ প্ৰতীক এতিয়াও অৱশিষ্ট আছে। আৰু কিছুমান আছে এনেকুৱা যিবোৰৰ সকলো প্ৰতীক ধ্বংস হৈছে আৰু কোনো চিহ্ন বাকী নাই।
11:101Страница 233
وَمَا ظَلَمۡنَٰهُمۡ وَلَٰكِن ظَلَمُوٓاْ أَنفُسَهُمۡۖ فَمَآ أَغۡنَتۡ عَنۡهُمۡ ءَالِهَتُهُمُ ٱلَّتِي يَدۡعُونَ مِن دُونِ ٱللَّهِ مِن شَيۡءٖ لَّمَّا جَآءَ أَمۡرُ رَبِّكَۖ وَمَا زَادُوهُمۡ غَيۡرَ تَتۡبِيبٖ ١٠١
Мы не были к ним несправедливы, однако они сами поступили несправедливо по отношению к себе. Когда явилось веление твоего Господа, божества, к которым они взывали вместо Аллаха, ничем не помогли им. Они не приумножили им ничего, кроме погибели.
সিহঁতক ধ্বংস কৰি আমি সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নাই। বৰং সিহঁতে আল্লাহক অস্বীকাৰ কৰি নিজকে ধ্বংসৰ যোগ্য বনাই নিজেই নিজৰ অন্যায় কৰিছে। হে ৰাছুল! সিহঁতক ধ্বংস কৰিবলৈ আপোনাৰ প্ৰতিপালকৰ নিৰ্দেশ যেতিয়া আহিল, তেতিয়া আল্লাহক এৰি সিহঁতে উপাসনা কৰা উপাস্যবোৰ সিহঁতৰ শাস্তি প্ৰতিৰোধ কৰিবলৈ একেবাৰে অসমৰ্থ পৰিলক্ষিত হ'ল। সিহঁতৰ সেই উপাস্যবোৰ কেৱল ক্ষতি আৰু ধ্বংসহে বৃদ্ধি কৰিলে।
11:102Страница 233
وَكَذَٰلِكَ أَخۡذُ رَبِّكَ إِذَآ أَخَذَ ٱلۡقُرَىٰ وَهِيَ ظَٰلِمَةٌۚ إِنَّ أَخۡذَهُۥٓ أَلِيمٞ شَدِيدٌ ١٠٢
Такой была Хватка твоего Господа, когда Он схватил селения, жители которых были несправедливы. Воистину, Хватка Его мучительна, сурова.
যিদৰে আল্লাহে বিগত অস্বীকাৰকাৰী সম্প্ৰদায়ৰ শিপা নিৰ্মূল কৰিছে, ঠিক সেইদৰে যুগে যুগে ঠায়ে ঠায়ে আল্লাহে তেনেকুৱা শাস্তি প্ৰদান কৰিয়ে থাকিব। নিশ্চয় অন্যায়কাৰী জনপদৰ শাস্তি অতি কষ্টদায়ক তথা কঠিন।
11:103Страница 233
إِنَّ فِي ذَٰلِكَ لَأٓيَةٗ لِّمَنۡ خَافَ عَذَابَ ٱلۡأٓخِرَةِۚ ذَٰلِكَ يَوۡمٞ مَّجۡمُوعٞ لَّهُ ٱلنَّاسُ وَذَٰلِكَ يَوۡمٞ مَّشۡهُودٞ ١٠٣
Воистину, в этом - знамение для тех, кто страшится мучений в Последней жизни. Это будет день, когда будут собраны люди. Это будет день, когда все будут присутствовать.
নিশ্চয় আল্লাহৰ ফালৰ পৰা শাস্তি প্ৰদান কৰা সেই জনপদসমূহৰ ধ্বংসৰ মাজত আছে শিক্ষা তথা পাঠ, সেই ব্যক্তিৰ বাবে যিয়ে ক্বিয়ামত দিৱসৰ শাস্তিক ভয় কৰে। সেইটোৱে সেইদিন যিদিনা আল্লাহে মানুহক একত্ৰিত কৰি হিচাপ-নিকাচৰ বাবে। সেইটো হৈছে উপস্থিত হোৱাৰ দিন, যিদিনা হাছৰ ময়দানত উপস্থিত হ'ব।
11:104Страница 233
وَمَا نُؤَخِّرُهُۥٓ إِلَّا لِأَجَلٖ مَّعۡدُودٖ ١٠٤
Мы отсрочим его лишь до определенного срока.
