Al-MukhtasarYunus · 10:1–32

Al-Mukhtasar · Tafsir · in Assamese

يونس

Yunus

Jonah · Meccan · 109 ayahs

10:1Page 208

الٓرۚ تِلۡكَ ءَايَٰتُ ٱلۡكِتَٰبِ ٱلۡحَكِيمِ ١

Alif, Lām, Rā.1 These are the verses of the wise2 Book.

(আলিফ-লাম-ৰা) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে। এই ছুৰাত তিলাৱত কৰা এই আয়াতসমূহ হৈছে সুদৃঢ় আৰু মজবুত কোৰআনৰ আয়াত, যিবোৰ হিকমত আৰু বিধান আধাৰিত।

10:2Page 208

أَكَانَ لِلنَّاسِ عَجَبًا أَنۡ أَوۡحَيۡنَآ إِلَىٰ رَجُلٖ مِّنۡهُمۡ أَنۡ أَنذِرِ ٱلنَّاسَ وَبَشِّرِ ٱلَّذِينَ ءَامَنُوٓاْ أَنَّ لَهُمۡ قَدَمَ صِدۡقٍ عِندَ رَبِّهِمۡۗ قَالَ ٱلۡكَٰفِرُونَ إِنَّ هَٰذَا لَسَٰحِرٞ مُّبِينٌ ٢

Have the people been amazed that We revealed [revelation] to a man from among them, [saying], "Warn mankind and give good tidings to those who believe that they will have a [firm] precedence of honor1 with their Lord"? [But] the disbelievers say, "Indeed, this is an obvious magician."

মানুহৰ বাবে এয়া আচৰিত বিষয় নেকি যে আমি সিহঁতৰ জাতিৰেই এজনক এই আদেশ প্ৰদান কৰি অহী প্ৰেৰণ কৰিছো যে, মানুহক আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰা। আৰু হে ৰাছুল! যিসকলে ঈমান আনিছে আপুনি তেওঁলোকক এই আনন্দদায়ক সুসংবাদ দি দিয়ক যে, তেওঁলোকে যি সৎকৰ্ম আগলৈ প্ৰেৰণ কৰিছে, তাৰ প্ৰতিফল স্বৰূপে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত তেওঁলোকৰ বাবে আছে উচ্চ মৰ্যাদা। কাফিৰসকলে কয়ঃ নিশ্চয় এই ব্যক্তি যিয়ে এই আয়াতসমূহ লৈ আহিছে, তেওঁ এজন প্ৰকাশ্য যাদুকৰ।

10:3Page 208

إِنَّ رَبَّكُمُ ٱللَّهُ ٱلَّذِي خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ فِي سِتَّةِ أَيَّامٖ ثُمَّ ٱسۡتَوَىٰ عَلَى ٱلۡعَرۡشِۖ يُدَبِّرُ ٱلۡأَمۡرَۖ مَا مِن شَفِيعٍ إِلَّا مِنۢ بَعۡدِ إِذۡنِهِۦۚ ذَٰلِكُمُ ٱللَّهُ رَبُّكُمۡ فَٱعۡبُدُوهُۚ أَفَلَا تَذَكَّرُونَ ٣

Indeed, your Lord is Allāh, who created the heavens and the earth in six days and then established Himself above the Throne,1 arranging the matter [of His creation]. There is no intercessor except after His permission. That is Allāh, your Lord, so worship Him. Then will you not remember?

হে আশ্চৰ্যকাৰীসকল! নিশ্চয় তোমালোকৰ প্ৰতিপালক সেই আল্লাহ, যিয়ে বিশাল আকাশ আৰু প্ৰশস্ত পৃথিৱী ছয় দিনত সৃষ্টি কৰিছে। তাৰ পিছত আৰছত উঠিছে। তেন্তে তোমালোকে নিজৰ মাজৰেই এজন ৰাছুল প্ৰেৰণক লৈ কিয় আশ্চৰ্য প্ৰকাশ কৰি আছা? তেওঁ অকলেই তেওঁৰ প্ৰশস্ত ৰাজত্বত নিৰ্ণয় লয় আৰু ফয়চালা কৰে। তেওঁৰ অনুমতি আৰু তেওঁৰ সন্তুষ্টি নোহোৱাকৈ তেওঁৰ ওচৰত কোনেও মধ্যস্ততা কৰিব নোৱাৰে। এইবোৰ বৈশিষ্ট্যৰ অধিকাৰী সত্তাই হৈছে তোমালোকৰ প্ৰতিপালক আল্লাহ। এতেকে নিষ্ঠা সহকাৰে কেৱল তেওঁৰেই ইবাদত কৰা। তেওঁৰ একত্ববাদ প্ৰমাণ কৰা যুক্তি আৰু প্ৰমাণবোৰৰ জৰিয়তে তোমালোকে শিক্ষা গ্ৰহণ নকৰানে? যাৰ ভিতৰত কিঞ্চিত পৰিমাণেও শিক্ষা গ্ৰহণ কৰাৰ শক্তি আছে, তেওঁ ইয়াক বুজি পাব আৰু আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিব।

10:4Page 208

إِلَيۡهِ مَرۡجِعُكُمۡ جَمِيعٗاۖ وَعۡدَ ٱللَّهِ حَقًّاۚ إِنَّهُۥ يَبۡدَؤُاْ ٱلۡخَلۡقَ ثُمَّ يُعِيدُهُۥ لِيَجۡزِيَ ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ بِٱلۡقِسۡطِۚ وَٱلَّذِينَ كَفَرُواْ لَهُمۡ شَرَابٞ مِّنۡ حَمِيمٖ وَعَذَابٌ أَلِيمُۢ بِمَا كَانُواْ يَكۡفُرُونَ ٤

To Him is your return all together. [It is] the promise of Allāh [which is] truth. Indeed, He begins the [process of] creation and then repeats it that He may reward those who have believed and done righteous deeds, in justice. But those who disbelieved will have a drink of scalding water and a painful punishment for what they used to deny.

ক্বিয়ামতৰ দিনা তোমালোক তেওঁৰ পিনেই প্ৰত্যাৱৰ্তন কৰিব লাগিব, যাতে তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিফল দিব পাৰে। আল্লাহে মানুহক ইয়াৰ সত্য প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, যিটো তেওঁ কেতিয়াও ভঙ্গ নকৰিব। নিশ্চয় তেওঁ এয়া কৰিবলৈ সক্ষম। তেওঁ পূৰ্বৰ কোনো উদাহৰণ নোহোৱাকৈ সৃষ্টিৰ শুভাৰম্ভ কৰিছে, আৰু তেওঁ মৃত্যুৰ পিছতো পুনৰ্জীৱিত কৰিব, যাতে সেইসকল লোকক ন্যায়ৰ সৈতে প্ৰতিফল প্ৰদান কৰিব পাৰে, যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে। তেওঁ সিহঁতৰ নেকীও হ্ৰাস নকৰিব আৰু গুনাহো বৃদ্ধি নকৰিব। যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছে, এই অস্বীকাৰৰ ফল স্বৰূপে সিহঁতৰ বাবে থাকিব উতলা পানী, যি পানীয়ে সিহঁতৰ নাড়ী-ভুঁৰু ছিন্ন-বিচ্ছিন্ন কৰি পেলাব, তথা সিহঁতৰ বাবে থাকিব কষ্টদায়ক শাস্তি।

10:5Page 208

هُوَ ٱلَّذِي جَعَلَ ٱلشَّمۡسَ ضِيَآءٗ وَٱلۡقَمَرَ نُورٗا وَقَدَّرَهُۥ مَنَازِلَ لِتَعۡلَمُواْ عَدَدَ ٱلسِّنِينَ وَٱلۡحِسَابَۚ مَا خَلَقَ ٱللَّهُ ذَٰلِكَ إِلَّا بِٱلۡحَقِّۚ يُفَصِّلُ ٱلۡأٓيَٰتِ لِقَوۡمٖ يَعۡلَمُونَ ٥

It is He who made the sun a shining light and the moon a derived light and determined for it phases - that you may know the number of years and account [of time]. Allāh has not created this except in truth. He details the signs for a people who know.

