Al-Mukhtasar · Tafsir · in Assamese
القلم
Al-Qalam
The Pen · Meccan · 52 ayahs
নূন, এনেকুৱা শব্দবোৰৰ বিষয়ে ছুৰা বাক্বাৰাৰ আৰম্ভণিত উল্লেখ কৰা হৈছে। আল্লাহ তাআলাই কলম তথা মানুহে কলমেৰে যি লিখে তাৰ শপত কৰিছে।
68:2Page 564
مَآ أَنتَ بِنِعۡمَةِ رَبِّكَ بِمَجۡنُونٖ ٢
You are not, [O Muḥammad], by the favor of your Lord, a madman.
হে ৰাছুল, আপোনাৰ প্ৰতিপালকে নিজ অনুগ্ৰহেৰে আপোনাক নবী বনাইছে। আপোনাক উন্মাদ বা পাগল বনোৱা নাই। মুশ্বৰিকসকলে আপোনাৰ প্ৰতি পাগল হোৱাৰ যি অভিযোগ কৰিছে তাৰ পৰা আপুনি মুক্ত।
নিশ্চয় আপুনি মানুহলৈ আল্লাহৰ যি সংবাদ পৌঁছাই আছে তাৰ পৰিণাম অন্তহীন। এই সম্পৰ্কে কোনোবাই আপোনাৰ প্ৰতি সহানুভূতিশীল হ’ব নোৱাৰে।
আৰু আপুনি, কোৰআনে লৈ অহা মহান নৈতিকতা বা চৰিত্ৰৰ উচ্চ শৃঙ্গত অধিষ্ঠিত। আপুনি কুৰআনৰ আদৰ্শ সম্পূৰ্ণৰূপে পালন কৰে।
এতেকে অনতিপলমে আপুনি দেখিবলৈ পাব আৰু এই অস্বীকাৰকাৰী সকলেও দেখিবলৈ পাব।
যেতিয়া সত্যৰ পৰা পৰ্দা বা আৱৰণ আঁতৰি যাব তেতিযা স্পষ্ট হৈ পৰিব যে কোনে পাগল?
68:7Page 564
إِنَّ رَبَّكَ هُوَ أَعۡلَمُ بِمَن ضَلَّ عَن سَبِيلِهِۦ وَهُوَ أَعۡلَمُ بِٱلۡمُهۡتَدِينَ ٧
Indeed, your Lord is most knowing of who has gone astray from His way, and He is most knowing of the [rightly] guided.
হে ৰাছুল, নিশ্চয় আপোনাৰ প্ৰতিপালকে জানে যে কোনে তেওঁৰ পথৰ পৰা বিচ্যুত হৈছে। লগতে তেওঁ সেই সকল লোকৰ বিষয়েও সম্যক অৱগত যিসকল সঠিক পথত আছে । সেয়েহে তেওঁ জানে যে, কোনসকল লোক তাৰ পৰা বিচ্যুত হৈছে আৰু আপুনি সেই সঠিক পথৰ ওপৰত অবিচল আছে।
এতেকে হে ৰাছুল, আপুনি সিহঁতৰ কথা নুশুনিব যিবিলাকে আপুনি লৈ আহা সংবাদ সমূহ অস্বীকাৰ কৰে।
68:9Page 564
وَدُّواْ لَوۡ تُدۡهِنُ فَيُدۡهِنُونَ ٩
They wish that you would soften [in your position], so they would soften [toward you].