সেই দিনটোক আমি কেৱল এটা নিৰ্দিষ্ট সময়লৈকে পিছুৱাই আছো।
11:105Страница 233
يَوۡمَ يَأۡتِ لَا تَكَلَّمُ نَفۡسٌ إِلَّا بِإِذۡنِهِۦۚ فَمِنۡهُمۡ شَقِيّٞ وَسَعِيدٞ ١٠٥
Когда этот день наступит, ни один человек не заговорит без Его соизволения. И среди них будут несчастные и счастливые.
সেই দিনটো যেতিয়া আহিব, তেতিয়া কোনেও তেওঁৰ অনুমতি অবিহনে প্ৰমাণ সহকাৰে হওঁক তথা মধ্যস্ততাৰ মাধ্যমত হওঁক কথা কব নোৱাৰিব। সেইদিনা মানুহ দুই প্ৰকাৰৰ হ'ব। দুৰ্ভগীয়া, যিসকল জাহান্নামত প্ৰৱেশ কৰিব। আৰু ভাগ্যৱান, যিসকল জান্নাতত প্ৰৱেশ কৰিব।
11:106Страница 233
فَأَمَّا ٱلَّذِينَ شَقُواْ فَفِي ٱلنَّارِ لَهُمۡ فِيهَا زَفِيرٞ وَشَهِيقٌ ١٠٦
Несчастные пребудут в Огне, где они будут хрипеть и реветь.
এতেকে কুফুৰী আৰু কুকৰ্ম কৰাৰ কাৰণে দুৰ্ভগীয়া লোকসকলে জাহান্নামত প্ৰৱেশ কৰিব। তাত জাহান্নামৰ অগ্নিশিখাৰ উত্তাপত সিহঁতে চিঞঁৰিব আৰু উশাহ-নিশাহৰ শব্দও উচ্চ হ'ব।
11:107Страница 233
خَٰلِدِينَ فِيهَا مَا دَامَتِ ٱلسَّمَٰوَٰتُ وَٱلۡأَرۡضُ إِلَّا مَا شَآءَ رَبُّكَۚ إِنَّ رَبَّكَ فَعَّالٞ لِّمَا يُرِيدُ ١٠٧
Они пребудут там вечно, пока существуют небеса и земля, если только твой Господь не пожелает иного. Воистину, твой Господь вершит то, что пожелает.
তাত সিহঁত চিৰকাল অৱস্থান কৰিব। তাৰ পৰা সিহঁত কেতিয়াও ওলাব নোৱাৰিব যেতিয়ালৈকে আকাশমণ্ডল আৰু পৃথিৱী বিদ্যমান থাকিব। কিন্তু তাওহীদৰ ওপৰত প্ৰতিষ্ঠিত থকা গুনাহগাৰ ব্যক্তিক আল্লাহে ইচ্ছা কৰিলে ওলাই আনিব। হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালক যি ইচ্ছা কৰে সেইটোৱে কৰে। তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে।
11:108Страница 233
۞ وَأَمَّا ٱلَّذِينَ سُعِدُواْ فَفِي ٱلۡجَنَّةِ خَٰلِدِينَ فِيهَا مَا دَامَتِ ٱلسَّمَٰوَٰتُ وَٱلۡأَرۡضُ إِلَّا مَا شَآءَ رَبُّكَۖ عَطَآءً غَيۡرَ مَجۡذُوذٖ ١٠٨
Счастливые же пребудут в Раю. Они пребудут там вечно, пока существуют небеса и земля, если только твой Господь не пожелает иного. Это будет неиссякаемый дар.
আনহাতে ভাগ্যৱান লোকসকল, যিসকলক তেওঁলোকৰ ঈমান আৰু সত্কৰ্মৰ কাৰণে আল্লাহে পূৰ্বেই সৌভাগ্যৱান বুলি ঘোষণা কৰিছে। তেওঁলোক জান্নাতত চিৰস্থায়ী হ'ব, যেতিয়ালৈকে আকাশমণ্ডল আৰু পৃথিৱী অৱশিষ্ট থাকিব। কিন্তু জান্নাতত প্ৰৱেশ কৰোৱাৰ আগতেই গুনাহগাৰ মুমিনসকলৰ মাজৰ যাক ইচ্ছা কৰিব জাহান্নামত প্ৰৱেশ কৰাব। নিশ্চয় জান্নাতৰ অধিবাসীসকলে লাভ কৰা আল্লাহৰ নিয়ামতসমূহ হ'ব নিৰবিচ্ছিন্ন।
11:109Страница 234
فَلَا تَكُ فِي مِرۡيَةٖ مِّمَّا يَعۡبُدُ هَٰٓؤُلَآءِۚ مَا يَعۡبُدُونَ إِلَّا كَمَا يَعۡبُدُ ءَابَآؤُهُم مِّن قَبۡلُۚ وَإِنَّا لَمُوَفُّوهُمۡ نَصِيبَهُمۡ غَيۡرَ مَنقُوصٖ ١٠٩
Не сомневайся в том, чему они поклоняются. Они поклоняются тем, кому прежде поклонялись их отцы. Воистину, Мы воздадим им сполна, без убавления.