তেৱেঁই সূৰ্যক দীপ্তিৰ ভাণ্ডাৰ বনাইছে, যিয়ে আলো প্ৰসাৰিত কৰে। আৰু চন্দ্ৰক বনাইছে জ্যোতিৰ্ময়, যাৰ পৰা পোহৰ পোৱা যায়। লগতে চন্দ্ৰৰ বাবে আঠাইছ মঞ্জিল নিৰ্দিষ্ট কৰি তাৰ গতি নিৰ্ধাৰণ কৰিছে। জনা উচিত যে, মঞ্জিলৰ দ্বাৰা সেই নিৰ্দিষ্ট সময়ক বুজোৱা হৈছে, যিটো চন্দ্ৰই অতিক্ৰম কৰিবলৈ এদিন এৰাতি সময় লাগে। হে মানৱজাতি! এইবোৰৰ উদ্দেশ্য হৈছে যাতে তোমালোকে সূৰ্যৰ সহায়ত দিন গণনা কৰিব পাৰা, আনহাতে চন্দ্ৰৰ দ্বাৰা মাহ আৰু বছৰৰ হিচাপ ৰাখিব পাৰা। আল্লাহে আকাশমণ্ডল আৰু পৃথিৱী, লগতে ইয়াৰ মাজত থকা সকলো বস্তু সত্যৰ সৈতে সৃষ্টি কৰিছে। যাতে মানুহক তেওঁৰ ক্ষমতা আৰু মহানতা দৰ্শন কৰাব পাৰে। আল্লাহে তেওঁৰ একত্বৰ এই স্পষ্ট প্ৰমাণ আৰু উজ্জ্বল যুক্তিবোৰক এনেকুৱা লোকৰ বাবে বিস্তাৰিত বৰ্ণনা কৰি আছে, যিসকলে ইয়াৰ দ্বাৰা তেওঁৰ একত্ব প্ৰমাণ কৰিব বিচাৰে।

10:6Page 208

إِنَّ فِي ٱخۡتِلَٰفِ ٱلَّيۡلِ وَٱلنَّهَارِ وَمَا خَلَقَ ٱللَّهُ فِي ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ لَأٓيَٰتٖ لِّقَوۡمٖ يَتَّقُونَ ٦

Indeed, in the alternation of the night and the day and [in] what Allāh has created in the heavens and the earth are signs for a people who fear Allāh.

নিশ্চয় বান্দাসকলৰ বাবে দিন ৰাতিৰ আৱৰ্তনত আৰু ইয়াৰ ফলত হোৱা অন্ধকাৰ আৰু পোহৰৰ মাজত, লগতে দিন-ৰাতি সৰু ডাঙৰ হোৱাৰ মাজত, আকাশমণ্ডল আৰু পৃথিৱীত থকা সকলো সৃষ্টিৰ মাজত, সেইসকল লোকৰ বাবে আল্লাহৰ ক্ষমতা দৰ্শোৱামূলক নিদৰ্শন আছে, যিসকলে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰে।

10:7Page 209

إِنَّ ٱلَّذِينَ لَا يَرۡجُونَ لِقَآءَنَا وَرَضُواْ بِٱلۡحَيَوٰةِ ٱلدُّنۡيَا وَٱطۡمَأَنُّواْ بِهَا وَٱلَّذِينَ هُمۡ عَنۡ ءَايَٰتِنَا غَٰفِلُونَ ٧

Indeed, those who do not expect the meeting with Us and are satisfied with the life of this world and feel secure therein and those who are heedless of Our signs -

নিশ্চয় কাফিৰসকলে আল্লাহৰ সাক্ষাৎ প্ৰত্যাশা নকৰে যে ফলত তেওঁক ভয় কৰিব আৰু তেওঁৰ সাক্ষাৎ কামনা কৰিব। তথা সিহঁত আখিৰাতৰ চিৰস্থায়ী জীৱনৰ পৰিবৰ্তে পৃথিৱীৰ ক্ষন্তেকীয়া জীৱনক লৈয়ে সন্তুষ্ট। এই জীৱনকলৈ সন্তুষ্ট হৈ সিহঁত আনন্দিত। সিহঁত আল্লাহৰ নিদৰ্শন আৰু তেওঁৰ প্ৰমাণসমূহৰ পৰা বিমুখ হয় আৰু ইয়াৰ প্ৰতি নিজৰ বিবেক নখটোৱায়।

10:8Page 209

أُوْلَٰٓئِكَ مَأۡوَىٰهُمُ ٱلنَّارُ بِمَا كَانُواْ يَكۡسِبُونَ ٨

For those their refuge will be the Fire because of what they used to earn.

এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলৰ ঠিকনা, যত সিহঁতে অৱস্থান কৰিব সেয়া হৈছে জাহান্নাম। কাৰণ সিহঁতে কুফুৰী কৰিছে আৰু ক্বিয়ামতক অস্বীকাৰ কৰিছে।

10:9Page 209

إِنَّ ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ يَهۡدِيهِمۡ رَبُّهُم بِإِيمَٰنِهِمۡۖ تَجۡرِي مِن تَحۡتِهِمُ ٱلۡأَنۡهَٰرُ فِي جَنَّٰتِ ٱلنَّعِيمِ ٩

Indeed, those who have believed and done righteous deeds - their Lord will guide them because of their faith. Beneath them rivers will flow in the Gardens of Pleasure.

নিশ্চয় যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু নেক আমল কৰিছে, আল্লাহে তেওঁলোকক হিদায়তৰ আৰু এনেকুৱা সৎকৰ্মৰ তাওফীক প্ৰদান কৰিব যিটো তেওঁৰ সন্তুষ্টিৰ পিনে লৈ যায়। ফলত আল্লাহে তেওঁলোকৰ ঈমান বিনিময়ত তেওঁলোকক ক্বিয়ামতৰ দিনা চিৰস্থায়ী জান্নাতত প্ৰৱেশ কৰাব, যাৰ তলদেশত নদীসমূহ প্ৰবাহিত।

10:10Page 209

دَعۡوَىٰهُمۡ فِيهَا سُبۡحَٰنَكَ ٱللَّهُمَّ وَتَحِيَّتُهُمۡ فِيهَا سَلَٰمٞۚ وَءَاخِرُ دَعۡوَىٰهُمۡ أَنِ ٱلۡحَمۡدُ لِلَّهِ رَبِّ ٱلۡعَٰلَمِينَ ١٠

Their call therein will be, "Exalted are You, O Allāh," and their greeting therein will be, "Peace." And the last of their call will be, "Praise to Allāh, Lord of the worlds!"