সিহঁতৰ কামনা এই যে আপুনি সিহঁতৰ লগত নম্ৰতা অৱলম্বন কৰিলে, সিহঁতেও আপোনাৰ লগত নম্ৰতা অৱলম্বন কৰিব।
68:10Page 564
وَلَا تُطِعۡ كُلَّ حَلَّافٖ مَّهِينٍ ١٠
And do not obey every worthless habitual swearer
আৰু আপুনি কোনো এনেকুৱা লোকৰ কথা নুশুনিব যিয়ে অত্যাধিক মিছা শপত কৰে আৰু হীনমনৰ ব্যক্তি।
মানুহৰ বহুতো পৰনিন্দা আৰু পৰচৰ্চাকাৰী ব্যক্তি যাতে সিহঁতৰ মাজত বিচ্ছেদ ঘটাব পৰা যায়।
68:12Page 564
مَّنَّاعٖ لِّلۡخَيۡرِ مُعۡتَدٍ أَثِيمٍ ١٢
A preventer of good, transgressing and sinful,
কল্যাণৰ কামত অধিক বাধা প্ৰদানকাৰী, মানুহৰ ধন- সম্পত্তি, মান- সন্মান আৰু জীৱনৰ প্ৰতি সীমালংঘনকাৰী তথা অত্যাধিক পাপিষ্ঠ ব্যক্তি।
দুষ্ট প্ৰকৃতিৰ, ক্ৰোধ স্বভাৱৰ আৰু নিজ পিতৃ অবিহনে আন কাৰো লগত সম্বন্ধিত।
কেৱল এই কাৰণে আল্লাহ আৰু তেওঁৰ ৰাছুলক মানিবলৈ অভিমান কৰিছিল যে তেওঁ বহুত ধন- সম্পদৰ গৰাকী আছিল।
68:15Page 564
إِذَا تُتۡلَىٰ عَلَيۡهِ ءَايَٰتُنَا قَالَ أَسَٰطِيرُ ٱلۡأَوَّلِينَ ١٥
When Our verses are recited to him, he says, "Legends of the former peoples."
যেতিয়া তেওঁৰ আগত আমাৰ আয়াত সমুহ পাঠ কৰা হয় তেতিয়া কয়ঃ এইবোৰ পূৰ্বৱৰ্তীসকলৰ কাল্পনিক কাহিনী মাথোন।
আমি শীঘ্ৰে তাৰ নাকত দাগ দিম। যিটো তাৰ মুখমণ্ডল বিকৃত কৰি পেলাব আৰু যিটো কেতিয়াও তাৰ নাকৰ পৰা নাইকীয়া নহ’ব।
68:17Page 565
إِنَّا بَلَوۡنَٰهُمۡ كَمَا بَلَوۡنَآ أَصۡحَٰبَ ٱلۡجَنَّةِ إِذۡ أَقۡسَمُواْ لَيَصۡرِمُنَّهَا مُصۡبِحِينَ ١٧
Indeed, We have tried them as We tried the companions of the garden, when they swore to cut its fruit in the [early] morning
আমি এই মুশ্বৰিকবিলাকক ভোক আৰু অভাৱ- অনাটনৰ জৰিয়তে পৰীক্ষা কৰিছিলো যিদৰে উদ্যান অধিপতিসকলক পৰীক্ষা কৰিছিলো। যেতিয়া সিহঁতে শপত কৰিছিল যে, অৱশ্যে ৰাতিপুৱাই সিহঁতে বাগানৰ ফল আহৰণ কৰিব, যাতে কোনো দুখীয়া আৰু নিৰ্ধন ব্যক্তিক কিছু দিব নালাগে।
আৰু সিহঁতে শপত কৰোতে ইন শ্বা আল্লাহ কোৱা নাছিল।
68:19Page 565
فَطَافَ عَلَيۡهَا طَآئِفٞ مِّن رَّبِّكَ وَهُمۡ نَآئِمُونَ ١٩
So there came upon it [i.e., the garden] an affliction from your Lord while they were asleep.
গতিকে আল্লাহ তাআলাই বাগনৰ প্ৰতি এক প্ৰৱল জুই পঠাই দিলে। যিয়ে সেইবোৰ খাই অস্তিত্বহীন কৰি পেলালে। যিহেতু বাগানৰ গৰাকীসকল শুই আছিল আৰু নিজৰ বাগান খনক জুইৰ পৰা ৰক্ষা কৰিব পৰা নাছিল।
এতেকে বাগান ৰাতিৰ দৰে কলা হৈ গল।
তাৰ পিছত ৰাতিপুৱা ইজনে সিজনক মাতিলে।
68:22Page 565
أَنِ ٱغۡدُواْ عَلَىٰ حَرۡثِكُمۡ إِن كُنتُمۡ صَٰرِمِينَ ٢٢
[Saying], "Go early to your crop if you would cut the fruit."