হে ৰাছুল! মুশ্বৰিকসকলে যিবোৰৰ উপাসনা কৰি আছে, সেইবোৰৰ ক্ষতি সম্পৰ্কে আপুনি সন্দেহ পোষণ নকৰিব। সিহঁতে যি কৰি আছে তাৰ সপক্ষে সিহঁতৰ ওচৰত কোনো বৌদ্ধিক প্ৰমাণো নাই আৰু কোনো ধাৰ্মিক প্ৰমাণো নাই। বৰং আল্লাহৰ বাহিৰে আনৰ বাবে সিহঁতে কৰা ইবাদতৰ একমাত্ৰ কাৰণটো হৈছে পিতৃ-পুৰুষসকলৰ অন্ধানুসৰণ। নিশ্চয় আমি সিহঁতক সিহঁতৰ শাস্তিৰ ভাগ পৰিপূৰ্ণৰূপে প্ৰদান কৰিম।
11:110Страница 234
وَلَقَدۡ ءَاتَيۡنَا مُوسَى ٱلۡكِتَٰبَ فَٱخۡتُلِفَ فِيهِۚ وَلَوۡلَا كَلِمَةٞ سَبَقَتۡ مِن رَّبِّكَ لَقُضِيَ بَيۡنَهُمۡۚ وَإِنَّهُمۡ لَفِي شَكّٖ مِّنۡهُ مُرِيبٖ ١١٠
Мы даровали Мусе (Моисею) Писание, но по его поводу возникли разногласия. И если бы не было прежде Слова от твоего Господа, то спор их был бы решен. Воистину, они испытывают смутные сомнения относительно него (Корана).
নিশ্চয় আমি মুছা আলাইহিছ ছালামক তাওৰাত প্ৰদান কৰিছিলো, কিন্তু তাত মানুহে বিভেদ সৃষ্টি কৰিছিল। কিছুমানে তাৰ প্ৰতি ঈমান পোষণ কৰিছিল আৰু আন কিছুমানে অস্বীকাৰ কৰিছিল। যদি আল্লাহৰ এয়া পূৰ্ব নিৰ্ধাৰণ নিৰ্ণয় নাথাকিলেহেঁতেন যে তেওঁ শীঘ্ৰে শাস্তি প্ৰদান নকৰিব, বৰং প্ৰজ্ঞানুসাৰে ক্বিয়ামত পৰ্যন্ত অৱকাশ দিব, অন্যথা পৃথিৱীতেই সিহঁতে সেই শাস্তি ভোগ কৰিলেহেঁতেন যি শাস্তিৰ সিহঁত উপযুক্ত। নিশ্চয় ইয়াহুদী আৰু মুশ্বৰিকসকলৰ মাজৰ কাফিৰসকলে কোৰআন সম্পৰ্কে সন্দেহত পতিত হৈছে।
11:111Страница 234
وَإِنَّ كُلّٗا لَّمَّا لَيُوَفِّيَنَّهُمۡ رَبُّكَ أَعۡمَٰلَهُمۡۚ إِنَّهُۥ بِمَا يَعۡمَلُونَ خَبِيرٞ ١١١
Воистину, твой Господь воздаст сполна каждому из них за его деяния, ведь Он знает о том, что они совершают.
হে ৰাছুল! উপৰোক্ত বিভেদকাৰীসকলৰ মাজৰ প্ৰত্যেককে আপোনাৰ প্ৰতিপালকে সিহঁতৰ কৰ্মৰ পৰিপূৰ্ণ প্ৰতিফল দান কৰিব। যাৰ কৰ্ম ভাল হ'ব, সি ভাল প্ৰতিফল পাব। আনহাতে যাৰ কৰ্ম বেয়া হ'ব, সি বেয়া প্ৰতিফল পাব। নিশ্চয় সিহঁতৰ প্ৰতিটো সুক্ষ্ম আমল সম্পৰ্কেও আল্লাহ অৱগত। সিহঁতৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়।
11:112Страница 234
فَٱسۡتَقِمۡ كَمَآ أُمِرۡتَ وَمَن تَابَ مَعَكَ وَلَا تَطۡغَوۡاْۚ إِنَّهُۥ بِمَا تَعۡمَلُونَ بَصِيرٞ ١١٢
Будь же тверд на прямом пути, как тебе велено, вместе с теми, кто покаялся наряду с тобой. И не преступайте границ дозволенного, ибо Он видит то, что вы совершаете.