জান্নাতত তেওঁলোকৰ প্ৰাৰ্থনা হ'ব আল্লাহৰ তছবীহ আৰু তাক্বদীছ (অৰ্থাৎ আল্লাহৰ প্ৰশংসা আৰু পৱিত্ৰতা), তথা তেওঁলোকৰ বাবে আল্লাহৰ, ফিৰিস্তাসকলৰ আৰু তেওঁলোকৰ পৰস্পৰে পৰস্পৰৰ বাবে অভিবাদন হ'ব ছালাম। তথা তেওঁলোকৰ প্ৰাৰ্থনাৰ সমাপ্তি হ'ব সৃষ্টিজগতৰ প্ৰতিপালক আল্লাহৰ প্ৰশংসাৰ জৰিয়তে।

10:11Page 209

۞ وَلَوۡ يُعَجِّلُ ٱللَّهُ لِلنَّاسِ ٱلشَّرَّ ٱسۡتِعۡجَالَهُم بِٱلۡخَيۡرِ لَقُضِيَ إِلَيۡهِمۡ أَجَلُهُمۡۖ فَنَذَرُ ٱلَّذِينَ لَا يَرۡجُونَ لِقَآءَنَا فِي طُغۡيَٰنِهِمۡ يَعۡمَهُونَ ١١

And if Allāh was to hasten for the people the evil [they invoke]1 as He hastens for them the good, their term would have been ended for them.2 But We leave the ones who do not expect the meeting with Us, in their transgression, wandering blindly.

যদি মহান আল্লাহে মানুহৰ ক্ৰোধৰ সময়ত সিহঁতে নিজৰ বাবে কৰা বদ্দুআ বা নিজৰ সন্তানৰ বাবে অথবা সম্পত্তিৰ বিৰুদ্ধে কৰা বদ্দুআ লগে লগে কবুল কৰে, যিদৰে তেওঁ সিহঁতৰ কল্যাণৰ দুআসমূহ লগে লগে কবুল কৰে, তেন্তে সিহঁত ধ্বংস হলেহেঁতেন। কিন্তু আল্লাহে সিহঁতক অৱকাশ দিয়ে। এতেকে তেওঁ সিহঁতক এৰি দিয়ে যিসকলে তেওঁৰ সাক্ষাতৰ অপেক্ষাত নাই, কিয়নো সিহঁত শাস্তিকো ভয় নকৰে আৰু ছোৱাবৰো আশা নকৰে। যিসকলে হিচাপ দিৱস সম্পৰ্কে সংশয়ত আছে সিহঁতক তেওঁ দোদুল্যমান অৱস্থাত এৰি দিয়ে।

10:12Page 209

وَإِذَا مَسَّ ٱلۡإِنسَٰنَ ٱلضُّرُّ دَعَانَا لِجَنۢبِهِۦٓ أَوۡ قَاعِدًا أَوۡ قَآئِمٗا فَلَمَّا كَشَفۡنَا عَنۡهُ ضُرَّهُۥ مَرَّ كَأَن لَّمۡ يَدۡعُنَآ إِلَىٰ ضُرّٖ مَّسَّهُۥۚ كَذَٰلِكَ زُيِّنَ لِلۡمُسۡرِفِينَ مَا كَانُواْ يَعۡمَلُونَ ١٢

And when affliction touches man, he calls upon Us, whether lying on his side or sitting or standing; but when We remove from him his affliction, he continues [in disobedience] as if he had never called upon Us to [remove] an affliction that touched him. Thus is made pleasing to the transgressors that which they have been doing.

যেতিয়া এনেকুৱা কোনো ব্যক্তি যিয়ে নিজৰ ওপৰত অন্যায় কৰিছে, সি যেতিয়া কোনো বিপদ-আপদ অথবা বেমাৰৰ সন্মুখীন হয়, তেতিয়া সি পূৰ্ণ বিনম্ৰতা আৰু বিনয়ৰ সৈতে শুই শুই বা বহি বহি অথবা থিয় অৱস্থাত আমাৰ ওচৰত প্ৰাৰ্থনা কৰে, এই আশাত যে, যি বিপদত সি আক্ৰান্ত হৈছে তাৰ পৰা যাতে ৰক্ষা পায়। এতেকে যেতিয়া আমি তাৰ প্ৰাৰ্থনা স্বীকাৰ কৰি লওঁ আৰু তাৰ বিপদ দূৰ কৰি দিওঁ, তেতিয়া সি আকৌ পূৰণি স্বভাৱত ঘূৰি আহে। এনেকুৱা লাগে সি যেনিবা কেতিয়াও কোনো বিপদৰ সময়ত উদ্ধাৰৰ বাবে আমাক আহ্বান কৰা নাছিল। যিদৰে এই উলঙ্ঘাকাৰীৰ বাবে পথভ্ৰষ্টতাত নিমজ্জিত থকাক সৌন্দৰ্যময় কৰি দিয়া হৈছে, সেইদৰে কুফৰৰ দ্বাৰা সীমালঙ্ঘনকাৰীৰ বাবেও সেই কুফৰ আৰু অৱজ্ঞাক সুশোভিত কৰি দিয়া হৈছে, যিবোৰ সিহঁতে কৰিছিল। এতেকে সিহঁতে ইয়াক কেতিয়াও পৰিত্যাগ নকৰিব।

10:13Page 209

وَلَقَدۡ أَهۡلَكۡنَا ٱلۡقُرُونَ مِن قَبۡلِكُمۡ لَمَّا ظَلَمُواْ وَجَآءَتۡهُمۡ رُسُلُهُم بِٱلۡبَيِّنَٰتِ وَمَا كَانُواْ لِيُؤۡمِنُواْۚ كَذَٰلِكَ نَجۡزِي ٱلۡقَوۡمَ ٱلۡمُجۡرِمِينَ ١٣

And We had already destroyed generations before you when they wronged, and their messengers had come to them with clear proofs, but they were not to believe. Thus do We recompense the criminal people.

তথা হে মুশ্বৰিকসকল! তোমালোকৰ পূৰ্বৱৰ্তী সম্প্ৰদায়সমূহকো আমি ধ্বংস কৰিছো, কাৰণ সিহঁতে আল্লাহৰ ৰাছুলক অস্বীকাৰ কৰিছিল আৰু গুনাহৰ কৰ্মত লিপ্ত হৈছিল। অথচ আমি প্ৰেৰণ কৰা ৰাছুলসকলে সিহঁতৰ ওচৰত স্পষ্ট প্ৰমাণ আৰু প্ৰকাশ্য দলীলৰ সৈতে আগমণ কৰিছিল। এনেকুৱা প্ৰমাণ, যিবোৰে সত্যতা ৰূপায়ন কৰে যে, ৰাছুলে নিজ প্ৰতিপালকৰ পৰা লৈ অহা সকলো বিষয় সত্য। তথাপিও সিহঁতে ঈমান পোষণ কৰা নাছিল, কাৰণ সিহঁতৰ মাজত ঈমান পোষণ কৰাৰ যোগ্যতাই নাছিল। ফলত আল্লাহেও সিহঁতক অসহায় অৱস্থাত এৰি দিছে, আৰু ঈমান পোষণ কৰাৰ তাওফীক প্ৰদান কৰা নাই। যিদৰে আমি সেই অন্যায়কাৰী সম্প্ৰদায়সমূহক শাস্তি বিহিছো, ঠিক সেইদৰে আমি প্ৰত্যেক যুগ আৰু প্ৰত্যেক স্থানত থকা সিহঁতৰ দৰে লোকক তেনেকুৱা শাস্তি প্ৰদান কৰি থাকিম।

10:14Page 209

ثُمَّ جَعَلۡنَٰكُمۡ خَلَٰٓئِفَ فِي ٱلۡأَرۡضِ مِنۢ بَعۡدِهِمۡ لِنَنظُرَ كَيۡفَ تَعۡمَلُونَ ١٤

Then We made you successors in the land after them so that We may observe how you will do.