কবলৈ ধৰিলেঃ যদি তোমালোকে বাগানৰ ফলবোৰ গোটাব বিচৰা তেন্তে মগনীয়াৰ সকলে অহাৰ আগতে বাগানলৈ ওলাই যোৱা।
গতিকে সিহঁতে তীব্ৰভাৱে নিজৰ খেতিলৈ খোজ কাঢ়িব ধৰিলে। সিহঁতে পৰস্পৰে নিম্নস্বৰে আৰু সাৱধানতাৰে কথা পাতি আছিল।
68:24Page 565
أَن لَّا يَدۡخُلَنَّهَا ٱلۡيَوۡمَ عَلَيۡكُم مِّسۡكِينٞ ٢٤
[Saying], "There will surely not enter it today upon you [any] poor person."
সিহঁতে পৰস্পৰে কৈ আছিলঃ আজি যাতে তোমালোকৰ ওচৰত কোনো দুখীয়া- অভাৱী প্ৰৱেশ কৰিব নোৱাৰে।
68:25Page 565
وَغَدَوۡاْ عَلَىٰ حَرۡدٖ قَٰدِرِينَ ٢٥
And they went early in determination, [assuming themselves] able.1
আৰু সিহঁতে ৰাতিপুৱা এই মানসেৰে যাবলৈ ধৰিছিল যে আজি এটা দানাও কাকো নিদিব।
68:26Page 565
فَلَمَّا رَأَوۡهَا قَالُوٓاْ إِنَّا لَضَآلُّونَ ٢٦
But when they saw it, they said, "Indeed, we are lost;
যেতিয়া সিহঁতে খেতি জ্বলি ছাই হোৱা দেখা পাইছিল তেতিয়া পৰস্পৰে কবলৈ ধৰিলেঃ নিশ্চয় আমি বাগানৰ ৰাস্তা পাহৰি গৈছো।
বৰং বাগানৰ ফল গোটোৱাবলৈ আমাক বনঞ্চিত কৰা হৈছে। কিয়নো আমি এইটো নিৰ্ণয় কৰিছিলো যে দুখীয়া আৰু অভাৱীসকলক একোৱে নিদিও।
68:28Page 565
قَالَ أَوۡسَطُهُمۡ أَلَمۡ أَقُل لَّكُمۡ لَوۡلَا تُسَبِّحُونَ ٢٨
The most moderate of them said, "Did I not say to you, 'Why do you not exalt [Allāh]?'"1
সিহঁতৰ ভিতৰত সৰ্বোত্তোম ব্যক্তিয়ে কলেঃ তেতিয়া মই তোমালোকক কোৱা নাছিলো নে, যেতিয়া তোমালোকে বাগানৰ ফলসমূহৰ পৰা দুখীয়া- অভাৱী সকলক বঞ্চিত কৰাৰ যোজনা কৰি আছিলা যে তোমালোকে আল্লাহৰ পৱিত্ৰতা কিয় বৰ্ণনা নকৰা আৰু তেওঁৰ ওচৰত কিয়া তাওবাহ নকৰা?
68:29Page 565
قَالُواْ سُبۡحَٰنَ رَبِّنَآ إِنَّا كُنَّا ظَٰلِمِينَ ٢٩
They said, "Exalted is our Lord! Indeed, we were wrongdoers."