হে ৰাছুল! পোন পথত পৰিচালিত থকাৰ স্বভাৱক খামুচি ধৰক, যেনেকৈ আল্লাহে আপোনাক আদেশ দিছে। এতেকে তেওঁৰ আদেশ পালন কৰক আৰু তেওঁৰ নিষেধকৃত বিষয়ৰ পৰা বিৰত থাকক। এইদৰে আপোনাৰ সৈতে তাওবা কৰা মুমিনসকলেও পোন পথত অবিচল থকা উচিত। আৰু (হে মুমিনসকল) গুনাহত লিপ্ত হৈ সীমালঙ্ঘন নকৰিবা। নিশ্চয় তেওঁ তোমালোকৰ কৰ্মসমূহ দেখি আছে। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। আৰু অচিৰেই তেওঁ ইয়াৰ প্ৰতিদান দিব।
11:113Страница 234
وَلَا تَرۡكَنُوٓاْ إِلَى ٱلَّذِينَ ظَلَمُواْ فَتَمَسَّكُمُ ٱلنَّارُ وَمَا لَكُم مِّن دُونِ ٱللَّهِ مِنۡ أَوۡلِيَآءَ ثُمَّ لَا تُنصَرُونَ ١١٣
Не склоняйтесь на сторону беззаконников, дабы вас не коснулся Огонь. Нет у вас покровителей и помощников, кроме Аллаха, и тогда никто вам не окажет поддержки.
অন্যায়কাৰী কাফিৰসকলৰ লগত মন জয় কৰা কথা কৈ তথা সিহঁতৰ লগত বন্ধুত্ব কৰি সিহঁতৰ প্ৰতি নত নহ'বা, অন্যথা এই নত স্বীকাৰ কৰাৰ কাৰণে তোমালোকক জুয়ে স্পৰ্শ কৰিব। আনহাতে আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱকো নাই যে তাৰ পৰা তোমালোকক উদ্ধাৰ কৰিব। লগতে তোমালোকে কোনো সহায়কাৰীও বিচাৰি নাপাবা।
11:114Страница 234
وَأَقِمِ ٱلصَّلَوٰةَ طَرَفَيِ ٱلنَّهَارِ وَزُلَفٗا مِّنَ ٱلَّيۡلِۚ إِنَّ ٱلۡحَسَنَٰتِ يُذۡهِبۡنَ ٱلسَّيِّـَٔاتِۚ ذَٰلِكَ ذِكۡرَىٰ لِلذَّٰكِرِينَ ١١٤
Совершай намаз в начале и конце дня и в некоторые часы ночи. Воистину, добрые деяния удаляют злодеяния. Это - Напоминание для поминающих.
হে ৰাছুল! আপুনি দিনৰ দুয়ো প্ৰান্তভাগত অৰ্থাৎ পুৱা আৰু সন্ধিয়া উত্তমৰূপে ছালাত প্ৰতিষ্ঠা কৰক। লগতে ৰাতিৰো এটা অংশত ছালাত আদায় কৰক। নিশ্চয় নেক কৰ্মই সৰু সুৰা গুনাহসমূহ মোচন কৰে। উপৰোক্ত কথাবোৰ উপদেশ গ্ৰহণকাৰী লোকৰ বাবে হৈছে উপদেশ আৰু শিক্ষা গ্ৰহণকাৰীসকলৰ বাবে হৈছে শিক্ষা।
11:115Страница 234
وَٱصۡبِرۡ فَإِنَّ ٱللَّهَ لَا يُضِيعُ أَجۡرَ ٱلۡمُحۡسِنِينَ ١١٥
Терпи, ибо Аллах не теряет вознаграждения творящих добро.
আপোনাক পোন পথত অবিচল থকাৰ যি আদেশ দিয়া হৈছে আৰু বিদ্ৰোহী তথা অন্যায়কাৰীসকলৰ প্ৰতি নত হোৱাৰ পৰা যি নিষেধাজ্ঞা দিয়া হৈছে তাৰ প্ৰতি ধৈৰ্য সহকাৰে আমল কৰক। নিশ্চয় আল্লাহ পূণ্যৱান লোকসকলৰ প্ৰতিফল ব্যৰ্থ নকৰে। বৰং তেওঁলোকৰ নেক আমলসমূহ কবূল কৰে আৰু তেওঁলোকক তেওঁলোকৰ কৰ্মৰ উত্তম প্ৰতিদান দিয়ে।
Текст: Quranic Universal Library (Tarteel) через spa5k/tafsir_api (MIT), в зафиксированной версии. Аяты: Quran Foundation. Источники и лицензии