হে মানৱজাতি! তাৰ পিছত আমি তোমালোকক সেই অস্বীকাৰকাৰী সম্প্ৰদায়সমূহৰ উত্তৰাধিকাৰী বনাইছো যিসকলক আমি ধ্বংস কৰিছো। যাতে আমি চাব পাৰো তোমালোকে কেনেকুৱা কৰ্ম কৰা। যদি কল্যাণমূলক কাম কৰা তেন্তে ভাল প্ৰতিফল পাবা, আনহাতে বেয়া কৰ্ম কৰিলে শাস্তিৰ সন্মুখীন হ'বা।

10:15Page 210

وَإِذَا تُتۡلَىٰ عَلَيۡهِمۡ ءَايَاتُنَا بَيِّنَٰتٖ قَالَ ٱلَّذِينَ لَا يَرۡجُونَ لِقَآءَنَا ٱئۡتِ بِقُرۡءَانٍ غَيۡرِ هَٰذَآ أَوۡ بَدِّلۡهُۚ قُلۡ مَا يَكُونُ لِيٓ أَنۡ أُبَدِّلَهُۥ مِن تِلۡقَآيِٕ نَفۡسِيٓۖ إِنۡ أَتَّبِعُ إِلَّا مَا يُوحَىٰٓ إِلَيَّۖ إِنِّيٓ أَخَافُ إِنۡ عَصَيۡتُ رَبِّي عَذَابَ يَوۡمٍ عَظِيمٖ ١٥

And when Our verses are recited to them as clear evidences, those who do not expect the meeting with Us say, "Bring us a Qur’ān other than this or change it." Say, [O Muḥammad], "It is not for me to change it on my own accord. I only follow what is revealed to me. Indeed I fear, if I should disobey my Lord, the punishment of a tremendous Day."

আৰু যেতিয়া সিহঁতৰ সন্মুখত কোৰআনৰ স্পষ্ট আৰু তাওহীদ প্ৰমাণ কৰা আয়াতসমূহ তিলাৱত কৰা হয়, তেতিয়া আখিৰাতৰ পুনৰ্জীৱনক অস্বীকাৰ কৰা লোকসকলে, যিসকলে ছোৱাব প্ৰত্যাশা নকৰে আৰু শাস্তিকো ভয় নকৰে, সিহঁতে কয়ঃ হে মুহাম্মদ! মূৰ্তি পূজাক নিন্দা কৰা এই কোৰআনৰ পৰিপূৰ্ণ অথবা কিছু অংশ আমাৰ ইচ্ছানুসৰি পৰিবৰ্তন কৰি বেলেগ কোনো কোৰআন লৈ আহা। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, ইয়াক পৰিবৰ্তন কৰা মোৰ পক্ষে সম্ভৱ নহয়, আনহাতে ইয়াৰ পৰিবৰ্তে বেলেগ কোনো কোৰআন লৈ অহাটো আৰু সম্ভৱ নহয়। কেৱল আল্লাহেই নিজৰ ইচ্ছানুসৰি ইয়াত পৰিবৰ্তন কৰিব পাৰে। মই কেৱল সেই অহীৰ অনুসৰণ কৰোঁ যিটো আল্লাহে মোৰ প্ৰতি প্ৰেৰণ কৰে। তোমালোকৰ কথা শুনি যদি মই আল্লাহৰ অৱজ্ঞা কৰোঁ তেন্তে জানি থোৱা, নিশ্চয় মই সেই মহান দিৱসৰ অৰ্থাৎ ক্বিয়ামত দিৱসৰ শাস্তিক ভয় কৰো।

10:16Page 210

قُل لَّوۡ شَآءَ ٱللَّهُ مَا تَلَوۡتُهُۥ عَلَيۡكُمۡ وَلَآ أَدۡرَىٰكُم بِهِۦۖ فَقَدۡ لَبِثۡتُ فِيكُمۡ عُمُرٗا مِّن قَبۡلِهِۦٓۚ أَفَلَا تَعۡقِلُونَ ١٦

Say, "If Allāh had willed, I would not have recited it to you, nor would He have made it known to you, for I had remained among you a lifetime before it.1 Then will you not reason?"

হে ৰাছুল! আপুনি কওঁক যে, তোমালোকক কোৰআন তিলাৱত কৰি শুনোৱাটো যদি আল্লাহে নিবিচাৰিলেহেঁতেন তেন্তে মই তোমালোকক সেয়া তিলাৱত কৰি নুশুনোৱালোহেঁতেন আৰু তোমালোকৰ ওচৰত লৈয়ো নাহিলোহেঁতেন। আৰু যদি আল্লাহে বিচাৰিলেহেঁতেন তেন্তে মই তোমালোকক মোৰ মুখেৰে কোৰআন সম্পৰ্কে অৱগত নকৰিলোহেঁতেন। নিশ্চয় তোমালোকে জানা, তোমালোকৰ মাজত মই এটা দীৰ্ঘ সময় অৰ্থাৎ ৪০ বছৰ সময় অতিবাহিত কৰিছো আৰু এই সময়ছোৱাত মই লিখা পঢ়া একোৱে জনা নাছিলো। মই এনেকুৱা কোনো বিষয় বিচৰাও নাছিলো আৰু সন্ধানো কৰা নাছিলো। তোমালোকে নিজৰ বিবেক বুদ্ধি প্ৰয়োগ কৰি এইটো বুজিবলৈ চেষ্টা নকৰা নেকি যে, মই যি তোমালোকৰ ওচৰত লৈ আহিছো সেয়া আল্লাহৰ ফালৰ পৰা আৰু তাত মোৰ কোনো হস্তক্ষেপ নাই।

10:17Page 210

فَمَنۡ أَظۡلَمُ مِمَّنِ ٱفۡتَرَىٰ عَلَى ٱللَّهِ كَذِبًا أَوۡ كَذَّبَ بِـَٔايَٰتِهِۦٓۚ إِنَّهُۥ لَا يُفۡلِحُ ٱلۡمُجۡرِمُونَ ١٧

So who is more unjust than he who invents a lie about Allāh or denies His signs? Indeed, the criminals will not succeed.