সকলোৱে কলেঃ আমাৰ প্ৰতিপালক পবিত্ৰ। আমি আমাৰ বাগানৰ ফলৰ পৰা দুখীয়া আৰু অভাৱীসকলক বঞ্চিত কৰাৰ পৰিকল্পনাৰ সময়ত নিশ্চয় নিজৰ ওপৰতে অন্যায় কৰিছিলো।
68:30Page 565
فَأَقۡبَلَ بَعۡضُهُمۡ عَلَىٰ بَعۡضٖ يَتَلَٰوَمُونَ ٣٠
Then they approached one another, blaming each other.
তাৰ পিছত সিহঁতে এজন আনজনৰ ফালে হৈ পৰস্পৰে দোষাৰোপ কৰিবলৈ ধৰিলে।
68:31Page 565
قَالُواْ يَٰوَيۡلَنَآ إِنَّا كُنَّا طَٰغِينَ ٣١
They said, "O woe to us; indeed we were transgressors.
লজ্জিত হৈ কবলৈ ধৰিলেঃ হায় আমাৰ ক্ষতি ! নিশ্চয় আমি দুখীয়া আৰু অভাৱ গ্ৰস্থ লোকক অধিকাৰৰ পৰা বঞ্চিত কৰাৰ পৰিকল্পনা কৰি সীমালংঘন কৰিছো।
68:32Page 565
عَسَىٰ رَبُّنَآ أَن يُبۡدِلَنَا خَيۡرٗا مِّنۡهَآ إِنَّآ إِلَىٰ رَبِّنَا رَٰغِبُونَ ٣٢
Perhaps our Lord will substitute for us [one] better than it. Indeed, we are toward our Lord desirous."1
সম্ভৱত আমাৰ প্ৰতিপালকে আমাক বাগানৰ পৰিৱৰ্তে ইয়াতকৈ উত্তম বস্তু প্ৰদান কৰিব। নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ প্ৰতি আগ্ৰহী। তেওঁৰ পৰা ক্ষমাৰ আশাবাদী আৰু তেওঁৰ পৰাই কল্যাণ বিচাৰো।
68:33Page 565
كَذَٰلِكَ ٱلۡعَذَابُۖ وَلَعَذَابُ ٱلۡأٓخِرَةِ أَكۡبَرُۚ لَوۡ كَانُواْ يَعۡلَمُونَ ٣٣
Such is the punishment [of this world]. And the punishment of the Hereafter is greater, if they only knew.
খাদ্য বস্তু বা জীৱিকাৰ পৰা বঞ্চিত কৰাৰ যি শাস্তি আমি সিহঁতক দিছো তেনেকুৱা শাস্তি আমি প্ৰত্যেক সেই ব্যক্তিক দিওঁ যিয়ে আমাৰ আদেশৰ অৱজ্ঞা কৰে। আৰু আখিৰাতৰ শাস্তি ইয়াতকৈয়ো ডাঙৰ। যদি সিহঁতে তেওঁৰ কঠোৰতা আৰু নিৰন্তৰতাৰ বিষয়ে জানিলেহেঁতেন।
68:34Page 565
إِنَّ لِلۡمُتَّقِينَ عِندَ رَبِّهِمۡ جَنَّٰتِ ٱلنَّعِيمِ ٣٤
Indeed, for the righteous with their Lord are the Gardens of Pleasure.
নিশ্চয় আল্লাহৰ পৰা, তেওঁৰ আদেশ সমূহ পালন কৰি আৰু তেওঁ নিষেধকৃত বস্তুবোৰৰ পৰা বিৰত থাকি, ভয়কাৰী সকলৰ বাবে সিহঁতৰ প্ৰতিপালকৰ ওচৰত অনুগ্ৰহমূলক জান্নাত আছে। সিহঁতে তাত প্ৰত্যেক ধৰণৰ অনুগ্ৰহৰ পৰা উপকৃত হ’ব। সিহঁতৰ অনুগ্ৰহৰ ধাৰাবাহিকতা কেতিয়াও বিচ্ছিন্ন নহ’ব।
68:35Page 565
أَفَنَجۡعَلُ ٱلۡمُسۡلِمِينَ كَٱلۡمُجۡرِمِينَ ٣٥
Then will We treat the Muslims like the criminals?
আমি মুছলমানসকলক পৰিণামৰ ক্ষেত্ৰত মুশ্বৰিক বিলাকৰ দৰে কৰিম নেকি যিদৰে মক্কাৰ মুশ্বৰিক বিলাকে ধাৰণা কৰিছে?
তোমালোকৰ ( হে মুশ্বৰিক সকল ) কি হৈছে? তোমালোকে এই অন্যায়পূৰ্ণ নিৰ্ণয় কেনেকৈ লোৱা?
তোমালোকৰ ওচৰত এনেকুৱা কোনো কিতাপ আছে নেকি যাৰ ভিতৰত তোমালোকে পঢ়া যে অনুগত্যকাৰী আৰু অবাধ্যকাৰী সমান?
আৰু তোমালোকৰ বাবে আখিৰাতত সেয়াই আছে যি তোমালোকে পছন্দ কৰা।
68:39Page 565
أَمۡ لَكُمۡ أَيۡمَٰنٌ عَلَيۡنَا بَٰلِغَةٌ إِلَىٰ يَوۡمِ ٱلۡقِيَٰمَةِ إِنَّ لَكُمۡ لَمَا تَحۡكُمُونَ ٣٩
Or do you have oaths [binding] upon Us, extending until the Day of Resurrection, that indeed for you is whatever you judge?
তোমালোকৰ বাবে আমাৰ ওপৰত কোনো অটল অঙ্গীকাৰ আছে নেকি? যাৰ দাবী এই যে তোমোলোকৰ বাবে সেয়াই আছে যিটো তোমালোকে নিজৰ বাবে নিৰ্ণয় কৰা?
68:40Page 565
سَلۡهُمۡ أَيُّهُم بِذَٰلِكَ زَعِيمٌ ٤٠
Ask them which of them, for that [claim], is responsible.
হে ৰাছুল, এই কথা কোৱাসকলক সুধক, ইয়াৰ জিম্মাদাৰ কোন?
68:41Page 565
أَمۡ لَهُمۡ شُرَكَآءُ فَلۡيَأۡتُواْ بِشُرَكَآئِهِمۡ إِن كَانُواْ صَٰدِقِينَ ٤١
Or do they have partners?1 Then let them bring their partners, if they should be truthful.
অথবা সিহঁতৰ বাবে আল্লাহৰ লগত বহুতো অংশীদাৰ আছে নেকি যিহঁতে পৰিণামৰ ক্ষেত্ৰত মুশ্বৰীক বিলাকক মুমিনসকলৰ সমান বুলি প্ৰতিষ্ঠিত কৰে? তেন্তে সিহঁতে সিহঁতৰ অংশীদাৰ বিলাকক উপস্থিত কৰা উচিত। যদি সিহঁতে এই দাবীত সত্যবাদী যে সিহঁতৰ অংশীদাৰ সকলে সিহঁতক পৰিণামৰ ক্ষেত্ৰত মুমিনসকলৰ সমান প্ৰতিষ্ঠিত কৰিছে।
68:42Page 565
يَوۡمَ يُكۡشَفُ عَن سَاقٖ وَيُدۡعَوۡنَ إِلَى ٱلسُّجُودِ فَلَا يَسۡتَطِيعُونَ ٤٢
The Day the shin will be uncovered1 and they are invited to prostration but they [i.e., the disbelievers] will not be able,
ক্বিয়ামতৰ দিনা ভয়াৱহ পৰিস্থিতি হব আৰু আমাৰ প্ৰতিপালকে তেওঁৰ ভৰিৰ কলাফুলি উন্মুচিত কৰিব আৰু মানুহক ছাজদাহ কৰিবলৈ আহ্বান কৰা হ’ব। মুমিনসকলে ছাজদাহ কৰিব আৰু কাফিৰ তথা মুনাফিক বিলাকে ছাজদাহ কৰিবলৈ অক্ষম অৱস্থাত ৰৈ যাব।
68:43Page 566