এতেকে সেই ব্যক্তিতকৈ অধিক অন্যায়কাৰী আন কোনো হ'ব নোৱাৰে, যিয়ে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰে। তেন্তে মোৰ পক্ষে এয়া কেনেকৈ সম্ভৱ হ'ব যে, মই আল্লাহৰ প্ৰতি মিছা আৰোপ কৰি কোৰআন পৰিবৰ্তন কৰিম? প্ৰকৃততে যিসকলে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰি তেওঁৰ সীমালঙ্ঘন কৰে, সিহঁত কেতিয়াও নিজৰ উদ্দেশ্যত সফল হ'ব নোৱাৰে।

10:18Page 210

وَيَعۡبُدُونَ مِن دُونِ ٱللَّهِ مَا لَا يَضُرُّهُمۡ وَلَا يَنفَعُهُمۡ وَيَقُولُونَ هَٰٓؤُلَآءِ شُفَعَٰٓؤُنَا عِندَ ٱللَّهِۚ قُلۡ أَتُنَبِّـُٔونَ ٱللَّهَ بِمَا لَا يَعۡلَمُ فِي ٱلسَّمَٰوَٰتِ وَلَا فِي ٱلۡأَرۡضِۚ سُبۡحَٰنَهُۥ وَتَعَٰلَىٰ عَمَّا يُشۡرِكُونَ ١٨

And they worship other than Allāh that which neither harms them nor benefits them, and they say, "These are our intercessors with Allāh." Say, "Do you inform Allāh of something He does not know in the heavens or on the earth?" Exalted is He and high above what they associate with Him.

মুশ্বৰিকসকলে আল্লাহৰ বাহিৰে এনেকুৱা মনেসজা উপাস্যৰ উপাসনা কৰে, যিসকলে উপকাৰো কৰিব নোৱাৰে আৰু ক্ষতিও কৰিব নোৱাৰে। আনহাতে প্ৰকৃত উপাস্য হৈছে তেওঁ, যিয়ে যেতিয়াই ইচ্ছা তেতিয়াই উপকাৰ কৰিব পাৰে আৰু ক্ষতিও কৰিব পাৰে। আৰু সিহঁতে নিজৰ উপাস্যবোৰৰ বিষয়ে কয় যে, সেইবোৰে আল্লাহৰ ওচৰত আমাৰ বাবে মধ্যস্ততা কৰিব। ফলত আল্লাহে আমাক আমাৰ পাপ কৰ্মৰ প্ৰতিফল স্বৰূপে শাস্তি প্ৰদান নকৰিব। হে ৰাছুল! আপুনি সিহঁতক কওক যে, তোমালোকে সৰ্বজ্ঞ আল্লাহক সংবাদ দি আছা নেকি যে, তেওঁৰ অংশী আছে? অথচ আকাশমণ্ডল আৰু পৃথিৱীত তেওঁৰ কোনো অংশী আছে বুলি জনা নাই। মুশ্বৰিকসকলে যিবোৰ অসত্য আৰু মিছা প্ৰচাৰ চলাই আছে তাৰ পৰা আল্লাহ পাক আৰু পৱিত্ৰ।

10:19Page 210

وَمَا كَانَ ٱلنَّاسُ إِلَّآ أُمَّةٗ وَٰحِدَةٗ فَٱخۡتَلَفُواْۚ وَلَوۡلَا كَلِمَةٞ سَبَقَتۡ مِن رَّبِّكَ لَقُضِيَ بَيۡنَهُمۡ فِيمَا فِيهِ يَخۡتَلِفُونَ ١٩

And mankind was not but one community [united in religion], but [then] they differed. And if not for a word1 that preceded from your Lord, it would have been judged between them [immediately] concerning that over which they differ.

সকলো মানৱ এটাই উম্মতৰ অন্তৰ্ভুক্ত আছিল, মুমিন আছিল আৰু একত্ববাদী আছিল। কিন্তু পিছত সিহঁতৰ মাজত বিভেদ সৃষ্টি হল। ফলত সিহঁতৰ মাজৰ কিছুমান মুমিন হৈ থাকিল আৰু আন কিছুমান কাফিৰত পৰিণত হ'ল। যদি আল্লাহৰ ফালৰ পৰা এয়া পূৰ্বে নিৰ্দিষ্ট কৰা নাথাকিলহেঁতেন যে তেওঁ মানুহৰ মাজৰ মতানৈক্যৰ ফয়চালা পৃথিৱীত নকৰিব, বৰং সিহঁতৰ মাজৰ মতভেদৰ মীমাংসা ক্বিয়ামতৰ দিনা কৰিব তেন্তে যি বিষয় লৈ সিহঁতে মতভেদ কৰি আছে তাৰ মীমাংসা আল্লাহে পৃথিৱীতেই কৰি দিলেহেঁতেন। ফলত এয়া স্পষ্ট হৈ গলহেঁতেন যে, কোন হিদায়তৰ পথত আছে আৰু কোন পথভ্ৰষ্ট।

10:20Page 210

وَيَقُولُونَ لَوۡلَآ أُنزِلَ عَلَيۡهِ ءَايَةٞ مِّن رَّبِّهِۦۖ فَقُلۡ إِنَّمَا ٱلۡغَيۡبُ لِلَّهِ فَٱنتَظِرُوٓاْ إِنِّي مَعَكُم مِّنَ ٱلۡمُنتَظِرِينَ ٢٠

And they say, "Why is a sign not sent down to him from his Lord?" So say, "The unseen is only for Allāh [to administer], so wait; indeed, I am with you among those who wait."

মুশ্বৰিকসকলে কয়ঃ মুহাম্মদৰ প্ৰতি তাৰ প্ৰতিপালকৰ তৰফৰ পৰা এনেকুৱা কোনো আয়াত কিয় অৱতীৰ্ণ নহয় যি আয়াতে তাৰ সত্যতা ৰূপায়ন কৰিব। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়কঃ আয়াত অৱতীৰ্ণ হোৱাৰ বিষয়টো এটা অদৃশ্য বিষয়, যিটোৰ জ্ঞান কেৱল আল্লাহৰ লগত নিৰ্দিষ্ট। এতেকে তোমালোকে সেইবোৰ ভৌতিক নিদৰ্শনৰ অপেক্ষা কৰা, যিবোৰৰ বিষয়ে তোমালোকে পৰামৰ্শ আগবঢ়াইছা। ময়ো তোমালোকৰ লগত অপেক্ষা কৰি আছো।

10:21Page 211

وَإِذَآ أَذَقۡنَا ٱلنَّاسَ رَحۡمَةٗ مِّنۢ بَعۡدِ ضَرَّآءَ مَسَّتۡهُمۡ إِذَا لَهُم مَّكۡرٞ فِيٓ ءَايَاتِنَاۚ قُلِ ٱللَّهُ أَسۡرَعُ مَكۡرًاۚ إِنَّ رُسُلَنَا يَكۡتُبُونَ مَا تَمۡكُرُونَ ٢١

And when We give the people a taste of mercy after adversity has touched them, at once they conspire against Our verses. Say, "Allāh is swifter in strategy." Indeed, Our messengers [i.e., angels] record that which you conspire.