خَٰشِعَةً أَبۡصَٰرُهُمۡ تَرۡهَقُهُمۡ ذِلَّةٞۖ وَقَدۡ كَانُواْ يُدۡعَوۡنَ إِلَى ٱلسُّجُودِ وَهُمۡ سَٰلِمُونَ ٤٣
Their eyes humbled, humiliation will cover them. And they used to be invited to prostration while they were sound.1
সিহঁতৰ দৃষ্টি নত অৱস্থাত থাকিব। অপমান আৰু লজ্জাই সিহঁতক আৱৰি ধৰিব। সিহঁতক পৃথিৱীত আল্লাহক ছাজদাহ কৰিবলৈ কোৱা হৈছিল তেতিয়া সিহঁতে আজি সন্মুখীন হোৱা অসুবিধাৰ পৰা মুক্ত আছিল।
68:44Page 566
فَذَرۡنِي وَمَن يُكَذِّبُ بِهَٰذَا ٱلۡحَدِيثِۖ سَنَسۡتَدۡرِجُهُم مِّنۡ حَيۡثُ لَا يَعۡلَمُونَ ٤٤
So leave Me, [O Muḥammad], with [the matter of] whoever denies this statement [i.e., the Qur’ān]. We will progressively lead them [to punishment] from where they do not know.1
এতেকে হে ৰাছুল, আপুনি মোক আৰু তাক এৰি দিয়ক, যিয়ে আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা এই কোৰআনক অস্বীকাৰ কৰে। আমি সিহঁতক লাহে লাহে এনেদৰে শাস্তিৰ ফালে টানি আনিম সিহঁতে গমেই নাপাব যে সিহঁতক ঢিল দিয়া হৈছিল।
68:45Page 566
وَأُمۡلِي لَهُمۡۚ إِنَّ كَيۡدِي مَتِينٌ ٤٥
And I will give them time. Indeed, My plan is firm.
আৰু মই সিহঁতক কিছু সময়ৰ বাবে ঢিল দিওঁ। যাতে পাপ কৰ্মত আৰু অধিক লিপ্ত হয়। নিশ্চয় কাফিৰ আৰু অস্বীকাৰকাৰী বিলাকৰ বাবে মোৰ কৌশল অতি শক্তিশালী। সেয়েহে সিহঁতে মোৰ গ্ৰেপ্তাৰীৰ বাহিৰত নহয় আৰু মোৰ শাস্তিৰ পৰা ৰেহাইয়ো পাব নোৱাৰে।
68:46Page 566
أَمۡ تَسۡـَٔلُهُمۡ أَجۡرٗا فَهُم مِّن مَّغۡرَمٖ مُّثۡقَلُونَ ٤٦
Or do you ask of them a payment, so they are by debt burdened down?
হে ৰাছুল, আপুনি সিহঁতক সত্যৰ ফালে আহ্বান কৰাৰ কাৰণে কোনো বিনিময় বিচাৰিছে নেকি যে, যাৰ ডাঙৰ বোজাৰ কাৰণে সিহঁতে ভাৰাক্ৰান্ত হৈ পৰিছে আৰু আপোনাৰ পৰা বিসংগতা অৱলম্বন কৰি আছে ? বৰঞ্চ সত্য ইয়াৰ বিপৰীতহে। আপুনি সিহঁতৰ পৰা কোনো বিনিময় নিবিচাৰে। গতিকে সিহঁতে আপোনাৰ আনুগত্য কিয় কৰা নাই?
68:47Page 566
أَمۡ عِندَهُمُ ٱلۡغَيۡبُ فَهُمۡ يَكۡتُبُونَ ٤٧
Or have they [knowledge of] the unseen, so they write [it] down?