যেতিয়া আমি মুশ্বৰিকসকলক দুৰ্ভিক্ষ আৰু বিপদ-আপদৰ পিছত বৰষুণ আৰু সেউজীয়া পথাৰৰ সোৱাদ দিওঁ, তেতিয়া সিহঁতে আমাৰ নিদৰ্শনসমূহক লৈ উপহাস কৰে আৰু সেইবোৰক অস্বীকাৰ কৰে। হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক, আল্লাহৰ উপায় অতি তীব্ৰ, আৰু তেওঁ তোমালোকক অৱকাশ দিয়াৰ ক্ষেত্ৰত আৰু শাস্তি প্ৰদানৰ ক্ষেত্ৰতো ক্ষীপ্ৰতৰ। নিশ্চয় তোমালোকে যিবোৰ চক্ৰান্ত কৰি আছা, সেইবোৰ নিয়োজিত ফিৰিস্তাসকলে লিখি আছে। তেওঁলোকৰ পৰা কোনো বিষয় এৰা নপৰে, তেন্তে তেওঁলোকৰ সৃষ্টিকৰ্তাৰ পৰা কেনেকৈ এৰা পৰিব? আল্লাহে অৱশ্যে তোমালোকক তোমালোকৰ চক্ৰান্তৰ প্ৰতিদান দিব।

10:22Page 211

هُوَ ٱلَّذِي يُسَيِّرُكُمۡ فِي ٱلۡبَرِّ وَٱلۡبَحۡرِۖ حَتَّىٰٓ إِذَا كُنتُمۡ فِي ٱلۡفُلۡكِ وَجَرَيۡنَ بِهِم بِرِيحٖ طَيِّبَةٖ وَفَرِحُواْ بِهَا جَآءَتۡهَا رِيحٌ عَاصِفٞ وَجَآءَهُمُ ٱلۡمَوۡجُ مِن كُلِّ مَكَانٖ وَظَنُّوٓاْ أَنَّهُمۡ أُحِيطَ بِهِمۡ دَعَوُاْ ٱللَّهَ مُخۡلِصِينَ لَهُ ٱلدِّينَ لَئِنۡ أَنجَيۡتَنَا مِنۡ هَٰذِهِۦ لَنَكُونَنَّ مِنَ ٱلشَّٰكِرِينَ ٢٢

It is He who enables you to travel on land and sea until, when you are in ships and they sail with them1 by a good wind and they rejoice therein, there comes a storm wind and the waves come upon them from every place and they expect to be engulfed, they supplicate Allāh, sincere to Him in religion, "If You should save us from this, we will surely be among the thankful."

হে মানৱজাতি! আল্লাহেই তোমালোকক স্থলত খোজকঢ়াৰ আৰু বাহনত উঠি চলাফুৰা কৰাৰ সুবিধা প্ৰদান কৰে, আৰু তেৱেঁই তোমালোকক সাগৰত জাহাজৰ জৰিয়তে চলাফুৰা কৰায়। যেতিয়া তোমালোক সাগৰত জাহাজৰ মাজত থাকা, আৰু জাহাজ সুন্দৰ বতাহৰ মাজত গমন কৰে, তেতিয়া আৰোহীসকল আনন্দিত হৈ পৰে। এই আনন্দৰ মাজতেই যেতিয়া প্ৰবল ধুমুহা আহে আৰু চাৰিওফালৰ পৰা সাগৰৰ ঢেউৱে সিহঁতক চোঁচা লয় আৰু সিহঁত নিশ্চিত হৈ পৰে যে এতিয়া আৰু ৰক্ষা নাই। তেতিয়া সিহঁত কেৱল এক আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ ধৰে, তেওঁৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰে। আৰু কয়ঃ তুমি যদি আমাক এই বিপদৰ পৰা ৰক্ষা কৰা তেন্তে আমি তোমাৰ এই অনুগ্ৰহত অৱশ্যে কৃতজ্ঞতা জ্ঞাপন কৰিম।

10:23Page 211

فَلَمَّآ أَنجَىٰهُمۡ إِذَا هُمۡ يَبۡغُونَ فِي ٱلۡأَرۡضِ بِغَيۡرِ ٱلۡحَقِّۗ يَٰٓأَيُّهَا ٱلنَّاسُ إِنَّمَا بَغۡيُكُمۡ عَلَىٰٓ أَنفُسِكُمۖ مَّتَٰعَ ٱلۡحَيَوٰةِ ٱلدُّنۡيَاۖ ثُمَّ إِلَيۡنَا مَرۡجِعُكُمۡ فَنُنَبِّئُكُم بِمَا كُنتُمۡ تَعۡمَلُونَ ٢٣

But when He saves them, at once they commit injustice1 upon the earth without right. O mankind, your injustice is only against yourselves, [being merely] the enjoyment of worldly life. Then to Us is your return, and We will inform you of what you used to do.

ফলত যেতিয়া তেওঁ সিহঁতৰ প্ৰাৰ্থনা কবুল কৰে আৰু সিহঁতক বিপদৰ পৰা ৰক্ষা কৰে, তেতিয়া সিহঁত হঠাৎ পৃথিৱীত কুফৰ, অৱজ্ঞা আৰু পাপকৰ্মত লিপ্ত হৈ উপদ্ৰৱ কৰিবলৈ ধৰে। হে মানৱজাতি! সজাগ হোৱা, কাৰণ তোমালোকৰ উপদ্ৰৱৰ পৰিণাম স্বয়ং তোমালোকেই ভোগ কৰিবা। কিয়নো তোমালোকৰ বিদ্ৰোহৰ দ্বাৰা আল্লাহৰ কোনো ক্ষতি নহব। তোমালোকে পাৰ্থিৱ জীৱন উপভোগ কৰি আছা, অথচ এইটো ধ্বংসশীল। পিছত ক্বিয়ামতৰ দিনা তোমালোক আমাৰ ওচৰলৈকেই প্ৰত্যাৱৰ্তন কৰিব লাগিব। তেতিয়া আমি তোমালোকক অৱগত কৰাম, তোমালোকে কি গুনাহ কৰি আছিলা আৰু তোমালোকক ইয়াৰ প্ৰতিদানো দিম।

10:24Page 211

إِنَّمَا مَثَلُ ٱلۡحَيَوٰةِ ٱلدُّنۡيَا كَمَآءٍ أَنزَلۡنَٰهُ مِنَ ٱلسَّمَآءِ فَٱخۡتَلَطَ بِهِۦ نَبَاتُ ٱلۡأَرۡضِ مِمَّا يَأۡكُلُ ٱلنَّاسُ وَٱلۡأَنۡعَٰمُ حَتَّىٰٓ إِذَآ أَخَذَتِ ٱلۡأَرۡضُ زُخۡرُفَهَا وَٱزَّيَّنَتۡ وَظَنَّ أَهۡلُهَآ أَنَّهُمۡ قَٰدِرُونَ عَلَيۡهَآ أَتَىٰهَآ أَمۡرُنَا لَيۡلًا أَوۡ نَهَارٗا فَجَعَلۡنَٰهَا حَصِيدٗا كَأَن لَّمۡ تَغۡنَ بِٱلۡأَمۡسِۚ كَذَٰلِكَ نُفَصِّلُ ٱلۡأٓيَٰتِ لِقَوۡمٖ يَتَفَكَّرُونَ ٢٤

The example of [this] worldly life is but like rain which We have sent down from the sky that the plants of the earth absorb - [those] from which men and livestock eat - until, when the earth has taken on its adornment and is beautified and its people suppose that they have capability over it, there comes to it Our command by night or by day, and We make it as a harvest,1 as if it had not flourished yesterday. Thus do We explain in detail the signs for a people who give thought.

পাৰ্থিৱ জীৱনৰ উদাহৰণ যাৰ আনন্দত তোমালোক মতলীয়া, অচিৰেই ধ্বংস হোৱাৰ ক্ষেত্ৰত ই বৰষুণৰ পানীৰ দৰে। যাৰ দ্বাৰা উৎপাদিত ভূমিজ উদ্ভিদ মানুহে ভক্ষণ কৰে, যেনেঃ শস্য আৰু ফলমূল আদি, আৰু পশুৱেও ভক্ষণ কৰে, যেনেঃ ঘাঁহ বন আদি যিবোৰ ঘন সন্নিবিষ্ট হৈ উৎপন্ন হয়। অৱশেষত যেতিয়া পথাৰ সেউজীয়া হৈ পৰে আৰু সৌন্দৰ্যময় হয় লগতে বিভিন্ন প্ৰকাৰৰ গছ-গছনিৰে ভৰি পৰে তথা সেই শস্য-শ্যামল খেতিৰ মালিকসকলে যেতিয়া নিশ্চিত হয় যে, সিহঁতে কৰা খেতিৰ ফচল চপাবলৈ সক্ষম তথা গছৰ ফল আদি পাৰিবলৈ সামৰ্থৱান, হঠাৎ তেতিয়াই আমাৰ ফালৰ পৰা সেইবোৰ ধ্বংস হোৱাৰ আদেশ আহি পৰিল, আৰু আমি সেইবোৰক শস্য চপোৱা খেতিত পৰিণত কৰিলো। এনেকুৱা কৰি দিলো যেনিবা ইতিপূৰ্বে তাত কোনো খেতিয়ে নাছিল। যিদৰে আমি তোমালোকৰ বাবে পৃথিৱীৰ স্থিতি আৰু ইয়াৰ ধ্বংস সম্পৰ্কে বিস্তাৰিত বৰ্ণনা দিছো, ঠিক সেইদৰে আমি চিন্তা-চৰ্চাকাৰী আৰু গৱেষকসকলৰ বাবে দলীল-প্ৰমাণ আৰু যুক্তিবোৰ স্পষ্ট কৰি দিওঁ।

10:25Page 211

وَٱللَّهُ يَدۡعُوٓاْ إِلَىٰ دَارِ ٱلسَّلَٰمِ وَيَهۡدِي مَن يَشَآءُ إِلَىٰ صِرَٰطٖ مُّسۡتَقِيمٖ ٢٥

And Allāh invites to the Home of Peace [i.e., Paradise] and guides whom He wills to a straight path.

আল্লাহে সকলোকে তেওঁৰ জান্নাতৰ পিনে আহ্বান কৰে, যিটো হৈছে শান্তিৰ ঘৰ। য’ত মানুহ দুখ-কষ্ট আৰু বিপদ-আপদৰ পৰা সুৰক্ষিত থাকিব, লগতে মৃত্যুৰ পৰাও সুৰক্ষিত থাকিব। আল্লাহে যাক ইচ্ছা কৰে দ্বীন ইছলাম মানি চলাৰ তাওফীক প্ৰদান কৰে, আৰু এই ইছলামেই তাক শান্তিৰ ঘৰলৈ লৈ যাব।

10:26Page 212

۞ لِّلَّذِينَ أَحۡسَنُواْ ٱلۡحُسۡنَىٰ وَزِيَادَةٞۖ وَلَا يَرۡهَقُ وُجُوهَهُمۡ قَتَرٞ وَلَا ذِلَّةٌۚ أُوْلَٰٓئِكَ أَصۡحَٰبُ ٱلۡجَنَّةِۖ هُمۡ فِيهَا خَٰلِدُونَ ٢٦

For them who have done good is the best [reward] - and extra.1 No darkness will cover their faces, nor humiliation. Those are companions of Paradise; they will abide therein eternally.

যিসকলে আল্লাহে অনিবাৰ্য কৰা আনুগত্য পালন কৰি তথা তেওঁ নিষিদ্ধ কৰা পাপকৰ্মক পৰিত্যাগ কৰি সৎকৰ্ম কৰিছে, তেওঁলোকৰ বাবে আছে উত্তম প্ৰতিদান, সেয়া হৈছে জান্নাত। তথা তেওঁলোকৰ বাবে ইয়াতকৈও উত্তম এটা প্ৰতিদান আছে সেয়া হৈছে আল্লাহৰ সন্মানিত মুখমণ্ডলৰ দৰ্শন। তেওঁলোকৰ চেহেৰাত নাথাকিব কোনো ধূলি, আৰু কোনো অপমান বা তিৰস্কাৰৰ চিহ্নও নাথাকিব। নেকপৰায়ণতাৰ গুণেৰে বিভূষিত এইসকল লোকেই হৈছে জান্নাতৰ অধিবাসী, তাত তেওঁলোক চিৰকাল বসবাস কৰিব।

10:27Page 212

وَٱلَّذِينَ كَسَبُواْ ٱلسَّيِّـَٔاتِ جَزَآءُ سَيِّئَةِۭ بِمِثۡلِهَا وَتَرۡهَقُهُمۡ ذِلَّةٞۖ مَّا لَهُم مِّنَ ٱللَّهِ مِنۡ عَاصِمٖۖ كَأَنَّمَآ أُغۡشِيَتۡ وُجُوهُهُمۡ قِطَعٗا مِّنَ ٱلَّيۡلِ مُظۡلِمًاۚ أُوْلَٰٓئِكَ أَصۡحَٰبُ ٱلنَّارِۖ هُمۡ فِيهَا خَٰلِدُونَ ٢٧

But they who have earned [blame for] evil doings - the recompense of an evil deed is its equivalent, and humiliation will cover them. They will have from Allāh no protector. It will be as if their faces are covered with pieces of the night - so dark [are they]. Those are the companions of the Fire; they will abide therein eternally.

যিসকলে কুফৰ তথা পাপকৰ্মৰ দৰে অপকৰ্ম কৰিছে, সিহঁতে কৰা অপকৰ্মৰ প্ৰতিদান স্বৰূপে সিহঁতে আল্লাহৰ ওচৰত সেই অনুপাতেই শাস্তি ভোগ কৰিব। সিহঁতৰ চেহেৰাক তিৰস্কাৰ আৰু অপমানে আচ্ছন্ন কৰিব। আল্লাহে যেতিয়া সিহঁতৰ ওপৰত শাস্তি অৱতীৰ্ণ কৰিব, তেতিয়া কোনেও সিহঁতক তেওঁৰ শাস্তিৰ পৰা ৰক্ষা কৰিব নোৱাৰিব, এনেকুৱা লাগিব যেনিবা সিহঁতৰ মুখমণ্ডলত অন্ধকাৰ ৰাতিৰ এন্ধাৰে বেৰি ধৰিছে, কাৰণ সিহঁতক জাহান্নামৰ ধোঁৱা আৰু অন্ধকাৰে আৱৰি ৰাখিব। এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী লোকসকল হৈছে জাহান্নামৰ অধিবাসী, তাত সিহঁত চিৰস্থায়ী হ'ব।

10:28Page 212

وَيَوۡمَ نَحۡشُرُهُمۡ جَمِيعٗا ثُمَّ نَقُولُ لِلَّذِينَ أَشۡرَكُواْ مَكَانَكُمۡ أَنتُمۡ وَشُرَكَآؤُكُمۡۚ فَزَيَّلۡنَا بَيۡنَهُمۡۖ وَقَالَ شُرَكَآؤُهُم مَّا كُنتُمۡ إِيَّانَا تَعۡبُدُونَ ٢٨

And [mention, O Muḥammad], the Day We will gather them all together - then We will say to those who associated others with Allāh, "[Remain in] your place, you and your 'partners.'"1 Then We will separate them,2 and their "partners" will say, "You did not used to worship us,3

হে ৰাছুল! আপুনি ক্বিয়ামত দিৱসক স্মৰণ কৰক, যেতিয়া আমি সকলো সৃষ্টিক একত্ৰিত কৰিম। তেতিয়া আমি সেইসকল লোকক কম যিসকলে পৃথিৱীত আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰিছিল, হে মুশ্বৰিকসকল! তোমালোক আৰু তোমালোকে আল্লাহৰ বাহিৰে যিবোৰৰ উপাসনা কৰিছিলা সেই সকলোৱে নিজ নিজ স্থানত অৱস্থান কৰা, তেতিয়া আমি উপাসনাকাৰী আৰু উপাস্যবোৰৰ মাজত তফাৎ সৃষ্টি কৰিম। ফলত উপাস্যবোৰে এই বুলি কৈ নিজকে আঁতৰাই আনিব যে, তোমালোকে পৃথিৱীত আমাৰ উপাসনাই কৰা নাছিলা।

10:29Page 212

فَكَفَىٰ بِٱللَّهِ شَهِيدَۢا بَيۡنَنَا وَبَيۡنَكُمۡ إِن كُنَّا عَنۡ عِبَادَتِكُمۡ لَغَٰفِلِينَ ٢٩

And sufficient is Allāh as a witness between us and you that we were of your worship unaware."

তেতিয়া সিহঁতৰ এই উপাস্যবোৰে, যিবোৰক সিহঁতে আল্লাহৰ বাহিৰে পূজা-অৰ্চনা কৰিছিল, এই বুলি কৈ পৃথক হৈ যাব যে, আল্লাহ সাক্ষী আছে –সাক্ষীৰ ক্ষেত্ৰত তেৱেঁই যথেষ্ট- আমি তোমালোকৰ উপাসনাত সন্তুষ্ট নাছিলো, আৰু আমি ইয়াৰ আদেশো দিয়া নাছিলো, আনকি তোমালোকৰ উপাসনা সম্পৰ্কে আমি অৱগতই নাছিলো।

10:30Page 212

هُنَالِكَ تَبۡلُواْ كُلُّ نَفۡسٖ مَّآ أَسۡلَفَتۡۚ وَرُدُّوٓاْ إِلَى ٱللَّهِ مَوۡلَىٰهُمُ ٱلۡحَقِّۖ وَضَلَّ عَنۡهُم مَّا كَانُواْ يَفۡتَرُونَ ٣٠

There, [on that Day], every soul will be put to trial for what it did previously, and they will be returned to Allāh, their master, the Truth, and lost from them is whatever they used to invent.

সেই মহান স্থানত, প্ৰত্যেক ব্যক্তিয়ে নিজৰ পাৰ্থিৱ জীৱনত কৰা কৰ্মবোৰক পৰীক্ষা কৰিব, আৰু মুশ্বৰিকসকলক সিহঁতৰ সত্য উপাস্য অৰ্থাৎ আল্লাহৰ ফালে প্ৰত্যাৱৰ্তন কৰোৱা হ'ব, তেওঁ সিহঁতৰ হিচাপ গ্ৰহণ কৰিব। বাতিল উপাস্য সম্পৰ্কে কৰা সিহঁতৰ মধ্যস্ততাৰ দাবী কোনো কামত নাহিব।

10:31Page 212

قُلۡ مَن يَرۡزُقُكُم مِّنَ ٱلسَّمَآءِ وَٱلۡأَرۡضِ أَمَّن يَمۡلِكُ ٱلسَّمۡعَ وَٱلۡأَبۡصَٰرَ وَمَن يُخۡرِجُ ٱلۡحَيَّ مِنَ ٱلۡمَيِّتِ وَيُخۡرِجُ ٱلۡمَيِّتَ مِنَ ٱلۡحَيِّ وَمَن يُدَبِّرُ ٱلۡأَمۡرَۚ فَسَيَقُولُونَ ٱللَّهُۚ فَقُلۡ أَفَلَا تَتَّقُونَ ٣١

Say, "Who provides for you from the heaven and the earth? Or who controls hearing and sight and who brings the living out of the dead and brings the dead out of the living and who arranges [every] matter?" They will say, "Allāh," so say, "Then will you not fear Him?"

হে ৰাছুল! আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰা এই লোকসকলক সোধকচোন যে, আকাশৰ পৰা বৰষুণ বৰ্ষাই তোমালোকক কোনে জীৱিকা প্ৰদান কৰে? তথা ভূমিৰ পৰা উদ্ভিদ সৃষ্টি কৰি আৰু মাটিৰ তলত নিহিত থকা খনিজ সম্পদৰ দ্বাৰা কোনে তোমালোকক জীৱিকা প্ৰদান কৰে? কোনে নিৰ্জীৱৰ পৰা জীৱ সৃষ্টি কৰে? যেনে শুক্ৰাণুৰ পৰা মানুহ আৰু কণীৰ পৰা চৰাই। আৰু কোনে নিৰ্জীৱক সজীৱৰ পৰা উলিয়ায়? যেনে- জীৱৰ পৰা শুক্ৰাণু আৰু চৰাইৰ পৰা কণী। আকাশমণ্ডল আৰু পৃথিৱী আৰু ইয়াৰ মাজত থকা জীৱৰ সকলো প্ৰয়োজনীয় সা-সামগ্ৰী কোনে যোগান ধৰে? সিহঁতে উত্তৰ দিবঃ এই সকলোবোৰ আল্লাহেই সম্পাদন কৰে। তেতিয়া আপুনি সিহঁতক কৈ দিয়ক যে, তেন্তে তোমালোকে এয়া নাজানা নেকি, আৰু তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বিষয়ৰ পৰা বিৰত থাকি তেওঁক ভয় নকৰা কিয়?

10:32Page 212

فَذَٰلِكُمُ ٱللَّهُ رَبُّكُمُ ٱلۡحَقُّۖ فَمَاذَا بَعۡدَ ٱلۡحَقِّ إِلَّا ٱلضَّلَٰلُۖ فَأَنَّىٰ تُصۡرَفُونَ ٣٢

For that is Allāh, your Lord, the Truth. And what can be beyond truth except error? So how are you averted?

হে মানৱজাতি! যি সত্ত্বায় এই সকলো সম্পাদন কৰি আছে, তেৱেঁই আল্লাহ তোমালোকৰ প্ৰকৃত সৃষ্টিকৰ্তা। তেৱেঁই তোমালোকৰ কৰ্মৰ তত্বাৱধায়ক। এতেকে সত্য জনাৰ পিছত সত্যৰ পৰা আঁতৰি থকা অথবা বিনাশৰ বাহিৰে আন কি থাকিব পাৰে? এতেকে এনেকুৱা স্পষ্ট সত্য ত্যাগ কৰি তোমালোকৰ বিবেক কলৈ গুচি যায়?

Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences

Contents

Ayat al-Kursi36Al-Kahfpage 42juz 15Bukhari 1Muslim 2999

Style

Theme
Text size
Layout

Читать на русском