অথবা সিহঁতৰ ওচৰত গায়েবৰ কোনো জ্ঞান আছে নেকি আৰু নিজৰ কামৰ প্ৰমাণবোৰ লিখি লয় যিটো আপোনাৰ সৈতে পৰ্যালোচনা কৰিব পাৰে।
68:48Page 566
فَٱصۡبِرۡ لِحُكۡمِ رَبِّكَ وَلَا تَكُن كَصَاحِبِ ٱلۡحُوتِ إِذۡ نَادَىٰ وَهُوَ مَكۡظُومٞ ٤٨
Then be patient for the decision of your Lord, [O Muḥammad], and be not like the companion of the fish [i.e., Jonah] when he called out while he was distressed.
হে ৰাছুল, আপুনি আপোনাৰ প্ৰতিপালকৰ আদেশমৰ্মে সিহঁতক ঢিল আৰু সুযোগ দিয়া সম্পৰ্কে ধৰ্য ধাৰণ কৰক। আৰু মাছৰ গৰাকী ইউনুছ আলাইহিছ ছালামৰ দৰে নিজৰ সম্প্ৰদায়ৰ প্ৰতি ক্ৰোধান্বিত হৈ নাযাব। যেতিয়া তেখেতে সমূদ্ৰৰ অন্ধকাৰত আৰু মাছৰ পেটৰ অন্ধকাৰত চিন্তিত আৰু দুখৰ সময়ত তেখেতৰ প্ৰতিপালকক মাতিছিল।
68:49Page 566
لَّوۡلَآ أَن تَدَٰرَكَهُۥ نِعۡمَةٞ مِّن رَّبِّهِۦ لَنُبِذَ بِٱلۡعَرَآءِ وَهُوَ مَذۡمُومٞ ٤٩
If not that a favor [i.e., mercy] from his Lord overtook him, he would have been thrown onto the naked shore while he was censured.1
যদি তেখেতৰ ওচৰত আল্লাহৰ অনুগ্ৰহ আহি নাপালেহেঁতেন তেন্তে মাছে তেখেতক কোনো খালী আৰু জনশূন্য স্থানত এৰি দিলেহেঁতেন আৰু তেখেত দূৰাৱস্থাতত পৰি থাকিলেহেঁতেন।
68:50Page 566
فَٱجۡتَبَٰهُ رَبُّهُۥ فَجَعَلَهُۥ مِنَ ٱلصَّٰلِحِينَ ٥٠
And his Lord chose him and made him of the righteous.
তাৰ পিছত তেখেতৰ প্ৰতিপালকে তেখেতক মনোনীত কৰিলে আৰু সত্কৰ্ম পৰায়ণসকলৰ অন্তৰ্ভুক্ত কৰিলে।
68:51Page 566
وَإِن يَكَادُ ٱلَّذِينَ كَفَرُواْ لَيُزۡلِقُونَكَ بِأَبۡصَٰرِهِمۡ لَمَّا سَمِعُواْ ٱلذِّكۡرَ وَيَقُولُونَ إِنَّهُۥ لَمَجۡنُونٞ ٥١
And indeed, those who disbelieve would almost make you slip with their eyes [i.e., looks] when they hear the message, and they say, "Indeed, he is mad."
কাফিৰসকল আৰু আল্লাহৰ ৰাছুলক অস্বীকাৰকাৰী সকলে যেতিয়া আপোনাৰ প্ৰতি অৱতীৰ্ণ কুৰআন শুনে তেতিয়া সিহঁতে এনেকুৱা দৃষ্টিৰে আপোনাৰ ফালে চায় যেনিবা আপোনাক বাগৰাই দিব। আৰু সিহঁতে নিজৰ আকাংক্ষাৰ পিছত দৌৰি আৰু সত্যৰ পৰা মুখ ওভতাই কয়ঃ এই কোৰআন আনা ৰাছুল পাগলহে।
68:52Page 566
وَمَا هُوَ إِلَّا ذِكۡرٞ لِّلۡعَٰلَمِينَ ٥٢
But it is not except a reminder to the worlds.
যিহেতু আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআন জীন আৰু মানৱসকলৰ বাবে উপদেশ, শিক্ষা আৰু স্মৃতি।
Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences